জয়ন্ত মাধৱ বৰা
৷৷ এক৷৷
বেংডোবাৰ পানীত
ডৰিকনাবোৰে ধেমালি কৰিছে৷ আনন্দতে নাচিছে৷ ইটোৱে সিটোক মৰম
কৰিছে৷ ইটোৱে সিটোক মনৰ কথাবোৰ কৈছে৷ কিমান যে কথা! শেষেই নহয়৷
বেংডোবাৰ
ঘাটৰ পাৰৰ ঔগছবোৰ ফুলিছে৷ বেংডোবাৰ ঘাটত ঔফুলৰ গোন্ধ নদীত উঠা ঢৌৰ দৰে বেংডোবাৰ
পাৰৰ বতাহত মিলি গৈছে ৷ বেংডোবাৰ পাৰত পাতসৰা গছৰ ঠেঙুলিয়ে খামুচি ধৰিছে আবেলিৰ
ধূসৰ আকাশ৷ বেংডোবাৰ ঘাটত দিগন্তৰ শ্যামৰঙী পোহৰৰ বেদনা আৰু হাহাকাৰৰ অলেখ কাহিনী
কজলা ডাৱৰ এচপৰাৰ দৰে ওলমি আছে৷ বেংডোবাৰ ঘাটে কাহিনী এসোপা সাঁচি ৰাখিছে৷ সম্ভৱপৰ
সকলো পৰিধি ভাঙি কাহিনীবোৰ অনন্ত দুখৰ এখন নদী হৈছে৷ বেংডোবাৰ ঘাটে হাঁহাকাৰ এসোপা
সাঁচি ৰাখিছে৷ বেংডোবাৰ ঘাটে এসোপা সপোন সাৱটি আছে৷ সপোনবোৰে শূন্যতাৰ সৃষ্টি
কৰিছে৷ শূন্যতাৰ পৰা শূন্যতালৈ গৈ থাকোঁতে সপোনবোৰে দিগ্বিদিক্ হেৰুৱাইছে৷ বেংডোবাৰ
ঘাটত অপূৰ্ব লয়ত বৈ আছে বিদায় বেলাৰ সন্ধ্যাৰাগ৷ বেংডোবাৰ সন্ধ্যাৰাগ শুনি এটা
পলকৰ বাবে হ’লেও ৰৈ গৈছে আবেলিৰ বাউল বতাহ৷ বেংডোবাৰ কাহিনী শুনি গধুৰ শিলৰ দৰে
ৰাতিটো সেমেকি উঠিছে৷ বেংডোবাৰ কাহিনী শুনি ডেউকা কোবাই নামি আহিছে দুখৰ এহাল
চৰাই৷ বেংডোবাৰ কাহিনী শুনি ক’ৰবাত কোনোবাই কান্দিছে, ইনাই-বিনাই
কান্দিছে৷ দূৰৈৰ পৰা ৰিণি ৰিণি ভাহি আহিছে কাৰ হিয়া ভগা মাত–‘অ বইনি অ বইনি
আছিলিবা ক’ত, বইনি নাছিলিবা ক’ত, দুই বইনি মাছ
মাৰং মুকুল পথাৰত, হয়নি?’
: ধুই, ইগিলা
শুন্বা মন নাই৷
: শুন্বা
মন নাই যুদি কিয় আইছা?
: মৰ
তৰুলতাৰ কাহিনীটা হে শুন্বা মন৷ সেই যে পূৰ্ণিমা ৰাতি হাৰাই গিছিল বেংডোবাৰ ঘাটত৷
কোন
এই তৰুলতা? সঁচাকৈয়ে পূৰ্ণিমাৰ ৰাতি তৰুলতা হেৰাই গৈছিল নে
বেংডোবাৰ ঘাটত? ক’ৰবাত কোনোবাই যেন কান্দিছিল উচুপি উচুপি৷
ক’ৰবাৰ পৰা যেন শীতল বতাহ এজাক বৈ আহিছিল৷ ‘তৰুলতাৰ কথা কবা লাগ্ছো, শুন৷
ঝক্ৰা ভাত, পিঠালি, সিন্দল, কাকৰ
খাই ডাঙাৰ হাৱা আমাৰ আপীটা.. হায় হায়.. কালা কুকুৰ পানী খায় লিতু দাঙি দাঙি, খপোৰাঙী
পালায় যায় ধান দিলিকা ভাঙি৷ উৰায় ফুৰা ঘুগুটা ৰাঙা বেহৰ খায়, বাটৰ
মুনহিয়া দেখা পালে গলা দাঙি চায়৷ হা হা হা..’
