অন্যযুগ/


ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ


দুই

ৰাতিপুৱা দোকমোকালিতে উঠি তেমেকাই ভাত ৰান্ধিবলৈ ধৰিলে৷ কেৰ্পায়ে কালি মদন আৰু গুপেশ্বৰৰ ঘৰৰ পৰা অনা চাউলবোৰ আৰু তেমেকাহঁতৰ ঘৰত থকা চাউলখিনি কাপোৰৰ দুটা টোপোলাত বান্ধিছে৷ টোপোলা দুটা পিঠিত কঢ়িয়াই নিয়াৰ কথা চিন্তা কৰিছে সিহঁত দুটাই৷ সিহঁতে যদি মানুহবোৰক লগ পাই যায় তেন্তে এই চাউলখিনি বহুত কামত আহিব৷ আজি সোনকালেই সিহঁতে যাত্ৰা কৰিব পূবফালে থকা গভীৰ জংঘলৰ ভিতৰলৈ৷ এইফালেই হেনো সিহঁতৰ গাঁৱৰ মানুহবোৰ গৈছে৷

কালি তেমেকা আৰু কেৰ্পায়ে মদনৰ আফুখেতিত উপস্থিত হৈ বিচাৰিছিল মদনক৷ মদন কিন্তু তাৰ আফুখেতিত নাছিল৷ কাষতে সাজি লোৱা জিৰণি ঘৰটোতো তাক পোৱা নগ’ল৷ তেমেকাই ভাবিছিল– এইফালেই বাকীকেইটা কানিয়াৰো আফুখেতি থাকিব৷ কাৰণ এইফালে কানিখেতি সহজে হ’ব পৰা কলঙৰ পলস পৰা সাৰুৱা মাটি আছে৷  সি কেৰ্পাইক লগত লৈ কলঙৰ পাৰে পাৰে খোজ লৈছিল৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁতে আন এখন আফুতলী পালে৷ এইখন কাৰ তেমেকাহঁতে নাজানে৷ দুয়ো সিহঁতক দেখে নেকি বুলি ইফালে-সিফালে চালে৷ কিন্তু সিহঁতৰ চকুত এজনো নপৰিল৷ চাৰিওফালে এটা নিৰ্জন পৰিৱেশেহে বিৰাজ কৰি আছে৷ তেমেকাই কেৰ্পাইক ক’লে– “আমি বিচাঈ আহিম বুলি ভাবিয়েই ইন্তে আন ক’অবাতহে কানি খাই আছেগৈ যেন পাং৷ কালি চু’ কঈবা আহি ধআ পঈ আমাক ভয় খাই আছে চাগে’৷ আহচোন এইফালে৷”

জংঘলৰ মাজেৰে অলপ যোৱাৰ পাছতে তেমেকাৰ নাকত কানিৰ গোন্ধ লাগিল৷ সি কেৰ্পাইক ফুচফুচাই ক’লে– “হিন্তে এইখিনিতে থাকিবা পাএ৷ কানি’ গন্ধ পাইছং৷”

“অঁ ময়ো পাইছং৷”

দুয়ো কানিৰ গোন্ধ অহাৰ ফালে গৈ থাকিল৷ এঠাইত সিহঁতে জুইৰ ধোঁৱা দেখি নিশ্চিত হ’ল যে মদনহঁত তাতে আছে৷ সিহঁতে মনে মনে গৈ মদনহঁতৰ কাষত হাজিৰ হ’ল৷ সিহঁতক দেখিয়েই পলাবলৈ সাজু হ’ল মদনহঁত৷ তেমেকাই সিহঁতক ধমক দিলে– “এই নপলাবি! বহি থাক৷ নহ’লে কাটিম৷”

দৌৰিবলৈ বহাৰ পৰা থিয় হোৱা পাঁচোটা কানিয়াই পুনৰ বহি পৰিল৷ তেমেকাই সিহঁতক ক’লে– “তন্তে যি কঈছিলি আৰু নকঈবি৷ বাউ হেইবো’ কথা বাদ দিলং৷ তন্তে কচোন গাঙ’ মানুহবো’ কোনফালে গৈছে?”

“হিন্তে এইফালেদিয়েই গৈছে৷”– মদনে পূবফাললৈ আঙুলিয়াই ক’লে৷ “ক’ত আছেগৈ হেইটোহে নাজানং৷”

“কানি খাই খাই ইয়াতে থাকিলে কেনেকে জানিবি! মানুহবিলাক থাকংতে চিপাহী আহিছিল নাকি?”

“নাই আহা৷ আজিহে আহিছিল৷”

“তন্তে দেখা পাইছ?”

“আমি জংঘল’ ভিত’অ পআই হিন্তক আহা দেখিছিলং৷”

“বাউ ঠিকে আছে৷ তন্তে আমা’ লগত গাঙ’ মানুহবোঅক বিচাঈ যাবি না?”

“নাই, আমি নাযাং৷”

“তেন্তে থাক তন্তে ইয়াতে৷ ইয়াতে মঈবি৷”

তেমেকাহঁত ঘূৰি আহিছিল৷ তেমেকাই ভাবিলে– মানুহবোৰক যিহেতু চিপাহীয়ে পোৱা নাই, গতিকে মানুহবোৰ ভালে-কুশলে থাকিব পাৰে৷ গাঁৱত থাকোঁতে চিপাহীয়ে পোৱাহলে বহুতকে ধৰি নিলেহেঁতেন, বহুতকে পিটি আধামৰা কৰিলেহেঁতেন আৰু জীয়াৰী-বোৱাৰীক ধৰ্ষণ কৰিলেহেঁতেন৷ মানুহবোৰ আঁতৰি গৈ ভালেই কৰিলে৷ কিন্তু জংঘলত কি খাব? খাবলৈ নাপাই মানুহবোৰ মৰিব৷ তেমেকাহঁতে দুটোপোলা চাউলহে ভাৰ বৈ নিব? এই চাউলেৰে কেইজনলৈ জুৰিব? কিমান দিন বা জংঘলত থাকিবলগীয়া হ’ব পাৰে? মানুহবোৰে লগত চাউল-পাত সৰহকৈ নিব পাৰিছে নে নাই সেইটোও সন্দেহৰ বিষয়৷ আৰু মানুহবোৰকো সিহঁতে জংঘলত লগ পাব নে নাপায় সিও অনিশ্চিত৷

তেমেকাৰ ভাত ৰন্ধা হৈ গ’ল৷ সি কেৰ্পাইক মাতি ভাতৰ পাতত বহিল৷ দুয়ো একো কথা-বতৰা নোকোৱাকৈ ভাত খাবলৈ ধৰিলে৷ কেৰ্পায়ে এনেয়েও বেছি কথা নকয়৷ তেমেকাৰ মনলৈ মানুহবোৰৰ চিন্তা আহি আছে বাবে সিও একো কোৱা নাই৷ সি একো কোৱা নাই বাবে কেৰ্পায়েও কিবা এটা কোৱাৰ কথা নাহে৷

একো কথা-বতৰা নপতাকৈয়ে সিহঁতৰ ভাত খোৱা শেষ হ’ল৷ তেমেকাই কেৰ্পাইক ক’লে– “চউত ভাত আছে৷ ভাত’ দুটা টোপোলা বান্ধ৷”

কেৰ্পায়ে ভাতৰ টোপোলা দুটা বন্ধাৰ পাছতে দুয়ো এটা এটা টোপোলা মোনাত ভৰাই ল’লে৷ তাৰ পাছতে চাউলৰ টোপোলা দুটা পিঠিত ল’লে আৰু হাতত দা লৈ সিহঁতে যাত্ৰা আৰম্ভ কৰিলে৷ সিহঁতে পূবফালে খোজ লৈ কিছু সময়ৰ পাছতে জংঘলৰ ভিতৰত সোমাই পৰিল৷ সিহঁত যিমানে আগ বাঢ়িল সিমানে জংঘল ডাঠ হৈ আহিল৷ এটা কথা মনলৈ অহাত তেমেকাই কেৰ্পাইক ক’লে– “কালি চিপাহী পথম আহিছিল৷ হিন্তে আচলতে মানুহ বিচাঈয়েই আহিছিল৷ ঘএ ঘএ হুমাই মানুহকে বিচাঈছিল৷ কাক’ নাপাই গুচি গ’ল৷ এইবা’ আহিলে জংঘলত বিচাঈব৷ ঠিক নাই আজিয়েই আহিবা পাএ৷”

“ঠিক কৈছ৷ গাঙত নাপালে জংঘলত হুমাব৷ জংঘলত বিচাঈলে কানিয়াকেইটাক নাপাব না?”

“পাব পাব৷ হিন্তকে পথমে পাব৷”

“কি হ’ব বেচেআকেইটা’?”

“পাওক মজা৷ কানি খাই হিন্ত’ মাথাও নষ্ট হ’ল৷ চু’ কঈবা কাঅণে গাঙ’ মানুহ লগত নাহিল৷ চু’ কআ কথাটো হিন্তে কেনেকে ভাবি পালে? মনেই হিন্ত’ বেয়া হৈ গৈছে৷ কিন্তু এটা কথা হিন্ত’ পআ আমা’ মানুহবোঅও বিপদ হ’বা পাএ৷ হিন্তক হুধি মানুহবো’ কোনফালে গৈছে জানি ল’বা পাএ৷ তেতিয়া এইফালে বিচাঈ আহিলে আমা’ মানুহবো’ বিপদত পঈব৷”

“হয় দেই কথাটো৷ আমা’ মানুহবোঅক পালে বহুদূঅলৈ লৈ যাবা লাগিব৷”

“অঁ ঠিক কৈছ৷”

এইবাৰ দুয়ো কথা বন্ধ কৰি গৈ থাকিল৷

জংঘলৰ ভিতৰত থকা হিংস্ৰ জন্তুবোৰৰ কথা তেমেকাৰ মনলৈ অহা নাই৷ তাৰ মনত খেলা কৰিছে গাঁৱৰ মানুহবোৰক লগ পোৱাৰ চিন্তাই৷ জাক জাক ভাটৌৰ কোৰ্হাল, সিহঁতক দেখি বান্দৰবোৰে কৰা খেকখেক শব্দই তেমেকাৰ মন কাঢ়ি নিব পৰা নাই৷ সিহঁত গৈ থাকিল৷

গাঁৱৰ পৰা এমাইলমান যোৱাৰ পাছতে তেমেকাহঁতে ভদ্ৰেশ্বৰ আৰু বীৰেনক লগ পালে৷ সিহঁতক দেখি তেমেকাৰ মনটো ভাল লাগি গ’ল৷ তেমেকাই সিহঁতক দেখি সুধিলে– “তন্তে ইয়াতে আছ?”

“অ৷ ভালেই হৈছে তন্তে দুটা আহি পাইছ৷”– বীৰেনে মাত দিলে৷ “আমি এইফালে আহি হুমাই আছং৷”

“মানুহবোৰ ক’ত?”

“আছে অলপ আঁতৰতে৷ আমি পহআ দি ইফালে আছং৷ আমি লুকাই আছিলং৷ তন্তক দেখা পাই ওলাই আহিছং৷”

“তেন্তে তন্তে দুটা থাক৷ কিন্তু হাৱধান চিপাহী আজি এইফালে আহিবা পাএ৷ কালি আহি গাঙত মানুহ নাপাই ঘূঈ গৈছে৷ আজি জংঘলত বিচাঈ আহিবা পাএ৷ মানুহবো’ কোনফালে আছে আমাক ক৷”

ভদ্ৰেশ্বৰে দক্ষিণ দিশলৈ আঙুলিয়াই ক’লে– “এইফালে চিধা যা৷ মানুহবোঅক পাই যাবি৷”

তেমেকাহঁতে সেইটো দিশত কিছুদূৰ গৈ মানুহবোৰক লগ পালে৷ মানুহখিনি একে ঠাইতে থুপ খাই বহি আছে৷ সিহঁতে নিজৰ নিজৰ বস্তুবোৰৰ টোপোলা কৰি ৰাখিছে যাতে চিপাহী অহা বুলি গম পালেই লগে লগে পলাই যাব পাৰে৷ তেমেকাই দেখিলে মাক, ভনীয়েক মালতী আৰু ভায়েক দেউৰাম একেলগে বহি আছে৷ সি কাষ গৈ পোৱাৰ লগে মাকে চকুপানী টুকিবলৈ ধৰিলে৷ সি মাকক সুধিলে– “কাউবা’ কিবা হৈছে নাকি?”

“নাই, এতিয়ালৈকে কাউ একো হোৱা নাই৷ কিন্তু ঘ’-বাঈ এঈ আহি জংঘল’ মাজত ব’ কষ্ট পাইছং৷ ঘঅলৈ ব’কে মনত পঈছে৷”

“কি কঈবি! বেয়া দিন আহিল৷ এতিয়া যেনেতেনে জীয়াই থকাটোৱেই ডাঙ’ কথা হৈছে৷ পিতাইক দেখা নাই যে?”

“দুপঈয়া খাবা কাঅণে জংঘলত কাঠআলু বিচাঈ গৈছে৷ চাউল আছে৷ কিন্তু দুপঈয়া দুপঈয়া ভাত নাখাং, আলুকে খাবা লৈছং৷”

“ঠিকে কঈছ দে৷ আটকীয়া বস্তু চাই-চিতি খঅছ কঈবা লাগে৷”

হঠাতে পটেশ্বৰী আহি তেমেকাৰ কাষত হাজিৰ হ’ল৷ তেওঁ ৰহেমাইৰ কথা উলিয়ালে– “ত’ ভনীয়েআ’ অহেমাইহঁত’ কথা কিবা গম পাইছ না?”

“একো গম পোৱা নাই৷ হিন্তে গাঙতে আছে নাকি?”

“নাই, হুনিছং হিন্তেও জংঘলত হুমাইছে৷”

“এতিয়া কাউ খব’ ল’বলৈ কাউ আহঈ নাই৷ নিজ’ জীৱটোক লৈয়ে টনাটনি৷ ভগৱানে যি কএ কঈব৷”

তেমেকাই দেউৰামৰ মূৰত হাত ফুৰাই মৰম কৰি ফুটুকী ক’ত আছে জানিবলৈ চকু ফুৰালে৷ ফুটুকী মাকৰ লগত এটা চুকত বহি আছে৷ সি আগ বাঢ়ি গৈ ফুটুকীৰ ওচৰ পালে৷ সি ফুটুকীক ক’লে– “আহচোন, অলপ কথা পাতং৷”

দুয়ো ৰাইজৰ পৰা অলপ আঁতৰলৈ গৈ এডাল পৰি থকা গছত বহিল৷ তেমেকাই তাইক সুধিলে– “কেনে আছ? ব’ কষ্ট পাইছ ন?”

“কষ্টতো হ’বই৷ কা’নো কষ্ট হোৱা নাই? চবেই কষ্ট পাইছে৷”

তেনেতে দেখিলে কাঠআলু বিচাৰি যোৱা মানুহবোৰ আহি পাইছে৷ সকলোৰে হাতে হাতে কাঠ আলু আৰু শাক-পাচলি৷ লগে লগে গাভৰু আৰু তিৰোতা মানুহবোৰে হাতে-কামে লাগি গ’ল৷ ওচৰতে এটা জুৰি আছে৷ জুৰিটো জলাহখনত পৰিছেগৈ৷ কাঠআলু আৰু শাক-পাচলিবোৰ তাতে নি ধোৱা হ’ল৷ তাৰ পাছত আঠঘৰৰ আঠটা চৰুত তিৰোতাবোৰে কাঠআলুবোৰ সিজাবলৈ ধৰিলে৷

“ত’ক কথা এটা ক’বা লাগা আছে৷”– ফুটুকীয়ে তলমূৰ কৰিয়েই মাত দিলে৷ “আমি বহুত ভুল কাম কঈ পালং৷ মই দুমাহ গা ধোৱা নাই৷”

“তই দুমাহ গা ধোৱা নাই?”– তেমেকাই মিচিকিয়া হাঁহি মাৰি সুধিলে৷

“অঁ, হাঁহিছ যে?”

“মই ভালেই পাইছং৷ বিপদ নোহোৱা হ’লে এতিয়াই তোক বিয়া পাতিলংহেঁতেন৷ কিন্তু উপায় নাই৷ বিপদ আঁতঈলেই  ত’ক বিয়া পাতিম৷ কথাটো কাউবাক কৈছ?”

“কাক’ কোৱা নাই৷ আই-পিতায়ে গম পালে ব’ দুখ পাব৷”

“হ’বলগীয়া ঘটনা হৈ গ’ল৷ এতিয়া তই ত’ আইক আউ¸ মালতীক কথাটো কৈ থ’বি৷ ত’ যত্ন ল’বা পাইব’৷ একো নহয় কৈ দিয়াই ভাল৷”

“হমাজে বেয়া নুবুলিব?”

“হমাজে বেয়া বুলিলেও এই বিপদ’ হময়ত কি কঈবি?”

