অজিত ছিংনাৰ
(সাত)
ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি পাতল বাবে মানুহৰ আহযাহো কম৷ ভেলৌগুৰি গাঁওখন কৈৱৰ্ত মানুহৰে ভৰা৷ সৰু গাঁও৷ মানুহ ছঘৰমানহে আছে৷ এনেবোৰ মানুহকো লক্ষণসিঙে খবৰ দিবলৈ কৈছে৷ কিন্তু সাৱধান হোৱা উচিত, যাতে গাঁওখনৰ কোনো মানুহ মহলদাৰ বা ঢাকিয়াল মানুহক ভালপোৱা নহয়৷ কেৰ্পায়ে তেমেকাক সুধিলে– ‘‘এই মানুহবোঅকো খব’টো দেং নাকি?’’
‘‘নালাগে
নালাগে৷ এতিয়াই এইবো’ মানুহক খব’ দিয়া উচিত নহ’ব৷ লক্ষণসিং হেনাপতিয়ে যাক খব’ দিবা
দিছে তাকহে পথমে খব’ দিবা লাগে৷ এইবো’ মানুহক খব’ দিবা লাগা হ’লে হেনাপতিয়ে ক’লে
দিম৷’’
‘‘অঁ, ঠিকে আছে দে৷ এতিয়া
হিমলুগুঈ গাঙলৈহে পোনাং৷’’
এটা লুংলুঙীয়া বাটেৰে তেমেকা আৰু কেৰ্পাই আগ বাঢ়িল৷ দুয়োৰে কঁকালত
চুৰিয়া, গাত
বনিয়ন আৰু একোখনকৈ এৰী চাদৰ৷ তদুপৰি সিহঁতৰ হাতত আছে নিতান্তই দৰকাৰী একোখনকৈ দা, যি আত্মৰক্ষাকে ধৰি বিভিন্ন
কামত সিহঁতে ব্যৱহাৰ কৰিব পাৰে আৰু কান্ধত আছে একোটাকৈ মোনা৷ মোনাত সিহঁতে দুপৰীয়া
খাবৰ বাবে ভাতৰ টোপোলা আনিছে৷
কিছুদূৰ যোৱাৰ পাছতে সিহঁত দুটা লুংলুঙীয়া বাট পালে– এটা মাজবড়িলৈ
যোৱা আনটো শিমলুগুৰিৰ ফালে যোৱা৷ মাজবড়িৰ ফালে যোৱা বাটটোৱেদি প্ৰায়ে মানুহ
অহা-যোৱা কৰে বাবে সুচল; কিন্তু
শিমলুগুৰিৰ ফালে যোৱা বাটটো জংঘলে সৰু কৰি পেলাইছে৷ সিহঁত শিমলুগুৰিৰ ফালে যোৱা
লুংলুঙীয়া বাটটোত খোজ পেলালে৷ কিছুদূৰ যোৱাৰ পাছতে বাটটো নোহোৱা হ’ল৷ সিহঁতে লুং
কাটি কাটি আহি থাকিল আৰু এঠাইত তেমেকাই মাত দিলে– ‘‘এ..., নোৱাঈ আউ দেই! কপিলী
বালিচঅএ যাবা লাগিব৷ আহ, কপিলী
বালিচঅএ যাং৷ হিমলুগুঈ গাংখন কপিলী পাঅতে যেতিয়া ওলামগৈ৷’’
‘‘অঁ, ব’ল ৷’’
দুয়ো আহি কপিলীৰ পাৰত উপস্থিত হ’লহি৷ তেমেকাই নদীখনলৈ চাই পঠিয়ালে– মাঘ
সোমালহি বাবে কপিলীত পানী কমিছে,
দুয়োপাৰে বালিচৰ পৰিছে৷ দুয়ো বালিচৰৰে যাবলৈ ধৰিলে৷ তেমেকাৰ হঠাতে
মনত পৰিল– কপিলীৰ কিছুমান ঠাইত ঘঁৰিয়াল থাকে৷ অৱশ্যে এইফালে পানী ইমান দ নহয়; ঘঁৰিয়াল থকাৰ আশংকা নাই৷
সিহঁত খৰখোজেৰে গৈ থাকিল৷
বালিচৰ নোহোৱা এঠাইত ৰৈ যাবলৈ সিহঁত বাধ্য হ’ল৷ কপিলীৰ পানী ইটো পাৰৰ
ফালে থিয় গঁৰালৈকে চাপি আহি সিফালে বহল বালিচৰ পাৰি দিছে৷ তেমেকাই ক’লে– ‘‘কপিলী
পাএএও নহ’ব দেখোন৷ আকৌ ওপঅ’ পাঅএ যাবা লাগিব৷ বাউ¸ ইয়াতে ভাত খাই লং দে৷’’
‘‘অঁ অঁ, ভাত খাই লোৱা ভাল৷ ব’ ভোক
লাগিছে৷’’
ভাত খাবলৈ দুয়ো কপিলীৰ পাৰতে বহিল৷
ভাত খাই উঠি দুয়ো কপিলীৰ গঁৰা বগাই ওপৰলৈ উঠি আহিল৷ অলপ সময় হাবি কাটি
অহাৰ পাছত সিহঁত লুংলুঙীয়া বাট এটা পালে৷ বাটটোত মানুহৰ আহ-যাহ কিছু ঘন যেন লাগিল৷
কিছু সুচল বাটটোৰে সিহঁতে খৰকৈ খোজ পেলালে৷
বেলিটো পশ্চিম দিগন্তৰ কাষ পোৱাৰ সময়ত সিহঁত শিমলুগুৰি গাঁৱত উপস্থিত
হ’ল৷ শিমলুগুৰি এখন কাৰবি মানুহৰ গাঁও৷ ইয়াতে কেৰ্পাইৰ পেহায়েকৰ ঘৰ৷ এইবাৰ
কেৰ্পায়ে তেমেকাক চেৰাই খোজ ল’লে আৰু পেহায়েকৰ ঘৰৰ পদূলিৰে সোমাই গ’ল৷ সি মাত
দিলে– ‘‘দীপালি, অ
দীপালি৷ ঘঅত আছ না?’’
‘‘অ কাকা
দেখোন!’’– দীপালিয়ে ঘৰৰ বাহিৰলৈ আহি মাত দিলে৷ ‘‘আহ আহ, বাআণ্ডালৈকে আহি বহ৷’’
দীপালিয়ে ঢাৰি এখন বাৰণ্ডাত পাৰি দিলত তেমেকা আৰু কেৰ্পাই তাতে বহিল৷
দীপালি ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ অলপ পাছতে তাত কেৰ্পাইৰ পেহায়েক-পেহীয়েক আৰু দীপালিৰ
ভায়েক উপস্থিত হ’ল৷ পেহীয়েকে কেৰ্পাইক সুধিলে– ‘তন্তে কোন ফাল’ পআ ওলালিহি?’
‘‘ঘঅ পআই
আহিছং৷ চহঈ অজা ওচঅলৈ যাম৷ আজি ইয়াতে কটাবা লাগিব৷’’
‘‘থাক থাক৷
আজি আতিটো কটাই কাইলৈ অজা ওচঅলৈ যাবি৷ আউ ঘূঈ আহি ইয়াতে আতি থাকিবি৷ পিচে, তন্তে ভাত খোৱা নাই চাগে’৷
মই ভাত আন্ধংগৈ৷’’
‘‘নালাগে
পেহী নালাগে৷ বাটত খাই আহিছং৷ আমি ঘঅ’ পআই মোনাত ভাত লৈ আহিছিলং৷’’
‘‘তেতিয়াহ’লে
আতিলৈহে খাবি?’’
