অন্যযুগ/


অনলাইন শিক্ষাব্যৱস্থা আৰু আমাৰ ছাত্ৰ-ছাত্ৰী

ৰিপুঞ্জয় বৰদলৈ‍ 
লকডাউনৰ ফলত বিদ্যালয় বন্ধ হোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক ম’বাইল কিয় লাগে বুলি অভিভাৱকে ধমক দিছিল। কিন্তু এতিয়া অনলাইন শিক্ষাব্যৱস্থাৰ অজুহাতত শিশুৰ হাতত নিজা ম’বাইল হ’ল। দিনটোত মাত্ৰ দুইৰ পৰা তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয় অনলাইন পাঠগ্ৰহণৰ বাবে। কিন্তু ছাত্ৰ-ছাত্ৰীয়ে ৰাতিপুৱা শুই উঠি গুড মৰ্ণিং দিয়াৰ পৰা গুড নাইট দিয়ালৈকে ব্যস্ত হৈ পৰিছে নিজ নিজ ম’বাইল ফ’নত

দৃশ্যপট এক
— “হেল্ল’, বৰদলৈ ছাৰ নহয়নে?” 
— “হয়, আপুনি কোনে ক’লে?” 
— “নমস্কাৰ ছাৰ। মই ৰহিমাৰ বাবাই ক’লোঁ।” 
— “নমস্কাৰ, ৰহিমা মানে দশম মানৰ ৰহিমা খাটুন নেকি?” 
— “হয় ছাৰ হয়।” 
— “কওকচোন?” 
— “ছাৰ আপুনি বোলে কিবা ক্লাছ কৰি আছে ম’বাইলত?” 
— “হয় সিহঁতৰ স্কুল বন্ধ থকা কাৰণে আমি সকলো বিষয়ৰ পাঠদান ম’বাইলতে কৰি আছোঁ।” 
— “ছাৰ, মই বৰ বিপদত পৰিছোঁ।” 
— “কওকচোন?” 
— “মই মূৰ্গীৰ বেপাৰ কৰা মানুহ ছাৰ। লক্‌ডাউনৰ কাৰণে মোৰ বেপাৰ বন্ধ, হাতত টকা নাই৷ ছোৱালীয়ে কৈছে নেট পেক ভৰাই দিলেহে তাই ম’বাইলত পঢ়িব পাৰিব। চাউল কিনিবলৈ টকা নাই, এতিয়া নেট পেকটো কেনেকৈ কিনিম ছাৰ? তাইক অলপ বুজাই দিবচোন।” 

দৃশ্যপট দুই 

— “ছাৰ গুড মৰ্নিং” 
— “গুড মৰ্নিং। কোনে ক’লা?”  
— “ছাৰ মই তনুজা গোৱালাই ক’লোঁ।” 
— “ক্লাছ ছেভেনৰ?” 
— “হয় ছাৰ।” 
— “কোৱাচোন৷ 
— “ছাৰ আপোনালোকে মোক বেয়া পাই ন? মোৰ ম’বাইলত যে আপোনালোকৰ ক্লাছবিলাক নাহে?”— কথাখিনি কৈয়ে তনুজাই হুক্‌হুকাই কান্দিবলৈ‍ ধৰিলে। 
— “বাচোন ৰবাতোমাৰ ম’বাইল নম্বৰ ক্লাছ ছেভেনৰ ৱাটছ্‌আপ গ্ৰুপত ভৰাইছিলানে?”  
— “অ’ কেৰাণী ছাৰে বিচাৰোঁতে মই দিছিলোঁ নহয়!  
— “তোমাৰ ফ’ন কৰি থকা নম্বৰটোকে দিছিলা নেকি?”  
— “হয় ছাৰ।” 
— “তোমাৰ নম্বৰত ৱাটছ্‌আপ নাই দেখোন? তোমাৰ হাতত কি ম’বাইল আছে?” 
— “ছাৰ নামটো কিবা এটা আছিল। ফটো, ভিডিঅ’ চব কৰিব পাৰি ছাৰ, গানো শুনি থাকোঁ নহয়, খালি‍ নেটহে নাই৷ 
— “নেট নাই? কিয়?” 
— “দেউতাৰ ম’বাইলত বোলে ডাঙৰ ছি‍ম থকা বাবে নেটবিলাকে কাম নকৰে। ছাৰ আপুনি জলদি মোৰ ম’বাইলত আপোনালোকৰ ক্লাছ অহাটো কৰি দিয়কচোন।” 

