নিজৰা ৰাজকুমাৰী
মাধুৰ্য্য গোস্বামী
নাটক আমি কিয় চাওঁ? নাটকত আমি কি চাওঁ? এই পৃথিৱীৰেই, আমাৰ জীৱনৰেই কোনো এক অংশক মঞ্চত অধিক উজ্জ্বলকৈ দাঙি ধৰি আমি বাৰে বাৰে বাস্তৱৰ মুখামুখি হওঁ নে পলায়ন কৰো!
কুৰি শতিকাৰ ভাৰতৰ অগ্ৰণী নাট্যকাৰসকলৰ ভিতৰত অন্যতম বিজয় তেণ্ডুলকাৰৰ কন্যাদান আৰু শগুণ (দ্য ভালছাৰ্ছ্) নাটক দুখনৰ কথা পাতিবলৈ লৈও অৱতাৰণা কৰিব পাৰি জীৱন আৰু সমাজক লৈ অনেক প্ৰশ্নৰ৷ সামাজিক তথা অৰ্থনৈতিক পাৰ্থক্যৰ ফলত সৃষ্ট আধিপত্যমূলক মনোভাৱ, হিংসা, তথা ভেদ ভাবে আনি দিয়া অৱক্ষয়সমূহ নিজৰ চৰিত্ৰৰ মাজেৰে পৰিচয় কৰাই দিয়াত তেণ্ডুলকাৰৰ দক্ষতা সন্দেহাতীত৷ তেণ্ডুলকাৰৰ ‘কন্যাদান’ পোনপ্ৰথমে মঞ্চস্থ কৰা হৈছিল ১৯৭৮ চনত৷ তদুপৰি এইখন নাটেই ১৯৯৩ চনত তেওঁলৈ কঢ়িয়াই আনছিল সৰস্বতী সন্মান৷ মাৰাঠীত লিখা দ্য ভালচাৰ্ছখন ইংৰাজীলৈ অনূদিত হৈ প্ৰথম প্ৰকাশ হৈছিল ১৯৭১ চনত৷ হৰি পিতলে, ৰমাকান্ত, মাণিক, উমাকান্ত আদি চৰিত্ৰৰ মাজেদি এটি পৰিয়ালৰ চূড়ান্ত লোভ-লালসা, অমানৱীয়তা-জিঘাংসাৰ কথা কৈ বিজয় তেণ্ডুলকাৰে নাটকখনৰ আটাইতকৈ সঠিক নামাকৰণ কৰিছিল শগুণ নামেৰে৷ বিষাক্ত, অসুস্থ পৰিৱেশ-পৰিস্থিতিয়ে নাটকখনৰ নামটোক অধিক অৰ্থময় কৰি তুলিছে৷ দেশপ্ৰেম, জীৱিকাৰ তাড়না, অৰ্থৰ অভাৱত কম বয়সতে জীৱন আৰু সমাজৰ নাড়ী-নক্ষত্ৰ চিনি পাবলৈ আৰম্ভ কৰিছিল তেণ্ডুলকাৰে৷ এই অভিজ্ঞতাই তেখেতৰ নাটকৰ বিষয়বস্তুক প্ৰভাৱিত কৰিছিল৷ পিতৃ-সন্তান, ককাই-ভনীৰ মাজৰ তিক্ত সম্পৰ্ক, সম্পৰ্কৰ জটিলতা, টকা-সম্পত্তিৰ বাবে শগুণৰ দৰে হৈ পৰিব পৰা মানুহবোৰৰ চিত্ৰায়নেৰে দ্য ভালছাৰ্ছ যুগ যুগ ধৰি এখন বিশেষ নাটক৷ হৰি পিতলেই ভাতৃ সখাৰামক কৰা অন্যায়ৰ ফল ভূগিছিল পৰিয়ালটোৱে৷ হৰি পিতলেৰ অবৈধ পুত্ৰৰ বাদে বাকী তিনি সন্তানৰ চাৰিত্ৰিক স্খলন আছিল অবিশ্বাস্য৷ নাৰী শব্দটিৰ বাবেই অনুপযুক্ত মানিকৰ গৰ্ভক লৈও ককায়েকহঁতে বেপাৰ আৰম্ভ কৰি দিছিল৷ পৰিয়াল এটিৰ আনুভূতিক আধাৰ (Emotional base)-ক লৈ কৰা তেণ্ডুলকাৰৰ এই পৰীক্ষা বা সৃজনীশীলতাই কেৱল মাৰাঠী ভাষাৰেই নহয় দেশৰ নাটকৰ ক্ষেত্ৰখনকেই সমৃদ্ধ কৰি থৈ গ'ল৷ যিহেতু পৰিয়ালেই মানুহৰ সামাজিক জীৱনৰ প্ৰথম খোজ আৰু প্ৰাথমিক ‘সমূহ’ গতিকে সমাজৰ স্বৰূপ বুজাবলৈ পদ্মভূষণেৰে সন্মানিত তেণ্ডুলকাৰে এনেদৰে এটা পৰিয়ালৰ ৰেহ-ৰূপক নাট্যৰূপ দিয়াটোৱে তেওঁৰ সমাজ সচেতনতা তথা কষ্টসাধ্য অধ্যয়ণৰেই পৰিচয় দিয়ে৷
