মৃদুল শৰ্মা
২৩
দুৰ্যোধন৷
প্ৰথমে
আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতা আনন্দদায়কভাৱে দ্যুতক্ৰীড়াই হৈছিল৷ মোৰ লক্ষ্য
আছিল পাণ্ডৱৰ হাতৰপৰা ইন্দ্ৰপ্ৰস্থ হস্তগত কৰা৷
সকলো
সা-সম্পত্তিসহ ইন্দ্ৰপ্ৰস্থ নগৰো হেৰুওৱাৰ পাছত মামা শকুনিয়ে বাৰে বাৰে
যুধিষ্ঠিৰক ক্ৰীড়া ত্যাগ কৰিবলৈ কৈছিল৷ অৱশ্যেই মামাৰ কথাৰ সুৰত কিছু ব্যঙ্গ আৰু
কিছু পৰোক্ষ কটাক্ষও আছিল৷ যুধিষ্ঠিৰে এজন এজনকৈ নিজৰ ভাতৃক পণ হিচাপে ৰাখি ক্ৰমে
ক্ৰমে পৰাস্ত হওঁতে মই জয়ৰ আনন্দত আত্মহাৰা হৈছিলোঁ সঁচা৷ কিন্তু একে সময়তে মই
অনুভৱ কৰিছিলোঁ যে দ্যুতক্ৰীড়াই যেন নিজৰ চৰিত্ৰ সলনি কৰিবলৈ উপক্ৰম কৰিছে৷ ঘটি
থকা ঘটনাবোৰ যেন ভালৰ কাৰণে ঘটা নাই, তেনে লাগিছিল মোৰ৷
হস্তিনাপুৰৰ
ৰাজসভা তেতিয়া কেৱল মামা শকুনিৰ বক্তব্য ৰজনজনাই গৈছিল৷ উদাত্ত কণ্ঠৰে তেওঁ বাবে
বাৰে ভ্ৰাতা যুধিষ্ঠিৰক ক্ৰীড়া ত্যাগ কৰিবলৈ আহ্বান জনাইছিল৷
‘মহাৰাজ
যুধিষ্ঠিৰ, এনেকৈ সমগ্ৰ ৰাজ্যধনৰ লগতে ভাতৃগণক হেৰুৱাই
তুমি কি পাইছা? সম্প্ৰতি তুমি ক্ৰীড়া পৰিত্যাগ কৰা উচিত৷ তুমি
ভাবিছিলা যে তুমি এজন নিপুণ দ্যুতক্ৰীড়াৱিদ৷ কিন্তু আচলতে তুমি দ্যুতক্ৰীড়াৰ
প্ৰাথমিক কথাখিনিয়ে নাজানা৷’
মাতুল
শকুনিৰ বাক্যাঘাতত যুধিষ্ঠিৰ অপমানিত আৰু প্ৰৰোচিত হৈছিল বাৰে বাৰে৷ অহংকাৰী
যুধিষ্ঠিৰ কোনো চৰ্তৰ বিনিময়তেই পৰাজিত হ’বলৈ প্ৰস্তুত নাছিল যি আছিল তেওঁ পৰাস্ত
হোৱাৰ অন্যতম কাৰণ৷
মোৰ
মন গৈছিল, মামা শকুনিক ক্ৰীড়া সামৰিবলৈ অনুৰোধ জনাবলৈ৷ কিন্তু কৰ্ণ, সুশাসন
আদিয়ে পৰিৱেশটো এনেকুৱা কৰি ৰাখিছিল যে মই ইচ্ছাক সম্বৰণ কৰি তেওঁলোকৰ সৈতে আনন্দত
ভাগ ল’বলৈ বাধ্য়ত পৰিছিলোঁ৷
ইতিমধ্যে
যুধিষ্ঠিৰে নকুল আৰু সহদেৱক পণ হিচাপে ৰাখি হেৰুৱাইছিল৷
তেনে
সময়তে আমাৰ কণিষ্ঠ ভাতৃ বিকৰ্ণই সকলোকে আচৰিত কৰি চীৎকাৰ কৰি উঠিছিল–
‘মহাৰাজ,
এই
ক্ৰীড়া দ্যুতক্ৰীড়া হৈ ৰোৱা নাই৷ অনুগ্ৰহ কৰি এই ক্ৰীড়া বন্ধ কৰক৷ ই
দ্যুতক্ৰীড়াৰ পৰা সমাহ্ৰয়লৈহে অৱনমিত হ’বলৈ আৰম্ভ কৰিছে৷ প্ৰকৃততে ই তাতকৈও
নিম্নগামী হৈছে৷ কাৰণ মামা শকুনিৰ কথামতে ভ্ৰাতা যুধিষ্ঠিৰে ক্ৰমে ক্ৰমে আমাৰ
ভাতৃসকলকো পণ ৰখা আৰম্ভ কৰিছে৷ ই অন্যায় হৈছে, মহাৰাজ৷’
মামা
শকুনিয়ে তেতিয়া যুধিষ্ঠিৰক কৈছিল–
‘ভাগিন
যুধিষ্ঠিৰ, বিকৰ্ণই কোৱা কথাষাৰো অৱশ্যে মিছা নহয়৷ কথাবোৰ
দেখোন বেলেগ হ’বলৈ ধৰিছে৷ এই ক্ৰীড়া বন্ধ কৰোঁ নেকি, ধৰ্মপুত্ৰ
যুধিষ্ঠিৰ? তুমি কিন্তু ইতিমধ্যে তোমাৰ দুজন ভাতৃক
হেৰুৱাইছা৷ এতিয়া তেওঁলোকক উদ্ধাৰ কৰাটোও তোমাৰ কৰ্তব্য৷ অৱশ্যে মই এই বিষয়টো
তোমাৰ বিৱেচনাৰ ওপৰতে এৰি দিছোঁ৷’
‘ক্ৰীড়া
অব্যাহত থাকক৷ এতিয়াও মই মোক হেৰুওৱা নাই৷’
যুধিষ্ঠিৰৰ
কথাষাৰে মোক আচৰিত কৰি তুলিছিল৷ সম্ভৱতঃ ৰাজসভাৰ সকলোকে৷ সম্ভৱতঃ তেওঁৰ অহমিকা আহত
হৈছিল৷ সম্ভৱতঃ সেই কাৰণেই পিতামহ ভীষ্ম প্ৰমুখ্যে সকলোৱেই মৌনতা অৱলম্বন কৰিছিল৷
আৰু
তাৰ পাছত?
