মৃদুল শৰ্মা
৩১ কৰ্ণ৷
মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু যথাৰ্থতে সুত অধিৰথহে মোৰ পিতৃ আৰু মোৰ মাতৃ হৈছে ৰাধা, মোৰ শ্ৰদ্ধেয় পিতৃদেৱ সুত অধিৰথৰ পত্নী৷ কাৰণ কুন্তীদেৱীয়ে হেনো প্ৰাকবিৱাহ কালতে জন্ম দিছিল কৰ্ণক আৰু জন্মৰ অব্যৱহিত পৰৱৰ্তী সময়তে পৰিত্যাগ কৰিছিল লোকলজ্জা ৰক্ষা কৰিবলৈ৷
জননী হোৱাটো সহজ
হ’লেও মাতৃ হোৱা সহজ নহয়৷ মাতৃত্ব এক ত্যাগসৰ্বস্ব তপস্যা যি তপস্যা মোৰ
পৰমাৰাধ্যা মাতৃ ৰাধাদেৱীৰ মাজত সৰ্বাত্মকভাৱে প্ৰতিফলিত হোৱা মই লক্ষ্য কৰি
আহিছোঁ৷
মোৰ জীৱন-বন্তি
নিৰ্বাপিত হোৱাৰ সকলো ইঙ্গিত লাভ কৰা সময়তহে অৱগত হৈছিলোঁ যে মই কোনোবা অতিশয় তেজোদ্দীপ্ত
সূৰ্যকান্তি দিব্য পুৰুষৰ ঔৰসত কুন্তীভোজৰ কন্যা কুন্তীয়ে প্ৰাক্ বৈৱাহিক কালতে
জন্ম দিয়া সন্তান৷ জন্ম-মুহূৰ্ততে মাতৃৰদ্বাৰা পৰিত্যক্ত, জননীৰ গোপন
প্ৰবৃত্তিৰ সাময়িক সান্ত্বনা অথচ তেওঁৰে অবাঞ্ছিত সন্তান মই৷
অনেক
লাঞ্চনা-গঞ্জনাৰ মাজেৰে শৈশৱ-কৈশোৰ অতিক্ৰম কৰি যুৱাৱস্থাত উপনীত হোৱাৰ পাছতো মোৰ
ওপৰত নিয়তিৰ দৃষ্টি সুস্থ নহ’ল৷
কাৰণ সুতপুত্ৰ
মই৷ অবিৱাহিতা ৰাজকুমাৰী জননীৰ পৰিত্যক্ত সন্তান মই৷ সেই জননীৰ বাবে মই এটা
অভিশাপ৷
কিন্তু নহয়৷ সেই
ৰমণীৰ বাবে মই অভিশাপ হৈ উঠা নাই কদাপি৷ জন্ম পৰৱৰ্তী কালতে তেওঁৰদ্বাৰা পৰিত্যক্ত হোৱা আৰু সুত অধিৰথে উদ্ধাৰ কৰি মোক তেওঁৰ পুত্ৰৰ মৰ্যাদা দিয়া, হস্তিনাপুৰৰ
ৰাজকুমাৰসকলতকৈ অধিক নৈপুণ্যৰে ক্ষত্ৰবিদ্যা আহৰণ কৰা আৰু সেইবোৰ প্ৰকাশ কৰা,
মোৰ
প্ৰতি আকৰ্ষিত হৈ হস্তিনাপুৰৰ ৰাজকুমাৰ সুযোধনে মোক তেওঁৰ অধীনস্থ অঙ্গৰাজ্যৰ
ৰাজসিংহাসনত অভিষিক্ত কৰা– এইবোৰেই নিদাৰুণ অভিশাপ হৈ মোৰ জীৱনটোক বিষাক্ত কৰি
তুলিলে; বিষাক্ত কৰি তুলিলে মোৰ মনোজগতখনো৷
আৰু সৰ্বশেষত,
এই
যুদ্ধখন আৰম্ভ হ’বলৈ কেইটামান দিন থকা অৱস্থাত সেই নিৰ্মমা নাৰীয়ে, যি
মোক পৰিচয় দিছিল মোৰ জননীৰূপে– সেই কুন্তীদেৱীয়ে মোৰ জীৱনৰ প্ৰতি আকৰ্ষণ লোপ পোৱাই
দিছিল৷
তেওঁ কৈছিল,
মই
হেনো তেওঁৰ প্ৰথম সন্তান৷
তাৰ পাছত তেওঁ
মোক অনুৰোধ কৰিছিল, মই যেন কোনো কাৰণতে অজুৰ্নক হত্যা নকৰোঁ৷ মই
জানো, মোক সম্মুখ সমৰত হত্যা কৰিবলৈ অৰ্জুন সক্ষম নহয়৷ তেন্তে? তেন্তে মোৰপৰা অৰ্জুনৰ জীৱন ভিক্ষা কৰি
তেওঁ কি প্ৰমাণ কৰিলে?
প্ৰথম সন্তান!
প্ৰথম সন্তানৰ
প্ৰতি হেনো মাতৃৰ অনুৰাগ সৰ্বাধিক৷ যদি সেয়ে হয় তেন্তে নাৰী হিচাপে কুন্তী কিহেৰে
গঠিত?
কিন্তু মই কৰ্ণ৷
সুতপুত্ৰ কৰ্ণ৷ দানবীৰ কৰ্ণ মই৷ মই প্ৰকাৰান্তৰে অৰ্জুনক জীৱন দান দিয়াই নহয়,
অজুৰ্নৰ
হাতত মোৰ প্ৰাণটোও তুলি দিছিলোঁ সেই মুহূৰ্ততে৷ সেইগৰাকী নাৰীক মই বচন দিছিলোঁ
যিগৰাকীয়ে নিজকে মোৰ জন্মদাতৃ বুলি দাবী কৰিছিল৷
নাই! তেওঁ মোৰ
মাতৃ নাছিল৷ হ’ব পাৰে তেওঁ মোৰ জৈৱিক জননী৷ তেওঁ মোৰ মাতৃ হ’ব নোৱাৰে৷ কাৰণ মোৰ
জীৱনৰ প্ৰতি তেওঁৰ অক্ষপ্ৰদেশত কোনো প্ৰকাৰৰ মমত্ববোধ কিম্বা আকৰ্ষণ নাছিল৷
মোৰ পিতৃ শুদ্ৰ
অধিৰথ, সুত অধিৰথ– যি ক্ষত্ৰিয় নহয়, যি কেৱল হস্তিনাপুৰৰ ৰাজপুৰুষৰ ৰথসমূহৰ
বিশ্বস্ত, বিচক্ষণ অথচ অস্বীকৃত চালক৷
মোক কোনো এক
দিব্যকান্তি দেৱতাৰূপী ব্যক্তিয়ে দিছিল দুটা বিশেষ শক্তি যাৰ সহায়ত মই বসুধাবক্ষত যোগ্যজন হৈ নিজৰ উপস্থিতি ঘোষণা কৰিবলৈ সক্ষম হ’লোঁহেতেন৷ সেই ব্যক্তি কোনোবা এজন
ব্ৰহ্মৰ্ষি আছিল বুলি মই আজিও বিশ্বাস কৰোঁ৷ সেই শক্তিৰ স্মাৰক হিচাপে তেখেতে মোক
প্ৰদান কৰিছিল এটা বিশেষ কবচ আৰু এযোৰ কুন্তল৷ তেখেতে কৈছিল যে সেই কবচ-কুন্তল পৰিহিত
অৱস্থাতহে মই সেই বিশেষ শক্তি প্ৰয়োগ কৰিব পাৰিম৷
কিন্তু জ্ঞান
হোৱাৰ দিন ধৰি মই নিজৰ সীমিত সম্পদকে দান কৰি কিবা এক অনিৰ্বচনীয় আনন্দ লাভ কৰি
আহিছোঁ৷ কুৰুবংশৰ ৰাজকুমাৰ সুযোধনৰ সৈতে প্ৰথম সাক্ষাতত সংঘটিত হোৱা ঘটনাক্ৰমে মোৰ
যিকোনো সম্পদ দানসূত্ৰে কাৰোবাক প্ৰদান কৰি লাভ কৰা আনন্দৰ মাত্ৰা বৃদ্ধি কৰিছিল৷
ৰাজকুমাৰ সুযোধনে নিজৰ ভৱিষ্যত সম্পৰ্কে কোনো আশঙ্কা নকৰাকৈ যদি ৰাজমুকুটটো মোক
দান কৰিব পাৰে তেন্তে মইনো মোৰ আশৈশৱ অভ্যাস বিকশিত নকৰিম কিয়?
মোৰ এই বিশেষত্ব
পৰ্যবেক্ষণ কৰোঁতাৰ অভাৱ নাছিল৷ কাৰণ সুতপুত্ৰৰ হাতত ক্ষমতা থকা মানে জন্মসূত্ৰে
ক্ষত্ৰিয়সকলৰ আয়ুঃ হ্ৰাস পোৱা৷ এতেকে দান হিচাপেই মোৰপৰা সেই বিশেষ সম্পদৰ ক্ষমতা কাঢ়ি
লোৱা হৈছিল৷
লৈছিল দেৱতাৰ
ছদ্মৱেশধাৰী বিদূৰে৷ মই সঠিকভাৱে স্মৰণ কৰিব পাৰিছোঁ, সেই ব্যক্তি
আছিল মহামতি বিদূৰ৷
মই আজিও চিন্তা
কৰিছোঁ, বিদূৰে মোৰপৰা সেই দেৱদত্ত সম্পদ দুটিত নিহিত শক্তি প্ৰয়োগ নকৰাৰ প্ৰতিজ্ঞা কিয়
আদায় কৰিছিল?
কিন্তু নিজে শক্তিহীন হ’লেও সেই দেৱদত্ত শক্তি প্ৰয়োগ নকৰাৰ প্ৰতিজ্ঞা দান হিচাপে দি মই ধন্য হৈছিলোঁ৷ তেওঁৰ হাততে অৰ্পণ কৰিছিলোঁ মোৰ সেই বিশেষ কবচ-কুন্তল৷ সেইদিনাৰপৰা মই যেন স্বয়ংসম্পূৰ্ণ হৈ উঠাৰ অভিযানতহে অৱতীৰ্ণ হ’লোঁ৷
মোৰদ্বাৰা প্ৰদত্ত সেই প্ৰতিজ্ঞা
লাভ কৰি সেই দানলিপ্সু ব্যক্তিজন যে সেই বিশেষ দিনটোৰপৰা কিমান খৰ্ব হৈ পৰিল!
তেওঁতো নিজৰ বিচাৰত নিজে কদাপি নিৰ্দোষ, পৰম ধাৰ্মিক, পৰোপকাৰী আদি
অভিধাৰে বিভূষিত হ’বলৈ সক্ষম নহ’ব!
