অন্যযুগ/


পানীহিলৈ

 গোৱিন কুমাৰ খাউণ্ড



(তিনি)

শিল্পী দিৱস পাৰ হৈ গ'ল। বৰ বৰ হৰফেৰে কাকতত বাতৰি ওলাল। ফটো ওলাল। মিলেটেৰী আৰু হিমানী পিছে কোনো নগ'ল সভালৈ। অৱশ্যে নিমন্ত্ৰণী পত্ৰত দুয়োৰে নাম ওলাইছিল। সভাত বোলে মানুহো বহুত হৈছিল। খোৱা-বোৱা সকলো উভৈনদী। বেছিভাগেই 'অৰুণোদয়'  বিচাৰি হায়ৰাণ হৈ ফুৰা মানুহ। গোটৰ মহিলাৰে দলদোপ হেন্দোলদোপ হৈ । অম্লানহঁতে গাড়ীৰ যোগেদিও বহু মানুহ আনিছিল।স্থানীয় বহুকেইগৰাকী লোকক শিল্পী হেন জ্ঞান কৰি মানপত্ৰৰ লগতে সম্বৰ্ধনাও জনালে। বিধায়কে বোলে লিখিত ভাষণ দিলে। ভাষণত নতুন প্ৰজন্মক জ্যোতিৰ বাটেৰে আগ বাঢ়ি যোৱাৰ কথা কৈ কোনোবা ঠাইত জলজীৱন মিছন উদ্বোধন কৰিবলৈ গ'ল। অধ্যাপক দধি লেখাৰুৱে বিশিষ্ট অতিথিৰ ভাষণত জ্যোতিপ্ৰসাদৰ বিষয়ে সাৰুৱা মন্তব্য দিলে। বিদ্ৰোহী কবিতাৰ তাত্ত্বিক বিশ্লেষণো আগবঢ়ালে। মানুহে শুনি ভাল পালে,  হাত চাপৰি বজালে যদিও তেওঁৰ ভাষণ যে ফটা ঢোলৰ চেও সেই কথা হেনো বহুতেই গমেই পালে। ভাষণো বোলে দীঘলীয়া কৰিলে বহুত। সভাপতিয়ে কেইবাবাৰো চিলিপ দিব লগা হ'ল। ভাষণৰ অন্ত নপৰেহে নপৰে।

সকলো কাকততে তেওঁৰ ফটো ওলাইছ। ফিটিং ফটো। বাতৰি কাকতৰ মানুহ বোলে তেওঁৰ সৈতে থাকেই। নিউজো তেওঁ নিজেই লিখি দিব। নিজকে বিশিষ্ট লেখক- সাহিত্যিক, বুদ্ধিজীৱী, স্তম্ভলেখক, অধ্যাপক বুলি ফোপজহি ৰঙাই হৈ কাকতলৈ এবকলা লিখি জৰিগুৰিৰ সকলো সাংবাদিকক বিলাই দিয়ে। তাৰ পাছত কাকতৰ অফিচলৈ ফোন কৰি ফ্ৰণ্টপে'জত লগাবলৈ ক'ব। কেনেবাকৈ যদি বাতৰিত নাম নোলাল সেই সাংবাদিকৰ ইন্তেকাল আৰু। মিটিঙত সাজে-পোছাকে গোটেইডোখৰ অধ্যাপক অধ্যাপক গোন্ধাই আছিল হেনো। ৰজাঘৰৰ লিগিৰা বুলি দুই-চাৰিজনে সমালোচনা কৰে যদিও জৰিগুৰিৰ মেইন মানুহ অধ্যাপক লেখাৰু। আজি যদি অগপত,  কাইলৈ কংগ্ৰেছত,  পৰহিলৈ বিজেপিত। মুঠতে গাত লেঠা হোৱা মানুহে ভিটামিনযুক্ত আইৰণ টেবলেট আৰু পুষ্টিকৰ খাদ্য খাই থকাৰ দৰেই অধ্যাপক লেখাৰু ৰাজনৈতিক আইৰণ টেবলেট খাই খাই সমাজত নীলাশিয়ালৰ ভাও দি থাকে। মিলিটেৰীয়ে কʼবৰ দৰে ইয়াৰ চিন চেলেকাতহে বুইছা। মহা ধুৰন্ধৰ ই। কাম কৰে কলেজত, মুখত তাৰ ল'ৰা-ছোৱালীৰ নাম নাহে,  আহে অসমৰ নেতা-পালিনেতাৰ নামহে। ই মহা চালাক। পোনেই সোণৰ খনিতহে হাত দিয়ে বেটাই। আমাৰ এই কুন্ধেছসোপা, সি নহ'লে যেন জৰিগুৰিত সভা সমিতি নহ'বই। ই এটা ডালৰ মাংকি। তাৰ পাছত দৌৰি ফুৰা লিটিকাইকেইটা বাকলি খোৱা বান্দৰ!"

