অজিত ছিংনাৰ
(৫)
কলঙৰ
পাৰে পাৰে এটা লুংলুঙীয়া বাট৷ ডাঠ হাবিৰ মাজেৰে যোৱা বাটটোৰে গৈ আছে তেমেকা আৰু
কেৰ্পাই৷ সিহঁতৰ গাত একোটাকৈ বনিয়ন, কঁকালত কপাহী কাপোৰৰ চুৰিয়া আৰু হাতত
একোখনকৈ দা, কান্ধত একোটাকৈ মোনাও আছে৷
কিছুদূৰ
যোৱাৰ পাছতে সিহঁত এটুকুৰা মুকলি ঠাইত উপস্থিত হ’ল৷ ইয়াৰ পৰা কলংখন মুকলিকৈ দেখি৷
সিহঁত থমকি ৰ’ল৷ তেমেকাই কেৰ্পাইক ক’লে– ‘‘ইয়াতে অলপ জিঅণি লং৷ এইখিনি বাট খোজ
কাঢ়ি আহি ভাগ’ অনুভৱ কঈছং৷’’
‘‘অঁ,
অলপ
জিঅণি লোৱাই ভাল৷’’– তেমেকাই মাত দিলে৷ ‘‘ফুলগুঈ পাবলৈকো বেচি দূ’ নাই৷ আহ এইডাল
গছ’ গুঈতে বহং৷’’
তেমেকা আৰু কেৰ্পাই কলঙৰ গঁৰাতে থকা এডাল গছৰ গুৰিত বহিল৷ কলংখন ইয়াৰ পৰা সুন্দৰকৈ সিহঁতৰ চকুত পৰিছে৷ আবেলিৰ বেলিটোৰ পোহৰ কলঙৰ পানীত পৰাত পানীখিনি জিলমিলাই উঠিছে৷ ক’ৰবাৰ পৰা এজাক শৰালি হাঁহ উৰি আহি কলঙৰ পানীত নামিল আৰু পানীৰ সোঁতত লাহে লাহে ভটিয়াই গৈ থাকিল৷ তেমেকাই মাত দিলে– ‘‘দেখিছ না ইন্তক ! পানী’ হোঁতত গা এঈ দি কম আআমেএ গৈ আছে না?’’
‘‘অ,
ইন্তে
উঈ আহা ভাগ’ মাঈছে৷’’– কেৰ্পায়ে ক’লে৷ ‘‘ইন্তে ব’ আআম কঈছে হয়, কোনোবা
চিকাঈ আহি ওলালে এতিয়াই আআম কআ ফল ওলাই যাব৷ আজিকালি বন্দুক লোৱা চিকাঈও বহুত
ওলাইছে৷’’
‘‘আতি
হ’লে ইন্তে ভেলেঙা লাগে৷ জোঁঅ পোহ’ দেখিলে ইন্তে একে ঠাইতে ঐ থাকে৷ বামত থাকিলে
জালেএ একেবাঅতে কেইবাটাকো ধঈবা পাঈ৷ তই তেনেকে ধঈ পাইছ না?’’
‘‘পাইছং
পাইছং৷ মই কেইবাবাউ আমা’ পথাঅতে জোঁ’ লৈ জালেএ হআালি হাঁহ ধঈছং৷ অৱশ্যে হআলি হাঁহ
বুলিয়েই নহয়, জোঁঅ পোহ’ দেখি বাকী চআইবোও একে ঠাইতে থাকে৷
ধঈবলৈ ব’ ভাল৷’’
‘‘অ
ব’ ভাল৷”– তেমেকাই বেলিটোলৈ চালে৷ “এতিয়া গৈ থাকং নাকি?’’
‘‘অঁ
ব’ল৷ গৈ থাকং৷’’
তেমেকাহঁতৰ
যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ হঠাতে কোনোবা এজন ডেকাই কলঙৰ পাৰত গীত গোৱা শুনা গ’ল–
‘আজিনো
কি বা’
আজি
গুউবা’
কাইলৈ
কি বা’ হুকু’
মণিআম
দেৱানক
ফাঁচি
দি মাঈলে
চালতে
বগালে কুকু’...’
