অন্যযুগ/


মহাবৃত্ত

মৃদুল শৰ্মা




(মহাবৃত্ত এখন উপন্যাসহে, মহাকাব্য মহাভাৰতৰ পুনৰ্পঠনৰ যত্ন নহয়৷ মহাভাৰতৰ কেইটামান উল্লেখযোগ্য চৰিত্ৰৰ জৰিয়তে ইয়াত কিছুমান মৌলিক প্ৰশ্নৰ অৱতাৰণাহে কৰিব খোজা হৈছে যিবোৰ প্ৰশ্নৰ থল মহাভাৰতে নিজৰ মাজতে ৰাখি থৈছে৷ নৈতিকতা, ধৰ্ম, ৰাজনৈতিক দূৰদৰ্শিতা আৰু ক্ষমতাজন্মসূত্ৰে সামাজিক বৰ্ণবিচাৰৰ ক্ষেত্ৰত থকা পৰস্পৰবিৰোধ, সৰলতা আৰু সততাৰ বিপন্ন অৱস্থা, অন্তঃসাৰশূন্য বংশগৌৰৱ, সামৰিক শক্তি সম্পৰ্কীয় মাতব্বৰিতা, অভিসন্ধি আৰু চক্ৰান্ত, কৰ্তব্য-অকৰ্তব্যৰ ধাৰণাত থকা স্ববিৰোধ, সত্য আৰু প্ৰতিজ্ঞা পালনৰ নামত অৱলীলাক্ৰমে সুপ্ৰাচীন ঐতিহাসিক পৰম্পৰাৰ ধ্বংসত আহুতি প্ৰদান, বিশ্বাসভঙ্গ আৰু সেই বিশ্বাসভঙ্গত ধৰ্মৰ প্ৰলেপ প্ৰদান, দিনক ৰাতি আৰু ৰাতিক দিন বুলি প্ৰমাণ কৰাৰ কষ্টকৰ প্ৰয়াস মহাভাৰতত অনেক৷ 
একবিংশ শতিকাৰ তৃতীয় দশকৰ এজন মধ্যবয়স্ক ব্যক্তিৰূপে মই নিজে মহাভাৰতৰ বৰ্ণনাক প্ৰশ্নৰ তুলাচনীত তুলি আনন্দিতও হওঁ৷ ইতিহাস ৰচনা আৰু এই কাৰ্যত ৰাজনৈতিক ক্ষমতাশালী আদৰ্শৰ প্ৰভাৱ প্ৰতিপন্ন কৰিবৰ যত্ন সাম্প্ৰতিক সময়তো আমি দেখি আহিছোঁ৷ ভৱিষ্যতৰ মানুহক লৈ ৰাজনৈতিক ক্ষমতাশালীসকলৰ উদাসীনতাকো সচেতনতাৰে লক্ষ্য কৰি আহিছোঁ৷ উপৰ্যুক্ত আটাইখিনিৰে সমাৱেশ এই উপন্যাসখন৷ 
আমাৰ ভাষাত ইতিপূৰ্বে এনে বিষয়ক লৈ কেইবাখনো উপন্যাস লিখা হৈছে যদিও সেইখিনি পঢোঁতে প্ৰবন্ধ পঢ়া যেনহে লাগে৷ উপন্যাস ৰচনাৰ বেলিকা অৱলম্বন কৰিবলগীয়া সাৱধানতা মহাবৃত্তত সম্পূৰ্ণৰূপে অৱলম্বন কৰিবলৈ যত্ন কৰা হৈছে৷  লেখক)

  

১ বেদব্যাস ৷ 

 

যুদ্ধখন শেষ হ’ল৷ এখন ভীষণ যুদ্ধ৷ 

সমস্তপঞ্চক কুৰুক্ষেত্ৰত কুৰুবংশৰ নিজৰ মাজতে আয়োজিত এক গৃহযুদ্ধৰ মহামাৰী ৰূপৰ ৰূপায়ণ৷ আশ্চৰ্যকৰ৷ ইতিহাসত কদাপি নঘটা এক সংঘটন৷ ই কিন্তু আকস্মিক নাছিল, ই আছিল আয়োজিত, সম্পূৰ্ণ পৰিকল্পিত৷ 

যুদ্ধখন এতিয়া অতীত৷ কিন্তু মই এই মুহূৰ্ততো বৰ্তমান৷

অজস্ৰ চৰিত্ৰ এই কাহিনীত৷ মানুহে যাক চৰিত্ৰ বুলি ক’ব সেইবোৰ কিন্তু মোৰ জীৱনৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত কিছুমান জীৱন্ত মানুহ আছিল৷ মানুহবোৰৰ সিংহভাগ আছিল মোৰ সৈতে ৰক্তসম্পৰ্কবিশিষ্ট৷

অসহায় অভিভাৱকসহ এশ পাঁচজন ৰাজকুমাৰৰ দ্বন্দ্বৰ বিষয় আছিল তেওঁলোকৰ মাজৰে কেৱল দুজনে নিজৰ ৰাজ্যৰ সিংহাসনৰ অধিকাৰ আহৰণ কৰিব পৰা-নোৱৰাৰ;  অিধকাৰৰ বৈধতা কিম্বা আৰোহণৰ যোগ্যতাৰ পৰীক্ষণ৷ কিন্তু সেই সামান্য প্ৰয়োজনৰ কাৰণে সমগ্ৰ জম্বুদ্বীপৰ সৰ্বমুঠ অষ্টাদশ অক্ষৌহিনী অৰ্থাৎ প্ৰায় চতুৰ্দশ লক্ষ ৰজা-ৰাজন্য, বীৰ-সেনানীৰ মৃত্যু! 

ই কিদৰে সম্ভৱ হ’ল? কিন্তু কৰুণ তথা কঠোৰ সত্য যে ই সংঘটিত হ’ল!

কাৰ কি ভাবনা, কাৰ কি পৰিকল্পনা, কাৰ কি ষড়যন্ত্ৰ, কাৰ কি অভিসন্ধি, কাৰ কি অভীষ্ট...

এনেকুৱা চিন্তাবোৰ সম্প্ৰতি সম্পূৰ্ণ নিৰৰ্থক, অৰ্থহীন৷ 

এক বিশাল ভূখণ্ডৰ এখন বৃহত্তৰ মানৱ সমাজৰ পটভূমিত এখন ক্ষুদ্ৰ ৰাজ্যৰ এটা সামান্য ৰাজবংশৰ বৃত্তান্ত নিতান্তই মূল্যহীন৷ কিন্তু ইতিহাসস্বৰূপে, মানৱতাৰ শিক্ষণৰূপে ই দেখোন এক প্ৰকাৰে মূল্যৱানো৷

পিছে এতিয়া সকলো অতীত৷ অন্ততঃ মোৰ বাবে৷

 

... মোৰ পৌত্ৰগণ... আঃ!

অসহ্যকৰ৷ অসহ্যকৰ মোৰ জীৱনৰ প্ৰতিটো বৰ্তমান বিন্দু!

