অজিত
ছিংনাৰ
প্ৰস্তাৱনা
মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে নে?
গোটেই বৃহৎ অঞ্চলটোত আজি অত্যাচাৰীৰ দপদপনি৷ সিহঁতৰ খোজৰ ভৰত ধৰণী আজি আন্দোলিত, কম্পমান৷ নিৰীহ মানুহবোৰৰ ৰাউচি জুৰি কন্দা কান্দোনেও অত্যাচাৰীহঁতৰ মন গলাব পৰা নাই৷ সিহঁতক দুখীয়া-নিছলাৰ তেজ লাগে, লাগে দুখীয়া-নিছলাৰ উপাৰ্জিত সম্পদৰে নিজৰ ভঁৰাল উভৈনদী কৰিবলৈ, আৰামত খাবলৈ৷ সিহঁত শান্ত নহয়৷ দুৰ্দান্ত নৰপিশাঁচৰ দৰে সিহঁতৰ খোজ, চকুত জিঘাংসাৰ জুই আৰু হাতত উদ্যত মাৰণাস্ত্ৰ৷ কাৰোবাক কাষত পালেই গুলীয়াই মৰাটো সিহঁতৰ যেন সহজাত প্ৰবৃত্তি৷ ইয়াত দয়া-মায়াৰ উপস্থিতি একেবাৰে দুৰ্লভ৷ হঠাতে জাগ্ৰত হৈ উঠিছে সিহঁতৰ বহুদিনীয়া সুপ্ত জিঘাংসাৰ বাসনা৷ সিহঁতে যিয়েই নকৰক মানুহবোৰে প্ৰতিবাদ কৰিব কিয়? সিহঁতে ভাবে, এইটো মানুহবোৰৰ অপৰাধ৷ কিন্তু ইমান চেপি-খুন্দি থকাৰ পাছত তাৰেই প্ৰতিবাদ কৰাটো মানুহবোৰৰ ইমান ডাঙৰ অপৰাধ হ’ল নে? এইবোৰ কি মানুহ নহয়? সিহঁতৰেই প্ৰজা নহয় নে? এই কথা সিহঁতে কেতিয়াও বিবেচনা কৰা নাই, নকৰে৷ সিহঁতৰ মানত এই মানুহবোৰ সিহঁতৰ হৈ কাম কৰা একো একোটা জন্তু মাত্ৰ৷ জন্তুক জানো মানুহৰ সমানে গুৰুত্ব দিব পাৰি? সিহঁতৰ মতে নোৱাৰি৷ সেয়ে সিহঁতে মানুহবোৰক যি মন যায় তাকে কৰিছে, ব’ব নোৱৰা ভাৰ এখনকো ব’বলৈ বাধ্য কৰিছে৷ তেনে ভাৰ ব’বলৈ দিলে বাৰু মানুহবোৰে কেনেকৈ বয়? সিহঁতে সকলোবোৰ বুজিও একো নুবুজে৷ মুঠতে সিহঁতক তেজ শুহি শুহি খাবলৈ পাব লাগে৷ তেজপিয়া দুৰ্মদ অত্যাচাৰীবোৰৰ অত্যাচাৰত নিৰীহ সহজ-সৰল মানুহবোৰ আজি নিঠৰুৱা, নিৰাশ্ৰয়৷
কপিলীৰ পাৰত বহি থকা তেমেকাই নদীখনলৈ চাই ৰ’ল একেথৰে৷ কাতিমাহৰ
মাজভাগৰ কপিলীখনত পানী এতিয়াও প্ৰৱল হৈ বৈ আছে৷ তাতে এইখিনিত নদীখনৰ গভীৰতা বেচি৷
মাছ উভৈনদী হৈ থকা এই অংশত মাছ খাবলৈ অহা শিহুবোৰৰ উপস্থিতি ঘন৷ লগতে নদীৰ পানীত
শিহুবোৰৰ দৃষ্টিনন্দন জলকেলি এইখিনিত সহজলভ্য৷ তেমেকাই দেখিলে জঁপিয়াই জঁপিয়াই
বহুত শিহু উজাইছে-ভটিয়াইছে, ভটিয়াইছে-উজাইছে৷ মাজে মাজে শাৰী পাতি জঁপিয়াই জঁপিয়াই উজাবলৈ ধৰা শিহুবোৰৰ জলকেলিয়ে এক
অনিন্দ্য সুন্দৰ দৃশ্যৰ সৃষ্টি কৰিছে৷ দুখৰ দিনতো সুন্দৰ দৃশ্যটোৰ মাদকতাই
তেমেকাৰ মনত এক আনন্দৰ বোল সানি থৈ গ’ল৷ কিছু সময় শিহুবোৰলৈ চাই থকাৰ পাছত তাৰ
দৃষ্টি পাৰত থকা গছবোৰৰ ওপৰত পৰিল৷ নদীৰ পাৰত আছে উলুখেৰৰ পৰা প্ৰকাণ্ড শিমলুলৈকে
বিভিন্ন গছ-বন৷ বহুকেইজোপা শিমলু গছৰ পাতবোৰে সেউজীয়া ৰঙৰ মেলা পাতিছে৷ ইহঁতৰ তলত
থকা ইকৰা-বিৰিণা, উলু-বৰঙা
খেৰকে ধৰি বাকী গছবোৰো সেউজীয়া৷ এই সেউজীয়াৰ মাজে মাজে আবেলিৰ বেলিৰ হেঙুলীয়া ৰঙৰ
প্ৰলেপ এটা পৰিছে৷ আকাশত নানা চৰাইৰ আহ-যাহ, সিহঁতৰ কূজনত মুখৰিত হৈ পৰিছে আকাশ৷ জাক জাক বগলী উৰি আহি নৈৰ পাৰৰ
গছ কিছুমানত পৰিছেহি৷ সিহঁত যেন সেউজীয়া গছবোৰৰ একো একোটা বগা ফলহে৷
নদীৰ নামনিৰ ফালে পাৰত হোৱা এটা শব্দ শুনি তেমেকাই সিফাললৈ চাই পঠিয়ালে৷
সি দেখিলে– দুটা ঘঁৰিয়ালে পানীৰ পৰা উঠি আহি বালিচাপৰি এটাত ইফালে-সিফালে বিচৰণ
কৰিবলৈ ধৰিছে৷ ঘঁৰিয়ালকেইটাই কি কৰে জানিবলৈ তেমেকা উৎসুক হৈ ৰ’ল৷ সিহঁতে এঠাইত ৰৈ
হাতোৰাৰে বালি আঁতৰাই কিছু সময় কিবা নিৰীক্ষণ কৰি থাকিল৷ তাৰ পাছত এটাই মুুখত কিবা এটা
লৈ নৈৰ পানীত এৰি দিলেগৈ৷ বাৰে বাৰে এইটো কামকে সিহঁতহালে কৰি থাকিল আৰু এটা সময়ত সিহঁত
পানীত বুৰ মাৰি কোনোবা ফালে গুচি গ’ল৷ সিহঁতে কি কৰিছিল তেমেকাই একো ধৰিব
নোৱাৰিলে৷
শৰততে ফুলিবলৈ আৰম্ভ কৰা নৈৰ পাৰৰ কঁহুৱা বনবোৰ এতিয়াও সজীৱ হৈ আছে৷
হেমন্তৰ শীতল বতাহত সিহঁত লাহে লাহে হালিছে-জালিছে৷ এইবোৰৰ তলে তলে কিছুমান চৰাইৰ
বাহ৷ বনকুকুৰা, ডৰিক, বতা চৰাই কিছুমানৰ মাত
তেমেকাই শুনা পাইছে৷ টোকোৰা চৰাই কিছুমানেও কঁহুৱা বনত পৰি কিচিৰ-মিচিৰ শব্দ কৰি
আছে৷ চৰাইবোৰৰ কূজনত তেমেকাৰ মনত এক অনিৰ্বচনীয় পুলক জাগি উঠিল৷ নদীৰ পাৰত থকা
কেইটামান ডাউকে হঠাতে কিছু সময় হুলস্থূল কৰি নিটাল মাৰিলে৷ টোকোৰা চৰাইবোৰৰ পুৰণি
বাহবোৰ গছৰ ডাল-পাত কিছুমানত এতিয়াও ওলমি আছে৷ কিছুমান উঁৱলি গৈছে৷ সিহঁতে
বহাগ-জেঠ মাহত পুনৰ নতুন বাহ সাজিব৷
পশ্চিম আকাশত বেলি মাৰ যোৱাৰ পাছতে পোহৰে ৰং সলাবলৈ আৰম্ভ কৰিছে ধীৰে
ধীৰে৷ উজ্জ্বল সূৰ্যৰ পোহৰ এতিয়া লাহে লাহে শেঁতা পৰি আহিছে৷ এৰা, পোহৰৰ পোছাক
এতিয়া সলনি হৈ গৈ থাকিব– হেঙুলীয়া-মুগাবৰণৰ পৰা ক’লা ৰঙৰ পোছাকলৈকে৷ পোহৰে ক’লা পোছাক
পৰিধান কৰাৰ আগতে তেমেকা কেৰ্পাইৰ পেহাক নোমলৰ ঘৰলৈ যোৱা উচিত৷ হঠাতে সি বহাৰ
পৰা উঠি খোজ ল’লে৷ বাটটো ধূলিয়ৰি৷ অলপ সময়ৰ পাছতে শিমলুগুৰি গাঁৱত উঠি সি গাঁৱৰ
মাজেদি যোৱা বাটটোৰে যাবলৈ ধৰিলে৷ সি বাটটোৰে অলপমান গৈছিলহে, তেনেতে লগ পালে এদল
মানুহক৷ মানুহবোৰৰ লগত আছে টালি-টোপোলাকে ধৰি সৰু সৰু ল’ৰা-ছোৱালী৷ কেঁচুৱাবোৰক
তিৰোতাবোৰে কোলা আৰু বোকোচাত লৈছে৷ মানুহবোৰক দেখিলেই ধৰিব পাৰি তেওঁলোকে নিজৰ
গাঁও এৰি গুচি আহিছে দুৰ্মদ অত্যাচাৰীহঁতৰ ভয়ত৷ এজাক উপান্ত মানুহ৷ এইবোৰ
নিজ জন্মভূমিতে উৎপীড়িত, গৃহহীন, নিৰাশ্ৰয় মানুহ৷ মানুহবোৰৰ
মুখত দুখ-ভাগৰৰ চিন স্পষ্ট৷ মানুহজাক তেমেকাৰ মুখামুখী হোৱাৰ লগে লগে থমকি ৰ’ল৷
কেইজনমানে ভাগৰত ৰ’ব নোৱাৰি মাটিতে বহি পৰিল৷ তেমেকাই ধৰিব পাৰিলে মানুহবোৰ
চাপৰমুখৰ ওচৰৰ দীঘলবড়ি গাঁৱৰ৷ সেইখন গাঁৱলৈ সি কেইবাবাৰো গৈছিল ধেৱাৰ কামত৷
গাঁওখনৰ কেইবাজনো মানুহক সি চিনি পায়৷ সি মহেন নামৰ মানুহজনৰ মুখামুখী হৈ সুধিলে–
‘‘তন্তে ক’ক যাৱ?”
‘‘ক’ক যাৱ
মানে? গাং এঈ
আহিছং৷ ক’ক যাম নাজানং৷ ক’ত থাকিমগৈ ভগৱানেহে জানে।’’
‘‘তন্ত’
হিফালেও এই কুকুহঁত ওলালগৈ নাকি?’’
‘‘নোলাবগৈ
না? গোটেইখন
ঘূমুটিয়াই ফুঈছে৷ মতা মানুহ পালেই ধঈ নি অহাত পাতি লোৱা জেলত ভআইছে৷ মতা মানুহবো’
নাথাকিলে মাইকী মানুহবো’ কেনেকে থাকে? তাতে হিন্তে মাইকী মানুহ’ ওপঅতো চকু দিছে৷ এই মাউঅত মআকেইটা ব’
অত্যাচাঈ মানুহ ঐ। বগা বঙালবোএ আমাক হেখ কঈহে এঈব৷’’
“তন্ত’
গাঙ’ কাউবাক ধঈ নিছে নাকি?”
“নিছে
নিছে৷ আমা’
গাঙ’ মেনা আউ ছজন মানুহক কুকুহঁতে ধঈ নিছে৷”
“তন্ত’
মেনা দেউবঅক ধঈ নিছে?”
“অঁ, তাক ধঈ নিছে৷”
‘‘আমি পলাই
আহি ইফালে হুমাই আছং যদিও কিছুমান কথা গম পাই আছং৷’’ তেমেকাই অলপ চিন্তা কৰি এটা
সিদ্ধান্ত দিলে– ‘তন্তে এতিয়া আউ ক’ক যাবি? আজি এই হিমলুগুঈতে থাক৷ গধূলি হ’ল৷
তন্তে মো পিছে পিছে আহচোন৷’’
মানুহবোৰে যেন বৰ সকাহ পালে৷ পানীত উটি-বুৰি অহা মানুহে এটুকুৰা ওখ
ঠাই পালে যি স্বস্তিৰ নিশ্বাস এৰে তেওঁলোকেও তেনে নিশ্বাসকে এৰিলে৷ তেওঁলোক
তেমেকাৰ পিছে পিছে গৈ কেৰ্পাইৰ পেহাকৰ ঘৰত উঠিল৷ কেৰ্পাইৰ পেহাক ঘৰৰ চোতালতে
থিয় হৈ আছিল৷ তেমেকাই তেওঁক ক’লে– ‘‘পেহা, এই মানুহবোএ গাং এঈ আহিছে৷ পুলিচ-মিলিটেঈ অত্যাচাঅত থাকিবা নোৱাঈ
গুচি আহিছে৷ আজি এই হিমলুগুঈতে আখিব লাগিব৷’’
‘‘বাউ, হ’ব হ’ব৷ বিপদত পঈ মানুহবো’
আহিছে৷ ইঘএ-হিঘএ আখিব লাগিব৷ চিন্তা কঈবা নালাগে৷’’
ভাগি অহা মানুহ সৰু ল’ৰা-ছোৱালীখিনিক বাদ দি বিছজন৷ মানুহবোৰৰ লগত
চাউল-পাত আছে৷ চৰু-হাৰিও আনিছে৷ ৰাতিৰ ভাতসাঁজ ৰান্ধি খাবহে লাগে৷ তেমেকাই ভাবিলে
মানুহখিনিয়ে লগত বস্তু-বাহানি আনি ঠিক কামেই কৰিছে৷ এইফালে আহিল বুলিহে শিমলুগুৰি
গাঁওখন পালে, নহ’লে
জংঘলতে ভাত-পানী ৰান্ধি খাব লাগিলহেঁতেন৷
তেমেকাৰ উদ্যোগত শিমলুগুৰিত থকা পাঁচঘৰ মানুহৰ ঘৰত মানুহবোৰক ভাগে
ভাগে ৰখা হ’ল৷ মানুহবোৰে লগে লগে কামত লাগি গ’ল দেহৰ ভাগৰকো কাটি কৰি৷ কিছু সময়ৰ
পাছতে তেওঁলোকে পানী, খৰি, কলপাত আদি যোগাৰ কৰি ভাত
ৰন্ধাৰ কামত লাগিল৷ আনফালে ভাগৰুৱা সৰু ল’ৰা-ছোৱালীবোৰৰ কিছুমানে চোতালত বহি
কলমটিয়াবলৈ ধৰিলে৷ কেইটামানে মাটিতে বাগৰ দি টোপনিয়েই গ’ল৷
মানুহবোৰক থান-থিত লগাই তেমেকা নোমলৰ ঘৰত উপস্থিত হয় মানে সময়
ভালেখিনিয়েই পাৰ হ’ল৷ কেৰ্পায়ে তালৈকে অপেক্ষা কৰি আছিল৷ লাহে লাহে সিহঁতৰ যাবৰ
সময় হৈ আহিছেই৷
‘‘অ তই আহি পালি?’’– তেমেকাক
দেখাৰ লগে লগে কেৰ্পায়ে মাত দিলে৷ ‘‘আমা’ যাবা হৈছেই৷ ভাত-পানী হাজু হৈছে৷ খাই গৈ
থাকং৷’’
‘‘মানুহবোঅক
থান-থিত লগাংতেই দেঈ হ’ল৷ ভাত খাং আউ¸ যাং৷’’
কেৰ্পায়ে পেহীয়েকক ভাত বাঢ়িবলৈ দিলে৷ নোমলেও ভাত খোৱা নাই৷ তিনিওজন
একেলগে ভাত খাবলৈ বহিল৷ তেমেকাই হঠাতে নোমলক সুধিলে– “পেহা এটা কথা ক’বা পাঈবি না?”
