অন্যযুগ/


ধেৱাই ধোৱা ধৰণী

 

অজিত ছিংনাৰ


(ন)

ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন কৰনীতি আৰু কিছুমান ব্যৱস্থা নতুনকৈ লাগু কৰা বাবে কিছুমান ব্যৱসায়ত ধৰিবলৈ ভাল হৈছে৷ সি চৰকাৰী কানি বিক্ৰী কৰাৰ অনুমতি লাভ কৰিলত নগাঁৱৰ পৰা আিহ ইয়াত দোকান খুলি বহিছে৷ দোকানখনত সি অকল কানিয়েই ৰখা নাই, ৰাখিছে আলু-দাইল, মিঠাতেল, কেৰাচিন তেলকে ধৰি নানা ধৰণৰ বিস্কুট আদিও৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি অঞ্চলটোৰ কানিয়াবোৰে কানি খেতি কৰি নিজে কানি উৎপাদন কৰিব নোৱৰা হোৱাৰে পৰা কানি বিক্ৰী কৰা লাইচেঞ্চ থকা নৰেশ চৌহানৰ নিচিনা মানুহৰ কাষ নাচাপিলেই নহয়৷ নৰেশৰ দোকানখনত আন গ্ৰাহকতকৈ কানিৰ গ্ৰাহকহে বেচি৷ কানিয়াবোৰৰ বহুতেই ৰাতিপুৱাই নৰেশৰ দোকানৰ মুখত জুম বান্ধে৷ নৰেশে দোকান নোখোলালৈকে অপেক্ষা কৰে৷ নৰেশে দোকান খোলাৰ লগে লগে কানি কিনিবলৈ গ্ৰাহকবোৰৰ মাজত হেতা-ওপৰা লাগে৷ কাৰণ, প্ৰায়ে নৰেশৰ দোকানত কানিৰ নাটনি হয়৷ আগতে কানি কিনিব নোৱাৰিলে পাছলৈ নাপাবও পাৰে৷

বহুকেইজন কানিয়া নৰেশৰ দোকানৰ মুখত বহি আছে৷ নৰেশে এতিয়াও দোকান খোলা নাই৷ সি সৰুকৈ সাজি লোৱা তাৰ মন্দিৰত পূজা কৰি আছে৷

পূজা শেষ কৰি আহি নৰেশে দোকান খোলাৰ লগে লগে কানিয়াকেইজনৰ মাজত হেঁচা-ঠেলা আৰম্ভ হ’ল৷ নৰেশে কানিয়াকেইজনক শাৰী পাতিবলৈ দি ক’লে– ‘‘কানি হামাৰা লগত বেচি নাই আছে৷ বজাৰ মে ভী কানি নাই মিলিছে৷ দাম ভী বাঢ়িছে৷ হামাৰা লগত মে থাকা কানি টিকিৰা একটাতে পাঁচ অনা দিব লাগিব৷ নহ’লে মুই বিক্ৰী নকৰিব৷’’

‘‘হ’ব হ’ব৷ আগতকৈ এক অনা বেচিকৈ দিম৷’’– কানিয়াবোৰে একেলগে মাত দিলে৷ কানি খোৱাৰ ইচ্ছা কানিয়াবোৰৰ মনত প্ৰৱল হৈ আছে৷ নৰেশে আৰু বেচি দাম বিচাৰিলেও সিহঁতে কিনিব৷

নৰেশে হাঁহি মাৰি মাত দিলে– ‘‘ঠিক আছে৷ দেংগা তেনেহ’লে৷’’

‘‘অ দিয়ক, দিয়ক৷’’

নৰেশে কানিয়াবোৰক কানিৰ টিকিৰা বিক্ৰী কৰিবলৈ ধৰিলে৷ কানিয়াবোৰে হাতত যিমান পইচা আনিছিল তাৰে যিমানটা টিকিৰা কিনিব পাৰি কিনি ল’লে৷ সিহঁতে কানিৰ দামক ভ্ৰুক্ষেপ নকৰে, সিহঁতৰ বাবে কানিৰ টিকিৰাহে আচল৷

কানিৰ টিকিৰা হাতত পৰাৰ লগে লগে কানিয়াবোৰৰ মুখত হাঁহি বিৰিঙি উঠিছে খাবলৈ পোৱাৰ নি(য়তাত৷ আনফালে নৰেশৰ মুখতো হাঁহি বিৰিঙি উঠিল বেচি দামত কানি বিক্ৰী কৰিব পৰাৰ আনন্দত৷ সি মাজে মাজে এনেদৰে কানিৰ নাটনি হোৱাৰ কথা কৈ কানিয়াবোৰৰ পৰা বেচি দাম লয়৷ সি জানে কানিয়াই কানি কিনিবই, লাগিলে কানিৰ দাম যিমানেই নহওক৷ কানিয়াবোৰ লুভীয়া মাছৰ দৰে আহিয়েই থাকে টোপ খাবলৈ৷ নৰেশে টোপৰ মূল্য যিয়েই নকৰক সিহঁতে সেই টোপ গিলিবই৷ দোকানখন খুলি সি কানিৰ পৰাহে বহুত লাভ কৰিব পাৰিছে৷ বাকী বস্তুবোৰৰ গ্ৰাহক কম৷ তাতে কানিৰ বাদে আন বস্তুবোৰৰ দোকান এখন ওচৰতে আছে৷

কানিয়াকেইজন গুচি যোৱাৰ পাছতে নৰেশৰ দোকানত গ্ৰাহক শূন্য হৈ পৰিল৷ সি এতিয়া অইন বস্তুৰ গ্ৰাহকৰ আশাত দোকানত পৰ দি থাকিব লাগিব৷ অৱশ্যে ৰাতিপুৱাৰ পাছতো দূৰৰ দুই-এজন কানিয়া দিনটোত মাজে মাজে ওলায়হি কানি বিচাৰি৷ এতিয়া তাৰ বেলেগ কাম নাই৷ সি দোকানৰ গাদীত বহি কানি বিক্ৰী কৰি কিমান টকা পালে তাকে হিচাপ কৰিবলৈ ধৰিলে৷

তেমেকা আৰু কেৰ্পাই চহৰী, শিলচাং, গোভা আৰু উত্তৰখোলা ৰাজ্যৰ ৰজাক খবৰ দি ঘূৰি আহি ৰহাত উপস্থিত হৈছে৷ সিহঁত যাব কটহগুৰিলৈকে৷ তাত লক্ষণসিং সেনাপতিক খবৰ দিহে সিহঁত ঘৰলৈ ঘূৰিব৷ দুয়ো থানাৰ ফালে যোৱা বাটটোৰে যাবলৈ ধৰিলে৷ অলপ দূৰ যোৱাৰ পাছতে কেৰ্পাইৰ খোজ ৰৈ গ’ল৷ সি মাত দিলে– ‘‘তেমেকা, এইফালে নাযাং নাকিঞ্জ আগত থানাখন আছে৷’’

‘‘কেলেইঞ্জ কেলেই নাযাম আক’৷ থানা আছে বুলিয়েই নাযাম নাঞ্জ ব’ল৷ একো নহয়৷’’

‘‘নহয় অ’৷ এই আমি চঅকাঅ বিউদ্ধে কাম কঈছং যে৷ কিবা ভয় ভয় লাগে অ’৷’’

‘‘হিন্তে একো গম পোৱা নাই৷ ভয় খাবা নালাগে৷ অনবঅতে ভয় ভয়কে থাকিলে, কিবা কঈছ বুলি ধঈবহে৷ আহ ভয় খাবা নালাগে৷’’

তেমেকাৰ কথাত কেৰ্পায়ে সাহস পালে৷ সি তেমেকাৰ পিছে পিছে খোজ দি গৈ থাকিল৷ অলপ দূৰ যোৱাৰ পাছতে সিহঁত থানাখন পালে৷ কেৰ্পায়ে ভয়ে ভয়ে এবাৰ থানাৰ ঘৰটোলৈ চালে৷ থানাৰ বাৰাণ্ডাত কেইবাজনো চিপাহীয়ে থিয় হৈ কথা পাতি আছে৷ কেৰ্পায়ে বাটৰ ফালে চকু ঘূৰালে আৰু এবাৰো ঘূৰি নাচাই তেমেকাৰ ভৰিকেইখনকে চাই চাই গৈ থাকিল৷ থানাখন পাৰ হৈ অলপ অহাৰ পাছতে সিহঁত নৰেশৰ দোকানৰ সন্মুখত হাজিৰ হ’ল৷ তেমেকাই থমকি ৰৈ কেৰ্পাইক ক’লে– ‘‘অলপ ভোক ভোক লাগিছে৷ বঙালী পিঠাকে খাং অ৷’’

দুয়ো নৰেশৰ দোকানৰ ফালে খোজ ল’লে৷ তেমেকাই নৰেশক সুধিলে– ‘‘ঐ কাকা/ বঙালী পিঠা হ’ব নাকিঞ্জ’’

‘‘কি কহিছেঞ্জ বঙালী পিঠাঞ্জ কি বঙালী পিঠাঞ্জ’’

‘‘অ অ, এইটো এইটো৷’’– তেমেকাই বিস্কুটৰ পেকেটবোৰৰ ফালে আঙুলিয়ালে৷

‘‘কি এইটাকে কহিছেঞ্জ এইটা বিস্কুট আছে৷’’