দৃশ্যপট তিনি 

— “হেল্ল’, ছাৰ...” 
— “অ’ ৰাহুল, কোৱাচোন?” 
— “ছাৰ, আমাৰ অনলাইন ক্লাছবিলাক কেইদিনমান বন্ধ ৰাখিব পাৰিব নেকি?” 
— “কিয়? বন্ধতো হৈয়ে আছে দেখোন। তাৰ মাজতে তোমালোকক পঢ়াবলৈ সকলোৱে বহু কষ্ট কৰি ভিডিঅ’বোৰ বনাই আছে। তেনে ক্ষেত্ৰত তোমাক আকৌ কিয় বন্ধ লাগে।” 
— “নহয় মানে...” 
— “কোৱাচোন বাৰু কি হ’ল?” 
— “ছাৰ, ঘৰলৈ মনত পৰিছে। বহু দিন হ’ল জেঠাইৰ ঘৰত থকা।” 
— “এই বন্ধত তুমি আকৌ জেঠাইৰ ঘৰলৈ কিয় গ’লা?” 
— “ছাৰ আপুনি জানেই দেখোন আমাৰ গাঁৱত ম’বাইল নেটৱৰ্কৰ দুৰৱস্থা। যাৰ বাবে ইণ্টাৰনেটৰ ব্যৱহাৰ একেবাৰে শূন্য বুলি কলেও ভুল নহ’ব। আপুনি ৱাটছ্‌আপ গ্ৰুপ খুলি আমাৰ ক্লাছ ল’ম বুলি কোৱাত দেউতাই ঘৰৰ একমাত্ৰ ম’বাইলটো দি টাউনৰ ভাড়াঘৰত থকা জেঠাইৰ ঘৰলৈ পঠাই দিলে। তেতিয়াৰ পৰা দুমাহেই হ’ব ছাৰ, মাৰ লগত কথা পাতিবও পৰা নাই। দেউতা সিদিনা আহি ক্লাছ শেষ হ’লে ঘৰলৈ যাবলৈ কৈ গৈছে। টাউনত থকা জেঠাইহঁতৰো কাম-বন নথকাত গাঁৱৰ ঘৰলৈ যাম বুলি কৈ আছে, মোৰ কাৰণে যাব পৰা নাই।” 

দৃশ্যপট চাৰি

— “বৰদলৈ ছাৰ, মই বৰ বিপদত পৰিছোঁ।”  
— “কি হ’ল বৰুৱা?” 
— “আমাৰ বিকিয়ে পঢ়াৰ নামত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ম’বাইলতে ব্যস্ত হৈ থাকে। তাক ফ’নটো থৈ বাহিৰলৈ যাবলৈ ক’লে ঢেৰ পঢ়িবলৈ‍ আছে বুলি কৈ ৰুমত হুক মাৰি সোমাই থাকে। ক্লাছ এইটৰ ল’ৰাটোৰ ইমান কি পঢ়িব লগা থাকে ম’বাইলত আমি বুজি পোৱা নাই ছাৰ। আপুনি তাক বুজাবচোন।” 

