অজিত ছিংনাৰ
(ষোল)
দোকমোকালিতে
তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি
ফুলগুৰিলৈ অহাৰ কথাটো মনত পৰাত স্ফূৰ্তিত তাৰ চকুৰ পৰা টোপনি পলাই ফাট মাৰিলে৷ সি
চকুকেইটা মোহাৰিলে– টোপনি সম্পূৰ্ণ নোহোৱাত তাৰ চকুকেইটাত পোৰণি উঠিছে৷ চকু-মুখ
ভালদৰে ধুলেহে ভাল লাগিব বুলি তাৰ অনুভৱ হ’ল৷
মনৰ আনন্দত
হংবৰে ফুলগুৰিৰ পৰা আহি কালি ঘৰৰ পুৰঠ ডেকা [লাউৰীয়া] মুৰ্গী এটাকে মাৰিছিল৷ ঘৰত
লাওপানীও আছিল৷ ৰাতি হংবৰ, তেমেকা আৰু কেৰ্পায়ে মুৰ্গীমাংসৰে
লাওপানী খাইছিল৷ বৰা চাউলৰ লাওপানী– মিঠা আৰু ৰাগি থকা৷ তিনিওজনে পাতত মুৰ্গীমাংস
আৰু চুঙাত লাওপানী লৈ বৰ আনন্দ মনেৰে খাবলৈ লৈছিল৷ এঢোক লাওপানী খাই মিচিকিয়া
হাঁহিৰে হংবৰে কৈছিল– “এই ডিচি এতিয়া টেটেআ পঈ আহিছে৷ আমা’ বল দেখি এতিয়া নিজেই
আহি ওলাব৷ যিটো মানুহে আমাক মানুহ বুলি গণ্যই কআ নাছিল, এতিয়া হেও মানি
আমা’ ওচঅত ওলাব৷ ব’মতা দেখুৱায়৷ তা’ হেই মতাগিঈ এতিয়া ক’লৈ গ’ল? হেই
কাঅণে মানুহে কয় ওপঅলৈ থু পেলালে নিজ’ মুখতে পএ৷ পানীত কুঠা মাঈলে নিজ’ ভঈতে পএ৷
পা এতিয়া/”
“হয় দেই৷”–
তেমেকাই মাত দিছিল৷ “মানুহটোৱে ব’ অত্যাচা’ কঈছিল আমাক৷ হেই যে হত্ৰত হোমাই গোখাই
প্ৰভু’ হিংহাখনত বহি গোখাই পভু আউ আইজখনক অপমান কঈছিল৷ হেইটো কম বেয়া কাম কঈছিল
না/ তা’ হন্মুখেদি কোনোবা পা’ হৈ গ’লে চালাম নিদিলে তাক’ ধঈ চিপাহী হতুৱাই পিটন
দিয়াইছিল৷ তাক অনবঅতে হন্মান লাগে৷ আমা’ মানুহবোঅ চালাম দিয়া অভ্যাখেই নাই৷ কেনেকে
দিয়ে? তাতে তাক চিনি নোপোৱা মানুহ এজনেতো একেবাএ নিদিয়ে৷ হকলোৱে তাক চালাম
দি থাকিবা লাগে? কথা হ’ল না? জো’ কঈ হন্মান
লয়৷ বদমাছ এটা/”
লাওপানী খাই খাই
হংবৰ, তেমেকা আৰু কেৰ্পায়ে কথা পাতি থাকিল৷ মুৰ্গীমাংসৰ লগত লাওপানী,
তাতে
লাওপানীও ৰাগি থকা৷ আৰু তাতে যোগ হৈছে অত্যাচাৰী ডিচিৰ সেওমনা কথাবোৰ৷ সিহঁত বহাৰ
পৰা কেনেকৈ উঠে? ৰাতি কিমান হ’ল সিহঁতৰ খবৰেই নাই৷ হংবৰৰ ঘৰৰ
মানুহবোৰে ভাত খাই দুই-এজনে বিছনাই ল’লে৷ হংবৰৰ ঘৈণীয়েকে দুবাৰ আহি কৈছিল–
“ভাত-তঅকাঈ হ’ল৷ ভাত দেং, খাই ল৷”
“ভাত হ’ল যদি
তন্তে খাই থাক৷”– হংবৰে ঘৈণীয়েকক কৈছিল৷ “আমা দেঈ হ’ব৷ আমা মনত অং লাগিছে৷ ডিচি
চাহাবে হেও মানিছে আমা’ আইজ’ ওচৰত৷ কালিলৈ হেইকথা চিধাকে ওলাই যাব৷ যা তন্তে ভাত
খাই লগৈ৷”
হংবৰে তেনেকৈ
কোৱাত ঘৈণীয়েকে ৰান্ধনি ঘৰলৈ গৈ ভাত খালে৷ তেওঁৰ ভাত খাই হোৱাৰ পাছতো হংবৰহঁতে
লাওপানী খাই খাই কথা পাতি থকা দেখি তেওঁ আহি মাত দিলে– “আতি কিমান হ’ল গম পাইছ না?
ভাত
দেং, খাই ল৷ নহ’লে মই হুই থাকিমগৈ৷ ম’ক নজগাবি৷”
“অলপ হময় থাকিবা
নোৱাঅ নাকি? অচোন৷”
তেমেকাই ৰাতি
বহুত হোৱা বুলি ধৰিব পাৰিছিল৷ সি হংবৰক ক’লে– “কাকা, আিত বহুত হ’ল৷
কালিলৈ আক’ আইজ মেললৈ যাবা লাগিব৷ ভাত খাং আউ হুই থাকং৷”
“আতি বহুত হ’ল
নাকি? মই গধূলি গধূলি যেনহে পাই আছিলং৷ দে নহ’লে ভাত খাং৷ খাই হুই থাকং৷
কালিলৈ ডিচি’ লগত কথা পাতিবা লাগিব৷”
হংবৰে ঘৈণীয়েকক
চিঞৰিলে– “অ ধনবঅ’ মায়েক, ভাত দে খাং৷ হুবা লাগে৷”
অলপ পাছতে খবৰ
আহিল তেমেকাহঁতৰ বাবে ভাত বাঢ়া হৈছে৷ সিহঁত তিনিওজন লাওপানী খোৱা সামৰি পাকঘৰলৈ
খোজ লৈছিল৷ তাৰপাছত ভাত খাই শুই পৰিছিল৷
শুই উঠাৰ পাছত
এতিয়া তেমেকাৰ চকুৰ পোৰণিৰ উপৰি মূৰটো কামুৰিছে৷ ৰাতি লাওপানী খোৱা বেচি হোৱা বাবে
মূৰ কামুৰিছে বুলি তাৰ ধাৰণা হ’ল৷ মূৰৰ কামোৰণিকো নেওচি তাৰ মনত আনন্দ লাগিছে আিজ
ডিচি স্কনচ চাহাব আিহব বুলি৷ সি বিছনা এৰি বাহিৰলৈ ওলাই আহিল আৰু নাদৰ পাৰলৈ গৈ
মুখ-হাত ধুলে৷ তাৰ গাটো অলপ ভাল লাগিল৷ সি ভাবিলে– অলপ পাছত সকলো ঠিক হৈ যাব৷
হংবৰ আৰু
কেৰ্পাই এতিয়াও শুই উঠা নাই৷ হংবৰৰ ঘৰৰ সকলো মানুহে বিছনা ত্যাগ কৰিছে৷ সকলোৰে
সোনকালে শুই উঠাৰ অভ্যাস আছে৷ খেতিয়ক মানুহ৷ তাতে ঘৰত হাঁহ-কুকুৰা আৰু ছাগলী-গাহৰি
আছে৷ পথাৰৰ কাম নহ’লেও সোনকালে উঠি এইবোৰৰ যতন ল’ব লাগে৷ হংবৰৰ ঘৈণীয়েক ৰংদৈক কাষত
পাই তেমেকাই ক’লে– “বৌ, পানী এচুঙা দেচোন৷ ব’ পিয়াহ লাগিছে৷”
ৰংদৈয়ে পানী
এচুঙা আনি দিয়াৰ লগে লগে সি কোটকোটকৈ গিলি পেলালে৷ চুঙাটো ৰংদৈৰ হাতত দি গাৰ পৰা
টোপনিৰ আৱেশ আঁতৰাবলৈ সি অলপ খোজ কঢ়াৰ কথা চিন্তা কৰি বাটত উঠিল৷ বাটত তাৰ গাত
ফিৰফিৰিয়া বতাহ এছাটি লাগিল৷ হেমন্তৰ শীতল বতাহজাকে তাৰ গাত এক শিহৰণ তুলিলে৷
গাঁওখনৰ মানুহবোৰ উঠি কামত লাগিছে৷ কাতিমাহ৷ এই মাহটোত লাঙিজাল আৰু ভেটাত চেপা
পাতি মাছ ধৰা হয়৷ সি ভাবিলে বাটত নি(য় লাঙিজাল চাই নতুবা ভেটা চাই ঘূৰি অহা মানুহ
লগ পাব৷ সি ৰাস্তাটোৰে গৈ থাকিল৷ বেলিটো দিগন্ত ৰেখা পাৰ হৈ আহি ওলমি ৰৈছে৷
কঁুৱলিৰ এটা পাতল আৱৰণে এখন ডলা হেন ডাঙৰ বেলিটোক ঢাকি ধৰিবলৈ এটা বৃথা চেষ্টা
কৰিছে৷
কিছুদূৰ যোৱাৰ
পাছতে তেমেকাই এজন মানুহক খালৈ এটা লৈ আহি থকা দেখা পালে৷ মানুহজন কাষ আহি পোৱাৰ
লগে লগে সি মাত দিলে– “কাকা, মাছ পালি না?”
“পালং অলপ৷”
তেমেকাই
মানুহজনৰ হাতত থকা খালৈটোলৈ ভুমুকিয়াই চালে৷ খালৈটোৰ ডিঙিলৈকে মাছ দেখি সি ক’লে–
“কাকা, মাছ ভালেখিনিয়েই পালি৷ আউ দুটামান পোৱাহেঁতেন খালৈ ভঈলেইহেঁতেন৷”
“আজি মাছ কমেই
পাইছং৷ মাজে মাজে খালৈ ভঈ যোৱা’ পাছত তিয়নিত বান্ধি আনিবলগীয়া হয়৷”
তেমেকাই খালৈটো
অলপ লৰচৰ কৰি দেখিলে ডাঙৰ ডাঙৰ পুথিমাছ আৰু গৰৈমাছেই বেচিকৈ আছে৷ দুই-এটা শিঙিমাছো
তাৰ চকুত পৰিল৷ সি সুধিলে– “জালকেইখন চাগে’ পুথিলাঙি আউ¸ গঐলাঙি?”
“অ ঠিকেই কৈছ৷
পুথিলাঙি আউ¸ গঐলাঙি৷ বাউ যাং৷ তই থাক৷”
মানুহজন গ’লগৈ৷
তেমেকাও হংবৰৰ ঘৰলৈ ঘূৰিবলৈ লওঁতেই দেখিলে হংবৰৰ ঘৰৰ ম’হ গুৱাল ল’ৰাটোৱে দুফালে
দুটা ডাঙৰ খালৈৰ ভাৰ এখন লৈ তাৰ কাষ পাইছে৷ সি সুধিলে– “ক’লৈ গৈছিলি তই?”
“ভেটা চাবলৈ৷
আমা’ বাওতলি পথাঅত এটা জান আছে৷ পানী কমি কলঙলৈ নামিবলৈ লোৱাত জান’ পা’ ওলাইছে৷
তাতে ভেটা দিছং৷”
“কি কি মাছ পাইছ?”
“পুথি, গঐ,
হ’ল,
হিঙি৷
মুঠতে হানমিহলি মাছ৷”
দুয়ো কথা পাতি
পাতি আহি হংবৰৰ ঘৰ পালে৷ হংবৰ আৰু কেৰ্পায়ে বিছনা এৰি এতিয়া বাৰাণ্ডাত বহি ৰঙা চাহ
আৰু মাকৈ খাই আছে৷ তেমেকাক দেখাৰ লগে লগে হংবৰে সুধিলে– ‘ক’ত গৈছিলি তই?”
“এনেই অলপ গাং
ফুঈ আিহলং৷”
“আহ, বাআণ্ডাতে
বহ৷”
তেমেকা বহাৰ লগে
লগে হংবৰে ঘৈণীয়েকক চিঞৰিলে– “ঐ ধনবঅ মায়েক, এইফালে চাহ
এচুঙা দিবি ঐ৷”
ম’হ গুৱালটোৱে
দুখন বৰচালনিত খালৈ দুটাৰ মাছ ঢালি দিলে৷ লগে লগে সি জীয়া মাছবোৰ ধৰি খালৈত ভৰাবলৈ
লাগি গ’ল৷ জীয়া মাছবোৰৰ ভিতৰত বেচিভাগেই গৰৈ, শ’ল আৰু কাৱৈ
মাছ৷ এই মাছবোৰক জীয়ন দি ৰখা হ’ব৷ একেদিনাই ইমান মাছ খাই শেষ কৰিব নোৱাৰি৷ বাকী
মাছবোৰ বাছি শুকুওৱা হ’ব বুলি তেমেকাই জানে৷ হংবৰে গুৱালটোক ক’লে– “এতিয়া খাবা
কাঅণে দুটা ডাঙ’ হ’লমাছকে বাছ৷”
“অ হ’ব কাকা৷”
তেমেকালৈ ৰঙা
চাহ আৰু উহোৱা মাকৈ আহিল৷ সি চাহত চুমুক দি হংবৰক ক’লে– “আজি দেঈ কঈবা নালাগে৷
ডিচি কোন হময়ত আিহব ঠিক নাই৷”
“অ অ, দেঈ
নকঅং৷ ভাত হ’লেই খাম আউ যাম৷”
তেমেকাই চাহ
খায়েই নাদৰ পাৰলৈ গৈ গা ধুলে৷ তাৰ পিছতে কেৰ্পাই আৰু হংবৰে গা ধুই দিনটোৰ বাবে
ওলাই যাবলৈ সাজু হ’ল৷ ৰংদৈয়ে তিনিওজনৰে মোনাত সান্দহ ভৰাই দিলে দুপৰীয়া খাবৰ বাবে৷
সিহঁত গা-পা ধুই সাজু হোৱালৈ ৰংদৈৰ ভাত-তৰকাৰিও হৈ আহিল৷ অলপ পাছতে খাই-বৈ
তেমেকাহঁত ওলাই যাব পাৰিব৷
এটা সময়ত ৰংদৈয়ে
তেমেকাহঁতক ভাত খাবলৈ মাতিলে৷ ভাতৰ পাতত বহি তেমেকাই দেখিলে ভাতৰ লগত মাটিমাহৰ
তৰকাৰি৷ শ’লমাছ মাটিমাহৰ সৈতে খাৰ দি ৰন্ধা হৈছে৷ এনে তৰকাৰি তেমেকাই বৰ ভাল পায়৷
তৰকাৰিৰ এটা জুতি লগা গোন্ধ তাৰ নাকত লগাত সি ৰৈ থাকিব নোৱাৰি ভাত-তৰকাৰিত হাত
লগালে৷ হংবৰ আৰু কেৰ্পায়েও ভাতত হাত দিলে৷ তেমেকাই সৰুৰে পৰাই এখন তৰকাৰিৰেই ভাত
খাই আহিছে৷ অকল তেমেকাই নহয়, এই অঞ্চলৰ সকলোৱে এখন তৰকাৰিৰে ভাত
খায়৷ তাকে যেনিবা সৰহকৈ খায়৷ ইয়াত বেলেগকৈ ভাজি, দাইল, আলুপিটিকা
আদি নাথাকে৷ মানুহবোৰে কেতিয়াবা ভাজি খালেও দাইল-আলুপিটিকা আদি নাখায়৷ বহুতে দাইল
আৰু আলু দেখাই নাই৷
ভাত খাই উঠি
তিনিওজনে ৰংদৈয়ে বটাত কাটি থোৱা তামোল এখন এখন খালে৷ হংবৰৰ মাজে মাজে এখনকৈ তামোল
খোৱাৰ অভ্যাস৷ ৰংদৈয়ে কেইখনমান তামোল-পাণ কাটি হংবৰৰ মোনাত ভৰাই দিলে৷ যাত্ৰাৰ
বাবে সকলোবোৰ যোগাৰ হৈ গ’ল৷ তিনিওজনে ফুলগুৰিৰ ৰাইজ মেল বহা ঠাইলৈ খোজ ল’লে৷
কিছু বেলি যোৱাৰ
পাছতে তেমেকাহঁত ৰাইজ মেল বহা ঠাইত উপস্থিত হ’ল৷ তেমেকাই লক্ষ্য কৰিলে– এইকেইদিন
যি গোমা পৰিৱেশ এটাই ৰাইজৰ মাজত বিচৰণ কৰি আছিল, সেইটো আজি আঁতৰি
গৈছে৷ মানুহবোৰে গছৰ তলত বহি হাঁহি-মাতি কথা পাতিছে, আনন্দতে
ধেমেলীয়া কথাও উলিয়াইছে৷
তেমেকা আৰু
কেৰ্পায়ে ৰাইজক পানীৰ যোগাৰ দিয়া কামটোকে পুনৰ কৰিবলৈ আৰম্ভ কৰিলে৷ কথা পাতি থকা
ৰাইজৰ এটা গোটক পানী দিবলৈ তেমেকা আগ বাঢ়ি গ’ল৷ এজনে মাত দিয়া শুনা গ’ল– “ডিচি
চাহাব আহিব৷ ভাল কথা৷ এই সুযোগতে আমি তাক কিছুমান কথাও শুনাব লাগিব৷ ৰাইজক অপমান
কৰি থকা, মানুহক অনাহকত হাৰাশাস্তি কৰি থকা তাৰ বদ স্বভাৱৰ কথাও ক’ব লাগিব৷”
“অ অ৷”– আন এজনে
সমৰ্থন কৰি ক’লে৷ “এই চাহাবে এবাৰ সত্ৰলৈ আহি জোতা-মোজা পিন্ধি গোসাঁইৰ সিংহাসনত
বহি গোসাঁই প্ৰভু আৰু ৰাইজক অপমান কৰিছিল৷ এইবোৰ কথাও ক’ব লাগিব৷ এয়াই সুযোগ৷”
“হয় হয়, এই
সুযোগতে তাক কথা শুনাব লাগিব৷”
তেমেকাই হঠাতে
দেখিলে হলধৰ বৰুৱা ডাৰোগাৰ লগত এজন বগা চাহাব তাত আহি ওলাইছে৷ সিহঁতৰ লগত এজাক
চিপাহী৷ চাহাবজন এটা হাতীত উঠি আহিছিল৷
“এইজন আকৌ
ডাৰোগাৰ লগত কোন ওলালহি?”– চাহাবজনক চিনি নাপাই এজনে প্ৰশ্ন
কৰিলে৷
চাহাবজনক চিনি
পোৱা মানুহ এজনে মাত দিলে– “এইজন চিংগাৰ চাহাব৷ জিলাৰ চোট চাহাব৷”
“বৰচাহাব ডিচি
নাহিব নেকি?”
