অন্যযুগ/


মালতী মেম

 নীলোৎপল বৰুৱা

 

কাহিনী চয়ন নিতান্ত‌ই পৰিচালকৰ দৰ্শননিৰ্ভৰ বিষয়৷ নাটকীকৰণৰ ভৱিতব্য বেমেজালি আৰু বাধাৰ (Drammatization hazard) প্ৰতি লক্ষ্য ৰাখি পৰিচালকজনে নিজৰ ক্ষমতা আৰু পূৰ্বানুমানেৰে নিৰ্দিষ্ট ৰুচিসন্মত কাহিনী নিৰ্বাচন কৰে৷ ই নিশ্চিতভাৱে মেধা, দক্ষতা আৰু ৰুচিনিৰ্ভৰ৷ পৰিচালকজনৰ সেয়া একান্ত নিজা ক্ষমতা৷ কাহিনী মজ্জাগত কৰাৰ পাছত নাটকীকৰণলৈ বাটছোৱাত বহুখিনি পাৰিপাৰ্শ্বিক কাৰকে তাক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা নথকা নহয়৷  কাহিনীচয়ন বা তত্ত্ব নিৰ্বাচন, সংবাদ প্ৰৱহনৰ ঠেউকী নিৰ্বাচন, কাহিনীসূত্ৰ বিৱৰ্ধন এই সকলোবোৰ পৰিচালকৰ ক্ষমতাসীন বিষয়বস্তু৷

থিয়েটাৰেই সেই একমাত্ৰ জীৱন্ত কলা য’ত দ্ৰষ্টা, দৰ্শক আৰু শিল্পবস্তুৰ মাজত পোনপটীয়া সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আৰু নিশ্চিতি থাকে৷ নিজা কল্পনাস্ৰোতৰ অৰ্গল খুলিবলৈ সাজু হৈ থকা এদল আদৰ্শ দৰ্শকৰ সন্মুখত পৰিচালকে নাটকীকৰণৰ সীমিত স্থানিক ক্ষমতাৰ মাজতো অসীমৰ বাট কাটি দিয়ে৷

শেহতীয়াকৈ গুৱাহাটীৰ মাধৱদেৱ কলাক্ষেত্ৰত মঞ্চায়িত হ’ল পৰী শৰণীয়া পৰিচালিত নাটক - ‘মালতী মেম’৷ দুঘণ্টা দৈৰ্ঘ্যৰ নাটকখন স্বাধীনতা সংগ্ৰামী মালতী মেমচাহাব ওৰফে মাংৰী ওৰাঙৰ জীৱন বিষয়ক৷

পৰী শৰণীয়া শেহতীয়া নাট্যকাৰ আৰু পৰিচালকসকলৰ মাজত এটা সম্ভাৱনাময় নাম৷ ‘মন্দোদৰী’, ‘থেংফাখ্ৰী’, ‘ডেউকা’, ‘চুইচাইড নোট’, ‘মোৰ ঘৰ ক’ত’, আদি সম্পৰীক্ষামূলক নাটক আৰু নিজা নাটকীয় দৰ্শনেৰে সুকীয়া পৰিচয় দাঙি ধৰিবলৈ তেওঁ সক্ষম হৈছে৷ দেখা যায়, পৰী শৰণীয়াক সাধাৰণতে সমসাময়িক বিষয়বস্তু, সাম্প্ৰতিক পাৰিপাৰ্শ্বিক চেতনাৰ নিৰ্মিতিয়ে বেছিকৈ প্ৰভাৱান্বিত কৰে৷ তেওঁৰ প্ৰায় সকলো নাটকতে মানৱীয় কাৰুণ্য, দ্বৈৰথ দ্বন্দ্ব, বিশ্বায়নজাত ধামখুমীয়াৰ হতাশা আদি বিষয়বস্তুক মুখ্য উপজীৱ্য হিচাপে দেখা যায়৷

আন এটা লক্ষণীয় বিষয় হ’ল পৰী শৰণীয়াৰ সকলো নাটকৰে (মোটামুটি) মুখ্য চৰিত্ৰ নাৰী৷ বস্তুগত দিশৰ পৰা তেওঁক অসমীয়া ভাষাৰ মুষ্টিমেয় নাৰীবাদী নাট্যকাৰ-পৰিচালকসকলৰ মাজত নিঃসন্দেহে স্থান দিব পৰা যায়৷