: ত’ৰ
তিৰিটাক ক আৰ একবাতি গেলা দিবা ৷
: নিচা
লাগ্ছে? তৰুলতাও আমাৰ নিচাই আছিল৷ হালধি বুলি খুন্দিলুং
মই কেটাৰিৰে আলু, চেঙেৰা ভাতাৰ আশা কৰি বুঢ়া ভাতাৰ পালু৷
: ইছ
ঠগ্ খালি৷
: আলু
খুন্দা গাৰাতে গান্দাৰা হাগি গেল, মনখোৱা আপী গো, ৰাতি
পালায় গেল৷
নাই
পলোৱা, নাই পলোৱা৷ তৰুলতা পলাই যোৱা নাছিল৷ অথচ ইনো কি
বিধিৰ বিধান মোৰ গোসাঁই অ’, ভুল বুজিলে তৰুলতাক সকলোৱে৷ ক’লে কাকৰ
খাৱা আপী, ৰাণী হবাক লাগি পালায় গেল৷ কোনেও নুবুজিলে
তৰুলতাক৷ কেৱল বেংডোবাৰ ঘাটে জানিলে সঁচা কথাটো৷ বেংডোবাৰ ঘাটে সাঁচি ৰাখিলে সঁচা
কাহিনীটো৷
তৰুলতা
মাদাং গাঁৱৰ ৰাংঢালী আপী৷ মুখৰ পৰা হাঁহিটো নুগুছেই৷ শিলত কটা বিমূৰ্ত ভাস্কৰ্যৰ
দৰে শৰীৰৰ ভাঁজবোৰ৷ ভাঁজবোৰে যিকোনো পুৰুষৰ মন গহনত সপোন
আঁকিব পাৰে৷ তেজ ফুটো ফুটো গালৰ ৰং, টনা টনা চকুহাল৷ চঞ্চলা পখিলা এজনীৰ
দৰে তাই মাদাং গাঁৱত ইঘৰ সিঘৰ ঘূৰি ফুৰে৷ সকলোকে কামত সহায় কৰি দিয়ে৷ যদিও জানে
গাঁৱৰ পাহোৱাল ডেকা নৰহৰিয়েই তাইৰ ভাতাৰ হ’ব এদিন, তথাপিও তাইক
দেখিলেই সকলোৱে জোকায়–‘ভীম কলৰ পাত পাচালা, আঠিয়া কলৰ পুলি, বাটে
বাটে বেৰাই ফুৰং, জাঙয় ৰাখক বুলি’৷ জোকালে তৰুলতাৰ খং নুঠে, খিলখিলাই
হাঁহে৷ বেংডোবাৰ পাৰত লগ পালে নৰহৰিয়ে কয়– ‘কিয় তৰেং পাগ্লী হেনা ইফালে সিফালে
ঘূৰি ফুৰা? কিতিয়াবা নোহায় কিতিয়াবা তুই মোৰ তিৰি হবা লাগ্ব, ঘৰ
খান চলাবা লাগ্বো৷’ তাই হাঁহি হাঁহিয়েই উত্তৰ দিয়ে–‘ইমাখা গোটায় মোৰ লাগা ভাগা৷
একেবাৰে নিজৰ৷ এংকায় চবে থাকিম আৰো হাঁহা নাচা কুৰি নমৰা লাগি৷ যাতুকুৰি হাঁহি
থাকিলি কি ভুক কি দুখ চব পাহুৰি যাং’৷ নৰহৰিৰ খং উঠাক ছাৰি মৰমহে লাগে৷ বুকুখন ভৰি
উঠে৷ সকলো দুখ-কষ্টৰ মাজতে জীয়াই থকাৰ গভীৰ আনন্দ থাকে৷ পৃথিৱীখন বৰ সুন্দৰ লাগে৷
সকলো সময়তে ধৰা নিদিয়া এই আনন্দ কোনোবা সময়ত বৰ গভীৰ হৈ পৰে৷ জীয়ন দিয়ে জীৱনক৷
গাঁওখন যে তাৰো আপোন৷ এবাৰ মাদাঙত ‘ভাৰীগান’ৰ পাল্লা হোৱাৰ দিনাই সি তৰুলতাক হাতত
ধৰি টানি আনিছিল আন্ধাৰৰ মাজলৈ৷ কৈছিল–‘আহাবাৰ ব’হাগত তোক ঘৰত লৈ যাম’৷ এফালে
ভাৰীগানৰ খোল-ঘাটে বতাহত কঁপনি তুলিছিল, আনফালে নৰহৰিয়ে
তৰুলতাক ঘৰৰ লখিমী কৰি অনাৰ সপোন দেখিছিল৷ মাতাল হৈছিল আন্ধাৰবোৰ৷ মাতাল হৈ মম
গলাদি গলিছিল আন্ধাৰবোৰ৷ বেংডোবাৰ পানীত মাছবোৰে খলখলাই উঠিছিল৷ দূৰৈত ওজাই হাতত
চোঁৱৰ লৈ চৌদিশে সেৱা জনাই শ্ৰীৰামচন্দ্ৰক উদ্দেশ্যে স্তুতি গীত
গাইছিল–‘হাঁ-হাঁ-হাঁ ৰঘুনাথ-হাঁ-হাঁ, ওহে -ৰঘুনাথ-হে-হে..এ...এ’৷ খোলবাদনৰ
ছেৱত আন্ধাৰৰ কণিকাবোৰ কঁপিছিল৷ নৃত্যৰতা কণিকাবোৰে নৰহৰি আৰু তৰুলতাক মেৰিয়াই
ধৰিছিল৷
নৰহৰি, মাদাং
গাঁৱৰ দমদমীয়া চেংৰা আপা৷ সিহঁতৰ উপৰিপুৰুষ আছিল হেনো দুধকোঁৱৰ পাহাৰৰ তলৰ এখন সৰু
গাঁৱত৷ গাঁওখনত আছিল মাত্ৰ কেইঘৰমান মানুহ৷ গাথিৰাম ৰাভা আছিল সেইখন গাঁৱৰে এজন