‘‘অ অ কাকা৷ তাকে দে৷’’

‘‘এইটাকে কি বাঙালী পিঠা বুলিছেঞ্জ’’

‘‘অ অ, বঙালী পিঠা৷ আমি বঙালী পিঠা বুলি কং আউ৷ দে কাকা, এটোপোলা দে৷’’

‘‘এটোপোলা মানে এক পাকেট দিবঞ্জ’’

‘‘অ অ ককাই, এক পাকেট৷’’

নৰেশে এক পেকেট বিস্কুট তেমেকাৰ হাতত দি ক’লে– ‘‘এক পইচা দিবি৷’’

তেমেকাই বিস্কুটৰ পেকেটটো হাতত লৈ নৰেশক একপইচা দিলে৷ সি পেকেটটো খুলি কেৰ্পাইক আধা বিস্কুট দি খাই খাই খোজ ধৰিলে৷ কেৰ্পায়েও বিস্কুট খাই খাই তেমেকাৰ পিছে পিছে গৈ থাকিল৷

আকাশত ট টকৈ জিলিকি থকা বেলিটোলৈ তেমেকাই এবাৰ চাই পঠিয়ালে৷ ফাগুনৰ শেষ¸ ভাগ৷ পচোৱা বতাহ ববলৈ লৈছে৷ ফাগুনৰ আৱেশ এটা পচোৱা বতাহে তেমেকাৰ দেহ-মনত সিঁচি থৈ যোৱাত সি আনমনা হৈ পৰিল৷ চাৰিওফালে শুকান শুকান পৰিৱেশ৷ গছবোৰত শুকান পাত৷ কিছুমান গছ একেবাৰে পাত নথকা লঠঙা৷ কিছুমানত নতুন পাত ওলাবলৈ আৰম্ভ কৰিছে৷ তেমেকাৰ মনটোত দুষ্ট ফাগুনৰ উচটনিতে হঠাতে ৰিঙা ৰিঙা ভাব এটা জাগ্ৰত হ’ল৷ উৰুঙা উৰুঙা হৈ পৰা তাৰ মনটো ফুটুকীৰ কাষলৈ উৰা মাৰিলে তাইৰ সান্নিধ্য বিচাৰি৷ কল্পনাৰে তাইক মানসপটলৈ তুলি আনি এবাৰ চাব বিচাৰিলে সি৷ সি ফুটুকীক নেদেখা কিমান দিন যে হ’লঞ্জ সি হিচাপ কৰি চালে৷ মাঘবিহুৰ পিছতেই সি কেৰ্পাইক লগত লৈ ওলাই আহি বহু ঠাই ঘূৰি এতিয়া ঘৰমুৱা হৈছে৷ এই ফুটুকী বা কেনে আছেঞ্জ এতিয়া বাৰু তাই কি কৰি থাকিব পাৰেঞ্জ এতিয়াতো পথাৰত ধান নাই৷ মাহ-সৰিয়হ আদিও চপাই হ’ল চাগে’৷ তাই চাগে’ এইকেইদিন কাপোৰ বৈ আছে৷ এইবাৰ সি তাইৰ পৰা বিহুৱান ল’বই৷

কেৰ্পাই আৰু তেমেকা কটহগুৰি পাই লক্ষণসিঙৰ ঘৰলৈ পোনালে৷ বাটটো ধূলিময়৷ তেমেকাই ভাবিলে সিহঁতে বাৰু লক্ষণসিঙক ঘৰত পাব নেঞ্জ আিজয়েই লগ পালে তেমেকাই ভাল পাব৷ বহুদিন হ’ল ঘৰত নথকা৷ ঘৰৰ মানুহখিনিৰ লগতে ফুটুকীক লগ পালে সি বৰ ভাল পাব৷

লক্ষণসিঙৰ ঘৰ পাই দুয়ো চোতালত হাজিৰ হ’ল৷ এজন ল’ৰাই সিহঁতক মাতি নি বাৰাণ্ডাত বহুৱালে৷ টেমেকাই খবৰ লৈ গম পালে লক্ষণসিং ঘৰত নাই৷ পৰহি দিনা বাৰপূজীয়ালৈ গৈছে৷ সি ল’ৰাটোক সুধিলে– ‘আজি ঘূঈ আহিব নাঞ্জ’

‘‘ক’ব নোৱাঅং, কেতিয়া ঘূঈ আহিব কৈ যোৱা নাই৷’’

তেমেকাৰ মনটো বেয়া লাগিল৷ আজিয়েই ঘৰলৈ যাব পাৰিলে সি খুব ভাল পালেহেঁতেন৷ সি ল’ৰাটোক পুনৰ সুধিলে– ‘‘অংব’ কাকা ঘঅত আছে নাঞ্জ’’

‘‘আছে চাগে’৷ তা’ ঘঅলৈ গৈ খব’ ল৷’’

তেমেকা আৰু কেৰ্পাই ৰংবৰৰ ঘৰলৈ খোজ ল’লে৷

দুয়ো অলপ সময়ৰ ভিতৰতে ৰংবৰৰ ঘৰত উপস্থিত হ’ল৷ খবৰ কৰি তেমেকাই গম পালে ৰংবৰ কঁুহিগুৰি গাঁৱলৈ গৈছে৷ সেইখন গাঁৱত হেনো মৌজাদাৰৰ মানুহ আহি খাজনা তুলিছে৷ দুয়ো কঁুহিগুৰিলৈ খোজ ল’লে৷

কঁুহিগুৰিত উপস্থিত হৈ তেমেকাই দেখিলে ৰংবৰৰ লগতে লক্ষণসিঙো ইয়াতে আছে৷ লক্ষণসিং আৰু ৰংবৰে মৌজাদাৰৰ মহৰীৰ লগত কিবা কথা পাতি আছে৷ সিহঁতৰ কাষতে দুজন বন্দুকধাৰী মানুহ থিয় হৈ আছে৷ তেমেকা কাষ চাপি গৈ গম পালে লক্ষণসিং আৰু ৰংবৰ মৌজাদাৰৰ মানুহৰ লগত খাজনাক লৈ তৰ্ক কৰি আছে৷ লক্ষণসিঙে এবাৰত ক’লে– ‘‘আপোনালোকে এনেদৰে নিৰ্দয়ভাৱে খাজনা তুলিলে নহ’ব৷ মানুহবোৰৰ খেতি এইবাৰ খৰাঙে মাৰিছে৷ যি অলপ-অচৰপ ধান পাইছে নিজৰ বাবেই নোজোৰে৷ আপোনালোকক দিব কেনেকৈঞ্জ’’

‘‘সেইবোৰ কথা আমি নাজানো৷’’– মহৰীৰ নিষ্ঠুৰ উত্তৰ৷ ‘‘চৰকাৰে কাকো খাজনাৰ পৰা ৰেহাই দিব দিয়া নাই৷ বছৰৰ খাজনা বছৰি জমা দিবলৈ মৌজাদাৰবোৰক আদেশ দি থৈছে৷ নহ’লে আমাক চৰকাৰে শুদাই নেৰিব৷ ডিচি স্কনচে সদায় আমাক চকু দি আছে৷ কিমান খাজনা উঠাইছোঁ চব খবৰ লৈ থাকে৷ আমাৰো ভাল নালাগে৷’’

‘‘নাই নাই, আমি এইবোৰ নামানো৷ চৰকাৰে যি মন যায় তাকে কৰিলে নহ’ব৷’’

‘‘আমাক কৈ লাভ নহ’ব৷ চৰকাৰক অনুৰোধ কৰি চাওক৷ চৰকাৰে খাজনা কমাব পাৰে আৰু আন কাৰোবাক ৰেহায়ো দিব পাবে৷ সকলোবোৰ কথা চৰকাৰ বাহাদুৰৰ ওপৰত নিৰ্ভৰ কৰিছে৷ আপোনালোকে কিবা ক’ব খুজিলে চৰকাৰ বাহাদুৰক ক’ব৷ ডিচি-ক ক’ব৷ ডিচিয়ে ইচ্ছা কৰিলে কিছুমান কাৰণ দেখুৱাই বহুতৰে কৰ কমাই নতুবা একেবাৰে ৰেহাই দিব পাৰে৷ ডিচিক ধৰক৷’’

মহৰীৰ হাতত আছে এখন তালিকা৷ কঁুহিগুৰি গাঁৱৰ মানুহৰ নাম আৰু কাৰ ঘৰত কেইখন কোৰ, কেইটা নাঙল, কেইটা ঘৰ আছে তাৰে এখন তালিকা৷ সেইবোৰৰ বিপৰীতে কোনে কিমান কৰ দিব লাগিব তাকো লিখি থোৱা আছে৷ সেইমতে ঘৰে ঘৰে সোমাই কৰ তুলিছে৷ মহৰী এতিয়া বহি আছে চেপেটাৰ ঘৰত৷ চেপেটাৰ এটা নাঙল, এখন কোৰ আৰু দুটা ঘৰ আছে৷ সেই অনুসাৰে চেপেটাই কৰ দিব লাগে৷ কিন্তু তাৰ হাতত ফুটা কড়ি এটাও নাই৷ খৰাঙে নষ্ট কৰাত সি ধান নাপালেই বুলিব পাৰি৷ যিকণ আছে নিজলৈকে নোজোৰে৷ সি মহৰীক কৰ ৰেহাই দিবৰ বাবে কেইবাবাৰো অনুৰোধ কৰিছিল৷ লক্ষণসিং আৰু ৰংবৰেও অনুৰোধ কৰি চাইছিল৷ কিন্তু চৰকাৰৰ কথা কৈ মহৰীয়ে ৰেহাই নিদিলে৷ সি ক’লে– ‘‘আপোনাৰ হাতত যদি কৰ দিবলৈ পইচা নাইজ্ব তেন্তে সেই মূল্যৰ ধান নতুবা আন বস্তু দিব পাৰে৷’’