তাৰ পাছত যুধিষ্ঠিৰে অৱলীলাক্ৰমে ভীমাৰ্জুনকে ধৰি স্বয়ং নিজকো হেৰুৱাইছিল৷ প্ৰকৃততে অহঙ্কাৰী ব্যক্তিয়ে অপমানবোধত কেনে ভ্ৰান্তিৰ কবলত পৰে সেইদিনা যুধিষ্ঠিৰক স্বচক্ষে প্ৰত্যক্ষ কৰি মই মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ।
ক্ৰীড়া
সমাপ্ত হ’ল বুলি ভাবি মই স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ৷ কিন্তু মামা শকুনিয়ে সকলোকে
আকৌ এবাৰ আচৰিত কৰি তুলিছিল৷
‘ধৰ্মৰাজ,
এতিয়া
আৰু আপোনাৰ সম্পত্তি বুলি একোৱেই নাই৷ গতিকে ক্ৰীড়া সমাপ্ত হোৱা বুলি ধৰিব পাৰিনে?’
যুধিষ্ঠিৰৰ
মনত সেই সময়ত কি অমানুষিক শক্তি ক্ৰিয়াশীল হৈ আছিল সম্ভৱতঃ তেওঁ নিজেও বুজি পোৱা নাছিল৷ এটা
আহত সিংহৰ দৰে তেওঁ হিতাহিত বোধজ্ঞান হেৰুৱাই পেলাইছিল নেকি!
‘এইবাৰ মই পণ হিচাপে ৰাখিলোঁ অগ্নিসম্ভূতা কুলজা মহাৰাণী দ্ৰৌপদীক৷’
যুধিষ্ঠিৰে
দ্ৰৌপদীক মহাৰাণী বুলি উচ্চাৰণ কৰোঁতে আকস্মিকভাৱ মোৰ হাঁহি উঠি গৈছিল৷ কাৰণ
তেতিয়া যুধিষ্ঠিৰ নিজে হৈ পৰিছিল মোৰ দাস৷
যি
নহওক, শেষ পৰ্যন্ত দ্ৰৌপদীও মোৰ দাসী হৈ পৰিছিল৷
আৰু
তেতিয়াই, অৱশ্যেই তেতিয়াই মই ইন্দ্ৰপ্ৰস্থৰ ৰাণী হৈ থাকোঁতে তেওঁ মোক কৰা অপমানৰ প্ৰতিশোধ ল’বলৈ উদ্বাউল হৈ উঠিছিলোঁ৷
‘অন্ধৰ
পুত্ৰ অন্ধই হ’ব৷’
ইন্দ্ৰপ্ৰস্থৰ
ৰাজপ্ৰাসাদৰ দ্বিতীয় স্তৰৰ অলিন্দ্যৰপৰা দ্ৰৌপদীয়ে দাসীসকলক মোলৈ দেখুৱাই কৈছিল৷
তেতিয়া
মই তৎপৰতাৰে সেই স্ফটিক স্বচ্ছ জলাশয়ৰপৰা পাৰলৈ উঠি মোৰ সিক্তবস্ত্ৰ পৰিৱৰ্তন
কৰিছিলোঁ৷ হস্তিনাপুৰৰ সৈতে সম্পৰ্ক থকা, মহান কুৰুবংশৰ কোনোবা পুৰনাৰীয়ে
সিক্তবস্ত্ৰ পৰিৱৰ্তন কৰিব খোজা কোনো পুৰুষক দেখি আঁতৰি যোৱাৰ পৰিৱৰ্তে তেনেকৈ
তাচ্চিল্য কৰিব পাৰে বুলি মোৰ ধাৰণা নাছিল৷ সমগ্ৰ জম্বুদ্বীপত
ভদ্ৰজন বুলিয়ে কুৰুবংশৰ মানুহৰ খ্যাতি আছে৷
... মই
কোনো কাৰণতে ইন্দ্ৰপ্ৰস্থৰ ৰাণী দ্ৰৌপদীক অপমান কৰিব খোজা নাছিলোঁ৷ কাৰণ মোৰ বংশৰ
এগৰাকী কুলবধু হিচাপে তেওঁৰ সম্মান ৰক্ষাৰ দায়িত্ব পৰোক্ষভাৱে হ’লেও মোৰো কিছু
আছিল৷ কিন্তু, তাৰ মাজতো কুৰুবংশৰ সন্তান হৈও নিজকে পাণ্ডৱ
বুলি পৃথকে পৰিচয় দিবলৈ আৰম্ভ কৰা যুধিষ্ঠিৰাদিৰ পত্নী দ্ৰৌপদীৰ কিবা অপমান যদিও
সেইদিনা হৈছিল তেন্তে সেয়া আছিল বৈধ, কাৰণ তেতিয়া দ্ৰৌপদী সেই মুহূৰ্তৰেপৰা
বৈধভাৱে আছিল মোৰ সম্পত্তি৷
পিতৃমহাৰাজ
ধৃতৰাষ্ট্ৰই দয়াপৰৱশ হৈ তেওঁলোকক মুক্তি দিলেও তেনেকৈ মুক্তি প্ৰদান কৰাৰ অধিকাৰ
প্ৰকৃততে তেওঁৰ নাছিল৷ কাৰণ মাতুল শকুনিয়ে সেইদিনা দ্যুতক্ৰীড়াত মোৰ হৈহে অংশ
গ্ৰহণ কৰিছিল, মোৰ পিতৃদেৱৰ হৈ কৰা নাছিল৷ গতিকে এই মুহূৰ্ততো
ধৰ্মতঃ তেওঁলোক মোৰ দাস-দাসী৷
মই
স্বেচ্ছায় পঞ্চদাস পাণ্ডৱৰ উত্তৰীয়কে ধৰি উৰ্ধ্বাংশৰ বস্ত্ৰ-অলঙ্কাৰাদি অপসাৰণ
কৰাইছিলোঁ৷ দাসী দ্ৰৌপদীকো মই তেনে কৰিবলৈ নিৰ্দেশ দিব পাৰিলোহেঁতেন৷ কিন্তু বংশৰ
