মৃদুল শৰ্মা
১৬ বিদূৰ৷
হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই তেওঁৰ প্ৰকৃত নামটো কালক্ৰমত নিশ্চিহ্ন হৈ পৰিছিল৷ তেওঁৰ পৰিচয় হৈছিল শূদ্ৰী৷
মই বিদূৰ সেই দাসী শূদ্ৰীৰে পুত্ৰ৷ কুৰুবংশৰ ইতিহাসৰ কোনোবা এক অনাকাংক্ষিত ক্ষণত কাৰোবাৰ ইচ্চাত মোৰ জন্মৰ যোগসূত্ৰ প্ৰতিষ্ঠিত হৈছিল৷ ৰাজমাতা সত্যৱতীৰ আকাংক্ষা পূৰণাৰ্থে মোৰ অসহায় মাতৃ পৰিশ্ৰমীয়ে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ বেদব্যাসৰ অংকশায়িনী হ’বলৈ বাধ্য হৈছিল৷ যাৰ ফলস্বৰূপেই কালক্ৰমত মোৰ জন্ম৷
বিদূৰৰ জন্ম!
মহাভাৰতীয় প্ৰেক্ষাপটত দাসীপুত্ৰ বিদূৰক সকলোৱে উপেক্ষাৰ দৃষ্টিৰে চালেও বিদূৰৰ অভিসন্ধি উপলব্ধি কৰাৰ সামৰ্থ্য পিছে কাৰো নহ’ল৷
বিদূৰক সকলোৱে জানে ন্যায়পৰায়ণ, সত্যবাদী৷ অৱশ্যেই৷ কিন্তু নিজৰ জন্মত যাৰ কলঙ্ক আছে, আৰু আছে আনৰ সন্তুষ্টিৰ অৰ্থে সৃষ্টি হোৱা কলঙ্ক– সেইজন হৈ মই কিয় নকৰিম মোৰ কলঙ্কৰ কাৰণ আৰু কাৰকবোৰক মষিমূৰ কৰাৰ চক্ৰান্ত!
মহাৰাণী গান্ধাৰী প্ৰকৃততে প্ৰথমে সন্তান সম্ভৱা হোৱাই নাছিল৷ ধৃতৰাষ্ট্ৰৰ জৈৱিক যোগ্যতা আছিল, কিন্তু মোৰেই ষড়যন্ত্ৰৰ ফলস্বৰূপে গান্ধাৰীৰ গৰ্ভসঞ্চাৰ হোৱা নাছিল৷ এটা সময়ত অনেক চিকিৎসাৰ ফলস্বৰূপে গান্ধাৰীয়ে জন্ম দিছিল দুজন পুত্ৰ আৰু এটি কন্যাক– ক্ৰমে সুযোধন, সুশাসন আৰু সুশলা৷ দুয়োজনকে পৰৱৰ্তী সময়ত একাধিক উদ্দেশ্য পূৰণাৰ্থে মই জনসমাজত পৰিচয় কৰাই দিছিলোঁ ক্ৰমে দুৰ্যোধন আৰু দুঃশাসন নামেৰে৷
তাৰ পাছতো গান্ধাৰীয়ে আৰু সন্তান জন্ম দিছিল অষ্টানৱাতি সংখ্যক পুত্ৰ৷
মই সেই সময়ত শতশৃঙ্গ পৰ্বতত ভ্ৰাতা পাণ্ডুৰ আশ্ৰমত শাস্ত্ৰালোচনাত ব্যস্ত আছিলোঁ ঋষি আৰু ব্ৰাহ্মণবৰ্গৰ সৈতে৷ মই গান্ধাৰীৰ শতসন্তান জন্ম হোৱাৰ বাৰ্তা শুনি আশ্চৰ্যবোধত স্তব্ধ হৈ পৰিছিলোঁ৷
অৱশ্যে ইতিপূৰ্বেই পাণ্ডুৰ পুত্ৰসকলো জন্ম হৈছিল৷
হস্তিনাপুৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত শুনিবলৈ পাইছিলোঁ যে গান্ধাৰীয়ে প্ৰসৱ কৰিছিল এক মাংসপিণ্ড৷ ঋষিবৰ ব্যাসৰ উদ্যোগত তাৰেপৰাই কোষ সংগ্ৰহ কৰি হেনো সেই সন্তানসমূহ সৃষ্টি কৰা হৈছিল৷
আশ্চৰ্যকৰ কথা, সেই ধৃতৰাষ্ট্ৰৰ পুত্ৰগণ, যাক কৌৰৱ বুলি অভিহিত কৰা হৈছিল, সেইসকলৰ বয়সৰ পাৰ্থক্য দুই-তিনি মাহতকৈ অধিক নহয়৷ মই ভাবোঁ, ধৃতৰাষ্ট্ৰৰ ঔৰসত এইজাক নিশ্চিতভাৱে কোনোবা দাসীৰে সন্তান– মোৰ সদৃশ৷ গতিকে মই যি মানসিক উপসৰ্গত ভুগিছোঁ সমগ্ৰ জীৱন, একেদৰেই এই কৌৰৱসকলো মানসিকভাৱে ৰোগগ্ৰস্ত হোৱাত একো অস্বাভাৱিকতা নাই৷
কাৰণ মোৰ ভ্ৰাতা ধৃতৰাষ্ট্ৰ আছিল শতপুত্ৰৰ পিতৃ হৈ সসাগৰা পৃথিৱীৰ অধীশ্বৰ হোৱাৰ প্ৰচণ্ড বাসনাৰে অন্ধ আৰু গান্ধাৰী আছিল তেওঁৰ অন্ধ অনুগতা৷ ভূমি আৰু সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাই আছিল কুৰু ৰাজতন্ত্ৰৰ একমাত্ৰ লক্ষ্য৷
---
১৭ দ্ৰোণ৷
মোৰদ্বাৰা অৱলীলাক্ৰমে একলব্যৰ প্ৰতি কিয় অবিচাৰ কৰা হ’ল? কেৱল অৰ্জুনক শ্ৰেষ্ঠ ধনৰ্বিদৰূপে গঢ় দিয়াৰ স্বাৰ্থতেনে? অৰ্জুনক শ্ৰেষ্ঠৰূপে গঢ় দিব খোজাৰ আঁৰত কি শক্তিয়ে ক্ৰিয়া কৰিছিল মোৰ মনত? সুদীৰ্ঘকালিন ৰাজতন্ত্ৰৰ অত্যাচাৰৰপৰা মুক্তি পোৱাৰ হাবিয়াস নহয় জানো?
হয়৷ বিশাল জম্বুদ্বীপৰ সকলো ৰাজ্যতে ৰাজতন্ত্ৰৰ পতনেই আছিল মোৰ সৰ্বাত্মক লক্ষ্য৷
তাৰো পূৰ্বে একালৰ মোৰ পৰম মিত্ৰ আৰু পৰৱৰ্তী সময়ত পাঞ্চালৰ নৃপতি দ্ৰুপদক সৰ্বদিশৰপৰা পৰ্যুদস্ত কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ হৈছিলোঁ৷ কিন্তু মোৰ দাৰিদ্ৰ্য আৰু নিৰুপায়তাক লৈ যি দ্ৰুপদে তেওঁৰ ৰাজসভাত মোক অপমান কৰিছিল সেই দ্ৰুপদ আছিল ৰাজনৈতিক আৰু সামৰিকভাৱে অতি শক্তিশালী৷ তেনে ৰাজশক্তিৰ সৈতে মই দৰিদ্ৰ ব্ৰাহ্মণে অকলশৰে কি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ?