মিলিটেৰীৰ কথা শুনি হিমানীৰ হাঁহি উঠে। হিমানীয়ে হাঁহিলে মিলিটেৰীৰ ভাল লাগে। মন ভৰি পৰে। অসম আন্দোলনৰ সময়লৈ মনত পৰে। হিমানীৰ কিন্তু ভয় লাগে। পোনাই আকৌ তাতে উজান দিয়ে, কাঠ ফালি থাকোঁতে ওলোৱা কথাবোৰ কয়। পোনা আৰু প্ৰফুল্লই কাঠ ফালি থকা সময়ত বহুতে গাঁওখনৰ,  সমাজখনৰ, জাতিটোৰ, দেশখনৰ ৰামায়ণ গাই থাকে। সিহঁতে মাথোঁ শুনি থাকে। দুই-চাৰিজনে অধ্যাপক লেখাৰুৰ কথা কৈ হাঁহে যদিও পোনাই একো নামাতে। শুনি থকাটো তাৰ স্বভাৱ। ৰত্নমাষ্টৰে সেই এল. পিতে ল'ৰা-ছোৱালী তিনিওটাকে কৈছিল-মুখত '' কাৰ দিয়ে কিয় জাননে?"

"নাজানো।'  তিনিওটাই একে আষাৰে কৈছিল।

'' মুখখন পৰাপক্ষত বন্ধ কৰি থʼব লাগে।'' কথাটো শুনি আটাইকেইটাই মুখ খুলি হাঁহিছিল। হিমানীয়ে পিৰিকা-পিৰিককৈ চাই আছিল। ৰত্নমাষ্টৰে আকৌ সুধিছিল, ''মূৰত ''কাৰ কিয় দিয়ে?"

 পোনাই তপককৈ কৈছিল, " মৰটো খোলা ৰাখিব লাগে।"

"অঁ, অনাহকত কথা কৈ নাথাকিবি। চেলবেলাই নাথাকিবি। মূৰটো কিন্তু টোপনিতো খোলা ৰাখিবি।" ৰত্নমাষ্টৰে ভাবিছিল পোনাই আগলৈ একঠা খাব। সৰুৰে পৰা সি মূৰটো খুলি ৰাখিছিল যদিও বেচেৰা কৰতিয়ালহে হ', ককায়েক যদুমণি ডাকঘৰৰ চাকৰিত সোমাল,  বায়েক বি. এ. পাছ কৰি চাকৰিয়াল দৰালৈ বিয়া সোমাল।

শৰৎ শৰ্মায়ো বোলে জ্যোতি দিৱসৰ তাৎপৰ্য বৰ সুন্দৰকৈ ব্যাখ্যা কৰিলে। জ্যোতিৰ কবিতা আবৃত্তি কৰি কৰি সাৰুৱা ভাষণ দিলে- 'জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বিপ্লৱী মনীষাৰ প্ৰতীক। প্ৰগতিশীল ব্যক্তি মাত্ৰেই বিপ্লৱী, কাৰণ বিপ্লৱৰ যোগেদি সমাজ আগবাঢ়ে; সেই বিপ্লৱ হিংসাত্মক বা অহিংসাত্মক, সৰৱ বা নীৰৱ বিপ্লৱ, যিকোনো এবিধেই হ'ব পাৰে।