শৰণীয়াৰ নাৰী চৰিত্ৰসমূহ বিভিন্ন দিশ আৰু পৰ্যায়েৰে ভাৰাক্ৰান্ত৷ সেই বিপৰ্যস্ত নাৰীৰ কণ্ঠস্বৰক শক্তিশালী কৰি এক কৰ্তৃত্বশীল বাগধাৰালৈ নিয়াৰ প্ৰৱণতা পৰী শৰণীয়াৰ মাজত দেখা যায়৷

২০১০ চনত গোৰেশ্বৰত “চিফুং” নামৰ এটা নাট্যানুষ্ঠানৰ জন্ম দি একাণপতীয়াকৈ নাটকৰ চৰ্চা কৰা পৰী শৰণীয়াই পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে প্ৰণৱ কুমাৰ বৰ্মনৰ দ্বাৰা ৰচিত নাটক ‘ডেউকা’ৰ জৰিয়তে৷

‘চুইচাইড নোট’ পৰী শৰণীয়াৰ এখন জনপ্ৰিয় আৰু চৰ্চিত নাটক৷ অসম্পূৰ্ণ আকাংক্ষা আৰু আকাশচুম্বী লোভৰ মাজত পিষ্ট আজিৰ মানুহৰ সঠিক অথচ নিকৰুণ চিত্ৰায়ণ- চুইচাইড নোট৷ নাটকখনে ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত শতাধিক দৰ্শনী সম্পন্ন কৰিছে৷

পৰী শৰণীয়াৰ অন্য এক শক্তিশালী নাটকীয় বিনিৰ্মাণ হৈছে ‘থেংফাখ্ৰী’ ৷ বড়ো লোক-সংস্কৃতিৰ ৰেশ আৰু ইনফিউজনেৰে নিৰ্মাণ কৰা নাটকখনত অভিনেতা নিৰ্মিতিত ‘চিফুং’এ যথেষ্ট কষ্ট কৰা দেখা গৈছে৷ উত্তৰ উপনিৱেশ কালৰ দেহসজ্জাৰ অনুৰূপতা যথাৰ্থভাৱে প্ৰতিষ্ঠাপিত কৰাৰ আপ্ৰাণ চেষ্টা পৰিলক্ষিত হয়৷

‘মালতী মেম’ পৰী শৰণীয়াৰ শেহতীয়া নাটক৷ প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ নাটকখনৰ প্ৰথমটো মঞ্চায়ন নলবাৰীত আৰু দ্বিতীয়টো গুৱাহাটীৰ মাধৱদেৱ কলাক্ষেত্ৰত সফলতাৰে সম্পন্ন হৈছে৷

মাংৰী ওৰাঙ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক উল্লেখযোগ্য চৰিত্ৰ৷ এতিয়াও এই ব্যক্তিত্বৰ ওপৰত আলোকপাত ভালকৈ হোৱাই নাই৷

মালতী ওৰাঙৰ ঘৰ অবিভক্ত দৰং জিলাত বুলি জনা যায়৷ অমিয় কুমাৰ দাসদেৱে তেখেতৰ আত্মজীৱনীত মাংৰী ওৰাঙ আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ যোগদানৰ কথা‌ লিখিছে৷ বিস্তৃতভাৱে নহলেও চন্দ্ৰপ্ৰভা শ‌ইকীয়ানীয়েও মাংৰী ওৰাঙৰ বিষয়ে উল্লেখ কৰিছে৷

অবিভক্ত বিহাৰৰ হাজাৰীবাগৰ পৰা প্ৰেমিক চমৰাৰ সৈতে কৰ্মসংস্থাপনৰ সন্ধানত অসমলৈ অহা মাংৰী ওৰাঙে থিতাপি লৈছিল অবিভক্ত দৰং জিলাৰ কোনোবা চাহ বাগিচাত৷