নোৱাৰোঁ৷
সেয়ে মই অনুসন্ধান কৰিছিলোঁ এটা বিৰাট ৰাজবংশ যাৰ প্ৰত্যক্ষ অথবা পৰোক্ষ সাহায্যৰে মই দ্ৰুপদক অন্ততঃ অপমান কৰিবলৈ সক্ষমতা আহৰণ কৰোঁ৷ মোৰ সম্বল আছিল কেৱল শস্ত্ৰজ্ঞান৷ কিন্তু সেই শস্ত্ৰজ্ঞান ৰণক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ মই ক্ষত্ৰিয়ও নহওঁ আৰু মোৰ সেনাদলো নাই৷ এদল দক্ষ সেনা গঠন কৰিব পৰাকৈ মোৰ তেনে কোনো সম্বলো নাই৷
লোকে মোক ঋষি ভৰদ্বাজৰ পুত্ৰ বোলে৷ ময়ো শৈশৱত পিতৃস্বৰূপে তেখেতৰ স্নেহ-সান্নিধ্য লাভ কৰিছিলোঁ৷ কিন্তু তেখেতে প্ৰদান কৰা শাস্ত্ৰজ্ঞানৰ প্ৰতি মোৰ মনত কোনো অনৰাগ সৃষ্টি নহ’ল৷ কেৱল শাস্ত্ৰ অধ্যয়ন কৰি জীৱনৰ বাবে নূ্যনতম প্ৰয়োজনীয় সম্পদৰ কাৰণে ৰজা অথবা অভিজাত লোকৰ সম্মুখত প্ৰায় ভিক্ষাৰীসদৃশ আচৰণ কৰাটো মোৰ বাবে কোনোপধ্যেই সম্মানজনক জীৱন-চৰ্যা নাছিল৷
সেয়ে মই পিতৃৰ তপোবনৰপৰা সংগোপনে আঁতৰি আহিছিলোঁ আৰু শস্ত্ৰশিক্ষাৰ বাবে গুৰুৰ সন্ধান কৰিছিলোঁ৷
গুৰু পৰশুৰামক দৰ্শন কৰি মই শস্ত্ৰশিক্ষা প্ৰাৰ্থনা কৰিছিলোঁ৷
সেই সময়তে পাঞ্চালৰ ৰাজকুমাৰ দ্ৰুপদো গুৰু পৰশুৰামৰ শিষ্য হৈছিল৷
আমি দুয়ো একত্ৰিত হৈছিলোঁ সহপাঠীৰূপে, পৰম বান্ধৱৰূপে৷ দ্ৰুপদে আনকি তেওঁ পাঞ্চালৰ সিংহাসনত আৰোহণ কৰিলে মোক অৰ্ধৰাজ্য প্ৰদান কৰিম বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷
অৱশ্যে সেই প্ৰতিশ্ৰুতিক মই অপৰিণত বয়সৰ উক্তি বুলি গ্ৰহণ কৰা উচিত আছিল৷ কিন্তু দাৰিদ্ৰ্যৰ সীমাহীন পীড়াই মোক ৰজা দ্ৰুপদৰ ৰাজসভালৈ যেন টানিহে নিছিল! আৰু তাতে মই হৈছিলোঁ চূড়ান্তভাৱে অপমানিত৷
সেই অপমানৰ প্ৰতিশোধৰ বাবে উপায় চিন্তা কৰি কৰি ক্ষীণ আশাৰে এদিন উপস্থিত হৈছিলোঁগৈ হস্তিনাপুৰত৷
ঘটনাক্ৰমে হস্তিনাপুৰৰ হৰ্তাকৰ্তা বিধাতাস্বৰূপ ভীষ্মৰ সৈতে মোৰ পৰিচয় আছিল একে গুৰুৰ শিষ্য বুলি৷ গতিকেই মই ভীষ্মৰ বদান্যতাৰ ফলতে হস্তিনাপুৰৰ শতাধিক ৰাজপুত্ৰক শস্ত্ৰশিক্ষা প্ৰদান কৰাৰ দায়িত্ব লাভ কৰিলোঁ৷
মোৰ অন্নচিন্তা দূৰীভূত হোৱাৰ সমান্তৰালকৈ দ্ৰুপদৰ ওপৰত প্ৰতিশোধ ল’ব পৰা আশাও ক্ৰমে ক্ৰমে বাস্তৱায়িত হ’বলৈ ধৰিলে৷
মোৰ পৰিকল্পনা আছিল মই কুৰুবংশৰ ৰাজপুত্ৰসকলক সকলো ধৰণৰ যুদ্ধত পাৰ্গত কৰি তুলিম আৰু শিক্ষান্তত গুৰুদক্ষিণাস্বৰূপে তেওঁলোকক পাঞ্চাল আক্ৰমণ কৰি দ্ৰুপদক বন্দী কৰিবলৈ নিৰ্দেশ দিম৷
এনে পৰিকল্পনাৰ মাজত যদি কোনোবা নিষাদ যুৱকে আহি মোক গুৰুবৰণ কৰিব খোজেহি তেন্তে ৰাজপুত্ৰসকলে ভাল পাব জানো? কুৰুকুমাৰসকলৰ সৈতে নিম্নবৰ্গৰ সহপাঠী এজন একো দিশতে নিমিলিব৷ বিশেষকৈ দুয়োপক্ষৰ সাংস্কৃতিক অৱস্থান আৰু সামাজিক মৰ্যাদাবোধৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷
তাতকৈও ডাঙৰ কথা, যদি ৰাজপুত্ৰতকৈ নিষাদ যুৱকে শস্ত্ৰচালনাত অধিক পাৰদৰ্শিতা আহৰণ কৰে তেতিয়া? তেতিয়া দেখোন মোৰ পৰিকল্পনাই বিফল হ’ব! তেনে হোৱাৰ সম্ভাৱনাইতো অধিক৷ কাৰণ সুকোমল শয্যাত শয়ন কৰা আৰামপ্ৰিয় ৰাজপুত্ৰসকলৰ তুলনাত কঠিন জীৱন যাত্ৰাত অভ্যস্ত নিষাদ কুমাৰে শস্ত্ৰচালনাৰ ক্ষেত্ৰত আয়াসতে সকলো শিকিব পাৰিব৷
গতিকে মই একলব্যক পৰিত্যাগ কৰিলোঁ৷ কেৱল পৰিত্যাগেই নহয়, তেওঁক প্ৰকাৰান্তৰে মই মোৰ গোপন উদ্দেশ্য সিদ্ধিৰ হকে বলিদান দিলোঁ৷
একেদৰেই মই কৰ্ণকো মোৰ শিষ্য হ’বলৈ নিদিলোঁ৷
হয়, কৰ্ণকো মই শস্ত্ৰশিক্ষা দিয়া নাছিলোঁ৷ অৱশ্যে একলব্য সদৃশ একো আশঙ্কা কৰ্ণৰ ক্ষেত্ৰত মোৰ মনত ওপজা নাছিল৷ প্ৰথমে মই কৰ্ণক শস্ত্ৰশিক্ষা দিবলৈ মন প্ৰায় স্থিৰ কৰিছিলোঁৱেই৷ কিন্তু তেনে সময়তে মহামন্ত্ৰী বিদূৰে মোক স্মৰণ কৰাই দিছিল কুৰুকূলশিৰোমণি ভীষ্মৰ অভীপ্সাৰ কথা– মোক কেৱল কুৰুকূলৰ ৰাজকুমাৰসকলৰ শস্ত্ৰশিক্ষাৰ বাবেহে নিয়োগ কৰা হৈছে৷
মই বিবুদ্ধ হৈ পৰিছিলোঁ৷ কাৰণ শিক্ষা আহৰণ আৰু শিক্ষণেই আছিল মোৰ জীৱনৰ ব্ৰত, মোৰ দৰ্শন৷ শিক্ষক কোন, শিক্ষাৰ্থী কোন সেই প্ৰশ্ন মোৰ কাৰণে কদাপি গুৰুত্বপূৰ্ণ নাছিল৷