ৰাষ্ট্ৰনীতিৰ

সমাজনীতিৰ

ৰাজনীতিৰ

অৰ্থনীতিৰ তোৰ

   থৈ দে ফোঁপোলা জ্ঞান,

জনতা-পূজাৰ ভাও দি, চাও দি

নেদেখুৱাবি

ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বাভিমান,

জনতাই তোৰ স্বৰূপ চিনিছে

সাৱধান, সাৱধান।" বুলি যেতিয়া কবিতা আওঁৰাইছিল বহুতে বোলে হাঁহিছিল। কিছু লোক আচৰিত হৈছিল স্মৃতিশক্তি দেখি। লাউড স্পীকাৰত শৰ্মাৰ মাতটো শুনি বহুতৰে বুকু কঁপি উঠিছিল। মাজে মাজে জ্যোতি সংগীত একোটা আওঁৰাই সিংহনাদ কৰি গাইছিল-

     পাহৰি গ’লি নে

            শৰাইঘাটত  তয়ে এদিন বলি লৈছিলি                     

               মান ৰাখি অসমীৰ ?

যি কি ধৰ্ম্ম নহওক তোৰ

    বামুণ-শূদিৰ যিয়েই নহৱ

               হিন্দু বা মুছলমান

বৌদ্ধ হৱ, খ্ৰীষ্টান হৱ

মাথোঁ মনত ৰাখিবি

তই অসমৰ ন-জোৱান ৷"

তাৰ পাছত বোলে কৈছিল- যদিও মই ৰাজনীতি কৰা মানুহ, দলৰ জিলা সভাপতি হিচাপে কাম কৰি আছোঁ আজি মই ৰাজনীতিৰ কথা একেবাৰে নকওঁ। তথাপি জাতত যিদৰে মই বামুণ, মোৰ শৰীৰত আপোনালোকে নেদেখাকৈ যেতিয়া এডাল লগুণ আছে, সেই লগুণৰ ভৰত যেনেকৈ মই মাছ বজাৰত থাকিলেও বামুণ বামুণ গোন্ধাই থাকোঁ সেইদৰে যিমানেই ৰাজনীতিৰ পৰা আঁতৰি কথা নকওঁ মুখত আমাৰ দলৰ, চৰকাৰৰ কথা ওলাবই। আমি আদৰ্শৰ বাটেৰে খোজ দিব লাগিব।আমাৰ নতুন চামে কথাবোৰ ভালকৈ গমি-পিটি চাওক। আমি কʼলৈ গৈ আছোঁ।'' শেষত বোলে সামৰণি মাৰিছিল এইদৰে-

জাগোঁ মই –

অসমৰ নবীন জোৱান ,

বুকুত জ্বলিছে মোৰ অগ্নিময়ী অভিমান

            জাগোঁ মই অসমৰ অজেয় জোৱান ৷

কোন তই গচকি খচকি দিছ,

      মোৰ চোতালতে আহি

             কৌটিকলীয়া অধিকাৰ

                    সাৱধান, হ’বি সাৱধান !

তাকে শুনি মিলিটেৰীয়ে কৈছিল, ' লেকিন শৰৎদা কিন্তু ভাল বক্তা। কি মাত, কি উচ্চাৰণ। খালী এতিয়া হনুমন্ত কায়া খেদি মানুহটো কিবা তেল নাইকিয়া ফপৰাৰ দৰে হ'ল।"

