কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলে
তাৰ উঁৱলি যোৱা জিনছৰ তলছোৱা
কেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলে
এঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ
তাৰ আকাশখনো বিবৰ্ণ জিন্ছ
তলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থান
খেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰে
জীৱনৰ এছোৱা কাটি থৈ আহিছে
জোনাকেৰে লেপি লেপি মচা চোতালৰ একোণত
টোপ টোপকৈ সৰা হাঁহিটো
নিজে নিজে কটা গ’ল
যেতিয়া ৰ’দৰ বেজীয়ে সীয়ে মানুহটোক
পোৰা আঙুলিৰে লিখে সি ৰিক্সাৰ হুডত
আত্মকথাৰ বকলা সেইখন
মাজে মাজে খোলে আৰু জপাই থয়
অলিয়ে গলিয়ে ঘূৰা ৰিক্সাৰ চকাৰ তলত
কত পদ্য পিহা যায়, গল্পৰ গজালে টায়াৰ ফুটায়
ছিগনেলৰ ৰঙা চকু যহন-তহন
পুলিচৰ লাঠিৰ কোবত কেতিয়াবা
ঝনঝনকৈ বাজি উঠে পেটৰ কাঁহীখন
আৰু হেৰায়ো যায় বাটৰুৱা আৰু বাহনৰ আৱাজত
কলাফুলৰ পেশীৰে উশাহ উজোৱা সময়ত
সন্ধিয়াটো গাঢ় হয়। আত্মকথাৰ বকলাত
আন্ধাৰৰ পাখি গজে, বিষাদ উৰে
হেৰোৱা গাঁওখনৰ বাঁহপাতবোৰেৰে পিছলি
কিবা এটা বৈ আহে
নৈ নে গান
মৃদু লহৰ, গুণগুণ গুণগুণ
এগিলাছ দুখৰ ওঁঠত ওঁঠ থয় সি
গিলাছত উপঙি থাকে তৃতীয়াৰ জোন
নিজানৰ লগৰী তাৰ
নিজগৰী কথোপকথন।