কুলবধু এগৰাকীৰ সম্মানৰ প্ৰতি মোৰ সজাগতাৰ অভাৱ তেতিয়াও হোৱা নাছিল আৰু আজিও হোৱা নাই৷ ইমান নীচ দৃষ্টিভঙ্গীৰ
শিক্ষা তথা সংস্কাৰ অন্ততঃ আমি কদাপি কাৰোপৰাই পোৱা নাই৷
কিন্তু দ্যুতক্ৰীড়াৰ সেই বিশেষ দিনটোৰ পাছৰপৰাই হস্তিনাপুৰৰ লগতে আন আন ৰাজ্যতো সৰ্বসাধাৰণৰ মাজত কেনেকৈ যে দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰি অপমানিত কৰা হৈছিল বুলি প্ৰচাৰ হৈছিল, ভাবি মই আজিও আচৰিত হওঁ৷ কিবা এক শক্তিয়ে অদৃশ্যভাৱে যেন সমগ্ৰ জীৱন মোৰ বিৰুদ্ধেই খেলি গ’ল৷ সেই শক্তি সম্পৰ্কে স্পষ্ট প্ৰমাণ মোৰ হাতলৈ কদাপি নাহিল যদিও মহামন্ত্ৰী বিদূৰ আৰু পাণ্ডৱৰ যজমান ধৌম্যই সেই শক্তিৰ প্ৰথম গোপন উদ্যোক্তা আছিল যেন মোৰ অনুমান হয়৷
পৰৱৰ্তী সময়ত অৱশ্যে পাণ্ডৱৰ
অনিমন্ত্ৰিত উপদেষ্টা কৃষ্ণই সেই প্ৰাথমিক শক্তিত ঘৃতাহুতি দিয়াৰ অনেক প্ৰমাণ আমি
লাভ কৰিলোঁ৷
পাণ্ডৱৰ
সৈতে যাদৱ কৃষ্ণৰ এই যে আকস্মিক মৈত্ৰী, ইয়াৰ উদ্দেশ্য কি হ’ব পাৰে? কৃষ্ণৰ
উদ্দেশ্য কি? পাণ্ডৱক হস্তিনাপুৰত প্ৰতিষ্ঠা কৰা? তাৰদ্বাৰা
তেওঁৰ কি উদ্দেশ্য সাধন হ’ব? স্বাৰ্থৰ অবিহনেতো যাদৱ কৃষ্ণই একো কামতে অংশ
গ্ৰহণ নকৰে৷ তেন্তে?
কৃষ্ণৰ
জ্যেষ্ঠ বলৰামে তেওঁলোকৰ ভগ্নী সুভদ্ৰাৰ পাণিগ্ৰহণ কৰিবলৈ মোক অনুৰোধ জনাইছিল৷ ময়ো
কাৰ্যতঃ সুভদ্ৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিলোঁ৷ কিন্তু অৰ্জুনে সুভদ্ৰাক হৰণ কৰি
বিৱাহ কৰালে কৃষ্ণৰ গোপন মন্ত্ৰণাতে৷ এই কাৰ্যৰ তাৎপৰ্য কি হ’ব পাৰে?
হস্তিনাপুৰৰ
ৰাজ সিংহাসনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা গৃহকন্দলক কৃষ্ণই বাৰু আন কিবা উদ্দেশ্যত
ব্যৱহাৰ কৰিব খুজিছে নেকি?
মোৰ
মনত যত প্ৰশ্নৰে উপস্থাপন নহওক কিয়, এই মুহূৰ্তত শীতল মস্তিষ্কৰে এই বিষয়ে
আলোচনা কৰিবলৈও মোৰ কাষত কোনো নাই৷ ৰাজনীতি পাৰ্গত পিতামহ ভীষ্মৰ সৈতে কথা পাতিবলৈ
মই আগ বাঢ়িব খুজিলেও তেখেতে মোক ৰাজনৈতিকভাৱে শিশুতকৈও তুচ্ছজ্ঞানহে কৰে৷
কিন্তু
মই নিশ্চিত, যুধিষ্ঠিৰকে ধৰি পাণ্ডৱে বুজি পোৱাই নাই যে
কৃষ্ণই তেওঁলোকক অৱলম্বন কৰি আন কিবা উদ্দেশ্যহে সাধন কৰিবলৈ অগ্ৰসৰ হৈছে৷ সমতা
আৰু সমৃদ্ধিৰ প্ৰলোভন সাধাৰণতে ব্যক্তিক বিপথে পৰিচালনা কৰাৰ বাবে এক অতুলনীয়
শক্তি৷ কৃষ্ণই সেই শক্তিৰেই যে পাণ্ডৱৰ অৱলম্বন হৈ উঠিছে মই সঠিকভাৱেই অনুমান
কৰিছিলোঁ৷
কিন্তু
পাণ্ডৱগণ ইমান মূৰ্খনে যে আকস্মিকভাৱে আহি তেওঁলোকৰ সৰ্বেসৰ্বা হ’ব খোজা এজন
ব্যক্তিৰ হাততে তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যৎ সমূলি তুলি দিব পাৰিছে৷
সাংঘাতিকভাৱে
চতুৰ এই জম্বুদ্বীপৰ ৰাজনৈতিক গগনত কৃষ্ণ নামৰ নৱোদিত ৰাজনৈতিক ব্যক্তিজন৷
...
২৪
যুধিষ্ঠিৰ৷
হস্তিনাপুৰৰ
ৰাজ সিংহাসনৰপৰা আমাৰ পিতৃ কুৰুবংশী মহাৰাজ পাণ্ডু কিয় আঁতৰি গৈছিল অথবা কেনেকৈ
আঁতৰ হৈছিল?
কিবা
অভিসন্ধি কৰি তেওঁক আঁতৰ কৰা হৈছিল নেকি?
