অন্যযুগ/


নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কথাৰে এখন অন্য ধৰণৰ কিতাপ

  ত্নোত্তমা দাস বিক্ৰম

 

সেয়া বোধকৰোঁ ষাঠি চনৰ কোনোবা এটা গ্ৰীষ্মৰ দুপৰীয়াৰ কথাই হব। গুৱাহাটি বিশ্ববিদ্যালয়ৰ কলা ভৱনত নাতকোত্তৰ শ্ৰেণীৰ পাঠদান চলি আছে। সেইদিনা শ্ৰেণীকোঠাত বহি থকা এজন ছাত্ৰৰ মন পাঠত মুঠেও নাছিল। পাঠদানৰত অধ্যাপক দেৱপ্ৰসাদ বৰুৱাৰ চকুৰ পৰা ছাত্ৰজনৰ অমনোযোগ সাৰি নগল। ছাত্ৰজনক পোনে পোনেই সুধি পেলালে তেওঁ, “মই কি কৈ আছোঁ মোক কব পাৰিবানে?”

কি কব সেপ ঢুকি উঠা ছাত্ৰজনে? অধ্যাপকক কেনেকৈ কব পাৰিব যে পাঠদানত মনোযোগ নিদি তেওঁ শুনি আছিল শুনো-নুশুনোকৈ দীপৰ বিলৰ পৰা ভাহি অহা পানীপিয়া চৰাইৰ মাত!

কৃষ্ণচূড়াৰ দেশখনৰ নাতিদূৰতে দীপৰ বিলখন। ফৰেষ্ট স্কুলৰ সন্মুখেৰে যোৱা বাটটোৰে প্ৰায়ে দীপৰ বিললৈ ফুৰিবলৈ গৈছিল পানীপিয়াৰ মাত খেদি ফুৰা আৰু পানীপিয়াৰ মাতে খেদি ফুৰা ছাত্ৰজন। সেই সময়ত তেওঁ ফৰেষ্ট স্কুলৰ সন্মুখত থকা চাৰি নং আৰ চি চি ছাত্ৰাবাসত থাকি বিশ্ববিদ্যালয়ত পঢ়িছিল। ছাত্ৰজনৰ নাম আছিল নীলমণি, নীলমণি ফুকন৷ পাছলৈ আমাৰ জাতীয় কবিৰূপে প্ৰতিষ্ঠিত কবি নীলমণি ফুকন। আধুনিক অসমীয়া কবিতাৰ স্বৰাজোত্তৰ পৰিক্ৰমাত কবি নীলমণি ফুকনৰ কবিতাৰ প্ৰভাৱ আৰু ব্যাপ্তি ইমানেই বিশাল যে পদ্মশ্ৰী, সাহিত্য অকাদেমি, অসম উপত্যকা সাহিত্য বঁটা, আৰু এতিয়া ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ - এইবোৰৰ কোনোটোৱেই আচলতে তাক নিৰ্ধাৰণ কৰিব নোৱাৰে। আধুনিক অসমীয়া কবিতাৰ লগত পৰিচয় থকা প্ৰত্যেকজনেই পৰিচিত কবি নীলমণি ফুকনৰ (কনিষ্ঠ) কবিতাৰ সৈতে। তাৰে অধিকাংশ পাঠকৰে অন্যতম প্ৰিয় কবি নীলমণি ফুকন। প্ৰায় অর্ধশতক জুৰি এইজন কবিৰ কবিতাই কাব্যৰসগ্ৰাহী পাঠকক উৎকৃষ্ট কবিতাৰ ৰসত নিমজ্জিত কৰি ৰাখিছে৷ আমি নিজেও এইজন মহীৰুহৰূপী কবিৰ কবিতাৰ চিৰ অনুগামী। কিন্তু কবিৰ এই ৰসময়, ৰহস্যময় কাব্যজগতখনৰ ৰস আৰু ৰহস্য উদ্ঘাটন কৰি অধিক ৰস আহৰণ কৰিবলৈ প্ৰয়োজন হয় গভীৰ কাব্যবোধ আৰু চৰ্চা। প্ৰয়োজন হয় কিছু আনুষংগিক জ্ঞান৷ আৰু ইয়াৰ কাৰণে অতি উপযুক্ত এখন কিতাপ বছৰচেৰেকৰ আগতে ডাকযোগে আহি আমাৰ হাতত পৰিছিলহি। 