“নাজানো৷ আিহবও
পাৰে৷”
“নিজে নাহি
এইজনকে পঠাইছে যেন পাওঁ৷ চাওঁচোন কি কৰে/”
চিংগাৰ চাহাব
হলধৰ ডাৰোগাৰ লগত কথা পাতি পাতি নামঘৰত সোমাল৷ অলপ আঁতৰতে আঁহতৰ তলত ৰাইজ বহি আছে৷
চিংগাৰ চাহাবে কি কৰে তাকে ৰাইজে চাই থাকিল একেথৰে৷ চিংগাৰ চাহাবক নামঘৰত বহি এখন
কাগজ উলিয়াই পঢ়ি থকা দেখা গ’ল৷ আনফালে চিপাহীবোৰে নামঘৰৰ চাৰিওফালে পহৰা দিবলৈ
ধৰিলে৷
এটা সময়ত চিংগাৰ
চাহাব ৰাইজৰ কাষলৈ আহিল৷ সি আহিয়েই মানুহবোৰক ক’বলৈ ধৰিলে– “আপ্নালোক এনেকে
থাকাটো বেআইনী হৈছে৷ ইউ আৰ গেদাৰিং হিয়েৰ আনল’ফুল্লী৷ এইটো ভাল কথা হোৱা নাই৷ আপ্নালোক
ইয়াত নাই থাকিব, ইহাসে যাব৷ আপ্নালোক হাতত লাঠি আছে৷ চব পেলাই
দিব৷ যাব৷ ইয়াত নাই থাকিব৷ গৌ এৱে ফ্ৰম হিয়েৰ৷...”
চিংগাৰ চাহাবৰ
কথা শুনি তেমেকাই ভাবিলে, ডিচিয়ে ৰাইজৰ ভালৰ বাবে আহিব বুলি ভবা
নাছিল৷ ডিচি এতিয়াও ৰাইজৰ দাবীক অকণমানো গুৰুত্ব দিয়া নাই৷ সেইকাৰণে চিংগাৰ চাহাবক
মানুহবোৰক খেদি পঠিয়াবলৈহে পঠাই দিছে৷ কম নহয় এই ডিচি/ এতিয়াও সি মানুহবোৰক কষ্ট
দিয়াৰ মতলবতে আছে৷
ৰাইজেও কথাবোৰ
তেমেকাই ভবাৰ দৰেই ভাবিছে নি(য়৷ সেয়ে বহি থকা ৰাইজৰ চকুবোৰ ৰঙা পৰি আহিছে, অলপ
আগলৈকে হাঁহি-মাতি থকা মানুহবোৰৰ মুখবোৰ কঠিন হৈ পৰিছে৷ চিংগাৰে এবাৰত ক’লে– “আপ্নালোক
যদি কিবা ক’ব লাগা আছে, তেন্তে দৰখাস্ত দিব৷”
লগে লগে ৰাইজ
জাঙুৰ খাই উঠিল– “ইতিমধ্যে দৰ্খাস্ত দিয়া হৈছে৷ ফলহে পোৱা নাই৷ আকৌ দৰ্খাস্ত কিয়
দিব লাগে?”
“এইবিলাক বাদ মে
হোগা৷ এতিয়া যাব৷ ডিচি কা হুকুম, আপ্নালোক ঘৰ যাব লাগে৷ লাঠি চব পেলাই
দিব লাগে৷ এইবিলাক ভাল বস্তু নহয়৷ ভাল চে থাকিব লাগে৷ লাঠি চব পেলাই দিব৷ হান্তিত
থাকিব লাগে৷ আপনালোক ঘৰ ঘৰ যাব৷ হান্তিত থাকিব৷...”
এডাল লাখুটি লগত
লৈ ফুৰাটো অসমীয়া মানুহৰ স্বভাৱ৷ ক’ৰবালৈ
যাবলগা হ’লে অসমীয়া মানুহে ছাতি-লাঠি-তিয়নি লগত লয়৷ ছাতি নাথাকিলেও লাঠি আৰু তিয়নি
লগত নিবই৷ কাৰণ এই দুটা বস্তু বৰ দৰকাৰী৷ পানী থকা দ ঠাই পাৰ হ’বলৈ তিয়নিখন লাগে আৰু
বনৰীয়া জীৱ-জন্তু, কুকুৰ আিদৰ পৰা ৰক্ষা পাবৰ বাবে লাখুটি এডালৰ
প্ৰয়োজন৷ বাটত পোৱা খাল-বিলৰ পানীৰ জোখ ল’বলৈকো লাখুটিডাল নহ’লে নহয়৷ গতিকে অসমীয়া
মানুহৰ লগত এডাল লাখুটি থাকেই৷ নতুনকৈ বিলাতৰ পৰা অহা চিংগাৰ চাহাবে এইবোৰ কথা
নাজানে৷
চিংগাৰ চাহাবে
মানুহবোৰে বহি কাষতে ৰাখি থোৱা লাখুটিক মাৰণাস্ত্ৰ বুলি ভাবি সেইবোৰ পেলাই দিবলৈ বাৰে বাৰে মানুহবোৰক নিৰ্দেশ দিলে৷
মানুহবোৰ তাৰ নিৰ্দেশক আওকাণ কৰি লাখুটিবোৰ লগতে ৰাখিলত সি চিপাহীবোৰক সেইবোৰ
মানুহবোৰৰ পৰা কাঢ়ি আিনবলৈ নিৰ্দেশ দিলে৷ চিপাহীবোৰ লাঠি কাঢ়িবলৈ আগ বাঢ়িল৷ সি
নিজেও দুজনমানৰ পৰা লাঠি কাঢ়ি আনিলে৷ লগে লগে ৰাইজৰ মাজত হুলস্থূল লাগিল৷ বহি থকা
ৰাইজ সকলোৱে থিয় হৈ নিজৰ নিজৰ লাখুটিবোৰ হাতত ল’লে৷ অলপ আঁতৰে আঁতৰে বহি থকা ৰাইজো
কাষ চাপি আহিল৷ চিপাহীবোৰে লাখুটি কাঢ়ি ল’বলৈ চেষ্টা কৰা বাবে মৰাচিং নামৰ মানুহ
এজনে এজন চিপাহীক টঙনীয়াই বগৰাই দিলে৷ চাৰিওফালে হুলস্থূল লাগিল৷ কেইবাজনো চিপাহী
আঘাতপ্ৰাপ্ত হ’ল৷ গণ্ডগোলৰ মাজতে কোনোবাই চিংগাৰ চাহাবৰ মূৰত প্ৰচণ্ড কোব এটা
শোধালে৷ চিংগাৰ চাহাব মাটিত বাগৰি পৰিল৷ কেইজনমানে তাক চোঁচৰাই নি কলং নদীত পেলাই
দিলে৷
গণ্ডগোলৰ খবৰ
পাই লক্ষণসিঙে নিজৰ লগত থকা সৈন্যবাহিনীটো লৈ কাষ চাপি আহিল আৰু যিকোনো দুৰ্যোগ
প্ৰতিহত কৰিবলৈ সষ্টম হৈ থাকিল৷
চিপাহীবোৰৰ লগত
ৰাইজৰ জোতাপুতি লাগিল৷ ৰাইজৰ লাখুটিৰ কোবত তিনিজন চিপাহীয়ে ঠাইতে প্ৰাণ হেৰুৱালে৷
চিপাহীবোৰে চিংগাৰ চাহাবক উদ্ধাৰ কৰিবৰ অৰ্থে চাহাবক পেলাই দিয়া কলঙৰ ফালে
গুলীয়াবলৈ ধৰিলে৷ লগে লগে লক্ষণসিঙে বিহকাঁড়েৰে আক্ৰমণ কৰিবলৈ তেওঁৰ বাহিনীটোক
নিৰ্দেশ দিলে৷ উপৰ্যুপৰি বিহকাঁড়েৰে কৰা আক্ৰমণত চিপাহীবোৰৰ কিছুমান আঘাতপ্ৰাপ্ত
হ’ল৷ সিহঁতে চত্ৰভংগ দি পলাবলৈ ধৰিলে৷ উপায় নাপাই পৰাজিত চিপাহীবোৰক লগত লৈ হলধৰ
ডাৰোগা নগাঁও অভিমুখে যাবলৈ ধৰিলে৷
গণ্ডগোল ডাঙৰেই
হ’ল যেতিয়া এতিয়া যুদ্ধ কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ লক্ষণসিঙে ৰূপসিঙক কলঙৰ উত্তৰ
পাৰেৰে নগাঁৱলৈ অগ্ৰসৰ হ’বলৈ কৈ নিজৰ বাহিনীটোক লৈ দক্ষিণ পাৰেৰে নগাঁৱলৈ আগ
বাঢ়িল৷ দুয়োটা দলৰে লক্ষ্য কচলুখোৱাৰ খাৰঘৰ নিজৰ অধীনলৈ অনা আৰু ট্ৰেজেৰীও লুটপাট
কৰা৷
লক্ষণসিঙৰ লগত
যোৱা বাহিনীটো ডিমৌ বিলৰ পাৰত ইংৰাজ সৈন্যৰে মুখামুখী হ’ল৷ তেওঁৰ বহিনীটোক দেখিয়েই
ইংৰাজ চিপাহীয়ে গুলীয়াবলৈ আৰম্ভ কৰিলে৷ আনফালে লক্ষণসিঙে সৈন্যবোৰক বিহকাঁড় আৰু
গাজা বন্দুকেৰে আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে৷ ঠাইখিনি ইকৰাৰে ভৰা৷ ইকৰাৰ আঁৰ লৈ
সৈনিকবোৰে চিপাহীবোৰক আক্ৰমণ কৰিলে৷ লক্ষণসিঙৰ বহুকেইজন সৈনিক আহত হ’ল৷ চিপাহীও
কেইবাজনো আহত হোৱা বুলি তেওঁ ধৰিব পাৰিছে৷ সৈন্যসকলৰ লগত থকা বন্দুকবোৰ গাজা
বন্দুক হোৱা বাবে এবাৰ গুলী এৰি দিয়াৰ পাছত পুনৰ গুলী গাজিবলগীয়া হয়৷ চিপাহীবোৰে
কিন্তু সিহঁতৰ উন্নত বন্দুকেৰে একেৰাহে গুলীয়াই থাকিল৷ কাঁড়ী সৈনিকবোৰেও একেৰাহে
কাঁড় নিক্ষেপ কৰি থাকিল৷ চিপাহীবোৰ কিছু পিছহুহকি যাবলৈ বাধ্য হ’ল৷ সৈনিকবোৰে
সাহস পাই আগুৱাই গৈ চিপাহীবোৰক আক্ৰমণ কৰিলে৷ কিন্তু চিপাহীবোৰৰ বন্দুকৰ আক্ৰমণত
বহু সৈনিক আহত হোৱাত সিহঁত ইকৰাণিৰ মাজেৰে পিছহুহকি যাবলৈ বাধ্য হ’ল৷ চাওঁতে
চাওঁতে লক্ষণসিঙৰ লগত সৈনিক অলপহে থাকিল৷ তেওঁ মন কৰিলে আঘাতপ্ৰাপ্ত সৈনিকৰ সংখ্যা
বাঢ়ি গৈছে আৰু বহু সৈনিক ইতিমধ্যে ছত্ৰভংগ দিছে৷ চোৱাবৰৰ বুকুত গুলী লগাত সি
থিতাতে নিহত হ’ল৷ লক্ষণসিঙে কেইজনমান সৈনিকক চোৱাবৰৰ মৃতদেহটো লৈ আঁতৰি যাবলৈ ক’লে
আৰু চিপাহীৰ লগত যঁুজ দি থকাটো অসম্ভৱ যেন দেখি সৈনিকবোৰক পিছহুহকিবলৈ নিৰ্দেশ
দিলে৷ পিছহুহকি আহোঁতে বহু সৈনিক ইকৰাণিৰ মাজত লুকাই পৰাত সৈনিকবোৰৰ সংগঠিত ৰূপটো
একেবাৰে হেৰাই গ’ল৷ আহত সৈনিকবোৰৰ কেইজনমানক লগত লৈ লক্ষণসিং পিছহুহকি আিহ থাকিল৷
চিপাহীবোৰ ইকৰাণিৰ অলপ ভিতৰলৈকে সোমাই আহি ৰৈ গৈছিল৷ বেচি ভিতৰলৈ সোমাই গ’লে
সৈনিকবোৰৰ বেহুত সোমাই পৰাৰ শংকা কৰিলে হয়তো৷ সিহঁত উভতি গৈ পুনৰ মুকলি ঠাইত
উপস্থিত হ’ল৷
কলঙৰ উত্তৰ পাৰৰ পৰা চিপাহীক আক্ৰমণ কৰা ৰূপসিঙৰ বাহিনীটোও পিছহুহকি গৈছে৷ সেই বাহিনীটোৰো কেইবাজনো সৈনিক চিপাহীৰ গুলীত আহত হৈছে৷ আহত সৈনিকবোৰৰ মাজত গেলায়ো আছে বুলি তেমেকাই গম পাইছে৷
নিজে অভিযান
আৰম্ভ কৰাৰ সময়তে লক্ষণসিঙে বনমালীক ৰহা থানা আক্ৰমণ কৰিবলৈ পঠাইছিল৷ বনমালীয়ে
নিজৰ দলটোক লৈ ৰহাত উপস্থিত হ’ল৷ তেওঁ সৈনিকবোৰক ক’লে– “আমি যি কৰিম অতৰ্কিতে
কৰিম৷ থানাৰ চিপাহীয়ে গুলীওৱাৰ আগতে আমি সিহঁতৰ বন্দুকবোৰ কাঢ়ি ল’ম৷ আমি
হৈ-হাল্লা কৰি নহয়৷ মনে মনে সোমাই গৈ আক্ৰমণ কৰিম৷ বুজিছা নে?”