কাঠআলু সিজাৰ পাছতে নিজৰ নিজৰ পৰিয়ালৰ মানুহবোৰ একেলগে বহিল৷ তেমেকা আৰু ফুটুকীয়েও নিজৰ পৰিয়ালৰ মানুহৰ লগত বহি কাঠআলু খালে৷

পহৰা দি থকা ভদ্ৰেশ্বৰ আৰু বীৰেন উধাতু খাই ওলালহি৷ সিহঁতে ফোপাই ফোপাই ক’লে– “চিপাহী আহিছে৷ হাবি ডাঠ বাবে হিন্তে জোএ আহিবা পাআ নাই৷ হিন্তে চিধা পূবফালে যাবলৈ লৈছে৷ এটা চিপাহী’ পিছফালে মদনক ঘোঁআত উঠি আহা দেখিছং৷”

“ব’ল ব’ল৷ ঐ থাকিবা নালাগে৷”– তেমেকাই সকলোকে ক’লে৷ “কিবাকে এইফালেও হিন্তে আহিবা পাএ৷ আউ এটা কথা৷ যা যা কেঁচুৱা আছে কান্দিলে পিয়াহ মুখত দি দিবি৷ নহ’লে কাপোএএ মুখত হোপা দি কান্দোনটো ডাঙ’কৈ ওলাব নিদিবি৷ নহ’লে কেঁচুৱা’ কান্দোন হুনি চিপাহী ওলাবহি৷”

দলটোত চাৰিটা কেঁচুৱা আছে৷ তাৰে এটা বীৰেন আৰু মিনতিৰ৷ ধৰি অনাৰ পাছত উপায় নাপাই মিনতিয়ে বীৰেনৰ লগত সংসাৰ কাৰিবলৈ বাধ্য হ’ল৷ আজিকালি সিহঁতৰ সংসাৰখন ভালকৈয়ে চলিছে৷ বীৰেনৰ আদৰ-মৰমৰ বিনিময়ত মিনতিয়ে বীৰেনকো মৰম কৰিবলৈ লৈছে৷

সকলোৱে টালি-টোপোলা লৈ দক্ষিণ দিশত খোজ ল’লে৷ মানুহবোৰৰ লগত বিশেষ মূল্যৱান বস্তু নাই৷ টোপোলাবোৰ সাধাৰণতে কাপোৰৰ৷ কাপোৰৰ মাজতে কাৰোবাৰ ৰূপৰ কাণফুলি, ডিঙিৰ মণি, হাতৰ খাৰু হয়তো দুই-এপদ আছে৷ কিছুমানৰ টোপোলাত আছে দুপদমান কাঁহৰ কাঁহী-বাটি৷ তেমেকাই ক’লে– “আমি জলাহ’ পাএ পাএ গধূলি নোহোৱালৈকে গৈ থাকিম৷ পূবফালে গ’লে কামপু’ পামগৈ৷ হিফালেও চিপাহী’ অত্যাচা’ চলি আছে৷ আহ ম’ পিছে পিছে৷”

তেমেকা সকলোৰে আগলৈ গৈ খোজ ল’লে৷ জলাহৰ পানী বাৰিষাৰ সময়তকৈ বহুত কমি গ’ল৷ জলাহখন সেয়ে সৰু হৈ পৰিছে৷

জলাহৰ পাৰে পাৰে আহি তেমেকাহঁত গধূলি সময়ত কপিলীৰ পাৰত উপস্থিত হ’ল৷ তেমেকাই ৰাইজক ক’লে– “আজি আতিটো ইয়াতে কটাং৷ এইখিনিত কপিলীখন সিমান দ নহয়৷ তিয়নি লৈ খোজ কাঢ়ি পা’ হ’বা পাঈম যেন পাং৷”

তেমেকাৰ কথা শুনি সকলোৱে ভাত-তৰকাৰি ৰান্ধিবৰ বাবে সাজু হ’ল৷ মতা মানুহবোৰে ওচৰতে থকা শুকান বাঁহ-কাঠ গোটালে আৰু কপিলীৰ পৰা পানী আনিলে৷ আনফালে তিৰোতাবোৰে চৌকাত জুই ধৰি আৰম্ভ কৰিলে ৰন্ধনৰ কাম৷ ৰূপেশ্বৰ আৰু মহীধৰে দুজন ডেকাক লগত লৈ চাৰিওফালে ধোঁৱা দিলে মহ-ডাঁহ খেদিবলৈ৷

ভাত হোৱাৰ পাছতে সকলোৱে খাই-বৈ শুই থাকিল৷

পাছদিনা ৰাতিপুৱা আন্ধাৰ হৈ থাকোঁতেই তেমেকাই সকলোকে টোপনিৰ পৰা উঠাই দিলে৷ কাৰণ সি জানে যিমানে বেলিটো ওপৰলৈ উঠি আহে সিমানে বিপদ অহাৰ আশঙ্কা বাঢ়ি আহে আৰু যিমানে বেলিটো পশ্চিম আকাশত নামি যায় সিমানে বিপদৰ সম্ভাৱনাও কমি যায়৷ দিনৰ পোহৰতহে চিপাহীবোৰে মানুহ বিচাৰি ফুৰে৷

টোপনিৰ পৰা উঠি সকলোৱে টালি-টোপোলা বান্ধিলে৷ তেমেকাই কেৰ্পাইক লগত লৈ কপিলীৰ পানীৰ জোখ ল’বলৈ খোজ ল’লে৷ কাতিমাহৰ মাজভাগ৷ বাৰিষাৰ বহল কপিলীৰ পানী চাপি আহি মাজ ভাগতহে আছে৷ দুয়োফালে ডাঙৰ বালিচৰ৷ এটুকুৰা বহল পানী থকা ঠাইত উপস্থিত হৈ তেমেকাই তিয়নি পিন্ধি পানীত নামিল৷ কাৰণ এনেকুৱা ঠাইত আনবোৰ ঠাইতকৈ গভীৰতা কম হোৱাৰ সম্ভাৱনা থাকে৷ সি লাহে লাহে গৈ সিপাৰ পালেগৈ৷ এঠাইত তাৰ মূৰলৈকে পানী উঠিল৷ সি অলপ সাঁতুৰিবলগীয়া হ’ল৷ এনে পানীত টালি-টোপোলা পাৰ কৰা আৰু তিৰোতা মানুহবোৰ পাৰ হোৱা কঠিন হ’ব৷ সি কেৰ্পাইক ক’লে– “ব’ল ভু’ এখনকে হাজং৷ তেতিয়াহে বস্তু-বাহানি পা’ কঈবা পাআ যাব৷”

সিহঁতে ঘূৰি আহি মানুহবোৰক ভুৰ এখন সজাৰ কথা ক’লে৷ লগে লগে মানুহবোৰে জংঘলত কলগছ বিচৰাত লাগিল৷ অলপ পাছতে ভালেমান কলগছৰ টুকুৰা নদীৰ পাৰত গোট খালে৷ অলপ সময়ৰ ভিতৰতে মানুহবোৰে দুখন ভুৰ সাজিলে আৰু ভুৰদুখনৰ দুয়ো মূৰে লতাৰ জৰী লগালে৷ নদীখন সাঁতুৰি বাপুকণ, বীৰেনকে ধৰি পাঁচজন ডেকাই সিপাৰত গৈ ভুৰদুখনৰ আনটো মূৰত লগোৱা জৰীপাট ধৰি টানিবলৈ সাজু হ’ল৷  

তেমেকাহঁতে প্ৰথমে তিৰোতা আৰু সৰু ল’ৰা-ছোৱালীবোৰক পাৰ কৰি দিলে৷ তাৰ পাছত টালি-টোপোলাবোৰ পাৰ কৰি মতা মানুহবোৰ দুজন-তিনিজনকৈ ভুৰত উঠি সিপাৰ হ’ল৷ শেষত থাকিল তেমেকা আৰু কেৰ্পাই৷ দুয়ো সাঁতুৰি আহি মানুহবোৰৰ লগ লাগিলহি৷ তেমেকাই ইপাৰ পায়েই ভুৰ দুখন কপিলীৰ সোঁতত এৰি দিলে৷ সি ভুৰ দুখনলৈ চাই ক’লে– “তন্তক এনেই এঈ দিয়া নাই৷ কোনোবা মানুহ’ উপকা’ কঈবি৷”

বেলিটো দিগন্ত ৰেখাৰ ওপৰলৈ উঠি আহিছে৷ বেলিটোক দেখি তেমেকাৰ মনত খেলালে ইয়ে ভয়ংকৰ মুহূৰ্তবোৰ কঢ়িয়াই আনে৷ সি বেলিটোলৈ চাই থাকিবলৈ ভাল নাপালে৷ সি মানুহবোৰলৈ চাই ক’লে– “ব’ল এতিয়া গৈ থাকং৷”

মানুহবোৰক পাৰ হৈ তেমেকা আগলৈ আহিল আৰু সকলোকে তাক অনুসৰণ কৰিবলৈ ক’লে৷ কপিলীৰ পাৰে পাৰে এইবাৰ পশ্চিমলৈ তেমেকাই খোজ ধৰিলে৷ পশ্চিমলৈ কিছুদূৰ ভটিয়াই যাব পাৰিলে মানুহবোৰ নিৰাপদ হৈ আহিব৷

কিছুদূৰ ভটিয়াই অহাৰ পাছত তেমেকাই দক্ষিণ দিশত খোজ পেলালে৷ মানুহবোৰ তাৰ পিছে পিছে গৈ থাকিল৷ মানুহবোৰে দুখ-ভাগৰক কাতি কৰি অহৰহ খোজ চলাই থাকিল৷

দক্ষিণ দিশত ভালেমান দূৰ যোৱাৰ পাছত তেমেকাই এঠাইত ৰৈ দিলে৷ সি মূৰৰ ওপৰৰ বেলিটোলৈ চাই মানুহবোৰক ক’লে– “আমি এতিয়া নিআপদ ঠাই পালংহি৷ আতিপুৱা কোনেও একো খোৱা নাই৷ ইয়াতে ভাত-পানী আন্ধি খোৱা যাক৷”

তেমেকাৰ মুখেৰে নিৰাপদ ঠাইত উপস্থিত হোৱা বুলি জানি মানুহবোৰৰ মুখত হাঁহি বিৰিঙিল৷ সকলোৱে ভাগৰ পলুৱাবলৈ ইফালে-সিফালে গছৰ ছাঁত বহিল৷ অলপ পাছতে মানুহবোৰে ভাত-তৰকাৰি ৰান্ধিবলৈ সাজু হ’ল৷ কাষতে আছে এটা ডোঙা৷ ডোঙাটোক দেখিয়েই তেমেকাই ৰৈ দিছে৷ সিও এইফালে কোনোদিনে আহি পোৱা নাই৷ আৰু আগুৱাই গ’লে বাটত জুৰি পাব নে নাই ঠিকনা নাই৷ গাভৰু-তিৰোতাবোৰে ডোঙাটোৰ পৰা পানী আনি ভাত-তৰকাৰি ৰান্ধিবলৈ ধৰিলে৷ তেমেকাই সকলোকে ক’লে– “কোনেও এতিয়া মনত দুঃচিন্তা লৈ থাকিব নালাগে৷ মই আগতে আহা নাই যদিও বুজি পাইছং আমি নিআপদ ঠাইত উপস্থিত হৈছং৷ ইফালে কোনো চিপাহী-তিপাহী নাই৷ কিন্তু আমি আউ¸ আগুৱাই যাম, যাতে কোনোদিনে আমাক ইংআজ’ চিপাহীয়ে নাপায়৷”

ভাত-তৰকাৰি হোৱাৰ পাছত মানুহবোৰে হাঁহি-মাতি ভাত খালে৷ তাৰ পাছত তেমেকাই মানুহবোৰক অলপ জিৰণি ল’বলৈ ক’লে৷ সি কেৰ্পাইক ক’লে– “মই কোৱা নাছিলং না এই কানিয়াকেইটাই আমা’ বিপদ ঘটাব পাএ বুলি৷ হিন্তে আইজ’ লগত নাহি আমাকো বিপদত পেলাইছিল৷ চিপাহীয়ে হিন্তক পাই গাঙ’ মানুহবো’ কোনফালে গ’ল বুলি হুধিছিল হ’বলা৷ হিন্তে দেখুৱাই দিয়াত হিন্তকো ঘোঁআত উঠাই আমাক বিচাঈ আহিছিল৷ ভাগ্যে আমা’ ফালে নাহিল৷ নহ’লে আমা’ গতি কি হ’লহেঁতেন ক’বা নোৱাঈ৷”

মদন-হাবাংহঁতৰ পৰিয়ালৰ মানুহবোৰ তেমেকাহঁতৰ কাষতে আছে৷ তেমেকাৰ কথা শুনি সিহঁতৰ পৰিয়ালৰ মানুহবোৰে চকুলো টুকিবলৈ ধৰিলে৷ সি মাত দিলে– “নাকান্দিবি, হিন্তে তাতে থাকি ভুল কঈছে৷ আহিম বুলি ভাবাহ’লে আমা’ লগতে আহিবা পাঈলেহেঁতেন৷ মই হিন্তক কৈছিলঙো আমা’ লগতে আহিবা৷ কিন্তু হিন্তে নাহিল৷ চিপাহীয়ে এতিয়া হিন্তক কি কঈছে নাজানং৷ এইকেইটা ঘো’ কানিয়া, ইন্ত’ কাম নাই বুলি এঈও দিবা পাএ৷ তাতে ইন্তে ধেৱা কামত এদিনহে গৈছিল৷”

“গাং এঈ আহিম বুলি দুদিন’ আগতে মিটিং কআ হৈছিল৷”– মনেশ্বৰে মাত দিলে৷ “হকলোকে চাউল-পাত যিমান পাএ জোগা’ কঈ লগত নিবা লাগে বুলি কোৱা হৈছিল৷ কিন্তু হিন্তে কাণহায়েই নকঈলে৷ আহা’ হময়ত লগ ধঅংতেও নাহং বুলি ক’লে৷ ঘঅ মানুহখিনিয়েও আনিবা নোৱাঈলে৷ আমি কি কঅং এতিয়া!”

তেমেকা আৰু মনেশ্বৰৰ কথা শুনি মদনহঁতৰ পৰিয়ালৰ মানুহবোৰৰ কান্দোন বন্ধ হ’ল৷ তেমেকাই পুনৰ ক’লে– “যি হ’ল হ’ল৷ এতিয়া ভগৱানে ভালে-কুশলে আখিলেই হ’ল৷ আইজ, আমি গৈ থাকং নাকি?”

তেমেকাৰ কথা শুনি মানুহবোৰ যাবলৈ সাজু হ’ল৷ তেমেকাই আগৰ দৰেই আগলৈ গৈ খোজ পেলালে৷ মানুহবোৰ তাৰ পিছে পিছে গৈ থাকিল৷

কিছু দূৰত বান্দৰ কিছুমানে খেকখেকাই উৰুমি কৰি থকা শুনা গ’ল৷ ৰূপেশ্বৰে মাত দিলে– “আগত বিপদ আছে যেন পাইছং৷ বান্দ’বোএ এনেই চিঞঈ থাকা নাই৷ বাঘ আছে চাগে’৷

“হ’বা পাএ৷”– মহীধৰে ক’লে৷ “হাৱধান হোৱা ভাল৷ হকলোৱে হাতত বাঁহ’ জোং লোৱা ভাল৷ বাঁহ জোঙেএহে বাঘ’ লগত যুঁজিবা ভাল৷ জাঁপ মাঈ আহিলে পেটত ভআই দিবা পাআ যাব৷”

ৰূপেশ্বৰ, মহীধৰ আদিকে ধৰি কেইবাজনৰো হাতত যাঠিৰ দৰে বাঁহৰ জোং আছেই, তেমেকাকে ধৰি ডেকাবোৰৰ হাতত নাই৷ তেমেকাই বাঁহ এডাল কাটি জোঙা কৰি যাঠিৰ দৰে কৰি ল’লে৷ আন ডেকাবোৰেও তাৰ দৰে বাঁহৰ জোং কাটি হাতত ল’লে৷ মহীধৰে ক’লে– “এইখিনি ব’ হাৱধানে যাবা লাগিব৷”

ৰূপেশ্বৰৰ পৰিকল্পনা অনুসৰি সৰু ল’ৰা-ছোৱালী আৰু তিৰোতা মানুহবোৰক মাজত লৈ চাৰিওফালে তেমেকাহঁতে তীক্ষ্ণ দৃষ্টি ৰাখি আগ বাঢ়িল৷ সিহঁতৰ হাতত যাঠিৰ দৰে বাঁহৰ জোং৷

বান্দৰে উৰুমি কৰি থকা ঠাইখিনি পোৱাৰ লগে লগে তেমেকাহঁত এহাল বাঘৰ মুখামুখি হ’ল৷ বাঘ দুটা গুজৰি উঠিল৷ লগে লগে ৰূপেশ্বৰে ডেকাবোৰক ক’লে– “ভয় কঈবা নালাগে৷ তন্তে হাতত বাঁহ’ যাঠি আগফালে লৈ দুটা হাঈ হৈ আগ বাঢ়৷ আমিও বাঁহ’ যাঠি লৈ পিছফালে আছং৷ হিন্তে জাঁপ মাঈ আক’মণ কঈলে এই তিনিটা হাঈ পা’ হ’বা নোৱাএ৷ ইয়াতে মঈব৷ ভয় নকঈবি আগ বাঢ়৷ আমি হাহখ দেখুৱালে হিন্তে ভয় কঈব৷”

ৰূপেশ্বৰৰ  কথা মতে ডেকাবোৰে দুটা শাৰী হৈ আৰু হাতত বাঁহৰ যাঠি লৈ লাহে লাহে বাঘ দুটাৰ ফালে সন্তৰ্পণে আগুৱাই গ’ল৷ ৰূপেশ্বৰহঁতে বাকী মানুহবোৰক পিছফালে বহুৱাই ৰাখি সাৱধান হৈ ৰ’ল৷ তেমেকাহঁত আগুৱাই গৈ থাকিল৷ সিহঁতক ভয় নকৰি সিহঁতৰ ফালেই গৈ থকা বাবে বাঘ দুটাই হয়তো ভয় খালে৷ সিহঁতে দীঘল দীঘল জাঁপ মাৰি জংঘলৰ মাজলৈ গুচি গ’ল৷

মানুহবোৰৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ বাঘ দুটা গুচি যোৱাৰ পাছতো তেমেকাহঁত কিছুদূৰ বৰ সাৱধানে আহি থাকিল৷

কোনো বিপদৰ সংকেত নাপাই তেমেকাহঁত লাহে লাহে সহজ হৈ আহিল৷

বেলি মাৰ যাবৰ সময়ত এটা ডোঙৰ পাৰত তেমেকাহঁত উপস্থিত হ’ল৷ ডোংটোৰ কি নাম কোনেও নাজানে৷ তেমেকাই ৰাইজক ক’লে– “বেলি পঈ আহিল৷ আজি এই ডোঙ’ পাঅতে থাকাই ভাল৷ কালিলৈ ডোংটো পা’ হৈ হিফালে গুচি যাম৷”

ডোংটোৰ পাৰত হঠাতে এজাক হৰিণা দেখা গ’ল৷ সিহঁতে শাৰী পাতি ডোঙৰ পানী খাইছে৷ তেমেকাই মাত দিলে– “এইখিনি বাটত হৰিণা লগ পোৱা নাছিলং৷ ইয়াতহে দেখিলং৷”

ৰাইজে ৰাতিটো কটাবৰ বাবে ঠাই ঠিক কৰিলে৷ কেইটামান পৰিয়ালৰ লগত থকা চাউল প্ৰায় শেষ হৈ আহিছে৷ তেমেকাই সি কঢিয়াই অনা চাউলখিনিকে সেইকেইটা পৰিয়ালক ভগাই দিলে৷ ৰাতিৰ আহাৰ তৈয়াৰৰ জা-যোগাৰ চলিল৷ লাহে লাহে চাৰিওফাল আন্ধাৰে আৱৰি ধৰিছে৷ মহ-ডাঁহ খেদিবলৈ তেমেকাই বীৰেনক লগত লৈ চাৰিওফালে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিলে৷

হঠাতে কান্দিবলৈ ধৰিলে মিনতিৰ কোলাৰ কেঁচুৱাটোৱে৷ মিনতিয়ে তাৰ মুখত কাপোৰৰ সোপা দি কান্দোনৰ শব্দ কমাবলৈ চেষ্টা কৰিলে৷ তেমেকাই মিনতিক ক’লে– “এতিয়া চিন্তা কঈবলগীয়া একো নাই৷ তাক তা’ ইচ্ছা মতে কান্দিবলৈ দে৷ মুখত হোপা দিবা নালাগে৷”

ভাত-তৰকাৰি হোৱাৰ পাছতে জুইৰ পোহৰত ভাত খাই মানুহবোৰ শুই পৰিল৷

পাছদিনা ৰাতিপুৱা বেলি ওলোৱাৰ সময়তহে তেমেকা টোপনিৰ পৰা উঠিল৷ দোকমোকালিতে সাৰ পাইছিল যদিও সি এনেই বাগৰ মাৰি থাকিল৷ ৰূপেশ্বৰ, মনেশ্বৰ আৰু মহীধৰে ডোঙৰ পানীৰ জোখ লৈ আহি মানুহবোৰক কৈছে– “ভু নাহাজিলেও হ’ব৷ ডোঙ’ পানী এআঁঠুলৈকে পআ৷ ধুনীয়াকে পা হৈ যাবা পাঈম৷”

তেমেকাই বাগৰ দি থকাৰ পৰা উঠি ডোংটোলৈ গৈ মুখ-হাত ধুলে৷ ডোঙৰ পানী পৰিষ্কাৰ৷ কিছুমান মাছ পানীত ঘূৰি ফুৰা তাৰ চকুত পৰিল৷

অলপ পাছতে টালি-টোপোলা লৈ সকলোবোৰ মানুহ ডোংটো পাৰ হৈ ইপাৰত উপস্থিত হ’ল৷ তেমেকাহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ তেমেকাই চিন্তা কৰিছে এখন গাঁৱত উপস্থিত হ’ব পাৰিলেই সি যাত্ৰাৰ সামৰণি মাৰিব পাৰে৷ কিন্তু সিহঁতে গাঁও এখন নাপায়হে নাপায়৷

দুপৰীয়া সময়ত এঠাইত ৰৈ ভাত খোৱাৰ পাছতে তেমেকাহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ তাৰ পৰা দুমাইলমান যোৱাৰ পাছতে তেমেকাই এখন বাৰী দেখিলে৷ তাৰ মনত আনন্দ লাগিল৷ এখন বাৰী পোৱা মানে এখন গাঁও পোৱা৷ সি মানুহবোৰলৈ ঘূৰি চাই ক’লে– “আমি এখন গাঁও পাম এতিয়া৷ গাঁৱ’ মানুহবোএ আমাক ঠাই দিলেই আমি বাচি যাম৷”

ভালেমান দূৰত থকা পাহাৰ কিছুমান ৰিণিকি ৰিণিকি তেমেকাৰ চকুত পৰিল৷ সি ভাবিলে এইবোৰকে নি(য় মিকিৰ পাহাৰ বুলি কয়৷

তেমেকাই ধৰিব পাৰিলে মানুহবোৰৰ মনত ৰং লাগিছে৷ বাৰীখন পাৰ হৈয়েই তেমেকাই এখন ঘৰ দেখিলে, তাৰ পাছত আন এখন ঘৰ৷ সি মানুহঘৰৰ পদূলিমুখত উপস্থিত হ’ল৷ মানুহবোৰক পদূলিতে ৰ’বলৈ কৈ সি মানুহঘৰৰ চোতালত প্ৰৱেশ কৰি মাত দিলে– “ঘঅত কোনোবা আছে না?”

এজন মানুহ ঘৰৰ ভিতৰৰ পৰা ওলাই আহি অলপ সময় তেমেকালৈ আচৰিত হৈ চাই ৰ’ল৷ তাৰ পাছত তেওঁ সুধিলে– “তই কোন আছে? কিবা কাম আছে?”

তেমেকাই মানুহজনক নিজৰ দুখৰ কথাখিনি যিমান পাৰে বুজাই দিবলৈ চেষ্টা কৰিলে৷ মানুহজনে শেষত ক’লে– “গাংবুৰা ঘৰ তাকে আহিবি৷”

মানুহজনে গাঁওবুঢ়াৰ ঘৰলৈ খোজ ল’লে৷ তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে তেমেকা আৰু বাকী মানুহবোৰ৷

গাঁওবুঢ়াৰ ঘৰ পাই মানুহজন ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷ ভাগৰুৱা মানুহবোৰ গাঁওবুঢ়াৰ চোতালতে বহি পৰিল৷ অলপ পাছত গাঁওবুঢ়াৰ লগত মানুহজন ওলাই আহিল৷ গাঁওবুঢ়াই তেমেকাক সুধিলে– “তহঁত ক’ৰ পৰা আহিছে? পলাই আহিছে?”

“অঁ পলাই আহিছং৷ গাং এঈ আহিছং৷ আমা’ তাত চিপাহীয়ে বহুত মানুহ মাঈছে৷ অত্যাচা’ কঈছে৷ এইফালে পলাই আহিছং৷”

“গণ্ডগোলৰ কথাটো অলপ অলপ হুনিছে৷ কিছুমান মানুহ আমাৰ ইফালে পলাই আহিছে বুলি হুনিছে৷ হেইবোৰ মানুহৰ পৰা ইয়াৰ মানুহে ঘটনাটো গম পাইছে৷ বৰ দুখ পাইছে না! চিন্তা নকৰিবি আমি হহায় কৰিব৷”

গাঁওবুঢ়াৰ কথা শুনি সকলোৰে মনবোৰ ভাল লাগি গ’ল৷ গাঁওবুঢ়াই কিছুমান মানুহ মতাই আনি আঠটা পৰিয়ালক আঠ ঘৰত ৰখাৰ ব্যৱস্থা কৰি দিলে৷

তেমেকাহঁতৰ পৰিয়ালটোক হেমাৰি ৰংফাৰ নামৰ মানুহ এজনৰ ঘৰত ৰখা হ’ল৷ তেমেকাই হেমাৰিৰ লগত কথা পাতি গম পালে তেওঁলোক মিকিৰ মানুহ৷ সি আৰু গম পালে এই বৃহৎ সমভূমি অঞ্চলটোত কেইখনমানহে মিকিৰ গাঁও আছে৷ ডিমাছা মানুহৰ গাঁও দুখনমানো আছে৷ বৃহৎ অঞ্চলটোত জনবসতি একেবাৰে সেৰেঙা৷ তেওঁলোকৰ গাঁওখনৰ নাম কাংবুৰা তিমুং গাঁও৷ গাঁওবুঢ়াৰ নাম কাংবুৰা তিমুং৷ তেওঁৰ নাম অনুসৰিয়েই গাঁওখনৰ নামো দিয়া হৈছে৷


তিনি

তিনিদিন জিৰণি লোৱাৰ পাছত তেমেকাই নিজৰ গাঁৱৰ মানুহবোৰৰ লগত দুপৰীয়া সময়ত আলোচনাত বহি এটা সিদ্ধান্তলৈ আহিল৷ কথাটো আগ বঢ়াই নিবলৈ ৰাইজে তাকে দায়িত্ব দিলে৷ গধূলি সময়ত হংজাইত বহি ঢাৰি বৈ থকা হেমাৰিক কাষতে বহি সি সুধিলে– “কাকা! আমি এনেকে নাথাকং বুলি ভাবিছং৷ ঘ’ হাজি গাং পাতিম বুলি ভাবিছং৷ ইয়াত খেতি কঈবা পাআ বহুত মাটি আছে৷”

“হয় নাকি?”– হেমাৰিয়ে ঢাৰি ববলৈ এৰি মাত দিছিল৷ “এইবোৰ মাটি আমাৰ গাঁৱৰ৷ বেলেগ গাঁও পাতিব নোৱাৰিবি৷ একে ঠাইতে ঘৰ পাতিলেও আমাৰ গাঁৱৰ মানুহেই হ’বি আৰ’ গাংবুৰা কাংবুৰা তিমুঙেই হ’ব৷ মানে তহঁতৰ ঘৰ থাকা ঠাইখনো কাংবুৰা তিমুং গাঁৱতে পৰিব৷ মাটি ল’ব খুজিলে গাংবুৰাক ক’বি৷ এনেই ক’লে নহ’ব৷ মান দি ক’ব লাগিব৷ তেতিয়াহে পাবি৷ নতুন গাঁও পাতিব খুজিলে কোনো গাঁৱত নপৰা মাটিত পাতিবা লাগিব৷”

“হ’ব কাকা৷ আমি বেলেগ গাং নকৰং৷ তন্ত’ গাঙ’ মানুহেই হৈ থাকিম৷ গাংবুআ কাংবুআ তিমুঙেই হৈ থাকিব৷ আমাক ঘ’ হাজিবা মাটি দিলেই হ’ল৷ মানে আমি থাকা ঠাইখিনি কাংবুআ তিমুং গাঙ’ এটা চুবুঈ হ’ব৷”

“অঁ হেইটোৱেই৷ এটা চুবুৰী হ’ব৷”

হেমাৰীৰ পৰা পোৱা উপায়টো তেমেকাই নিজৰ মানুহখিনিৰ লগত আলোচনা কৰিলে৷ সকলোৱে মানি ল’লে গাঁৱৰ নিয়মটো৷ সেই মতে এদিন মানুহবোৰে নিয়ম অনুসৰি গাঁওবুঢ়াক মান ধৰি ঘৰ বান্ধিবলৈ মাটি বিচাৰিলে৷ তেমেকাই মন কৰিলে মান পাই গাঁওবুঢ়া সন্তুষ্ট হৈছে৷ গাঁওবুঢ়াই ক’লে– “ইয়াৰ পৰা অলপ ওচৰতে এটা আটী আছে৷ তাতে ঘৰ হাজিবি৷ তাৰ লগতে থাকা জংঘল কাটি খেতি কৰিবি৷ হেই জাগাখিনি তহঁতক দিছে৷”

গাঁওবুঢ়াৰ কথা শুনি তেমেকাহঁতৰ মনত আনন্দ লাগিল৷ তেমেকাই গাঁওবুঢ়াক ক’লে– “ঠাইখিনি দেখুৱাই দিলে ভাল পালংহেঁতেন৷ তেতিয়া আমি ঠাই মুকলি কঈবা পাঈলংহেঁতেন৷”

“কালি ৰাতিপুৱা ওলাবি৷ ম’ৰ দেখুৱাই দিব৷”

গাঁওবুঢ়াক ধন্যবাদ দি সকলোৱে নিজে থকা ঘৰলৈ ঘূৰি আহিল৷

পাছদিনা ৰাতিপুৱা গাঁওবুঢ়াই তেমেকাহঁতক নি ঘৰ বন্ধা আৰু খেতি কৰাৰ মাটিবোৰ দেখুৱাই দিলে৷ তেমেকাই ঠাইখিনি চাই দেখিলে পানীখেতিৰ বাবে বৰ উপযুক্ত ঠাই৷ আটীটোও ডাঙৰ৷ মানুহবোৰে ধুনীয়াকৈ ঘৰ-বাৰী সাজি থাকিব পাৰিব৷ ঠাইখিনি কাংবুৰা তিমুং গাঁৱৰ কাষতে৷

তেমেকাই নিজৰ গাঁৱৰ মানুহবোৰৰ লগত কথা পাতি নিজাকৈ ৰান্ধি খোৱাৰ ব্যৱস্থা কৰিলে৷ সকলোৱে এখন এখন চালি দি একোটাকৈ ৰান্ধনি ঘৰ সাজি ল’লে৷ চৰু-হাড়ী সিহঁতে লগতে লৈ আনিছেই৷ সিহঁতে শাক-পাচলি জংঘলৰ পৰাই গোটাব পাৰিব, চাউল-পাতৰহে প্ৰয়োজন৷ তেমেকাহঁতে গাঁওবুঢ়াৰ লগত আলোচনা কৰি ধান ধাৰ লোৱাৰ ব্যৱস্থা কৰিলে৷ গাঁওবুঢ়াই নিজেই দুমোনকৈ ধান আঠঘৰ মানুহক ধাৰ হিচাপে দিলে৷ তদুপৰি গাঁৱৰ আন মানুহবোৰকো মাজে মাজে ধান ধাৰলৈ দিবলৈ তেওঁ কৈ থ’লে৷ তেমেকাহঁতে প্ৰতিশ্ৰুতি দিলে যে এবাৰ খেতি উঠাব পাৰিলেই ধাৰলৈ লোৱা ধানবোৰ ঘূৰাই দিবলৈ চেষ্টা কৰিব৷

ফুটুকীৰ কথা তেমেকাৰ মনলৈ আহিল৷ সি চিন্তা কৰিলে ফুটুকীক মাক-বাপেকৰ লগতে এনেদৰে ৰাখি থোৱাটো উচিত হোৱা নাই৷ তাই মাক হ’বলৈ ওলাইছে৷ তাইক আনি নিজৰ ঘৰত সি চপাই লোৱাটো তাৰ বাবে অতিকে প্ৰয়োজন৷ সি ডেকা কেইজনমানৰ সহায় লৈ পাকঘৰটোৰ লগতে এটা সৰু কোঠা সাজিলে৷ তাৰ পাছতে গধূলি সময়ত ফুটুকীক আিন সি ঘৰ সুমুৱালেহি৷ ফুটুকীক নিজৰ কোঠাত সুমুৱাই থৈ আহিয়েই সি মাক-দেউতাকক ক’লে– “মই জগ’ এটা কঈছং৷ ফুটুকীক আনি ঘ’ হুমুৱালং৷ এতিয়া দায়-জগ’ মাঈবলৈ ধন-ধান নাই৷ পাছত হেইবো’ কঈম৷”

তেমেকাৰ বাপেক ৰূপেশ্বৰে অলপ আপত্তি কৰিছিল৷ কিন্তু সৰুমাই আৰু মালতীয়ে বুজাই মেলি তেওঁক শান্ত কৰিলে৷ তেমেকা আৰু ফুটুকীৰ কথাবোৰ আগৰে পৰা গাঁৱৰ মানুহৰ মুখে মুখে আছিল৷ এতিয়া সি ফুটুকীক আনি ঘৰ সুমুওৱাটো গাঁৱৰ মানুহবোৰে একো আচৰিত কথা বুলি নাভাবিলে৷

আটীটোত জংঘল চাফা কৰাৰ কাম আৰম্ভ হ’ল৷ ৰাতিপুৱা সোনকালেই ভাত-পানী খাই একোটাকৈ ভাতৰ টোপোলা লৈ মতা মানুহবোৰ জংঘল কাটিবলৈ দিনটোলৈ ওলাই যায়৷ কেইজনীমান গাভৰুও নিজৰ পৰিয়ালৰ মানুহখিনিক সহায় কৰিবলৈ যাবলৈ লৈছে৷ তাৰ মাজতে জংঘলৰ মাজলৈ গৈ কাঠআলু আৰু শাক-পাচলি গোটোৱাৰ কামো চলি থাকিল৷ কাষতে এটা ডাঙৰ জুৰি আছে৷ জুৰিটোত বিধে বিধে মাছ বিচৰণ কৰে আৰু তাৰ পৰাই মানুহবোৰে মাছো বিচাৰি আনে৷