“কি কথা?”
“নদীত
দেখিলং দুটা ঘঁঈয়ালে বালি আঁতআই মুখত কিবা এটা লৈ পানীত এঈ দিছে৷ বাএ বাএ এইটো
কামকে কঈ পানীত ডুব মাঈ আঁতঈ গ’ল৷”
“অ এইটো
কথা? তাতে
মাইকী ঘঁঈয়ালজনীয়ে কণী পাঈছিল৷ এতিয়া পোৱালি হৈছে৷ হিন্তে পোৱালিকেইটাক মুখত লৈ
পানীত এঈ দিছে৷”
“অ’ কথাটো এতিয়াহে বুজি পালং৷”
তেমেকা
আৰু কেৰ্পাইৰ ভাত খাই হ’ল৷ তেমেকাই শুকান বাঁহ এটুকুৰা ফালি এটাৰ জোঁৰ সাজিলে৷ ডাঠ
আন্ধাৰৰ মাজেৰে যাওঁতে ইয়াৰ প্ৰয়োজন হ’ব৷ কেৰ্পাইৰ পেহীয়েকৰ জীয়েক দীপালিয়ে মোনা
এটাত ভাতৰ তিনিটা টোপোলা ভৰাই কেৰ্পাইৰ হাতত দিলে৷ এতিয়া সিহঁত যাবহে লাগে৷
তেমেকা আৰু কেৰ্পায়ে লগে লগে সিহঁতৰ গন্তব্য স্থানলৈ আন্ধাৰৰ মাজেৰেই
খোজ ল’লে৷ হাবি-জংঘলৰ বাট, তাতে
ৰাতি৷ হিংস্ৰ বনৰীয়া জন্তু পদে পদে লগ পোৱাৰ সম্ভাৱনা আছে৷ সিহঁতে হাতত একোখনকৈ দা
ল’বলৈকো নাপাহৰিলে৷
চাৰিওফালে গহীন আন্ধাৰ৷ তেমেকাৰ সোঁহাতত আছে দাখন আৰু বাওঁহাতত আছে
আহিবৰ সময়ত সাজি লোৱা জোঁৰটাৰ৷ সিহঁত আন্ধাৰৰ মাজেৰে খুপি খুপি কিছুদূৰ যোৱাৰ পাছতে
তেমেকাই জোঁৰটাৰ জ্বলালে৷ কাৰণ এইখিনিৰ পৰা হাবি বৰ ডাঠ হোৱা বাবে আন্ধাৰো বৰ ডাঠ–
চকুৰে একোকে মণিব নোৱৰা আন্ধাৰ৷ জোঁৰটাৰ হাতত লৈ তেমেকা আগে আগে আৰু কেৰ্পাই তাৰ
পিছে পিছে গৈ থাকিল৷
হাবিখন বিভিন্ন বনৰীয়া জীৱজন্তুৰ আৱাসস্থল৷ নানা ধৰণৰ পহুৰ লগতে
বাঘ-ভালুক-হাতীও যথেষ্ট সংখ্যক আছে৷ শিয়ালবোৰেও ইয়াত পিটপিটাই ঘূৰি ফুৰে, গঁড় কিছুমানো আছে৷ জংঘলৰ
মাজেৰে গ’লে হঠাতে বনৰীয়া জন্তুৰ মুখামুখি হোৱাটো একো অসম্ভৱ নহয়৷ তেমেকাই ভাবিলে–
যি জন্তুকে লগ নাপাওক লাগে, হিংস্ৰজন্তু
লগ নাপালেই হ’ল৷
তেমেকা আৰু কেৰ্পাই লাহে লাহে সন্তৰ্পণে গৈ থাকিল লুংলুঙীয়া বাটটোৰে৷
এইটো আগৰে পৰা মানুহ অহা-যোৱা কৰা বাট নহয়৷ আচলতে বাট নাছিলেই৷ তেমেকাহঁতেহে লুং
কাটি ইয়াক উলিয়াই লৈছে৷
তেমেকাহঁত গৈ থাকিল৷ হঠাতে সন্মুখত হোৱা হুলস্থূলত সিহঁত বৰ বেয়াকৈ
উচপ খাই উঠিল৷ সিহঁত মুখামুখি হৈছিল এজাক গাহৰিৰ৷ সিহঁতক হঠাতে সন্মুখত দেখা পাই
গাহৰিজাকে ঘোঁকঘোঁকাই চিঞৰ-বাখৰ কৰি জংঘলৰ ভিতৰলৈ সোমাই গ’ল৷ কেৰ্পায়ে বুকুত থু দি
ভোৰভোৰালে– ‘‘বাঘ’ পেটত যোৱাকেইটা! এইফালেহে আহিবলৈ ল’লি? ব’ ভয় খুৱাই থৈ গ’ল অ জহনিত
যোৱাকেইটাই!’’
‘‘হয়হে, ইন্ত’ উৎপাত বেছি হৈছে৷ দুটামানক
ধঈ খাবা লাগিব৷ অলপ যত্ন কঈলেই ধঈব পাঈম৷’’
ডাঠ আন্ধাৰৰ মাজেৰে গৈ থকা জুইকুৰাক জংঘলৰ ফাঁকে ফাঁকে মাজে মাজেহে
কিছু আঁতৰৰ পৰা চকুত পৰে৷ যেন জোনাকী পৰুৱা এটা জংঘলৰ মাজেৰে গৈ আছে৷ কোনোবা সময়ত
বহু সময়লৈকে ইয়াক দেখা নাযায়৷ হঠাতে ঢিমিককৈ ওলায় আৰু অন্তৰ্ধান হৈ যায়৷ তাৰ পাছত
আকৌ ওলায়৷
তেমেকা আৰু কেৰ্পাই গৈ লক্ষণ সিংহঁতৰ কাষত হাজিৰ হ’ল৷ লক্ষণ সিংহঁতেও
একুৰা জুই জ্বলাই ৰাখিছে৷ এইকুৰা জুই এনে এঠাইত জ্বলোৱা হৈছে যে অলপ আঁতৰৰ পৰাও
চকুত নপৰে৷ তেমেকাই হাতৰ জোঁৰকুৰা এফালে নুমুৱাই ৰাখি লক্ষণ সিঙৰ মুখলৈ চালে৷
ওখ-পাখ, মদগজ মানুহজনৰ
চেহেৰাটো কিছু ম্লান পৰিছে, মুখৰ
কান্তি হেৰাইছে৷ বল-সাহেৰে মানুহজন বৰ উজ্জ্বল আছিল, চকুকেইটাত তীব্ৰ জ্যোতিয়ে
খেলা কৰিছিল৷ মানুহজনৰ চকুলৈ চোৱাটোও বহুতৰ বাবে কঠিন আছিল৷ তেনেহেন মানুহজনক
এতিয়া চিন্তাই আগুৰি ধৰি জুৰুলা কৰিছে বুলি তেমেকাৰ অনুমান হ’ল৷ মানুহজনৰ
আত্মবিশ্বাসৰ জ্যোতিও ভালেখিনি ম্লান পৰি গৈছে বুলি তেমেকাই ধৰিব পাৰিলে৷ কেৰ্পায়ে
ভাতৰ টোপোলাৰ মোনাটো থৈ বাঁহৰ চুঙাত পানী আছে নে নাই চালে৷ চুঙাত পানী ভৰ্তি হৈ
থকা দেখি সি কাম এটা কমিল বুলি ভাবি আনন্দ পালে৷ ঠাইখিনি কপিলীৰ পাৰতে৷ নৈৰ পৰা
পানী আনিবৰ বাবে চাৰিটা ডাঙৰ-দীঘল চুঙা কেৰ্পাইহঁতেই কাটি ৰাখিছে৷ কেৰ্পায়ে
ভাবিলে– চাংবৰে হয়তো দিনতেই পানী আনি থৈছে৷
ঠাই টুকুৰাত আছে লক্ষণ সিং, চাংবৰ আৰু কলিমন৷ বগা বঙালৰ সৈতে হোৱা যুদ্ধত কলিমনৰ ভৰিত গুলী
লাগিছে৷ বন্দুকৰ গুলীটো কলাফুলত লাগি সৰকি যোৱাত কিছু জটিলতাৰ আশংকা নোহোৱা হৈছে
যদিও ঘা টুকুৰাই যি ভয়ংকৰ ৰূপ লৈছিল তাকে দেখি তেমেকাৰ বৰ ভয় হৈছিল৷ তাৰ ভৰিত গুলী
লগা বাৰদিন হৈছে৷ গুলী লগাৰ পাছ দিনাখনৰ পৰা সি জ্বৰত ভুগিছে, বিষতে নিশ্চয় তাৰ গাত জ্বৰ
উঠিছিল৷ প্ৰথমে তাৰ গাত আছিল ভীষণ জ্বৰ৷ কাষত বহিলেই তাৰ গাৰ উত্তাপৰ উমান পোৱা
গৈছিল৷ এতিয়া তাৰ গাত তেনে জ্বৰ নাই৷ ঘা টুকুৰা সোনকালে শুকুৱাবলৈ চাংবৰে বনৌষধ
পিহি বান্ধি দিছে৷ ঘাটুকুৰা শুকাই আহিছেই৷
লক্ষণ সিঙে তেমেকা আৰু কেৰ্পাইক বহিবলৈ দিলে গছৰ ডালত৷ কেৰ্পায়ে গছৰ
ডালটোত বহিয়েই মোনাটোৰ পৰা ভাতৰ টোপোলাকেইটা উলিয়ালে৷ তেমেকাই ডাঙৰ চুঙা এটাৰ পৰা
সৰু সৰু তিনিটা চুঙাত পানী ঢালি লক্ষণ সিং আৰু কলিমনহঁতৰ সন্মুখত ৰাখিলে৷ তেমেকাই
লক্ষণসিঙক ক’লে– ‘‘আপোনালোক’ চাগে’ বঅকৈ ভোক লাগি আছে৷ খাই লওক৷’’
“অ ভোক
লাগি আহিছে৷ খাম এতিয়া৷”
কলিমনৰ গাত এতিয়া জ্বৰ নাই৷ তেমেকাই তাক সুধিলে– ‘‘তঅ গাটো কেনে পাইছ?’’
