নীলোৎপল বৰুৱা
শেহতীয়াকৈ দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ আৰু দহগৰাকী অভিনেত্ৰীৰ (পুৰুষ চৰিত্ৰ নাই) নাটকখন পূৰ্বতে আমি এবাৰ অন্য স্পে’চত চাইছিলোঁ। অৱশ্যে সেয়া প্ৰচেনিয়াম নাছিল। সেয়ে অন্য-স্থানিক পুণঃমঞ্চায়নৰ পৰা ওলাবপৰা নতুনত্বৰ আশাই আমাক দ্বিতীয়বাৰৰ বাবে নাটকখন উপভোগ কৰিবলৈ অভিপ্ৰেৰিত কৰিছিল।
একে আষাৰে ‘ভূমিকন্যা’ চিন্তা উদ্ৰেককাৰী এখন নাটক। আৰম্ভণিৰ পৰা শেষলৈকে মধ্যমঞ্চ সমুলাংশে অধিগ্ৰহণ কৰি, বক্ৰৰেখাত চৰিত্ৰসমূহ উপস্থাপন কৰি ‘ভূমিকন্যা’ই সৰলৰৈখিকভাৱে ইটোৰ পাছত সিটো ইমেজেৰী তৈয়াৰ কৰি গৈছে। সাধাৰণতে মঞ্চ বিভাজন অনুযায়ী দৃশ্যাংশ সলনি নকৰাকৈ, দ্ৰুতভাৱে সলনি হোৱা খণ্ড নোহোৱাকৈ, সাম্প্ৰতিক পৰিচালকসকলে মঞ্চায়নৰ সাহ খুৱ কমেই কৰে।
মণিমালা দাসে ‘ভূমিকন্যা’ত এটা অতি শিষ্ট অথচ স্বনিৰ্মিত কাহিনী কৌশল (Fabulation) প্ৰয়োগ কৰিছে। ফলত ভাৰতীয় মহাকাব্যিক মহাবিৱৰণীত (Metanarrative) হেৰাই যোৱা বহু সৰু সৰু অথচ কালসংযোগী আৰু সংবেদনশীল প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিটো ধাৰাল আৰু ধৰ্মসংকটীয় প্ৰশ্নবাণৰ ভিত্তিভূমি নাৰী যদিও তথাকথিত নাৰীবাদৰ আওতালৈ ননাকৈ ‘ভূমিকন্যা’ নিজৰ ঠাইত প্ৰোজ্জল। একে আষাৰে আমি নাটকখনক সত্বা আৰু দ্বিতীয় সত্ত্বাৰ (alter ego) মাজত হোৱা দ্বন্দ্বৰ নিৰ্যাস বুলি অভিহিত কৰিব পাৰো।
ৰাষ্ট্ৰীয় নাট্য
বিদ্যালয়ৰ ‘পৰিচালনা’ বিভাগৰ স্নাতক মণিমালা দাস বিষয়বস্তু চয়নৰ ক্ষেত্ৰত চূড়ান্ত
সংবেদনশীল। ‘স্বীকাৰোক্তি’, ‘বাঁহফুল’- বাৰ্টল্ট ব্ৰেখটৰ The Three Penny opera-ৰ অসমীয়া
অভিযোজনা, ‘নহয় কোন’, ‘Blood fiesta-Story of a lost saga’ -য়েছে দৰজি ঠংচিৰ ‘শৱ
কটা মানুহ’ৰ অভিযোজনা, ‘মাহিকা’ আদি নাটকৰ জৰিয়তে সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে।
যোৱা দশকত মণিমালা
দাসে নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘কেছাৰপী’ যিসকলে দেখিছে, তেওঁলোকে স্বীকাৰ কৰিব যে দাসৰ
শিল্পবস্তু চয়ন তেনেই সুকীয়া। তৰপৰ পাছত তৰপ খুলি গৈ অন্তৰ্লীন চিন্তা প্ৰক্ৰিয়াক
বাহিৰলৈ উলিয়াই অনাত তেওঁৰ দক্ষতা আছে। ৰাজস্থানৰ লোকসংস্কৃতিত ‘ৰূদালি’ নামৰ এচাম
মহিলা আছে। যি মৃতকৰ বাবে ধনৰ বিনিময়ত কান্দে। ঠিক একেদৰে কাৰ্বি সংস্কৃতিতো ‘কেছাৰহপী’
আছে যি মৃতকক বিননিসুৰীয়া গীতৰ জৰিয়তে সৰগৰ বাট প্ৰদৰ্শন কৰে। এই পৃথিৱীত কালাতিপাত
কৰি বৃদ্ধকালত নশ্বৰ দেহ ত্যাগ কৰা আত্মাক যি কান্দোনৰ মাজৰে পথ প্ৰদৰ্শন কৰে।
... সেইবাটে যাবা
পাহাৰ এটা পাবা... এই বাটে যাবা গঢ়াৰ কাষতে নৈ খন পাবা...
