মৃদুল শৰ্মা
২৫ অৰ্জুন ৷
জ্ঞানাৰ্জনৰ দিন
ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ
ভৱিষ্যন্মুখী স্বপ্নক অধিক শক্তিশালী কৰি আহিছে৷ অতীতৰ ঘটনাস্ৰোত কেৱল এটাই– পিতৃ
পাণ্ডুৱে বাৰু স্বেচ্ছায় হস্তিনাপুৰৰ সিংহাসন ত্যাগ কৰিছিলনে? যদি
সেয়ে সত্য তেন্তে তাৰ নিহিত কাৰণ কি আছিল? যদি অসত্য তেন্তে কি সত্যৰপৰা কোনে
আমাক বঞ্চিত কৰি ৰাখিছে?
এই প্ৰশ্নৰ
উত্তৰ অনেক গুৰুস্থানীয় ব্যক্তিৰপৰাও লাভ কৰিবলৈ সক্ষমতা আহৰণ কৰিব নোৱাৰিলোঁ মই৷
এই উপলব্ধিয়ে মোক অক্ষম ক্ৰোধত অন্ধপ্ৰায় কৰি তোলে৷
কিন্তু পিতামহ
ভীষ্ম, গুৰু দ্ৰোণ, জ্যেষ্ঠ পিতৃ ধৃতৰাষ্ট্ৰ, পিতৃব্য
বিদূৰ, আচাৰ্য কৃপ আদি প্ৰতিজন শ্ৰদ্ধেয় জ্যেষ্ঠ গুৰুস্থানীয় ব্যক্তিৰে
স্নেহভাজন মই– মই স্মৰণ কৰিব পৰা কালৰপৰাই৷ পিতামহ ভীষ্মই সম্ভৱতঃ সকলো কুৰুকুমাৰৰ
ভিতৰত মোকেই স্নেহছায়াত দিছিল অধিক৷ শস্ত্ৰগুৰু দ্ৰোণই প্ৰকাশ্যভাৱেই মোক অধিক
গুৰুত্বসহকাৰে ধনুৰ্বেদৰ সূক্ষ্মাতিসূক্ষ্ম কৌশলসমূহৰ শিক্ষা প্ৰদান কৰিছিল৷
মহাৰাজ ধৃতৰাষ্ট্ৰই মোৰ শিৰত তেখেতৰ হস্তপ্ৰতিষ্ঠা কৰি আশিস প্ৰদান কৰিছিল যাতে
নেত্ৰহীনতাৰ ফলত তেওঁ অৰ্জন কৰা স্নায়ৱিক ঐকান্তিকতা ময়ো আহৰণ কৰোঁ৷
আচাৰ্য কৃপ
কিন্তু পৃথক প্ৰকৃতিৰ পুৰুষ আছিল৷ তেখেতে মোক কৈছিল, ‘বৎস অৰ্জুন,
জন্মসূত্ৰে
কোন কাৰ পুত্ৰ বা কোন কাৰ পিতৃ সেইটো একেবাৰে গুৰুত্বপূৰ্ণ নহয়৷ গুৰুত্বপূৰ্ণ হৈছে
কোনে স্বকৃত কৰ্মৰ জৰিয়তে কি আহৰণ কৰি কাৰ্যত কি কৰ্ম কৰিছে সেইটোহে৷ গতিকে চিৰকাল
স্মৰণ কৰিবা বৎস, তুমি ৰজা পাণ্ডুৰ পুত্ৰই হোৱাঁ কিম্বা কোনো
অচিন ব্যক্তিৰে পুত্ৰ হোৱাঁ, তুমি কি হ’ব পাৰিছা আৰু তুমি কি হৈ কি
কৰিছা সেইটোৱেহে তোমাৰ কীৰ্তি নিৰ্ণয় কৰিব৷ তুমি নিজৰ কীৰ্তিৰে মহান হ’বা নে
কৌশলেৰে তোমাৰ কীৰ্তিক মহানৰূপে কোনো কাব্য অথবা ইতিহাসত লিপিৱদ্ধ কৰাবা সেয়া
তোমাৰ চৰিত্ৰ, ইচ্ছা-অনিচ্ছা-অভীপ্সা আদিয়েহে নিৰ্ণয় কৰিব৷’
শৈশৱত আমাক যি শিক্ষা
প্ৰদান কৰা হৈছিল সেই সকলোখিনি আহৰণ কৰিবলৈ মই যত্ন কৰিছিলোঁ, পৰিশ্ৰম
কৰিছিলোঁ৷ সৰল নিঃসম্বল নিৰুদ্বেগ বনবাসী অৱস্থাৰপৰা আকস্মিকভাৱে সৌভাগ্যবশতঃ
হস্তিনাপুৰৰ দৰে কল্পনাতীত প্ৰাচুৰ্যৰে পৰিপূৰ্ণ বৈচিত্ৰ্যময় ঐতিহাসিক নগৰীত
পদাৰ্পণ কৰি আশ্বৰ্যবোধত মোৰ চকু পলক পেলাবলৈও পাহৰি গৈছিল৷ সম্ভৱতঃ মোৰ
চতুৰ্ভাতৃৰো মোৰ সদৃশ অৱস্থাই হৈছিল৷
পিছে আমাৰ মাতৃ
কুন্তীদেৱী আছিল হস্তিনাপুৰৰ নাগৰিক জীৱনত অভ্যস্ত৷ আৰু সমান্তৰালভাৱে লক্ষ্য
কৰিছিলোঁ, মাতৃদেৱীৰ প্ৰতি নগৰবাসী যথেষ্ট শ্ৰদ্ধাশীল আৰু স্নেহপৰায়ণ৷ তেওঁৰ
লগতে আমাৰ পিতৃব্য বিদূৰে খুব ব্যস্তভাৱে আমাক সেই নাগৰিক জীৱনৰ সৈতে সহজ সম্পৰ্ক
স্থাপন কৰাত সহায় কৰিছিল৷
আমি হস্তিনাপুৰত
প্ৰৱেশ কৰাৰ পৰৱৰ্তী দিৱসতে আমাৰ সম্পৰ্কীয় ভাতৃগণ, মহাৰাজ
ধৃতৰাষ্ট্ৰৰ সন্তানসকলৰ সৈতে পৰিচয় হৈছিল আমাৰ৷ মই সুযোধন-সুশাসন প্ৰমুখ্যে সকলো
ভাতৃৰ নাম মনত ৰাখিব পৰা নাছিলোঁ যদিও তেওঁলোকৰ সৈতে মিলিত হৈ পৰম প্ৰশান্তি লাভ
কৰিছিলোঁ৷ মোৰ অনুভৱ হৈছিল যে জগতখন যদি কেৱল আমাৰ সদৃশ শিশুসকলৰে হ’লহেঁতেন
তেন্তে কি যে সুন্দৰ আৰু উপভোগ্য হ’লহেঁতেন!