ডাঙৰ কবিৰাজ৷ এবাৰ মহাৰাজ ভৈৰৱেন্দ্ৰৰ উপৰিপুৰুষৰ ৰজা এজনৰ জীয়েকৰ বৰ টান নৰিয়া
হৈছিল৷ ৰাজ্যৰ সকলো কবিৰাজে চিকিৎসা কৰাৰ পাছতো জৈাৰ জীয়েকৰ বেমাৰ ভাল নহ’ল৷ শেষত
গাথিৰাম ৰাভাৰ কথা ৰজাৰ কাণত পৰিল৷ গাথিৰাম ৰাভাক মাতি অনা হ’ল৷ গাথিৰাম ৰাভাই
ৰজাৰ জীয়েকৰ চিকিৎসা আৰম্ভ কৰিলে৷ আচৰিত কথা, ৰাজ্যৰ সকলো
কবিৰাজে যিজনী ছোৱালীৰ অসুখ ইমানদিনে ভাল কৰিব পৰা নাছিল, গাথিৰাম
ৰাভাৰ চিকিৎসাত ৰজাৰ জীয়েক এটা মাহতে সুস্থ হৈ উঠিল৷ সন্তুষ্ট হৈ ৰজাই গাথিৰামক
ৰূপ সিকি আৰু মাটি দান কৰিব বিচাৰিলে৷ গাথিৰামে ক’লে–‘মহাৰাজ, ধন-সম্পত্তি, মাটি-বাৰী
লৈ মই কি কৰিম? মোৰ চিকিৎসাত যদি কোনোবা অসুখীয়া মানুহ সুস্থ
হৈ উঠে, জীৱনটো তেওঁৰ বাবে যদি আকৌ সুখময় হৈ পৰে, মোৰ
বাবে তাতকৈ আৰু ডাঙৰ উপহাৰ কি থাকিব পাৰে?’ গাথিৰামৰ কথা
শুনি ৰজা আচৰিত হৈ গৈছিল৷ ধন-সম্পত্তি, মাটি-বাৰীৰ
প্ৰতি লোভ-লালসা নথকা, কেৱল মানুহৰ ভালৰ বাবে সেৱা কৰা মানুহো
আছে? সেই গাথিৰামৰে বংশধৰ নৰহৰি৷ গাঁওখনৰ সকলোৰে প্ৰিয়৷ সকলোৰে বিপদ কালত
নৰহৰি সাৰথি হৈ থিয় হয়৷ নিজৰ ঘৰৰ কামবোৰ কৰাৰ উপৰি গাঁৱৰ সকলোকে সহায় কৰি দিয়ে৷
দহটা বোজা একেলগে ভাৰ্তিত সুমুৱাই কান্ধত ভাৰ বৈ নিব পাৰে৷ অনায়াসে কান্ধত তুলি
ল’ব পাৰে দুই হাতেৰে সাৱটি ধৰিব নোৱাৰা প্ৰকাণ্ড গছ এডালৰ প্ৰকাণ্ড টুকুৰা এটা৷
যিকোনো আপীৰ তাৰ ভাতাৰ হ’বৰ মন৷ কিন্তু তাৰ মন খালে তৰুলতাৰ লগতহে৷ তৰুলতা তাৰ
উশাহত সোমাই পৰে৷ তৰুলতাই তাৰ বুকুত ঘৰ সাঁজে৷ তৰুলতাই তাৰ মনত সপোনৰ মালা গাঁথে৷
সেইযে সৰুতে সিহঁতে খেলিছিল–‘চিউমাৰি খেদিলো কুকুৱা চৰেই, নেজত
ভৰি দিলো হাকুটকুট কৰেই, কুট্ কুট্ কুট্’, সেই
তেতিয়াৰে পৰা তাৰ তৰুলতাৰ প্ৰতি মন৷ তৰুলতা আৰু নৰহৰি, দুয়োটাকে গাঁৱৰ
সকলোৱে ভাল পায়৷ সকলোৰে আপোন দুয়োটা৷ সকলো ঠিকেই চলি আছিল, পিছে
কথাতে কয় নহয় বোলে পানীৰ তলৰ জালুক গাছ, গাত লাগিলে
সৰ্বনাশ৷ তৰুলতাৰো তেনে হ’ল৷ নৰহৰিয়ে কিমান মানা কৰে বোলে ‘ধুনীয়া আপী, মানুৰ
চুকুত পুৰ্বো৷’ তাৰপাছতো তাই উৰি ফুৰে৷ বেংডোবাৰ পানীত গা ধুবলৈ যাওঁতেই এদিন
ৰজাৰ চকু পৰিল এই অপৰূপা তনয়াৰ ওপৰত৷ আস! শৰীৰৰ কি লয়লাস ভংগিমা! দেহৰ ভাঁজবোৰে এক
অদ্ভুত মায়াৰে চুম্বকৰ দৰে টানি লৈ যাব পাৰে যিকোনো পুৰুষক৷ ৰজাই থৰ লাগি চাইছিল
তৰলতাক৷ ৰজাৰ দেহত কামনাৰ জুই জ্বলিছিল৷ বেংডোবাৰ পাৰত ৰজাৰ ঘোৰা ৰৈ গৈছিল৷
তৰুলতাৰ ভয় লাগিছিল৷ প্ৰথমবাৰৰ বাবে বেংডোবাৰ পাৰত তৰুলতাৰ বুকু কঁপিছিল৷ পানীৰ
পৰা উঠি তাই দৌৰ মাৰিছিল৷ তিতা মেখ্লাখন গাৰ ভাঁজে ভাঁজে লিপিট খাই লাগি ধৰিছিল৷
ভাঁজবোৰে ৰজাৰ লালসা বঢ়াই তুলিছিল৷ ৰজাই সৈন্য লগাই ধৰাই নিলে তৰুলতাক৷ তৰুলতাই
চিঞৰিলে৷ তৰুলতাই বুকু ভুকুৱাই কান্দিলে৷ কোনো নাহিল তাইক উদ্ধাৰ কৰিবলৈ৷ ৰজাৰ
বিৰুদ্ধে কোনে মাতে?
