মৃদুল শৰ্মা
১৩
কুন্তী৷
সত্য
কি নাজানো৷ কিন্তু শুনিবলৈ পাইছোঁ যে মই আছিলোঁ মথুৰাৰ মহাৰাজ শূৰসেনৰ কন্যা৷ অষ্ট
যাদৱৰ প্ৰধান মহাৰাজ শূৰসেনে তেওঁৰ বন্ধু কুন্তীভোজ নিঃসন্তান হোৱা বাবে কুন্তীক
শিশু অৱস্থাতে কুন্তীভোজৰ হাতত অৰ্পণ কৰিছিল৷ গতিকে প্ৰকৃতাৰ্থত কুন্তীভোজ আছিল
মোৰ পালক-পিতৃ৷
মহাৰাজ
কুন্তীভোজে আয়োজন কৰা বিশ্বম্ভৰ যজ্ঞলৈ সত্যৱতীৰ বিশেষ ইচ্ছাতে বিদূৰক পঠোৱা
হৈছিল৷ লক্ষ্যণীয়ভাৱে ৰাজপুত্ৰ পাণ্ডু আৰু ধৃতৰাষ্ট্ৰৰ তুলনাত দাসীপুত্ৰ বিদূৰ
আছিল সকলো ক্ষেত্ৰতে আগ বঢ়া৷
সেই
যজ্ঞত ব্ৰাহ্মণবৃন্দৰ সৈতে বিতৰ্কবিচাৰত অংশ গ্ৰহণ কৰাৰ অধিকাৰ পাইছিল বিদূৰে৷
বিদূৰে সকলোৰে লগতে হৃদয় জিনিছিল মোৰো৷
যিকেনো
পুৰুষৰ প্ৰতি যুৱতী অৱস্থাত মোৰ মনত আছিল এক দুৰ্বাৰ আকাংক্ষা৷ কিন্তু আত্মসম্মান,
ৰাজকীয় মৰ্যাদাৰ কাৰণেই কিংবা আত্মবিশ্বাসৰ অভাৱৰ
কাৰণেই কোনো পুৰুষৰ কাষ চপাৰ সাহস নাছিল মোৰ৷
মহাৰাজ
কুন্তীভোজৰ অনুপস্থিতিত এবাৰ মহৰ্ষি দুৰ্বাসাক আতিথ্য প্ৰদান কৰিছিলোঁ মই৷
দুৰ্বাসাৰ দৰে তেজোদীপ্ত পুৰুষৰ শৰীৰৰ কান্তিয়ে মোক মাজে মাজে আনকি আত্মবিস্মৃতা
কৰিও তুলিছিল৷ গৃহস্থ আৰু সাময়িক অতিথিৰ সম্পৰ্কৰ সীমাৰেখাও যেন পাৰ হৈ যাব খুজি
সাহস প্ৰকাশ কৰিছিলোঁ মই৷ সম্ভৱতঃ দুৰ্বাসাৰ দৰে মহাতপা ঋষিৰো মন জলৰ দৰে স্বচ্ছ হৈ উঠিছিল মোৰ প্ৰকৃতি লক্ষ্য কৰি৷ আৰু নিজকে সংযত কৰি মোৰো মনৰ সকলো বাসনা
পৰিপূৰ্ণ হোৱাকৈ এটা সময়ত মহৰ্ষি দুৰ্বাসাই মোক সেই সাহস যোগাইছিল : যিকোনো
নাৰীয়েই ইচ্ছা কৰিলেই যিকোনো পুৰুষকে আকৰ্ষণ কৰিব পাৰে৷ ই প্ৰাকৃতিক নিয়ম৷ তাৰ
কাৰণে কেৱল প্ৰকৃত যত্নৰহে প্ৰয়োজন হয়৷
...কুমাৰী অৱস্থাৰপৰাই বলিষ্ঠ পুৰুষৰ শৰীৰে মোক আকৰ্ষণ কৰি আহিছিল প্ৰবলভাৱে৷ সূৰ্যৰ
দৰে তেজাল এক দীপ্ত পুৰুষ মহৰ্ষি দুৰ্বাসাৰ সৈতে ইতিপূৰ্বেই মই শৰীৰৰ আদান-প্ৰদান