ডেকাজনৰ
গীত শুনি শুনি তেমেকাহঁত গৈ থাকিল৷ কিছুদূৰ যোৱাৰ পাছতে ডেকাজনৰ গীত নুশুনা হ’ল৷ কেৰ্পায়ে মাত দিলে– ‘মণিআম দেৱানক ফাঁচি দিয়া বাবে আমি কম দুখ পাইছিলং না?
মইতো
দুদিনমানলৈকে মন মাঈ আছিলং৷ অকল আমিবোএ নহয়, গোটেই আইজখনেই
দুখ পাইছিল৷ তাক মানুহবোএ ব’ ভাল পাইছিল৷ হেইকাঅণে কিছুমানে গানেই অচি পেলালে৷
মণিআম দেৱানক লৈ বহুত গান আছে৷ গানবো’ হুনিলে ব’ দুখ লাগি আহে৷”
‘‘হয়
দেই, মানুহবোএ ব’ ভাল পাইছিল৷ তাক নেতা বুলি হকলোৱে মানি লৈছিল৷ তা’ কথা
মতেই ইয়াত হৈন্যবাহিনী গঠন কআ হৈছিল৷ হেই তেতিয়া ইংআজে ভালদএ খোপনি পুতিবা পাআ
নাছিল৷ এতিয়া কিন্তু ভালদএ খোপনি পুতি লৈছে৷”
‘‘হেইবুলি
আমি চাই থাকিম না? হিন্ত লগত এঘঈ যুঁজিবাই লাগিব৷ তেহে আমাক খুলি
খুলি খাবা এঈব৷ একেবাএ খেদিব পাঈলেতো ভালেই কথা৷’’
পশ্চিম
আকাশত বেলিটো লুকাবলৈ যো-জা কৰিছে৷ ফুলগুৰি গাঁও পাবলৈ আৰু বেছি দূৰ নাই৷
বেলি
মাৰ যোৱাৰ আগতে তেমেকাহঁত ভোগেশ্বৰৰ ঘৰত উপস্থিত হ’ল৷ ভোগেশ্বৰে সিহঁতক নি এটা
কোঠাত বহুৱালে৷ ৰাতি ভাত খোৱাৰ পাছতে সিহঁত শুই থাকিল৷
পাছদিনা
আবেলি সময়ত তেমেকাহঁত লক্ষণসিঙৰ ঘৰলৈ বুলি ওলাল৷ সিহঁতৰ লগত পুণেশ্বৰো আহি লগ
লাগিছে৷ আজি সিহঁত লক্ষণসিঙৰ ঘৰতে থকাৰ কথা আছে৷
গধূলি
সময়ত তেমেকাহঁত লক্ষণসিঙৰ ঘৰত উপস্থিত হৈ মাত দিলে৷ লক্ষণসিঙে তেমেকাহঁতক এটা ঘৰৰ
ভিতৰলৈ নি বহিবলৈ দি খবৰ-বাতৰি ল’লে৷ ঘৰৰ ভিতৰত তিনিজন ডেকা বহি থকা তেমেকাৰ চকুত
পৰিল৷ ডেকাকেইজন তাৰ চিনাকি, আগতে একেলগে কাম কৰিছিল৷ এজন ডেকা
মিকিৰভেটাৰ- নাম কাতিৰাম, এজন কুঁহিগুৰিৰ-
নাম
বুধেশ্বৰ৷ আনজন কটহগুৰি গাঁৱৰে- নাম দিনেশ্বৰ৷ আটাইকেইজনেই বাৰিকা–
তেমেকাহঁতৰ নিচিনা৷ তেমেকাই কাতিৰামহঁতলৈ চাই সুধিলে– ‘‘ভালে-কুশলে আছ না বন্ধুহঁত?’’
‘‘অঁ,
আমা’
ভালেই দে৷ তন্ত’ কেনেকুৱা?’’
‘‘আমিও
আছং দে যেনেতেনে৷ ভালেই মোটামুটি৷ তন্তে কেতিয়া পালিহি?’’