তেণ্ডুলকাৰৰ কন্যাদান জাতি আৰু লিংগ বৈষম্যৰ মনস্তাত্ত্বিক তথা সামাজিক প্ৰতিফলন৷ নাটখনৰ ঘটনাৱলী ৰূপায়িত হয় পুনেৰ এটি প্ৰগতিশীল, সমাজবাদী ব্ৰাহ্মণ পৰিয়ালৰ ঘৰত৷ নাথ দেৱালিকৰ এজন সমাজবাদত বিশ্বাসী বিধায়ক যিয়ে নিজৰ জীয়ৰী জ্যোতিৰ প্ৰেমক সম্পূৰ্ণ মৰ্যদা দি এজন দলিত যুৱক অৰুণ আথাৱালেৰ সৈতে বিয়া দিয়ে, যদিও তেওঁৰ এই কাৰ্য্যত তেওঁৰ পুত্ৰ জয়প্ৰকাশ আৰু পত্নী সেৱাই যথেষ্ট আপত্তি কৰে৷ তাৰ পিছতেই আৰম্ভ হয় জ্যোতি আৰু অৰুণৰ সংঘাতপূৰ্ণ সংসাৰ য’ত তিলতিলকৈ জ্যোতিয়ে জীয়াতু ভূগিবলগা হয়৷ আঠজনকৈ ল’ৰা-ছোৱালীৰ মাজত ডাঙৰ হোৱা দৰিদ্ৰ অৰুণেই পৰিয়ালটোৰ আশা-ভৰসাৰ থল যি পেছাত এজন কবি আৰু লেখক৷ অৰুণ আথাৱালে দৰাচলতে এজন হিংস্ৰ আৰু নৃশংস স্বামী যিয়ে জ্যোতিৰ ওপৰত বিবাহৰ পিছৰপৰাই শাৰিৰীক অত্যাচাৰ চলায়৷ তেণ্ডুলকাৰে অৰুণ আথাৱালেৰ চৰিত্ৰটো দুতৰপীয়াকৈ অংকন কৰিছে৷ প্ৰথমতে তেওঁক এগৰাকী সামাজিক আৰু জাতিগত বৈষম্যৰ প্ৰতিভূ দলিত হিচাপে দেখুওৱা হৈছে যিয়ে নিজৰ শিক্ষা আৰু কলমৰ জোৰত নিজকে এজন দলিত নেতা হিচাপে প্ৰতিষ্ঠিত কৰে৷ দ্বিতীয়তে, তেওঁ নিজৰ পত্নীক শাৰিৰীক নিৰ্যাতন চলোৱা এজন হিংস্ৰ, নিষ্ঠুৰ স্বামী যিয়ে নিজৰ পত্নী গুচি যোৱাৰ পিছত পুনৰ ওভোতাই আনিবলৈ পত্নীৰ ভৰিত ধৰি নিজৰ প্ৰতিপালনক দোষাৰোপ কৰিছে৷ নাটখনৰ প্ৰধান চৰিত্ৰ নাথ দেৱালিকৰ আৰু তেওঁৰ পত্নী সেৱা প্ৰকৃততে দুগৰাকী উচ্চাভিলাসী ব্যক্তি৷ দুয়োটা চৰিত্ৰৰ যোগেদি তেণ্ডুলকাৰে ‘সমাজবাদী’ ভাৱধাৰাৰ তথাকথিত পৰিৱৰ্তনকামীসকলৰ চৰিত্ৰ উদঙাই দিছে৷ কন্যাদানৰ দুটিমান সংলাপ এনে ধৰণৰ—-
“সেৱা– সেই সময়ত মই ভাবিছিলোঁ এই মানুহজন সঠিক, এদিন হয়তো এওঁ গৈ মন্ত্ৰী হ’বগৈ৷ আৰু তেতিয়া ময়ো অলপ সমাজৰ আগত সদম্ভে থিয় হ”ব পাৰিম…কিন্তু তেওঁ এজন সাধাৰণ বিধায়ক হৈয়েই ৰ’লগৈ!
নাথ– অপেক্ষা কৰা! আমাৰ সমাজবাদীসকলক শাসনৰ বাঘজৰী ল’বলৈ দিয়া, তাৰপিছত চাবা! মোৰ বাহিৰেনো আৰু সেই স্থান ল’বলৈ আছে কোন?”