কৰিছিলোঁ৷ প্ৰাক-বিৱাহ কালতে৷ পশ্চিম দিশৰ কোনো অজ্ঞাত দেশৰপৰা অহা কোনো এক দেৱতাৰ
বৃত্তান্ত ব্যক্ত কৰিছিলোঁ মোৰ মাতৃ আৰু সখীসকলৰ সম্মুখত৷ আপোন গৰ্ভত মহৰ্ষি
দুৰ্বাসাৰ সন্তান কলা কলাকৈ যেতিয়া বৃদ্ধি পাইছিল তেতিয়া সেই পুৰুষ মোৰ কাষত নাছিল,
নাছিল
তেওঁৰ কোনো ঠিকনা৷ তেনে মুহূৰ্তবোৰ কটাবলৈ মই কেৱল বাৰে বাৰে লক্ষ্য কৰিবলৈ প্ৰয়াস
কৰিছিলোঁ গগনমণ্ডলৰ কেন্দ্ৰবিন্দুত বিৰাজমান সূৰ্যদেৱতাক৷ মোৰ দৃষ্টি আৰু বিচাৰত সকলোতকৈ উজ্জ্বল আৰু শ্ৰেষ্ঠ আছিল সূৰ্যদেৱতা। অভিভাৱকৰ মনত বিশ্বাস সৃষ্টি কৰিবলৈও দেৱতা এজন প্ৰয়োজনীয় হৈ উঠিছিল সেই সময়ত।
কি
কান্তি! দৰ্শনেন্দ্ৰিয় সদায়েই পৰাস্ত হ’বলগীয়া হয় প্ৰখৰ সূৰ্যদেৱতাৰ সম্মুখত৷ আৰু মোৰ বাবে সেই সূৰ্যকিৰণ আছিল মহাতপা দুৰ্বাসা! মই যেন নিজৰ অস্তিত্বকে পাহৰি পেলাইছিলোঁ সেই মহাবাহু পুৰুষৰ বাহুপাশত৷
কিন্তু নিস্তেজ কুৰুকুমাৰ পাণ্ডুৰ সৈতে বিৱাহত অকণো সুখ নাছিল মোৰ মনত৷ হ’ব পাৰে, বহু যুদ্ধত তেওঁ কুৰুবংশৰ হৈ বীৰত্ব প্ৰদৰ্শন কৰিছিল, কিন্তু ৰণাঙ্গণৰ বীৰত্ব জানো একান্ত স্ত্ৰীশক্তিৰ সম্মুখৰ প্ৰদৰ্শন কৰিবলগীয়া বীৰত্বৰ সৈতে একে?
সেইটো কাৰণ মোৰ
স্বামী পাণ্ডুৱেও জানিছিল৷ সম্ভৱতঃ পাণ্ডুও মোক লৈ সুখী নাছিল৷
মোৰ
অনুমান সত্য বুলি প্ৰমাণ কৰি এদিন মোৰ স্বামীদেৱতাই কৈছিল, ‘কুন্তী,
মোক
তুমি ক্ষমা কৰিবা৷ মই তোমাক মাতৃৰূপত কেৱল কল্পনাহে কৰিব পাৰোঁ, বাস্তৱত
সেই ৰূপ প্ৰত্যক্ষ কৰিবলৈ মোৰ ফালৰপৰা তোমাক মই সাহায্য কৰিব নোৱাৰোঁ৷ তুমি প্ৰশ্ন
কৰিবা, মই জানো৷ কিন্তু মই অনাহূতভাৱে ঋষিৰ শাপত দগ্ধ, স্ত্ৰীসংসৰ্গৰ
ফলতে মোৰ মৃত্যু ঘটিব৷’
তেওঁ
কৈ গৈছিল৷ মই আছিলোঁ শ্ৰোতা৷ কথাখিনি শুনি যাওঁতে মোৰ ভিতৰৰ সত্ত্বাটোৱে মোক কৈছিল,
এয়ে
তোৰ বাবে সোণালী সুযোগ, কুন্তী!