পৰৱৰ্তী সময়ত কৰ্ণৰ উত্তৰণ লক্ষ্য কৰি অৱশ্যে মই ভাবিছিলোঁ যে মই একো ভুল কৰা নাছিলোঁ৷ প্ৰথম সাক্ষাতত মই ধাৰণা কৰা নাছিলোঁ যদিও ক’ব নোৱৰাকৈয়ে, সুতপুত্ৰ বা নিষা¸দপুত্ৰক দুৰ্যোধনে নিজৰ অনুগত কৰি তুলিবলৈ সক্ষম হ’ল৷
কৰ্ণৰ শস্ত্ৰশিক্ষা আহৰণ কৰিব পৰা সকলো লক্ষণ আছিল৷ কৰ্ণ যদি সকলো শস্ত্ৰচালনাত পাৰঙ্গত হৈ উঠিলহেঁতেন তেন্তে পাণ্ডৱক দুৰ্বল কৰাৰ স্বাৰ্থত কৌৰৱে তেওঁক নিজৰ সেনাবাহিনীত নিযুক্ত কৰিবও পাৰে৷ দুৰ্যোধনে তেনে কৰিলে অত্যাচাৰী কৌৰৱৰ হাতৰপৰা মুক্তি পোৱা টান৷ এতিয়া অৱশ্যে কৰ্ণ কেৱল ধনুৰ্বেদতহে পাৰঙ্গত হৈ উঠিছে৷ দুৰ্যোধনেও তেওঁক কেৱল অঙ্গৰাজ্যৰ প্ৰতীকী ৰজা বুলি ঘোষণা কৰিয়েই নিজৰ অনুগত কৰি ৰাখিছে৷
পাণ্ডুপুত্ৰ অৰ্জুন আছিল একনিষ্ঠ, কষ্টসহিষ্ণু আৰু গুৰু হিচাপে মোৰ প্ৰতি সৰ্বাধিক অনুগত৷ সেয়ে অৰ্জুনৰ যোগেদিয়ে ৰজা দ্ৰুপদে মোক কৰা অপমানৰ প্ৰতিশোধ ল’ব পাৰিম বুলি এটা আশাই মোৰ মনত ক্ৰিয়া কৰি আছিল৷
সেই বুলি মই মোৰ পুত্ৰ অশ্বত্থামাক যে সকলো শস্ত্ৰবিদ্যাৰ শিক্ষা নিদিয়াকৈ আছিলোঁ সিও নহয়৷ পিতৃতকৈ শ্ৰেষ্ঠ গুৰু কোন? কোনো নাই৷
অৰ্জুনক শিকোৱা প্ৰতিটো বিদ্যাৰ শিক্ষা মই অশ্বাত্থামাকো দিছোঁ৷ কেৱল তেওঁক সাৱধান কৰি দিছোঁ যে–
‘পুত্ৰ, কদাপি বিস্মৃত নহ’বা যে তুমি ব্ৰাহ্মণ৷ তুমি যুদ্ধবিদ্যাত পাৰঙ্গত হ’লেও ঔপচাৰিকভাৱে সেই বিদ্যা আমাৰ জীৱন-চৰ্যাৰ বাহিৰত৷ গতিকে তুমি সকলো সময়তে সংযম ৰক্ষা কৰি চলিব লাগিব৷ মই আশা কৰিম, ক্ষত্ৰিয় ৰাজকুমাৰবোৰৰ শস্ত্ৰপৰীক্ষণৰ সময়ত তুমি যেন নিঃক্ৰিয় হৈ থাকাঁ৷’
লগতে মই তেওঁক কৈছোঁ, ‘অদূৰ ভৱিষ্যতে যদি কেতিয়াবা কাৰোবাৰ বিপক্ষে আমি দুয়োজনেই অস্ত্ৰ ধাৰণ কৰিবলগীয়া পৰিস্থিতি অৰ্থাৎ যুদ্ধত অংশ গ্ৰহণ কৰিবলগীয়া হয় তেন্তে তুমি কোন পক্ষ গ্ৰহণ কৰিবা সেয়া তোমাৰ বিৱেচনাধীন হ’ব৷ মই তোমাৰ সিদ্ধান্তত প্ৰভাৱান্বিত কৰিবলৈ যত্ন নকৰোঁ৷ কাৰণ সুদীৰ্ঘকালৰ অনুশীলন আৰু অধ্যয়নৰ অভিজ্ঞতাই তোমাক ক্ৰমে ক্ৰমে পুষ্ট কৰি তুলিব বুলি মই বিশ্বাস কৰোঁ৷’
পিতৃপৰিচয়ৰ সূত্ৰে মই ব্ৰাহ্মণ৷ অথচ বেদ-বেদাঙ্গাদি শাস্ত্ৰৰ অধ্যয়নৰ পৰিৱৰ্তে মই সমগ্ৰ জীৱন ব্যতীত কৰিলোঁ শস্ত্ৰচৰ্চাত৷ কেৱল সেয়েতো নহয়! মই জীৱনৰ অন্তিম সময়ত স্বয়ং ক্ষত্ৰিয়ৰ দৰে ৰণপিপাসু হৈ উঠিলোঁ কিয়? মোৰ ব্ৰাহ্মণত্ব ক’ত? আৰু মোৰ পুত্ৰ অশ্বত্থামা? তেওঁকো মই দেখোন ক্ষত্ৰিয়ৰ জীৱন যাপনৰ প্ৰতিহে প্ৰেষিত কৰিলোঁ!
কিয়?
এই ৰণাঙ্গণত বিগত সময়খিনিৰ অভিজ্ঞতাৰে মই উপলব্ধি কৰিব পাৰিছোঁ যে পাণ্ডৱে ন্যায়-অন্যায়ৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাকৈ কেৱল যুদ্ধখনত জয়লাভ কৰিবলৈ যত্ন কৰিছে৷ স্বয়ং কৌৰৱ সেনাপতি বীৰপ্ৰৱৰ ভীষ্মক তেওঁলোকে যি ঘৃণনীয় পদ্ধতিৰে পৰাস্ত কৰিলে তাৰদ্বাৰা অৰ্জুনৰ শস্ত্ৰগুৰুস্বৰূপে মই স্বয়ং লজ্জানত হৈছোঁ৷
যুদ্ধৰ আৰম্ভণিৰ মুহূৰ্তৰ বিজয়োন্মুখ আগ্ৰাসী যুধিষ্ঠিৰলৈ মনত পৰিছে মোৰ৷ তেওঁ প্ৰথমে সেনাপতি ভীষ্মৰ আশিস প্ৰাৰ্থনা কৰি কিছু বাৰ্তালাপ কৰিছিল৷ তাৰ পাছতে মোৰ ৰথৰ সমীপলৈ আহি তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰিছিলহি–
‘প্ৰণাম, গুৰুদেৱ৷’
‘কল্যাণমস্তু পুত্ৰ৷’ – যুদ্ধত বিজয়ী হোৱাৰ আশিস মই প্ৰদান কৰা নাছিলোঁ যদিও তেওঁৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ স্নেহভাবত মোৰ মনত জোৱাৰ উঠিছিল৷ ইমান বিনয়, গুৰু তথা জ্যেষ্ঠজনৰ প্ৰতি ইমান শ্ৰদ্ধাবোধ দুধিষ্ঠিৰৰ!
কিন্তু মোৰ মনৰ সেই ভাবনা মুহূৰ্তৰ ভিতৰতে ঘূৰ্ণিবতাহে গছৰ পাত উৰুৱাই নিয়াৰ দৰে নোহোৱা কৰি পেলাইছিল৷ কাৰণ, যুধিষ্ঠিৰে মোক প্ৰশ্ন কৰিছিল–
‘গুৰুদেৱ, কি উপায়েৰে আমি আপোনাক বধ কৰিব পাৰিম?’
মই চকিত হৈ উঠিছিলোঁ৷ এইটো প্ৰশ্নৰ সম্মুখীন হ’ম বুলি সম্ভৱতঃ কোনো মানুহেই নাভাবে৷ কিন্তু প্ৰশ্নটো মোক উদ্দেশ্যিয়ে প্ৰক্ষেপ কৰা হৈছিল৷ কৰিছিল ধৰ্মৰ প্ৰতিমূৰ্তি বুলি চিহ্নিত আৰু স্বীকৃত তথা বিনয়, শ্ৰদ্ধাবোধ, সত্যবাদিতা, সততা, নৈতিকতা, অহিংসা, প্ৰেম আদি জগতৰ সকলো সজগুণত প্ৰতিভূ বুলি বন্দিত মোৰে শিষ্য জ্যেষ্ঠপাণ্ডৱ যুধিষ্ঠিৰে!