মণিমালা দাসৰ তথ্যচিত্ৰৰ
বিষয়বস্তু আছিল কাৰ্বি-ডিমাছা সংঘাতৰ সময়ৰ কেছাৰহপী। জাকে জাকে মৰি যোৱা ডেকাল’ৰা
বিলাকৰ হৈ কান্দিব লগা কেছাৰপীসকল। যিসকলে আচলতে সকলো ভোগ কৰি বৃদ্ধাৱস্থাত মৰা লোকৰ আত্মাৰ বাবেহে
কান্দে। মদগজ ডেকাল’ৰাৰ বাবে কান্দিব লগা কেছাৰহপীসকলৰ মৰ্মবেদনাক লৈ তেওঁ নিৰ্মাণ
কৰিছিল -কেছাৰহপী।
সূক্ষ্মতম দ্বন্দ্ব
যি একোটা মেটানেৰেটিভৰ মাজত লীন হৈ অদৃশ্যমান হৈ পৰে তেনেকুৱা দ্বন্দ্ববোৰেই ‘ভূমিকন্যা’ৰো
উপজীৱ্য। বাচিক নাটকখনত তেওঁ দৃশ্যমান ইমেজেৰীক মুখ্য বিষয় হিচাপে লোৱা নাই। সীতা,
শূৰ্পনখা, ৰেণুকা, অম্বা, কুন্তী, হিড়িম্বা আৰু দ্ৰৌপদীৰ মুখ নিঃসৃত বাক্যবোৰ লোক
চক্ষুৰ আঁৰত লুকাই থকা একো একো জয়াৰ প্ৰশ্ন। যিবোৰক পুৰুষ শাসিত পৃথিৱীত পোনতেই ন্যায্যতা
অস্বীকাৰ অথবা অলাগতিয়াল সংকটৰ আওতাত থৈ বিমুখ কৰা হয়।
ভূমিকন্যাই ন্যায্যতা
আৰু সমতাৰ দাবীতকৈ বেছি Sexology-ৰ পৰ্দাৰ আঁৰত হেৰাই যোৱা বহু কান্দোনৰ হিচাপ দাখিল
কৰিছে। কিয় গাণ্ডীৱ এখন বা সুদৰ্শন চক্ৰ এটাৰ বাবে খাণ্ডৱ নামৰ এখন বন জ্বলাই দিয়া
হৈছে। কিয় প্ৰান্তীয় হোৱা বাবেই ঘটোৎকচ আওমৰণে মৰিছে। কিয় বাৰে বাৰে দেৱতাৰ বৰৰ
নামত যৌনতা চাকি চোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। কিয় কিয় কিয়।
এনে বহু ধাৰাল আৰু মৰ্মভেদী প্ৰশ্নলৈ নিৰ্মাণ কৰা ভূমিকন্যাৰ ফৰ্মটো ওজাপালি, নুক্কৰ নাট অথবা দিহানামৰ তেনেই ওচৰ চপা। কিছু পৰিমানে ব’ডী মুভমেণ্টৰ কাম কৰা হৈছে যদিও দুই এটা দৃন্যখণ্ডত সীমাৱদ্ধ। কলা-কৈৱল্যৰ নামত কোনো ধৰণৰ অযথা প্ৰপচ্ বা ভাৰী গণৱেশ প্ৰয়োগ কৰা হোৱা নাই। অভিনেত্ৰীসকলৰ মনোভংগিমাৰ পৰা ই যে এটা Collaborative making process গম পোৱা গৈছে।
অৱশ্যে সংগীতৰ ক্ষেত্ৰত আমাৰ কিছু ক’বলগা আছে। বহু সময়ত প্ৰয়োগ সুষম তথা সুক্ষ্ম হোৱাৰ ঢেৰ সম্ভাৱনা থাকি গৈছে। আৰোহণ অথৱা অৱৰোহণবোৰত সময় চেতনাৰ কিছু অভাৱ পৰিলক্ষিত হয়।
২০০৭ চনতে সোণাপুৰত
