অন্যযুগ/


ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ


এঘাৰ

সাতোৰজা, পাচোঁৰজা আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন বহিছিল৷ সভাত  যোগ দিছিল ৰহীয়াল বৰুৱা আৰু জাগীয়লীয়া গোহাঁয়েও৷ চহৰী, গোভা আৰু উত্তৰখোলাৰ ৰজাই এই সভালৈ আহিব পৰা নাছিল, কিন্তু কটকী পঠিয়াইছিল৷ সভাত যোগ দিছিল বিভিন্ন ৰজাৰ অধীনত থকা গাঁওবোৰৰ মেনাবোৰেও৷ কোনো ৰজাৰ অধীনত নথকা কামপুৰ, যমুনামুখ আদি অঞ্চলৰ গাঁওবোৰলৈ গৈ মেনাবোৰক তেমেকাহঁতে সভালৈ মাতি আনিছিল৷ তিনিদিন ধৰি চলা প্ৰথম সভাখনত প্ৰথমে যুদ্ধ নকৰি চৰকাৰক কৰ কমাবলৈ অনুৰোধ কৰাৰ সিদ্ধান্ত কৰা হ’ল৷ তাৰ বাবে দৰকাৰ হ’লে ৰাইজ মেল পাতি প্ৰতিবাদ কৰিব৷ যদিহে চৰকাৰ মান্তি নহয় তেন্তে যুদ্ধ কৰিব, অৰ্থাৎ এখন ধেৱা পাতিব৷ তিৱা ভাষাত ধেৱা মানে যুদ্ধ৷ এই সভাতে সকলো ৰজাই ধেৱাখনত জিকিবৰ বাবে হোম সবাহ পাতিবলৈ সিদ্ধান্ত লৈছিল৷ দ্বিতীয় সভাখনত লক্ষণসিং ডেকাক সেনাপতি পাতি ধেৱাৰ সামৰিক দিশৰ দায়িত্ব দিয়া হ’ল৷ তেওঁ টোপাকুছি ৰজাৰো সেনাপতি৷ তেওঁৰ মতেই সহযোগীসকলক বাছনি কৰি ল’বলৈ সভাই অনুমতি দিছে৷ আৰু টোপাকুছিৰ ৰজাই সকলোতে চকু দিয়াৰ দায়িত্ব লৈছে৷ আনফালে খাইগড়ৰ ৰজা শুভ সিঙক সৈনিকবোৰৰ খোৰাকি যোগান দিয়াৰ দায়িত্ব দিয়া হৈছে৷

এতিয়া বাৰিষা সোমাল৷ মানুহবোৰে খেতিত নালাগিলে নহয়৷ কিন্তু লক্ষণসিঙে ধেৱাৰ কাম পেলাই থ’ব খোজা নাই৷ সেয়ে তেওঁৰ নিৰ্দেশ অনুসৰি খেতিৰ কামৰ লগতে ডেকাবোৰে যুদ্ধৰ আখৰাও কৰি থাকিবলগা হৈছে৷ সেনাপতিয়ে কিছুমান ডেকাক যুদ্ধৰ প্ৰশিক্ষণ দি গাঁৱে গাঁৱে পঠিয়াইছে৷ বয়সিয়ালসকলো বহি থকা নাই৷ মাজে মাজে কেইবাখনো গাঁৱৰ বয়সিয়াল মানুহ লগ হৈ বিষয়বোৰ আলোচনা কৰি কেনেকৈ আগ বাঢ়িব তাৰে চিন্তা কৰিছে৷ কিন্তু বাৰিষা খেতিৰ কামৰ বাবে সকলোবোৰ মানুহে লগ হৈ একো কৰিব পৰা নাই৷ বাৰিষা পাৰ হ’লে, খেতিৰ কামো শেষ হ’ব৷ তাৰ পাছতহে ৰাইজে ভালদৰে ধেৱাৰ কামত ধৰিব পাৰিব৷

তেমেকা লক্ষণসিঙৰ নিৰ্দেশ অনুসৰি ভিভিৰাম কমাৰৰ ওচৰলৈ যাবলৈ ধৰিলে অস্ত্ৰ-শস্ত্ৰৰ খবৰ কৰিবলৈ৷ ভিভিৰামে বুঢ়া মোলানকটাৰ পৰা অলপ আঁতৰত জংঘলৰ মাজত কমাৰশাল পাতি লৈছে৷ তেমেকা আজি অকলশৰীয়া৷ কেৰ্পাই তাৰ লগত নাই৷ লক্ষণসিঙৰ নিৰ্দেশক্ৰমে কেৰ্পাই কামপুৰ-যমুনামুখৰ ফালে গৈছে প্ৰশিক্ষণপ্ৰাপ্ত সৈনিক চাৰিজনক লৈ৷ সৈনিককেইজনে সিফালৰ ডেকাল’ৰা কিছুমানক যুদ্ধৰ প্ৰশিক্ষণ দিব৷ তেনেদৰে বাৰিকা বুদ্ধেশ্বৰ, কাতিৰাম, দিনেশ্বৰ গৈছে দন্দুৱা, ঘগুৱা, মায়ং আদি ঠাইলৈ৷ সিহঁতৰ লগতো গৈছে কেইবাজনো সৈনিক৷ সৈনিকবোৰৰ লগত ঢাল-তৰোৱাল আছে৷ সেইবাবে সিহঁতক জংঘলৰ মাজেৰে নিয়াটোহে নিৰাপদ৷ জংঘলৰ বাটবোৰ বাৰিকাবোৰেহে চিনি পায় বাবে সৈনিকবোৰক গন্তব্য স্থানলৈ নিয়াটো বাৰিকাবোৰৰহে দায়িত্ব৷

তেমেকা ভিভিৰাম কমাৰৰ ভাটিত উপস্থিত হ’ল৷ ইয়াত অকল ভিভিৰামে কাম কৰি থকা নাই৷ তেওঁৰ তত্ত্বাৱধানত চোৱাবৰকে ধৰি দহজন মানুহে কাম কৰি আছে যুদ্ধৰ গতিৰে৷ এডাল ডাঙৰ আঁহতগছৰ তলতে ভিভিৰামৰ কমাৰশালবোৰ গঢ়ি তোলা হৈছে৷ প্ৰতিখন শালতে অহৰহ কাম চলি আছে৷

তেমেকা আগতেও দুবাৰ ইয়ালৈ আহিছিল লক্ষণসিঙৰ নিৰ্দেশত৷ সেয়ে ভিভিৰামে তাক চিনি পায়৷ কাষ আিহ পোৱাৰ লগে লগে ভিভিৰামে তাক সুধিলে– “হেনাপতিয়ে কিবা খব’ পঠিয়াইছে নাকি?”

“খব’ মানে খব’ কঈবাহে পঠিয়াইছে৷ কিমান ঢাল-তউৱাল হাজা হৈছে তা’ খব’ কঈবাহে দিছে৷ হৈনিকবোঅ জোখাএ ঢাল-তউৱাল আৰু কাফাই হোৱাগৈ নাই৷”

“হ’ব হ’ব৷ হ’বগৈ৷ মাত্ৰ লোহাবো’ ঠিকমতে আহি পালেই হৈ যাব৷ আমি কাম আগ বহাই নি আছং৷”

তৰোৱাল সাজিবলৈ লোহাৰ প্ৰয়োজন৷ প্ৰয়োজন অনুসৰি লোহা সংগ্ৰহ কৰি দিব পৰা নাই বাবে ভিভিৰামে মাজে মাজে কাম বন্ধ কৰিবলগীয়া হৈছে৷ লোহা সংগ্ৰহ কৰিবৰ বাবে কিছুমান মানুহক দায়িত্ব দি থোৱা আছে৷ ঠায়ে ঠায়ে কিছুমান দা-কটাৰী-কোৰ আদি সজা কমাৰ আছে৷ তেওঁলোকে কিছুমান ঠাইৰ পৰা লোহা আমদানি কৰে৷ লোহা গোটাবলৈ নিয়োগ কৰা মানুহবোৰে এনে কমাৰৰ সহায়ত লোহা গোটাইছে৷ তদুপৰি পুৰণি দা, কটাৰী, কোৰ, নাঙলৰ ফাল আদিকো মানুহবোৰে গোটাই আনি ভিভিৰামক দিছেহি৷ পুৰণি বস্তুবোৰকো গলাই পিটি ভিভিৰামে যাঠি, চুৰি আদি সাজিছে৷ তেমেকাই তেওঁক সুধিলে– ‘‘কাকা! এতিয়া কেইখন ঢাল-তউৱাল নিবা পাআ যাব?’’

