অন্যযুগ/


নিৰ্বাণ

(ফেন্টাচী উপন্যাসিকা)

যশোৱন্ত নিপুণ

          


          দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বোধিসত্ত্ব টেৰণে অফিচৰ সম্মুখৰ পাৰ্কখনলৈ আহি প্ৰাচীন আঁহতজোপাৰ তলৰ বেঞ্চখনত আউজি বহি পৰিল ৷ দুহাতত মূৰটো থৈ ক’তো অকণিও মেঘ নোহোৱা নিৰ্মল নীলা আকাশখনলৈ তেওঁ চাই পঠিয়ালে ৷ দূৰ দিগন্তত প্ৰায় চিন-নিচিন কেইটামান চৰাই উৰি উৰি ক’ৰবালৈ গৈ আছে ৷ চৰাইকেইটা আকাশত মিলি নোযোৱাকৈকে তেওঁ চাই ৰ’ল ৷ কি উদ্দেশ্যত ক’লৈ যে উৰি গুচি গ’ল চৰাইবোৰ - তেওঁ মনতে ভাবি উলিয়াবলৈ চেষ্টা কৰিলে ৷ 

      নৈৰ পাৰে পাৰে বহু দূৰলৈ যোৱা ৰাস্তাটোৰ এফালে বোধিসত্ত্বই কাম কৰা অফিচটো আৰু আনটো ফালে নৈৰ পাৰতেই লাগি থকা দীঘলীয়া পাৰ্কখন ৷ নগৰৰ হাই-উৰুমিৰ পৰা বহু দূৰৰ এই ঠাইখিনিলৈ মানুহৰ আহ-যাহ বৰ কম ৷ অফিচত ভালেসংখ্যক লোকে কাম কৰে যদিও খুব কমেইহে ৰাস্তালৈ ওলাই আহে আৰু কেইজনমানহে মাজে মাজে পাৰ্কখনলৈ আহে ৷ বৃহৎ এলেকা জুৰি থকা অফিচটোও ওখ ওখ ইউকেলিপটাছ গছবোৰে বাহিৰৰ পৰা সহজে চকুত নপৰাকৈ প্ৰায় ঢাকি ৰাখিছে ৷ নৈৰ আনটো পাৰে দূৰৰ গাঁৱৰ ঘৰবোৰ ৰিণিকি ৰিণিকি দেখা যায় ৷ এটা জনশূন্য নিৰিবিলি পৰিবেশ, গৱেষণা আৰু গভীৰ অধ্যয়নৰ উপযুক্ত পৰিৱেশ সদায় বিৰাজমান তাত ৷

      সিপাৰৰ ক’ৰবাৰ পৰা কোনোবাই দীঘল লেনিয়া সুৰেৰে গোৱা গীতৰ কলি এটা ভাহি আহিল, “নদী তোৰেই বুকুতে, … কত সুৰ আছে গুপুতে … ৷” ৰিব্ ৰিবকৈ বতাহ বলিছিল ৷ আঁহতৰ পাতবোৰে জিৰ্ জিৰ্ শব্দ কৰিছিল ৷  আগদিনা গভীৰ নিশালৈকে গৱেষণা সংক্ৰান্তীয় কামত বুৰ গৈ থকা বোধিসত্ত্বৰ দুচকু তন্দ্ৰালস হৈ আহিছিল ৷

       কাষৰ মাটিখিনি যেন কঁপি উঠিছিল ৷ আঁহতজোপাৰ ডালবোৰতো এটা অস্বাভাৱিক জোকাৰণি ৷ বোধিসত্ত্ব সচকিত হৈ উঠিল - ভূমিকম্প নেকি ? নৈখনলৈ চাই পঠিয়ালে তেওঁ ৷ শান্তভাৱে বৈ থকা নৈখন এইমাত্ৰ অস্থিৰ হৈ পৰিছে ৷ ধুমুহাৰ সাগৰৰ দৰে প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰে নৈখন আন্দোলিত হৈ উঠিছে ৷ মাটিৰ জোকাৰণিটো বাঢ়ি আহিবলৈ ধৰিছে ৷ বহু দূৰৰ পৰা কোলাহলৰ  ক্ষীণ শব্দ এটাও ভাহি আহিছিল ৷ কোলাহলটো ক্ৰমাৎ ডাঙৰ হৈ আহিছিল ৷ আৰু তেনেতে কেইটামান এন্দুৰ পাৰ্কখনেৰে বিজুলী বেগেৰে দৌৰি পাৰ হৈ গ’ল ৷ তাৰ পাছত আৰু এশমান  এন্দুৰ,  আৰু এটা ডাঙৰ লানি নিছিগা জাক, হাজাৰ হাজাৰ এন্দুৰ পাৰ্কৰ মাজেৰে, কাষৰ ৰাস্তাটোৰে, নৈৰ দুয়ো পাৰেৰে দৌৰি দৌৰি যাবলৈ ধৰিছে ৷ ইমান এন্দুৰ একেলগে তেওঁ কেতিয়াও দেখা নাই ৷ অদ্ভুত কিবা এটা ঘটিবলৈ গৈ আছে, শীঘ্ৰেই কিবা এটা ঘটাৰ প্ৰবল সম্ভাৱনা ৷ আতংকত বোধিসত্ত্বৰ সৰ্বশৰীৰ কঁপি উঠিল ৷

        ভৰিৰ তলৰ মাটি, আঁহতজোপা আৰু ওচৰৰ গছবোৰ আৰু বেছি জোৰেৰে লৰিবলৈ ধৰিছিল ৷ দূৰৰ পৰা চিৎকাৰ আৰু চিঞৰ-বাখৰৰ শব্দ ভাহি আহিছিল ৷ খুব গধুৰ কিবা এটাই যেন জঁপিয়াই জঁপিয়াই আগুৱাই আহিছে আৰু প্ৰত্যেক জাঁপতেই যেন কঁপি উঠিছে সমগ্ৰ পৃৃথিৱী ৷

          বহু দূৰত ছাঁৰ দৰে প্ৰকাণ্ড কিবা এটা দেখা গ’ল ৷ তীব্ৰ বেগত ছাঁটো আগবাঢ়ি আহিছিল পাৰ্কখনৰ ফালেই ৷ প্ৰত্যেক জাঁপতেই আকাশখন যেন চুই আহিছিল সেইটোৱে ৷ আৰু যিমানেই ওচৰ চাপিছিল সিমানেই স্পষ্ট হৈ আহিছিল ভয়ংকৰ সত্তাটোৰ অৱয়ব ৷  সেইটো এটা প্ৰকাণ্ড বাঘ ! নহয় এটা প্ৰকাণ্ড মেকুৰী ! তাৰ চকুত আক্ৰোশ আৰু তীব্ৰ ক্ষুধাৰ জুই !

        বোধিসত্ত্বই দৌৰি কেনিবা পলাবলৈ বিচাৰিলে ৷ কিন্তু মাটিৰ জোকাৰণিটো ইমান বেছি হৈ আহিছিল যে তেওঁ থিয় হ’ব পৰা নাছিল ৷ ভয়াৰ্তভাৱে চাৰিওফালে চাই পঠিয়ালে তেওঁ ৷ কিছু দূৰৰ ইউকেলিপটাছবোৰৰ তললৈ ইতিমধ্যেই দৌৰি যোৱা অফিচৰে তলতীয়া কৰ্মী তুষাৰ আৰু জ্যোৎস্নাক দেখিলে তেওঁ ৷ সেই প্ৰকাণ্ড জন্তুটোৰ পৰা বাচিবলৈকে বোধহয় সিহঁত গছবোৰৰ মাজলৈ পলাই গৈছিল ৷ 

       এটা প্ৰকাণ্ড জাঁপ মাৰি আঁহতজোপাতকৈও দুগুণ ওখ ক্ৰোধান্ধ ক’লা-বগা বৰণৰ মেকুৰীটো পাৰ্কখনৰ ভিতৰলৈ আহিল ৷ লগে লগেই কেইজোপামান গছ উভলি পৰিল চাৰিওফালে ৷ আতংকত যেন গোটেই পাৰ্কখন অস্থিৰ হৈ কঁপিবলৈ ধৰিছিল ৷ মেকুৰীটোৰ মুখখন ৰক্তাক্ত ৷ সেইটোৱে থপিয়াই থপিয়াই এন্দুৰবোৰ ধৰি গিলি পেলাইছিল ৷ কিমান হেজাৰ এন্দুৰ ভক্ষণ কৰিলে এই দৈত্যটোৰ ক্ষুধা নিবাৰণ হ’ব - আতংকৰ মাজতো বোধিসত্ত্বই ভাবিবলৈ চেষ্টা কৰিলে ৷ মুহূৰ্ততে আৰু এটা জাঁপ মাৰি পাৰ্কখন পাৰ হৈ গ’ল দৈত্যাকৃতিৰ মেকুৰীটোৱে ৷  

       “আস্ ৰক্ষা ! বাচি গ’লোঁ ৷” দীঘল উশাহ এটা এৰি বোধিসত্ত্বই খৰকৈ চিন্তা কৰিলে ৷ “কিন্তু জন্তুটো যদি ঘূৰি আহে,  ঘূৰি অহাৰোতো প্ৰবল সম্ভাৱনা আছে ৷ ক’ৰ পৰা আহিছে, থাকিব ক’ত, ক’লৈ যাব সেইটো ? সকলোবোৰ সেইটোৱে ধ্বংস কৰি নেপেলাব নে ? মহাপ্ৰলয়, মহাপ্ৰলয়ৰ এয়েই আৰম্ভণি নেকি !”  তেওঁ পাৰ্কৰ মাজৰ সৰু ৰাস্তাটোত গৈ থিয় হৈ ভয়াৰ্তভাৱে চাৰিওফালে চালে ৷ খৰধৰকৈ অফিচলৈ গৈ লুকাই পৰিবলৈ বিচাৰিলে তেওঁ ৷ বাহিৰত ৰৈ থকাটো এতিয়া মুঠেও নিৰাপদ নহয় ৷ কিন্তু … মাটিৰ জোকাৰণিটো আকৌ বাঢ়ি আহিবলৈ ধৰিছিল ৷ বহু চেষ্টা কৰিও বোধিসত্ত্বই আগুৱাই যাব পৰা নাছিল ৷ কিহবাই যেন টানি ধৰি ৰাখিছে তেওঁক ৷ আৰু ঠিক তেনেতেই প্ৰকাণ্ড এটা জাঁপ মাৰি মেকুৰীটো আকৌ পাৰ্কৰ ভিতৰত আহি ওলাল ৷ ওচৰতে ক’ৰবাত গছ উভলি পৰাৰ শব্দ হ'ল আকৌ ৷ ধুমহাৰ সাগৰত দুলি থকা নাও এখনৰ দৰে গোটেই পাৰ্কখন কঁপিবলৈ ধৰিছিল ৷ বোধিসত্ব বাগৰি পৰিল ৷ মেকুৰীটোৱে জ্বলন্ত চকুযুৰিৰে বোধিসত্ত্বলৈ চাইছিল ৷ আৰু এক মুহূৰ্তৰ পাছতে সেইটোৰ প্ৰকাণ্ড হাতোৰা এখন বোধিসত্ত্বক লক্ষ্য কৰি আকাশৰ পৰা নামি আহিল তড়িৎ বেগত ৷  

       আৰু ৰক্ষা নাই ! অবিশ্বাস্য, সম্পূৰ্ণ অনাকাংক্ষিতভাৱে মৃত্যু বোধিসত্ত্বৰ সম্মুখত ! তেওঁৰ সকলো গৱেষণা, সকলো সাধনা শেষ হৈ গ’ল ! আৰু কৰিব পৰা একোৱেই নাই, এয়েই শেষ ! দুয়োখন হাত কাণত দি সীমাহীন ত্ৰাসত বিকট চিঞৰ এটা মাৰি উঠিল তেওঁ ৷ …

  

        খকমকাই সাৰ পাই গ’ল বোধিসত্ত্ব ৷ আতংকত কঁপি আছিল তেওঁ তেতিয়াও ৷ কিছু দূৰত কৃষ্ণচূড়া এজোপাৰ তলত বহি কথা পাতি থকা তুষাৰ আৰু জ্যোৎস্নাই তেওঁলৈ আচৰিত হৈ চাই আছে ৷ “কি হ’ল ছাৰ ? সপোন দেখিলে নেকি ?”  তুষাৰে চিঞৰি সুধিলে ৷

          তেনেকুৱা বিশেষ একো হোৱা নাই বুলি বুজাবলৈ তেওঁ সিহঁতৰ ফালে চাই সোঁহাতখন জোকাৰিলে ৷  

         “কি অদ্ভুত সপোন !” বোধিসত্ত্বই ভাবিলে ৷ জীৱনটোৰ প্ৰতি তেওঁৰ আসক্তি নাই বুলি নিজেই মনে মনে তেওঁ বিশ্বাস কৰিছিল ৷ কিন্তু সপোনত হ'লেও মৃত্যু অতি ওচৰত আহি উপস্থিত হোৱা দেখি তেওঁ কঁপি উঠিছিল আতংকত ৷ 

       “জীৱনৰ মোহ সকলোৰে থাকেই ৷” নিজকে নিজে কথাষাৰ কৈ তেওঁ লাহে লাহে হাঁহিলে ৷ এক মিনিটমান তেওঁ তেনেকৈয়ে ৰৈ ৰৈ হাঁহি থাকিল  ৷ হঠাতে ওচৰতে ৰৈ তেওঁলৈ একেথৰে চাই থকা মেকুৰী এটালৈ তেওঁৰ চকু গ’ল ৷ সেইটো ঠিক সপোনৰ মেকুৰীটোৰ দৰেই দেখিবলৈ ৷ একেই জ্বলন্ত চাৱনি সেইটোৰ চকু দুটাত ৷ কিন্তু  সপোনৰ মেকুৰীটো আছিল হেজাৰ গুণে ডাঙৰ ৷ অবাক হৈ তেৱোঁ মেকুৰীটোৰ চকুলৈ চাই ৰ’ল অলপ সময় ৷ তাৰ পাছত তেওঁ তুষাৰ আৰু জ্যোৎস্নালৈ চাই পঠিয়ালে ৷ সিহঁত দুটাকো সপোনত দেখিছিল ৷ আশ্বৰ্যচকিত হৈ তেওঁ আকৌ মেকুৰীটোলৈ চকুহাল ঘূৰাই আনিব বিচাৰিলে  - কিন্তু মেকুৰীটো আৰু তাত নাছিল ৷ 

       ক’লৈ গ’ল সেইটো মুহূৰ্ততে ? নে শূন্যত মিলি গ’ল সেইটো ? আচৰিত ! অতি আচৰিত ! - বোধিসত্ত্বই চকু দুটা জোৰকৈ মুদি চিন্তা কৰিলে ৷

      কেইদিনমানৰ পৰা তেওঁৰ লগত কিছুমান অদ্ভুত কথা-কাণ্ড ঘটি আছে ৷ আগদিনা ৰাতি অফিচৰ তেওঁৰ ৰূমৰ ডেস্ক এখনত থোৱা বহুদিনীয়া গৱেষণা সম্পৰ্কীয় নথি-পত্ৰৰ দ’ম এটা বাগৰি তলত পৰিছিল ৷ কোনোবাই যেন হঠাতে ঠেলি পেলাই দিছিল সেইবোৰ ৷ বতাহ-চতাহ একোৱেই বলি থকা নাছিল ৰূমটোত ৷ খিৰিকিবোৰো বন্ধ আছিল ৷ প্ৰাণীৰ নামত তেওঁৰ বাহিৰে বেলেগ পৰুৱা এটাও নাছিল তাত ৷ তেনেস্থলত সেইবোৰ কিয়, কেনেকৈ পৰি গৈছিল ? কথাটো তেতিয়াই তেওঁ বৰকৈ ভবা নাছিল ৷ কিন্তু এতিয়া সেই কথাটোও কিবা ৰহস্যময় যেন লাগিছে তেওঁৰ ৷  

         পাৰ্কৰ পৰা ওলাবলৈ থিয় হৈ তেওঁ এবাৰ এনেয়ে  চাৰিওফালে চালে ৷ নৈখন আন দিনাৰ দৰেই শান্তভাৱে ধীৰ গতিৰে বৈ আছে ৷ বতাহ এজাকে আঁহতজোপাৰ পাতবোৰ এতিয়াও কঁপাই আছে ৷ 

        কৃষ্ণচূড়াজোপাৰ তল পাওঁতে  জ্যোৎস্নাই তেওঁক সুধিলে, “ছাৰ, ভাল নে আপোনাৰ ? খুব ব্যস্ত যেন পাওঁ আজি-কালি ?”

         “ভালেই ৷ অলপ কাম আছে ৷”  তাইৰ ফালে নোচোৱাকৈ আৰু নোৰোৱাকৈয়ে তেওঁ ক’লে ৷

        “আপুনি ৰাতিলৈকে কিমাননো কাম কৰি থাকে ছাৰ ?  আমি দেখোন ছয় বজাতেই সকলো সামৰি ঘৰলৈ যাওঁ ৷”  তুষাৰে হাঁহি সুধিলে ৷

          “ঘৰলৈ গৈও কি কৰি থাকিম মই ?” খহটা সুৰত বোধিসত্ত্বই উত্তৰ দিলে ৷ তাত অলপ সময় ৰ’বলৈ বা সিহঁত দুটাৰ ফালে চাই কিবা এষাৰ কোৱাৰ প্ৰয়োজন বোধ নকৰিলে তেওঁ ৷

      কোনোদিনে ইস্ত্ৰী নকৰা বহু পুৰণি চোলা এটা গাত ওলোমাই লোৱা, চাপৰ, ক্ষীণ, জধলা মানুহজনৰ পিঠিখনলৈ চাই তুষাৰ আৰু জ্যোৎস্নাই মুখ টিপি হাঁহিলে ৷ এই মানুহজন সম্পৰ্কে অফিচত এষাৰ ৰসাল কথা সকলোৰে মুখে মুখে চলে - “বোধিসত্ত্বৰ বুদ্ধ হ’বলৈ আৰু বেছি দিন নাই ৷” পাৰ্কৰ যিজোপা আঁহতৰ তলত তেওঁ সদায় দুপৰীয়া কিছু সময় বহে, সেইজোপাকো সকলোৱে মনে মনে বোধিদ্ৰুম বুলি কয় ৷ বোধিসত্ত্বই তেওঁৰ পিছত চলা এই ঠাট্টা-মস্কৰাবোৰ গম পায় নে নাপায় কোনেও নাজানে ৷ অৱশ্যে গম পালেও পৃথিৱীৰ কাকোৱেই গুৰুত্বৰ যোগ্য বুলি নভবা মানুহজনে সেইবোৰকো চুলি এডালতকৈ বেছি গধুৰ বুলি নাভাবিলেহেঁতেন কিজানি ৷ 

          “বুদ্ধদেৱটোৱে কি কৰি থাকেনো ইমান ৰাতিলৈকে ? আমিও জানো কাম কৰা নাই ?” জ্যোৎস্নাই বিৰক্তিৰে সৰু সৰুকৈ কৈছিল ৷

          “কিহবাৰ ওপৰত গৱেষণা কৰি আছে বোধহয়, যিটো খুবেই গোপন ৷” কিবা অলপ ভাবি তুষাৰে ক’লে ৷

          “তুমি কেনেকৈ জানিলা ?”

       “মই অনুমানহে কৰিছোঁ ৷ কিন্তু দেখিছা নে বসুমতাৰী ছাৰে প্ৰায়েই আমাৰ বুদ্ধদেৱৰ লগত কিবা দীঘলীয়াকৈ আলোচনা কৰি থাকে ? ছাৰতো এক মিনিটো এনেয়ে নকটোৱা মানুহ ৷ আৰু মাজে মাজে কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল যে ইয়ালৈ আহে, কি কাৰণত আহে ? আমাৰ লগত সেইসকলৰ মিটিংবোৰ দেখোন এঘণ্টাও নচলে ৷ বসুমতাৰী ছাৰ আৰু বুদ্ধদেৱৰ লগত ঘণ্টাৰ পাছত ঘণ্টা কিহৰ আলোচনা কৰে ?” 