আত্মবিশ্বাস আছে
মোৰ৷ মোৰ প্ৰজন্মৰ মোৰ সমকক্ষ যোদ্ধা নাই বুলি ইতিমধ্যে ভাৰতভূমিত প্ৰমাণ হৈ গৈছে৷ গতিকে মোৰ
সম্মুখীন হোৱা প্ৰতিজন ধৰ্মযোদ্ধাকে শ্ৰদ্ধাসহকাৰে মই আহ্বান জনাই আহিছিলোঁ গোপনে,
প্ৰতিনিয়ত৷
ইষ্টদেৱতাৰ পূজনৰ সময়তো মই মোৰ সমকক্ষ যোদ্ধাকে আহ্বান জনাইছিলোঁ৷
কিন্তু মোৰ
সম্মুখত কোনো সমস্তৰীয় যোদ্ধাৰ অৱিৰ্ভাৱ নহ’ল৷
সাধাৰণ তথা
স্বাভাৱিক সময়ত কদাপি নহ’ল৷
... সিমানতো
মোৰ ভাগ্য-বিপৰ্যয়ৰ পৰিসমাপ্তি নঘটিল৷ মই শস্ত্ৰশিক্ষা লাভ কৰিবলৈ উন্মুখ হৈ
কুৰুকুলৰ শস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ শৰণাপন্ন হওঁতে মোৰ প্ৰতি আচাৰ্য সামান্য
পৰিমাণে যেন আগ্ৰহী হৈ উঠিছিল৷ কিন্তু আকস্মিকভাৱে আচাৰ্য আৰু মোৰ অভীপ্সাৰ মাজত
অবাঞ্ছিতভাৱে উপস্থিত হৈছিলহি মহাত্মা বিদূৰ৷ প্ৰখৰ দৃষ্টিৰে মোৰ আপাদমস্তক লক্ষ্য
কৰি তেওঁ আচাৰ্যক স্মৰণ কৰাই দিছিল যে আচাৰ্যক হেনো কেৱল ৰাজপুত্ৰসকলৰ শিক্ষাদানৰ
অৰ্থেহে পিতামহ ভীষ্মৰদ্বাৰা নিয়োজিত কৰা হৈছিল৷
গুৰু দ্ৰোণৰ
চকুত মোৰ প্ৰতি প্ৰথমে প্ৰকাশ পোৱা আগ্ৰহ নিমিষতে অন্তৰ্হিত হৈছিল আৰু তেওঁ মোক
শিষ্যৰূপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ সেই মুহূৰ্তত মোৰ সম্মুখত
পৃথিৱীখন চক্ৰাকাৰে ঘূৰিছিল৷ মই যেন পদস্থাপনৰ কাৰণে সামান্য ভূমিও বিচাৰি পোৱা
নাছিলোঁ৷
সেই মুহূৰ্তত
গুৰু পৰশুৰামৰ কথা মনলৈ আহিছিল বাৰংবাৰ৷ কিন্তু শুনিবলৈ পোৱা মতে তেওঁতো প্ৰচণ্ড
ক্ষত্ৰিয়বিদ্বেষী! তেনেস্থলত মই হেন সুতপুত্ৰক তেওঁ জানো শিষ্যৰূপে গ্ৰহণ কৰিব?
কিন্তু মোৰ
বিশ্বাস, পৰশুৰামৰ ক্ষত্ৰিয়বিৰোধিতা কেৱল এক বাগ্ধাৰাহে আছিল৷ কোনোবা
ব্ৰাহ্মণ অথবা ক্ষত্ৰিয়ই কিবা গোপন উদ্দেশ্য চৰিতাৰ্থ কৰিবৰ উদ্দেশ্যেই আৰ্যাৱৰ্তৰ
ব্ৰাহ্মণ সম্প্ৰদায়ৰপৰা আঁতৰি একান্ত জীৱন যাপন কৰা পৰশুৰাম সম্পৰ্কে তেনে ধাৰণা
প্ৰচাৰ কৰিছিল৷ কাৰণ তেওঁ দেখোন মহাবীৰ ভাষ্ম, পাঞ্চালৰাজ
দ্ৰুপদৰ দৰে ক্ষত্ৰিয়ৰো শস্ত্ৰগুৰু৷ ব্ৰাহ্মণৰ ভিতৰত তেওঁ কেৱল দ্ৰোণাচাৰ্যকহে
শিক্ষা দিয়া বুলি মই অৱগত৷ কিন্তু দ্ৰোণ অযোনীসম্ভূত বুলিও প্ৰচলিত৷ এনে অৱস্থাত
তেওঁ বাৰু মোক কেৱল সূতপুত্ৰ বুলিয়েই প্ৰত্যাখ্যান কৰিবনে?
হস্তিনাপুৰৰ
শস্ত্ৰগুৰু দ্ৰোণাচাৰ্যই প্ৰত্যাখ্যান কৰাৰ পাছত বহুদিন মই বৰ অস্বস্তিৰ মাজেৰে
অতিবাহিত কৰিছিলোঁ৷ বাৰে বাৰে পৰশুৰামৰ কথা ভাবিও সঠিক সিদ্ধান্তত উপনীত হ’বলৈ মই
সক্ষম হোৱা নাছিলোঁ৷ গঙ্গা আৰু যমুনাৰ তীৰৱৰ্তী অৰণ্যৰ মাজত উদ্দেশ্যহীনভাৱে ঘূৰি
ফুৰিছিলোঁ সেই সময়খিনিত৷
তেনে সময়তে এদিন
আকস্মিকভাৱে সাক্ষাৎ হৈছিল দক্ষিণহস্তৰ বৃদ্ধাঙ্গুলিহীন অৱস্থাতো কঠোৰভাৱে
ধনুৰ্ৱেদৰ অনুশীলন কৰি থকা এক নিষাদ যুৱকৰ সৈতে৷
নাম তেওঁৰ
একলব্য৷ নিষাদৰাজ হিৰণ্যধনুৰ পুত্ৰ তেওঁ৷
এদিন
প্ৰাতঃস্নানকালত গঙ্গানদীৰ তীৰত মহাত্মা বিদূৰে মোক অযাচিতভাৱেই সম্বোধন কৰিছিল৷
মই বিস্মিতিবশতঃ মূক হৈ পৰিছিলোঁ৷ সামান্য সুতপুত্ৰ এজনক ৰাজপুৰুষ এজনৰ সম্বোধন!
‘বৎস কৰ্ণ,
সম্ভৱতঃ
তুমি সম্ভৱতঃ দ্ৰোণাচাৰ্যই তোমাৰ শিষ্যত্ব স্বীকাৰ কৰিব নোৱৰা কাৰণেই বিমৰ্ষ হৈ
আছা৷ মোৰো মনত একান্ত ইচ্ছা আছিল ৰাজপুত্ৰগণৰ সৈতে তুমিও শস্ত্ৰশিক্ষা গ্ৰহণ কৰিব
পৰা ব্যৱস্থা এটা কৰিবলৈ৷ কিন্তু, মই নিজে দাসীপুত্ৰ, তদুপৰি
পৰজীৱী৷ মই কেৱল ৰাজপুত্ৰগণৰ প্ৰশিক্ষণ-কাৰ্যৰ তত্ত্বাৱধানৰ দায়িত্বতহে আছোঁ৷ আৰু
পিতামহ ভীষ্মই স্পষ্টভাৱে আচাৰ্য দ্ৰোণক ৰাজপুত্ৰসৱৰ প্ৰশিক্ষণতহে নিয়োগ কৰিছে৷
এতেকে মনৰ প্ৰচণ্ড ইচ্ছা সত্ত্বেও মই তোমাৰ গুৰু দ্ৰোণৰ শিষ্যৰূপে গ্ৰহণ কৰোৱাব
নোৱাৰিলোঁ৷ বাৰু, সম্প্ৰতি তুমি কি পৰিকল্পনা কৰিছা?’
উত্তৰ দিবৰ
ইচ্ছা মোৰ নাছিল৷ ধৰ্মৰ প্ৰসঙ্গ উত্থাপন কৰি মহাত্মা বিদূৰে মোৰ সম্মুখত নিজৰ
অৱস্থান স্পষ্ট কৰিবলৈ যত্ন কৰাত মই নিশ্চিত হ’লোঁ যে আচাৰ্য দ্ৰোণই মোক অস্বীকাৰ
কৰাৰ অন্তৰালত প্ৰকৃততে বিদূৰেই আছিল৷ কিন্তু তেওঁ নিজৰ অক্ষমতা প্ৰকাশ কৰি
প্ৰকাৰান্তৰে মোৰ যোগ্যতাকেই স্বীকাৰ কৰিলে৷ গতিকে মই ক’লোঁ, ‘সম্প্ৰতি
একো স্থিৰ কৰিব পৰা নাই, মাননীয়!’
‘সৰ্বশ্ৰেষ্ঠ
শস্ত্ৰবিদ কোন? দ্ৰোণাচাৰ্য নে পিতামহ ভীষ্ম?’
মোৰ চকুলৈ চাই
তেওঁ জিজ্ঞাসা প্ৰকাশ কৰিলে৷ মই উত্তৰ দিয়াটো সমীচীন বুলি বিৱেচনা নকৰিলোঁ৷ তেওঁ
পুনৰ ক’লে, ‘শ্ৰেষ্ঠ কোন বুলি ক’লে উত্তৰ দিয়া কঠিন৷ কিন্তু
পিতামহ ভীষ্মই হৈছে সাম্প্ৰতিক কালৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধা৷ পিতামহ ভীষ্মৰ গুৰু
মহামুনি পৰশুৰাম৷ তুমি তেওঁৰ কাষত গৈ শস্ত্ৰশিক্ষা ভিক্ষা কৰিবগৈ পাৰাঁ৷’
কিন্তু! তেওঁ
ক্ষত্ৰিয় বিদ্বেষী বুলি শুনি আহিছোঁ!
সৰ্বদা মিতভাষী
মহামতি বিদূৰে তেনেকৈ অট্টহাস্য কৰিব পাৰে বুলি মই কল্পনাও কৰিব পৰা নাছিলোঁ৷
কিন্তু তেওঁ এক বিকৃত ধৰণৰ অট্টহাস্য কৰি কৈছিল, ‘কিন্তু বৎস,
তুমিতো
ক্ষত্ৰিয় নোহোৱাঁ! তুমি শূদ্ৰ! তোমাক তেওঁ অৱশ্যেই অস্ত্ৰশিক্ষা প্ৰদান কৰিব
বুলিয়েই মোৰ বিশ্বাস৷ তথাপি, তেওঁৰ সম্মুখত তুমি আত্মগোপন কৰি ভিন্ন
পৰিচয়ো প্ৰদান কৰিব পাৰাঁ ৰাধেয়!’
...