মাদাঙৰ
তৰুক ৰজাই কাৰেঙৰ ৰাণী কৰিলে৷ ইমান ধুনীয়া আপী, ৰজাই এৰে কেনেকৈ? ধুনীয়া
ধুনীয়া কাপোৰ পিন্ধালে, আলপৈচান ধৰিবলৈ এসোপা লিগিৰি নিয়োগ
কৰিলে৷ কিন্তু তাৰপাছতো ৰজাই তৰুলতাৰ মন নাপালে৷ তাই কাৰেঙত খাব নোৱাৰে, শুব
নোৱাৰে৷ ঝক্ৰা ভাত, পিঠালি, সিন্দল কাকৰ খাই
ডাঙাৰ হাৱা আপী, কাৰেঙৰ সুস্বাদু খানা কেনেকৈ পেটলৈ যায়? বাঁহৰ
চাঙত শোৱা আপী, কাঠৰ পালেঙৰ কোমল গাদীত
টোপনি আহে কেনেকৈ? নাখাই নাখাই তৰুলতা শুকাই ক্ষীণাই গ’ল৷ ৰজাৰ
লগত সম্পূৰ্ণ অসহযোগিতা কৰিলে তাই৷ খাবলৈ দিলে নাখায়, শুবলৈ ক’লে
নোশোৱে৷ এয়াই আছিল তাইৰ মৌন প্ৰতিবাদ৷ ৰজাই মৰম কৰি চালে, খং
কৰি চালে, তৰলতা সলনি নহ’ল৷ নাখাই নাখাই হাড়ে-ছালে
লাগিল৷ সকলোৱে ভাবিলে তৰুলতা ৰাজকাৰেঙতে মৰিব৷ উপায়হীন হৈ ৰজাই
তৰুলতাক মাদাঙত থৈ আহিবলৈ আদেশ দিলে৷ তৰুলতা ঘূৰি আহিল, কিন্তু
মাদাঙৰ মানুহে তাইক আদৰি নল’লে৷ ‘ৰাজায় চুৱা কৰা আপী’৷ গাঁৱৰ বদনাম৷ তৰুলতা ভাগি
পৰিল৷ বোলে ৰাজাৰ বাৰীত সোমালুং, ঘূৰিতে পাকিতে ওলাবা নৰিলুং৷ সেইসময়তে
কিন্তু নৰহৰিয়ে বুকুত সুমুৱাই ক’লে –‘কিয় মন বেয়া কুৰ্ছা? মই
আছুং নোহায়৷ গাঁংখানে ইৰিলেও মই ইৰি নেদোং’৷ তৰুলতাৰ মুখলৈ হাঁহি আহিল৷ নৰহৰি
থাকিলে যে তাই সকলো অপবাদ নীৰৱে সহিব পাৰে৷ তৰুলতা আকৌ আগৰদৰে হৈ পৰিল৷ আকৌ আগৰ
দৰে হাঁহিবলৈ ধৰিলে৷ দেহৰ ভাঁজত আকৌ জোনাকৰ মুকুতা জিলিকিল৷ আকৌ গালখন তেজে ফুটো
ফুটো হ’ল৷ গাঁৱৰ মানুহে ক’লে–অ কাকা নাৰিয়া বাঙাল পাৰিয়া, কচু
পেতা সিজায় খায় টিলাপাৰিয়া৷ কথা আছিল, বহাগত বিয়া পাতি
তৰুলতাক ঘৰ সুমুৱাব৷ পিছে ব’হাগলৈ ৰ’বই নোৱাৰিলে, গুৱা-পাণ
আগবঢ়ায়েই নৰহৰিয়ে তৰুলতাক ঘৰ সুমুৱাব লগা হ’ল৷
চোৰাংচোৱাই
ৰজাক খবৰ দিলে–তৰুলতা কাৰেঙত থাকিব নোৱৰাৰ কাৰণটো হ’ল নৰহৰি নামৰ পাহোৱাল ডেকাটো৷
মাদাং গাঁৱৰ মাদাং গাঁৱৰ দমদমীয়া চেংৰা আপাটো৷ ৰজাৰ খং উঠিল৷ এটা সাধাৰণ ডেকাই
ৰজাৰ পছন্দৰ প্ৰতি প্ৰত্যাহবান জনাবলৈ সাহ কৰে? ৰজাই
আদেশ দিলে–মাৰি পেলা সেই ডেকাটোক৷ ৰজাৰ গুপ্তঘাতকে এদিন নৰহৰিক গোপনে হত্যা কৰি
বেংডোবাত পেলাই দিলে৷ ৰজাৰ সৈন্যই তৰুলতাক ধৰি লৈ
যাবলৈ চেষ্টা চলালে৷ তৰুলতা বাউলী হ’ল৷ নৰহৰিক বিচাৰি তাই বেংডোবাৰ পানীলৈ নামি
গ’ল৷ আউলি-বাউলিজনী হৈ তাই বেংডোবাত জঁপিয়াই দিলে৷ ৰজাৰ সৈন্যৰ সন্মুখত প্ৰতিভাত
হ’ল এক অবিশ্বাস্য দৃশ্য–বেংডোবাৰ পানীলৈ তৰুলতা নামি গৈছে অথচ তাইৰ গা তিতা নাই৷
তাই গৈ আছে, গৈ আছে, বেংডোবাৰ মাজ
পাইছেগৈ৷ লাহে লাহে যেন বতাহত মিলি গ’ল তৰুলতা৷ বিস্ময় বিস্ফোৰিত দৃষ্টিৰে ৰজাৰ
সৈন্যবোৰে প্ৰত্যক্ষ কৰিলে সেই দৃশ্য৷ পানীৰ ওপৰেদি তৰুলতা খোজকাঢ়ি গৈ আছে আৰু
বেংডোবাৰ মাজত বতাহত বিলীন হৈ গৈছে৷ ভয়ত বিতত হৈ দৌৰ মাৰিলে আটাইবোৰ সৈন্য৷