মুহূৰ্ততে মোৰ মনত ভাব হৈছিল, মই যেন যুধিষ্ঠিৰক শিৰশ্চেদ কৰোঁ! কিন্তু বয়োজ্যেষ্ঠৰূপে, তদুপৰি গুৰুৰূপে মই পৰম স্থৈৰ্যৰ অভিনয় কৰি তেওঁক সমাহিতভাৱে সমিধান দিলোঁ–
‘ৱৎস যুধিষ্ঠিৰ৷ মোৰ গুৰুদেৱ আৰু তেখেতৰ গুৰুদেৱ ব্যতিৰেকে অদ্যপৰিমিত মোক পৰাস্ত কৰিব পৰা বীৰ জন্ম হোৱা নাই৷ তথাপি, তুমি যিহেতু মোক বধ কৰিবলৈ উন্মুখ, তেন্তে কওঁ শুনা৷ যদি মোৰ অত্যধিক স্নেহভাজন আৰু বিশ্বাসভাজন কোনো ব্যক্তিয়ে মোৰ সম্মুখত মিথ্যাচাৰৰ পৰিচয় দিয়ে তেন্তে তেনে অৱস্থাত মই খুব বিচলিত বোধ কৰোঁ৷ সম্ভৱতঃ তেনে মুহূৰ্ততহে কোনোবাই ইচ্ছা কৰিলে মোক বধ কৰিব পাৰিব৷’
মই যে তেওঁৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হ’লোঁ সেই কথা মোৰ উত্তৰৰ জৰিয়তে প্ৰকাশ কৰিলোঁ৷ তেওঁ কি বুজিলে মই বুজি নাপালোঁ৷
কাৰণ তেওঁৰ ৰথখন আঁতৰি গ’ল৷
... আঃ কি নিষ্ঠুৰভাৱে ভীমে ধৃতৰাষ্ট্ৰৰ পুত্ৰবোৰ বধ কৰি গৈছে বিগত বাৰটা দিনত! কালি কৃষ্ণৰ প্ৰৰোচনাত ভগদত্ত বৈষ্ণৱাস্ত্ৰহীন হোৱাৰ পাছতো তেওঁক বধ কৰিবলৈ অৰ্জুনে কত উপায়ৰে সন্ধান কৰিবলগীয়া নহৈছিল! কালিৰ যুদ্ধত নীতিনিষ্ঠ যুধিষ্ঠিৰে মোৰ আহ্বান গ্ৰহণ নকৰি পলায়ণ কৰিছিল৷ ভীমাৰ্জুনৰ যুদ্ধনৈপুণ্য অবিহনে পাণ্ডৱৰ সামৰিক শক্তি দেখোন প্ৰায় শূন্য৷
তেওঁলোকে কৌৰৱ পক্ষৰ প্ৰতি যি নিষ্ঠুৰতাৰ পৰিচয় দিছে তাৰ বিপৰীতে তেওঁলোকৰ প্ৰতি মমতাই মোক নৃশংস হোৱাত বাৰম্বাৰ বাধাগ্ৰস্ত কৰিছে৷ তথাপি আজি মই মনস্থিৰ কৰিছোঁ এই ভয়াৱহ যুদ্ধখন সমাপ্ত কৰাৰ সৰ্বাধিক কাৰ্যকৰী উপায়টো অৱলম্বন কৰিবলৈ৷ যুধিষ্ঠিৰক বধ নকৰিলেও অন্ততঃ বন্দী কৰিব পাৰিলেও এই ক্ষয়ঙ্কৰ যুদ্ধখন সমাপ্ত হ’ব বুলি মোৰ ষষ্ঠ ইন্দ্ৰিয়ই বাৰে বাৰে কৈছে৷ ধাৰ্তৰাষ্ট্ৰসকল যুদ্ধৰ বাবে ইমান বেছি আগ্ৰহী নহয় বুলি মই জানো৷ সেয়ে আজি মই চক্ৰব্যুহ ৰচনাৰ পৰিকল্পনা কৰিছোঁ৷
আজি যুদ্ধৰ এই ত্ৰয়োদশ দিৱসৰ আৰম্ভণিতে মই সংসপ্তক সেনাদলক নিৰ্দেশ দিলোঁ কৃষ্ণাজুৰ্নক যুদ্ধৰ আহ্বান জনাই আঁতৰলৈ নিবলৈ যাতে মই ৰচনা কৰা চক্ৰব্যুহত প্ৰৱেশ কৰিবলৈ যুধিষ্ঠিৰ স্বয়ং আহিবলৈ বাধ্য হয়৷
পিছে ব্যুহৰচনাৰ পূৰ্বেই অৰ্জুনপুত্ৰ অভিমন্যুৱে নিৰ্দয়ভাৱে বধ কৰিলে দুৰ্যোধন তনয় লক্ষ্মণকুমাৰক৷ হস্তিনাপুৰৰ ৰাজপ্ৰাসাদত একেলগে খেলি-ধূলি ডাঙৰ হোৱা লক্ষ্ণণৰ প্ৰতি অভিমন্যুৰ মনত বাৰু সামান্যতমো অনুকম্পা জাগি উঠা নাছিলনে? অভিমন্যু শস্ত্ৰবিদ্যাৰ প্ৰতি যিদৰে আগ্ৰহী আছিল সেইদৰেই লক্ষ্ণণ আছিল সুকুমাৰ কলাৰ অনুৰাগী৷ কেৱল লোকলজ্জাৰ ভয়তহে যুদ্ধক্ষেত্ৰলৈ অহা লক্ষ্ণণে শস্ত্ৰধাৰণ কৰিবই নাজানিছিল৷
দুৰ্যোধনে পুত্ৰশোকত জৰ্জৰিত হৈও যথেষ্ট সংযমৰ পৰিচয় দিছে৷ কিন্তু তেওঁৰ মুখলৈ প্ৰত্যক্ষভাৱে দৃষ্টিপাত কৰিবলৈ মই সাহস গোটাব পৰা নাই৷ মোৰ চক্ৰব্যুহ পৰিকল্পনা কাৰ্যত ৰূপায়িত কৰাৰ পূৰ্বেই এই দুৰ্ঘটনা৷
মই ঘোষণা কৰিলোঁ৷ যথা সময়ত ব্যুহৰচনা সম্পন্ন হ’ল৷
যুধিষ্ঠিৰৰ সম্মুখত ঘোষকে ঘোষণা কৰিলেগৈ–
‘হে কুন্তীসুত৷ কৌৰৱ সেনাপতি দ্ৰোণাচাৰ্য্যই চক্ৰব্যুহত প্ৰৱেশ কৰি ৰণনৈপুণ্যৰ প্ৰমাণ দিবলৈ আপোনাক আহ্বান জনাইছে৷’
কিন্তু ই কি?
ভয়াতুৰ যুধিষ্ঠিৰে প্ৰতিদিনাই প্ৰত্যক্ষ যুদ্ধৰপৰা আঁতৰি থকাৰ দৰে এই মুহূৰ্ততো চক্ৰব্যুহত প্ৰৱেশ কৰিবলৈ আগ বঢ়াই দিছে অৰ্জুনপুত্ৰ অভিমন্যুক!
উঃ!
মোৰ পৰিকল্পনাই যুদ্ধ সমাপ্ত কৰাৰ পৰিৱৰ্তে সম্প্ৰতি জ্বলন্ত অগ্নিত ঘৃতাহুতি দিয়াৰহে উপক্ৰম কৰিছে৷ পুত্ৰশোকত দগ্ধ দুৰ্যোধনে পুত্ৰহন্তাক কদাপি জীৱন্তে এৰি নিদিব৷ আৰু ফলস্বৰূপে অৰ্জুনে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিব!
মানুহ যে কিমান অসহায়!
কোনো পৰিকল্পনাকে যে মানুহে সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিব নোৱাৰে!
---
১৮ মাদ্ৰী৷
জ্যোতিঃপুৰৰ মহাৰাজ ভগৱানৰ কন্যা মাদ্ৰী যাৰ মাতৃ আছিল এগৰাকী অপ্সৰা৷ হস্তিনাপুৰৰ ৰাজসিংহাসন জ্যেষ্ঠভ্ৰাতা ধৃতৰাষ্ট্ৰক অৰ্পণ কৰি পাণ্ডুৱে মদ্ৰৰাজ্যৰ উপকণ্ঠত অৱস্থিত শতশৃঙ্গ পৰ্বতৰ পাদদেশৰ গভীৰ অৰণ্যত কালাতিপাত কৰিছিল৷ সেই বন বিহাৰৰত অৱস্থাত কুন্তী মহাৰাজ পাণ্ডুৰ পত্নী আছিল যদিও তেওঁ পাণ্ডুৰ প্ৰতি উদাসীনা আছিল৷ পাণ্ডু আছিল কেৱল ব্ৰাহ্মণ আৰু ঋষি-মুনিসকলৰ সৈতে শাস্ত্ৰালোচনাত নিমগ্ন৷ হস্তিনাপুৰৰপৰা মাজে-সময়ে আহি বিদূৰেও তেওঁলোকৰ সৈতে ধৰ্মালোচনাত অংশ গ্ৰহণ কৰিছিলহি৷ কুন্তীও আছিল শাস্ত্ৰজ্ঞা নাৰী৷ এতেকে তেৱোঁ শাস্ত্ৰ-চৰ্চাত পাণ্ডুৰ সৈতে আছিল যদিও তেওঁলোক দুয়োৰে মাজত নাছিল কোনো আত্মিক আকৰ্ষণ৷ এতেকে দ্বন্দ্বাত্মক নাছিল যদিও দুয়োৰে সম্পৰ্ক নিবিড়ো নাছিল৷
সেই শতশৃঙ্গ পৰ্বত-ৱেষ্টিত অৰণ্যতে এদিন পাণ্ডুৰ সম্মুখত উপস্থিত হৈছিলহি জ্যোতিঃপুৰৰাজ ভগৱান৷ তেওঁ লগত লৈ আহিছিল তেওঁৰ হিৰণ্যবৰ্ণা ৰূপৱতী কন্যা মাদ্ৰী৷ সেইদিনা সেই অৰণ্যবেষ্টিত প্ৰশান্ত পৰিৱেশতে সমৱেত ব্ৰাহ্মণবৰ্গৰ উপস্থিতিত মহাৰাজ ভগৱানে পাণ্ডুক নিজৰ একমাত্ৰ কন্যাৰ পাণিগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল...