ক্ৰমে ক্ৰমে
আমাক প্ৰদান কৰিবলগীয়া শিক্ষাৰ প্ৰসঙ্গ আলোচিত হৈছিল৷ আমাৰ শস্ত্ৰগুৰুস্বৰূপে বিভিন্নজনৰ নামো
উচ্চাৰিত হৈছিল৷ কিন্তু পিতামহ ভীষ্মই প্ৰতিটো নামকে অস্বীকাৰ কৰিছিল৷ তেখেতে
কৈছিল, ‘জম্বুদ্বীপৰ শ্ৰেষ্ঠৰাজ্য ভাৰতৰ কুৰুবংশী ৰাজকুমাৰসকলে সৰ্বশ্ৰেষ্ঠ
গুৰুজনৰপৰাই শস্ত্ৰশিক্ষা লাভ কৰিব লাগিব৷ আমি জগতৰ সৰ্বশ্ৰেষ্ঠ গুৰুজনৰ সন্ধান
কৰি আছোঁ৷ তেখেতৰ সন্ধান কিম্বা পৰিচয়-সূত্ৰ আহৰণ নকৰা পৰ্যন্ত ময়েই সময়ে সময়ে মোৰ
পৌত্ৰগণৰ শস্ত্ৰশিক্ষাৰ দিশটো নিয়ন্ত্ৰণ কৰিম৷’
সৌভাগ্যক্ৰমে
গুৰুদেৱ দ্ৰোণাচাৰ্য আহি উপস্থিত হৈছিলহি ভাৰত ৰাজ্যৰ ৰাজধানী হস্তিনাপুৰত৷
ৰাজ্য কি,
ৰাজধানী
কি, ৰাজক্ষমতা কি... এইবোৰ বহু কথা আমি বুজি উঠিবলগীয়া হৈছিল খুব কম
সময়তে৷
বিভিন্ন ঘটনা
পৰিক্ৰমাৰ মাজেদি ভাৰতশ্ৰেষ্ঠ শস্ত্ৰগুৰু দ্ৰোণাচাৰ্যই আমাক শস্ত্ৰ প্ৰশিক্ষণ
প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ গুৰুদেৱে প্ৰথমৰেপৰাই শিষ্যৰূপে মোক বিশেষ
গুৰুত্ব প্ৰদান কৰিছিল৷ মই পিতামহ ভীষ্মৰ প্ৰিয়পাত্ৰ আছিলোঁ আৰু গুৰুদেৱক নিযুক্তি
পিতামহই দিছিল বাবেই সম্ভৱতঃ প্ৰথমে গুৰুদেৱে মোৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান
কৰিছিল৷ গুৰুদেৱে মোক বিশেষভাৱে নিৰীক্ষণত ৰাখে বুলি বোধ হোৱাৰ দিন ধৰি ময়ো
কায়মনোবাক্যে তেখেতৰ প্ৰতিটো নিৰ্দেশ সূক্ষ্মাতিসূক্ষ্মভাৱে পালন কৰিবলৈ যত্ন
কৰিছিলোঁ৷ সকলো শস্ত্ৰৰ প্ৰশিক্ষণাৰ্থেই তেখেত নিযুক্ত আছিল যদিও তেখেত বিশেষভাৱে
দক্ষ আছিল ধনুৰ্বেদত৷ অসিচালনা, বৰ্শাচালনা, মল্লযুদ্ধ,
গদাযুদ্ধ
আদিত তেখেতৰ দক্ষতা থাকিলেও সেইসমূহ শস্ত্ৰৰ প্ৰতি তেখেতৰ আগ্ৰহ আছিল
তুলনামূলকভাৱে কম৷
তেখেতে
বিশেষভাৱে মোক ধনুৰ্বেদৰ বিভিন্ন অঙ্গ-উপাঙ্গ আৰু কৌশলসমূহ শিকাইছিল৷ ধনুচালনাত
বিশেষকৈ দৰ্শনেন্দ্ৰিয় আৰু হস্তৰে ভূমিকা অধিক বুলি সাধাৰণতে ধাৰণা কৰিলেও
প্ৰকৃততে যে পদযুগলৰ সঠিক অৱস্থানেহে এজন ধনুৰ্ধৰক অধিক দক্ষ কৰি তোলে তেখেতে মোক
বুজাইছিল৷ পদযুগলৰ অৱস্থানৰ ওপৰত ভিত্তি কৰিয়েই যে ধনুৰ্বেদৰ ক্ৰমে সম্পাদ,
বৈশাখ,
মণ্ডল,
অলিধ,
প্ৰত্যালিধ,
জাত,
দণ্ডায়ত,
সাম্পুট
আদি বিভিন্ন আসন আছে সেয়া মই পুংখানুপুংখভাৱে আয়ত্ত কৰিবলৈ যত্ন কৰিছিলোঁ৷
আৰু এদিন
হস্তিনাপুৰৰ মহাৰাজ ধৃতৰাষ্ট্ৰ, পিতামহ ভীষ্ম, কুলগুৰু
কৃপাচাৰ্য আদিৰ উপস্থিতিত অনুষ্ঠিত শস্ত্ৰকৌশল প্ৰদৰ্শনৰ অনুষ্ঠানত গুৰুদেৱে
সামাজিকভাৱে ঘোষণা কৰিছিল যে ময়ে জগতৰ সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ৷
কিন্তু সেই
ঘোষণাৰ অব্যৱহিত পৰৱৰ্তী মুহূৰ্ততে এক নিম্নবৰ্গৰ অপৰিচিত যুৱকে নিজকে মোতকৈ অধিক
পাৰদৰ্শী বুলি দাবী কৰি ধনুৰ্বেদৰ বিভিন্ন কৌশল প্ৰকাশ কৰিবলৈ আৰম্ভ কৰি দিছিল৷
সেই যুৱকজনৰ
ধনুৰ্বিদ্যাত নৈপুণ্য প্ৰত্যক্ষ কৰি এজন শিক্ষাৰ্থীৰূপে মই অপাৰ আনন্দিত হৈছিলোঁ৷
কিন্তু সমান্তৰালভাৱে এজন ৰাজপুত্ৰ হিচাপে মোৰ অন্তৰাত্মাত কম্পন সৃষ্টি হৈছিল
তেওঁৰ পাৰদৰ্শিতা প্ৰত্যক্ষ কৰি৷
পিছে তেওঁ কোনো
ৰাজপুত্ৰ কিম্বা ক্ষত্ৰিয় নাছিল, আছিল হস্তিনাপুৰৰ মুখ্য সাৰথি সুত
অধিৰথৰ পুত্ৰহে৷ জ্যেষ্ঠ শ্ৰদ্ধেয়সকলে পৰিচয় আহ্বান কৰাত তেওঁ বিনম্ৰভাৱে তেওঁৰ
পৰিচয় প্ৰকাশ কৰিছিল৷
নাম তেওঁৰ কৰ্ণ৷
পিতামহ, গুৰুদেৱ
দ্ৰোণাচাৰ্য, পিতৃব্য বিদূৰ আদিৰ তৎপৰতাত সেই বিশেষ দিনটোত
সেই অপৰিচিত সূতপুত্ৰক অস্ত্ৰকৌশল প্ৰদৰ্শনৰপৰা কৌশলেৰে বাৰণ কৰা হ’ল৷ তেওঁ যে সূতপুত্ৰ,
তেওঁ
যে কোনো ৰজা অথবা ৰাজপুত্ৰ নহয় সেইটো কথাত জ্যেষ্ঠ প্ৰায় প্ৰতিজন ৰাজপুৰুষেই
বাৰম্বাৰ গুৰুত্ব আৰোপ কৰিলে৷
তেওঁ সূতপুত্ৰ
আছিল, গতিকে তেওঁ আমাৰ যোগ্য নাছিল৷ এনে কথা শৈশৱৰেপৰা আমাক আমাৰ
জ্যেষ্ঠসকলে বুজাই আহিছে৷ কিন্তু মোৰ অভ্যন্তৰৰপৰা কিবা এক অজ্ঞাত প্ৰবৃত্তি জাগৃত
হৈছিল সেই সূতপুত্ৰ কৰ্ণৰ সৈতে সম্মুখ সমৰত অৱতীৰ্ণ হ’বলৈ৷ আনকি তেওঁৰ হাতত পৰাজিত
হ’বলৈও মোৰ মনত তীব্ৰ বাসনা জাগিছিল৷
কিন্তু
হস্তিনাপুৰৰ ৰাজ সিংহাসনৰ প্ৰশ্নটো আমি পঞ্চপাণ্ডৱৰ সম্মুখত আমাৰ মাতৃ কুন্তদেৱীয়ে
প্ৰতিনিয়ত উত্থাপন কৰি আহিছে৷ গতিকে কোনো প্ৰবৃত্তিগত কাৰণত মই সেই সূতপুত্ৰৰ
সম্মুখত ধনুৰ্বাণসহ উপস্থিত হ’ব নোৱাৰোঁ৷
মই ৰাজ সিংহাসনৰ
সমীপতে থকা আসনত আসীন মাতৃদেৱীলৈ চাইছিলোঁ৷ দেখিছিলোঁ, তেখেত কিবা
কাৰণত বিহ্বল হৈ পৰিছে আৰু আমাৰ পিতৃব্য মহামন্ত্ৰী বিদূৰে দাসীৰ সাহায্যত
তৎপৰতাৰে তেখেতৰ পৰিচৰ্যা কৰিছে৷
মুহূৰ্ততে মই
বুজি পাইছিলোঁ, সম্ভৱতঃ সেই ঘৃণ্য সূতপুত্ৰৰ সৈতে সম্মুখ সমৰত
অৱতীৰ্ণ হৈ কিবা প্ৰকাৰে মই পৰাস্ত হ’বলগীয়া হ’ম বুলিয়ে আমাৰ মাতৃদেৱী অস্থিৰ হৈ
উঠিছিল৷
মই
সমান্তৰালভাৱে লক্ষ্য কৰিছিলোঁ, কৰ্ণৰ মুখমণ্ডলত বিৰাজ কৰিছিল কিবা এক
দৃঢ়তা অথচ চূড়ান্তভাৱে বঞ্চিত হোৱাৰ ক্ষোভ৷ তেওঁলৈ মোৰ মনত শ্ৰদ্ধা জন্ম হৈছিল৷
কিন্তু শ্ৰেষ্ঠবৰ্ণৰ সন্তানৰূপে মইতো নিম্নবৰ্ণৰ কৰ্ণক প্ৰকাশ্যে শ্ৰদ্ধা প্ৰদৰ্শন কৰিব
নোৱাৰো!