পিছদিনা গাঁৱৰ মানুহে দেখিলে বেংডোবাৰ পানীত ওপঙি আছে নৰহৰি মৃতদেহ৷ সকলোৱে ভাবি
ল’লে নৰহৰিক মাৰি তৰুলতা পলাই গ’ল ৰজাৰ কাৰেঙলৈ৷ তৰুলতাই ঠগিলে নৰহৰিক৷ তৰুলতাই
ছলনা কৰিলে নৰহৰিক৷ কিন্তু কোনেও নাজানিলে আচল ঘটনাটো কি৷ সেইদিনাৰ পৰা বেংডোবাৰ
ঘাট অভিশপ্ত হৈ ৰ’ল৷ বেংডোবা মানেই প্ৰেমৰ দুষ্প্ৰাপ্য পোতাশাল৷ বেংডোবা মানেই
বালিত ঢলি পৰা শামুকৰ দৰে ৰহস্যময় নীৰৱ মৃত্যুৰ উপত্যকা৷
এই
বেংডোবাৰ ঘাটতে এতিয়া বহি আছে গজেন এবুকু দুখৰ জাঁজী লৈ৷ এই বেংডোবাৰ পাৰতে তাৰ
সপোনবোৰ আছিল৷ কিমান যে সপোন! কিমান যে কল্পনা! বেংডোবাৰ নীৰৱতাৰ সৈতে কিমান যে
কথা পাতিছিল সিহঁতে! ৰ’দ নমাৰ পৰত সিহঁতে আগতে ইয়াতে বৰশী টোপাইছিল৷ ছাৱাবোৰে
চিঞৰ-বাখৰ কৰি বেংডোবাৰ পাৰত কাক্ৰা বিচাৰিছিল৷ ভইশবোৰক বেংডোবাৰ পাৰৰ কোমল ঘাঁহ
খাবলৈ দি ছাৱাবোৰে জামবুৰা খাইছিল৷ গোটেইবোৰ ল’ৰা থাকে বাবে সিহঁতৰ ভয় নালাগিছিল৷
তেতিয়াও সকলোৰে মুখে মুখে এটা জনশ্ৰুতি বাগৰি আছিল, বেংডোবাৰ পানীৰ
মাজেৰে তৰুলতা খোজকাঢ়ি গৈ আছে৷ অথচ তাইৰ গা তিতা নাই৷ লাহে লাহে বতাহত মিলি গৈছে
তাই৷ ইফালে পানীত ওপঙি আছে নৰহৰিৰ মৃতদেহ৷ তাৰপাছৰ পৰাই প্ৰতিবছৰে একো একোটা
পাহোৱাল ডেকাৰ মৃতদেহ ওপঙি উঠে বেংডোবাৰ পানীত৷ মানুহে কয় তৰুলতাই মাতি নিয়ে ডেকা
ল’ৰাবোৰক৷ তৰুলতাৰ ছলনাত ভোল গৈ ডেকাল’ৰাবোৰ পানীলৈ নামি যায়৷ তৰুলতাৰ ছলনাত ভোল গৈ
ডুব দিয়ে বেংডোবাৰ পানীত৷ গাঁৱৰ মানুহে ভাবিছিল তৰুলতা ছলনাময়ী৷ যুগ যুগ ধৰি
তৰুলতা ছলনাময়ী হৈয়েই আহি আছে৷ আজিও সেই একেই জনশ্ৰুতি মানুহৰ মুখে মুখে৷ তৰুলতাই
ছলনা কৰি বেংডোবাৰ পানীত ডুবাই মাৰে ডেকাবোৰক৷ তেতিয়াৰ পৰা বেংডোবাৰ পাৰলৈ অকলে
নাযায় কোনো ডেকা৷ সঁচাকৈয়ে তৰুলতা ছলনাময়ী আছিল নে? সঁচাকৈয়ে ঠগিছিল
নে নৰহৰিক? আৰু হীৰামনি? হীৰামনিয়ো
ছলনাময়ী আছিল নে? তৰুলতাৰ দৰে হীৰামনিয়েও গজেনক ছলনা কৰিলে?
বেংডোবাৰ
ঘাটলৈ গো-ধূলি নামিছে৷ বেংডোবাৰ পাৰতে গজেন বহি আছে৷ অকলে৷ ভয় লগা নাই তাৰ৷ মানুহে
যে কয় বেংডোবাৰ পাৰত অকলে বহি থাকিলে বেংডোবাৰ পানীলৈ টানি লৈ যায় তৰুলতাই? হয়নে? হয়নে? তাকো
টানি নিব আজি? কোনে নিব? তৰুলতাই নে
হীৰামনিয়ে? বেংডোবাৰ বতাহ কোবাই ভাহি আহিছে কুলিৰ দৰে কোমল
কণ্ঠ– ‘বচৰ পিদান ৰিবিদাং /
বায়খু মনি কিয়া / নাংগি কাথা মনি কিদাং-চালে / আমে তংগা জানেংচাৰে / আমে তংগা
জনংচা৷’ আঃ কোনে গাইছে? কোনে গাইছে এই চাথাৰ গীত? আঃ
কোনে কেতেকী এজনী হৈ বিনাইছে–মোৰ মন উৰা মাৰিছে তোমাক লগ পাবলৈ৷ মই শান্তিত থাকিব
নোৱাৰা হৈছোঁ৷ তোমাক মই কেনেকৈ লগ পাম? বতাহৰ লহৰে লহৰে
বৈ আহিছে বুকুৰ ভিতৰ পোহৰাই তুলিব পৰা সেই মাত৷ নে কুঁৱলীয়ে ঢাকি ৰখা দূৰৈৰ