          “নাজানো সেইবোৰ ৷ জানিওনো কি কৰিম ? কিন্তু আমাৰ বুদ্ধদেৱটো যে, দেখিবই নোৱাৰোঁ মই সেইটোক ৷ ইমান নীৰস, ব’ৰিং মানুহ নহয় নে সেইজন ?”

          “ঠিক কৈছা ৷ জীৱনত কিজানি কোনো ছোৱালীকেই চুমা এটা খাই পোৱা নাই সেইটোৱে ৷ অৱশ্যে সেইখন মুখ দেখিলেই যিকোনো ছোৱালীয়েও পলাই পত্ৰং দিয়াটো খাটাং ৷ মানুহৰ ভাগ্য বুলিও কথা এটা আছে দেই ৷”  

          “তোমাৰ পিছে ভাগ্যখন কেনেকুৱা ?” জ্যোৎস্নাই হাঁহি সুধিলে ৷

          “মোৰো বৰ বেছি ভাল নহয় দিয়া ৷ মাত্ৰ এজনীয়েহে অলপ পাত্তা দিয়ে ৷” তুষাৰে গহীনাই ক’লে ৷

          “কেইজনী লাগে তোমাক, হা ? তোমাৰ মতলব কি ?” জ্যোৎস্নাই চকু ঘোপা কৰি সুধিলে ৷   

     

***


       নিজৰ বিছ বছৰীয়া গৱেষণাৰ সফল সমাপ্তিৰ কথাটো ভবাৰ লগে লগে বোধিসত্ত্বৰ বহুদিন নুখুৰোৱা আধা পকা দাড়িৰে ভৰা অনুজ্জ্বল মুখখনো এছাটি পোহৰে অলপ ফৰকাল কৰি আনিলে ৷ পৃথিৱীয়ে তেওঁক দুখ আৰু লাঞ্চনাৰ বাহিৰে একোৱেই নিদিলে ৷ নিজে গোটেই জীৱন এন্ধাৰত থাকি সেই পৃৃৃথিৱীৰ বাবেই এছাটি পোহৰৰ সন্ধান কৰিলে তেওঁ ৷ আৰু তেওঁ পৃথিৱীক এটা উপহাৰ দি গুচি যাবলৈ ওলাইছে ৷ এটা আশাৰ চাকি জ্বলাই থৈ যাব বিচাৰিছে তেওঁ সমগ্ৰ পৃথিৱীৰ বাবে ৷  

       অফিচৰ তেওঁৰ ব্যক্তিগত ৰূমটোৰ তলাত চাবিটো সুমুৱাই তেওঁ পকাই দিলে ৷ কিটকৈ শব্দ কৰি তলাটো খোল খাই গ’ল ৷ ভিতৰলৈ চাই তেওঁ নিজকে নিজে কোৱাৰ দৰে ক’লে, “হৃদয়হীন পৃথিৱী, তুমি মোক বোধহয় একোৱেই নিদিলা ৷ কিন্তু মই তোমাক কিবা এটা দি যাম ৷ মোৰ পৰা তোমালৈ এটা উপহাৰ … ৷”  

       “এয়া কোনো উপহাৰ নহয়, এয়া অভিশাপ ৷ কেৱল ধ্বংস, তুমি পৃথিৱীলৈ কেৱল ধ্বংস লৈ আহিবলৈ বিচাৰিছা ৷ কেৱল ধ্বংস আৰু ধ্বংস ৷” দুৱাৰখন এফালে ঠেলি দিয়াৰ লগে লগেই মেঘৰ দৰে গৰ্জন কৰি ভাহি আহিল সেই বাক্য ৷ সচকিত হৈ বোধিসত্ত্বই চাৰিওফালে চালে ৷ নাই, তাত কোনোৱেই নাই ৷ তেনেহ’লে কোনে ক’লে কথাষাৰ, তাকো ইমান ডাঙৰকৈ, ইমান স্পষ্টকৈ ? বোধহয় ভ্ৰম হৈছে তেওঁৰ, ধাৰাৱাহিকভাৱে বহুদিন অতি কম সময়ৰ বাবে শোৱাৰ কাৰণেই এইটো হৈছে কিজানি ৷ কেই মুহূৰ্তমান তেওঁ একে ঠাইতে থিয় হৈ.ৰ’ল ৷ তাৰ পাছত চিন্তাবোৰ জোকাৰি পেলাই ভিতৰলৈ গৈ নিজৰ দুৰ্বল, ক্ষীণ শৰীৰটো চকী এখনত এৰি দিলে ৷  হাতৰ আঙুলিবোৰ কব্জাৰ দৰে লগ লগাই পিছফাললৈ নি মূৰটো তাতে এৰি দি দূৰৰ নীলা আকাশখনলৈ চাই পঠিয়ালে তেওঁ ৷ এটা দীঘল হুমুনিয়াহ তেওঁৰ বুকু ভেদি ওলাই আহিল ৷ দূৰত এখন আকাশৰ দৰেই নীলা পৰ্বত ৷ সেই পৰ্বতখনৰ সিপাৰে কি আছে ? তাৰ  শিখৰত কি আছে ? একেই সৰু সৰু সুখ আৰু দুখ-হুমুনিয়াহবোৰেইতো তাতো আছে ৷ অথচ মানুহে পৰ্বত বগাই কিবা বিচাৰিবলৈ যায় ৷ পৰ্বত বগালেই তৰা ঢুকি পোৱাৰ এটা অলীক সপোন লৈ সকলোৱে জীৱন পাৰ কৰি দিয়ে ৷ আৰু যেতিয়া পৰ্বতৰ শিখৰত উপস্থিত হয়, তেতিয়া তাতো দেখিবলৈ পায় সহস্ৰ সপোনৰ কংকাল আৰু জীৱাশ্ম ৷ বিছ বছৰৰ সাধনাৰ সফল পৰিসমাপ্তিয়েও বোধিসত্ত্বৰ মনলৈ বিশেষ একো পৰিৱৰ্তন আনিব পৰা নাই ৷ যি আগতে শূন্য আছিল,  সেয়া যেন শূন্য হৈয়ে ৰৈ গ’ল ৷ চিলমিল টোপনিত আকৌ তেওঁৰ চকু দুটা মুদ খাই আহিল ৷


***


         “বহি বহি টোপনি মাৰিছা, বিছনাত নোশোৱা কিয় ?”

      কাৰোবাৰ মাতত বোধিসত্বৰ টোপনি ভাগি গ’ল ৷ গৱেষণাগাৰৰ সঞ্চালক ত্ৰিভুবন বসুমতাৰী কোঠাটোলৈ সোমাই আহিছিল ৷

          এফালৰ বিছনাখনলৈ চাই তেওঁ ক’লে, “নাই ছাৰ ৷ বিছনাত পৰিব লগাকৈ টোপনি অহা নাই ৷”

        চকী এখনত বহি লৈ বসুমতাৰীয়ে ক’লে, “তুমি এই কেইমাহমান খুব কষ্ট কৰিলা ৷ এই কেইমাহ কিয়, এই বিছ বছৰে তুমি খুব কষ্ট কৰিছা ৷ কিন্তু নিজৰ দেহাটোৰ ফালেও অলপ চকু দিব লাগে বুজিছা ৷”

          শেঁতা হাঁহি এটা মাৰিলে বোধিসত্ত্বই ৷ “চকু দিবলৈ ছাৰ কিবা থাকিবও লাগিব নহয় ৷”

      গৱেষণাগাৰটোত কাম কৰা কাৰো লগতেই বোধিসত্ত্বৰ তেনে কোনো মিলা-মিচা নাই ৷ মাত্ৰ ত্ৰিভুবন বসুমতাৰী ব্যতিক্ৰম ৷ ঘড়ীৰ কাঁটাৰ মতে চলা বসুমতাৰীয়ে বোধিসত্ত্বৰ লগতে কিছু সময় “এনেয়ে” কটায় মাজে মাজে ৷ কেতিয়াবা লেবৰেটৰীত বোধিসত্ত্বৰ লগতে বহু নিশালৈকে বসুমতাৰীও থকা কথাটো সকলোৱে জানে ৷ তেওঁলোকে দুপৰ নিশালৈকে কি কৰি থাকে, কিহৰ গৱেষণা চলায় সেইটোহে কোনেও নাজানে ৷ অথচ সকলো দিশৰ পৰা দুয়োজন ভিন ভিন গ্ৰহৰ প্ৰাণী ৷ ছয় ফুট তিনি ইঞ্চি উচ্চতাৰ চিনেমাৰ নায়কৰ দৰে শৰীৰ আৰু ব্যক্তিত্বৰ অধিকাৰী বসুমতাৰীৰ লগত কোনোদিনেই তেল নপৰা এমূৰ আধাপকা চুলি, বহুদিন নুখুৰোৱা পকা দাড়ি আৰু অনুজ্বল মুখখনেৰে  শ্যাম বৰণীয়া, চাপৰ, ক্ষীণ বোধিসত্ত্বৰ দেখাত একোৰেই মিল নাই ৷ বয়সতকৈ বেছি বুঢ়া যেন দেখি বোধিসত্ত্বক ৷ কিন্তু ষাঠিৰ ওচৰ চপা বসুমতাৰীৰ মুখমণ্ডল এতিয়াও যৌৱনৰ তেজস্বী আভাৰে উজ্জ্বল ৷

         “দিল্লীৰ পৰা ছাৰসকল আহিব দুই-এদিনতে ৷ গৱেষণাৰ সফল সমাপ্তিয়ে তেওঁলোককো বৰ উৎসাহিত কৰিছে ৷ কৈছে- কথাটো সদায় গোপন হৈয়েই থাকিব লাগিব ৷ কাৰণ এই আৱিষ্কাৰ সকলোৰে বাবে নহয় ৷”  বসুমতাৰীয়ে ক’লে ৷

          “হয় ৷ কেইজন মানুহৰ ইমান সম্বল হাতত আছে ? গোটেই প্ৰক্ৰিয়াটোৱেই বৰ খৰচী ৷” ভাবলেশহীনভাৱে বোধিসত্ত্বই ক’লে ৷

          “এৰা ৷” গহীন সুৰত ক’লে বসুমতাৰীয়ে ৷ “আৰু যিসকলৰ সম্বল আছে, সেইসকলৰ বেছি ভাগৰ কাৰণে এয়াতো মুঠেই নহয় ৷ মইতো ভাবোঁ সেইসকলৰ বিদায়ে পৃথিৱীখনৰ ভাৰ কিছু কমহে কৰিব ৷ অৱশ্যে ওপৰ মহলেহে জানে কেনেকৈ আগ বঢ়া যাব ৷”

          “নাজানো ছাৰ ৷ মাজে মাজে ভাব হয়; এটা অৰ্থহীন কামতে বিছ বছৰ কটাই দিলোঁ ৷ আৰু এইটোৰ পৰা ধ্বংসৰ বাহিৰে বেলেগ একোৰেই বোধহয় আশা নাই ৷” বোধিসত্ত্বৰ মাতত হতাশা ৷

          “কথাষাৰ সঁচা নহ’লে মই বৰ সুখী হ’লোঁহেঁতেন ৷” বসুমতাৰী কিছু সময় মনে মনে ৰ’ল ৷

         “জীৱনটো ইমান দীঘল কৰি কি লাভ ?  এটা সময়ত গুচি যোৱাটোৱেই আটাইতকৈ শুভ কাম নহয় নে ?” বৰ লাহে লাহে ক’লে কথাখিনি বসুমতাৰীয়ে ৷

          “হয় ছাৰ ! শেষটো পিছুৱাই দিয়াটো, বহু পিছুৱাই দিয়াটো কেতিয়াও ভাল নহয় ৷ প্ৰকৃতিৰ বিপৰীতে যোৱা মানেই সৰ্বনাশ ৷ কিন্তু এতিয়া কি হ’ব ? এতিয়াতো আৰু ঘূৰি যোৱাৰ সকলো পথেই বন্ধ !”

          অলপ সময় হতাশাপূৰ্ণ নীৰৱতাৰে পাৰ হ’ল আকৌ ৷

         “এটা কথা ভাবাঁ ৷ ভাবাঁ মানে কল্পনা কৰাঁ ৷”, বসুমতাৰীয়ে আৰম্ভ কৰিলে, “ধৰাঁ কোনোবাই এনে কিবা এটা কৰিলে, যাৰ দ্বাৰাই মেকুৰীবোৰ আকাশ চুব পৰাকৈ বৃহৎ আকৃতিৰ হৈ গ’ল ৷ তেতিয়া কি হ’ব কোৱাঁচোন ?”

          বসুমতাৰীৰ প্ৰশ্নটোৱে বোধিসত্ত্বক আশ্বৰ্যান্বিত কৰি তুলিলে ৷ অজানিতে তেওঁ লাহে লাহে ক’লে, “কেৱল ধ্বংস আৰু ধ্বংস ৷”

          “বোধকৰোঁ সেইটোৱেই ৷ প্ৰকৃতিৰ বিৰুদ্ধে যেতিয়াই আমি গৈছোঁ, তেতিয়াই ভয়াৱহ পৰিস্থিতিৰ আশংকা বাঢ়ি আহিছে ৷ প্ৰকৃতি সুন্দৰ বা নিৰ্মম যিয়েই নহওক, প্ৰকৃতিৰ নিয়মবোৰ নতশিৰে মানি চলাত বাদে আমাৰ গত্যন্তৰ নাই ৷ প্ৰকাণ্ড মেকুৰীবোৰ জীয়াই থাকিবলৈ প্ৰচুৰ পৰিমাণৰ খাদ্যৰ দৰকাৰ হ’ব ৷ এই সৰু সৰু এন্দুৰ-নিগনিবোৰেৰে তাৰ পেট ভৰিব জানো ? নিগনিবোৰ ধৰি লোৱা হাতীতকৈও ডাঙৰ কৰি পেলোৱা হ’ল, তেতিয়া বাকী জীৱ-জন্তুবোৰৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব ? এই মেকুৰী আৰু নিগনিবোৰে মিলি সমগ্ৰ পৃৃথিৱীখনকেই নিঃশেষ কৰি নেপেলাব নে ? মই ক’ব খুজিছোঁ যে আমাৰ পৃথিৱীখন এনে ধৰণৰ অদ্ভুত পৰিৱৰ্তনৰ কাৰণে কেতিয়াও সাজু নহয় ৷ প্ৰকৃতিয়েও এনে পৰিৱৰ্তন কেতিয়াও সহ্য নকৰে ৷”

          “আচৰিত ! আচৰিত !” বোধিসত্ত্বই অস্ফুট সুৰত ক’লে ৷

          প্ৰশ্নবোধক দৃষ্টিৰে বসুমতাৰীয়ে বোধিসত্ত্বৰ পিনে চালে ৷

          “অলপ আগতে মই ঠিক এনে এটা সপোনেই দেখিছিলোঁ ছাৰ ৷ সপোন নে ভ্ৰম একো ক’ব পৰা নাই ৷”

          “কি ক’ব খুজিছা তুমি ?” বসুমতাৰীৰ চকু দুটা অলপ ডাঙৰ হৈ গ’ল ৷

          বোধিসত্ত্বই চমুকৈ ক’লে কথাবোৰ ৷

      “সঁচাকৈয়ে আচৰিত ! কিবা এটা নিশ্চয় হৈছে ৷ সকলোবোৰ কথা কাকতালীয় বুলি অন্ততঃ মই ভাবিব নোৱাৰোঁ ৷ প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ যাবলৈ ওলোৱাৰ কাৰণেই এইবোৰ সাৱধান-বাণী আমালৈ প্ৰকৃতিৰ পৰাই আহিবলৈ ধৰিছে নেকি ?” বসুমতাৰীয়ে সাঁথৰ এটাৰ সম্ভাব্য ব্যাখ্যা আগ বঢ়াবলৈ চেষ্টা কৰিলে ৷

        বোধিসত্ত্বৰ নিষ্প্ৰভ মুখখনত ক্ষীণ কৌতুকৰ হাঁহি এটা বিৰিঙি উঠিল ৷ ক’লে, “নাই ছাৰ, তেনেকুৱা একোৱেই নিশ্চয় নহয় ৷ আৰু আমিতো প্ৰকৃতিৰ নিয়মৰ বিপৰীতে একোৱেই কৰিবলৈ যোৱা নাই ৷ জীৱনটো মাত্ৰ দীঘলীয়া কৰিবলৈ বিচাৰিছোঁ ৷”

          “কিমান দীঘল ?”

          “হাজাৰ, লাখ, কোটি বছৰ মানুহ এজন সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰিব ৷ আৰু আমি অলপ চেষ্টা কৰিলেই অমৰত্বও আমাৰ হাতৰ মুঠিলৈ আহিব ৷” বোধিসত্ত্বৰ কণ্ঠত নিৰাশা আৰ দৃঢ়তা দুয়োটাই ৷

       “আৰু এয়া জানো অভিশাপ হৈ নপৰিব ? তুমি বেয়া নাপাবা, কিন্তু যোৱা কেইদিনমানৰ পৰা মনলৈ এনেবোৰ ভাবেই আহি আছে ৷ মোক কোৱাঁচোন, কি কৰিবা তুমি একলাখ বছৰীয়া জীৱন এটাৰে ? কোন থাকিব তোমাৰ লগত ইমান দিন ? পৃথিৱীখন কিমান সলনি হৈ যায় এশ বছৰত, আৰু এই এক লাখ বছৰৰ জীৱন ৷ এয়া বলিয়ালি, চূড়ান্ত বলিয়ালি ৷ ভাবাঁ কথাটো, তুমি ভাবি চোৱাঁ, দকৈ ভাবি চোৱাঁ তুমি ৷”

          “ছাৰ !” বোধিসত্ত্বৰ চকু দুটাই আকৌ দূৰৰ নীলা পৰ্বতখন বগাবলৈ ধৰিলে ৷ বসুমতাৰীয়ে হাত এখনেৰে চকু ঢাকি কিবা চিন্তাত নিমগ্ন হ’ল ৷  “হয় ছাৰ !  কথাটো বোধহয় তেনেকুৱাই ৷ কিন্তু এতিয়া ঘূৰি যোৱাৰ উপায়োতো আৰু নাই ৷”

          হাতৰ ঘড়ীটোলৈ চালে বসুমতাৰীয়ে ৷ “দিল্লীৰ পৰা কল এটা অহাৰ কথা অলপ পাছতেই ৷”

         “হয় ছাৰ, লেবলৈকে যাওঁ ৷”


        ***


       গাৰ্ডজনে লেবৰ দুৱাৰখন খুলি দিলে ৷ “আজিও বহু ৰাতিলৈকে থাকিব নেকি ছাৰ ?” দুয়োলৈকে চাই সি সুধিলে ৷

          “নাই ৷ আজি বেছি ৰাতিলৈ নাথাকোঁ কিজানি ৷” শুকানকৈ হাঁহি বোধিসত্ত্বই উত্তৰ দিলে ৷

        কন্ফাৰেঞ্চ ৰূমটোত গৈ বসুমতাৰীয়ে কম্পিউটাৰত লগ-ইন কৰিলে ৷ এফালৰ প্ৰায় সম্পূৰ্ণ বেৰখন যুৰি থকা মনিটৰটো সাৰ পাই উঠিল ৷ অলপ পাছতেই মনিটতৰত জিলিকি উঠিল ৰাহুল ৰাধাকৃষ্ণণ আৰু দীপা পিল্লাইৰ মুখ ৷ তেওঁলোক জ্যেষ্ঠ বিজ্ঞানী আৰু দীৰ্ঘ-জীৱনৰ গৱেষণাৰ কামৰ প্ৰশাসনিক দিশত প্ৰথমৰ পৰাই জড়িত ৷

          “আপোনালোকলৈ অভিনন্দন যে আমাৰ প্ৰথম লক্ষ্যত আমি উপনীত হ’ব পাৰিলোঁহি ৷ আপোনালোকৰ বিছ বছৰৰ তপস্যাৰ ফল এয়া ৷” দীপা পিল্লায়ে আৰম্ভ কৰিলে ৷

            বোধিসত্ত্বই একো নকৈ শেঁতা হাঁহি এটা মাৰি মূৰ দুপিয়ালে ৷

          বসুমতাৰীয়ে কৈ উঠিল, “ধন্যবাদ জনাইছোঁ ৷ কিন্তু এই গৱেষণাৰ সকলো কৃতিত্ব বোধিসত্ত্বৰ ৷ আমি মাত্ৰ তেওঁ দেখুৱাই দিয়া পথেৰে কামবোৰ আগ বঢ়াইহে নিছোঁ ৷”

          “নহয়, নহয় ৷ তেনেকুৱা একো নহয় ৷” বোধিসত্ত্বই প্ৰতিবাদ কৰিলে ৷

          ৰাহুল ৰাধাকৃষ্ণণৰ মুখত এটা হাঁহিয়ে ঢৌ খেলাই গ’ল ৷ ক’লে, “বাৰু ৷ এতিয়া আমি কি কৰিব লাগিব, সেই বিষয়ে সাধাৰণভাৱে আজি আলোচনা কৰিম ৷ পাছত বিস্তৃত কৰ্মসূচী যুগুত কৰা হ’ব ৷”

       “মনত ৰাখিব ৷ এই সকলোবোৰ সদায়েই গোপন হৈয়েই থাকিব লাগিব ৷”, পিল্লায়ে মাজতে কৈ উঠিল, “অন্যথা ফলাফল আমাৰ কাৰণে ভাবিব নোৱৰা ধৰণে ভয়ংকৰ হ’ব পাৰে ৷ সামান্য কিবাও প্ৰকাশ হৈ যোৱাটো সহ্য কৰা নহ’ব ৷ আশা কৰোঁ সেইটো আমি পাহৰি যোৱা নাই ৷”

          বসুমতাৰী আৰু বোধিসত্ত্বই সন্মতিসূচকভাৱে মূৰ দুপিয়ালে ৷

          “ইয়াৰ পাছত আমি কি কৰিব লাগিব অনুমান কৰিব পাৰিছে নে বাৰু আপোনালোকে ?” পিল্লায়ে আকৌ সুধিলে ৷ তেওঁৰ কণ্ঠত সদায় কৰ্তৃত্বৰ সুৰ ৷

          “দুঃখিত ৷ বোধহয় সেই বিষয়ে আমি একোৱেই নাজানো ৷” বসুমতাৰীয়ে উত্তৰ দিলে ৷

       “কোনো কথা নাই ৷ আমি কেইজনমানক চিনাক্ত কৰিছোঁ, যিসকলক এই দীৰ্ঘ-জীৱনৰ বাবে বাচনি কৰা হৈছে ৷ আৰু সেই ভাগ্যবানসকলৰ মাজত আপোনালোক দুজনো আছে ৷” ৰাধাকৃষ্ণণে ঘোষণা কৰিলে ৷

          অতি অপ্ৰত্যাশিতভাৱে মৃত্যুদণ্ডৰ আদেশ শুনা মানুহ এজনৰ দৰে চক খাই উঠিল বোধিসত্ত্ব ৷ “মানে ? কি ক’ব খুজিছে আপোনালোকে ?”