   বৰ্তমান সময়ত অনলাইন শিক্ষাব্যৱস্থাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল কেনেদৰে উপকৃত হৈছে বুলি ক’লে উক্ত বাস্তৱিক ঘটনাকেইটা লক্ষ্য কৰিলে সকলো বিষয় জলজল-পটপট হৈ পৰে। মই শিক্ষকতা কৰা চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬০-ৰ পৰা ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ এই দুৰৱস্থা অনলাইন শ্ৰেণীৰ বাবে। দশম মানৰ ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৱাটছ্‌আপ গ্ৰুপত আছে ২৮ গৰাকী আৰু নৱম মানৰ ১৪০ গৰাকীৰ ভিতৰত মাত্ৰ ৩৫ গৰাকীহে ৱাটছ্‌আপ গ্ৰুপত নাম সোমাই আছে। ইয়াৰ অৰ্থ এইটো নহয় যে বাকীসকলে খবৰ পোৱা নাই। আন ছাত্ৰ-ছাত্ৰীয়ে অনলাইন শিক্ষা ল’ব পৰা কোনো সুবিধা ঘৰত উপলব্ধ নহয় বাবে তেওঁলোক এই ব্যৱস্থাৰ পৰা অভাৱত পৰি আঁতৰি থাকিবলগীয়া হৈছে। শিশুৰ বাবে এই অভাৱ কিন্তু খাদ্যৰ অভাৱতকৈ বেছি মাৰাত্মক। একাংশ সমনীয়াই ঘৰত বহি পঢ়ি থাকিব আৰু আন একাংশই ইচ্ছা থাকিলেও অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। ইয়াৰ ফলত শিশুসকলৰ অন্তৰত এক সামাজিক ব্যৱধান গঢ় লৈ উঠাত সহায় কৰিছে এই অনলাইন শিক্ষাব্যৱস্থাই। সপ্তম মানৰ তনুজাই ভাবিছে তাইক আমি বেয়া পোৱা বাবে আমি পঢ়াৰ ভিডিঅ’বোৰ ম’বাইলত দিয়া নাই। তাইতো নাজানে দিন হাজিৰা কৰা বাপেকৰ ম’বাইলত গুগ্‌ল ক্লাছৰুম, ইউটিউব, ফেইচবুক, ৱাটছ্‌আপ আদি চাব নোৱাৰি বুলি। ছাত্ৰ-ছাত্ৰীৰ মানসিকতাত এনে ধৰণৰ ঘটনাবোৰে নেতিবাচক প্ৰভাৱ পেলায়। আনফালে দশম মানৰ ৰহিমাক বাপেকে ম’বাইলত নেট পেক ভৰাই পঢ়াব নে সেই টকাৰে পৰিয়ালটোৰ বাবে এমুঠি ভাত যোগাৰ কৰিব, তাকে চিন্তা কৰি বিবুধিত পৰিছে। আন এটা ঘটনাত বিদ্যালয়ৰ ভিতৰতে সুনাম থকা দশম মানৰ ৰাহুলৰ অৱস্থাটো চাওকচোন। লকডাউনৰ সময়ত ঘৰত থকাৰ সলনি অনলাইন শিক্ষাব্যৱস্থাই তাক ক’লৈ নিলে। ঘৰৰ পৰা দূৰৈত ম’বাইলৰ নেটৱৰ্ক পোৱা ঠাইত থাকি সি তাৰ ভৱিষ্যৎ জীৱনৰ সপোন ৰচিবলৈ গৈ দিশহাৰা হৈ পৰিছে। এই ঘটনাবোৰে সমাজত এটা নিয়ম কৰিব নেকি যে ভালদৰে পঢ়ি-শুনি ডাঙৰ মানুহ (!) হ’বলৈ হ’লে ঘৰখনত অত্যাধুনিক সুবিধা থকা ম’বাইল ফ’ন এটা থকাটো বাধ্যতামূলক। যিসময়ত সমগ্ৰ বিশ্বৰ শিশুৰোগ বিশেষজ্ঞ সকল ব্যস্ত আছে শিশুৰ মাজত গঢ় দিয়া ম’বাইল ফ’ন ফবিয়া বা নম’ফ’বিয়া ৰোগ প্ৰতিহত কৰিবলৈ। তেনে সময়ত শিক্ষা আহৰণৰ নামত শিশুক নিয়ন্ত্ৰণহীনভাৱে ম’বাইল ফ’ন ব্যৱহাৰ কৰিবলৈ দিয়াটো চিন্তাৰ বিষয় হৈ পৰিছে। তাৰে জ্বলন্ত প্ৰমাণ শেষৰ ঘটনাটো। বিশ্বনাথ জিলাৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অষ্টম মানত পঢ়ি থকা ছাত্ৰ বিকিৰ অভিযোগ দিছে তেওঁৰ অভিভাৱকে। লকডাউনৰ ফলত বিদ্যালয় বন্ধ হোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক ম’বাইল কিয় লাগে বুলি অভিভাৱকে ধমক দিছিল। কিন্তু এতিয়া অনলাইন শিক্ষাব্যৱস্থাৰ অজুহাতত শিশুৰ হাতত নিজা ম’বাইল হ’ল। দিনটোত মাত্ৰ দুইৰ পৰা তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয় অনলাইন পাঠগ্ৰহণৰ বাবে। কিন্তু ছাত্ৰ-ছাত্ৰীয়ে ৰাতিপুৱা শুই উঠি গুডমৰ্ণিং দিয়াৰ পৰা গুডনাইট দিয়ালৈকে ব্যস্ত হৈ পৰিছে নিজ নিজ ম’বাইল ফ’নত। এই অভ্যাসে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশত হেঙাৰ হোৱাটো এশ শতাংশ সম্ভাৱনা আছে বুলি মনৰোগ বিশেষজ্ঞ সকলে মত ব্যক্ত কৰিছে। লগতে ম’বাইলৰ প্ৰতি আসক্তিয়ে শিশুক পৰ্ণ সামগ্ৰী থকা নিষিদ্ধ জগতখনলৈ ঠেলি দিয়াৰো প্ৰমাণ পোৱা গৈছে। তথ্যমতে চাইণ্টিফিক টেম্পাৰমেণ্ট নামৰ সমাজত বিজ্ঞান মানসিকতা গঢ়াত ব্ৰতী ৱেবছাইত শিক্ষামূলক কথাতকৈ পৰ্ণ ভিডিঅ’, পৰ্ণ কাহিনী পঢ়িবলৈ বিচৰাটোৱে ৱেবছাইটৰ সঞ্চালকক হতবাক কৰি তুলিছে। যাৰ বাবে উক্ত ৱেবছাইটৰ পৰা ষ্টেটাচত এই কথা উল্লেখ কৰিবলৈ বাধ্য হৈ পৰিছে। এটি বেচৰকাৰী অনুষ্ঠানে চলোৱা সমীক্ষামতে লকডাউনৰ এই সময়চোৱাত পৰ্ণ চেনেলসমূহ গুগুল চাৰ্চ ইঞ্জিনত বিচৰাৰ হাৰ পূৰ্বৰ তুলনাত ৮০ শতাংশ বৃদ্ধি পাইছে। এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হ’লযে ইণ্টাৰনেটৰ ন-শিকাৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই ঘটনা ঘটিছে। 