এই মুহূৰ্তত,
জীৱনৰ
এই অন্তিম ক্ষণত মোৰ উপলব্ধি হৈছে, যুৱাৱস্থাত মোৰ উচ্চাকাংক্ষা আৰু
কিছুমান চাৰিত্ৰিক বিশেষত্ব যে কালক্ৰমত দুৰ্যোধনে ভাল পাব আৰু তাৰ ফলত যে মই
একালত শক্তিশালী হৈ উঠিবগৈ পাৰোঁ সেয়া বিদূৰে সঠিকভাৱেই অনুমান কৰিছিল৷ আৰু
সম্ভৱতঃ মোক সেই পথেৰেই আগ বঢ়াই দিছিল৷
হাস্যকৰ কথা এয়ে
যে গুৰু পৰশুৰামে মোৰ প্ৰকৃত পৰিচয় পালে মোক অভিশাপ দিব পাৰে অথবা হত্যা পৰ্যন্ত
কৰিব পাৰে বুলিও অনুমান কৰিছিল বিদূৰে৷ মহাত্মা বিদূৰে৷ আনহাতে যদি মোক বধ নকৰি
অভিশপ্ত কৰে, তেন্তে যুদ্ধৰ সংকটকালীন মুহূৰ্তত গুৰুৰ
অভিসম্পাত মনলৈ আহি মই মোৰ শস্ত্ৰ নিৰ্বাচন ভুল কৰি পেলাব পাৰোঁ বুলিও তেওঁ অনুমান
কৰিছিল৷
তেওঁৰ সকলো
অনুমান ভুল আছিল৷ কিন্তু ঘটনাচক্ৰৰ গতি পৰিৱৰ্তন কৰিবৰ উদ্দেশ্যে তেওঁ কল্পনা কৰি
কৰিও বিভিন্ন কথা ক’ব জানিছিল৷ কৈছিলো একেবাৰে শান্ত-শিষ্টভাৱে, সম্পূৰ্ণ
সত্য বিবৃতিৰ দৰেই৷
সঁচা অৰ্থতে
বিচক্ষণ ৰাজনীতিবিদ বিদূৰ৷ বহু দূৰ পৰ্যন্ত স্পষ্টভাৱে ভৱিতব্য দেখা পাইছিল তেওঁ৷ আসন্ন ঘটনাৱলীৰ প্ৰায় শুদ্ধ অনুমান কৰিব পৰা দক্ষতা আছে তেওঁৰ।
কিন্তু কালক্ৰমত বিদূৰৰ
দূৰদৰ্শী চিন্তা প্ৰমাণিত হৈছিল অসত্যত৷ গুৰু পৰশুৰামৰ ওচৰলৈ গৈ মই মোৰ সূতপুত্ৰ
পৰিচয়টোৱেই দাঙি ধৰিছিলোঁ৷ কিন্তু মোক সূতপুত্ৰ বুলি তেখেতে স্বীকাৰ কৰিব খোজা
নাছিল৷ তেখেতে কৈছিল–
‘বৎস, তোমাৰ
মাজততো সূতপুত্ৰৰ কোনো লক্ষণ অন্ততঃ মই দেখা নাই৷ কোনো ব্ৰহ্মতেজ অথবা দৈৱীৰক্তহে তোমাৰ মাজত
প্ৰৱাহিত হৈছে যেন মোৰ অনুমান হৈছে৷ অৱশ্যে, জগতত অনেক
ৰহস্যময় ঘটনা ঘটি আহিছে৷ বহু লোকে বিভিন্ন ঘটনাচক্ৰত প্ৰকৃত পৰিচয়ৰপৰা বঞ্চিত
হ’বলগীয়া হয়৷ কিন্তু প্ৰকৃত কথা শুনা বৎস৷ মানুহে জন্ম বা বংশসূত্ৰে লাভ কৰা পৰিচয়
প্ৰকৃত পৰিচয় নহয়৷ মানুহে কৃতকৰ্মৰ জৰিয়তেহে প্ৰকৃত পৰিচয় অৰ্জন কৰে– যি যুগ
যুগান্তৰলৈ অক্ষয়-অব্যয় হৈ ৰৈ যায়৷’
সেই মুহূৰ্ততে, মোৰ পৰম অভীপ্সিত শস্ত্ৰশিক্ষা
আৰম্ভ হোৱাৰ পূৰ্বেই যেন মই জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় জ্ঞান লাভ কৰিছিলোঁ৷
সূতপুত্ৰ হোৱা সত্ত্বেও ক্ষত্ৰিয়জনোচিত শস্ত্ৰশিক্ষাৰ প্ৰতি মোৰ আগ্ৰহ লক্ষ্য কৰি তেখেতৰ মুখমণ্ডল ভাস্বৰ হৈ উঠিছিল৷
শস্ত্ৰবিদ্যা আৰু ৰাজনৈতিক ক্ষমতা চিৰন্তন কাললৈ কেৱল ক্ষত্ৰিয়ৰ হাততে থকাটো হেনো
তেখেতৰ কাম্য নহয়৷ তেখেতে মোৰ সম্মুখত অত্যন্ত পুলকিতভাৱে বিবৃত কৰিছিল– কেনেকৈ
তেখেতে একবিংশতি সংখ্যক অভিযান চলাই ক্ষত্ৰিয়ক নিক্ষত্ৰিয় কৰিছিল, ব্ৰাহ্মণক
বৈশ্য বা শূদ্ৰ কৰিছিল, শূদ্ৰ বা বৈশ্যক ক্ষত্ৰিয় কৰি তুলিবলৈ যত্ন
কৰিছিল, ক্ষত্ৰিয়ক কৰি তুলিব খুজিছিল ব্ৰাহ্মণ৷
গুৰু পৰশুৰামে
মোক আন্তৰিকতাৰেই শস্ত্ৰশিক্ষা দিছিল৷ কিন্তু তেওঁ মোক বাৰে বাৰে সাৱধান কৰি দিছিল
দুটা বিষয়ত৷ প্ৰথমে অত্যধিক আত্মবিশ্বাস হেনো মোৰ বাবে অহঙ্কাৰৰ সমান হ’বগৈ পাৰে৷
তেখেতে দ্বিতীয়তে মোক অবিশ্বাসীক বিশ্বাস কৰিবলৈ বাধা দিছিল বাৰম্বাৰ৷
কিন্তু মহামন্ত্ৰী বিদূৰে বাৰু মোক বাৰে বাৰে ছলনা কৰিবলৈ যত্ন কৰিছিল কিয়? অৰ্জুনক ৰক্ষা
কৰাৰ স্বাৰ্থত? অৰ্জুনৰ প্ৰতি তেওঁৰ ইমান দুৰ্বলতাৰ
অন্তৰ্নিহিত কাৰণ কি?
... এই
মুহূৰ্তত অনেক শাৰীৰিক ক্লেশ সত্তেও মানসিক সন্তুলন মোৰ এতিয়াও অক্ষত হৈ আছে৷ মোক বধ
কৰিবৰ উদ্দেশ্যে অৰ্জুনে প্ৰয়োগ কৰিব খোজা শস্ত্ৰও মই সঠিকভাৱেই চিনি পাইছোঁ৷
অঞ্জলিকা৷ কিন্তু এই ক্ষণত মই কি অস্ত্ৰ প্ৰয়োগ কৰা উচিত? মোৰ
স্মৰণশক্তিয়ে প্ৰতাৰণা কৰিছে নেকি মোক?
নাই কৰা৷ কিন্তু
মোক প্ৰতাৰণা কৰিছে মোৰ ভাগ্যই৷ মোক প্ৰতাৰণা কৰিছে মোৰ সাৰথিয়ে৷ আজি পুৱাৰেপৰা
মোৰ ৰথৰ বল্গাধাৰী শৈল্যই বিভিন্ন অশোভনীয় কথাৰে মোক মৰ্মান্তিক আঘাত দিছে৷ কেৱল
অৰ্জুনৰ গুণানুকীৰ্তন কৰি কৰি মোক বাৰংবাৰ সূতপুত্ৰ বুলি উল্লেখ কৰি একেবাৰে শেষত
মোৰ ৰথচক্ৰ বোকাত পেলাই মোৰ ৰথৰ সাৰথি শল্যই ইতিমধ্যে পলায়ন কৰিছে৷ ৰথচক্ৰ
পঙ্কাৱিষ্ট হৈ মোৰ ৰথখন বেঁকা হৈ পৰিছে৷ মই ৰথৰ চকাটো দাঙিবলৈ যত্ন কৰি আছোঁ৷
যুদ্ধৰ শস্ত্ৰ সম্প্ৰতি মোৰ হাতত একো নাই৷ ধনুকে ধৰি সমস্ত অস্ত্ৰ আছে ৰথৰ ওপৰত৷
নিৰস্ত্ৰ মোৰ
ওপৰত শস্ত্ৰাঘাত কৰিব নেকি অৰ্জুনে?
নাই, নকৰে৷
অৰ্জুন ইমান কাপুৰুষ নহয়৷ বীৰ অৰ্জুন৷ তেওঁ যুদ্ধত ইমান অধৰ্ম আচৰণ নকৰে৷ কিছু
সময়ৰ পূৰ্বে তেওঁৰ ৰথৰ চকাও বোকাত সোমাওঁতে ময়োতো অপেক্ষা কৰি তেওঁক সময় দিছিলোঁ৷
‘ক্ষন্তেক
অপেক্ষা কৰিবানে অৰ্জুন৷ তুমি দেখিছাই, কেনেকৈ মোক মোৰ সাৰথিয়ে প্ৰতাৰণা কৰি
গৈছে৷ তদুপৰি মই সম্প্ৰতি নিৰস্ত্ৰ৷ মোক ৰথখন বোকাৰপৰা উদ্ধাৰ কৰি ল’বলৈ দিয়াঁ৷
তাৰ পাছতহে মই ৰথত থকা শস্ত্ৰ হাতত তুলি ল’ম৷’
অৰ্জুনে ধনু
নমাই লৈছিল৷
কিন্তু কৃষ্ণ!
উঃ! প্ৰতাৰণা!
কৃষ্ণ মানেই
প্ৰতাৰণা!!
প্ৰতাৰণাই কৰ্ণৰ
ভাগ্যলিপি নেকি? জন্মমুহূৰ্তৰপৰাই প্ৰতাৰণাৰ বলি হৈ অৱশেষত
মৃত্যুৰ মুহূৰ্ততো মই ললাটৰ প্ৰতাৰণাৰ কবলৰপৰা মুক্ত হ’ব নোৱাৰিলোঁ৷
এই বিশাল
ৰণক্ষেত্ৰত মোৰ এই অন্তিম ক্ষণত ক’ত আছে মোৰ প্ৰাণাধিক প্ৰিয়তম সখা সুযোধন? এই মুহূৰ্তত কাক
ক’ম মই মোৰ অক্ষমতাৰ কথা? এই বিপুলায়তন পৃথিৱীবক্ষত মোৰ দৰে অসহায় আৰু অকলশৰীয়া হৈ কোনেও জন্ম গ্ৰহণ নকৰক৷ কাক ক’ম মই মোৰ অন্তৰাত্মাৰ কথা? মই
নিজকে নিজে ক’ব লাগিব এই মুহূৰ্তত৷
ভাগ্য! নহয়৷
ভাগ্য নহয়, মোৰ কৰ্মফল৷
কি এক সত্য
উপলব্ধিৰ মুহূৰ্তত উপনীত হৈছোঁ মই!