স্ববংশৰ অনেক উত্থান-পতন, অনেক ইচ্ছা-আকাংক্ষা, অজস্ৰ স্বপ্ন আৰু বাস্তৱৰ সাক্ষী হৈ সম্প্ৰতি মই সম্পূৰ্ণ ব্যৰ্থ আৰু অথৰ্ব হৈ পৰিছোঁ৷ কায়িক দুৰ্বলতাতকৈও এক অজ্ঞাত মানসিক চাপে মোৰ সকলো উদ্দীপনাকে যেন শোষণ কৰি আনিছে এফালৰপৰা৷ 

অথচ ৰাজনৈতিকভাৱে ক্ষমতাসীন তথাকথিত বংশজৰ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈকে মই উপায়হীন হৈ ৰচনা কৰিবলগীয়া হৈছে এই কাব্যখন৷ মই লিপিৱদ্ধ কৰিবলগীয়াত পৰিছোঁ তিল তিলকৈ মোৰে ৰক্তৰ অংশবোৰৰ ধ্বংসৰ বাস্তৱিক কাহিনী৷ অৱশ্যে এই কাব্যৰ বৰ্ণনাত প্ৰকৃত কাহিনী আৰু চৰিত্ৰৰ প্ৰকৃত বিশেষত্ব প্ৰকাশ কৰাত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বিজয়ীসকলৰ পৃষ্ঠপোষকতা যিহেতু বাধ্য হৈয়ে মই গ্ৰহণ কৰিছোঁ, গতিকেই মই তেওঁলোকৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব প্ৰদান কৰিবলৈও বাধ্য হৈ পৰিছোঁ৷

হয়৷ মই  বাধ্য হৈ পৰিছোঁ৷ কাৰণ মই সম্প্ৰতি শৰীৰে-মনে বিধ্বস্ত, জৰ্জৰিত৷ অথচ সদ্য অতীতৰ সকলোৰে জীৱনকালত মইতো প্ৰতিজনৰে তেজকে প্ৰত্যক্ষ কৰিছিলোঁ– তেওঁলোকৰ কথনভঙ্গীত, তেওঁলোকৰ স্বপ্নৰচনা আৰু সেই সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ তেওঁলোকে কৰা প্ৰয়াসত৷

সম্প্ৰতি মই সেইবোৰ সদ্য অতীত জীৱন্ত মানুহৰ জীৱনক লৈ মহাবৃত্তান্ত ৰচনা কৰিবলৈ অসহায়ভাৱে বাধ্য হৈ পৰিছোঁ৷ কাৰণ মোৰ ওপৰত যিসকলৰ নিৰ্দেশ আৰোপিত হৈছে তেওঁলোকে মোৰ দৰেই জানে যে তেওঁলোক মোৰ ৰক্তৰ উত্তৰাধিকাৰ নহয়৷ গতিকে মোৰ বিৰুদ্ধে যিকোনো প্ৰয়োজনীয় মুহূৰ্তত কঠোৰতকৈও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেওঁলোক কুণ্ঠিত নহ’ব বুলি মই জানো৷ ইতিপূৰ্বে তেওঁলোকে তেনে কঠোৰ আৰু অনৈতিক কাৰ্যত বহুবাৰ অংশ গ্ৰহণ কৰি আহিছে৷

অৱশ্যে এই কাব্য মই ৰচনা কৰিব খুজিছোঁ প্ৰকাৰান্তৰে মোৰ অমৰত্ব কামনা কৰিয়েই৷ মই মোৰ বৰ্তমানৰ বহুধাবিভক্ত ব্যক্তিত্ব আৰু প্ৰতিভাৰে লিপিৱদ্ধ কৰিব খুজিছোঁ মোৰেই ৰক্তপ্ৰৱাহৰ মাজত নিহিত দ্বন্দ্ব, সংঘাত, ষড়যন্ত্ৰ, বীৰত্ব, সততা, মিথ্যাচাৰ, অন্ধত্ব, উপেক্ষা, প্ৰতিশোধভাবনা, লোভ, ত্যাগ আদি মানৱীয় সকলো বিশেষত্বৰ নেতিবাচক পৰিণতিৰ এখন কাব্য৷ এই কাব্য ৰচনাত সফল হলে যুগ-যুগান্তৰলৈ ময়ো অমৰ হৈ ৰম।

এনে প্ৰচণ্ড নেতিৰ বিষয়ে লিপিৱদ্ধ কৰি মই বাৰু কেনে ধৰণৰ ইতিৰ আশা কৰিছোঁ? মই নিজে জীৱনত কি আশা কৰিছিলোঁ– ইতিবাচকতা, সৰ্বত্ৰ৷ কিন্তু প্ৰাপ্তিস্বৰূপে মোৰ হাতত সম্পদস্বৰূপে সম্প্ৰতি কি আছে? নেতি, কেৱল নেতি– যি নেতি প্ৰচণ্ড ঘৃণা আৰু ব্যক্তিবিশেষৰ ন্যস্তস্বাৰ্থজনিত অশেষ লোভৰ পৰিণতিস্বৰূপ৷

উঃ!

অসহ্যকৰ!

এই কাব্যখনৰ নাম জয়কাব্য ৰাখিব খুজিছোঁ মই৷ ইয়াৰ কাৰণো মোৰ ৰক্তৰে কৰুণ প্ৰতিশোধ৷ যিসকল বিজয়ী হ’ল, যিসকলক বিজয়ী হোৱাত জ্ঞাতে বা অজ্ঞাতে ময়ো সাহায্য প্ৰদান কৰিছিলোঁ৷

কিন্তু মই ইতিমধ্যে প্ৰতাৰিত হৈছোঁ৷ 

কাৰণ সম্প্ৰতি অৱশিষ্ট এই বিজয়ী ৰক্ত মোৰ জৈৱিক অৱশিষ্ট নহয়৷

নহয়? হয়, নহয়!

কিন্তু সম্প্ৰতি মই দুৰ্বল হৈ পৰিছোঁ৷ মোৰ সমস্ত জ্ঞান-বুদ্ধি প্ৰয়োগ কৰি যাক ধৰ্মৰ প্ৰতিভূ বুলি বিশ্বাস কৰি সাহায্য প্ৰদান কৰিলোঁ তেওঁ প্ৰমাণিত হ’ল সুযোগসন্ধানীৰূপে, আনৰ দৃষ্টিত নহয়, মোৰ দৃষ্টিত৷

কিন্তু তেৱেঁই সম্প্ৰতি জম্বুদ্বীপৰ সৰ্বজনপূজ্য মানৱ– সৰ্বসাধাৰণৰ বাবে নৰৰূপ ধাৰণ কৰা দেৱতা, স্বয়ং ভগৱান৷ তেওঁৰ ইচ্ছাক সম্মান নজনোৱাকৈ মই এনে কাব্য ৰচনা কৰাটো অসম্ভৱ৷ সেই দেৱতাই প্ৰতিষ্ঠা কৰা পুৰুষশূন্য হস্তিনাপুৰৰ ৰাজাধিৰাজ যুধিষ্ঠিৰ আৰু তেওঁৰ চতুৰ্ভাতৃ সম্প্ৰতি ৰাজনৈতিক তথা আৰ্থিকভাৱে সৰ্বাধিক ক্ষমতাশালী৷ প্ৰকৃতাৰ্থত প্ৰায় পুৰুষবিহীন এই জম্বুদ্বীপত তেওঁলোকেই সম্প্ৰতি বল-বীৰ্য তথা ক্ষমতাৰ প্ৰতিভূ৷