জ্ঞান
হ’বৰ দিন ধৰি মই এই প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰি আহিছোঁ৷
মাতৃদেৱী
কুন্তীৰপৰা জানিব পৰা মতে পিতৃয়ে মনতে সিংহাসনৰ প্ৰতি বিৰাগ অনুভৱ কৰিছিল সঁচা,
কিন্তু
সিংহাসন ত্যাগ কৰাৰ কথা ভবা নাছিল৷ পিতৃব্য বিদূৰৰ মতে আমাৰ জ্যেষ্ঠপিতা
ধৃতৰাষ্ট্ৰ সিংহাসনৰপৰা বঞ্চিত হৈ ক্ষুব্ধ আৰু ক্ৰুদ্ধ হৈ পৰিছিল৷ সেয়ে পিতৃদেৱ
সিংহাসনত আৰোহণ কৰাৰ দিন ধৰি জ্যেষ্ঠপিতা ধৃতৰাষ্ট্ৰই প্ৰকাৰান্তৰে কৌশলপূৰ্ণ
ৰাজদ্ৰোহ আচৰণ কৰি আহিছিল৷ ফলত হস্তিনাপুৰৰ গৰিমা ক্ষীয়মাণ হৈ পৰাৰ আশঙ্কাই দেখা
দিছিল৷ প্ৰকৃততে ক্ৰমে ক্ৰমে হস্তিনাপুৰে সমসাময়িক ৰাজ্যবোৰৰ মাজত নিজৰ পূৰ্বৰ
মৰ্যাদা হেৰুৱাবলৈ আৰম্ভই কৰিছিল৷
তেনে
অৱস্থাত পিতামহ ভীষ্মই হস্তিনাপুৰৰ ভৱিষ্যতৰ কথা ভাবিয়েই পিতৃমহাৰাজক সিংহাসনৰপৰা
অপসাৰণ কৰিছিল আৰু ধৃতৰাষ্ট্ৰক অধিস্থিত কৰিছিল৷
সেই
সময়তে হেনো সিদ্ধান্ত কৰা হৈছিল, ধৃতৰাষ্ট্ৰ বা পাণ্ডু যাৰে সন্তান নহওক
জ্যেষ্ঠ কুমাৰজনেই ভৱিষ্যতৰ সিংহাসনৰ অধিকাৰী হ’ব৷
পিতৃদেৱে
তেতিয়া মাতৃ কুন্তী আৰু মাদ্ৰীৰ সৈতে শতশৃঙ্গ পৰ্বতত আশ্ৰম প্ৰতিষ্ঠা কৰি বসতি
কৰিবলৈ আৰম্ভ কৰিছিল৷ বিভিন্ন ঋষি আৰু যজমানৰ আগমন ঘটিছিল আমাৰ আশ্ৰমলৈ৷
শাস্ত্ৰালোচনা আৰু যজ্ঞৰ ধোঁৱাৰে আশ্ৰম সৰ্বদা মুখৰিত হৈ আছিল৷
আমাৰ
জন্মও সেই আশ্ৰমতে৷
পিতৃদেৱ
বা মাতৃদ্বয়ে আমাক কদাপি আমি যে ৰাজকুমাৰ সেই কথা কোৱা নাছিল৷ প্ৰথমে আশ্ৰমলৈ
প্ৰায়ে আহি থকা পিতৃব্য বিদূৰৰ মুখত শুনিহে আমি যে ৰাজকুমাৰ আৰু আমাৰ পিতা যে
হস্তিনাপুৰৰ ৰজা সেইকথা জানিব পাৰিছিলোঁ৷ ৰজা কি, ৰাজ্য কি,
ৰাজধানী
কেনেকুৱা, ৰাজকুমাৰ মানেনো কি আমি একোকে নাজানিছিলোঁ৷ পিতৃব্যকে জিজ্ঞাসা
কৰিছিলোঁ আৰু তেখেতেই আমাক ৰাজকীয় জীৱনৰ সুখ-সম্ভোগ, শক্তি-ক্ষমতা
সম্পৰ্কে আভাস দিছিল৷
তেখেতে
আনকি আমাৰ পিতৃদেৱতাক পুনৰ হস্তিনাপুৰলৈ প্ৰত্যাগমন কৰিবলৈও বাৰে বাৰে আহ্বান
জনাইছিল৷ তেখেতে পিতৃদেৱক কৈছিল যে আমাক ক্ষত্ৰিয়বিদ্যাৰ উচিত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাৰ সময় হৈছে৷ মাতৃ কুন্তীয়েও পিতৃব্যৰ আহ্বানৰ প্ৰতি সমৰ্থন আগ
বঢ়াইছিল৷
পিতৃদেৱৰ
মুখমণ্ডলৰ ক্ষীণ আভাস এটাহে স্মৃতিস্বৰূপে মোৰ মাজত আছে৷ মই আশৈশৱ পিতৃদেৱতকৈও
পিতৃব্য বিদূৰৰ স্নেহ লাভ কৰিছিলোঁ অধিক৷ তেখেতে ভৱিষ্যতে মোক হস্তিনাপুৰৰ ৰাজ
সিংহাসনৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ যত্ন কৰিছিল৷ শাস্ত্ৰজ্ঞ ঋষিসকলৰ মাজত হোৱা
ধৰ্ম-অৰ্থ-কাম-মোক্ষ সম্পৰ্কীয় আলাপ-আলোচনাবোৰ শুনি মনত ৰাখিবলৈ কৈছিল আৰু
যজমানবৰ্গৰ সৈতে সদ্ভাৱ ৰক্ষা কৰিবলৈ উপদেশ দিছিল৷
মাজে