কিন্তু মই কৰিব
নোৱৰা কামটো সেইদিনা ৰাজপুত্ৰ সুযোধনে কৰি দেখুৱাইছিল৷
সুযোধন নিজৰ
আসনৰপৰা উঠি আহি সেই যুৱকৰ সম্মুখত উপস্থিত হৈ অনুচ্ছ কণ্ঠে তেওঁক সম্বোধন কৰিলে৷
ভালকৈ নুশুনিলেও সম্ভৱতঃ তেওঁ কৰ্ণক সখাৰূপে সম্বোধন কৰিলে৷
তাৰ পাছতে
সুযোধনে গভীৰ আত্মপ্ৰত্যয় আৰু দৃঢ়তাৰে সমৱেত সকলোকে সম্বোধন কৰি ক’লে–
‘মাননীয় মহাৰাজ
আৰু সকলো জ্যেষ্ঠকে প্ৰণাম জনাই মই সামান্য বক্তব্য উপস্থাপন কৰিবলৈ অনুমতি
প্ৰাৰ্থনা কৰিছোঁ৷’
আমি লক্ষ্য
কৰিলোঁ, মহাৰাজ ধৃতৰাষ্ট্ৰই সোঁহাতখন উত্তোলিত কৰি সম্মতি প্ৰদান কৰিছে৷
সুযোধনে কৈ গ’ল–
‘আমাক চতুৰ্বৰ্ণৰ
বিষয়ে শিক্ষণত সৰ্বদা কোৱা হয় যে ব্যক্তিৰ বৰ্ণ জন্মত নাথাকে, থাকে
কৰ্মতহে৷ অথচ এই প্ৰতিভাৱান যুৱকৰ প্ৰসঙ্গত আপোনালোকে বাৰম্বাৰ তেওঁৰ জন্ম-পৰিচয়
সম্পৰ্কে জিজ্ঞাসা কৰিছে, কৰি নিম্নবৰ্ণৰ প্ৰতিনিধি বুলি তেওঁৰ
ব্যক্তিত্ব আৰু প্ৰতিভাক অপমানিত কৰিবলৈ প্ৰয়াস কৰিছে৷ বাৰম্বাৰ তেওঁক কোৱা হৈছে
যে তেওঁ কোনো ৰাজ্যৰ ৰজা নহয় অথবা ৰাজপুত্ৰ নহয়৷ যদি ৰজা হোৱাটোৱেই এজন ব্যক্তিৰ মৰ্যাদাপূৰ্ণ পৰিচয় নিশ্চত কৰিব পাৰে তেন্তে মই, হস্তিনাপুৰৰ
কুৰুবংশৰ জ্যেষ্ঠ ৰাজকুমাৰ সুযোধনে, অঙ্গৰাজ্যৰ ৰজা সুযোধনে এই মুহূৰ্ততে
অঙ্গৰাজ্যৰ ৰজাৰূপে এই মাননীয় যুৱক কৰ্ণক অধিষ্ঠিত কৰিলোঁ৷’
তেওঁৰ ইঙ্গিতত
মুহূৰ্তৰ ভিতৰতে অঙ্গৰাজ্যৰ ৰাজমুকুট পৰিধান কৰাই কৰ্ণক ৰজাৰূপে প্ৰতিষ্ঠা কৰি
পেলালে সুযোধনে৷ নিজে যি ৰাজ্যৰ ৰজা আছিল সুযোধন সেই ৰাজ্যৰ ৰজা অভিধা ত্যাগ কৰি
সুযোধনে যি মহত্তম দৃষ্টান্ত প্ৰতিষ্ঠা কৰিলে, মোৰ শিৰ অৱনত হৈ
পৰিল সুযোধনৰ উদাৰতাৰ প্ৰতি৷
জ্যেষ্ঠপুত্ৰৰূপে
সুযোধনে প্ৰতীকাৰ্থত ভাৰতৰ কৰদ ৰাজ্য অঙ্গৰ ৰজাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও
তেওঁৰ প্ৰতিনিধিয়েহে অঙ্গৰ ৰাজনৈতিক-প্ৰশাসনিক ক্ষেত্ৰত কাৰ্যনিৰ্বাহ কৰিছিল৷
অঙ্গৰাজৰ ৰাজমুকুট সুযোধনকে প্ৰদান কৰা হৈছিল যদিও তেওঁ কদাপি সেই মুকুট পৰিধান
কৰি ৰজাৰূপে নিজৰ পৰিচয় দিয়া নাছিল৷ তেওঁ হস্তিনাপুৰৰ ৰাজকুমাৰ পৰিচয়টোৰেই সুখী
আছিল৷
মুহূৰ্ততে মই
ভাতৃসকলৰ সৈতে দৃষ্টি বিনিময় কৰিলোঁ৷ মই তেওঁলোকক বুজাবলৈ প্ৰয়াস কৰিলোঁ যে চোৱাঁ,
সুযোধনৰ
বিশাল হৃদয়ৰ কথা প্ৰজাসকলৰ মুখে মুখে বিনা কাৰণত প্ৰচাৰ হোৱা নাই৷
প্ৰজাসকলে
উচ্চৈস্বৰে সাধুবাদ দিছিল৷ সুযোধনক সহ্য কৰিব নোৱৰা পিতৃব্য বিদূৰ, আমাৰ
জ্যেষ্ঠ যুধিষ্ঠিৰ, আচাৰ্য দ্ৰোণ প্ৰমুখ্যে বহুতৰে মুখমণ্ডল হতাশাৰ
ছায়াই আৱৰি ধৰিছিল৷
মই লক্ষ্য
কৰিছিলোঁ, আমাৰ মাতৃ কুন্তীদেৱী ক্ৰমশঃ সুস্থ হৈ উঠিছিল৷ তেওঁৰ মুখমণ্ডলত
সামান্য আনন্দৰ ৰেশৰ সমান্তৰালভাৱে উদ্বিগ্নতা আৰু বিষাদৰো ছায়া প্ৰকট হোৱা
দৃষ্টিগোচৰ হৈছিল৷ সম্ভৱতঃ মাতৃদেৱী তেওঁৰ ভাতৃজ সুযোধনৰ উদাৰতা আৰু মহানতাৰ বাবে
আনন্দিত হৈছিল আৰু নিজৰ পুত্ৰগণৰ পৰিৱৰ্তে এক অচিন নিম্নবংশজাত যুৱকক এখন ৰাজ্যৰ
পূৰ্ণাঙ্গ ৰজাৰূপে ঘোষণা কৰা বাবে গোপনে আহত হৈছিল৷
২৬ ভীষ্ম ৷
হস্তিনাপুৰৰ
মৰ্যাদা ৰক্ষাৰ দায়িত্ব মই গ্ৰহণ কৰিছিলোঁ প্ৰতিজ্ঞাৰ জৰিয়তে৷ সমান্তৰালভাৱে মই
প্ৰতিজ্ঞা কৰিছিলোঁ যে আজীৱন ব্ৰহ্মচৰ্য পালন আৰু সিংহাসনত আৰোহণ নকৰা হ’ব মোৰ
জীৱনৰ ব্ৰত৷
মই বাৰু কোনটো
প্ৰতিজ্ঞাত অধিক গুৰুত্ব প্ৰদান কৰিলোঁ?
অৰ্জুন আৰু
শিখণ্ডীয়ে পিছফালৰপৰা বৰ্ষণ কৰা অসংখ্য কাঁড়ৰ আঘাতত সম্প্ৰতি জৰ্জৰিত মোৰ সমগ্ৰ
শৰীৰ৷ শৰীৰত এই অগণিত আঘাত লৈ এতিয়া মই হৃদয়ঙ্গম কৰিব খুজিছোঁ কোনখিনিত মোৰ ভুল হৈ
গ’ল?