‘‘অঁ পেহী৷
আউ এটা কথা আমি চহঈ পআ গ’ভা ফালে যাম৷ ইফালে ঘূই নাহিম৷’’
“হয় নাকি! তন্ত’ কাম’ কথা তন্তে জান৷ যিফালে যাৱ যাবি৷”
শিমলুগুৰি গাঁওখনৰ পৰা কপিলী নদীখন অলপ গ’লেই পোৱা যায়৷ বেলি মাৰ
যোৱাৰ আগে আগে তেমেকা আৰু কেৰ্পাই কপিলীৰ পাৰত ফুৰিবলৈ ওলাল৷ এটা সৰু বাটেৰে সিহঁত
আগ বাঢ়িল৷ বাটটোৰ দুয়োফালে ইকৰা-বিৰিণা আৰু কঁহুৱা ঠাঁহ খাই আছে৷ কঁহুৱাবোৰত এতিয়া
ফুল নাই৷ অৱশ্যে দুই-এঠাইত কঁহুৱাৰ মৰহা শুকান ফুল ওলমি আছে৷ কেৰ্পায়ে এবাৰ আহিন
মাহত আহোঁতে কপিলীৰ দুয়োপাৰে অসংখ্য কঁহুৱা ফুল দেখিছিল৷ এই শীতকালি ইকৰা-বিৰিণা
আৰু কঁহুৱাবোৰ মৰহি গৈছে৷ কপিলীৰ দুয়োপাৰে আছে অসংখ্য শিমলু গছ৷ তেমেকাই শিমলুৰ গছ কেইডালমানৰ ওপৰলৈ চাই দেখিলে গছবোৰত ডাল ভৰি কল লাগিছে৷ এইবোৰ ফাগুন-চ’ত মাহত
পকি ফাটিব আৰু বতাহত তুলাবোৰ উৰি নানা ঠাইলৈ গুচি যাব৷
তেমেকা আৰু কেৰ্পাই কপিলীৰ পাৰত উপস্থিত হ’ল৷ এইখিনিতে এটা ঘাট আছে৷
ইয়াৰ পৰাই শিমলুগুৰি গাঁৱৰ মানুহবোৰে পানী নিয়ে৷ এটা শিহু ঘপহ কৰে জাঁপ মাৰি পুনৰ
পানীৰ তললৈ সোমাই যোৱা দৃশ্যটো তেমেকাৰ চকুত পৰিল৷ অলপ পাছতে সি আন কেইবাটাও শিহু দেখা পালে৷ কেৰ্পায়ে তেমেকাক ক’লে– ‘‘কপিলী পানী এইখিনিত ব’ দ৷ এই হীতকালিও ইয়া’
মাজভাগত দীঘল চঈয়েও ঢুকি নাপায়৷ নামনি ফালে আউ দ হৈ গৈছে৷’’
‘‘ইয়াত
ঘঁঈয়াল থাকে বুলিও হুনিছং৷’’
‘‘আছে আছে৷
নামনি ফালে ইয়া’ পআ অলপ দূঅতে আছে৷ হেইখিনি ঠাই আউ দ৷ কেতিয়াবা কেতিয়াবা এই ফালেও আহে৷ হেইবাবে
মানুহবোএ ঘাটলৈ আহিলে হাৱধানে আহে৷ পানীত নামা আগতে দূঅ পআ ডলি চপআ একোটা মাঈ লয়৷
তেনেকুৱা কঈলে ঘঁঈয়াল কাষত থাকিলে আঁতঈ যায়৷’’
‘‘ব’ ভয়
লাগা কথা৷’’
‘‘ভয় লাগা
কথাই৷ কিন্তু জোপ লৈ বা খেদি আহি মানুহক আক’মণ কআ বুলি আজিলৈকে হুনা নাই৷ আমা’
কোনোবা বাঘ’ আগতেল খোৱা কেইটামানেহে বালি খান্দি হিন্ত’ কণী উিলয়াই আনি খায়৷ কণী
পাআ ঠাইত পায়েই ঘঁঈয়াল থাকেই৷ কণীবোঅক পহআ দিয়ে চাগে’৷’’
‘‘হ’বা পাএ৷ তথাপি যে মানুহে হিন্তক ঠগি কণী উলিয়াই আনে৷ ব’ বিপদঅ’ কাম কিন্তু৷ কেতিয়াবা কোনোবা বিপদত পঈব৷’’
‘‘পঈব
পঈব৷’’
শৰালি হাঁহৰ মাত শুনি তেমেকাই আকাশলৈ চালে– এজাক শৰালি হাঁহে মাত দি
দি উত্তৰ দিশলৈ গৈ আছে৷ তেমেকাই মন কৰিলে অকল শৰালিয়েই নহয় বগলী, শালিকা, কপৌ আদি চৰায়েও আকাশেদি উৰা
মাৰি গৈ আছে৷ সিহঁতৰ লক্ষ্য চাগে’ সিহঁতৰ নিৰ্দিষ্ট বাসস্থান৷
লাহে লাহে আন্ধাৰ হৈ আহিছে৷ শুক্লপক্ষৰ একাদশীৰ জোনটো তেমেকাৰ চকুত
পৰিল৷ সি কেৰ্পাইক ক’লে– ‘‘গধূলি হ’ল৷ ব’ল এতিয়া গৈ থাকং৷’’
‘‘অঁ
ব’ল৷’’
দুয়ো বহাৰ পৰা উঠিল৷ মাজে মাজে আকাশৰ জোনটোলৈ চাই চাই কেৰ্পাইৰ পিছে
পিছে তেমেকা আহি থাকিল৷
শিমলুগুৰি গাঁওখনৰ উত্তৰত আছে এখন ডাঙৰ বিল৷ এই বিলখনতে মানুহবোৰে
মাছ-কাছ ধৰি খায়৷ বিলখনৰ পাৰত মানুহবোৰে ধান খেতি কৰে৷ ওখ চানেকীয়া মাটিবোৰত
মাহ-সৰিয়হো কৰে৷ মানুহবোৰৰ প্ৰতি ঘৰৰে একোখনকৈ বাৰী আছে৷ মানুহবোৰৰ বাৰীত তামোল-পাণ
থকাৰ উপৰি জলকীয়া-বেঙেনাকে ধৰি নানা শাক-পাচলি আছে৷ নতুনকৈ পতা গাঁও৷ নতুনকৈ ৰোৱা
তামোল গছবোৰ চাপৰ হৈ আছে৷ মানুহবোৰে কিছুমান শাক-পাচলি হাবিৰ পৰাও সংগ্ৰহ কৰি আনে৷
নৈৰ ঘাটৰ পৰা আহি কেৰ্পাইৰ পেহায়েক নোমল টেৰণৰ ঘৰত কিছু সময় বহাৰ
পাছতে তেমেকা আৰু কেৰ্পাইক ৰান্ধনি ঘৰলৈ দীপালিয়ে মাতি লৈ গ’ল৷ পাক ঘৰত দীপালিয়ে
সিহঁতক পাৰি থোৱা কঠ-ঢৰাত বহিবলৈ দিলে৷ নোমল কোঠাটোলৈ সোমাই আহি আন এখন কঠ-ঢৰাত
বহাৰ লগে লগে সিহঁতৰ মাজলৈ দীপালিয়ে লাওপানী লৈ আনিলে৷ কেৰ্পাইৰ পেহীয়েক কণমায়ে
সকলোৰে সন্মুখত দি গ’ল একোটাকৈ বাঁহৰ চুঙা৷ দীপালিয়ে চুঙাত লাওপানী ঢালি দিয়াৰ লগে
লগে নোমলে তেমেকাহঁতক ক’লে– ‘‘খা বোপাইহঁত! ভাত খোৱা আগতে অলপ অলপ লাওপানী খাং৷’’
নোমলে সকলোৰে কুশল কামনা কৰি ভগৱানৰ নামত লাওপানী অকণমান মাটিত
ঢালিলে৷ তাৰ পাছতে তেমেকাহঁতক খাবলৈ কৈ নোমলে নিজেও লাওপানীৰ চুঙাত চুমুক দিলে৷
তেওঁ কেৰ্পাইক সুধিলে– ‘আক’ কিবা হ’ব নাকি তন্তে যে অজা ওচঅলৈ যাবি?’