কিন্তু
স্বামী পাণ্ডুৱে কোনো ব্যক্তিক নিয়োগ কৰিওতো মোৰ মাতৃত্ব অৰ্জনৰ পথ সুগম কৰিবলৈ
ক’ব পাৰে! আৰু যদিহে তেনে হয় তেন্তে মই মোৰ অন্তৰ্নিহিত বাসনা চৰিতাৰ্থ কৰিম
কেনেকৈ?
মনত
বহু শঙ্কা-সন্দেহ লৈ মই কৈছিলোঁ, ‘স্বামী, পুত্ৰাৰ্থে
ক্ৰীয়তে ভাৰ্যা৷ আৰু মই যদি আপোনাক পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত কৰিবই নোৱাৰিলোঁ,
তেন্তে
দেখোন মোৰ জীৱনেই বৃথা৷ তথাপি, সমগ্ৰ জীৱন আপোনাৰ ইচ্ছাকে মই শ্ৰদ্ধা
জনাই যাম৷’
‘মোক
ক্ষমা কৰিবা৷ মোক ক্ষমা কৰিবা৷’ গদগদকণ্ঠে একেষাৰ কথাকে উচ্চাৰণ কৰি আত্মবিভোৰ হৈ
ৰৈছিল তেওঁ৷ সম্ভৱতঃ কাৰোবাক নিজৰ প্ৰতিনিধিৰূপে ধাৰ্য কৰি মোক তেওঁৰ সৈতে সম্ভোগত
লিপ্ত হ’বলৈ আহ্বান জনোৱাটো উচিত হ’বনে অনুচিত হ’ব তেওঁ চিন্তা কৰিছিল৷ সুযোগ পাৰ
হ’লে আৰু উভতি নাহে৷ গতিকে মই অনেক সন্দেহ সত্তেও সাহসেৰে মোৰ গোপন অস্ত্ৰ প্ৰয়োগ
কৰিছিলোঁ সেই মুহূৰ্ততে–
‘‘স্বামী,
আৰ্যপুত্ৰ,
অভয়
প্ৰদান কৰিলে মই মোৰ অতীতৰ এটা প্ৰসঙ্গ উত্থাপন কৰিব খোজোঁ৷’
স্বামী পাণ্ডুৱে
মোক অনুমতি প্ৰদান কৰিছিল৷ মই আৰম্ভ কৰিছিলোঁ–
‘মোক
এবাৰ মহৰ্ষি দুৰ্বাসাই এটা বৰ প্ৰদান কৰিছিল৷ সেই বৰ অনুসৰি মই যিকোনো দেৱতাকে আৱাহন
কৰি মোৰ সান্নিধ্যলৈ আনিব পাৰিম আৰু মই সেই দেৱতাৰ ওচৰত যি অভীপ্সা প্ৰকাশ কৰিম
সেয়া হেনো সেই দেৱতাই পূৰ্ণ কৰিব৷ আপোনাৰ অনুমোদন থাকিলে মই দেখোন একাধিক
দেৱতাৰদ্বাৰা আপোনাৰ পুত্ৰপ্ৰাপ্তিৰ ব্যৱস্থা কৰিব পাৰোঁ৷’
তেওঁ
মোৰ চকুলৈ চাই থৰ হৈ ৰৈছিল৷ মুখমণ্ডলত বিৰিঙি উঠিছিল বৰ্ষাৰ অন্তত গগনমণ্ডলে আহৰণ
কৰা মুক্ত আকাশৰ দৰে সজীৱতা৷
‘তেন্তে
তাকে কৰাঁ৷ তেন্তে তাকে কৰাঁ কুন্তী৷’ এইবুলি তেওঁ মোৰ থুঁতৰিত ধৰি কপালত চুম্বন
কৰিছিল৷
সেইটোৱেই
