নীলোৎপল বৰুৱা
নতুন চাম নাট্যকৰ্মীৰ
ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য
কলা বিষয়ত স্নাতকোত্তৰ সমাপ্ত কৰা বৰপাত্ৰগোঁহায়ে ধেমাজিৰ ভদ্ৰাপাৰাত ‘থিয়েটাৰী
ৰং থিয়েটাৰী ঢং’ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰাৰ উপৰিও এখন নাট্য বিদ্যালয় নিয়মীয়াকৈ
চলাই আহিছে৷ ‘লজ্জা য’ত থমকি ৰৈছিল’ নামৰ চৈয়দ আব্দুল মালিকৰ গল্পৰ আধাৰত কৰা নাটক
এখনেৰে ২০১৪ চনত পূৰ্ণ পৰ্যায়ৰ পৰিচালক হিচাপে ভূমুকি মৰা ৰূপান্তৰ বৰপাত্ৰ গোহাঁইৰ
ট্ৰিটমেণ্টে শেহতীয়াকৈ নাট্যবোদ্ধা আৰু দৰ্শকক নতুন সোৱাদ দিছে৷ এইখনৰ আগতেও ২০১০
চনত তেখেতৰ পৰিচালনাত ধেমাজিৰ প্ৰমোদ ভৱনত ‘এটা ৰাছিয়ান কবিতাৰ আঁত ধৰি’ নামৰ এখন
নাটক মঞ্চস্থ হৈছিল৷ নাটকখনৰ নাট্যৰূপ আছিল স্বনামধন্য নাট্যকাৰ তথা পৰিচালক হেমন্ত
বৰপাত্ৰগোঁহাই, যি ৰূপান্তৰ বৰপাত্ৰগোহাঁইৰ পিতৃ৷ জন্মসূত্ৰেই এটা নাটকৰ পৰিৱেশ লাভ
কৰা ৰূপান্তৰ বৰপাত্ৰগোহাঁইৰ বাবে এই যাত্ৰা নিশ্চিতভাৱে মসৃণ৷
বৰপাত্ৰগোঁহাইৰ এতিয়ালৈকে
মঞ্চায়িত হোৱা প্ৰতিখন নাটকৰে ট্ৰিটমেণ্ট ভিন্ন হোৱাতো লক্ষণীয়৷ সাধাৰণতে হোৱা ‘লুৰীয়ে
খেদা’ কাৰবাৰতো তেখেতৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই যোৱা৷ ‘লজ্জা য’ত থমকি ৰৈছিল’ দেশ
বিভাজনৰ পটভূমিত ৰচিত নাটক৷ নাটকখন উপস্থাপন কৰোঁতে বৰপাত্ৰগোহাঁয়ে বহুল পৰিমাণে ছাজেষ্টিভ
ফ্ৰেমিং ব্যৱহাৰ কৰিছিল৷ অন্তৰংগ নাটক সমূহৰ ক্ষেত্ৰত স্বাভৱিকভাৱেই উপস্থাপন সলনি
হয় যদিও পৰিচালকীয়খিনিৰ ভিন্নতা আছিল৷ বাৰাণ্ডা থিয়েটাৰ হিচাপে কৰা বাৰ্টল্ট ব্ৰেখটৰ
– ‘দ্য জিউইছ ৱাইফ’-ৰ, পুষ্প গগৈয়ে কৰা ভাৱানুবাদ ‘বাৰু, তেনেহলে আহিলো’, হেমন্ত বৰপাত্ৰগোঁহাইৰ – ‘চাকি আৰু ছাঁ’ আদিবোৰ
প্ৰতিখনেই পূৰ্বাপৰ ৰেশহীন আৰু স্বতন্ত্ৰ চিন্তনেৰে প্ৰোজ্জল৷ এইকেইখনৰ উপৰিও ‘টেবুল
ড্ৰামা’ শীৰ্ষক এটা নতুন শৈলীৰে তেজীমলাৰ কাহিনীটোক লৈ ‘খাদ্য আৰু তেজীমলা’ নামৰ এটা
সম্পৰীক্ষা সম্পন্ন কৰিছিল৷ যি নাট্যবোদ্ধাসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ‘টেবুল ড্ৰামা’ৰ