‘‘মোৰ ভআলত ধানেই নাই৷ কৈছঙেই খআঙে ধান মাঈলে বুলি৷ দেং ক’ পআঞ্জ’’

‘‘গৰু-ছাগলী নাই নেকিঞ্জ ছাগলী হ’লে দুটা দিব লাগিব আৰু গৰু হ’লে এটা দিলেই হ’ব৷’’

চেপেটা বিপাঙত পৰিল৷ তাৰ ঘৰত এহাল বলধ গৰু, এজনী গাই আৰু এটা গাখীৰ এৰা দমৰা আছে৷ সি উপায় নাপাই দমৰাটোকে দিবলৈ থিৰাং কৰিলে– ‘‘হ’ব বাউ¸৷ ম’ এটা দমআ আছে তাকে দিম৷’’

চেপেটাৰ কথা শুনি মহৰীৰ মুখত হাঁহি বিৰিঙিল৷ দমৰাটোৰ মূল্য নি(য় চেপেটাই দিবলগা কৰতকৈ বেচি হ’ব৷ বেচা-বিক্ৰী কৰি নোপোৱা, কেতিয়াবা কৰিলেও বেপাৰীয়ে যি দিয়ে তাকে লোৱা চেপেটাই দমৰাটোৰ বিক্ৰীমূল্য কিমান হ’ব নাজানে৷ আনকি লক্ষণসিং আৰু ৰংবৰো এই বিষয়ত ইমান কথা নাজানে৷ তেওঁলোকৰ মাজত বিনিময় প্ৰথাহে বেচিকৈ চলে৷ কোনোবাই শাক-পাচলি দিলে বা মাছ-মাংস দিলে, তাৰ বিপৰীতে ধান বা চাউল দিয়া হয় এটা বুজাবুজিৰ যোগেদি৷ টকা-পইচা লৈ বস্তু কিনা-বেচা কৰা কাৰবাৰটো এতিয়াহে আহিছে৷ কিন্তু লক্ষণসিঙে অনুমান কৰিলে দমৰাটোৰ মূল্য চেপেটাই দিবলগীয়া কৰতকৈ বেচি হ’ব৷ তেওঁ মাত দিলে–‘‘দমৰাটো লৈ চেপেটাৰ পৰা বেচি কৰ লোৱা হ’ল নেকিঞ্জ’’

‘‘নাই নাই, ঠিকেই আছে৷ তাতে জীৱটোক মাৰি ভাগ-বটোৱাৰা কৰিব নোৱাৰি নহয়৷ যদি তেনেদৰে ভাবিছে তেন্তে পইচা দিয়ক৷’’

নতুনকৈ মানুহবোৰৰ  মাজলৈ অহা টকা-পইচা কাৰো হাততেই নাথাকে বুলিব পাৰি৷ থাকিলেও কাৰোবাৰ হাতত এটকা-দুটকা থাকে৷ চেপেটাৰ হাতত এঅনাও নাই৷ সি মাত দিলে– ‘‘নাই, ম’ হাতত কোনো পইচা নাই৷ লৈ যাওক দমআটোকে৷’’

লক্ষণসিঙে চিন্তা কৰিলে টকা-পইচা নোহোৱা বাবে মৌজাদাৰবোৰে প্ৰয়োজনতকৈ অধিক কৰ উঠাবলৈ সুবিধা পাইছে৷ এনেই অধিক কৰ লগাইছে, তাতে জীৱ-জন্তুকে দিবলগীয়া হোৱাত ৰাইজ বেচিকৈ ক্ষতিগ্ৰস্ত হৈছে৷ মহৰীয়ে চেপেটাক ক’লে– ‘‘দমৰাটো সাজু কৰি ৰাখিব৷ আমি ঘূৰি যাওঁতে লৈ যাম৷’’

মহৰী বহাৰ পৰা উঠিল আৰু লগত অহা মানুহবোৰক লৈ ওচৰতে থকা শুকুৰাৰ ঘৰলৈ খোজ ল’লে কৰ উঠাবলৈ৷ লক্ষণসিঙে এতিয়াহে মন কৰিলে তেমেকা আৰু কেৰ্পাই তেওঁৰ কাষতে থিয় হৈ আছে৷ তেমেকাহঁতক দেখিয়েই তেওঁ মাত দিলে– ‘‘তোমালোক কেতিয়া আহি পালাঞ্জ’’

‘‘হ’ল কিছু হময়৷ আপোনাক ঘঅত নাপাই এই অংব’ কাকাক বিচাঈছিলং৷ অংব’ কাকা কুঁহিগুঈলৈ আহা বুলি গম পাই ইয়ালৈকে আহিলং৷ আউ ইয়াতে আপোনাকো লগ পালং৷’’

‘‘ভালেই হ’ল দিয়া৷ ব’লা এতিয়া মোৰ ঘৰলৈ৷ দুপৰীয়া হ’ল৷ তোমালোকৰ ভোকো লাগিছে চাগে’৷”

লক্ষণসিঙে ৰংবৰ আৰু তেমেকাহঁতক লৈ কটহগুৰিলৈ খোজ ল’লে৷ বাটত তেওঁ তেমেকাহঁতক ক’লে– ‘‘দেখিলা নে ইহঁতৰ কাৰবাৰ, কেনেকৈ কৰ উঠাইছেঞ্জ সৌ সিদিনালৈকে আমি টকা-পইচা দেখা নাছিলোঁ৷ আমি বস্তু-বাহানি বিনিময়হে কৰি আহিছিলোঁ৷ ইহঁতে আমাৰ মানুহবোৰক বিপদত পৰিলেও ৰেহাই নিদিয়ে৷ টকা-পইচাৰে কৰ দিব নোৱাৰিলে ঘৰৰ পুহনীয়া জীৱ-জন্তুকে নিয়ে৷ এনে কৰিলে মৌজাদাৰৰ অতিৰিক্ত লাভহে হয়৷ চৰকাৰে ইমান কৰ লগাইছে যে আমাৰ মানুহবোৰে খাব নাপাই মৰিব৷’’

‘‘হয় হেনাপতি৷’’– তেমেকাই মাত দিলে৷ ‘‘ইন্ত’ উৎপাত” বাবে আমি জংঘল’ মাজত গাং পাতিছিলং৷ কিন্তু এতিয়া তাতো মৌজাদাঅ মানুহ ওলাইছেগৈ৷ এই বছঅ পআ আমিও ক’ দিবা লাগিব যেন পাইছং৷’’

‘‘কিন্তু সিহঁতে আমাক পেটে-ভাতে মাৰাৰ যি ফন্দি পাতিছে ইয়াক আৰু চাই থাকিব নোৱাৰি৷ তোমালোকক দায়িত্ব দিয়া কামবোৰ কৰি আহিছা নেঞ্জ’’

‘‘অ, হকলোকে খব’ দি আহিছং৷’’

‘‘ভাল কথা৷ আলোচনা কৰি কিবা এটা কৰিব লাগিব৷ তোমালোক আজি মোৰ তাতে থাকিবা৷ গধূলি সময়ত ৰজাৰ ওচৰলৈ গৈ কিছুমান কথা পাতিব লাগিব৷”

লক্ষণসিঙৰ কথা শুনি তেমেকাৰ মনটো কোঁচ খাই আহিল৷ সি ঘৰলৈ যোৱাৰ কথাহে চিন্তা কৰি আছিল৷ উপায় নাই, লক্ষণসিঙৰ কথা নুশুনিলেও নহয়৷ সি সন্মতি দিলে– ‘‘হ’ব হেনাপতি৷ অজাক গোটেইবো’ খব’ দি আলোচনা এটা কআ ভাল৷’’

ঘৰ পোৱাৰ লগে লগে লক্ষণসিঙে মুখ-হাত ধুই তেমেকা আৰু কেৰ্পাইক চ’ৰাঘৰত বহিবলৈ দিলে৷ ৰংবৰ নিজৰ ঘৰলৈ গুচি গ’ল৷ সময় আবেলি হ’লহি৷ তেমেকাৰ পেটটো ভোকত কলমলাবলৈ ধৰিছে৷ ভাগ্যে অলপ পাছতে আহি লক্ষণসিঙে সিহঁতক পাকঘৰলৈ মতাত তেমেকাৰ মনলৈ শান্তি আহিল৷ পাকঘৰৰ মজিয়াত বহি লক্ষণসিঙৰ লগত তেমেকাহঁতে ভাত খাবলৈ ধৰিলে৷ ঘৰৰ বাকী মানুহবোৰে কেতিয়াবাই ভাত খাই আজৰি হৈছে৷