‘‘অলপ ভাল
পাইছং দে৷ চাংবৰ ককায়ে যত্ন লৈ আছে৷ লাহে লাহে ভাল পাই যাম৷’’
কলিমন লস্কৰৰ ঘৰ কামপুৰত৷ সি ‘ৰ’-টো উচ্চাৰণ কৰি কথা ক’ব পাৰে; কিন্তু ‘খালং, গ’লং’ বুলিও কয়৷ লক্ষণ সিঙৰ
গাঁৱৰ মানুহে ‘ৰ’-টো উচ্চাৰণ নকৰে যদিও তেওঁ কিন্তু ‘ৰ’-টো উচ্চাৰণ কৰি কথা ক’ব
পাৰে৷ শংকৰদেৱৰ ধৰ্ম গ্ৰহণ কৰাৰ পাছত নাম-কীৰ্তন কৰি ফুৰোঁতে আৰু ভকতসকলৰ লগত
কথা-বতৰা পাতোঁতে পাতোঁতে তেওঁৰ ভাষা গাঁৱৰ মানুহৰ পৰা বহুত বেলেগ হ’ল৷ ইয়াত তেওঁৰ
পছন্দ আৰু যত্নয়ো সাৰ-পানী যোগালে৷ টোপাকুছিৰ ৰজা ঘন সিঙৰ মুখৰ ভাষাও লক্ষণ সিঙৰ
দৰেই হৈ পৰিছে৷
কলিমনে তেমেকাক পুনৰ ক’লে– ‘‘ভাগ্যে গুলিটো ওলাই গ’ল৷ নহ’লে তাক
উলিয়াবলৈ যাংকে ঘাটো আৰু ডাঙৰ কৰি ল’ব লগা হ’লহেঁতেন৷’’
‘‘হয় দেই৷
তঅ ভাগ্য ভাল আছিল৷ এতিয়া ঘাটো ভাল হ’লেই হ’ল৷’’
লক্ষণ সিংহঁত এই ঠাইত আশ্ৰয় লোৱাৰ পাছতে তেমেকা আৰু কেৰ্পায়ে
শিমলুগুৰি গাঁৱৰ পৰা কাপোৰ-কানি আৰু মাটিত পাৰিবৰ বাবে ঢাৰি আনি দিছিল৷ সিহঁতে আনি
দিয়া কাপোৰ-কানিকে লক্ষণসিংহঁতে ব্যৱহাৰ কৰিছে আৰু ঢাৰিকেইখনতে শুইছে৷ ইয়ালৈ অহাৰ
পাছ দিনাখনৰ পৰাই সকলোৱে মিলি এখন চালি দি আৰু এখন দুৱাৰ দি এটা কোঠাৰ ঘৰ এটা
সাজিবলৈ লৈছিল৷ তিনিদিনৰ ভিতৰতে ঘৰটোৰ সজাৰ কাম সম্পূৰ্ণ হৈছিল৷ ৰ’দ-বৰষুণ আৰু বনৰীয়া
জন্তুৰ পৰা লক্ষণ সিংহঁত কিছু নিৰাপদ হ’ল৷ ঠাইখিনিৰ ওচৰে-পাজৰে কোনো মানুহৰ গাঁও
নাই৷ নিৰ্জন ঠাই টুকুৰাত লুকাই থকা লক্ষণ সিংহঁতক বিচাৰি উলিওৱাটো ইমান সহজ নহয়৷
আজিলৈকে শিমলুগুৰিলৈকেই কোনো চৰকাৰী মানুহ আহি পোৱা নাই৷ এইফালে যে শিমলুগুৰি নামৰ
গাঁও এখন আছে চৰকাৰী মানুহ নালাগে আন বহু মানুহেই নাজানে৷ গাঁওখনৰ মানুহবোৰে আন
মানুহৰ লগত সাধাৰণতে মিলা-মিছা নকৰে৷ কেৰ্পাইৰ পেহীয়েকৰ ঘৰখন ইয়ালৈ উঠি অহা বাবেহে
কেৰ্পাইহঁতে গাঁওখনৰ কথা জানে৷ মানুহবোৰে ভাবে– আন মানুহৰ লগত বেছি মিলা-মিছা
কৰিলে বহুতে গাঁওখনৰ সম্ভেদ পাব আৰু কেতিয়াবা চৰকাৰী মানুহে গম পাই ইয়াত আহি ওলাব৷
কৰৰ বাবেই পলাই আহি ইয়াত থাকিবলৈ লোৱা মানুহখিনিয়ে পুনৰ কৰ দিব লাগিব৷ এনেকুৱা
হোৱাটো মানুহবোৰে নিবিচাৰে৷ অৱশ্যে গাঁৱৰ মানুহখিনিয়ে ভাবি থৈছে কেতিয়াবা চৰকাৰী
মানুহ আহি ওলালেই আনফালে গুচি যাব৷ তেমেকাহঁতৰ গাঁৱৰ মানুহবোৰেও কৰ দিব নোৱাৰিয়েই
ফুলগুৰিৰ পৰা উঠি আহি জংঘলৰ মাজত গাঁও পাতিছিল৷ গাঁওখনৰ নাম দিছিল কাৱৈমাৰি৷
কিন্তু সিহঁতৰ প্ৰায় ওচৰতে বতাবাৰী আৰু গৰৈমাৰী গাঁও দুখন গঢ়ি উঠাত সিহঁতৰ
গাঁওখনৰ সম্ভেদ বহুতেই পালে আৰু চৰকাৰী মানুহেও গম পাই কৰ উঠাবলৈ আহিল৷ তেমেকাই
ভাবে– শিমলুগুৰি গাঁওখনো কৰৰ পৰা বেছিদিন বাচি নাথাকিব৷ দিন যোৱাৰ লগে লগে গাঁওখনৰ
খবৰ বহুতে পাব৷ তাৰ পাছত চৰকাৰী মানুহ আহি ওলাবহি৷
লক্ষণ সিংহঁতৰ ভাত খোৱা হৈ গ’ল৷ তেওঁ এখন গামোচাৰে মুখখন মচি মচি
তেমেকাক সুধিলে– ‘‘কিবা খবৰ আহিছে নেকি?’’
‘‘আহিছে৷
বহুত বেয়া বেয়া খব’ আহিয়েই আছে৷ বহুত মানুহক ধঈ নিছে৷ অহাত আউ ফুলগুঈত হেনো মুকলি
ঠাইতে বাঁহএ বেআ দি জেল হাজিছে৷ তাতেও বহুত মানুহ ভআইছে৷ ধেৱা কআ বহু মানুহক ধঈছে
আউ জংঘলত লুকাই থকা বাবে বহুতক ধঈবা পআ নাই৷ আপোনালোকক বিচাঈ চবফালে
পুলিচ-মিলিটেঈ ঘূঈ ফুইছে৷ কিন্তু ধেৱা কআ মানুহবোঅক নাপাই হাধাঅণ মানুহবোঅকে
ধঈ-বান্ধি হাস্তি দিছে৷ মতা মানুহ পালে ধঈবই৷ হি লাগে ধেৱা কআ মানুহ হক বা নহক৷’’
‘‘সিহঁতে
বৰ বেয়া কাম কৰিছে৷ যুদ্ধ কৰা মানুহবোৰক বাৰু ধৰিলেই৷ সাধাৰণ মানুহবোৰক কেলেই ধৰিব
লাগে? কিয় শাস্তি দিব লাগে? আমাক নাপাই সাধাৰণ মানুহবোৰক ধৰি আছে৷ ওৰহৰ খং ভগা
ঢাৰিত৷’’
‘‘হয়
হেনাপতি, ওঅহ’ খং
ভগা ঢাঈত৷ মানুহবোএ গাং এঈ পলাইছে৷ এই হিমলুগুঈতো দীঘলবড়ি গাঙ’ মানুহ কিছুমান
ওলাইছেহি৷ মানুহবো’ ব’ কষ্টত আহিছে৷’’
‘‘মানুহবোৰ
ইয়াতে থাকিব নেকি?’’
তেমেকাই কেৰ্পাইলৈ চালে৷ কেৰ্পায়ে মাত দিলে– ‘‘মানুহবো’ কাইলৈ
আতিপুৱাই পাহাঅ ফালে যোৱা কথা আছে৷ মই হিন্ত’ দুজনমান মানুহক কথাটো হুধিছিলং৷
হিন্তে কাইলৈ আতিপুৱাতে ভাত-পানী খাই গুচি যাব হেনো৷’’
‘‘কপিলীখন
পাৰ হৈ কেনেকে যাব?’’
‘‘হিমলুগুঈ
মানুহে হাজি লোৱা টুলুঙা নাও এখন আছে৷ হেইখন কপিলী নদীৰ পানীলৈকে আগ বাঢ়ি থকা
জাঅণি এখনতে লুকুৱাই থয়৷ কোনোবা নদীয়েদি আহিলে দেখা পাব বুলি মানুহবোএ ভয় কএ৷
দীঘলবড়ি মানুহবোএ নোমল পেহা লগত কথা পাতি ঠিক কঈছে৷ লুকুৱাই থোৱা ঠাই পআ নাওখন
উলিয়াই মানুহবোঅক পা’ কঈ দিব৷’’
‘‘ঠিকেই, নদীখন পাৰ হৈ পাহাৰৰ ফালে
গৈ গাঁও পাতিলে পুলিচে বিচাৰি উলিয়াব নোৱাৰিব৷ মানুহবোৰৰ বৰ দুৰ্গতি হৈছে৷ কি কৰা
যায় ভাবি পোৱা নাই৷ আমাক নোপোৱা বাবে এই সাধাৰণ মানুহবোৰকে কষ্ট দি আছে৷ বাৰু
তোমালোক এতিয়া যোৱাঁগৈ৷ ৰাতি হ’ল৷ শুই থাকাঁগৈ৷’’
লক্ষণ সিঙৰ কথা শুনি তেমেকা আৰু কেৰ্পাই বহাৰ পৰা উঠিল৷ তেমেকাই আধা
পোৰা জোঁৰটাৰ পুনৰ জ্বলালে৷ আৰু সকলোকে মাত লগাই সিহঁতে শিমলুগুৰিলৈ বুলি খোজ ল’লে৷
নোমলৰ ঘৰত উঠিয়েই তেমেকাই দেখিলে দীঘলবড়িৰ পৰা ভাগি অহা মানুহবোৰ
ঘৰৰ চোতাল আৰু বাৰাণ্ডাতে শুই পৰিছে৷ দুৰ্যোগৰ দিনত এনেদৰেই জীৱটো বান্ধি ঘূৰি
ফুৰাৰ বাহিৰে মানুহবোৰৰ আন উপায় নাই৷ তাৰ নিজৰো সেই একেই অৱস্থা৷ সিও ইমানদিনে ইয়াত
এৰাতি তাত এৰাতি আৰু জংঘলৰ মাজত শুই জীৱটোক বান্ধিয়েই ঘূৰি ফুৰিছে৷ কোন দিনা
জীৱটোক এৰিব লাগিব তাৰ ঠিকনা নাই৷ মানুহবোৰৰ অৱস্থা দেখি তেমেকাৰ মনটোৱে কান্দি
উঠিল৷ সি ভগৱানৰ ওচৰত মানুহবোৰৰ কুশল কামনা কৰি এটা প্ৰাৰ্থনা কৰিলে– “হে ভগৱান/
মানুহবোঅক কুখলে আখিবা৷
জংঘলে জংঘলে মানুহবো’ থাকিব, হকলোকে
বিপদ’ পআ অক্ষা কঈবা৷”
তেমেকাহঁত ঘৰৰ ভিতৰ সোমাল৷ সিহঁতৰ বিছনা দীপালিয়ে পাৰিয়েই থৈছে৷ দুয়ো
বিছনাত বাগৰ দিলে৷ কেৰ্পাই বিছনাত পৰাৰ লগে লগে টোপনি গ’ল আৰু তাৰ নাকে মাতিবলৈ
ধৰিলে৷ তেমেকাৰ কিন্তু টোপনি অহা নাই৷ নিজৰ আৰু মানুহবোৰৰ দুৰ্যোগ দেখি
তাৰ চকুলৈ টোপনি অহা নাই৷ লক্ষণ সিঙৰ নেতৃত্বত সিহঁত যুদ্ধখনত বহুখিনি আগ বাঢ়িছিল৷
সিহঁতে নগাঁও ট্ৰেজেৰী-ঘৰ অধিকাৰ কৰি নগাঁও নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰিছিল যদিও
সিহঁতৰ হাতত উন্নত বন্দুক নথকা বাবে পিছ হুঁহকিবলগীয়া হ’ল৷ তাতে তেজপুৰৰ পৰা অহা
কেপ্তেইনজনে সৰহকৈ চিপাহী আিন সকলো ওলট-পালট কৰি পেলালে৷ তেমেকাহঁতে ৰহাৰ থানা
অধিকাৰ কৰিছিল যদিও সেয়া যুদ্ধখনৰ বাবে পৰ্যাপ্ত নাছিল৷ বগা বঙালৰ আক্ৰমণত সিহঁতৰ
সৈনিকবোৰ চেদেলি-ভেদেলি হৈ পৰিলত জংঘলৰ মাজত কোন কেনি গ’ল ধৰিব পৰা নগ’ল ৷
সৈন্যবোৰৰ মাজত সংযোগ নোহোৱাত সিহঁত পলাই আহিবলৈ বাধ্য হৈছিল৷ ইয়াৰ পাছতে সমাধান
বিচাৰি সাহসী ৰাইজে পতা ৰাইজমেলত সিহঁতে লুকাই থকা ঠাইৰ পৰা ওলাই গৈ যোগ দিছিল৷
তাতে সিহঁতক আগুৰি লৈ সকলোকে গুলীয়াই মাৰিবলৈ চেষ্টা কৰিছিল নিষ্ঠুৰ বগা বঙালৰ
চিপাহীয়ে৷ কিন্তু নিৰস্ত্ৰ-নিৰপৰাধী মানুহক এনেদৰে গুলীয়াই মৰাটো সিহঁতৰ
কাপুৰুষালি নহয় নে? বহু
মানুহ মৰিল৷ লক্ষণ সিং, কলিমন, চাংবৰ আৰু সি যেনেতেনে
প্ৰাণ লৈ এইখিনিলৈ পলাই আহিছিল৷
তাৰ পাছতে আৰম্ভ হ’ল চিপাহীহঁতৰ মানুহবোৰৰ ওপৰত অমানুষিক অত্যাচাৰ৷
মাজবড়িৰ বাৰিকা দেওবৰৰ যোগেদি বহু খবৰ তেমেকাই পাইছে৷ ফুলগুৰিৰ ৰাইজমেলত থকা