‘‘তেনেকুৱাই
হ’বগৈ যেন পাইছং পেহা৷ বগা বঙাল চঅকাএ ইটো পিছত সিটো বস্তুত ক’ লগাই আছে৷ মানুহবো’
অতিষ্ঠ হৈ পঈছে৷ কষ্ট কঈও খাবলৈ নোপোৱা হৈছে৷ হিন্তক ক’ দেংকে দেংকে ভআল উদং হৈছে৷
যুদ্ধ এখন হ’বগৈ যেন পাইছং৷ অহা-টোপাকুছি’ মানুহবো’ গুজুঈ-গুমুঈ আছে৷’’
‘‘হিন্ত’
উৎপাততে আমি নিজ’ গাঙ’ পআ উঠি আহি ইয়াত ঘ’ পাতিছংহি৷ যা’ মাটি চঅকাঈ নথিত আছে তা
পআ’ মাটি খাজানা লৈছে৷ বাকী যিবো’ মানুহে নিজাকৈ জংঘল’ মাজে মাজে অলপীয়া খেতি কঈছে
হিন্ত’ পআও কোএ পতি নাঙলে পতি ক’ লৈছে৷ এনেকৈ মানুহবোএ ক’ দিবা লাগিলে নিজে খাব কি? ইন্ত’ উৎপাত বেছি হৈছে৷
এহিকনি দিয়া ভাল৷ মানুহবো’ এনেও মআ তেনেও মআ৷ তাতকৈ যুঁজ দি মআই ভাল৷’’
‘‘তন্ত’
ইফালেও হিন্তে আহিছে নাকি?’’
‘‘নাই
এতিয়ালৈকে আহা নাই৷ আমি গাং পাতা তিনিবছ’ হৈছেহে৷ ইয়াত এখন গাং আছে বুলি হিন্তে গম
পোৱা নাই চাগে’৷ জংঘল’ মাজত থাকা গাংখন’ খব’ কোনোবাই কৈ নিদিলে গম নাপাব৷ পাছত
নিশ্চয় গম পাব৷ ইয়াত আহি ক’ তুলিবলৈ ল’লে আক’ কোনোবাফালে গুচি গৈ জংঘল’ মাজত গাং
পাতিম৷ হিন্তক ক’ দি থাকিবলৈ নাই৷’’
‘‘ঠিকেই
ভাবিছ দে৷ কিন্তু হকলোৱে নোৱাএ নহয়৷ ভালদএ ঘ’-বাঈ হাজি থাকা মানুহবোএ হঠাতে আনফালে
উঠি যাবা নোৱাএ৷ গতিকে যুঁজিবাই লাগিব৷ লক্ষণসিং হেনাপতিহঁত যুঁজ’ বাবে হাজু হৈছে৷
অকলেতো নোৱাএ৷ গতিকে আইজখনক লাগে৷ আইজে মা’ বান্ধি যুঁজিলে নিশ্চয় কিবা এটা হ’ব৷
হেইকাঅণে পথমে অজাবোঅক খব’ দিবা দিছে৷ অজাবোএ নিজ’ প্ৰজাবোঅ’ লগত কথা পাতি কি কঈব
ঠিক কঈ ল’ব৷’’
‘‘ঠিক কঈব
মানে যুঁজিবা কাঅণেই হাজু হ’বা লাগিব৷’’
‘‘অ তা’
বাবেই অজাই আইজক হাজু কঈবা লাগিব৷’’
কণমাই আৰু দীপালিয়ে তেমেকাহঁতলৈ ভাত লৈ আহিল৷ দীপালিৰ ভায়েক ৰংমনে
বাঁহৰ চুঙাত পানী দিলে৷ সকলোৰে পাতত ভাত-তৰকাৰি পৰিলত নোমলে ভগৱানক প্ৰাৰ্থনা কৰি
তেমেকাহঁতক ভাত খাবলৈ ক’লে৷
তেমেকাই তৰকাৰিত হাত দি গম পালে শ’লমাছ মাটিমাহৰ লগত খাৰেৰে
ৰান্ধিছে৷ সি জুতিলগা তৰকাৰি পাই মনপুতি ভাত খাবলৈ ধৰিলে৷
ভাত খোৱাৰ পাছতে এটা কোঠাত ঢাৰি পাৰি তেমেকা আৰু কেৰ্পাই শুই পৰিল৷
পাছদিনা ৰাতিপুৱা উঠি তেমেকা আৰু কেৰ্পাই চহৰী ৰজাৰ ওচৰলৈ যাবলৈ
ওলাল৷ বেলিটো দিগন্ত ৰেখাৰ অকণমান ওপৰলৈ উঠিছে৷ যাবলৈ ওলোৱা দেখি কণমায়ে সিহঁতক
ক’লে– ‘‘ইমান হংকালে কিয়া যাবা লাগে? ইয়া’ পআ চহঈনো কিমান দূ’? এতিয়াই পাবিগৈ৷ ম’ ভাত-তৰকাঈ হ’বই এতিয়া৷ খাই যা৷ ইয়া পআ ওলাই যোৱা
পাছত খাবলৈ পাবি না নাই তা’ ঠিকনা নাই৷’’
‘‘দুপঈয়া
অৱশ্যে অজা ঘঅত খাবলৈ পাম৷ কোনোবা আহি ওলালে অজাই ভাত নিদিয়াকৈ নাথাকে৷ তাতে আমি
বাঈকা৷ ভাত দিবই৷”
‘‘হেইবোঅলৈ
আখা কঈবা নালাগে৷ পঅত আখ বনত বাখ৷ মুঠতে তন্তে ভাত নোখোৱাকৈ যাবা নোৱাঅ৷’’
‘‘হ’ব দে
পেহী৷ ত’ ভাত হ’লেই খাম, আউ যাম৷’’
যাবলৈ ওলোৱা তেমেকা আৰু কেৰ্পাই বাৰাণ্ডাত এখন ঢাৰি পাৰি বহি পৰিল৷
দীপালিয়ে সিহঁতলৈ বুলি ৰঙা চাহ দুচুঙা আনি দিলে৷ কেৰ্পায়ে দীপালিক ক’লে– ‘‘ত’ক’
বিয়া দিবা হৈছে আউ৷ আমা’ হিফালেই লআ এটা চাবা লাগিব৷’’
‘‘হ’ব দে
অঙাই, নিজ’খনকে
আগতে পাতি লচোন৷ আমা’ বহু দিন আছে৷ ম’ বয়খ পোন্ধঅ বছ’ হৈছেহে৷ এতিয়াই বিয়া হয় নাকি?’’