কিতাপখনৰ নাম নীলমণি ফুকনৰ কবিতাৰ নেপথ্যকিতাপখনৰ কথোপকথন, অনুলিখন আৰু সংকলন মৃদুল হালৈৰ। বেটুপাতটোত কিতাপখনৰ নামটোৰ ওপৰতে সৰু হৰফেৰে উল্লেখ কৰি দিয়া হৈছে, “প্ৰসংগ, অনুষংগ, উল্লেখ, উদ্ধৃতিৰেদুহেজাৰ ষোল চনৰ নৱেম্বৰ মাহত আঁক-বাকে আটকধুনীয়াকৈ প্ৰকাশ কৰি উলিউৱা এই কিতাপখন হাতত লৈয়েই এশ্বৰ্য প্ৰাপ্তিৰ আনন্দত উচ্ছ্বসিত হৈ পৰিলোঁ। কিতাপখনৰ পাত লুটিয়াই যোৱাৰ লগে লগে বাৰে বাৰে দুটা কথা একেলগে মনলৈ আহি থাকিল। প্ৰথমটো, এইখন কিতাপ মই আৰু আগতে নাপালোঁ কিয়? দ্বিতীয়টো, এখন আপুৰুগীয়া কিতাপ প্ৰকাশ হৈ ওলাল। কাব্যপ্ৰেমী আৰু গৱেষক, উভয়ৰে হাতপুথিৰ দৰে হব এইখন কিতাপ।

সেই যে প্ৰথম লুটিয়ালোঁ কিতাপখনৰ পাত, তেতিয়াৰে পৰা সঁচাকৈয়ে মই ভবাৰ দৰেই মোৰ হাতপুথিৰ দৰে হৈ পৰিল এইখন কিতাপ। বৰপেটাৰ পৰা টেলিফনত এজন পাঠক পিংকুজিৎ দাসে উচ্ছ্বাসেৰে জনাইছিল, বৰ ভাল কিতাপ এখন পালোঁ৷ এতিয়া নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা আৰু নীলমণি ফুকনৰ কবিতাৰ নেপথ্য দুয়োখন একেলগে মেলি লৈ পঢ়ি বৰ আমেজ পাইছোঁ৷ মই কলো, ময়ো একেবাৰে একেটা কামেই কৰিছোঁ। লাহে লাহে এনেকৈ কোৱা পাঠক আৰু বহুতকে পালোঁ। ময়ো দুই-এক কৰি বহুতকে কলোঁ মৃদুল হালৈৰ কিতাপখনৰ কথা, লোঁ দুয়োখন কিতাপৰ যুগলবন্দী কৰি পঢ়াৰ সুকীয়া আনন্দৰ কথা। এইখিনিতে কৈ থওঁ, ‘নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাখন প্ৰকাশ হৈছিল নীলমণি ফুকনৰ কবিতাৰ নেপথ্য প্ৰকাশ হোৱাৰ সম্পূৰ্ণ এটা দশকৰ আগতে, দুহেজাৰ ছয় চনত৷ আগতে নীলমণি ফুকনৰ কবিতাৰ বিভিন্ন ব্যাখ্যা, সমালোচনা আদি পঢ়িছিলোঁ যদিও সেয়া ভিন ভিন ঠাইত সিঁচৰতি হৈ আছিল আৰু বিশেষকৈ কবিতাবোৰৰ নেপথ্যৰ বিষয়ে ইমান বিশদকৈ স্বয়ং কবিগৰাকীৰ পৰাই কেতিয়াও জানিবলৈ পোৱা নাছিলোঁ। মৃদুল হালৈৰ কিতাপখন পোৱাৰে পৰা এই গোটেইখিনি একেথূপে, একেগোটে পাই বৰ লাভান্বিত হৈছোঁ।