ভাত খোৱাৰ পাছতে লক্ষণসিঙে তেমেকা আৰু কেৰ্পাইক চ’ৰাঘৰতে এখন ঢাৰি পাৰি দি জিৰণি ল’বলৈ দিলে৷ ইমান দূৰ বাট বাট কুৰি বাই আহি তেমেকা সঁচাকৈ ভাগৰি পৰিছে৷ ভাত খোৱাৰ পাছত তাক ভাগৰে হেঁচা মাৰি ধৰিছে৷ সি অলপ পাছতে টোপনি গ’ল৷ কেৰ্পায়ো টোপনিত ঢলি পৰিল৷

লক্ষণসিঙে নিজৰ বিছনাত বাগৰ মাৰি চিন্তা কৰিছে ৰাইজৰ কথা৷ কঁুহিগুৰিত আজি মৌজাদাৰে কৰ উঠাইছে৷ কাইলৈ-পৰহিলৈ তেওঁলোকৰ গাঁৱতো কৰ উঠাবলৈ আহিব৷ লক্ষণসিংহঁতে কৰ দি থকা কেইবা বছৰো হ’ল৷ যিসকলে খেতি সৰহকৈ কৰে, গৰু-গাইৰে গোহালি ভৰি আছে সেইবোৰ মানুহৰ কৰ শোধোৱাত বিশেষ অসুবিধা নহয়৷ তথাপি কৰ বেচিকৈ দিবলগীয়া হোৱাত তেওঁলোকৰো ভালেখিনি ক্ষতি হয়৷ খৰাং-বানপানীয়ে খেতি নষ্ট কৰিলে এই মানুহবোৰো বিপদত পৰে৷ আনফালে কিছুমান মানুহে খেতি বেচিকৈ কৰিব নোৱাৰে৷ কানিয়াবোৰৰ খেতি একেবাৰে কম৷ কানিৰ নিচাত মছগোল হৈ থাকোঁতে সিহঁতে খেতি কৰিবলৈকে পাহৰি যায়৷ এই কানিয়াবোৰে আনৰ পৰা ধান-চাউল খুজি চলিব লগা হৈছে৷ এইবোৰ মানুহে কৰ কেনেকৈ শোধাবঞ্জ তাতে এই কানিয়াবোৰৰ চেতনাই নাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে বুলি৷ কানিৰ খেতি বন্ধ কৰি মহলৰ পৰা কানি কিনি খাবলগীয়া হোৱাত কানিয়াবোৰে নিজৰ ঘৰৰ বস্তু নিজেই চুৰ কৰিবলৈ লৈছে৷ চৰকাৰে কানিখেতি কৰাটো বন্ধ কৰিছেজ্ব কিন্তু কানি খোৱাটো বন্ধ কৰা নাই৷ মানুহবোৰক কানি খোৱা বন্ধ কৰিলেহে ভাল৷ কিন্তু চৰকাৰে মহল খুলি কানিয়াৰ সকলোবোৰকে কাঢ়ি নিছে৷ অঞ্চলটোৰ মানুহবোৰ সাংঘাতিকভাৱে চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে৷ ইয়াৰ মূল কাৰণ কানি নহয়৷ কাৰণবোৰ হ’ল সকলো বস্তুতে কৰ লগোৱাটো, খাল-বিলৰ মাছ মৰা বন্ধ কৰাটো, জংঘলৰ বাঁহ-বেত-গছ কাটিব নোৱৰা কৰাটো৷ এইবোৰহে মূল বিষয় হিচাপে লক্ষণসিং আৰু আন সচেতন মানুহৰ দৃষ্টিত ধৰা পৰিছে৷ লক্ষণসিঙে জানে কানিয়াবোৰৰ পৰা একো সহায় পোৱা নাযাব৷ এতিয়া সিহঁতে পাঁচো ৰজা আৰু সাতো ৰজাৰ ৰাইজখনে কি কৰিবলৈ গৈ আছে একোকে ভূ নাপায়৷ কোনোবাই জানিলেও কানিৰ ৰাগিত কিবা এটা কৰিব লাগিব বুলি ভবা নাই৷ এতিয়া কিবা কৰিলেও কানি নোখোৱা মানুহখিনিয়েহে কৰিব লাগিব৷

বেলি পৰিবৰ সময়ত লক্ষণসিং নিজৰ বিছনাৰ পৰা উঠি আহি তেমেকা আৰু কেৰ্পাইক টোপনিৰ পৰা উঠাই দিলে৷ বাহিৰলৈ আহি বেলিটোলৈ চাই তেমেকাই মাত দিলে– ‘‘বেলি মা’ যাবএ হ’ল৷’’

‘‘অ বেলি মাৰ যাব এতিয়া৷’’– লক্ষণসিঙে ক’লে৷ ‘‘দেওৰজাৰ ওচঅলৈ যাব লাগে৷ মুখ-হাত ধুই লোৱা৷’’

তেমেকা আৰু কেৰ্পাই নাদৰ পাৰলৈ খোজ ল’লে৷

চাওঁতে চাওঁতে আকাশত বেলিটো মাৰ গ’ল৷ লক্ষণসিঙে তেমেকাহঁতক লগত লৈ টোপাকুছিৰ ৰজাৰ ঘৰলৈ খোজ ধৰিলে৷ লক্ষণসিঙৰ ঘৰৰ পৰা ৰজাৰ ঘৰলৈ প্ৰায় এমাইলৰ বাট৷ বেলিটো মাৰ গৈছে যদিও এতিয়াও চাৰিওফালে পোহৰ হৈয়ে আছে৷ গছবোৰত চৰাই কিছুমান পৰি কোৰ্হাল কৰিবলৈ লৈছে৷ কিছুমান চৰাই আকাশেদি উৰা মাৰি অজান ঠাইলৈ গৈ আছে৷ উদঙীয়া গৰুবোৰক গৰখীয়াবোৰে বিচাৰি আনি ঘৰলৈ খেদি খেদি নি আছে৷

টোপাকুছিৰ ৰজা ঘন সিঙৰ ঘৰত লক্ষণসিং আৰু তেমেকাহঁত উপস্থিত হয় মানে কাণিমুনি আন্ধাৰ হ’ল৷ ৰজাৰ ঘৰত বন্ধা হিচাপে থকা ল’ৰা এটাক লক্ষণসিঙে পাচিলে– ‘‘যাচোন, দেওৰজা ডাঙৰীয়াক ক’বি সেনাপতি অহা বুলি৷’’

ল’ৰাটোৱে লক্ষণসিং আৰু তেমেকাহঁতক চ’ৰাঘৰত বহুৱাই ৰজাক খবৰ দিবলৈ গ’ল৷ চ’ৰাঘৰটোত দুটা মিঠাতেলৰ চাকি জ্বলাই থোৱা আছে৷

অলপ পাছতে টোপাকুছিৰ ৰজা চ’ৰাঘৰলৈ সোমাই আহিল৷ লক্ষণসিংহঁতে মূৰ দোৱাই ৰজাক সেৱা জনালে৷ ৰজাই নিজৰ আসনত বহাৰ পাছতে সকলোৱে নিজৰ আসনত বহিল৷ ৰজাই লক্ষণসিঙলৈ চাই সুধিলে– ‘‘কি কি খবৰ আনিছে সেনাপতিঞ্জ কওকচোন৷’’

‘‘দেওৰজা ডাঙৰীয়া/ সেই তেতিয়া আমাৰ আলোচনা মতে আমাৰ বাৰিকাবোৰক পঠিয়াই পাঁচো ৰজা আৰু সাতো ৰজালৈ খবৰ পঠিয়ালোঁ৷ তদুপৰি চহৰী, উত্তৰখোলা, গোভা আৰু ডিমৰীয়াৰ ৰজালৈকো খবৰ দিয়া হৈছে৷ সকলোকেইজন ৰজাকে চ’ত মাহৰ প্ৰথম বুধবাৰে ইয়াত সভা এখন হ’ব বুলি আপুনি কোৱা মতে জনাইছোঁ৷ সেই সভালৈ সকলোকে আিহবলৈ অনুৰোধ কৰা হৈছে৷’’

‘‘ঠিকে আছে ঠিকে আছে৷ কোনোবাই আপত্তি কৰিছে নেকিঞ্জ’’

‘‘নাই, খবৰ পোৱা মতে কোনেও আপত্তি কৰা নাই৷ কৰ বেচিকৈ লগোৱা বাবে সকলো অসন্তুষ্ট হৈ আছে৷’’

‘‘ইংৰাজে হ’ল বুলিলেও ইমানকে কৰ লগাব নালাগে৷ মোৰ ৰাইজৰ দুৰ্গৰ্তি দেখি মই মনত বৰ কষ্ট পাইছোঁ৷ ইহঁত মানুহ নহয়, ডকাইত৷ মৌজা আৰু মোজাদাৰৰ কোনো নিৰ্দিষ্ট লেখ-জোখ নাই৷ যাকে-তাকে মৌজাদাৰ পাতি কৰ উঠোৱাত লাগিছে৷ দুখন গাঁৱৰ বাবেও এজনক মৌজাদাৰ পাতিছে আৰু মৌজাদাৰবোৰৰ হাতত বন্দুক দি কৰ উঠাই ফুৰিছে৷ মুঠতে ডকাইতি৷’’