“এতিয়া পাঁচখন তউৱাল আৰু পাঁচখন ঢাল নিবা পাঈবি৷ আউ আঠখন তউৱাল’ কাম আধা হৈ আছে৷ কাইলৈ লৈ যাবা পাঈবি৷”

“আজি নহ’লে মই পাঁচখন তউৱাল আউ ঢাল পাঁচখন লৈ হেনাপতিক দিমগৈ৷”

“হ’ব, লৈ যাবি৷ তই অলপ হময় অ৷”

তেমেকা গছৰ মূঢ়া এটাতে বহিল৷ ভিভিৰামে কমাৰশালৰ জুইত দিয়া লোহা উলিয়াই হাতুৰীৰে কোবাবলৈ ধৰিলে৷ তেওঁ মাজে মাজে লোহা টুকুৰা লুটিয়াই-বগৰাই চাই প্ৰয়োজন মতে পুনৰ কোবালে৷ তেমেকাই তাৰ কামকে চাই থাকিল৷

চাৰিজন ডেকা আহি তাত উপস্থিত হ’লহি৷ সিহঁতে দুটা বস্তাত কিবা বস্তু লৈ আনিছে৷ ডেকাকেইজন তেমেকাৰ চিনাকি৷ ভিভিৰামে সিহঁতক সুধিলে– ‘‘লোহা পাইছ না?

“পাইছং অলপ৷”– ডিম্ব নামৰ ডেকাজনে মাত দিলে৷

“কমাবোঅ’ পআ আনিছ না?

“অ কাকা, হিন্ত’ পআই আনিছং৷”

“তেতিয়া হ’লে লোহাবো’ ভালেই হ’ব৷ চাং লোহাবো’৷”

ডেকা চাৰিজনে বস্তাত থকা লোহাবোৰ মাটিত বাকি দিলে৷ তেমেকাই চাই দেখিলে একোখন তৰোৱালৰ জোখত কটা ডাঙৰ ডাঙৰ ৰ’ড কিছুমান৷ ৰ’ডবোৰ দেখি হাঁহি এটা মাৰি ভিভিৰামে মাত দিলে– ‘এনেকুৱা অ’ড পালে ভাল৷ কষ্ট কম হয়৷ তউৱাল হাজা কামো হংকালে হয়৷ পুঅণি দা-কটাঈবো জোআ দি তউৱাল হাজাটো ব আহুকাল৷ কষ্ট হয়৷ ভালো নহয়৷ পাঈলে তন্তে এনেকুৱা অ’ডেই আনিবি৷ তেতিয়া আমা’ কাম হহজ হ’ব৷ তউৱালো কম দিন’ ভিতঅতে বহুত হাজিবা পাঈম৷”

“অ এনেকুৱা অ’ডেই আনিম৷ কমাবোঅক এনেকুৱা অ’ডকে গোটাবলৈ কৈ আহিছং৷”

“ভাল কথা৷ এনেকুৱা অ’ডেই আিনবি৷”

আহাৰ মাহ৷ বেলিটো ৰাতিপুৱাৰে পৰা উজ্জ্বল পোহৰ বিলাই আছে৷ বট গছডালত পাতবোৰে সূৰ্যৰ পোহৰ তলত পৰিবলৈ দিয়া নাই৷ চাৰিখন কমাৰশালত অহৰহ জুই জ্বলি আছে৷ কমাৰশালকেইখনৰ ওপৰত একোখনকৈ চালি দিয়া হৈছে বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ৷ আহাৰ মাহৰ গৰম আৰু জুইৰ উত্তাপত ভিভিৰামৰ আটিল উদং গাত উঠিছে ঘামৰ চিকমিকনি৷ জুইৰ ধোঁৱায়ো তেওঁক বৰ আমনি কৰিছে৷ তেওঁ কান্ধত লোৱা গামোচাখনৰে বাৰে বাৰে মুখখন মচিছে৷ আনবোৰ কমাৰৰো অৱস্থা একেই৷ বগা বঙালৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে এই গৰম তেওঁলোকে সহ্য কৰিবই লাগিব৷ কথাটো হৃদয়েৰে অনুভৱ কৰিছে বাবে তেওঁলোকে একেৰাহে কাম কৰি গৈছে, গৰমলৈ তেওঁলোকৰ ভ্ৰূক্ষেপ নাই৷ ভিভিৰামে শালৰ পৰা এডাল লোৰ ৰ’ড উলিয়াই হাতুৰীৰে কোবাবলৈ ধৰিলে৷ আন কমাৰবোৰৰো হাতুৰী চলিছে৷ হাতুৰীৰ শব্দত চাৰিওফাল মুখৰিত হৈ পৰিছে৷ তেমেকাই ভিভিৰামৰ কামবোৰকে একেথৰে চাই ৰ’ল৷ 

তেমেকাৰো গৰম লাগিছে৷ এনে গৰম তাৰ চিনাকি৷ গৰমক নেওচি সি চাৰিওফালে ঘূৰি ফুৰে– আজি যদি সি ধৰমতুলত কাইলৈ মাজবড়িত তাৰ পাছদিনা কামপুৰত৷ ৰদ-বৰষুণক, গৰম-ঠাণ্ডাক নেওচি ঘূৰি ফুৰাই তাৰ কাম৷ এতিয়াও সি ঢাল-তৰোৱাল লৈ কটহগুৰিলৈ যাব লাগিব৷ সি ভিভিৰামক ক’লে– ‘‘কাকা, ঢাল-তউৱালখিনি দিলে এই তেমেকা যাবা পাএ৷”

“অ কামত লাগি থাকংতে ত’ কথা পাহঈএ গৈছিলং৷ ঐ ঢেপেলা! ঢাল-তউৱালখিনি লুকুৱাই থোৱা ঠাঈ পআ উলিয়াই আনচোন৷”– ভিভিৰামে ঢেপেলা নামৰ ডেকাটোক পাচিলে৷

ঢেপেলাই লুকুৱাই থোৱা ঠাইৰ পৰা ঢাল-তৰোৱালখিনি উলিয়াই আনি ভিভিৰামৰ সমুখত থ’লে৷ ভিভিৰামে তেমেকাক ক’লে– ‘‘এইকেইখন এতিয়া লৈ যা৷ হেনাপতিক ক’বি লোহা আহি পাইছে৷ দুদিনমান পাছত আউ¸ তউৱাল দিবা পাআ যাব৷ লোহা ঢাল আউ নাহাজং৷ লোহা পাবলৈ টান৷ গতিকে গঅ’ ছাল বিচাঈ ঢাল হাজাহে ভাল হ’ব৷ ফুলগুঈ  কোনোবা এজনে গঅ’ ছালেএ ঢাল হাজিছে বুলি হুনিছং৷ গ’ মাঈ হ’লেও ছাল আনিবা লাগিব৷”

“ঠিকে কৈছে৷ অজা আউ হেনাপতিয়ে ইয়া’ বাবে ব্যৱস্থা লৈছে৷ গ মাঈবলৈ চিকাঈ লগাইছে৷ গ’ মাঈবা পাঈলে ঢালবো’ গঅ ছালেএ হাজিবা পাআ যাব৷”

“অ অজা-হেনাপতিয়ে ঠিক কঈছে৷”

“মায়ং ফালে গ’ বেচি আছে৷ আমা’ টোপাকুছি দেওঅজাই হিফালেই বেচিকে চিকাঈ পঠাইছে৷ মায়ঙ’ অজালৈকো খব’ পঠাইছে গ’ মাঈ ছাল পঠাবলৈ৷”

“ব’ ভাল কাম কঈছে৷ আমি আউ ঢাল নাহাজং৷ জানা মানুহবোএ গঅ ছাল’ পআ ঢাল হাজক৷”

তেমেকা বহাৰ পৰা উঠিল৷ সি ঢাল-তৰোৱাল সুমুৱাই ৰখা বস্তাটো কান্ধত তুলি লৈ ভিভিৰামৰ পৰা বিদায় ল’লে আৰু কটহগুৰিলৈ বুলি খোজ পেলালে৷

ভিভিৰামৰ কমাৰশালৰ পৰা কটহগুৰিলৈ গ’লে মাজতে পাৰ হ’ব লাগে নগাঁৱলৈ যোৱা ৰাস্তাটো৷ ৰাস্তাটোৰে মাজে মাজে গৰুগাড়ী-মহগাড়ী আহে৷ ঘোঁৰাত উঠি কোনো পুলিচ আৰু কোনো কোনো বিষয়াও আহে৷ ৰাস্তাটো পাৰ হওঁতে তেমেকা সদায় সাৱধান হয়৷ তাতে আজি তাৰ লগত আছে ঢাল-তৰোৱাল৷ ৰাস্তাটো পোৱাৰ  লগে লগে সি ৰৈ কাণ উণালে কোনো গাড়ীৰ শব্দ নতুবা ঘোঁৰাৰ পদশব্দ শুনে নেকি বুলি৷ ৰাস্তাটো নিজম পৰি আছে৷ কোনো শব্দ নুশুনি সি ৰাস্তাটো পাৰ হ’ল আৰু কটহগুৰিলৈ বুলি গৈ থাকিল৷