কলেৰা মহামাৰীত স্বামী চমৰাৰ অকাল মৃত্যুত মাংৰী ওৰাঙ বিধ্বস্ত হৈ পৰে৷ ৰূপৱতী বিধৱা মাংৰী ওৰাঙক ৰক্ষিতা হিচাপে ব্ৰিটিছ চাহাব এজনে নিজৰ লগত ৰাখে৷ ব্ৰিটিছ চাহাবে মাংৰী ওৰাঙৰ নাম ৰাখে মালতী ওৰাঙ৷ কালক্ৰমত মাংৰী ওৰাং ‘মালতী মেম’ হিচাপে জনাজাত হয়৷ চাহাবৰ ঔৰষত মালতী ওৰাঙে এটা এটাকৈ তিনিটি সন্তানৰ জন্ম দিয়ে যদিও কোনোটো সন্তানকে নিজৰ হাতত ৰাখিবলৈ নাপালে৷ ‘নেটিভ’ৰ গৰ্ভত থিত লোৱা সন্তানে নিজৰ পৰিচয় কঢ়িওৱাত নাৰাজ চাহাবে জন্মৰ পাছতে সন্তানবোৰক কোনোবা অনাথ আশ্ৰমলৈ পঠিয়াই দিলে৷ সন্তানহাৰা মালতী মেমে দুৰ্বিসহ যন্ত্ৰণাত জীৱন কটাই থাকোঁতেই একমাত্ৰ আশ্ৰয় বগা চাহাবো নিজৰ দেশলৈ ঘুৰি যাবলৈ ওলাল৷ দানসূত্ৰে চাহাবে দিয়া বিছ বিঘা মাটি আৰু এটা নিঃসংগ আৰু নিঃস্ব জীৱন লৈ মালতী মেম থাকি গ’ল বাগিচাতে৷ ক্ৰমান্বয়ে মালতী মেম কানি আসক্ত হয়৷ মদ, ভাং আৰু কানিয়ে জুৰুলা কৰা মালতী মেমক কানি এৰিবলৈ অনুৰোধ কৰে অমিয় কুমাৰ দাস সমন্বিতে চন্দ্ৰপ্ৰভা শ‌ইকীয়া, লক্ষ্মীধৰ শৰ্মা আদি স্বাধীনতা সংগ্ৰামীসকলে৷

অমিয় কুমাৰ দাসদেৱে কৰা ‘মা’ সম্বোধনত বিহ্বল হৈ পৰা মালতী মেমে কানি ত্যাগ কৰে আৰু বাগিচাৰ শ্ৰমিকসকলকো কানি বৰবিহৰ বিৰূদ্ধে থিয় দিবলৈ বাধ্য কৰে৷ ক্ৰমশঃ মালতী মেম স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰে৷ পাছলৈ কোনোবা অচিনাক্ত লোকে মালতী মেমক হত্যা কৰে৷ থুলমূলকৈ এয়াই আছিল মাংৰী ওৰাঙৰ জীৱন৷ ৰূপহী মালতী মেম কিংবদন্তী হিচাপে আজিও জীয়াই আছে মানুহৰ মাজত৷



মালতী মেমৰ কাহিনীভাগ পৰিচালকে সুনীল কুৰ্মী প্ৰণীত গ্ৰন্থ –‘মাংৰী ওৰাঙ’ৰ পৰা লৈছে৷ নাটকীকৰণৰ বাবে সৰলৰৈখিক কাহিনীকথন এটা তৈয়াৰ কৰি লোৱা হৈছে৷ খণ্ডিত দৃশ্যাংশ ফ্লেচবেকত কৰা হোৱা নাই, চিধা চিধিকৈ গতি কৰিছে৷ আৰম্ভ হৈছে হাজাৰীবাগৰ এখন ফুলনিৰ দৃশ্যৰে৷ য’ত পাট গাভৰু মাংৰী আৰু প্ৰেমিক চমৰাক দেখা যায়৷ ঝাৰখণ্ডৰ মূল নিৱাসী ওৰাওঁসকলৰ সাংস্কৃতিক উপাদানসমূহ মঞ্চত উপস্থাপন কৰাৰ যৎপৰোনাস্তি চেষ্টা দেখা গৈছে৷ কামটোৱে পূৰ্ণতা পাইছে বুলি কোৱাতকৈ আমি ‘ফাংশ্বনেল লেংগুৱেজ’ এটা তৈয়াৰী হৈছে বুলি ক’ব পাৰোঁ৷ কিন্তু কষ্ট আৰু নিষ্ঠাৰ ছাপ দেখা যায়৷