অসমীয়া মানুহৰ দুখ-দুৰ্দশাৰ কথা শুনি শুনি হিমানী আইতাৰ আমনি লাগিছে। বাৰন্দাতে বহি বহি কথাবোৰ ভাবি আছে। অসম আন্দোলনৰ জোৰত নেতা-মন্ত্ৰী হোৱা মানুহবোৰৰ নঙঠা স্বৰূপ দেখি ঘৰৰ কাষতে থকা শ্বহীদ পৰিয়ালটোলৈ মনত পৰি উচুপি উঠিল হিমানী। আজিও ভাইমনদাক পুলিচে গুলীয়াই মৰা দিনটোলৈ মনত পৰে হিমানীৰ। বুকু ভাগি যায়। ৰত্ন ছাৰে বি, ডি অʼক কৈ-মেলি আই. এ. ৱাই ঘৰ এটা ধৰি দিছিল। এতিয়া সেইটোৰ জৰাজীৰ্ণ অৱস্থা। ৰ'দ-বৰষুণ একাকাৰ হৈ পৰে। মাকজনীয়ে আনৰ সুখ দেখি হায়ৈ-বিয়ৈ কৰি থাকে। বহুতে অসম আন্দোলনত শ্বহীদ হোৱা ভাইমনদাৰ ঘৰ বুলি পুতৌৰ দৃষ্টিৰে চায়। নিজা বুলিবলৈ মাটি-বাৰী একো নাই। মিলেটেৰীয়ে মাজে মাজে ভাইমনদাৰ মাকলৈ মাছ-পুঠি দি পঠায়। কেতিয়াবা মিলিটেৰী আহেও। বহুপৰ বহে। ভাইমনৰ মাকৰ সৈতে কথা পাতে। তাৰ পৰা গৈ হিমানীৰ ঘৰ পায়। হিমানীয়ে লাজ লাজকৈ চাহ দিয়ে। চাহত সোহা মাৰিয়েই মিলিটেৰীয়ে ভাইমনহঁতৰ কাষতে থকা প্ৰকাণ্ড অট্টালিকাটোলৈ আঙুলিয়াই কয়- আমাৰ দেশত নেতা আৰু শ্বহীদৰ পাৰ্থক্য এয়াই। নেতাৰ পৰিয়াল ক'ত আছে আৰু শ্বহীদৰ পৰিয়াল ক'ত আছে। ভাইমনদাক লগ পোৱা হ'লে কʼলোহেঁতেন, শ্বহীদ নহ'বা নেতা হ'বা।''

হিমানীযয়ে কথাবোৰ মন দি শুনে। কথাবোৰ নোহোৱা নহয়। ইংৰাজৰ বিৰুদ্ধে আন্দোলন নকৰোঁ বুলি লিখি দিয়া মানুহ এইখন দেশত প্ৰধান মন্ত্ৰী হ'ল আৰু আন্দোলন নকৰোঁ বুলি লিখি নিদিয়া মানুহ এইখন দেশত শ্বহীদ হ'ল ।

"কি হ'ল। অকলে অকলে বহি আছ যে?"  বাৰন্দাত অকলে বহি থকা মাকক পোনাই সুধিলে।

"একো হোৱা নাই।'' হিমানীয়ে ক'লে। পোনাই বুজি পায় মাকক। অকলশৰে যেতিয়া মাক বহি থাকে মাকৰ মন সিক্ত-তিক্ত হৈ পৰে। মিলেটেৰীৰ কথাই হিমানীক নিৰস্ত্ৰ কৰে।

"তুমি মোক নামাতিব পাৰা হিমানী। মই তোমাক মাতি থাকিম।"

"নাজানো তুমি কিয় এনেকুৱা কৰি থাকাঁ। মই কিবা সেই আন্দোলনকাৰী হিমানী নেকি?  ইমান যে অভিমান কৰি থাকাঁ?"

"নহয় অʼ।"

"কি নহয়?" হিমানীৰ খং উঠে। দুচকু ভৰি পৰে ৰত্নছাৰৰ কথা ভাবি। বান্দৰে মৰিশালিটোৰ কলহ-টেকেলি ভাঙি পেলোৱা দেখি মিলেটেৰীয়েই কৈছিল, " 'ব ৰত্নদাৰ মৰিশালিটো ময়ে পকা কৰি দিম।"

নালাগে।অনু আৰু যদুমণিয়ে কি ভাবিব? পোনাই বাৰু একো নকয়। সি তোমাক...!" ৰৈ যায় হিমানী বৰফ চেঁচা হৈ।