বনমালীৰ
পৰিকল্পনা অনুসৰি জংঘলৰ মাজেৰে গৈ সৈন্যদলটো ৰহা থানাৰ কাষ চাপিল আৰু মানুহৰ ঘৰৰ
আঁৰ লৈ থানাৰ ভিতৰত অতৰ্কিতে সোমাই গ’ল৷ থানাত বেচি চিপাহী নাই৷ সৈন্যবোৰে
অতৰ্কিতে চলোৱা আক্ৰমণত চিপাহীবোৰে বন্দুক চলাবলৈ সুবিধাই নাপালে৷ সৈনিকবোৰৰ
তৰোৱালৰ আঘাতত কেইবাজনো চিপাহী আহত হ’ল৷ সিহঁতৰ বন্দুকবোৰ সৈনিকবোৰৰ হাতলৈ আহিল৷
বনমালীয়ে ডাৰোগা গোলাপ সিঙক আক্ৰমণ কৰিলে৷ সি পিষ্টল উলিওৱাৰ আগতে বনমালীৰ তৰোৱালৰ
আঘাতত মাটিত বাগৰি পৰিল৷ আন সৈনিক তিনিজনেও আক্ৰমণ কৰাত গোলাপ সিঙে চেতনা
হেৰুৱালে৷ বনমালীয়ে গোলাপ সিঙক কলঙত পেলাই দিবলৈ নিৰ্দেশ দিলে৷ চাৰিজন সৈনিকে তাক
দাঙি নি কলঙত পেলাই দিলত সি কলঙৰ সোঁতত উটি গ’ল৷ চিপাহীকেইজনকো আধামৰা কৰি হাত-ভৰি
বান্ধি থানাত পেলাই থোৱা হ’ল৷
থানা জয় কৰাৰ পাছত বনমালীয়ে তাত থকাটো উচিত বুলি নাভাবিলে৷ তেওঁৰ মনত শংকা উপজিল ইয়াৰ বাতৰি পাই আন চিপাহী আহি তেওঁলোকক আক্ৰমণ কৰে বুলি৷ হঠাতে তেওঁ বাতৰি পালে নগাঁও আক্ৰমণ কৰিবলৈ যোৱা সৈন্যবাহিনী দুটাৰ বিপৰ্যয় ঘটিছে৷ তেওঁ নিজৰ সৈন্যবাহিনীটো লৈ জংঘলত প্ৰৱেশ কৰিলে আৰু জংঘলৰ মাজেৰেই ফুলগুৰিৰ ফালে গৈ থাকিল৷ তেওঁৰ উদ্দেশ্য হ’ল সেনাপতি লক্ষণসিঙক লগ কৰা৷
লক্ষণসিং নিৰাপদ
দূৰত্বলৈ আহি কলঙৰ পাৰৰে এঠাইত ৰ’ল৷ আহত সৈনিককেইজনক শুশ্ৰূষা কৰিবলৈ তেওঁ নিজে
লাগি গ’ল৷ তেওঁক সহায় কৰি গ’ল কেইবাজনো সুস্থ সৈনিকে৷ বেছিভাগৰে বাহুত, হাতত
আৰু ভৰিত গুলী লাগিছে৷ সোমাই থকা গুলীবোৰ উিলয়াই গুলীলগা ঠাইবোৰ পানীৰে ধুই চাফা
কৰাৰ পাছত ঘাবোৰত বনৌষধ বান্ধি দিয়া হ’ল৷ এজনৰ আঘাত গুৰুতৰ৷ তাৰ গাত তিনিটা গুলী
লাগিছে৷ ভৰিত এটা আৰু বাহুত দুটা৷ বাহুত লগা এটা গুলী এতিয়াও লক্ষণসিংহঁতে উলিয়াব পৰা নাই৷ সি খোজ কাঢ়িব নোৱাৰে৷
লক্ষণিসঙৰ নিৰ্দেশত চাৰিজন সৈনিকে এখন চাঙী সাজিলে৷
লক্ষণসিঙৰ লগত
এতিয়া বিছজন সুস্থ সৈনিকহে আছে৷ বাকীবোৰ কোনফালে আঁতৰিল তেওঁ গম পোৱা নাই৷ তেওঁ
ভাবে পুনৰ সৈনিকবোৰক বিচাৰি সংগঠিত কৰিব লাগিব আৰু যুদ্ধখন আগ বঢ়াই নিব লাগিব৷
বৰ্তমান পৰিস্থিতিত আহত সৈনিককেইজনৰ পৰিচৰ্যাহে বৰ দৰকাৰী৷ আহত সৈনিক তেওঁৰ লগত
আছে ছজন৷ তেওঁ বাৰজন সৈনিকক নিৰ্দেশ দিলে আহত সৈনিককেইজনক কাৱৈমাৰিৰ ফালে নিবলৈ৷
লক্ষণসিঙে সৈনিকবোৰক ক’লে– “আমাৰ আহত সৈনিকবোৰক জংঘলৰ মাজত ৰাখিয়েই শুশ্ৰূষা কৰিব লাগিব৷ কিন্তু কোনো এখন গাঁও অলপ
কাষত থাকিলে ভাল৷ ভাত-তৰকাৰি আদি আনি খাব পাৰা যাব৷ তোমালোকে কাৱৈমাৰিৰ ফালে লৈ যোৱা৷
তাৰে ওচৰৰ হাবিত থাকি এওঁলোকক শুশ্ৰূষা কৰিবা৷”
গুৰুতৰভাৱে আহত
সৈনিকজনক চাঙীত উঠাই চাৰিজন সৈনিকে কান্ধত ল’লে আৰু দলটো কাৱৈমাৰিৰ ফালে থকা
জংঘললৈ বুলি যাবলৈ ধৰিলে৷ লক্ষণসিঙে লগত থকা আঠজন সৈনিকক লগত লৈ তেওঁ এইকেইদিন
কটোৱা ঠাইখনলৈ খোজ ল’লে৷ ঠাইখন ফুলগুৰিৰ পৰা বেচি দূৰত নহয়৷
নিজে বাহৰ পাতি
থকা ঠাইখিনি পাই লক্ষণসিং বহি পৰিল৷ লগত থকা সৈনিকবোৰকো বহিবলৈ দি তেওঁ বাৰিকাবোৰৰ
কথা চিন্তা কৰিলে৷ এতিয়া বাৰিকাবোৰৰ বৰ দৰকাৰ৷ কিমান সৈনিক পলাই গৈ ক’ত ক’ত আছেগৈ
খবৰ কৰিব লাগিব বাৰিকাবোৰে৷ বাৰিকাবোৰৰ যোগেদিয়েই সৈন্যবাহিনীটো পুনৰ সুসংগঠিত
কৰিব পৰা যাব৷ পিছে বাৰিকাবোৰ ক’ত? তেওঁ ইয়াত বাহৰ পতাৰ পাছতে বাৰিকাবোৰ
ইয়ালৈ আহি থাকে৷ কোনোবা এজন নি(য় আিহ ওলাব৷
পোহৰৰ ৰং দেখি লক্ষণসিঙে ধৰিব পাৰিলে বেলি মাৰ যাবৰ হৈছে৷ তেওঁ অনুমান কৰিলে, ফুলগুৰিত বহি থকা ৰাইজ ঘৰমুৱা হ’বলৈ ধৰিছে৷ নগাঁও আক্ৰমণত বিফল হৈ তেওঁ মনোকষ্টও পাইছে৷ তেওঁ চিন্তা কৰি ৰ’ল কি কৰিব পৰা যায় এতিয়া?
নিজৰ সৰু
সৈন্যদলটো লগত লৈ বনমালী লক্ষণসিঙৰ কাষত হাজিৰ হ’ল৷ লক্ষণসিঙে তেওঁক সুধিলে–
“কওকচোন আপোনাৰ অভিযান কি হ’ল?”
“আমি থানা
লণ্ডভণ্ড কৰি থৈ আহিলোঁ৷”– বনমালীয়ে ক’বলৈ ধৰিলে৷ “ৰহা থানা আমি অতৰ্কিতে আক্ৰমণ
কৰিছিলোঁ৷ চিপাহীবোৰে আমাক আক্ৰমণ কৰিবলৈ সুযোগেই নাপালে৷ আমি সিহঁতৰ বন্দুকবোৰ
কাঢ়ি ল’লোঁ৷ সকলোবোৰ চিপাহীকে মাৰি আধামৰা কৰিলোঁ৷ ডাৰোগা গোলাপ সিঙকো মাৰি
আধামৰা কৰি কলঙত উটুৱাই দিলোঁ৷ সি মৰিলেই চাগে’৷ তাৰ পাছত উভতি আহিলোঁ৷”
“আপুনিহে সফল
হ’ল৷ আপোনাক মই অভিনন্দন জনালোঁ৷”
এজন সৈনিকে
চিঞৰিলে– “জয় বনমালী সেনাপতিৰ জয়৷”
আন সৈনিকবোৰে
চিঞৰিলে– “জয় বনমালী সেনাপতিৰ জয়৷”
লক্ষণসিঙে
সৈনিকসকলক চিঞৰ-বাখৰ নকৰিবলৈ নিৰ্দেশ দিলে৷ কাৰণ শত্ৰুৱে শুনা পালে বিপদ আহিব
পাৰে৷ বনমালীয়ে লক্ষণসিঙক ক’লে– “সেনাপতি, আপুনি যি কাম কৰিব গৈছিল সেইটো আছিল
ডাঙৰ কাম৷ চিপাহীও বহুত৷ তাতে আপোনাক আদবাটতে ধৰিলে৷ সেয়ে যুদ্ধ জয় কৰা নহ’ল৷
এতিয়াও সময় আছে৷ আমি বিজয়ী হ’ব পাৰিম৷”
“এতিয়া
সৈন্যবোৰক একগোট কৰাটোহে ডাঙৰ কাম হৈছেগৈ৷”
তেনেতে তেমেকা
তাত উপস্থিত হ’ল৷ সি আহিয়েই লক্ষণসিঙক ক’লে– “নগাঙ’ বাঈকাই খব’ দিছে স্কনচ চাহাবে
ভয়তে তেজপু’ আউ¸ গুৱাহাটী’ পআ হহায় বিচাঈছে৷ কালিলৈ তেজপুঅ পআ
কোনোবা এজন কেপ্তেন আিহব হেনো৷”
“হয় নেকি?
বদমাছ
স্কনচ ডিচি এতিয়া ভয়ত কঁপিছে৷ আমাৰ যুদ্ধ দেখি সি ভয়ত সহায় বিচাৰি ফুৰিছে৷ কিন্তু
যত কুটৰ ঘাই সিহে৷ তাক পোৱাহেঁতেন কাটি তিনি টুকুৰা কৰিলোঁহেঁতেন৷ পিচে, ৰাইজে
কালিলৈ আক’ মেল পাতিব নেকি?”
“পাতিব হেনো৷
একো হমাধান পোৱা নাই বাবে পাতিব৷ মঈলেও মঈব, কিন্তু এটা
হমাধান উলিয়াইহে এঈব৷”
“গুৱাহাটী আৰু
তেজপুৰৰ পৰা চিপাহী আহিলে যুদ্ধ কৰা টান হ’ব৷ আিজয়েই খাৰঘৰ আৰু টেজাৰি অধিকাৰ কৰি ল’ব পৰাহেঁতেন ভাল
আছিল৷ তেতিয়া যঁুজিবলৈ হাথিয়াৰ পোৱা গ’লহেঁতেন৷ কাইলৈ ৰাইজৰ লগতে থাকি অলেখলেখ চাব
লাগিব৷”
লক্ষণসিঙৰ কথাত
সকলোৱে সন্মতি প্ৰকাশ কৰিলে৷
(সোতৰ)
ৰাইজ আগদিনা বহা
ঠাইৰ ওচৰতে বহিছে৷ আশাত বন্দী ৰাইজ৷ সকলোৱে আশা কৰিছে স্কনচ চাহাবে আিহ কিবা এটা
সমাধান দিব, তেওঁলোকক কৰৰ পৰা সকাহ দিব৷ ৰাইজে সিদ্ধান্ত
কৰিছে সমাধান নোপোৱালৈকে ইয়াৰ পৰা নুঠে৷
লক্ষণসিং
সৈনিকবোৰক লগত লৈ ৰাইজ মেলৰ কাষতে বহি থাকিল ৰাইজৰে এজন হৈ৷
পঞ্চাছজন চিপাহী
লৈ তেজপুৰৰ পৰা আহি কেপ্তেইন কেম্পবেল নগাঁৱত উপস্থিত হ’ল৷ স্কনচে তাৰ আগত ৰাইজৰ
বিষয়ে নানা ধৰণৰ কথা লগালে৷ সি বুজাবলৈ ল’লে যে এনে বিদ্ৰোহে ইংৰাজসকলৰ বহুত ক্ষতি
কৰিব৷ মানুহবোৰে চৰকাৰক দিবলগীয়া কৰ নিদি বিদ্ৰোহ কৰিছে৷ গতিকে কঠোৰ হাতেৰে দমন
কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ কঠোৰভাৱে দমন কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব লাগে,
যাতে
ভৱিষ্যতে কোনেও এনে বিদ্ৰোহ কৰিবলৈ সাহস নকৰে৷
কেম্পৱেলে লগত
অনা পঞ্চাছজন চিপাহী লৈ ফুলগুৰিত উপস্থিত হ’ল৷ ফুলগুৰি পায়েই বহি থকা ৰাইজক আগুৰি
ল’বলৈ চিপাহীবোৰক সি নিৰ্দেশ দিলে৷ সি নিজে আগুৱাই গৈ ৰাইজক ক’লে– “এক মিনিট ভিতৰ মে ইহাসে চব চলা যাও৷ চব
যাব৷ নহ’লে গুলী খাব৷ যাও, অভী ইহাসে চলা যাও৷ চব যাব৷ নেহী তো
গুলী খাব৷ যাও, চলা যাও৷”
ইমানখিনি মানুহ
এক মিনিটত তাৰ পৰা আঁতৰি যোৱাটো সম্ভৱ নহয়৷ তাতে সি ৰাইজক এক মিনিটৰ সুবিধাটোও
নিদিলে৷ ৰাইজে বহাৰ পৰা উঠিবলৈ লৈছিলহে তেনেতে সি চিপাহীবোৰক গুলীয়াবলৈ নিৰ্দেশ
দিলে আৰু চিপাহীবোৰে নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত গুলী বৰ্ষণ কৰিবলৈ ধৰিলে৷ গুলীৰ শব্দ
আৰু মানুহবোৰৰ মৰণ-কাতৰ চিঞৰে চাৰিওফাল আগুৰি ধৰিলে৷ মানুহবোৰে যেনিতেনি দৌৰি
পলাবলৈ চেষ্টা কৰিলে৷
লক্ষণসিঙে
সৈনিককেইজনক লৈ পিছুৱাই আহিবলৈ লওঁতেই কলিমনৰ ভৰিত গুলী লাগিল৷ সি লেঙেৰিয়াই
লেঙেৰিয়াই আহি থাকিবলৈ ধৰিলে৷
কিছু দূৰ অহাৰ
পাছত লক্ষণসিঙে বনমালী আৰু সৈনিকসকলক ক’লে– “অৱস্থা মই ভাল দেখা নাই৷ তেজপুৰৰ
চিপাহী আিহ পায়েই অত্যাচাৰ আৰম্ভ কৰি দিছে৷ গুৱাহাটীৰ পৰা চিপাহী আহি পালে আৰু
সিহঁতৰ বল বাঢ়িব৷ আমি চেদেলি-ভেদেলি হ’লোঁ৷ পাছত গোট খাই ইহঁতক ধৰিব লাগিব৷ এতিয়া
তোমালোকে নিজকে বচাবলৈ যেনিতেনি যোৱা৷ এিতয়া ইহঁতে আমাক ধৰিবলৈ লাগি যাব৷”
লক্ষণসিঙৰ কথা
শুনি সৈনিকবোৰ ভাগ ভাগ হ’ল৷ সকলোৱে নিজৰ সুবিধাজনক ঠাইৰ সন্ধানত ব্যস্ত হ’ল৷ তাৰ
পাছত সৈনিকবোৰ বিভিন্ন দিশত আঁতৰি গ’ল৷ বনমালীয়ে দুজন সৈনিক লগত লৈ পূব দিশত খোজ
দিলে৷ লক্ষণসিঙে তেমেকাৰ কথা মতে দক্ষিণ দিশত খোজ পেলালে৷ তেওঁৰ লগত আছে তেমেকাৰ
উপৰি চাংবৰ আৰু কলিমন৷
এটা ডোবা পাই
চাংবৰে কলিমনৰ ভৰিৰ গুলীলগা ঘাটো ভালদৰে ধুলে৷ গুলিটো কলাফুলত লাগি পাৰ হৈ গৈছে৷
গুলীটো সোমাই নথকা বাবে চাংবৰে এটা স্বস্তিৰ নিশ্বাস পোলালে৷ সি কলিমনক ক’লে– “ত’
ভাগ্য ভাল৷ গুলীটো ওলাই গৈছে৷”
“অ ময়ো তেনেকুৱা
যেনেই পাইছং৷ গুলীটো সোমাই থকা হ’লে বিষ বেচি হ’লহেঁতেন৷ আৰু তাক উলিয়াংতে বহুত
কষ্ট পালংহেঁতেন৷”
ঘাটোৰ তেজ
ৰাখিবলৈ চাংবৰে নিজৰ তিয়নিখনকে ঘাটোত বান্ধি দিলে৷ কলিমনে এতিয়া খোজ দিবলৈ অলপ ভাল
পাইছে৷
লক্ষণসিংহঁত
জংঘলৰ মাজেৰে গৈ থাকিল৷
খাইগড়ৰ ওচৰ
পোৱালৈ বেলি লহিয়ালে৷ দুপৰীয়াৰ ভাত খোৱাৰ পৰ পাৰেই হৈছে৷ তেমেকাৰ পেটত ভোকে চিকুট
মাৰি ধৰিলে৷ তাৰ মোনাত ৰংদৈয়ে ভৰাই দিয়া জলপান অলপ আছিল৷ কিন্তু পলাই আহোঁতে
সেইখিনি পৰিল৷ এতিয়া ইয়াত কাৰো লগতে ভাতৰ টোপোলা নাই৷ সি লক্ষণসিঙক ক’লে– “হেনাপতি,
ম’
ব’ ভোক লাগিছে৷ আমি খাইগঅ ওচঅতে আছং৷ খাইগঅ বাঈকা’ ঘঅ পআ ভাত লৈ আনং নাকি?”