‘‘বেছি
হময় হোৱা নাই৷ তন্ত’ আগে আগে৷’’
এজন
ডেকা কোঠাটোলৈ সোমাই আহি সকলোকে পানী খাবলৈ দিলে৷ কোঠাটোত এটা মাটি চাকি জ্বলাই
থোৱা আছে৷ তেমেকাহঁত বহি আছে ঢাৰিত৷ অলপ সময়ৰ পাছতে কোঠাটোলৈ সোমাই আহিল লক্ষণসিং৷
লক্ষণসিং টোপাকুছি ৰাজ্যৰ সেনাপতি৷ এজন ওখ-পাখ মদগজ মানুহ৷ তেওঁৰ চকুৰ চাৱনি
তীক্ষ্ণ, চাৱনিত সাহস আৰু আত্মবিশ্বাসৰ স্ফুলিংগ প্ৰকাশি থাকে৷ তেওঁ সোমাই
অহাৰ লগে লগে তেমেকাহঁতে থিয় হৈ নমস্কাৰ জনালে৷ লক্ষণসিঙে তেমেকাহঁতক বহিবলৈ কৈ
নিজে আন এখন ঢাৰিত বহিল৷ তেমেকাহঁতৰ কুশল বাৰ্তা লোৱাৰ পাছত লক্ষণসিঙে সিহঁতলৈ চাই
ক’বলৈ ধৰিলে– ‘‘তোমালোকে নিশ্চয় গম পাই আছা৷ ইংৰাজে অসমখনত এতিয়া কৰৰ মেলা পাতিছে৷
মাটি-বাৰী, হাবি-বন, বিল-খাল সকলোতে
কৰ৷ ইমান কৰৰ বোজা আমি সহিব নোৱাৰোঁ৷ আমাৰ পেটত গামোচা বান্ধিবলগীয়া হ’ব৷ হ’ব মানে
হৈছেই৷ গম পোৱা মতে চিপাহী বিদ্ৰোহৰ সময়ত বগা বঙালৰ বহুত ধন খৰচ হৈছিল৷ ইতিমধ্যে
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত দেশখনক ইংৰাজ মহাৰাণীক গতাই দিছে৷ ইয়াৰ বাবদ
কোম্পানীয়ে মহাৰাণীৰ পৰা মানে ইংৰাজ চৰকাৰৰ পৰা বহুত টকা লৈছে৷ এতিয়া চৰকাৰে নিজৰ
ৰাজভঁৰালৰ পৰা খৰচ হোৱা ধনখিনি ৰাইজৰ পৰাই উঠাই সেই ঘাটি পূৰাব খুজিছে৷ সেয়ে ৰাইজৰ
ওপৰত বিধে বিধে কৰ লগাইছে৷ আগতে আমি বিলৰ মাছ কাকো নোসোধাকৈ মাৰি খাইছিলোঁ৷
হাবি-জংঘলৰ পৰা বাঁহ-কাঠ কাটি আনি ঘৰ-দুৱাৰ বান্ধিছিলোঁ, খেতি-মাটিৰ
ক্ষেত্ৰতো খাজনা কম আছিল৷ আহোম ৰজাৰ দিনততো একেবাৰে কম আছিল আৰু বিল-খাল-জংঘলৰ
ক্ষেত্ৰত একো কৰেই নাছিল৷ কিন্তু ইংৰাজে মাটিৰ উপৰি আন বস্তুবোৰৰ
ওপৰতো কৰ লগাইছে৷ এপুৰা মাটিত এতিয়া দুটকা খাজনা হ’ল৷ যিবোৰ মানুহে নিৰ্দিষ্ট মাটিত খেতি নকৰে সিহঁতৰ নাঙলে পতি, কোৰে পতি খাজনা ল’বলৈ আৰম্ভ কৰিছে৷ বহুদিনৰ আগৰে
পৰা আমাৰ টোপাকুছি দেওৰজাই মোৰ লগত কথাবোৰ আলোচনা কৰি আহিছে৷ ৰজাই আন বিষয়াবোৰৰ
লগতো কথা পাতিছে৷ ইংৰাজৰ অত্যাচাৰ আৰু সহ্য কৰা নহ’ব বুলি কৈ সিহঁতৰ বিৰুদ্ধে মাৰ
বান্ধি থিয় দিব লাগে বুলিও কৈছে৷ মানুহবোৰৰ বৰ দুৰ্দশা হৈছে৷ খাবলৈ নোপোৱা হৈছে৷