এতেকে মই তেওঁলোকৰ ইচ্ছা, প্ৰকাৰান্তৰে নিৰ্দেশ পালন কৰিবলৈ বাধ্য৷

তথাপি নিজকে জিজ্ঞাসা কৰোঁ মই– মই বাৰু কিয় লিখিব খুজিছোঁ এই ঘৃণনীয় আৰু হৃদয়বিদাৰক ঘটনাবোৰৰ বিৱৰণ? ভৱিষ্যতৰ পৃথিৱীয়ে ইয়াৰ মাজত কি পাব? আছেনে মানুহৰ বাবে কিবা শিক্ষণীয় কথা ইয়াত? আৰু মইনো কোন? মোৰ মনতনো এইবোৰ কথাই ইমানকৈ ৰেখাপাত কৰিছে কিয়? আৰু মই মোৰ লিখিবলৈ ওলোৱা কাব্যখনৰ নাম কিয়নো জয়কাব্য ৰাখিছোঁ তাক লৈও প্ৰশ্ন উত্থাপন কৰিছোঁ নিজৰ আত্মাৰ সম্মুখত৷ এই জয় প্ৰকৃততে জয় হয় জানো? ই বাৰু মানুহৰূপে মোৰ পৰাজয় নহয়নে?

মই কোন? জম্বুদ্বীপৰ সৰ্বাধিক শক্তিশালী সাম্ৰাজ্য হস্তিনাপুৰ বা ভাৰতবৰ্ষৰ সাম্প্ৰতিক ৰাজবংশৰ প্ৰকাৰান্তৰে ময়ে জনক যি হস্তিনাপুৰে ব্ৰাহ্মণ্যবাদৰ আশ্ৰয়ত নিজৰ ক্ষত্ৰিয়ত্বৰ গৌৰৱ ঘোষণা কৰিবলৈ সৰ্বদা তৎপৰ৷ হস্তিনাপুৰৰ ৰাজবংশই মোকে ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ বুলি অথবা শ্ৰেষ্ঠ ঋষি বুলিও প্ৰক্ষেপ কৰে আৰু অপৰ ৰাজশক্তিবোৰে অজ্ঞতাবশতঃ অথবা ভীতিবশতঃ হস্তিনাপুৰৰ প্ৰতিটো ঘোষণাকে বিনা প্ৰতিবাদে মানি লয়৷

কিন্তু মই কেনেকৈ ব্ৰাহ্মণ হ’লোঁ? বিশেষতঃ সাম্প্ৰতিক সময়ত বৈদিক ভাবনাৰ অবাধ অৱক্ষয়ৰ দিনত? মোৰ অনুভৱ হয়, পূৰ্বকাব্য ৰামায়ণ পৰ্যন্ত বৈদিক বৰ্ণবিভাজন কিছুদূৰলৈ পালিত হৈছিল সঠিকভাৱেই৷ কিন্তু কালক্ৰমত বেদ-কথিত বৰ্ণবিভাজন বৰ্তি থকা নাই৷ কিন্তু আশ্চৰ্যকৰ কথা এয়ে যে এতিয়াও বৈদিক চতুৰ্বৰ্ণৰ কথা বাৰম্বাৰ ঘোষিত হৈ আছে অথচ কৰ্মৰ পৰিৱৰ্তে জন্ম অনুসাৰেহে মানুহৰ পৰিচয় নিৰ্ণয় কৰা হৈ আহিছে৷

সাম্প্ৰতিক কালতো মোক বোলা হৈ আহিছে ব্ৰাহ্মণ৷ কোৱা হৈছে যে সাম্প্ৰতিক সময়ৰ জম্বুদ্বীপৰ শ্ৰেষ্ঠ ব্ৰাহ্মণসকলৰ ভিতৰত ময়ো অন্যতম৷ অথচ হস্তিনাপুৰৰ ইতিহাসপ্ৰসিদ্ধ ক্ষত্ৰিয় কুৰুবংশৰ সদ্যবিধ্বস্ত বংশজসকলৰ জৈৱিক পিতৃ মই, এক ব্ৰাহ্মণ!

মোৰ এটা অতীত আছে৷ এটা পুতিগন্ধময় কদৰ্য অতীত৷ কিন্তু জীৱনে মোক অতীতলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ দিয়া নাই৷ মই বৰ্তমানৰহে মানৱ অস্তিত্ব৷ জীৱনৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মই অতীতলৈ লক্ষ্য নকৰাকৈ কেৱল বৰ্তমানক অতিক্ৰম কৰিবলৈকে যত্ন কৰি আহিছোঁ৷ তেনে বহু বৰ্তমান মুহূৰ্তকো মই অসহায়ভাৱে কাদৰ্য-কলূষেৰে কলঙ্কিতও কৰি পেলাইছোঁ বাধ্য হৈ৷ 

জম্বুদ্বীপৰ সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ ব্যাস অসহায়! বাধ্য!

বেদবিভাজন কৰা বেদব্যাস অসহায়! বাধ্য!

জীৱনৰ প্ৰতিটো মুহূৰ্ততে মই অসহায়৷ ব্যাস অসহায়৷ 

ব্যাস কালৰ সূত্ৰত উল্লম্বভাৱে নৰ্তন কৰা এটি যেন সচল মূৰ্তিহে!

মই প্ৰকৃততে ব্ৰাহ্মণ পিতৃ আৰু অবিৱাহিতা ক্ষত্ৰজ মাতৃৰ সন্তান যি মাতৃ আছিল অবিৱাহিতা৷ জন্মসূত্ৰে শুদ্ৰী তথা অবিৱাহিতা অসহায়া মাতৃৰ সৈতে মোৰ আৰ্য অৰ্থাৎ শ্ৰেষ্ঠ মানৱকুলৰ প্ৰতিনিধি বুলি প্ৰচাৰিত মহৰ্ষি পৰাশৰে অন্ধ তথা মদমত্ত ৰূপত চলোৱা অবাধ যৌন আচৰণৰে ফল মই, কৃষ্ণতনু দ্বৈপায়ণ৷ কিবা অজ্ঞাত কাৰণতে পিতৃ পৰাশৰে মোক মোৰ জন্মৰ মুহূৰ্ততে মাতৃৰপৰা বিচ্ছিন্ন কৰি পৰৱৰ্তী সময়ত নিৰস শাস্ত্ৰাদিৰ অধ্যয়নৰ সৈতে ব্যস্ত হ’বলৈ বাধ্য কৰালে৷ সম্ভৱতঃ এইটো কাৰণতে কিছু দূৰলৈ সংস্কৃত শাস্ত্ৰ-সমগ্ৰ মই মোৰ মস্তিষ্কত ধাৰণ কৰিব পৰা হৈ উঠিলোঁ৷ কিন্তু একেটা কাৰণতে মোৰ জন্ম তথা মোৰ মাতৃদেৱীৰ বিৱাহপূৰ্ব তথা বিৱাহপৰৱৰ্তী জীৱনৰ অৱস্থান সম্পৰ্কে, তেখেতৰ জীৱনত মোৰ স্থান সম্পৰ্কেও নেতিবাচকভাৱে নিশ্চিত হৈছিলোঁ৷ 