সম্ভৱতঃ পৰোক্ষভাৱে পাণ্ডু নিজেও মোৰ কাষৰপৰা শাৰীৰিকভাৱে আঁতৰি থকাৰ এটা উপায় হৈ
পৰিছিল৷
ইতিমধ্যে
আৰ্যপুত্ৰ পাণ্ডুৰ জীৱনলৈ মোৰ অনাকাংক্ষিতভাৱে আহি পৰিছিলহি মাদ্ৰী৷ যদিও দেশাচাৰ
অনুসৰি ঘটনাটোত মই ভাল পাব নালাগিছিল, তথাপি মাদ্ৰীৰ আগমনত মই আগতকৈও অধিক
সুবিধাহে লাভ কৰিছিলোঁ৷ কাৰণ মাদ্ৰীয়েই প্ৰেমবশতঃ আৱৰি ৰাখিছিল আমাৰ স্বামী
পাণ্ডুক৷
মই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত বুলি বিৱেচনা কৰিছিলোঁ৷
১৪
পাণ্ডু৷
শৈশৱতে
সমগ্ৰ ৰাজ-অন্তেষপুৰ আছিল মোক লৈ ব্যস্ত৷ মই তেতিয়া ভাবিছিলোঁ, জগৎখনৰ
কেন্দ্ৰবিন্দু ময়েই৷ লাহে লাহে মই যেতিয়া কৈশোৰত পদক্ষেপ দিলোঁ, তেতিয়া
পৰ্যবেক্ষণ কৰি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলোঁ, সমবয়স্কসকলৰ পৰা
মোৰ যেন বহু যোজন দূৰত্ব! মোৰ শৰীৰৰ বৰ্ণ আৰু শক্তি অস্বাভাৱিক৷ মহাতেজ সূৰ্যৰ
কিৰণ সহ্য কৰিব পৰাকৈ মোৰ চৰ্ম স্বাভাৱিক নহয়৷
মোৰ
মনোজগতৰ অপাৰ জলধিত সৃষ্টি হ’বলৈ আৰম্ভ কৰিলে অলেখ ভাবতৰঙ্গ৷ কিয় মই আনতকৈ পৃথক
আৰু অক্ষম? কিয় মই অক্ষম?
লাহে
লাহে যুৱাৱস্থাত উপনীত হোৱাৰ পাছত মোৰ অক্ষমতাৰ উপলব্ধি বাঢ়ি সমুদ্ৰ-সংকাশ হৈ
পৰিল৷
ৰাজপুত্ৰ
হিচাপে জীৱন উপভোগৰ সকলো উপকৰণ আছিল মোৰ কাৰণে সহজলভ্য৷ পাশা, অশ্বাৰোহণ,
শস্ত্ৰচালনা,
শাস্ত্ৰাধ্যয়ন
আদিৰ ক্ষেত্ৰত মই ৰক্ষা পৰিলোঁ৷ মই ধৰা নপৰিলোঁ৷ কিন্তু যেতিয়া মোৰ মনে সুন্দৰী
দাসীৰ শৰীৰ উপভোগ কৰিবলৈ উদ্বাউল হ’ল তেতিয়াই মই কাৰ্যতঃ পৰাস্ত হ’লোঁ৷ পুৰুষৰ
ৰূপত থকা মোৰ ভিতৰৰ নপুংসক অস্তিত্বই মোক ইমানেই অপদস্থ কৰিলে যে অনেক সুন্দৰী
দাসীক মোৰ যৌন অক্ষমতা প্ৰকাশ পোৱাৰ আশঙ্কাত মই হত্যা কৰি পেলাবলৈ বাধ্য হ’লোঁ৷
আৰু