তেমেকা কটহগুৰি পাই চিধাই উঠিলগৈ লক্ষণসিঙৰ ঘৰত৷ লক্ষণসিঙৰ ঘৰৰ পিছফালে থকা বাৰীখনত এইকেইদিন ডেকা কিছুমানক তৰোৱাল চলোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে৷ বাৰপূজীয়া, টোপাকুছি, কুঁহিগুৰি, ফুলগুৰি, সৰাগাঁও, দীঘলী আটী আদি গাঁৱৰ ডেকাক ইয়াতে প্ৰশিক্ষণ দি বিভিন্ন ঠাইলৈ পঠিয়াই থকা হৈছে৷ ইয়াত প্ৰশিক্ষণপ্ৰাপ্ত ডেকাই আন গাঁৱৰ ডেকাবোৰক প্ৰশিক্ষণ দি আছেগৈ৷ লক্ষণসিঙে আজি কাৱৈমাৰিলৈ দুজন আৰু বতাবাৰীলৈ দুজন প্ৰশিক্ষণপ্ৰাপ্ত ডেকাক পঠিয়াব৷ এইকেইজন ডেকাক তেমেকাই বাট দেখুৱাই লৈ যাব লাগিব৷ তেমেকাই ঢাল-তৰোৱালৰ বস্তাটো বাৰাণ্ডাতে থৈ লক্ষণসিঙৰ ঘৰত বন্ধা হিচাপে থকা মনবৰক মাতিলে– “মনব’, অ মনব’!”

তেমেকাৰ মাত শুনি মনবৰ বাৰীৰ ফালৰ পৰা আহি তাৰ কাষত হাজিৰ হ’ল৷ তেমেকাই তাক সুধিলে– ‘‘হেনাপতি ডাঙঈয়া নাই নাকি?

“আছে৷ বাঈ ভিতঅতে ডেকাবোঅ’ লগত আছে৷ আহ তালৈকে৷”

“ব’ল৷”

তেমেকাই ঢাল-তৰোৱালৰ বস্তাটো কান্ধত লৈ মনবৰৰ পিছে পিছে গৈ লক্ষণসিঙৰ কাষত হাজিৰ হ’ল৷ বাৰীৰ ভিতৰত দহজন ডেকাই অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ লৈ আছে৷ তেমেকাক দেখাৰ লগে লগে লক্ষণসিং তাৰ কাষ চাপি আহিল৷ তেওঁ সুধিলে– “কেইখন তৰোৱাল পালা? আৰু ঢাল?

“তউৱাল পাঁচখন আউ ঢালো পাঁচখন৷ ভিভিআম কাকাই কৈছে লোহা ঢাল আউ নাহাজে৷”

“ঠিকে আছে৷ লোহা ঢালৰ বৰ শব্দ হয়৷ গঁড় মাৰি ছালেৰে ঢাল সাজিবলৈ দিয়া হৈছে৷ তুমি ইয়াৰ পৰা চাৰিজন সৈনিক লৈ যাবা৷ দুজন বতাবাৰী গাঁৱৰ বাবে আৰু দুজন তোমালোকৰ গাঁৱৰ বাবে৷ আজিয়েই লৈ যাবা৷”

“হ’ব হেনাপতি৷”

লক্ষণসিঙে পশ্চিম আকাশৰ দুৱাৰডলিত ভৰি থোৱা বেলিটোলৈ চাই পুনৰ ক’লে– “যোৱাঁ তোমালোকে ভাত খাই লোৱাঁগৈ৷ তোমালোকৰ যাবৰ সময় হৈছেই৷”

তেমেকা চাৰিজন সৈনিকৰ লগত পাকঘৰলৈ আহিল৷ সিহঁতে মনবৰক ভাত দিবলৈ ক’লে৷

ভাত খাই উঠি তেমেকাই লক্ষণসিঙৰ পৰা বিদায় লৈ বতাবাৰী গাঁৱলৈ খোজ ধৰিলে৷ তাৰ লগত চাৰিজন সৈনিক৷ সৈনিককেইজনৰ হাতত আাছে ঢাল-তৰোৱাল৷

সাধাৰণতে বতাবাৰীলৈ যোৱা বাটেৰে নগৈ আন এটা বাটেৰে তেমেকাই খোজ পেলালে৷ এই বাটটো বেছি লুংলুঙীয়া৷ এই বাটেৰে আন কোনো মানুহ নাহে৷ তেমেকা আৰু তেমেকাৰ নিচিনা বাৰিকাবোৰেহে আহে৷ অহা-যোৱা খুব কম হোৱা বাবে মাটিত মানুহৰ খোজৰ চিন নায়েই বুলিব পাৰি৷ সেইবাবে এইটোক বাট বুলি কোনেও ধৰিব নোৱাৰে৷

তেমেকাহঁত গৈ থাকিল৷

এঠাইত হঠাতে এজাক হাতীৰ লগত সিহঁত মুখামুখী হ’ল৷ হাতীৰ জাকটো সিহঁতৰ বাটটো পাৰ হৈ উত্তৰ দিশত থকা আটীটোৰ ফালে গৈছে৷ সিহঁতে নিশ্চয় আটীটোত থকা ঘাঁহ-বন, গছৰ ডাল-পাত খাই কেইদিনমান থাকিব৷ হাতীবোৰ এইটো অঞ্চলত এনেদৰেই ঘূৰি ফুৰে৷

এটা সময়ত হাতীবোৰ তেমেকাহঁতৰ বাটটো পাৰ হৈ গুচি গ’ল৷ তেমেকাহঁতে যাবলৈ ভৰি লৰাওঁতেই সিহঁতৰ ওচৰত ওলাল এটা দঁতাল হাতী৷ তেমেকাহঁত গছ বগুৱাত পাকৈত৷ হাবি-জংঘলত ঘূৰি ফুৰিব লাগে বাবে সিহঁতে গছত উঠা অভ্যাস এটা গঢ়িয়েই লৈছেþ৷ সিহঁত জোৰেৰে দৌৰ মাৰি গৈ এডাল ডাঙৰ গছত উঠিল৷ হাতীটো খেদা মাৰি আহি সিহঁত উঠা গছডালৰ তল পালে৷ তেমেকাহঁতে গছৰ ওপৰৰ পৰা হাতীটোক চাই থাকিল৷ হাতীটোৱে গছৰ তলত তেমেকাহঁতক নাপাই কিছু সময় ৰৈ লাহেকৈ জংঘলৰ মাজলৈ গুচি গ’ল৷ তেমেকাই মাত দিলে– ‘‘এইটো জাক’ পআ খেদা খোৱা অকলহঈয়া হাতী৷ ই চাগে’ হাতী জাকটো’ মুখিয়াল হ’বা খুজিছিল৷ তা’ বাবে ই এতিয়া থাকা মুখীয়াল হাতীটো লগত যুঁজিছিল৷ কিন্তু তাক বলে নোৱাঈলে৷ হেইবাবে মুখিয়াল হাতীটোৱে ইয়াক জাক’ পআ খেদি দিছে৷”

“এনেকুৱা হাতী ব’ আপদীআ৷’’– দেৱেশ্বৰ নামৰ সৈনিকজনে মাত দিলে৷ “হাতীটোক দেখিয়েই ধঈবা পাঈছিলং ই কেনেকুৱা ধঅণ’৷ যুঁজত হাঈ এনেকুৱা হাতী ব’ খঙাল হৈ থাকে৷ কাউবাক কাখত পালে আক’মণ কএ৷ এনেকুৱা হাতীয়ে মানুহ মাএ৷ হন্মুখত পালে গউ-ছাগলীকো মাএ৷ আমা’ ভাগ্য ভাল আছিল৷ আমি এই গছডালত উঠিবা পাঈলং৷ গছডালত উঠিবলৈকো হুবিধা আছে৷ হেই কাণে আমি পাঁচটাই হংকালে উঠিবা পাঈলং৷”

“হাতীটো দূঅলৈ গ’ল না?

“অ অলপ হময় অচোন৷”

কিছু সময় গছৰ ওপৰত থাকি তেমেকাহঁতে হাতীটোৰ উমান ল’লে৷ হাতীটোৰ কোনো উমঘাম নাপাই সিহঁত গছৰ তললৈ নামি আহিল আৰু সতৰ্কতাৰে নিজৰ বাটত খোজ পেলালে৷

বেলি মাৰ যাবলৈ কিছু সময় থাকোঁতে তেমেকাহঁত বতাবাৰীত উপস্থিত হ’ল৷ জংঘলৰ বাকীখিনি বাটত সিহঁতে কোনো আহুকালৰ সন্মুখীন হোৱা নাছিল৷

বতাবাৰী গাঁও পায়েই তেমেকাই খুৰাকৰ জীয়েক ৰহেমাইৰ ঘৰলৈ পোনালে৷ পিছে পিছে সৈনিককেইজন৷ ৰহেমাইৰ ঘৰৰ চোতালত ভৰি থৈয়েই তেমেকাই মাত দিলে– “ৰহেমাই,  ৰহেমাই৷ ঘঅত আছ না?