কিন্তু মোৰ বাবে আটাইতকৈ ডাঙৰ পৰ্যৱেক্ষণ আছিল, মোৰ প্ৰতি মোৰ জননী মাতৃয়ে পালন কৰিবলগীয়া দায়িত্বতকৈ মোৰ জন্মদাত্ৰী মাতৃয়ে তেখেতৰ প্ৰতি পালন কৰিবলগীয়া মোৰ দায়িত্বতহে গুৰুত্ব আৰোপ কৰিছিল অধিক৷ মই জানিছিলোঁ, তেখেতৰ প্ৰতি পালন কৰিবলগীয়া মোৰ দায়িত্বৰ ক্ষেত্ৰত কেৱল মই সৎ হ’লেই নহ’ব; মোৰ সৈতে ক্ৰীড়াঙ্গণত অংশ গ্ৰহণ কৰিবলৈ দিয়া ক্ৰীড়াৱিদসকলো সৎ আৰু সাহসী হ’ব লাগিব৷

পিতৃদেৱে মোক ব্যাসগোষ্ঠীৰ অন্তৰ্ভুক্ত কৰিছিল মই একোকে নুবুজা বয়সতে৷ শেষত মই মোৰ সমগ্ৰ গোষ্ঠীটোৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হৈছে, নীতি আৰু অনীতিৰ দ্বন্দ্বৰ মাজত মই একান্তভাৱে ক্লিষ্ট হ’বলৈ বাধ্য হৈছোঁ৷ 

শাস্ত্ৰাধ্যয়ন আৰু জ্ঞানান্বেষণ অব্যাহত ৰাখি মই কালক্ৰমত আনকি অতিকে জটিল বেদবিভাজনো সম্পন্ন কৰিলোঁ৷ জম্বুদ্বীপৰ বৌদ্ধিক আৰু আধ্যাত্মিক ক্ষেত্ৰতে মই মোৰ বিচৰণ সীমাৱদ্ধ কৰি ৰাখিব খুজিছিলোঁ৷ 

কিন্তু ৰাজনীতিৰ পঙ্কতো যে মই এনে অসহায়ভাৱে পতিত হ’ম কদাপি কল্পনাও কৰা নাছিলোঁ৷ আজিও চিন্তা কৰি চাওঁ মই, কি শক্তিয়ে মোৰ অজানিতেই মোক জম্বুদ্বীপৰ ৰাজনীতিৰ মাজলৈ আকৰ্ষিত কৰিছিল? সম্ভৱতঃ মোৰ ভাগ্যই৷ হয়, মোৰ জন্মই মোক ভাৰতৰ ৰাজনীতিত অংশ গ্ৰহণ কৰিবলগীয়া এটা চৰিত্ৰৰূপে গঢ়ি তুলিলে৷ কাৰ পৰিচালনাত মই এই চৰিত্ৰ ৰূপায়ন কৰিলোঁ আজিও চিন্তা কৰোঁ৷

মাতৃদেৱী? হয়, প্ৰথমতঃ মাতৃদেৱীয়েই৷ কিন্তু মাতৃদেৱীয়ে জানো কেৱল তেওঁৰ স্বপ্নপূৰণাৰ্থে মোক ব্যৱহাৰ কৰিছিল

সেই স্বপ্ন প্ৰকৃততে মোৰ পিতৃদেৱতাৰ নাছিলনে? সম্ভৱতঃ আছিল৷ মোৰ পিতৃ ঋষিশ্ৰেষ্ঠ পৰাশৰেই জানো মোক ব্যাসকুলৰ অন্তৰ্ভুক্ত কৰা নাছিল

আকৌ তেখেতেই জানো মোৰ মাতৃক বচন দিয়া নাছিল যে মাতৃয়ে আহ্বান কৰিলেই মই তেওঁৰ কাষত উপস্থিত হ’ম?

এখন পুৰুষপ্ৰধান সমাজৰ সৃষ্টি হিচাপে পুৰুষ পিতৃৰ স্বপ্নক সাকাৰ কৰিবলৈ মই নিতান্তই বাধ্য৷ 

সম্ভৱতঃ মোৰ মাতৃদেৱীয়ে সেই সময়ত তেওঁৰ স্বামী হস্তিনাপুৰৰ ৰাজাধিৰাজ শান্তনুৰ ৰক্তপ্ৰৱাহৰ প্ৰতি দায়ৱদ্ধ হ’ব খুজিছিল৷ কিন্তু তেওঁ যেন একে সময়তে দায়ৱদ্ধ হ’ব খুজিছিল মোৰ পিতৃ ঋষিশ্ৰেষ্ঠ পৰাশৰৰ প্ৰতিও! মাতৃদেৱীয়েতো নাজানিছিল কাৰ প্ৰতি তেওঁ কিমান সৎ হ’ব পাৰিছে!

মই এই মুহূৰ্ততো চিন্তিত হৈ আছোঁ, সমগ্ৰ ঘটনা পৰিক্ৰমাত মই বাৰু এটা অতি সাধাৰণ চৰিত্ৰ নে পৰিচালক? ইমান বিস্তৃত, গভীৰ আৰু জটিল মহাবৃত্তান্তৰ সামগ্ৰিক পৰিচালনা অন্ততঃ মোৰদ্বাৰা সম্ভৱ নহয়৷ কিন্তু প্ৰকৃত পৰিচালক যিয়ে নহওক কিয় সেই পৰিচালকৰ সৈতে সম্ভৱতঃ মোৰো লক্ষ্য-উদ্দেশ্যৰ সাদৃশ্য সম্ভৱতঃ ক’ৰবাত আছিল৷

মোৰ ইচ্ছা-অনিচ্ছালৈ লক্ষ্য নকৰি আজীৱন ব্ৰহ্মচৰ্য ব্ৰতেৰে জীৱন পথত আগ বাঢ়িবলৈ বাধ্য কৰা বুলি উপলব্ধি কৰি প্ৰাকযৌৱন কালতে প্ৰথমে মই আহত আছিলোঁ৷ পৰৱৰ্তী সময়ত আকৌ এবাৰ মোৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতি সামান্যতমো গুৰুত্ব নিদিয়াকৈ কেৱল ধৰ্মৰ আৱৰণ দি মোৰ ব্ৰহ্মচৰ্য ব্যাহত কৰাতো মই আহত হৈছিলোঁ৷ এজন ব্যক্তি কিমানবাৰ অপমানিত হ’ব পাৰে? সেয়ে কোনোবা সময়ত সম্ভৱতঃ ময়ো এই বিৰাট ৰক্তক্ষয়ী নাটকৰ অন্যতম এক উদ্যোক্তালৈ পৰিৱৰ্তিত হৈছিলোঁ৷

সমান্তৰালভাৱে মই আৱিষ্কাৰ কৰিছিলোঁ অতিশয় আশ্চৰ্যজনক কিছুমান সত্য৷ কোনো বাস্তৱিক প্ৰমাণ নোহোৱা অথচ ইন্দ্ৰিয়ক প্ৰখৰভাৱে প্ৰয়োগ কৰি আৱিষ্কাৰ কৰিব পৰা কিছুমান মনস্তাত্ত্বিক সত্য৷

পুনৰ আশ্চৰ্য জাগিছে মোৰ মনত– ইমান বৈপৰীত্যৰ মাজেদিও প্ৰায় সকলোৰে লক্ষ্য কিদৰে ইমান একে হ’ব পাৰে?