অৰ্জুনৰ
গাণ্ডীৱৰপৰা তীব্ৰ গতিৰে ওলাই অহা অঞ্জলিকাই মোক মোৰ ৰথচক্ৰৰ সৈতে শালি পেলালে৷
আঃ! মই
সুদীৰ্ঘদিন ধৰি সযতনে কেৱল অৰ্জুনৰ উদ্দেশ্যে সঞ্চয় কৰি ৰখা মাৰাত্মক বাসৱী শক্তিসম্পন্ন অস্ত্ৰ যদি ঘটোৎকচ বধৰ কাৰণে ব্যয় নকৰিলোহেঁতেন! প্ৰিয়বন্ধু সুযোধনে মোক ঘটোৎকচৰ
কালান্তক ৰূপৰপৰা পৰিত্ৰাণৰ বাবে যত্ন কৰিবলৈ দাবী জনাইছিল৷ মোৰ ওপৰত তেওঁ আছিল পৰম
আস্থাশীল৷ কিন্তু ঘটোৎকচৰ মায়াময় ছায়াযুদ্ধৰ মুখামুখী হৈ মই পৰম বিস্মিত হোৱাই নাছিলোঁ, সেই সময়ত মোৰ
প্ৰায় সকলো শ্ৰেণীৰ অস্ত্ৰই ব্যৰ্থ প্ৰমাণিত হৈছিল৷
তেতিয়াও মই
ঘটোৎকচৰ উদ্দেশ্যে মোৰ একান্ত বাসৱী শক্তিসম্পন্ন অস্ত্ৰ ব্যৱহাৰ কৰিব খোজা নাছিলোঁ৷ কিন্তু পুনৰ
সুযোধনে মোক সেই শস্ত্ৰ ব্যৱহাৰৰ অনুৰোধ কৰিছিল এই যুক্তিৰে–
‘অৰ্জুনৰ বিপক্ষে
যুদ্ধত অৱতীৰ্ণ হ’বলৈ তুমি জীৱিত অৱস্থাত থাকিব লাগিব, মিত্ৰ৷ কিন্তু
এই ৰাক্ষসে দেখোন আজি কৌৰৱ বাহিনীক সমূলি নিঃশেষ কৰিবলৈ ওলাইছে৷’
আৰু অৱশেষত অগণন কৌৰৱ সৈন্য
বধ কৰা ঘটোৎকচৰ প্ৰাণহীন শৰীৰটোৱেও আনকি বহু কৌৰৱ সেনাৰ ওপৰত পৰি বহুতকে বধ কৰিছিল
আৰু আন বহু সংখ্যক আহত হৈছিল৷
তথাপি সুযোধনকে
ধৰি সকলো কৌৰৱে কালৰূপ ধৰা ঘটোৎকচৰ মৃত্যুত স্বস্তি লাভ কৰিছিল৷
সুযোধনে নজনাকৈ
ময়ো সেই মুহূৰ্তত অস্বস্তিৰ মাজতে স্বস্তিও অনুভৱ কৰিছিলোঁ৷
মোৰ জননী যিয়েই
নহওক, পাণ্ডুপত্নী কুন্তীক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অৰ্জুন ব্যতিৰেকে মই
কোনো পাণ্ডৱকে বধ নকৰোঁ৷ আনহাতে অৰ্জুনৰ হাতত যে মোৰ মৃত্যু পূৰ্বনিৰ্ধাৰিত,
তাৰ
ইঙ্গিতো লাভ কৰিছিলোঁ মই৷ মই দুৰ্ভেদ্য কৱচ-কুণ্ডলৰ শক্তিপৰ্যন্ত দানসূত্ৰে ত্যাগ
কৰিছিলোঁ৷
কিয় কৰিছিলোঁ?
সুযোধনক
সহায় কৰিবলৈ নে তেওঁক সহায় কৰাৰ অভিনয় কৰি পাণ্ডৱৰ জয়লাভত পৰোক্ষভাৱে ইন্ধন যোগাই
নিজে বীৰৰূপে প্ৰতিষ্ঠা লাভ কৰি কালৰ পৃষ্ঠাত নাম যুগমীয়া কৰিবলৈ?
উঃ! যি সুযোধনৰ
কাৰণে প্ৰাণ আহুতি দিবলৈ মই পণ কৰিছিলোঁ সেই সুযোধনকে দেখোন কাৰ্যতঃ ময়েই প্ৰতাৰণা
কৰিলোঁ৷ কাৰণ অৰ্জুনৰ হাতত নিজে মৰিবলৈহে মই প্ৰস্তুত হৈছিলোঁ, প্ৰিয়বন্ধু
সুযোধনক জিকাবলৈ নহয়৷
আঃ! প্ৰতাৰক
কৰ্ণ!
আৰু মই মোৰ পৰম
মিত্ৰক কৰা প্ৰতাৰণাৰ ফল মোক মোৰ জীৱন্ত অৱস্থাতে নিয়তিয়ে হাতে হাতে দি গ’ল৷ কাৰণ
ইহজগতত মোৰ সৰ্বহ আছিল একমাত্ৰ পুত্ৰ বৃষসেন৷ আঃ! অৰ্জুনে মোৰ পুত্ৰকো হত্যা
কৰিলে৷
------
ময়োতো
হস্তিনাপুৰৰ ৰাজকুমাৰেই৷ তথাপি, কেৱল মোৰ মাতৃ বৈশ্য তথা দাসী হোৱা
বাবেই মই ৰাজপুত্ৰ নহৈ হ’বলগীয়া হ’ল দাসীপুত্ৰ৷ অথচ জ্যেষ্ঠ ধৃতৰাষ্ট্ৰ তথা পাণ্ডু
হ’ব পাৰিলে ৰাজপুত্ৰ৷
হস্তিনাপুৰৰ
তিনিও ৰাজপুত্ৰৰ ভিতৰত ৰাজ্যাভিষেকৰ বাবে ময়ে আছিলোঁ সৰ্বাধিক উপযুক্ত৷ তথাপি,
কেৱল
মোৰ মাতৃদেৱীৰ পৰিচয়ৰ ভিত্তিত মোক বঞ্চিত কৰা হ’ল সিংহাসনত অধিষ্ঠিত হোৱাৰপৰা৷
শৈশৱ অতিক্ৰম
কৰি কৈশোৰ কালত প্ৰৱেশ কৰাৰপৰাই মই অনুমান কৰিছিলোঁ যে মোৰ সৈতে এনে কিবা অবিচাৰেই
হ’ব৷ মোৰ মাতৃয়ে বহু যত্নৰ অন্তত নিভৃতভাৱে লগ পাওঁতে মোক কৈছিল–
‘তুমি ধৰ্মতঃ
হস্তিনাপুৰৰ মহাৰাজ বিচিত্ৰবীৰ্যৰে পুত্ৰ৷ জৈৱিকভাৱে তুমি ব্যাসপুত্ৰ, ব্ৰাহ্মণ৷
কিন্তু বৎস, মই সামান্যা শূদ্ৰা নাৰী৷ মোৰ পৰিচয়েৰে তুমি কি
লাভ কৰিবা মই অৱগত নহওঁ৷ কিন্তু মই মোৰ ইচ্ছাত মহৰ্ষি ব্যাসদেৱৰ পুত্ৰৰূপে তোমাক
জন্ম দিয়া নাই৷ তুমি যত্ন কৰাঁ৷ তুমি শাস্ত্ৰসমগ্ৰ অধ্যয়ন কৰাঁ, তুমি
নিজকে কেৱল হস্তিনাপুৰেৰে নহয়, সমগ্ৰ জম্বুদ্বীপৰে ভৱিষ্যদ্ৰষ্টা
হোৱাৰ সৌভাগ্য আহৰণ কৰাঁ৷’
মই উপলব্ধি
কৰিবলৈ যত্ন কৰিছিলোঁ মোৰ শ্ৰদ্ধেয়া মাতৃদেৱীৰ মনোভাৱ৷ আৰু মই পৰম্পৰাগত সমাজখনৰ
চিৰনিপীড়িত বৰ্গৰ এজন ভাগ্যনিৰ্মিত প্ৰতিনিধিস্বৰূপে অতি কম বয়সতে নিজৰ কৰ্তব্য
স্থিৰ কৰি পেলাইছিলোঁ৷
জম্বুদ্বীপখ্যাত
হস্তিনাপুৰৰ সমগ্ৰ কুৰুবংশৰ দীপশিখা চিৰকালৰ কাৰণে নিৰ্বাপিত কৰিব লাগিব!!!