“আমাৰো ভোক
লাগিছে৷ ভাতৰ লগতে চাউলো পালে লৈ আনিবা৷ জংঘলত ৰান্ধি খাব পাৰিম৷”
“হ’ব হেনাপতি,
মই
যাং৷”
চাংবৰেও ‘ময়ো
যাং’ বুলি তেমেকাৰ লগত কান্ধত মোনা লৈ ওলাল৷ তেমেকাৰ কান্ধতো এটা মোনা৷ দুয়ো
খাইগড় অভিমুখে যাত্ৰা কৰিলে৷
খাইগড়ত আছে
দুজন বাৰিকা৷ এজন যুগেশ্বৰ আৰু আনজন মিহিৰাম৷ তেমেকাই ভাবিলে যুগেশ্বৰৰ ঘৰৰ পৰা
ভাত আৰু দুয়োজনৰ ঘৰৰ পৰাই চাউল আনিব৷ পিচে, সিহঁত দুটা ঘৰত
নাথাকিবও পাৰে৷ এই ধেৱাৰ সময়ত কোন ক’ত আছেগৈ ঠিকনা নাই৷ ৰজা, গাঁওবুঢ়া
আৰু মেনাসকলেও বাৰিকাবোৰক কামত লগাইছে৷ ধেৱাখনৰ বাবে বিভিন্ন ঠাইৰ ডেকাল’ৰাক
বাৰিকা হিচাপে নিয়োগ কৰা হৈছে যদিও যেন ইয়াৰ নাটনি পূৰ হোৱা নাই৷ বাৰিকা কিছুমানে
কিছুমান ঠাইত থাকি চোৰাংচোৱাৰ কামো কৰিবলগীয়া হৈছে৷
তেমেকা আৰু
চাংবৰ খাইগড়ত উপস্থিত হ’ল৷ তেমেকাই ভাবিলে প্ৰথমে যুগেশ্বৰৰ ঘৰলৈ যোৱাই ভাল হ’ব৷
সি চাংবৰক তাৰ পিছে পিছে আহিবলৈ কৈ যুগেশ্বৰৰ ঘৰলৈ পোনালে৷ যুগেশ্বৰৰ ঘৰলৈ
কেইবাবাৰো আহিছে বাবে সিহঁতৰ ঘৰৰ মানুহবোৰক তেমেকাই চিনি পায়৷ সি যুগেশ্বৰৰ ঘৰ
পায়েই মাত দিলে– “যুগেশ্ব’, অ যুগেশ্ব’/ ঘঅত আছ না?”
তেমেকাৰ মাত
শুনি যুগেশ্বৰৰ মাক বাহিৰলৈ ওলাই আহিল, আিহয়েই তেমেকাক দেখি মাত দিলে– “অ
তেমেকা বাপু/ আমা’ ই ঘঅত নাই৷ কেইবাদিনো হ’ল ঘঅলৈ আহা নাই৷ তই তাক লগ পোৱা নাই
নাকি?”
“নাই, লগ
পোৱা নাই৷ আছে চাগে’ কোনোবা ফালে৷ খুঈ, আমা’ ব’ ভোক লাগিছে৷ ভাত আছে যদি আমা’
দুটাক দে৷ আমা’ আউ দুজন আছে৷ হিন্ত’ বাবেও ভাত নিবা লাগিব৷”
“ইচ বোপাইহঁত/
বঅ কষ্ট পাই আছ চাগে’৷ এতিয়া ভাতেই নাই৷ আন্ধিব লাগিব৷ অলপ অ৷”
কথাষাৰ কৈয়েই
মানুহগৰাকী পাকঘৰত সোমাল৷
উধাতু খাই
যুগেশ্বৰ ঘৰত ওলাল৷ তাৰ চকুৱে-মুখে আতংকৰ চাপ৷ তেমেকাই সুধিলে– “কি হ’ল? ইমান
ভয় খাইছ যে?”
“নক’বি৷
কুকুহঁতে মানুহ’ ঘএ ঘএ হোমাই মানুহবোঅক অত্যাচা’ কঈছে৷ বহুতকে ধঈ নিছে৷ ফুলগুঈ আউ
হআ গাঙত হিন্তক হোমোৱা দেখা পাই আিহছং৷”
“তই ক’ত আছিলি?”
“মই ফুলগুঈতে
আছিলং৷”
“আইজ মেলত আছিলি
নাকি?”
“নাই, নাছিলং৷
কিন্তু চব গম পাইছং৷ কুকু’হঁতে আইজ মেলত থাকা বহুত মানুহক গুলীয়াই মাঈলে৷ বহুতক
ঘুণীয়া কঈলে৷ বহুতক ধঈ লৈ গ’ল৷ এতিয়া গাঙে গাঙে হুমাইছে৷ যাকে পাইছে তাকে ধঈছে৷”
“হ’ব ইমান ভয়
কঈবা নালাগে৷ ভয় কঈ কি লাভ?”
লাহে লাহে
যুগেশ্বৰ শান্ত হ’ল৷ সি এতিয়াহে তেমেকাক সুধিলে– “তন্তে কেনেকে ইয়াত পালিহি?”
তেমেকাই সকলোবোৰ
কথা যুগেশ্বৰক বুজাই ক’লে৷ যুগেশ্বৰ আছিল সৰাগাঁৱৰ ৰজাৰ লগত৷ সি সৰাগাঁৱৰ পৰা
ফুলগুৰিলৈ অহা যোৱা কৰি ৰজাক খবৰ দি আছিল৷ গাঁৱে গাঁৱে চিপাহী সোমাবলৈ ধৰাত ৰজাই
তাক ঘৰলৈ আিহবলৈ আৰু জংঘলত লুকাই থাকিবলৈ দিছিল৷ সি ৰজাৰ ঘৰতে ভাত খাই আহিছে৷
যুগেশ্বৰৰ মাকৰ
ভাত-তৰকাৰী ৰন্ধা হোৱাৰ পাছতে তেমেকাহঁতক খাবলৈ মাতিলে৷ তেওঁ তেমেকাহঁতক ক’লে–
“হংকালে কঈবা বাবে মাছকে পুঈ দিছং৷ তঅকাঈ আন্ধা নাই৷”
“নালাগে খুঈ৷
খালি ভাত হ’লেও হ’লহেঁতেন৷”
গৰম ভাতৰ লগত
পোৰা গৰৈ মাছ আৰু নিমখ-জলকীয়া৷ তাতে অলপমান খাইতেল৷ ভোকত ভাত আৰু পিয়াহত পানী–
ইয়াতকৈ ভাল বস্তু কিবা থাকিব পাৰে নে? ভোকত লেবেজান হৈ থকা তেমেকাই ইয়াকে
খায়েই বৰ জুতি পাইছে৷ চাংবৰকো জুতি পোৱা বুলি তাৰ অনুভৱ হ’ল৷
মানুহগৰাকীয়ে
যুগেশ্বৰকো ভাত খাবলৈ কৈছিল৷ কিন্তু সি ভাত খাই অহা বুলি কোৱাত তেওঁ একো নক’লে৷
তেমেকাই যুগেশ্বৰক ক’লে– “অকল ভাত খোৱালেই নহ’ব, চাউলো দিবা
লাগিব৷ আমা’ লগত দুটা মোনা আছে৷ ক’পআ চাউল ভআই দিয় দে৷”
“এমোনা বাউ আমা
ঘঅ পআই দিম৷ এমোনা মিহিআম’ ঘঅ পআ আনংগৈ৷ তন্তে ভাত খাই থাক৷”
যুগেশ্বৰে মোনা
এটা লৈ মিহিৰামৰ ঘৰলৈ পোনালে৷
তেমেকাহঁতে ভাত
খাই বাহিৰত বহাৰ সময়তে যুগেশ্বৰে এমোনা চাউল লৈ উপস্থিত হ’ল৷ সি মোনাটো তেমেকাৰ
হাতত দি আনটো মোনা হাতত ল’লে আৰু ঘৰৰ ভিতৰত সোমাল৷ তেমেকাই লগে লগে মাত দিলে–
“যুগেশ্ব’ অলপ শুকান মাছ আৰু নিমখ-জলকীয়া দিবি৷ জংঘলত তঅকাঈ বিচাঈ নাপাবাও পাঅং৷”
যুগেশ্বৰৰ মাকৰ ভাতৰ টোপোলা বন্ধা হ’লত তেওঁ
তেমেকাৰ ওচৰত সেইকেইটা আনি থ’লে৷ যুগেশ্বৰে এমোনা চাউল, শুকান মাছ আৰু
নিমখ-জলকীয়া আনি দিয়াৰ পাছতে তেমেকাই তাক সুধিলে– “তয়ো আমা’ লগত ব’ল৷”
“নাই তন্ত লগত
নাযাং৷ মই মিহিআম’ লগত কথা পাতিছং৷ আমি মিকি’ গাঁঙ’ ফালে যাম৷”
“হ’ব তেন্তে,
তন্তে
হিফালে যাবি৷ আমি এতিয়া গৈ থাকং৷ হিফালে লক্ষণসিং হেনাপতি আৰু কলিমন কাকা ভোকত
কলমলাই আছে৷”
বিদায় লৈ তেমেকা
আৰু চাংবৰে খোজ ধৰিলে৷
লক্ষণসিংহঁতৰ
কাষ পাই তেমেকাই দেখিলে বাঁহৰ চুঙা কটা হৈ গৈছে৷ তদুপৰি দুটা ডাঙৰ চুঙাত পানী আনি
থোৱা আছে৷ হেনাপতি লক্ষণসিঙে কামখিনি কৰি থোৱা বুলি তেমেকাই ধৰিব পাৰিলে৷
ভাতৰ
টোপোলাকেইটা দিয়াৰ লগে লগে লক্ষণসিং আৰn কলিমনে ভাত খাবলৈ ধৰিলে৷ তেমেকাই
সিহঁতৰ চুঙাত পানী ঢালি দিলে৷
বেলি লাহে লাহে
পশ্চিম আকাশত ভালেখিনি নামিল৷ ভাত খোৱা শেষ কৰিয়েই খোজ লৈ আৰু দূৰলৈ আঁতৰি যোৱাৰ
কথা লক্ষণসিঙে চিন্তা কৰিলে৷ তেওঁ ভাত খাই খায়েই চাংবৰক সুধিলে– “খাইগড়ত কিবা
খবৰ-বাতৰি পাই আহিছা নেকি?”
“অলপ খব’
যুগেশ্বঅ’ পআই পাইছং৷ হি হআ গাঙ’ অজা লগত আছিল৷ হি খব’ দিয়া মতে চিপাহীয়ে গুলীওয়া
হময়তে বহুত মানুহ মঈছে৷ বহুত ঘূণীয়া হৈছে৷ মআবোঅক পেলাই থৈ দিছে৷ ঘূণীয়াবোঅক আউ
গেপ্তা’ কআবিলাকক কোবাই-কিলাই নগাঙলৈ লৈ গৈছে৷ এতিয়া হেনো চিপাহী ফুলগুঈ আউ হআ
গাঙ’ মনুহ’ ঘএ ঘএ হোমাই মানুহ ধঈছে৷ মতা মানুহ এটাও এহাই পোৱা নাই৷ যাকে পাইছে
তাকে ধঈছে৷ মানুহবো’ জংঘলত হোমাইছেগৈ হেনো৷”
“অ আমি বিফল
হ’লোঁ বাবে এতিয়া সিহঁতৰ দপদপনি বাঢ়িল৷ অকল ফুলগুৰি, সৰা গাঁৱেই নহয়,
চব
গাঁৱতে সিহঁতে সোমাই মানুহক অত্যাচাৰ কৰিব৷ গতিকে মানুহবোৰে পলাই ফুৰাই ভাল৷
তেতিয়াহে প্ৰাণটো ৰক্ষা পৰিব৷”
লক্ষণসিং আৰু
কলিমনৰ ভাত খোৱা হৈ গ’ল৷ কলিমনে এবাৰ বিষত কেকাই উঠাত চাংবৰে ক’লে– “অ দেই/ মই
ঔখধ’ গছ এডাল দেখিছং৷ মই তা’ হিপা খান্দি আনি খুন্দি ত’ ঘাত বান্ধি দেং৷”
চাংবৰ গছডালৰ
গুৰিলৈ গ’ল আৰু শিপা খান্দি আনি কাঠ এটুকুৰাতে খুন্দি কলিমনৰ ঘাটোত বান্ধি দিলে৷
তেমেকাহঁতৰ
যাত্ৰা আৰম্ভ হ’ল৷
সিহঁত চাপৰমুখৰ
কাষ পাওঁতে বেলি মাৰ গ’ল৷ লক্ষণসিঙে ৰাতিটো তাতে কটোৱাৰ কথা কোৱাত এটুকুৰা
সুবিধাজনক ঠাই বিচাৰি উলিওৱা হ’ল৷ যুগেশ্বৰৰ ঘৰৰ পৰাই মোনাত নিমখ-জলকীয়া আৰু শুকান
মাছ অলপ দি পঠিয়াওৱা হৈছে৷ বাঁহৰ চুঙাতে ভাত ৰন্ধা হ’ল৷ চাংবৰে অলপ ঢেঁকীয়া চিঙি
আনি শুকান মাছৰ লগত চুঙাত সিজালে৷ তেমেকাই অলপ আঁতৰত থকা কলগছৰ পৰা কলপাত কাটি
আনিলে৷ সি শুকান কলপাত অলপো লৈ আনিলে৷ ইয়াকে পাৰি শুব পৰা যাব৷
ভাত-তৰকাৰি
হোৱাৰ পাছতে তিনিও খাই শুই থাকিল৷
পিছদিনা শুই
উঠিয়েই তেমেকাহঁতে যাবলৈ ধৰিলে৷ সিহঁতৰ লক্ষ্য কপিলীৰ পাৰত থকা হাবিতলীয়া গাঁও
শিমলুগুৰি৷
দুপৰীয়া সময়ত
তেমেকাহঁত শিমলুগুৰিত উপস্থিত হ’ল৷ তাতে তেমেকাহঁতে কেৰ্পাইক লগ পালে৷ তেমেকাই তাক
সুধিলে– “তই দেখোন আগতেই এইখিনি পালিহি?”