‘‘এ ত’
নিচিনা বয়খ’ কিমান ছোৱালী বিয়া হৈ আছে৷ পোন্ধঅ নালাগে তেঅ-চৈধ্যতে বিয়া হৈছে৷’’
‘‘আমি
তেনেকুৱা ছোৱালী নহয় দেই! আমি ইমান হংকালে বিয়া নহং৷’’
দীপালি কেৰ্পাইহঁতৰ ওচৰৰ পৰা আঁতৰি গ’ল৷ তেমেকাহঁতৰ চাহ খাই হৈছিলহে
তেনেতে সিহঁতক ৰংমনে খবৰ দিলেহি মাকে ভাত খাবলৈ মাতিছে বুলি৷ তেমেকা আৰু কেৰ্পায়ে ৰান্ধনি ঘৰলৈ খোজ ল’লে আৰু কঠত বহি কণমাই আৰু দীপালিয়ে যতনাই দিয়া ভাত খাবলৈ
ধৰিলে৷ তৰকাৰিখন খৰিছাৰে ৰন্ধা কাৱৈ মাছৰ৷ খলাত দিয়া কাৱৈ আৰু গৰৈ মাছৰ পিটিকাও
পাতত দিছে৷ তৃপ্তিৰে ভাতসাঁজ খাই তেমেকা আৰু কেৰ্পাই বহাৰ পৰা উঠিল আৰু সকলোকে মাত
লগাই চহৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে৷ নোমল সিহঁতৰ লগতে ওলাল সিহঁতক কপিলীখন পাৰ
কৰি দিবলৈ৷
গালে-মুখে কুঁৱলি সানি নিয়ৰে সেমেকাই ৰখা ধূলিয়ৰি বাটটোত খোজ পেলাই তেমেকা আৰু কেৰ্পাই কপিলীৰ ঘাটটোত উপস্থিত হ’ল৷ ঘাটটোত গাঁওখনৰ সকলো মানুহৰ সহযোগত সজা এখন টুলুঙা নাও বান্ধি থোৱা আছে৷ তেমেকা আৰু কেৰ্পাই নাৱত বহাৰ লগে লগে নোমলে ব’ঠাপাট লৈ টিঙত বহিল আৰু লাহে লাহে নাওখন বাবলৈ ধৰিলে৷
ইপাৰত উপস্থিত হৈ নোমলৰ পৰা বিদায় লৈ তেমেকাহঁত নাৱৰ পৰা নামিল আৰু
এটা লুংলুঙীয়া বাটেৰে যাবলৈ ধৰিলে৷ তেমেকাই কেৰ্পাইক সুধিলে– ‘‘এই হিমলুগুঈ গাংখনত
বানপানী নুঠে নাকি?’’
‘‘নাই
নুঠে৷ মানুহবোএ বান নুঠা আটী মাটি চায়েই ঘ’ হাজিছে৷ বাঈখা কপিলীত বান আহিলে গাংখনঅ চাঈওফালে পানী হয়৷ কিন্তু গাংখন বাচি যায়, নুবুএ৷ এনেকুৱা ওখ ঠাই
কপিলী দুয়ো পাএ ঠায়ে ঠায়ে আছে৷’’
‘‘ঠিকেই, মানুহবোএ চাই-চিটিয়েই গাং
পাতিছে৷’’
তেমেকাহঁত আহি আহি এটা সুঁতি পালে৷ ই কপিলীৰে এটা সুঁতি৷ সুঁতিটোৰ
ঠায়ে ঠায়ে পানী বৰ দ৷ কিছু ঠাইত দ নহয়৷ সিহঁতে চুৰিয়া কোঁচাই কম পানী থকা ঠাইৰে
সুঁতিটো পাৰ হ’ল৷ তাৰপাছত সিহঁতে পুনৰ এটা লুংলুঙীয়া বাটেৰে খোজ পেলালে৷ এইফালে
চহৰী অঞ্চলৰ মানুহেই সাধাৰণতে অহা-যোৱা কৰে৷ মানুহবোৰে সুঁতিটোত মাছ মৰাৰ উপৰি ডোঙা
কিছুমানতো মাছ মাৰে৷ মাজে মাজে জালেৰে বনৰীয়া পহু-গাহৰি ধৰিবলৈকো আহে৷ হাবিত থকা
নানা বিধৰ চৰায়ো ধৰি নি খায়৷ জংঘলৰ পৰা ওলাই এজনী গাহৰি পোৱালিৰে সৈতে তেমেকাহঁতৰ
আগে আগে যাবলৈ ধৰিলে৷ অলপদূৰ যোৱাৰ পাছতে বাওঁফালে হাবি ফালি সিহঁত আঁতৰি গ’ল৷
‘‘চহঈ
পাবলৈ আৰু বেছিদূ’ নাই৷’’– তেমেকাই মাত দিলে৷
‘‘অঁ অঁ, বেছি দূ’ নাই৷ দ ঠাই পআ আটীত
উঠিলং৷ আউ¸ কিছু দূ’
গ’লেই চহঈ পামগৈ৷’’
হঠাতে তিনিজন ডেকা বাটটোত উঠিলহি৷ সিহঁতৰ হাতে হাতে বনকুকুৰা আৰু
কামচৰাই৷ সিহঁতে কিছুসময় তেমেকাহঁতলৈ চালে আৰু তেমেকাহঁতৰ আগে আগে যাবলৈ ধৰিলে৷
কেৰ্পায়ে সিহঁতক মাত দিলে– ‘‘অ কাকাহঁত! অ’বিচোন৷’’
ডেকাকেইজন ৰ’ল৷ তেমেকাহঁত কাষ আহি পোৱাৰ লগে লগে এজনে সুধিলে– ‘কিবা
ক’বি?’
‘‘ক’বলাগা
অইন নাই৷
তন্তেনো কঅ?’’
‘‘আমি চহৰী
গাঙৰ৷’’
এইফালৰ মানুহবোৰে ‘ৰ’টো উচ্চাৰণ কৰিব পাৰে৷
‘‘মানে অজা
গাঙ’?’’– কেৰ্পায়ে
পুনৰ সুধিলে৷
‘‘অ ৰজাৰ গাঙৰ৷ তহঁতনো ক’লৈ যাবি?’’
‘আমি
তন্তৰ গাঙলৈকে যাম৷ বনকুকুআ আউ কামচৰাই কেনেকে ধঈলি?’
‘‘এ ছিটিকা
পাতি থৈছিলং৷ ছিটিকাত পৰিল৷ ইয়াত বনকুকুৰা ইমানেই আছে নহয়; ছিটিকা পাতি থ’লেই হ’ল, লাগেই৷ তেতিয়াবা বনকুকুৰা
নালাগিলেও ডৰিক, কামচৰাই
নতুবা কুটুম পৰিবই৷’’
আন দুজন মানুহ আহি তেমেকাহঁতৰ লগত যোগ হ’ল৷ এইকেইজনে ডাঙৰ ডাঙৰ খালৈত
মাছ ভৰ্তি কৰি ভাৰ কৰি আনিছে৷ কাতি-আঘোণ মাহত মানুহবোৰে জান আৰু সুঁতিটো লগ লগা
ঠাইত ভেটা দি চেঁপা পাতি মাছ ধৰে৷ এতিয়া পানী কম হোৱা বাবে সুঁতিটোতে বান দি চেঁপা
পাতি মানুহবোৰে মাছ ধৰে৷ কেৰ্পায়ে মানুহ দুজনক সুধিলে– ‘‘কাকাহঁত এয়া ভেটা’ মাছ
নাকি?’’