ঘৰৰ ভিতৰৰ পৰা ওলাই আহি তেমেকাক দেখি ৰহেমায়ে মাত দিলে– “অ কাকা আহিছ? আহ আহ, এতিয়া বাআণ্ডাতে বহচোন৷”

ৰহেমায়ে বাৰাণ্ডাত ঢাৰি পাৰি দিলত তেমেকাহঁত তাতে বহিল৷ তেমেকাহঁতক ঘামি-জামি অহা দেখি ৰহেমায়ে এচুঙাকৈ পানী আনি দিলে, লগতে একোখনকৈ বিচনীও দিলে৷ তেমেকাই বিচনীৰ বা লৈ লৈ তাইক সুধিলে– “বৈনাইটো ঘঅত নাই নাকি?

“নাই, পথাঅত আলি দিবা গৈছে৷ গধূলিহে আহি পাব৷”

“অ গধূলি হ’বএ হ’ল৷ অলপ পাছতে আহি পাব নিশ্চয়৷ আমি আজি ত’ ঘঅতে থাকিম৷ ইয়াতে আমা দুজন হৈনিক থাকিব৷ তন্ত ঘঅতে আখিবি৷ মই কাইলৈ আন দুজন হৈনিক আমা গাঙলৈ লৈ যাম৷”

“হ’ব দে৷”

“অহেমাই! তন্ত গাঙ’ বাঈকা কোন?

“পদেশ্ব’৷ তাক’ পথাঅলৈ যোৱা দেখিছিলং৷”

“নহ’লে গধূলিলৈকে অ’ব’ লাগিব৷ হকলোৱে পথাঅ’পা আহি পাক৷ এতিয়া গাঙত মতা মানুহ নায়েই চাগে’৷”

“কোনোবা দুই-এটা থাকিবা পাএ৷ বেছিভাগেই পথাঅত আছেগৈ৷”

তেমেকাই সৈনিককেইজনৰ লগত কথা পাতি থাকিল৷ মাজতে ৰহেমায়ে এচুঙাকৈ চাহ দি গ’ল৷ চাহৰ লগত খাবলৈ তাই তেমেকাহঁতক দিলে একোটাকৈ চেনিকল৷

গধূলি হ’ল৷ পথাৰত কাম কৰি থকা মানুহবোৰ ঘৰলৈ ঘূৰি আহি আছে৷ কান্ধত কোৰ এখন লৈ পুহবৰো আহি ওলাল৷ সি আিহয়েই তেমেকাক দেখি মাত দিলে– “অ জেঠেঈ দেখোন৷ কিমান হময়ত পালিহি?

“অলপ হময় হ’ল৷ খেতি কাম আগ বাহিছে না?

“কালিলৈ এবিঘামান মাটিত ব’কা দিম৷”

“মঅহে নহৈছেগৈ৷ আইজ’ কামত ঘূঈ থাকংতে খেতিত ধঈবাই পাআ নাই বুলিবা পাঈ৷ পিতায়ে যি কঈছে হেয়াই৷ এইকেইজন আমা’ ধেৱা হৈনিক দেই!”

তেমেকাই সৈনিককেইজনক পুহবৰৰ লগত চিনাকি কৰি দিলে৷ তাৰপাছত সি ক’লে– “তন্ত’ গাংবুআ, মেনা আউ বাঈকাক লাগিছিল৷ গাঙ’ আন বয়সিয়াল মানুহখিনি আহিলেও ভাল হ’ব৷ বাঈকাক কৈ ইয়ালৈকে ডেকা-বুআ হকলোকে গধূলি হময়তে মাতি দিলে ভালেই হ’ব৷ কথা এটা আলচ কঈবা লাগে৷ কথাটো হকলোৱে জানক৷”

“হ’ব, বাঈকাক কথাটো কৈ আহং৷”

“ডেকা-বুআ হকলোকে মাতিছে বুলি ক’বি৷”

“অ তেনেকৈয়ে ক’ম৷”

পুহবৰ ওলাই গ’ল৷

বাৰিকাক মানুহ মাতিবলৈ কৈ পুহবৰ অলপ পাছতে ঘৰত আহি হাজিৰ হ’ল৷

কিছু সময় পাৰ হ’ল৷ এজন-দুজনকৈ মানুহ আহি পুহবৰৰ চোতালত হাজিৰ হ’ল৷ ৰহেমায়ে মানুহবোৰক বহিবলৈ চোতালত ঢাৰি পাৰি দিলে৷ মানুহবোৰ বহিল৷ পুহবৰে চোতালৰ মাজত এটা মাটিচাকি জ্বলাই দিয়াত চোতালখন পোহৰ হৈ পৰিল৷

গাঁৱৰ সকলোবোৰ ডেকা আৰু বয়সিয়াল মানুহ গোট খোৱাৰ পাছতে তেমেকাই ক’বলৈ ধৰিলে– ‘‘গাংবুআ, মেনা আউ আইজ, এটা কথা আমি হকলোৱে জানং৷ ইংআজে ক’ লগাই লগাই আমাক কষ্ট কঈলেও খাবা নোপোৱা কঈলে৷ মই গম পাইছং, এইখন গাঙলৈকো মৌজাদাঅ মানুহ আহিছিল আউ কঅ নামত ডকাইত’ দএ বস্তু-বাহানি লৈ গৈছিল৷ হয় না নহয় আইজ৷”

“হয় হয়৷”– চাৰিওফালৰ পৰা সমৰ্থন আহিল৷

“গাংবুআ আৰু মেনাই ভালদএ জানে, টোপাকুছিত পাঁচো অজা-হাতোঅজা আউ বিষয়ববীয়াই আলচ কঈ কঅ’ পাআ এহাই দিবলৈ ডিচিক আৱেদন কঈব’৷ আৱেদন নাকচ কঈলে আইজ মেল পাতিব৷ এই আইজ মেল’ যোগেদি আমা’ জিলা ডিচিক কৈ চঅকাঅক আৱেদন কঈব’৷ যদি চঅকা’ মান্তি হয় একো কঈবা নাথাকিব৷ যদিহে চঅকা মান্তি নহয় তেন্তে যুদ্ধ কঈব’ লাগিব৷ পাঁচোঅজা-হাতোঅজাই নিজ নিজ এলেকাত হৈন্য-বাহিনী ঠিক কঈছে৷ টোপাকুছি অজা আউ হেনাপতিয়ে হকলোবিলাক চম্ভালি আছে৷ খাইগ’ অজাও বহি থকা নাই৷ হৈনিকবিলাক’ বাবে খোৱাবস্তু গ’টাই আছে৷ আজি ম’ লগত হেনাপতি লক্ষণসিঙে চাঈজন হৈনিক পঠাই দিছে৷ দুজন মই ইয়াত থৈ যাম৷ ইন্তে ইয়া’ ডেকাবোঅক যুদ্ধ হিকাব৷ আমা’ ডেকাবোএ হিকিবা লাগিব৷ হিকিবি না ডেকাহঁত?

“অঁ হিকিম হিকিম৷”– ডেকাবোৰে মাত দিলে৷

“তেন্তে দুজন হৈনিক ইয়াত আখিলং৷ ইন্ত খোৱাবোৱা আইজে দিবা লাগিব৷”

“হ’ব হ’ব, চিন্তা কঈবা নালাগে৷”– গাঁওবুঢ়াই মত দিলে৷

“তেন্তে কালি পআ ডেকাবোএ যুদ্ধ হিকিব৷”

“অঁ অঁ, কালি পআই হিকিম৷”

ডেকাবোৰৰ পৰা সঁহাৰি পাই তেমেকাৰ ভাল লাগিল৷

ৰহেমাই আৰু গাঁৱৰে দুজনী ছোৱালীয়ে ৰাইজৰ মাজলৈ ৰঙাচাহ লৈ আহিল৷ সকলোৱে ৰঙাচাহ খাই খাই ইংৰাজ চৰকাৰৰ কথা কৈ থাকিল৷

এটা সময়ত সকলোবোৰ মানুহ ঘৰাঘৰি গুচি গ’ল৷

ৰাতিৰ ভাত খাবৰো হৈ আহিল৷ ৰহেমায়ে ভাত খাবলৈ মাতিলত তেমেকাই পুহবৰ আৰু সৈনিককেইজনৰ লগত পাকঘৰত বহি ভাত খালে৷ সিহঁতৰ পিছতে ৰহেমাইহঁতৰ ভাত খোৱা হ’লত তেমেকাই শুব বিচাৰিলে৷

এটা কোঠাত ঢাৰি পাৰি সৈনিক চাৰিজন আৰু তেমেকা শুবৰ বাবে পুহবৰে বিছনা ঠিক কৰি দিলে৷ সেই বিছনাত বাগৰ দিয়াৰ অলপ পাছতে ভাগৰুৱা তেমেকাহঁত টোপনি গ’ল৷