প্ৰায় বিশ বিঘা মাটিত অৱস্থিত ‘ডেংৰালী থিয়েটাৰ হাব’ত মণিমালা দাস আৰু তেওঁৰ সহকৰ্মীসকলে
বিগত ডেৰটা দশক ধৰি নিৰন্তৰ নাট্যচৰ্চা কৰি গৈছে। প্ৰকৃতিৰ অতি নৈকট্যত ডেংৰালীৰ সমস্ত
কাণ্ড-কাৰখানা। নামটোতে তাৰ সম্পূৰ্ণ প্ৰমাণ। কাৰ্বি ভাষাত ‘ডেং’ শব্দৰ অৰ্থ গছ আৰু
‘ৰালী ‘ শব্দৰ অৰ্থ ভাগিন। অৰ্থাৎ গছ-ভাগিন। গছৰ সৈতে কাৰ্বিসকলৰ আত্মীয়তা বৰ্ণনাতীত।
প্ৰতিটো গোত্ৰ একো একোজোপা গছৰ নামত সম্পৰ্কিত। ডেংৰালী নামটোৱে সেয়ে প্ৰকৃতিৰ মাজত,
প্ৰকৃতিৰ কাষত আৰু প্ৰকৃতিৰ বাবে-ক প্ৰতিনিধিত্ব কৰিছে।
ডেংৰালীয়ে যোৱা দশকতোত প্ৰায়বোৰ কামেই অসমৰ লোকসংস্কৃতিৰ আধাৰত চৰ্চা কৰি আহিছে। ‘ভূমিকন্যা’ তাৰ ব্যতিক্ৰম নহয়।
সম্পূৰ্ণ নাটকখনৰ
দৃশ্যসজ্জা আৰু উপস্থাপন ওজাপালিৰ আধাৰত। মঞ্চৰ একাষে এটা ডবা-যিটো কালবিশেষে একোটা
চৰিত্ৰলৈ পৰ্যবসিত হৈছে। ৰেম্পৰ ব্যৱহাৰ নাই। প্ৰয়োজনো হোৱা নাই। বক্ৰৰেখাত অধিস্থাপন
কৰা চৰিত্ৰসমূহে বাওঁ আৰু সোঁ উৰ্ধমঞ্চত কথোপকথন জাৰী ৰাখিছে। ছন্দোৱদ্ধ বিনিৰ্মাণ
যদিও লয়টো একেটা সুৰতে আৰম্ভনিৰ পৰা শেহলৈকে বদ্ধ।
পুৰুষতন্ত্ৰলৈ অবাধ
অনুমোদন আদায় দিয়াৰ বিৰূদ্ধাচৰণৰে ‘ভূমিকন্যা’ই বাচিক প্ৰক্ৰিয়া এটাৰ মাজতে সকলোৰে
মৰ্মস্থল স্পৰ্শ কৰি গৈছে। সকলো ধৰ্মীয় লেপণযুক্ত ৰাজনৈতিক পৰিক্ৰমাতে আটাইতকৈ বেছি
নিষ্পেষিত হোৱা বিষয়টোৱেই নাৰী। ইয়াক উদাহৰণসহ উদঙাই দিয়াত নাট্যকৰ্মীসকলে চেষ্টাৰ
অকণো ত্ৰুটি কৰা নাই। ইতিহাসৰ কোনোবা এটা বিন্দুত এটা নিৰ্দিষ্ট তন্ত্ৰৰ স্বাৰ্থ পূৰণাৰ্থে
দিয়া বিধান বা নিৰ্দেশ কাৰ্যকৰী কৰাৰ স্বাৰ্থত প্ৰজন্মৰ পাছত প্ৰজন্ম জুৰি তৈয়াৰী
কৰা কিছুমান বাকধাৰাৰ বিৰূদ্ধে সৰৱ হৈ উঠিছে ভূমিকন্যা। নিষ্ক্ৰিয় বোধ আৰু সমৰ্পিত
চেতনালৈ ভূমিকন্যা এটা সবল আহ্বান।
নাটকখনৰ বিনিৰ্মাণত
দেখা গৈছে প্ৰতিটো চৰিত্ৰই সময়ানুগ একো একোটা বৃন্দগান।
যথাৰ্থতেই ভূমিকন্যা
এখন উপভোগ্য আৰু চিন্তা উদ্ৰেকী নাটক। কালচেতনাৰে সংপৃক্ত এটা প্ৰয়োজনীয় বিপ্লৱ।
ভ্ৰাম্যভাষ : ৯৮৫৪৫৬৬৪২৯