বন-জংঘলত পোৱা আলু-কচু, বনশাক আদিকেই মানুহবোৰে খাই জীয়াই থাকিবলগীয়া
হৈছে৷ এতিয়া আমি পুনৰ ইংৰাজৰ লগত যুঁজ দিবলৈ সাজু হ’ব লাগিব৷ মণিৰাম দেৱানৰ
নেতৃত্বত তেতিয়া ইয়াৰ পৰা ইংৰাজক খেদিবলৈকে আমি সাজু হৈছিলোঁ৷ আমাৰ নেতা মণিৰাম
দেৱানক ইংৰাজে ধৰা বাবে যুঁজখন নহ’লগৈ৷ নহ’লে তেতিয়াই ইংৰাজক খেদিলোঁহেঁতেন৷’’
‘‘হয়
হেনাপতি, তেতিয়াই পাআ গ’লহেঁতেন৷’’– তেমেকাই মাত দিলে৷
‘পিছে,
সিহঁতক
এতিয়াও পাৰিম৷ আমিবোৰে ভালদৰে যুঁজ দিলেই হ’ল৷ টোপাকুছিৰ দেওৰজাই ৰাইজক
সজাগ কৰিবলৈ কৈছে৷ এতিয়া আমি ৰাইজৰ মাজলৈ যাব লাগিব৷ প্ৰথমে আমি আমাৰ ৰজাবোৰক খবৰ
দিম৷ খাইগড়, বঘৰা, কুমৈ, চহৰী, নেলী,
গোভা
আদিৰ ৰজাবোৰক খবৰ দি তেওঁলোকৰ বিষয়াবোৰৰ লগত কথা পাতিব দিব লাগিব৷ তাৰপাছত ৰাইজৰ
লগত৷ ৰাইজক বুজাই মতামত লৈ ইংৰাজৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তোমালোকৰ মূল কামটো হ’ল
ৰজাবোৰক খবৰ দিয়া৷ এতিয়া ৰাইজৰ খেতিৰ কাম শেষ¸ হৈ আহিছে৷ মাঘ
বিহুলৈকো বেছিদিন নাই৷ মাঘবিহুৰ পিছতে তোমালোকে ওলাই গৈ ৰজাবোৰক খবৰ দিব লাগিব৷
তেওঁলোকে তেওঁলোকৰ বিষয়া আৰু ৰাইজৰ লগত কথা পাতক৷ ইংৰাজ চৰকাৰৰ অত্যাচাৰৰ বিষয়ে
আলোচনা কৰি ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কৰক৷ বুজিছা নে?’
‘‘অঁ,
বুজিছং
মহাহয়৷’’– তেমেকাহঁতে মাত দিলে৷
‘‘এই
মাঘবিহুৰ পাছতে তোমালোক কামত লাগি যাবা৷ আমাৰ কমাৰবোৰৰ ওচৰলৈকো যাবা৷ আৰু তৰোৱাল,
যাঠি,
কাঁড়
সাজিবলৈ ক’বা৷ আমাৰ আগৰ সৈনিকবোৰকো খবৰ দিবা৷ সিহঁতে লুকুৱাই থোৱা তৰোৱালবোৰ
উলিয়াই আনি ধাৰ দিয়ক৷ আমি এইবাৰ বগা বঙালক ভালদৰেই ধৰিম৷ ইয়াত কিমানটানো ইংৰাজ
চিপাহী আছেহে? ভালদৰে যুঁজিলে আটাইকেইটাকে মাৰি হজম কৰিব
পাৰিম৷ কামপুৰ-যমুনামুখৰ পৰা সোণাপুৰ-ডিমৰীয়ালৈকে, চহৰীৰ পৰা
মিকিৰভেটালৈকে এই বৃহৎ অঞ্চলটোৰ মানুহে যুঁজ কৰিলে ইংৰাজক হৰুওৱাটো ইমান টান নহ’ব৷
গতিকে তোমালোকে প্ৰথমে আমাৰ ৰজাবোৰক খবৰ দিয়া৷ তাৰ পাছত আন মানুহবোৰকো দিব লাগিব৷
কিন্তু সাৱধান, ইংৰাজৰ ভৰি চেলেকা মানুহৰ কাণত যাতে কথাবোৰ
নপৰে৷ বুজিছা নে?’