এই ধৰণৰ সম্পৰীক্ষা অসমত মোটামুটিভাৱে প্ৰথম চাগৈ৷ ‘অক্টোপাছ’- হোমেন বৰগোহাঞিৰ গল্পৰ
আলমত এখন নাটক ধেমাজি, দুলীয়াজান আদি কেবাঠাইতো মঞ্চায়নেৰে প্ৰশংসিত হৈছে৷ ‘কুলধৰ
চেতিয়া বুঢ়া হ’ল’ ও ৰূপান্তৰ বৰপাত্ৰগোহাঁইৰ দ্বাৰা পৰিচালিত এখন ভাৱোদ্দীপক নাটক৷
মোহন ৰাকেশৰ ‘আহাৰ মাহৰ এদিন’, মণিমালা দাসৰ
‘ভূমিকন্যা’, মৃণাল কুমাৰ বৰাৰ- ‘ৰাজকাৰেঙৰ সাধু’, চৈয়দ আব্দুল মালিকৰ- ‘চিকাৰ’,
আৰু ‘নতুন কবিতা’, নিৰ্মল দাসৰ- ‘ৰ’দ ৰেঙণি’, ফণী তালুকদাৰৰ- ‘ছাঁ-পোহৰ’, আদি বহু নাটক
পৰিচালনাৰে বৰপাত্ৰগোঁহাই ক্ৰমশঃ নিপুণ হৈ আহিছে৷
মিতব্যয়িতা ৰূপান্তৰ
বৰপাত্ৰগোহাঁইৰ ক্ষেত্ৰত দেখিবলৈ পোৱা এটা বৈশিষ্ট্য যি খুবেই আকৰ্ষণীয়৷ ন’ক’লেই নোহোৱা,
নিদিলেই নোহোৱালৈকে তেওঁ ৰৈ থাকে৷ ‘থিয়েট্ৰিকেল নইজ’ হ’বলৈ সুযোগ নৰখাকৈ কাহিনীচিত্ৰ
টানি ৰাখে৷ সম্পূৰ্ণ মঞ্চ সুষমভাৱে ব্যৱহাৰ
এপ্ৰণ এৰিয়াক গতি, অধ্যাস আৰু মণ্টাজসুলভ কাৰাচাজিৰ বাবে ৰাখি থোৱা দেখিবলৈ পোৱা যায়৷
আনহাতে চিত্ৰনাট্য
চয়নৰ ক্ষেত্ৰতো বৰপাত্ৰগোঁহাই তেনেই বিলাসী আৰু সচেতন৷ পৰিচালিত নাটকৰ তালিকাখনলৈ
লক্ষ্য কৰিলে দেখা পোৱা যায় যে প্ৰতিখন স্ক্ৰীপ্টেই একক, সুকীয়া আৰু ভিন্ন৷ সাধাৰণতেই
অন্তৰ্লীন দ্বন্দ্বমূলক৷ জটিল কাহিনীৰেখাৰ অতি সহজ সৰল চিত্ৰায়ণ আৰু তাৰ মাজৰ চাইকীটোক
আদৰ্শ দৰ্শকৰ বাবে বোধগম্য কৰি তোলাৰ প্ৰচেষ্টা লক্ষণীয়৷ ছাবটেক্সুয়েল ম’নল’গ বৰপাত্ৰগোঁহাইৰ
নাটকৰ এটা বৈশিষ্ট্য বুলি বিনা দ্বিধাই ক’ব পৰা হৈছে৷ সাধাৰণতে অখাদ্য সম্পৰীক্ষাৰে
মঞ্চায়ন একোটাক অযথা জটিল কৰি ‘ইণ্টেলেক্শ্বুয়েলিটি’ দেখুৱাবলৈ যোৱা দলটোত বৰপাত্ৰগোঁহাই
নাই বুলি ক’ব পৰা যায়৷
শেহতীয়াকৈ যোৱা
ফেব্ৰুৱাৰি মাহত ধেমাজিত মঞ্চস্থ হ’ল ‘পৰশুৰাম’৷ ষাঠীৰ দশকত কুলদা কুমাৰ ভট্টাচাৰ্যৰ
আলোড়ণকাৰী অভিনয়েৰে প্ৰয়াত অৰুণ শৰ্মা ৰচিত অনাতাঁৰ নাটকখনৰ মঞ্চনাটৰ ৰূপ দিছে ৰূপান্তৰ
বৰপাত্ৰগোহাঁয়ে নিজে৷
মুঠ বাৰটা চৰিত্ৰৰ
নাটখনত অভিনয় কৰিছিল- অংশুপ্ৰতিম শইকীয়া, মৌপাণ শৰ্মা, দীপজ্যোতি দত্ত, বৈদুৰ্য
চাংমাই, বিকাশ হাজৰিকা, পাৰ্থপ্ৰতীম হাজৰিকা, প্ৰৱাল গোস্বামী, মধুস্মিতা বৰকটকী,