আমাৰ জৈৱিক পিতৃ
সেইজন মহৰ্ষি ব্যাসদেৱ, যি নিজে ক্ষত্ৰজা যুৱতী মৎস্যগন্ধা আৰু মহৰ্ষি
ব্ৰাহ্মণ পৰাশৰদেৱৰ সন্তান৷
ব্যাস নিজে পিতৃ
পৰিচয়সূত্ৰে ব্ৰাহ্মণ অথচ মই বিদূৰ, তেওঁৰ জৈৱিক পুত্ৰ হৈও ব্ৰাহ্মণ হ’ব
নোৱাৰিলোঁ মাতৃপৰিচয়সূত্ৰে, ক্ষত্ৰিয়ও হ’ব নোৱাৰিলোঁ মই; পাৰিলোঁ
কেৱল দাসীপুত্ৰ হ’ব, শূদ্ৰ হ’ব৷
প্ৰথমে জ্যেষ্ঠ
পাণ্ডুক সিংহাসনৰ দায়িত্ব প্ৰদান কৰাত কাৰো আপত্তি নাছিল, মোৰো৷ কিন্তু
জ্যেষ্ঠ অন্ধ ধৃতৰাষ্ট্ৰই সিংহাসনত আৰোহণ কৰিব নোপোৱাৰ দিন ধৰি যিবোৰ গোপন
অপ্ৰীতিকৰ কৰ্মকাণ্ডত লিপ্ত হৈছিল সেইবোৰে কেৱল মহাৰাজ পাণ্ডুকে অস্বস্তিত পেলোৱা
নাছিল, বৰং হস্তিনাপুৰৰে মান-সন্মানৰ প্ৰতি ভাবুকি সৃষ্টি হৈছিল৷
আনহাতে দুয়ো
ভাতৃ তেতিয়ালৈকে আছিল নিঃসন্তান৷
মই সচেতনভাৱে
লক্ষ্য কৰিছিলোঁ, ভাতৃ পাণ্ডু যেন মোৰ প্ৰজাৱতী কুন্তীৰ সৈতে
আন্তৰিকতাপূৰ্ণ জৈৱিক সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ অনিচ্ছুক! বৰং তেওঁ জৈৱিকভাৱে
প্ৰজাৱতী মহাৰাণী কুন্তীৰপৰা দূৰত্ব ৰক্ষা কৰাতহে আগ্ৰহী আছিল৷
অৱশেষত মহাৰাণী
প্ৰজাৱতী কুন্তীয়ে সংগোপনে মোক আমন্ত্ৰণ জনাইছিল৷
মোৰ প্ৰজাৱতী
আছিল মহাৰাণী কুন্তী৷ মোৰ জ্যেষ্ঠ ভাতৃজায়া৷
কিন্তু
হস্তিনাপুৰৰ ৰাজনীতিত বিধিগতভাৱেই হওক অথবা বিধিবহিৰ্ভূতভাৱেই হওক, ৰাজবধুগণৰ
জৈৱিক সুস্থতাও আছিল অত্যাৱশ্যকীয়৷
পাণ্ডুপত্নী,
মোৰ
প্ৰজাৱতী কুন্তী আছিল অসহায়া৷ আৰু সংগোপনে মোক সম্মুখলৈ নিমন্ত্ৰণ কৰি কুন্তীয়ে
কৰিছিল মোৰ ঔৰষ প্ৰাৰ্থনা৷
কিন্তু! মোৰ
সন্দেহ হয়, হস্তিনাপুৰৰ প্ৰাক্তন মহাৰাণী কুন্তীয়ে যেন
মোকো প্ৰতাৰণা কৰিলে৷ মোৰ সৈতে সৰ্বমুঠ তিনিবাৰ কুন্তীয়ে সন্তান কামনাৰে সম্ভোগত
লিপ্ত হৈছিল, প্ৰতিবাৰেই অনেক দিৱস-ৰাত্ৰি একাকাৰ হৈছিল৷
মিলনক্ষণত মোৰ
স্বাভিপ্ৰেতা জৈৱিক সংগী কুন্তীৰ সন্তানপ্ৰাপ্তিৰ উত্তেজনাতকৈ মোৰ স্বাভিমান আৰু
স্বপৰিচয় ৰক্ষাৰ উত্তেজনা আছিল উত্তুঙ্গ৷ এবাৰ দুবাৰ নহয়, তিনিবাৰ৷
কিন্তু সেই
সকলোৰে মাজতো! আঃ! ইমান আত্মনিৱেদনৰ পৱিত্ৰ অঙ্গীকাৰ কৰাৰ পাছতো, অনেক
ঘটনাপ্ৰৱাহৰ মাজত সংগোপনে জৈৱিকভাৱে মোক অৱলম্বন কৰাৰ মাজতো মোৰ প্ৰজাৱতী হৈও
প্ৰেয়সীৰ ৰূপ ধাৰণ কৰা কুন্তীয়ে মোক প্ৰতাৰণা কৰিলে৷
মোৰ সন্দেহ হয়,
দ্বিতীয়
কৌন্তেয় ভীম কোনো কাৰণতে মোৰ সন্তান হ’ব নোৱাৰে৷ তেওঁৰ শৰীৰী অৱয়ব আৰু সৰল অথচ
প্ৰচণ্ড জিঘাংসু প্ৰকৃতি সাধাৰণতে অসুৰ আৰু ৰাক্ষসসকলৰ মাজতহে সুলভ৷
কুন্তীপুত্ৰসকলৰ ভিতৰত কেৱল যুধিষ্ঠিৰ আৰু অৰ্জুনকহে মই মোৰ সন্তান বুলি স্বীকাৰ কৰিব পাৰোঁ,
কেৱল
কুন্তীৰ সম্মুখত! সৰ্বসাধাৰণৰ সম্মুখত, হস্তিনাপুৰৰ ৰাজন্যবৰ্গৰ বাৰে
যুধিষ্ঠিৰ স্বয়ং ধৰ্মদেৱ আৰু অৰ্জুৰ্ন ইন্দ্ৰদেৱৰ পুত্ৰ৷ কাৰণ এই বাগ্ধাৰা মোৰ
অজ্ঞাত কাৰণত দেৱগণে স্বয়ং প্ৰচাৰ কৰিছে৷ কুন্তীয়েও৷ অৱশ্যে কুন্তীয়ে ভীমকো
পৱনদেৱৰ পুত্ৰ বুলি ইতিমধ্যে প্ৰতিষ্ঠা কৰাত সফল হৈছে৷
কিন্তু ভীমসেনক
বায়ুদেৱৰ পুত্ৰ বুলি প্ৰচাৰ কৰাত মই অশ্চৰ্যান্বিত হৈছিলোঁ৷ কাৰণ, বায়ুদেৱৰ
তীব্ৰ গতিৰ সৈতে ভীমসেনৰ কোনো সম্পৰ্কই দেখা নগৈছিল৷ তাৰ পৰিৱৰ্তে ভীমৰ শৰীৰত আছিল
ভয়াৱহ শক্তি আৰু তুচ্চ তথা দুৰাশয় চিন্তাবিদ্যাৰ ইঙ্গিত মাথোন৷
সম্ভৱতঃ
যৌনক্ৰীড়াত নিপুণা কুন্তীয়ে তৃতীয় বাৰ মোৰ নামৰ ওপৰত নিৰ্ভৰশীল হৈয়ে কোনো
বন্যদানৱৰ সৈতে সংসৰ্গ কৰি জন্ম দিলে ভীমক৷ যাৰ বুভুক্ষা বনাগ্নিৰ সদৃশ আৰু শক্তি
বায়ুদেৱতাৰ প্ৰায় সমান– আটাইকে উৰুৱাই নিব পাৰে!
আনহাতে মাদ্ৰী
আছিল পৱিত্ৰ তুষাৰকণাৰ দৰে স্নিগ্ধ, পৱিত্ৰ৷ মোৰ অশেষ শ্ৰদ্ধাৰ পাত্ৰী
মদ্ৰৰাজকুমাৰী পাণ্ডুপত্নী মাদ্ৰী৷ সম্বন্ধত মাদ্ৰী মোৰ জ্যেষ্ঠৰ বিৱাহিতা পত্নী,
সেয়ে
তেওঁ মোৰ প্ৰজাৱতী৷ সম্ভৱতঃ কুন্তীৰ সাহসতে মাদ্ৰীয়ে কেৱল এবাৰ মোৰ সংসৰ্গ কামনা
কৰিছিল৷
তাত যান্ত্ৰিকতা
নাছিল৷ তেওঁ আছিল অশেষ আন্তৰিক, হৃদয়ৰ সমষ্ট তাড়নাৰে তেওঁ এজন প্ৰকৃত পুৰুষৰ সঙ্গকামনা কৰিছিল৷
জৈৱিকভাৱে৷
মাদ্ৰীয়ে মোৰ
ঔৰষতে জন্ম দিছিল নকুল আৰু সহদেৱক৷
কুন্তী আৰু
মাদ্ৰীৰ সৈতে মোৰ সেই গোপন সম্পৰ্কই মোক অশেষ পাৰিবাৰিক স্ববিৰোধতো পতিত কৰিলে
যিবোৰৰপৰা সমগ্ৰ জীৱন যত্ন কৰিও মই মুক্ত হ’ব নোৱাৰিলোঁ৷
নাৰীৰ ছলনাময়ী
ৰূপৰ ওচৰত পৰাস্ত হৈ মই আনকি মোৰ বিৱাহিতা পত্নীৰ প্ৰতিও আকৰ্ষণ অনুভৱ নকৰা হ’লোঁ৷
পুৰুষৰূপে নিজৰ বিশ্বাসযোগ্যতা সম্পৰ্কেও বাৰম্বাৰ মোৰ মনত প্ৰশ্ন উত্থাপিত হ’বলৈ
আৰম্ভ কৰিলে৷
মোৰ নিজৰ
কৃতকৰ্মৰ ফলস্বৰূপে মোৰে পত্নী সুলভাৰ সততা সম্পৰ্কেও মোৰ মনত বাৰম্বাৰ সন্দেহ
হ’বলৈ ধৰিলে৷ মই মোৰ সন্তান বুলি জনা পুত্ৰদ্বয় অনস্ব আৰু অনুকেতু তথা কন্যা
অম্বাৱতী মোৰ সন্তান হয় জানো! এনে সন্দেহে মোক তেওঁলোক দুজনৰ প্ৰতি পিতৃৰূপে পালন
কৰিবলগীয়া দায়িত্বৰপৰাও আঁতৰাই ৰাখিলে৷
কিন্তু মই
কুন্তী আৰু মাদ্ৰীৰ সন্তানসকলৰ শিক্ষা-দীক্ষাদিৰ দিশত মনোযোগী হ’বলৈ মই বাধ্য
আছিলাঁ৷ তাত মোৰ ভৱিষ্যতৰ সুৰক্ষা তথা পদোন্নতিৰ প্ৰশ্নটোও জড়িত হৈ আছিল৷ এজন
ৰাজনৈতিক ব্যক্তিৰূপে, হস্তিনাপুৰৰ ৰাজভ্ৰাতাস্বৰূপে তথা
মহামন্ত্ৰীৰূপেও মই ভৱিষ্যতৰ ভাৰত আৰু ইয়াৰ শাসকৰ প্ৰতি কৌশলপূৰ্বক অনুগত হৈ
থাকিবই লাগিব৷
সেয়ে মই গোপন
কৌশলৰ আশ্ৰয় ল’বলৈ বাধ্য৷ হস্তিনাপুৰৰ মহাৰাজ ভ্ৰাতা ধৃতৰাষ্ট্ৰৰ পৰৱৰ্তী ৰজা নিশ্চয়
সুযোধনেই হ’ব৷ কিন্তু সুযোধন ৰজা হ’লে মোৰ মন্ত্ৰণা তেওঁ কোনো কাৰণত আশা নকৰিব৷
কাৰণ তেওঁ এই কৈশোৰ বয়সতে মোৰ সততাক সন্দেহ কৰিব পৰাকৈ অন্তদৃৰ্ষ্টিসম্পন্ন হৈ
উঠিছে৷
গতিকে সুযোধনক
ৰাজ্যবঞ্চিত কৰিবলৈ এটা উপায় সন্ধান কৰিবলগীয়া হ’ল৷ উপায়টো তেনেই সহজ আছিল৷
প্ৰাক্তন মহাৰাজ পাণ্ডুৰ পুত্ৰসকলৰ মনত হস্তিনাপুৰৰ সিংহাসনৰ সপোন এটা ৰোপণ কৰা৷
আৰু এই কাৰ্যক বাবে মোৰ সহজ লক্ষ্য আছিল প্ৰজাৱতী কুন্তীদেৱী৷
লক্ষ্য স্থিৰ
কৰা হ’ল৷
আৰু অৱলীলাক্ৰমে
শিশু ভীমৰ বুভুক্ষাজনিত কাৰণত বিষক্ৰিয়া হোৱাতে আৰম্ভ কৰি সুযোধনাদিক দোষাৰোপ
কৰাৰে আৰম্ভ কৰি জতুগৃহ নিৰ্মাণ কৰি তাত অগ্নিকাণ্ড সংঘটিত কৰি কুন্তী সমন্বিতে
পুত্ৰসকলক গোপনে ৰক্ষা কৰাৰ যোগেদি ঘটনাক্ৰমত সাৱধানে অগ্ৰসৰ হ’লোঁ৷
আৰু সুযোধন
ক্ৰমে ক্ৰমে জনসাধাৰণৰ মাজত দুৰ্যোধন নামেৰে খ্যাত হ’বলৈ আৰম্ভ কৰিলে৷ তেওঁৰ
ভ্ৰাতাসকলৰো বহুতৰে নাম শুভসূচক ‘সু’ শব্দৰে আৰম্ভ হৈছিল যিসকলৰ নামৰ সম্মুখত
ক্ৰমাগতভাৱে ‘সু’ৰ পৰিৱৰ্তে ‘দু’ শব্দৰ সংযোজন ঘটিল৷
খুব সাৱধানে আগ
বাঢ়িবলগীয়া হৈছিল৷
৩৩ যুধিষ্ঠিৰ৷
মোৰ পিতৃদেৱ
পাণ্ডু হস্তিনাপুৰৰ ৰজা আছিল?