পাছদিনা ৰাতিপুৱা শুই উঠি ৰঙা চাহ একাপ খাই দুজন সৈনিকক লগত লৈ তেমেকাই নিজৰ গাঁও কাৱৈমাৰিলৈ খোজ ল’লে৷ কাৱৈমাৰিলৈ ইয়াৰ পৰা এমাইলমানৰ বাট৷      

 

বাৰ 

আন্ধাৰ হোৱাৰ লগে লগে যুদ্ধবিদ্যাৰ প্ৰশিক্ষণ বন্ধ কৰি দিয়া হ’ল৷ তেমেকাই এইকেইদিন ঘৰতে থাকি খেতিৰ কামৰ উপৰি যুদ্ধবিদ্যাও শিকি আছে৷ আকাশত পূৰ্ণিমাৰ জোন আছে যদিও ইয়াৰ পোহৰত যুদ্ধৰ আখৰা কৰিব নোৱাৰি৷ প্ৰশিক্ষণপ্ৰাপ্ত সৈনিককেইজনক নিজৰ ঘৰতে তেমেকাই খুৱাই-বুৱাই ৰাখিছে৷ অৱশ্যে মাজে মাজে আন কিছুমান ডেকায়েও গধূলিৰ সাঁজটো খুৱাবলৈ আৰু নিজৰ ঘৰতে ৰাখিবলৈ লৈ যায়৷ আজি ভদ্ৰেশ্বৰে সিহঁতৰ ঘৰতে সৈনিককেইজনক ভাত খুৱাব আৰু ৰাতিও ৰাখিব৷

ঘৰৰ খেতিৰ কামত বাপেকক সহায় কৰিব লাগিব বুলি তেমেকাই আহিবৰ সময়ত কৈ আহিছে লক্ষণসিঙক৷ সেনাপতিয়েও কৈছে বিশেষ দৰকাৰ নহ’লে তাক নামাতে বুলি৷ তাক মাত্ৰ নিৰ্দেশ দিছে গাঁৱৰ ডেকাবোৰৰ লগত যুদ্ধৰ প্ৰশিক্ষণ ল’বলৈহে৷ বাৰিকা হ’লেই যুদ্ধবিদ্যা জানিব নালাগে বুলি কথা নাই৷ সময়ত আত্মৰক্ষাৰ বাবেও ইয়াৰ প্ৰয়োজন হ’ব৷ সেই নিৰ্দেশ অনুসৰিয়েই সি আগবেলাটো পথাৰৰ কামত লাগে আৰু ভাতিবেলা যুদ্ধৰ প্ৰশিক্ষণত ভাগ লয়৷ কেতিয়াবা গধূলিলৈকে পথাৰৰ কামত লাগি থাকিবলগীয়া হ’লে তাৰ প্ৰশিক্ষণত ভাগ লোৱা নহয়গৈ৷

তেমেকা ঘৰত উপস্থিত হৈ গাটো ধুই লোৱাৰ কথা চিন্তা কৰিলে৷ গৰমত দিনৰ দিনটো সি ঘামিছে৷ গাৰ ঘামখিনি ধুই পেলালেহে তাৰ সতেজ লাগিব বুলি সি চিন্তা কৰিলে৷ সি গামোচা এখন লৈ নাদৰ পাৰলৈ গ’ল আৰু নাদৰ পানী উঠাই সি ভালদৰে গা ধুলে৷ নাদৰ পানীখিনি শীতল৷ তাৰ গাটো জুৰ পৰি আহিল৷ গা ধোৱাৰ পাছতে সি নিজৰ কোঠাত উপস্থিত হোৱাৰ সময়তে তাৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল– “ওহ! এতিয়াহে ভাল লাগিছে৷”

তেমেকাই ঘৰৰ ভিতৰৰ পৰা আহি চোতালত থিয় হৈ চাৰিওফালে এবাৰ নিৰীক্ষণ কৰিলে৷ সি দেখিলে চাৰিওফালে ফৰিংফুটা জোনাক৷ সি চোতালত পীৰা এখন পাৰি বহি জোনটোলৈ চাই ৰ’ল৷ ভাদ মাহৰ পূৰ্ণিমাৰ জোন–আকাশখন ফৰকাল, জোনাকে যি অনিন্দ্যসুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে তাকে চাই সি মুগ্ধ হৈ ৰ’ল৷ আকাশৰ পৰা জোনাকে এক শীতলতাও তাৰ দেহত সিঁচি দিছে৷

“কাকা! ভাত দিছং, আহ খাই ল৷”

মালতীৰ মাতত তেমেকাৰ তন্দ্ৰা ভাগিল৷ সি লাহেকৈ পীৰাৰ পৰা উঠিল আৰু পাক ঘৰলৈ বুলি খোজ ল’লে৷

ভিতৰত ৰূপেশ্বৰ আৰু দেউৰামে তালৈকে অপেক্ষা কৰি আছে ভাত খাবলৈ৷ সি উপস্থিত হোৱাৰ লগে লগে ৰূপেশ্বৰে ক’লে– ‘দে ভাত খাং৷ কালিলৈ বহুত কাম আছে৷”

“অঁ দে৷”

তেমেকা, ৰূপেশ্বৰ আৰু দেউৰামে ভাত খাবলৈ ধৰিলে৷ ভাতৰ লগত পিঠাগুৰি আৰু গাজ টেঙাৰে ৰন্ধা কাৱৈমাছৰ তৰকাৰি৷ তেমেকাৰ বৰলৈ ভোকো লাগি আছিল৷ গাজ টেঙাত কাৱৈমাছ দি ৰন্ধা তৰকাৰিখন তাৰ জিভাত বৰকৈ জুতি উঠিল৷

ভাত খাই উঠি তেমেকা পুনৰ আগৰ পীৰাখনতে বহিল আৰু জোনাকে সৃষ্টি কৰা চাৰিওফালৰ পৰিৱেশ চাই ৰ’ল৷ ৰূপেশ্বৰ আৰু দেউৰামে তামোল এখন এখন খাই শুবলৈ গ’ল৷ সৰুমাই আৰু মালতীয়েও ভাত খাই ভিতৰলৈ গৈ বিছনা ল’লে৷ তেমেকা এতিয়া চোতালত অকলশৰীয়া৷ তাৰ ফুটুকীলৈ মনত পৰিল৷ সি ভাবিলে– এনেকুৱা জোনাক সি অকলে উপভোগ কৰিব নে? তাৰ লগত ফুটুকী থাকিলে এই জোনাক আৰু বেছি ভাল লাগিলহেঁতেন৷ ফুটুকীৰ প্ৰয়োজনীয়তা অনুভৱ কৰি সি বহাৰ পৰা উঠিল আৰু ফুটুকীৰ ঘৰলৈ যাবলৈ ধৰিলে৷

ফুটুকীৰ ঘৰ পাই তেমেকাই ফুটুকী শোৱা কোঠাটোৰ সন্মুখত থিয় হ:ল আৰু মাত দিলে– “ফুটুকী অ ফুটুকী!”

“তেমেকা কাকা নাকি?”– ফুটুকীৰ মাতত টোপনিৰ আভাস৷

“অঁ ময়েই৷ আহচোন বাহিঅলৈ৷”

ফুটুকী বাহিৰলৈ ওলাই আহিল৷ তাই সুধিলে– “এই আতিখনত আহিছ কিয়া? কিবা কাম আছে নাকি?”

“দেখা নাই, ইমান ধুনীয়া জোনাক৷ আহ কলঙ’ পাঅ পআ ফুঈ আহং৷”

“ধেৎ, এতিয়া যাবা নালাগে৷ কোনোবাই আতিখনত ঘূঈ ফুআ দেখিলে কি ভাবিব?”