      “কথাটো অতি সহজ ৷ আপোনালোক দুয়োজনেই অতি সোনকালে দীৰ্ঘ-জীৱনৰ ট্ৰিটমেণ্ট ল’ব লাগিব ৷ আপোনালোকৰ পৰা দেশে বহুত কিবাকিবি বিচাৰে ৷ সাধাৰণ মানুহৰ দৰে সাধাৰণভাৱে আঁতৰি যাব নোৱাৰে আপোনালোক; অন্ততঃ আমাৰ হাতত যেতিয়া দীৰ্ঘ জীৱনৰ চাবিকাঠি আহি পৰিছে ৷ শ শ, হাজাৰ হাজাৰ, লাখ লাখ বছৰ জীয়াই থাকিব লাগিব আপোনালোক ৷” ৰাধাকৃষ্ণণে দৃঢ় কণ্ঠেৰে ক’লে ৷

          বসুমতাৰী আৰু বোধিসত্ত্ব কোনেও এইটো আশা কৰা নাছিল ৷ নীৰৱতাৰে পাৰ হ’ল কেইটামান মুহূৰ্ত ৷

  “কিন্তু !” বসুমতাৰীয়ে কি ক’ব ভাবি পোৱা নাছিল ৷ “কিন্তু, কি কৰিম আমি ইমান বছৰ জীয়াই থাকি ? মানে, সকলোৱেই এটা সময়ত জিৰণি ল’বলৈ বিচাৰে ৷ আমিও ব্যতিক্ৰম নহওঁ ৷”

  “সেইটো চিন্তা কৰা আপোনালোকৰ কাম নহয় ৷” দীপা পিল্লায়ে খৰকৈ ক’লে ৷ “এইটোৱেই জানি লওক যে আপোনালোকৰ আৰু বহুত কাম আছে কৰিবলৈ ৷ সকলোৰে অৰ্থপূৰ্ণ কাম কৰাৰ প্ৰতিভা আৰু ক্ষমতা নাথাকে ৷ বোধিসত্ত্ব, আপোনাৰ চিন্তাৰ গভীৰতা, আপোনাৰ প্ৰতিভা অতি বিস্ময়কৰ ৷ এনে অসামান্য মানসিক ক্ষমতাৰ অধিকাৰী হৈ, এনে শক্তিশালী মস্তিষ্ক লৈ হয়তো পৃথিৱীত খুব কমেইহে খোজ পেলাইছে ৷ আপুনি সাধাৰণ এজনৰ দৰে আঁতৰি যাব নোৱাৰে ৷ আপুনি আৰু হাজাৰ হাজাৰ বছৰ জীয়াই থাকিব লাগিব ৷ আপোনাৰ পৰা পৃথিৱীয়ে বহুত কিবাকিবি বিচাৰে ৷ অপদাৰ্থ লাখ লাখ, কোটি কোটি মানুহ জীয়াই থাকে, মৰি যায় - তাৰ পৰা এই পৃথিৱীৰ একো লাভ-লোকচান নহয় ৷ কিন্তু আপোনাৰ দৰে এজন-দুজনৰ কাৰণেই আমি মানুহবোৰ আজি বেলেগ জীৱ-জন্তুবোৰৰ পৰা পৃথক হৈ গ’লোঁ ৷ আৰু বসুমতাৰী, আপোনাৰ দৰে সুদক্ষ, স্বাৰ্থশূন্য প্ৰশাসকৰো অতি প্ৰয়োজন আমাক ৷ আপুনি গৱেষণাৰ কামবোৰ সঠিকভাৱে, দ্ৰুতভাৱে চলাই ৰাখিবলৈ যিখিনি কৰিব লাগে কৰি গৈ আছে ৷ আটাইতকৈ ডাঙৰ কথা হ’ল- বোধিসত্ত্বৰ কথাবোৰ, তেওঁৰ চিন্তাৰ গতিবিধি বুজিব পৰা মানসিক ক্ষমতা হয়তো আপোনাৰহে আছে ৷ যিটো মোৰ নাই, ৰাধাকৃষ্ণণনৰো হয়তো নাই ৷ গতিকে আপোনালোক দুয়োকে পৃথিৱীয়ে আকৌ হাজাৰ হাজাৰ বছৰলৈ বিচাৰে ৷ আপোনালোক জীয়াই থাকিবই লাগিব ৷ এইটো আমাৰ অনুৰোধ নহয় , এইটো এটা আদেশ যিটো একেবাৰে ওপৰ মহলৰ পৰা অহা বুলি ধৰি লব পাৰে ৷”

          বহু প্ৰশ্নই তেওঁলোকৰ মনলৈ অহাৰ পাছতো বসুমতাৰী আৰু বোধিসত্ত্ব নীৰৱ হৈয়ে ৰ’ল ৷

      “কি হ’ল, আপোনালোকে প্ৰস্তাবটো ভাল পোৱা নাই ? সকলোৱে বহু দিনলৈ জীয়াই থাকিবলৈ বিচাৰে, পাৰিলে চিৰকাল ৷ কিন্তু আপোনালোকক বিমৰ্ষ হৈ পৰা যেনহে লাগিছে ৷” ৰাধাকৃষ্ণণে হাঁহি ক’লে ৷

          “কিন্তু !”  বোধিসত্ত্বই আৰম্ভ কৰিলে ৷ “মই বোধহয় ইতিমধ্যেই ভাগৰি পৰিছোঁ ৷”

          “সেইটো কোনো কথাই নহয় ৷ আপুনি হয়তো সদায় নিয়ম মতে শোৱা নাই আৰু ব্যায়াম কৰা নাই ৷ তেনে ধৰণৰ ভাগৰেৰে আমি সকলোৱে ভাগৰুৱা ৷” ৰাধাকৃষ্ণণে আকৌ ক’লে ৷

      “এই ভাগৰটো বৰ বেয়া বস্তু, এটা সাংঘাতিক ধৰণৰ দুৰ্বলতা ৷ আপোনালোকৰ আৰু এটা কাম হ’ব এইটো বিষয়ত গবেষণা কৰা ৷ মানুহ এজনে জিৰণি নোলোৱাকৈও কেনেকৈ বছৰ বছৰ ধৰি কাম কৰি থাকিব পাৰে, সেইটো আমি বিচাৰি উলিয়াব লাগিব ৷”  পিল্লায়ে কৈ উঠিল ৷

      “মানে মানুহ এজন মানুহৰ পৰা কেনেকৈ এটা যন্ত্ৰত পৰিণত হ’বগৈ পাৰে সেইটো আমি বিচাৰি উলিয়াব লাগিব?” বোধিসত্ত্বৰ কথাষাৰত সামান্য বিদ্ৰূপৰ সুৰ মিহলি হৈ আছিল ৷

      “আপুনি যি কয় ক’ব পাৰে ৷ কিন্তু মানুহৰ জীৱনৰ কিমান সময় এই ভাগৰৰ কাৰণেই অবাবতে গুচি যায় আপুনি জানেনে ? কিমান বছৰ শোওঁতে যায়, কিমান বছৰ গান-বাজনা কৰোঁতে যায় ? মূৰ্খ, অপদাৰ্থবোৰৰ কাৰণে সময়ৰ কোনো মূল্য নাই ৷ কিন্তু আপোনাৰ দৰে প্ৰতিভাশালীসকলৰ জীৱনৰ প্ৰতিটো মিনিট মূল্যবান; আৰু সম্ভৱ হ’লে আপোনালোকৰ জীৱনৰ এটা মিনিটো অৰ্থহীনভাৱে খৰচ হৈ যোৱাটো কোনেও নিবিচাৰিব ৷” পিল্লায়ে ক’লে ৷

           বোধিসত্ত্বৰ মুখত ক্ষীণ হাঁহি বিৰিঙিল ৷ লাহে লাহে তেওঁ সোঁৱে-বাঁৱে মূৰ জোকাৰিলে ৷

          “আমি এতিয়াই নতুন প্ৰজন্মৰ লগত মিলিব নোৱৰা হৈ গৈছোঁ ৷ আৰু এশ বছৰ, দুশ বছৰৰ পাছত কেনেকৈ মিলিব পাৰিম ৷ তেতিয়া কি হ’ব ?” বসুমতাৰীয়ে সুধিলে ৷

      “সেই সৰু সৰু কথাবোৰ ভাবি এতিয়া সময় নষ্ট কৰাৰ কোনো দৰকাৰ নাই ৷”, পিল্লায়ে কৈ উঠিল, “পৰিৱৰ্তনবোৰ প্ৰথমতে কেতিয়াও সহজভাৱে লোৱা নহয় ৷ কিন্তু এতিয়া সেইবোৰ কথা ভবাৰ সময় নহয় ৷ আমি গুৰুত্বপূৰ্ণ কথা কিছুমান আলোচনা কৰিবহে বিচাৰিছোঁ আজি ৷ ৰাধাকৃষ্ণণ, আপুনি সংক্ষেপতে আভাস এটা দিব পাৰিবনে ?”

          “নিশ্চয় ৷”  ৰাধাকৃষ্ণণে গলহেকাৰি এটা মাৰি কেই পলকমান তভক মাৰি ৰ’ল ৷ “চমুকৈ ক’বলৈ হলে আমি অতি সোনকালে তিনিটা কাম হাতত ল’ব লাগিব ৷ দীৰ্ঘায়ুৰ কাৰণে এতিয়া প্ৰায় চাৰি সপ্তাহৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন ৷ সেইটো কমাই আনি এসপ্তাহ বা তাতোকৈ কম কৰিব লাগিব ৷ দ্বিতীয়তে, আমি সম্ভাৱনাপূৰ্ণ কম বয়সৰ ল’ৰা-ছোৱালী চিনাক্ত কৰি তেওঁলোকক দীৰ্ঘ জীৱনৰ কাৰণে সাজু কৰিব লাগিব ৷ এই কামটো, মানে সম্ভাৱনাপূৰ্ণ শিশু, কিশোৰ-কিশোৰী, ডেকা-গাভৰুবোৰক বিচাৰি উলিওৱা কামটো বেলেগে কৰিব ৷ সেই বিষয়ে আপোনালোকে ভাবিব নালাগে ৷ তৃতীয়তে, যিসকলৰ পৰা পৃথিৱীৰ কোনো ধৰণৰ আশা নাই, যাৰ জীৱন এই পৃথিৱীৰ কাৰণে কিছুমান বোজা মাত্ৰ, সেইসকলক আমি পৃথিৱীৰ পৰা সোনকালেই আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব ৷”

       “সোনকালেই আঁতৰাই পঠিয়াব লাগিব ! কি বুজাব খুজিছে আপুনি ?” বোধিসত্ত্বই চকু দুটা হঠাতে বহলকৈ মেলি সুধিলে ৷

      “তাৰ মানে আপোনালোকে সেইসকলক মাৰি পেলাব খোজে নেকি ?” বসুমতাৰীয়েও নিজৰ কাণকেই বিশ্বাসেই কৰিব পৰা নাছিল ৷

        “চক খাই নুঠিব আপোনালোকে ৷ মনত ৰাখিব, এই সিদ্ধান্ত একেবাৰে ওপৰ মহলত লোৱা হৈছে ৷ আৰু এটা কথা, ইয়াতে আমাৰ দেশেই মাত্ৰ জড়িত হৈ থকা নাই ৷ আৰু বহুতো দেশে মিলি এই চূড়ান্ত সিদ্ধান্তটো লৈছে ৷ অতি সোনকালেই জীৱনটো চুটি কৰাৰ ওপৰতো গৱেষণা আৰম্ভ কৰিব লাগিব আপোনালোকে ৷ চমুকৈ ক’বলৈ গ’লে, প্ৰতিভাশালীসকলক বেছি দিন জীয়াই ৰখা হ’ব আৰু অপদাৰ্থবোৰক সোনকালেই পৃথিৱীৰ পৰা আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব ৷” পিল্লাইৰ কথাত নাৰীসুলভ কোমলতাৰ অকণো ৰেশ নাছিল ৷

      “আৰু যেনেকৈ সাংঘাতিক প্ৰতিভাশালীসকলক চিনাক্ত কৰা হ’ব, ঠিক তেনেকৈ অপদাৰ্থবোৰকো বাচি উলিওৱা হ’ব ৷ আৰু আমি এনে ধৰণে সেই ট্ৰিটমেণ্ট কৰিব লাগিব যাতে কোনেও কথাটো অকণো গম নাপায় ৷ বহুতো মানুহে আগতকৈ সোনকালেই স্বাভাৱিক মৃত্যুক সাবটি ল’ব লাগিব আৰু সেইটো সিহঁতৰ কাৰণেও ভাল আৰু পৃথিৱীৰ কাৰণেও মংগলজনক ৷” ৰাধাকৃষ্ণণে ক’লে ৷

      “কি কৰিব লাগে, নালাগে সেইটো ঠিক কৰাটো আপোনালোকৰ কাম নহয় ৷ আপোনালোকৰ কাম হ’ল গৱেষণা কৰা ৷” পিল্লায়ে আকৌ কঠোৰভাৱে ক’লে ৷

       “আপোনালোক দুয়োজনৰ বাদে আৰু কোনে এইটো কৰিব পাৰিব ?” ৰাধাকৃষ্ণণৰ চকু দুটা হাঁহিৰে জলমলাই উঠিল ৷

          তাৰ পাছত দীপা পিল্লায়ে প্ৰায় আধা ঘণ্টামান ধৰি পাছৰ এবছৰমানত কি কি কৰিব লাগিব সেইটো ব্যাখ্যা কৰিলে ৷ শেহত তেওঁ আকৌ কথাবোৰ গোপনে ৰাখিবলৈ কঠোৰ সুৰত সাৱধান বাণী শুনাই মিটিঙৰ সামৰণি মাৰিলে ৷


***


          মনিটৰটোৰ নিষ্প্ৰাণ ক’লা পৰ্দাখনলৈ চাই বোধিসত্ত্ব আৰু বসুমতাৰী দুয়ো বহু সময় ৰ’ল ৷

          “ছাৰ কেৱল ধ্বংসৰ বাহিৰে আৰু বেলেগ একো আশা নাই ৷” বোধিসত্ত্বই হতাশভাৱে ক’লে ৷

          “নিৰ্ঘাত সত্য কথা ৷ সকলো শেষ ৷” বসুমতাৰীয়ে স্বগতোক্তি কৰাৰ দৰে ক’লে ৷

        “হয় ছাৰ ৷ কিবা যেন পৈশাচিক অধ্যায় এটাৰ আৰম্ভণি হ’বলৈ গৈ আছে ৷ আৰু মই, আৰু আপুনিও তাৰ কাৰণে হয়তো বহু পৰিমাণে দায়ী ৷”

        “আমিতো ভাবিবই পৰা নাছিলোঁ যে এইবোৰহে হ’বলৈ গৈ আছে ৷ মই এটা কথা কওঁ বোধিসত্ত্ব ৷ তুমি কি ভাবাঁ নাজানো, কিন্তু মোৰ জীৱনটো কেৱল মোৰ ৷ মোৰ ভাগৰ অধ্যায়টো শেষ হৈ আহিছে আৰু গুচি যোৱাৰ সময়লৈ বোধহয় বেছি দিন নাই ৷ এই গুচি যোৱাটো আমাৰ সকলোৰে এটা অধিকাৰ ৷ অন্ততঃ সেই অধিকাৰটো মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে ৷ ময়ো লাহে লাহে ভাগৰি আহিছোঁ ! এটা সময়ত গুচি যোৱাৰ দৰে আশীৰ্বাদ আমাৰ কাৰণে কিজানি আৰু একোৱেই নাই ৷”

          “আপোনাৰ ইমান নিৰাশ হ’ব লগাৰ কোনো কাৰণেই নেদেখোঁ ছাৰ ৷” বোধিসত্ত্বই ক্ষীণকৈ হাঁহি ক’লে ৷

        “ময়ো তোমাৰ দৰেই সদায়ে এটা শূন্য ঘৰলৈ দিনটোৰ শেষত ঘূৰি যাওঁ, বোধিসত্ত্ব !” বসুমতাৰীয়ে উদাস হাঁহি এটাৰে ক’লে ৷

          “হয় ৷ তথাপি ৷”

      ত্ৰিভুবন বসুমতাৰী এজন অফিচে-বাহিৰে সকলোৰে জনপ্ৰিয় মানুহ ৷ তেওঁৰ আকৰ্ষণীয় চেহেৰা আৰু ব্যক্তিত্বৰ বাবেই তেওঁক বেয়া পোৱাটো কাৰো বাবেই খুব সহজ নহয় ৷ একমাত্ৰ পুত্ৰ বিদেশত এজন সফল বিজ্ঞানীৰূপে কৰ্মৰত ৷ কিন্তু তেওঁৰ ঘৈণীয়েকে খুব সোনকালেই, হঠাতে গুচি গৈছিল ৷  তথাপি মানুহজন সদায় ৰঙিয়াল আৰু মনৰ গভীৰত তেওঁ কিবা সহিব নোৱৰা শোক কঢ়িয়াই লৈ ফুৰিছে বুলি কোনেও ভাবিব নোৱাৰে ৷

          “এটা কথা বোধিসত্ত্ব ! যিবোৰ পাত্ৰ সময়ে এদিন পূৰ্ণ কৰিছিল, সেইবোৰ পাছলৈ লাহে লাহে সময়েই শূন্য কৰি আনে ৷ শূন্য পাত্ৰবোৰ এদিন জহি-খহি নিশ্চিহ্ন হৈ যোৱাই ভাল ৷ আমাৰ বিজ্ঞান আৰু গণিতৰ বাহিৰৰ কথা এইবোৰ ৷”

