অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা


(৬)

For the land where it's a great travesty

To harm a stork's nest in a pear tree,

For storks serve us all...

I am homesick, Lord!...


        পোলেণ্ডৰ কবি চাইপ্ৰিয়ান কামিল নৰ্ৱিডৰ Moja piosnka (II) শীৰ্ষক কবিতাটোৰ Walter Whipple-এ কৰা ইংৰাজী অনুবাদ My Song (II) পঢ়ি আছিল ষ্টেপানে। কবিতাটোত আছে ষ্টৰ্কৰ কথা। এতিয়া ষ্টৰ্ক মানেই ষ্টেপানৰ বাবে মলেঁয়া।    

        ষ্টেপানে জানে— আকাৰত ডাঙৰ বাবে, কীট-পতংগ চিকাৰ কৰা আৰু মানুহৰ বসতিস্থলৰ ওচৰত আৰু ছাদৰ ওপৰত বাহ সজা আচৰণৰ বাবে বগা ষ্টৰ্কৰ এক আকৰ্ষণীয় উপস্থিতি আছে মানৱ সংস্কৃতি আৰু লোককথাত। তেওঁ চৰাইৰ বিষয়ে ভালেখিনি পঢ়া-শুনা কৰিছিল। সেইবোৰৰ মাজত হোৱাইট ষ্টৰ্কৰ কথাও যথেষ্ট আছিল।

        বগা ষ্টৰ্কৰ বাবে হিব্ৰু শব্দটো হৈছে চাছিদাহ (chasidah); যাৰ অৰ্থ হৈছে 'ক্ষমাশীল' বা 'দয়ালু'। গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীত ষ্টৰ্কক পিতৃ-মাতৃৰ ভক্তিৰ আৰ্হি হিচাপে চিত্ৰিত কৰা হৈছে। তৃতীয় শতিকাৰ ৰোমান লেখক এলিয়ানে (Aelian) আলেকজেণ্ডাৰ অব মিণ্ডাছ (Alexander of Myndus)-ৰ উদ্ধৃতি দি তেওঁৰ De natura animalium (গ্ৰন্থ ৩, অধ্যায় ২৩)-ত উল্লেখ কৰিছে যে বয়সিয়াল ষ্টৰ্কবোৰ সাগৰীয় দ্বীপলৈ উৰি গৈছিল; য'ত পিতৃ-মাতৃৰ প্ৰতি তেওঁলোকৰ ধৰ্মপৰায়ণ ব্যৱহাৰৰ বাবে পুৰস্কাৰ হিচাপে মানুহলৈ ৰূপান্তৰিত হৈছিল। এই কাহিনীটো আজিকালি প্ৰায়েই মনলৈ আহে ষ্টেপানৰ। তেওঁৰপৰা হাজাৰ হাজাৰ মাইল নিলগত থকা বাবে ল'ৰাহঁতে তেওঁক শুশ্ৰূষা কৰিব পৰা নাই। তথাপি তেওঁ কামনা কৰে— তেওঁৰ সন্তানে তেওঁক প্ৰতিপালন নকৰাকৈও ষ্টৰ্কবোৰৰ দৰেই সুন্দৰ ব্যৱহাৰৰ বাবে পুৰস্কাৰ পাওক। সন্তানৰ সদায় শুভ হোৱাটো কামনা কৰাটোৱেইটো প্ৰতিজন পিতৃ-মাতৃৰ কৰ্তব্য। ষ্টৰ্কবোৰে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লয়, খাদ্য খুৱায়; আনকি পৰিৱহন কৰা বুলিও ভবা হৈছিল আৰু শিশুৰ কিতাপত ইহঁতক পুত্ৰৰ মূল্যবোধৰ আৰ্হি হিচাপে চিত্ৰিত কৰা হৈছিল। প্ৰাচীন গ্ৰীক শব্দ pelargos-অৰপৰা উৎপত্তি হোৱা Pelargonia নামৰ এখন গ্ৰীক আইনত নাগৰিকে নিজৰ বৃদ্ধ পিতৃ-মাতৃৰ যত্ন ল'ব লাগিছিল।

        ঈছপৰ কমেও তিনিখন উপকথাত বগা ষ্টৰ্কৰ বিষয়ে উল্লেখ কৰা হৈছে— The Fox and the Stork, The Farmer and the Stork আৰু The Frogs Who Desired a King। ঈছপৰ তিনিওখন কিতাপেই ষ্টেপানে পঢ়িছিল সৰুতেই। তেওঁৰ ল'ৰাহঁতকো পঢ়ুৱাইছিল। 