‘‘বুজিছং
বুজিছং৷’’– তেমেকাহঁতে শলাগিলে৷
‘‘হেনাপতি৷’’–
তেমেকাই মাত দিলে৷ ‘‘আমা’ লগত আমা’ অজাবোঅ’ আজ্য’ বাহিঅ মানুূহবোএ আমা’ লগ লাগিব
না? হিন্তেতো অজা’ কথা নুহুনিব৷’’
‘‘এ
তুমি বুজা নাই৷ সেইবোৰ মানুহো আহিব৷ যিবোৰ মানুহে ইংৰাজৰ নিমখ খাইছে সিহঁতে নাহে৷
যিবোৰে ইংৰাজৰ বাবে কষ্ট পাইছে সিহঁত আহিব৷’’
‘‘এই
ডোম, দেহান-কলিতা মানুহবো’ আহিব তেন্তে?’’
‘‘আহিব৷
যিবোৰে কষ্ট পাইছে সিহঁত সকলোৱে আহিব৷ ডোমবোৰে আগতে কৰ নিদিয়াকৈ বিলত মাছ মাৰি মাছ
বেচি চলি আছিল৷ এতিয়া মহলদাৰবোৰে বিলবোৰ লৈ লোৱা বাবে মাছ মাৰি খাব নোৱৰা হ’ল৷
কোঁচ-কলিতা মানুহবোৰেও মাটিৰ খাজানা দিব লাগে, নাঙলে পতি কৰ
দিব লাগে, আমাৰ দৰে বিলত মাছ মাৰি খাব নোৱাৰে, বাঁহ-বেতো জংঘলৰ
পৰা কাটি আনিব নোৱাৰে৷ এতিয়া শুনিছোঁ ৰাক্ষসহঁতে তামোল-পাণতো কৰ লগাব৷ গতিকে আমাৰ
লগ নালাগিব কিয়?’’
‘‘হয়
হেনাপতি, আপুনি ঠিক কথাকে কৈছে৷’’
কোঠাটোলৈ
এজন ল’ৰা সোমাই আহিল৷ ৰাতি লাহে লাহে গহীন হৈছে৷ সি লক্ষণসিঙলৈ চাই ক’লে– ‘‘কাকা,
ভাত
দিছে৷ হকলোকে ভাত খাবা মাতিছে৷’’
লক্ষণসিঙে
তেমেকাহঁতৰ ফালে চাই ক’লে– ‘‘কথা ইমানেই৷ ভাত দিছে হেনো৷ খোৱাঁ আৰু শুই থাকাঁ৷
তোমালোকে কথাবোৰ নাপাহৰিবা৷ মাঘবিহুৰ পাছতে কামত লাগি যাবা৷ কোনে কোনফালে যাব
লাগিব মই কাইলৈ ৰাতিপুৱা ক’ম৷ যোৱাঁ এতিয়া ভাত খাই লোৱাঁগৈ৷’’
তেমেকাহঁতে
লক্ষণসিঙৰ পিছে পিছে গৈ ভাতখোৱা ঘৰত সোমাল৷
ভাত
খোৱাৰ পাছতে আগতে বহা কোঠাটোতে মজিয়াত ঢাৰি পাৰি তেমেকাহঁত শুই পৰিল৷ দিনত খোজ
কাঢ়ি অহা ভাগৰত সকলোৱে ঢাৰিত বাগৰ দিয়াৰ পাছতে টোপনিৰ কোলাত ঢলি পৰিল৷ তেমেকাৰহে
টোপনি অহা নাই৷ কাষতে শোৱা কেৰ্পাইৰ নাকে ঘোৰঘোৰাইছে৷ তেমেকাৰ মনত পৰিল ফুটুকীলৈ৷
এইবাৰ বহাগত সি তাইক আনি ঘৰ সুমুওৱাৰ কথা ভাবিছিল৷ কিন্তু এতিয়া যিটোহে ডাঙৰ কাম
ওলাইছে সি সেইফেৰা কাম এইবাৰ কৰিব নোৱাৰিব যেন লাগিছে৷ সি হঠাতে ভাবিলে ফুটুকীক
ফাগুনমানতে ঘৰ সুমুওৱা উচিত হ’ব৷ সময় উলিয়াব পাৰিলে সি ফাগুনতে কামটো কৰিব৷ কথাটো