মানুহবোৰক আগুৰি লৈ কেম্পবেলৰ চিপাহীয়ে গুলীয়াই বহুতকে হত্যা কৰিলে৷ গম পোৱা মতে
থম্বা লালুং, মৈৰা সিং, লেলৌ, ভেদৌ, নল ডোম, লহৰ নাথ, বীৰ সিং, হাফিজ মিঞাৰ লগতে বহুকেইজনে মৃত্যুক সাবটি
ল’লে৷ কিন্তু চিপাহীবোৰে মৃতদেহবোৰ পৰিয়ালৰ লোকৰ হাতত কেইবাদিনোলৈকে গতাই দিয়া নাছিল৷ শবোৰৰ
ওচৰলৈ কোনো মানুহকে যাবলৈ দিয়া নাছিল৷ পৰিয়ালৰ মানুহবোৰে নিজৰ ঘৰৰ মৃতজনক দূৰৰ
পৰাই চাই চাই চকুলো টুকিছিল৷ যেতিয়া মৃতদেহবোৰ গোন্ধাই মানুহ ওচৰত থাকিব নোৱৰা
অৱস্থাৰ সৃষ্টি হৈছিল তেতিয়াহে শবোৰ পৰিয়ালৰ লোকক নিবলৈ দিছিল৷ পৰিয়ালৰ মানুহবোৰে
সেই ঠাইৰ পৰা এমাইলমান দূৰত এখন বিলৰ পাৰত সকলোবোৰ শকে একেলগে দাহ কৰিছিল৷
তেমেকাই গম পাইছে কেম্পবেলৰ লগত অহা চিপাহীবোৰে কলঙৰ জাঁজিত লাগি থকা
চিংগাৰ চাহাবৰ মৃতদেহটো উদ্ধাৰ কৰিছিল আৰু নগাঁৱলৈ লৈ গৈছিল৷ আনফালে সিহঁতৰ আন এটা
গোটে ডাৰোগা গোলাপ সিঙৰ মৃতদেহটোকো উদ্ধাৰ কৰিছিল আৰু পৰিয়ালৰ মানুহক গতাই দিছিল৷
ফুলগুৰি আৰু ৰহাত মুকলি আকাশৰ তলত বাঁহৰে বেৰা দি ভৰাই থোৱা
মানুহবোৰৰ অৱস্থাও অবৰ্ণনীয়৷ মানুহবোৰৰ গাৰ ওপৰেৰে ৰ’দ-বৰষুণ পাৰ হৈ গৈছে৷ দিনৰ
দিনটো ৰ’দত থাকি মানুহবোৰ লেবেজান হৈ পৰে৷ তাতে সিহঁতে ভালদৰে খাবলৈকো পোৱা নাই৷
মাৰভাত খায়েই দিন পাৰ কৰিবলগীয়া হৈছে সিহঁতে৷ কোনো মানুহে জেলত সোমাই থকা আপোনজনৰ বাবে
বান্ধি অনা ভাতো চিপাহীবোৰে দিবলৈ দিয়া নাই৷ এনে মানুহক লাখুটিৰে কোবাই খেদি
পঠিয়াইছে চিপাহীবোৰে৷ মানুহ কিমান নিষ্ঠুৰ হ’লে এনে কাম কৰিব পাৰে? নগাঁও কাৰাগাৰত থকা
মানুহবোৰৰো অৱস্থা নাজল-নাথল৷ সিহঁতেও মাৰভাত খায়েই জীৱন পাৰ কৰিবলগা হৈছে৷
চিপাহীবোৰে মাজে মাজে জেললৈ আহি কিছুমান মানুহক কিছুমান কথা সুধি মাৰ-পিটো কৰি আছে৷
চিপাহীবোৰৰ হাতত এখন তালিকা আছে৷ লক্ষণ সিং ডেকা, ৰংবৰ ডেকা , চাংবৰ লালুং, ৰূপসিং
লালুং, চিবচিং
লালুং, বাহু ডোম
আদিকে ধৰি বহু মানুহৰ নাম আছে তালিকাখনত৷ এইকেইজন আটাইতকৈ ডাঙৰ অপৰাধী বুলি
চিপাহীবোৰে গণ্য কৰিছে৷ এওঁলোকক পালেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি আদেশ ওলাইছে৷
তালিকাত থকা মানুহবোৰৰ শুংসূত্ৰ বিচাৰি চিপাহীবোৰে যাকে পায় তাকে সুধি হাৰাশাস্তি
কৰি ফুৰিছে৷
দেওবৰে তেমেকাক জনোৱা মতে তেজপুৰৰ পৰা কেপ্তেইন কেম্পবেলে পঞ্চাছজন
সৈনিক আনি ফুলগুৰিত নৰসংহাৰ কৰাৰ চাৰিদিনৰ পাছত কমিচনাৰ হপকিন্সনে গুৱাহাটীৰ পৰা
এশজন চিপাহী আনি মানুহবোৰক অত্যাচাৰ কৰিবলৈ মেলি দিছে৷ এতিয়া গাঁৱে গাঁৱে চিপাহী
সোমাইছে৷ চিপাহীয়ে মানুহবোৰৰ ঘৰত সোমাই মূল্যৱান বস্তু, টকা-পইচা আদি হাত কৰিছে আৰু
ক’ৰবাত ক’ৰবাত জীয়ৰী-বোৱাৰীক ধৰ্ষণ কৰিছে৷ মুঠতে সিহঁতৰ যি মন গৈছে তাকে কৰিছে৷
কাৰোবাক লগ পালেই হয় ধৰি নিছে,
নহয় মাৰ-কিল শোধাই এৰি থৈ গৈছে৷ সিহঁতৰ অত্যাচাৰৰ ভয়ত বহু মানুহে
গাঁও এৰি জংঘলত সোমাইছে৷ কিন্তু জংঘলৰ মাজলৈ গৈও বহু মানুহে সাৰিব পৰা নাই৷ জংঘলৰ
ভিতৰতো চিপাহীৰ বিচৰণ চলিছে অহৰহ৷ গাঁও এৰি নোযোৱা অথচ জংঘলৰ ভিতৰত লুকাই থকা
মানুহক পালেই লুকাই থকাৰ অপৰাধত বেছি শাস্তি দিয়ে, লুকাই থকাৰ কাৰণ সোধে৷ আনফালে গাঁও এৰি দল বান্ধি
জংঘলত থকাবোৰক পালে ডকাইতি কৰাৰ উপৰি জীয়ৰী-বোৱাৰীৰ ওপৰত অত্যাচাৰ চলায়৷ এনে
মানুহবোৰক ঘূৰাই আনি সিহঁতৰ খোৰাকি যোগানৰ দায়িত্ব দিছে আৰু কিছুমানক ধৰি নি জেলত
সুমুৱাইছেগৈ৷ আন বহু মানুহে কিন্তু অতি কষ্টৰে গঢ়ি লোৱা নিজৰ
ঘৰ-বাৰী এৰি যাবলৈ মন কৰা নাই৷ চিপাহীৰ অত্যাচাৰ সহ্য কৰিও সেইখিনি মানুহ ঘৰতে আছে৷ নিজৰ ঘৰখন
এৰি যাবলৈ তেওঁলোকৰ মনে নকয়৷ গৰু-গাই, হাঁহ-ছাগলী, মাছ-পুঠিৰে
ভৰি থকা পুখুৰী, তামোল-পাণ-শাক-পাচলিৰে
ভৰি থকা একোখন বাৰী, মাৰল ঘৰ, ভঁৰাল ঘৰ আদিৰে সম্পূৰ্ণ
এখন ঘৰক বাৰু কেনেকৈ এৰি থৈ যায়?
ঘৰৰ মোহ এৰিব নোৱাৰি এইবোৰ মানুহে নিজৰ ঘৰতে আছে৷ এইবোৰ মানুহক চিপাহীবোৰে
সিহঁতৰ খোৰাকি ঠিক মতে দি থাকিবলৈ নিৰ্দেশ দিছে৷ কিন্তু মানুহবোৰে খোৰাকি ঠিক মতে
দিব নোৱাৰিলেই চিপাহীৰ ডাবি-ধমকি আৰু মাৰ-কিল খাইছে৷
তেমেকাই আন এটা দুখৰ বাতৰি পাইছে৷ ফুলগুৰিৰ তেমেকাৰ সম্পৰ্কীয় ককায়েক
হংবৰেও ঘৰৰ মোহ এৰিব নোৱাৰি ঘৰতে আছে বুলি তেমেকাই খবৰ পাইছে৷ তাৰো আছে
বাৰী-পুখুৰীৰে, গৰু-ছাগলীৰে
ভৰা এখন ঘৰ৷ কিন্তু এতিয়া তাৰ অৱস্থা বৰ বেয়া হেনো৷ চিপাহীবোৰে খোৰাকি বিচাৰি
আহিলে সি চাউল-পাত আৰু শাক-পাচলি দিছিল৷ এদিন কেইটামান চিপাহী আহি হংবৰৰ পৰা
খোৰাকি বিচাৰিছিল৷ সি
চাউল-পাত আৰু শাক-পাচলি আগৰ সমানেই উলিয়াই দিছিল৷ চিপাহীয়ে ক’লে সি দিয়া বস্তু
হেনো কম হৈছে৷ হংবৰে আগৰ সমানেই খোৰাকি দিয়া বুলি কৈছিল যদিও সিহঁতে মনা নাছিল৷
তেনেতে ক’ৰবাৰ পৰা ঘৰৰ ছাগলী এটা আহি চোতালত ওলালহি৷ ছাগলীটোক দেখি চিপাহীবোৰে নিবলৈ বিচাৰিলে৷ হংবৰ অলপ একাচেকা মানুহ৷ খং উঠিলে সি কাকো খাটিৰ নকৰা হৈ যায়৷ খোৰাকি
দিয়াৰ পাছতো ছাগলীটো নিব বিচৰাত তাৰ খংটো টিঙিচকৈ উঠি আহিল৷ আৰু সি চিপাহীকেইটাক
খঙৰে কিবাকিবি কৈ দিলে৷ তাতে চিপাহীকেইটাই তাৰ দোষ ধৰিলে৷ সিহঁতে হয়তো ভাবিলে
সিহঁতক খঙেৰে কথা কোৱা মানুহ কোন এইটো? কাৰ সাহস আছে সিহঁতক এনেদৰে ডেমাকি দেখুৱাবলৈ? সিহঁতে তাক আগুৰি ধৰি
চৰ-গোৰ আৰু লাঠিৰ কোব দি আধামৰা কৰিলে৷ তদুপৰি সিহঁতে আৰু এটা বহুত ডাঙৰ কাম
কৰিছিল৷ সিহঁতে তাৰ ঘৈণীয়েক ৰংদৈক ঘৰৰ ভিতৰলৈ টানি নি দিনৰ পোহৰতে ধৰ্ষণ কৰিবলৈ
লাগি গৈছিল৷ তাই চিঞৰ-বাখৰ কৰি গগন ফালিছিল সহায়ৰ আশা কৰি৷ তাইৰ চিঞৰ ওচৰৰ মানুহে
শুনিছিল৷ কিন্তু কাৰ সাহস আছে এই নৰপিশাঁচবোৰক জোকাই ল’বলৈ? সকলোৱে নিৰৱে ঘৰৰ ভিতৰত বহি
ৰংদৈৰ চিঞৰ-বাখৰ শুনি আছিল৷ ইয়াৰ পাছতে ৰংদৈয়ে এডাল গছত চিপজৰী লৈ আত্মহত্যা কৰিব
বিচাৰিছিল৷ কিন্তু ওচৰৰ মানুহে দেখা পাই চিপজৰী লোৱাৰ পৰা তাইক ৰক্ষা কৰিছিল, দুবছৰীয়া পুতেক ধনবৰৰ বাবেই
জীয়াই থাকিব লাগিব বুলি বুজাই মানুহজনীক সুস্থিৰ কৰিছিল৷ হংবৰ এতিয়াও বিছনাতে পৰি
আছে বুলি তেমেকাই খবৰ পাইছে৷ মানুহটো সুস্থ হৈ উঠা নাই৷ এনেকুৱা ঘটনা ক’ত বা কিমান
ঘটিছে? জংঘলৰ
মাজত পোৱাবিলাককতো সীমাহীন অত্যাচাৰ কৰিছে৷ পলাই ফুৰা মানুহবোৰৰ কিছুমান চিপাহীৰ
হাতত ধৰা নপৰি সাৰি আছে আৰু যি ধৰা পৰিছে সি অমানুষিক শাস্তিৰ সন্মুখীন হৈছে৷
হংবৰ আৰু ৰংদৈৰ কথাবোৰ মনলৈ অহাত অজানিতে তেমেকাৰ চকুদুটা সেমেকি
উঠিল৷ সি আৰু কেৰ্পায়ে এই হংবৰৰ ঘৰতে ফুলগুৰিৰ ৰাইজ মেলৰ সময়ত ভাত-পানী খাইছিল আৰু
ৰাতি শুইছিল৷ আলহী সুধি ভালপোৱা হংবৰ আৰু ৰংদৈয়ে সিহঁতক কম আদৰ-সাদৰ কৰি ৰাখিছিল
নে? এনে সাদৰী মানুহজনীক অত্যাচাৰ কৰা মানুহবোৰৰ এদিন হ’লেও পতন হ’ব– তেমেকাই এনেদৰেই
ভাবে৷ সি মাজে মাজে এই নৰপিশাঁচবোৰক মাৰি নিবলৈকো ভগৱানৰ ওচৰত খাটনি ধৰে৷
বাৰীৰ আমগছ এজোপাত থকা এজাক শালিকাই হঠাতে কোৰ্হাল কৰি ৰাতিৰ প্ৰহৰৰ
সংবাদ দিলে৷ এইটো চাগে’ দ্বিতীয় প্ৰহৰ শেষ হোৱাৰ বাতৰি, মানে মাজৰাতি হ’লহি৷ তেমেকাৰ চকুলৈ কিন্তু এতিয়াও
টোপনি নামি অহা নাই৷ তেমেকাৰ মনটো অতীতলৈহে বাৰে বাৰে উৰা মাৰিছে– ঘটনাবোৰ ক’ৰপৰা
কেনেদৰে আৰম্ভ হৈছিল আৰু দিন যোৱাৰ লগে লগে ক’ৰপৰা ক’লৈ গতি কৰিছিল ...