গিৰি-কন্দৰৰ পৰা তৰল নীৰৱতাৰ বাটেদি বেংডোবাৰ পানীত জাকৈ মাৰি ফুৰিছে কনচো এজনী হৈ
তৰুলতাই? কৃষ্ণ কৱৰী মেলি অপূৰ্ব সন্ধ্যাৰ ৰাগিণী তুলি
বেংডোবাৰ পানীৰ ওপৰেদি দৌৰি আছে–বচৰ পিদান ৰিবিদাং..বচৰ পিদান ৰিবিদাং৷ সৌৱা সৌৱা
পাহাৰৰ ওপৰত কনচোৱে ভাত ৰান্ধিছে৷ জুহালৰ বগা ধোঁৱা উৰিছে পাহাৰৰ ওপৰলৈ৷ নিজৰ
সন্তানৰ যতন ল’বলৈ কনচোক বেংডোবাৰ পাৰৰ মানুহ লাগে৷ কনচো এজনী হৈ তৰুলতা আহিছে
বেংডোবাৰ পাৰলৈ৷ সুবিধা পালেই ধৰি লৈ যাব বেংডোবাৰ পাৰৰ এটা এটাকৈ ডেকা ল’ৰাক৷
আত্মাটো পাহাৰৰ খোৰোঙলৈ নি দুদিনৰ পাছতে শৱটো বেংডোবালৈ দলিয়াই দিব৷ দুদিনৰ পাছত
বেংডোবাৰ পানীত ওপঙি উঠিব ল’ৰাটোৰ শৱটো৷ আঃ কথাবোৰ মনলৈ আহিলে গজেনৰ গাটো জিকাৰ
খাই উঠে৷ গাঁওখনৰ ক’ৰবাত দুজনমান গোট খালেই তেওঁলোকৰ
মাজত কনচোৰ বিভিন্ন কাহিনী ওলাইছিল৷ এজনৰ পাছত এজনে যখিনীৰ কাহিনীবোৰ কৈছিল৷
ডাইনীৰ কাহিনীবোৰ কৈছিল৷ কাহিনীবোৰ বতাহৰ সৈতে উৰি উৰি গৈ গাঁওখনত ঘূৰি ফুৰিছিল৷ কাহিনীবোৰে
কেতিয়াবা শনিবাৰী মানবাটাঙৰ কথা কয়, কেতিয়াবা মংগলবাৰী মানবাটাঙৰ কথা কয়, কেতিয়াবা
না-ৰামি মানবাটাঙৰ কথা কয়, কেতিয়াবা মি-ৰামি মানবাটাঙৰ কথা কয়, কেতিয়াবা
দান্দ্ৰায় মানবাটাঙৰ কথা কয়, কেতিয়াবা কয় চিন্দ্ৰায় মানবাটাঙৰ কথা৷
বাৰিষাৰ বৰষুণত ভিজা পথাৰত ভুঁই ৰুই পথাৰৰ কাষৰ বাটত বহি পৰোঁতেও ৰোৱঁনীবোৰে ফুজিৎ
খাকায়ৰ কথা পাতে, ৰায়চাক ছেৰছেলক কায়ৰ কথা পাতে, ৰামিনি
বায়ৰ কথা পাতে৷ কেতিয়াবা পাতে ত্যিকামফাকা কায়ৰ কথা৷ কথা পাতি থাকোঁতে ভয়ত
দুজনীমানে চিঞৰি দিয়ে–‘ঐ কি ভয় লাগা কি কথাগিলা কৈ আছা? এই
পাথাৰৰ মাজত ডাইনী এজনী ওলালিহে গম পাবি’৷
: এ
যখিনী, ডাইনীয়ে একেলায় পালিহে ডাউৰায়৷ আমি ইমাননাখা
আছুং, উল্টা ডাইনীহে পালাব৷
ভয়
নকৰোঁ বুলি কলেও সকলোৰে ভয় লাগে৷ আঁৰ-চকুৰে সকলোৱে বিস্তৃৰ্ণ পথাৰখনৰ ইফালে সিফালে
চায়৷ ভয়তে থাওকতে পোৱা শামুকেৰে মালা গাঁঠি যখিনীলৈ
বুলি সেৱা কৰে৷ ভঙা জাকৈ-খালৈ আগত লৈ যখিনীয়ে যাতে দায়-দোষ নধৰে তাৰ কাৰণে সেৱা
কৰে৷ তেওঁলোকে বিশ্বাস কৰিছিল বৰষুণৰ বতৰত যখিনীবিলাকে ওখ গছৰ ডালত উঠি সম্পূৰ্ণ
উলংগ হৈ চুলিবোৰ মেলি বৰুণ দেৱতাক ভেঙুচালি কৰে–হি হি হি...খে খে খে...৷ কিছু
সময়লৈকে বৰুণ দেৱতাই ধৈৰ্য ধৰি থাকে৷ যখিনীবোৰৰ উৎপাত বাঢ়ি যায়–দাঁত উলিয়াই
ভেঙুচালি কৰে–হি হি হি..... খে খে খে ..এটা সময়ত বৰুণ দেৱতাৰ ধৈৰ্যৰ বান্ধ খোল খায়
যায়৷ প্ৰচণ্ড খঙত বৰুণ দেৱতাই যখিনীবোৰক লক্ষ্য কৰি বজ্ৰ প্ৰহাৰ কৰে৷ বিজুলী বাণ মাৰে৷
সেইকাৰণে ধুমুহা বৰষুণ আহিলে ডাঙৰ গছৰ তলত থাকিব নালাগে৷ বৰুণ দেৱতাই যখিনীলৈ
নিক্ষেপ কৰা বজ্ৰ আহি গছৰ তলত থকা মানুহৰ গাত পৰে আৰু মানুহজনৰ মৃত্যু হয়৷
মানুহজনৰ মৃত্যু হোৱা দেখি যখিনীবোৰে বেছিকৈ ভেঙুচালি কৰিবলৈ