নীলমণি ফুকনৰ নেপথ্য কিতাপখনত ভাগ নকৰাকৈয়ে তিনিটা ভাগ বা অংশ আছে৷ প্ৰথম ভাগত কবিজনৰ প্ৰায় এশটা কবিতাৰ নেপথ্যৰ কথা, কাহিনী আৰু প্ৰসংগ, অনুষংগ আদি থকাৰ উপৰি সংযোজন কৰা হৈছে নীলমণি ফুকনৰ মোৰ কবিতা- নেপথ্যৰ কথা শীৰ্ষক ৰচনাখন (এইখন ৰচনা কবিৰ পূৰ্বপ্ৰকাশিত কাব্যগ্ৰন্থ নৃত্যৰতা পৃথিৱীতো সংকলিত হৈছে)৷ কিতাপখনৰ দ্বিতীয়াংশত অন্তৰ্ভুক্ত কৰা হৈছে সমালোচকৰ ব্যাখ্যাত কেইটামান কবিতা, ত নীলমণি ফুকনৰ এক ডজন চিত আৰু সমাদৃত কবিতাৰ বাচকবনীয়া ব্যাখ্যা, বিশ্লেষণ তথা সমালোচনা আছে৷ ইয়াৰে আটাইকেইটাই লব্ধপ্ৰতিষ্ঠ কবি-সমালোচকৰ দ্বাৰা লিখিত। কিতাপখনৰ তৃতীয় ভাগত আছে নীলমণি ফুকনৰ কবিতাৰ সৈতে সম্পৰ্কিত শিল্পকৰ্ম আৰু আলোকচিত্ৰ৷ এই গোটেইখিনি মিলি কিতাপখনক কৰি তুলিছে অনন্য, এখন অন্য ধৰণৰ কিতাপ। এনে এখন কিতাপ আগতে পঢ়া মোৰ মনত নপৰে। বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আসমীয়া সাহিত্যত এনে ধৰণৰ কিতাপ এইখনেই প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ।

প্ৰায় এশটা কবিতাৰ নেপথ্যৰ কথা থকা এই কিতাপখন প্ৰস্তুত কৰি উলিয়াওঁতে আটাইতকৈ প্ৰয়োজনীয় দিশটো আছিল প্ৰস্তুতকৰ্তাৰ কবি নীলমণি ফুকনৰ সৈতে সুদীৰ্ঘ কালৰ ঘনিষ্ঠতা। কাৰণ, ইমানকেইটা কবিতাৰ নেপথ্যৰ ইমানবোৰ কথাৰ উহ দুদিনতে পোৱাটো অসম্ভৱপ্ৰায়। এইক্ষেত্ৰত মৃদুল হালৈয়ে নিজেই পাতনিত লিখিছে, ”সুদীৰ্ঘ দিন কবিগৰাকীৰ সৈতে কৰা বাৰ্তালাপ, আলোচনা আৰু পৰিকল্পনাই এই গ্ৰন্থখন গঢ় দিছে৷ আকৌ, কবিগৰাকীয়ে নিশ্চয় আস্থাভাজন এজনকহে তেওঁৰ কবিতাৰ নেপথ্যৰ এই অমূল্য পেৰাটো খুলি দেখুৱাব। বয়োজ্যেষ্ঠ কবিগৰাকীৰ আস্থা আৰু স্নেহ আদায় কৰিবলৈ মৃদুল নিশ্চয় সক্ষম হৈছিল। তাতে আকৌ মৃদুল নিজেও এগৰাকী কুশল কৰি৷ সাহিত্য অকাদেমিৰ যুৱ বঁটা প্ৰাপ্ত যুৱ-কবি মৃদুলৰ কাব্যচৰ্চাই ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে। নিজে কবি হোৱা কাৰণেও কিজানি মৃদুলে নীলমণি ফুকনৰ কবিতাৰ নেপথ্য কিতাপখনৰ পৰিকল্পনা কৰি ইমান সুন্দৰকৈ সজাই-পৰাই কাব্যিক গঢ় দি লব পাৰিছে।