‘‘ভেটা
বুলিও ক’ব পাৰি, এয়া বানৰ
মাছ৷৷’’
‘‘বাঃ খালৈ
ভআই পালি দেই৷’’
‘‘বাপু, এতিয়া কমিছেহে৷ কাতি-আঘোণ
মাহত জানৰ ভেটাত বহুত মাছ পোৱা যায়৷’’
‘‘অৱশ্যে
আমা’ হিফালেও আমি বহুত মাছ পাং৷’’
‘‘তন্তেনো
ক’ৰ?’’
‘‘আমি
কাৱৈমাৰি গাঙ’৷ ফুলগুঈ ফালে৷’’
‘‘অ অ, হিফালেও বহুত মাছ-কাছ
আছে৷’’
ডেকাকেইজনৰ লগত কথা পাতি পাতি তেমেকাহঁত চহৰীত উপস্থিত হ’ল৷ নিজৰ
নিজৰ ঘৰ পাই ডেকাকেইজন তেমেকাহঁতৰ পৰা বিদায় লৈ গুচি গ’ল৷ ৰজাৰ ঘৰ তেমেকা আৰু
কেৰ্পায়ে চিনি পায়৷ সিহঁতে আগতে আহিছিল৷ সিহঁত ৰজাৰ ঘৰলৈ পোনাই দিলে৷
তেমেকাহঁত ৰজাৰ ঘৰৰ চোতালত হাজিৰ হোৱাৰ লগে লগে ৰজাৰ কামালা ল’ৰা
এজনে সিহঁতক চিনি পাই বাৰাণ্ডালৈ মাতি নি পীৰা পাৰি বহিবলৈ দিলে৷ কামালা ল’ৰাটোৱে
তেমেকাহঁতৰ ভাল-বেয়া খবৰ লোৱাৰ পাছতে সুধিলে– ‘কিবা হকামত আহিলি হ’বলা?’
‘‘অঁ অজাক
খব’ এটা দিবা লাগা আছে৷ অজাক লগ পাম নহয়?’’
‘‘পাবি
পাবি৷ ঘৰতে আছে৷ চ’ৰাঘৰত দেউৰীৰ লগত কথা পাতি আছে৷ তন্তে আহাৰ খবৰটো দেংগৈ বাৰু৷’’
‘‘অ যা৷’’
কামালা ল’ৰাজন ৰজাৰ চ’ৰাঘৰলৈ সোমাই গ’ল আৰু অলপ পাছতে ওলাই আহি
তেমেকাহঁতক ক’লে– ‘‘আহ, ভিতৰলৈ
মাতিছে৷’’
তেমেকা আৰু কেৰ্পাই সোমাই যোৱাৰ লগে লগে ৰজাই সিহঁতক পাৰি থোৱা আসনত
বহিবলৈ দিলে৷ সিহঁত বহাৰ পাছতে দেউৰীয়ে ৰজাৰ পৰা বিদায় লৈ গুচি গ’ল৷ ৰজাই তেমেকাহঁতক
চিনি পায়৷ আগতে সিহঁতে কেইবাবাৰো তেওঁৰ ওচৰলৈ আহিছে৷ তেওঁ সিহঁতলৈ চাই সুধিলে–
‘‘তন্তে কিবা খবৰ আনিছ হ’বলা? টোপাকুছিৰ
ৰজাই কিবা খবৰ পঠিয়াইছে নেকি?’’
‘‘দেউঅজা
মহাহয়, খব’ এটা
পঠিয়াইছে৷”– তেমেকাই উত্তৰত ক’লে৷ ‘‘ইংআজ চঅকাএ আইজ’ ওপঅত যেনেদএ ক’ লগাইছে
মানুহবো’ অতিষ্ঠ হৈছে৷ হেইবাবে ইংআজ’ বিউদ্ধে যুঁজ এখন দিবা খুজিছে৷’’
‘‘হয় নেকি? ইংৰাজৰ বিৰুদ্ধে যুঁজাটো
এতিয়া ইমান হহজ কথা নহয়৷ তথাপি ক’চোন ভাঙি পাতি৷’’
‘‘আগতে আমি
যুদ্ধ’ কঈবা হিকিছিলং৷ আমা বাঅখমান হৈনিক আছিলেই৷ হেইবোঅক পুন’ হাজু কঈবা লাগে
হেনো৷ হিন্ত’ লগতে নতুনকৈ কিছুমান হৈনিকো ল’বা লাগে৷ চ’ত মাহ’ পথম বুধবাএ আপোনালোক
অজাহকলক টোপাকুছি অজাই মাতিছে৷ তেতিয়াই আপোনাহৱে আলচ কঈ হিদ্ধান্ত কঈব৷ এতিয়া
আপোনাক আপোনা পাত্ৰ-মন্ত্ৰী’ হৈতে কথাটো পাতি চাবা দিছে৷ আপোনাক আপোনা’
পাত্ৰ-মন্ত্ৰী’ হৈতে হেই আলোচনালৈ যাবাও দিছে৷ কথাটো ইমানেই৷’’
‘‘অ’ হয় নাকি? হ’ব, মই ৰাইজৰ লগত কথা পাতিম৷ আৰ’ হেই হভাখনলৈও যাম৷ দুপৰীয়া হ’ল, এতিয়া তন্তে ভাত-পানী খাই ল৷’’
তেমেকা আৰু কেৰ্পায়ে ৰজাক সেৱা জনাই চ’ৰাঘৰৰ পৰা বাহিৰলৈ আহিল৷
বাহিৰত ৰৈ থকা এজন ল’ৰাই সিহঁতক ভাতখোৱা ঘৰলৈ মাতি লৈ গ’ল৷
(আঠ)
ফুটুকী এখন জাকৈ আৰু এটা খালৈ লৈ ঘৰৰ পৰা প্ৰায় এক ফাৰ্লংমান আঁতৰত থকা ডোবাটোলৈ খোজ ল’লে৷ তাইৰ লগত গৈছে মেলেঙী৷ ফুটুকীহঁতৰ ঘৰত কেইটামান শুকান মাছহে আছেগৈ৷ তাই মেলেঙীক আগবেলাতে কৈ থৈছিল ডোবাটোত মাছ মাৰিবলৈ যোৱাৰ কথাটো৷ তাইৰ মাক আনৰ ঘৰত পতা সকাম এটালৈ গৈছে৷ বাপেকে মাছ নহ’লে ভাত খাবলৈ টান পায়, তায়ো মাছ বা মাংসৰ তৰকাৰি এখন নহ’লে ভাত খাই ভাল নাপায়৷ সেয়ে তাই মেলেঙীক লগত লৈ জাকৈ মৰিবলৈ ওলাইছে৷ চাৰিওফালে শুকান নৰা৷ নৰাবোৰ বাওধানৰ আৰু সিহঁত লেৰেলি মাটিত লিপিট খাই ধৰিছে৷ ফাগুনৰ পছোৱা বতাহ এজাক ব’বলৈ লৈছে৷ আবেলিৰ বেলিটোৰ পোহৰৰ পৰশেও ফুটুকীক এটা অনিৰ্বচনীয় আমেজ দিছে৷ তাইৰ মনত দোলা দিবলৈ ধৰিলে ৰিঙা ৰিঙা ভাব এটাই৷ তাই এক অনিৰ্বচনীয় আমেজ আৰু ৰিঙা ৰিঙা ভাবটোক লগত লৈয়েই ডোবাটোলৈ গৈ থাকিল মেলেঙীৰ স’তে৷