দিন বাগৰিল৷

তেমেকাৰ মাজে মাজে মনত পৰিছে লক্ষণসিংহঁতলৈ৷ কিন্তু গাঁৱৰ মানুহবোৰৰ গতি নলগোৱাকৈ কেনেকৈনো সি লক্ষণসিংহঁতৰ ওচৰলৈ যায়? এই সৰ্বস্বান্ত মানুহবোৰ সি যোৱাৰ পাছত কেনেকৈ চলিব? গ’লেও মানুহবোৰক বাচি থাকিবলৈ বাট এটা দেখুওৱাৰ পাছতহে সি যাব পাৰিব৷ নহ’লে ইয়াৰ পৰা যাবলৈ তাক তাৰ মনে নকয়৷

এদিন ঘৰ সজাৰ বাবে মাটি মুকলি কৰা হৈ গ’ল৷ তাৰ পাছতে মানুহবোৰে ঘৰ সজাৰ কাম আৰম্ভ কৰিলে৷ তেমেকায়েও পৰিয়ালৰ মানুহখিনিক লৈ ঘৰ সাজিবলৈ ধৰিলে৷ কাঠ-বাঁহ-খেৰৰ অভাৱ নাই৷ ওচৰতে সকলোবোৰ আছে৷ মাত্ৰ সেইবোৰ সংগ্ৰহ কৰি কামবোৰ কৰি গ’লেই হ’ল৷ ঘৰৰ বেৰাৰ বাবে ইকৰা-বতা আিদৰো অভাৱ নাই৷ মাত্ৰ সেইবোৰক শুকুৱাই বেৰাৰ উপযোগী কৰোঁতে কিছু দেৰি লাগিছে৷

লাহে লাহে ঘৰবোৰ হৈ উঠিলত কাংবুৰা তিমুং গাঁৱৰ এটা নতুন চুবুৰীৰ সৃষ্টি হ’ল৷ মানুহবোৰে অলপ নিয়ম-নীতি কৰি নতুন ঘৰত সোমাল৷ নতুন চুবুৰীত নতুন ঘৰত সোমোৱাৰ এটা উৎসৱেই হ’ব লাগিছিল৷ কিন্তু অভাৱ-অনাটনে আগুৰি ৰখা মানুহবোৰে সেইবোৰ একো কৰিব নোৱাৰিলে৷ মানুহবোৰে নতুন খেতিৰ মাটি মোকলোৱাতহে গুৰুত্ব দিছে৷

লাহে লাহে পুহমাহটো যাবৰ হ’ল৷ মাঘৰ বিহুটো তেমেকাহঁতে আগতে কিমান যে আনন্দৰে নাপাতিছিল! তেমেকাৰ মনটো পুৰণি দিনলৈ ঘূৰি যোৱাত তাৰ বৰ দুখ লাগিল৷ কিন্তু মানুহবোৰে মাঘবিহুৰ নিয়মটো কৰিবলৈ মন কৰি পুহৰ শেষৰ দিনটোত ওচৰৰে বৈ যোৱা ডোঙটোৰ পাৰত মেজি কেইটামান সাজিলে৷ তাতে মেজিত জুই দি সকলোৱে মাঘবিহুটো অনুষ্টুপীয়াকৈ পাতি আনন্দ কৰিলে৷

তেমেকাই ভাবিলে মানুহবোৰৰ গতি লাগিছে, এৰি থৈ কেইদিনমানৰ বাবে সি ওলাই যাব পাৰিব৷ সি কেৰ্পাইৰ লগত কথাটো আলোচনা কৰিলে৷ খেতিৰ মাটি মোকলোৱাৰ কামৰ পৰা আহি এদিন সন্ধিয়া তেমেকাই ৰূপেশ্বৰক ক’লে– “পিতাই, তই এতিয়া হকলোবো’ চম্ভালিবি৷ কামবোঅ গতি লাগিছে৷ এতিয়া খেতিমাটি মোকলোৱা কামখিনি কঈ যাবি৷ মই আক’ লক্ষণসিং হেনাপতি’ ওচঅলৈ যাবা লাগিব৷ তাত কি হৈ আছে একো গম পোৱা নাই৷ তিনিমাহ পা’ হৈ গ’ল৷ হেনাপতিয়ে চাগে’ ম’ক বিচাঈয়েই আছে৷”

“তই নগ’লে নহ’ব না? হেইখন নঅকলৈ আউ যাবা নালাগে৷”

“আইজ’ কাম৷ আমাক দায়িত্ব দি থোৱা আছে৷ মই আউ কেপাই যাবাই লাগিব৷ নহ’লে হেনাপতিহঁতে আমাক হমা নকঈব৷ বহুত বেয়া পাব৷ ইমান দিন পা’ হৈ গ’ল৷ গণ্ডগোলবো’ নাইকিয়া হৈ যাবাও পাএ৷ গতিকে এপাক গৈ খব’ এটা কঈ আহিবা লাগিব৷”

“কেতিয়া যাবি?”

“কালিলৈয়ে যাম বুলি কেপাই লগত কথা হৈছং৷”

তেমেকাই বাপেকৰ লগত পাতি থকা কথাবোৰ সৰুমায়ে শুনি আছিল৷ তেওঁ তেমেকাৰ সম্মুখলৈ আহি ক’লে– “তালৈ আউ কিয়া যাবা লাগে? মঈব খুজিছ? যেনেতেনে পলাই আহি জীৱটো বচালং৷ এতিয়া আক’ যমকেইটা’ মুখলৈ যাবা বিচাঈছ৷ ইমানখিনি কষ্ট পায়ো হিক্ষা নহ’ল৷”

“নাই আই, মই যাবা লাগিব৷ দুদিনমানতে ঘূঈ আহিম বুলি হেনাপতি পআ অনুমতি লৈ আিহছিলং৷ কিন্তু এতিয়া বহুত দিন পা’ হৈ গ’ল৷ হেনাপতি ব’ ভাল মানুহ৷ আমাক কিমান মঅম কএ৷ হেই মানুহক ঠগিলে ব’ ডাঙ’ পাপে চুব৷ দেঈ হ’লেও মই যাবা লাগিব৷ পাঈলে হেনাপতিহঁতকো এইফালেই পলুৱাই আনিবা লাগিব৷ তেতিয়া হিন্তেও নিআপদে থাকিবা পাঈব৷ ইফালে আনিলে চিপাহীয়ে কেতিয়াও বিচাঈ নাপাব৷”

“ক’বা নোৱাঈ৷ হিন্তে আহিলে চিপাহীয়েও পিছে পিছে আহি ওলাব৷”

“হ’ব বাউ৷ হিন্তক আনিলে বেলেগ ফালে নি লুকুৱাই আখিম৷ আমা’ ইফালে নানং৷”

তেমেকাৰ যোৱাটো খাটাং হ’ল৷ সি ঘৰৰ পৰা ওলাই কেৰ্পাইৰ ওচৰত গৈ ওলাল৷ সি তাক ক’লে– “মই ঘঅ মানুহক যেনেতেনে মান্তি কঈছং৷ তন্ত’ ঘঅ মানুহ মান্তি হৈছে না?”

“ঘঅত বহুত আপত্তি৷ তথাপি মান্তি হৈছে৷”

“তেন্তে কালিলৈ আতিপুৱা যোৱাটো খাটাং?”

“অঁ খাটাং৷”

তেমেকাই কেৰ্পাইৰ ওচৰৰ পৰা আহি নিজৰ কোঠাত সোমাল৷ তাক দেখিয়েই ফুটুকীয়ে জোৰেৰে কান্দিবলৈ ধৰিলে৷ সি তাইক ক’লে– ‘এই! ইমানকৈ কান্দিছ কেলেই?”

“মই গম পাইছং, তই ফুলগুঈ ফালে যাবা ওলাইছ৷ কিয়া যাবা লাগে? ইমান বিপদ যেনেতেনে পা’ কঈ আহিলং৷ এতিয়া আক’ যাবা লাগে কিয়া?”

“তই কথাবো’ বুজিবলৈ চাবি৷ ময়ো জানং ফুলগুঈ ফালে যোৱাটো ভাল নহয় বুলি৷ চিপাহী হাতত ধআ পঈলে কিমান হাস্তি পাম ক’বা নোৱাঈ৷ হেইবুলি নাজাম না? কথাবো’ বুজিবলৈ চেষ্টা কঈবি৷...”

তেমেকাই তাইক সাবটি ধৰি কথাবোৰ বুজাবলৈ ধৰিলে৷ তাই এটা সময়ত শান্ত হ’ল৷

ৰাতি ভাত খোৱাৰ পাছতে সকলোৱে বিছনা ল’লে৷ ফুটুকী তেমেকাৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গ’ল৷ তাইৰ চকুত চকুলো৷ তাইৰ মানুহটো আকৌ ভয়ংকৰ বিপদৰ মাজলৈ যাব৷ তালৈ গৈ সি পুনৰ ঘূৰি আহিব পাৰিব নে নোৱাৰে তাৰ ঠিকনা নাই৷ তাইৰ বৰ ভয় লাগিছে৷ সেই নিষ্ঠুৰ চিপাহীবোৰে পালেই তাৰ মৰমৰ মানুহটোক মাৰি পেলাব৷ তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে৷ তেমেকাই তাইক বুজনি দিলে– “নাকান্দিবি৷ কপালত যি আছে হেয়াই হ’ব৷ আমা’ দায়িত্ব আছে৷ এই দায়িত্ব পালন নকঈলে মানুহে আমাক হাঁহিব৷ তন্তক নিআপদ ঠাইলৈ অনাটো যেনেকে ম’ দায়িত্ব আছিল তেনেকে আইজে দিয়া কামবো’ কআও ম’ দায়িত্ব৷ নাকান্দিবি৷ চাং ম’ হোণজনী’ মুখখন৷”

তেমেকাই বুকুৰ মাজৰ পৰা ফুটুকীৰ মুখখন উলিয়াই আনি চুমা খাবলৈ ধৰিলে৷ ফুটুকীয়ে তাক বাধা নিদি নীৰৱে ৰ’ল৷ সি ‘চাং যোৱা’ আগতে এবা’ বুলি তাইক জোৰেৰে সাবটি ধৰিলে৷ লগে লগে দুয়োৰে দেহা দুটাই ইটোৱে সিটোক লৈ ব্যস্ত হৈ পৰিল৷ এটা সময়ত দুয়ো আদিম প্ৰবৃত্তিটোত লিপ্ত হ’ল৷

কিছু সময়ৰ পাছত তেমেকা আৰু ফুটুকীৰ দেহা দুটা শান্ত হ’ল৷ তেমেকাই ফুটুকীক সাবটি ধৰি টোপনি যাবলৈ চেষ্টা কৰিলে৷ লাহে লাহে সিহঁতৰ চকুলৈ টোপনি নামি আহিল আৰু দুয়ো নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল৷ 

পাছদিনা সৰুমাই আৰু ফুটুকীয়ে আন্ধাৰ হৈ থাকোঁতেই ভাত-তৰকাৰি ৰান্ধিবলৈ ধৰিলে৷ তেমেকায়েও দোকমোকালিতে উঠি মুখ-হাত ধুই তাৰ দাখন ধাৰ দি ল’লে৷ মাকে ভাত খাবলৈ মতাত সি ভাত খালে আৰু যাবলৈ সাজু হ’ল৷ ফুটুকীয়ে তাৰ মোনাটোত ভাতৰ টোপোলা আৰু নিমখ-জলকীয়াৰে সৈতে চাউল অলপ ভৰাই দিলে৷ মাঘমাহ৷ এতিয়াও ৰাতি কাপোৰ ল’ব লগা হয়৷ বতৰ ঠাণ্ডা থাকিলে দিনতো কাপোৰৰ প্ৰয়োজন হয়þ৷ অৱশ্যে এতিয়া লাহে লাহে ঠাণ্ডা আঁতৰি যাবলৈ আৰম্ভ কৰিছে৷ এখন এৰী চাদৰ তেমেকাই কান্ধত পেলাই ল’লে, দৰকাৰ হ’লে গাত মেৰিয়াই ল’ব৷ সি মোনাটো কান্ধত লৈ দাখন হাতত ল’লে৷ তেনেতে পতেশ্বৰী আহি ওলাল৷ তেওঁ তেমেকাক ক’লে– “গৈছ যেতিয়া অহেমাই’ খব’ এটা কঈ চাবি৷”

“হ’ব, মই তা’ খব’ ল’ম৷”

তেমেকাই ঘৰৰ সকলোকে মাত লগাই  খোজ ল’লে কেৰ্পাইৰ লগ ল’বলৈ৷ ফুটুকী আৰু সৰুমায়ে সি যোৱাৰ ফালে চাই চাই চকুলো টুকি থাকিল৷

তেমেকা আহি কেৰ্পাইৰ ঘৰত সোমাই খবৰ কৰিলে সি সাজু হৈছে নে নাই বুলি৷ কেৰ্পায়ে তেমেকালৈকে ৰৈ আছিল৷ সি আহি তেমেকাৰ লগ ল’লে আৰু দুয়ো আগতে যিফালেদি আহিছিল সেইফালেই খোজ ল’লে৷

সিহঁত আহি আহি আগতে পাৰ হোৱা ডোংটোৰ পাৰত উপস্থিত হ’ল৷ ডোংটোত এতিয়া আৰু পানী কমিল৷ কলাফুললৈকে  পানী পৰা ডোংটো দুয়ো খোজ কাঢ়ি পাৰ হ’ল৷

সিহঁত গৈ থাকিল৷ তেমেকাই অনুমান কৰিলে, অন্ততঃ দুৰাতি জংঘলৰ মাজত কটাই গ’লেহে সিহঁত লক্ষণসিংহঁত থকা ঠাইত উপস্থিত হ’বগৈ পাৰিব৷ তাতে এতিয়াও দিনবোৰ চুটি হৈয়ে আছে৷

সিহঁত গৈ থাকিল৷ মাজতে সিহঁতে ভাতৰ টোপোলা খুলি ভাত খালে৷ তাৰ পাছত পুনৰ গৈ থাকিল জংঘল ফালি ফালি৷ ডাঠ জংঘল আৰু বনৰীয়া জীৱ-জন্তুৰে ভৰি থকা বাট৷ আচলতে বাট বুলিবলৈ নায়েই৷ সিহঁতে হাবি ফালিহে গৈ আছে৷ ডাঠ জংঘল পালে সিহঁতৰ খোজ ধীৰ হয় আৰু পাতল জংঘল পালে সিহঁতৰ খোজ খৰ হয়৷

বেলি মাৰ যাবৰ পৰত সিহঁত এটা জুৰিৰ পাৰত উপস্থিত হ’ল৷ তেমেকাই কেৰ্পাইক ক’লে– “আজি আতিটো ইয়াতে কটোৱা যাক৷ বেলি মা’ যাবা হ’লেই৷ আতিটো থাকিবা কাঅণে  ব্যৱস্থা কঈবা লাগে৷”

“অ ঠিকেই কৈছ৷ জুঈ এটাও আছে৷ ইয়াতে থাকিবলৈ ভাল হ’ব৷ বাঁহগছ আউ কলগছো আছে৷”

দুয়ো এটুকুৰা ঠাই নিৰ্বাচন কৰি চাফা কৰিবলৈ লাগি গ’ল৷ ঠাই টুকুৰা চাফা হোৱাৰ পাছতে কেৰ্পায়ে বাঁহ কাটি বাঁহৰ চুঙা লৈ আহিল৷ তেমেকাই কলপাত কাটি আনিলে৷ কাষতে থকা শুকান বাঁহ কাটি সি খৰিও অলপ গোটালে৷ আন্ধাৰ হোৱাৰ আগে আগে সিহঁতৰ ভাত ৰন্ধাৰ কাম আৰম্ভ হ’ল৷ তেমেকাই মহ-ডাঁহ খেদিবলৈ চাৰিওফালে ধোঁৱা দিলে৷

ভাত খোৱাৰ পাছতে শুকান গছৰ পাত পাৰি দুয়োটা শুই পৰিল৷ সিহঁতৰ কাষতে কাঠৰ খৰিৰ জুই একুৰা ওৰে ৰাতি জ্বলাই থোৱা হ’ল৷ সিহঁতৰ বিশ্বাস, জুই জ্বলি থাকিলে মহ-ডাঁহৰ উপৰি বনৰীয়া জাৱ-জন্তুও কাষলৈ নাহে৷

পাছদিনা দোকমোকালিতে উঠি নিজৰ নিজৰ বস্তু লগত লৈ তেমেকাহঁতে পুনৰ খোজ ধৰিলে৷

সিহঁতে বাটত এটা হাতীৰ জাক লগ পালে৷ গছৰ ডাল-পাত খাই থকা হাতীবোৰক এৰি তেমেকাহঁতে অলপ ঘূৰি সিহঁতক পাৰ হৈ আহিল৷ কিছুদূৰ অহাৰ পাছত সিহঁত দুটা ভালুকৰো মুখামুখি হ’ল৷ ভালুক দুটাই এডাল শুকান গছ খুঁচৰি কিবা খাই আছিল৷ তেমেকা আৰু কেৰ্পায়ে সিহঁতৰ পৰাও ফালৰি কাটি পাৰ হৈ আহিল৷