এই কাব্য পাঠকৰ বাবে ইয়াৰ চৰিত্ৰবোৰ কেৱল চৰিত্ৰ৷ মোৰ কাৰণে কিন্তু সেইবোৰ ৰক্ত-মাংসৰ মানুহ, আৱেগ-অনুভূতিৰে পৰিপূৰ্ণ মানুহ৷ অৱশ্যেই এই কাব্যৰ কেৱল আঠজন ব্যক্তিক বাদ দি বাকী সকলো সম্প্ৰতি অতীত, সেইবোৰ সম্প্ৰতি কেৱল চৰিত্ৰহে!

হস্তিনাপুৰৰ ৰাজনীতিৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সম্পৰ্ক থকা প্ৰতিজন ব্যক্তিৰ সৈতে মোৰ বাৰ্তালাপ হৈছিল৷ স্ত্ৰী-পুৰুষ নিৰ্বিশেষে৷ তেওঁলোকে মোক কিছু কথা কৈছিল, কিছু কোৱা নাছিল৷ কিন্তু অবিৱাহিতা ক্ষত্ৰজা নাৰীৰ পুত্ৰ হৈও ব্ৰাহ্মণত্ব আহৰণ কৰোঁতা, বেদবিভাজনৰ দৰে দুষ্কৰ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা ব্যাসৰ অন্তৰ্দৃষ্টি তেওঁলোকে নোকোৱা কথাখিনি জানিবলৈ যে অপাৰগ নহয় সেই সম্পৰ্কে সম্ভৱ ক্ষেত্ৰত তেওঁলোক অৱগত নহ’বও পাৰে৷

তেওঁলোকৰ অন্তৰ্জগত পাঠ কৰিবলৈ মই আগ্ৰহী আছিলোঁ সৰ্বদা৷ সম্ভৱতঃ জম্বুদ্বীপত ক্ৰমে ক্ৰমে ভাস্বত হৈ উঠিব পৰা সম্ভাৱনাৰে মণ্ডিত মোৰ পুত্ৰ শতপুত্ৰবিশিষ্ট ধৃতৰাষ্ট্ৰ অথবা বিশিষ্ট গুণৰাশিৰে পৰিপূৰ্ণ পঞ্চপুত্ৰৰ পিতৃ পাণ্ডুৰ মাধ্যমেদিয়ে মই নিজৰো অজ্ঞাতে পুত্ৰস্নেহবশতঃ ভাৰতৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ উঠিছিলোঁ৷ 

  

২ পৰশুৰাম ৷

 

ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়৷ 

সমগ্ৰ আৰ্যাৱৰ্তত এই শব্দদ্বয়ে ৰচনা কৰা অমানৱীয় পৰিৱেশ-পৰিস্থিতিৰ সাক্ষী মই৷ এজন মুনিপুত্ৰ হিচাপে ময়ো ব্ৰাহ্মণ হলোঁ যুগধৰ্মৰ পৰিণতিতে৷ কিন্তু বেদবিহিত চতুৰ্বৰ্ণৰ প্ৰসঙ্গ সৰ্বত্ৰে উচ্চাৰিত হোৱা ভাৰতবৰ্ষত বৰ্ণাশ্ৰমৰ ক্ষেত্ৰত কেৱল জন্মকে আধাৰ হিচাপে গ্ৰহণ কৰাটো মোৰ দৃষ্টিত স্পষ্টৰূপত স্ববিৰোধী অনুশীলন৷

শৈশৱৰেপৰাই এই কথাবোৰ মই লক্ষ্য কৰি আহিছোঁ৷ প্ৰতি ক্ষেত্ৰতে মই অনুভৱ কৰি আহিছোঁ অসহ্যকৰ উপায়হীনতা৷ সেয়ে দেশ-কালৰ ৰীতি অনুসাৰে কিছু শাস্ত্ৰ অধ্যয়নৰ পাছতে মই হিমালয়লৈ যাত্ৰা কৰিছিলোঁ৷

সকলোৱে জানিছিল মোৰ সেই যাত্ৰা আছিল তপস্যাৰ্থে৷ হয়, তপস্যাৰ্থেই আছিল সেই যাত্ৰা৷ কিন্তু কোনো আধ্যাত্মিক তত্ত্বজ্ঞান অৰ্জন অথবা কোনোবা দেৱতাৰ বৰলাভৰ উদ্দেশ্যে মোৰ সেই তপস্যা নাছিল৷

হিমালয়ৰ কৈলাশবাসী মহাদেৱ শিৱৰ শৰণাপন্ন হৈছিলোঁগৈ মই৷ শিৱৰ চৰণত মই শস্ত্ৰশিক্ষা প্ৰাৰ্থনা কৰিছিলোঁগৈ৷

: এজন ঋষিৰ পুত্ৰ হৈ তুমি ক্ষত্ৰিয়জনৰহে উপযোগী শস্ত্ৰ হাতত তুলি ল’বলৈ কিয় অভিলাস কৰিছা শ্ৰীমান? – শিৱই সুধিছিল৷

মই তেখেতক আপাদমস্তক লক্ষ্য কৰিছিলোঁ৷ আৰণ্যক সৰলতাৰ এজন সুপুৰুষ৷ শৰীৰৰ বিভিন্ন অংশত অলেখ আঘাতৰ চিহ্ন৷ পৰিধেয়ৰ ক্ষেত্ৰত পশুচৰ্ম আৰু সামান্য বস্ত্ৰৰে সম্পূৰ্ণ জনজাতীয় বৈশিষ্ট্য বিদ্যমান তেখেতৰ শৰীৰত৷ কৰ্ণ, হস্ত বা কণ্ঠত কোনো স্বৰ্ণ-ৰজতৰ অলঙ্কাৰ নাই৷ শৰীৰৰ অংশবিশেষত কিবা অজ্ঞাত চূৰ্ণৰ অৱশেষ৷ 

:  আপুনিওতো আৰ্য নহয়, মহাশয়৷ 

:  মই নহওঁ৷ কিন্তু তুমিতো আৰ্য!

:  জন্মসূত্ৰেহে মই ব্ৰাহ্মণ৷ বেদবিহিত কৰ্মানুসাৰী চতুৰ্বৰ্ণ আজিকালি ভাৰতবৰ্ষত পালন কৰা নহয় মহাশয়৷ এই কথাটোৰ মই বিৰোধিতা কৰোঁ৷ ক্ষত্ৰিয় বোলা এচাম লোকে সদায়ে ৰাজনৈতিক ক্ষমতাত অধিস্থিত হৈ থকাটো কেনে কথা? আকৌ শূদ্ৰসকলে চিৰন্তন কাল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় গোষ্ঠীৰ সেৱা কৰি যোৱাৰো মই কোনো যুক্তি নেদেখোঁ৷ আৰু সৰ্বোপৰি মহোদয়, ব্ৰাহ্মণসকলে কেৱল বুদ্ধিৰেই বিভিন্ন গ্ৰন্থৰ প্ৰসঙ্গ উত্থাপন কৰি কৰি অপৰসকলক শোষণ কৰি যোৱাটোও মোৰ মতে এটা ভুল অনুশীলন৷ মই এইবোৰ সলনি কৰিব খোজোঁ মহাশয়৷ ক্ষত্ৰিয়ৰদ্বাৰা মই কৃষি আৰু বাণিজ্য কৰাব খোজোঁ৷ ব্ৰাহ্মণৰদ্বাৰা মই শাসন আৰু সেৱা দুয়োটা কৰাব খোজোঁ৷

:  তুমি পাৰিবা জানো ৰাম?– মোৰ মুখলৈ একান্তমনে চাই থাকি সুধিছিল শিৱই৷

পৰা-নোৱৰাৰ কথাটো বেলেগ৷ কিন্তু নোৱাৰিম বুলি ভাবি লৈ মই অকণো যত্নও নকৰিম নেকি, মহাশয়?