ডোবাটো গাঁওখনৰ ওচৰত হোৱা
বাবে সকলোৱে মাছৰ প্ৰয়োজন হ’লেই জাকৈ বা পুৰঙনি জাল মাৰিবলৈ আহে৷ অলপ দূৰত থকা
ডাঙৰ জলাহখনলৈ মাজে মাজেহে মানুহবোৰে মাছ মাৰিবলৈ যায়৷ মানুহবোৰে প্ৰায়ে মাছ মাৰে
বাবে ডোবাটোত মাছ কমি আহিছে৷ তথাপি ফুটুকী আৰু মেলেঙীয়ে নিশ্চয় এসাঁজ এসাঁজৰ বাবে
মাছ পাব৷
ফুটুকী ডোবাটোৰ পাৰত থিয় হৈ
কঁকালত খালৈটো বান্ধি হাতত জাকৈখন লৈ পানীত নামিল৷ এআঁঠু পানীলৈকে নামি তাই মেটেকা
আৰু জাবৰ কিছুমানৰ মাজে মাজে জাকৈ বাবলৈ ধৰিলে৷ মেলেঙীও জাকৈ লৈ পানীত নামিল৷
দুয়োজনীৰে জাকৈত উঠিল কাৱৈ, গৰৈ, পুথি, খলিহনা আদি মাছ৷ এইটো ডোবাৰ পৰা কিছু আঁতৰত আৰু কেইটামান ডোবা
আছে৷ ডোবাবোৰ বাৰিষা কালত নোলায়৷ ডাঙৰ জলাহখনে তেতিয়া ইহঁতক তাৰ বুকুত সামৰি লয়৷
পানী শুকাই গৈ জলাহখন সৰু হৈ গ’লেহে ইহঁত ওলায়৷ জলাহৰ পানী শুকাই চাপি যোৱাৰ লগে লগে
পানীৰ লগতে মাছবোৰো সৰু হৈ যোৱা জলাহখনৰ লগতে নামি যায়৷ তথাপি ডোবাবোৰতো ডাঙৰ-সৰু
বিধে বিধে মাছ সোমাই ৰৈ যায়৷
ফুটুকী আৰু মেলেঙীয়ে
একান্তমনে জাকৈ বাই থাকিল৷ লাহে লাহে সিহঁতৰ খালৈকেইটা গধুৰ হৈ আহিছে৷ হঠাতে
কোনোবাই গোৱা গদালবৰীয়া গীত ভাহি আহি ফুটুকীহঁতৰ কাণত সোমাল–
‘কোনে আনি দিব নৈ’ পানীটুপি
কোনে আন্ধি দিব অ’ ভাত
কোনে পাঈ দিব হোৱাএ বিছনা
কোনে লগাই যাব মাত...’
দুয়োজনীয়ে ইফালে-সিফালে চাই
দেখিলে এটা ডেকাই ম’হৰ পিঠিত উঠি সিহঁতলৈ চাই চাই গীত জুৰিছে৷ ফুটুকীয়ে মেলেঙীক
সুধিলে– ‘‘কোন অ’ এইটো?’’
‘‘এইটো গঐমাঈ লআ৷ ম’হ চাঈ
চাঈ হি এইখিনি পাইছেহি৷’’
‘‘ম’হ চাঈ চাঈ এইখিনি পাই
এতিয়া আমাক দেখি জ’কাবা লৈছে৷’’
‘‘ইয়াক ভালদএ এহেকা দিবাহে
লাগিছিল৷’’
মেলেঙীয়ে চিঞৰি ডেকাটোক
ক’লে– ‘‘ঐ..., ছোৱালী
জ’কাবলৈ আহিছ? চিনি
পোৱা নাই মাহীয়েঅকেইজনীক৷ এতিয়াই ধঈ লৈ মেখেলাএ কোবাই গাত গখাই নোহোৱা কঈম৷’’
মেলেঙীৰ কথা শুনি ডেকাটোৱে
স্ফুৰ্তি পাই মাত দিলে– ‘‘বাঃ,
তন্তে ম’ মাহী না?
মই মাহী-চাহী নামানং৷ তন্ত দুজনী ভিতঅত এজনীক নিহে এঈম৷ এই নীলা
মেখেলা পিন্ধাজনীক বেছি ভাল লাগিছে৷ তাকে নিবা লাগিব৷’’
নীলা মেখেলা ফুটুকীয়ে
পিন্ধিছে৷ তাইৰ খং উঠিল– ‘‘কাক জ’কাই লৈছ? চিনি পোৱা নাই? আহচোন
কাষলৈ৷ এতিয়াই ত’ মা-বাপেঅ বিয়া দেখুৱাই দিম৷’’
ফুটুকীৰ কথা শুনি ডেকাটোৱে
ঢেকঢেকাই হাঁহিবলৈ ধৰিলে৷ তাৰ পাছতে সি গালে–
‘ত’এ চিন্তাতে অ’ ওলায় চকুপানী
নাখালেও নালাগে অ’ ভ’ক
এনে মঅমীয়াল অ’ কাৱৈমাঈ গাভউ
কেনেকৈ পাহঈম অ’ ত’ক...’
ফুটুকীৰ খংটো টিঙিচকৈ উঠি
আহিল৷ তাই মেলেঙীক ক’লে– ‘‘ব’লচোন এইটোক এহেকা দি আহং৷’’
দুয়োজনী ডোবাৰ পাৰলৈ উঠি জাকৈ আৰু খালৈ পাৰত থ’লে৷ পাৰত পোৱা দুুটুকুৰা বাঁহ লৈ দুয়ো ডেকাটোৰ ফালে খেদি গ’ল৷ কথা বিষম দেখি ডেকাটোৱে ম’হৰ পিঠিৰ পৰা নামি ম’হকেইটাক খেদি খেদি দৌৰিবলৈ ধৰিলে৷ ফুটুকীয়ে চিঞৰিলে– ‘‘থুঃ ত’ক! ভয়াতুঅ’ জাত! এইটো কলিজা লৈ ছোৱালী জ’কাবলৈ আহ! ছোৱালী মন জুখিবলৈ আহ? থুঃ কুকুঅ’ জাত! গাহঈ জাত! আউ¸ আহিবি৷ মাঈ আধামআ কঈম, ছাল চেলাম তো’৷’’
ডেকাটো ম’হ লৈ পলাই যোৱাত
ফুটুকী আৰু মেলেঙীয়ে গালি পাৰি পাৰি কঁকালত ধৰি ৰৈ গ’ল৷ ফুটুকীয়ে মেলেঙীক সুধিলে–
‘‘এইটোক তই ভালদএ চিনি পাৱ না?
ই আমা গাঙ’ কাউবা ঘঅলৈ আহে নাকি?’’