হস্তিনাপুৰৰ
সিংহাসনৰ কাৰণে হোৱা গৃহকন্দলে সম্প্ৰতি সমস্ত কুৰুবংশটোকে নিৰ্বংশ হোৱাৰ উপক্ৰম কৰিছে৷
আজি মোৰ পৌত্ৰগণৰ এজনো জীৱিত অৱস্থাত নাই৷ পঢ্চপাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰপুত্ৰ যুযুৎসুৰ বাহিৰে সকলোৱেই
মৃত্যুক সাবটি লৈছে৷
পুত্ৰ বিদূৰে
সদায়েই পাণ্ডৱৰ প্ৰতি পক্ষপাত কৰি আহিছে৷ নিজকে ধৰ্মাত্মাৰ পৰিচয়ৰ আঁৰত ৰাখি
বিদূৰে পাৰ হৈ যোৱা মহাযুদ্ধত যি ভূমিকা পালন কৰিলে সিহে মোক তেওঁৰ স্বৰূপ
সম্পৰ্কে সচেতন কৰিলে৷ কিন্তু সম্প্ৰতি বিলম্ব হ’ল যথেষ্ট৷
বিদূৰৰ কথামতেই
মই পাণ্ডুপুত্ৰকেইজনৰ সৈতে সম্পৰ্ক গঢ়িছিলোঁ৷ প্ৰকৃততে বিদূৰেই তেওঁলোকক গঢ়ি
তুলিছিল বুলি এই মুহূৰ্তত মোৰ ধাৰণা হৈছে৷ যুধিষ্ঠিৰে ধৰ্ম সম্পৰ্কে মোৰ সৈতে
তেওঁৰ শৈশৱতে যিবোৰ কথা পাতিছিল মই প্ৰকৃততেই মুগ্ধ হৈছিলোঁ৷ তেনেদৰেই অৰ্জুনৰ
একনিষ্ঠতা, ভীমৰ শাৰীৰিক বিক্ৰম আৰু নকুল-সহদেৱৰ সৰলতা তথা
জ্যেষ্ঠত্ৰয়ৰ প্ৰতি আনুগত্য আছিল অনুপম৷
কিন্তু আজি এই
মুহূৰ্তত, জীৱনৰ অন্তিম ক্ষণতহে মোৰ উপলব্ধি হৈছে, পঞ্চপাণ্ডৱ
প্ৰকৃততে কুৰুবংশৰ ৰক্তৰ অংশ নাছিল৷ এতিয়া কুৰুক্ষেত্ৰ যুদ্ধজয়ৰ ফলত পঞ্চপাণ্ডৱে
নিশ্চিতভাৱে ইতিহাস তেওঁলোকৰ পক্ষে প্ৰণয়ন কৰাব৷ কিন্তু এই মুহূৰ্ততো মই অনুভৱ কৰোঁ, সাম্প্ৰতিক
দিৱসত যদি কুৰুবংশৰ কোনোবা উত্তৰপুৰুষ জীৱিতাৱস্থাত আছে তেন্তে তেওঁ ধাৰ্তৰাষ্ট্ৰ
যুযুৎসু ব্যতিৰেকে আন কোনো নহয়৷
ইতিমধ্যে সংঘটিত
হোৱা সমগ্ৰখিনিৰ বাবে সম্প্ৰতি মই নিজকে পূৰামাত্ৰাই দোষাৰোপ কৰিছোঁ৷ কুৰুবংশৰ
প্ৰতি মোৰ আনুগত্য যিমান আছিল তাতকৈ অধিক আছিল মোৰ প্ৰতিজ্ঞাৰ প্ৰতি, মোৰ
পৰিচয়ৰ প্ৰতি৷ অন্যথা দৈনিক দশসহস্ৰ সাধাৰণ সেনা নিধন কৰি লক্ষজনৰ হত্যাকাৰী
হোৱাতকৈ পাঁচজন পাণ্ডৱকে মই নিধন কৰিব পাৰিলোহেঁতেন৷ যুদ্ধৰ অন্ততঃ প্ৰথম
পাঁচদিনতে মই এইখিনি সম্পন্ন কৰিব পাৰিলোহেঁতেন৷
আমাৰ সামৰিক
শক্তিৰ তুলনাত নিজৰ পক্ষৰ সীমাৱদ্ধ শক্তিৰ দুৰ্বলতা যুধিষ্ঠিৰে মৰ্মে মৰ্মে
উপলব্ধি কৰিছিল৷ অথবা, সম্ভৱতঃ কৃষ্ণৰ গোপন মন্ত্ৰণাত তেওঁ নিৰ্লজ্জৰ দৰে, কিন্তু কৌশলেৰে যুদ্ধাৰম্ভৰ প্ৰাক মুহূৰ্তত মোৰ, আচাৰ্য
দ্ৰোণৰ আৰু আচাৰ্য কৃপৰ কাষ চাপি তেওঁ আমাৰ তিনিওজনৰে মৃত্যুৰ উপায় জানিব খুজিছিল৷
ইমান নিৰ্লজ্জ!
ই ক্ষত্ৰিয়জনোচিত হ’বই নোৱাৰে৷
কিন্তু তেওঁৰ
কৌশল আছিল পৰিপক্ক ৰাজনীতিজ্ঞৰ৷ তেওঁ প্ৰথমে মোৰ চৰণ স্পৰ্শ কৰিছিল৷ আৰু
সমান্তৰালভাৱে মোক আশ্চৰ্যচকিত কৰি মোৰ বিৰুদ্ধেই জয়লাভৰ বাবে আশীৰ্ৱাদ প্ৰাৰ্থনা
কৰিছিল৷
তেওঁৰ নিকৃষ্ট
কৌশল উপলব্ধি কৰিছিলোঁ যদিও জ্যেষ্ঠস্বৰূপে উপায়ান্তৰ হৈ তেওঁক মই মোৰ মৃত্যুৰ
উপায় প্ৰদান কৰিছিলোঁ৷
আৰু? আৰু মই মোৰ পৌত্ৰ সুযোধনক প্ৰতাৰণা কৰিছিলোঁ!
যুদ্ধলৈ অন্ততঃ
এটা দিনো বাকী থকাহ’লে মই যুদ্ধ বন্ধ কৰি দিলোহেঁতেন৷ কিন্তু যুদ্ধক্ষেত্ৰ
সমস্তপঞ্চকত সমৱেত হোৱাৰ পাছত তেনে কৰিলে পৃষ্ঠভঙ্গ দিয়াৰ সমাৰ্থক হ’ব বুলি ভাবি
অনিচ্ছা সত্তেও যুদ্ধ আৰম্ভ কৰাইছিলোঁ৷ কিন্তু প্ৰকৃততে সেই মুহূৰ্তৰপৰাই মোৰ
জীৱন-তৃষ্ণা নিৰ্বাপিত হৈছিল৷ কাৰণ যুধিষ্ঠিৰে যুদ্ধৰ প্ৰাক মুহূৰ্তত যি স্বৰূপ
প্ৰকাশ কৰিছিল সিয়ে প্ৰমাণ কৰিছিল যে তেওঁ এজন কাপুৰুষতকৈ অধিক একো নহয়– যিকোনো
প্ৰকাৰে তেওঁ আমাৰ সকলোকে বধ কৰি হস্তিনাপুৰৰ ৰাজেশ্বৰ হ’ব খোজে৷ অথচ মই এইটোও
উপলব্ধি কৰিব পাৰিছিলোঁ যে কৃষ্ণই যিহেতু পাণ্ডৱৰ পক্ষ গ্ৰহণ কৰিছে গতিকে যি
পন্থাই অৱলম্বন নকৰক কিয় পাণ্ডৱৰ জয়লাভ নিশ্চিত৷ কাৰণ ইতিমধ্যে কৃষ্ণই জম্বুদ্বীপৰ
বহু বীৰকে প্ৰত্যক্ষভাৱে নোৱাৰিলেও গুপ্তভাৱে হত্যা কৰি নিজকে প্ৰভাৱশালী কৰি
তুলিছে৷
জীৱনৰ প্ৰতি মোৰ
মোহ নোহোৱা হৈ আহিছিল ক্ৰমে ক্ৰমে হস্তিনাপুৰৰ ৰাজসিংহাসনক কেন্দ্ৰ কৰি গঢ় লোৱা
অপ্ৰীতিকৰ প্ৰতিযোগিতাৰ বাবেই৷ যুধিষ্ঠিৰে নিজে দ্যুতক্ৰীড়াত অংশ গ্ৰহণ কৰি,
ইচ্ছাকৃতভাৱে
পৰাস্ত হৈ বনবাস গ্ৰহণ কৰোঁতেই মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এক মহাসমৰৰ আয়োজন
আৰম্ভ হৈ গৈছে৷ কাৰণ, হস্তিনাপুৰৰ ৰাজসভাত কদাপি নঘটা দ্ৰৌপদীৰ
বস্ত্ৰহৰণৰ দৰে নিন্দনীয় কাল্পনিক ঘটনা এটা ঘটা বুলি সৰ্বসাধাৰণৰ মাজত ৰাতিটোৰ
ভিতৰতে প্ৰচাৰ হৈ যোৱা, সুযোধন আৰু সুশাসনৰ নাম জনসমাজত ক্ৰমে ক্ৰমে
দুৰ্যোধন আৰু দুঃশাসন ৰূপে প্ৰচাৰিত হোৱা, পাণ্ডুৰ পুত্ৰসকলৰ বাবে পাণ্ডৱ নামৰ
নতুন পৰিচয় সৃষ্টি কৰা আদি আছিল কোনো অদৃশ্য শক্তিৰ কৌশলী কুকাৰ্য৷ আৰু আশ্চৰ্যকৰ এয়ে যে স্বয়ং ময়ো সুযোধনক দুৰ্যোধন বুলি কৈ আনন্দিত হৈছিলোঁ! সম্প্ৰতি
শৰশয্যাত শৰীৰী পীড়াতকৈও এনেবোৰ বিষয়ে দিয়া মানসিক যন্ত্ৰণাহে মোৰ কাৰণে অসহনীয় হৈ উঠিছে৷ যথাসময়ত
মই লক্ষ্য কৰিবলগীয়া কথাবোৰ লক্ষ্য নকৰিলোঁ কিয়?