ধৰে–হি হি হি..... খে খে খে ..৷ গাঁৱৰ সকলোৱে বিশ্বাস কৰিছিল তৰুলতায়ো কনচোৰ ৰূপ
লৈছে৷ যখিনীৰ ৰূপ লৈছে৷
সৰুতে
তাৰ এবাৰ বসন্ত ৰোগ হৈছিল৷ মাকে ঘৰত তুকুৰীয়া দেৱীৰ পূজা পাতিছিল৷ পূজালৈ অহা
আইসকলে কথা পাতিছিল–‘একবাৰ ঝাকুৱা পূজাও পাতি চাবা লাগে৷
কিজানি ভালে হয়৷ ঝাকুৱা দেৱতাৰ থাকিলিও বেমাৰ ভাল নহয় বুলি মানুহগিলা কয়’৷ আইসকলে
পাতিৰাম মহাজনৰ কথা পাতিছিল৷ পাতি মহাজন আছিল অজস্ৰ সম্পত্তিৰ গৰাকী৷ ঘৰত আছিল
ধন-সোণৰ পাহাৰ৷ পিছে সেইবোৰ ভোগ কৰিবলৈ নাছিল কোনো সতি-সন্ততি৷ এটা সন্তানৰ কাৰণে
মানুহটোৱে হামৰাও কাঢ়িছিল৷ সন্তান এটাৰ কাৰণেই এজনী এজনীকৈ তিনিজনী তিৰোতাক ঘৈণী
কৰি আনিলে৷ প্ৰথমজনীয়ে এবছৰ দুবছৰকৈ তিনি বছৰলৈকে যেতিয়া চেংৰা এটা জন্ম দিব
নোৱাৰিলে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে পাতি
মহাজনে ঘৈণীয়েকক গালি পাৰি থকাই হ’ল–(অশ্লীল) ইমান দিনে ছাৱা এটাও জন্ম দিবা নুৰিল, (অশ্লীল)
কুলক্ষণী তিৰি’৷ মহাজনৰ গালি খাই ঘৈণীয়েকজনী সেইভাগেই
তাপ মাৰে৷ এদিন ঘোঁৰাবাগী এখনত উঠাই কাষৰ গাঁও এখনৰ এজনীক আনি ঘৰ সুমুৱালেহি৷ ঘৰ
সোমায়েই প্ৰথমজনীক হুকুম দিলে–‘আৰু এটা আনিলুং৷ ইয়াক ভালকুৰি ঘৰৰ তলত লৈ যা৷’৷
ভয়তে প্ৰথমজনী ঘৈণীয়েকে নীতি-নিয়মেৰে দ্বিতীয়জনী ঘৈণীয়েকক শোৱনী কোঠাত সুমুৱাই থৈ
আহিল৷ সেইদিনা ৰাতি প্ৰথমজনী ঘৈণীয়েকৰ উচুপনি মহাজনে শুনা নাপালে৷ দ্বিতীয়জনী
ঘৈণীয়েকেও যেতিয়া চেংৰা এটা দিব নোৱাৰিলে, মহাজনে
দুয়োজনীকে মন গ’লেই পিটিবলৈ আৰম্ভ কৰিলে৷ এইবাৰ মহাজনে আগৰ দুজনীৰ সন্মুখতে তৃতীয়
এজনী ছোৱালী মহা ধুম-ধামেৰে বিয়া পাতি আনিলে৷ বিয়াৰ দিনা গাঁৱৰ মানুহক শুনাই ডাঙৰ
ডাঙৰকৈ ক’লে–‘ইমান মাখা মানুক হাঁহ মাংস লগত কুম্ৰা খুৱাই (অশ্লীল)
তাপিলা ডাঙাৰ আপী বিয়া কৰালুং৷ ইবাৰ যদি ছানা এটা নাপাং, (অশ্লীল)
পিঠিৰ চাম্ৰা উখ্ৰাম৷ তৃতীয়জনীৰ ফালৰ পৰাও যেতিয়া কোনো সন্তান নহ’ল, গাঁৱৰ
মানুহে ক’বলৈ আৰম্ভ কৰিলে বোলে গণ্ডগোল এই মহাজনটোৰেই৷ তাৰেই সামৰ্থ নাই, ওলোটাই
ঘৈণীয়েককেইজনীক দোষ দিয়ে৷ কথাটো কাণত পৰাত মহাজনৰো চিন্তা হ’ল–সঁচাকৈ তেওঁৰেই কিবা
গণ্ডগোল নেকি? কথাটো ভাবি ভাবি মানুহটো ইমান ভাগি পৰিল, মানুহৰ
আগত ওলাবলৈকে লাজ কৰা হ’ল৷ সেই সময়তে দ্বিতীয়জনী ঘৈণীয়েক গা-ভাৰী হ’ল৷ গাঁৱৰ
মানুহে নাভাবিলেও মহাজনে গম পালে এই সন্তানটো তেওঁৰ নহয়৷ অথচ তেওঁ এতিয়া হুলস্থূলো
কৰিব নোৱাৰে, দ্বিতীয়জনী ঘৈণীয়েকক মৰিয়াবও নোৱাৰে৷ মানুহটো
অন্তৰ্দ্বন্দ্বত ভুগিবলৈ আৰম্ভ কৰিলে৷ ইমানবোৰ ধন-সম্পত্তি এতিয়া লোকৰ সন্তানে ভোগ
কৰিব? তেওঁ অৰ্জা ধন লোকৰ সন্তানে খাব? উস্
উস্ কথাটো যিমানে ভাবিলে মানুহটো অস্থিৰ হ’বলৈ ধৰিলে৷ দ্বিতীয় ঘৈণীয়েকজনীক