 পোনাই একো নকৈ সোমাই যোৱাৰ পাছত কথাবোৰ ভাবি ভাবি বহি থাকে হিমানী। ভাবিছিল শিল্পী দিৱসত মদৰ দোকানখনৰ কথা ওলাব, কিন্তু নোলাল। জৰিগুৰিত হ'ব লগা মদৰ দোকানখনক লৈ সেয়ে হিমানীৰ মনটো গুজৰি-গুমৰি আছে।শৰৎ শৰ্মাৰ পুতেক মদৰ দোকানী হ'ব বুলি শুনিয়েই হিমানীৰ গাটো কেছকেছাই আছে। শৰৎ শৰ্মাৰ মুখখন বাৰে বাৰে মনলৈ আহিছে। অসম আন্দোলনৰ সময়ত শৰৎ শৰ্মাই উদাত্ত কণ্ঠে বিদ্ৰোহী কবিতা গাই ৰাইজখনক 'আহ ঐ আহ ওলাই আহ' বুলি চিঞৰ ধৰিছিল। লীলাৰাম কংগ্ৰেছীক ঘৰৰ পৰা বাহিৰ হʼলেই দুচেও কৰিম বুলি ভাবুকি দি থকা সময়ত হিমানীহঁত ভয়তে পেঁপুৱা লাগিছিল। শৰৎ শৰ্মাই তেতিয়া গহীনাই কৈছিল, " মোৰ নাম শৰৎ যদিও শীত-বসন্ত হ'বলৈ বেছি পৰ নালাগে। আমাৰ মাজৰে কিছুমানে আন্দোলনো কৰিছে,  প্ৰেমৰ নামত কংগ্ৰেছো কৰিছে। সেই জাতিদ্ৰোহীবোৰক....।''  শৰ্মাৰ কথা শেষ নহয়েই। নীলই চোলাৰ তলৰ পৰা প্লেনজাৰ চিটৰ অস্ত্ৰপাত উলিয়াই হিমানীৰ চকুৰ আগত জোকাৰি থাকে। মিলিটেৰীয়ে তেতিয়া পোন্দোৱাকৈ চায়। নীলই অস্ত্ৰ সম্বৰণ কৰে।

কোনো দিনে মদ-ভাং মুখত নিদিয়া শৰৎ শৰ্মাই পুতেকক কিয় মদৰ দোকান খুলিবলৈ দিছে ভাবি পোৱা নাই। মদে মানুহৰ কি উপকাৰ কৰে সেই কথা ভাবি ভাবি ভাইমনদাৰ সৰু ভায়েকৰ মুখখন মনলৈ আনিছে। লিভাৰ বেয়া হৈ ডেকা কালতে ঢুকুৱা ভাইমনদাৰ ভায়েক ঘোৰ মদাহী আছিল। ভাবৰ ভৰত হিমানী আইতাই আকাশলৈ চাই দেখিলে ৰকেট এটা উৰি গৈছে। একেথৰে চাই আছে হিমানী আইতাই।