“গাঙ’ চব মানুহ হুলে৷ এতিয়া কোনেও নেদেখে৷ কলঙ’ পা’ নহ’লেও এনেই বাটত ফুঈম আহ৷ জোনাকত ভাল লাগিব৷”

ধুনীয়া জোনাকে ফুটুকীকো হাত বাউল দি মাতিছে৷ সেই আহ্বানক তাইৰ নেওচা দিবলৈ মন যোৱা নাই৷ তাই ক’লে– “ব’ল বাউ৷ বেচি দেঈ নকঅং কিন্তু৷”

“অঁ বেছি দেঈ নকঅং, আহ৷”

দুয়ো কথা পাতি পাতি বহল পথাৰখনৰ পাৰত উপস্থিত হ’ল৷ এইখন পথাৰতে গাঁৱৰ বেছিভাগ মানুহে খেতি কৰে৷ ইয়াতে সিহঁতৰ খেতিমাটিও আছে৷ সিহঁত থিয় হৈ পথাৰখনলৈ চাই ৰ’ল৷ পথাৰখনৰ বহু অংশতে ধানৰোৱা হৈ গৈছে৷ ধানবোৰক দূৰৰ পৰা ক’লা ক’লা দেখা গৈছে৷ যি অংশত ধান ৰোৱা হোৱা নাই তাত থকা পানীবোৰ জোনাকত জিলিকি উঠিছে৷ নিশাচৰ চৰাই কিছুমান উৰি ফুৰাও সিহঁতৰ চকুত পৰিল৷ পথাৰৰ মাজত ৰেটেওটুৱা [বৰবালি বগুৱা] চৰাই এজনীয়ে ‘ৰেটেওটৌ ৰেটেওটৌ’ বুলি মাতি জোনাক নিশাৰ সৌন্দৰ্যত ঋদ্ধি দান কৰি আছে৷

কিছু সময় পথাৰখনলৈ চাই থকাৰ পাছত তেমেকাই ক’লে– “ব’ল এতিয়া কলঙ’ পাঅ’ পআ আহং৷”

দুয়ো কথা পাতি পাতি আহি কলঙৰ পাৰত উপস্থিত হ’ল৷ তেমেকাই পাৰত বহি ফুটুকীকো বহিবলৈ দিলে৷ দুয়ো চাই ৰ’ল কলংখনলৈ৷ জোনৰ পোহৰত কলঙৰ পানীখিনিক বগা দেখা গৈছে৷ নদীখনৰ সিপাৰে একোছা একোছাকৈ থকা বিৰিণাবোৰক একো একোটা ক’লা ভালুক যেন লাগিছে৷ কিছু সময় জোনাক উপভোগ কৰাৰ পাছত তেমেকাই ক’লে– “এনে ধুনীয়া জোনাক আউ উপভোগ কঈবলৈ পাম না নাপাম নাজানং৷”

“কিয়া নাপাবি?”

“এই যুদ্ধখন আহি আছে৷ যুদ্ধত মঈবাও পাঅং৷”

“এই! মআ কথা নক’বি৷”– ফুটুকীয়ে তেমেকাৰ মুখত হাতেৰে সোপা দিলে৷ “আমি কেতিয়াও নমঅং৷”

তাক ইমান মৰম কৰা ফুটুকীজনীক এবাৰ আঁকোৱালি ল’বলৈ তেমেকাৰ মন গ’ল৷ সি তাইক গাৰ কাষলৈ চপাই আনি জোৰেৰে সাবটি ধৰিলে৷ ফুটুকীয়েও তাক আৱেগেৰে সাবটি ধৰি ক’লে– “তই কেতিয়াও মআ কথা নক’বি৷ মই কিবা হৈ যাং৷”

“আউ নকং দে৷– তেমেকাই মাত দিলে৷ “আমি নমঅং বুইছ৷ আমি জীয়াই থাকিম৷ অ ম’ মঅম’ ফুটুকী, ত’ক দেখিলেই খুব মঅম কঈবা মন যায় অ! ম’ মঅম’ হোণজনী ঐ!”

তেমেকাই ফুটুকীক আৰু জোৰেৰে সাবটি ধৰাত দুয়ো ভাৰসাম্য ৰাখিব নোৱাৰি বননিত বাগৰি পৰিল৷ তেমেকাই তাইৰ চকুলৈ একেথৰে চাই ৰ’ল৷ তায়ো তেনেকৈয়ে তাৰ চকুলৈ চাই থাকিল৷ তেমেকাই তাইৰ মুখখন কাষলৈ চপাই আনি চুমা খাবলৈ ধৰিলে৷ তেমেকাকো তাই উপৰ্যুপৰি চুমা খালে৷ দুটা যৌৱনে উতলা কৰা দেহা৷ সিহঁতৰ গাত উত্তেজনা বাঢ়ি আহিল৷ অমান্য যৌৱনৰ তাগিদাত সিহঁতে বতাহত যৌৱনৰ গোন্ধ এৰি দিবলৈ চেষ্টা কৰিলে৷ সিহঁত আদিম বাসনাৰ ঢৌত উটি গ’ল আৰু এটা সময়ত বৈ থকা নৈৰ পাৰৰ বতাহত সিহঁতে যৌৱনৰ গোন্ধ এৰি দিলে৷

উত্তেজনাই চৰম সীমা পাৰ হোৱাৰ পাছতে সিহঁতৰ দেহা শাঁত পৰি আহিল৷ সিহঁত বাস্তৱলৈ ঘূৰি আহি পাহৰি যোৱা কলংখনক দেখিলে, বননিত বাগৰি থকা বুলি গম পালে আৰু জোনটোক দেখিলে৷ লগে লগে ফুটুকীয়ে মাত দিলে– “এয়া কি হৈ গ’ল? বিয়া আগতে আমি এই কাম কঈবা নালাগিছিল৷”

“হয় কথাটো৷”– তেমেকাই উত্তৰ দিলে৷ “মই নিজকে চম্ভালিয়েই আখিব নোআঈলং৷ চব কথা পাহঈ গ’লং৷ ত’ও তেনেকুৱা হ’ল হ’বলা৷ তয়ো চম্ভালিব নোৱাঈলি৷ নহ’লে কথাটো ম’ক মনত পেলাই দিবা পাঈলি হয়৷ হয় না?”

“ওঁ৷”– ফুটুকীয়ে মূৰ দুপিয়ালে৷

“যি হ’ল হ’ল৷ মনত লৈ নাথাকিবি৷”

“যদি মঅ গা বন্ধ হৈ যায়?”

“চিন্তা নকঈবি৷ তেনে হোৱা বুলি জানিলেই ত’ক আনি ঘঅত হুমুৱাম৷ আজিয়েই লৈ যাং তেনেহ’লে৷ ত’ আই-পিতায়েও আমা’ মন খোৱা-খুই আছে বুলি জানে৷ আমা’ ঘঅ মানুহেও জানে৷ ব’ল, আজিয়েই লৈ যাং৷”

“আজি নালাগে৷ গা বন্ধ নহ’বাওতো পাএ৷ চাই লং৷” 

হঠাতে নদীৰ পৰা কিহবাৰ শব্দ উিট আিহল৷ নদীখনত সৰু সৰু মাছ কিছুমানে যেন ধেমালি কৰি জাঁপ মাৰিবলৈ ধৰিছে৷ তেমেকাই ধৰিব পাৰিলে এয়া নদীত মাছৰ উজান আহিছে৷ সি ফুটুকীক ক’লে– “এয়া মাছ’ জহা আহিছে৷ জালএ মাছ ধঈবলৈ ব’ ভাল হৈছে৷ মই জালএ আউ তই জাকৈএ মাছ ধঈবি নাকি?”

“নাই নধঅং৷ ব’ল ঘঅলৈহে যাং৷ তয়ো ধঈবা নালাগে৷ ঘঅত গৈ হুই থাকগৈ৷”

দুয়ো বহাৰ পৰা উঠি ঘৰলৈ খোজ ল’লে৷

ফুটুকীক ঘৰত থৈ তেমেকা নিজৰ ঘৰলৈ খোজ ল’লে৷ ঘৰ পায়েই সি দেউৰামক টোপনিৰ পৰা উঠাই কলঙত মাছৰ উজান অহাৰ কথাটো ক’লে৷ দেউৰামে কথাটো জানিয়েই ৰৈ নাথাকিল, তাৰ চকুৰ টোপনি পলাই ফাট মাৰিলে৷ সি পুৰঙনি জাল এখন লৈ খোজ ল’লে৷ গৈ থাকোঁতে সি চিঞৰি কৈ গ’ল– ‘কলঙত জহা আহিছে ঐ লকাইহঁত! আহ কোনে কোনে মাছ মাঈবি ওলাই আহ৷”