আৰু মই পিতৃ মহাৰাজ ভগৱানৰ সৈতে অহা মাদ্ৰীয়ে লক্ষ্য কৰিছিলোঁ, ব্ৰাহ্মণমণ্ডলীয়েও সাধু সাধু বোলাত পাণ্ডু উপায়ান্তৰ হৈছিল৷
প্ৰকৃতি অনুসৰি সেই মুহূৰ্তত কুন্তী হৈ উঠিব লাগিছিল অস্থিৰ৷ তেওঁ এক অসহ্যকৰ পৰিস্থিতিত পৰিব বুলি আশঙ্কা কৰিছিলোঁ মই, মোৰ অভ্যন্তৰলৈকে কঁপি উঠিছিল৷ কিন্তু আঁৰ চকুৰে ভয়ে ভয়ে লক্ষ্য কৰি মই আচৰিত হৈছিলোঁ, সেই মুহূৰ্তত কুন্তীৰ মুখমণ্ডল দেখোন উজ্জ্বল হৈহে উঠিছিল৷
হস্তিনাপুৰৰপৰা শতশৃঙ্গৰ দূৰত্ব অশ্বাৰোহীৰ কাৰণে প্ৰায় দুটা দিনৰ পথ৷ সেই দুদিনৰ পথ পৰিক্ৰমা কৰি প্ৰায়েই মোৰ কাষত উপস্থিত হৈছিলহি হস্তিনাপুৰৰ মহামন্ত্ৰী মহামতি বৈমাত্ৰক বিদূৰ৷
এই সুপুৰুষেই¸ মোৰ জীৱনৰ এটা বিশেষ অংশ পৰিপূৰ্ণ কৰি তুলিলে৷
---
১৯ কৃষ্ণ৷
নিপীড়িতৰ শ্ৰেণী-প্ৰতিনিধি মই৷ জম্বুদ্বীপৰ ৰাজনীতিত সেৱকৰ সম্প্ৰদায়বোৰেই সৰ্বাধিক শোষিত, নিৰ্যাতিত৷ সেৱকৰ সম্প্ৰদায়বোৰক শত শত বৰ্ষৰ পৰিক্ৰমাত শিক্ষা আৰু জ্ঞানৰ আলোকৰপৰা বঞ্চিত কৰি ৰখা হৈছে৷ কেৱল বুদ্ধিজীৱি ব্ৰাহ্মণ, ক্ষমতাশালী ক্ষত্ৰিয় আৰু বিত্তৱান বৈশ্যসকলেই জগতৰ সকলো সুখ-সম্ভোগ ভোগ কৰাৰ অধিকাৰ কুক্ষিগত কৰি ৰখা মই আশৈশৱ প্ৰত্যক্ষ কৰিছোঁ৷
সেয়ে, প্ৰকৃতিপ্ৰদত্ত জ্ঞান আহৰণ কৰিব পৰা বিন্দুটোৰপৰাই মই বৰ্তমানতে বাস কৰি আহিছোঁ৷ বৰ্তমানৰ প্ৰতিটো মুহূৰ্তই মোৰ বাবে সৰ্বশেষ সত্য৷ হয় অতীতত মই আছিলোঁ গোপালক কৃষ্ণ, গোপপতি নন্দৰ পুত্ৰ৷ কিন্তু সম্প্ৰতি মই গোপালক কৃষ্ণ নহওঁ৷ সম্প্ৰতি মই জগতৰ সৰ্বশ্ৰেষ্ঠ মানৱ শ্ৰীকৃষ্ণ৷ মই নৰৰূপী নাৰায়ণ!
মোৰ পিতৃ নন্দ ক্ষুদ্ৰ হ’লেও সাংস্কৃতিকভাৱে এক মানৱ গোষ্ঠীৰে অধিকৰ্তা আছিল! এটা অতিকৈ ক্ষুদ্ৰ গোষ্ঠী হ’লেও গোপালক ব্ৰজবাসীগণৰ গোষ্ঠীপ্ৰধানৰ সন্তানস্বৰূপে মোৰ শৰীৰতো যে ৰাজৰক্তৰ প্ৰৱাহ অব্যাহত আছিল সেয়া উপলব্ধি কৰাৰ দিনাৰেপৰাই মোৰ অভ্যন্তৰত এখন যুদ্ধ আৰম্ভ হৈছিল৷ চিৰবঞ্চনাৰ পীড়া আৰু তাৰপৰা মুক্ত হোৱাৰ কৌশল– এই চিন্তাৰ মাজেদিয়ে মই নিজকে তিলতিলকৈ গঢ়ি তুলিছিলোঁ৷
মথুৰাত ৰাজগৃহত দুগ্ধ, দধি আৰু অন্যান্য দুগ্ধজাত সম্পদ যোগাবলৈ নিয়মীয়াকৈ গোকূলৰপৰা যোৱা লোকসকলে আমি শিশুবোৰক নগৰৰ প্ৰাচুৰ্যৰ কথা কৈছিল৷ সুন্দৰ ঘৰ-দুৱাৰ, সুন্দৰ সাজ-পাৰ, বাট-পথ, পৰিকল্পিত উদ্যান, বিবিধ খাদ্যসামগ্ৰী আদিৰ উপৰি ৰথ, হস্তী আদিৰে সুশোভিত মথুৰা নগৰীৰ তুলনাত ধূলি আৰু গোবৰেৰে ওপচা বাট-পথ, ভগা-ছিগা ঘৰ, সাধাৰণ পিন্ধা-উৰাৰ সামগ্ৰীৰে গোকূল যেন নৰকহে আছিল! তেতিয়াৰেপৰা মোৰ মনত মাত্ৰ এটা প্ৰশ্নই ক্ৰিয়া কৰিছিল– বৈষয়িক সমৃদ্ধিৰ অধিকাৰী কেনেকৈ হ’ব পাৰি?
সেয়ে মই শৈশৱ কালৰেপৰাই নিজকে ক্ষত্ৰিয় বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷ ক্ষত্ৰিয়ত্ব আয়ত্ত কৰিবলৈ মই নিজে নিজৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিলোঁ আৰু প্ৰস্তুতি আৰম্ভ কৰি দিছিলোঁ সংগোপনে৷
গোকুলৰ গৰিষ্ঠ সংখ্যক মানুহৰ মানসিক অনগ্ৰসৰতা আৰু মুষ্টিমেয় সংখ্যকৰ বুদ্ধিনিৰ্ভৰ সুবিধাবাদ প্ৰত্যক্ষ কৰি কৰি মই শৈশৱৰেপৰাই উপলব্ধি কৰিছিলোঁ যে নিজে বুদ্ধিমান নহ’লে সংসাৰত কোনেও মোক মূল্য নিদিব৷ অৰ্থৎ নিজৰ মূল্য আহৰণ কৰিবলৈ মই নিজেই যত্ন কৰিব লাগিব বুলি শৈশৱতে মোৰ বোধ হৈছিল৷