... শিৱৰপৰা মই শস্ত্ৰবিদ্যা আহৰণ কৰিছিলোঁ৷

সেই বিদ্যা পৰৱৰ্তী সময়ত মই একাধিক যোগ্য ব্যক্তিক প্ৰদান কৰিছোঁ৷ 

কিন্তু মোৰ বিদ্যাৰ বাৰু অপপ্ৰয়োগ হৈছে নেকি

যি ভৰদ্বাজপুত্ৰ দ্ৰোণক মই শস্ত্ৰবিদ্যা প্ৰদান কৰিছিলোঁ তেওঁতো ব্ৰাহ্মণ হৈ ক্ষত্ৰিয়বিদ্যা আহৰণ কৰিবলৈ উন্মুখ আছিল৷ তেনে হোৱাৰ কাৰণস্বৰূপে তেওঁ কৈছিল, ‘মই ব্ৰাহ্মণ-ক্ষত্ৰিয় আদি চতুৰ্বৰ্ণৰ বিকৃত অনুশীলনৰ অৱসান ঘটাব খোজোঁ, গুৰুদেৱ৷’

কিন্তু এতিয়া? এতিয়া তেওঁ ভাৰতৰাজ্যৰ কুৰুবংশী ৰাজকুমাৰবোৰক শস্ত্ৰবিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে৷ অৰ্জুন নামৰ এজনক শ্ৰেষ্ঠ যোদ্ধাৰূপে গঢ়ি তুলিছে বুলিও বাৰ্তালাভ কৰিছোঁ৷ প্ৰথমে ৰজা দ্ৰুপদৰ বিৰুদ্ধে সেই অৰ্জুনকে যুদ্ধত নমাই তেওঁ পৰীক্ষাও লৈছে৷

এনে বাৰ্তাবোৰে দেখোন দ্ৰোণৰ জাত্যাভিমানহীন সমাজৰ সপোনটো সমৰ্থন নকৰে৷

সমূলি নকৰে৷

তেন্তে?

  

৩ শিৱ ৷

 

জম্বুদ্বীপৰ উত্তৰ দিশে অৱস্থিত পাৰ্বত্য ৰাজ্য গান্ধাৰৰ উত্তৰ পশ্চিম আৰু কম্বোজ ৰাজ্যৰ দক্ষিণ-পূব অঞ্চলৰ সুন্দৰ দেহাৱয়বৰ দীৰ্ঘজীৱী মানুহবোৰে জ্ঞানানুশীলনতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ স্বাস্থ্যসম্মত বায়ু, বিশুদ্ধ জল আৰু প্ৰকৃতিপ্ৰদত্ত স্বাস্থ্যকৰ খাদ্যপ্ৰণালীয়ে তেওঁলোকক সুদীৰ্ঘ জীৱন প্ৰদান কৰিছে৷ জম্বুদ্বীপৰ অন্যান্য অংশৰ লোকসকলৰ প্ৰতি তেওঁলোকে হীন দৃষ্টি পোষণ কৰে। সেয়ে নিজৰ গোষ্ঠীৰ ব্যতিৰেকে অন্যান্য গোষ্ঠীৰ প্ৰৱেশাধিকাৰ তেওঁলোকৰ সেই উপত্যকাত প্ৰায় নিষিদ্ধ৷ তথাপি তক্ষশিলা আৰু হিমালয়ৰ অন্যান্য অঞ্চলৰ ব্ৰাহ্মণ আৰু যজমান সম্প্ৰদায়ে তেওঁলোকৰ উপত্যকাত প্ৰৱেশ কৰিব পাৰে৷ অৱশ্যে কেকয়, বাহ্লীক আদি নিকটৱৰ্তী ৰাজ্যৰ সৈতে তেওঁলোকে ৰহস্যজনকভাৱে ব্যৱসায়ৰ সম্পৰ্ক ৰক্ষা কৰে৷  জম্বুদ্বীপৰ সমতল আৰু অৰণ্যবাসীসকলৰ ধাৰণাত তেওঁলোকৰ ৰাজ্যখন স্বৰ্গ– যত কোনো অভাৱ-অনাটন নাই, যত কেৱল সুখ বিৰাজ কৰে সৰ্বত্ৰ।

তেওঁলোকে যথেষ্ট সংখ্যক সামৰিক শস্ত্ৰ উদ্ভাৱন কৰিছে যিবোৰ সমতলৰ যিকোনো ৰাজশক্তিৰ বাবে স্বপ্নসম্পদহে৷ সেয়ে বহু ৰাজপুৰুষে তেওঁলোকৰ স্নেহভাজন কিংবা বিশ্বাসভাজন হ’বলৈ সশ্ৰম প্ৰয়াস কৰে৷ কোনো সফল হয়, কোনো হয় বিফল৷

শক্তি, জ্ঞান, শৰীৰী অৱয়ব তথা সৌন্দৰ্য আৰু দীৰ্ঘজীৱনৰ সমন্বিতে সম্পদ– এই সমগ্ৰখিনিৰ বাবেই সমতলৰ বিভিন্ন লোকৰ মাজত তেওঁলোক হৈ উঠিছে দেৱতা৷ তেওঁলোকৰ শক্তিকে দৈৱীশক্তি বুলি প্ৰায় সমগ্ৰ জম্বুদ্বীপ বিশ্বাসী হৈ উঠিছে৷ তেওঁলোকক মানুহে অমৰ বুলিও ধাৰণা কৰিবলৈ লৈছে৷

সমতলৰ ৰাজ্যবোৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সাময়িক আৰু অস্থায়ী৷ বিশেষকৈ যুদ্ধৰ সময়ত তেওঁলোকে কোনো কোনো ৰাজ্যক সামৰিক সাহায্য প্ৰদান কৰে৷ হিমালয়ৰ অৰণ্যবাসী জনগোষ্ঠীবোৰকো তেওঁলোকে প্ৰায় অস্পৃশ্য জ্ঞান কৰে অথচ সমতলবাসী বহু নাৰীৰ সৈতে তেওঁলোকৰ পুৰুষসকলে বলপূৰ্বক অথবা প্ৰলোভনপূৰ্বক সাময়িক যৌন সম্পৰ্কত লিপ্ত হয়৷ অথচ কদাচিত তেওঁলোকৰ কোনো নাৰীয়ে সমতলবাসী পুৰুষৰ সৈতে আনুভূতিক অথবা শাৰীৰিক সম্পৰ্ক প্ৰতিষ্ঠা কৰিলে তেনে নাৰীক সেই স্বৰ্গৰাজ্যৰপৰা বিতাড়িত কৰা হয়৷ অথচ মোৰ বাবে অতি আশ্বৰ্যকৰ কথা এইটোৱেই যে তেওঁলোকৰ নিজৰ সমাজখনত নাৰীসকলৰ অধিকাংশই বাৰাঙ্গনা৷ 