          অফিচ এৰাৰ আগতে বসুমতাৰীয়ে বোধিসত্ত্বৰ লগত আণ্ডাৰগ্ৰাউণ্ড আহল-বহল হল এটালৈ গ’ল ৷ প্ৰকাণ্ড হলটোৰ প্ৰায় আধাতকৈও বেছি জুৰি আছে সঞ্জীৱনী ট্ৰিটমেণ্ট চেণ্টাৰটোৱে ৷ তাত কেইজনমান বগা ইউনিফৰ্ম পিন্ধা ডেকা বিজ্ঞানী কামত ব্যস্ত ৷ সেই কেইজনৰ কোনেও আচলতে নাজানে তেওঁলোকে কিহৰ বিষয়ে গৱেষণা কৰি আছে ৷ জীৱকোষৰ সুনিয়ন্ত্ৰিত বিভাজন কেনেকৈ সদায় সুনিশ্চিত কৰিব পাৰি আৰু কেনেকৈ কোষবোৰ কোনো ধৰণৰ বিসংগতিৰ কবলত পৰাত বাধা দিব পাৰি- সেয়েই তেওঁলোকৰ গৱেষণাৰ বিষয় বুলি তেওঁলোকে জানে ৷

          এফালে এটা পিঞ্জৰাত কেইটামান শহাপহু যিবোৰৰ বয়সে ইতিমধ্যে পোন্ধৰ বছৰ পাৰ হৈ গৈছে ৷ কাষতেই এটা কাঁচৰ ডাঙৰ প্ৰকোষ্ঠত এজাক পঁইতাচোৰা ৷ সেইবোৰেও পোন্ধৰ বছৰ পাৰ কৰিছে ৷

           “আজি এবছৰমানৰ পৰাই যেতিয়াই মই ইয়ালৈ আহোঁ তেতিয়া কিবা এটা দুখে মোক হেঁচা মাৰি ধৰে ৷ ক’ব নোৱাৰোঁ কিয় এনে হয় ৷” বসুমতাৰীয়ে ক’লে ৷

           “নাজানো ছাৰ ৷ কিন্তু তেনেকুৱা অনুভৱ মোৰো হয় ৷” বোধিসত্ত্বই ক’লে ৷

          “এই শহাবোৰোতো আৰু বহু বছৰ জীয়াই থাকিব ৷ পঁইতাচোৰা এটা সাধাৰণতে এবছৰো জীয়াই নাথাকে ৷ কিন্তু আমি এইকেইটাৰ জীৱন দীঘলীয়া কৰি পেলাইছোঁ ৷ আৰু কিমান বছৰ জীয়াই থাকিব পাৰিব এইবোৰ ?“

            “লাখ লাখ বছৰ ৷” বোধিসত্ত্বই উত্তৰ দিলে ৷

       “তেনেহ’লে লাখ লাখ বছৰৰ যন্ত্ৰণা ৰৈ আছে এই দুৰ্ভগীয়া কেইটালৈ ৷ সেই শহাটোলৈ চোৱাঁচোন ৷”  বসুমতাৰীয়ে এফালে আঙুলিয়ালে ৷

          শহাটোৱে ট-টকৈ তেওঁলোকৰ পিনেই চাই আছিল ৷ এক অবিশ্বাস্য কাৰুণ্য আছিল তাৰ চাৱনিত ৷ সি কৰুণ চকুযোৰ বোধিসত্ত্বৰ চকুৰ পৰা আঁতৰাই নিব খোজা নাছিল ৷ সি যেন কান্দিব খুজিছিল, সি যেন কিবা সুধিব খুজিছিল ৷ বোধিসত্ত্বৰ বুকুখনে হাহাকাৰ কৰি উঠিল ৷ হাত দুখনেৰে চকু দুটা  ঢাকি তেওঁ কেই মুহূৰ্তমান নিশ্চল হৈ ৰৈ গ’ল ৷

          চকু ঘূৰাই বোধিসত্ত্বই কাঁচৰ প্ৰকোষ্ঠটোলৈ চালে ৷ এজাক পঁইতাচোৰাই তাত ইফালে-সিফালে লৰি-চৰি ফুৰিছে ৷ আগবাঢ়ি গৈ তেওঁ হাত দুখন সেইটোৰ বেৰত থ’লে ৷ প্ৰায় লগে লগেই পঁইতাচোৰাবোৰ চাৰিওফালৰ পৰা আহি তেওঁৰ হাত দুখন থোৱা ঠাইখিনিত মৌমাখিৰ দৰে গোট খালে ৷ কিবা যেন বিচাৰিছিল সেইবোৰে ৷

              বোধিসত্ত্বৰ কান্ধত হাত থৈ বসুমতাৰীয়ে ফিচফিচাই উচ্চাৰণ কৰিলে, “আচৰিত ! আচৰিত !”

              দুয়ো লাহে লাহে পিছুৱাই আহি ছফা দুখনত বহি পৰিল ৷

           ঠিক তেনেতে প্ৰচণ্ড বজ্ৰপাতৰ শব্দেৰে বিশাল হলঘৰটো কঁপি উঠিল ৷ আৰু চাৰিওফালৰ পৰা অসংখ্য চিঞৰ ভাহি আহিবলৈ ধৰিলে ৷

          “মুক্তি দিয়াঁ,  আমাক মুক্তি দিয়াঁ ৷ … ”

          “আমাক গুচি যাবলৈ দিয়াঁ ৷”

          “কিয় আমাক বান্ধি ৰাখিছা ?”

          “মুক্তি দিয়াঁ … ! গুচি যাবলৈ দিয়াঁ … ! বান্ধি নাৰখিবা আমাক … ! অনুগ্ৰহ কৰি আমাক মুক্তি দিয়াঁ … ৷”

         দুয়োখন কাণত হাত দি বোধিসত্ত্বই চকু দুটা জোৰকৈ মুদি বহি ৰ’ল ৷ চিঞৰবোৰে যেন তেওঁকেই খেদি খেদি আহিছিল ৷


***


          লাহে লাহে চিঞৰবোৰ ক্ষীণ হৈ আহিল ৷

***


          লাহে লাহে হলটো আকৌ নিজম হৈ পৰিল ৷

          চকু মেলি বোধিসত্ত্বই বসুমতাৰীৰ ফালে চালে ৷ বসুমতাৰীয়েও কাণত হাত দি তেওঁৰ ফালেই চাই আছিল ৷

      “মোৰ কিবা এটা হৈছে ছাৰ ৷ বোধহয় মানসিক কিবা এটা ৷ এইমাত্ৰ, এইমাত্ৰ মই কি শুনিলোঁ ছাৰ ?” অসহায়ভাৱে বোধিসত্ত্বই ক’লে ৷

          “তোমাৰ একোৱেই হোৱা নাই বোধিসত্ত্ব ৷ তুমি এইমাত্ৰ যি শুনিলা সেয়া ময়ো শুনিলোঁ ৷ কিন্তু আন কোনেও সেয়া শুনা নাই ৷ অনুভৱো কৰা নাই ৷”

          বোধিসত্ত্বই চাৰিওফালে চাই পঠিয়ালে ৷ ডেকা বিজ্ঞানী কেইজন আগৰ দৰেই কামত খুব ব্যস্ত ৷

        ঘৰলৈ ঘূৰাৰ আগতে বসুমতাৰীয়ে বোধিসত্ত্বক কৈ গ’ল, “তোমাৰ সিদ্ধান্ত তুমিয়েই ল’ব লাগিব বোধিসত্ত্ব ৷ মাত্ৰ মনত ৰাখিবা, আমাৰ কাৰণে যাতে পৃথিৱীখন নৰক হৈ নপৰে ৷ মোৰ সিদ্ধান্ত মই বোধহয় লৈ পেলাইছোঁৱেই ইতিমধ্যে ৷”


***

  

        সন্ধিয়ালৈ বোধিসত্ত্বৰ গাটো দুৰ্বল দুৰ্বল লাগিছিল ৷ জ্বৰ জ্বৰ অনুভৱ হৈছিল তেওঁৰ ৷ আন দিনতকৈ সোনকালেই আৰু অফিচত ৰাতিৰ আহাৰ নকৰাকৈয়ে তেওঁ ঘৰলৈ উভতিল ৷ অফিচত তেতিয়া গাৰ্ড কেইজনৰ বাহিৰে বেলেগ আৰু কোনোৱেই নাছিল ৷ 

          গোটেই ৰাস্তাটো জোনাকে ঢৌৱাই আছিল যদিও ঘন কুঁৱলিৰ বাবে বেছি দূৰলৈ একো দেখা যোৱা নাছিল ৷ এঠাইৰ কেঁকুৰি এটাত বিপৰীত ফালৰ পৰা অহা তীব্ৰ বেগী গাড়ী এখনে বোধিসত্ত্বৰ গাড়ীখনক খুন্দিয়াবলৈয়ে ধৰিছিল ৷ বোধিসত্ত্বই তড়িৎ গতিত ষ্টীয়াৰিং ঘূৰাই তেওঁৰ গাড়ীখনক ৰাস্তাৰ একেবাৰে কাষৰ ফালে লৈ গৈ ব্ৰেক মাৰিলে ৷ কিছু দূৰ চুঁচৰি গৈ গাড়ীখন ৰৈ গ’ল ৷ আৰু অলপ মাত্ৰ আগুৱাই গ’লেই তেওঁৰ গাড়ীখন শ ফুট তলৰ খাৱৈত পৰি গ’লহেঁতেন ৷ আনখন গাড়ী কিন্তু একেই বেগত কুঁৱলিৰ মাজত অদৃশ্য হৈ গ’ল ৷ 

          বোধিসত্ত্বই ষ্টিয়াৰিঙৰ পৰা হাত নুগুচোৱাকৈয়ে চাৰিওফালে চালে ৷ ঘন কুঁৱলিৰ কাৰণে ওচৰৰ পাহাৰখন, তলৰ জংঘলবোৰৰ একোৱেই নেদেখি ৷ হঠাতে খিৰিকীৰ কাষত কাৰোবাৰ চিন-নিচিন মুখ এখন কুঁৱলিৰ মাজেৰে দেখা গ’ল ৷ লাহে লাহে স্পষ্ট হৈ উঠিল মুখখন আৰু চমকি উঠিল বোধিসত্ত্ব ৷ 

          “দেউতা ! তুমি ! …” খিৰিকিৰ গ্লাচখন নমাই দি তেওঁ অস্ফুট কণ্ঠেৰে কৈ উঠিল ৷

          “বহুদিনৰ পাছত বোধিসত্ত্ব !” মানুহজনে লাহে লাহে ক’লে ৷

         “হয় দেউতা ! তুমি গুচি যোৱাৰ পাছত কিমান বছৰ যে পাৰ হৈ গ’ল ! ৰ’বা দেউতা ৷” বোধিসত্ত্ব খৰধৰকৈ গাড়ীৰ পৰা নামিবলৈ খুজিলে ৷

          “আগতে গাড়ীখন পিছুৱাই ৰাস্তাৰ মাজলৈ নিয়াচোন ৷” তেওঁ ক’লে ৷

          বোধিসত্ত্বই সাৱধানে লাহে লাহে গাড়ীখন পিছুৱাই নিৰাপদ ঠাইলৈ লৈ আহিল ৷

          “তোমাক ক’বলৈ মোৰ বহু কথাই আছে দেউতা ৷ মই… মই কিজানি বৰ অসহায় হৈ পৰিছোঁ ৷”     

       “সকলো অৱস্থাই ঠিক হৈ যায় ৷ আৰু যিটো হ’ব লগা থাকে, সেইটোৱে হয় ৷ একোৱেই নাভাবিবা তুমি ৷” দেউতাকে খিৰিকিৰ মুখত ৰৈ আকৌ লাহে লাহে ক’লে ৷

         “বৰ সোনকালে গুচি গৈছিলা তুমি ! অকলশৰে বৰ কষ্ট হৈছে দেউতা ৷” দেউতাকৰ ওচৰলৈ গৈ তেওঁক সাবটি ধৰিবলৈ বোধিসত্ত্বই গাড়ীৰ পৰা নামিব খুজিলে ৷

         “এতিয়াই নহয় ৷ আমি বোধহয় সোনকালেই আকৌ লগ হ’ম ৷ এতিয়া তুমি যোৱাঁ !” দেউতাকৰ মুখখন আকৌ লাহে লাহে অস্পষ্ট হৈ কুঁৱলিৰ মাজত মিলি গৈছিল ৷

             খিৰিকিখনেৰে তেওঁ জোনাকেৰে শুভ্ৰ কুঁৱলিবোৰলৈ চাই ৰ’ল কিছু সময়  ৷ 

           জ্বৰটো অলপ বাঢ়ি অহা যেন লাগিল তেওঁৰ । অলপ আগতে  ভ্ৰমৰ নে বাস্তৱৰ পৃথিৱীত আছিল - তেওঁ একো বুজিব পৰা নাছিল ।  গাড়ীখন ষ্টাৰ্ট কৰিলে তেওঁ ৷ কুঁৱলিৰে ভৰা ঘৰমুখী পথটোৰে গাড়ীখন লাহে লাহে আগ বাঢ়ি গ’ল ৷ 

          তেওঁৰ খুব ভোক লাগিছিল । গাটো জাৰতো ঘামি আহিছিল । ক'ৰবাত ৰৈ কিবা অলপ খাবলৈ খুব মন গ'ল তেওঁৰ । কিন্তু পথটোত যি দুই-এখন দোকান আছিল, সেই কেইখন দিনটোৰ বাবে ইতিমধ্যে বন্ধ হৈ গৈছিল ।

        পথৰ কাষত চাৰিওফালে পথাৰৰ মাজত বোধিসত্ত্বৰ সৰু ঘৰটো অকলশৰে থিয় হৈ আছে ৷ বহু দূৰলৈ আৰু কাৰো ঘৰ-বাৰী নাই ৷ আনদিনাৰ দৰে ঘৰৰ পৰা প্ৰায় এশ মিটাৰ আঁতৰৰ আঁহতজোপাৰ সম্মুখতে গাড়ীখন ৰখাই তেওঁ নামি আহিল ৷ প্ৰকাণ্ড গা-গছত সোঁহাতখন ৰাখি বোধিসত্ত্বই সুধিলে, “ভাল নে তোমাৰ ?”

          বোধিসত্ত্ব কিছু সময় নীৰৱ হৈ ৰ’ল ৷

          “গাটো বৰ বেয়া লাগিছে বন্ধু ৷ জ্বৰ উঠিছে কিজানি মোৰ ৷” বোধিসত্ত্বই গছজোপাৰ ওপৰৰ ফালে চাই চাই আকৌ ক’লে ৷

          “বৰ ভোক লাগিছে ৷ বৰ দুৰ্বল লাগিছে মোৰ ৷” 

         তেওঁ গছজোপাত কিছুসময় ভাগৰুৱাভাৱে আঁউজি ৰ’ল ৷ বাওঁহাতখনেৰে লাহে লাহে গছজোপাত থপৰিয়াই আছিল তেওঁ গোটেইখিনি সময় ৷ 

          “এতিয়া মই ঘৰলৈ যাওঁ ৷ বোধহয় সোনকালেই একেবাৰেই গুচি যাম ক’ৰবালৈ ৷ পঁচিছ বছৰ ধৰি তোমাৰ সৈতে বহুতো কথাই পাতিলোঁ ৷ এতিয়া বিদায়ৰ সময় ৷  ভালে থাকিবা বন্ধু ৷” তেওঁ বিদায়ৰ ভংগীৰে সোঁহাতখন জোকাৰিলে ৷

          গাড়ীত বহাৰ আগতে বোধিসত্ত্বই আকৌ আঁহতজোপালৈ চালে ৷ হাতদুখন কপাললৈ নি তেওঁ আকৌ গভীৰ আৱেগেৰে ক’লে, “বিদায় বন্ধু !” 

          নিশ্চল হৈ থকা আঁহতজোপাৰ পাতবোৰ এছাটি বতাহত কঁপিবলৈ ধৰিলে ৷ পাতৰ জিৰ জিৰ শব্দৰ মাজতে এটা উচুপনিৰ শব্দয়ো বতাহজাক গভীৰ কৰি আনিবলৈ ধৰিলে ৷ বোধিসত্ত্বই গছজোপালৈ চাই ৰ’ল কিছু সময় ৷ তেওঁৰ শুকান চকুযুৰিও সেমেকি উঠিছিল ৷

       গাড়ীখন ঘৰৰ সম্মুখতে পাৰ্ক কৰি গেটখন কষ্টৰে খুলি বোধিসত্ত্ব ভিতৰলৈ সোমাই গ’ল ৷ গেটখন বন্ধ কৰিবলৈ বা গাড়ীখন কম্পাউণ্ডত সুমুৱাই থ’বলৈ তেওঁৰ ধৈৰ্য নহ’ল ৷ সম্মুখৰ হলটোৰ চকী এখনত ধপচকৈ নিজৰ গাটো এৰি দিলে তেওঁ ৷ তেনেকৈয়ে বহু সময় বহি ৰ’ল তেওঁ ৷ 

          শৰীৰটো কিবাকৈ টানি টানি লৈ গৈ তেওঁ ফ্ৰীজটো খুলি চালে ৷ তাতে একো নাছিল ৷ ঘৰটো চাফা কৰিবলৈ অহা ল’ৰাজনক কৈ নোথোৱা কাৰণে সিও একো খোৱাবস্তু কিনি আনি থোৱা নাই ৷ মেজ এখনত তিনি-চাৰিদিন পুৰণি পেকেট এটাত কেইখনমান ব্ৰেড আছিল ৷ ভোকাতুৰৰ দৰে বোধিসত্ত্বই সেই কেইখন শেষ কৰিলে ৷ পলিথিনৰ পেকেট এটাত চেনি আছিল ৷ কেই চামোচমান চেনি খাই বটল এটাৰ পৰা পানী ঢালি দিলে তেওঁ ডিঙিত ৷ তাৰ পাছত লাইটটো অফ কৰি হলটোৰ বিছনাখনত পাতল কম্বল এখন লৈ জোতা নোখোলাকৈয়ে তেওঁ বাগৰি পৰিল ৷ খিৰিকিৰে সোমাই অহা জোনাকে গোটেই বিছনাখন পোহৰাই তুলিছে ৷ ক্লান্ত চকুযুৰি লাহে লাহে জাপ খাই আহিল ৷ 

          … পথাৰৰ মাজৰ ওখোৰা-মোখোৰা পথটোৰে বোধিসত্ত্ব দেউতাকৰ কাষে কাষে আগ বাঢ়িছিল ৷ খুব চোকা ৰ’দ ৷ দেউতাকে সৰু ছাতি এটা মেলি ধৰিছিল বোধিসত্ত্বৰ মূৰৰ ওপৰত ৷ 

          খোজ কাঢ়ি কাঢ়ি বোধিসত্ত্ব ভাগৰি পৰিছিল ৷ সৰু ভৰি দুখন বিষাইছিল ৷ দেউতাকে কোলাত তুলি লৈছিল বোধিসত্ত্বক ৷ তেওঁ গান এটা গাইছিল ৷ বোধিসত্ত্বৰ বৰ ভাল লগা এটা গান ৷ নৈখনৰ পাৰতেই ৰ’ব তেওঁলোক ৷ বোধিসত্ত্বই নৈৰ পাৰে পাৰে দৌৰি ফুৰিব বহু সময় যেতিয়া দেউতাকে নৈত সাঁতুৰিব, গা ধুব ৷ বোধিসত্ত্বই কোলাত বহি শুনি গৈছিল গানটো ৷ …

          বোধিসত্ত্ব সাৰ পাই উঠিল ৷ কিন্তু গানটো শেষ হোৱা নাছিল ৷ কোনে গাইছে ? 