শৈশৱতে মোৰ
কৰ্ণগোচৰ হোৱা এই বাক্যটোৱে মোক শান্তি দিয়া নাই৷ মোৰ বীৰ পিতৃদেৱে সিংহাসনৰ
অধিকাৰ ত্যাগ কৰিলে? কিয় তেওঁৰ বনবাসী হ’বলৈ মন গ’ল? কিয়
তেওঁ অকালতে মৃত্যুবৰণ কৰিলে?
ইতিহাস অনুসৰি
কদাপি কুৰুবংশৰ সৈতে যদুবংশৰ সুসম্পৰ্ক নাছিল৷
অৱশ্যে দ্বাৰকাৰ
ইতিহাস বেছ অৰ্বাচীন৷ কিন্তু মথুৰা আৰু মগধৰ সৈতে হস্তিনাপুৰৰ সম্পৰ্কৰ সুদীৰ্ঘ
ইতিহাস আছে৷ এনে অৱস্থাত আমাৰ সৈতে কৃষ্ণৰ আকস্মিক সম্বন্ধক মই কদাপি সহজভাৱে
গ্ৰহণ কৰিব পৰা নাছিলোঁ৷ কিন্তু কৃষ্ণৰ যি বাকচাতুৰ্য তথা দূৰদৃষ্টি সেইখিনিক
স্বীকাৰ নকৰাকৈও মই নোৱাৰোঁ৷
প্ৰথমে মই
কৃষ্ণৰ সাক্ষাৎ লাভ কৰিছিলোঁ মহাৰাজ দ্ৰুপদৰ ৰাজসভাত দ্ৰৌপদীৰ সয়ম্বৰত৷ সাক্ষাৎ
লাভৰ পূৰ্বে যজমানসকলে আমাক বাৰ্তা প্ৰদান কৰিছিল যে অজুৰ্নে সয়ম্বৰৰ চৰ্ত পূৰণ
কৰি দ্ৰৌপদীক অৰ্জন কৰিব লাগে৷ সকলো যাৱতীয় ব্যৱস্থা ইতিমধ্যে সাজু হৈয়ে আছে;
আমি
পঞ্চপাণ্ডৱ গৈ ৰাজসভাত উপস্থিত হ’বগৈ লাগে৷
মই জিজ্ঞাসা
কৰিছিলোঁ, ‘সাজু হৈ আছে মানে? কোনে কি
স্বাৰ্থত এনে কৰিছে?’
উত্তৰ দিছিল
আমাৰ পৰমাৰাধ্যা মাতৃদেৱীয়ে–
‘কৃষ্ণই৷
দ্বাৰকাৰ কৃষ্ণই৷ মোৰ ভাতৃজ কৃষ্ণই৷’
তদুপৰি সেইদিনা
ব্যাসদেৱৰো আগমন ঘটিছিল এক কুম্ভকাৰে আশ্ৰয়স্বৰূপে আগ বঢ়োৱা আমাৰ কুটীৰলৈ৷
ব্যাসদেৱে মাতৃদেৱীৰ সম্মুখতে আমাক জনাইছিল যে পঞ্চপাণ্ডৱৰ পত্নী হ’বলৈহে
দ্ৰুপদনন্দিনী দ্ৰৌপদীৰ জন্ম হৈছে৷ আমি আ(ৰ্যবোধ কৰিছিলোঁ৷ কিন্তু দ্ৰৌপদীৰ
অঙ্গশোভাৰ যি বৰ্ণনা ব্যাসদেৱে কৰিছিল সেইখিনি শুনাৰ পাছত তেওঁক নিজাকৈ লাভ কৰিবলৈ
মোৰ তীব্ৰ মনোবিকাৰ সৃষ্টি হৈছিল৷ অনুজ ভাতৃসকলৰ মনৰ অৱস্থা কি হৈছিল নাজানো,
কিন্তু
তেওঁলোকৰো নি(য় মোৰ সদৃশ অৱস্থাই হৈছিল৷
ঠিক পৰৱৰ্তী
দিৱসত অৰ্জুনে সয়ম্বৰৰ পণ অনুসৰি দ্ৰৌপদীক অধিকাৰ কৰিছিল৷ দ্ৰৌপদীক অধিকাৰ কৰিবলৈ
মোৰো তীব্ৰ অভিলাস জাগিছিল, হয়তো ভীমৰো বা নকুল-সহদেৱৰো৷ কিন্তু
সয়ম্বৰৰ পণ আছিল ধনুৰ্বেদৰ সৈতে সম্পৰ্কিত৷ সেয়েহে অৰ্জুনেই দ্ৰৌপদীক জয় কৰিলে৷
সেইদিনাই আমাৰ
পৰ্ণকূটীৰত মাতৃদেৱীয়ে দ্ৰৌপদীক আমি পাঁচোজন ভাতৃৰ মাজত ভাগ কৰি ল’বলৈ কোৱা
কথাষাৰৰ পৰৱৰ্তী মুহূৰ্তৰপৰাই আমাৰ জীৱনত প্ৰত্যক্ষভাৱে প্ৰৱেশ ঘটিছিল যদুপতি
কৃষ্ণৰ৷ আমি সেই কথা আগতীয়াকৈয়ে জানিছিলোঁ৷ তথাপি মাতৃদেৱীয়ে সম্ভৱতঃ দোপদীৰ প্ৰতি
এক বাৰ্তা হিচাপেই সেইষাৰ কথা কৈছিল৷
দ্ৰৌপদীৰ
মনোজগতত বাৰু তেতিয়া কেনে চিন্তাৰ উদ্ৰেক ঘটিছিল? তেওঁৰ মুখমণ্ডলত
কিছু অস্বাভাৱিকতা আৰু অস্বস্তিৰ আভাস পৰিস্ফূট হৈছিল যদিও তেনে সময়তে পুনৰাই
ব্যাসদেৱৰ আগমনে পৰিস্থিতিটো স্বাভাৱিক কৰি তুলিছিলহি৷ ব্যাসদেৱে আহি এটা পৌৰাণিক
কাহিনী বিবৃত কৰিছিল আৰু পঞ্চপতি দ্ৰৌপদীৰ ভাগ্য অনুসৰিয়ে নিশ্চিত বুলি ব্যক্ত
কৰিছিল৷
মোৰ প্ৰচণ্ড
হাঁহি উঠিছিল ব্যাসদেৱে বিবৃত কৰা কাহিনীটো শুনি৷ তেখেতে সম্ভৱতঃ যথেষ্ট কষ্টৰে
নিৰ্মাণ কৰি কৰি কৈছিল৷ কাৰণ স্মৰণ কৰিবলৈ যত্ন কৰাৰ দৰে অভিনয় কৰি তেখেতে যে
কাহিনীটো নিৰ্মাণহে কৰি গৈছিল সেয়া অন্ততঃ মই বুজি পাইছিলোঁ৷ তেখেতে কৈছিল–
কোনো এক মহৰ্ষিৰ
এক দিব্য সুন্দৰী কন্যা আছিল যি সৰ্বগুণসম্পন্ন স্বামীৰ বাবে কঠোৰ তপস্যা কৰিছিল৷
সেই তপস্যাত সন্তুষ্ট হৈ দেৱাদিদেৱ মহাদেৱে সেই কন্যাক বৰ প্ৰাৰ্থনা কৰিবলৈ ক’লে৷
কন্যাই সৰ্বগুণসম্পন্ন স্বামীৰ বৰ প্ৰাৰ্থনা কৰাত মহাদেৱে তথাস্তু বুলি কৈ ক’লে যে
আগন্তুক জন্মত তেওঁ পাঁচজন স্বামী লাভ কৰিব৷
কন্যা
আ(ৰ্যচকিতা হৈ প্ৰশ্ন উত্থাপন কৰিলে– ‘কিন্তু পাঁচজন স্বামীৰ প্ৰাৰ্থনা মই কৰা
নাছিলোঁ, প্ৰভু৷’
‘কন্যা, তুমি
সৰ্বমুঠ পাঁচবাৰ মোৰ সম্মুখত পতিপ্ৰাৰ্থনা কৰিছা৷ সেয়ে তুমি পঞ্চপতি লাভ কৰিছা৷’
ব্যাসদেৱে ক’লে
যে সেই কন্যাই সাম্প্ৰতিক জন্মত দ্ৰৌপদী! তেখেতে আমাক উদ্দেশ্যি ক’লে–
‘এই দিব্যৰূপিণী
দ্ৰৌপদীক তেওঁৰ পূৰ্বজন্মৰ কৃতকৰ্মানুসাৰে মহাদেৱে তোমালোক পঞ্চপাণ্ডৱৰ উদ্দেশ্যেই
সৃষ্টি কৰিছে৷’
আচৰিত কথা,
দ্ৰৌপদীয়ে
কিন্তু বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷ তেওঁকো বাৰু পূৰ্বে কোনোবাই এইটো কাহিনী
কৈছিল নেকি?