ধৃতৰষ্ট্ৰৰ
পুত্ৰসকলে পৌৰাণিক কুৰুবংশী ৰক্তৰ পৰিৱাহকস্বৰূপে কৌৰৱ হৈয়ে সন্তুষ্ট আছিল;
তেওঁলোকে
ধাৰ্তৰাষ্ট্ৰ বুলি পৃথক পৰিচয় দাবী কৰা নাছিল৷ অথচ কুন্তী আৰু মাদ্ৰীপুত্ৰগণে
নিজকে পাণ্ডৱ বুলি পৰিচয় দিছিল বাৰম্বাৰ৷ সেই পৰিচয় প্ৰথমে ঘোষিত হৈছিল মোৰ
জ্যেষ্ঠভ্ৰাতা জ্ঞানী ব্যাসদেৱৰ মুখেৰে৷ তাৰ পাছত বাৰংবাৰ বিদূৰে পাণ্ডৱ শব্দটো
উচ্ছাৰণ কৰিছিল৷
হৈ যোৱা
ক্ষয়ংকৰী যুদ্ধৰ অন্তৰালৰ প্ৰকৃত শক্তি কোন আছিল বাৰু? অনেকেই শকুনিৰ
প্ৰতি সন্দেহ পোষণ কৰে৷ সময়ে সময়ে শকুনিৰ ভূমিকাক ময়ো সন্দেহ কৰিছিলোঁ৷ কিন্তু
প্ৰায় সমগ্ৰ ভাৰতবৰ্ষ বিশাল ভূমিভাগক শ্মশানত পৰিণত কৰা ইমান এখন মহাযুদ্ধ আয়োজন কৰিব পৰাকৈ
শকুনি শক্তিশালী নাছিল৷
শকুনি নহয়৷
শকুনি নহয়৷ মই যেন সেই শক্তিক নিশ্চিতভাৱে জানো৷ অথচ স্পষ্টভাৱে নাজানো৷
কৃষ্ণ? নহয়,
বিদূৰহে৷
আৰু সম্ভৱতঃ ব্যাসদেৱো৷ কাৰণ, মই স্পষ্টকৈ স্মৰণ কৰোঁ, কমেও
অৰ্ধশতাব্দীৰ পূৰ্বেই হস্তিনাপুৰৰ ৰাজসভাত এখন ৰক্তক্ষয়ী যুদ্ধৰ আশঙ্কা ব্যক্ত
কৰিছিলহি ব্যাসদেৱে৷ তেনে যুদ্ধৰপৰা নিৰাপত্তা দিয়াৰ মানসেৰে তেখেতে মাতৃ সত্যৱতীক
হস্তিনাপুৰৰপৰা আঁতৰাই লৈ গৈছিল৷
এই মুহূৰ্তত মই
অৱগত নহওঁ, মোৰ মাতৃ সত্যৱতী সম্প্ৰতি জীৱিতা নে
স্বৰ্গগতা৷ মাতৃ সত্যৱতীৰ মনস্কামনা পূৰণ কৰাৰ স্বাৰ্থতে আজি জগতৰ সৰ্বশ্ৰেষ্ঠ বীৰ
দেৱব্ৰত ভীষ্মই অসহায়ভাৱে সমগ্ৰ শৰীৰত মৰণান্তিক আঘাত লৈ মৃত্যুৰ বাবে অপেক্ষা
কৰিছে বুলি জনাহ’লে তেওঁ কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেহেঁতেন মোৰ জানিবলৈ মন
গৈছে৷
কিন্তু
ব্যাসদেৱে কৰা আশঙ্কা ইমান দ্ৰুতগতিৰে বাস্তৱায়িত হোৱা নাছিল৷ সম্ভৱতঃ মই আশঙ্কা
বুলি ভবাখিনি তেখেতৰ কাৰণে আছিল এটা সম্ভাৱনা৷ তথাপি ব্ৰহ্মজ্ঞানী হৈও তেখেতে তেনে
সম্ভাৱনাক বাস্তৱ ৰূপ দিব পৰাকৈ ৰাজনৈতিকভাৱে বিচক্ষণ নাছিল৷
কিন্তু
পাণ্ডৱসকলৰ মাজত কৃষ্ণৰ প্ৰৱেশো ৰহস্যজনক আছিল৷ অথচ ৰাজসূয় যজ্ঞৰ সময়ত সেই কৃষ্ণকে
মই শ্ৰেষ্ঠ বুলি বিৱেচনা কৰি প্ৰথম অৰ্ঘ্য দিয়াইছিলোঁ৷ অৱশ্যে যুধিষ্ঠিৰে কৌশলেৰে
মোৰদ্বাৰা কৃষ্ণক মনোনীত কৰাইছিল৷ কাৰণ তেওঁ বংশৰ জ্যেষ্ঠৰূপে অথবা শ্ৰেষ্ঠ
যোদ্ধাৰূপে মোকো অৰ্ঘ্য প্ৰদান কৰিব পাৰিলেহেঁতেন৷ কিন্তু তেনে নকৰি তেওঁ মোকে
জিজ্ঞাসা কৰিছিল, কাক প্ৰথম অৰ্ঘ্য দিয়া উচিত হ’ব?