      বিছনাৰ কাষতে চকী এখনত বহি কোনোবাই গুণগুণকৈ গাই আছিল সেই গান ৷ জোনাকে মানুহজনৰ মুখখন পোহৰাই তুলিছিল ৷

          “দেউতা ! তুমি !” বোধিসত্ত্বই বিছনাত উঠি বহিব খুজিলে ৷ কিন্তু দেউতাকে হাতেৰে ইংগিতেৰে বাধা দিলে ৷

  অলপ পাছত গানটো শেষ হল ৷

          “আকৌ গোৱাঁ দেউতা ! বহুদিন শুনা নাছিলোঁ আমাৰ এই গানটো ৷ আজি শুনিয়েই থাকিম, শুনিয়েই থাকিম ৷”

          দেউতাকে নিঃশব্দে হাঁহি মূৰ জোকাৰিলে ৷ 

          “সকলো গানেই শেষ হ’ব লাগে বোধিসত্ত্ব ৷”

          “কিয় দেউতা, কিয় শেষ হ’বই লাগে ?”

        “যিমানেই ভাল নহওক, সুখৰেই হওক বা দুখৰেই হওক, সকলো কাহিনী এদিন শেষ হ’বই লাগে ৷ তোমাৰ আটাইতকৈ ভাল লগা কিতাপখনো এদিন পঢ়ি শেষ হয় ৷ তেতিয়া তুমি নতুন কিতাপ এখন পঢ়িবলৈ তুলি লোৱাঁ ৷ শেষ আছে কাৰণেই গানবোৰ ভাল লাগে ৷”

          “কিন্তু কিছুমান গান কিয় খুব সোনকালেই শেষ হৈ যায় দেউতা ? কিয় আধাতেই বন্ধ হৈ যায় মনে বিচৰা বহুতো গান ?”

          “দুখ নকৰিবা বোধিসত্ত্ব ৷ এই শেষ হৈ যোৱাটোও খুবেই সুন্দৰ ৷ অহাৰ দৰেই যোৱাটোও ৰোমাঞ্চকৰ ৷”

          “কিন্তু মোৰ যে আৰু কোনো নাছিল তোমাৰ বাহিৰে ৷ আৰু তুমি খুব সোনকালেই গুচি গ’লা ৷”

       “সেয়া অপ্ৰত্যাশিততো নাছিল ৷ যদিও বহুদূৰ একেলগে আগুৱাই যাম বুলি আমি আশা কৰোঁ, কোনোবা এদিন আমি বিদায় ল’বই লাগে ৷ পথৰ কোনখিনিত এৰাএৰি হ’ব লাগে সেয়াতো কোনেও গম নাপায় ৷”

          “মই খুব সোনকালেই বৰ অকলশৰীয়া হৈ পৰিলোঁ দেউতা ৷ আৰু তাৰ পাছত কেৱল ঘৃণা আৰু অৱজ্ঞাৰ বাহিৰে বেলেগ একোকে পোৱা নাই মোৰ জীৱনত ৷ সেই কাৰণেই মই বিচাৰিলোঁ, এই বিদায় লোৱা সময়টো যেন কোনোদিনেই নাহক ৷ মোৰ দৰে কোনোৱেই নিঃস্ব হৈ নপৰক ৷ মানুহো জীয়াই থাকক দেৱতাৰ দৰেই  হাজাৰ-হাজাৰ বছৰ ৷ হয়তো দেৱতাৰ দৰেই মানুহৰো অমৰত্ব প্ৰাপ্তি হওক ৷”

          “কথাবোৰ তেনেকুৱা হয়তো নাছিল ৷”

          “দেউতা !”

          “তুমি নিজে নিজক ভাল পোৱা নাছিলা কিজানি ৷ হয়তো নিজেই নিজকে অৱজ্ঞা কৰিলা, নিজেই নিজকে গ্ৰহণ নকৰিলা কেতিয়াও ৷ সেই কাৰণেই তুমি অকলশৰীয়া হৈ ৰৈ গ’লা ৷ আৰু এটা কথা জানিবা, অসীম-অনন্ত আৰু অমৰত্বতকৈ এই শেষ হৈ যোৱাটো বহু বেছি সুন্দৰ ৷ যি শেষ হৈ যায়, সেয়াই সুন্দৰ, সেয়াই মৰমৰ, সেয়াই আমাৰ আপোন ৷ সেই কথা পাহৰি নাযাবা ৷”

          বহু সময় কোনেও একো কোৱা নাছিল ৷

          “বোধহয় তুমিয়েই সঁচা ৷” বোধিসত্ত্বই নীৰৱতাৰ অৱসান ঘটাই কৈছিল ৷

        “মই সেই কাৰণেই তোমাৰ ওচৰলৈ আহিছোঁ ৷ বহু দুখ-বেদনা, দুৰ্বলতা আৰু ভুলেৰে ভৰা আমাৰ জীৱন ৷ তথাপি জীৱন সুন্দৰ এই সকলো দোষৰ কাৰণেই ৷ জীৱনৰ মধুৰতম আশীৰ্বাদ এয়ে যে সকলো জীৱনৰে এটা নিশ্চিত সমাপ্তি আছে ৷ সেই আশীৰ্বাদক অভিশাপ বুলি কেতিয়াও নাভাবিবা ৷ এই সুদীৰ্ঘ জীৱন আৰু অমৰত্বৰ বিধানে পৃথিৱীলৈ কেৱল দুখ আৰু অভিশাপহে কঢ়িয়াই আনিব ৷  কেতিয়াও সেইটো হ’বলৈ নিদিবা ৷”

          তেওঁ উঠি বোধিসত্ত্বৰ ফালে চাই ক’লে, “জোতা নোখোলাকৈয়ে শুইছা তুমি ?”

          “বৰ ভাগৰ লাগিছিল দেউতা ৷ তুমি খুলিব নালাগে দেউতা ৷ কি কৰিছা তুমি ?”

          তেওঁ বোধিসত্ত্বৰ জোতাযোৰ খুলি বিছনাখনৰ কাষতে থ’লে ৷

         এফালৰ মেজ এখনত বহুতো কিতাপ বিশৃংখল হৈ পৰি আছিল ৷ “আগৰ দৰেই তুমি কিতাপবোৰ এতিয়াও চিজিল লগাই নোথোৱা বোধিসত্ত্ব ৷ এতিয়াও শিশু হৈয়ে আছা তুমি ৷”

          “লাইটটো অন কৰিম নেকি দেউতা ?”

          “নালাগে দিয়া ৷ জোনাকেই ভাল ৷”  

          কিতাপবোৰ তেওঁ ভালকৈ চিজিল লগাই থ’লে ৷

          তাৰ পাছত তেওঁ বোধিসত্ত্বৰ কাষত থিয় হ’ল ৷ মৰমেৰে তেওঁ পুতেকৰ মূৰত লাহে লাহে হাত ফুৰাই দিলে ৷ বহু শতাব্দীৰ পাছত যেন কাৰোবাৰ হাতৰ স্নেহসনা, আশীৰ্বাদেৰে ভৰা শীতল পৰশ অনুভৱ কৰিলে বোধিসত্ত্বই আৰু তেওঁৰ শৰীৰ, মন প্ৰশান্তিৰে ভৰি পৰিল ৷

          “খুব ভাগৰি পৰিছা তুমি ?” 

          “হয় দেউতা ! বৰ ভাগৰ লাগিছে মোৰ ৷”

          “শোৱাঁ এতিয়া ৷ যি হয়, সকলো ভালেই হয় ৷”

          তেওঁ গুণগুণকৈ আকৌ গানটো গাবলৈ ধৰিছিল ৷ বোধিসত্ত্বৰ অতি প্ৰিয় সেই গান ৷ 

       আকৌ যেন বোধিসত্ত্বই দেউতাকৰ হাতত ধৰি গাঁৱৰ পথাৰৰ মাজৰ ওখোৰা-মোখোৰা পথটোৰে নৈখনৰ পাৰলৈ যাবলৈ ধৰিছিল ৷  

          লাহে লাহে বোধিসত্ত্বৰ তন্দ্ৰালস চকুযুৰি জাপ খাই আহিল ৷  


 ***


          ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিল বোধিসত্ত্বই । জ্বৰটো অলপ অলপ আছিলেই ।  ৰ'দ এছেৰেঙা খিৰিকিৰে সোমাই আহিছিল । আগৰ নিশাৰ কথাবোৰ তেওঁৰ মনত পৰিছিল । সেইবোৰ ভ্ৰম নে বাস্তৱ আছিল তেওঁ ভাবি উলিয়াব পৰা নাছিল । 

          ঘৰটোৰ যাৱতীয় কাম-কাজ কৰা ল’ৰাটো হলটোলৈ সোমাই আহিল । ঘৰটোৰ চাবি একোছা ল’ৰাটোৱে লগতে ৰাখে ।

          জোতাযোৰ বিছনাৰ কাষৰ পৰা আঁতৰাই ল’ৰাটোৱে ক'লে, "কিতাপবোৰ বঢ়িয়াকৈ সজাই থৈছে দেখোন ছাৰ আজি ।"

            বোধিসত্ত্বই সেইফালে চকু ঘূৰালে । "সেইবোৰ মই জাপি থোৱা নাই ।"

           "তেনেহ'লে কোনে জাপি থ'লে ?"  ল’ৰাটোৱে সহজভাৱে সুধিলে । 

           "কোনে  ময়ো নাজানো সত্য ।" বোধিসত্ত্বই কিবা ভাবি ভাবি কৈছিল ৷ ল’ৰাটোৰ নাম সত্যজিত ৷

        সত্যই আমোদ পাই হাঁহিলে ৷ বোধিসত্ত্বৰ বহুতো অদ্ভুত কথা-কাণ্ডৰ লগত সি ভালদৰেই পৰিচিত ৷ এইটোকো এটা নতুন বলিয়ালিৰ আৰম্ভণি বুলিয়েই সি ধৰি ল’লে ৷ ঘৰত থাকিলে বোধিসত্ত্বই দহ-বাৰখন কিতাপ একেলগে মেলি লৈ মজিয়াত বাগৰি বাগৰি পঢ়ি থাকে প্ৰায়েই ৷ দ’ম হৈ থকা  কিতাপবোৰ চিজিল লগাই থোৱাৰ কোনো দৰকাৰ নাই বুলি বোধিসত্ত্বই তাক কেইবাবাৰো কৈ থৈছে ৷

          বোধিসত্ত্ব নিজেও বিমূঢ় হৈ পৰিছিল ৷ বাস্তৱ আৰু কল্পনাৰ, সত্য আৰু সপোনৰ মাজৰ ৰেখাবোৰ ক্ৰমাৎ ধূসৰ হৈ অহা যেন লাগিছিল তেওঁৰ ৷ সাৰে থাকোঁতে দেখাবোৰ সঁচা নে টোপনিত দেখাবোৰ সঁচা, নে সকলোবোৰ এটা সপোন য’ত সকলোৱে এটা এটা অৰ্ধচেতন চৰিত্ৰ মাথোঁ !

          সত্যই কিছু দূৰৰ দোকানৰ পৰা বোধিসত্ত্বক নোসোধাকৈয়ে কিবাকিবি কিনি আনিছিল ৷ সি বোধিসত্ত্বক খোৱাৰ টেবুললৈ মাতি নিজেও লগতে বহিছিল ৷ 

              খোৱাৰ টেবুলত বোধিসত্ত্বই সুধিলে, “মই যেতিয়া ঘৰত নাথাকোঁ, তুমি কি কৰাঁ ?”

           সত্যৰ হাঁহি উঠিল ৷ সেইটোও আৰু সুধিব লগা কথা হ’লনে ? ডাঙৰকৈ হাঁহি এটা মাৰি সি ক’লে, “কি কৰোঁ আৰু ? ঘৰটো অলপ চাফ-চিকুণ কৰি থৈ যাওঁ ৷ বাকী কি কৰিম ?”

              “যদি মই নোহোৱা হৈ যাওঁ, তেতিয়াও ঘৰটো চাফা কৰি থাকিবা নে নাই ?”

              “কৰি থাকিমতো ৷ কিন্তু কিয় সুধিছে ছাৰ ?”

            বোধিসত্ত্বই অলপ ৰৈ উত্তৰ দিলে, “মই কিজানি ক’ৰবালৈ গুচি যাম, আৰু ঘূৰি নাহিবও পাৰোঁ ৷ তেতিয়া এই ঘৰটো তোমাৰেই হ’ব ৷ ভালকৈ ৰাখিবা কিন্তু ৷”

          “পিছে কিয় গুচি যাবলৈ ওলাল আজি আকৌ, ছাৰ?” সত্যক বোধিসত্ত্বৰ অদ্ভুত কথা-বাৰ্তাবোৰে সদায় আমোদ দিয়ে ৷

         “ক’লৈ যাম নাজানো ৷ যাব কিন্তু লাগিব ৷ কিজানি খুব সোনকালেই !”, বোধিসত্ত্বই লাহে লাহে ক’লে, “বোধহয় নজনাকৈয়ে বৰ বেয়া কাম এটা কৰিলোঁ ৷ পৃথিৱীখন পুৰি ছাৰখাৰ কৰি পেলোৱা এটা কাম ৷ জুইকুৰা জ্বলিবলৈ নিদিওঁ মই ৷ কেতিয়াও নিদিওঁ ৷”

          “আপুনি আৰু বেয়া কাম !  আপুনি একো বেয়া কাম কৰিবই নোৱাৰে দিয়ক ৷” সত্যই প্ৰাণখোলা হাঁহি এটা মাৰি ক’লে ৷

      বোধিসত্ত্বয়ো হাঁহিলে ৷ হাঁহিটোৱে তেওঁৰ মুখখন আকৌ কৰুণ কৰি আনিলে ৷ “জীৱনৰ আশীৰ্বাদ কি, অভিশাপ কি কোনে বুজিব পাৰে ? এটা সহজ কথা বুজি পাবলৈও বিছ বছৰ লাগি যায় ৷ এটা জীৱন শেষ হৈ যাব লাগে এইটো বুজি উঠিবলৈ যে পানী বিচাৰি পাম বুলি মৰীচিকাকেই খেদি ফুৰিলোঁ ৷”

          সত্যই একো বুজিব পৰা নাছিল ৷ বোধিসত্ত্বৰ কথাবোৰো সদায় তেনেকুৱাই তাৰ মনত, আবোল-তাবোল !

          বিছনাখনৰ একাষত এটা পলিথিনৰ পেকেটত এসোপা ঔষধ ৷ এটা টেবলেট পানী এগিলাছেৰে খাই ল’লে বোধিসত্ত্বই ৷ টেবলেটটো জ্বৰৰ নে আন কিহবাৰ আছিল সেইটো চাই লোৱাৰ প্ৰয়োজন বোধ নকৰিলে তেওঁ ৷

  

       অফিচত বোধিসত্ত্বই নিজৰ ৰূমটোত লেপটপটো খুলি লৈ অকলে অকলে বহি থাকিল বহু সময় ৷ বিছ বছৰৰ গৱেষণাৰ ফলাফল, টোকা, দীৰ্ঘ জীৱনৰ ট্ৰিটমেণ্টৰ পদ্ধতি আদিৰ বহুতো তথ্য তেওঁৰ লেপটপত আৰু অফিচৰ ছাৰ্ভাৰৰ বহুতো ফাইলত ৰাখি থোৱা আছে ৷ প্ৰত্যেকটো ফাইলৰে সাতটাকৈ কপি বেলেগ বেলেগ ছাৰ্ভাৰত ৰখা হৈছে আৰু ক্লাউডতো সিমান সংখ্যক কপি ৰখা হৈছে ৷ প্ৰত্যেক দিনেই দিনটোত আপডেটেড হোৱা, বা নতুনকৈ যোগ কৰা ফাইলবোৰৰ বেক্আপ্ লোৱা হয় ৷ প্ৰত্যেক সপ্তাহতেই এবাৰকৈ সকলোবোৰ ফাইলৰেই বেক্আপ লোৱা হয় ৷ সকলোবোৰেই এনক্ৰিপ্ট কৰা হয় আৰু প্ৰত্যেক ফাইলৰেই এনক্ৰিপ্ট কৰাৰ কী বেলেগ বেলেগ ৷ কী-বোৰো অন্য কী-ৰে এনক্ৰিপ্ট কৰি ক্লাউডত আৰু অফিচৰ ভূগৰ্ভস্থ ডাটা-চেণ্টাৰৰ ছাৰ্ভাৰত ৰখা হয় ৷ কোনো এটা ফাইলৰ তথ্যবোৰ পঢ়িবলৈ দিক্ৰিপ্ট কৰাৰ প্ৰক্ৰিয়াটো কেৱল বোধিসত্ত্ব আৰু ত্ৰিভুবন বসুমতাৰীয়েহে জানে ৷ এই প্ৰগামটোও বোধিসত্ত্বই নিজেই লিখিছিল ৷ 

          এটা প্ৰগ্ৰাম যিটোৱে ফাইলবোৰৰ তালিকা, লগতে কপিবোৰৰ তালিকা আৰু সেইবোৰ কোন ছাৰ্ভাৰত আছে সকলোবোৰ তথ্য দিব পাৰে, সেইটোৰ বোধিসত্ত্বই কিছু সলনি কৰিলে ৷ সকলোবোৰ ফাইল প্ৰয়োজন হ’লে সহজতে ডিলিট কৰিব পৰাৰ ফাংশ্যন এটা তেওঁ প্ৰগ্ৰামটোত সংযোগ কৰিলে ৷  

          দুপৰীয়া অফিচৰ কেণ্টিনৰ একোণৰ এখন টেবুলত খাবলৈ অকলে বহিছিল বোধিসত্ত্ব ৷ আন কেইখনমান টেবুলৰ পৰা হাঁহি আৰু কথা-বতৰাৰ টুকুৰাবোৰ উৰি উৰি আহিছিল ৷ 

          “যদি সকলোবোৰ ফাইল ডিলিট কৰি পেলাওঁ, তেতিয়া কি হ’ব ?” বোধিসত্ত্বই তলমূৰকৈ ভাবিছিল ৷ প্ৰশ্নটো বাৰে বাৰে তেওঁৰ মনলৈ আহিছিল ৷

          “ছাৰ, ইয়াতে বহিব পাৰোঁনে ?”

         বোধিসত্বই মূৰ তুলি চালে ৷ অফিচৰ এগৰাকী সম্ভাৱনাপূৰ্ণ নতুন বিজ্ঞানী, সৌন্দৰ্য আৰু প্ৰতিভাৰ আশ্বৰ্যকৰ মিলন মদালসা ঠাকুৰীয়া ৷ বোধিসত্ত্ব আৰু ত্ৰিভুবন বসুমতাৰী উভয়েই মদালসাক লৈ খুবেই আশাবাদী ৷ ভৱিষ্যতে বোধিসত্ত্বৰ গৱেষণাত সহায় কৰিবলৈ আৰু তেওঁৰ গৱেষণাৰ কামবোৰ আগুৱাই নিব পৰাকৈ একমাত্ৰ মদালসাহে সক্ষম বুলি বসুমতাৰীয়ে মত পোষণ কৰি আহিছে ৷  

          “বহাঁ ৷” বোধিসত্ত্বই চুটিকৈ কৈ আকৌ তলমূৰকৈ খোৱাত মন দিলে ৷

      অন্য টেবুলৰ পুৰুষসকলে ঈৰ্ষাৰে তেওঁলোকৰ ফালে চাইছিল ৷ সেইসকলৰ প্ৰত্যেকৰে মদালসাৰ লগত একেখন টেবুলতে বহাৰ ইচ্ছা ৷ কিন্তু তাই বহিলগৈ সেই জধলাটোৰ লগত !