        ইছলামৰ অনুগামীসকলে ষ্টৰ্কক শ্ৰদ্ধা কৰিছিল; কাৰণ ইহঁতৰ প্ৰব্ৰজনৰ সময়তে মক্কালৈ বাৰ্ষিক তীৰ্থযাত্ৰা আৰম্ভ হৈছিল। গ্ৰীকসকলে কৈছিল যে ষ্টৰ্ক হত্যা কৰিলে হত্যাকাৰীক মৃত্যুদণ্ড দিব পাৰি। প্ৰাচীন থেছালি (Thessaly)-ত ষ্টৰ্কক সাপ চিকাৰ কৰাৰ সময়ত সুৰক্ষিত কৰা হৈছিল আৰু বহুলভাৱে ৰোমৰ মহান কবিসকলৰ অন্যতম ভাৰ্জিল (Virgil)-ৰ 'শুকুলা পক্ষী' বুলি ধৰা হৈছিল। ৰোমান লেখকসকলে বসন্ত কালত বগা ষ্টৰ্কৰ আগমনৰ কথা লক্ষ্য কৰিছিল, যিয়ে কৃষকসকলক তেওঁলোকৰ শস্য ৰোপণ কৰিবলৈ সতৰ্ক কৰি দিছিল—

                                    Best sow your vineyards when in blushing Spring

                                    Comes the white bird long-bodied snakes abhor.

        হোৱাইট ষ্টৰ্কৰ বিষয়ে বহু কথাই ষ্টেপানে জানে; বহু কথা নাজানে। জনাখিনিতকৈ নজনা কথাই অধিক। কিন্তু যেতিয়াৰপৰা তেওঁ মলেঁয়াৰ আলপৈচান ধৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰপৰা তেওঁ হোৱাইট ষ্টৰ্কৰ বিষয়ে পঢ়িবলৈও আৰম্ভ কৰিলে। বৰ্তমান তেওঁ পঢ়ি আছে Fr. Haverschmidt-অৰ The Life of the White Stork শীৰ্ষক কিতাপখন।

        আজিকালি ষ্টেপানৰ কাষে কাষেই থাকে মলেঁয়া। ষ্টেপানৰ আদৰ পাই ক্ৰমশঃ বাঢ়ি আহিছে তাই। কিন্তু তাইৰ ভগা ডেউকাখন ঠিক হোৱা নাই। ঠিক নহয় বুলি মিষ্টাৰ ইগৰে প্ৰথম দিনাই কৈছিল ষ্টেপানক। সকলো জানিও ষ্টেপানে এটা আশা কঢ়িয়াই লৈ ফুৰিছে— মলেঁয়াৰ ডেউকাখন এদিন ভাল হ'ব। তাই উৰিব দুপাখি মেলি! আকাশৰ সুউচ্চ সীমনাৰপৰা আকৌ নামি আহিব তেওঁৰ কাষলৈ। উৰি উৰি মলেঁয়া বিদেশত থকা ষ্টেপানৰ পুতেকহঁতৰ ওচৰলৈ যাব! তেওঁৰ বাতৰি দিবগৈ!

        ষ্টেপানে The Life of the White Storkত পঢ়িবলৈ পাইছে ইউৰোপীয় লোককথা; য'ত নতুন পিতৃ-মাতৃৰ ওচৰলৈ কেঁচুৱা অনাৰ দায়িত্ব ষ্টৰ্কে বহন কৰাৰ কথা উল্লেখ কৰা হৈছে। কিতাপখনত উল্লেখ থকা এই কিংবদন্তিটো অতি প্ৰাচীন যদিও ১৯ শতিকাৰ হান্স খ্ৰীষ্টিয়ান এণ্ডাৰছন (Hans Christian Andersen)-ৰ The Storks নামৰ এটা কাহিনীয়ে ইয়াক জনপ্ৰিয় কৰি তুলিছিল। আনহাতে জাৰ্মান লোককথাত কোৱা হয় যে ষ্টৰ্কে গুহা বা জলাশয়ত কেঁচুৱা বিচাৰি পায় আৰু পিঠিত তুলি ঘৰলৈ লৈ আহে। এই গুহাবোৰত হেনো এডেবাৰষ্টেইন বা Stork Stone আছিল। তাৰপৰা কেঁচুৱা লৈ অহাৰ পাছত কেঁচুৱাবোৰ মাকক দিয়া হয় বা চিমনিৰপৰা তললৈ নমাই দিয়া হয়। ঘৰুৱা মানুহে কেতিয়া সন্তান বিচাৰে সেই বিষয়ে খিৰিকিৰ তলত ষ্টৰ্কৰ বাবে মিঠাই ৰাখি জনাইছিল। তাৰপৰাই এনে লোককথা বিশ্বজুৰি ফিলিপাইনছ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহলৈ বিয়পি পৰিছিল। নৱজাত শিশুৰ মূৰৰ পিছফালে জন্মৰ চিন নেভাছ ফ্লেমিয়াছ নুচেক (nevus flammeus nuchae) কেতিয়াবা ষ্টৰ্ক-বাইট বুলিও কোৱা হয়।