পূৰ্বপৰ্ব
কুকুৰাৰ প্ৰথম ডাকতে বিছনা এৰি তেমেকাই খৰখোজেৰে ওলাই আহিছে জলাহখনলৈ বুলি৷ ৰাতি বহু সময় ধৰি দপদপীয়া বৰষুণ এজাক পৰিছিল৷ সি ভাবে যে নানা ঠাইৰে বৈ আহি জলাহখনত পৰা জুৰিকেইটাৰে খলখলাই পানী ব’ব আৰু উজাই অহা ৰাঘবৰালি পঁচাৰে হানি ধৰিব পাৰিব৷ কঁকালত এখন চুৰিয়াৰ বাহিৰে তাৰ গোটেই গাটো উদং৷ তাৰ কান্ধত আছে দীঘল নাল লগোৱা কালিৰ এপাট পঁচা আৰু এডাল ভাৰমাৰি৷ পঁচাপাটৰ কালিবোৰৰ মূৰত ওভোতা জোং লগোৱা আছে, যাতে মাছৰ গাত লাগিলে সহজে এৰুৱাই যাব নোৱাৰে৷ তাৰ হাতত অলপমান ৰছীও আছে পঁচাৰ নালত বান্ধিবলৈ৷
বাৰিষা এক বিশাল অঞ্চল জুৰি বিস্তৃত হৈ পৰা জলাহখনৰ পানী এই ব’হাগ মাহত কম যদিও এতিয়াও জলাহখনক সৰু বুলি ক’ব পৰা নাযায়৷ জলাহখনৰ পাৰে পাৰে ইকৰা-বিৰিণাৰ পয়োভৰ৷ তদুপৰি আছে ভালেমান গছ-গছনি৷ পাৰৰ মাটিভাগ এটা মৃদু ঢালত ক্ৰমান্বয়ে ওখ হৈ যোৱাৰ লগে লগে ইকৰা-বিৰিণা কমি যোৱাৰ বিপৰীতে বাঢ়ি গৈছে গছ-গছনিৰ অৱস্থিতি৷ চাৰিওফালে হিজল গছৰে আধিক্য যদিও ভেলেউ, শিমলু, আজাৰ, নাহৰ আদি গছৰ সংখ্যাও কম নহয়৷ বাৰিষাৰ বিশাল জলাহখনৰ আকাৰ সৰু হৈ আহি চ’ত মাহত মাজৰ দ অংশতহে পানী ৰয়গৈ৷ তেনে সময়তো সেই অংশত এটা মানুহ গোটে গোটে তললৈ সুমুৱাই নিব পৰাৰ সমানেই পানী থাকে৷ বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে জলাহখন বাঢ়ি বাঢ়ি ব’হাগ মাহত কিছু ডাঙৰ হয়৷ তদুপৰি জলাহখনৰ বহু অংশতে আছে ভেৰণি৷ এইবোৰ বৰ বিপজ্জনক৷ ভেৰণিৰ ওপৰত চ’ত-বহাগ মাহত ঘাঁহ-বন গজি ধৰিব নোৱৰা হৈ পৰে বাবে কোনোবাই মাটি বুলি ভাবি ভৰি দিবলৈ হ’লে চিধাই তললৈ সোমাই গৈ মৃত্যুমুখত পৰিব পাৰে৷ মানুহবোৰে সেয়ে জলাহত খুব সাৱধানে খোজ পেলায়৷ ইয়াত বিচৰণ কৰা জীৱ-জন্তুবোৰো বৰ সাৱধানী৷ সিহঁতেও ভেৰণিৰ নিষ্ঠুৰতাৰ কথা জানে৷ তথাপি কেতিয়াবা কেতিয়াবা কোনো জন্তু নতুবা মানুহ এই ফান্দত ভৰি দি মৃত্যুমুখত নপৰাকৈ থকা নাই৷
কেইবাটাও
জুৰি নানা ঠাইৰ মাজেৰে অঁকাই-পকাই বৈ আহি জলাহখনত পৰিছে৷ ফাগুন-চ’ত মাহত জুৰিকেইটাত
পানী প্ৰায় নাথাকেই৷ ব’হাগ মাহত বৰষুণ পাই লাহে লাহে এই জুৰিবোৰে গা টঙাবলৈ আৰম্ভ
কৰে৷ তাকো কেইবাদিনো বৰষুণ নপৰিলে গাত
বল-শক্তি নোহোৱা হৈ সিহঁতৰ গাবোৰো একেবাৰে লাহী হৈ পৰে৷ ডাঙৰ বৰষুণ পৰিলে এই
জুৰিবোৰৰ বুকুৰে তীব্ৰ গতিৰে পানী বৈ আহি পৰে জলাহত৷ পানী পাই জুৰিকেইটাই লাহী
কঁকাল ধমনা কৰি নাচিবলৈ লোৱাৰ লগে লগে জলাহত থকা মাছ-কাছকে ধৰি জলজ জীৱবোৰেও আনন্দত
কিৰিলি পাৰি নাচি নাচি উজাবলৈ ধৰে, ভেকুলী আৰু বেংবোৰৰ মাতে সংগীতৰ
মহামেলা পাতে, তাত যোগ দিয়ে আয়তী উঁইচিৰিঙা আৰু জিলিয়ে৷ এইবোৰ
দৃশ্য দেখিলে মানুহবোৰৰ গাতো বিহু নলগাকৈ নাথাকে৷
বাৰিষা
বেছি হয় যদিও খৰালিতো জলাহখনত কম চৰাই নাথাকে৷ পানীত চৰা চৰায়ো থাকে বিধে বিধে–
শৰালি, পাটমুগী, নল-ঢেঁকৰ, ডাউকী, বগলী,
তেলীয়া সাৰেং, কুটুমৰ পৰা দেওহাঁহলৈকে৷ পানীত নচৰা
চৰায়ো থাকে জলাহখনৰ পাৰত থকা গছবোৰৰ ডালে-পাতে বাহৰ পাতি৷ টোকোৰা চৰাইৰ পৰা
বগলীলৈকে মজলীয়া উচ্চতাৰ গছবোৰত বাহ সাজি চৰাইবোৰে বৰ নিশ্চিন্ত মনে থাকে৷ শিমলু,
আঁহতৰ নিচিনা ডাঙৰ আৰু ওখ গছবোৰৰ ডালত চিলনী আৰু বৰটোকোলাৰ বাসস্থান৷
কুৰুৱাবোৰো থাকে৷ জলাহখনেই সিহঁতক জীৱন দি ৰাখিছে বাবে সিহঁতৰ আশা-ভৰসা জলাহখনৰ
ওপৰতে৷ সিহঁতে জলাহখন এৰিব নোৱাৰে৷ জীৱনদায়িনী জলাহখনত থকা মাছ, ফৰিং,
পোক-পৰুৱা, বেং-ভেকুলী আদি ধৰি খাই সিহঁতে জীৱটোক
পোহপাল দি আছে৷
জলাহখনত
আছে অগণন মাছ৷ পুঠি-খলিহনাৰ পৰা ৰাঘবৰালিলৈকে ডাঙৰ মাছৰ আৱাসস্থল হ’ল এই জলাহখন৷
বাৰিষা বিশাল কায়া ধাৰণ কৰা জলাহখনত মানুহে মাছ মাৰিব নোৱাৰে৷ জলাহৰ পৰা ওলাই যোৱা
পানীতহে জাল পাতি মাছ ধৰে৷ কাতি-আঘোণৰ পৰা জলাহৰ পানী কমিবলৈ লোৱাৰ লগে লগে
মানুহবোৰে জলাহখনত মাছ মাৰিবলৈ লয়৷ নানা মাছেৰে খলখলাই থকা জলাহখনত মানুহবোৰে
মাছ ধৰোঁতে বেছি কষ্ট কৰিব লগা নহয়৷ এখন জাকৈ বা টঙী জালেৰেই অলপ সময়ৰ ভিতৰতে খালৈ
ভৰাই মানুহবোৰে মাছ ধৰিব পাৰে৷ কাছও আছে জলাহখনত বহুত– একেবাৰে ডোৰা কাছৰ পৰা
বৰকাছলৈকে৷ কাছ খাই ভালপোৱা মানুহবোৰে ভেৰণিত কালি মাৰি কাছ ধৰি লৈ যায়৷
জলাহখনৰ
উত্তৰত আছে ৰচকী কলং আৰু দক্ষিণত আছে ৰাংঢালী কপিলী৷ বাৰিষা এই নদী দুখনত বান
আহিলে উজনি দিশৰ পৰা জলাহখনত সোমোৱা পানী বৈ গৈ নামনিৰ ফালে পুনৰ নৈ দুখনতে পৰেগৈ৷
বাৰিষা সাগৰ হেন হৈ পৰা জলাহখনৰ পাৰত বাস কৰা শিয়াল, শহা, হেঁপা,
জহামাল আদি জন্তুবোৰে ওখ ঠাই বিচাৰি ঢাপলি মেলে, মাজে
মাজে ঘাঁহ খাবলৈ আহি থাকিবলৈ লোৱা হৰিণা, গঁড়, হাতীও জলাহৰ
পাৰৰ পৰা দূৰৰ ওখ ঠাইত অৱস্থান কৰিবলৈ খোজ লয়৷
তেমেকাই
ইমান ৰাতিপুৱাতে ওলাই আহি চাৰিওফালে আন্ধাৰ দেখি এটা কথা হঠাতে মনলৈ অহাত তাৰ
বুকুখন চিৰিংকৈ গ’ল– সি এতিয়াও পূব আকাশত পোহৰৰ ৰেখ দেখা নাই৷ এনে সময়ত জলাহখনত
গিজগিজাই থকা দেও-ভূত, যখ-যখিনীয়ে পালে কি হ’ব বাৰু তাৰ? সি
সেই দেও-ভূত, যখ-যখিনীক আজিলৈকে দেখা নাই; কিন্তু
শুনিছে– আন্ধাৰ বেলা জলাহখনত নানা দেও-ভূত, যখ-যখিনীয়ে বিচৰণ কৰি ফুৰে হেনো৷ বাঁকে
মাছুৱৈৰ খালৈৰ মাছ উলিয়াই খায়, যখিনীবোৰে জাক পাতি জলাহত জাকৈ মাৰে,
যখবোৰে লাঙীজাল বায়, পৰুৱাই বাটৰ মানুহক আওবাটে নি ক’ৰবাত
উলিয়ায়গৈ৷ কেতিয়াবা বুঢ়া ডাঙৰীয়ায়ো বগা পাগ মাৰি মানুহৰ আগে আগে যায়, ডাকিনীবোৰে
জুই লৈ জলাহখনৰ চাৰিওফালে ঘূৰি ফুৰে পোক-পৰুৱা বিচাৰি৷
কথাবোৰ
ভাবোঁতে ভাবোঁতে তেমেকাৰ খোজ ধীৰ হৈ আহিল৷ বাৰিষা সিহঁতৰ গাঁৱৰ কাষলৈকে¸ চাপি
যোৱা জলাহখন এতিয়া ভালেখিনি দূৰত আছেগৈ৷ তাতে সি পূবফালৰ পৰা বৈ অহা জুৰিটোলৈ
যাবলৈ মন কৰিছে৷ সেই জুৰিটো পাবলৈ হ’লে সি আৰু অলপ দূৰ আগুৱাই যাব লাগিব৷ পূবে ধলফাট
দিয়াৰ লগে লগে জুৰিটোৰ মুখত সি উপস্থিত হ’ব লাগিব– তেতিয়াহে তাৰ কাম সিজিব৷
লাহে
লাহে চাৰিওফালে পোহৰ হ’বলৈ আৰম্ভ কৰা দেখি তেমেকাৰ খোজ খৰ হ’ল৷ সি খৰখোজেৰে
পূবফালৰ জুৰিটোৰ মুখলৈ খোজ ল’লে৷
তেমেকাই পূব দিশৰ পৰা বৈ অহা জুৰিটো পাওঁতে পূবে ধলফাট দিলে৷ ৰাতি পৰা দপদপীয়া বৰষুণৰ বাবে জুৰিটোত বাঢ়নী পানী খৰস্ৰোতেৰে ব’বলৈ লৈছে৷ ইমান দিনে জলাহখনত আৱদ্ধ হৈ থকা মাছবোৰে এনে ন-পানীৰ সোঁতত উজাই স্ফূৰ্তি কৰিবলৈ আহে৷ আহেও আহে, একেবাৰে পুঠি-খলিহনাৰ পৰা শ’ল-বৰালিলৈকে৷
তেমেকাই
পঁচাপাটৰ নালত এডাল ৰচী বান্ধি জুৰিটোৰ মুখখনৰ কাষত হাজিৰ হ’ল আৰু পঁচাপাট দাঙি
চাৰিওফালে তাৰ সতৰ্ক চিকাৰী দৃষ্টি নিক্ষেপ কৰিবলৈ ধৰিলে৷ বহুত মাছ উজাবলৈ লোৱাটো
তাৰ চকুত পৰিল৷ ইচ্ছা কৰিলেই সি শ’ল, চিতল বা ৰৌ মাছ পঁচাৰে হানি ধৰিব পাৰে৷
কিন্তু এইবোৰ মাছলৈ তাৰ মন-কাণ নাই৷ তাক লাগে ৰাঘবৰালিহে৷ জুৰিটো জলাহখনত আহি পৰা
মুখটোৰ কাষত সি একে ঠাইতে থিয় হৈ সতৰ্ক দৃষ্টি দি থাকিল৷
মাছবোৰ
উজাইছে ভটিয়াইছে; ভটিয়াইছে উজাইছে– মুঠতে ন-পানী পাই মাছবোৰৰ গাত
আনন্দত তত্ নোহোৱা হৈছে৷ বহুতে বহুদূৰলৈ উজাই গৈ পুনৰ ভটিয়নী পানীত গা ঘেলাই
ঘেলাই আহি জলাহত নামিছে৷ হঠাতে জুৰিটোৰ মুখখনৰ এফালে বন কিছুমান জোৰকৈ কঁপি উঠা
দেখা পাই তেমেকাৰ মনটো ভাল লাগি গ’ল৷ সি ধৰিব পাৰিলে এয়া কোনো ডাঙৰ মাছৰ কাম৷ বন
লৰাৰ ধৰণ-কৰণ আৰু পানীত হোৱা ঘোলকনিয়ে মাছৰ আকৃতি আৰু বল-শক্তিৰ উমান দিয়ে৷ সি
ভালদৰে লক্ষ্য কৰি মাছটোলৈ বুলি পঁচাপাট মাৰি পঠিয়ালে৷ লগে লগে মাছটোৱে এটা ডাঙৰ
জোকাৰণি তুলি জলাহৰ মাজৰ ফালে পঁচাপাট গাত লৈয়েই ঢাপলি মেলিলে৷ তেমেকাই তাক
ৰাখিবলৈ চেষ্টা কৰিও নোৱাৰি পঁচাপাট এৰি দি ৰছীডালত ধৰি থাকিল৷ মাছটো জলাহৰ মাজৰ
ফালে গৈ অলপ সময় স্থিৰ হৈ ৰৈ ইফালে সিফালে ঘূৰিবলৈ ধৰিলে৷ এটা সময়ত তেমেকা থকাৰ
ফালে সি আহি থাকিল৷ তেমেকাই ৰছীডাল টানি আনি পঁচাপাটৰ নালডালত ধৰিলে৷ এনেতে মাছটো
জলাহৰ মাজৰ ফালে পুনৰ ঢাপলি মেলিলে৷ লগে লগে তেমেকাই পঁচাপাট এৰি দি ৰছীডালত ধৰি
চাই ৰ’ল মাছটো বিষত অৱশ হোৱালৈ৷ অলপ পাছত সি লাহে লাহে মাছটোক বামৰ ফালে টানিলে৷
মাছটো হয়তো পঁচাৰ কালি লগাত বিষত অৱশ হৈ পৰিছে৷ সি লাহে লাহে তাক বামলৈ আনি জোৰেৰে
পঁচাপাটেৰে হেঁচা মাৰি ধৰিলে৷
মাছটোৰ
আস্ফালনত পানী চিটিকি আহি তেমেকাৰ গালে-মুখে পৰিল৷ সি কিছু সময় মাছটোক পঁচাৰে সৈতে
হেঁচা মাৰি ধৰি থাকি মাছটো দুৰ্বল হৈ শান্ত হোৱালৈ অপেক্ষা কৰিলে৷ মাছটো স্থিৰ হৈ
পৰাৰ লগে লগে সি তাৰ কোৱাৰিত ধৰি চোঁচৰাই চোঁচৰাই আনি পাৰত উঠালে৷ সি আশা কৰাটোৱেই