তাৰ পাছৰেপৰা মই ক্ৰমে ক্ৰমে মোৰ দূৰত্ব বৰ্তাই ৰাখিবলৈ যত্নপৰ হ’লোঁ নাৰীৰ সৈতে৷
কিন্তু
হস্তিনাপুৰৰ যুৱৰাজ হিচাপে মোৰ নামত জম্বুদ্বীপৰ শত-সহস্ৰ ৰাজকুমাৰী বিভোৰ আছিল৷
জ্যেষ্ঠপিতৃ ভীষ্মও তৎপৰ আছিল মোৰ বিৱাহ সংক্ৰান্তত৷ আৰু তেনেকৈয়ে এদিন মোৰ জীৱনলৈ
আগমন ঘটিছিল ৰাজকুমাৰী কুন্তীৰ৷ তাৰ পাছত ৰাজকুমাৰী মাদ্ৰীৰ৷
কুন্তী
মোৰ প্ৰতি কদাপি আকৰ্ষিতা নাছিল৷ কুন্তীয়ে যেন মোৰ মাজত পুৰুষত্বৰ অভাৱৰ আভাস
পূৰ্বেই পাইছিল! মই অনুভৱ কৰিছিলোঁ, কুন্তী যেন পুৰুষৰ পুৰুষত্ব অধ্যয়নত
বিৱাহৰ পূৰ্বৰেপৰা পাৰ্গত আছিল৷ কুলব্যৱহাৰৰ মৰ্যাদা ৰক্ষা কৰি মই কুন্তীৰ প্ৰতি সন্দেহ ব্যক্ত কৰা নাছিলোঁ। তেনে কৰিব পৰাকৈ নৈতিকভাৱে শাৰীৰিক সক্ষমতাৰ অভাৱেৰে জৰ্জৰিত হৈ মই হৈ পৰিছিলোঁ প্ৰাকযুদ্ধপৰাজিত এক লজ্জিত সৈনিক।
কিন্তু মাদ্ৰী! মোৰ অন্তৰ্প্ৰদেশৰ সকলো প্ৰেমৰ পাত্ৰী আছিল মদ্ৰদেশৰ সৰলা ৰাজকুমাৰী মাদ্ৰী৷ তেৱোঁ মোৰ প্ৰতি আছিল প্ৰেম আৰু কৰুণাৰ স্বৰূপ প্ৰকাশ৷ মোক ছায়াৰ দৰে অহৰ্নিশ সঙ্গদান কৰিছিল তেওঁ৷ কিন্তু মোৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁ কদাপি নিজৰ বাসনাক প্ৰকাশ্যমাণ হ’বলৈ দিয়া নাছিল৷
আনহাতে কুন্তীৰ সৈতে মোৰ কোনো আন্তৰিকতাপূৰ্ণ
সম্পৰ্ক অথবা আকৰ্ষণ নাছিল৷ কুন্তীয়েও মোক মোৰ স্বতন্ত্ৰতাৰ ক্ষেত্ৰত হস্তক্ষেপ
কৰিব বিচৰা নাছিল৷
মোৰ
ইচ্ছাৰ বিৰুদ্ধে মোৰ সৈতে শাৰীৰিক সংসৰ্গৰ বাসনা তেওঁ এবাৰো ব্যক্ত কৰা নাছিল৷
কিন্তু মই উপলব্ধি কৰিছিলোঁ, কি এক বাসনাৰ জ্বালামুখীক তেওঁ
শান্ত-সমাহিত হ্ৰদৰ জলৰাশিৰ দৰে প্ৰকাশ কৰিছিল! সেয়ে এদিনাখন স্বতস্ফূৰ্তভাৱেই
তেওঁৰ সম্মুখত মই ব্যক্ত কৰিছিলোঁ কুন্তীৰ আগত বৰ্ণনা কৰা মোৰ সেই কল্পিত কাহিনী–
স্ত্ৰীসংসৰ্গই মোক হেনো মৃত্যুৰ কোলাত পতিত কৰাব!