তেতিয়াৰেপৰাই আহৰণ কৰিবলৈ যত্ন কৰিছিলোঁ কিছু বুদ্ধিমত্তাৰ ক্ৰীড়া৷ মানুহৰ মনঃসংযোগ কোনো এটা দিশলৈ আকৰ্ষিত কৰি আন দিশে চমৎকাৰী ঐন্দ্ৰজালিক বাস্তৱতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলোঁ মই৷ একে সময়তে মই অৰ্জন কৰিবলৈ যত্ন কৰিছিলোঁ প্ৰচণ্ড শক্তিশালী প্ৰতিদ্বন্দ্বীৰ মনস্তাত্ত্বিক দুৰ্বলতা চিনাক্তকৰণৰ ক্ষমতা৷ গহীন বনত গোপালনৰ মাজৰ নিভৃত মুহূৰ্ত কিছুমানত মই নিজৰ মানসিক শক্তিৰ পৰীক্ষা কৰিছিলোঁ৷ তেনে পৰীক্ষণৰ ক্ষেত্ৰতো মই মাজে সময়ে ঐন্দ্ৰজালিক কৌশল ব্যৱহাৰ কৰিছিলোঁ৷ গহীন বনৰ মাজৰ একোটা জন্তুক হত্যা কৰি তেনে জন্তুক দৈত্য বা অসুৰৰূপে কল্পনা কৰিব পৰাকৈ নানান অলৌকিক ঘটনাৰ বিৱৰণ দাঙি ধৰিছিলোঁ সঙ্গী-সতীৰ্থসকলৰ সম্মুখত৷
মানুহক প্ৰভাৱান্বিত কৰাৰ ক্ষেত্ৰত সঙ্গীসৱৰ তুলনাত মোৰ এটা সুবিধা আছিল৷ কাৰণ মই আছিলোঁ সিহঁতৰ পিতৃ-পিতামহেও স্বীকাৰ কৰা গোপনেতা নন্দৰায়ৰ পুত্ৰ৷ বলৰাম মোৰ জ্যেষ্ঠ আছিল যদিও তেওঁ সময়ৰ সোঁতত নিজকে এৰি দিছিল; কোনো উচ্চাকাংক্ষা তেওঁৰ নাছিল৷
কিন্তু তেওঁৰ তিনিটা ডাঙৰ গুণ আছিল৷ প্ৰথমে, তেওঁ মোক অশেষ ভাল পাইছিল৷ দ্বিতীয়তে মই কোৱা সকলো কথা তেওঁ অন্তৰেৰে বিশ্বাস কৰি লৈছিল৷ আৰু একেবাৰে শেষত, তেওঁ মোৰ এটা গুণকে এশটা কৰি মানুহৰ আগত প্ৰকাশ কৰিছিল৷
মোৰ মনোযোগ আছিল ভৱিষ্যতে কিবা নহয় কিবা এটা কৰি নিজকে সুপ্ৰতিষ্ঠিত কৰাৰ দিশত পদক্ষেপ দিবলৈ৷ কিন্তু মই মথুৰাৰ মহাপ্ৰতাপী ৰজা কংসৰ ৰাজ্যৰ এজন সামান্য গোপাল নেতাৰ সন্তান৷ ৰজা কংসৰ নামত ব্ৰজবাসীৰ শ্ৰদ্ধা-ভক্তি প্ৰত্যক্ষ কৰি মই বিস্মিত হৈছিলোঁ আৰু শৈশৱৰেপৰা কংসক প্ৰতিদ্বন্দ্বীৰূপে গণ্য কৰিছিলোঁ৷ কাৰণ ব্ৰজবাসীয়ে অশেষ শ্ৰমেৰে গোধন প্ৰতিপালন কৰি সেই গোধনৰপৰা উদ্ভূত দুগ্ধ-দধি আদি সমস্তখিনি নিজৰ শিশুহঁতৰ পৰিৱৰ্তে সমৰ্পণ কৰিছিল ৰজা কংসৰ বিষয়া-কৰ্মচাৰীৰ হাতত৷ ব্ৰজবাসীসকল অসহায় যিমান আছিল তাতকৈ অধিক আছিল নিৰ্বোধ৷ মই কিন্তু নিৰ্বোধ হৈ থাকিব নোখোজোঁ আৰু কাৰোবাৰদ্বাৰা শোষিত হৈও জীৱন কটাব নোৱাৰোঁ বুলি শিশুকালতেই স্থিৰ কৰি লৈছিলোঁ৷
গতিকে মই কৌশলেৰে আহৰণ কৰিবলৈ যত্ন কৰিলোঁ শাৰীৰিক সক্ষমতাৰ লগতে শক্তিশালী শত্ৰুৰ সৈতে যুঁজাৰ বাবে মানসিক শক্তি৷ গহীন বনৰ মাজত বৃহৎ বৃক্ষ, বৃহৎ শিলাখণ্ড, বল্মীক আদিৰ সৈতে যুদ্ধৰ অনুশীলন কৰি মই আহৰণ কৰিবলৈ যত্ন কৰিলোঁ শাৰীৰিক শক্তি৷ সমান্তৰালভাৱে, গোপনে বৃহৎ বন্যজন্তুক অতৰ্কিতে আক্ৰমণ কৰি হত্যা কৰিবলৈও মই যত্ন কৰিলোঁ আৰু সফলতাও অৰ্জন কৰিলোঁ৷
মই লাভ কৰা সফলতা ক্ৰমে ক্ৰমে বৃদ্ধি হ’বলৈ ধৰিলে৷
সমান্তৰালভাৱে বৃদ্ধি হ’ল মোৰ আত্মবিশ্বাসো৷
মোৰ জ্যেষ্ঠ বলৰামে নিজা উদ্ভাৱনীৰে হলায়ুধ সদৃশ এক শস্ত্ৰ নিৰ্মাণ কৰি সেই শস্ত্ৰচালনাৰ কৌশল কিছুমানো ৰচনা কৰিছিল৷ সেই শস্ত্ৰ আছিল অতিকে মাৰাত্মক৷ সমান্তৰালভাৱে তেওঁ কাষ্ঠনিৰ্মিত মুদ্গৰৰ অনুশীলনো কৰিছিল৷ সেই অনুশীলনে পৰৱৰ্তী সময়ত জ্যেষ্ঠক কুশলী গদাবীৰৰূপে প্ৰতিষ্ঠা কৰিছিল৷
অৱশ্যে গোকূলত আমি লোকচক্ষুৰ আগত কদাপি শস্ত্ৰানুশীলন কৰা নাছিলোঁ৷ আমাৰ অনুশীলন চলিছিল অৰণ্যৰ মাজৰ গোপন স্থানত৷
সৰল গোকূলবাসীবোৰে সম্মুখীন হোৱা কেইবাটাও অসুবিধাক মোৰ চিন্তাৰেই অতিক্ৰম কৰিব পাৰি মই তেওঁলোকৰ কাৰণে হৈ উঠিছিলোঁ ঈশ্বৰপ্ৰমাণ৷ মই সংহাৰ কৰা বহু শত্ৰুৱে অৱশ্যে মোৰ শত্ৰুতা আচৰণ কৰা নাছিল৷ কিন্তু মই মোৰ নিজৰ মাজত এক কঠোৰ হত্যাকাৰী সত্তা নিৰ্মাণ কৰিবলৈ যত্ন কৰিছিলোঁ৷
মোৰ উদ্দেশ্য আছিল সৎ আৰু প্ৰত্যক্ষ– বহু শক্তিয়ে বহু যুগ ধৰি গোপালকসকলক কাৰ্যতঃ হত্যা কৰি আহিছে, শ্ৰমৰ বিনিয়মত প্ৰাপ্য বিনিময়মূল্য কিম্বা সম্মান আদায় দিয়া নাই, অতিৰিক্তভাৱে আৰু শ্ৰম আদায়হে কৰিছে! তেনে শক্তিবোৰৰ বিনাশৰ বাবে চেষ্টা কৰাটো কিয় অনৈতিক হ’ব?
