ৰুদ্ৰসিংহ মটক
Who will save Christ?
Who will save man?”(Jerusalem)
উদ্ধৃত কবিতাফাঁকি মধ্যযুগীয় ধৰ্মান্ধতা, অন্ধবিশ্বাস, শোষণ, গোড়ামিৰ অন্ধকাৰ আৱৰ্তৰপৰা
মানৱ মুক্তিৰ সপোন দেখা বৰেণ্য কবি নিঝাৰ কাবানি (Nizar Qabbani) ৰচিত “জেৰুজালেম” শীর্ষক
কবিতাৰ। ১৯২৩ চনত কাবানিৰ জন্ম হৈছিল ছিৰিয়াৰ ৰাজধানী চহৰ ডামাস্কাছত। একাধাৰে এগৰাকী
উকীল, উচ্চস্তৰীয় কূটনীতিবিদ, লেখক আৰু প্ৰকাশক। তেওঁ জীৱনৰ বেছিদিন সময় অতিবাহিত কৰিছিল
মধ্যপ্ৰাচ্যৰ বাহিৰত, য’ত তেওঁৰ ব্যক্তিত্ব আৰু বহু বৰ্ণিল অভিজ্ঞতাৰ বিপুল বিকাশ সাধিত হৈছিল। নিজ গৃহপ্ৰদেশত থকা হ’লে তেওঁ হয়তো সেই দিশত ভাৱিব নোৱৰাকৈ পিছ পৰি থাকিলহেঁতেন।
নাৰী জীৱনৰ বিকাশ, সমতা,
স্বাধীনতা আৰু সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ
দাবীত সোচ্চাৰ হৈ উঠিছিল আৰবিক ভাষাৰ মহান কবি কাবানিৰ
কন্ঠস্বৰ। নিজে ভাল নোপোৱা এজন যুৱকৰ সৈতে বিবাহপাশত বন্দী হোৱাত অনিচ্ছুক ভনীয়েকে
আত্মহত্যা কৰা ট্ৰেজিক ঘটনাটোৱে পোন্ধৰ বছৰীয়া ডেকা কাবানিৰ মনোজগত জোঁকাৰি গৈছিল।
তেওঁক বিপ্লৱী নেকি বুলি সোধা এটি প্রশ্নৰ উত্তৰ দি কৈছিল- “Love in the Arab world is like a
prisoner, and I want to set (it) free. I want to free the Arab soul, sense and
body with my poetry. The relationships between men and women in our society are
not healthy.” ৰক্ষণশীল আৰব শাসকগোষ্ঠীৰ বিৰুদ্ধে তেওঁ
সাহসেৰে নিজৰ সামাজিক, ৰাজনৈতিক মতাদর্শ গৃহবাসী
ছিৰিয়ানসকলতকৈ বহুগুণে সবলৰূপত সাব্যস্ত কৰিব পাৰিছিল।
মধ্যবিত্ত সদাগৰৰ পৰিয়ালত জন্ম বাবেই
তেওঁ ছাত্র হিচাপে ভাল বিদ্যালয়তে শিক্ষাগ্ৰহণ কৰিছিল। পিছলৈ গৃহচহৰস্থিত বিশ্ববিদ্যালয়ৰ
পৰাই আইনৰ ডিগ্রী লাভ কৰিছিল। স্নাতক পঢ়ি থকা অৱস্থাতে কাবানিয়ে ভালেমান ৰোমান্টিক ভাৱধাৰাৰ কবিতা লেখি
যুৱমহলত খলক সৃষ্টি কৰিছিল। তেওঁৰ এনে কিছু
কবিতাৰ প্রথম পুথি ‘দা ব্ৰুনেট টল্ড মি’-ত সংকলিত সৃষ্টিৰাজিৰ শিথিল ফৰ্ম, ৰমন্যাসিক
কাব্যভাষাৰ প্ৰতি ডামাস্কাছৰ কবিমহলত প্ৰথম অৱস্থাত স্বাভাৱিকতে বিৰূপ প্ৰতিক্ৰিয়াৰ