তেনে সময়তে
কৃষ্ণ আহি পাইছিলহি আমাৰ সেই পৰ্ণকূটীৰত৷ কৃষ্ণৰ আগমনৰ লগে লগে যেন দ্ৰৌপদীৰ যি
সামান্য মানসিক অস্বস্তি আছিল সেইখিনি লুপ্ত হৈছিল৷
মাজে মাজে মই
চিন্তিত হৈ পৰোঁ, কি উদ্দেশ্যত বাৰু কৃষ্ণই আমাৰ সৈতে নিজকে ইমান
সম্পৰ্কিত কৰি ৰাখিছে? নিজৰ স্বাৰ্থ জড়িত নহ’লে কোন ৰাজ্যনায়কে আমাৰ
দৰে ৰাজ্যহাৰা ৰাজপুত্ৰৰ সৈতে ইমান সুদীৰ্ঘ সময় সংশ্লিষ্ট হৈ থাকিব? তেওঁৰ
নিজৰ ৰাজ্য দ্বাৰকাত একো সমস্যা কিম্বা বিষয়েই নেহোৱা হ’লনে যে তেওঁ কেৱল আমাৰ
ৰাজ্য পুনৰুদ্ধাৰৰ উদ্দেশ্যতে আত্মনিয়োগ কৰিবলগীয়া হৈছে?
অৱশ্যে মই তেওঁৰ
সান্নিধ্যই আমাৰ কাৰণে ইতিবাচক ফলৰ ইঙ্গিত আনিছে বুলিয়ে বিশ্বাস কৰোঁ৷
তথাপি
পঞ্চপাণ্ডৱৰ ৰাজ্য পুনৰুদ্ধাৰ কৰাত যেন তেওঁহে মূল চালিকাশক্তি হ’বলৈ বিচাৰিছে,
এনে
লাগে মোৰ৷ প্ৰকৃত ক্ষত্ৰিয়ৰূপে মই কিন্তু তেওঁৰ সাহায্যৰে ৰাজ্য পুনৰুদ্ধাৰ কৰিবলৈ
অকণো আগ্ৰহী নহওঁ৷ কিন্তু অজুৰ্ন আৰু দ্ৰৌপদীৰ সৈতে কৃষ্ণৰ সম্পৰ্ক এনে গভীৰ যে মই
তেওঁৰ বিৰুদ্ধে চিন্তা কৰিবও নোৱাৰোঁ৷ কাৰণ অজুৰ্নৰ বীৰত্বক অস্বীকাৰ কৰি
পঞ্চপাণ্ডৱৰ ৰাজ্য পুনৰুদ্ধাৰৰ স্বপ্ন আকাশ কুসুমস্বৰূপ বুলি মই উপলব্ধি কৰোঁ৷
কৃষ্ণই কিন্তু
মোক আন এটা উপলব্ধিহে প্ৰদান কৰিছে৷ সেইটো হৈছে, সম্মুখ যুদ্ধত
অৰ্জুনে। ভীষ্ম-দ্ৰোণাদিৰ সম্মুখত নিস্তেজ হৈ পৰিব পাৰে৷ সেয়ে অৰ্জুনক তেওঁ
দিব্যাস্ত্ৰ সংগ্ৰহৰ বাবে এটা গোপন অভিযানত অংশ গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰি আহিছে৷
পৰৱৰ্তী সময়ত,
কৃষ্ণই
মোক অৱগত কৰা অনুসৰি ইন্দ্ৰপ্ৰস্থত ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা লাভ কৰাৰ পাছত
ব্ৰাহ্মণৰ গোধন উদ্ধাৰৰ বাগধাৰা প্ৰচাৰ কৰি প্ৰকৃততে স্বেচ্চাই অজুৰ্নেও ইতিমধ্যে
সংগোপনে বনবাসৰ সুযোগত যথেষ্ট শক্তিশালী আৰু কৌশলী শস্ত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম
হৈছে৷
কিন্তু মই
আশ্বৰ্যবোধ কৰোঁ তেতিয়া, কৃষ্ণই সকলোৰে সম্মুখত অৰ্জুন অপৰাজেয়
বীৰ বুলি প্ৰকাশ কৰে অথচ আমাৰ মন্ত্ৰণা সভাবোৰত সম্মুখ সমৰতকৈ ন্যায় বা অন্যায়
যিকোনো প্ৰকাৰে যুদ্ধত বিজয় অৰ্জন কৰাতহে অগ্ৰাধিকাৰ প্ৰদান কৰে৷
অৰ্থাৎ, অজুৰ্নৰ
বীৰত্ব সমাগত যুদ্ধখনত জয়লাভ কৰিবলৈ যথেষ্ট নহয় নেকি! নহয়তো! কেনেকৈ হ’ব? অৰ্জুন
ইন্দ্ৰপ্ৰস্থৰপৰা আঁতৰি বনবাসলৈ যোৱা সম্পৰ্কে যি বাগ্ধাৰা প্ৰচাৰ কৰা হৈছিল তাৰ
এটা অংশ আছিল ব্ৰহ্মচৰ্য ব্ৰত৷ কিন্তু অৰ্জুনে বনবাসৰ নামত ক্ৰমে ক্ৰমে বিৱাহ পাশত
আৱদ্ধ হ’লগৈ তিনিগৰাকী নাৰীৰ সৈতে৷ তেন্তে অৰ্জুনে শস্ত্ৰ সংগ্ৰহ কৰিলেগৈ কেতিয়া?
দৰাচলতে অৰ্জুনে
সম্ভৱতঃ দ্ৰৌপদীৰপৰা আঁতৰি থাকিব খুজিছিল৷ সম্ভৱতঃ তেওঁ বৈধভাৱে লাভ কৰা পত্নীক
জ্যেষ্ঠ-কণিষ্ঠ মিলি নিজৰে ভাতৃগণে অবৈধভাৱে উপভোগ কৰাটো তেওঁ সহ্য কৰিব পৰা
নাছিল৷
তাৰ মানে
অৰ্জুনৰ বীৰত্ব অথবা পঞ্চপাণ্ডৱৰ বীৰত্বৰ বিষয়টো কেৱল এটা ৰাজনৈতিক তত্ত্বহে নেকি?
মোৰ
চিৰবাঞ্ছিত যুদ্ধখন বাৰু কেতিয়াকৈ সংঘটিত হ’ব?
মই জানো হঠাতে
যুদ্ধ এখন ৰচনা কৰিব নোৱাৰি৷ বিশেষক ৰক্তসম্পৰ্কৰ মানুহৰ নিজৰ মাজতে৷ তাৰ কাৰণে
পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ আৰু সেই পৰিৱেশ সৃষ্টি কৰিবলৈ মই অন্ততঃ কৃষ্ণৰ ওপৰত
নিৰ্ভৰশীল হ’ব নোৱাৰোঁ৷
গতিকে ৰাজসূয়
যজ্ঞৰ পৰৱৰ্তী সময়তে কৃষ্ণ সশৰীৰে আমাৰ সৈতে ইন্দ্ৰপ্ৰস্থত নথকা সময়ত মই নিজৰ
বিচাৰ-বুদ্ধিৰে কি কৰিব পাৰোঁ চিন্তা কৰিবলৈ ধৰিলোঁ৷
ইতিমধ্যে ৰাজসূয়
যজ্ঞত আমাৰ অভীপ্সা অনুসৰিয়ে দুৰ্যোধনাদিয়ে প্ৰত্যুপহাৰৰ পৰিৱৰ্ত অপমান লাভ কৰি
গৈছে৷ এনে অৱস্থাত দুৰ্যোধনক যদি আৰু উত্তেজিত কৰাব পৰা যায় তেন্তে নি(য় এটা
বিকল্প উপায় ওলাব৷ গতিকেই মই পিতৃব্য বিদূৰলৈ এটা গুপ্তবাৰ্তা প্ৰেৰণ কৰিলোঁ৷
‘যিকোনো প্ৰকাৰে
দুৰ্যোধনৰ যোগেদি এখন দ্যুতক্ৰীড়া অনুষ্ঠিত কৰাব লাগে৷’
দ্যুতক্ৰীড়া!