প্ৰকৃতিয়ে মোক এটা সুন্দৰ-সুচাৰু দেহাৱয়ৱ প্ৰদান কৰিছিল৷ অৱশ্যে এইটো বিষয়ক লৈ প্ৰথমে মই সজাগ নাছিলোঁ৷ কিন্তু এদিন আপোন মাতুলৰ পত্নী ৰাধাই যেতিয়া যমুনাতীৰস্থ অৰণ্যৰ অভ্যন্তৰত একান্তভাৱে থকা অৱস্থাত মোৰ সম্মুখলৈ আহি মোক জনাইছিলহি যে মই এজন পুৰুষ আৰু তেওঁ এগৰাকী বঞ্চিতা নাৰী, কাৰ্যতঃ একো নুবুজাকৈয়ে মই তেওঁৰ নাৰীত্বক মোৰ পুৰুষত্বৰে সমৃদ্ধ কৰিবলগীয়া হৈছিল৷
বয়সত ৰাধা মোতকৈ জ্যেষ্ঠা আছিল৷ কিন্তু তেওঁ মোৰ বয়স বিচৰা নাছিল৷ তেওঁ কামনা কৰিছিল মোৰ পুৰুষত্ব৷ প্ৰথমে মই পুৰুষত্ব মানে কি নাজানিছিলোঁ যদিও তেওঁ বিভিন্ন কৌশল আৰু শৰীৰী ভঙ্গীৰে মোৰ মাজতে সৃষ্টি কৰি আদায় কৰিছিল সেইখিনি৷
পুৰুষত্ব৷
মই আশ্চৰ্যবোধ কৰিছিলোঁ মোৰ অভ্যন্তৰত নিহিত সেই আতুলনীয় পাৰ্থিৱ শক্তিৰ বিস্ফোৰণত৷ ৰাধা তৃপ্ত হৈছিল৷
ৰাধাৰ পৰিতৃপ্তিয়ে সংগোপনে ঘটনাবোৰ আগ বঢ়াই নিছিল৷
আৰু মই... সম্ভৱতঃ মোৰ মাতৃদেৱীতকৈও বয়স্কা বিভিন্ন নাৰীৰ সৈতে পুৰুষত্বৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ৷
প্ৰকৃততে মই তেনে হ’বলগীয়াত পৰিছিলোঁ৷
ব্ৰজধামৰ গৰিষ্ঠ সংখ্যক নাৰীৰ বাবে অৱলীলাক্ৰমে মই হৈ উঠিছিলোঁ এক প্ৰচণ্ড যৌন ক্ৰীড়ণক৷ প্ৰায় প্ৰতিটো ৰজনী মই সংগোপনে গৃহাভ্যন্তৰিত হৈ বনমধ্যত কোনোবা নহয় কোনোবা কামিনীৰ অবাধ শৰীৰী বাসনাক পৰিতুষ্ট কৰিবলগাত পৰিছিলোঁ৷
কিন্তু সেয়া আছিল নিতান্তই শৰীৰী প্ৰয়োজন পূৰণৰ অনুশীলন৷ মই মোৰ মনত প্ৰৱেশ কৰিবলৈ কোনো নাৰীকে সুযোগ প্ৰদান কৰা নাছিলোঁ৷ কাৰণ মই বিশ্বাস কৰিছিলোঁ যে শৰীৰী অৱয়বৰ দিশৰপৰা মই যিমানেই কোমল নহওঁ কিয় প্ৰকৃততে মই কঠোৰতকৈও কঠোৰ হ’বই লাগিব৷ আৰু কঠোৰতা ৰক্ষাৰ বাবে কাৰোবাৰ সৈতে মানসিক সম্বন্ধ প্ৰতিষ্ঠা কৰি মই দুৰ্বল হ’লে নহ’ব৷ মই আনকি প্ৰয়োজন হ’লে পিতৃ-মাতৃকো ত্যাগ কৰিবলৈকো নিজকে সংগোপনে প্ৰস্তুত কৰি তুলিছিলোঁ৷ হাঁহি হাঁহি কাৰোবাক হত্যা পৰ্যন্ত কৰিব পৰাকৈ পাষাণ হৃদয় এখন গঢ় দিছিলোঁ মই৷
আৰু অৱশেষত মোৰ আশৈশৱ নিৰন্তৰ প্ৰয়াসে এদিন ইতিবাচক ফলপ্ৰাপ্তিৰ ইঙ্গিত দিছিল৷
মথুৰাৰ ৰজা কংসই ধনুৰ্যজ্ঞ পাতি আমাক দৰ্শকৰূপে নিমন্ত্ৰণ জনাইছিল৷ গোকুলৰ বন্য প্ৰাকৃতিকতাৰ বুকুৰপৰা মথুৰাৰ নাগৰিক জীৱনৰ মাজলৈ আহি মই যেন মোৰ চকুকে বিশ্বাস কৰিবলৈ অমান্তি হৈছিলোঁ৷ মই কদাপি কল্পনাও কৰিব নোৱৰা মানুহৰ বিলাসী জীৱনযাত্ৰা দেখি মোৰ মাজত গঢ় লৈ উঠা আশৈশৱ ক্ৰোধ আকস্মিকভাৱেই পৰিণত হৈছিল প্ৰতিশোধপৰায়ণতাত৷ মোৰ আশৈশৱ বাসনা যেন সেই মুহূৰ্ততে বিস্ফোৰণ ঘটিব খুজিছিল৷ নগৰৰ প্ৰৱেশ দ্বাৰত আমাক সম্ভাষণ জনাবলৈ ৰখা বিৰাটকায় হাতী এটাকে হত্যা কৰি মই মোৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিলোঁ৷ আকস্মিকভাৱে হাতীটোৰ শূঁৰেৰে জাঁপ মাৰি উঠি তাৰ কূমত এনে দুৰন্ত প্ৰহাৰ কৰিলোঁ যে সি বুজিবলৈকে সক্ষম নহ’ল যে আসন্ন ধ্বংসযজ্ঞৰ সি এটা মাত্ৰ প্ৰতীকী নিদৰ্শনহে৷
মোৰ ইঙ্গিত লাভ কৰি জ্যেষ্ঠ বলৰামে তাৰ সোঁফালৰ দাঁতটো ধৰিছিল৷ মই ধৰিছিলোঁ বাওঁফালৰটো৷ দুয়ো শৰীৰৰ সমস্ত শক্তিৰে টানি দুয়োটা দাঁত উভালি পেলাইছিলোঁ সেই নিৰপৰাধ হাতীটোৰ৷
আকস্মিকভাৱে সৃষ্টি হোৱা এখন ৰক্তৰ সমুদ্ৰত ছটফটাই হাতীটো মৰিছিল৷ হাতীটোক আক্ৰমণ কৰোঁতে বাধা প্ৰদান কৰা বাবে হস্তীচালকজনে আগতেই জীৱন ত্যাগ কৰিছিল৷
নাগৰিকসকলে প্ৰথমে ঘটনাটো বুজিয়েই পোৱা নাছিল৷ সকলোৱে ঘটনাস্থলীৰ ফালে উৎসুকতাৰে লক্ষ্য কৰিছিল৷
হাতীটোৰ দাঁতদুটা জ্যেষ্ঠ আৰু মই কান্ধত গদাৰ দৰে তুলি লৈ উৎসুক নাগৰিকসকলক জনাইছিলোঁ যে হাতীটোৱে আমাক আক্ৰমণ কৰিব খুজিছিল৷ কোনো অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈ দুজন নৱযুৱকে মথুৰাৰাজৰ এটা বিশালকায় হাতীক হত্যা কৰিবলৈ সক্ষম হোৱা দেখি তেওঁলোক আচৰিত হৈছিল আৰু সম্ভৱতঃ তেওঁলোকৰ ওপৰত মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষমো হৈছিলোঁ৷
সেয়ে পৰৱৰ্তী ঘটনাপ্ৰৱাহ বৰ বেছি দীঘলীয়া নহ’ল৷
ধনুৰ্যজ্ঞস্থলীত মহাৰাজ কংসই নগৰদ্বাৰত নিয়োজিত কুবলয়পীড় নামৰ সেই প্ৰকাণ্ড হস্তীৰ হত্যাৰ প্ৰসঙ্গ উলিয়াইছিল৷ নাগৰিকসকলৰ কোৱা কথাকে মই ৰজা কংসকো ক’লোঁ৷
লগতে অৱশ্যে আমাক নগৰলৈ নিমন্ত্ৰণ কৰি আনি আমাক অতৰ্কিতে আক্ৰমণ কৰি হত্যা কৰিবলৈ হাতীটো নিয়োগ কৰি তেওঁ অধৰ্ম আচৰণ কৰিছে বুলিও দাবী কৰিলোঁ৷
মহাৰাজ কংসৰ মনঃচক্ষুৰ গভীৰতা লক্ষ্য কৰি মই আশ্চৰ্যবোধ কৰিছিলোঁ কাৰণ তেওঁ সেই মুহূৰ্তত মোৰ মাজত কাৰোবাৰ সৈতে যুদ্ধ কৰিবলৈ উদ্বাউল হোৱা মনটো পঢ়ি পেলাইছিল৷ তেওঁ মোক সুধিছিল–
‘ধনুৰ্যজ্ঞত উপস্থিত হৈছা যেতিয়া তোমালোকে যজ্ঞ উপভোগ কৰাঁ৷ যদি কিবা পৃথক ক্ৰীড়াৰ পৰিৱেশ আশা কৰিছা তেন্তে তোমালোকৰ বাবে সেই পৰিৱেশো দিবলৈ যত্ন কৰা হ’ব৷’
‘ক্ৰীড়া মানে মহাৰাজ, জানিব পাৰোনে কেনেকুৱা ক্ৰীড়া?’