সৃষ্টি হৈছিল। ১৯৪৫ চনত স্নাতক ডিগ্রী লাভ কৰি তেওঁ কূটনৈতিক কৰ্মজীৱন আৰম্ভ কৰি মাদ্ৰিদ, লণ্ডনৰ দৰে ৰাজধানী চহৰত বেছ কিছুবছৰ কটোৱাৰ ওপৰিও পৰৱৰ্তী এছোৱা
কাল চীনত আছিল। সেই কালছোৱাত কাবানিয়ে
ৰচনা কৰে প্ৰেম-ভালপোৱা, সমাজচেতনা আৰু ৰাজনৈতিক বিষয়ৰ বহু বাছকবনীয়া কবিতা। দীৰ্ঘদিন বিদেশত জীৱন যাপন
কৰিলেও গৃহচহৰ ডামাস্কাচৰ জনগণৰ পৰা পোৱা ভালপোৱাৰ স্মৃতি, মনোগ্রাহী ছবিবোৰ তেওঁৰ
মানসপটত শয়নে-সপোনে কঢ়িয়াই লৈ ফুৰিছিল। এই স্মৃতি বিজড়িত অভিজ্ঞতাৰ মনোগ্রাহী কাব্যিক
অভিজ্ঞান তেওঁৰ জেচমিন চেন্ট্ অব্ ডামাস্কাচ। ১৯৬৭ চনৰ আৰব-ইজৰাইল যুদ্ধৰ পিছৰ সময়খিনিত কবিয়ে জাতীয় জীৱনৰ
সামাজিক, অৰ্থনৈতিক আৰু প্ৰগতিমুখী
বুনিয়াদী পৰিৱৰ্তনৰ সংগ্রামত একনিষ্ঠভাৱে আত্মনিয়োগ কৰিবলৈ লয়। ছিৰিয়াৰ কিছু অঞ্চল
ইজৰাইলে অবৈধভাৱে দখল কৰা বাবে দেশবাসীৰ এই পৰাজয়ক কবি
কাবানিয়ে সহজভাবে মানি ল’ব পৰা নাছিল।
এই জটিল সংঘাতজৰ্জৰ সময়ছোৱাতে কাবানিৰ কবিতাৰ
বিষয়, ভাষা আৰু ছন্দশৈলীলৈ
আহিল আমূল পৰিৱৰ্তন। কবিৰ মাৰ্জিনেল নোটচ্ অন দা বুক অব ডিফিট আৰব চুলতানৰ অপশাসন আৰু প্ৰভূত্বৰ ওপৰত মুকলি আক্রমণ। ইয়াৰ আগতে আৰৱ কৰ্তৃত্ব কাহানিও
এনেদৰে জাতীয়তাবাদী শক্তিৰ কঠোৰতম সমালোচনা আৰু প্ৰত্যাক্ৰমণৰ সন্মুখীন হ’ব লগা হোৱা নাছিল। এই ঐতিহাসিক পৰিঘটনাৰ ফলস্বৰূপে বহুদলীয়
সমলোচনাৰো ই বিষয় হৈ পৰিছিল। এইছেগতে পৰিৱৰ্তনকামী সমাজবাদী লেখক কাবানিয়ে পিছ নোহোঁহকি প্ৰভূত লেখা-মেলা প্ৰকাশ কৰে। সেইবোৰৰ বেছি ভাগ লেখাই প্ৰকাশ
পাইছিল আৰবিক ভাষাৰ বহুল প্রচলিত “অল হায়াত “(Al
Hayat) শীর্ষক কাকতত।
চাইল্ড হোড অব্ এ বিষ্ট(১৯৫৪) গ্রন্থই তেওঁৰ কবি প্ৰসিদ্ধিৰ লগতে নাৰীবাদী বহল দৃষ্টিভঙ্গীৰো পৰিচয় দিবলৈ সক্ষম
হৈছিল। এইখন গ্ৰন্থত সন্নিৱিষ্ট কবিতাবোৰে পুৰুষতন্ত্ৰৰ নিচক যৌনাচাৰ, শোষণ, অৱদমন আৰু মধ্যযুগীয় জুলুমবাজীৰ স্বৰূপ উদঙাই দেখুৱাইছিল। সেয়ে কবি আৰু বুদ্ধিজীৱী
হিচাপে কাবানি স্বেচ্ছাছাৰী চুলতানৰ ৰঙা চকুৰ ৰোষত পৰিছিল। অৱশ্যে জাতীয় চৰিত্ৰ সংশোধনৰ
বাবে তেওঁ আত্মসমালোচনাত প্ৰবৃত্ত হ’বলৈকো কুন্ঠাবোধ কৰা নাছিল। জুৱা, ডবা খেলি টোপনিয়াই
টোপনিয়াই ঘন্টাৰ পিছত ঘন্টা বৃথাতে কটোৱা কৰ্মবিমুখ আৰৱসকলৰ প্ৰতিও কাবানিয়ে কটাক্ষপাত নকৰাকৈ থকা নাছিল।–”We are a