        “ছাৰ ! ত্ৰুটিমুক্ত, নিয়ন্ত্ৰিত আৰু সুনিশ্চিত কোষ বিভাজনৰ প্ৰক্ৰিয়াৰে বয়সৰ গতি ৰোধ কৰিব পৰা যাব নেকি ভৱিষ্যতে ?” তাই সুধিলে ৷

        “পৰা যাব কিজানি ৷” বোধিসত্ত্বই নিৰসভাৱে উত্তৰ দিলে ৷ সকলো কথা ভাঙি-পাতি কোৱাৰ ইচ্ছাও তেওঁৰ নাই আৰু উৰ্ধ্বতম মহলৰ পৰা সেই সম্পৰ্কে ক’বলৈ প্ৰবলভাৱে বাধা আৰোপ কৰি থোৱাও আছে ৷

          “তেতিয়া আমি বহু দিন জীয়াই নাথাকিমনে ?” সৰু ছোৱালী এজনীৰ দৰে সুধিছিল মদালসাই আকৌ ৷

          “হয় ৷ থাকিম কিজানি ৷”

         ইতিমধ্যে তুষাৰেও আহি মদালসাৰ কাষতে চকী এখন লৈ বহিছিল ৷ সিও বোধিসত্ত্বক কিবা সুধিব খোজা যেন দেখুৱাইছিল ৷ দূৰৰ এখন টেবুলত জ্যোৎস্নাৰ চকু দুটা খঙত জ্বলি উঠিছিল ৷ ততাতৈয়াকৈ তায়ো আহি তুষাৰৰ কাষতে বহি লৈছিল ৷  

          “কিন্তু মোৰ সেইটো তাত্ত্বিক সম্ভাৱনা যেনহে লাগে ৷ নহ’লে মানুহে তেতিয়া বৃদ্ধ অৱস্থা নোপোৱাকৈ সদায় ডেকা হৈ থাকিব পাৰিব দেখোন ৷” মদালসাই ক’লে ৷

          “মোৰো তেনেকুৱাই ভাব হয় ৷”  তুষাৰে মদালসাৰ ফালে চাই প্ৰশংসাসূচক হাঁহি এটা মাৰি ক’লে ৷

          বোধিসত্ত্বই কপালখন বাওঁহাতেৰে লাহে লাহে মোহাৰি কিছু সময় মনে মনে ৰ’ল ৷ ওপৰৰ ফালে চাই তেওঁ লাহে লাহে ক’লে, “সেইটো মাত্ৰ তাত্ত্বিক সম্ভাৱনা নহয় ৷ কিছুমান প্ৰাণীৰ ক্ষেত্ৰত, হাইড্ৰাৰ কথাই ধৰাঁ, এইটো আমি দেখিছোঁৱেই ৷ হাইড্ৰাৰ বয়স নাবাঢ়ে যেনেই লাগে ৷ তাৰ এটা অংগ কাটি দিলেও সেই অংগটো আকৌ নতুনকৈ বাঢ়ি আহিব পাৰে ৷”

          “কিন্তু হাইড্ৰা সিমান জটিল স্তৰৰ প্ৰাণী নহয় ৷” তুষাৰে ক’লে ৷

        “সেইটো হয় ৷ কিন্তু আমাক মাত্ৰ সেইটোৰ উত্তৰ লাগে, অংগ এটা সৃষ্টিৰ বাবে লগা সংকেতবোৰ তাৰ কোষত ক’ত, কেনেকৈ জমা হৈ থাকে ৷ মানুহৰ শৰীৰৰ ছালৰ কথাকেই ধৰাঁচোন ৷ ছিগি যোৱা ছালখন নিজে নিজেই এটা সময়ত জোৰা লাগি যায় ৷ সেই নিজকে নিজে পুনৰ সৃষ্টি কৰাৰ কৌশলবোৰ ক’ত লুকাই থাকে আমি বিচাৰি উলিয়াব পাৰিলে, সেই কৌশল আন অংগবোৰৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰিম ৷ যদি কোনোবাই চকু এটা হেৰুৱায়, আকৌ এটা নতুন চকু আপোনা-আপুনি গজি উঠিব যিটো হয়তো আগৰ চকুটোতকৈ অধিক সক্ষমহে হ’ব ৷”

          “কিন্তু ছাৰ ! এই অংগৰ পুনৰ সৃষ্টিৰ কথাটো সদায় সম্ভৱ জানো ?” জ্যোৎস্নাৰো কিবা এষাৰ ক’বৰ মন গৈছিল কাৰণে তাই সুধিলে ৷

          “মানে ?” তাইৰ ফালে নোচোৱাকৈ বোধিসত্ত্বই সুধিলে ৷ কেণ্টিনৰ বাহিৰৰ কিছু দূৰৰ গছজোপাত এজাক কাউৰী ৷ ইমান কাউৰী একেলগে গছজোপাত দেখা তেওঁৰ মনত নপৰে ৷

            “মানে … মানে …৷”  জ্যোৎস্নাই কি সুধিব বিচাৰি নোপোৱা হ’ল ৷

          “মানে, এই ধৰক”,  মদালসাই ক’লে, “ধৰক কিবা ডাঙৰ এটা দুৰ্ঘটনাত মানুহ এজনৰ বহু অংগ নষ্ট হৈ গ’ল ৷ ধৰক তেওঁৰ মেৰুদণ্ডৰ পৰা মগজুলৈকে সকলোবোৰ ছিন্ন-ভিন্ন হৈ গ’ল ৷ তেতিয়া কি কৰিব পৰা যাব ?”

             “এই প্ৰশ্নটো মোৰ মনলৈও আহিছিল ৷” তুষাৰে যোগ দিলে ৷

              জ্যোৎস্নাই খঙেৰে মদালসালৈ চাইছিল ৷  জ্যোৎস্নাই নিজেই কিবা এটা ক’লেহেঁতেন নহয় ৷

          বোধিসত্ত্বই মদালসাৰ ফালে চাই অলপ সময় মনে মনে ৰ’ল ৷ তেওঁ লাহে লাহে ক’লে, “জীৱন এটাৰ সকলো বোধ বা জ্ঞান কোষবোৰে ক’ৰবাত সঞ্চয় কৰি ৰাখে ৷ মনত ৰাখিবা, আমি সকলোৱে প্ৰথমতে মাত্ৰ এটা কোষ আছিলোঁ ৷ সেই কোষটোতেই সকলো সংকেত নিহিত হৈ আছিল ভৱিষ্যতৰ আৰু তাৰ পৰাই শ শ কোটি কোষৰ সৃষ্টি হ’ল ৷ কোষবোৰৰ মাজৰ সন্তুলনেৰে আমাৰ দৰে এটা এটা প্ৰাণীৰূপে নিৰ্মিত হৈ উঠিলোঁ ৷ সেই প্ৰক্ৰিয়াটো যদি আমি পুনৰ এটি কোষৰ পৰা আৰম্ভ কৰিব পাৰোঁ, যদি সেই প্ৰক্ৰিয়াটো আমি অতি দ্ৰুত কৰি তুলিব পাৰোঁ, তেনেহ’লে এজন ব্যক্তিৰ পুনৰ নিৰ্মাণ, বা এজন ব্যক্তিৰ অন্য এটা অৱতাৰৰ সৃষ্টি সম্ভৱ ৷”

            “কিন্তু আমি মাত্ৰ আমাৰ দেহটোৱেইতো নহয় ৷ আমাৰ এটা মন আছে, আমাৰ স্মৃতি আছে, বছৰ বছৰ ধৰি আয়ত্ত কৰা জ্ঞান, অভিজ্ঞতা আৰু শিক্ষা আছে ৷ সেইবোৰ ক’ৰ পৰা ঘূৰি আহিব ?” তুষাৰে সুধিলে ৷ 

           “ধৰাঁ তোমাৰ মন বা মস্তিষ্কত জমা হৈ থকা সকলো তথ্য, সকলো শিক্ষা, ট্ৰেইনিং আদিৰ সংকেতবোৰ আমি প্ৰত্যেকদিনেই ক’ৰবাত কপি কৰি ৰাখোঁ ৷ আৰু তোমাৰ নতুন অৱতাৰটোত আমি সেইবোৰ আকৌ ৰোপণ কৰি দিওঁ ৷ তেতিয়া সেইটোৰ মন, আৱেগ আদিও ঠিক তোমাৰবোৰৰ দৰেই নহ’বনে ? তাৰ স্মৃতিও ঠিক তোমাৰ স্মৃতিৰ দৰেই হ’ব ৷ হয়তো মাত্ৰ এদিনৰ স্মৃতি কম হ’ব পাৰে অৱতাৰটোত ৷”

              “এয়া জানো সম্ভৱ ?” জ্যোৎস্নাই সুধিলে ৷

              “বোধহয় সম্ভৱ ৷” বোধিসত্ত্বই উত্তৰ দিলে ৷

              “কিন্তু এইবোৰে জানো বহু সমস্যাৰ সৃষ্টি নকৰিব ?” তুষাৰে সুধিলে ৷

            “কথাবোৰ অমংগলীয়া যেনহে হ’ব নেকি ছাৰ ? মানে সেইবোৰ যদি এদিন বাস্তৱ হয়, পৃথৱীয়ে কল্পনাও কৰিব নোৱৰা পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে ৷” মদালসাই ক’লে ৷

              বোধিসত্ত্ব অলপ সময় তভক মাৰি ৰ’ল ৷ 

             ভাবলেশহীন সুৰত তেওঁ ক’লে, “নাজানো ৷ আশীৰ্বাদ কি, অভিশাপ কি কোনে জানে ? কাৰোবাৰ কাৰণে যি আশীৰ্বাদ, সেইটোৱেই আন কাৰোবাৰ কাৰণে অভিশাপ ৷” 

           ঠিক তেনেতেই কেণ্টিনৰ খোলা দুৱাৰখনেৰে এজাক কাউৰী ধুমুহাৰ দৰে সোমাই আহিল ৷ কাউৰীবোৰে কোৰ্হাল তুলি বোধিসত্ত্বহঁত বহি থকা টেবুলখনৰ ওপৰত চক্ৰাকাৰে উৰিবলৈ ধৰিলে ৷ মদালসাই কাণত হাত দি মজিয়াত বহি পৰিল ৷ জ্যোৎস্নাই আত্ৰাহি হৈ চিঞৰিছিল ৷ তুষাৰ আৰু বোধিসত্বই মূৰৰ ওপৰত তীব্ৰ বেগত উৰি থকা কাউৰীবোৰলৈ চাই ৰ’ল ৷

          কেণ্টিনৰ ল’ৰা দুজনমানে দীঘল দীঘল ৰদ লৈ কাউৰীবোৰ খেদিবলৈ চেষ্টা কৰিছিল ৷ খঙাল কাউৰীবোৰে অকণো কেৰেপ কৰা নাছিল ৷ কিন্তু দহ মিনিটমানৰ পাছত আকৌ খোলা খিৰিকি আৰু দুৱাৰখনেৰে কাউৰীবোৰ এছাটি ধুমুহাৰ দৰেই ওলাই গুচি গ’ল ৷

          মদলসাই থিয় হৈছিল ৷ তাই ক’লে, “কিবা অমংগলৰ সংকেত নেকি এয়া ?”

      “বোধহয় সেইটোৱেই ৷ বহু কিবাকিবিয়েই সম্ভৱ ৷ কিন্তু সকলো সম্ভাৱনাই পৃথিৱীলৈ আশীৰ্বাদ হৈ নাহে ৷” বোধিসত্ত্বই দূৰৰ গছজোপাত গৈ পৰা কাউৰীবোৰলৈ চাই উত্তৰ দিছিল ৷


*** 

          জ্বৰটো বাঢ়ি অহা যেন লাগিছিল বোধিসত্ত্বৰ ৷ তথাপি তেওঁ আনদিনাৰ দৰেই ৰাস্তাৰ সিপাৰৰ পাৰ্কখনলৈ গ’ল ৷ আঁহতজোপাৰ তলৰ বেঞ্চখনত বহি তেওঁ চাৰিওফালে চাই পঠিয়ালে ৷ ফৰকাল বতৰ ৷ দূৰৰ আন এখন বেঞ্চত বহি তুষাৰ আৰু জ্যোৎস্না ৷ তুষাৰে কিবা কথাত হাঁহিত ভাগি পৰোঁ পৰোঁ হৈছে আৰু জ্যোৎস্নাই খঙেৰে তাৰ মুখলৈ চাইছে ৷  বোধিসত্ত্বৰ মুখত হাঁহিৰ ৰেখা কেইডালমান বিৰিঙি উঠিল ৷ এই সৰু-সুৰা হাঁহি-ধেমালি, খং-ৰাগবোৰেইতো জীৱন ৰঙীন কৰি ৰাখে ৷

          পাতল বতাহ এজাকত আঁহতৰ পাতবোৰ নাচি আছিল ৷ দূৰত নৈখন শান্তভাৱে বৈ আছিল ৷ বোধিসত্ত্বৰ চকু দুটা জাপ খাই আহিছিল ৷ 

      … ভৰহীন হৈ তেওঁ যেন ক’ৰবালৈ গৈ আছিল ৷ সেয়া আকাশ নাছিল, শূন্যতাও নাছিল ৷ কিন্তু কিবা প্ৰশান্তিত সকলো বুৰ গৈ আছিল ৷ তেওঁৰ একো ভাবিবৰ মন যোৱা নাছিল ৷ এছাটি মলয়া বতাহত নিজকে এখিলা পাতৰ দৰেই এৰি দিছিল তেওঁ ৷  

          “ক’লৈ গৈ আছোঁ মই ?” তেওঁ নিজকে সুধিছিল ৷ 

          “তোমাৰ সুন্দৰ ঘৰ এখনলৈ ৷ এখন নতুন ঘৰলৈ ৷ এটা নতুন অধ্যায়লৈ ৷” কোনোবাই  উত্তৰ দিছিল ৷

          “কিয় ? মোৰ আগৰ ঘৰখন ?” বোধিসত্ত্বই সুধিছিল ৷

        “সেইখন তুমি এৰি আহিছা ৷ তুমি এৰি অহা ঘৰখনো সুন্দৰ আছিল ৷ তুমি যাবলৈ ওলোৱা ঘৰখনো সুন্দৰ ৷ অকণো ভয় নকৰিবা ৷” 

          বোধিসত্ত্বই চাৰিওফালে চাইছিল ৷ কিন্তু কাকোৱেই দেখা নাছিল ৷ …


                                                                                *** 


              খকমককৈ সাৰ পাই উঠিছিল তেওঁ ৷

             “ছাৰ, ইয়াতে বহিব পাৰোঁ নে ?”

              বোধিসত্ত্বই মূৰ তুলি চাইছিল ৷ মদালসা বেঞ্চখনৰ কাষতে থিয় হৈ ৰৈ আছিল ৷

              “অঁ ৷ বহাঁ, বহাঁ ৷” বোধিসত্ত্বই কৈছিল ৷ 

          তুষাৰ আৰু জ্যোৎস্নাই কিছু আচৰিত হৈ বোধিসত্ত্বহঁতৰ ফালে চাইছিল ৷ মদালসাই জধলাটোৰ লগত পাৰ্কৰ আঁহতৰ তলত বহি কিনো কথা পাতিব পাৰে ভাবি উলিয়াবলৈ চেষ্টা কৰিছিল দুয়ো ৷

              “ছাৰ, মোৰ মানে আপোনাৰ কথাবোৰ জানিবৰ মন যায় ৷” মদালসাই কৈছিল ৷

            “কি কথা ?” বোধিসত্ত্বৰ কণ্ঠত শ্লেষৰ সুৰ নাছিল ৷ মদালসাৰ ব্যক্তিত্বত এনে এক সৰলতা আৰু নিষ্কলুসতা আছে যে বোধিসত্ত্বয়ো তাইক তেওঁৰ চিৰাচৰিত ৰুক্ষতাৰে উত্তৰ দিব পৰা নাছিল ৷

              “এই যে ছাৰ আপুনি আপোনাৰ গৱেষণাত ইমানকৈ বুৰ গৈ থাকে ৷ মোৰো তেনে হ’বৰ মন যায় ছাৰ ৷”

             বোধিসত্বই হাঁহিলে ৷ ক’লে, “মোৰ বিছ বছৰৰ গৱেষণা আচলতে মৰীচিকাত পানী বিচৰাৰ দৰে অৰ্থহীন অন্বেষণৰ বাদে আৰু একো নহয় ৷”

              “তথাপি ছাৰ আপোনাৰ লগত কাম কৰিবলৈ পালে মই যে বহুত শিকিব পাৰিম সেইটো খাটাং ৷”

              বোধিসত্ত্বই আকৌ হাঁহিছিল ৷ মদালসা কাষত থকা কাৰণে তেওঁৰ কিবা এটা ভাল লাগিছিল ৷

           মদালসাই কিবাকিবি সুধি গৈছিল ৷ বোধিসত্ত্বই বিৰক্ত নোহোৱাকৈ উত্তৰবোৰ দি গৈছিল ৷ শেহত তেওঁ ক’লে, “অফিচলৈ ঘূৰোঁ এতিয়া ৷ মোৰ গাটো বেয়া লাগিছে ৷”

              “ছাৰ, কি হৈছে আপোনাৰ ?” 

              “সামান্য জ্বৰ ৷ বেলেগ একো নহয় ৷”

              “ছাৰ আপোনাৰ চকু দুটা ইমান ৰঙা পৰিছে ৷” মদালসাই উঠি আহি বোধিসত্ত্বৰ কপালত হাত দি চালে ৷            “ছাৰ, ইমান জ্বৰ উঠিছে আপোনাৰ ! ঔষধ খাইছে নে নাই আপুনি ?” মদালসাই অকৃত্ৰিম আকুলতাৰে সুধিছিল ৷

              “খাইছোঁ ৷ ভাল হৈ যাব ৷ ব’লা অফিচলৈ ৷” বোধিসত্ত্ব থিয় হৈছিল ৷

               মদালসায়ো উঠি কৈছিল, “আপুনি অকলে থাকে ৷ কোনে চাব আপোনাক আজি ?”

               “কোনোবাই চাব লগাকৈ ডাঙৰ অসুখ নহয় মোৰ ৷” 

               “মোৰ ছাৰ আপোনালৈ বৰ চিন্তা হয় ৷ কোনো নাই আপোনাৰ ৷”

               বোধিসত্ত্বই একো নক’লে ৷

              “আৰু মোৰ ছাৰ আপোনাক কিবা এটা ভাল লাগে ৷ মই ক’ব নোৱাৰোঁ কিয় ৷ আপোনাৰ ছাৰ, মোৰ কথা … ?” মদালসাই হঠাতে কথা বন্ধ কৰিলে ৷

              বোধিসত্ত্বই এইবাৰো একো নক’লে ৷

              অলপ সময় মনে মনে থাকি মদালসাই আকৌ ক’লে, “ছাৰ, আপুনি মোক বেয়া পায় ? আপুনি মোক বেয়া পালে নেকি ?”