মাজে বেদব্যাস মহোদয়েও পদাৰ্পণ কৰিছিল আমাৰ আশ্ৰমত৷ তেখেতে আমাক জগতখন কিমান বিশাল
তাৰ ধাৰণা দিছিল৷
পিতৃব্য বিদূৰে আনি দিয়া সৰু সৰু অস্ত্ৰৰে আমি পৰস্পৰৰ মাজতে অনুশীলন কৰিছিলোঁ৷ তেতিয়া
আমাৰ একো ধাৰণাই নাছিল যে সেই অস্ত্ৰই আমাৰ জীৱনৰ অন্তিম বন্ধু অথবা শত্ৰু হৈ
পৰিবগৈ৷
পিতৃদেৱৰ
আকস্মিক বিয়োগত আমি দিশহাৰা হৈ পৰিছিলোঁ৷ তাতকৈও ডাঙৰ কথা, আমাৰ বিমাতৃ
মাদ্ৰীদেৱীয়েও পিতৃৰ বিয়োগৰ অব্যৱহিত পৰৱৰ্তী সময়তে প্ৰাণত্যাগ কৰিছিল৷ আশ্ৰমত
উপস্থিত ঋষি আৰু যজমানসকলে আলোচনা কৰি তাৎক্ষণিকভাৱে আমাক লৈ হস্তিনাপুৰলৈ গমন
কৰিছিল৷
হস্তিনাপুৰত
কোৱা হৈছিল যে পিতৃৰ সৈতে সহমৰণ বৰণ কৰিলে আমাৰ বিমাতৃ মাদ্ৰীদেৱীয়ে৷
আমাক
পাণ্ডুপুত্ৰ ৰূপে পৰিচয় কৰাই দিয়া হ’ল আৰু তেতিয়াৰপৰাই আমি হস্তিনাপুৰৰ ৰাজকুমাৰৰ
মৰ্যাদা লাভ কৰিলোঁ৷ শতশৃঙ্গ পৰ্বতৰ মাজৰ কষ্টকৰ, আৱদ্ধ আৰু
আৰণ্যক জীৱনৰ তুলনাত ৰাজধানীৰ সুখ-স্বাচ্ছন্দ্য কিমান আকৰ্ষণীয় লাহে লাহে আমি
উপলব্ধি কৰিলোঁ৷
মাতৃদেৱীৰ
সৈতে গোপনে কথা পাতি মই তেতিয়া এটা স্থিৰ সিদ্ধান্তত উপনীত হৈছিলোঁ যে হয়, এনে
বিলাস-ব্যসন আৰু ক্ষমতাৰ কাৰণেই আমাৰ পিতা মহাৰাজক সিংহাসনৰপৰা কৌশলেৰে অপসাৰণ কৰা
হৈছিল৷
মই
ক্ৰমে ক্ৰমে দৃঢ়প্ৰতিজ্ঞ হ’লোঁ, যিকোনো প্ৰকাৰেই হস্তিনাপুৰৰ
ৰাজসিংহাসনৰ অধিকাৰ কুক্ষিগত কৰিমেই! মোৰ ভাতৃসৱকো লাহে লাহে মই ইতিহাস আৰু
সমসাময়িক বাস্তৱতাৰ আধাৰত ভৱিষ্যতৰ কাৰণে সাজু কৰিবলৈ আৰম্ভ কৰিলোঁ৷
মাতৃদেৱী
কুন্তী আৰু পিতৃব্য বিদূৰে অন্তৰালৰপৰাই আমাক প্ৰস্তুত কৰি তোলাত বিশেষ ভূমিকা
পালন কৰিলে৷
আমাক
প্ৰথমতে হস্তিনাপুৰত আমাৰ পিতৃব্য বিদূৰে এক প্ৰকাৰ আচৰিত কৰিয়ে পেলাইছিল৷ ভাতৃ
সুযোধনৰ কথা তেখেতে দুৰ্যোধন বুলি কৈছিল৷ একেদৰেই সুশাসনৰ কথা কৈছিল দুঃশাসন বুলি৷
দুৰ্যোধনাদি শতভ্ৰাতাৰ অনেকৰ নামত থকা ‘সু’ বিশেষণটোক তেখেতে ‘দুঃ’ বুলি কৈছিল৷
প্ৰথমে আমি আচৰিত হৈছিলোঁ৷ পৰৱৰ্তী সময়ত মাতৃদেৱীয়ে আমাক বুজাইছিল যে ধৃতৰাষ্ট্ৰৰ
পুত্ৰগণ অধৰ্মৰ প্ৰতীক হোৱাৰ বিপৰীতে আমি ধৰ্মৰ প্ৰতীক৷ গতিকে অধৰ্মৰ কবলত পৰি
নিজৰ অনিষ্ট নকৰি শক্তি-সামৰ্থ্য সঞ্চয় কৰি সেই অধৰ্মক বিনাশ ঘটাই ধৰ্ম প্ৰতিষ্ঠা
কৰাটোহে আমাৰ একমাত্ৰ লক্ষ্য হ’ব লাগে৷
হস্তিনাপুৰত
আমাৰ বসতি আৰম্ভ হোৱাৰপৰাই পিতৃব্য বিদূৰে বিশেষকৈ মোক মোৰ আচৰণ, কথোপকথন
আদিৰ দিশত গুৰুত্বসহকাৰে প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে৷ মোক ভাবৰ আদান-প্ৰদানত
যথোচিত চিন্তাৰে প্ৰাসঙ্গিক শাস্ত্ৰৰ সূত্ৰ স্মৰণ কৰি ধীৰ-স্থিৰভাৱে ক’বলৈ শিকোৱা
হ’ল৷ খং বা দ্বেষভাব মনত উদয় হ’লেও নিজকে সংযত কৰি মুখমণ্ডলত স্মিত হাঁহি