thick skinned people with empty souls. We spend our days playing dice, chess,
or sleeping - and we say we are the best people that ever came to mankind?” ১৯৬৭-ৰ আৰব-ইজৰাইল যুদ্ধৰ পিছত কাবানিয়ে লণ্ডন চহৰত নিজাকৈ এটি প্ৰকাশন
প্ৰতিষ্ঠান গঢ়ি তোলে। আৰব জাতীয়তাবাদী আদৰ্শৰে উদ্বুদ্ধ লেখক চিন্তাবিদ বাবেই যুদ্ধৰ নেতিবাচক প্ৰভাৱবোৰ উদঙাই দিয়াৰ লগতে যিসকলৰ
ভুলৰ বাবে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল সেইসকল জাতীয় যোদ্ধাৰ দুৰ্বল ৰণনীতিৰ ক্ষুৰধাৰ
সমালোচনা কৰিবলৈ লৈছিল। দেশৰ কিশোৰ আৰু তৰুণশক্তিক নতুন চেতনা , আশা আৰু সাহসেৰে জাগ্রত কৰাৰ বাবে শক্তিশালী কবিতা ৰচনা কৰিছিল।
--”Arab children, /Spring rain, /Corn ears of the Future,/ You are the
generation / That will overcome defeat.” সমসাময়িক স্বেচ্ছাছাৰী
শাসন বৰ্তাই ৰখা মধ্য এছিয়াৰ দেশবোৰৰ ক্ষমতান্ধ, বেশ্যান্তৰিত শাসকবৰ্গকো কাবানিয়ে নিজৰ বলিষ্ঠ লেখা আৰু আইৰণিকেল
কবিতাৰ ভাষাৰে সঁকিয়াই দিছিল। --
নিঝাৰ কাবানিয়ে একুৰি চাৰিখনকৈ কাব্যপুথিৰে
বিশ্বৰ সাহিত্য জগত সমৃদ্ধ কৰি গৈছে।
আৰবিক ভাষাত ৰচিত এই সকলোবোৰ পুথিয়েই ইংৰাজী ভাষালৈ আৰু কিছুসংখ্যক স্পেনিছ
আৰু জাৰ্মানলৈ অনুদিত হোৱাত সেইবোৰ মধ্যপ্ৰাচ্য অতিক্রমি বিশ্বৰ সমগ্র কাব্যৰসিকৰ হৃদয়ৰ
সম্পদ হৈ পৰিছে। তেওঁৰ কেইখনমান কাব্যপুথিৰ শিৰোনাম হ’ল ৰিপাব্লিক অব্ লাভ, আৰবিয়ান লাভ পয়েমচ, দা লাভাৰ্চ ডিচনেৰি, অন এনটাৰিং দা ছি, লাভ শ্বেল ৰিমেইন মাই লৰ্ড, দা পলিটিকেল
পয়েমচ্, মাই বেষ্ট পয়েমচ্, ইউ আৰ মাইন, দ্ৰয়িং উইথ ৱৰ্ডচ্ আৰু আই মেৰিড ইউ
লিবাৰ্টি। আৰব দুনিয়াত তেওঁৰ প্ৰেম আৰু প্ৰতিবাদৰ কবিতাবোৰ এটা সময়ত ৰুটি আৰু
বাতৰিকাকতৰ দৰেই বাদ দিব নোৱাৰা অনিবার্য আহাৰৰ দৰে সুখপাঠ্য সাহিত্যৰূপে পৰিগণিত হৈছিল।
সেই কথা অনুধাৱন কৰি কবিয়ে নিজেই কৈ গৈছে এনেদৰে, - “The poem, for the first
time in the history of Arabic poetry, was taking the form of the daily bread
and newspaper.” উল্লেখযোগ্য যে কালজয়ী ইংৰাজী কবিতাৰ