‘‘হয় দেওৰজা ডাঙৰীয়া, ইহঁত ডকাইতেই৷’’

‘‘সি যি কি নহওক, আমি ৰজাসকলৰ লগত আলোচনা কৰি চাওঁ৷ ৰজাসকলে কি দিহা দিয়ে চাই লওঁ৷ মোৰ মতে প্ৰথমে চৰকাৰক কৰ কমাবলৈ অনুৰোধ কৰি চোৱা উচিত৷ যদি নামানে তেতিয়াহে আন ব্যৱস্থা লোৱা ভাল৷ গতিকে এখন যুদ্ধৰ বাবে সাজু হৈ থকাই উচিত৷ যদি চৰকাৰে কৰ কমাবলৈ মান্তি হয় তেন্তে ভালৰে কথা৷ যদি নকমায় তেন্তে কমাবলৈ বাধ্য কৰিবলৈ হ’লে আমাৰো মনৰ কথা প্ৰকাশ কৰিবলৈ কিবা এটা কৰিব লাগিব৷ তেতিয়াহে চৰকাৰে ভাবি চাব৷’’

‘‘হয় আপুনি ঠিকেই কৈছে৷’’

‘‘ৰজাবোৰক খবৰ দিয়া হৈ গ’ল বুলি জানি ভাল পালোঁ৷ গাঁওবোৰৰ কিছুমান মেনাকো খবৰ দিয়া ভাল৷ তেওঁলোকেও ভাল দিহা দিব পাৰে৷’’

‘‘ঠিক কৈছে৷ মেনাবোৰকো খবৰ দিম আহিবলৈ৷ তেমেকা, শুনিছা নহয়ঞ্জ তোমালোকৰ সিফালৰ গাঁওবোৰৰ মেনাবোৰক খবৰ দিবা৷ বাকী গাঁওবোৰলৈ মই বেলেগ বাৰিকা পঠিয়াম৷’’

‘‘হ’ব দিয়ক৷’’– তেমেকাই মাত দিলে৷ ‘‘আমি আমা’ হিফাল’ গাংবোঅ মেনাবোঅক খব’ দিম৷”

‘‘দেওৰজা ডাঙৰীয়া, কথা ইমানেই৷ এতিয়া উঠোঁহে৷’’

‘‘এৰা/ পাছত আকৌ কথা পাতিম৷’’

‘‘হয় দেওৰজা ডাঙৰীয়া৷’

লক্ষণসিং আৰু তেমেকাহঁত ৰজাৰ চ’ৰাঘৰৰ পৰা ওলাই আহি বাটত খোজ পেলালে৷

 

(দহ)

ৰাতিটো লক্ষণসিঙৰ ঘৰত কটাই তেমেকা আৰু কেৰ্পায়ে দুপৰীয়া ভাত খাই ঘৰলৈ বুলি খোজ ল’লে৷ বহুদিন ঘৰৰ পৰা আঁতৰত থকাৰ পাছত আজি ঘৰলৈ ঘূৰিবলৈ পাই তেমেকাৰ মনটো আনন্দত নাচি উঠিছে৷ সিহঁত ফুলগুৰিৰ ওচৰত থকা কৈৱৰ্ত গাঁওখন পাৰ হৈ এখন বিলৰ পাৰত উপস্থিত হ’ল৷ বিলখনৰ পাৰত দহজনমান মানুহে জুম পাতি কথা পাতি আছে৷ তাৰ ভিতৰত ধুতি-পাঞ্জাৱী পিন্ধা মানুহ এজন৷ মানুহজনক দেখিলে ধনী মানুহ বুলি ধৰিব পাৰি৷ মানুহজনে আন মানুহবোৰক কিবাকিবি কৈ আছে৷ তেমেকাহঁত ওচৰ চাপি গ’ল৷ কেইজনমান মাছমৰীয়াৰ হাতত আছে জাল আৰু খালৈ৷ মানুহজনে মাছমৰীয়া কৈৱৰ্ত মানুহকেইজনক কৈ আছে– ‘‘ইচ বিল হামাৰা হে৷ আপলৌক জানিছে ইচ বিল হামাৰা মহল মে৷ কিউ মাছ মাৰিছে? হাম নে বাৰ বাৰ বোলা ইয়াতে মাছ নামাৰিব৷ এইটো আমাৰ মহল কা বিল হে৷ আপলৌক কথা না হুনিছে৷ অভী যৌ কিয়া কিয়া৷ পইচা দিব, নাই হ’লে মাছ দিব৷’’

পাঁচজন মাছমৰীয়াক মহলদাৰে ধৰিছে৷ কথাতে ধৰিব পাৰি মহলদাৰজন এজন ঢাকিয়াল মানুহ৷¸ ঢাকিয়াল মানুহবোৰেই বেচিভাগ বিলৰ মহল লৈছে৷ ইহঁতে মাছ শুকুৱাই বাহিৰলৈ চালান দিয়ে৷ কেইজনমান অসমীয়া মানুহো বিলৰ মহল লৈছে ধনী হোৱাৰ আশাত৷ মাৰোৱাৰী মানুহবোৰে বিলৰ মহল লোৱা নাই৷ শুকান মাছৰ ব্যৱসায় কৰিবলৈ এইবোৰ মানুহে বেয়া পায়৷

ওচৰৰ কৈৱৰ্ত গাঁৱৰ মানুহকেইজনে মাছ মাৰিছিল৷ তেওঁলোকে মাছ ঘৰে ঘৰে নি ধান-চাউলৰ লগত সলাই চলি আছিল৷ ওচৰতে থকা বিলখনে তেওঁলোকক খোৰাকি যোগাই আহিছিল৷ এতিয়া এই বিলখন মহলদাৰৰ হাতলৈ যোৱাত তেওঁলোক বিপদত পৰিছে৷ অকল এইখন বিলেই নহয় ফুলগুৰিৰ ওচৰে-পাজৰে থকা গোটেইকেইখনেই এই মহলদাৰৰ হাতত৷ তেওঁলোকৰ উপায় নাই, মহলদাৰৰ মানুহ নথকাৰ সুযোগতে এই পাঁচজন কৈৱৰ্ত মানুহে জালেৰে মাছ ধৰি আছিল৷ হঠাতে মহলদাৰ আহি ওলোৱাত তেওঁলোক ধৰা পৰিল৷ এতিয়া মহলদাৰে তেওঁলোকক মাছ নতুবা পইচা দিবলৈ কৈ আছে৷ এজন মাছুৱৈয়ে মহলদাৰক ক’লে– ‘‘বাৰু বাৰু বুজিছোঁ৷ আমি কিমানকৈ মাছ দিব লাগিব?’’

‘‘মাছ চাৰিভাগ কৰিব৷ তিনিভাগ মৌকে দিব৷ এক ভাগ ল’ব৷’’

মহলদাৰবোৰে এই নিয়মকে কৰিছে৷ মানুহবোৰে পইচা দিব নোৱাৰে গতিকে মাছকে তিনি চতুৰ্থাংশকৈ লোৱাৰ নিয়ম কৰিছে৷ মাছুৱৈ পাঁচজনে মহলদাৰে কোৱা মতে খালৈৰ মাছ ভাগ কৰি তিনি চতুৰ্থাংশ মহলদাৰৰ লগত অহা মানুহক দিলে৷ দেখা গ’ল মানুহকেইজনৰ লগত অলপ অলপকৈহে মাছ থাকিল৷ তাকে লৈ মানুহকেইজনে ঘৰলৈ খোজ লৈছিল৷ তেনেতে মহলদাৰে মাত দিলে– ‘‘আপনালৌক কোনোবা মৌৰ বিলতে কাম কৰিব নাকি? মই বেতন দিব৷ তিনিজন আদমী হ’লে ভী হ’ব৷ ওহলৌক বিলত হদায় মাছ মাৰিব ঔৰ মোকে দিব৷ ঔৰ¸ বিলখন পাহ্‌ৰা দিব৷ কোনোবা মান্তি আছে?’’