মাছ মাৰিবলৈ মন আছিল যদিও সেয়া তেমেকাই মনৰ পৰা পৰিহাৰ কৰিলে৷ ফুটুকী নাহে যেতিয়া সিও মাছ মাৰিবলৈ নাযায়৷ সি বিছনাত বাগৰ দিলে৷ তাৰ মনত অলপ আগতে ঘটি যোৱা ঘটনাটোৱে দোলা দিবলৈ ধৰিলে৷ কিছু সংকোচ আৰু অপৰাধী ভাব এটাও তেমেকাৰ মনলৈ আহিল৷ কিন্তু সিতো এই কাম কৰিব বুলি ভবাই নাছিল৷ কেনেকৈ যে ঘটি গ’ল ঘটনাটো৷ সি কথাটো ভালদৰে ভাবিবলৈ ধৰিলে৷ সি ভাবি পালে যে ইটোৱে সিটোক মন খোৱা দুজন ডেকা-গাভৰুৱে বহুদিনলৈকে সংযমেৰে থাকিব নোৱাৰে৷ ইটোৱে সিটোক বিচাৰে যেতিয়া সিহঁত যৌৱনৰ তাড়নাত সংগমত লিপ্ত হ’বই৷ ই একো অস্বাভাৱিক নহয়৷ বিয়াৰ আগতে হোৱাটোও স্বাভাৱিকেই৷ ইয়াত বিয়া নোহোৱাটোৱে বাধাৰ সৃষ্টি কৰিব নোৱাৰে৷ কথাখিনি মনলৈ অহাত তেমেকাৰ মনৰ পৰা সকলো ধৰণৰ সংকোচ আঁতৰি গ’ল৷ কিন্তু আজি প্ৰথম নাৰীৰ দেহাৰ সুৱাস ল’বলৈ পাই তাৰ মনটো এতিয়াও আনন্দত অস্থিৰ হৈ আছে৷ ই যে কেনে এক স্বৰ্গীয় সুখ! সেই সুখৰ আমেজ তাৰ দেহাৰ সিৰে সিৰে এতিয়াও বৈয়েই আছে৷ দিনত কৰা কঠোৰ পৰিশ্ৰম সত্ত্বেও তাৰ টোপনি অহা নাই এই আমেজৰ বাবেই৷ সি বিছনাখনত ইকাতি-সিকাতি কৰি থাকিল৷

দেউৰামে মাছৰ উজান অহাৰ খবৰটো দি যোৱাৰ অলপ পাছতে ৰাস্তাত কিছুমান মানুহে কথা পাতি পাতি গৈ থকা বুলি তেমেকাই ধৰিব পাৰিলে৷ এইবোৰ নিশ্চয় মাছ মাৰিবলৈ যোৱা মানুহ৷ নদীত উজান অহা মাছ জালেৰেহে ভালদৰে ধৰিব পাৰি৷ মানুহবোৰে চাগে’ জালহে লৈ গৈছে৷

তেমেকাই আজিৰ ঘটনাটোৰ আমেজ বহু সময় লোৱাৰ পাছত তাক লাহে লাহে ভাগৰেও জুমুৰি দি ধৰিলে৷ লগে লগে নিদ্ৰাদেৱীয়ে তাক আমনি কৰিবলৈ লৈছে৷ এটা সময়ত সি টোপনিত ঢলি পৰিল৷

পাছদিনা ৰাতিপুৱা শুই উঠি বাহিৰলৈ আহিয়েই সি দেখিলে চোতালত বৰ চালনিখনত পাহাৰ হেন হৈ থকা নাৰমাছ৷ সি আচৰিত হ’ল– দেউৰামে ইমান মাছ ধৰিলে নে? মাকক সুধি সি গম পালে দেউৰামে ওৰে ৰাতিটো মাছ মাৰিছে৷ সি ৰাতি টোপনি নামাৰিলেই৷

তেমেকাৰ শুই উঠা দেৰি হৈছে৷ সি চকুকেইটা মোহাৰি মোহাৰি মাক আৰু মালতীলৈ চালে৷ মাক আৰু মালতীয়ে মাছবোৰ বাছিবলৈ সাজু হৈছে৷ ইমানখিনি মাছ একেদিনাই খাই শেষ কৰিব নোৱাৰি৷ সি জানে, গোটেইবোৰ মাছকে মাক আৰু মালতীয়ে প্ৰথমে বাছি ল’ব, তাৰ পাছত খাবৰ বাবে অলপ ৰাখি  বাকীবোৰ শুকুৱাব৷ শুকান মাছ বেছি হ’লে চুঙাত ভৰাই শুকতিও কৰা হয়৷ পাছত দৰকাৰ অনুসৰি চুঙাৰ পৰা শুকতি উলিয়াই ৰান্ধি খাব পৰা যায়৷ সি মাকক সুধিলে– “দেউআম ক’লৈ গ’ল?”

“হি এতিয়াও মাছ মাঈ আছেগৈ৷ জহা হেনো এতিয়াও আহি আছে৷ মাছ মাঈবলৈ পালে তাক একো নালাগে৷ ভাত-পানীও এঈব এইটোৱে৷ লগত নিয়া খালৈকেইটা ভআ বাবে মাজে মাজে ঘঅত মাছ থৈ গৈছে৷ কেইবাবাও হি মাছ থৈ গৈছে৷ আতি নুহুলেই৷”

“হি মাছ মাঈ ব’ ভাল পায়৷”

তেমেকাই কথাষাৰ কৈ নাদৰ পাৰলৈ খোজ ল’লে৷ সি বাল্টিৰে পানী তুলি মুখ-হাত ধুলে৷ সি চোতাললৈ ঘূৰি আিহ দেখিলে খালৈ এটা আনি দেউৰাম উপস্থিত হৈছে৷ তাৰ হাতত থকা খালৈটো মাছৰে ভৰ্তি৷ সি বৰচালনীখনত খালৈৰ মাছখিনি বাকি দি ক’লে– ‘‘মাছ’ উজান কমিছে৷ কিন্তু এতিয়াও বহুত মাছ ধঈব পাআ যাব৷ মই আক’ যাং৷”

কথাষাৰ কৈয়েই দেউৰামে খোজ ল’লে কলঙলৈ৷

তেমেকাৰ শুই উঠা দেৰি হৈছে যদিও পথাৰলৈ নোযোৱাকে নাথাকিল৷ সি বোৱা গৰুহাল গোহালিৰ পৰা উলিয়াই পথাৰলৈ তেমেকাই খোজ ল’লে৷ নাঙলটো পথাৰতে আছে৷ সি গৰুহাল নি জুঁটি হাল বালেই হ’ল৷

গৰুহাল খেদি নি তেমেকা পথাৰত উপস্থিত হৈ গৰুহালক ‘হ হ’ বুলি কৈ ৰখালে৷ তাৰপাছত সিহঁতৰ ডিঙিত যুৱলি জুঁটিলে৷ আজি ফুটুকীহঁতৰ পথাৰত বোকা দিছে৷ ফুটুকীহঁতৰ পথাৰখন সিহঁতৰ পথাৰৰ লগতে লাগি আছে৷ মাকৰ লগত ধান ৰুই থকা ফুটুকীলৈ সি এবাৰ চাই পঠিয়ালে– তাই তলমূৰ কৰি ধান ৰুই আছে৷ তাই হয়তো তাক দেখিছে৷ কিন্তু ৰাতি হৈ যোৱা ঘটনাটোৰ বাবে লাজতে মূৰ তুলি চাব পৰা নাই৷

তেমেকাই গৰুহাল নাঙলত জুঁটি লোৱাৰ পাছতে হাল বাই থকা ৰূপেশ্বৰৰ পিছে পিছে বাবলৈ ধৰিলে৷ এইবাৰ যুদ্ধৰ আয়োজনত লাগি থাকোঁতে সি পথাৰৰ কামত ভালকৈ লাগিব পৰা নাছিল৷ দেৰি হৈছে যদিও আৰু এসপ্তাহৰ ভিতৰত সিহঁতৰ হাল উঠিব৷

বেলিটোৱে বেমাৰী শামুক এটাৰ গতিৰে পূব আকাশত বগাই আহি থাকিল৷

বেলিটো আহি আহি পূব আকাশত চাৰি বেগেতমান উঠিল৷ হাল মেলিবৰ সময় হৈ আহিলেই৷ ৰূপেশ্বৰে নিজৰ হালখন খুলি তেমেকাকো হাল মেলিবলৈ ক’লে৷ তেওঁৰ কথা মতে হাল খুলি তেমেকাই গৰুকেইটা জংঘলৰ ভিতৰত মেলি দিবলৈ লৈ গ’ল৷ গৰুকেইটা জংঘলত এৰি দি ঘূৰি আহি সি ফুটুকীহঁতৰ পথাৰ  পালেগৈ৷ ফুটুকীৰ দেউতাকে হাল মেলি ঘৰলৈ ইতিমধ্যে গুচি গৈছে৷ ৰূপেশ্বৰো ঘৰলৈ গ’ল আন কাম নথকা বাবে৷ পথাৰত এতিয়া ফুটুকীৰ মাক মিলেমাই আৰু ফুটুকীহে আছে ধান ৰুই ৰুই৷ ফুটুকীয়ে তালৈ লাজুক লাজুক চাৱনিৰে মাজে মাজে চাই আছে৷ তেমেকাই ফুটুকীৰ লাজুক চাৱনিৰ অৰ্থ বুজি পাইছে৷ সি মিলেমাইক ক’লে– “খুঈ, এইবা’ হকলোএ খেতি কাম হেখ হ’ল৷ আমা’, তন্ত আউ কেপাইহঁত’হে আছেগৈ৷”

“আমা’ পতেক বছএই দেঈ হয়৷ অকলহঈয়া মানুহ৷ তাতে অলপ বেমাঈ৷ অকলে কিমাননো কঈব!”