মেদহীন নিটোল আংগিক, ভাষাগত কালিকা আৰু বিশ্বজনীন
প্ৰমূল্যবোধে
কাবানিৰ শিল্পবীক্ষা আৰু সৃষ্টিৰাজিত অপৰিসীম প্ৰভাৱ পেলাইছিল।
নিজৰ কলম আৰু সৃষ্টিসত্ত্বাৰ ওপৰত গভীৰ বিশ্বাস আছিল বাবেই কাবানিয়ে পৃথিৱীৰ লেখক সমাজক উদ্দেশ্যি এনেদৰে ক’ব পাৰিছিল। -”And the writing is still : to
you, with you, about you, because of you and for you.” বেইৰুট আছিল কাবানিৰ ভালপোৱাৰ চহৰ। সেয়ে এটি কবিতাত তেওঁ সেই চহৰক এনেদৰে সম্বোধন
কৰা পৰিলক্ষিত হয় -”Oh You Miss World, oh Beirut! “ কিন্তু এই বেইৰুট চহৰতে ইৰাণী সমৰ্থক গেৰিলাৰ বোমাৰ আঘাতত দ্বিতীয়
পত্নী বেলকিচ্ এল –ৰয়িক হেৰুৱাব লগা ঘটনাটোৱে সংবেদনশীল কবি কাবানিক ভিতৰি ভিতৰি মৰ্মাহত
কৰি তুলিছিল। পেশাত শিক্ষয়িত্ৰী বেলকিচে ইৰাকী মন্ত্রণালয়ৰ সাংস্কৃতিক দপ্তৰত কাম
কৰিছিল। Balqees শীর্ষক কবিতাৰে কাবানিয়ে
সেই নিৰ্মম ঘটনাটোৰ বাবে সমস্ত আৰববাসীকে জগৰীয়া কৰিছিল। নবীহঁতৰ শয়নকক্ষত, হেৰেমত বলাৎকাৰৰ বলি হোৱা অফুলন কবিতাৰ কলিজাৰ আৰ্তনাদ শুনি কাবানিৰ কবিপ্ৰাণ কান্দি উঠিছিল।-”We
have not a single honest poem/That has not lost its virginity in a ruler’s/
Harem’’. আমি অকপটে স্বীকাৰ কৰোঁ যে খলিল জিব্ৰানৰ পিছতে মধ্যপ্ৰাচ্যৰ
এইগৰাকী কবি, লেখক মোৰ কবিতাৰ অন্যতম
আদৰ্শ আৰু অন্তহীন প্ৰেৰণা। তেওঁৰ সৃষ্টিৰাজী প্ৰেম-ভালপোৱা, সূক্ষ্মজীৱন এষণা আৰু
সমাজ-মানসৰ ছবি-চিত্ৰকল্পৰে যিদৰে উজ্বল, সেইদৰে ৰূপান্তৰৰ সংগ্ৰাম চেতনা আৰু চিৰন্তন মানৱতাৰ গাথাৰে চিৰ মহিমামণ্ডিত। ১৯৯৮ চনত লণ্ডনত থকা
কালতে হৃদৰোগত আক্রান্ত হৈ ছিৰিয়াৰ এইগৰাকী জাতীয় কবি নিঝাৰ কাবানিৰ মৃত্যু হয়। কবি
কাবানিৰ অনন্য শৈলীত ৰচিত ‘When I Love You’ শীর্ষক কবিতাটিৰ আমি কৰা অসমীয়া ভাঙনি ‘অন্যযুগ’-ৰ পাঠকসমাজলৈ আগবঢ়ালোঁ।
০০০
মই যেতিয়া তোমাক ভালপাওঁ
___________________________
এক নতুন ভাষা জঁপিয়াই উঠে,
মুহূর্তবোৰে পপিফুলৰ দৰে উশাহ লয়,
আমবোৰ গছৰপৰা খহি পৰে চৌদিশে, অৰণ্য জ্বলি উঠে
আৰু নুবিয়ান দ্ৰামবোৰ গুমগুমাই বাজি উঠে,
জোকাৰি পেলায় লজ্জাৰ আভৰণ,
ধুমুহা।
মাত মাতোঁ কদৰ্যতাৰ বিৰুদ্ধে,
বিৰুদ্ধে।
চুনামী নহালৈকে।