সিহঁত গৈ থাকিল৷

মাজত এৰাতি কটাই পাছদিনা আগবেলাতে সিহঁত কপিলীৰ পাৰত উপস্থিত হ’ল৷ সিহঁতে আগতে পাৰ হোৱা ঠাই এইখিনি নহয়৷ জংঘলৰ মাজেৰে আহি আগৰ বাট হেৰুৱাই সিহঁত এইখিনিত ওলাইছে৷ সি যি কি নহওক সিহঁত কপিলীৰ পাৰত উপস্থিত হৈছে৷ সেয়াই সিহঁতৰ বাবে আনন্দৰ কথা৷ তেমেকাই অনুমান কৰিলে কপিলীৰ পাৰে পাৰে সিহঁত পশ্চিমলৈ যাব লাগিব আৰু শিমলুগুৰি গাঁওখন পাবলৈ এতিয়াও ভালেখিনি বাট আছে৷ সিহঁত কপিলীৰ পাৰে পাৰে পশ্চিমলৈ ভটিয়নী দিশত খোজ ল’লে৷

এঠাইত ৰৈ সিহঁতে মোনাৰ পৰা ভাতৰ টোপোলা উলিয়াই ভাত খালে৷ তাৰ পাছত পুনৰ খোজ দিলে৷

দুয়োৰে লাহে লাহে ভাগৰ লাগি আহিল৷ সিহঁতে এঠাইত ভাগৰ মাৰিবৰ বাবে ৰৈ দিলে৷ তেমেকাই অনুমান কৰিলে কপিলী নদীখন পাৰ হৈ পশ্চিমলৈ আৰু কিছুদূৰ গ’লেই সিহঁতে লক্ষণসিংহঁত থকা ঠাইখিনি পাবগৈ৷ দীঘলকৈ উশাহ এটা টানি তেমেকা কপিলীৰ পাৰত বহিল৷ কেৰ্পায়েও আহি তাৰ কাষত বহি ল’লে৷ সিহঁতে নিজৰ গাকেইটা জংঘলত লুকুৱাই ৰাখিয়েই বহিছে৷ পানীৰ কাষলৈ গৈ মুকলি ঠাইত বহাটো নিজলৈকে বিপদ বুলি তেমেকাই ধৰিব পাৰিছে৷ তেনে ঠাইত থাকিলে ইপাৰ বা সিপাৰৰ পৰা কোনোবাই দেখা পোৱাৰ সম্ভাৱনা থাকে৷ চিপাহীয়ে দেখিলেতো কথা ডাঙৰেই হ’ব৷

দুয়ো কপিলীৰ সিপাৰলৈ চাই ৰ’ল৷ হঠাতে তেমেকাই দেখিলে কপিলীৰ সিপাৰত জংঘলৰ মাজত চিপাহী কিছুমান ঘূৰা-ফিৰা কৰিছে৷ তেমেকাৰ বুকু কঁপি উঠিল৷ তাৰ মানে চিপাহীবোৰ আহি আহি এইফালো পাইছেহি৷ তেমেকাই ফুচফুচাই কেৰ্পাইক সুধিলে– “হিপাঅত কিবা দেখিছ না?”

“দেখিছং দেখিছং৷ চিপাহী ঘূঈ ফুঈছে৷”

“আমি ঘপহকৈ পা’ হৈ নগৈ ভালেই কঈলং৷ নহ’লে হিন্ত’ মুখতে পঈলং হয়৷ কিন্তু লক্ষণসিংহঁত এইফালেই আছিল৷ হিন্তক ধঈলে যেন পাইছং৷ আউ হিমলুগুঈ গাংখন? মানুহবোঅক চাগে’ ধঈ নি ব’ অত্যাচা’ কঈছে৷”

“পেহা-পেহীহঁতক যদি ধঈছে৷ ব’ ডাঙ’ কথা হৈছে৷”– কেৰ্পায়ে কন্দনামুৱা হৈ মাত দিলে৷ “হিন্তক চাগে’ ব’ হাস্তি দিছে৷ কাঅণ হিন্তেই লক্ষণছিংহঁতক খুৱাই-বুৱাই আখিছিল৷ হিন্তক হেই অপআধত জেলত নি ভআঈছে চাগে’৷”

“ইমান চিন্তা নকঈবি অ৷ আগতে কি কথা জানি লচোন৷”

সিহঁতে দেখিলে চিপাহীবোৰ লাহে লাহে চাপৰমুখৰ দিশলৈ যাবলৈ লৈছে৷ তেমেকাৰ মনত আনন্দ লাগিল৷ সিহঁত চাপৰমুখৰ দিশত গৈছে যেতিয়া শিমলুগুৰি গাঁৱৰ ফালে চিপাহী নাথাকিব৷ তেমেকাই কেৰ্পাইক ক’লে– “হিন্তে এইফালে গৈছে যেতিয়া ভালেই হৈছে৷ হিন্তে চাগে’ থেকেআগুঈ পআ চাপ’মুখলৈকে মানুহ বিচাঈছে৷ কিন্তু ভাল’ কথাটো হ’ল হিন্ত’ লগত কাক’ ধঈ নিয়া মানুহ নাই৷”

“তেন্তে ইন্তে হিমলুগুঈ গাংখন পাই আহিছে৷”

“অঁ পাবা লাগিব৷ মানুহবোঅক আউ লক্ষণসিংহঁতক আগতেই ধঈ নিলে নাকি? এতিয়া জংঘলত লুকাই থাকা মানুহকহে বিচাঈ ফুঈছে৷”

“হ’বা পাএ৷”

“আহ আমি লাহে লাহে পশ্চিমলৈ ভটিয়াই গৈ থাকং৷”

দুয়ো বহাৰ পৰা উঠিল আৰু লাহে লাহে ভটিয়াই যাবলৈ ধৰিলে৷ তেমেকাই ক’লে– “আমি হাৱধানে গৈ থাকা ভাল৷ এইটো পাঅতো চিপাহী ঘূঈবা পাএ৷”

এটুকুৰা ঠাইত উপস্থিত হৈ তেমেকা থমকি ৰ’ল৷ সি কেৰ্পাইক ক’লে– “আমি এবা’ কপিলী পা’ হৈ এইফালেদিয়ে চহঈলৈ গৈছিলং৷ নহয় না? তা’মানে আমি হিমলুগুঈ পাইছংহি৷ হিপাএই গাংখন আছে৷”

“হয় হয়৷ ঠিক কৈছ৷ ব’লচোন ইপাঅ পআ গাংখন চাং৷”

দুয়ো কপিলীৰ পাৰলৈ আহি জংঘলৰ মাজৰ পৰাই সিপাৰলৈ চাবলৈ ধৰিলে৷ গাঁওখন সিহঁতৰ চকুত পৰা নাই৷ তেমেকাই মাটিত বহি লৈ কেৰ্পাইকো বহিবলৈ দিলে৷ সি ক’লে– “চিপাহী আছে না নাই চাই লং৷ নাই যেন পালে হাতুঈ গাংখনলৈ যাম৷”

দুয়ো গাঁওখন থকাফালে একেৰাহে চাই ৰ’ল৷

কপিলী নদীখনত চলি আছে শিহুবোৰৰ নাচোন-কাচোন৷ সিহঁতে মাজে মাজে মূৰটো উলিয়াই তললৈ সোমাই যায় ফিচাখন দেখুৱাই৷ চাবলৈকো বৰ ভাল৷ জাক জাক শিহুৰ খেলাই তেমেকাৰ মনত আনন্দ দিছে৷ কিন্তু সি পানীত নামিলে শিহুবোৰে বিপদ ঘটাব পাৰে বুলি ভয় এটাও কৰিলে৷ সি আগতে শিহু থকা নদীত নামি পোৱা নাই৷ সি কেৰ্পাইক সুধিলে– “আমি নদীত হাতুঈ গ’লে হিহুবোএ আক’মণ কঈব নাকি?”

“নাই নকএ৷ হিহুৱে মানুহক একো নকএ৷ হিন্তে মানুহক ভয় কএ৷ কেৱল ঘঁঈয়াললৈহে ভয়৷ এইখিনিত ঘঁঈয়াল নাই৷”

বহুত সময় চাই থকাৰ পাছতো তেমেকাহঁতে কোনো চিপাহী নেদেখিলে৷ কোনো এজন গাঁৱৰ মানুহো সিহঁতৰ চকুত পৰা নাই৷ তেমেকাই ক’লে– “চিপাহী নাই৷ হিন্তে এইফাল’ পআই চাপ’মুখ’ ফালে গৈছে৷ ব’ল কপিলীখন পা’ হৈ যাং৷”

তেমেকাহঁতৰ মোনাত অলপ অলপহে চাউল আছে৷ মোনাকেইটাৰ মুখ ভালদৰে মাৰি সিহঁতে মূৰত এনেদৰে বান্ধিলে যাতে চাউলখিনি পানীত নিতিতে৷ তাৰ পাছত তিয়নি পিন্ধি চুৰিয়া এৰী ছাদৰকেইখন পাগুৰি মৰা দি মাৰিলে৷ সিহঁত পানীত নামিল আৰু সাঁতুৰি অলপ সময়ৰ ভিতৰতে ইপাৰ পালেহি৷ দুয়ো পাৰৰ জংঘলত সোমাই চুৰিয়া পিন্ধিলে আৰু মোনাকেইটা আগৰ দৰে কান্ধত ল’লে৷ কাপোৰবোৰ ঠিক কৰি লৈ সিহঁতে লাহে লাহে খোজ ল’লে শিমলুগুৰি গাঁৱলৈ৷

তেমেকাহঁতে শিমলুগুৰিত উপস্থিত হৈ দেখিলে– গোটেই গাঁওখন নিমাওমাও হৈ আছে৷ মানুহ এজনৰো উম-ঘাম নাই৷ তেমেকাই অনুমান কৰিলে মানুহবোৰে গাঁও এৰি গুচি গৈছে৷ সিহঁত নোমলৰ ঘৰত সোমাল৷ ঘৰৰ কিছুমান বস্তু লক্ষ্য কৰি তেমেকাই ক’লে– “পেহাহঁতে গাঁও এৰি যোৱা ভালেমান দিন হ’ল৷ কপিলী পা’ হৈ হিন্তে পাহাঅ ফালে গুচি গৈছে যেন পাং৷”

“গুচি গৈ ভালে-কুশলে আছে যদি ভালএ কথা৷”

তেমেকাহঁতক বৰ দৰকাৰ হৈছে চাউলৰ৷ তেমেকাই পাকঘৰত সোমাই চাউল আছে নে নাই চালে৷ এটা কলহৰ তলত সি চাউল অলপ পালে৷ সি চাউলখিনি মোনাত ভৰাই কেৰ্পাইক ক’লে– “আমি চাউল’ আটকত পঈছং৷ বাকী কেইঘঅতো চাংগৈ ব’লচোন পাং নাকি! মোনাকেইটা ভআই ল’বা পাঈলে ভালেই হ’ব৷”

“ব’ল৷ হিন্তেতো গুচি গ’লেই৷ থাকা চাউলখিনি আমিয়েই খাবা লাগিব৷ নহ’লে এনেই নষ্ট হ’ব৷”

দুয়ো ঘৰে ঘৰে গৈ চাউলৰ সন্ধান কৰিলে৷ অলপ অলপকৈ পোৱা চাউলৰে সিহঁতৰ মোনাকেইটা ভৰিল৷ ৰাতিটো কটোৱাৰ চিন্তা মনলৈ আহিলত তেমেকাই ক’লে– ‘ক’ব নোৱাঈ চিপাহীবোঅ কথা৷ এতিয়াও বেলি মা’ যোৱা নাই৷ ঠিক নাই এইফালে আক’ ঘূঈ আহিবা পাএ৷ আমি জংঘলতে থাকিমগৈ৷ তা’ আগতে লক্ষণসিংহঁত থাকা জাগাটো চাংগৈ ব’ল ৷”

“অঁ ব’ল ৷”

দুয়ো গৈ লক্ষণসিংহঁত আগতে থকা ঠাইত উপস্থিত হ’ল৷ মানুহকেইজন নাই৷ এটা কোঠালিৰ ঘৰটোক জ্বলাই দিয়া হৈছে৷ এয়া চিপাহীৰ কাম বুলি তেমেকাৰ অনুমান হ’ল৷ কিন্তু তাৰ মনত প্ৰশ্ন উদয় হ’ল– “লক্ষণসিংহঁতক ধৰি নিয়া নাইতো! নিব লাগিলে বৰ বেয়া কথা হ’ব৷ সি আঁতৰত থাকি সঁচাকৈযে অপৰাধেই কৰি পাইছে৷ কেৰ্পায়ে তাক সুধিলে– “হেনাপতিহঁতক ধঈ নিলে নাকি বাউ?”

“নাজানং৷ ধঈ নিবাও পাএ৷ যদি ধঈ নিছে এঈ থৈ যোৱা বাবে আমি অপআধী৷ আমি এঈ থৈ যাবা নালাগিছিল৷ কালিলৈ দেওবঅক হুধিবা লাগিব৷ তা’ পআ খব’ পাম৷ ব’ল এতিয়া জংঘল’ মাজলৈ৷”

সিহঁত কপিলী পাৰৰ পৰা ভালেখিনি দূৰ আঁতৰি গৈ এঠাইত ৰাতিটো কটোৱাৰ ব্যৱস্থা কৰিলে৷ ভাত-পানী ৰান্ধি খাই সিহঁত শুই থাকিল৷

পাছদিনা ৰাতিপুৱা শুই উঠি দুয়ো ভাত ৰান্ধি খালে আৰু একোটাকৈ ভাতৰ টোপোলা মোনাত ভৰাই দেওবৰক লগ কৰিবলৈ খোজ ল’লে৷ জংঘল ফালি আহি আহি সিহঁত উপস্থিত হ’ল বহল মুকলি ঠাই এটুকুৰাত৷ তেমেকাই কেৰ্পাইক সুধিলে– “এয়া হিমলুগুঈ মানুহ’ খেতিপথা’ নহয় না?”

“হয়, এইবো’ হিন্তএই পথা’৷ মই আগতে এবা’ আহি পাইছং৷ ব’ ভাল খেতি হয়৷”

পথাৰখনৰ মাজে মাজে ধান কটা হৈছিল৷ নৰাবোৰ এতিয়াও থিয় হৈ আছে৷ কিন্তু বেছিভাগ ধানেই মানুহবোৰে নকটাকৈ এৰি থৈ গৈছে৷ ধানগছবোৰ মাটিত বাগৰি পৰিছে আৰু ধানবোৰ সৰি গৈ মাটিত সিঁচৰতি হৈ পৰিছে৷ ভাল দিন হোৱা হ’লে এই পথাৰত ধানবোৰৰ আলাই-আথানি নহ’লহেঁতেন আৰু এতিয়া গৰখীয়া ল’ৰাবোৰে নানা ধৰণৰ খেল খেলি থাকিলেহেঁতেন৷ তেমেকাৰ নিজৰ খেতিপথাৰখনৰ কথা মনলৈ আহিল– সেইবোৰো চাগে’ জহি-খহি গৈছে৷ বনৰীয়া চৰাই আৰু জীৱজন্তুৱে ধানবোৰ খাই নষ্ট কৰি পেলাইছে৷ তাৰ মনটো বৰ বেয়া লাগিল৷

তেমেকা আৰু কেৰ্পাই গৈ গৈ মাজবড়িৰ দেওবৰৰ ঘৰত উপস্থিত হ’ল৷ দেওবৰক সিহঁতে ঘৰতে পালে৷ দেওবৰে লগে লগে সিহঁতক এটা দিশলৈ আঙুলিয়াই ক’লে– “তন্তে এইফালে জংঘল’ মাজলৈ যা৷ মই গৈ আছং৷”

তেমেকাহঁতে কথা ভালৰ ফালে যোৱা নাই বুলি অনুমান কৰি জংঘলৰ মাজলৈ খোজ ল’লে৷

জংঘলৰ এঠাইত তেমেকাহঁত ৰৈ থাকিল৷ অলপ পাছতে তাত দেওবৰ আহি ওলাল৷ সি তেমেকাহঁতক পৰি থকা গছৰ ডাল এটাত বহিবলৈ দিলে আৰু সি নিজেও বহি সুধিলে– “তন্তে ক’ক গৈছিলি? ইমান দিন দেখা নাই৷”

তেমেকাই সকলোবোৰ কথা বিৱৰি ক’লে৷ তাৰ পাছত সি সুধিলে– “তই যে আমাক এইফালে গুচি আহিবলৈ ক’লি? কিবা ভয়’ কথা আছিল নাকি?”

“এইকেইদিন’ ভিতঅতে চিপাহীয়ে খোআকি নিবা আহিব৷ ঠিক নাই হঠাতে আহি পালে তন্তে বিপদত পঈবি বুলি এইফালে আহিবা কলং৷”

“হয় নাকি?”

তেমেকাৰ মনত লক্ষণসিংহঁতৰ কথাই খেলি আছে৷ সি সুধিলে– “আমা’ হেনাপতিহঁত ক’লৈ গ’ল? চিপাহীয়ে ধঈ নিলে নাকি?”