সেই কৃষ্ণই
অজ্ঞাতবাসৰ অন্তিম সময়ৰেপৰা পঞ্চপাণ্ডৱৰ অভিন্ন অংশ হৈ উঠিল৷ অৱস্থা আনকি এনেকুৱা
হোৱা মই লক্ষ্য কৰিলোঁ যে কৃষ্ণৰ সান্নিধ্য লাভ কৰাৰ পাছৰপৰা পাণ্ডৱে যেন নিজে একো
চিন্তাই কৰিব নোৱৰা হৈ পৰিল! কৃষ্ণই প্ৰকাৰান্তৰে পাণ্ডৱৰ মুখ বন্ধ কৰি পেলালে আৰু
পাণ্ডৱৰ মুখপাত্ৰস্বৰূপে তেওঁ এনে কিছুমান কথা ক’বলৈ আৰম্ভ কৰিলে যিবোৰ কথা
যুধিষ্ঠিাৰাদিৰ মস্তিষ্কপ্ৰসূত বুলি মই কোনো কাৰণতে বিশ্বাস কৰিব নোৱাৰোঁ৷
অতি কম সময়ৰ
ভিতৰতে পঞ্চপাণ্ডৱ কৃষ্ণৰ ইঙ্গিতত যিকোনো আচৰণ কৰিব পৰা পুত্তলিকাত পৰিণত হোৱা যেন
অনুভৱ হৈছিল মোৰ৷
অন্যথা ৰাজসূয়
যজ্ঞৰ পূৰ্বে ভীমে গোপনে ব্ৰাহ্মণৰ ভেশ ধৰি মগধৰ ৰাজধানী ৰাজগৃহত উপস্থিত হৈ
দীৰ্ঘদিন ধৰি উপবাসব্ৰতধাৰী বৃদ্ধ জৰাসন্ধক ছল কৰি হত্যা কৰিলেগৈ কিয়? এনে কৰি নিশ্চয়
কৃষ্ণই ইন্দ্ৰপ্ৰস্থৰ ৰাজসূয় যজ্ঞ সুকলমে সম্পন্ন হোৱাৰ আশা প্ৰদৰ্শন কৰি নিজে
দ্বাৰকাক জৰাসন্ধভীতিৰপৰা চিৰকাললৈ মুক্ত কৰিছিল৷ সম্ভৱতঃ এনেকৈয়ে কৌশলপূৰ্বক নিজৰ পুৰণি
শত্ৰুবিদ্বেষ চৰিতাৰ্থ কৰিবলৈকে কৃষ্ণই যুধিষ্ঠিৰক ৰাজসূয় যজ্ঞ অনুষ্ঠিত কৰাৰ
পৰামৰ্শ প্ৰদান কৰিছিল৷
কিন্তু কৃষ্ণৰ
এনে ৰাজনৈতিক কু-অভিসন্ধি উপলব্ধি কৰিব নোৱৰা যুধিষ্ঠিৰে কেনেকৈ পৰিচালনা কৰিব
ৰাজ্য একোখন?
অথচ
যুধিষ্ঠিৰাদি কৃষ্ণৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ উঠিছিল৷ সেই কৃতজ্ঞতাৰ প্ৰকাশৰূপেইতো ৰাজসূয় যজ্ঞৰ অৰ্ঘ্য প্ৰদান কাক কৰা উচিত বুলি যুধিষ্ঠিৰে মোৰপৰা জানিব খুজিছিল৷
যুধিষ্ঠিৰে সেই কামো যে কৃষ্ণৰ মন্ত্ৰণাক্ৰমে কৰা নাছিল কোনে জানে?
ময়ো তেওঁলোকৰ
পৰিকল্পনামতেই হওক বুলি অনিচ্ছা সত্তেই হওক কৃষ্ণৰ নামকে উচ্চাৰণ কৰিছিলোঁ৷ সেই সভাৰ
মাজতে মোৰ অপ্ৰকাশ্য আন্তৰিক অনিচ্ছাক সাহসেৰে প্ৰকাশ্যে ঘোষণা কৰিছিল চেদিৰাজ শিশুপালে৷ ৰক্তসম্বন্ধত কৃষ্ণৰ পিতৃভগিনী শ্ৰুতস্ৰৱাৰ পুত্ৰ শিশুপালে ধৰ্ম আৰু নীতিৰ যুক্তিৰে
কৃষ্ণক যজ্ঞৰ অৰ্ঘ্য প্ৰদান কৰাত বাধা দি যজ্ঞস্থলী ত্যাগ কৰিছিল৷ কিন্তু গৃহমুখী
শিশুপালক গুপ্তঘাতকে হত্যা কৰিছিল৷
কৃষ্ণই
সভাস্থলীৰ সকলোৰে শ্ৰুতিগোচৰ হোৱাকৈ ঘোষণা কৰিছিল যে যিহেতু জগতৰ ঈশ্বৰস্বৰূপ
তেওঁক শিশুপালে নিন্দা কৰিছিল সেয়ে তেওঁ শিশুপালক বধ কৰিলে৷ অসম্ভৱ নহয়৷ কোনে জানে,
শিশুপালক
বধ কৰাৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈকে কৃষ্ণই যজ্ঞত নিজলৈকে অৰ্ঘ্য আগ বঢ়োৱাৰ
অভিসন্ধি কৰিছিল! অথবা কোনে জানে, কোনো অজ্ঞাত ঘাতকে বধ কৰা শিশুপালৰ বধৰ
দায়িত্ব নিজে গ্ৰহণ কৰি নিজৰ ঈশ্বৰত্ব প্ৰদৰ্শনৰ সুযোগ কৃষ্ণই গ্ৰহণ কৰিছিল!
বহু চিন্তাৰ পাছতো কৃষ্ণৰ বিৰুদ্ধাচৰণ কৰিব নোৱৰাটো মোৰ জীৱনৰ ডাঙৰ ব্যৰ্থতা৷ অৱশ্যেই মই প্ৰকাশ্যে কৃষ্ণৰ বিৰোধিতা কৰিব পৰাহ’লে ভাৰতৰ ইতিহাস, কুৰু বংশৰ ইতিহাস পৃথক হ’লহেঁতেন৷
২৭ দুৰ্যোধন ৷
প্ৰাণবায়ুৱে মোৰ
শৰীৰৰ সঙ্গ ত্যাগ কৰিবলৈ আৰু বেছি ক্ষণ বাকী নাই৷ কিন্তু এতিয়াও মই ভাবোঁ, মই নৈতিক শক্তিৰে দাবী কৰোঁ যে পাঁচজন
পাণ্ডৱ আৰু তেওঁলোকৰ পত্নী দ্ৰৌপদী এতিয়াও মোৰ দাস-দাসী৷ উঃ! মোৰ দাসসকলেই মোক
প্ৰতাৰণা কৰিলে৷ মোৰ দৰে এক সাধাৰণ মনুষ্যৰ কাৰণে ইয়াতকৈ ডাঙৰ ভাগ্য বিড়ম্বনা আৰু
কি হ’ব পাৰে৷
মোৰ মনৰ
সম্মুখলৈ আহিছে গুৰু বলৰামৰ মুখমণ্ডল৷
‘যুদ্ধত সৰ্বদা
নীতিগতভাৱেহে শস্ত্ৰচালনা কৰিবা বৎস৷ কোনো কাৰণতে যুদ্ধক্ষেত্ৰত নৈতিকতাক বিসৰ্জন
নিদিবা কুমাৰ৷ বিহিত নীতি-অনীতিৰ বিচাৰ পৰিহাৰ কৰি তুমি শত্ৰুৰ সামান্য শৰীৰটোকহে
পৰাজিত কৰিব পাৰিবা, মানৱতাক নোৱাৰিবা৷ মানৱতা সদায়ে পৰাজিত হ’ব
তোমাৰ মানৱধৰ্মী আচৰণত, তোমাৰ মানৱোচিত কীৰ্তিতহে৷’
আৰু সেইজন গুৰু
বলৰামৰে কনিষ্ঠ কৃষ্ণ! মোৰ কন্যা লক্ষ্ণণা শম্বাৰ শশুৰ কৃষ্ণ! প্ৰবঞ্চক কৃষ্ণ!
ঘৃণনীয় কৃষ্ণ৷
সৌজন৷ মোৰ ক্ৰমে
ক্ৰমে ধূসৰ হৈ অহা দৃষ্টিৰ সম্মুখতে পাঁচোজন পাণ্ডৱৰ সৈতে দণ্ডায়মাণ হৈ মোলৈকে চাই
চাই নিৰ্লজ্জ আৰু নিৰ্দয়ৰ দৰে হাঁহি আছে৷ কৃষ্ণৰ প্ৰৰোচনা নহ’লে ভীমে মোৰ শৰীৰৰ
নিম্নাঙ্গত এনে অনৈতিক প্ৰহাৰ কৰিব নোৱাৰে৷ প্ৰথম কথা, ভীম নিজে
যোদ্ধাৰূপে নিজৰ দায়িত্বৰ প্ৰতি সচেতন৷ দ্বিতীয় কথা হৈছে, অন্যায়েই হওক
কিম্বা ন্যায়েই হওক যিকোনো বুদ্ধি এটা তড়িত গতিৰে বাস্তৱায়িত কৰিবলৈ ভীম সক্ষম
নহয়৷ কাৰণ ভীমৰ চিন্তাৰ বেগ আৰু শৰীৰ সঞ্চালনৰ ক্ষমতা অন্ততঃ মোৰ সৈতে তুলনা কৰিব
পৰা নহয়৷
তথাপি ভীমে মোক
পৰাস্ত কৰিলে৷ পিতামহ, মোৰ নৱনৱাতি সংখ্যক ভাতৃ সমন্বিতে গুৰু
দ্ৰোণাচাৰ্য, সখা কৰ্ণ আৰু অনেক জ্যেষ্ঠজনকে প্ৰমুখ্য কৰি
লক্ষ লক্ষ সৈনিকৰ মৃত্যুৰ অন্তত জীৱিত হৈ ৰোৱাৰ ইচ্ছা মোৰ সমূলি নাছিল৷
শ্মশানস্বৰূপ হস্তিনাপুৰ মোক নালাগে। মোৰ স্বপ্নৰ হস্তিনাপুৰখন ... উঃ!