‘ধৰি লোৱাঁ মল্লযুদ্ধ৷ কাৰণ অস্ত্ৰ-শস্ত্ৰসহ যুদ্ধ কৰাটো এই পৱিত্ৰ যজ্ঞস্থলীত কোনো কাৰণতে শোভা নাপাব৷’
‘মহাৰাজ, আমি মল্লযুদ্ধৰ বাবে সাজু৷’
ৰজা কংসৰ প্ৰতি মোৰ সমিধানে সম্ভৱতঃ জ্যেষ্ঠ বলৰামকো আচৰিত কৰি দিছিল৷ কিন্তু তেওঁ নিশ্চিত আছিল যে মই যি কৈছোঁ নিশ্চয় গভীৰভাৱে চিন্তা কৰিহে কৈছোঁ৷
মল্লযুদ্ধ আৰম্ভ হ’ল৷ আমাক পৰিচয় কৰাই দিয়ামতে চাণুৰ আৰু মুষ্টিক নামৰ মথুৰাৰ আটাইতকৈ পাৰদৰ্শী মল্লযোদ্ধাদ্বয়ক আমাৰ সৈতে যুঁজিবলৈ দিয়া হ’ল৷ মোৰ আৰণ্যক যুদ্ধকৌশলে ইয়াত যথেষ্ট অৰ্থপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে৷
চাণুৰ আৰু মুষ্টিকৰ মৃত্যু ঘটিল৷
ৰজা আৰু মোৰ মাজত কি কথোপকথন হৈছিল সেয়া উপস্থিত দৰ্শকসকলৰ গৰিষ্ঠ সংখ্যকেই শুনা নাছিল৷ গতিকে মই জীৱনৰ প্ৰথমটো অগ্নিপৰীক্ষালৈ মুহূৰ্তৰ ভিতৰতে সাজু হ’লোঁ৷ আৰু আকস্মিকভাৱে সিংহাসনত অধিষ্ঠিত নিৰস্ত্ৰ ৰজা কংসৰ কাষ পালোঁগৈ৷ তেওঁ ঘটনা বুজিবলৈ যত্ন কৰাৰ পূৰ্বেই তেওঁৰ মূৰৰ মুকুট দলিয়াই চুলিত ধৰি তেওঁক নমাই আনিলোঁ৷ আৰু মুহূৰ্তৰ ভিতৰতে তেওঁৰ অৱস্থা কৰি তুলিলোঁ চাণুৰ আৰু মুষ্টিকৰ সদৃশ৷
সভাসদ আৰু উপস্থিত জনতাই একো বুজিবলৈকে সুযোগ লাভ নকৰিলে৷ মোৰ শৰীৰৰ সঞ্চালন যি গতিত চলিছিল তাতকৈ অধিক দ্ৰুতগতিত চলিছিল মোৰ চিন্তাবৃত্তি৷
গতিকে মই সময়ৰ অপব্যয় নকৰি ৰাজমুকুটটো আনি সিংহাসনত ৰাখি উপস্থিত সকলোকে উদ্দেশি উদ্দাত্ত কণ্ঠে ক’বলৈ আৰম্ভ কৰিলোঁ–
‘পাপী, দুৰাচাৰী ৰজা কংসৰ পতন ঘটিল৷ সেই কংসৰ পতন ঘটিল যি নিজৰ পিতৃদেৱতাক সিংহাসনচ্যুত কৰি বন্দী কৰি নিজে ৰজা হোৱাৰ বাসনা চৰিতাৰ্থ কৰিছিল৷ মই আপোনালোক সমস্তমাননীয় মথুৰাবাসীক সাক্ষী কৰি ঘোষণা কৰিছোঁ যে এই মুহূৰ্তৰপৰা মথুৰাৰ ৰজা হ’ব মহাৰাজ উগ্ৰসেন৷ প্ৰহৰী, সেনা আৰু প্ৰহৰীসকল! মুহূৰ্তৰ ভিতৰতে বন্দী অৱস্থাৰপৰা মুক্ত কৰি মহাৰাজ উগ্ৰসেনক ৰাজসভাত উপস্থিত কৰোৱাঁ৷’
তাৰ পাছত মই কি কল্পনাৰে নাজানো, বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ যে মই কংসই বন্দী কৰা ভগ্নী আৰু ভগ্নীপতি দৈৱকী-বসুদেৱৰ সন্তান যাক কংসৰ ভয়ত গোপনে গোকুলৰ নায়ক নন্দ আৰু তেওঁৰ পত্নী যশোদাৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হ’বলৈ দিয়া হৈছিল৷ কংসই মোৰ জন্মৰ পৰৱৰ্তী সময়ত অনেক অসুৰ নিয়োগ কৰিছিল মোক নিধন কৰাৰ উদ্দেশ্যে৷ কিন্তু তেওঁতো নাজানে যে মই স্বয়ং ভগৱান বিষ্ণুৰ অংশ, গতিকে তেওঁ নিয়োগ কৰা প্ৰতিটো অসুৰক মই ইতিমধ্যে মৃত্যুৰ পথেদি প্ৰেৰণ কৰিছোঁ৷
মই সেই মুহূৰ্ততে মোৰ ঈপ্সিত ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ কাৰণ মথুৰাবাসীসকলো কিছু কিছু ক্ষেত্ৰত কংসৰদ্বাৰা নিপীড়িত আছিল যিটো যিকোনো ৰাজ্যতে সত্য আৰু কংসই পিতৃ উগ্ৰসেনক সিংহাসনচ্যুত কৰি নিজে ৰজা হোৱাটোও আছিল সত্য৷ যাদৱ নায়কসকলৰে এজন অতিশয় প্ৰভাৱশালী নায়ক বসুদেৱৰ উত্থান কংসৰ বাবে আছিল এক জীৱন্ত আশঙ্কা৷ সেয়ে সেই বসুদেৱলৈ নিজৰ ভনীয়েক দৈৱকীক বিয়া দিয়াৰ জৰিয়তে কংসই ৰাজনীতিত নিজকে অপ্ৰতিদ্বন্দ্বী কৰি তুলিবলৈ যত্ন কৰিছিল৷ পিছে বসুদেৱে ভগ্নীপতি হৈও ৰজা কংসৰ আনুগত্য স্বীকাৰ নকৰা বাবে কংসই তেওঁৰ বিপক্ষে দ্ৰোহ আচৰণ কৰাৰ অপৰাধত বসুদেৱ-দৈৱকী উভয়কে গৃহবন্দী কৰি ৰখাটোও সত্য৷
ইমানখিনি সত্য বাৰ্তা সংগ্ৰহ কৰিব পৰাকৈ অন্ততঃ মই সেই সময়ত পৰিপক্কতা আহৰণ কৰিছিলোঁ৷ সেই মুহূৰ্তত মোৰ সম্মুখত কৰণীয় আছিল ঐতিহাসিক সত্যক মোৰ অনুকূলে প্ৰতিষ্ঠা কৰাটো৷ যিকোনো প্ৰসঙ্গকে বিভিন্ন অতিৰিক্ত ৰহণ চৰাই প্ৰতিষ্ঠা কৰিব পৰাকৈ বাক্ পটুত্ব তথা শাস্ত্ৰজ্ঞান অন্ততঃ মই আহৰণ কৰিছোঁ৷ সেয়ে জনসাধাৰণৰ সম্মুখত বিশ্বাসযোগ্য ৰূপত উপস্থাপন কৰাটো মোৰ কাৰণে বৰ ডাঙৰ কাম নাছিল৷
সেইটো কামত মই সফলতা অৰ্জন কৰিছিলোঁ৷ মোৰ জ্যেষ্ঠ বলৰামে বুজি উঠিবলৈকে সুযোগ লাভ নকৰিলে কেনেকৈ নো আমি গোপাল নেতা নন্দৰ পুত্ৰ হৈও অষ্টপ্ৰধান যাদৱৰ অন্যতম বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হৈ উঠিলোঁ৷
সুন্দৰ পৰিকল্পনাৰ বাবেই কংসবধৰ দৰে অবৈধ তথা অনৈতিক কাণ্ড সংঘটিত কৰিও ক্ষণিকৰ ভিতৰতে মথুৰাবাসীৰ মনত মই নায়ক হৈ উঠিবলৈ সক্ষম হৈছিলোঁ৷ কাৰণ, মথুৰাৰ সিংহাসনত মই নিজে অধিষ্ঠিত নহৈ প্ৰাক্তন ৰজা উগ্ৰসেনকহে প্ৰতিষ্ঠা কৰিছিলোঁ ৷
প্ৰকৃততে উগ্ৰসেনৰ ৰাজনৈতিক জ্ঞানৰ অভাৱৰ বাবে তথা প্ৰশাসন পৰিচালনাত অদক্ষতাৰ বাবেই পুত্ৰ কংসই তেওঁক সিংহাসনচ্যুত কৰি নিজে ৰজা হৈছিল৷ গতিকে মহাৰাজ উগ্ৰসেনক কাষ্ঠপুত্তলিকাৰ দৰে ব্যৱহাৰ কৰি মথুৰাৰ সামগ্ৰিক প্ৰশাসনত মই মোৰ নিজা কৰ্তৃত্ব প্ৰতিষ্ঠা কৰিবলৈ সুযোগ গ্ৰহণ কৰিলোঁ।
কিন্তু কংস বধৰ পৰৱৰ্তী সময়ত সেই কংসকে প্ৰচুৰ ৰাজনৈতিক ক্ষমতালিপ্সা তথা পিতৃৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিব পৰা হ’ল৷
---
(আগলৈ)