          “নাই ৷ মই কাকোৱেই বেয়া পাব নোৱাৰোঁ ৷” বোধিসত্ত্বই সঁচা কথাই ক’লে ৷ কাৰোবাক বেয়া পাব পৰা শক্তিয়েই নাই তেওঁৰ ৷

              “কাইলৈ লগ পাম নে ছাৰ ? … ইয়াতেই ৷”

           হয়তো এয়া নিষ্ঠুৰ ধেমালিহে মাত্ৰ ৷ উত্তপ্ত মৰুভূমিলৈ কোনোবা এটি জুৰি বৈ আহিবলৈ বিচাৰিবও পাৰে কেতিয়াবা ৷ কিন্তু জুৰিটি মৰুভূমিৰ শুকান বালিত হেৰাই গ’লেও মৰুভূমি কেতিয়াও সেউজীয়া হৈ নুঠে ৷ বোধিসত্ত্বই হাঁহিলে ৷ ক’লে, “ক’ব নোৱাৰোঁ ৷”

  

            বোধিসত্ত্বৰ ৰূমৰ সম্মুখতেই ত্ৰিভুবন বসুমতাৰী ৰৈ আছিল ৷ তেওঁ বোধিসত্ত্বক নিজৰ ৰুমলৈ মাতি নিলে ৷ 

          “দিল্লীৰ ছাৰসকল অহা সপ্তাহতহে আহিব ৷ তেওঁলোকে ভিডিঅ’ কনফাৰেঞ্চ কৰিব খুজিছে কাইলৈ আৰু পৰহিলৈ ৷ তুমি থাকিব পাৰিবা নে মিটিঙত ?” বসুমতাৰীয়ে সুধিছিল ৷

          “নাই, নোৱাৰিম ছাৰ ৷ এই সপ্তাহত মোৰ সময় নহ’ব ৷” বোধিসত্ত্বই উত্তৰ দিছিল ৷ 

         বোধিসত্ত্বই মিটিঙত থাকিবলৈ বেয়া পোৱা কথাটো সৰ্বজনবিদিত ৷ গতিকে উত্তৰটো অপ্ৰত্যাশিত নাছিল বসুমতাৰীৰ বাবে ৷ বোধিসত্ত্বক এইবোৰ কথাত জোৰ কৰিও লাভ নাই বুলি সকলোৱে জানে আৰু বোধিসত্ত্বৰ স্বভাৱটো বসুমতাৰীতকৈ ভালকৈ আন কোনেও নাজানে ৷

          “তেনেহ’লে মিটিং এই সপ্তাহত নহ’ব বুলি ক’ম মই ৷”  বসুমতাৰীয়ে কৈছিল ৷

      “ইতিমধ্যেই দীৰ্ঘ জীৱনৰ ট্ৰিটমেণ্টৰ কাৰণে কেইটামান শিশু বাচি উলিওৱা হৈছে ৷ এইফালে চোৱাঁ ৷” বসুমতাৰীয়ে তেওঁৰ লেপটপৰ মনিটৰটোলৈ দেখুৱাই কৈছিল ৷ মনিটৰটোত এজনী দহ-এঘাৰ বছৰীয়া হাঁহি থকা ছোৱালীৰ ছবি ৷  “এই ছোৱালীজনীৰ গণিতৰ সাংঘাতিক জ্ঞান আছে ৷ ডাঙৰ ডাঙৰ সংখ্যাৰ যোগ-বিয়োগ, হৰণ-পূৰণ পলকতে কৰিব পাৰে তাই ৷ বহুমাত্ৰিক জ্যামিতি, স্থানাংক আদিৰ কঠিনতম কথাবোৰো তাইৰ কাৰণে অতি সৰল ৷ বিস্ময়কৰ মস্তিষ্কৰে জন্ম লৈছে তাই ৷” প্ৰায় তেনে বয়সৰে আন ল’ৰা এটাৰ ছবিলৈ দেখুৱাই তেওঁ ক’লে, “এই ল’ৰাটোৰ আকৌ ভাষাজ্ঞান অসাধাৰণ ৷  সি ইতিমধ্যে বহুকেইটা ভাষা শিকি পেলাইছে ৷ বহুকেইটা মৃত ভাষাত তাৰ অগাধ দক্ষতা ৷ বহুতো পুৰণি, বিলুপ্ত ভাষাৰ, যাৰ লিপি এতিয়াও আমি পঢ়িব পৰা নাই, সেইবোৰৰ পাঠোদ্ধাৰ কৰিবলৈ এই ল’ৰাটো সক্ষম হ’ব বুলি সকলোৱে আশা কৰিছে ৷”

         বসুমতাৰীয়ে আৰু তেনে দহজনমানৰ ফটো দেখুৱালে ৷ তেওঁ আকৌ ক’লে, “এই কেইজনক আমাৰ ইয়াৰে লেবতেই ট্ৰিট কৰিব লাগিব ৷ সিহঁতক আৰু ঘৰলৈ ঘূৰাই পঠিওৱা নহয় ৷ সেয়ে আঁচনি ৷”

          “এইটো এটা বেয়া কাম নহ’ব নে ? মাক-দেউতাবোৰে জানো মানি ল’ব ?” বোধিসত্ত্বই সুধিলে ৷

        উদাস হাঁহি এটা মাৰি বসুমতাৰীয়ে ক’লে, “এইটো এটা অতি জঘন্য কাম আচলতে ৷ আইডিয়াটো হ’ল - সিহঁতক পৰিয়ালৰ নহয়, দেশৰ সম্পত্তি ৰূপে গঢ়ি তোলা ৷ ইয়াত সিহঁতৰ মাক-দেউতাকে মনা-নমনা, ভাল পোৱা-নোপোৱাৰ কোনো গুৰুত্ব নাই ৷”

        “বেলেগকৈ ক’বলৈ হ’লে, সিহঁতক যন্ত্ৰলৈ ৰূপান্তৰ কৰাৰেই আঁচনি এয়া ৷” বোধিসত্ত্বই ক’লে ৷

      “মোৰো সেয়েই মত ৷” বসুমতাৰীয়ে চকু মুদি অলপ সময় কিবা ভাবিলে ৷ তাৰ পাছত খোলা দুৱাৰখনেৰে দূৰলৈ চাই তেওঁ লাহে লাহে ক’লে, “মই দুই-এদিনতে ৰিজাইন দিম আৰু এই সিদ্ধান্ত সলনি কৰা নহ’ব ৷”

          “ছাৰ, আপুনি ?” বোধিসত্ত্ব খুব আচৰিত হৈছিল ৷ 

        “এৰা বোধিসত্ত্ব ৷ এনে অমানৱীয় কামত মই আৰু জড়িত হৈ থাকিব নোৱাৰিম ৷ এনেয়েও মই খুবেই ভাগৰি পৰিছোঁ ৷” বসুমতাৰীয়ে সহজ সুৰত কিন্তু দৃঢ়তাৰে কৈছিল ৷

          “ময়ো কিজানি গুচি যাম ছাৰ ৷” বোধিসত্ত্বই হাত দুখন অসহায়ভাৱে ওপৰলৈ মেলি দিছিল ৷

          “মানে ? ক’লৈ যাবা তুমি ?” বসুমতাৰীয়ে সুধিছিল ৷

          “নাজানো ছাৰ ৷ বোধহয় বহু দূৰলৈ ৷” বোধিসত্ত্বই উত্তৰ দিছিল ৷

  

***


          সন্ধিয়ালৈ বোধিসত্ত্বৰ জ্বৰটো বাঢ়ি আহিছিল ৷ অফিচৰ কেণ্টিনত সামান্য আহাৰ কৰি তেওঁ ঘৰলৈ উভতিছিল ৷ ঘূৰণীয়া জোনটোৱে আকাশৰ পৰা চাৰিওফালে পোহৰ ছটিয়াই আছিল ৷ পথটোৰ দুয়োকাষে পাতল কুঁৱলি পৰিছিল ৷ 

          আগদিনা য’ত দেউতাকক লগ পাইছিল, সেই কেঁকুৰিটোৰ ওচৰত তেওঁ গাড়ীখন ৰখালে ৷ তাত আজি কোনো ৰৈ থকা নাছিল ৷ তেওঁ গাড়ীৰ পৰা ওলাই পথটোৰ একেবাৰে দাঁতিত গৈ থিয় হ’ল ৷ এজাক মৃদু বতাহে তেওঁক কোবাই গৈছিল ৷ থকথককৈ কঁপি উঠিছিল তেওঁৰ গা ৷ তথাপি তেওঁ ৰৈ থাকিল তাত কিছু সময় ৷ পথটোৰ শ শ ফুট তলৰ গছ-গছনিবোৰ কুঁৱলিৰ পাতল আৱৰণে মেঘৰ দৰে ঢাকি ৰাখিছিল ৷ মূৰ তুলি জোনটোলৈ চাই তেওঁ হাঁহিলে আৰু কৈ উঠিল,  “পৃথিৱীখনৰ বৰ ধুনীয়া, নহয়নে ?”  

         আৰু ঠিক তেনেতেই কিবা এটা চৰায়ে ক’ৰবাৰ পৰা চো মাৰি ওচৰৰ জোপোহাৰ মাজত সোমাই পৰিল ৷  ডেউকাৰ ধপধপনি আৰু কিবা সৰু চৰাইৰ কিচিৰ-মিচিৰ শব্দই সেই জোপোহাটো কঁপাই তুলিলে কেইটামান মুহূৰ্ত ৷ হয়তো কোনো চিকাৰী চৰাইৰ পৰা বাচিবলৈ আন এটি সৰু চৰাইৰ আপ্ৰাণ চেষ্টা সেয়া ৷ অলপ পাছতেই ডাঙৰ চৰাই এটাই কিবা এটা নখেৰে খামুচি ধৰি বোধিসত্বৰ মূৰৰ ওপৰেৰে উৰি গ’ল ৷

          “এয়েই পৃৃথিৱী ৷ ৰক্তপাতৰ উৎসৱ আমাৰ জীৱন ৷ এইবোৰ নিৰ্মমতা লুকুৱাই ৰাখিবলৈকে পৃথিৱীখন ইমান ধুনীয়া হ’ব লাগে !” বিদ্ৰূপৰ সুৰেৰে জোনটোলৈ চাই তেওঁ কৈছিল ৷ তেওঁ আকৌ গাড়ীত বহিলগৈ ৷ তীব্ৰ বেগত গাড়ীখনে জোনাকে শুভ্ৰ কৰি তোলা কুঁৱলি ফালি প্ৰায় শূন্য পথটোৰে আগ বাঢ়িল ৷

   

           গাড়ীখন পাৰ্ক কৰি বোধিসত্ত্বই ঘৰৰ গেটখন বন্ধ কৰিলে ৷  হলটোলৈ গৈ চকী এখনত ধপচকৈ বহি পৰিল তেওঁ ৷ বহু সময় তেনেকৈয়ে নিশ্চল হৈ থাকিল তেওঁ আৰু লাহে লাহে তেওঁৰ চকু জাপ খাই আহিল ৷


            … “বোধিসত্ত্ব ৷”         

           কাৰোবাৰ মাতত বোধিসত্ত্বই সাৰ পাইছিল ৷ তেওঁ চকু মেলি চাৰিওফালে চালে ৷ কিন্তু তাত কোনো নাছিল ৷ আকৌ তেওঁৰ চকু দুটা জাপ খাই আহিল ৷

          “মোৰ কথা শুনা বোধিসত্ত্ব ৷” 

          আকৌ বোধিসত্ত্বই চকু মেলি চাৰিওফালে চালে ৷ কোনোৱেই নাছিল ৷ 

          “তুমি ইয়াতেই থাকিবা নে গুচি যাবা বোধিসত্ত্ব ?” 

          বোধিসত্ত্বই এইবাৰ চকু মেলি চোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে ৷

          “উত্তৰ দিয়াঁ বোধিসত্ত্ব ৷ পলম নকৰিবা ৷”

          বোধিসত্ত্বই এইবাৰো চকু মেলি নাচালে ৷

          “চোৱাঁ, মই ইয়াতেই আছোঁ ৷ চকু মেলাঁ বোধিসত্ত্ব ৷ এয়া কোনো ভ্ৰম নহয় ৷ এয়া মই, তোমাৰ সম্মুখত ৷”

          বোধিসত্ত্বই এইবাৰ আকৌ চকু মেলি চালে ৷ 

        জোনাকেৰে প্লাৱিত হৈ আছিল হলটো ৷  তেওঁৰ সম্মুখত চকী এখনত বহি শুধ বগা সাজ পিন্ধা এক দীৰ্ঘদেহী বৃদ্ধ ৷ দীঘল ৰূপালী চুলি আৰু দাঢ়িৰে মানুহজনক প্ৰাচীন ঋষি এজন যেন দেখা গৈছিল ৷

          “আপুনি কোন ?” বোধিসত্ত্বই কষ্টৰে সুধিলে ৷ জ্বৰৰ কাৰণে বৰ দুৰ্বল অনুভৱ কৰিছিল তেওঁ ৷

          “মোক তুমি চিনি নাপাবা বোধিত্সত্ব ৷ কিন্তু মই তোমাৰ লগতেই আছোঁ আজি বহুদিন ধৰি ৷”

          “মোৰ লগতেই আছে ? কিন্তু কিয় ? আৰু মইতো আপোনাক আগতে কেতিয়াও দেখা নাই ৷” 

       “তোমাক মই জনাব বিচাৰিছিলোঁ, তোমাৰ গৱেষণাই এক প্ৰলয়ৰ বীজ অংকুৰিত কৰিবলৈ গৈ আছে ৷ বহুত বাৰ তোমাক মই বুজাবলৈ চেষ্টা কৰিছিলোঁ ৷ কিন্তু তুমি ভালকৈ বুজিব পৰা নাছিলা ৷ সেই কাৰণে শেহত  মই তোমাৰ সম্মুখলৈ এনেদৰে আহিব লগা হ’ল ৷” জোনাকত বৃদ্ধজনৰ হাঁহিভৰা মুখখন উজলি উঠিছিল ৷

          “কি বুজাবলৈ চেষ্টা কৰিছিল আপুনি ? আৰু কেতিয়া ?”

         বৃদ্ধজনে হাঁহিছিল ৷ তেওঁ ক’লে, “কি বুজাবলৈ চেষ্টা কৰিছিলোঁ সেয়া তুমি নিশ্চয় গম পাইছাই ইতিমধ্যে ৷ আৰু তুমি বহুখিনি উপলব্ধি কৰিবও পাৰিছা ৷ কিন্তু এতিয়াও যেন তুমি দ্বিধাগ্ৰস্ত ৷”

      বোধিসত্ত্ব মনে মনে ৰ’ল অলপ সময় ৷ দুৰ্বলতাৰ কাৰণে বহি থকা চকীখনৰ পৰা তেওঁ যেন বাগৰি পৰিব পৰিব যেন ভাব হৈছিল তেওঁৰ ৷ বৃদ্ধজনৰ সাঁথৰৰ দৰে কথাবোৰে তেওঁক বিৰক্ত কৰি তুলিছিল ৷  

         “অনুগ্ৰহ কৰি কথাবোৰ আপুনি ঘূৰাই-পকাই নক’ব ৷ তেনে ধৰণৰ কথা শুনিবলৈ এই মুহূৰ্তত মোৰ অকণো ধৈৰ্য নাই ৷” বোধিসত্ত্বই কৈছিল ৷

          বৃদ্ধজনৰ হাঁহিটো মাৰ যোৱা নাছিল ৷ তেওঁৰ মুখখনৰ পৰা জোনাকতকৈ উজ্জ্বল মমতাময়ী শীতল জ্যোতি ওলাই কোঠাটো পোহৰাই তুলিছিল ৷ তেওঁ কৈছিল, “তোমাৰ এই দীৰ্ঘ জীৱন আৰু অমৰত্বৰ সূত্ৰৰ গৱেষণাই হ’ব পাৰে এক মহাপ্ৰলয়ৰ বীজ ৷ তোমাক বহু দিন ধৰি মই সেইটোকেই বুজাবলৈ চেষ্টা কৰি আছিলোঁ ৷”

        বোধিসত্ত্বই একো বুজিব পৰা নাছিল ৷ তেওঁ ক’লে, “কিন্তু মোৰ আপোনাক কেতিয়াও লগ পোৱা মনতেই নপৰে ৷”

         বৃদ্ধৰ মুখত আকৌ নিৰ্মল হাঁহি এছাটিয়ে ঢৌ খেলি গ’ল ৷ এটি অবোধ শিশুৰ সৰল কিন্তু অজ্ঞতাৰে ভৰা প্ৰশ্নৰ উত্তৰ দিবলৈ যেন তেওঁ সাজু হ’ল ৷

        “সংকেতবোৰ তোমালৈকো পঠিয়াই আছিলোঁ মই ৷ কিন্তু এনেদৰে, তোমালোকে বুজি পোৱা শব্দৰে প্ৰকাশ নকৰিলে তোমালোকে একোৱেই বুজিব নোখোজাঁ ৷ তোমালোকৰ অভিধানবোৰৰ সকলো শব্দ মিলি অনুভূতিৰ এটি অতি ক্ষুদ্ৰ অংশহে প্ৰকাশ কৰিব পাৰে ৷ তোমালোক এমুঠিমান শব্দৰ দাস হৈ পৰাঁ ৷ জীৱনে তোমালোকক বহুতো উপলব্ধিৰ মুখামুখি কৰিব পাৰে, মুখামুখি কৰাব পাৰে তোমালোকৰ গণিত, তোমালোকৰ বিজ্ঞানৰ পৰিধিৰ বাহিৰৰ ৰহস্যবোৰৰ, তোমালোকৰ ক্ষুদ্ৰ অভিধানৰ শব্দেৰে বৰ্ণনা কৰিব নোৱৰা সেই ৰহস্যবোৰৰ ৷”

          কথাবোৰ আৰু বেছি সাঁথৰ যেন লাগিছিল বোধিসত্ত্বৰ ৷ তেওঁ বৃদ্ধৰ মুখলৈ চাই ৰ’ল ৷

        “মেকুৰী এটা আকাশ চুব পৰাকৈ ওখ হৈ যাব নালাগিব ৷ এইখন পৃথিৱীৰ প্ৰত্যেকটো বস্তুৰ আকৃতি-প্ৰকৃতিৰ পিছত বহুতো অৰ্থ লুকাই আছে ৷ তোমালোকৰ শব্দৰে যাক হিচাপ বুলি ক’ব পাৰি ৷ সেই সকলোবোৰ মিলি এই পৃথিৱীখন ৷ সামান্য ব্যতিক্ৰমেও গ্ৰহটোক অস্থিৰ কৰি তুলিব পাৰে ৷”

          বোধসত্ত্বই কিবা বুজি পাইছিল ৷ কিন্তু তেওঁ নীৰৱ হৈয়ে ৰ’ল ৷

        “তোমাৰ উপলব্ধিৰ গভীৰতা আছে ৷ কিন্তু আমাৰ পৰ্যায়ৰ পৰা এতিয়াও তুমি বহু দূৰত ৷ এই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য বুজিবলৈ গভীৰ উপলব্ধিৰ প্ৰয়োজন ৷” বৃদ্ধজনে আকৌ ক’লে ৷

          বোধিসত্ত্বই ক’লে, “ব্ৰহ্মাণ্ডৰ এটা মাত্ৰ ক্ষুদ্ৰ বিন্দু হ’ল এই পৃথিৱীখন ৷ কিন্তু মাত্ৰ এই বিন্দুটোত ইমান দুখ, ইমান যন্ত্ৰণা ৷ কাৰ কাৰণে ? কিহৰ কাৰণে ?”

        “তুমি ভুল বুজিছা ৷ এনে সহস্ৰ সহস্ৰ বিন্দুৰে ভৰি আছে এই ব্ৰহ্মাণ্ড, আৰু আছে এনে সহস্ৰ সহস্ৰ ব্ৰহ্মাণ্ড ৷ তাতো চলি আছে জীৱনৰ এই একেই পৰীক্ষা ৷”

       “মাত্ৰ এইখন পৃথিৱীয়ে নহয়, আৰু আছে সহস্ৰ এনেকুৱা পৃথিৱী ৷ আৰু তাতো চলি আছে নিষ্ঠুৰতা, নিৰ্মমতাৰ খেল ?” বোধিসত্ত্বই সুধিলে ৷

           “কথাটো ঠিক তেনেকুৱা নহয় ৷”

          “ইমান ক্ষুদ্ৰ, ইমান ক্ষন্তেকৰ এই জীৱন ৷ তথাপি যেন অনন্ত কালৰ শোক আমাৰ ভাগ্যত ৷ কিহৰ কাৰণে ইমান যন্ত্ৰণা আমাৰ জীৱনত ?” বোধিসত্ত্বই প্ৰশ্ন কৰিছিল ৷

          “ঠাই, মানুহ আৰু সিহঁতে কোৱা কথাবোৰ – এই সকলোবোৰেই স্মৃতিৰ বালিচৰত সময়ৰ ছায়া ৷” বৃদ্ধজনে কৈছিল ৷

          বোধিসত্ত্ব কিছুসময় নীৰৱ হৈ ৰল ৷ বুকুখন গধুৰ হৈ আহিছিল তেওঁৰ ৷

          “সকলোবোৰেই ছলনা - তোমাৰ এই শ্ৰান্তি আৰু বুকু ভৰি অহা শোকবোৰো ৷ আৰু এই সকলোৰেই সমাপ্তি আছে ৷ এয়া জানো আশীৰ্বাদ নহয় ?” বৃদ্ধজনে আকৌ কৈছিল ৷

          বোধিসত্ত্ব কেই মূহৰ্তমানৰ কাৰণে বহু বছৰৰ আগলৈ গুচি গ’ল ৷ তেওঁৰ মনটো আগতকৈ বেছি গধুৰ হৈ পৰিল ৷ তেওঁ কলে, “মাক দেখা মোৰ মনত নপৰে ৷ দেউতাও বৰ সোনকালেই গুচি গৈছিল ৷ তাৰ পাছত জীৱনত কেৱল আঘাতেই পাইছোঁ ৷ কেতিয়াবা ভাবিছিলোঁ দুখবোৰ আৰু মই কঢ়িয়াই লৈ ফুৰিব নোৱাৰিম ৷ আৰু ভাবিছিলোঁ অন্য কোনেও সেই অভিজ্ঞতাৰ সম্মুখীন নহওক ৷”

           বৃদ্ধজনে আকৌ হাঁহিলে ৷ “তোমালোকে এটা মসৃণ পথৰ কল্পনা কৰি লোৱা ৷ অথচ তোমালোকে জানাই যে জীৱনৰ পথটো কেতিয়াও তেনে হ’ব নোৱাৰে ৷ একৰৈখিক হ’লে জীৱনৰ জানো কিবা অৰ্থ থাকিব পাৰে ?”