“মই গণ্ডগোলৰ
পাছতে পলাই আহি চাপ’মুখত আছিলং৷ গাঙে গাঙে চিপাহী হোমোৱা বুলি খব’ পাই আজি
আিতপুৱাই ইয়ালৈকে গুচি আিহলং৷”
“ভালেই কঈলি৷ চব
মানুহ এতিয়া জংঘলত হোমালেহে অক্ষা পাব৷ আমিও চাপ’মুখ’ ওচঅ’ পআই আহিছং৷ তই তা’ মানে
আমা’ আগে আগে আহি পালি৷”
“অ মই আহি পোৱা
বেছি হময় হোৱা নাই৷”
কেৰ্পায়ে
লক্ষণসিং সেনাপতি, চাংবৰ আৰু কলিমনক পেহায়েকৰ লগত চিনাকি কৰি
দিলে৷ লক্ষণসিংহঁতৰ লগত চিনাকি হৈ কেৰ্পাইৰ পেহায়েক নোমলে বৰ আনন্দ পালে৷ তেওঁ
ক’লে– “আপোনালোক’ নাম হুনিহে আিছলং৷ আজি লগ পাই ব’ ভাল পাইছং৷ ম’এ কপাল ভাল৷”
দুপৰীয়াৰ ভাত
খোৱাৰ পাছত লক্ষণসিঙে তেমেকাক ক’লে– “আমাক এতিয়া চিপাহীবোৰে বিচাৰি ফুৰিব৷ আমি
কাৰো ঘৰত নাথাকোঁ৷ জংঘলতে থাকিম৷”
“কিন্তু জংঘলত
বৰ কষ্ট পাব৷ বৰষুণ পৰিলে কেনেকে থাকিব?”
“সেইবোৰ পিছত
চিন্তা কৰিম৷ এতিয়া দিনে পোহৰে ঠাই এটুকুৱা চাই লওঁ৷ তাতে থাকিম৷”
“ব’লক তেন্তে৷”
তেমেকা আৰু
কেৰ্পায়ে লক্ষণসিংহঁতক লগত লৈ জংঘলত সোমাল৷ গাঁওখনৰ পৰা কিছুদূৰত কপিলীৰ পাৰৰ
এটুকুৰা ঠাই লক্ষণসিঙৰ পছন্দ হ’ল৷ ক’ত শুব, ক’ত বহিব,
ক’ত
জুই ধৰিব আদি ঠাইবোৰ চাই লোৱাৰ পাছত সকলোৱে ঠাই টুকুৰা পছন্দ কৰিলে৷ ঠাইখিনি এডাল
হিজল গছৰ তলত৷ ওচৰতে উলুখেৰ কিছুমানো আছে৷ তেমেকাই ক’লে– “ইয়াতে উলুখেৰ আছেই৷
কাইলৈ আমি চালি এখন সাজি দিম৷”
“হ’ব৷ কাইলৈ
বাঁহ লৈ আিহবি৷”
তেমেকাই
লক্ষণসিঙৰ লগত আলোচনা কৰি ঠিক কৰিলে দিনৰ ভাত চাংবৰে ইয়াতে ৰান্ধিব৷ ৰাতিৰ ভাত
তেমেকাহঁতে দি যাব৷
কলিমনে কেঁকাবলৈ
ধৰা দেখি তেমেকাই কপালখন চুই গম পালে তাৰ প্ৰচণ্ড জ্বৰ উঠিছে৷ চাংবৰে তাৰ ঘাটো
খুলি চালে৷ তাৰ ঘাটো বৰ বেয়াকৈ উখহি উঠিছে, ঔষধে কাম দিয়া
নাই৷ সি ক’লে– “ঔহ¸ধটো হলাব লাগিব৷”
তেমেকায়েও ঘাটো
চাই মাত দিলে– “ইচ, ঘাটো ইমান বেয়া হৈ গৈছে৷ চাংব’ কাকা কিবা এটা
ক’৷”
“এইটো গুলীৰ ঘা৷
ভালদএ ধুই আন এটা ঔহধ লগাই দিম৷”
চাংবৰ ঔষধ
বিচাৰি জংঘলত সোমাল৷
তেমেকাই
লক্ষণসিঙক ক’লে– “আপোনালোক বহক৷ আমি আপোনালোক’ বাবে ঢাঈ আউ কাপো’ আনিবলৈ যাং৷”
(অন্তিম পৰ্ব)
(এক)
তেমেকা
শিমলুগুৰি গাঁৱত থকা বাৰদিন পাৰ হৈ গ’ল৷ লক্ষণসিংহঁত থকা ঠাইখিনিৰ দৰকাৰী কামবোৰ
কৰা হৈ গৈছে৷ চালি এখন আৰু ইকৰাৰ বেৰাৰে এটা কোঠা সাজি দিয়াৰ কাম চাৰি দিনতে শেষ
কৰা হৈছিল৷ এতিয়া ৰাতি ৰাতি লক্ষণসিংহঁতক ভাত দিয়া আৰু মাজবড়িৰ বাৰিকা দেওবৰৰ লগত
যোগাযোগ কৰি খবৰ-বাতৰি সংগ্ৰহ কৰাৰ বাহিৰে তাৰ আন কাম নাই৷ নিজৰ গাঁওখনৰ মানুহবোৰ
কেনে আছে চাবৰ বাবেহে তাৰ বৰকৈ মন গৈছে৷ সি ফুটুকীক নেদেখা বহুদিন হ’ল৷ গোটেইখনত
চিপাহীৰ যি অত্যাচাৰ চলিছে মানুহবোৰ তাৰপৰা ৰক্ষা পাই আছে জানো? ভাবিলেই
তাৰ ভয় লাগি আহে৷ সি গাঁৱলৈ যাব লাগিব৷ সি লক্ষণসিঙৰ পৰা অনুমতি লৈ গাঁৱৰ পৰা এপাক
আহিবগৈ৷
তেমেকাই
ৰাতিপুৱা শুই উঠি এইবোৰ কথাকে চিন্তা কৰি আছে৷ বিশেষকৈ নিজৰ ঘৰখনৰ মানুহবোৰৰ আৰু
ফুটুকীৰ মুখখন মানসপটত ভাহি উঠিলেই দৌৰি গৈ গাঁৱত উপস্থিত হ’বলৈ তাৰ মন যায়৷
কিন্তু সি গ’লে কেৰ্পায়েও যাব বিচাৰিব৷ কিন্তু সিহঁত দুটা গুচি গ’লে লক্ষণসিংহঁতক
কোনে ৰাতি ভাত দিবগৈ? মাজবড়িলৈ গৈ কোনে খবৰ-বাতৰি আনিবগৈ? শিমলুগুৰিৰ
কোনোবাই ৰাতিৰ ভাত দিবলৈ যাব পাৰিলেও মাজবড়িৰ পৰা কোনে খবৰ সংগ্ৰহ কৰিব?
তেমেকাই কথাবোৰ
চিন্তা কৰি গ’ল৷ শেষত এটা উপায় তাৰ মনলৈ আহিল– এইক্ষেত্ৰত চাংবৰে সহায় কৰিব পাৰে৷
সিহঁত ঘূৰি নহালৈকে চাংবৰে মাজে মাজে গৈ খবৰবোৰ সংগ্ৰহ কৰি থাকিব পাৰিব৷ উপায় এটা
পোৱাত তেমেকাৰ মনত আনন্দ লাগিল৷ সি এতিয়াই
এপাক লক্ষণসিঙৰ কাষলৈ যাবলৈ মন কৰিলে৷ সি কেৰ্পাইক বিচাৰিলে৷ কেৰ্পাই বাৰীত থকা
বুলি গম পাই সি বাৰীলৈ গৈ দেখিলে কেৰ্পায়ে বাৰীত ওলকচু এটা খান্দি আছে৷ তেমেকা তাৰ
কাষ চাপি গ’ল আৰু ক’লে– “মই ঘঅ পআ আহিম বুলি ভাবিছং৷”
“ময়ো ঘঅলৈ যাম
বুলিয়েই ভাবি আছং৷ ঘঅলৈ বঅকে মনত পঈছে৷ তই গ’লে ময়ো যাম৷”
“তেন্তে আজি আমি
হেনাপতিক কৈ চাং৷ কি কয় চাংচোন৷ কিজানি দুয়োটাকে যাবা দিয়েই৷”
“হ’ব আিজ কথাটো
উলিয়াবি৷”
কেৰ্পাইৰ
চকু-মুখ উজ্জ্বল হৈ পৰিছে৷ তেমেকাই পুনৰ ক’লে– “আজি মানে এতিয়াই গৈ কৈ চাংগৈ ব’ল৷”
“অলপ অ৷ মই
কচুটো উলিয়াই লং৷”
ওলকচুটো খান্দি
উলিয়াই কেৰ্পায়ে ক’লে– “ব’ল এতিয়া৷”
তেমেকা আৰু
কেৰ্পাই লক্ষণসিঙৰ গুৰিলৈ খোজ ল’লে৷
কিছু সময়ৰ পাছতে
সিহঁত লক্ষণসিঙৰ কাষত উপস্থিত হ’ল৷ সিহঁতক দেখিয়েই তেওঁ মাত দিলে– “আজি দেখোন
অসময়ত ওলালাহি? কিবা খবৰ আছে নেকি?”
“বেলেগ খব’
নাই৷”– তেমেকাই মাত দিলে৷ “ঘঅলৈ ব’কে মনত পঈছে৷ আমি দুটা ঘঅ পআ এপাক গৈ আহং বুলি
ভাবিছং৷”
লক্ষণসিঙে অলপ
সময় তভক মাৰি চিন্তা কৰিলে৷ তাৰ পাছত ক’লে– “আমাৰ ভাত-পানী ৰান্ধি খোৱা ব্যৱস্থা
ইয়াতে হৈছেই৷ তোমালোকে ৰাতি ৰাতি ভাত দিবলৈ নাহিলেও হ’ব৷ আজি আিহব নালাগে৷ আমি
ইয়াতে ৰান্ধি খাম৷ আগতে চৰু-হাৰী নাছিল বাবে কথাটো বেলেগ আছিল৷ এতিয়া আমাক
চাউল-পাতৰ ব্যৱস্থা কৰি থৈ গ’লেই হ’ল৷ তৰকাৰি জংঘলতে বিচাৰি ল’ম৷ ঢেঁকীয়া কিছুমান
এই জংঘলত আছে৷ পচলা খাবলৈ কলগছো আছে৷ আৰু কিবাকিবি শাকো আছে৷ গতিকে চিন্তা নাই৷
মোক খবৰবোৰ আনি দিয়া মানুহ এটা লাগে৷ সেই কামটো চাংবৰে কৰিব পাৰিব৷ চাংবৰে এদিন
তোমালোকৰ লগত দেওবৰৰ ওচৰলৈ গৈছেও৷ গতিকে চিন্তা কৰিব নালাগে৷ তোমালোকে আজি আমাৰ
বাবে জা-যোগাৰ অলপ কৰি দি কালিলৈ যাব পাৰিবা৷”
“হ’ব তেন্তে,
আমি
দুমোনা চাউল আউ¸ হাক-পাচলি অলপ লৈ আহংগৈ৷”
তেমেকা আৰু
কেৰ্পায়ে আনন্দ মনেৰে নোমলৰ ঘৰলৈ খোজ ল’লে৷ সিহঁতে নোমলৰ ঘৰৰ পৰা এমোনা আৰু আন
এঘৰৰ পৰা এমোনা চাউল ল’লে৷ নোমলৰ বাৰীৰ পৰা কেৰ্পায়ে জলকীয়া অলপ ছিঙি নিমখৰ লগত
টোপোলা এটা কৰিলে৷ ওচৰৰ ঘৰৰ পৰা তেমেকাই
বেঙেনা অলপ আৰু কোমোৰা এটা ল’লে৷ কেৰ্পায়ে ল’লে অলপ আগতে খন্দা ওলকচুটোকো৷
চাউল আৰু
শাক-পাচলিবোৰ লৈ তেমেকা আৰু কেৰ্পাই লক্ষণসিঙৰ ওচৰত পুনৰ গৈ ওলাল৷ সিহঁতে বস্তুবোৰ
চমজাই দি বিদায় মাগি গুচি আহিল৷ আিহবৰ সময়ত তেমেকাই লক্ষণসিঙক এইটো কথাও কৈ আিহল
যে সিহঁতৰ অনুপস্থিতিত কেৰ্পাইৰ পোহায়েকে তেওঁলোকৰ খবৰ লৈ থাকিব৷
পিছদিনা
ৰাতিপুৱা সোনকালে উঠি তেমেকা আৰু কেৰ্পায়ে গা-পা ধুই ল’লে৷ পেহায়েক-পেহীয়েকক
কেৰ্পায়ে কালিয়েই সিহঁত আজি গাঁৱলৈ যোৱাৰ কথাটো কৈ থৈছিল৷ পেহীয়েকে সোনকালে উঠি
ভাত-তৰকাৰি ৰন্ধাৰ কাম আৰম্ভ কৰিছে৷ অলপ সময়ৰ পাছতে খাবৰ হ’বই কিজানি৷
ভাত হোৱাৰ লগে
লগে খাই তেমেকাহঁতে কাৱৈমাৰি গাঁৱলৈ যাত্ৰা আৰম্ভ কৰিলে৷ আগৰ দৰেই সিহঁতৰ হাতত
একোখনকৈ দা আৰু কান্ধত একোটাকৈ মোনা৷ মোনাত আছে অলপ অলপ চাউল-নিমখ-জলকীয়া আৰু
এটাকৈ ভাতৰ টোপোলা৷ সিহঁত খৰখোজেৰে যাবলৈ ধৰিলে৷ শিমলুগুৰিৰ পৰা কাৱৈমাৰিলৈ দিনটোৰ
বাট৷ তাতে এতিয়া দিনকাল ভাল নহয়৷ ক’ৰবাত কিবা কাৰণত ৰ’বলগীয়া হ’লে ঘৰ গৈ পোৱা ৰাতি
হৈ যাব৷
তেমেকাহঁতে
গাঁওবোৰ এৰাই চলি জংঘলৰ মাজেৰে গৈ থাকিল৷ চাপৰমুখৰ ওচৰ পোৱাৰ সময়তে সিহঁতে জংঘলৰ
মাজত মানুহৰ মাত শুনিলে৷ সিহঁতে কোন মানুহ জংঘলৰ আঁৰ লৈ চাই ধৰিব পাৰিলে এয়া
চিপাহীৰ ভয়ত পলাই অহা মানুহ৷ সিহঁত
মানুহবোৰৰ কাষ চাপি গ’ল৷ মানুহবোৰে দুপৰীয়াৰ ভাত ৰান্ধি আছে৷ এজন মানুহক তেমেকাই
সুধিলে–
“আপোনালোক কোন
গাঁৱৰ? কেতিয়া ইয়ালৈ আহিল?”
“আমি দীঘলী
আটীৰ৷ আমি পৰহি দিনাই গাঁও এৰিছোঁ৷ গাঁও এৰি আহি প্ৰথমতে এঠাইত থাকিলোঁ৷ যেতিয়া গম
পালোঁ যে মানুহ বিচাৰি চিপাহী এইফালৰ জংঘলতো সোমাব লৈছে৷ লগে লগে আঁতৰি আহি ইয়াতে
থাকিব লৈছোঁ৷ আপোনালোক কোন?”
“আমি হৈছং ধেৱা
বাঈকা৷”
“অ বুজিছোঁ
বুজিছোঁ৷ গাঁৱে গাঁৱে খবৰ দিয়া মানুহ৷”
“অ আমি মানুহক
খব’ দি ফুঅং৷”
“কিবা খবৰ আছে
নেকি?”