হয়– এটা প্ৰকাণ্ড ৰাঘবৰালি৷ তাৰ মনত আনন্দ লাগিল৷ মাছটোৰ গাৰ পৰা পঁচাপাট এৰুৱাই
সি মাছটোলৈ ভালদৰে চাই অনুমান কৰিলে– মাছটোৰ ওজন বাৰ সেৰমান হ’ব৷
পাৰত
কিছু সময় ৰখাৰ পাছতে মাছটোৰ প্ৰাণবায়ু উৰি গ’ল৷ তেমেকাই মাছটোক পাৰত থৈ আন এটা মাছ
চিকাৰ কৰিবলৈ ওলাল৷ সি পঁচাপাট হাতত লৈ পুনৰ জুৰিটোৰ মুখৰ পানীলৈ সতৰ্ক দৃষ্টিৰে
চাই ৰ’ল৷ কিছু সময়ৰ পাছত আন এটা ডাঙৰ মাছে বন কঁপোৱা দেখি সি পঁচাপাট মাৰি
পঠিয়ালে৷ পঁচাপাট গাত লগাত মাছটোৱে জলাহৰ মাজলৈ দৌৰ লগালে৷ তেমেকাই আগৰ দৰে পঁচাৰ
নালডালত ধৰি মাছটোক ইফালে-সিফালে ঘূৰিবলৈ দিলে৷ মাছটো দুৰ্বল হোৱা বুলি অনুমান
কৰিব পাৰি সি লাহে লাহে পাৰলৈ আনি উঠালে৷ ইয়ো এটা ৰাঘবৰালি– ওজন দহ সেৰমান হ’ব৷
আকাশত
চিলনীবোৰো উৰিবলৈ লৈছে৷ হঠাতে এজনী বৰচৰাই চোঁ-চোঁৱাই তললৈ নামি আহি এটা ডাঙৰ শ’ল
মাছ উঠাই আকাশলৈ উৰা মাৰিলে৷ অলপ পাছতে আন এজনী বৰচৰায়ে এটা ডাঙৰ চিতল মাছ ধৰি লৈ
গ’ল৷ তেমেকাই ৰাঘবৰালি দুটালৈ চাই ভাবিলে– আজিলৈ হৈছে, আৰু মাছ
নামাৰিলেও হ’ব৷ সি লগত লৈ অহা বাঁহৰ ভাৰমাৰিডালৰ দুয়োফালে এটাকৈ মাছ বান্ধি ভাৰখন
কান্ধত ল’লে আৰু পঁচাপাট হাতত লৈ ঘৰলৈ বুলি খোজ পেলালে৷ ভাৰখন গধুৰ হৈছে৷ মাছকেইটা তাৰ কান্ধৰ উচ্চতাতকৈয়ো বেছি দীঘল
হোৱা বাবে সিহঁতৰ ফিচাকেইখন মাটিত চুঁচৰি গৈছে৷
বেলিটো
পূব আকাশত অলপমান ওপৰলৈ উঠিছে৷ আকাশখনৰ চাৰিওফালে এতিয়া চিলনী, কুৰুৱা
আৰু মাছৰোকা চৰাইৰ বিচৰণ৷ সিহঁতে মাজে মাজে জলাহখনলৈ জোৰেৰে নামি আহি মাছ ধৰি নি
গছৰ ডালত বহি খাবলৈ লৈছে৷
অলপ
আহি তেমেকাই দেওবৰ আৰু শুকুৰাৰ সন্মুখীন হ’ল৷ এই দুটা চেঙেলীয়াই এতিয়াহে হাতত পঁচা
লৈ মাছ মাৰিবলৈ আহিছে৷ তেমেকাৰ কাষ পায়েই দেওবৰে সুধিলে– ‘‘কাকা, তই
খুব আতিপুৱাতে আহিছিলি নাকি? বাপএ, ইমান ডাঙ’ ডাঙ’
দুটা বআলি মাছ মাঈলি৷’’
‘‘তন্তে
হ’বলা এতিয়াহে হময় পালি? মই পথম কুকুআ ডাকতে উঠি জলাহলৈ গৈছিলং৷
এতিয়া মাছবো’ চৱ ভটিয়াই যাব৷ তথাপি হংকালে যা৷ ডাঙ’ মাছ নাপালেও দুই-তিনি চেঅ’ মাছ
পাবি৷ দেঈ নক’, যা যা৷’’
তেমেকাৰ
কথা শুনি দেওবৰ আৰু শুকুৰাই দৌৰি দৌৰি জুৰিটোৰ মুখলৈ যাবলৈ ধৰিলে৷
তেমেকাই
নিজৰ বাটত ভৰি দি ভাবিলে– চাৰি দিন আগতে বতাবাৰী গাঁৱৰ এজন ডেকালৈ তাৰ খুৰাকৰ
জীয়েক ৰহেমাই পলাই গৈছে৷ পৰহি খবৰ আহিছিল
আজি সঁজাতীৰ দল আহিব বুলি৷ সঁজাতীৰ মানুহক খুৱাবৰ বাবেই সি মাছৰ কথা চিন্তা কৰি
আছিল৷ ভাগ্যে ৰাতি দপদপীয়া ডাঙৰ বৰষুণ এজাক পৰি আজি মাছ ধৰাৰ সুযোগ এটা আনি দিলে৷
দুটা মাছৰে এটা খুৰাকৰ ঘৰত দিব৷ ডাঙৰটোকে দিব৷ সঁজাতীৰ মানুহৰ লগতে গাঁৱৰ
মানুহবোৰো থাকিব৷ মানুহ সৰহ হ’লে দহ সেৰৰটোৰে নুজুৰিবও পাৰে৷
বহল
মুকলি পথাৰখনৰ মাজেৰে মাছৰ ভাৰখন লৈ তেমেকা গৈ থাকিল৷ এই পথাৰখন বাৰিষা জলাহখনে
নিজৰ বুকুত সামৰি লয়৷ ভৰ-বাৰিষাত কোনেও ইয়াত খেতি কৰিব নোৱাৰে৷ ভাদ মাহৰ ফালে
বৰষুণ কমিলেহে পানী কমে৷ তেতিয়াহে মানুহবোৰে ইয়াত ধান লগায়৷
তেমেকাৰ
ফুটুকীলৈ মনত পৰিল৷ সি আজি দুটাকৈ ৰাঘবৰালি মাৰি অনা বুলি গম পালে তাই নিশ্চয় আনন্দ
পাব৷ সি আনক নিদিলেও তাইক মাছৰ ভাগ এটা দিবই৷
তেমেকাৰ
ভাৰখন বৰ গধুৰ হৈ আহিছে৷ সি বাৰে বাৰে কান্ধ সলাবলৈ ধৰিলে৷
মুকলি পথাৰখনত ব’হাগ মাহৰ কুমলীয়া বেলিৰ পৰশ লৈ বৈ অহা শীতল বতাহ এছাটি ব’বলৈ লৈছে৷ ঠাইখিনি মুকলি বাবে বতাহজাকে ক’তো বাধা পোৱা নাই৷ অবাধে ব’বলৈ ধৰা বতাহজাকে তেমেকাৰ চুলিবোৰ কঁপাবলৈ ধৰিলে৷
তেমেকাই
ঘৰ পাবলৈ আৰু বেছি দূৰ নাই৷ সি অনুমান কৰিলে মাছ দুটা দেখি তাৰ ঘৰৰ মানুহবোৰে বৰ আনন্দ পাব৷ সদায় মাছ খাবলৈ পায় যদিও
ৰাঘবৰালিৰ দৰে মাছ ঘৰখনৰ মানুহে বহুদিন খাবলৈ পোৱা নাই৷ তাৰ খুৰাকৰ ঘৰৰ মানুহেতো
আনন্দত ৰ’ব নোৱৰা হ’ব৷ কাৰণ ঘৰখনলৈ আজি সঁজাতী দল আহিব৷ সঁজাতীৰ মানুহবোৰক ৰাঘবৰালিৰে
এসাঁজ খুৱাব পৰাটো কিমান আনন্দৰ কথা! কথাটো ভাবি তেমেকাৰ মনত আনন্দ লাগিল৷
পথাৰখনৰ
মাজেৰে আহি এইফালৰ পৰা বাৰীৰ ভিতৰৰে গৈ
তেমেকাই ঘৰত ওলাব পাৰে, গাঁৱৰ ৰাস্তাত নুঠিলেও হয়৷ সি আহি আহি
বাৰীৰ কাষ পাই পিছফালৰ সৰু জপনাখন খুলি ঘৰলৈ আগ বাঢ়িল৷ সি চোতালত উপস্থিত হোৱাৰ
লগে লগে তাক দেখি ঘৰৰ মানুহবোৰ তাৰ ফালে আগুৱাই আহিল৷ মাছকেইটা দেখি সকলোৰে মনত
আনন্দ৷ গাঁৱৰে সম্পৰ্কীয় আইতাক মনদৈয়ে তালৈ চাই মাত দিলে– ‘‘তই দেখোন এই আতিপুৱাতে
দুটা ব’ ডাঙ’ আঘবআলি মাঈ আনিলি৷ মাউঅত মআটো, তই কম নহ’ৱ দেই!
ভালেই কঈলি দে৷’’
‘‘আবু,
কপালত আছিল৷’’– তেমেকাই লাহেকৈ মাত দিলে৷
‘‘হয়ে
দে৷’’
‘‘আবু,
ত’ কপালতো আছিল৷ গাংখন’ মানুহবোঅও কপালত আছিল৷ হেইকাণে পালং৷ তই ঘঅলৈ
গৈ কেৰ্পাইক পঠিয়াই দিবি৷ হি মঅ লগত মাছ কাটিবা লাগিব৷’’
‘‘মই
যাবা ওলাইছিলঙেই৷ তেনেতে তই আহি পালি৷ বাউ¸ মই যাং৷ পিছে
বাঘ’ আগতেল খোৱাটোবা ঘঅত আছে না নাই? পালে এতিয়াই তাক পঠিয়াই দিম অ৷’’
মনদৈ
বুঢ়ীয়ে ঘৰলৈ বুলি খোজ ল’লে৷
তেমেকাই
দুটা ডাঙৰ ৰাঘবৰালি মাৰি অনাৰ খবৰটো বিয়পি পৰাৰ লগে লগে গাঁৱৰ ল’ৰা-ছোৱালীবোৰৰ
উপৰি ডাঙৰ মানুহ কেইজনমানো মাছকেইটা চাবৰ বাবে সিহঁতৰ ঘৰত গোট খালেহি৷ সকলোৱে
মাছকেইটাক আগুৰি লৈ চাবলৈ লৈছে৷ দেউতাক ৰূপেশ্বৰে তেমেকাক ক’লে– ‘‘যা আগতে
খুয়ায়েঅ’ ঘঅত এটা দি থৈ আহগৈ৷ আজি বতাবাঈ পআ হঁজাতী আহিব৷ এতিয়াই দি থৈ আহিলেহে
আন্ধি-বাহি হঁজাতী মানুহবোঅক খোৱাবা পাঈব৷ যা দেঈ নক’৷’’
‘‘অ
মই যাঙেই৷ কিন্তু কোনটো দিম?’’
‘‘হউটো
দিলেই হ’ব৷ এইটোএ আজি কামটো চলি যাব৷ ডাঙ’ বআলিটো পআ অলপ অলপ গাঙ’ মানুহকো দিবা
লাগিব৷ হউটোকে লৈ যা৷”
তেমেকাই
প্ৰায় দহ সেৰ ওজনৰ মাছটো কান্ধত তুলি খুৰাক মনেশ্বৰৰ ঘৰলৈ খোজ ল’লে৷
মনেশ্বৰৰ
ঘৰত গাঁৱৰ কিছুমান মানুহ গোট খাই ৰন্ধা-বঢ়া কৰিবৰ বাবে কামত লাগিছে৷ মতা মানুহ
কেইজনমানে ঘৰৰ পিছফালে অলপ বেৰা দি খান্দিছে চৌকা৷ তিৰোতা কেইজনীমানে তৰকাৰি কৰিবৰ
বাবে ঠাৰিকচু কুটিবলৈ লৈছে, আন দুজনী তিৰোতাই মঠীয়াৰ পৰা জুগুলী
উলিয়াই ছাকনীৰে লাওপানী ছাকিবলৈ ধৰিছে৷ তেমেকাৰ খুৰীয়েকে চোতালখন গোবৰ-পানীৰে মচি
আছে৷
তেমেকা
মনেশ্বৰৰ চোতালত হাজিৰ হ’ল৷ মাছটোৰ সৈতে তাক দেখাৰ লগে লগে খুৰীয়েক পতেশ্বৰীয়ে
উৎফুল্লিত হৈ মাত দিলে– ‘‘তই বঅ ভাল কাম কঈলি দেই তেমেকা৷ মাছলৈ গৈ আনিলিও আনিলি
একেবাএ আঘবআলিহে৷ আজি আলহী আহা দিনা এনে মাছ পোৱাটো তঅ আউ¸ ভনীয়েঅ কপাল
বুলিবা লাগিব৷ বঅ ভাল হ’ল৷ আলহীক খুৱাবা পাঈম৷ তই মাছটো নানাহেঁতেন ঘঅ তিনিটা
লাউঈয়া মুগীকে কাটিলেহেঁতেন৷’’
তেমেকাই
মাছটো ঘৰৰ বাৰাণ্ডাৰ মাজিয়াতে থ’লে৷ খুৰাকৰ ঘৰত বৰচালনী আছে যদিও এই ডাঙৰ-দীঘল
মাছটো ৰাখিবৰ বাবে চালনীখনত ঠাই নোজোৰে৷ মনেশ্বৰ তেমেকাৰ কাষত উপস্থিত হৈ ক’লে–
‘‘আজি আলহী আহিবা দিনত মাছটো আনি বঅ ভাল কঈলি অ বোপাই! মই কলপাত আউ¸ বঅচালনীখন
আনংগৈ৷’’
‘‘খুআ,
মাছটো গতালং৷ তই এতিয়া কি কঅ ক’৷ মই ঘঅলৈ যাং৷ আজি দুটা আঘবআলি
মাঈলং৷ এটা ঘঅত আছে৷ হেইটো কটা-বচা কআ কামখিনি কঅংগৈ৷ গাঙ’ মানুহবোঅকো দিবা
লাগিব৷’’
‘‘অ
যা৷ চিন্তা নকঈবি, ইয়াত আইজখন আছে৷ আইজে কামখিনি কঈব৷ পিছে হংকালে
আহিবি৷’’
‘‘অ অ,
ঘঅত কামখিনি কঈয়েই হংকালে আহিম৷’’
কথাষাৰ
কৈয়েই তেমেকাই একে দৌৰে বাটত উঠিলগৈ৷ সি নিজৰ ঘৰত উপস্থিত হৈ দেখিলে কলপাত পাৰি
ৰূপেশ্বৰ আৰু কেৰ্পায়ে চোতালত ঘৰত থৈ যোৱা ৰাঘবৰালিটোক কাটিবলৈ লৈছে৷ সৰুল’ৰা
কেইটামানে এতিয়াও তাতে থাকি মাছ কটা চাই আছে৷ তেমেকাই চিধা ঘৰৰ ভিতৰ সোমাল আৰু দা
এখন হাতত লৈ ৰূপেশ্বৰ আৰু কেৰ্পাইৰ লগত মাছ কটা কামত যোগ দিলে৷ মাছ কটাৰ কাম পূৰ্ণ
গতিত চলিল৷
তেমেকাহঁতৰ
গাঁওখনৰ নাম কাৱৈমাৰি৷ গাঁওখনত আঠঘৰ মানুহ আছে৷ আগতে তেমেকাহঁত আছিল ফুলগুৰি
গাঁৱত.৷ তাৰ পৰা উঠি আহি মানুহবোৰে ইয়াত গাঁও পাতিছিল৷ প্ৰথমে গাঁওখনত মানুহ আছিল
ছঘৰহে৷ যোৱা বছৰ খাইগড়ৰ পৰা দুজনে আহি ঘৰ সাজিলত এতিয়া আঠঘৰ হৈছে৷ ইয়াৰ পৰা
এমাইলমান আঁতৰত আন এখন গাঁও নতুনকৈ বহিছে৷ এইখন গাঁৱৰ মানুহবোৰ ডিমৌৰ ফালৰ গাঁও
কিছুমানৰ পৰা পাম খাবলৈ অহা৷ নাম বতাবাৰী৷ তাতো আঠ ঘৰ মানুহহে আছে৷ এইফালে প্ৰায়ে
বানপানী হয় বাবে মাটিবোৰ এনেই পৰি আছে৷ ইয়াৰে কিছু কিছু ঠাই বানপানীত বুৰ নাযায়–
আটী মাটি৷ এনে ঠাইতে মানুহবোৰে গাঁও পাতিছেহি৷ সেই বতাবাৰী গাঁৱৰে এজন ডেকালৈকে
তেমেকাৰ খুৰাকৰ জীয়েক ৰহেমাই পলাই গৈছে৷
লাহে
লাহে ৰাঘবৰালিটোৰ কটা-বচাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ আহিছে৷ তেমেকাই কটা-বচাৰ কাম এৰি