অভিব্যক্ত কৰি কেনেদৰে ভাব প্ৰকাশ কৰিব লাগে সেইবোৰৰ প্ৰশিক্ষণ দিছিল৷ অৱশ্যে
হস্তিনাপুৰলৈ অহাৰ পূৰ্বেও পিতৃব্যই শতশৃঙ্গ পৰ্বতত মাজে মাজে গৈ মোক এইবোৰ কথা
শিকাইছিল যদিও তেতিয়া এনে কথাৰ প্ৰায়োগিক প্ৰয়োজন সম্পৰ্কে ধাৰণা কৰিব পৰা
নাছিলোঁ৷ কিন্তু হস্তিনাপুৰত ৰাজপুৰুষসকলৰ কথোপকথন, আচৰণ আদি লক্ষ্য
কৰি এনে শিক্ষাৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিলোঁ৷
মাতৃ
কুন্তীয়ে মোক বাৰম্বাৰ কৈছিল যে মই হ’ব লাগিব ভৱিষ্যতৰ হস্তিনাপুৰৰ মহাৰাজ৷ গতিকে
মোৰ আচৰণ, ব্যক্তিত্ব, জ্ঞান আদি সকলো ৰাজকুমাৰতকৈ পৃথক হ’বই
লাগিব৷ মোৰ আচৰণ প্ৰজাসাধাৰণে সদাচাৰ বুলি স্বীকৃতি দিব পৰা হ’বই লাগিব৷
ময়ো
কঠোৰ অনুশীলন আৰু অধ্যয়নৰ যোগেদি তেনে আচৰণ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰিছিলোঁ৷
কৈশোৰতে
ভীম আৰু দুৰ্যোধনৰ প্ৰতিদ্বন্দ্বিতাৰ মনোভাৱে যেন আমাক ভৱিষ্যতৰ কঠিন পথৰ সঙ্কেত
দিছিল৷ শৈশৱৰপৰাই মোৰ ভাতৃ ভীমসেন শাৰীৰিক শক্তিত অতুলনীয়৷ সেই শক্তিৰ পৰীক্ষণৰ
বাবে তেওঁ কাৰোবাৰ সৈতে দ্বন্দ্বযুদ্ধাদি কৰিবই লাগিব৷ কিন্তু ভীমৰ সৈতে
দ্বন্দ্বযুদ্ধৰ প্ৰতিদ্বন্দ্বী হ’বলৈ দুৰ্যোধন বা দুঃশাসন আগ বাঢ়ি আহিব
নালাগিছিল৷ তেওঁলোক ভীমৰ হাতত বাৰম্বাৰ শাৰীৰিকভাৱে লাঞ্চিত হৈছিল, কেতিয়াবা
আঘাত গুৰুতৰো হৈ উঠিছিল৷ কিন্তু তাত একো অস্বাভাৱিকতা অন্ততঃ মই, মাতৃদেৱী
কিম্বা পিতৃব্য বিদূৰে দেখা নাছিলোঁ৷
কাৰণ
আমি অৰণ্যৰ মাজত শৈশৱৰ বছৰবোৰ অতিক্ৰম কৰি আহিছোঁ৷ আৰণ্যৰপৰা আহি হস্তিনাপুৰত
থাকিবলৈ আৰম্ভ কৰা আমাৰ দৰে কঠোৰ কিশোৰৰপৰা নগৰৰ জীৱন চৰ্যাত অভ্যস্ত কোমল শৰীৰৰ
দুৰ্যোধনাদি আঁতৰি থকাই মঙ্গলজনক আছিল৷
কিন্তু
ভীমে সেই বয়সৰপৰাই প্ৰকৃত ক্ষত্ৰিয় ৰক্তৰ পৰিচয় দি উপযুক্ত প্ৰতিযোদ্ধা হিচাপে
দুৰ্যোধনকে বাৰম্বাৰ প্ৰত্যাহ্বান জনাইছিল৷ দুৰ্যোধন আছিল আত্মাভিমানী৷ গতিকে তেওঁ
ভীমৰ সমীপৰপৰা পলায়ন কৰাৰ পৰিৱৰ্তে বাৰে বাৰে ভীমৰ মুখামুখী হৈছিল আৰু পৰাস্ত
হৈছিল৷
সেই
সময়ৰপৰাই প্ৰকৃততে হস্তিনাপুৰ পুনৰুদ্ধাৰৰ স্বপ্নই মোক উদ্বাউল কৰি তুলিছিল৷
দুৰ্যোধন মহাৰাজ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠপুত্ৰ হোৱা বাবে তেওঁকে যুৱৰাজ ঘোষণা কৰাটোৱেই
এশ শতাংশ সম্ভাৱনা আছিল যি মোৰ সম্মুখত একমাত্ৰ আশঙ্কা হৈ শান্তিৰে নিদ্ৰামগ্ন
হ’বলৈও দিয়া নাছিল৷
ভীমৰ
শাৰীৰিক সক্ষমতাৰ মুখ্য ৰহস্য আছিল তেওঁৰ খাদ্যাভ্যাস৷ যিকোনো পৰিমাণৰ
খাদ্যসামগ্ৰীয়েই তেওঁলৈ কম হৈছিল৷ সেয়ে আমি সকলোৱে তেওঁক মাজে মাজে ধেমালিতে
বৃকোদৰ বুলি সম্বোধন কৰিছিলোঁ৷ পেটত জুই একুৰা নাথাকিলে বাৰু তেওঁৰ ইমান ঘনে ঘনে
ভোক লাগেনে?