মাদ্ৰীৰ
সৰ্বশৰীৰ থক্থককৈ কঁপি উঠিছিল৷ তেওঁৰ অক্ষিদ্বয় বৰ্ষাকালৰ গঙ্গা-যমুনাৰ দৰেই ভৰি
উঠিছিল অশ্ৰুবাৰিৰে৷ মোৰ মুখত আঙুলি ৰাখি তেওঁ মোৰ কথা বন্ধ কৰিছিল৷ তেওঁৰ সততাৰ ওচৰত
মোৰ মিথ্যাচাৰিতা গগনমণ্ডলৰ কেন্দ্ৰত বিৰাজমান সূৰ্যৰ তুলনাত অন্ধকাৰ কূপত বাস কৰা
মণ্ডুকৰ তুল্য হৈ পৰিছিল৷ নিজৰ অস্বস্তিকৰ অৱস্থাৰপৰা উদ্ধাৰ পাবলৈ মই সন্তৰ্পণে
আঁতৰি আহিছিলোঁ তেওঁৰ কাষৰপৰা৷
সেই
বিশেষ দিনটোৰ পাছৰপৰা মাদ্ৰীৰ দৃষ্টিত প্ৰকট হ’বলৈ আৰম্ভ কৰিলে মোৰ প্ৰতি
পূৰ্বতকৈও অধিক আগ্ৰহ৷ আৰু অৱলীলাক্ৰমে ক্ৰমে ক্ৰমে বাঢ়ি আহিল মোৰ অৱস্থানৰ অস্বস্তি৷
সেয়ে
মই এদিন কুন্তীৰ কাষ চাপিলোঁ মাদ্ৰীৰ অগোচৰে৷ আৰু কুন্তীৰ আগত ব্যক্ত কৰিলোঁ মোৰ
মনোৰথ৷ অৱশ্যেই অৱলীলাক্ৰমে কুন্তীৰ সৈতে মোৰ সম্পৰ্ক গভীৰ তথা আত্মিক নাছিল বাবেহে সি সম্ভৱ হ’ল৷
মোৰ
আগমনে কুন্তীক পুলকিত অথবা বিৰক্ত একোৱেই কৰা নাছিল৷ কিন্তু ক্ৰীড়ানিপুণা
কুন্তীয়ে মোক যথাবিহিত সৎকাৰেই কৰিছিল৷ মই অধিক পূৰ্বাভাসলৈ নগৈ প্ৰত্যক্ষভাৱেই
সুধিলোঁ, তোমাৰপৰা এটা ভিক্ষা আশা কৰিব পাৰোঁনে কুন্তী?
কুন্তী যেন আকাশৰপৰাহে সৰি পৰিল! বিস্ফাৰিত নেত্ৰে মোৰ চকুলৈ চাই তেওঁ সুধিলে, ‘ভিক্ষা, আৰ্যপুত্ৰ? আপুনি মোৰ স্বামী, মোৰ বল্লভ, মোৰ সৰ্বস্ব৷ তেনে স্থলত মই আপোনাক ভিক্ষা দিব পাৰোঁ কেনেকৈ? মোক নিৰ্দেশ কৰক শ্ৰদ্ধেয় স্বামী!’
কুন্তীয়ে মোৰ পদদ্বয়ত পতিত হৈ এনেভাৱে ব্যক্ত কৰিলে যেন জগতত তেওঁতকৈ পতিব্ৰতা আৰু কোনোৱেই নাই!
‘তুমি
মাদ্ৰীকো সাহায্য কৰিব নোৱাৰানে কুন্তী? মাদ্ৰীওতো মাতৃ হ’ব খোজে কুন্তী!’
...