কুমলীয়া বাঁহ এডাল আনি ডেৰহাত জোখৰ টুকুৰা এটা কাটি লৈ তঙাল তুলিবলৈ লাগি গ’ল৷
মাছটোৰ
কটা-বচাৰ কামিখনি সম্পূৰ্ণ হোৱাৰ লগে লগে ৰূপেশ্বৰে তেমেকাই তোলা তঙালেৰে প্ৰায়
আধা সেৰ ওজনৰ কটা মাছৰ টুকুৰা তঙালত সিয়াই বান্ধিবলৈ ধৰিলে৷ প্ৰতিঘৰ মানুহকে সিওৱা মাছ আধাসেৰমানকৈ দিবলৈ ৰূপেশ্বৰে মনস্থ কৰিছে৷ নিজৰ ঘৰখনৰ লগতে
ভায়েকৰ ঘৰখন ইয়াৰ পৰা বাদ দিয়া হৈছে৷ ভায়েকৰ ঘৰত এটা ডাঙৰ বৰালি দিয়া হৈছেই৷
এনেকুৱা ডাঙৰ মাছ, পহু-হৰিণা, বনৰীয়া গাহৰি
আদি পালে গাঁৱৰ মানুহবোৰে ভগাই খায়৷ অকলে খাবলৈ মানুহবোৰে বেয়া পায়৷
ছলানি
মাছ সিয়াই হোৱাৰ পাছতে ৰূপেশ্বৰে তেমেকা আৰু কেৰ্পাইক পাচিলে মানুহবোৰৰ ঘৰত বিলাই
দিবলৈ৷
মাছৰ
লানি লৈ তেমেকা আৰু কেৰ্পাই গাঁৱৰ মাজলৈ আগ বাঢ়িল৷ তেমেকাৰ মনত আনন্দ– গাঁৱৰ
মানুহবোৰে সি মাৰি অনা মাছৰ আঞ্জাৰে ভাত খাবলৈ পাব৷ কেনে আনন্দৰ কথা ! সি কেৰ্পাইক
ক’লে– ‘‘তই গাংখন’ পশ্চিমফালে যা, মই পূবফালে যাং৷ এনেকুৱা কঈলে মাছ
ভগোৱা কামটো হংকালে হ’ব৷ পশ্চিমফালে আছে তিনি ঘঅ৷ তই এই তিনি লানি লৈ হিফালে যা৷
বাকীকেইঘঅত মই দেংগৈ৷’’
তিনি
লানি মাছ লৈ কেৰ্পাই পশ্চিম দিশত খোজ ল’লে৷
তেমেকাই
পূব দিশৰ প্ৰতি ঘৰতে মাছৰ লানি দি শেষত ফুটুকীহঁতৰ ঘৰত উঠিল৷ ফুটুকীক দেখিলে তাৰ
মনটোত নানা ভাবৰ ঢৌ উঠে৷ মিঠা বৰণীয়া ফুটুকীক ইমান ধুনীয়া কিয় দেখে সি বুজিব
নোৱাৰে৷ দিনটোত তাইক এবাৰ নেদেখিলে তাৰ মনটোৱে শান্তি নাপায়৷ তাই গাভৰু হোৱা তিনি
বছৰহে হৈছে মাত্ৰ৷ এতিয়াই তাইক তাৰ মনৰ কথাবোৰ ক’লে তাই বেয়া ধৰণেৰে ল’ব পাৰে বুলিও তাৰ
মনে কয়৷ সেয়ে সি কিছুদিন ৰ’ব লাগিব৷ তাইৰ মন পুৰঠ হ’লেহে সি তাৰ মনৰ কথাবোৰ খুলি ক’ব৷
কিন্তু মনৰ কথাবোৰ ক’বলৈ তাৰ মনটো খুটখুটায়েই থাকে দেখোন৷
তেমেকাই ফুটুকীহঁতৰ ঘৰৰ চোতালত থিয় হৈ মাত দিলে– ‘‘ফুটুকী, অ’ ফুটুকী৷ ঘঅত আছ না?’’
‘‘কোন?
তেমেকা কাকা নাকি?’’
‘‘অ
মইহে৷ আহচোন বাহিঅলৈ৷’’
ফুটুকীয়ে
বাহিৰলৈ আহি দেখিলে তেমেকাই হাতত মাছৰ লানি এটা লৈ ৰৈ আছে৷ তাই সুধিলে– ‘‘অ মাছলৈ
গৈছিলি হ’বলা?’’
‘‘অ
আতি বঅষুণ পআ বাবে পথম কুকুআ ডাকতে পঁচা লৈ মাছ মাঈবা গৈছিলং৷ দুটা আঘবআলি পালং৷’’
‘‘অঁ, আঘবআলিয়েই হয়৷ মাছ’ টুকুআ দেখিলেই ধঈবা পাঈ নহয়!’’
‘‘হুঁ,
মাছলানি আখ৷’’
তেমেকাই
ফুটুকীৰ মুখলৈ এবাৰ ভালদৰে চাই মাছৰ লানিডাল তাইক দিলে৷ ফুটুকীয়ে সুধিলে– ‘‘বহিবি
নাকি?”
‘‘নাই
নবহং৷ খুআঅ ঘঅলৈ হঁজাতী আহিব৷ আহিবি তালৈ৷’’
‘‘অঁ যাম৷
যাবা ওলাইছঙেই৷’’
‘‘অঁ আহি থাক৷’’
তেমেকাই ফুটুকীহঁতৰ ঘৰৰ পদূলি পাৰ হৈ বাটত ভৰি দিলে আৰু ঘৰলৈ বুলি যাবলৈ ধৰিলে৷
লাহে
লাহে বেলিটো পূব আকাশত দুবেগেতমান উঠিল৷ গাঁওখনৰ মাজতে থকা পলাশ গছজোপাৰ তলত
কেইজনমান ল’ৰাই ঘিলা খেলিছে৷ তাত খেলি থকা ল’ৰাবোৰৰ মাজত তেমেকাৰ ভায়েক দেউৰামো
আছে৷
তেমেকাই
ঘৰ পায়েই মাকৰ ওচৰত ভাত বিচাৰিলে৷ তাৰ ভনীয়েক মালতী খুৰাকৰ ঘৰলৈ গৈছে৷ দিনে
তিনিসাঁজকৈ ভাত খোৱা মানুহঘৰত ৰাতিপুৱাৰ ভাত কেতিয়াবাতে সাজু হৈছে৷ মাক সৰুমায়ে ভাজি থোৱা বৰালি মাছৰ টুকুৰা এটা
আৰু কণবিলাহী দি ৰন্ধা খুতুৰা শাকৰ আঞ্জাৰে তেমেকাক ভাত দিলে৷ ঘৰৰ সকলোৱে
ৰাতিপুৱাৰ ভাত খুতুৰা শাকৰ আঞ্জাৰে খাইছে৷ তেমেকাৰ ভাত খোৱা দেৰিহে হৈছে৷
বাহিৰত
কেৰ্পাইৰ মাত শুনা গ’ল– ‘‘তেমেকা ! খুআয়েআ ঘঅলৈ নাযাৱ নাকি?’’
‘‘কেলেই
নাযাম? মই ভাত খাই লং অ৷’’– তেমেকাই ভাতৰ পাতৰ পৰাই উত্তৰ দিলে৷
কেৰ্পায়ে
পীৰা এখন পাৰি বাৰাণ্ডাতে বহিল৷
ভাত
খাই উঠি তেমেকাই তামোলৰ বটাটো লৈ কেৰ্পাইৰ কাষত হাজিৰ হ’ল৷ সি কেৰ্পাইক ক’লে–
‘‘হোঁ, তামোল খা৷’’
‘‘অ’ দে দে, এখন খাং৷’’
কেৰ্পায়ে
তামোল খোৱাৰ পাছতে দুয়ো মনেশ্বৰৰ ঘৰলৈ খোজ ল’লে৷
গাঁৱৰ
বাটটোত বিভিন্ন ৰঙৰ পখিলা উৰি ফুৰিছে৷ কিছুমান ক’লা, কিছুমান বগা,
কিছুমান ৰঙা আৰু কিছুমান পখৰা৷ নানাবিধৰ ফুলে ৰঙীণ কৰা ব’হাগ মাহটোক
পখিলাবোৰেও নানাৰঙী কৰি তোলে৷ পখিলাবোৰৰ এজনী উৰি আহি তেমেকাৰ কান্ধত পৰি ৰ’ল৷
তাকে দেখি কেৰ্পায়ে তেমেকাক ক’লে– ‘‘তঅ গাত পখিলা পঈছে৷ তঅ বিয়ালৈ বেছি দিন নাই৷
হংকালেই তঅ বিয়া হ’ব৷’’
‘‘গাত
পখিলা পঈলে মানুহ’ বিয়া হয় নাকি? তই ক’ত হুনিলি?’’
তেমেকাই
কথাটোত অবিশ্বাস দেখুৱাই ক’লে যদিও কেৰ্পাইৰ কথাত তাৰ মনটো ভাল লাগি গ’ল৷ সি
মনে-প্ৰাণে ফুটুকীক বিচাৰে৷ এয়া ফুটুকীক সোনকালে পোৱাৰ ইঙ্গিত নহয়তো?
‘‘এ
মানুহবোএ কয় আউ৷’– কেৰ্পায়ে উত্তৰত ক’লে৷ ‘গাত পখিলা পঈলে হেনো হংকালে কইনা পায়৷
হেইবাবে ক’লং দে৷’’
কেৰ্পাইৰ
কথা শুনি তেমেকাই ভাবিলে– এইবাৰৰ ব’হাগ বিহু পাৰ হৈ গ’ল৷ অহাবাৰ ফুটুকী আৰু অলপ
পুৰঠ হ’ব৷ তেতিয়াই ব’হাগ বিহুত নচুৱাই সি তাইক ঘৰ সুমুৱাব৷ তাতে সি বৰ ওস্তাদ
নহ’লেও ঢোলটোত ছেও উঠাব পাৰে৷ এইবাৰ অলপ অভ্যাস কৰি আৰু ভালদৰে ঢোল বাবলৈ শিকিব৷
কেৰ্পায়ে ঠিকেই কৈছে– গাত পখিলা পৰিলে সোনকালে কইনা পায়৷ অহাবাৰ ব’হাগত সি কইনা
পাবই৷
পদূলিৰে
তেমেকা আৰু কেৰ্পাই মনেশ্বৰৰ ঘৰলৈ সোমাই গ’ল৷ ইফালে-সিফালে চকু ফুৰাই তেমেকাই ধৰিব
পাৰিলে বতাবাৰীৰ পৰা সঁজাতীৰ দলটো আহি মনেশ্বৰৰ ঘৰত উপস্থিত হৈছে৷ সঁজাতী দলৰ
মানুহবোৰক চোতালত ঘূৰণীয়াকৈ পৰা ঢাৰিৰ এফালে বহিবলৈ দিয়া হৈছে৷ আনফালে বহিছে
তেমেকাহঁতৰ গাঁৱৰ মানুহবোৰ৷
সঁজাতী
দলটোৰ দুজনমানে ৰাইজৰ মাজত কলপাত পাৰি তামোল-পাণৰ বটাৰ লগতে এটা লাওপানীৰ কলহ
থ’লে৷ ইটো সিটো কথা পতাৰ পাছতে তেমেকাহঁতৰ গাঁৱৰ জেলা মহীধৰে মাত দিলে– ‘‘ভাল বোলং
খেল’-গাঙ’ গিয়াতি, আজি বতাবাঈ গাঙ’ কেইজনমান গিয়াতি ইয়ালৈ আহিছে৷
আহি গলে বস্ত্ৰ লৈ আমা মাজত গুৱা-পাণ আউ¸ লাওপানী কলহেএ মান ধঈছে৷ আমি বুজি পোৱা
নাই, কিবা অপআধহে কঈলং না অধঅমকে কঈলং৷ আমি নাজানং৷ বাটে যাংতে, ঘাটে
যাংতে, কথা কংতে আমা অপআধো হ’বা পাএ৷ হিন্তে কিয়া এই মান আমালৈ আগ বঢ়াইছে
হেই কথা বেকত কঈলে আমি বঅ ভাল পাম৷ দায়-দোষ থাকিলে হুধঅণি কঈম, দায়-জঈমণা
দিবা লাগা হ’লে তেতিয়াহে দিবা পাঈম৷ হিন্ত’ ফাল’ পআ কথাটো জনালে আমি ভাল পাং৷’’
‘‘ভাল
কাৱৈমাঈ জেলা গুউ আউ আইজ৷’’– সঁজাতী দলত অহা জেলা মেলেঙাই মাত দিলে৷ ‘‘তন্তে একো
দায়-জগ’ কআ নাই৷ বাটে যাংতে, ঘাটে যাংতে, কথা কংতে একো
অপআধো কআ নাই৷ আমিয়েহে অপআধ কঈ পাইছং৷ আমিহে অপআধী৷ ভাল জেলা গুউ, কথা
অইন নহয়৷ আমা গাঙ’ এঘঅ’ গোহালিত এজনী গাই চাপিছে৷ কা’ গাই কি কথা নাজানং৷
আপোনালোক’ কাউবা গাই হেআইছে বুলি ভাবি হুধিবলৈ আহিছং৷ আপোনালোক’ গাই হেআইছে যদি
ক’লে ভাল পাম জেলা গুউ ৷’’
‘‘অ’ কথা হেইটোহে৷’’– কাৱৈমাৰিৰ জেলা মহীধৰে উত্তৰত ক’লে৷ ‘‘ভাল জেলা গুউ, কথাটো হংতে হয়৷ আমা’ গাই এজনী বিহু হময়তে নাইকিয়া হৈছে৷ ইমান বিচাঈও তাক নাপালং৷ ক’লৈ গ’ল, কি হ’ল বুলি বঅ বিপাঙতে পঈছিলং৷ আজিহে কথা’ গুঈটো পাইছং৷ আপোনালোক’ তাতে চাপিলগৈ তেনেহ’লে৷ খব’টো দি বঅ ভাল কঈলে৷ আমা’ চিন্তাই হৈ আছিল৷ বঅ ভাল কঈলে, বঅ ভাল কঈলে জেলা গুউ৷’’
‘‘হেই
খব’টোকে দিবা আহিলং৷’’– জেলা মেলেঙাই পুনৰ ক’লে৷ ‘‘জেলা গুউ, হি
আমাএ গাঙ’ ঘেনাই পুতেক পুহবঅত চাপিছেগৈ৷ এতিয়া আপোনালোক আইজখনে কি দিহা দিয়ে তাকে
কঈম, তাকে মানিম, তাকে চিন্তিম৷ অপআধ’ পআ মুক্তি দিলে
উপকা’ মানিম৷ কথাতে কয় বোলে হউৱে পানী পেলায়, ডাঙএ পিছল খায়৷
ঘেনাই পুতেক পুহব’ দমআই গাই নি জগ’ লগাই আমাক অপআধী হাজিলে৷ এতিয়া কি কঈলে আমি
অপআধ’ পআ মুক্তি পাম জনালে ভাল পাম জেলা গুউ৷ কি দায়-জগ’ ভঈব লাগিব আমাক ক’লে আমি
হেইমতে আগ বাঢ়িবা পাঈম৷’’
ৰহেমাইক
গাই বুলি কোৱা বাবে তেমেকাই মনে মনে ভাল নাপালে৷ কিন্তু মানুহবোৰে কিছুমান কথা
এনেদৰেই আলোচনা কৰে বুলি সি জানে৷ সি এবাৰ ভাবিলেও যে তাই গাই নহয়নো কি? কেলেইনো
পুহবৰলৈ পলাই গৈ বংশৰ সকলোৰে নাক-কাণ কাটিব লাগে৷ তাই সঁচাকৈয়ে এজনী গায়েই হয়৷
জেলা
মহীধৰে ৰহেমাইৰ দেউতাক মনেশ্বৰৰ লগত কিছুমান কথা আলোচনা কৰিলে৷ আলোচনাৰ শেষত তেওঁ
ৰাইজলৈ চাই ক’লে– ‘‘বতাবাঈ জেলাই ঠিকে কৈছে৷ দমআই গাই নি জগ’ লগালে যেতিয়া,
এতিয়া গৃহস্থই দায় ভঈব লাগিব৷ মই ছোৱালী বাপেক’ লগত কথাখিনি আলচ কঈ
চালং৷ আপোনালোক এসপ্তাহ’ পাছত আহি দায় মাঈবা লাগিব৷ এসপ্তাহ’ পাছত মানে আহা
দেওবাএ৷ দায় হিচাপে লাওপানী মঠীয়া এটা, এটা গাহ’ঈ, তামোল-পাণ’ বটা
আউ অলপ মাননি আনিবা লাগিব৷ দায়’ এই নিঈখটো আমা’ ইয়াত আগএ পআ কঈ থোৱা আছে৷ আইজ,
ঠিকে আছে নহয়?’’