“নাই নাই, মই পলুৱাই পঠাইছং৷ চিপাহীবোএ অহা, ফুলগুঈ, বাঅপূজীয়া, কটহগুঈ, ঘগুৱা, বঘআ আদিকে ধঈ ঠাইবো’ আউ জংঘলবোঅত ঘূঈ হেনাপতিহঁতক বিচাঈ মানুহবোঅক বহুত অত্যাচা’ কঈলে৷ কিন্তু এইটো অঞ্চলত হুমুৱাহি নাছিল৷ ম’ মনে গোন্ধাইছিল এইবা’ হিন্তে এইফালে বিচাঈ আহিব৷ তাতে মই খব’ও পালং চিপাহী এইফালে ঘূঈব বুলি৷ মই কথাটো চাংবঅক জনালং৷ ইয়া’ পআ বেলেগ ফালে আঁতঈ যাবা লাগে বুলিও ক’লং৷ মই নিজে গৈ হেনাপতিক লগ কঈ শিমলুগুঈ টুলুঙা নাওখনেএ পা’ কঈলং৷ হিমলুগুঈ মানুহবোঅকো ক’লং এইফালে চিপাহী আহিব বুলি৷ মই হেনাপতিহঁতক কপিলী দক্ষিণ পাএএ নি ধঅমতুল পা’ কঈ বালিগাং পালংগৈ৷ তাতে চমজালং বাঈকা ভৱক৷ হিফালে ভৱই জাগীলৈকে নিয়া কথা৷ ভৱই নি হেনাপতিক ক’ত আখিছেগৈ মই নাজানং৷”

“কালি আমি চাপ’মুখ’ ফালে চিপাহী গৈ থাকা দেখিছিলং৷”

“দেখিবি৷ চাঈওফালে বিচাঈও নাপাই হেনাপতিহঁত এইফালেই লুকাই আছে বুলি হয়তো হিন্তে হন্দেহ কঈছে৷ হেই কাঅণে এইফালে বিচাঈ আছে৷”

“হিমলুগুঈ গাংখন’ মানুহবোঅ কি হ’ল?”– কেৰ্পায়ে হঠাতে সুধিলে৷

“নাজানং, মইতো খব’ দিছিলঙেই৷ হিন্ত’ নাও এখনো আছে৷ হিন্তে চাগে’ কপিলী পা’ হৈ পাহাঅ ফালে গুচি গৈছে৷ কাঅণ তা’ পআ কোনো মানুহকে চিপাহীয়ে ধঈ আনা খব’ মই পোৱা নাই৷”

দেওবৰৰ কথা শুনি কেৰ্পাইৰ মুখখন উজ্জ্বল হৈ পৰিল৷ তেমেকাই সুধিলে– “তন্ত’ গাঙত চিপাহী কেতিয়া আিহছিল?”

“আহিছিল৷ হ’ল ভালেমান দিন৷ পিতায়ে খোআকি যোগান দিয়া কথা কোৱাত হিন্তে একো নকঈলে৷ আমা’ গাঙত যিবিলাক মানুহ আছে হকলোৱে এতিয়া চিপাহীবোঅক খোআকি যোগান দি আছে৷ ম’ক হয়তো বাঈকা বুলি ধঈবা পাআ নাই৷ নহ’লে ম’ক বিচাঈলেহেঁতেন৷”

“তন্ত’ গাঙ’ কিছুমান মানুহো পলাই গৈছে নাকি?”

“অঁ অঁ, পলাই গৈছে৷ কিছুমান মানুহ গুচি গৈ ক’ত আছেগৈ নাজানং৷”

“হেনাপতিক এতিয়া ক’ত লগ পাম জানিবা পাঈলে ভাল আছিল৷”– তেমেকাৰ মনত অনবৰতে লক্ষণসিংহঁতৰ কথাই ক্ৰিয়া কৰি আছে৷

“তন্তে বালি গাঙ’ বাঈকা ভৱক লগ কঈলেই হেনাপতি’ খব’ পাই যাবি৷ কিন্তু তন্তে কিবা খাই আহিছ না নাই?”

“আমি আতিপুৱা ভাত খাই আহিছং৷ লগত ভাত’ টোপোলাও আছে৷ ভোক লাগিলে খাই ল’ম৷ চিপাহীবোএ আমা’ মুখিয়াল মানুহ কাক কাক ধঈলে?”

“বহুতকে ধঈলে৷ উপসিং লালুং, চিবচিং লালুং, নঅচিং লালুং, হেবেআ লালুং, বাহু ডোম, বনমালী ডোম, অম্বা লালুং, জৱ লালুং, কাতিয়া লালুং আদিকে ধঈ বহুত মানুহক ধঈ জেলত ভআইছে৷ এতিয়া হেনাপতি লক্ষণসিং, অংব’ ডেকা, মহী কোঁচ, কলি ডেকা আউ চাংব’হে আছেগৈ৷ এইকেইজনক এতিয়াও ধঈবা পাআ নাই৷ এইকেইজনকে এতিয়া মূলতে চিপাহীহঁতে বিচাঈ আছে৷ আমি হেনাপতিহঁতক যেনেদএ আখিছিলং ধৰিব পাআ নাছিল৷ আনকি চিপাহী আহিবা পাএ বুলি আগতীয়াকৈ পলুৱাই পঠাইছং৷ হঁচাকে হেনাপতিক পলুৱাই পঠোৱা তিনিদিন পাছতে হেইফালে চিপাহী হুমাইছিল৷ এতিয়া ভৱহঁতে কেনেকে আাখিছে নাজানং৷”

“তই ব’ বুদ্ধিমান মানুহ৷ আমা’ অজাবিলাকক কিবা কঈছে নাকি?”

“আদালতত বিচা’ চলি আছে৷ পথমে অজাবিলাককো গ্ৰেপ্তা কআ কথা ওলাইছিল৷ অজাবিলাকক গ্ৰেপ্তা’ কঈলে বিদোহ আউ¸ ডাঙ’ হৈ যাব বুলি হয়তো ইংআজে ভয় কঈলে৷ হেয়ে নকঈলে৷ কিন্তু হাক্ষী দিবা বাবে অজাবো’ বাএ বাএ আদালতত হাজি হ’বা লাগা হৈছে৷ অহিয়াল বউৱা, জাগীয়াল গোহাঁই আউ¸ চহঈ, গোভা, উত্ত’খোলা অজা’ কটকীও আদালতত হাজি হৈ হাক্ষী দিবালগীয়া হৈছে৷ তেতেলীয়া অজাই এবা’ হাক্ষী দিয়েই বাচি গৈছে৷”

“হেনাপতিহঁতক বিচাঈ আছে বাউ ঠিকে আছে৷ কিন্তু এতিয়ালৈ মানুহবোঅক অত্যাচা’ কঈবলৈ এআ নাই৷ নহয় না?”

“হয় এআ নাই৷ এতিয়াও লক্ষণসিংহঁতক বিচ’আ নামত মানুহবোঅক ব’ হাআহাস্তি কঈ আছে৷ কাউবা পআ হেনাপতিহঁত’ কিবা খব’ উলিয়াবা পাএ নাকি তাএ চেষ্টা কঈ আছে৷ হিন্ত’ অত্যাচাঅত আউ বেমাঅত পঈ বহুত মানুহ মঈছে৷ জংঘলত থাকা মানুহবোঅ অৱস্থা আউ¸ দুখলাগা৷ মানুহবোঅ মাজত খোৱাবস্তু অভাৱ হৈছে৷ লগত নিয়া বস্তু কিমান দিন থাকিবনো? বনঈয়া বস্তু খোৱা আউ¸ মহ-ডাঁহ’ মাজত থাকা বাবে মানুহবোঅ’ বেমা’ হৈছে৷ বহুত মানুহ জংঘল’ ভিতঅতে মঈছে বুলি হুনিছং৷ তন্ত’ গাঙ’ মানুহবোঅক বহুত দূঅত থৈ আহি ভাল কঈলি৷ এতিয়া অন্ততঃ হান্তিএ খাই-বৈ থাকিবা পাঈব৷ কিন্তু কিছুমান মানুহে নিজ’ ঘঅ মোহ এঈব নোৱাঈ দূঅলৈ আঁতঈ নগৈ ওচ’অ জংঘলবোঅতে ঘূঈ ফুঈছে৷ এইবো’ মানুহ চিপাহী হাতত ধআ পঈলে ভীষণ অত্যাচাঅ’ হন্মুখীন হৈছে৷”

“ব’ বেয়া কথা হৈ আছে৷”

দেওবৰে অলপ সময় টলকা মাৰি থাকি সুধিলে– “তন্তে এতিয়া ক’লৈ যাবি বুলি ভাবিছ?”

“হেনাপতিহঁতকে বিচাঈ যাম৷”

“তেন্তে তন্তে গৈ পথমে ভৱক লগ ক’৷ তা’ পআই হেনাপতিহঁত’ বাতঈ পাই যাবি৷”

“নহ’লে আমি গৈ থাকং৷”– তেমেকাই যাব বিচাৰিলে৷

“বেলি মূঅ ওপ’ পালেহি৷ যাৱ যদি গৈ থাক৷ হিফালে দূ’ বাবে চিপাহী হতকাই নাযায়৷ তা’ ঘঅতে দুদিনমান থাকিবা পাঈবি৷”

“বাউ, এতিয়া আমি গৈ থাকং৷”

“অঁ যা৷”

তেমেকা আৰু কেৰ্পায়ে কপিলীৰ পাৰে পাৰে ভটিয়নী দিশত বালিগাঁৱলৈ বুলি খোজ ল’লে৷


চাৰি

লাহে লাহে বেলিটো পশ্চিম আকাশত মাৰ গ’ল৷ গৰখীয়া ল’ৰাবোৰে উদঙীয়া গৰুবোৰ বিচাৰি ঘৰলৈ নিবলৈ ধৰিছে৷ গৰুৰ খোজত ধূলিয়ৰি বাটটোৰ বতাহো ধূসৰ হৈ পৰিছে৷

ধূলিয়ৰি বাটটোৰে গৈ তেমেকা আৰু কেৰ্পাই ভৱৰ ঘৰত উপস্থিত হ’ল৷ এইফালৰ বাৰিকাবোৰৰ ভিতৰত ভৱৰ লগতহে তেমেকা আৰু কেৰ্পাইৰ চিনাকি আছে৷ সিহঁতে বাৰিকা হিচাপে এই অঞ্চলত বেছিকৈ ঘূৰা-ফিৰা কৰা নাই, ঠাইবোৰো সিহঁতে চিনি নাপায়৷ গতিকে ভৱই যি বাট দেখুৱাব সেই বাটেৰেই সিহঁতে বাট বুলিব লাগিব৷

ভৱই তেমেকা আৰু কেৰ্পাইক দেখি ঘৰৰ ভিতৰলৈ লৈ গ’ল আৰু বহিবলৈ ঢাৰি পাৰি দিলে৷ দুয়ো বহিল৷ ভৱই সিহঁতৰ কাষতে বহি ক’লে– “তন্তক নেদেখা বহুত দিন হ’ল৷ তন্তে এইফালে বহুদিন আহা নাই৷ হিফালেই কামত লাগি আছিলি হ’বলা?”

“পথমতে হিফালেই কামত লাগি আছিলং৷”– “তেমেকাই উত্তৰ দিলে৷ “পাছত আমা’ গাঙ’ মানুহবো’ পলাই যোৱাত হিন্তক  জংঘলত বিচাঈ গৈছিলং৷ তা’পাছত...”

তেমেকাই নিজৰ গাঁৱৰ মানুহবোৰৰ কথাবোৰ ভৱৰ আগত ভাঙি-পাতি ক’লে৷ কথাবোৰ জানি ভৱই মাত দিলে– “এই ধেৱাখন’ বাবে ক’ মানুহ ক’লৈ গুচি যাবালগীয়া হৈছে ঠিকনা নাই৷”

“পিছে, চিপাহী এইফালেও বেছিকৈ আহে নাকি?”

“এইফালেও কেতিয়াবা আহে৷ বেচিকৈ নাহে৷ হিন্ত’ কেম্প অহা আউ¸ ফুলগুঈত৷ ইমান দূঅ পআ বেছিকৈ আহিবা নোৱাএ৷”

“আহিলে মানুহবোএ কি কএ?”

“জংঘলত হুমাই থাকে৷ ঘঅত হুমাই চিপাহীবোএ মূল্যৱান বস্তু পালে লৈ যায়৷ মানুহবোএ হেইবাবে মূল্যৱান বস্তুবো’  জংঘলত পুতি থৈছে৷”

তেমেকাৰ মনত লক্ষণসিংহঁতৰ কথাটো বাৰে বাৰে আহি আছে৷ সি হঠাতে কথা সলালে– “কাকা! আমা’ হেনাপতিহঁত ক’ত আছে? কিবা গম পাৱ নাকি?”

“হিদিনা দেওবএ ম’ হাতত গতাই থৈ যোৱা পাছত মঅ ঘঅতে তিনিদিন আখিলং৷ অংব’ আগ’এ পআ এইফালেই আছিল৷ হি আহি হেনাপতিহঁত’ লগ লাগিল৷ হেনাপতিয়েহে ক’লে বোলে ইমান দিন ইয়াত থাকা উচিত নহ’ব৷ গতিকে ইয়া’ পআ আউ¸ নিআপদ ঠাইলৈ যাবা লাগে৷ মই তেতেলীয়া ফালে লৈ গৈ অজা ঘঅলৈ নিলং৷ কিন্তু কলিমন হেনাপতিহঁত’ লগত নগৈ মথৌবড়ি বাঈকা লগত হিফালে গুচি গ’ল৷ তেতেলীয়া আজ্যত চিপাহী পথমে ঘূঈছিল, অজাএ এবা’ গৈ হাক্ষীও হ’বা গৈছিল যদিও এতিয়া একেবাএ নাই বুলিবা পাঈ৷ চোআংচোৱা কিছুমানহে ঘূএ বুলি হুনিছং৷ হিন্তক তাতে আখি আহিছিলং৷ নাজানং এতিয়াও তাতে আছে না নাই৷ এইফালে আছেহি যেতিয়া বিহেখ¸ ভয় খাবালগীয়া নাই৷ অজাই বাঈকাবোঅক অঞ্চলটোত হচেতন কঈ আখিছে৷ চিপাহী আহিলেই খব’ পাব৷ লুকাই আঁতঈ যাবা  ওচঅত জংঘলো আছে৷ অজাই ভালদএই আখিছে চাগে’৷”

“তেন্তে কাইলৈকে গৈ তাতে লগ কঅং৷ ম’ কিছুমান কথা ক’বা লাগা আছে৷ নিজকে ব’ অপআধী অপআধী লাগি আছে৷”

“কালিলৈ যাবা নালাগে৷ ম’ কাম এটাও আছে আউ¸ বহুত দূঅ পআ আহিছ, তন্তেও দুটা দিন জিঅণি ল৷ কাইলৈ ঘঅত এটা পূজা পাতিম৷”

“হ’ব নহ’লে৷ দুদিন ঐ দেং৷”

ৰাতি ভাত-পানী খাই তেমেকা আৰু কেৰ্পায়ে ভৱৰ ঘৰত শুই থাকিল৷

পাছদিনা ৰাতিপুৱাতে ভৱ পদলমাজি পূজাৰ বাবে সাজু হ’ল৷ তেমেকাহঁতেও তেওঁক পূজাৰ কামত সহায় কৰিবলৈ আগ বাঢ়ি আহিল৷ কালিয়েই মাতি থৈ অহা গাঁৱৰ জেলা আৰু পূজাৰীৰ লগতে গাঁৱৰ কেইবাজনো মানুহ ভৱৰ ঘৰত গোট খাই ইটো-সিটো কামত লাগিল৷ পূজা পাতিবৰ বাবে ঠিক কৰা বাৰীৰ ভিতৰৰ ঠাইখিনি দুজন ডেকাই চাফা কৰিলে৷ তাৰপাছতে পূজাৰীয়ে দেখুৱাই যোৱা মতে ভৱই সাজিলে পূজাৰ বেদীটো৷ পূজাৰীয়ে বেদীত সাতডাল ওৱাৰাং পুতি প্ৰতি ডালতে কপাহী সূতা আৰু কপাহৰ পাতেৰে গঁথা মালা আঁৰি দিলে৷ বেদীত যুৰীয়া আগপাত পাৰি ওৱাখাপ আৰু ওৱাকচাই পুতি দিলে৷ বেদীত তামোল-পাণ, পিঠাগুৰি দি ধূনা ফুৰোৱাৰ পাছত পূজাৰীয়ে মন্ত্ৰ গাবলৈ ধৰিলে–

‘দে গুণুং এঠা চাগ’ খুুম চাগ’ চুঙুঅং

আখন্দা তাখন্দা জ’আখা মা-আখা

জেলা আখা মালি আখা

হাঈ আখা বাঈ আখা

নালী আখা ফুলী আখা

পিথা আখা পাউ¸ আখা

ফা কুউ¸ পদলমাজি...’