‘‘অ ধঈবা পাঈছং৷ আমা গাঅ
ভেবেলী মাহীয়েক গঐমাঈত পঈছে৷ হি মাজে মাজে ভেবেলীহঁত’ ঘঅলৈ আহে৷ হি ভেবেলীঅ
মাহীয়েক’ ল’আহে৷”
‘‘অ হয় নাকি? হি তেন্তে এদিন নহয় এদিন ভেবেলীহঁত’ ঘঅলৈ আহিব৷ ভেবেলীক ক’ব লাগিব ইয়াক ভালদএ থাকিবলৈ ক’বলৈ, নহ’লে মা’ খাব৷’’
‘‘বাউ বাউ¸, এইবো’ হ’ল বদমাছ ল’আ৷ ইন্ত’ লগত লাগি থাকি লাভ নাই৷ বেলি পঈ আহিল৷ মাছো ভালেমান পালংএই৷ ব’ল ঘঅলৈ যাং৷’’
ফুটুকীয়ে বেলিটোলৈ চাই ধৰিব
পাৰিলে যে ই অলপ পাছতে মাৰ যাব৷ তাই মাত দিলে– ‘‘অঁ৷ ব’ল ব’ল ঘঅলৈ যাং৷ উদঙীয়া গউ কেইটাও ঘ’ চাপিছে না নাই
চাবলে আছে৷ ঘঅত আই-পিতাই কোনো নাই৷’’
‘‘অঁ, ব’ল ব’ল৷’’
দুয়োজনী ঘূৰি আহি ডোবাটোৰ
পাৰত উপস্থিত হ’লহি৷ দুয়ো নিজৰ নিজৰ জাকৈ-খালৈ লৈ ঘৰলৈ খোজ ল’লে৷ বহল বাওতলী পথাৰখনৰ
মাজেৰে দুয়োজনী গৈ থাকিল৷ ফুটুকীয়ে মেলেঙীক সুধিলে– ‘‘তই এই লআটো লগত কথা পাতি পাইছ?”
‘‘কথা পাতি পাইছং৷ হি
ভেবেলীহঁত’ ঘঅলৈ আহংতে চিনাকি হৈছিলং৷ আমা ঘঅলৈকো আহিছিল৷’’
‘‘ত’ক ইমান ভালকৈ চিনি
পোৱাতো কেলেই আমাক জ’কাই গীত গাব লাগে?’’
‘‘ত’ক পছন্দ কঈয়েই হি গীত
গাইছে৷ ত’ মন পাব বিচাঈছে৷ কাঅন নীলা মেখেলা পিন্ধাজনীক মন খোৱা কথাহে হি কৈছে৷ আজি
তই একো নকআকৈ থাকাহেঁতেন আকৌ এদিন আহি গালেহেঁতেন৷ তঅ ভাল লাগিলে তই তা’ গীত’
উত্ত’ দিলিহেঁতেল৷ তা’ পাছত তন্ত’ বিয়া হ’লহেঁতেন৷’’
‘‘এইবো’ একো নহয়৷ তাক কৈ
দিবি ম’ ভালপোৱা লআ আছে৷ ম’ক আখা কঈ লাভ নাই৷’’
‘‘অ’ তাক ক’বা লাগিব৷’’
‘‘অঁ ক’বি৷’’
ফুটুকী আৰু মেলেঙী গাঁও
পায়েই নিজৰ নিজৰ ঘৰলৈ খোজ ল’লে৷
ঘৰ পায়েই ফুটুকীয়ে জাকৈখন
কুকুৰাৰ গঁৰালৰ ওপৰত থৈ খালৈটো খুলি বেৰ এখনত ওলমাই থ’লে৷ তাই উদঙীয়া গৰুকেইটা
গোহালিত চাপিছেহি নে নাই লক্ষ্য কৰিলে৷ হালোৱা গৰুহাল গোহালিত চাপিছেহি৷ তাই
গোহালিটোলৈ গৈ গৰুহালৰ ডিঙিত পঘা লগালে৷ তাই এইবাৰ গাইজনী আৰু দমৰাটোক
ইফালে-সিফালে চাবলৈ ধৰিলে৷ সিহঁতক নেদেখি তাই বাৰীখনলৈকো গৈ চালে৷ নাই, তাতো সিহঁতক নেদেখি তাই
আচৰিত হ’ল৷
ফুটুকী বাটলৈ ওলাই গ’ল৷
দেৱেশ্বৰে সিহঁতৰ দমৰা এটা খেদি আনি তাইৰ কাষ পাই মাত দিলে– ‘‘তন্ত’ গাইজনীয়ে ঘাই
খাইছে৷ কলঙ’ পাঅতে হুই আছে৷’’
ফুটুকীয়ে বুজি পালে যে সেই কাৰণে গাইজনী ঘৰলৈ অহা নাই৷ মৰতীজনীক এতিয়া কেনেকৈ ঘৰলৈ অনা যায়? তাই কিংকৰ্তব্যবিমূঢ় হৈ থিয় হৈ থাকোঁতেই গাইজনীক তাইৰ ফালে আহি থকা দেখা গ’ল৷ গাইজনীৰ পিছে পিছে এজাক পালখোৱা গৰু৷ গাইজনীৰ কাষে কাষে এটা ভতৰা গৰু আহি আছে৷ সিয়েই আনবোৰ দমৰা গৰুক গাইজনীৰ কাষলৈ আহিবলৈ দিয়া নাই৷ কোনোবা সময়ত ভতৰাটোৱে এটা দমৰাক খেদি গ’লে আন এটা দমৰা দৌৰি আহি গাইজনীৰ লগত সংগমত লিপ্ত হ’ব খোজে৷
দৌৰি আহি আহি গাইজনী
গোহালিত সোমাল আৰু দমৰাবোৰৰ পৰা ৰক্ষা পাবলৈ তাই মজিয়াত শুই দিলে৷ তাই শুই দিয়াত
সংগমত লিপ্ত হ’ব নোৱাৰি তাইৰ ওচৰে-পাজৰে দমৰাবোৰ ঘূৰি থাকিল৷ ফুটুকীয়ে গৰুবোৰক
খেদি দিবলৈ চেষ্টা কৰিলে৷ কিন্তু অলপ দূৰলৈ খেদি দিয়াৰ অলপ পাছতে সিহঁত ঘূৰি আহি
গাইজনীৰ কাষত ওলালহি৷ ফুটুকীয়ে ভাগৰি পৰি ভোৰভোৰালে– ‘‘জহআহঁত, মঅগত মআহঁত! তন্তে যি কঅ কঈ
থাক৷ ম’ কাম আছে৷’’
সময় যোৱাৰ লগে লগে গাঁৱৰ
কিছুমান মানুহ আহি নিজৰ নিজৰ ঘৰৰ দমৰাবোৰ এটা-দুটাকৈ নিবলৈ ধৰিলে৷ এনেতে ফুটুকীৰ
দেউতাক বিহুৰাম ঘৰ আহি ওলাল৷ বাকী থকা দমৰাকেইটাক খেদি দি তেওঁ নিজৰ ঘৰৰ দমৰাটোক
খুটিত বান্ধিলে আৰু গাইজনীৰ ডিঙিতো পঘা লগালে৷
ফুটুকীয়ে চোতাল সাৰিবলৈ
লৈছিল, তেনেতে
মেলেঙী সিহঁতৰ চোতালত হাজিৰ হ’ল৷ তাই ফুটুকীক ক’লে– “ব’ ডাঙ’ কথা এটা হ’ল নহয়৷”
“কি কথা?”
“বীএনে মিনতিক নি ঘ’
হুমুৱালে৷”
“মিনতিয়ে দেখোন বীএনক ভাল
নাপায় বুলি কৈ থাকে৷ তা’ কথা বুজিকে নাপাং অ৷”
“ভাল নাপায়েই৷ বীএনেহে ভাল
পায়৷”
“তেন্তে এতিয়া কি হ’ল?”