তেনেকৈ সামৰি তেমেকাই টোপনি যাবলৈ চেষ্টা কৰিলে৷ কিন্তু কেৰ্পাইৰ নাকে বৰকৈ
মাতিবলৈ লোৱাত তাৰ টোপনি নাহিল৷ সি কেৰ্পাইৰ গাত ধৰি অলপ লৰচৰ কৰি দিলে৷ কেৰ্পায়ে
অলপ সময় মনে মনে থাকি পুনৰ নাক বজাবলৈ ধৰিলে৷ তেমেকাৰ মনলৈ হঠাতে মণিৰাম দেৱানৰ
কথা আহিল৷ এই মানুহজনৰ উদ্যোগতে সিবাৰ ইংৰাজৰ বিৰুদ্ধে ইয়াৰ মানুহবোৰ জাগিছিল৷
মানুহজনে মাজে মাজে কলঙৰ বুকুৰে উজাই নতুবা ভটিয়াই আহি ৰহাৰ ৰহিয়াল বৰুৱাৰ ঘৰত
উঠিছিল৷ তাতে ৰহিয়াল বৰুৱাৰ লগত ইংৰাজৰ কুকৰ্মবোৰৰ কথা পতাৰ উপৰি সিহঁতক খেদাৰ
চিন্তা কৰিছিল৷ ইংৰাজক আক্ৰমণ কৰি খেদিবলৈ চল চাই থকা মণিৰামে চিপাহী বিদ্ৰোহৰ
উকমোকনিৰ কথা গম পাই অসমতো একে সময়তে ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ থিৰাং কৰিছিল৷
উজনিৰ ফালেও মানুহবোৰক সংগঠিত কৰিছিল৷ এবাৰ কলিকতাৰ পৰা আহি গুৱাহাটীত এদিন জিৰাই
তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই আহিছিল৷ কলংমুখ পাই তাৰ পৰা কলঙেদি উজাই আহি ৰহাৰ
ৰহিয়াল বৰুৱাৰ ঘৰত কেইবাদিনো আছিল৷ তেতিয়াই মানুহ পঠিয়াই ইয়াৰ পাঁচোৰজা আৰু
সাতোৰজাক মাতি আনি ইংৰাজৰ কুকৰ্মবোৰৰ কথাবোৰ কোৱাৰ উপৰি ইংৰাজক খেদিবৰ মন আছে নে
নাই সুধিছিল৷ এই ৰজাবোৰৰ হাতৰ পৰা ‘শিল-ধুম-চাবুক-চমতা’ৰ ক্ষমতা কাঢ়ি নিয়া বাবে
তেওঁলোক ইংৰাজৰ ওপৰত টিঙিৰি তুলা হৈ আছিলেই৷ তদুপৰি মাটি-বাৰীত অধিক কৰ লগোৱা বাবে
ৰাইজখনৰ লগতে ৰজাবোৰো অসন্তুষ্ট হৈ আছিল৷ মণিৰামৰ কথাক ৰজাবোৰে একে আষাৰে সমৰ্থন
জনালে৷ মণিৰামে আৰু এটা কথা জনাই দিছিল যে ভাৰতত চিপাহী বিদ্ৰোহ হ’ব৷ ভাৰতত চিপাহী
বিদ্ৰোহ আৰম্ভ হোৱাৰ লগে লগে অসমতো ইংৰাজক আক্ৰমণ কৰিব লাগিব৷ তেতিয়া চাৰিওফালৰ
আক্ৰমণত তিষ্টিব নোৱাৰি পৰাজয় বৰণ কৰিব৷ কথা মতেই কাম৷ পাছদিনাখনৰ পৰাই ঠায়ে ঠায়ে
সভা-সমিতি বহিল৷ ইংৰাজ হেন শতৰুৰ লগতনো কেনেকৈ যুঁজিব তাৰেই আলোচনা চলিল৷
টোপাকুছিৰ দেওৰজাই সকলো কামৰে গুৰি ধৰি কামবোৰ মানুহৰ মাজত ভগাই দিলে৷ কিছুমানক