এই
ভোকেই এদিন ভীমক প্ৰায় মৃত্যুলোক পোৱাইছিলগৈ৷ ৰাজপ্ৰাসাদৰ প্ৰাঙ্গণতে আমাৰ
ক্ৰীড়াঙ্গণৰো ব্যৱস্থা আছিল৷ পুণ্যতোৱা গঙ্গাৰ তীৰলৈতে বিস্তৃত মুক্তাঙ্গণৰ
সমান্তৰালভাৱে কেইবাখনো পুষ্পবন আৰু আম্ৰবন আছিল আমাৰ ক্ৰীড়াস্থলী৷ মাজে মাজে
অৱশ্যে আমি জ্যেষ্ঠজনৰ তত্ত্বাৱধানত প্ৰাসাদ-প্ৰাঙ্গণ অতিক্ৰম কৰি অৰণ্য অঞ্চললৈও
গৈছিলোঁ৷ পিতৃব্য বিদূৰ আৰু মাতৃদেৱীৰ পৰামৰ্শ অনুসৰি সাধাৰণতে আমি পাঁচোজন ভাতৃ
একত্ৰিত হৈয়ে থাকোঁ৷ পিতৃব্যই আমাক কৈছিল, একত্ৰিত হৈ থাকিলে আমাক দুৰ্যেধনাদিয়ে
একো অনিষ্ট কৰিব নোৱাৰে৷
কিন্তু
খাদ্যদ্ৰব্যই ভীমক প্ৰায়েই আমাৰ কাষৰপৰা আঁতৰাই নিয়ে৷ বহু সময়ত অখাদ্য গ্ৰহণ কৰি
সাময়িকভাৱে উদৰৰ ৰোগত আক্ৰান্ত হোৱাৰ উদাহৰণো ভীমৰ অনেক৷ কিন্তু আমি
হস্তিনাপুৰবাসী হোৱাৰ বৰ্ষপূৰ্তি হোৱাৰ পূৰ্বেই এদিন ভীম নিৰুদ্দেশ হৈছিল৷ দুদিন
পৰ্যন্ত তেওঁৰ সন্ধান পোৱা হোৱা নাছিল৷ তিনি দিনৰ দিনাহে চৰে খবৰ আনিছিল যে গঙ্গাৰ
তীৰৱৰ্তী ৰাক্ষস সম্প্ৰদায়ৰ এখন গ্ৰামত গ্ৰামবাসীয়ে অচেতন অৱস্থাত ভীমক উদ্ধাৰ কৰি
যথাসম্ভৱ চিকিৎসা চলাই আছে৷
দ্ৰুতগতিসম্পন্ন
ৰথত ভীমক নগৰলৈ অনা হ’ল আৰু ৰাজবৈদ্যই চিকিৎসা কৰা আৰম্ভ কৰিলে৷
সেইদিনা
সন্ধ্যা অচেতন অৱস্থাত পালঙ্কত শুই থকা ভীমৰ কাষত মাতৃদেৱী, পিতৃব্য বিদূৰ
আৰু মই উদ্বিগ্ন হৈ বহি আছিলোঁ৷ সামান্য পূৰ্বে পিতামহ ভীষ্ম আৰু মহাৰাজ
ধৃতৰাষ্ট্ৰ আহি ভীমক চাই গৈছিলহি৷ জ্যেষ্ঠমাতৃ গান্ধাৰী দিনটোৰ অধিকাংশ সময় সেইটো
কক্ষতে থাকি উদ্বিগ্নভাৱে বৈদ্যসকলক প্ৰশ্ন সুধি আছিল৷
ৰাজবৈদ্যই
ভীমৰ শৰীৰত বিষক্ৰিয়া হোৱা বুলি অৱগত কৰিছিল৷
‘বিগত
কেইদিনমানত ভীমে দুৰ্যোধন বা আন কাৰোবাক কিবা কৰিছিল নেকি?’– পিতৃব্যই
সুধিছিল মোক৷
‘ওঁ কৰিছিল৷ পাঁচদিনমানৰ পূৰ্বে তেওঁ সুনাভ, নন্দক আৰু সেনানীক গঙ্গাৰ পানীত ডুবাই উশাহ বন্ধ কৰি দিব খুজিছিল৷ দুৰ্যোধন আৰু দুঃশাসনেহে ভীমৰ হাতৰপৰা সিহঁতক ৰক্ষা কৰিছিল৷ তাৰ পাছদিনা আমগছত উঠি খেলি থকা অপৰাজিত, কুন্দাশায়ী, বিশালাক্ষ আৰু দৃধহস্তক ধৰি শিৰে শিৰে খুন্দিয়াই তেজ উলিয়াই দিছিল৷ তেতিয়াও দুৰ্যোধন আৰু দুঃশাসনে ভীমৰ সৈতে খণ্ডযুদ্ধ কৰিছিল৷ তাৰ পাছদিনা দুৰ্যোধন আৰু দুঃশাসনক ভীমে আগৰ দিনাৰ দৰেই গঙ্গাৰ পানীত ডুবাইছিল৷ তেতিয়া সুহস্ত, বাতবেগ, সুৱৰ্চ, আদিত্যকেতু, বহ্বাচিন, নাগদত্ত, অগ্ৰযায়ী, কুবাচিন আদি এজাক আহি নদীতীৰত হুলস্থুল কৰি প্ৰহৰীক মাতি আনিছিল৷ প্ৰহৰীয়েহে সিহঁতদুটাক ৰক্ষা কৰিছিল৷’
দ্ৰুতগতিত
স্মৰণ কৰি মই কৈছিলোঁ৷ পিতৃব্যই নিমীলিত নেত্ৰে চিন্তা কৰিছিল৷ তেনে সময়তে মামা
শকুনি আহি পাইছিলহি৷ ভীমৰ মুখৰপৰা ভৰিলৈকে চাই তেখেতে মোক সুধিছিল–
‘আগতকৈ
উন্নতি হোৱা লক্ষ্য কৰিছানে ভাগিন?’
মামা
শকুনিৰ কণ্ঠস্বৰ শুনাৰ লগে লগে চকু মেলি ৰুদ্ৰমূৰ্তি ধৰি পিতৃব্য বিদূৰে উত্তেজিত
কণ্ঠে কৈছিল–
‘গান্ধাৰৰাজ,
আপুনি
ইমান নিন্দনীয় কাম কৰিবলৈ আপোনাৰ ভাগিনক কিয় প্ৰৰোচিত কৰিছে? সি
নিজে দুৰ্জন, পাপাত্মা– যি কথা সি নাজানে, কাৰণ
তাৰ বয়স কম হৈ আছে৷ এতিয়া আপুনি তাক সেই অৱস্থাৰপৰা উদ্ধাৰ কৰাৰ পৰিৱৰ্তে নতুন নতুন পাপকৰ্ম
কৰিবলৈ কিয় প্ৰৰোচিত কৰিছে?’
‘আপুনি
কি কৈছে...’