পূজাৰীয়ে মন্ত্ৰ মাতি মাতি বেদীত লাওপানী ঢালি থাকিল৷ পূজাত বলি দিবলৈ ৰাতিপুৱাতে বগা ছাগলী এটা গা ধুৱাই সেন্দূৰ দি থোৱা আছে৷ এটা সময়ত পূজাৰীয়ে ভৱক পূজাৰ বেদীৰ কাষলৈ ছাগলীটো আনিবলৈ দিলে৷ ছাগলীটো অনাৰ পাছতে পদলমাজি দেৱতালৈ উছৰ্গা কৰি পূজাৰীয়ে বলি দি পুনৰ মন্ত্ৰ গাবলৈ ধৰিলে৷

কিছুমান নিয়ম-নীতি কৰাৰ পাছত পূজাৰীয়ে ভৱৰ পৰিয়ালৰ সকলোকে মাতি বেদীৰ সন্মুখত আঁঠু লোৱালে আৰু পদলমাজি দেৱতাৰ কৰুণা ভিক্ষা কৰি প্ৰাৰ্থনা কৰিলে৷

পূজাৰ কাম শেষ হ’ল৷ ডেকা দুজনমানে ছাগলীটো পুৰিবলৈ লৈ গ’ল৷ তেমেকা আৰু কেৰ্পায়েও ছাগলীটো পোৰাত সহায় কৰিবলৈ আগ বাঢ়িল৷

ছাগলীটো পুৰি হোৱাৰ পাছতে তেমেকা আৰু কেৰ্পাইক ভৱই ঘৰৰ ভিতৰলৈ মাতি আনিলে৷ ভিতৰত লাওপানী খোৱাৰ যো-জা চলিছে৷ তেমেকাহঁত বহাৰ পাছতে ৰাইজৰ মাজলৈ লাওপানী আহিল৷ ভৱৰ ঘৈণীয়েকে সকলোৰে সম্মখত দিয়া চুঙাত ডাৰাণৰে লাওপানী দি গ’ল৷ চুঙাত লাওপানী পৰাৰ পাছতে পদলমাজি দেৱতাক স্মৰণ কৰি সকলোৱে খাবলৈ ধৰিলে৷

ৰাইজৰ মাজত থকা জেলাই লাওপানী এঢোক খাই মাত দিলে– “এই হময়খিনিত আমিহে অলপ হান্তিত আছং৷ ভাগ্যে ফুলগুঈখন আমাৰ পআ দূ’ হ’ল৷ তা’ মানুহক ইমান দিন ধঈ চিপাহীয়ে কম কষ্টখন দিছে না! আমি ধান কাটিবা পালং৷ হিফাল’ মানুহে ধান কটা দূঅ’ কথা পলাই ফুঅংতেই গ’ল৷”

“মই হুনিছং খোআকি দিয়া মানুহবোএ ধান কাটিবা পাইছে৷”– পূজাৰীয়ে ক’লে৷ “কিন্তু বাকীবোএ পাআ নাই৷ কিন্তু হেনাপতিহঁতক ধঈবা নোৱাআলৈকে চিপাহী অত্যাচা’ চলিয়েই থাকিব যেন পাং৷ হেনাপতিহঁতে ধআ দিবা লাগিব৷ তেতিয়া চিপাহী অত্যাচা’ নোহোৱা হ’ব৷”

“ময়ো হেইটোকে ভাবিছং৷ কিন্তু হেনাপতিহঁতেনো কেনেকে ধআ দিয়ে? ধআ দিলেই দেখোন ফাঁচি দিব৷ হেই কাঅণে হেনাপতিহঁতে ধআ নিদিয়ে৷ ধআ দি মঈব’ কিয়া?”

জেলাৰ কথা শুনি তেমেকাৰ গাটো জিকাৰ খাই গ’ল৷ লক্ষণসিংহঁতক ফাঁচি দিয়াৰ কথাটোৱে তাক কঁপাই তুলিলে৷ সি কথাবোৰ ভাবি চালে যে লক্ষণসিং গোটেই ধেৱাখনৰ সেনাপতি৷ সৈন্যবাহিনী গঠন তেৱেঁই টোপাকুছি ৰজাৰ নিৰ্দেশত কৰিছিল৷ তেৱেঁই সৈনিকসকলক প্ৰশিক্ষণ দিছিল আৰু ধেৱাৰ সময়ত ইংৰাজৰ লগত সৈনিকবোৰে তাৰ পৰিচালনাতে যুঁজিছিল৷ গতিকে তাৰ অপৰাধ ডাঙৰ৷ চাংবৰ আৰু ৰংবৰেই চিংগাৰ চাহাবক টঙনীয়াই মাৰি কলঙত উটুৱাই দিছিল৷ এই কথা ইংৰাজে নিশ্চয় গম পাইছে৷ এই তিনিজন সিহঁতৰ দৃষ্টিত আটাইতকৈ ডাঙৰ অপৰাধী৷ গতিকে তেওঁলোকক ইংৰাজৰ আদালতে ফাঁচি দিয়াটো একো ডাঙৰ কথা নহয়৷

তেমেকাৰ মনটো দুখেৰে ভৰি পৰিল৷ তাৰ বৰ আপোন হৈ পৰা সিহঁতৰ সেনাপতিৰ এনে মৃত্যু সি কেতিয়াও কামনা নকৰে৷ সি ভগৱানক মনতে স্মৰণ কৰি সেনাপতিক ধৰা নপৰাকৈ ৰাখিবলৈ প্ৰাৰ্থনা কৰিলে৷

ৰাইজৰ মাজলৈ লাওপানীৰ লগত খাবলৈ খাজি আহিল৷ ডেকা ল’ৰা দুটাই কলপাতত খাজি বিতৰণ কৰিলে৷ ছাগলীৰ পেটুৰে ৰন্ধা খাজি খাই খাই ৰাইজে কথা পাতি থাকিল৷ জেলাই পুনৰ ক’লে– “এতিয়া মাঘ মাহ যাবাএ হ’ল৷ আউ¸ কেইদিনমান পাছত ফাগুন হোমাব৷ ফাগুন হোমাব মানে বাওতলি পথাঅত হাল নমাবলৈ হ’বই দেখোন৷ পানী হোৱা আগতে মানে ফাগুনত চহাই চ’ত মানত দ পথাঅত বাওধান পেলাবা লাগিব৷ তেতিয়াহে ডাঙ’ হৈ পানী হোৱালৈ হিন্তে যুঁজ দি বাচি থাকিবা পাঈব৷ গতিকে হাল মাআ দিন আহিলেই৷ আমি ইফালে বাউ পাঈম৷ কিন্তু হিফাল’ মানুহে পকা ধান কাটিবলৈতো নাপালেই এইবা’ খেতিও কঈব নাপাব৷”

“ভাল কথা কৈছে দিয়ক৷”– ভৱই মাত দিলে৷ “তেনেকুৱা হ’বলৈকে গৈ আছে৷ আইজ’ দুখ’ হময় চিপাহী আঁতঈলেও বহুদিনলৈকে থাকি যাব৷”

“হয় হয়, খেতি কঈবা নাপালে কি খাই থাকিব মানুহবোএ! অহময়ততো খেতি নহয়৷”

তেমেকাই একো নকৈ ৰাইজৰ কথাকে শুনি থাকিল৷

ৰাইজৰ মাজলৈ ভাত আহিল৷

তেমেকাই পাতত দিয়া তৰকাৰিলৈ চাই ধৰিব পাৰিলে ছাগলী মাংস ডিমৰু পাতৰ লগত খাৰ-পিঠাগুৰি দি ৰন্ধা হৈছে৷ এই তৰকাৰি সি মাজে মাজে খায়৷ পূজাবোৰত এনে তৰকাৰিকে সাধাৰণতে ৰন্ধা হয়৷

তেমেকাহঁতে ৰাইজৰ লগত একেলগে বহি ভাত খাবলৈ ধৰিলে৷

ভাত খোৱাৰ পাছতে ৰাইজৰ সকলোৱে তামোল-পাণ খাই ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে৷ তেমেকা আৰু কেৰ্পায়েও তামোল খাই সিহঁতক থাকিবলৈ দিয়া কোঠাটোলৈ গৈ বহিল৷ ৰাইজক বিদায় দিয়াৰ পাছতে ভৱই তেমেকাহঁতক জিৰণি ল’বলৈ কৈ নিজেও নিজৰ কোঠাত জিৰণি ল’বলৈ গ’ল৷

তেমেকাই বিছনাত বাগৰ মৰাৰ পাছত জেলাই কোৱা কথাখিনিয়ে তাৰ মনত পাক-ঘূৰণি মাৰিবলৈ ধৰিলে৷ সেনাপতিহঁতে কি ভাবিছে সি ক’ব নোৱাৰে৷ কিন্তু জেলাই একেবাৰে মিছা কথা কোৱা নাই৷ সেনাপতিহঁতক ধৰিব নোৱাৰাটো চিপাহীহঁতৰ বাবে অপমানৰ কথা, ইংৰাজ শাসকৰ অসন্মানৰ কথা৷ নিজৰ সন্মান বচাবলৈ সিহঁতে সেনাপতিহঁতক ধৰিবই৷ যেতিয়ালৈকে ধৰিব নোৱাৰিব তেতিয়ালৈকে চিপাহীবোৰ ইয়াৰ পৰা নাযায় আৰু সেনাপতিহঁতক বিচৰাৰ নামত ৰাইজক হাৰাশাস্তি কৰি থাকিব৷

পশ্চিম আকাশত বেলি ভালেখিনি নামিল বুলি ধৰিব পাৰি তেমেকা বিছনাৰ পৰা উঠিল৷ কেৰ্পায়ে টোপনি মাৰি আছে৷ সি বাহিৰলৈ আহিল আৰু ভৱৰ পদূলিমুখলৈ আহি ইফালে সিফালে চালে৷ সি দেখিলে এজন মানুহে ৰাস্তাৰ লগতে থকা গছৰ তলত নাঙল এটা চাঁচি আছে৷ সি মানুহজনৰ কাষলৈ আগুৱাই গৈ সুধিলে– “কি কঈছে কাকা?”

“দেখিছই নহয় কি কঈছং? যোৱাবাঅ নাঙলটো বেয়া হ’ল৷ গতিকে নতুন নাঙল এটা হাজিছং৷ ফাগুন হুমাবই নহয়! ম’ বাওতলি মাটিয়েই বেছি৷ ফাগুনতে মাটি চহাই চ’তমাহ’ আগভাগতে ধান পেলাব নোৱাঈলে কথা ডাঙএই হ’ব৷ ব’হাগত বঅষুণ পঈব আউ¸ দ ঠাইবোঅত অলপ অলপ পানী জমা হ’ব৷ তেতিয়ালৈ ধানে পানী ওপঅলৈ উঠা হমান দীঘল হ’বা লাগিব৷”

“আপুনি ভাল কথাই চিন্তা কঈছে৷ কিন্তু নাঙলটো’ এইফালে আউ অলপ চাঁচি দিলে ভাল হ’ব নাকি?”

“ইয়াকে কয় ‘আন’ কথা নুহুনিবি, বাটত নাঙল নাচাঁচিবি’৷ বহুতে বহুত কথা ক’ব৷ হকলোএ কথা হুনিলে পাছত নাঙল নহৈ কিবা এটাহে হ’বগৈ৷ মই কাও কথা নুহুনং৷ মই ম’ মতেহে কঈম৷”

“ঠিকে আছে, কঅক৷”

তেমেকাৰ মনত পৰিল মিকিৰ পাহাৰৰ কাষত এৰি থৈ অহা নিজৰ মানুহখিনিলৈ৷ মানুহবোৰেবা কিমান মাটি মোকলাব পাৰিছে? নাঙল সাজিব পাৰিছে নে নাই? সেইবোৰ অৱশ্যে বাওতলি মাটি নহয়৷ এতিয়াৰ পৰা সাজু হৈ ব’হাগৰ পৰা হাল মাৰিলেই হ’ল৷ কিন্তু মানুহবোৰে হাল বাবলৈ ক’ত গৰু পাব? মানুহবোৰে গৰু, কোৰ, কঠিয়া আদি কাৰোবাৰ পৰা ধাৰ কৰিব লাগিব৷ সিফালে থকা গাঁওবোৰৰ মানুহবোৰৰ পৰা ধাৰ বিচাৰিলে পাব নে নাই সিও চিন্তাৰ বিষয়৷ কাৰণ ধাৰ দিব পৰাকৈ গৰু, কোৰ আদি মানুহবোৰৰ আছে নে নাই? তেমেকাই মানুহজনক ক’লে– “কাকা, আপুনি নাঙল চাঁচি থাকক৷ মই যাং৷”

“অঁ যা৷”

তেমেকা ঘূৰি আহি দেখিলে ভৱৰ পদূলিমুখত কেৰ্পাই ৰৈ আছে৷ কেৰ্পায়ে ক’লে– “ব’ল গাঙ’ হিটো মূঅ পআ আহং৷”

“অঁ ব’ল৷”

তেমেকাহঁত লাহে লাহে খোজ দি গাঁৱৰ ইটো মূৰ পালে৷ গাঁওখন শেষ হোৱাৰ পাছতে আৰম্ভ হৈছে এখন ডাঙৰ খেতিপথাৰ৷ পথাৰখনত কিছুমান নৰা এতিয়াও থিয় হৈ আছে৷ নৰাবোৰ দেখিলেই ধৰিব পাৰি খেতি ভাল হৈছিল বুলি৷ তেমেকাৰ নিজৰ পথাৰখনলৈ মনত পৰাত কেৰ্পাইক সুধিলে– “ত’ আমা’ পুঅণি গাংখন মনত পএ না?”

“পএ৷ মাজে মাজে পএ৷ মনত পঈলে ব’ দুখ লাগে৷”

“ইয়া’ মানুহে ধান কাটিবা পাইছে৷ আমিবোএ নাপালং৷ আমা’ পথাবো’ কেনেকুৱা হৈ আছে বাউ?”

“এতিয়া চাগে’ চব মঅহি গ’ল৷ চআই-গাহঈয়ে খাই তহিলং কঈলে৷ ধানবো’ মাটিত পঈ আছে চাগে’৷ এইবা’ বাঈখাত কঠিয়া গজা দি গজিব৷”

“ঠিকে কৈছ৷ এই গাঙলৈ আউ ঘূঈ আহা নহয়৷ এতিয়া য’ত নতুনকে গাং পাতিছং তাতহে কেনেকে খেতি কঈম চিন্তা লাগিছে৷ গউ নাই, নাঙল-কো-কোদালী নাই, কঠিয়া নাই৷ খেতি কেনেকৈ কআ হ’ব, চিন্তা’ কথা৷ ওচঅ গাঙ’ মানুহে হহায় নকঈলে একো কঈবা নোৱাঈম৷”

“হয় কথাটো৷ ওচঅ মানুহে হহায় কঈলে অক্ষা পাম৷”

বেলি মাৰ গৈছে৷ বেলি মাৰ যোৱাৰ ফালে কিছু সময় চাই থাকি তেমেকাই কেৰ্পাইক ক’লে– “ব’ল ঘূঈ যাং৷”

দুয়ো ঘূৰি আহি ভৱৰ ঘৰত উপস্থিত হ’ল৷

 

ভৱৰ ঘৰত দুদিন থকাৰ পাছত তেমেকাহঁতে লক্ষণসিংহঁতক বিচাৰি ওলাল৷ তেমেকাহঁতৰ লগত ওলাইছে ভৱ৷ সিয়েই সিহঁতক বাট দেখুৱাই তেতেলীয়ালৈ লৈ যাবলৈ ধৰিলে৷ সেই তেতিয়া লক্ষণসিংহঁতক সি আৰু ইয়াৰ বাৰিকা মধুৰামে ৰজাৰ ঘৰতে ৰাখি থৈ আহিছিল৷ এতিয়াও যদি ক’লৈকো যোৱা নাই তেন্তে তেওঁলোকক তাতে পোৱা যাব৷ যদি নাপায় খবৰ কৰিলে ক’ত আছে গম পোৱা যাব৷

ভৱৰ কথা মতে তেমেকাহঁত কপিলীৰ পাৰে পাৰে গৈ থাকিল৷ তেমেকাৰ মনলৈ হিংস্ৰজন্তুৰ ভয় অহা নাই৷ সিহঁতে মাজে মাজে হৰিণা, গাহৰি, বান্দৰ আদি লগ পাইছে৷ নানা বিধৰ চৰায়ো সিহঁতে লগ পাইছে৷ জাক পাতি উৰি ফুৰা ভাটৌবোৰৰ কোৰ্হালে জংঘলৰ নীৰৱতা মাজে মাজে ভাঙি আছে৷

সিহঁত গৈ থাকিল৷ দুপৰীয়াৰ সময়ত সিহঁত এখন গাঁৱত উপস্থিত হ’ল৷ গাঁওখন পাই তেমেকাই সুধিলে– “এইখনেই নাকি তেতেলীয়া অজা’ গাঁও?”