          “কিন্তু আপুনি কেনেকৈ জানে এই সকলোবোৰ ?” বোধিসত্ত্বই সুধিলে ৷

          “কাৰণ আমিয়েই এই সকলো সৃষ্টিৰ, এই পৃথিৱীৰ, এই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ সাক্ষী ৷” বৃদ্ধই মিচিকিয়াই হাঁহি উত্তৰ দিছিল ৷

          “কোন আপুনি ? ঈশ্বৰ ?”

          “নহয় ৷”

          “দেৱদূত ?”

        “দেৱদূত বুলি ক’ব পাৰাঁ অৱশ্যে ৷ মানে তেনেকুৱাই ৷ জানি লোৱাঁ যে তোমালোকতকৈ আমি ঈশ্বৰৰ বহু ওচৰৰ ৷ কিন্তু আমিও তেওঁৰ অনাদি-অনন্ত স্বৰূপৰ অতি সামান্য এটা অংশহে উপলব্ধি কৰিব পাৰোঁ ৷”

          বোধিসত্ত্ব আকৌ নীৰৱ হৈ ৰ’ল ৷ তেওঁ বৃদ্ধৰ কথাবোৰ বিশ্বাস কৰিব পৰা নাছিল ৷ “তেনেহ’লে ঈশ্বৰ ক’ত, আমি কিয় তেওঁক দেখা নাপাওঁ ?”

          বৃদ্ধই হাঁহিলে ৷ তেওঁৰ হাঁহিৰ তৰংগই গোটেই কোঠাটোকে আন্দোলিত কৰি তুলিলে ৷

         “এই প্ৰশ্ন তোমালোকৰ মুখত সদায়ে থাকে ৷ ঈশ্বৰ তোমালোকৰ ধৰ্মগ্ৰন্থৰ সাধুবোৰত বৰ্ণনা কৰাৰ দৰে সত্তা এটা নিশ্চয় নহয় ৷ মাত্ৰ পাঁচটা ইন্দ্ৰিয়ৰ যোগেদি মহাবিশ্বৰ ক্ষুদ্ৰতম কণা এটাকহে তোমালোকে অনুভৱ কৰিব পাৰাঁ ৷ আৰু ঈশ্বৰ এই মহাবিশ্বৰো পৰিধিৰ বাহিৰৰ ৷ ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় ৷ ব্ৰহ্মাণ্ড ধ্বংস হৈ যায় ৷ আকৌ ব্ৰহ্মাণ্ডৰ সৃষ্টি হয় ৷ সেই চক্ৰটো চলি থাকে ৷ কিন্তু ঈশ্বৰ চিৰকাল বিৰাজমান ৷ তেৱেঁই সেই চক্ৰটো চলাই ৰাখে ৷ তেওঁ সকলোতে আছে, সদায়ে আছে ৷”

          “আৰু চিৰকালেই এই ত্ৰুটিপূৰ্ণ, দুখ-যন্ত্ৰণাৰে ভৰা পৃথিৱীত জীৱনৰ নিৰ্মম খেলবোৰ চলিয়েই থাকিব ? তাতকৈ কিয় চিৰকালৰ বাবেই এই নিষ্ঠুৰতাৰ সমাপ্তি ঘটোৱা নহয় ?”

            বৃদ্ধজনৰ দুচকু কৌতুকেৰে জলমলাই উঠিল  ৷

           “অৱশ্যেই এইটো সত্য যে প্ৰকৃতিৰ সকলো বিষয় ত্ৰুটিশূন্য নহয় ৷ কিন্তু সেই সকলোৰেই একোটা শুধৰণি আছে ৷ আৰু মৃত্যুৱেই হ’ল সেই শুধৰণি ৷ জীৱনৰ সকলো ভুল মৃত্যুৰেই শুধৰাই পেলোৱা হয় ৷ জীৱন ত্ৰুটি-বিচ্যুতিৰে ভৰপূৰ ৷ কিন্তু মৃত্যু সম্পূৰ্ণ ত্ৰুটিহীন ৷ আচলতে ব্ৰহ্মাণ্ডৰ সকলোবোৰেই কিছুমান ছায়া ৷ আৰু কোনো ছায়াই চিৰকাল নহয়, এই ব্ৰহ্মাণ্ডৰ সেয়াই  সৰ্বোত্তম আশীৰ্বাদ, কোনো ছায়াই চিৰকাল নহয় ৷”

          বোধিসত্ত্বই একো কোৱা নাছিল ৷ গোটেই শৰীৰটো অবশ হৈ অহা যেন অনুভৱ হৈছিল তেওঁৰ ৷

        “তোমালোকৰ এটা ডাঙৰ সমস্যা হ’ল এয়ে যে তোমালোকে সকলোৰে আৰম্ভণিটোৰ বিষয়েহে ভাবাঁ ৷ সকলো আৰম্ভণিৰেই একোটা শেষ থাকে ৷ কিন্তু তোমালোকে শেষটোৰ বিষয়ে অকণো নাভাবা ৷ আৰম্ভণিটোৰ যেনেকৈ এটা উদ্দেশ্য আছে, তেনেকৈ শেষটোৰো এটা উদ্দেশ্য থাকে ৷ দুয়োটাৰেই সুক্ষ্ম পৰিকল্পনা থকা উচিত ৷ তোমালোকৰ এই দীৰ্ঘ জীৱনৰ আঁচনিৰ কথাই ধৰাঁ; তোমালোকে মাত্ৰ ইয়াৰ আৰম্ভণিটোৰ কথাহে ভাবিছা ৷ মাজৰ আৰু শেষৰ পৰ্যায়ৰ বাবে তোমালোকৰ কোনো আঁচনি নাই ৷”

          বোধিসত্ত্বই অৰ্ধচেতনৰ দৰে মূৰ দুপিয়াই ক’লে, “হয় ৷ সকলোৰে শেষ থাকিবই লাগে ৷”

        “ঠিক তেনেকৈও নাভাবিবা তুমি ৷ যি পথ ক’ৰবাত গৈ শেষ হয়, সেয়া আচলতে কোনো পথেই নহয় ৷ লক্ষ্যত উপনীত হোৱাৰ পাছতো পথটোৱে তোমাক অন্য এক সম্ভাৱনাৰ দুৱাৰলৈ আঙুলিয়াই দিব পাৰিব লাগে ৷ সকলো শেষেই আচলতে অন্য এটা আৰম্ভণি, এটা নতুন আৰম্ভণি ৷” বৃদ্ধজনে ক’লে ৷

          “মৃত্যুও তেনেহ’লে ?”

          “অন্য এটা আৰম্ভণি ৷”

          “আৰু সেয়াই পুনৰ্জন্ম ৷” বোধিসত্ত্বই ক’লে ৷

         “অৱশ্যেই তেনেকুৱা বুলি কব পাৰাঁ ৷ আৰু ইয়াতে আমাৰো এটা উদ্দেশ্য আছে ৷ মই কৈছোঁৱেই জীৱন ত্ৰুটিশূন্য নহয় ৷ প্ৰত্যেক জীৱনেই আমাৰ কাৰণেও এটা পৰীক্ষা ৷ প্ৰত্যেক পৰীক্ষাৰ পৰাই আমি কিবা একোটা শিকোঁ ৷ পাছৰ প্ৰত্যেকটো নতুন জীৱনক আমাৰ সেই বোধেৰে সমৃদ্ধ কৰোঁ ৷ এনেকৈয়ে বিৱৰ্তন চলি থাকে ৷ ইয়াতে তোমালোকৰো কিছু কৰণীয় আছে ৷ আমি বিচাৰোঁ তোমালোকৰ চেতনাৰ উৎকৰ্ষ সাধন হওক আৰু সেইটো আমি তোমালোকৰ কৰ্ষণৰ ওপৰতেই এৰি দিছোঁ ৷ তোমালোকৰ চেতনাই এটা বিশেষ পৰ্যায় পালে আমি তোমালোকক অন্য এখন পৃথিৱীলৈ লৈ যাওঁ য’ত বৌদ্ধিক বা আধ্যাত্মিক দিশৰ পৰা সকলোৱে কিছু ওপৰৰ এটা পৰ্যায়ত আছে ৷ আৰু এনে প্ৰত্যেক পৰ্যায়তে সহস্ৰ সহস্ৰ পৃথিৱী আছে ৷ উৎকৰ্ষ সাধনৰো শত শত পৰ্যায় আছে ৷”

          “আৰু আমি নতুন আৰম্ভণি এটালৈ এতিয়াৰ অস্তিত্বৰ পৰা কি লৈ যাওঁ ?” বোধিসত্ত্বই সুধিলে ৷

          “তোমালোকৰ বোধ আৰু চেতনা ৷” বৃদ্ধজনে উত্তৰ দিলে ৷

          “আৰু আমাৰ স্মৃতি ?”

          “সাধাৰণতে তোমালোকৰ স্মৃতিবোৰ প্ৰতিটো জীৱনৰ অন্তত মচি পেলোৱা হয় ৷ কিন্তু আমাৰ ফালৰ পৰা কিছুমান ত্ৰুটিৰ কাৰণে কেতিয়াবা কেতিয়াবা নতুন আৰম্ভণিটো আগৰ স্মৃতিবোৰৰ পৰা সম্পূৰ্ণ মুক্ত নহয় ৷ কিন্তু এই স্মৃতিবোৰৰ কোনো মূল্য নাই আৰু প্ৰকৃতাৰ্থত তোমালোকৰ মনবোৰ বহু দীঘলীয়া স্মৃতি কঢ়িয়াব পৰাকৈ শক্তিশালী কৰা হোৱাও নাই ৷ ভাবাঁচোন তোমাৰ এহেজাৰ জনমৰ স্মৃতি তুমি কঢ়িয়াই ফুৰিলে কি হ’ব পাৰে ? তোমাৰ এই জনমৰ স্মৃতিবোৰেই তোমাক কিমান দুখত কাতৰ কৰে, আৰু সেইটো এহেজাৰ গুণ হ’লে কি অৱস্থা হ’ব তোমাৰ ৷ মূল কথা হ’ল, যিবোৰৰ কোনো মূল্য নাই সেইবোৰ আমি মচি পেলাওঁ ৷ জীৱনৰ অন্তত তোমালোকৰ স্মৃতিবোৰো একেবাৰেই মূল্যহীন ৷”    

          বোধিসত্ত্বই একো বুজিব পৰা নাছিল ৷ খুব ভাগৰুৱা অনুভৱ কৰিছিল তেওঁ ৷

      “তোমালোকে ৰং তুলিকাৰে অঁকা ছবিবোৰৰ দৰেই এই জীৱন ৷” বৃদ্ধজনে কৈছিল , “তোমালোকে উকা কাগজ এখন লোৱাঁ ৷ কাগজখনত পেঞ্চিলেৰে কিবা এটা আঁকা ৷ ভুল হ’লে ৰেখাবোৰ মচি সেইখিনি শুধৰাবলৈ চেষ্টা কৰাঁ ৷ তাৰ পাছত তুলিকাৰে বিভিন্ন  ৰং বোলাই যোৱাঁ ৷ ছবিখন লাহে লাহে জীৱন্ত হৈ আহে ৷ কিন্তু সদায়ে ছবিখন আৰু বেছি জীৱন্ত কৰিবলৈ ঠাই ৰৈ যায় ৷ তথাপি তুমি এটা সময়ত ৰৈ যোৱাঁ ৷ কাৰণ কাগজ এখন তুলিকাৰ অগণন আঁচোৰ সহিব পৰাকৈ, সকলোবোৰ ৰং ধৰি ৰাখিব পৰাকৈ তৈয়াৰ কৰা নহয় ৷ এখন নতুন ছবিৰ কাৰণে একোখন নতুন কাগজৰ দৰকাৰ হয় ৷ নতুন কাগজখনত পুনৰ আৰম্ভণিৰ পৰাই তুমি অংকন কৰিবলৈ ধৰাঁ ৷ আগৰ ছবিখনৰ পৰা নতুন কাগজখনলৈ তুমি কি লৈ আহা ঁ?”

          “একোৱেই লৈ নাহোঁ ৷” বোধিসত্বই কৈছিল ৷

          “তুমি লৈ আহাঁ এটা বোধ, এটা চেতনা মাত্ৰ,  যিয়ে তোমাক নতুন ছবিখন ভালকৈ অংকন কৰিবলৈ সহায় কৰে ৷ তোমালোকৰ জীৱনবোৰো তেনেকুৱা ৷ প্ৰত্যেকটো জীৱন এখন উকা কাগজৰে দৰেই আৰম্ভ হয় ৷ কিন্তু প্ৰত্যেকটো জীৱন আগৰ জীৱনৰ বোধ আৰু চেতনাৰে সমৃদ্ধ হ’ব পাৰে ৷”

          বোধিসত্ত্ব নীৰৱ হৈ ৰ’ল ৷

          “জীৱনটো বেছি দীঘলীয়া কৰিলে একো নাপাবা তোমালোকে ৷ তোমালোকৰ প্ৰতিটো মুহূৰ্ত জীৱনেৰে পূৰ্ণ কৰিবলৈ চেষ্টা কৰা ৷ এটা জীৱন বহু সম্ভাৱনাৰে ভৰপূৰ ৷ খুব কমেই, মানে তোমাৰ দৰে দুই-এজনেহে, সেই সম্ভাৱনাৰ সামান্য এটা অংশ ব্যৱহাৰ কৰে ৷”

          বোধিসত্ত্ব নীৰৱ হৈয়ে ৰ’ল ৷ তেওঁ বৃদ্ধজনৰ প্ৰশান্ত, শীতল জ্যোতিৰে উজ্জ্বল মুখখনলৈ চাই ৰ’ল ৷  তেওঁ কি কৰা উচিত সুধিব খুজিছিল ৷

       “এইখন পৃথিৱী দীৰ্ঘ জীৱনৰ বাবে সাজু কেতিয়াও নহয় ৷ আৰু অমৰত্বৰ বোজা বহন কৰিবলৈ ঈশ্ৱৰৰ বাহিৰে আৰু কোনোৱেই সক্ষম নহয় ৷ গতিকে ধ্বংস কৰি পেলোৱাঁ তোমাৰ গৱেষণাৰ সকলো ফল ৷” বৃদ্ধজনে কৈছিল ৷

           বোধিসত্ত্বই একো কোৱা নাছিল ৷ কিন্তু তেওঁ নীৰৱে মানি লৈছিল ৷

           বৃদ্ধজনে হাঁহিছিল ৷ এচমকা শীতল পোহৰে যেন ধুই নিছিল গোটেই হলটো ৷

           “আৰু এটা কথা বোধিসত্ত্ব ৷” বৃ্দ্ধজনে কৈছিল ৷

           “কওক ৷” দুৰ্বল কণ্ঠেৰে বোধিসত্বই কৈছিল ৷

           “তুমি ইতিমধ্যেই পৰৱৰ্তী পৰ্যায়টোৰ কাৰণে উপযুক্ত হৈ উঠিছা ৷ তুমি ইয়াত আৰু কেই বছৰমান থাকিব পাৰাঁ বা এতিয়াই পৰৱৰ্তী অধ্যায়লৈ যাত্ৰা আৰম্ভ কৰিব পাৰাঁ ৷ সকলো তোমাৰ ইচ্ছা ৷ কি বাচি ল’ব খোজাঁ তুমি ?”

           বোধিসত্বই কেই মুহূৰ্তমান কিবা ভাবিলে ৷ তাৰ পাছত অস্ফুট সুৰত ক’লে, “পাছৰ অধ্যায়টো ৷”

           “সকলো তোমাৰেই ইচ্ছা ৷” বৃদ্ধজনে মিচিকিয়াই হাঁহিছিল ৷ চকীৰ পৰা উঠি তেওঁ বোধিসত্ত্বৰ কাষলৈ গ’ল ৷ বোধিসত্ত্বক জোৰেৰে বুকুত সাবটি লৈ ক’লে,  “ভয় নকৰিবা ৷ এই পৃথিৱীখন সুন্দৰ ৷ য’লৈ যাবলৈ ওলাইছা সেয়াও অন্য এক সুন্দৰ পৃথিৱী ৷ তোমাৰ এই যাত্ৰাও সুন্দৰেই হ’ব ৷”

           লাহে লাহে বৃদ্ধজনৰ পোহৰৰ শৰীৰটো নিষ্প্ৰভ হৈ আহিল ৷

           আৰু এটা সময়ত জোনাকভৰা কোঠাটোত অকল বোধিসত্ত্ব ৰৈ আছিল ৷


          তেনেকৈয়ে বহি ৰ’ল বোধিসত্ব বহু সময় ৷ 

          খিৰিকিৰে বাহিৰৰ পৃথিৱীখনলৈ চাইছিল তেওঁ ৷ ইমান ধুনীয়া এই পৃথিৱী !

          জোনাকে প্লাৱিত কৰা আকাশখনলৈ চাইছিল তেওঁ ৷ ইমান বিশাল এই আকাশ !

         দূৰৰ আঁহতজোপালৈ তেওঁ কৃতজ্ঞতাৰে চাইছিল ৷ কিন্তু তেওঁ কোনো ধৰণৰ দুখ অনুভৱ কৰা নাছিল ৷ অহাৰ দৰেই যোৱাটোও হ’ব পাৰে কিমান সুন্দৰ !

          তেওঁৰ দুচকু যেন জ্বৰৰ তাপত জ্বলি যাব খুজিছিল ৷ দুবাৰমান চকীখনৰ পৰা উঠিবলৈ চেষ্টা কৰিও তেওঁ উঠিব পৰা নাছিল ৷ 

           অৱশেষত কিবাকৈ শৰীৰটো চোঁচৰাই চোঁচৰাই মেজখনৰ ওচৰলৈ গ’ল তেওঁ আৰু লেপটপত লগ-ইন কৰি দুপৰীয়া সলনি কৰা প্ৰগ্ৰামটো ৰান কৰিলে ৷ গৱেষণাৰ সকলো তথ্য, সকলো ডকুমেণ্ট, সকলো ফাইল, সকলো বেক্আপ, সকলো এনক্ৰিপশ্যন কী আধা ঘণ্টামানৰ ভিতৰতে মচ খাই গ’ল লেবৰেটৰীৰ, ডাটা চেণ্টাৰৰ আৰু ক্লাউডৰ কম্পিউটাৰবোৰৰ পৰা ৷ লেপটপটোৰ পৰাও সকলো তথ্য মচি পেলালে তেওঁ ৷

          আকৌ চুঁচৰি চুঁচৰি আহি চকীখনত বহি পৰিলহি তেওঁ ৷ খিৰিকিৰে আকাশৰ ঘূৰণীয়া জোনটোলৈ চাই পঠিয়ালে তেওঁ ৷ তেনেকৈয়ে ৰৈ থাকিল তেওঁ আৰু বহু সময় ৷  কিন্তু এটা সময়ত জোনটোৰ ছবিখন অস্পষ্ট হৈ আহিছিল ৷ চকুৰ পতাদুখন খুব গধুৰ হৈ পৰিছিল ৷ বহু কষ্টৰে তেওঁ চকু দুটা মেলি ৰাখিব বিচাৰিছিল ৷  কিন্তু তেওঁ যেন সকলো চেতনা হেৰুৱাই পেলাবলৈ ধৰিছিল ৷ আৰু তেতিয়াই শুকান ওঁঠযুৰিত প্ৰশান্তিৰ হাঁহি এটা বিৰিঙি উঠিছিল আৰু হাঁহিটো যেন মাৰ যাবই খোজা নাছিল ৷ 

   “ওঁম শান্তি, শান্তি, শান্তি …৷” তেওঁ দুৰ্বলভাৱে উচ্চাৰণ কৰিছিল আৰু লাহে লাহে তেওঁৰ মূৰটো হালি আহি কান্ধৰ এফালে ওলমি পৰিছিল ৷ 


----


ঠিকনা : বাঙ্গালোৰ
ম'বাইল : ৮৭৬২২২৬৩৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