        ষ্টেপানৰ নিজৰ দেশ ক্ৰ'ৱেছিয়াকে ধৰি চৈধ্যখন দেশক সামৰি শ্লাভিক অঞ্চল বুলি কোৱা ভূখণ্ডত প্ৰচলিত পৌৰাণিক কাহিনী আৰু পৌত্তলিক ধৰ্মত ষ্টৰ্কে শীত আৰু বসন্তকালত উষ্ণ অঞ্চলৰপৰা গৰ্ভত আত্মাক কঢ়িয়াই পৃথিৱীলৈ অনাৰ কথা বিশ্বাস কৰা হৈছিল। এই বিশ্বাস এতিয়াও বহু শ্লাভিক দেশৰ আধুনিক লোকসংস্কৃতিত, 'ষ্টৰ্কে শিশু পৃথিৱীলৈ আনে' বুলি সৰলীকৃত শিশু কাহিনীত বৰ্তি আছে। ষ্টৰ্কক আদিম শ্লাভিকসকলে ভাগ্য কঢ়িয়াই অনা বুলি গণ্য কৰিছিল আৰু দুৰ্ভাগ্যক নিধন কৰা বুলি বিশ্বাস কৰিছিল।

        তেওঁৰ পূৰ্বজে কৰা এনে বিশ্বাসৰ দৰেই মলেঁয়াৰ আগমনে বাৰু তেওঁৰ দুৰ্ভাগ্য বিনাশ কৰিবনে— ভাবে ষ্টেপানে। ষ্টেপানৰ বাবে সকলোতকৈ দুৰ্ভাগ্য আছিল নিঃসংগতা। যিটো ইতিমধ্যে দূৰ হৈছে বুলি ভাবিবপৰা হৈছে। কাৰণ— মলেঁয়া এতিয়া তেওঁৰ একান্ত সংগী হৈ পৰিছে।

        ষ্টেপান ঘৰত থকা সময়ত মলেঁয়া তেওঁৰ কাষে কাষে থাকে। সদায় আবেলি তেওঁ চাভা নৈত বৰশী বাবলৈ যায়। মলেঁয়া তেওঁৰ সংগী হয়। বৰশীত উঠা সতেজ মাছ একোটা যেতিয়া মলেঁয়াক খাবলৈ দিয়া হয়, তেতিয়া তাইৰ কিমান যে ফূৰ্তি। ঠোঁট জোকাৰি, ডেউকাখন কোবাই কোবাই তাই ষ্টেপানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ষ্টেপানৰ বুকু ভৰি উঠে। মন পুলকিত হয়। গাড়ীত লৈ যোৱাৰ পৰত খিৰিকিৰে বাহিৰলৈ চাই যায় মলেঁয়াই। নিশা শোৱাৰ পৰতো ষ্টেপানৰ বিছনাৰ কাষতে মলেঁয়া শোৱে। মলেঁয়া এতিয়া কেৱল তেওঁৰ বাবে এটি পোহনীয়া পখী হৈ থকা নাই; হৈ উঠিছে তেওঁৰ প্ৰাণ-পখী!

        জয় এণ্ডাৰছনৰ Born Free, Living Free আৰু Forever Free কেইবাবাৰো পঢ়িছে ষ্টেপানে। যিমানবাৰ পঢ়িছে, সিমানবাৰ তেওঁ আপ্লুত হৈছে। মলেঁয়া ডাঙৰ হৈ অহাৰ লগে লগে তেওঁৰ মনত শংকা এটায়ো বাহ বান্ধিবলৈ লৈছে— মলেঁয়াও যদি এলচা নামৰ সেই আফ্ৰিকান সিংহিনীজনীৰ দৰে নোহোৱা হৈ যায় কোনোবা দিনা! কি হ'ব তেতিয়া? নাই, নাই... মলেঁয়াৰ তেনে নহয়! মলেঁয়া থাকিব তেওঁ থকালৈকে!

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