“এতিয়ালৈকে
এইফালে চিপাহী আহা নাই৷ কিন্তু হাৱধানে থাকিব৷ চিপাহী’ উমান ল’বলৈ কাউবাক আগ’ফালে
আখক৷ চিপাহী দেখিলেই তেতিয়া আপোনালোকক খব’ দিবা পাঈব৷ বস্তু-বাহানিবোঅ’ টোপোলা
কঈয়েই আখিব৷ যাতে খব’ পোৱা লগে লগে আঁতঈ যাবা পাএ৷”
“ঠিক কথা কৈছে৷
দুজনমানক অলপ দূৰত চোৰাংচোৱা হিচাপে ৰাখিব লাগিব৷”
“অ আখক আখক৷ বাউ
আমি যাং৷”
তেমেকাহঁতে খোজ
ল’লে৷ সিহঁত আহি আহি ডাঙৰ জলাহখনৰ কাষত হাজিৰ হ’ল৷ কাতি মাহ বাবে জলাহখনত পানী
বহুত কমিল আৰু ইয়াৰ আকাৰ আগতকৈ সৰু হৈ পৰিছে৷ কলং-কপিলীত পানী কমি গ’লেই ইয়ো
নিশকতীয়া হৈ আহে৷ এই জলাহৰ সিপাৰেই আছে সিহঁতৰ গাঁওখন৷ জলাহখনৰ পাৰে পাৰে গৈ সিহঁত
নিজৰ গাঁৱত ওলাব পাৰিব৷ কিন্তু জলাহখনৰ পাৰে পাৰে অটব্য অৰণ্য৷ এই অৰণ্যৰ মাজেৰেই
সিহঁত যাব লাগিব বিপদ-আপদক নেওচি৷
বেলিয়ে পশ্চিম
আকাশত ভৰি দিছে৷ ৰাতিপুৱা সোনকালে খোৱা সিহঁতৰ পেটৰ ভাত এতিয়ালৈ হজম হৈ পানী হৈ
গৈছে৷ কেৰ্পায়ে ক’লে– “ব’ ভোক লাগিছে৷ ইয়াতে ভাত খাই লং নাকি?”
“অ মঅ ভোক
লাগিছে৷ ভাত খাই লোৱাই ভাল হ’ব৷”
দুয়ো জলাহৰ পাৰত
বহি ভাত খালে৷ তাৰ পাছত সিহঁতৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ সিহঁত হাবি ফালি গৈ থাকিল৷
কিছুদূৰ যোৱাৰ
পাছতে সিহঁতে আৰু এদল মানুহক লগ পালে৷ দলটোত বাৰিকা কেতেং আছে৷ মানুহখিনিক তেমেকাই
চিনি পোৱা নাই৷ সি কেতেঙক সুধিলে– “ক’ মানুহ এইবো’?”
“ইয়াত কেবাখনো
গাঙ’ মানুহ আছে৷ মানুহবোএ এটা কথা গম পোৱাত ব’ দিগদা’ হৈছে৷ মই মানুহবোঅক বুজাইছং৷
যি হয় হ’ব এনেকুৱা পাপ কাম কঈবা নালাগে৷”
“কি কথা কচোন৷”
“আহ এইফালে আহ৷”
কেটেঙে
মানুহবোৰৰ পৰা তেমেকা আৰু কেৰ্পাইক আঁতৰাই নি ঘটনা এটাৰ কথা ক’লে৷ কেটেঙে যি ঘটনাৰ
কথা ক’লে সেইটো হ’ল– এটা মানুহৰ দল জংঘলৰ মাজত লুকাই আছিল৷ চিপাহী সিহঁতৰ কাষত
ঘূৰা-ফিৰা কৰা বুলি গম পাই মানুহবোৰে তাপ মাৰি আছিল৷ তেনেতে এটা কেঁচুৱাই জোৰেৰে
কান্দিবলৈ ধৰিলে৷ লগে লগে চিপাহীয়ে গম পালে সেইখিনি জংঘলত মানুহ থকা বুলি৷ চিপাহী
জংঘলৰ ভিতৰলৈ সোমাই আহিল আৰু দলটোত থকা বহু মানুহক ধৰিলে আৰু বহু গাভৰু-বোৱাৰীক
ধৰ্ষণ কৰিলে৷ বাধা দিবলৈ চেষ্টা কৰা দুজনমানক হেনো হত্যাও কৰি থৈ গ’ল৷ কথাটো
ইকাণে-সিকাণে আহি ইয়াতো পাইছেহি৷ কিছুমান ঠাইত হেনো মাকে গম নোপোৱাকৈ দলত থকা
মানুহে কেঁচুৱা মাৰি হাবিত পেলাই দিছে৷ এই দলটোতো কেইটামান কেঁচুৱা আছে৷ কেইজনমানে
কেঁচুৱাকেইটাক মাৰি পেলাব লাগে বুলি আলোচনা কৰিছে৷ নহ’লে বিপদ আহিব পাৰে বুলি
ভাবিছে৷ কথাটো জানি মাকবোৰ ভয়ত কঁপি আছে৷
কেটেঙৰ পৰা
কথাখিনি জানি তেমেকাৰ দুখ লাগিল৷ সি মানুহবোৰৰ মাজলৈ খোজ ল’লে৷ তাক দেখি তিৰোতা
মানুহকেইজনীমানে কান্দিবলৈ ধৰিলে৷ মানুহকেইজনী একেলগে বহি আছে৷ সি লক্ষ্য কৰি
দেখিলে তেওঁলোকৰ কোলাত একোটাকৈ কেঁচুৱা৷ তাক তেওঁলোকৰ ফালে যোৱা বাবে কেঁচুৱা
কাঢ়ি নি মাৰিব বুলি ভয় খাইছে৷ মানুহকেইজনীয়ে কেঁচুৱাবোৰ কাপোৰেৰে ঢাকি বুকুত
জোৰেৰে সাৱটি আছে৷ তেওঁলোকে ভয় খোৱা বুলি জানি তেমেকাই ক’লে– “ভয় খাবা নালাগে৷
আপোনালোক’ কেঁচুৱা’ একো নহয়৷”
তেমেকাই
মানুহবোৰক তাৰ কাষলৈ মাতিলে৷ সকলোবোৰ মানুহ তাৰ ওচৰ চাপি আহিল৷ সি মানুহবোৰক ক’বলৈ
ধৰিলে– “মই এটা কথা গম পাইছং৷ কেঁচুৱা’ বাবে এটা ডাঙ’ ঘটনা ঘটিছে৷ তা’পাছত
কিছুমানে কেঁচুৱা পআই বিপদ আহিব বুলি মাঈ পেলাইছে৷ ইয়াতো হেনো কোনোবা কোনোবাই
কেঁচুৱা মাঈবা লাগে বুলি কথা পাতিছে৷ আপোনালোকে এনেকুৱা পাপ কাম নকঈব৷ আপোনালোক
হাৱধানহে হক৷ পাঈলে আউ জংঘল’ ভিতঅলৈ যাওক৷ আউ মাকবোএ কেঁচুৱা কান্দিলে পিয়াহ খুৱাই
দিব, নহ’লে মুখত কাপোঅ হোপা দি মাতটো বেচি ওলাব নিদিব৷ তেনেকুৱা কঈলেই
হ’ল৷ কিন্তু দেৱহিহুবোঅক হত্যা কঈ মহাপাপ নকঈব৷ বুজিছে না?”
“বুজিছোঁ
বুজিছোঁ৷ আমি ইয়াত তেনেকুৱা কাম হ’ব নিদিওঁ৷– ৰাইজৰ মাজৰ পৰা বহুকেইজনে মাত দিলে৷
“মই কিন্তু কাকো
ক্ষমা নকৰিম৷”– এজন মানুহে খঙেৰে ক’লে৷ “মোৰ কেঁচুৱাক কোনোবাই মাৰিব খুজিলেই তাক
কাটি টুকুৰা-টুকুৰ কৰিম৷ ইমান ভয় কৰিছে যদি কেঁচুৱা নথকা পৰিয়ালকেইটা আমাৰ পৰা
আঁতৰি যাওক৷ কেঁচুৱা থকা পৰিয়ালকেইটা আিম একেলগে থাকিম৷”
“অ ঠিক কথা
কৈছে৷ কোনোবাই ভয় কৰিছে যদি আঁতৰি যাওক৷ আমি ভালেই পাম৷”– ৰাইজৰ মাজৰ পৰা
কেইবাজনেও মাত দিলে৷
তেমেকাই বুজিলে
এইকেইজন কেঁচুৱাবোৰৰ বাপেক আৰু পৰিয়ালৰ মানুহ৷ এই পৰিয়ালকেইটা এক হৈ পৰিছে৷ সি
ক’লে– “কেঁচুৱা থকা পৰিয়ালৰ মানুহে ঠিকেই কৈছে৷ কোনোবাই ভয় কৰিছে যদি আঁতৰি যাওক৷
তথাপি পাপ কাম নকৰিব৷”
তেমেকাই
মাতৃকেইজনীৰ ফালে চালে৷ মাতৃকেইগৰাকীৰ চকু-মুখ উজ্জ্বল হৈ পৰিছে৷ সি তেওঁলোকক
ক’লে– “আপোনালোকে ভয় কঈ নাথাকিব৷ আইজক মই বুজাইছং৷”
“অ বুজিছোঁ৷”–
মাতৃকেইগৰাকীৰ চকুত কৃতজ্ঞতাৰ দৃষ্টি৷
তেমেকাই ৰাইজলৈ
চাই পুনৰ ক’লে– “কঅবাত এটা ঘটনা ঘটিছে বুলিয়েই হকলোতে নঘটে৷ কপালত নাথাকিলে
কেঁচুৱা মাঈলেও হাঈব নোৱাঈব৷ আপোনালোক মাত্ৰ হাৱধান হওক৷ পাঈলে আউ অলপ জংঘল’
ভিতঅলৈ যাওক৷”
“ঠিকে কৈছে৷ আমি
জংঘলৰ আৰু ভিতৰলৈ গুচি যাম৷”
“ঠিকে আছে৷ আইজ
আমা দেঈ হৈছে৷ আিম এতিয়া গৈ থাকং৷”
তেমেকা আৰু
কেৰ্পায়ে ৰাইজৰ পৰা বিদায় লৈ খোজ ল’লে৷ এতিয়াও সিহঁতে ভালেখিনি বাট যাবলগা আছে৷
তেমেকাই এবাৰ বেলিটোলৈ চালে– বেলিটো পশ্চিম আকাশৰ মাজভাগ পাইছে৷ ডাঠ হাবিৰ বাবে
সিহঁতৰ আগ বঢ়াত অসুবিধা হৈছে৷ এতিয়াও সিহঁতে আগতে অহাযোৱা কৰা বাট পোৱা নাই৷
বেলি মাৰ যোৱাৰ
সময়ত সিহঁত কলং নদীৰ পাৰত উপস্থিত হ’ল৷ এইখিনিৰ পৰা সিহঁতৰ চিনাকি বাট৷ কিন্তু
সিহঁতে আগতে ব্যৱহাৰ কৰা বাটটোৰে নগৈ তাৰ কাষেৰে জংঘলৰ মাজেৰে আগ বাঢ়িল৷
আন্ধাৰ হোৱাৰ
লগে লগে তেমেকাই কেৰ্পাইক ক’লে– “এতিয়া আমি আমা’ বাটটোএ যাবা পাঈম৷ মই ধঈব পাঈছং
চিপাহী এইফালে নাই৷ থকাহেঁতেন ইমান হময়ে ঘূঈ আহিলেহেঁতেন৷ আতিলৈকে হিন্তে হাধাঅণতে
ভিতঅ ফালে নাথাকে৷ হিন্তক’ কোনোবাই আন্ধাঅ’ হুযোগ লৈ আক’মণ কঈব বুলি ভয় খায়৷
আন্ধাঅত আক’মণ কঈলে হিন্তে বিপদত পঈব৷ হেই বাবে আতি হিবিঅত হুমাই থাকে৷ ব’ল বাটত
উঠংগৈ৷”
দুয়ো আহি বাটটোত
উঠিল৷ কিছু সাৱধান হৈ আিহ আহি দুয়ো নিজৰ গাঁৱত উপস্থিত হ’ল৷
গাঁৱত উপস্থিত
হৈ তেমেকাই মন কৰিলে কাৰো ঘৰতে চাকি-বন্তী জ্বলা নাই৷ তাৰ গা চেবাবলৈ ধৰিলে–
সিহঁতৰ গাঁৱৰ মানুহবোৰেও গাঁও এৰি যোৱা নাইতো? সি কেৰ্পাইক
ক’লে– “কি হ’ল ঐ/ কাউ ঘঅতে চাকি-বন্তী নাই৷ মানুহবো’ নাই নাকি?”