কাহিনীকথন বা নাটকীকৰণৰ সময়ত পৰিচালকৰ হাতলৈ নিশ্চিতভাৱে কেবাটাও তৰপ উঠি আহিছে৷ কেবাটাও ধৰণেৰে নাটকীকৰণৰ সম্ভাৱনাৰে মোহগ্ৰস্ত হোৱাৰ বিপৰীতে পৰিচালকে নাৰীৰ মনস্তাত্ত্বিক আৰু যন্ত্ৰণাৰ দিশটোক প্ৰথম তৰপত ৰাখিছে৷ সেয়া পৰী শৰণীয়াৰ ক্ষেত্ৰত স্বাভাৱিক কথা আছিল৷ সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা নাৰী এগৰাকীৰ কাৰুণ্য আৰু হতাশা আদৰ্শ দৰ্শকৰ বাবে প্ৰথম মোক্ষণ৷ নাৰ্ছ মৰিয়ম, মাংৰীৰ পেহীয়েক, পাৰ্বতী নানী আদি চৰিত্ৰত মুখৰ সংলাপসমূহ আচলতে সেই প্ৰেক্ষাপটৰ একো একোটা চলতি ডিছক’ৰ্ছ  

দ্বিতীয়টো তৰপ নিশ্চিতভাৱে স্বাধীনতা আন্দোলনৰ তদানীন্তন গতিধাৰা৷ ই এটা বিশাল নাটকীকৰণীয় বিষয়৷ অলেখ অযুত ঘটনাগুচ্ছৰ পৰা নিৰ্দিষ্ট আৰু মহিমামণ্ডিত বিষয় একোটা তুলি আনি তাক শিল্পবস্তুলৈ ৰূপান্তৰকৰণত পৰিচালকৰ দক্ষতা সাৱলীল৷ মাংৰীৰ যন্ত্ৰণা আৰু স্বাধীনতা আন্দোলনৰ আৱহ সামন্তৰালভাৱে গতি কৰিছে৷

তৃতীয়টো তৰপ বৰ্ণময়তাৰ৷ অসমৰ আদিবাসীসকলৰ লোকসংস্কৃতিক দৃশ্যমান কৰি তোলাৰ পূৰ্ণ সুযোগৰ সদ্ব্যৱহাৰ পৰিচালকে কৰিছে৷ বৰণ বিন্যাসেৰে কাহিনীৰ যিখিনি অংশ বাংময় কৰি তুলিব পাৰি সেইখিনি অংশ যথাযথভাৱে নি থকা হৈছে৷ এশ শতাংশ সুযোগ পৰী শৰণীয়াই গ্ৰহণ কৰিছে বুলি আমি ক’ব খোজোঁ৷ অৱশ্যে ফাংশ্বনেল লেংগুৱেজৰ বিষয়টো ইয়াতো লক্ষণীয়৷

সাজসজ্জাৰ ক্ষেত্ৰত অনুমিতিৰ ভিতৰত কাম চলিছে৷ গৱেষণাৰ থল আছিল৷ সংগীত সুষম আৰু স্বকীয়৷ প্ৰেক্ষাপট, কাহিনী আৰু পৰিৱেশ অনুযায়ী৷ আলোকসম্পাত কাহিনীৰ দাবীৰ সামন্তৰাল৷

‘মালতী মেম’ক ইতিহাসৰ পৰা তুলি অনা কিংবদন্তীৰ টুকুৰা হিচাপে পৰ্যবেক্ষণ কৰিলে নাটকখনৰ প্ৰতি সুদৃষ্টি দিয়া হ’ব বুলি আমি ভাবোঁ৷ তথ্য আৰু সংবাদতকৈ মালতী মেম বেছি মানৱীয়৷ কাৰুণিক৷ যন্ত্ৰণাময়৷

আমি পৰিচালকক ধন্যবাদ জনাব বিচাৰিম বিষয়বস্তু আৰু তাৰ প্ৰক্ষেপণৰ বাবে৷

 

ভ্ৰাম্যভাষ : ৯৮৫৪৬৬৪২৯


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