এই লেখাৰ আৰম্ভণিতে কবি নীলমণি ফুকন বিশ্ববিদ্যালয় ছাত্ৰ হৈ থকা দিনবোৰৰ যি এটা ঘটনা উল্লেখ কৰা হৈছে, সেইটো কবিৰ এখনি মুখ কবিতাটোৰ নেপথ্যৰ কথা পঢ়ি জানিবলৈ পোৱা কথা। এখনি মুখ কবিতাটো নীলমণি ফুকনৰ অতিকৈ ভালপোৱা কবিতাকেইটাৰ ভিতৰত এটা। কবিগৰাকীৰ প্ৰথম পুৰুষৰ লিখা নেপথ্যৰ কথাখিনি পঢ়ি এইটোও জানিছিলোঁ যে, কবিতাটোত উল্লেখ থকা ৰাৰ গামলাৰ জাপানী পামজোপা সঁচাকৈয়ে কবিৰে চৰাঘৰ সজোৱা গছ। সেইজোপা তেওঁ গুৱাহাটি নাৰ্ছাৰীৰ পৰা নি এটা গামলাত ৰুইছিলগৈ। কথাখিনি জানি কিবা এটা আমোদ পাইছিলোঁ। ঠিক যেন সেই তাহানিৰ ভাওনাৰ খলাৰ পিছফালে থকা ছোঁঘৰত ভাৱৰীয়াৰ সা-সজ্জা দেখিবলৈ পালে পোৱা আমোদৰ দৰেই। কবিতাৰ নেপথ্যত থকা কবিৰ এনে অনেক ব্যক্তিগত অভিজ্ঞতা তথা স্মৃতি কিতাপখনৰ পৰা জনা যায়। তাৰে কিছুমান আনন্দদায়ক, কিছুমান এক ধৰণৰ অপাৰ্থিৱ আৰু কিছুমান কৰুণ, বেদনাদায়ক। এই অভিজ্ঞতাবোৰ অধিকাংশই প্ৰত্যক্ষ যদিও কিছুমান পৰোক্ষ অভিজ্ঞতাৰ কথাও পোৱা যায়৷ উদাহৰণস্বৰূপে, ‘চৰগ পৰি থিয় দি থকা কবিতাটোৰ নেপথ্যত থকা নিদাৰুণ সত্য ঘটনাটো কবিয়ে মোমায়েকৰ মুখত শুনা আছিল।

নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কাহিনীবোৰ পঢ়ি উঠি চালি-জাৰি চালে ফটফটীয়াকৈ তেওঁৰ কবিজীৱনৰ তিনিটা দিশৰ বিষয়ে জানিব পৰা যায়।

প্ৰথমটো হৈছে, এইমাত্ৰ পূৰ্বৰ স্তৱকত উল্লেখ কৰাৰ দৰে কবিৰ ব্যক্তিগত জীৱনৰ প্ৰত্যক্ষ-পৰোক্ষ স্মৃতি তথা অভিজ্ঞতা। দ্বিতীয়টো দিশ হৈছে, কবিতাবোৰৰ নেপথ্যত থকা বিশ্বসাহিত্য আৰু সুকুমাৰ কলাৰ (মূলতঃ চিত্ৰকলা, চলচ্চিত্ৰ, সংগীত আৰু ভাস্কৰ্য) লগত জড়িত প্ৰসংগ, অনুষংগবোৰ। উদাহৰণস্বৰূপে, ‘চকু মুখ হাত বান্ধি শীৰ্ষক কবিতাটোত উল্লেখ কৰা মৰণোন্মুখ গোলাম হৈছে পেৰিছৰ লুভ্ মিউজিয়ামত সংৰক্ষিত মাইকেলেঞ্জেলোৰ ভাস্কৰ্য The Slaves একেদৰে, নেলীৰ হত্যাকাণ্ডৰ পাছত লিখা কোনো নাই ইয়াত শিশু নাৰী বৃদ্ধ কবিতাটোত থকা ভয়ংকৰ সেই পিশাচৰ আপোন সন্তান ভক্ষণ হৈছে স্পেনিছ চিত্ৰকৰ ফ্ৰাঞ্চিস্কো গয়াৰ The Satan Devouring his Own Son চিত্ৰখন৷ এনে ধৰণে কেইবাটাও কবিতাত উল্লেখ থকা বিখ্যাত চিত্র আৰু ভাস্কৰ্যৰ কলা-বগা ছবি কিতাপখনৰ শেষৰফালে সংযোজিত কৰা হৈছে। কিতাপখন পঢ়ি নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কথাবোৰৰ আঁত বিচাৰি গৈ থকিলে এনেদৰে বিশ্বৰ কলা-সাহিত্যলৈকো এটা বাট পোৱা যায়।