ৰাইজখনৰ
সকলোৱে জেলা মহীধৰৰ কথাত হয়ভৰ দিলে৷ এইবাৰ ৰূপেশ্বৰে মাত দিলে– ‘‘আচল কথা’ লেঠা
মঈলেই৷ এতিয়া দআ ঘঅ’ মানুহে আনা মান ভাঙি খাবাহে লাগে৷ বেলি দুপ’ হ’লহি৷ বতাবাঈ
আইজে ভাত-পানী খাই ঘূঈ যোৱা কথাও আছে৷’’
‘‘হয়
হয়৷’’– সকলোৱে তেওঁৰ কথাক সমৰ্থন কৰিলে৷
মহীধৰে
বহাৰ পৰা উঠি গৈ মাননি হিচাপে আগ বঢ়োৱা বস্তুবোৰক সেৱা এটা যাচি অলপ লৰাই থৈ আহি
নিজৰ ঠাইত পুনৰ বহিল৷ লগে লগে তেমেকা আৰু কেৰ্পায়ে বস্তুবোৰ ৰাইজৰ মাজৰ পৰা আনি
চোতালৰ একাষে ৰাখিলে৷ ফুটুকী আৰু দেহেশ্বৰীয়ে ৰাইজৰ সকলোৰে সন্মুখত একোটাকৈ দোনা দি
গ’ল৷ তেমেকাৰ মাক সৰুমায়ে কলহটোৰ পৰা লাওপানী ডাৰাণত বাকি লৈ ৰাইজৰ মাজলৈ আগ
বাঢ়িল আৰু সকলোৰে দোনাত লাওপানী দি যাবলৈ ধৰিলে৷
ৰাইজৰ
লাওপানী খোৱাৰ পৰ্ব আৰম্ভ হ’ল৷
তেমেকাই
ভাত-তৰকাৰি ৰান্ধি থকা ঠাইলৈ খোজ ল’লে৷ ভাত-তৰকাৰি ৰন্ধাৰ কাম সম্পূৰ্ণ হ’বলৈ
অলপহে বাকী৷ ৰাইজখনৰ লাওপানী খোৱা শেষ হ’লে বিলাব পৰা হ’বগৈ৷ সি পুনৰ চোতালত বহি
থকা ৰাইজৰ ওচৰলৈ আহিল৷
দৰাঘৰীয়া
জেলা মেলেঙাই হঠাতে ৰাইজলৈ চাই মাত দিলে– ‘‘আইজ, দিনকাল বেয়া
ফাললৈ গৈ আছে দেই! এই বগা বঙাল চঅকাএ এতিয়া হেনো আমা’ আফুখেতি বন্ধ কঈব৷’’
‘‘হাঁ
কি ক’লে?’’– প্ৰশ্নটো ৰাইজৰ চাৰিওফালৰ পৰা আহিল৷
‘‘মই
অহালৈ যাংতে কথাটো হুনি আহিছং৷ চঅকাএ হেনো কানি বেপাটো হম্পূণওপে নিজ’ হাতলৈ নিব৷
হুকুমটো ওলোৱা নাই, কিন্তু এদিন ওলাবগৈ৷ হুকুম ওলালে আমি আফুখেতি
কঈ যি দুপইচা পাইছিলং এতিয়া মুদা মঈব৷ কানিও নিজে তৈয়া’ কঈ খাইছিলং, হেয়াও
এতিয়া নহ’বগৈ৷ এতিয়া হিন্ত’ পআ কিনিহে কানি খাবা লাগিব৷ এতিয়া হেনো কানি মহল
খুলিব৷’’
‘‘ইমান
দিনে নাঙলে পতি, কোএ পতি, ঘএ পতি ক’
লগালে৷”– ৰূপেশ্বৰে মাত দিলে৷ ‘‘মই গম পোৱা মতে হুকুম ওলালেই৷ এতিয়া কানিখোৱা বন্ধ
নকএ; কিন্তু কানিখেতি কআ বন্ধ কঈব৷ মই হুনিবলৈ পাইছং চঅকাএ মহল না কিবা
এটা খুলিব৷ চব বস্তু মহলদাঅক দি পইচা ল’ব৷ গতিকে আমি মাছ মাঈ খাব নোৱাইম৷ গছ-বাঁহ
কাটিব নোৱাঈম৷ ঘঅতে কানি তৈয়া’ কঈ খাবা নোৱাঈম৷ খালে মহলদাঅ পআ কিনি খাব লাগিব৷
এইবো’ চঅকাঅ আমাক হোখন কঈ খোৱা নিয়ম কঈছে৷ আইজে কানি খাবলৈ বাদ দিয়াই ভাল৷’’
‘অ
কথাটো দেখোন বঅ বেয়া হ’ল৷’– মনেশ্বৰে অসন্তুষ্টি প্ৰকাশ কৰিলে৷ ‘‘আফুখেতিত লাভ
বেছি৷ আফুগুটি কিনা বেপাঈ বহুত আছে৷ মই এইবা’ আফুখেতি’ বাবে মাটি ডাঙ’কৈ খুলিম
বুলিহে ভাবি আছিলং৷ কথাটো নহ’বগৈ দেখোন৷’’
‘‘নহ’ব নহ’ব৷ হেই আখা বাদ দে৷ বেলেগ খেতিতে ধ’৷ পিছে, কানি খাই থকা মানুহবোঅ’ বাবেহে বেয়া লাগিছে৷ পইচা দি কেনেকে কানি খাবা পাঈব বাউ?’’
‘‘হয়
দেই।” ঘোৰ কানিয়া হাবাঙে মাত দিলে৷ “বগা বঙাল চঅকাএ ব’ বেয়া কাম কঈছে৷ কিন্তু এটা
কথা, আমি এইফালে উঠি আহা বাবে ক’ দিবলগীয়া হোৱা নাই৷ এইফালে আমা’ গাং আছে
বুলি চঅকাঅ মানুহে গমেই পোৱা নাই৷ ইচ্ছা কঈলে আমি কানিখেতিও কঈবা পাঈম৷”
ৰাইজে
ইংৰাজ চৰকাৰ আৰু কৰ-কাটলৰ কথা পাতি থাকিল৷
হঠাতে
ৰাইজৰ মাজত পাঁচজন মানুহ উপস্থিত হ’ল৷ অচিনাকি মানুহকেইজনক দেখি ৰাইজে উৎসুক
দৃষ্টিৰে সিহঁতৰ ফালে চাবলৈ ধৰিলে৷ সকলোৰে মনত প্ৰশ্ন– কথা নাই বতৰা নাই ক’ৰ মানুহ
হঠাতে আহি ওলাল? মানুহকেইজনক দেখি সকলোৱে লাওপানীৰ দোনাবোৰ
লুকুৱালে৷ মনেশ্বৰ আৰু মহীধৰ মানুহকেইজনৰ ফালে আগুৱাই গ’ল৷ মনেশ্বৰে এজনক সুধিলে–
‘‘কোন আপোনালোক?’’
‘‘আমি
মৌজাদাৰৰ মানুহ৷ এইখন গাঁও ইয়াত পতা বেছিদিন হোৱা নাই নহয় নে?’’
‘‘অ,
পাঁচ বছ’ হৈছে৷’’
‘‘সেইবাবে
হিচাপৰ পৰা বাদ পৰি আছিল৷ আপোনালোকে এতিয়াৰে পৰা কৰ দিব লাগিব৷ আপোনালোকৰ ভিতৰত
কোনে কোনখিনি মাটিত খেতি কৰিছে হিচাপ হোৱা নাই৷ গতিকে আপোনালোকৰ ঘৰত কেইটা নাঙল
আছে, কেইখন কোৰ আছে সেই মতে অহা বছৰৰ পৰা কৰ দিব লাগিব৷ এইটো কাৰ ঘৰ?’’
‘‘এইটো
মঅ ঘ’৷’’ – মনেশ্বৰে কওঁ নকওঁ কৰি ক’লে৷
‘‘আপোনাৰ
ঘৰত কেইটা নাঙল আৰু কেইখন কোৰ আছে?’’
‘‘এটা
নাঙল আউ এখন কো’ আছে৷’’
বাকী
চাৰিজন মানুহে ঘৰৰ ইফালে-সিফালে চাই এটা নাঙল আৰু এখন কোৰেই পালে৷ মনেশ্বৰৰ লগত
কথা পাতি থকা মানুহজনে খাটাং হৈ ক’লে–
‘‘আপুনি অহা বছৰ এটা নাঙলৰ বাবদ দুটকা আৰু এখন কোৰৰ বাবদ এটকা দুঅনা কৰ দিব
লাগিব৷’’
মানুহজনৰ
কথা শুনি মনেশ্বৰে আপত্তি কৰি উঠিল– ‘‘ইমান বেছি ক’ কেনেকে দিম?’’
‘‘দিব
লাগিব৷ এয়া ইংৰাজ চৰকাৰৰ হুকুম৷ গাঁৱত আন মানুহ লগ পোৱা নাই৷ ইয়াতে মানুহবোৰ আছে
চাগে’৷ আমি হিচাপ কৰি আঠঘৰ মানুহ পাইছোঁ৷ কাৰ ঘৰত কেইটা নাঙল আৰু কেইখন কোৰ আছে
আমি হিচাপ কৰি আহিছোঁৱেই৷ তথাপি গৃহস্থবোৰ আমাৰ লগত ঘৰলৈ যাব লাগিব৷’’
মানুহজনে
মনেশ্বৰৰ নামৰ বিপৰীতে এটা নাঙল আৰু এখন কোৰ লিখি ৰাইজলৈ চাই ক’লে– ‘‘এতিয়া এইখন
গাঁৱৰ গৃহস্থকেইজন আমাৰ লগত যাব লাগে৷’’
‘‘এতিয়াও
আমা’ আইজ’ কাম হেখ হোৱা নাই৷’’– মনেশ্বৰে লগে লগে মাত দিলে৷ ‘‘আপোনালোকে অলপ হময়
অপেখা কঈবা লাগিব৷’’
‘‘বাৰু
তেন্তে, আপোনালোকে কাম শেষ কৰি লওক৷ আমি বাটতে অপেক্ষা কৰি আছোঁ৷ কোনেও যাতে
চালাকি নকৰে৷ আমাক
সহযোগ কৰক৷ আৰু যিয়ে সহযোগ নকৰিব তাৰ বিৰুদ্ধে গোচৰ দিয়া হ’ব৷ পুলিচে আহি ধৰি নিব৷
পাছত আমাক নুদূষিব৷’’
মানুহকেইজন
মনেশ্বৰৰ চোতালৰ পৰা গৈ বাটত উঠি এডাল গছৰ তলত বহিল৷
হঠাতে
আহি পৰা অভাৱনীয় পৰিৱেশে ৰাইজৰ সকলোকে আতংকিত কৰি তুলিছে৷ এই কেইবছৰে কোনো কৰ-কাটল
নিদিয়াকৈ চলি খাই আছিল৷ এইবাৰৰ পৰা কৰ দিব লাগিব৷ তাকো উচ্চ হাৰত৷ বতাবাৰীৰ
মানুহেও কৰ দিব লগা হোৱা নাই৷ এইকেইজন মানুহে বতাবাৰী গাঁৱৰ কথা জানিলে তাতো
ওলাবগৈ৷ দুয়োখন গাঁৱৰে মানুহবোৰৰ মুখবোৰ শুকাই গ’ল৷ মনেশ্বৰে কাম সামৰিবৰ বাবে
তেমেকাহঁতক ক’লে– ‘‘আন আইজলৈ ভাত-পানী লৈ আহ৷’’
ৰাইজৰ মাজলৈ ভাত-পানী আহিল৷ কাৰোৰে মুখত মাত-বোল নাই৷ সকলোৱে নীৰৱে ভাত খাবলৈ ধৰিলে৷
(আগলৈ)