দেখিলেই খঙত তেওঁ টিক্চি-বিক্চি উঠা হ’ল–‘(অশ্লীল) খেচেৰা মাইকী’৷ খঙত, ক্ষোভত, চিন্তাত
মানুহটোৰ খাবলৈ মন নোযোৱা হ’ল, টোপনি নহা হ’ল৷ নিজৰ ধন-সম্পত্তিখিনিৰ
সুৰক্ষাৰ চিন্তাই তেওঁক খুলি খুলি খাবলৈ ধৰিলে৷ এদিন তেওঁ গোপনে মাটি সম্পত্তিবোৰ
সকলো বিক্ৰী কৰিলে আৰু ধনবোৰ কলহকেইটামানত ভৰাই বাৰীৰ এটা চুকত পুতি থ’লে৷ তাৰপাছত
দিনে ৰাতিয়ে কোঠাৰ খিৰিকিয়েদি বাৰীখনৰ সেই নিদ্দিৰ্ষ্ট স্থান
টুকুৰালৈ চাই থাকে আৰু চাই চায়েই এদিন মানুহটো মৰি থাকিল৷ মহাজন মৰাৰ পাছত বাৰীখনৰ
সেইফালে কোনোবা গ’লেই মানুহজন সেই ঠাইতে মূৰ ঘূৰাই লুতিখাই পৰে৷ এদিন বাৰীৰ শাক
বুটলি থাকোঁতে মহাজনৰ প্ৰথমজনী ঘৈণীয়েকেই মূৰ ঘূৰাই বাৰীতে লুতিখাই পৰিল৷ মানুহে
ক’লে–‘মাহাজনৰ মিছিৰ লাগ্ছে৷ মাহাজনৰ মিছিৰ’৷ ভয়তে সকলোৰে পেটতে হাত-ভৰি লুকাল৷
‘কুবেৰ’ হৈ মহাজনে ধনৰ কলহবোৰ পহৰা দি আছে? পূজা পাতি
পঠা-ছাগলীৰে ৰাইজক ভোজ খুৱাব লাগিব৷ মহাজনৰ ‘মিছিৰ’ খেদিব লাগিব৷ নহ’লে ঘৰৰ
গোটেইবোৰ মানুহকে পগলা কৰিব৷ মহাজনৰ ঘৈণীয়েককেইজনীৰ হাতত সিমান ধন-বিত নাছিল৷
ধাৰ-ঋণ কৰি পূজা পাতিছিল, পঠা-ছাগলীৰে ৰাইজক ভাত খুৱাইছিল৷ আজিও
মানুহে সেই কথাবোৰ পাতি থাকে৷ কথাবোৰে শূন্যতা ভাঙে৷ অস্থিৰতা বঢ়ায়৷
এই
কথাবোৰকে ভাবি ভাবি গণেশ বেংডোবাৰ পাৰত বহি আছে৷ জীৱনৰ পৰা সকলোখিনি হেৰাই যোৱাৰ
পাছতো সি গাঁৱৰ ভেটিটো এৰিব পৰা নাই৷ পথাৰৰ বঁকিয়াইদি গৈ সৰু আলি এটাত বহি জিৰণী
লোৱাৰ মোহ এৰিব পৰা নাই৷ বাৰে বাৰে তাক বেংডোবাই মাতি আনে৷ বেংডোবাই তাক নিচুকায়
নে কন্দুৱায়, সি নাজানে৷ মাথো বেংডোবাৰ পাৰত বহি সি
আকাশ-পাতাল ভাবি থাকে৷ এৰি থৈ অহা আৰু তাক এৰি থৈ যোৱা সময়বোৰৰ কথা ভাবে৷ বেংডোবাৰ
ঘাটৰ পানীত ডৰিকনাবোৰে ধেমালি কৰিছে৷ আনন্দতে নাচিছে৷ ইটোৱে
সিটোক মৰম কৰিছে৷ ইটোৱে সিটোক মনৰ কথাবোৰ কৈছে৷ কিমানযে কথা! শেষেই নহয়৷ বেংডোবাৰ
ঘাটৰ পাৰৰ ঔগছবোৰ ফুলিছে৷ বেংডোবাৰ ঘাটত ঔফুলৰ গোন্ধ নদীত উঠা ঢৌৰ দৰে মিলি গৈছে ৷
বেংডোবাৰ পাৰত পাতসৰা গছৰ ঠেঙুলিয়ে খামুচি ধৰিছে আবেলিৰ ধূসৰ আকাশ৷ বেংডোবাৰ ঘাটত
দিগন্তৰ শ্যামৰঙী পোহৰৰ বেদনা আৰু হাঁহাকাৰৰ অলেখ কাহিনী কজলা ডাৱৰ এচপৰাৰ দৰে
ওলমি আছে৷ বেংডোবাৰ ঘাটে কাহিনী এসোপা সাঁচি ৰাখিছে৷ তাৰ আৰু হীৰামণিৰ কাহিনী৷ ঠিক
তৰুলতা আৰু নৰহৰিৰ দৰেই৷ হাহাকাৰৰ কাহিনী৷ ছলনাৰ কাহিনী৷ বঞ্চনাৰ কাহিনী৷
শব্দাৰ্থ
:
বইনি
: ভনী
গেলা
: মদ
ভাতাৰ
: গিৰীয়েক
ছাৱা
: ল’ৰা
কাক্ৰা
: কেঁকোৰা
ভইশ
: ম’হ
জামবুৰা
: ৰবাব টেঙা
ৰাইজ
গয়ৰহ : ৰাইজ মেল
সাৰা
: ৰাইজ মেললৈ আহবান জনোৱা গাঁৱৰ এজন
ডামা
: ডবাৰ দৰে এবিধ বাদ্য
বাইদু
: বায়েক
মেমাং
: মৃতকৰ আত্মা
কনচো
: যখিনী
মিছিৰ
: ধনকুবেৰৰ ভূত
(আগলৈ)