“এইখন নহয়৷ আমি কপিলীখন পা’ হৈ আউ¸ কিছুদূ’ নামনি ফালে যাবা লাগিব৷ এইখন গাঙত এখন নাও আছে৷ হেইখনেএ কপিলীখন পা’ হ’ম৷”

গাঁওখন পাই এখন ঘৰলৈ ভৱ সোমাই গ’ল৷ তেমেকাহঁত পদূলিতে ৰৈ থাকিল৷ অলপ পাছত এজন ডেকাল’ৰাক লগত লৈ ভৱ তেমেকাহঁতৰ কাষত উপস্থিত হ’ল৷ ভৱই চিনাকি কৰি দিয়া অনুসৰি ডেকাজনৰ নাম ডিম্ব৷ ডিম্ব এজন বাৰিকা৷ ধেৱাৰ কামৰ বাবে তেতেলীয়াৰ ৰজাই নিযুক্তি দিছিল৷

ডেকাজন আগ বাঢ়িল৷ তাৰ পিছে পিছে গৈ তেমেকাহঁত কপিলীৰ পাৰত উপস্থিত হ’ল৷ কপিলীৰ পাৰত এখন নাও বান্ধি থোৱা আছে৷ ডেকাজনে ব’ঠাপাট লৈ তেমেকাহঁতক নাৱত উঠিবলৈ দিলে৷ মাঘ মাহতো কপিলীৰ এই অংশত পানীৰ গভীৰতা বেছি৷  এডাল ডাঙৰ গছ কাটি নাওখন সজা হৈছে৷ সিহঁত আটাইকেইজন এবাৰতে পাৰ হ’ব পাৰিব৷

ডেকাজনে নাও এৰি দিলে আৰু কিছু সময়ৰ পাছতে তেমেকাহঁতক পাৰত উঠালে৷ সি সিহঁতক পাৰ কৰিয়েই বিদায় লৈ সিপাৰলৈ বুলি নাও এৰি দিলে৷

তেমেকাহঁত থিয় গঁৰাইদি উঠি আহি কপিলীৰ পাৰৰ সমান ঠাইত উপস্থিত হ’ল আৰু সিহঁতে কপিলীৰ পাৰে পাৰে ভটিয়নী দিশত খোজ ল’লে৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁত এটা সৰু জুৰিৰ কাষত উপস্থিত হ’ল৷ জুৰিটো ক’ৰবাৰ পৰা বৈ আহি এইখিনিতে কপিলীত পৰিছে৷ ভৱই তেমেকাহঁতক ক’লে– “বেলি ভাটি দিলে৷ ভোক লাগিছে৷ ইয়াতে ভাত খাই লং৷ তন্ত’ ভোক লাগা নাই নাকি?”

“লাগিছে লাগিছে৷”– তেমেকা আৰু কেৰ্পায়ে লগে লগে উত্তৰ দিলে৷

কেৰ্পায়ে ওচৰতে থকা বাঁহ এডাল কাটি তিনিটা চুঙা কৰি উলিয়ালে আৰু জুৰিটোৰ পৰা পানী নি এটা নিজলৈ ৰাখিলে আৰু বাকী দুটা ভৱ আৰু তেমেকাক দিলে৷ সিহঁতে পৰি থকা গছৰ ডাল এটাত বহি ভাত খাবলৈ ধৰিলে৷

দূৰত বাঘৰ গোজৰণি শুনা গ’ল৷ লগতে হাতীৰ চিঞৰো বতাহত ভাহি আহিল৷ ভাত খাই খাই ভৱই ক’লে– ‘বাঘ আউ হাতী মুখামুখি হৈছে চাগে’৷”

“হ’বা পাএ৷”– তেমেকাই চমুতে উত্তৰ দিলে৷ “বাঘে গুজঈছে আউ হাতীয়ে চিঞঈছে৷”

ভাত খোৱাৰ পাছতে সিহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ ভালেমান দূৰ যোৱাৰ পাছতে সিহঁতে বাওঁফালৰ পৰা অহা এটা লুংলুঙীয়া বাট পালে৷ ভৱই সেই বাটটোৰে খোজ ল’লে৷ তেমেকাহঁত তাৰ পিছে পিছে গৈ থাকিল৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁতে ডাঙৰ মুকলি পথাৰ এখন পালে৷ তাৰ পৰাই এখন গাঁও তেমেকাৰ চকুত পৰিল৷ সি ভৱক সুধিলে– “এইখনেই নাকি অজা গাং?”

“অঁ এইখনেই অজা গাং৷”

আহি আহি তেমেকাহঁত গাঁওখনত প্ৰৱেশ কৰিলে৷ এডাল গছৰ তলত কিছুমান ল’ৰা-ছোৱালীয়ে ধৰাগুদু খেলি আছে৷ তেমেকাহঁত সিহঁতৰ কাষেৰেই পাৰ হৈ ৰজাৰ ঘৰলৈ গৈ থাকিল৷

ভৱৰ পিছে পিছে গৈ তেমেকাহঁত ৰজাৰ ঘৰত উপস্থিত হ’ল৷ তেমেকাই বেলিটোলৈ চাই পঠিয়ালে– বেলি মাৰ যাবৰ হৈছেহি৷ ঠিক সময়তে সিহঁত ৰজাৰ ঘৰত আিহ পোৱা বুলি তাৰ অনুভৱ হ’ল৷ ভৱই মাত দিলে– “দামু, ঐ দামু! ঘঅত আছ না?”

ভৱৰ মাত শুনি ল’ৰা এটা ঘৰৰ ভিতৰৰ পৰা আহি সিহঁতৰ কাষত হাজিৰ হ’ল৷ চ’ৰাঘৰত ৰজাই কাৰোবাৰ লগত কথা পাতি থকা বাবে সি তেমেকাহঁতক মাতি নি আন এটা কোঠাত বহিবলৈ দিলে৷ ভৱই তাক সুধিলে– “হেনাপতিহঁত ইয়াতে আছে না? না কোনোবাফালে গুচি গ’ল?”

“নাই, ইয়াতে আছে৷ অলপ পাছত আহি পাব৷”

দামু কোঠাটোৰ পৰা ওলাই গ’ল৷

বেলি মাৰ গ’ল৷ এনেতে ৰজাৰ চোতালত লক্ষণসিং, ৰংবৰ আৰু চাংবৰক দেখা গ’ল৷ তেওঁলাকক দেখিয়েই তেমেকা চোতালত উপস্থিত হ’ল৷ তাৰ পিছে পিছে ভৱ আৰু কেৰ্পায়ো চোতাল পালেহি৷ তেমেকাই তেওঁলোকক সেৱা জনালত লক্ষণসিঙে সুধিলে– “তোমালোক কোনফালৰ পৰা আহি ওলালা? আহাঁ চ’ৰাঘৰলৈকে৷”

লক্ষণসিঙৰ পিছে পিছে গৈ তেমেকাহঁত ৰজাৰ চ’ৰাঘৰত বহিল৷ চ’ৰা ঘৰটোত এতিয়া কোনো মানুহ নাই৷ অলপ আগতে কথা পাতি থকা মানুহকেইজন গুচি গৈছে৷ লক্ষণসিঙে তেমেকাক সুধিলে– “তোমালোক ক’ৰবালৈ গৈছিলা নেকি?”

তেমেকাই সকলোবোৰ কথা বিৱৰি কৈ তাৰ পাছত ক’লে–“দুদিনমানতে ঘূঈ আহিম বুলি আমি আপোনাক কৈছিলং৷ কিন্তু কথা দিয়া মতে আহিব নোৱাঈ নিজকে ব’ অপআধী অপআধী লাগি আছে৷”

“সেইবোৰ কথা মনলৈ নানিবা৷ তোমালোকে একো অপৰাধ কৰা নাই৷ বিপদৰ দিন, কোন মানুহ ক’লৈ যাবলগীয়া হৈছে তাৰ ঠিকনা নাই৷ সকলোৱে জীৱটো যেনেতেনে বান্ধি ঘূৰি ফুৰিবলগা হৈছে৷ ভালেই কৰিলা তোমাৰ গাঁৱৰ মানুহখিনিক মিকিৰ পাহাৰৰ কাষত থৈ আহি৷ এতিয়া মানুহবোৰে অন্ততঃ নিশ্চিন্ত মনেৰে কাম-বন কৰি খাব পাৰিব৷”

“হয় হেনাপতি মহাহয়৷”

“আৰম্ভণিতে তোমালোকৰ মানুহখিনিৰ কষ্ট হ’ব৷ পাছলৈ চব ঠিক হৈ যাব৷”

“হয় মহাহয়৷ এতিয়া আমা’ গউ¸ নাই হাল বাবলৈ, কো’ নাই পথাঅত আলি দিবলৈ৷ মুঠতে খেতি কঈবলৈ একোৱেই নাই৷”

“লাহে লাহে চব যোগাৰ হৈ যাব৷ চিন্তা নকৰিবা৷”

ৰজা চ’ৰাঘৰটোলৈ সোমাই আহিল৷ সকলোৱে থিয় হৈ তেওঁক নমস্কাৰ জনালে৷ লক্ষণসিঙে তেমেকা আৰু কেৰ্পাইক চিনাকি কৰি দিলে৷ ভৱক ৰজাই আগৰে পৰা চিনি পায়৷

এটা ল’ৰাই মাটিচাকি এটা জ্বলাই ৰজাৰ সন্মুখত দি গ’ল৷

ৰজাই তেমেকাক সুধিলে– “কিবা বাতৰি লৈ আহিছা নেকি?”

“বাতঈ বিশেষ নাই৷ মাজবঈ বাঈকা দেওবঅ মুখে গম পোৱা মতে আমা’ মুখিয়াল মানুহ বহুতকে ধঈলে৷ উপছিং লালুং, চিবচিং লালুং, নঅচিং লালুং, হেবেআ লালুং, বাহু ডোম, বনমালী ডোম, কাতি লালুং, অম্বা লালুং, জৱ লালুং, কাটিয়া লালুং আদিকে ধঈ বহুত মানুহক ধঈ জেলত ভআইছে৷ এতিয়া হেনাপতিকে ধঈ এই তিনিজন আউ মহী কোঁচ আউ কলি ডেকাক ধঈবা পাআ নাই৷ ধআবিলাক’ আদালতত বিচা’ চলি আছে৷”

“মানুহবোৰক চিপাহীবোৰে অত্যাচাৰ কৰি আছে নেকি?”

“হিন্ত’ অত্যাচা’ কমা নাই৷ হিন্ত’ ভয়ত কোনোবা জংঘলত লুকাই থাকিলে ধঈব পাঈলেই বহুত অত্যচা’ কএ৷ হিন্তে বহুত মানুহক মাঈলে আউ বহুতক ঘূণীয়া কঈলে৷”

“চিপাহীহঁতৰ অত্যাচাৰ নকমিব যেন পাইছোঁ৷”

“কমিব৷”– লক্ষণসিঙে মাত দিলে৷ “আমি ধৰা দিব লাগিব৷ সিহঁতে আমাক বিচাৰিহে ৰাইজক অত্যাচাৰ কৰি আছে৷ মই সিদ্ধান্ত লৈছোঁ আিম ধৰা দিম৷ ৰংবৰ আৰু চাংবৰেও তাকে ভাবিছে৷ ইমানদিন হৈ গ’ল৷ মানুহবোৰে আৰু কিমান অত্যাচাৰ সহ্য কৰিব/”

“নাই নাই৷”– ৰজাই বাধা দিলে৷ “তেনেকুৱা নকৰিব৷ চাওকচোন বতাহ কোনফালে বলে৷ আপোনালোকক নোপোৱা বাবেই কিমান দিন সিহঁত ইয়াত থাকিব? পিছত হয়তো ডিচিকে আপোনালোকক ধৰাৰ দায়িত্ব দি তেজপুৰ আৰু গুৱাহাটীৰ পৰা অহা চিপাহীবোৰক ঘূৰাই লৈ যাব পাৰে৷”

লক্ষণিসঙে ধৰা দিয়াৰ কথা কওঁতে তেমেকাৰ গাটো জিকাৰ খাই উঠিছিল৷ তাৰ বুকুখন চিৰিংকৈ গৈছিল৷ ৰজাৰ কথা শুনি সি বৰ ভাল পালে৷ সি লগে লগে ক’লে– “হয় দেওঅজা মহাহয়৷ হিন্তে আপুনি কোৱাটোকে কঈবা পাএ৷”

“হয়, সেইটোওতো হ’ব পাৰে৷ ডিচিক গতাই থৈ গ’লে ইমান চিপাহী নাথাকিব৷ সিহঁতৰ চোৰাংচোৱাবোৰহে বেচিকৈ ঘূৰিব, খবৰ সংগ্ৰহ কৰিব আৰু সেইমতে বিচাৰিব৷ ৰাইজৰ ওপৰত অত্যাচাৰ হ’লেও অলপহে হ’ব৷ এতিয়া ধৰা দিলে কিন্তু ডাঙৰ বিপদত পৰিব৷”

ৰজাৰ কথা শুনি লক্ষণসিং মনে মনে থাকিল৷

বিশেষ কথা পাতিবলৈ নথকাত তেমেকাহঁত চ’ৰাঘৰৰ বাহিৰলৈ ওলাই আহিল৷

বাহিৰত আন্ধাৰে ভালদৰে খোপনি পুতিছে৷ তেমেকাই কেৰ্পাইৰ লগত চ’ৰাঘৰৰ বাৰান্দাত ঢাৰি পাৰি বহিল আৰু আন্ধাৰৰ ফালে চাই থাকিল৷

ৰজাৰ ঘৰত ৰাতিৰ সাঁজটো হোৱাৰ পাছতে সকলোৱে ভাত খালে৷ তেমেকা, কেৰ্পাই আৰু ভৱক ৰজাই নিজৰ ঘৰতে ৰাতিটো থাকিবলৈ ক’লে৷ লক্ষণসিংহঁতৰ শোৱা ঠাই বেলেগত৷ তেওঁলোক তালৈকে খোজ ল’লে৷

পিছদিনা ৰাতিপুৱা ভাত খোৱাৰ পাছতে ভৱই ঘৰলৈ ঘূৰি যাবলৈ সাজু হ’ল৷ তেমেকাই তাক সুধিলে– “তই অকলে যাবা পাঈবি?”

“কেলেই নোৱাঈম৷ মই অকলেই অহাযোৱা কঈ থাকং৷”

ভৱই ৰজাক আৰু তেমেকাহঁতক মাত লগাই ঘৰলৈ বুলি খোজ ল’লে৷ ৰজাই তেমেকা আৰু কেৰ্পাইক ক’লে– “তোমালোকনো এতিয়া ক’লৈ যাবা? মোৰ ঘৰতে থাকা৷ যেতিয়া যাবলগীয়া হয় তেতিয়া যাবা৷ বুজিছা নে?”

“হ’ব দিয়ক৷ আমি ইয়াতে থাকিম৷ হেনাপতিহঁত ইয়াতে আছে যেতিয়া আমিও ইয়াতে থকাই ভাল৷”

“ঠিকে আছে৷”

ৰজাই কথাষাৰ কৈ ঘৰৰ ভিতৰলৈ গ’ল৷

লক্ষণসিংহঁতনো ক’ত থাকে জানিবলৈ মন গ’ল তেমেকাৰ৷ সি ৰজাৰ লগুৱা দামুক কথাটো সুধিলে৷ কাৰণ কেতিয়াবা খবৰ দিবৰ বাবে দৰকাৰ হ’ব পাৰে৷ লগুৱাটো ঠাইখিনি দেখুৱাই দিবৰ বাবে মান্তি হ’ল৷ কিন্তু ইয়াত ৰজাৰ অনুমতিৰ প্ৰয়োজন৷ সি ৰজাক কৈ অনুমতি ল’লে আৰু তেমেকাহঁতক লগত লৈ খোজ ল’লে লক্ষণসিংহঁতৰ গুৰিলৈ৷

অলপ বাট মুকলি ঠাইৰে অহাৰ পাছত লগুৱাটো জংঘলৰ মাজেৰে আগ বাঢ়িল৷ তাৰ পিছে পিছে তেমেকাহঁত গৈ থাকিল৷ সিহঁত গৈ এখন চালিৰ ঘৰ এটা পালে৷ লগুৱাটোৱে ক’লে– “হেনাপতিহঁত এই ঘৰটোতে থাকে৷”

দামুৱে ‘ৰ’টো উচ্ছাৰণ কৰি কথা ক’ব পাৰে৷

তেমেকাহঁত ঘৰটোৰ দুৱাৰমুখত হাজিৰ হোৱাৰ লগে লগে চাংবৰ বাহিৰলৈ ওলাই আহিল৷ সি বাহিৰলৈ আহিয়েই মাত দিলে– “অ তন্তে আহিছ৷ আহ ভিতঅলৈকে৷”

তেমেকাহঁত ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল৷ ভিতৰত লক্ষণসিং আৰু ৰংবৰ বিছনা পাৰি বাগৰ দি আছিল৷ তেমেকাহঁত সোমাই যোৱাৰ লগে লগে তেওঁলোক উঠি বহিল৷ ৰংবৰে সুধিলে– “ক’লৈ আহিলি তহঁত?”

“আপোনালোককে চাবলৈ আহিলং৷”– তেমেকাই মাত দিলে৷ “আপোনালোক থকা ঠাইখন চাই গ’লেহে কিবা জউঈ খব’ থাকিলে দিবা আহিবা পাঈম৷”

“ঠিকে কৰিছ৷ তহঁত অহাত আহিলি৷ কিন্তু যাবি ক’লৈ? থাকিবি ক’ত?”

“দেওৰজাই তেওঁ’ ঘঅতে থাকিবা দিছে৷”

“ভাল কথা৷ ইয়াতে থাক৷”

তেমেকাই মন কৰিলে ঘৰটো কপিলীৰ পাৰৰ জংঘলতে সজা হৈছে৷ চিপাহী আহিলে নদীখন সাঁতুৰি পাৰ হৈ গ’লেই ৰক্ষা পৰিব৷ সি লক্ষণসিংহঁতক ক’লে– “আমি এতিয়া যাং৷ দেওঅজা ঘঅত কিবা কাম থাকিলে কঅংগৈ৷ এতিয়া আমি দেওঅজা লগুৱা হিচাপে থাকিম৷”

লক্ষণিসঙে ক’লে– “তেনেকে থকাই ভাল৷ এতিয়া তহঁত গৈ থাক৷”

তেমেকাহঁতে উভতি ৰজাৰ ঘৰলৈ খোজ ল’লে৷

(আগলৈ)


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