যি ক্ৰীড়াত গান্ধাৰৰ ৰাজ্যহাৰা ৰাজকুমাৰ শকুনি আৰু হস্তিনাপুৰৰ ৰাজকুমাৰ, ইন্দ্ৰপ্ৰস্থৰ
একচ্চত্ৰী সম্ৰাট যুধিষ্ঠিৰ অৰ্থাৎ মোৰ সমকক্ষ বিশাৰদ কোনো নাই এই বিশাল
ভাৰতবৰ্ষত৷ অৱশ্যে সত্যব্ৰত, চিত্ৰসেন, পুৰুমিত্ৰ,
বিৱংশতি
আদিয়েও এই ক্ৰীড়াত যথেষ্ট পাৰদৰ্শিতা আহৰণ কৰিছে৷ কিন্তু ৰাজ্যহীন গান্ধাৰৰাজ
মামা শকুনি আৰু মই যুধিষ্ঠিৰক পৰাস্ত কৰিব পৰাকৈ পৰিপক্কতা আহৰণ কৰিবলৈ তেওঁলোকে
আৰু শ্ৰম তথা¸ অনুশীলন কৰিব লাগিব৷
পিতৃব্য বিদূৰৰ
দৰে সূক্ষ্মদৰ্শী ৰাজনীতিজ্ঞও এই ভাৰতবৰ্ষত দ্বিতীয় এজন নাই৷ পিতামহ ভীষ্মৰ তুলনা
অৱশ্যে আন কাৰো সৈতে নহয় যদিও বিগত কিছু বছৰ কাল হস্তিনাপুৰৰ ৰাজনৈতিক বতাহজাক
ইমানেই বিষাক্ত হৈ উঠিছে যে তেওঁ ক্ৰমে ক্ৰমে ৰাজনৈতিক বিষয়ৰপৰা নিজকে প্ৰায়ে
দূৰৈতে ৰাখিবলৈ ধৰিছে৷
পৰোক্ষ
বাৰ্তাপ্ৰেৰণৰ জৰিয়তে মাতুল শকুনিৰ জৰিয়তেই হেনো কৌশলপূৰ্বকভাৱে এই কামটো কৰালে
পিতৃব্য বিদূৰে৷ প্ৰকৃততে যি কোনো বিষয় মামা শকুনিৰ কৰ্ণগোচৰ কৰা মানেই দুৰ্যোধনৰ
বুকুৰ অগনি দ্বিগুণে প্ৰজ্বলিত কৰা৷
গতিকে দুৰ্যোধনে
হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰপৰা অনুমোদন লৈ পিতৃব্য বিদূৰকে প্ৰেৰণ কৰিলে
ইন্দ্ৰপ্ৰস্থলৈ– পাণ্ডৱক দ্যুতক্ৰীড়ালৈ আমন্ত্ৰণ জনাবলৈ৷
মই গোপনে ইমান
সুন্দৰ এটা ৰাজনৈতিক পদক্ষেপ দিব পাৰি আনন্দিত হ’লোঁ৷
পিতৃব্য বিদূৰৰ
সৈতে সকলো মন্ত্ৰণা সম্পন্ন কৰিলোঁ মই৷
হস্তিনাপুৰৰ
ৰাজসভাত যিখন দ্যুতক্ৰীড়া হ’ব সেইখন দ্যুতক্ৰীড়া নহ’ব৷ সেইখন প্ৰকৃততে হ’বগৈ
সমাহ্ৰয় ক্ৰীড়াহে৷ সম্মানজনক দ্যুতক্ৰীড়াৰ মান নিন্দনীয় সমাহ্ৰয়লৈ পতন ঘটাব
লাগিব৷ প্ৰথমে প্ৰতিপক্ষৰূপে নিৰ্বাচন কৰিব লাগিব শকুনিক, কৃপাচাৰ্য অথবা
আন কোনো দ্যুতক্ৰীড়াৱিদক নহয়৷ তাৰ পাছত পাশুতিৰ প্ৰতিটো ক্ষেপণ আৰু তাৰ গণনাত ভুল
কৰিব লাগিব৷ তাৰ পাছত যিবোৰ ঘটনা ঘটিব প্ৰকৃততে সেইবোৰেহে জম্বুদ্বীপৰ ভৱিষ্যৎ
নিৰূপণ কৰিব৷
মই আনকি মোৰ
ভাতৃসকলকো এই বিষয়ে মই একোকে জনোৱা নাছিলোঁ৷ কেৱল আমাৰ মন্ত্ৰণাকক্ষলৈ আনি
দ্ৰৌপদীক কৈছিলোঁ যে হস্তিনাপুৰৰ অন্তেষপুৰত প্ৰৱেশ কৰিয়েই তেওঁ যেন স্বাভাৱিকভাৱে
ৰজস্বলা হোৱাৰ অভিনয় কৰে৷
পিতৃব্য বিদূৰে
তেওঁক কৈছিল–
‘হস্তিনাপুৰৰ
ৰাজসভাত তোমাৰ ভূমিকাই ভাৰতবৰ্ষৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব৷ তুমি, অগ্নিসম্ভূতা
দ্ৰৌপদীয়ে হস্তিনাপুৰৰ ৰাজসভাত অগ্নিকন্যাৰ ৰূপ গ্ৰহণ কৰিব লাগিব৷ যিকোনো
পৰিস্থিতিৰ বাবে তুমি সাজু হৈ থাকিব লাগিব৷ তুমি প্ৰতিৰোধ কৰিব লাগিব, তুমি
ক্ৰন্দন কৰিব লাগিব, তুমি বিদ্ৰোহ কৰিব লাগিব৷ তুমি প্ৰয়োজনত তোমাৰ
স্বামীসকলক কিংবা অন্য জ্যেষ্ঠসকলক অপমান কৰিবও লাগিব৷ আৰু মই জানো, তুমি
সকলো কৰিব পাৰিবা৷ কাৰণ তোমাৰ সৃষ্টিয়েই হৈছে এখন মহাযুদ্ধৰ প্ৰস্তুতিৰ
উদ্দেশ্যে৷’
‘মই একো বুজিব
পৰা নাই, পিতৃব্য৷’ – দ্ৰৌপদীয়ে কিছু অপ্ৰস্তুত হৈ কৈছিল৷ পিতৃব্য বিদূৰে
কৈছিল–
‘চোৱাঁ দ্ৰৌপদী,
তুমি
পাঁচজনকৈ ভাতৃৰ পত্নী৷ তোমাৰ জীৱনৰ অভিজ্ঞতা বিচিত্ৰ আৰু সেয়ে তোমাৰ সহ্যশক্তিও
অতুলনীয়৷ সম্ভৱতঃ, প্ৰস্তাৱিত দ্যুতক্ৰীড়াৰ অৱশ্যম্ভাৱী
অংশস্বৰূপে হস্তিনাপুৰৰ ৰাজসভাত তোমাক অপমান কৰাও হ’ব পাৰে৷ কৌৰৱৰ বিপক্ষে এখন
যুদ্ধৰ আয়োজনত এইখিনি অতিশয় প্ৰয়োজনীয় ৰাজনৈতিক কৌশল হৈ উঠিছে৷’
তেওঁ সামান্য
ৰৈছিল৷ তাৰ পাছত পুনৰ কৈছিল–
‘সম্ভৱতঃ তুমি
তোমাৰ জ্যেষ্ঠ স্বামী যুধিষ্ঠিৰকে অপমান কৰিব লাগিব লাগিব সৰ্বাধিক৷ পৰিস্থিতিয়ে
তোমাক তোমাৰ ভূমিকা বুজাই দিব৷ কিন্তু এটা কথা মনত ৰাখিবা, যি হ’বলৈ গৈ আছে
সেয়া ধৰ্মৰাজ যুধিষ্ঠিৰৰ চিন্তাপ্ৰসূত৷ সম্পূৰ্ণৰূপে৷’
পিতৃব্য বিদূৰে
উচ্ছাৰণ কৰা ধৰ্মৰাজ শব্দটোৱে মোক যেন সামান্য তাচ্চিল্য কৰি গৈছিল৷ অস্বস্তিত
ইতস্ততঃ হৈ মই কৈ পেলাইছিলোঁ–
‘পিতৃব্য...
ধৰ্মৰাজ!’
‘এনে এক বাগ্ধাৰা
সম্প্ৰতি ভাৰতত ৰাজনৈতিকভাৱে অতিকে প্ৰয়োজনীয় হৈ উঠিছে পুত্ৰ৷ তুমি ধৰ্মৰাজৰূপে
প্ৰতিষ্ঠিত নহ’লে দুৰ্যোধনাদি কৌৰৱৰ বিনাশ অসম্ভৱ৷ তুমি মাত্ৰ প্ৰস্তাৱিত
দ্যুতক্ৰীড়াৰ প্ৰাৰম্ভিক মুহূৰ্তৰপৰাই প্ৰতিটো গণনাতে ভ্ৰান্তি প্ৰদৰ্শন কৰিব
লাগিব৷ আৰু তাতকৈও অধিক প্ৰয়োজনীয় বিষয়টো হৈছে, ক্ৰীড়াৰ
আৰম্ভণিৰেপৰা তুমি প্ৰতিপক্ষ শকুনিক উদ্দেশ্যি বাৰম্বাৰ কৈ থাকিব লাগিব যে
দ্যুতক্ৰীড়াত অন্যায় পন্থা অৱলম্বন কৰাটো নিন্দনীয়৷ মই আশা কৰিছোঁ, তুমি
তোমাৰ ভূমিকা সম্পৰ্কে স্পষ্ট ধাৰণাত উপনীত হৈছা৷’
মোৰ হাঁহি
উঠিছিল পিতৃব্যৰ মন্ত্ৰণা শুনি৷ কাৰণ সমগ্ৰ পৰিকল্পনা আছিল মোৰে মস্তিষ্কপ্ৰসূত৷
অৱশ্যে মোৰ মন আনন্দিতও হৈছিল এই কথা ভাবি যে পাণ্ডৱৰ ৰাজ্য পুনৰুদ্ধাৰৰ প্ৰসঙ্গত
আমাৰ পিতৃব্য বিদূৰৰ চিন্তা মোৰ সৈতে সম্পূৰ্ণ একে আছিল৷
ইতিমধ্যে
পাঞ্চালীক বিদায় দিয়া হৈছিল৷
সেই মুহূৰ্ততে
মোৰ মনত সন্দেহ হৈছিল, পিতৃব্য বিদূৰৰ দায়িত্ব কুৰু ৰাজবংশৰ ৰাজধানী
হস্তিনাপুৰৰ প্ৰধান মন্ত্ৰীৰ৷ এনে অৱস্থাত তেওঁৰ জীৱনত হস্তিনাপুৰৰ কৌৰৱ বংশৰ পতনৰ
চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছে কিয়? মই জিজ্ঞাসা প্ৰকাশ কৰিছিলোঁ–
‘পিতৃব্য,
এটা
পুৰণি প্ৰশ্ন উত্থাপন কৰিব পাৰোনে?’
‘অৱশ্যে৷ কৰাঁ
পুত্ৰ৷’
‘আপুনি নিৰ্ভয়
প্ৰদান কৰা কাৰণে জিজ্ঞাসা কৰা বুলি ভাবিবও পাৰে৷ অথবা আপোনাৰ ভাতৃপুত্ৰ
ইন্দ্ৰপ্ৰস্থৰ একচ্ছত্ৰী ৰজা যুধিষ্ঠিৰৰ প্ৰশ্ন বুলিও ভাবিব পাৰে৷ প্ৰশ্নটো হৈছে,
হস্তিনাপুৰৰ
প্ৰধান মন্ত্ৰীস্বৰূপে আপুনি বাৰু আপোনাৰ ভূমিকা সঠিকভাৱে পালন কৰিছেনে?’
‘পুত্ৰ, প্ৰকৃত
অৰ্থত মই কেৱল পঞ্চপাণ্ডৱৰ ভৱিষ্যতৰ চিন্তা কৰা নাই৷ মই চিন্তা কৰিছোঁ কেৱল
যুধিষ্ঠিৰৰ ভৱিষ্যতৰ কথা৷ কিয় চিন্তা কৰিছোঁ তুমি ইচ্ছা কৰিলে তোমাৰ মাতৃ
শ্ৰদ্ধেয়া কুন্তীদেৱীৰ ওচৰত জিজ্ঞাসা ব্যক্ত কৰিব পাৰাঁ৷ কিন্তু তেনে নকৰাই ভাল৷
কাৰণ মই আশা কৰিছোঁ, ভাৰতৰ ইতিহাসত অদূৰ ভৱিষ্যতে ধৰ্মৰাজৰূপে
প্ৰতিষ্ঠিত হ’বলগীয়া বৰ্তমানৰ ধৰ্মপুত্ৰস্বৰূপে তুমি সিমানখিনি পৰিপক্কতা আহৰণ
কৰিছা৷’
পিতৃব্য বিদূৰৰ
কথাষাৰে অনেক ৰহস্যৰে ইঙ্গিত বহন কৰিছিল৷ সেইখিনি ইঙ্গিতৰ তাৎপৰ্য অনুধাৱন কৰিব
নোৱৰাকৈ হস্তিনাপুৰৰ ৰাজসিংহাসনত উপনীত হ’বলৈ সুদীৰ্ঘকাল মই অন্ততঃ যত্ন কৰি থকা
নাই৷
মই সঠিকভাৱেই
উপলব্ধি কৰিছোঁ, জৈৱিকভাৱে কোনো ব্যক্তি যাৰেই সন্তান নহওক
লাগিলে, তেওঁ স্বকীয় কৰ্মৰ জৰিয়তেই আত্মপৰিচয় ৰচনা কৰিবলৈ সক্ষম৷
(আগলৈ)