সন্ধিয়াৰ আকাশ আছিল শৈশৱৰ বিস্ময়। হাতীপটি,  ৰকেট বিচাৰি হাবাথুৰি খোৱা অৱস্থা। তাৰ মাজতে  টিপিক-টাপাক কৰি থকা জোনাকী পৰুৱাটো দেখিলেই মনটো নাচি উঠিছিল। পিছে পিছে দৌৰি ফুৰিছিল পোহৰৰ উৎসটো বিচাৰি৷ মাকৰ ঢমক খাইহে সংযত হৈছিল। তাৰ মাজতে কোনোবাই লোকগীত-বনগীত গাই পাটি চাইকেল মাৰি খলা-বমা পথেৰে আপোন মনে গৈ আছিল। গৰুৰ গাড়ীৰ ডাঙৰ ডাঙৰ চকা দুটাত মনটো তল-ওপৰ কৰি ফুৰিছিল। চৈ দিয়া গৰু গাড়ীত দৰা-কইনা উঠি যোৱা ছবিবোৰে কত ভাবনাৰ যে জোৱাৰ তুলিছিল তাৰ সীমা নাই ৷ধূলি-বালিৰ ঘৰ সাজি, পুতলাৰ দৰা-কইনা খেলি লুকাভাকুত কিমান যে চকুপানী ওলাইছিল৷ চাইকেলৰ টায়াৰত মাৰি এডালে কোব দি দি তাৰ পাছে পাছে দৌৰা, নৈৰ ঘাটত চিলনী সাঁতোৰ, গৰম বন্ধত আমতলে-কঁঠাল তলে দৌৰাদৌৰি,  লগৰ সমনীয়ালৈ "পাণ খালোঁ,চূ ণ খালোঁ আৰু খালোঁ লং, কাউৰীঠেঙীয়া আখৰ দেখি নকৰিবা খং" বুলি আৰম্ভ কৰা চিঠিখন, কোনোবা প্ৰেয়সীয়ে প্ৰেমিকলৈ কেইবাদিনো ধৰি লুকাই লুকাই লিখা চিঠিবোৰৰ যি উমসনা বাসনা সেয়া যেন আধুনিকতাই নোহোৱা কৰিলে৷ চিঠিবোৰৰ যি উমসনা বাসনা সেয়া যেন মোবাইল মেছেজে নোহোৱা কৰিলে৷ সেই কালত ফটো উঠাটো একপ্ৰকাৰ বিলাসী বাসনাই আছিল৷ ক’লা-বগা ফটোবোৰৰ মহিমাময়ী ৰূপ চিঁচাৰ বটলত আলহী কোঠাৰ একোণত একুৰিয়ামৰ মাছৰ দৰে জিলিকি আছিল৷ বৰষুণত তিতি তিতি, বোকা-পানী খচকি মূৰত কচুপাত এখিলা লৈ যাবলৈ পালে সৰগখন হাততে পোৱাৰ দৰে লাগিছিল৷ কিন্তু সেই সৰগ ক'ত হেৰাল।

                   ০০০

টেবুলখনৰ ৰং-তুলিকাবোৰ সামৰি-সুতৰি বাহিৰলৈ ওলাই আহিল মিলেটেৰী। ফাগুনৰ চেঁচা বতাহ এজাকে বাৰে বাৰে স্পৰ্শ কৰাৰ সময়ত হিমানীৰ ফোনটোলৈ বাট চাই আছে মিলিটেৰীয়ে। এয়া তেওঁৰ অভ্যাস। কেতিয়াবা নিজান নিশা ভাবনাৰ মূৰ্তি এটা হৈ হিমানীয়ে পতাকা উৰুৱাই ৰাজপথেৰে দেশ,  মাটি,  জাতিৰ কথা চিঞৰি ফুৰা শুনে। মানুহে ভাবে এই বুঢ়া-বুঢ়ীহালৰ ইমান কি কথা থাকে?  দুই-একে বংশলতিকা বিচাৰি ফুৰে। হিমানীৰ আঁতি-গুৰি ওলায় যদিও মিলিটেৰীৰ বংশলতিকা নিমাত।

এখোজ দুখোজ কৈ আগ বাঢ়ি যায় মিলিটেৰী। বাৰে বাৰে চাই থাকে ফোনটো হাততে লৈ। নাই হিমানীয়ে ফোন কৰা নাই। দিনৰ দিনটো কামৰ মাজত সোমাই থাকি সন্ধিয়া হিমানীয়ে গোসাঁইৰ ঘৰত চাকি দিয়ে। তাৰ পাছত মিলিটেৰীলৈ ফোন এটা কৰে। ফোনৰ পাছতে কিতাপৰ পাত লুটিয়ায়। তাৰ পাছত হে পাগ ঘৰত সোমায়। পোনাই দুখে-ভাগৰে আহি মাকৰ আগত দিনটোৰ ডায়েৰী পঢ়ে। কোনে ক'ত কি কৰিলে। দধি লেখাৰুৱে ক'ত মিটিং গালে,  শৰৎ শৰ্মাই দলীয় মিটিঙত কি কি কৈ মানুহক টেঙা আম বিকিলে পোনাই এফালৰ পৰা কৈ যায়। ভাত হোৱালৈ তাৰ কথা শেষ হয় ।

হঠাৎ ফোনটো বাজি উঠিল। দেখিলে এটা অচিনাকি নম্বৰহে।

'' হেল্ল'...! কোনে কৈছে ?"