মহলদাৰৰ কথাত এজনে মান্তি হ’ব বিচাৰিছিল৷ বাকীকেইজনে বাধা দিলে৷ মহলদাৰৰ মানুহ হ’বলৈ এজনো নোলাল৷ সিহঁতে খালৈ আৰু জাল লৈ ঘৰলৈ খোজ ল’লে৷ বাটত মহলদাৰৰ বিল ৰখীয়া হ’ব খোজাজনক এজনে ক’লে– ‘‘বিলৰ ৰখীয়া হ’বলৈ পালে তোৰ ভাল হ’ব৷ মাছ ইহাত-সিহাত কৰিবলৈ সুবিধা পাবি৷ কিন্তু গাঁৱৰ বাকী মানুহবোৰৰ কি হ’ব? তই ৰখীয়া হিচাপে সিহঁতক বাধা দিবি৷ লগে লগে তোৰ লগত গাঁৱৰ মানুহৰ শত্ৰুতা হ’ব, কাজিয়া হ’ব৷ তোক ব্যৱহাৰ কৰি ই তাৰ কাম সিজাব খুজিছে৷ ইহঁত বদমাছ মানুহ৷ ইহঁতে আমাৰ পেটৰ ভাত কাঢ়ি খাইছে৷ যেন কুকুৰ তেন টাঙোন দিয়াহে ভাল৷ আমি সুবিধা বুজি বিলত মাছ মাৰিম৷ তেনেকৈ চলিম৷ কেতিয়াবা ধৰা পৰিলে এনেদৰে মাছ ভাগ কৰি দিম৷”

‘‘হয় দে৷ তই ঠিক কথাই কৈছ৷ কিন্তু বিলৰ ৰখীয়া মহলদাৰে ৰাখিবই৷ বাহিৰৰ পৰা হ’লেও মানুহ আনিব৷ নহ’লেযে তাৰ লোকচান হ’ব৷ বহুত বিলত মহলদাৰবোৰে দূৰৰ পৰা মানুহ আিনও ৰখীয়া পাতিছে৷’’

“বাৰু দেখা যাওকচোন কি হয়/”

তেমেকা আৰু কেৰ্পায়ে গোটেই ঘটনাখিনি লক্ষ্য কৰি আছিল৷ মাছুৱৈ কেইজন গুচি যোৱাৰ লগে লগে সিহঁতে গাঁৱলৈ খোজ ল’লে৷

ইকৰা-বিৰিণাৰ মাজেৰে যোৱা এটা লুংলুঙীয়া বাটেৰে সিহঁত গৈ থাকিল৷ ইকৰা-বিৰিণাবোৰৰ চা-চেহেৰা এই শেষ ফাগুনত ভাল নহয়৷ শীতে কোবাই ঠেৰেঙা কৰাৰ পাছত বৰষুণহীন বতৰত সিহঁত শুকাই-খীনাই গৈছে৷ মাজে মাজে থকা গছবোৰৰ অৱস্থাও ইহঁতৰ দৰেই৷ অৱশ্যে কিছুমান গছত নতুন পাত ওলাবলৈ আৰম্ভ কৰিছে৷ শিমলু গছবোৰৰ বেচিভাগতে কলবোৰ কেঁচা হৈয়ে আছে৷ অৱশ্যে দুই-এডাল গছত দুই-এটা কল পুৰঠ হৈছে, তাৰে কিছুমান ফাটি যোৱাত ভিতৰৰ তুলাবোৰ ওলাই পৰিছে৷ তাকে বতাহে কোবাই কোবাই আকাশত উৰুৱাইছে৷ হয়, বতাহ এজাক মাৰিছে৷ বতাহত ভাহিবলৈ লৈছে কমোৱা তুলাবোৰ৷ তেমেকাহঁতৰ মূৰৰ ওপৰেৰে কমোৱা তুলাবোৰ উৰি গৈছে৷ কিছুমান আহি সিহঁতৰ গাতো পৰিল৷ পচোৱাৰ বা পাই আৰু কমোৱা তুলাবোৰ দেখি তেমেকাৰ মনলৈ এটা ৰিঙা ৰিঙা ভাব আহিল৷ ফুটুকীলৈ তাৰ মনত পৰিল৷ বহুদিনৰ মূৰত আিজ সি তাইক দেখিবগৈ৷ তাৰ মুখেৰে এটা বিহুগীত ওলাই আহিল–

  ‘এইফালে কোনে গ’ল

  বুকুএ ধনে গ’ল

  খোজত মঈ গ’ল বনে

  অ’ চকুএ দেখা পাই

  মুখেএ অ’ নেমাতে

  কেনেবা লাগিছে অ’ মনে...’

 

তেমেকাই বিহুগীত জোৰা বাবে কেৰ্পায়ে মাত দিলে– ‘‘কি হ’ল অ? হঠাতে বিহুগীত জুঈলি যে? ফুটুকীলৈ মনত পঈল হ’বলা?’’

‘‘মনত নপঈব না? ইমান দিন দেখা নাই৷’’

‘‘দেখিবিগৈ দে৷ হেঁপাহ পলুৱাই চাবি৷’’

‘‘এইবা’ ব’হাগতে তাক আনি ঘঅত হুমুৱাব খুজিছি্‌লং৷ হি আঁকঈজনীয়ে নামানে৷ হি বোলে– ‘মই পলাই-হআই যোৱা ছোৱালী নহয়৷ নিলে বিয়া পাতি নিবি৷’ ব’ বিপদত পঈছং৷ তাতে এই যুদ্ধখনো আহি আছে৷’’

‘‘যুদ্ধ আহিছে বুলি বিয়া নাপাতিবি নাকি? ফুটুকীয়ে ত’ক বিয়া পাতি আনিবলৈ কৈছে৷ এই ব’হাগতে বিয়া পাতি ল৷’’

‘‘বিয়া পাতিবলৈ হময় পাম জানো? তই চাই থাক অজা আৰু মেনাবোএ কি হিধান্ত লয়৷ হিধান্ত যদি যুদ্ধ কআ ফালে যায় তেন্তে আমি হদায় ইফাল’ পআ হিফালে দৌঈ  ফুঈব লাগিব৷ কটি পেলাবলৈ হময় নাপাবি৷’’

‘‘হয় অৱশ্যে৷’’

‘‘মই যি বুজিছং, আইজ মেল পাতি ডিচি-ক দৰ্খাস্ত দি ক’ কমাবলৈ অনুউধ কঈব পাএ৷ যদি চঅকাএ ক’ নকমায়, তেন্তে যুদ্ধ হ’বই৷ হেইবাবে লক্ষণসিং হেনাপতিয়ে যুদ্ধ বাবে হকলোকে হাজু হ’বলৈ কৈছে৷ আমা’ কাম হৈছে মানুহক খব’ দিয়া৷ গাঙে গাঙে গৈ ডেকাবোঅক খব’ দিবা লাগিব৷ মাজে মাজে মেনাবোঅকো খব’ দিবা যাবা লাগিব৷ আমাহে বহুত কাম হ’ব৷ ক’ত খাবলৈ পাম আউ ক’ত থাকিবলৈ পাম ঠিকনা নাথাকিব৷ চ’ত হুমাবলৈ বেচি দিন নাই৷ অজা আৰু মেনাবোঅ’ মেল বহিবই আউ¸৷’’

‘‘হয় দেই, দিনেই নাই আউ¸৷ ত’ বিয়াখন কিবাকে হৈ গ’লে ভাল আছিল৷’’

 ‘‘হ’ব দে৷ যুদ্ধখন আগতে কঈ লং৷ এতিয়াই বিয়া পাতি যুদ্ধত মঈ থাকিলে ফুটুকী কম বয়খতে বাঈ হ’ব৷ তাতকৈ যদি যুদ্ধত বাচি যাং তেন্তে তেতিয়া বিয়া পাতিলে ভাল হ’ব৷’’

‘‘ধেৎ, মআ কথা নক’বি৷’’

‘‘নমঅং অ৷ কিন্তু যুদ্ধখন পা হৈ যাবা দিয়া ভাল৷’’

কৈবৰ্ত মানুহকেইজন আৰু ঢাকিয়াল মহলদাৰৰ কাণ্ড-কাৰখানাবোৰ চাই থকেঁাতে তেমেকাহঁতৰ বহু সময় পাৰ হৈছিল৷ সিহঁত দুটা অলপ খৰখোজেৰে গাঁৱলৈ যাবলৈ ধৰিলে৷ তেমেকাই হঠাতে কেৰ্পাইক সুধিলে– “ম’ বাউ ফুটুকী’ লগত ভালপোৱা আছে৷ ত’ কথাহে একো হুনা নাই৷ তই কাউবাক ভাল পাৱ নাকি?”

“নাই নাই৷ মই ছোৱালীক ভাল পাবা নাজানং৷ পাছত কাউবাক বিয়া পাতিম আউ৷”

“হয় নাকি? তেনেকে হ’লেও বেয়া নহয়৷”

সিহঁত কথা পাতি পাতি গৈ থাকিল৷

বেলি মাৰ যোৱাৰ আগে আগে তেমেকাহঁত গাঁৱত উপস্থিত হ’ল৷ অলপ পাছতে দুয়ো নিজৰ নিজৰ ঘৰত উঠিল৷ তেমেকাক দেখি ঘৰৰ সকলোৱে তাৰ কাষ চাপি আহিল৷ সি বাৰাণ্ডাতে বহিছে৷ বহুদিনৰ মূৰত তাক দেখি ঘৰৰ মানুহবোৰে বৰ আনন্দ পোৱা বুলি তাৰ অনুভৱ হ’ল৷ মাকে তালৈ পানী এচুঙা আনি কাষতে বহি ক’লে– ‘‘তই ইমানদিনে ঘঅলৈ ঘূঈ নাহাত আমা’ ব’ চিন্তাই হৈছিল৷ তই হাবি জংঘল’ বাটেএ গৈ মানুহবোঅক খব’ দি ফুঈছিলি৷ বনঈয়া জীৱ-জন্তুৱে আক’মণ কএ বুলি আমা ভয় হৈছিল৷ বেমাঅত পঈলে ত’ক কোনে চালেহেঁতেন/ হে ভগৱান, তই যে ভালে-কুশলে আহি ওলালি৷’’

‘‘ভালে থাকিম দে৷ ভগৱান আছে নহয়৷ বাউ, এতিয়া তন্ত’ খব’ ক৷’’

‘আমিতো ভালেই আছং৷’– ৰূপেশ্বৰে মাত দিলে৷ ‘‘ঘঅ কাম-বনবোঅ ঠিকেই চলি আছে৷ কিন্তু গাংখনত ঘটি যোৱা এটা ঘটনা বাবেহে মনটো বেয়া লাগি আছে৷’’

‘‘কি ঘটনা?’’