পিতৃব্য বিদুৰে
আজীৱন মোৰ বিপক্ষাচৰণকে কৰিলেও তেওঁৰ পুত্ৰদ্বয় মোৰ কনিষ্ঠ অনস্ব আৰু অনুকেতুৱেও
যুদ্ধত কৌৰৱ পক্ষৰ হৈয়ে প্ৰাণ ত্যাগ কৰিলে৷ মামা শকুনি আৰু তেওঁৰ পুত্ৰদ্বয় মোৰ
আত্মবন্ধু ক্ৰমে উলুক আৰু বৃকও ইতিমধ্যে স্বৰ্গবাসী হৈছে৷
এনে অৱস্থাত মোৰ
সসাগৰা পৃথিৱীৰ অধীশ্বৰ হোৱাৰ মানসিক প্ৰস্তুতি নাই৷ মই ইতিপূৰ্বেই মানসিকভাৱে এই
সংসাৰৰপৰা বিদায় গ্ৰহণ কৰিছোঁ৷
কিন্তু ভীমে মোক
অন্যায় উপায়েৰে আঘাত কৰিলে আৰু মই ন্যায়ৰ প্ৰতিমূৰ্তি হৈ ভূলুণ্ঠিত হৈ পৰিলোঁ৷
তথাপি সম্প্ৰতি মই সুখী৷
সেই মুহূৰ্ততে
মই দেখিলোঁ, মোৰ ভ্ৰমো হ’ব পাৰে সেয়া, গুৰু
বলৰাম আৱিৰ্ভাৱ হৈ সেই মুহূৰ্ততে ভীমক তিৰস্কাৰ কৰিছে৷ যুদ্ধক্ষেত্ৰত
নৈতিকতাহীনভাৱে শস্ত্ৰচালনা যে প্ৰশংসনীয় নহয়, বৰং নিন্দাৰহে
যোগ্য সেয়া মই মোৰ ক্ৰমশঃ হেৰুৱাই অহা দৃষ্টিৰে নিজে প্ৰত্যক্ষ কৰিলোঁ৷
ক্ষমা কৰিব,
গুৰুদেৱ৷
আপুনি প্ৰদান কৰা শিক্ষাক মই কদাপি অপমানিত হ’বলৈ দিয়া নাছিলোঁ...
মনে মনে মই গুৰু
বলৰামৰ উদ্দেশ্যে তৰ্পণ কৰিলোঁ শূন্যতা৷ নিৰাধাৰ শূন্যতা মাত্ৰ৷
মই জানো,
মোৰ
দোষ কি৷ সম্ভৱতঃ জনচক্ষুৰ প্ৰতি শ্ৰদ্ধা নজনোৱা, তথাকথিত
জাত্যাভিমানী ব্যক্তিত্বৰে পৰিপূৰ্ণ ৰাজসভাৰ পৰম্পৰাগত মৰ্যাদা লাঘৱ কৰা আৰু
দ্ৰৌপদীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি সমস্ত অনাকাংক্ষিত অপমানৰ প্ৰতিশোধ পূৰণৰ
বাসনাত অন্ধপ্ৰায় হৈ পৰাটোৱেই আছিল মোৰ দোষ৷ কিন্তু আশ্চৰ্যৰ বিষয় এয়ে যে মোক অপমান কৰাসকলৰ একো দোষ
নাছিল৷ পিতৃ মহাৰাজ ধৃতৰাষ্ট্ৰৰ উত্তৰাধিকাৰ মোৰপৰা কাঢ়ি ল’বলৈ বিচৰাসকলৰ একো দোষ
নাছিল৷
পিতামহ ভীষ্ম,
আচাৰ্য
দ্ৰোণ আদি জ্যেষ্ঠ নমস্যসকলৰ ওপৰত বিশ্বাস প্ৰতিষ্ঠা কৰাটো মোৰ দোষ আছিল৷ মহাবীৰ
কৰ্ণক অঙ্গৰাজ্যত ৰজাৰূপে অধিস্থিত কৰাটো মোৰ ভুল আছিল৷
সকলোৰে
স্বাধীনতাৰ হকে মাত মতাটো মোৰ দোষ আছিল৷
জাত্যাভিমানীসকলক
নস্যাৎ কৰি জাতিহীন, শ্ৰেণীহীন সমাজ এখন প্ৰতিষ্ঠাৰ সপোন দেখাটো মোৰ
ভুল আছিল৷
ধৰ্ম অনুসৰি
যুদ্ধত অংশ গ্ৰহণ কৰাটো মোৰ ভুল আছিল৷ জ্যেষ্ঠ গুৰুজন আৰু ভাতৃগণক হেৰুওৱাৰ পাছত
আত্মসমৰ্পণ নকৰাটোও মোৰ ভুল আছিল৷
সকলোকে বিশ্বাস
কৰাটো, কাকো প্ৰতাৰণা কৰিব নোৱৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল৷
২৮ ভীম ৷
শৈশৱ কালৰেপৰাই
মই দুৰ্যোধনক শাৰীৰিকভাৱে বিপৰ্যস্ত কৰি কিবা এক তৃপ্তি লাভ কৰি আহিছোঁ৷ অৱশ্যে
একেবাৰে শিশু অৱস্থাত মোক তেনে কৰিবলৈ গোপনে শিকাইছিল পিতৃব্য বিদূৰ আৰু মাতৃ
কুন্তীদেৱীয়ে৷ তেওঁলোকে কৈছিল যে শাৰীৰিক শক্তিৰ পৰীক্ষা কৰিবলৈ সমবয়স্ক
প্ৰতিযোদ্ধা নিৰ্বাচন কৰি ল’ব লাগে৷
মই সুধিছিলোঁ,
‘মোৰ
সম্মুখত দেখোন মোৰ সমবয়স্ক কোনোৱেই নাই৷’ তেওঁলোকে তেতিয়া দুৰ্যোধন আৰু দুঃশাসনৰ
কথা কৈছিল৷ বিশেষকৈ মই তেওঁৰ ফালে চালেই তেওঁ যে মোৰ প্ৰতি ভয়ত ত্ৰস্ত হৈ পৰিছিল
সেইটো মই খুব উপভোগ কৰিছিলোঁ৷ সেয়ে মই তেওঁক প্ৰায়েই মুক্তহস্তে প্ৰহাৰ কৰিছিলোঁ৷
তেওঁৰ লগতে তেওঁৰ ভায়েকবোৰেও মোৰ প্ৰতি ভীতিভাৱত কম্পমাণ হৈ থাকিছিল৷ অৱশ্যে মোৰ
ভাতৃ দুৰ্যোধনৰ লগতে দুঃশাসনকো মই কম পীড়া দিয়া নাছিলোঁ৷
প্ৰচণ্ড বুভুক্ষা মোৰ
চিৰসহচৰ৷ খাদ্যগ্ৰহণ কৰি মোৰ কদাপি আমনি নালাগে অথবা কোনো দিনেই অশেষ খাদ্যগ্ৰহণৰ
পাছতো মোৰ ভোক নিৰ্বাপিত নহয়৷ সেই খাদ্যৰ বলতেই মই শাৰীৰিক শক্তিৰ দিশত আছিলোঁ
প্ৰায় তুলনাবিহীন৷
দুৰ্যোধন আৰু দুঃশাসন ব্যতিৰেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰবোৰ আছিল সম্পূৰ্ণ শাৰীৰিক শক্তিহীন আৰু যুদ্ধকৌশলৰ প্ৰতি অনাগ্ৰহী৷ মোৰ ছায়াদৰ্শনতে সিহঁতে পলায়ন কৰিছিল৷ মোৰ অনুভৱ হয় দুৰ্যোধন আৰু দুঃশাসনৰ বাহিৰে বাকী কৌৰৱ কুমাৰবোৰ যেন জ্যেষ্ঠপিতৃ ধৃতৰাষ্ট্ৰৰ সন্তান নহয়েই৷ সিহঁত ধৃতৰাষ্ট্ৰৰ সন্তান কিম্বা মহাৰাণী গান্ধাৰীৰ সন্তান হ’বই নোৱাৰে৷ কাৰণ এশটা পুত্ৰ আৰু এগৰাকী কন্যা জন্ম দিবলৈ এগৰাকী নাৰীক বহু বছৰৰ প্ৰয়োজন হ’ব৷ তদুপৰি নাৰীগৰাকীৰ শাৰীৰিক সুস্থতাৰ কথাও তাৰ লগত জড়িত৷ অথচ কুৰুকুমাৰবোৰৰ বয়সৰ পাৰ্থক্য একেবাৰে কম৷ বেদব্যাসে মহাৰাণী গান্ধাৰীৰ গৰ্ভৰ মাংসপিণ্ডৰপৰা এশজন সন্তান জন্ম দিয়া বুলি শুনা কথা মই কোনো প্ৰকাৰেই বিশ্বাস কৰিব নোৱাৰোঁ৷
কাৰণ
ব্যাস চিকিৎসক নহয়৷ তেওঁতো কোষবিজ্ঞানীও নহয়৷
আমি পাণ্ডৱসকল
যিদৰে বিভিন্ন দেৱতাৰ সন্তান সেইদৰেই কৌৰৱ কুমাৰবোৰো কিজানি ধৃতৰাষ্ট্ৰৰ ঔৰসত
কোনোবা দাসীৰ অথবা ধৃতৰাষ্ট্ৰৰ কোনোবা উপপত্নীৰ সন্তানহে!