মই কিয় আঁতৰি আহিলোঁ হস্তিনাপুৰৰ ৰাজনীতিৰপৰা? মই ভাৰত ৰাজ্যৰ ৰাজকুমাৰ পাণ্ডু প্ৰকৃততে সন্তান জন্মাবলৈ অনুপযুক্ত এটা পুৰুষৰ নামত নপুংসক৷
... আৰু মোৰ পত্নী কুন্তীৰ প্ৰতি মোৰেই পৈতৃক ভাতৃ বিদূৰ
আছিল সৰ্বদা সদয়৷ ধৃতৰাষ্ট্ৰৰ অহং ভাবৰপৰা মুক্তি বিচাৰি দাসীপুত্ৰ বিদূৰে খেলিছিল মোৰ পত্নী কুন্তীৰ সৈতে
সন্তান জন্মোৱাৰ খেল৷ অৱশ্যে মই ভাবোঁ যে সম্ভৱতঃ কেৱল যুধিষ্ঠিৰহে বিদূৰৰ জৈৱিক সন্তান৷
কাৰণ
কুন্তীৰ ক্ৰীড়ানৈপুণ্যৰ ওচৰত বিদূৰ আছিল এক পুত্তলিকা মাত্ৰ৷ বিদূৰক কুন্তীয়ে
প্ৰশ্ৰয় দিছিল কেৱল নিজৰ আৰু নিজৰ পুত্ৰসকলৰ বাবে হস্তিনাপুৰৰ প্ৰৱেশদ্বাৰখন উন্মুক্ত কৰি ৰাখিবৰ স্বাৰ্থত৷
মই,
এজন
সাধাৰণ পুৰুষ অভিনেতাস্বৰূপে লক্ষ্য কৰি গৈছিলোঁ সামগ্ৰিকভাৱেভাৰত ৰাজ্যৰ ৰাজনৈতিক ক্ৰীড়াঙ্গণৰ
বাস্তৱিকতা আৰু সেই অনুসৰিয়েই নিজকে প্ৰস্তাৱিত কৰিছিলোঁ৷
সম্ভৱতঃ
মাদ্ৰীকো বিদূৰেই সন্তানৰ মাতৃ কৰিছিল৷ সম্ভৱতঃ মোৰ মনস্তত্ত্বৰ প্ৰতি শ্ৰদ্ধা
জনাবলৈ বাধ্য হৈ ময়ো অপাৰগ আছিলোঁ হস্তিনাপুৰৰ প্ৰাক্তন ৰজা হিচাপে৷ সেয়ে মোৰ মনোভাবনাৰ
প্ৰতি সম্মান জনাই মাত্ৰ কুন্তীৰ যোগেদি দেৱতাৰ বৰদানৰ কাহিনী সৃষ্টি কৰা হৈছিল৷
... আৰু মোৰ
মানসী, মোৰ প্ৰেমৰ একান্ত দেৱী মাদ্ৰীৰ সম্মুখত মোৰ নপুংসকতা ধৰা পৰাৰ লগে লগে মই
সিদ্ধান্ত লৈছিলোঁ আত্মহত্যাৰ৷
১৫
ধৃতৰাষ্ট্ৰ৷
বিধিৰ
হাতৰ পুতলাস্বৰূপেই মই জন্মান্ধৰূপে জন্মগ্ৰহণ কৰিছিলোঁ ধৃতৰাষ্ট্ৰ নামেৰে, হস্তিনাপুৰৰ ৰাজকুমাৰ হিচাপে৷ জগৎখন মই কেৱল স্পৰ্শ, গন্ধ, শ্ৰৱণৰদ্বাৰায়
উপলব্ধি কৰিবলৈ যত্ন কৰিছিলোঁ৷ জীৱনৰ প্ৰতি মোৰ কোনো বিতুষ্টি কিম্বা অভিযোগ
নাছিল৷ কাৰণ, মোৰ কাষত আছিল মোৰ কণিষ্ঠ ভ্ৰাতা পণ্ডিত বিদূৰ
আৰু ৰাজনৈতিক তথা সামৰিকভাৱে বিচক্ষণ পাণ্ডু৷
পাণ্ডুক
প্ৰথমে হস্তিনাপুৰৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰোৱাক লৈ মোৰ মনটো অৱশ্যেই কিছু আহত হৈছিল৷ কিন্তু মোৰ সেই
অসন্তুষ্টি প্ৰকাশ নকৰি মই সুযোগৰ অনুসন্ধান কৰি অপেক্ষা কৰিছিলোঁ৷