ময়ুৰাক্ষী দেৱী, দিক্ষীতা কাকতী, মধুস্মিতা শৰ্মা আৰু জ্ঞানশ্ৰী গোস্বামীয়ে৷ আলোক
সম্পাত ৰশ্মিতা শইকীয়াৰ, ৰূপসজ্জা মৌচুমী বৰপাত্ৰগোঁহাই আৰু ৰশ্মিতা শইকীয়াৰ৷ সংগীত
আৰু দৃশ্যসজ্জা পৰিচালকে নিজে কৰিছিল৷
তীব্ৰ গতি সম্পন্ন
কাহিনীটোৰ নায়ক পৰশুৰাম৷ বিকৃত চেহেৰা আৰু চৰিত্ৰৰ পৰশুৰামৰ জীৱন যাত্ৰা আৰু তাত হীৰা
নামৰ বেশ্যা, কমলী, নাপিত আদি ব্যক্তিয়ে পেলোৱা প্ৰভাৱৰ কথাৰে ই এখন মনস্তাত্বিক নাটক
যদিও অতি বাস্তৱিক উপস্থাপন৷ গৰ্ভৱতী নাৰীৰ প্ৰতি পৰশুৰামৰ জিঘাংসা তাৰ অৱচেতন মনত
থকা নিজৰ প্ৰতি থকা ঘৃণা আৰু জগতৰ প্ৰতি তাৰ বিষোদগাৰ৷
শীৰ্ষমঞ্চত এটা দীঘল ৰেম্প আৰু তেনেই সহজ প্ৰপ্চৰে
নাটকখন সজোৱা হৈছিল৷ দুটামান জ’নত আলোক সম্পাতৰ বাদে মোটামুটি ফ্লেট-লাইটতে নাটকখন
কৰা হৈছে যদিও ৰহস্যময় বাতাবৰণ তৈয়াৰ কৰোঁতে ত্ৰুটি ৰখা নাই৷ পশ্চিমীয়া আৰু ভাৰতীয়
শাস্ত্ৰীয় সংগীতৰ মিশ্ৰণেৰে সংগীত ব্যৱহাৰ কৰা হৈছে৷ যিখিনিক খুউৱ বেছি সম্পৰীক্ষামূলক
বুলি ক’ব নোৱাৰি৷
শেষ অংশত নাট্যকৰ্মীৰ
হাতত থকা ঊণসূতাৰ বল এটাৰ পৰা আঁত আনি দৰ্শকৰ মাজত ঘূৰাই এখন জাল তৈয়াৰ কৰাৰ চেষ্টা
কৰা হৈছিল৷ যিটো কাহিনীৰ মেজিক ৰিয়েলিষ্টিক দাবী আছিল৷ চৰিত্ৰ আৰু দৰ্শকৰ মাজত যোগসুত্ৰ,
পৰশুৰাম আৰু তাৰ অন্তৰ্মনত থকা চিন্তাৰ আউল, ভাৱৰ বিন্যাস আদিৰ মেটাফৰিকেল উপস্থাপন
আছিল ঊণসূতাবোৰ৷
আমাৰ নিজৰ ধাৰণা
যে অন্ততঃ পাঁচটামান দৰ্শনীৰ পাছতে নাটকখন আৰু কিছু পৰিমাণে চিকুণ হ’ব৷ সময় দৈৰ্ঘ
কমিব আৰু অলপ মেদহীন হ’ব৷
মূল অনাতাঁৰ নাটকখনতকৈ
এই বিনিৰ্মাণ কিছু বেলেগ৷ ইয়াত পূৰ্ৱবৰ্তী কালচেতনাক সলোৱা হৈছে৷ সাম্প্ৰতিক সময়ৰ
সৈতে খাপ খোৱাকৈ প্ৰেক্ষাপট তৈয়াৰ কৰা হৈছে৷ পৰশুৰাম চৰিত্ৰটোক আজিৰ সমাজৰ প্ৰতিটো
নিঃসংগ আৰু আত্মকেন্দ্ৰিক ব্যক্তিসত্বাৰ সৈতে সংযোগ কৰোৱাৰ এটা পৰিচালকীয় চিন্তা দেখা
পোৱা যায়৷ দুটা নতুন চৰিত্ৰ সন্নিৱিষ্ট কৰা হৈছে৷ ঊণসূতাৰ দৃশ্যটো পৰিচালকৰ নিজা সংযোজন৷
প্ৰাৰম্ভিক সময়ৰ
সকলো আসোঁৱাহ আতৰি ‘পৰশুৰাম’ নতুন দৰ্শনীত
আৰু শক্তিশালী আৰু মোক্ষণক্ষম হ’ব বুলি আমি আশাবাদী৷
ভ্ৰাম্যভাষ - ৯৮৫৪৫৬৬৪২৯