‘‘যোৱাবাএই মৌজাদাঅ’ মানুহ আহি এইবা’ নাঙলে পতি, কোএ পতি ক’ দিবা লাগিব বুলি কৈছিল৷ দহ দিন আগতে হিন্তে আহিছিল হদলবলে ক’ উঠাবলৈ৷ জংঘল কাটি আস্তা হাজি গউগাঈও আনিছিল৷ হুকান দিন বাবে গউগাঈ আনিব পাঈলে৷ এটা নাঙল’ বাবদ দুটকাএখন কোঅ’ বাবদ এটকা দুঅনা আউ¸ প্ৰতিটো ঘঅ’ বাবদ চাঈ অনাকৈ ক’ বিচাঈলে৷ আমা’ মানুহবোঅ’ হাতত পইচা নাথাকেই৷ আমা’ হাতত পইচা নথকা কথা কোৱাত হিন্তে ক’লে পইচা বাবদ ধান দিলেও হ’ব৷ আউ¸ ছঅনাত এমোনকৈ ধঈ কোনে কিমান ধান দিব লাগিব ঠিক কঈলে৷ দুটা নাঙল, এখন কো’ আৰু তিনিটা ঘঅ’ বাবদ মই ১৫ মোন এদাং ধান দিবা লাগিব বুলি ক’লে৷ তেনেকৈ মানুহবোঅ’ ১০-১৫ মোন ধান কঅ’ হিচাপ দিলে৷ লগে লগে লাগিল গণ্ডগোল৷ আইজে একেমুখে ক’লে যে কোনেও ইমান ধান দিবা নোৱাএ৷ আইজে আগতেই ঠিক কঈ থৈছিল এদাঙতকৈ বেচি ধান ক’ হিচাপে নিদিয়ে৷ আইজে হিন্তক জনাই দিলে যে পতিঘএ এদাংকৈহে ধান দিবা পাঈব৷ তাতকৈ বেচি নোৱাএ৷’’

‘‘তা’পাছত?’’

‘‘হিন্তে কিন্তু নামানে৷ হিন্ত’ মতে এই নিঈখ হকলোতে কঈছে৷ গতিকে এই মতে দিবা লাগিব৷ আমিবোএ এদাঙতকৈ বেচি ধান দিবা আজি নহ’লং আউ¸ হিন্তেও হিন্ত’ কথাতে ধঈ থাকিল৷ পিছলৈকে একো হমাধান নোলাল৷ হেখ¸ত হিন্তে ধমকি দিলে যে যদি হিন্তে বিচআ মতে নিদিয়ে তেন্তে পুলিচ লৈ আহিব৷ আমিও যি ক’ কঈবি বুলি একেটা কথাতে থাকিলং৷ হেখত খং কঈ হিন্তে গুচি গ’ল৷ তা’ দুদিন’ পাছত হিন্তে আক’ আহিল৷ পথমবা’ আহংতে দহজনমান মানুহ আছিল৷ এইবা’ আিহল পোন্ধ’জনমান মানুহ৷ মানুহবোঅ’ হাতে হাতে লাখুটি৷ হিন্ত’ লগত দুজন বন্দুক লোৱা মানুহো আহিছিল৷ গউগাঈ চাঈখন আনিছিল৷ মৌজাদাঅ’ মানুহবোঅক দেখি তবধ মানিছিলং৷ হিন্তে আহিয়েই ঘএ ঘএ হুমাই যিয়ে যিমান ধান দিবা লাগে ভআলত হুমাই হিমান ধান উলিয়াই বস্তাত ভআলে৷ যিয়ে আপত্তি কঈলে তাক গুলীয়াই মাআ ভাবুকি দিলে৷ আমি বহুতে এইবা’ আধা নি পিছ’বা বাকীখিনি নিবা বাবে অনুউধ কঈছিলং৷ কিন্তু আমা’ কথা নামানিলে৷ আমা’ ভআল’ পআও পোন্ধ’ মোন এদাং ধান জুখি লৈ গ’ল৷ আউ¸  ধান দিবা নোৱআ মানুহ কিছুমান’ পআ মুৰ্গী-ছাগলী-গউ¸কে লৈ গ’ল৷ এই মৌজাদাজন হেনো ঢাকিয়াল মানুহ৷ ব’ নিষ্ঠু’৷ আমা’ অহমীয়া মৌজাদাবোএ অলপ এহাই দিয়ে৷’’

‘‘ইন্তে দেখোন ডকাইতিয়েই কঈছে৷ আউ নোৱাঈ৷ আমি ইয়া’ পতিবাদত যুদ্ধ এখন কঈবাই লাগিব৷’’

‘‘যুদ্ধ নহ’লেও পতিবাদ এটা হ’বা লাগে৷ নহ’লে আইজখন মঈ যাব৷ ক’ কমোৱা ব্যৱস্থা এটা কঈবা লাগে৷’’

তেমেকা কিছু সময় তভক মাৰি ৰ’ল৷ তাৰ এনেকুৱা লাগিল মৌজাদাৰৰ মানুহ আৰু ইংৰাজবোৰক যেন সি এফালৰ পৰা কচুকটা দি যাব৷

সৰুমায়ে তেমেকাক ক’লে– ‘‘কথাহে পাতি থাকা হৈছে৷ তই ভোকতহে আছ না, না কিবা খাই আহিছ একোৱেই হুধা নাই৷’’

‘‘মই ভাত খাই আহিছং৷ হেনাপতি ঘঅতে খাইছং৷’’

কথাত মনযোগ দি থাকোঁতে কোন সময়ত বেলি মাৰ গ’ল তেমেকাই গমেই নাপালে৷ চাৰিওফালে আন্ধাৰ হ’বলৈ ধৰাতহে সি কথাটো ধৰিব পাৰিলে৷ তাৰ ফুটুকীলৈ মনত পৰিল৷ ফুটুকীহঁতে এইবাৰ বেচি ধান পোৱা নাই৷ সি ভাবিলে এবাৰ ফুটুকীৰ ওচৰৰ পৰা অহাটো ভাল হ’ব৷ সি বহাৰ পৰা উঠিল৷ তাৰ ঘৰৰ মানুহবোৰে কামত ধৰিছে৷ ৰূপেশ্বৰ আৰু দেওৰামে গৰুকেইটা গোহালিত বান্ধিছে৷ মালতীয়ে চোতাল সাৰিছে৷ মাক সৰুমায়ে মাটিচাকি জ্বলাইছে৷

তেমেকাই বাৰাণ্ডাত মাটিচাকি জ্বলাই থকা মাকক ক’লে– ‘‘আই, মই গাঙ’ ফালে অলপ ওলাই যাং৷’’

‘‘অ যা৷ দেঈ নকঈবি৷’’

তেমেকা ঘৰৰ পৰা ওলাই ফুটুকীহঁতৰ ঘৰলৈ খোজ ল’লে৷ কৃষ্ণপক্ষ৷ লাহে লাহে আন্ধাৰ ডাঠ হৈ আহিছে৷ সি আন্ধাৰৰ মাজেৰে বাটটোৰ দুয়োকাষে থকা গছবোৰলৈ চাই পঠিয়ালে৷ সি আন্ধাৰতো ধৰিব পাৰিলে ফাগুন মাহৰ খৰাঙে সিহঁতক দুৰ্বল কৰি তুলিছে৷ আন্ধাৰৰ বাবে তেমেকাৰ খোজ ধীৰ হৈছে৷ সি লাহে লাহে গৈ ফুটুকীহঁতৰ ঘৰত উপস্থিত হ’ল আৰু মাত দিলে– ‘‘ফুটুকী/ অ ফুটুকী/ ঘঅত আছ না?’’

ঘৰৰ ভিতৰত মাটিচাকি দুটা জ্বলি আছে৷ ভিতৰৰ পৰা ফুটুকীয়ে মাত দিয়া শুনা গ’ল– ‘‘তেমেকা কাকা নাকি?’’

‘‘অ ময়েই৷’’

ফুটুকী হাতত মাটিচাকি এটা লৈ বাহিৰলৈ আহিল৷ তাই বাৰাণ্ডাত চাকিটো থৈ মাত দিলে– ‘‘তই আিহ পালি?’’

ফুটুকীৰ মাততে ধৰিব পাৰি তেমেকা ঘূৰি অহা বাবে তাই উৎফুল্লিত হৈ পৰিছে৷ তেমেকাই ক’লে– “অ, আহি পালং৷’’

“আহ, বাৰাণ্ডাতে বহহি৷”

ফুটুকীয়ে বাৰাণ্ডাত এখন ঢাৰি পাৰিলে৷ তেমেকাই চোতালৰ পৰা বাৰাণ্ডাত উঠি ঢাৰিখনত বহিল৷ ফুটুকীৰ দেউতাক বিহুৰাম আৰু মাক মিলেমাই ঘৰৰ বাহিৰলৈ আহি তেমেকাৰ খবৰ-বাতৰি ল’লে৷ তাৰপাছত তেওঁলোক পুনৰ ঘৰৰ ভিতৰ সোমাল৷

তেমেকাই ফুটুকীক সুধিলে– ‘‘ডকাইতবোএ তন্ত’ কিমান ধান নিলে?”