নীলমণি ফুকনৰ কবিতাৰ নেপথ্যৰ কাহিনীবোৰ পঢ়ি চকুত পৰা তৃতীয়টো দিশ হৈছে, কবিৰ কবিতাবোৰত বিশ্বসাহিত্য আৰু কলাৰ উপৰি অসমৰ লোককলা, লোকাচাৰ, লোকসাহিত্য আৰু বুৰঞ্জীৰ প্ৰভাৱ। উদাহৰণষৰাপে, ‘আঙুলিবোৰৰ মাজতে ঘাঁহনি এখন পালোঁ" কবিতাত থকা তেজা বেজবৰুৱা সংকলিত বুঢ়ী আইৰ সাধু তুলা আৰু তেজাৰ পৰাই অহা। কবিয়ে এইটো তেওঁৰ প্ৰিয় সাধুকথা বুলিও উল্লেখ কৰিছে। ক্ৰমাৎ হাওলি আহে পাহাৰটো কবিতাত আছে ঐতিহাসিক শিলাসাকোঁৰ কথা।

একে আষাৰে কৈ দিব পাৰি, ‘নীলমণি ফুকনৰ কবিতাৰ নেপথ্য কিতাপখন নীলমণি ফুকনৰ কবিতাপ্ৰেষমীসকলৰ বাবে সঞ্চয়যোগ্য ধন আৰু নীলমণি ফুকনৰ কবিতা নপঢ়া বা বুজি নোপোৱা বুলি ভবাসকলেও এইখন কিতাপ পঢ়িলে কবিতাবোৰ পঢ়িবলৈ নিঃসন্দেহে মন মেলিব। ইমান সুপৰিকল্পিত আৰু সুসজ্জিত এই কিতাপখনত অৱশ্যে আমাৰ দৰে অধিক আকাংক্ষী পাঠকৰ সামান্য দুই-এটা প্ৰত্যাশা ৰৈ গৈছে। যেনে, সূচীত থকা কবিতাবোৰৰ নাম বৰ্ণানুক্ৰমিক হোৱা হলে, অথবা মূল কাব্য সংকলনৰ অন্তৰ্ভুক্তি অনুসৰি হোৱা হলে নিৰ্দিষ্ট একোটা কবিতা বিচাৰি উলিয়াবলৈ সুবিধা হলহেঁতেন। সেইদৰে, কিতাপখনৰ শেষত সংযোজিত কবিতাৰ সৈতে সম্পৰ্কিত শিল্পকৰ্ম আৰু আলোকচিত্ৰসমূহ যাদৃচ্ছিকভাৱে শেষৰ ফালে নিদি নিৰ্দিষ্ট কবিতাটোৰ ওচৰতে দিয়া হলে অথবা নিৰ্দিষ্ট কবিতাটোৰ তলত পৃষ্ঠা উল্লেখ কৰি দিয়া হলে অধিক শৃংখলাৱদ্ধ আৰু সুবিধাজনক হলহেঁতেন।

কিতাপখনৰ পাতনিত মৃদুল হালৈয়ে লিখিছে, “নীলমণি ফুকনৰ কবিতাৰ জগতখনলৈ কৰা যাত্ৰাক আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই হয়তো পঢ়ুৱৈৰ কাৰণে সহজ কৰি তুলিব পাৰেপঢ়ুৱৈ হিচাপে আমি কব খোজোঁ, মৃদুলৰ এই প্ৰশংসাধন্য প্ৰয়াস ক্ষুদ্ৰ নহয়, আৰু প্ৰকৃতাৰ্থতেই এই অন্য ধৰণৰ কিতাপখন নীলমণি ফুকনৰ কবিতাৰ জগতখনলৈ কৰা যাত্ৰাৰ উপযুক্ত সহযাত্ৰী।

(লেখিকা দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ  সহযোগী অধ্যাপিকা। ভ্ৰাম্যভাষ- ৯৮৬৮০২৩৪৮৪)

ঠিকনা:

Department of Modern Indian Languages and Literary Studies

Faculty of Arts

University of Delhi

Delhi-110007

Email: ratnottama@yahoo.com

Phone: 9868023484

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