দেৱতাৰ সমাজখনৰ সৰ্বাধিক সংখ্যক নাৰীয়েই অবিৱাহিতা আৰু বহুবল্লভা বুলি মই বিভিন্ন সূত্ৰৰপৰা অৱগত৷ কেৱল বিলাস-ব্যসনৰ নামত তেওঁলোকৰ অবাধ ইন্দ্ৰিয়জ ব্যভিচাৰ মোৰ দৃষ্টিত বীভৎসতাৰ অন্য নামহে৷ মানুহৰ জীৱনক মদ্য-মাৎসৰ্যই অৰ্থপূৰ্ণ কৰি তোলে বুলি মই বিশ্বাস নকৰোঁ৷ মই ভাবোঁ যে সৰল জীৱন যাপন, কঠোৰ পৰিশ্ৰম আৰু পৰোপকাৰেহে মানুহৰ জীৱনক এটা অৰ্থ প্ৰদান কৰে৷

কিন্তু মোক, অৰণ্যবাসী জনজাতীয় শিৱক সেইসকল দেৱতাই তেওঁলোকৰ ৰাজ্যত বসবাস কৰিবলৈ বহু বছৰ ধৰি নিমন্ত্ৰণ জনাই আহিছে৷ ইয়াৰ কাৰণ অৱশ্যে মই জানো৷

হিমালয়ৰ চিৰতুষাৰাবৃত কৈলাশ অঞ্চলত মোৰ জন্ম৷ কঠোৰ প্ৰকৃতিৰ সৈতে যুদ্ধ কৰোঁতেই মোৰ শৈশৱ আৰু কৈশোৰ অতিক্ৰান্ত হৈছিল৷ পৰৱৰ্তী সময়ত অৱশ্যে মই পৰ্বতৰ পাদদেশৰ আসমুদ্ৰ ভূমিভাগৰ কিছুমান অংশৰ মানুহৰ সৈতে সম্পৰ্কলৈ আহিবলগীয়া হৈছে৷ কেতিয়াবা যুদ্ধৰ পৰিস্থিতিত, কেতিয়াবা হয়তো শান্তিৰ৷

ব্যক্তিগতভাৱে মোৰ কোনো স্থাৱৰ সম্পদ নাই৷ সম্পদ আহৰণৰ প্ৰতিযোগিতাত মই কদাপি অৱতীৰ্ণও হোৱা নাই৷ সম্ভৱতঃ এইটো কাৰণতে জীৱন যাপনৰ বাবে প্ৰয়োজনীয় ন্যূনতম সম্পদৰপৰা মোক প্ৰকৃতিয়ে অদ্যাপি বঞ্চিত কৰা নাই৷

পৰ্বত আৰু অৰণ্যবাসী জনগোষ্ঠীসমূহে মোক কোনো আনুষ্ঠানিকতা নোহোৱাকৈয়ে তেওঁলোকৰ নেতা বুলি ভাবে৷ অনেকেই মোক মহাবীৰ বুলিও ভাবে৷ মোক লৈ বহুতে বহু কিম্বদন্তিও প্ৰচাৰ কৰিছে৷ 

আচলতে কিন্তু মোৰ কোনো অলৌকিক বা অতিলৌকিক শক্তি বা ৰহস্য নাই৷ থকাৰ ভিতৰত মোৰ আছে তীব্ৰ ইচ্ছাশক্তি আৰু পৰিশ্ৰম কৰিব পৰা সক্ষমতা৷ যিকোনো মানৱেই যত্ন কৰিলে মোৰ সমান শক্তিশালী হ’ব পাৰে৷

হিমালয়ৰ সুউচ্চ পৰিৱেশত মোৰ জন্ম আৰু শৈশৱ-কৈশোৰ পাৰ হৈছে য’ত বতাহ খুব পাতল৷ সেই পাতল বতাহৰপৰা উশাহৰ অম্লজান আহৰণ কৰা ব্যক্তি এজনৰ কাৰণে যিকোনো শাৰীৰিক ক্লেশ সহ্য কৰাটো বৰ কঠিন কাম নহয়৷ অথচ ভূমিভাগৰ বহু লোকৰ কাৰণে সেয়া হেনো মোৰ ৰাহস্যিক শক্তি৷ 

হিমালয়েই মোক জন্ম দিছে যেনেকৈ তেনেকৈয়ে বহু বিপদৰপৰা ৰক্ষাও কৰিছে৷ এই পৰ্বতমালাত থকা অনেক ঔষধিয়ে বিভিন্ন সময়ত মোৰ শৰীৰটোক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিছে আৰু তেনেকৈয়ে জীৱনটো ৰক্ষাও পৰিছে৷ গতিকে সমতলৰ বহু লোকতকৈ মই সুদীৰ্ঘ জীৱন লাভ কৰিছোঁ আৰু লাভ কৰিছোঁ শাৰীৰিক সক্ষমতা৷

তাৰ লগতে অৱশ্যে বিভিন্ন প্ৰয়োজনত মই বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষা-নিৰীক্ষা কৰিছোঁ৷ বতৰ, বতাহ, শত্ৰুৰ চৰিত্ৰ তথা সামৰ্থ্য আদি নিৰ্ভুলভাৱে অনুমান কৰি বিভিন্ন সময়ত যুদ্ধৰ বিভিন্ন শস্ত্ৰ আৰু সেইবোৰৰ প্ৰয়োগ কৌশল মই আহৰণ কৰিছোঁ৷ অৱশ্যে মই হাতত এটি ডম্বৰু আৰু তিনিমুখীয়া শূল এডাল প্ৰায়ে ৰাখোঁ। কাৰণ গহীন বনভূমিৰ মাজতে মোৰ জীৱন পৰিক্ৰমা। সেয়ে প্ৰায়ে মুখামুখি হোৱা বন্যজন্তুৰপৰা ৰক্ষা পৰিবলৈ অথবা কদাচিত তেনে জন্তুক হত্যা কৰিবলৈ এই দুপদ সম্পদ মোৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ।

এতিয়া স্বৰ্গবাসী দেৱতাসকল কৌশলপূৰ্বক মোৰ শক্তিৰেও শক্তিশালী হ’ব খুজিছে৷ মোক সম্মত কৰাব নোৱাৰি দেৱতাসকলে এতিয়া ঋষি আৰু যজমানসকলৰ দ্বাৰা বিভিন্ন ৰাজ্যত প্ৰচাৰ কৰি ফুৰিছে যে মই হেনো তিনিজন সনাতন দেৱতাৰ অন্যতম! অতি আচৰিত কথা৷ আন দুজনৰ নাম হেনো ক্ৰমে বিষ্ণু আৰু ব্ৰহ্মা৷ বিষ্ণুৱে হেনো সৃষ্টি কৰে আৰু ব্ৰহ্মাই কৰে পালন৷ আৰু হাস্যকৰ কথা এয়ে যে মোৰ ওপৰতো মই নজনাকৈয়ে এটা বিশেষত্ব আৰোপ কৰা হৈছে৷ সেয়া হৈছে সংহৰণ৷ 

হয়৷ আৰ্যৰ দৃষ্টিত অনাৰ্য ব্যক্তি একোজন ধ্বংস ব্যতিৰেকে কিহৰ প্ৰতীক হ’ব পাৰে!