গতিকে মোৰ
প্ৰকাণ্ড শৰীৰটোৰ শক্তি-সামৰ্থ্যখিনি পৰীক্ষা কৰিবলৈ মোৰ সম্মুখত দুৰ্যোধন আৰু
দুঃশাসনৰ বাহিৰে আন কোনো নাছিল৷ কিন্তু সিহঁত দুটাৰ ওপৰত পৰীক্ষা কৰিয়েই মোৰ
শক্তিয়ে সাbLনা লাভ কৰিব পৰা নাছিল৷ সেয়ে কেতিয়াবা মই
একোজোপা বৃক্ষকো উভালি পেলাবলৈ যত্ন কৰিছিলোঁ৷ সক্ষম হোৱা নাছিলোঁ যদিও ৰাজকীয়
আম্ৰবনত এবাৰ এজোপা গছ উভালি পেলাবলৈ যত্ন কৰোঁতে তাৰ শাখাই শাখাই উঠি ক্ৰীড়াৰত
হৈ থকা কৌৰৱ কুমাৰবোৰ ফল সৰাৰ দৰে মাটিত পৰিছিলহি আৰু বহুতৰে কংকাল সুদীৰ্ঘদিনৰ
চিকিৎসাৰ পাছতহে সুস্থ হৈ উঠিছিল৷
কিন্তু মোৰ
অনুমান, দুৰ্যোধনে শৈশৱৰেপৰাই যেন মোৰ অমঙ্গলহে কামনা কৰিছিল৷ তেওঁৰ এনে
মনোভঙ্গীত ঘৃতাহুতি দিছিল মাতুল শকুনিয়ে৷
প্ৰচণ্ড বুভুক্ষাৰ বাবেই মই এবাৰ বনৰ বিষ সেৱন কৰি মৃতপ্ৰায় হৈ পৰিছিলোঁ৷ আমাৰ পিতৃব্য বিদূৰে কৈছিল
যে সেয়া শকুনিৰ পৰামৰ্শ অনুসৰি দুৰ্যোধনে কৰা চক্ৰান্তহে আছিল৷
মই বুজা নাছিলোঁ
যে দুৰ্যোধনে আনকি এবাৰ মোক বিষপান কৰাই হত্যা পৰ্যন্ত কৰিব খুজিছিল৷ কথাবোৰ মোক
পিতৃব্য বিদূৰেহে স্পষ্টকৈ কৈছিল!
অৱশ্যে মই
সিহঁতক কৰা শাৰীৰিক উৎপীড়ণবোৰৰ কাৰণেই তেনেকুৱা কৰিছিল বুলি মই ভাবিছিলোঁ যদিও
বিদূৰ আৰু মোৰ মাতৃদেৱীয়ে দুৰ্যোধনক অনেক কটুবাক্য শুনাইছিল৷ তেওঁলোকে মই সিহঁতক
কৰা অত্যাচাৰবোৰ শিশুসুলভ বুলি কৈছিল বাবে মোৰো বিশ্বাস হৈছিল যে মই কোনো দোষণীয়
কাম কৰা নাছিলোঁ৷
অৱশ্যে
যুৱাৱস্থাকো অতিক্ৰম কৰাৰ পৰৱৰ্তী সময়ত বহু কথা মই পূৰ্বতকৈ পৃথকে চিন্তা কৰিব পৰা হৈছোঁ৷
কিন্তু এতিয়াও মই মোৰ পৃথক চিন্তাক প্ৰকাশ কৰিব নোৱাৰোঁ৷ কাৰণ ভাতৃগণ আৰু আমাৰ
সামূহিক পত্নী দ্ৰৌপদী এনে এক বন্দীদশাৰ বলি হৈ পৰা যেন লাগে যি দশাৰপৰা আমি কোনেও
কাহানিও মুক্তি নাপাম৷ মোৰ আৰু অনুভৱ হয়, এই বন্দিত্বই যেন আমাৰ অজ্ঞাতেই আমাক
এক অবাঞ্ছিত ভৱিষ্যতলৈ নি আছে৷
... পঞ্চপাণ্ডৱৰ
ভিতৰত কেৱল মই, কেৱল ভীমসেনহে পাঞ্চালীৰ প্ৰতি দ্যুতসভাগৃহত
হোৱা অপমানত জ্বলি উঠিছিলোঁ জ্বালামুখীৰ দৰে৷ সেইবুলি দুঃশাসনৰ বক্ষভঙ্গ কৰি ৰক্তপান
কৰিবলৈ আৰু দুৰ্যোধনৰ উৰুভঙ্গ কৰিবলৈ মই কৰা প্ৰতিজ্ঞাৰো বৈধতা নাছিল৷ কাৰণ সেই
সময়ত মই সেই অধিকাৰ হেৰুৱাই পেলাইছিলোঁ৷
মই তেতিয়া
আছিলোঁ দুৰ্যোধনৰ ভৃত্য কেৱল৷
মোৰ সেই
প্ৰতিজ্ঞাত মোৰ নিষ্ঠুৰতা আৰু অবিবেচনাহে প্ৰকাশ পাইছিল৷
অৱশ্যে মোৰ
পত্নীৰ প্ৰতি কোনোবাই আশ্ৰাৱ্য বাক্য প্ৰয়োগ কৰিব আৰু মই জড় পদাৰ্থৰ দৰে সেইখিনি
শুনি বহি থাকিম– ই অসম্ভৱ৷ এইটো যুক্তিৰেই মই দুঃশাসনৰ বুকু ছিৰি তেজ খাইছিলোঁ আৰু
দ্ৰৌপদীয়েও নিজৰ মুক্তকেশ ৰক্তৰঞ্জিত কৰিছিল৷
দ্ৰৌপদী...
দ্ৰৌপদীয়েই বাৰু মোৰদ্বাৰা এনে অকাৰ্য কৰালে নেকি? ভাতৃৰ ৰক্তৰে মই
মোৰ শুষ্ককণ্ঠ সিক্ত কৰিলোঁ...
পাঞ্চালীৰ প্ৰতি
মোৰ প্ৰেম অকৃত্ৰিম বুলিয়ে মোৰ বিশ্বাস৷ লগতে মই তেওঁক শ্ৰদ্ধাও কৰোঁ৷ বিধিৰ হাতৰ
পুতলা হৈ যিগৰাকী নাৰীয়ে পাঁচজনকৈ ভাতৃৰ সৈতে সম্ভোগত লিপ্ত হ’বলগীয়া হৈছে
সেইগৰাকীৰ প্ৰতি সেই পঞ্চভ্ৰাতাৰ অসহায় এজন হৈও শ্ৰদ্ধাশীল হোৱাটো মোৰ বিৱেচনাৰে
মোৰ দোষ হ’ব নোৱাৰে৷
-------
(আগলৈ)