কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷
শিপাই যোৱা কথাই নৈৰ দৰে পিহি থাকে৷
গতিশক্তিৰ বাবে কমি গৈ থাকে স্থিতিশক্তি৷
ফৰ্ম ইম্পৰ্টেণ্ট।
যুদ্ধৰ বাবে৷ চমঝোতাৰ বাবে৷ মানুহ হোৱাৰ বাবে৷
গছ স্বাধীন৷ নিৰৱে মৰি থাকিব পাৰে৷ শতৰুৰ চোতালত গজি উঠিব পাৰে নিৰলে৷
গছ পদ্য
গছ পৰম সত্য
আৰু মানুহ লুটিয়াই দিলে
নিৰ্মাণত স্বধৰ্ম জৰুৰী, যদিও
সকলো ধৰ্ম নিকৃষ্ট৷
অনুকৰণ সহজ কলা বাবে মহাকাব্য আজিও জীয়াই আছে৷ জীয়াই আছে দ্ৰোণাচাৰ্য৷
জীয়াই আছোঁ আমি৷
নিৰ্মীয়মান বস্তু ভেজাল
নিৰ্মাণৰ বাবে মই বেতনভোগী শিক্ষক৷ তেওঁলোক ছাত্ৰ৷ আৰু মানুহ হোৱাৰ গৌৰৱ আটাইতকৈ ডাঙৰ পেৰাডক্স৷
কোনোৱে চেষ্টা নকৰে
জিৰাফে জিৰাফ
গছে গছ