“নাই যেনেই
পাইছং৷”
কেৰ্পাইহঁতৰ ঘৰ
পাই দুয়ো সোমাই গ’ল৷ ঘৰৰ কুকুৰটোৱে কেওমেও কৰি কেৰ্পাইৰ কাষ চাপিল৷ সি বহুদিনৰ
পাছত কেৰ্পাইক পাই বৰ আনন্দ পাইছে৷ সি জাঁপ মাৰি মাৰি কেৰ্পাইৰ গাত উঠিব খুজিছে৷
উপায় নাপাই কেৰ্পায়ে তাক সাৱটি ধৰি অলপ সময় মৰম কৰাৰ পাছতহে সি শান্ত হ’ল৷
কেৰ্পাইহঁতৰ
ঘৰখন নিমাওমাও৷ কেৰ্পায়ে কোনো নাই বুলি অনুভৱ কৰিও দুবাৰমান মাকক মাতি চালে৷ নাই,
সি
কাৰোৰে সহাঁৰি নাপালে৷ সি ‘ম’ ঘঅ মানুহখিনি’ কি হ’ল অ’ বুলি চকুপানী টুকিবলৈ
ধৰিলে৷ তেমেকাই কেৰ্পাইক ক’লে– “নাকান্দিবি বুইছ, ইয়া পআ আঁতঈ গৈ
যদি ভালে-কুশলে আছে ভালএ কথা৷ গাংখনত কোনো নাই৷ আমা’ ঘঅ মানুহো নাই চাগে’৷ ব’ল
আমা’ ঘঅলৈ যাং৷”
কেৰ্পাইৰ ঘৰখনৰ
দুৱাৰবোৰ মাৰি থোৱা আছে৷ তথাপি দুৱাৰ খুলি সি ঘৰৰ ভিতৰত এপাক মাৰি পুনৰ দুৱাৰ
মাৰিলে৷ তাৰপাছত সি ক’লে– “ব’ল এতিয়া তন্ত’ ঘঅলৈ যাং৷”
দুয়ো খোজ দি
বাটত উঠিল৷ কেৰ্পাইহঁতৰ কুকুৰটো সিহঁতৰ লগে লগে আিহ থাকিল৷
নিজৰ ঘৰত উঠি
তেমেকাই দেখিলে ঘৰখনত কোনো মানুহ নাই৷ এটাও মানুহ নাপাই তেমেকাৰ মনতো বৰ দুখ
লাগিল৷ কিন্তু কেৰ্পাইক নাকান্দিবলৈ বুজোৱা মানুহটোৱে বাৰু কান্দে কেনেকৈ? তাৰ
চকুলো ওলাই আহিল৷ আন্ধাৰত নি(য় তাৰ কান্দোনমুৱা মুখখন আৰু চকুলো কেৰ্পায়ে দেখা
নাই৷ সি চকুলো মচি কেৰ্পাইক ক’লে– “কেপাই, আমা গাঙ’ মানুহবো’ কোনোবা ফালে গুচি
গ’ল৷ ব’ বেয়া কথা হ’ল৷ কোনফালে বিচাঈ যাম৷ কোনে বা আমাক হিন্ত’ খব’ দিবা পাঈব৷”
“নাজানং৷ মই একো
নাজানং৷ আমা’ ইমান ধুনীয়া গাংখন নষ্ট হৈ গ’ল৷”
“হয় অ কেপাই৷
ইমান ধুনীয়া আমা’ গাংখনক এঈ গুচি যাবালাগা হ’ল৷”
তেমেকাই দুৱাৰ
খুলি আন্ধাৰতে কোঠাবোৰত সোমাই চালে৷ সি যেন ঘৰৰ ভিতৰত মাক-বাপেক, ভায়েক-ভনীয়েকক
লগেই পাব৷ সি বাহিৰলৈ ওলাই আহি কেৰ্পাইক ক’লে– “ক’তো মানুহ নাই৷ সকলোবোৰ কঅবালৈ
গুচি গ’ল৷ বিপদ’ দিন৷ দুখ কঈ লাভ নাই৷ আিম কালি-পঅহিলৈ মানুহবোঅক বিচাঈ যাম৷ এতিয়া
জুই জ্বলোৱা ব্যৱস্থাহে ক’৷”
লগত জুই
জ্বলাবলৈ জুইশলা এটাও নাই৷ ঘৰৰ ভিতৰত আছে নে নাই চাবলৈকো পোহৰ নাই৷ কেৰ্পায়ে
বাঁহনিলৈ গৈ এডাল লেকেচি কাটি আনি তমাল তুলিলে৷ তেমেকাই এটুকুৰা বাঁহ ফালি এটা
ফুটা কৰিলে৷ কেৰ্পায়ে তাতে তমাল এডালেৰে ঘঁহি ঘঁহি জুই উলিয়ালে৷ শুকান খেৰ অলপ
তেমেকাই আিন থৈছিলেই৷ তমাল ঘঁহি উলিওৱা জুই খেৰত জ্বলোৱা হ’ল৷ তাৰ পাছত সেই জুই
কাঠখৰিত দিয়া হ’ল৷ কাঠখৰিখিনি দপদপকৈ জ্বলাৰ পাছত তেমেকাৰ জুইৰ চিন্তা আঁতৰ হ’ল৷
এটুকুৰা শুকান বাঁহ ফালি সি এটা জোঁৰ সাজিলে আৰু সেইটো জোঁৰ লৈ সি পাকঘৰৰ ভিতৰত
সোমাল৷
জোঁৰৰ পোহৰত
তেমেকাই দেখিলে পাকঘৰৰ প্ৰায় সকলোবোৰ বস্তুৱেই আছে৷ দুটা চৰু ধুই থোৱা আছে৷ কাঠৰ
থাল এখন আৰু হেতা এখনো আছে৷ এটা চৰুত সম্পূৰ্ণকৈ চাউল আছে আৰু নিমখ-জলকীয়াও অলপ
আছে৷ আদা-নহৰুও আছে৷ ধোঁৱাচাঙত ওলোমাই থোৱা খালৈটো নমাই আনি তেমেকাই চাই দেখিলে
শুকানমাছ ভালেমান আছে৷ জলকীয়াকেইটা কেঁচা হৈ থকা দেখি এদিনমান আগতেহে মানুহবোৰে
গাঁও এৰি যোৱা বুলি তেমেকাৰ ধাৰণা হ’ল৷ সি এটা জুইশলাও পালে৷ তাৰ বাবে এইটো বৰ
দৰকাৰী বস্তু৷ সি জুইশলাটোৰে এটা মাটিচাকি জ্বলালে আৰু ঘৰৰ বাহিৰলৈ ওলাই আহিল৷ সি
কেৰ্পাইক ক’লে– “পাকঘঅত চাউল-পাত আছে৷ আিম ভাত আন্ধি খাবা পাঈম৷ মই কিবাকে ঘ’ আহি
ওলাম বুলি ভাবি ভাত আন্ধি খাব পআকৈ বস্তু থৈ গৈছে যেন পাং৷”
“হ’বা পাএ৷ আমা’
ঘঅতো বস্তু বিচাঈলে পাম নি(য়৷”
“অ পাবি৷ এতিয়া
আমি ভাত আন্ধিবাকে লাগি যাং৷ দেঈ নকঅং৷ ভাগ’ও লাগিছে৷ ভাত খাম আউ হুই থাকিম৷”
তেমেকা আৰু
কেৰ্পাই ভাত ৰন্ধাৰ কামত লাগি গ’ল৷ তেমেকাই চৌকাত জুই ধৰিলে৷ তাৰপাছত নাদৰ পৰা
পানী তুলি আনি চৰুত ঢালি চাউল সিজোৱা কামত লাগিল৷ কেৰ্পায়ে বাৰীলৈ গৈ অলপ কলপাত
কাটি আনিলে আৰু ভাত খাব পৰাৰ জোখত কাটিলে৷
ভাত হোৱাৰ পাছতে
তেমেকাই খালৈটোৰ পৰা শুকান চেনাফলা শ’লমাছ উলিয়াই পুৰিবলৈ ধৰিলে৷ কেৰ্পাইক সি
ক’লে– “এই আতিখন বেলেগ একো নকঅং৷ নিমখ-জলকীয়া আছেই৷ শুকানমাছ পুঈছং৷ ইয়াএ ভাত খাই
হুই থাকিম৷”
“আজি ইয়াকে খাই
হুই থকাই ভাল৷ কালিলৈ বেলেগ ব্যৱস্থা কঈবা পাআ যাব৷”
“তই কলহ এটা ল৷
আউ নাদ’ পআ পানী আন৷”
কলহ এটা লৈ
কেৰ্পাই নাদৰ পৰা পানী আিনবলৈ গ’ল৷ সি পানী অনাৰ পাছতে তেমেকাই দুখন কলপাতত ভাত
বাঢ়িবলৈ ধৰিলে৷ কেৰ্পায়ে দুটা চুঙাত পানী ঢলাৰ পাছতে ভাতৰ পাতৰ একাষে নিমখ-জলকীয়া
আৰু পোৰামাছ লৈ দুয়ো ভাত খাবলৈ আৰম্ভ কৰিলে৷
ভাত খোৱাৰ পাছতে
তেমেকাই কেৰ্পাইহঁতৰ কুকুৰটোক ভাত দিলে৷ তাৰপাছত সি গোহালিটোলৈ গৈ দেখিলে সিহঁতৰ
গৰুকেইটা ঘাঁহ পাগুলি পাগুলি শুই আছে৷ এতিয়া সিহঁতৰ গৰাকী নাই৷ তথাপি সিহঁতে
অভ্যাস অনুসৰি নিজৰ গোহালিটোলৈ ঘূৰি আহি শুই আছে৷ সি গৰুকেইটাৰ গাত হাত ফুৰাই মৰম
কৰিলে৷ গোহালিটোৰ পৰা আহি মুৰ্গী গঁৰালটোলৈ চাই সি দেখিলে মুৰ্গীকেইটা গঁৰালটোৰ
ওপৰত উঠি আছে৷ তাৰ অনুমান হ’ল মানুহবোৰে গুচি যোৱাৰ সময়ত সকলোবোৰ পুহনীয়া
জীৱ-জন্তুকে মুকলি কৰি থৈ গৈছে৷
ৰাতি ভালেখিনি
হ’ল৷
তেমেকা আৰু
কেৰ্পায়ে একেখন ঢাৰিতে শুই থাকিল৷
গাঁৱৰ মানুহবোৰৰ
কথা চিন্তা কৰি কৰি এটা সময়ত দুয়ো টোপনি গ’ল৷
মাজৰাতি মানুহৰ
মাত শুনি তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সি কাণ উনাই ৰ’ল৷ দুটামান মানুহে নিচিন্ত
মনেৰে কথা পাতিছে৷ মাতকেইটা কেৰ্পাইৰ চিনাকি যেন লাগিল৷ হয় হয়, এইকেইটা
গাঁৱৰে মদন, গুপেশ্বৰ আৰু হাবাঙৰ মাত৷ ঘৰখনত কোনো মানুহ নাই
বুলি ভাবি হয়তো সিহঁতে নিচিন্তভাৱে কথাবোৰ কৈছে৷ সিহঁতৰ কথাৰ পৰা তেমেকাই ধৰিব
পাৰিলে সিহঁতে ধান চুৰ কৰি নিবলৈ আহিছে৷
মদনে কৈছে–
“ইন্তে বহুত ধান পায়৷ এই হুযোগতে আমি অলপ অলপ ধান ঘঅত নি থ’বা লাগিব৷”
“ঠিকেই৷”–
হাবাঙে উত্তৰ দিছে৷ “আমি ভাত খাবা নাপাং৷ কিন্তু ইন্তে গ’টেই বছ’ আআমেএ ভাত খাবা
পায়৷ ব’ল ভআলত উঠ৷”
ভঁৰাল ঘৰটোৰ
দুৱাৰ খোলাৰ শব্দ শুনা গ’ল৷ তেমেকাই কেৰ্পাইক হেঁচুকি টোপনিৰ পৰা উঠালে৷ সি
ফুচফুচাই কেৰ্পাইক ক’লে– “আমা’ ইয়া কানিয়াকেইটাই ধান চু’ কঈবা আহিছে৷”
“ব’ল ধঅংগৈ৷”
“ধঈম, অলপ
হময় অচোন৷”
ভাহি অহা শব্দৰ
পৰা এজনে পাচিৰে ধান নমাই দিয়া আৰু আন দুজনে ধান বস্তাত ভৰোৱা বুলি তেমেকাই অনুমান
কৰিলে৷ তেমেকাই কেৰ্পাইক উঠিবলৈ হাতেৰে ইংগিত দি দুৱাৰখন লাহেকৈ খুলি আহি ভঁৰাল
ঘৰৰ মুখত থিয় দিলে৷ তেমেকাই মাত দিলে– “মদন দাদা, হাবাং দাদা আউ
গুপেশ্ব’ কাকা/ আহ ভঁআল ঘঅ পআ ওলাই আহ৷ পলাবলৈ খুজিলে কাটিম৷”
তিনিওজনক নাম দি
মতাত সিহঁত একে ঠাইতে থৰ লাগিল৷ তেমেকাৰ কথাত সিহঁত ভয় খালে আৰু চোতাললৈ আহি
তেমেকাৰ সন্মুখত হাজিৰ হ’ল৷ তেমেকাই পুনৰ ক’বলৈ ধৰিলে– “আমি বছ’টো কাউ ওচঅত হাত
নাপাতাকে ভাত খাবা পাঅং বাবে হিংখা লাগিছে না? তন্তেনো কিয়া
খাবা নাপাৱ এবা’ ভাবি চাইছ’ না? কিয়া খাবা নাপাৱ? তন্তে
হদায় কানি খাৱ, খেতি-বাতি ভালদএ নকঅ৷ খেতি-বাতি ভালদএ নকঈলে
কেনেকে খাবা পাবি?”
মদন, গুপেশ্বৰ
আৰু হাবাঙে একো নকৈ তলমূৰকৈ থাকিল৷ তেমেকাই সিহঁতক সুধিলে– “এনেকুৱা কাম পিছলৈ
কঈবি নাকি?”
“নকঅং বাপু৷”–
তিনিওটাই মাত দিলে৷ “ঘঅত চাউল নাছিল বাবেহে চু’ কঈবা আিহছিলং৷ নহ’লে নাহং৷”
“ঘঅত চাউল নাই?
ঘঅ
মানুহবো’ ক’ত গ’ল?”
“ক’ত গ’ল,
গমেই
নাপালং৷ আিম জংঘল’ মাজত কানি খাই থাকংতে গাঙ’ মানুহ’ লগতে কোনফালে গ’ল ক’বাই
নোৱাঈলং৷”
“মানুহবো’
কেতিয়া গ’ল?”
“পঅহি দিনা
গৈছে৷”
“আউ তন্তে বিচাঈ
নগৈ ইয়াতে থাকি ধান চুঈ কঈ ফুঈছ৷ কালিলৈ মই তন্ত ঘঅলৈ গৈ চাম ধান আছে না নাই৷
এতিয়া যাগৈ৷”
মদনহঁতে হয়তো বৰ
ভাল পালে৷ সি যাবলৈ দিয়াৰ লগে লগে সিহঁত সুৰসুৰকৈ গুচি গ’ল৷
তেমেকাই ভঁৰালৰ
দুৱাৰ মাৰি ভালদৰে বান্ধিলে যাতে খুলিব নোৱাৰে৷ এই বান্ধ কাটিহে খুলিব লাগিব৷
তেমেকাই
কেৰ্পাইক ক’লে– “দেখিলি না? কেনেকে চু’ কঈবা আহিছে? ইন্তে
দিনত জংঘল’ মাজ’ কানিখেতিত, নহ’লে কোনোবা ঠাইত বহি কানি খাই
থাকেগৈ৷ আতি গাঙ’লৈ আহি ধান-চাউল, বস্তু-বাহানি চু’ কএ৷ ভাত খাবা নাপাই
চু’ কঈবলৈ আহা বুলি কৈছে৷ কালিলৈ গৈ চামগৈ হিন্ত’ ঘঅত ধান আছে না নাই৷ ইয়া পআ গুচি
যোৱা কথাটো চাগে’ গাঙ’ মানুহে আলচ কঈছিল৷ ইন্তে গমেই নাপালে৷ ঘঅ মানুহখিনিয়েও এঈ
থৈ গ’ল৷ না চব জানিও ইন্তে চু’ কঈবা মনেএ থাকি গ’ল নাকি? এনেও এইকেইটা
আগএ পআ চোএই৷ আগতেও ইন্তে চু’ কএ বুলি মই ধঈবা পাঈছিলং৷”
“হ’বা পাএ৷ এই
কানিয়াবোঅ কথা ধঈব নোৱাঈ৷ ইন্তে চু’ কআ ধান বেচি কানি কিনা’ ধান্দাও কঈবা পাএ৷
কালি গৈ চামগৈচোন ইন্তে হঁচা কৈছে না মিছা কৈছে৷”
কথা সামৰি
তেমেকাহঁত ঘৰৰ ভিতৰলৈ আিহল আৰু পুনৰ বিছনাত শুই পৰিল৷
ৰাতিপুৱা শুই
উঠি তেমেকাই মুখ-হাত ধুই চাহপাতৰ চুঙাটোত চাহপাত আছে নে নাই চালে৷ অলপমান চাহপাত
থকা দেখি তাৰে অলপ লৈ চাহ কৰি সি কেৰ্পাইক বাৰাণ্ডালৈ মাতিলে আৰু তাতে বহি চাহ
খাবলৈ ধৰিলে৷ তেমেকাই ক’লে– “চাহ খাই এই কানিয়াকেইটা’ ঘঅলৈ যাম৷”
“অ চাই আহিমগৈ
হিন্ত ঘঅত ধান আছে না নাই৷”
চাহ খাই উঠি
তেমেকা আৰু কেৰ্পাই মদনৰ ঘৰলৈ খোজ ল’লে৷ সিহঁতে তাৰ ঘৰ পাই দেখে দুৱাৰবোৰ মৰা আছে৷
তেমেকাই মাত দিয়াতো মানুহটোৰ মাত নাপালে৷ সি চাগে’ ঘৰত নাই৷ আজি তাৰ ঘৰত ধান আছে