মামা
শকুনিয়ে কিবা ক’ব খুজিছিল, পিতৃব্য বিদূৰে কিন্তু তেওঁক কথা কোৱাৰ
সুবিধা নিদিলে৷ তেওঁৰ দুচকুত যেন অগ্নিদেৱতাইহে প্ৰকাশ লাভ কৰিলে৷ তেওঁ কৈ গ’ল–
‘এতিয়াও
আমি নাজানো, ভীম পূৰ্বৱৎ সুস্থ হৈ উঠিবনে নুঠে৷ ৰাজবৈদ্যই
কৈছে তাৰ সমগ্ৰ শৰীৰতে বিষক্ৰিয়া৷ কেইবাজনো অৰণ্যবাসী ৰাক্ষসে কৈছে সিদিনা গঙ্গাৰ
তীৰত ভামৰ সৈতে দুৰ্যোধন আৰু দুঃশাসনক তেওঁলোকে স্পষ্টভাৱে দেখা পাইছিল৷ কিছু
আঁতৰত এজন বয়স্ক লোককো দেখা বুলি কৈছে তেওঁলোকে৷ তেওঁলোকৰ বৰ্ণনা অনুসৰিয়েই মই ধৰা
পেলাইছোঁ যে সেইজন আপুনিয়েই, কাৰণ আপোনাৰহে পদক্ষেপণ স্বাভাৱিক
নহয়৷’
‘মাননীয়
মহামন্ত্ৰী, আপুনি মোক...’
‘অপৰাধীৰ
কোনো কথা মই শ্ৰৱণ কৰিব নোখোজোঁ৷ আপুনি এই মুহূৰ্ততে এই কক্ষ ত্যাগ কৰিবনে?’
পিতৃব্যৰ
কথা শেষ হওঁতেই দুৰ্যোধন আৰু তাৰ দুজনমান ভাতৃ আহি কক্ষটোত প্ৰৱেশ কৰিছিলহি৷
সিহঁতে আহি পায়েই পিতৃব্যৰ তৰ্জন-গৰ্জন শুনি সম্ভৱতঃ একো বুজি পোৱা নাছিল৷ মামা
শকুনিয়ে ইতস্ততঃ কৰি সিহঁতক লৈ নিমাতে প্ৰস্থান কৰিছিল কক্ষটোৰপৰা৷
তেনে
সময়তে ভীমৰ মুখত প্ৰথমটো শব্দ উচ্ছাৰিত হৈছিল–
‘মাতা...’
মাতৃদেৱী
জঁপিয়াই যোৱাৰ দৰে তেওঁক সাবটি ধৰিছিলগৈ৷
কিছু
সময়ৰ পাছত খুৰাৰ প্ৰশ্নৰ উত্তৰত ভীমে জড়িত কণ্ঠে কৈছিল–
‘খুব
ভোক লাগিছিল ... বিচাৰি বিচাৰি এবিধ ফল পাইছিলোঁ ... বহুত ভাল আছিল খাবলৈ৷ গছবোৰত
বহুত লাগি আছিল৷ খাইছিলোঁ...’
মাতৃদেৱী
আৰু পিতৃব্য বিদূৰে দৃষ্টি বিনিময় কৰিছিল৷ পিতৃব্যই কৈছিল–
‘আজি
ভাগ্যৰ বলত ৰক্ষা পৰিলোঁ৷ এই শকুনি আৰু দুৰ্যোধনেই এদিন দেখিছোঁ পঞ্চপাণ্ডৱকে
হত্যা কৰিবলৈ আগ বাঢ়িব৷ যুধিষ্ঠিৰ, তুমি শুনিছানে? কাইলৈ মই এই
প্ৰসঙ্গটো ৰাজসভাত উত্থাপন কৰিম৷ প্ৰমাণ সংগ্ৰহ কৰিব লাগিব৷ মই আহোঁ৷’
বহাৰপৰা
উঠি ধুমুহাৰ গতিত পিতৃব্য গুচি গ’ল কক্ষটোৰপৰা৷
প্ৰথমে
একো বুজি পোৱা নাছিলোঁ যদিও মোক যি সুৰত পিতৃব্যই সুধিছিল, মই বুজি
পাইছিলোঁ যে তেতিয়ৰেপৰা কিছুমান কথা বিশদ বিশ্লেষণেৰে বুজাই নিদিলেও বুজি পাব
পৰাকৈ মই বিজ্ঞ হৈ উঠিব পাৰিব লাগিব৷
...
প্ৰকৃতি
আৰু পৃথিৱীক বুজি পোৱাৰ পূৰ্বেই মই অনেক কথা বুজিবলগীয়া হৈছিল৷
মই
বুজিবলৈ বাধ্য হৈছিেলাঁ৷
মই
বুজিব লগাত পৰিছিলোঁ যে মই জম্বুদ্বীপৰ অন্যতম এখন উজ্জ্বল ক্ষত্ৰিয় ৰাজ্য ভাৰত ৰাজ্যৰ জ্যেষ্ঠ ৰাজকুমাৰ৷ মোক বুজোৱা হৈছিল যে ভাৰতৰ ৰাজধানী হস্তিনাপুৰৰ ভৱিষ্যতৰ অধিকাৰী মই৷
মোক বুজোৱা হৈছিল যে মোৰ পিতা মহাৰাজ পাণ্ডুক বিভিন্ন কূট-কৌশলেৰে সিংহাসন ত্যাগ
কৰিবলৈ বাধ্য কৰিহে জ্যেষ্ঠপিতা ধৃতৰাষ্ট্ৰই সেই সিংহাসনত আৰোহণ কৰিছিল৷
মোক
বুজিবলৈ দিয়া হোৱা নাছিল যে মই এক মানৱ সত্তা৷
মোক
কেৱল বুজিবলৈ বাধ্য কৰা হৈছিল ৰাজনীতি৷
ৰাজনীতি
বুজিবলৈকে যত্ন কৰি কৰি জীৱনৰ সিংহভাগ সময় ব্যতীত হ’ল৷ নিজে উপলব্ধি নকৰাকৈয়ে
প্ৰৱেশ কৰিলোঁ এক ক্ষয়ঙ্কৰ মহাযুদ্ধৰ পটভূমিত৷ আৰু ক্ষয় কৰিলোঁ সমগ্ৰ ভাৰতৰ
ক্ষত্ৰিয় কুলৰ পুৰুষসকলক৷
উঃ!
অন্ধ কোন আছিল?
জ্যেষ্ঠপিতা
ধৃতৰাষ্ট্ৰ নে মই, কুন্তীসুত যুধিষ্ঠিৰ!
(আগলৈ)