...আঃ ভাগ্য! ভাগ্য মোৰ প্ৰতি ইমানেই সুপ্ৰসন্ন আছিল যে কালক্ৰমত ভ্ৰাতা পাণ্ডুৱে স্বেচ্ছায় মোক হস্তিনাপুৰৰ ৰাজসিংহাসন দান কৰিছিল৷
... উঃ! ভাগ্য! ভাগ্য মোৰ প্ৰতি ইমানেই অপ্ৰসন্ন আছিল যে ভ্ৰাতা পাণ্ডুৱে স্বেচ্ছায় মোক ৰাজসিংহাসন দান কৰি নিজে বনবাসী হৈছিল৷
ইতিপূৰ্বেই গান্ধাৰ ৰাজকুমাৰী বসুমতী গান্ধাৰীক মই লাভ কৰিছিলোঁ পত্নীৰূপে৷ তেওঁ নিজকে মোৰ প্ৰতি দায়িত্বশীলা
অৰ্ধাঙ্গিনীৰূপে নিজকে স্বঘোষিত স্বামীৰ অনুগামিনী তথা স্বেচ্ছায় অন্ধত্ব বৰণকাৰিণীৰূপে প্ৰক্ষেপ কৰিছিল, সমাজৰপৰা ধন্য ধন্য ধ্বনি অৰ্জন
কৰিছিল৷ কিন্তু তেওঁৰ পিতৃ আৰু ভাতৃগণে ইতিমধ্যেই মোক কিদৰে প্ৰতাৰণা কৰিছিল সেই
বাৰ্তা লাভ কৰি মোৰ শিৰোদেশ প্ৰচণ্ড কোপবহ্নিত যেন বিস্ফোৰিত হৈছিল৷
কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিলোঁ মই৷
ছাগপশুৰ
সৈতে সঙ্গমকাৰিণী এজনী নাৰী ত্ৰিলোকশ্ৰেষ্ঠ সাম্ৰাজ্য হস্তিনাপুৰৰ ৰাজেশ্বৰৰ
অঙ্কশায়িনী! কি বিড়ম্বনা!
লগে
লগে মোৰ প্ৰতি কৰা অপমানৰ প্ৰতিশোধকল্পে মই পাণ্ডুৰদ্বাৰায় আক্ৰমণ কৰাইছিলোঁ গান্ধাৰ৷ বন্দী
কৰাইছিলোঁ মহাৰাজ সুবল সহিতে তেওঁৰ শতপুত্ৰক৷ যুদ্ধবন্দীৰূপে সম্মান সহকাৰে ৰখাৰ
মাধ্যমেদি তেওঁলোকক তিল তিলকৈ হত্যা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷
ছাগপশুৰ
সৈতে শাৰীৰিক মিলনত অৱতীৰ্ণ হোৱা গান্ধাৰী মোৰ কাৰণে আছিল তুচ্চ, পশুতুল্য এক নগণ্যা নাৰী মাত্ৰ৷
গান্ধাৰীৰ
গৰ্ভধাৰণ আৰু প্ৰসৱ কিয় অস্বাভাৱিক আছিল? কোনো বৈদ্যই গোপনে কিবা ষড়যন্ত্ৰ কৰা
নাছিলতো?
জীৱনৰ
এই অপৰাহ্নত মোৰ সন্দেহ হয় আজীৱন মোৰ ছায়া হৈ থকা বৈমাতৃয় ভ্ৰাতা বিদূৰ যেন আছিল
সংঘটিত হৈ যোৱা গৰিষ্ঠ সংখ্যক ঘটনা-দুৰ্ঘটনাৰে নেপথ্যৰ নায়ক৷ পঞ্চপাণ্ডৱৰ প্ৰতি
তেওঁৰ স্নেহ আৰু অন্ধ আনুগত্যৰ বিপৰীতে মোৰ সন্তানসকলৰ প্ৰতি বাৰম্বাৰ বিষোদ্গাৰৰ
দৃশ্যবোৰ অদ্যাপি মোৰ বিস্মৃত হোৱা নাই৷ পাণ্ডৱৰ প্ৰতি তেওঁ পক্ষপাতিত্ব মোৰ জ্ঞাতসাৰেই
তেওঁ যে কি কৌশলেৰে কৰিছিল!
গান্ধাৰীক বাৰু তেৱেঁই কোনোবা স্বীকৃত ৰাজবৈদ্যৰদ্বাৰা কিবা চক্ৰান্ত কৰি গোপন চিকিৎসা কৰোৱা নাছিলতো?
(আগলৈ)