মোৰ বিষয়ে প্ৰচাৰিত আৰু কিছুমান কথা শুনি মনে মনে মই হাঁহো। মই হেনো অনবৰতে গঞ্জিকা সেৱন কৰি থাকোঁ। সুস্থ মস্তিষ্কৰে মই নাথাকোঁৱেই !

মই কিন্তু বিষ্ণু বা ব্ৰহ্মা এজনৰো সাক্ষাৎ লাভ কৰা নাই৷ মই প্ৰয়োজনো বোধ কৰা নাই তেওঁলোকৰ সান্নিধ্য লাভৰ৷ মই আনকি এইটোও নাজানো এই দুটা নামৰ দুজন ব্যক্তি প্ৰকৃততে আছেনে নাই৷ মোৰ ওচৰলৈ অৱশ্যে একাধিকবাৰ দেৱতাসকলৰ দল একোটা আহিছে বিভিন্ন প্ৰস্তাৱ লৈ– প্ৰায়ে তেওঁলোকৰ সম্মুখত থকা সঙ্কটৰপৰা পৰিত্ৰাণৰ উপায়ৰ সন্ধানত৷ কেতিয়াবা কোনো অৰণ্যবাসী অসুৰ বা দৈত্যৰপৰা তেওঁলোকৰ জীৱন চৰ্যা বাধাগ্ৰস্ত হ’লেও সেই অসুৰ বা দৈত্যক বধ কৰাৰ উপায় বিচাৰি তেওঁলোক মোৰ ওচৰলৈ আহিছে৷ পৰিস্থিতি অনুসাৰে মই তেওঁলোকক সাহায্যও প্ৰদান কৰিছোঁ।

কিন্তু মই তেওঁলোকৰ গোষ্ঠীৰ এজন হ’বলৈ ভাল নাপাম৷ মোৰ যি সৰল তথা প্ৰাকৃতিক জীৱন প্ৰণালী সেইটোৱেই মোৰ পৰিচয়, মোৰ গৌৰৱ৷ দেৱতাসকলৰ প্ৰচুৰ ইন্দ্ৰিয়বিলাসিতা আৰু সুৰাসক্তিক মই ঘৃণা কৰোঁ৷ তদুপৰি সমতলৰ বিভিন্ন ৰাজ্যত বিচৰণ কৰি ফুৰোঁতে তেওঁলোকে অবাধে যত্ৰ-তত্ৰ নাৰীসংসৰ্গ কৰি ফুৰাটো মোৰ দৃষ্টিত এক প্ৰকৃতিবিৰোধী অমানৱীয় আচৰণ৷

নালাগে মোক দেৱতাৰ দেৱত্ব৷ মানুহক কল্পিত শক্তিৰ প্ৰৰোচনাৰে মই প্ৰবঞ্চনা কৰিব নোৱাৰোঁ৷ কাৰণ মই শিৱ৷ মই সত্য৷ মই প্ৰাকৃতিক।

কিন্তু মোক কেন্দ্ৰ কৰি আৰু বহুতো অসত্য কাহিনী প্ৰচাৰ হৈছে৷ মই হেনো বহুতকে বিভিন্ন বৰ প্ৰদান কৰি শক্তিশালী কৰিছোঁ, মই হেনো কোনো নৰৰূপী মনুষ্যৰ সৈতে সম্মুখ সমৰত লিপ্ত হৈ পৰাজিত হৈছোঁ৷ 

আনকি জম্বুদ্বীপৰ সমস্ত জনসাধাৰণৰ মুখ পৰম্পৰাত ভাৰত ৰাজ্যৰ সিংহাসনক কেন্দ্ৰ কৰি কুৰুবংশীসকলৰ গৃহকন্দল আৰু সামগ্ৰিকভাৱে বংশটোৰে পতনৰ যি সুদীৰ্ঘ কাহিনী প্ৰচলিত হৈছে তাৰো অংশবিশেষত মোক অন্তৰ্ভুক্ত কৰিছে হেনো৷ হয়, অৰ্জুন নামৰ এক যোগ্য ক্ষত্ৰিয় যোদ্ধাক মই মোৰ পৰমাশ্চৰ্য আৱিষ্কাৰ পাশুপাত অস্ত্ৰ প্ৰদান কৰিছিলোঁ৷ মই কিন্তু যুদ্ধক্ষেত্ৰত সেই অস্ত্ৰ প্ৰয়োগৰ পৰিৱৰ্তে শত্ৰুপক্ষৰ মাজত ভীতিভাব উৎপন্ন কৰাবৰ উদ্দেশ্যে সজ্জিত কৰি ৰাখিবলৈহে নিৰ্দেশ দিছিলোঁ তেওঁক৷ কাৰণ, মই তেওঁক সেই অস্ত্ৰৰ ভয়াৱহ ধ্বংসাত্মক চৰিত্ৰৰ বিষয়ে এনেদৰে বিবৃত কৰিছিলোঁ, ‘বৎস, ই মানুহে কল্পনা কৰিব পৰাতকৈও বিধ্বংসী৷ এবাৰ প্ৰয়োগ কৰাৰ পাছত এই অস্ত্ৰৰ বিষক্ৰিয়াৰ অৱশিষ্ট ভূমিভাগ, জলমণ্ডল আৰু গগনমণ্ডলত অন্ততঃ সহস্ৰ বৰ্ষ পৰ্যন্ত ৰৈ যাব৷ সেই বিষক্ৰিয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম ৰোগগ্ৰস্ত শিশু জন্ম হ’ব৷ কাৰ্যতঃ এই অস্ত্ৰই পৃথিৱী আৰু সমস্ত জীৱকুলৰে অনিষ্ট সাধন কৰিব৷ তদুপৰি প্ৰয়োগকৰ্তাজনো এই অস্ত্ৰৰ বিষক্ৰিয়াৰপৰা ৰক্ষা নপৰে৷’

ভাৰত ৰাজ্যৰ সিংহাসনকেন্দ্ৰিক আসন্ন যুদ্ধখনৰ প্ৰস্তুতিস্বৰূপে কুৰুবংশৰ ৰাজকুমাৰ এজনে আহি মোৰ দৰে অনাৰ্য ব্যক্তি এজনৰপৰা শস্ত্ৰভিক্ষা কৰিলেহি৷

এই ধৰণৰ সংযোগে কিহৰ ইঙ্গিত দিয়ে?

এইবোৰ নিশ্চিতভাৱে সমগ্ৰ জম্বুদ্বীপত মোৰ জনপ্ৰিয়তাকে প্ৰমাণ কৰিছে৷ কিন্তু  বিশিষ্টৰূপে অভিহিত বহু ব্যক্তিয়ে কৰা বহু অপকৰ্মকে শুভকৰ্মৰূপে প্ৰতিষ্ঠা কৰিবলৈ মোক অনৈতিকভাৱে অৱলম্বন কৰাতহে মই আশ্চৰ্যান্বিত হৈছোঁ৷

ই নিশ্চয় এক অশুভ পৰম্পৰা৷ সত্যৰ পক্ষত স্থিৰ হৈ নিজৰ কৃতকৰ্মৰ বাবে দায়ৱদ্ধ হোৱাৰ পৰিৱৰ্তে আনক দোষাৰোপ কৰিবলৈ যত্ন কৰাৰ দৰে এনে অনুশীলনে ভৱিষ্যতৰ মানুহক কিহৰ ইঙ্গিত দিব

                                                                                                                         (ক্ৰমশঃ)

 





 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