“কোন ডকাইত?”

“এই মৌজাদা’ আউ তা’ মানুহবো’৷”

“অ, হেইকেইটা৷ হেইকেইটা তই কোৱা দএ ডকাইতেই হয়৷ হিন্তে কাউ অনুউধ নুহুনিলে৷ আমা’ এটা নাঙল আউ এখন কো’ আছে৷ হেইমতে ধান লৈ গ’ল৷’

‘‘এতিয়া কিমান ধান আছেগৈ?”

“বেচি নাই৷ বছ’টোলৈ নুজুঈব৷ এতিয়া জংঘল’ পআ আলু-কচু বিচাঈ আনি খাবা লাগিব৷ পিতায়ে কৈছে এইবা’ আহুধান’ খেতি কঈব৷ নহ’লে খাবা নাপাম৷’’

“হয় খুআএ ঠিক কথাই চিন্তা কঈছে৷ দুবা’ খেতি কঈলেও বছঅত এবা’হে ক’ দিবা লাগিব৷ আমিও আহুখেতি কঈবা লাগিব৷ মানুহবোঅ’ কষ্ট হ’ব; কিন্তু উপায় নাই৷ বগা বঙালে যিবো’ নিয়ম কঈ গৈ আছে এনেকৈ হ’লে নহ’ব৷ আমা’ বেমা’-আজা’ হ’লে, কাম কঈবা নোৱাআ হ’লে কি হ’ব? হিন্তেতো ক’ এহাই নিদিব৷ গতিকে আমি পতিবাদ কঈব লাগিব৷ দঅকা হ’লে যঁুজিবা লাগিব৷”

“যঁুজ-বাগ’ কথাবিলাক ম’ ভাল নালাগে৷”

“কিন্তু নকঈলে নহ’ব৷ আমাক ইন্তে হুহি হুহি খাই পেলাব৷”

“অ কথা পাতিহে আছং৷ ত’ক একোৱেই খাবা দিয়া নাই৷”

ফুটুকী বহাৰ পৰা উঠিল আৰু তেমেকাক ক’লে– ‘ঘঅত একোৱেই নাই৷ লাওপানী অলপ আছে হ’বলা৷ তাকে খাবি না?”

“লাওপানী? হ’ব দে তাকে লৈ আহ৷”

ফুটুকী লাওপানী আনিবলৈ ঘৰৰ ভিতৰ সোমাল৷

তেমেকাই কথাবোৰ পাগুলি থাকিল– সিহঁতৰ ভৱিষ্যতৰ দিনবোৰ কি হ’বগৈ? আহি থকা দিনবোৰৰ সম্ভাৱ্য ঘটনাৱলীৰ এটা ৰূপৰেখা তাৰ মানসপটত ভাহি উঠিল৷

‘‘কাকা, ঘঅলৈ মাতিছে৷ ভাত খাবা হৈছে৷’’

দেউৰামৰ মাত শুনি ভাব সাগৰৰ পৰা তেমেকা ঘূৰি আহিল৷ মাত অহাৰ ফালে চাই সি দেউৰামক চোতালত থিয় হৈ থকা দেখিলে৷ সি তাক সুধিলে– ‘‘ভাত খাবা হ’লেই না?”

“অ, ভাত খাবা মাতিছে৷”

“তই গৈ থাক৷ মই অলপ পাছত গৈ আছং৷ ঘঅত ক’বি ভাত খাই থাকিবা দিছে৷ মই অলপ দেঈকে খাম৷”

“অ, তই আহি থাক৷”

দেউৰাম গুচি গ’ল৷

ফুটুকীয়ে বাঁহৰ চুঙা এটাত লাওপানী লৈ তেমেকাৰ কাষত হাজিৰ হ’ল৷ তাই লাওপানীৰ চুঙাটো তেমেকাৰ সন্মুখত থৈ ক’লে– “ইয়া’ লগত খাবা একোৱেই নাই৷”

“নালাগে, একো নালাগে৷ লাওপানী লগত একো নোহোৱাকৈয়ে খাবা পাঈ৷”

তেমেকাই চুঙাটো দাঙি লাওপানী এঢোক খাই আহি থকা দিনবোৰৰ কথা উলিয়ালে– “বুইছ ফুটুকী, ব’ বেয়া দিন আহিল৷ এই বগা বঙাল’ চঅকাএ আমাক যুদ্ধ কঈবা বাধ্য কঈব৷ তইতো গম পাৱ আমি এইকেইদিন কি কামত ঘূঈ ফুঈছিলং৷”

“জানং৷ যুদ্ধ এখন হ’বগৈ নাকি?”

“কিয়া নহ’ব? চবফাল’ মানুহবো’ গুজঈ আছে৷ কেইদিনমান আগতে আমা’ ইয়াতে যি ডকাইতি চলি গ’ল, এনে ডকাইতি চলি থাকিবা দিবা পাঈ জানো? আমি দেহাক পানী কঈ হাঅক মাটি কঈ কষ্ট কঈম আউ হিন্তে কঅ’ নামত আমা’ বস্তু-বাহানি লৈ যাব৷ হিন্তে আমা’ পআ বস্তু নি আআমত খাব আউ আমি পেটত গামোচা বান্ধি থাকিবা লাগিব? এইটো কেতিয়াও হ’বা নোৱাএ৷ আমি পতিবাদ কঈম, দঅকা’ হ’লে যুদ্ধ কঈ মঈম৷”

ফুটুকীয়ে তেমেকাৰ মুখখন দুহাতেৰে বন্ধ কৰিলে৷ তাই ক’লে– “এনেকুৱা কথা নক’বি৷ তই মঈব নোৱাঅ৷ ময়ো মঈব নোৱাঅং৷ আমি জীয়াই থাকিম৷ আমা’ বিয়া হ’ব৷ আমা’ লআ-ছোৱালী হ’ব৷ আমা’ সুখ’ হংখা’ হ’ব৷”

ফুটুকীয়ে আৱেগত কথাখিনি ক’লে যদিও ‘আমা’ লআ-ছোৱালী হ’ব’ বুলি কোৱা কথাষাৰ ভাবি তাইৰ লাজ লাগিল৷ তাই তেমেকাৰ মুখৰ পৰা হাত এৰুৱাই আনি তলমূৰ কৰি ৰ’ল৷ তাই লাজ কৰিছে বুলি ধৰিব পাৰি তেমেকাই তাইক জোকাবলৈকে দোহাৰিলে– “আমা’ বিয়া হ’ব৷ আমা’ লআ-ছোৱালী হ’ব৷”

‘ধেৎ/’ বুলি ফুটুকী বহাৰ পৰা উঠি ঘৰৰ ভিতৰ সোমাল৷ তেমেকাই হাঃ হাঃকৈ হাঁহি তাইক মাতিলে– “আহ ফুটুকী আহ৷ এইবো’ হঁচা কথা৷ আহ আহ৷”

তেমেকাই পুনৰ লাওপানীত মুখ লগালে৷ ফুটুকীয়ে ভিতৰৰ পৰা আহি তেমেকাক সুধিলে– “আউ লাওপানী দিম নাকি?”

“নালাগে৷ দেউআমে ভাত খাবলৈ মাতি থৈ গৈছে৷ মই গৈহে থাকং৷”

তেমেকাই চুঙাটোৰ লাওপানীখিনি শেষ কৰি বহাৰ পৰা উঠিল৷ এনেতে ফুটুকীয়ে তেমেকাক ক’লে– “অচোন অ৷ কথা এটা আছে৷ বহচোন৷

“কি কথা?”– তেমেকা পুনৰ বহি পৰিল৷

“হিদিনা গঐমাঈ গাঙ’ ডেকা এটাই ম’ক জোকাই গদালীবঈয়া গীত গাইছিল৷ মই আউ মেলেঙীয়ে ডোবাত জাকৈ মাঈ আছিলং৷ হি কৈছিলে ম’ক হেনো তা’ ব’ ভাল লাগিছে৷ মই আউ মেলেঙীয়ে তাক খেদিলং৷ বেচেআই ম’হ’ পিঠি পআ নামি পলাইহে বাচিলে৷”

“ধুনীয়া গাভউ ছোৱালী দেখি এনেই জ’কাইছিল চাগে’৷”

“কথাটো তেনেকুৱা নহয়৷ হেইটো ভেবেলীঅ ককায়েক৷ ভেবেলীয়ে হিদিনা ম’ক কৈছিলে হি হেনো ম’ক ব’ মন খাইছে৷ বিয়া পাতিব খোজে৷ মই ভেবেলীক কৈ দিছং ত’ লগত ম’ ভালপোৱা থাকা বুলি৷ দিগদা’ নকঈবা কৈ দিছং৷”

“ঠিকে কঈছ৷ কি নাম তা’?”

“গেএলা না গেলাই বোলে তা’ নামটো৷”

“আক’ যদি দিগদা’ কএ ম’ক ক’বি৷ ঘঅতে গেলাইক পিটি থৈ আহিমগৈ৷”

তেমেকাই ফুটুকীৰ গালত চিকুট এটা মাৰি তাইৰ পৰা বিদায় লৈ ঘৰলৈ বুলি খোজ দিলে৷

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