কমাৰৰ কাম দি ঢাল-তৰোৱাল-যাঠি-কাঁড় সাজিবলৈ
দিলে৷ কমাৰবোৰক নেতৃত্ব দিলে ভিভিৰাম কমাৰে৷ এডাল বটগছৰ তলত কমাৰশাল পাতি ভিভিৰাম
কমাৰে লগত আন কিছুমান কমাৰ লৈ অস্ত্ৰ-শস্ত্ৰবোৰ সাজিবলৈ লাগি গৈছিল৷ তেমেকাই
তেতিয়াও বাৰিকৰ কাম কৰিছিল৷ সিহঁতৰ কাম আছিল মানুহবোৰৰ মাজত খবৰ-বাতৰি বিলোৱা আৰু
চোৰাংচোৱাগিৰি কৰা৷ টোপাকুছিৰ দেওৰজাৰ নিৰ্দেশ অনুসৰি তেমেকাহঁতে বিভিন্ন ঠাইৰ পৰা
যুঁজিব পৰা ডেকা কিছুমান ঠাইত গোট খুৱাইছিল৷ যুদ্ধবিদ্যাত পাৰ্গতসকলে এই ডেকাবোৰক
যুদ্ধৰ প্ৰশিক্ষণ দিছিল৷ যুদ্ধবিদ্যাত বৰ পাকৈত হ’ল লক্ষণসিং৷ গাঁৱে গাঁৱে ঘূৰি
তেওঁ ডেকাবোৰক যুদ্ধৰ প্ৰশিক্ষণ দিছিল৷ তেওঁৰ সাহস আৰু পাৰ্গতালি দেখি সকলোৰে
সমৰ্থনত তেওঁক বিদ্ৰোহৰ সেনাপতি হিচাপে বাছনি কৰা হৈছিল৷ প্ৰায় বাৰশ সৈনিকেৰে
সেনাপতি লক্ষণসিঙে ইংৰাজক আক্ৰমণ কৰিবলৈ কঁকালত টঙালি বান্ধি আছিল৷ এনেতে খবৰ আহিল
যে কলিকতাত মণিৰামক ইংৰাজে ধৰিছে৷ তেওঁ এখন পত্ৰত ইংৰাজক আক্ৰমণ কৰিবৰ বাবে লিখি
স্বৰ্গদেওলৈ পঠিয়াইছিল৷ চিঠিখন দেশদ্ৰোহী হৰনাথ ডাৰোগাই পাই ইংৰাজক দি দিছিল৷ লগে
লগে মণিৰামৰ অভিসন্ধিৰ কথা গম পাই কলিকতাতে তেওঁক গ্ৰেপ্তাৰ কৰিছিল৷ মণিৰামৰ পৰা
একো খবৰ-বাতৰি নাপাই লক্ষণসিংহঁতৰ ইংৰাজক আক্ৰমণ কৰা নহ’ল৷ পাছত গম পোৱা গ’ল যে মণিৰামক
ফাঁচি দিয়া হৈছে৷ লগে লগে ইংৰাজৰ বিৰুদ্ধে তেমেকাহঁতৰ যুদ্ধ কৰা নহ’ল৷ সৈনিকবোৰক
ঘৰলৈ পঠিওৱাৰ লগতে অস্ত্ৰ-শস্ত্ৰবোৰ লুকুৱাই পেলোৱা হ’ল৷ এতিয়া আকৌ ৰণশিঙা বাজিছে–
লুকুৱাই থোৱা অস্ত্ৰ-শস্ত্ৰবোৰ উলিয়াই আনি ইংৰাজৰ বিৰুদ্ধে যুঁজাৰ দিন আহি পৰিছে৷
ৰাতি
দূপৰ হ’ল৷ লাহে লাহে তেমেকাৰ দেহাটো লেহুকা হৈ আহিছে৷ সি এটা সময়ত গভীৰ টোপনিত
লালকাল দিলে৷
ৰাতিপুৱা
কেৰ্পায়ে মতাতহে তেমেকাই টোপনিৰ পৰা সাৰ পালে৷ বাহিৰলৈ আহি সি দেখিলে বেলি পূব
আকাশত এবেগেতমান উঠিলেই৷ ইমান দেৰিলৈকে সি কোনো দিনে শুই থকা নাছিল৷ কেৰ্পায়ে তাক
সুধিলে– ‘‘তই দেখোন ইমান দেঈলৈকে হুলি?’’