‘‘বীএনে মিনতিক ধঈ নিহে ঘঅত
হুমুৱাইছে৷ ঘঅ উদঙীয়া গউকেইটাক বিচাঈ মিনতি পথাঅ ফালে গৈছিল৷ তাকে দেখি হয়তো তাইক
ধঈ নি ঘ’ হুমুওৱা কথাটো ভাবিলে৷ বীএনে বহু দিন’ পআ তা’ মন পাবলৈ চেষ্টা কঈ আছিল৷
কিন্তু মিনতিয়ে তা’ কথাক গুউত্ব দিয়া নাছিল৷ বীএনক হহায় কঈলে ভদেশ্বএ৷ হিন্তে দুটা
বিঈনা আঁঅত লুকাই মিনতি ঘূঈ আহালৈ ঐ আছিল৷ গউ খেদি খেদি মিনতি যেতিয়া হিন্ত’ ওচ’
পালে, লগে লগে
বীএনে তাক ধঈবলৈ আগ বাঢ়ি গ’ল৷ বীএন’ মনোভাব বুজিব পাঈ মিনতিয়ে দৌঈ পলাইছিল৷
কিন্তু বীএনে খেদি গৈ তাক ধঈলে৷ মিনতিয়ে তাক হাত’ এচাঈডালেএ খুব কোবাইছিল৷ এচাঈ
কোব খায়ো বীএনে তাক ধঈহে এঈলে আউ চোঁচআই টানি নি ঘঅত হুমুৱালে৷ ইয়াত বীএনক ভদেশ্বএ
হহায় কঈ দিলে৷ এতিয়া মিনতিক ঘঅ ভিতঅত হুমুৱাই বাহিঅ পআ দুৱা’ মাঈ থৈছে৷”
“ইচ! বীএনে ব’ বেয়া কাম
কঈছে৷’’– ফুটুকীয়ে দুখ মনেৰে মাত দিলে৷ “হাতত ধঈলে আউ ঘঅত নি হুমুৱালে যেতিয়া
মিনতি ওলাই আহিব নোৱাএ৷ ধঈ-বান্ধি নিয়া ছোৱালীজনীক বিয়া পাতিবলৈ এতিয়া কোনো লআ
নোলাব৷ মিনতিয়ে এতিয়া পছন্দ নহ’লেও বীএন’ লগতে ঘঅ-হংখা কঈবা লাগিব৷ বেচেঈ
মিনতিজনী! বেয়াই লাগিছে৷”
“হয়, আমা’ ছোৱালীবোঅক মতা
মানুহবোএ এনেকৈ জো’ কঈ বিয়া পাতিলেও হমাজে একো নকয়৷ মাত্ত দায়-জগঅ নামত মদে-ভাতে
আইজক খুৱালেই হ’ল৷ ছোৱালীজনীয়ে মনত কিমান দুখ পাইছে তা’ একো এটা খব’ নলয়৷ এইটোক ডাঙ’
অপআধ বুলিও হমাজে নাভাবে৷”
“মিনতিয়ে এতিয়া কি কঈ আছে? কিবা গম পাৱ না?”
“ঘঅ ভিতঅতে কান্দি আছে৷ লগত
হাহুৱেক আউ দুজনীমান তিউতা আছে৷ বীএন’ মায়েকেও মিনতিক বোআঈ কঈবা বিচাঈ আছিল৷ এতিয়া হি
ভালেই পাইছে৷”
“ব’লচোন, এবা’ মিনতিক চাই আহং৷”
ফুটুকীয়ে খৰধৰকৈ চোতালখন
সাৰি মেলেঙীৰ লগত মিনতিক চাবলৈ বুলি ওলাল৷ লাহে লাহে চাৰিওফালে আন্ধাৰ হ’বলৈ আৰম্ভ
কৰিছে৷ সিহঁতৰ আগে আগে কেইজনমান মানুহ গৈ বীৰেনহঁতৰ ঘৰত সোমাল৷
ফুটুকী আৰু মেলেঙী
বীৰেনহঁতৰ ঘৰত উপস্থিত হৈ দেখিলে বহুকেইজন মুনিহ-তিৰোতা চোতালত বহি আছে৷ সকলোৱে
বীৰেন আৰু মিনতিৰ কথাকে পাতি আছে৷
ফুটুকীয়ে গম লৈ ধৰিব পাৰিলে
মিনতিক ভৰাই থোৱা ঘৰটোৰ দুৱাৰ খুলি দিয়া হৈছে৷ তাই মেলেঙীক ক’লে– “আহচোন, মিনতিক চাই আহং৷”
ঘৰৰ ভিতৰলৈ সোমাই গৈ
ফুটুকীয়ে দেখিলে, বীৰেনৰ
বিছনাখনত বহি মিনতিয়ে উচুপি উচুপি কান্দি আছে৷ এজনী তিৰোতাই মন্ত্ৰপুত তেল তাইৰ
মূৰত দি পিটিকি আছে৷ গৰৈমাৰী গাঁৱৰ এইজনী বেজনীক বীৰেনে আগবেলাতে আনি থৈছিল হেনো৷
ফুটুকীয়ে বুজি পালে আচলতে আজি মিনতিক আনি ঘৰ সোমোৱাটো আগতে ঠিক কৰি থোৱা৷ সেইবাবে
বেজনীজনীক আগবেলাতে আনি থৈছিল৷ মানুহজনীয়ে মুখৰ ভিতৰতে মন্ত্ৰ গাই মাজে মাজে
মিঠাতেলখিনিত ফু মাৰি আছে আৰু সেই তেল মিনতিৰ মূৰত ঘঁহি আছে৷ এয়া হেনো মোহিনী
মন্ত্ৰ৷ এই মন্ত্ৰৰ বলত মিনতিৰ মন হেনো বীৰেনলৈ ঘূৰিব৷ ফুটুকী ঘৰৰ বাহিৰলৈ ওলাই
আহিল৷
বাহিৰলৈ আহি ফুটুকীয়ে গম
পালে ৰাতিলৈ বীৰেনৰ ঘৰত ভোজ-ভাত চলিব৷ ন-কইনা অনাৰ উলাহত এই আনন্দ-স্ফূৰ্তিৰ
ভোজ-ভাত৷ আনফালে মিনতিয়ে ভাল নোপোৱা ল’ৰাটোলৈ আহিবলগা হোৱাত কান্দিছে, চকুপানী নিগৰাইছে৷ তাইৰ
কান্দোনক কোনেও গুৰুত্ব দিয়া নাই৷ তাইৰ কান্দোন এক অৰণ্য ৰোদনত পৰিণত হৈছে৷ ফুটুকীৰ
ভাল নালাগিল৷
হঠাতে গৰৈমাৰীৰ ল’ৰাটোৰ কথা
ফুটুকীৰ মনলৈ আহিল৷ সি আজি তাইৰ মন পাবলৈ গীত জুৰিছিল৷ তাই আৰু মেলেঙীয়ে তাক খেদি
যোৱাত সি দৌৰি পলাল৷ সেই ল’ৰাটো হেনো ভেবেলীৰ মাহীয়েকৰ ল’ৰা৷ সি ফুটুকীহঁতৰ গাঁৱলৈ
আহিয়েই থাকে বুলি মেলেঙীৰ পৰা তাই গম পাইছে৷ গাৰ নোমেই শত্ৰু৷ গাঁৱৰে কোনোবা ল’ৰাৰ
সহায় লৈ যদি তাইক ধৰি দাঙি লৈ যায়? তাইৰ বুকু কঁপি উঠিল৷ তাই মেলেঙীক ক’লে– “ব’ল, ঘঅলৈ যাং৷ ইয়াত নাথাকং৷”
(আগলৈ)