নে নাই সিহঁতে চাবলৈ আিহব বুলি জানিয়েই সি ৰাতিপুৱাই ঘৰ এৰি ক’ৰবালৈ গৈছে বুলি
তেমেকাৰ অনুমান হ’ল৷ তাৰ মনত সন্দেহ জাগিল মদনৰ ঘৰত ধান থাকিব পাৰে বুলি৷ সি
কেৰ্পাইৰ লগত দুৱাৰ খুলি ঘৰৰ ভিতৰত সোমাল৷ সিহঁতে দেখিলে এটা কোঠাত ভালেখিনি ধান
গোটাই থোৱা আছে৷ ধানবোৰ সানমিহলি৷ সানমিহলি ধান যেতিয়া এইবোৰ চুৰ কৰা ধানেই হ’ব৷
চুৰ কৰিবলৈকে ইহঁতে গাঁৱৰ মানুহবোৰৰ লগত যোৱা নাই৷
তেমেকাহঁতে
গুপেশ্বৰ আৰু হাবাঙৰ ঘৰলৈকো গৈ চালে৷ সিহঁতৰ ঘৰতো চুৰ কৰা ধান জমা কৰি থোৱা
তেমেকাহঁতে দেখিলে৷ তেমেকাই এইবাৰ ক’লে– “আমা গাঙত আউ দুটা ঘো’ কানিয়া আছে৷ হেই
দুটা’ ঘঅতো চাংগৈ ব’লচোন৷’
দুয়ো সেই দুটা
কানিয়াৰ ঘৰত ওলালগৈ৷ এই দুটা কানিয়াও ঘৰত নাই৷ সিহঁতৰ ঘৰত সোমাই তেমেকাহঁতে একে
দৃশ্যই দেখিলে৷ তেমেকাই ধৰিব পাৰিলে– তাৰমানে এই দুটা কানিয়াও গাঁৱৰ মানুহৰ লগত যোৱা
নাই৷ ইহঁতে নি(য় আলোচনা কৰিয়েই চুৰ কৰিবলৈকে ইয়াত ৰৈ গৈছে৷ এতিয়া দুভাগ হৈ গাঁৱৰ
মানুহৰ ঘৰে ঘৰে গৈ ধান চুৰ কৰিবলৈ লৈছে৷ কোনোবাই যদি কাহৰ বাচন-বৰ্তন এৰি গৈছে
তাকো ইহঁতে নি ক’ৰবাত লুকুৱাই থৈছেগৈ চাগে’৷
তেমেকা আৰু
কেৰ্পাই উভতি খোজ ল’লে৷ সিহঁতৰ ভোকো লাগিছে৷ তিনিসাঁজ ভাত খোৱা তেমেকাহঁতৰ
ৰাতিপুৱাৰ সাঁজটো দেৰিয়েই হৈছে৷ ঘৰ আহি পায়েই তেমেকাহঁত ভাত ৰন্ধাৰ কামত ব্যস্ত হৈ
পৰিল৷ কেৰ্পায়ে বাৰীত সোমাই বেঙেনা কেইটামান আৰু ভোল কেইটামান লৈ আনিলে৷ তেমেকাই
ভোলৰ লগত শুকানমাছ দি সৰহকৈ এখন তৰকাৰি ৰান্ধিলে যাতে ৰাতিও ইয়াৰে ভাত খাব পাৰি৷
কেৰ্পায়ে বেঙেনা পুৰি পিটিকা কৰিলে৷ তাৰ পাছতে দুয়ো ভাত খাবলৈ বহিল৷ ভাত খাই খাই
তেমেকাই কেৰ্পাইক ক’লে– “ভাগ্য ভাল, আমি আহা আগতে আমা’ ঘঅত চু’ নহ’ল৷ নহ’লে
একো বস্তুয়েই নাথাকিলেহেঁতেন৷”
“হয় দেই,
এফালে
চিপাহী অত্যাচা’ আনফালে চোঅ উৎপাত৷ জগতখন হেখ হ’ল৷ ধঅম-মঅম বোলা বস্তুবো’ নাইকিয়া
হ’ল৷”
ভাত খাই উঠিয়েই
তেমেকাই কেৰ্পাইক বাৰীলৈ যাবলৈ বুলি লগ ধৰিলে৷ বাৰীত সোমাই দুয়ো কাঠ আলু খান্দিবলৈ
লাগি গ’ল৷ দুডাল লতাৰ পৰা দয়ো দুটা ডাঙৰ ডাঙৰ কাঠ আলু খান্দি উলিয়ালে৷ তেমেকাই
ক’লে– “দুপঈয়ালৈ ইয়াকে উহোৱাই খাম৷ ভাত নাআন্ধং৷”
“হ’ব, ইয়াকে
খালেই হ’ল৷”
বাৰীখনত কাঠআলু
ভালেখিনি আছে৷ তেমেকাই চিন্তা কৰিলে চাউল কম আছে যেতিয়া দুপৰীয়া ইয়াকে খাই থকাই
ভাল৷ কাঠ আলু দুটা নাদৰ পাৰলৈ আনি ভালদৰে ধুই ঘৰৰ ভিতৰত থোৱাৰ পাছতে কেৰ্পায়ে
ক’লে– “আমা’ ঘঅতো চাউল আউ শুকান মাছ থাকিবা পাএ৷ ব’লচোন চাংগৈ৷”
কেৰ্পাইৰ পিছে
পিছে গৈ তেমেকা তাৰ ঘৰত ওলাল৷ দুয়ো পাকঘৰত সোমাই দেখিলে চাউল অলপো নাই৷ পাকঘৰটোত
বস্তু-বাহানি নায়েই বুলিব পাৰি৷ চব বস্তু লুটি নিয়া হৈছে৷ কেৰ্পায়ে খঙৰে ক’লে– “এই
কানিয়াকেইটাই চব বস্তু লৈ গৈছে৷ আমি হিন্ত’ ঘঅ পআ বস্তুবো’ আনিবা লাগিব৷ ব’ল
এতিয়াই কানিয়াকেইটা’ ঘঅলৈ যাং৷ হেইবো’ আমাহে বস্তু৷ হিন্তে দিনত নাথাকে৷ আতি আহে৷
আমি এতিয়া ইয়াত থাকা বুলি জানি আতিও নাহিব৷ হিন্তক চাই থাকিলে নহ’ব৷ হিন্তে নিব,
আমি
চাই থাকিম নাকি? ব’ল হিন্ত’ ঘঅ পআ বেলেগ নহ’লেও চাউল আনংগৈ৷”
তেমেকাই ভাবিলে–
কেৰ্পায়ে ঠিকেই কৈছে৷
দুয়ো গুপেশ্বৰৰ
ঘৰলৈ খোজ ল’লে৷
গুপেশ্বৰৰ ঘৰত
সোমাই সিহঁতে দেখিলে তাৰ চাউল ৰখা দুটা ডাঙৰ কলহ পূৰ হৈ আছে৷ ৰাতি সি কোৱা মতে যদি
খাবলৈ নাপায়হে চুৰ কৰিব লৈছে তেন্তে এইবোৰ চাউল ক’ৰ পৰা আিহল? এটা
কলহৰ চাউল এখন কাপোৰত টোপোলা কৰি কেৰ্পায়ে ক’লে– “ব’ল, এইখিনি তন্ত ঘঅত
থৈ মদন’ ঘঅলৈ আহিম৷ তা ঘঅতো চাউল পাম৷”
গুপেশ্বৰৰ ঘৰৰ
পৰা আহি তেমেকাৰ ঘৰত চাউলখিনি থৈয়েই কেৰ্পায়ে ক’লে– “ব’ল, মদনৰ ঘঅলৈ৷”
তেমেকাতকৈ জোৰে
খোজ দি কেৰ্পাই আগ বাঢ়ি গ’ল৷ কেৰ্পাইৰ খোজতে ধৰিব পাৰি তাৰ বৰ বেয়াকৈ খং উঠিছে৷
দুয়ো মদনৰ ঘৰত উপস্থিত হ’ল৷ তাৰ পাকঘৰলৈ গৈ দেখিলে চাউল উভৈনদী হৈ আছে৷ কেৰ্পায়ে
একলহ চাউল কাপোৰত বান্ধি কান্ধত লৈ তেমেকাক ক’লে– “ব’ল, ইয়া’ পাছত
হাবাঙ’ ঘঅলৈ যাম৷”
তেমেকাই আপত্তি
কৰিলে– “হৈছে আউ৷ ইমান চাউল গোটাই কি কঈম? আমি দুটাই কিমাননো খাম৷ আমা’ ঘঅতো চাউল
আছে৷ তাতে কেইদিননো ইয়াত থাকিম? হ’ব দে এইখিনি ল৷ আউ নালাগে৷”
চাউলখিনি লৈ
তেমেকাহঁত ঘৰ পালেহি৷
তেমেকাই কাঠআলু
এটাৰ বাকলি গুচাই টুকুৰা-টুকুৰ কৰি উহোৱাবলৈ ধৰিলে৷ দুপৰীয়া ইয়াকে খাবলৈ ঠিক কৰা
হৈছে৷
উহোৱা কাঠআলু
খাই খাই তেমেকা আৰু কেৰ্পায়ে কথা পাতিবলৈ ধৰিলে৷ তেমেকাই কেৰ্পাইক সুধিলে– “আমা’
এই কানিয়াকেইটাই আইজ’ মেলত গৈছিল না?”
“প্ৰথমদিনা মই
মেলত দেখিছিলং৷ তা’পাছত গৈছিল না নাই নাজানং৷”
“কানিখেতি কঈবা
পোৱা আখাত গৈছিল চাগে’৷ হয়তো তাকো এদিন গৈয়ে এলাহতে বাদ দিলে৷ আনফাল’ বহুত
কানিয়াকো মেললৈ আহা দেখিছিলং৷ দূৰত বহি কানি খাই থাকা দেখিয়েই ধঈব পাঈ৷ কিন্তু
হেখ’ দিনা ইমান কানিয়া দেখা নাছিলং৷ হিন্ত’ চাগে’ এলাহ লাগিল৷”
“তেনেকুৱাই হ’ব৷
কানিৰ খলাত বহিলে এইবো’ মানুহে চব পাহঈ যায়৷”
হাতৰ আলু খাই
শেষ নহওঁতেই তেমেকাহঁতে নাতিদূৰত ঘোঁৰাৰ খোজৰ শব্দ শুনিলে৷ সিহঁতে ধৰিব পাৰিলে এয়া
চিপাহী আহিছে৷ তেমেকাই লগে লগে ঘৰৰ দুৱাৰ বন্ধ কৰি কেৰ্পাইক ক’লে– “চিপাহী আহিছে৷
ব’ল বাৰীৰ ভিতৰলৈ৷”
সিহঁত খাই থকা
আলু হাতত লৈয়েই বাৰীত সোমাল৷ তাৰপাছত বাৰীৰ পাছফালৰে গৈ জাৰণিত সোমালগৈ৷ এই জাৰণিৰ
মাজেৰে গৈ গভীৰ জংঘলৰ মাজত সোমাই পৰিব পাৰি৷ জাৰণিৰ মাজৰ পৰা সিহঁতে চিপাহীবোৰক
লক্ষ্য কৰি থাকিল৷ চিপাহীবোৰে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে প্ৰৱেশ কৰি দুৱাৰ খুলি
ভিতৰত সোমাইছে৷ তাৰপাছত বাটত লগ হৈ কথা পাতিছে৷ কেৰ্পায়ে তেমেকাক ফুচফুচাই সুধিলে–
“মানুহ নোহোৱা ঘঅত হোমাই ইন্তে কি বিচাঈছে?”
“গাংখনত মানুহ
নাই বুলি ইন্তে ধঈবা পাঈছে৷ কিন্তু কাউবা’ ঘঅত কিবা মূল্যৱান বস্তু পায় নেকি বুলি
ঘএ ঘএ হোমাই বিচাঈছে৷ ইন্তে এইফালে আহিল যেতিয়া মানুহ নাপালেও ধন-টকা-পইচা পায়
নাকি তাকে চাইছে৷”
“তা’মানে ইন্তেও
চুঈ-ডকাইতি কএ৷”
“অ কএ৷”
চিপাহীবোৰ এটা
সময়ত গুচি গ’ল৷
তেমেকাহঁত
জাৰণিৰ মাজৰ পৰা ওলাই নাহিল৷ তেমেকাৰ মনত সন্দেহ জাগিল ঠিক নাই চিপাহীবোৰ পুনৰ
ঘূৰি আহিব পাৰে৷ সিহঁতৰ ঘৰত চৰুত ৰাতিপুৱা ৰন্ধা ভাত-তৰকাৰি আছে৷ যদিহে সেইবোৰ
দেখিছে তেন্তে মানুহ ওচৰে-পাজৰে থকা বুলি সন্দেহ কৰিব পাৰে৷ সি কেৰ্পাইক ক’লে–
“কিছু হময় ইয়াতে বহি থাক৷ ক’ব নোৱাঈ৷ চিপাহী আক’ আিহবা পাএ৷”
দুয়ো মনে মনে
বহি থাকিল৷
কেৰ্পায়ে হঠাতে
তেমেকাক সুধিলে– “আমা’ ইয়া’ পআ যোৱা হৈনিকবোঅ’ কাউবা’ কিবা হৈছে নাকি?”
“কাউবা’ কিবা
হোৱা বুলি হুনা নাই৷ মই যুদ্ধ হময়ত বলোআম আউ বাপুকণক লগ পাহি×ছলং৷
হিন্তক হুধিছিলং৷ হিন্তেও একো গম নোপোৱা বুলি ক’লে৷ আমা’ গাঙ’ পআ আইজ মেললৈ
যোৱাকেইজন’ও একো হোৱা নাই বুলি খব’ পাইছং৷ ফুটুকীক ধঈ নিবা খোজাটোঅহে বাহুত গুলী
লাগিছে বুলি হুনিছিলং৷”
“গঐমাঈ’ হেই
গেলাই বোলাটো?”
“অ তা’ কথাহে
হুনিছং৷ আমা’কেইটা’ একো হোৱা নাই চাগে’৷”
বহু সময় পাৰ
হ’ল৷ বেলি দিগন্তৰ কাষ চাপি গৈছে৷ তেমেকাই ক’লে– “গধূলি হ’বলৈ বেচি হময় নাই৷
চিপাহী আউ নাহে৷ আহিলে ইমান হময়ে আিহলেইহেঁতেন৷ ব’ল আঁহতজোপা’ তললৈ৷ হিন্তে
গাঁওখনত কোনো মানুহ নাই বুলিহে জানি গৈছে বুলি ম’ মনে কয়৷ পাছত জংঘল’ মাজলৈ গৈহে
হিন্তে মানুহ বিচাঈব৷”
“ময়ো তেনেকাই
ভাবিছং৷”
তেমেকা আৰু
কেৰ্পাই দুয়ো বিহুমৰা আঁহতজোপাৰ তলত বহিল৷ তেমেকাই মাত দিলে– “আমা’ গাংখন দেখিলেই
ম’ ব’ বেয়া লাগা হ’ল৷ ইয়াতে যে আমি কিমান ফূতি নকঈছিলং/ আমি কাম কঈ কঈয়েই ফূতি
কঈছিলং৷ খেতি’ আঅম্ভণিতে ফূতি, নাঙল উঠিলে ফূতি, পথম
ধান উলে ফূতি, নআ ছিঙিলে ফূতি, মঅণা মাআ হেখ
হ’লে ফূতি৷ কিমান যে ফূতি/ আমি এইবো’ কামত হকলোৱে গোট খাই ফূতি কঈছিলং৷ তা’পাছতো
আছে মাঘ বিহু, ব’হাগ বিহু, কাতি বিহু,
ঘএ
ঘএ নখোৱা৷ আউ যে ক’ত কি/ এইবোঅত কম আনন্দ কঈছিলং না৷ মাছ মাঈবা গৈ, পহু-গাহঈ
চিকা’ কঈবা গৈ কিমান যে ফূতি নকঈছিলং/ এই আিহন-কাতি মাহত আমি গোটেই গাঙ’ মানুহে
জাল লৈ পহু-গাহঈ চিকা’ কঈছিলং৷ হেইবো’ এতিয়া গাংখনত নাই৷ নিজ’ মঅম’ গাংখন এঈ এিতয়া
আমি পলাই ফুঈবা লাগা হৈছে৷ গাংখন নিমাওমাও, মঈহালি হ’ল৷”
“হয় দেই ব’ দুখ
লাগা কথা৷ এই আঁহতজোপা’ তলতে আমি কিমান বিহু মাঈছিলং/ এইখিনিতে কাঠ মেজি হাজিছিলং৷
কাঠমেজি’ চাঈওফালে ঢোল বজাই কিমান নাচিছিলং/”
“হয় অ কেপাই×,
ক’
পআ যে কি হৈ গ’ল/ হেইখন পথাঅতে আমি ডেকা-গাভউবোএ ধোপ খেলিছিলং, পলাহজোপা’
তলতে হৈছিল কুকুআ যঁুজ, কণী যঁুজ৷ আমি মাজে মাজে পথাঅত গউকো
যঁুজাইছিলং৷ এনেখন গাঙক এঈ যাবালাগা হ’ল৷ কিমান দুখ’ কথা/”
দুয়ো গাঁৱৰ
পুৰণি কথাবোৰ মনত পেলাই দুখ মনেৰে কিছু সময় মনে মনে ৰ’ল৷ হঠাতে তেমেকাৰ মনলৈ গাঁৱৰ
মানুহখিনিক বিচাৰি যোৱাৰ কথাটো আহিলত সি ক’লে– “আমি মানুহবোঅক বিচাঈ যাবা লাগিব৷
ক’ত কেনেকে আছে চাই আহিবা লাগিব৷ কালিলৈ আিতপুৱাই যাম৷”
“কিন্তু কোনফালে
বিচাঈ যাবি?”
“এই
কানিয়াকেইটাই অলপ হ’লেও জানিব৷ হিন্তক বিচাঈ হুধিবা লাগিব৷ হংকালে ব’ল৷ বেলি মা’
যাব এতিয়া৷ হিন্তক আজিয়েই হুধিবা লাগিব৷ তেতিয়াহে কালিলৈ যাবা পাঈম৷”
দুয়ো বহাৰ পৰা
উঠি মদনৰ কানিখেতিলৈ বুলি প্ৰায় দৌৰি যোৱাৰ দৰে যাবলৈ ধৰিলে৷