"মই অম্লান খুৰাদেউ। শৰৎ শৰ্মাৰ ল'ৰা। সিদিনা যে শিল্পী দিৱসলৈ মাতিবলৈ গৈছিলোঁ।"

'' ' কোৱাঁ কোৱাঁ।"

"আপুনি সিদিনা মিটিঙলৈ নাহিল কিয়?"

"পাহৰিলোঁ বুজিছা!" মিলিটেৰীয়ে গহীনাই ক'লে।

"আপুনি পাহৰা নাই। আপুনি নাহো বুলিয়েই নাহিলে।"

 '' হয়,   সেইখন সভালৈ গৈ সময় খৰচ কৰাৰ মোৰ মন নাই। শুনিছোঁ,  মিটিঙত বোলে বহুত মানুহ হৈছে। তোমাৰ দেউতাৰাই বোলে বৰ বৰ কথা কৈ মানুহবোৰক বুৰ্বক বনাই দিলে।"

"আপুনি তেনেকৈ কিয় কৈছে খুড়া। দেউতাই আপোনাক ইমান ভাল পায়। অথচ আপুনি...!"

"শৰৎদাক কৈ দিবা। তেওঁ এটা মস্ত দগাবাজ। আৰু সেই দধি লেখাৰু... তাকো কৈ দিবা জাতি বেচি খোৱা মানুহ এওঁলোক।''

'' খুড়া....!" অম্লানৰ মাতটো কঠোৰ হৈ ওলায়।

'' হেৰা, বৰ কথা কৈছা নেকি?  নকʼবা। এই খগেন মিলিটেৰীৰ আগত বৰ কথা নকʼবা। শিল্পী দিৱস পাতিলা, দধি মন্থন কৰিলা ভালেই কৰিলা। লেকিন আমাৰ জৰিগুৰিত বোলে কোনোবাই মদৰ দোকান খুলিব গম পাইছানে,  সাৰে থাকিবা ?"

মদৰ দোকানৰ কথা শুনিয়েই অম্লানে  'লে, " খুৰাদেউ আপুনি এই কথাটোত কিয় লাগিছে। আজিকালি মদ নাখায় কোনে?"

"হেʼৰা, মুখ চম্ভালি কথা কʼবা । তোমাৰ দেউতাৰাই মদ খায়নে?"

' নাখায়।''  অম্লানে সৰুকৈ ক'লে।

"তোমাৰ মাৰাই খায়নে?"

"আপুনি মাক কিয় টানি আনিছে ?"

"তুমি খোৱানে?"

"নাখাওঁ।''

'' তেতিয়া হ'লে কোনে খাবৰ বাবে মদৰ দোকান খুলিব খুজিছা। এই বৰবিহৰ বেপাৰী হৈ তোমালোকেই আকৌ শিল্পী দিৱস পাতিছা। তোমালোক মানুহনে কি হে?"

কথাপাতি থাকোঁতেই দেখিলে হিমানীৰ ফোনটো ৱেʼটিঙত আছে। মিলিটেৰীয়ে অম্লানৰ ফোনটো কাটি দি হিমানীলৈ ফোন লগালে।

"কোৱাঁ ।" হিমানীয়ে ক'লে।

"ইমান দেৰি ক'ত আছিলা।''

"এই নীলৰ ল'ৰাটোৰ সৈতে শৰৎদাৰ ল'ৰাটো আহিছিল।"

"কিয় ?"

"মিটিঙলৈ কিয় নগʼলো সুধিবলৈ।"

'' কি ক'লা?"

"মন নগ',  নগ'লোঁ বুলি কʼলোঁ।"

"ভাল কৰিলা। মোলৈ ফোন কৰিছিল। সি বেটাই মদৰ দোকান এখন খুলিব খুজিছে।"

"মোকো কৈছে।"

"তোমাক সেই কথা ক'বলৈ কেনেকৈ সাহস পালে। এই হিমানী,  শুনা তোমাক সেই ফুকলীয়া লʼৰাটোৱে মদৰ দোকানৰ কথা কৈ কিয় অপমান কৰিব। মই এতিয়াই শৰৎদাৰ ঘৰ ওলামগৈ। ফোন থোৱাঁ তুমি। ফোন থোৱাঁ।

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