“আমি আক’ যুদ্ধ কামত লাগংতেই দেঈ হ’ল৷ বেছি নাই আউ৷ এইটো হপ্তাহতে হেখ কঈম৷ তন্তও হেখ হ’ব৷ বাউ, ধান উই থাক৷ মই গৈ থাকং৷ ফুটুকী যাং দেই৷”

“অ৷”– ফুটুকীয়ে চমুতে উত্তৰ দিলে৷

তেমেকাই ঘৰলৈ যাবলৈ ধৰিলে৷ পথাৰখন এতিয়া নিজম পৰিছে৷ পথাৰৰ মানুহবোৰ ঘৰলৈ যোৱা বাবে পথাৰখনত এটা নিমাওমাও পৰিৱেশৰ সৃষ্টি হৈছে৷ মিলেমাই আৰু ফুটুকীহে পথাৰত আছে বোকা দিয়া মাটিখিনিত ধান ৰুই শেষ কৰিবলৈ৷

তেমেকাই ঘৰৰ ওচৰ পাওঁ পাওঁ হওঁতে কোনোবাই চিঞৰা শুনিবলৈ পালে সি৷ অলপ পাছতে আন এগৰাকী মানুহৰ চিঞৰ-বাখৰো তাৰ কাণত পৰিল৷ চিঞৰকেইটা ফুটুকীহঁতৰ লগতে লাগি থকা হাবিখনৰ পৰাই আহিছে বুলি সি ধৰিব পাৰিলে৷ সি দৌৰ লগালে চিঞৰ অহাৰ ফাললৈ বুলি৷

অলপ পাছতে তেমেকা চিঞৰ-বাখৰ হৈ থকা ঠাইত উপস্থিত হ’ল৷ 

ঠাইখিনিত উপস্থিত হৈ তেমেকাই দেখিলে দুটা ডেকাই ফুটুকীক ধৰি নিব বিচাৰিছে জোৰ-জবৰদস্তি কৰি৷ মাক মিলেমাই আৰু ফুটুকীয়ে চিঞৰ-বাখৰ কৰি সিহঁতক বাধা দিছে৷ কিন্তু ফুটুকীহঁত সিমান সফল হ’ব পৰা নাই৷ দুজন গোনা ম’হ হেন চেহেৰাৰ ডেকাল’ৰাক ফুটুকীহঁতে বাধা দিবলৈ অসমৰ্থ হৈ পৰিছে৷ ফুটুকীক দুয়োটাই মিলি চোঁচৰাই নিবলৈ ধৰিছে৷ তেমেকাৰ তেজ তগবগাই উঠিল৷ তাৰ প্ৰেয়সীক আন কোনোবাই ধৰি লৈ যাব খোজে? চাই ল’ব তাক! সি এডাল গছৰ ডাল লৈ ডেকা দুটাক আক্ৰমণ কৰিবলৈ আগ বাঢ়ি গ’ল৷ সি গছৰ ডালটোৰে দুয়োটাকে উধাই-মুধাই কোবাবলৈ ধৰিলে৷ সিহঁতে ফটুকীক এৰি দিবলৈ বাধ্য হ’ল৷ এইবাৰ সিহঁতে তেমেকাক ফেপেৰি পাতি ধৰিলে৷ সিহঁতেও দুডাল গছৰ ডাল লৈ তাক আক্ৰমণ কৰিলে৷ যুদ্ধবিদ্যা এইকেইদিন তেমেকাই শিকিছে৷ সি সেয়া প্ৰয়োগ কৰি ডেকা দুটাক ভালদৰেই পিটিলে৷ সিহঁত তিষ্ঠিব নোৱাৰি পলাবলৈ বাধ্য হ’ল৷ এজনে তাক যাওঁতে কৈ গ’ল– “চাই ল’ম ত’ক৷ ম’ক চিনি পোৱা নাই৷ এদিন চিনি পাবি৷ ফুটুকীক মই নিহে এঈম৷”

“কুকু, ময়ো চাই ল’ম ত’ক৷ ফুটুকীক চকু নিদিবি৷ নহ’লে চকুগুটি উলিয়াই আনিম৷”

তেমেকাই সিহঁতক অলপ দূৰ পিছে পিছে খেদি গ’ল৷ সি খেদি যোৱা দেখি সিহঁতে ভিৰাই ল’ৰ মাৰি জংঘলত সোমাল৷ জংঘলৰ মাজত সিহঁতক খেদি যোৱাটো নিজৰে মংগল নহ’ব বুলি ভাবি সি ৰৈ গ’ল৷  সি ভাবিলে– ক’ব নোৱাৰি এই বদমাছ দুটাই লুকাই থাকি তাৰ মূৰত ৰামটাঙোন মাৰিব পাৰে৷

তেমেকা ঘূৰি আহি ফুটুকীৰ কাষত হাজিৰ হ’ল৷ সি তাইক সুধিলে– “ইন্তে কোন?”

“এটা ভেবেলীৰ ককায়েক৷ আনটোক চিনি নাপাং৷ গঐমাঈ গাঙ’এ হ’বা পাএ৷”

“হেই গেলাই বোলাটো? ত’ক যে জাকৈ বাই থাকংতে জ’কাইছিল আউ বিয়া পাতিবা বাবে খব’ কঈছিল৷”

“অঁ হেইটোৱেই৷ বদমাছ’ জাত৷ মন নকআ ছোৱালীকো নিবলৈ জো’ কএ৷”

“ব’ল, ধান উবা নালাগে আউ৷ ঘঅলৈকে ব’ল৷”– তেমেকাই ঘৰলৈ গুচি অহাত গুৰুত্ব দিলে৷

“অঁ যাবাঅ হময় হৈছেই৷”

“মইচোন তন্তক ধান উই থাকা দেখা পাই গৈছিলং৷ তাতে হিন্তে আহিছিল নাকি?”

“নাই, ম’ বাহি’ ফুঈবা লাগাত জংঘল’ ফালে গৈছিলং৷ হিন্তে আগএ পআ জংঘলতে লুকাই আছিল ম’ক ধঈবলৈ৷ মই কামফেআ কঈ উঠিছংহে তাতে হিন্তে দুটা আহি ওলাল আউ ম’ক ধঈ নিবা খুজিলে৷ মই চিঅ-বাখ’ কআত আই তাত ওলালগৈ আউ হিন্ত পআ এউৱাব খুজিলে৷ আয়েও ভালকে যুঁজিলে৷ নহ’লে তই আহি পোৱা আগতে ম’ক দাঙি নিলেহেঁতেন৷ ভাইগ’ ভাল আছিল তই আহি পালি৷ আহি ম’ক অক্ষা কঈলি৷ নহ’লে ম’ক গঐমাঈ পোৱালেগৈহেঁতেন৷”

“যি হ’ল হ’ল৷ এতিয়া ঘঅলৈ ব’ল৷”

তেমেকাৰ কথাত সকলোৱে জংঘলৰ পৰা ওলাই পথাৰৰ আলিত ভৰি দিলে৷ মিলেমাই, ফুটুকী আৰু তেমেকাৰ যুঁজ-বাগৰ কৰা ভাগৰ লাগি আছে৷ সিহঁতে পথাৰৰ মাজত থকা গছজোপাৰ গুৰিলৈ খোজ ল’লে৷ গছডালৰ গুৰি পাই তিনিও বহিল গছৰ ছাঁত৷ ফুটুকীয়ে মাকক সুধিলে– “আই, তন্তে তাক লাই দিছিলি নাকি? হি যে ইমান হাহখ কঈলে৷”

“নাই, তাক মই চিনিয়েই নাপাং৷ আজিহে দেখা পাইছং৷ তা’ ঘঅ পআ ত’ক খুজিবা আহং বুলি খব’ পঠাইছিল৷ আমি আহিবাই নিদিলং৷”

“দুইখন ঘঅ মত থাকিলে হ’বা পাএ৷”– তেমেকাই মাত দিলে৷ “যদি দুইখন ঘঅ মত আছে৷ কিন্তু ছোৱালী মত নাই৷ তেনেকুৱা হ’লে কিছুমানে ছোৱালীক ধঈ লৈ যায়৷ বীএন আউ মিনতিহঁত’ ঘঅ দুখন’ মত আছিল৷ মিনতিহে বীএনক ভাল নাপাইছিল৷ মিনতিহঁত’ ঘঅ মানুহ’ মততহে বীএনে মিনতিক ধঈ নি ঘ’ হুমুৱাইছিল৷ ই আক’ ঘ’-ছোৱালী হকলোএ অমতত ছোৱালী ধঈ নিবা খোজে৷ ইয়া’ এখন বিচা’ হ’বা লাগে৷”

“অঁ ইয়া বিচা’ হ’বা লাগে৷”

“মই আজি জেলা লগত কথা পাতিম৷ ব’ল এতিয়া গৈ থাকং৷”

তিনিওজন বহাৰ পৰা উঠিল আৰু ঘৰলৈ আহিবলৈ ধৰিলে৷ 

 (আগলৈ)

  

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