নাথ দেৱালিকৰৰ বাবে তেওঁৰ জীয়ৰীৰ বিয়াখন আছিল এক সম্পৰীক্ষা৷ জাতিবাদত ‘অবিশ্বাসী’ নাথৰ জীয়ৰীয়ে দলিতৰ ল’ৰা বাচনি কৰাটো আছিল তেওঁৰ বাবে চমকপ্ৰদ সুখ, যিহেতু ইয়াৰ যোগেদি তেওঁ তেওঁৰ ‘আদৰ্শক’ আৰ্হি হিচাপে দেখুওৱাৰ সুযোগ আছিল৷ এই কাৰ্যত তেওঁ তেওঁৰ পুত্ৰ-পত্নীৰ সমৰ্থন নাপালেও নিজৰ জীয়ৰীক সৰ্বতোপ্ৰকাৰে সমৰ্থন দি হ’লেও বিয়া দিছিল যাল ফল ভুগিবলগা হ’ল জ্যোতিয়ে৷ ইয়ে সমাজৰ আন এটি অত্যন্ত স্খলিত দিশো আমাক দেখুৱাই দিয়ে৷ সেয়া হ’ল সামাজিক বৈষম্যই হওক বা জাতিগত বৈষম্যই হওক, তাৰ ফল নাৰীয়েই প্ৰায়ভাগতে ভূগিবলগা হয়৷ অৰুণ আথাৱালেৰ প্ৰেমৰ আঁৰত থকা উচ্চজাতিৰ প্ৰতি ঘৃণা আৰু বিদ্বেষ আৰু নাথৰ মাজত নিজকে সুপ্ৰতিষ্ঠিত আৰু আদৰ্শৱান হিচাপে প্ৰমাণ কৰাৰ তাড়নাত জ্যোতি পিষ্ট হৈ গ’ল! এগৰাকী শিক্ষিতা আৰু সংস্থাপিতা যুৱতী হোৱা সত্ত্বেও জ্যোতিৰ চৰিত্ৰই প্ৰমাণ কৰে ভাৰতীয় সমাজত নাৰীৰ মৰ্যাদা কিমান৷
নাটকৰ শেষৰটো দৃশ্যত তেণ্ডুলকাৰে জ্যোতি আৰু দেৱালিকৰৰ মনৰ ‘জাতিহীন’, ‘সম্য’ সমাজৰ কাল্পনিক ৰহণৰ অৱসান ঘটাই বাস্তৱৰ সৈতে মুখামুখি কৰায়৷ নাথক অৱশেষত জ্যোতিয়ে অপহৰণকাৰীৰ সৈতে তুলনা কৰি কয় যে তেঁৱেই নিজৰ ল’ৰা-ছোৱালীক মানসিকভাৱে বিকলাংগ কৰি তুলিলে৷ জ্যোতিয়ে অৱশেষত এই কথাষাৰ বুজিলে নিজৰ অভিজ্ঞতাৰপৰা, আৰু কৈ উঠিল, “মই এতিয়া এজনী অস্পৃশ্য, জমাদাৰসকলৰ মাজৰ এজন৷ মোক নুচুব৷”
অৰুণ আথাৱালেৰ চৰিত্ৰটোৰ
প্ৰাসংগিকতা এইখিনিতেই৷ নাট্যকাৰে অৰুণৰ চৰিত্ৰটিৰ যোগেদিয়েই দুয়োজনকে আদৰ্শবাদৰপৰা
আঁজুৰি নমাই বাস্তৱৰ সৈতে মুখামুখি কৰোৱাইছে৷ এটি দলিত চৰিত্ৰৰ যোগেদি তেওঁ এইটোকো
দেখুৱাইছে যে তথাকথিত সমাজবাদী সক্ৰিয় নেতাসকলে কেনেদৰে সমাজ আৰু ব্যক্তিগত জীৱনত সম্পূৰ্ণ
বিপৰীত ভাৱধাৰাৰে জীৱন পৰিচালিত কৰে৷ শান্ত পুখুৰীত শিলগুটি পেলাই তোলা ঢৌ অথবা ধুমুহা
সামৰি বিয়পি পৰা প্ৰশান্তি—এই দুয়োধৰনেই তেণ্ডুলকাৰে তেওঁৰ নাটকেৰে আমাক আপ্লুত কৰি
থৈছে৷ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শ্যাম বেনেগালৰ মন্থন (১৯৭৬) , ৰাষ্ট্ৰীয় বঁটাকে ধৰি
অনেক বঁটাৰে সন্মানিত গোবিন্দ নিহালানীৰ অৰ্ধসত্য (১৯৮৩), কেতন মেহতাৰ চৰ্দাৰ বল্লভ
ভাই পেটেলৰ জীৱনীমূলক চিনেমা চৰ্দাৰ (১৯৯৩) আদিৰ চিত্ৰনাট্যকাৰ বিজয় তেণ্ডুলকাৰে প্ৰথম
ভাৰতীয় ক্ৰাউডফাণ্ডেড চিনেমা মন্থনৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ ৰাষ্টীয়
বঁটা৷ মন্থনক ভাৰতৰ পৰা সেইবছৰৰ অস্কাৰৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা শিতানলৈ প্ৰেৰণ
কৰা হৈছিল৷