‘‘এহ,
আতি
ত’ নাক’ হব্দত ম’ টোপনিয়েই আহা নাছিল৷ মাজআতি পাছতহে ম’ টোপনি আহিল৷ তই ইমান নাক
বজাৱ না?’’
‘‘ম’
নাক বাজে না নাবাজে মই নাজানং৷’’
‘‘নিজে
ক’ত গম পাবি? আনবোএহে অহান্তি পায়৷’’
নাদৰ
পাৰলৈ গৈ তেমেকাই মুখ-হাত ধুলে৷ ইতিমধ্যে সকলোৱে মুখ-হাত ধুই ঘৰৰ বাৰাণ্ডাত বহি
আছে৷ তেমেকাই সিহঁতৰ লগত বাৰাণ্ডাত বহিলগৈ৷ লক্ষণসিঙক সিহঁতৰ ফালে আগ বাঢ়ি অহা
দেখা গ’ল৷ তেওঁ তেমেকাহঁতৰ কাষ পাই এখন পীৰা পাৰি বহিল৷ সকলোৰে দৃষ্টি তেওঁৰ ওপৰত
নিৱদ্ধ হ’ল৷ তেওঁ তেমেকাহঁতক ক’বলৈ ধৰিলে– ‘‘শুনা, তোমালোকক
কালিয়েই কৈছিলোঁ আজি কোন ক’লৈ যাব লাগিব ক’ম বুলি৷ কাতিৰাম আৰু¸ বুধেশ্বৰ
যাব লাগিব বঘৰা-তেতেলীয়া হৈ ডিমৰীয়ালৈকে৷ তেমেকা আৰু কেৰ্পায়ে যাব লাগিব
চহৰী-শিলচাং হৈ গোভালৈকে৷ ভোগেশ্বৰ আৰু পুণেশ্বৰে মায়ং, দন্দুৱা,
কুমৈকে
ধৰি সুখুনাগোগলৈকে খবৰ দিব লাগিব৷ দিনেশ্বৰে লগত এজন লৈ মাজৰ অঞ্চলটোত খবৰ দিব৷
হ’ব নে?’’
‘‘হ’ব
হেনাপতি মহাহয়৷’’– তেমেকাহঁতে লক্ষণসিঙৰ কথাৰ শলাগ ল’লে৷
‘‘তেন্তে
তোমালোকে এতিয়া ভাত খোৱাঁ আৰু ঘৰাঘৰি যোৱাঁগৈ৷ মনত ৰাখিবা, মাঘবিহুৰ পাছতে তোমালোকে
কাম আৰম্ভ কৰিব লাগিব৷’’
‘‘হ’ব
হেনাপতি হ’ব৷ বিহু খায়েই আমি কাম আঅম্ভ কঈম৷’’
ৰাতিপুৱাৰ পৰিৱেশৰ আমেজটো লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিছে৷ লক্ষণসিঙে তেমেকাহঁতক ভাত খাবলৈ যাবলৈ ক’লে৷ সিহঁতে ভাতখোৱা ঘৰৰ ভিতৰলৈ খোজ ল’লে৷
***
ফোন : ৯৬৭৮৩১৮৮৬০