   অসমৰ ৩৩ খন জিলাৰ বিদ্যালয়সমূহত অনলাইন শিক্ষাব্যৱস্থাই সকলো ছাত্ৰ-ছাত্ৰীক সাঙুৰি ল’ব নোৱৰাৰ কাৰণসমূহ ওপৰত উল্লেখ কৰা হ’ল। তাৰে মাজতে কিছুসংখ্যক বিদ্যালয়ত ৱাটছআপ গ্ৰুপত থকা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম গ্ৰুপৰ পৰা আতঁৰাই আনিছে। শিক্ষকে ফ’ন কৰি সোধাত গম পাইছে ৱাটচআপ নম্বৰটো ছাত্ৰ গৰাকীৰ ঘৰৰ আন সদস্যৰ। ঘৰৰ সেই সদস্য গৰাকীবিভিন্ন কামত ঘৰৰ বাহিৰত ব্যস্ত থাকিবলগা হোৱাত ৱাটচআপত অনবৰতে আহি থকা মেছেজ আৰু ভিডিঅ’ সমূহৰ বাবে অশান্তি অনুভৱ কৰি ছাত্ৰ-ছাত্ৰীয়ে নজনাকৈ গ্ৰুপৰ পৰা আতঁৰি আহে। সমীক্ষাত পোৱা মতে বিশ্বনাথ জিলাত দশম মানত ৪০ শতাংশ আৰু নৱমমানত ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন শিক্ষাব্যৱস্থাৰ মাজেৰে পাঠগ্ৰহণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আছে। তেনেস্থলত সমগ্ৰ অসমৰ প্ৰতিচ্ছৱিখনো একেই নহ’ব জানো? যিসমূহ সমস্যাৰ কাৰণে অনলাইন পাঠদান প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা নাই, সেই সমস্যাসমূহ অসমৰ সকলোবোৰ অঞ্চলতে বিদ্যমান। গাঁৱত থকা চৰকাৰী বিদ্যালয় সমূহতকৈ চহৰ অঞ্চলৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ বেছিসংখ্যক ছাত্ৰ-ছাত্ৰী অনলাইন শিক্ষাব্যৱস্থাৰ লগত জড়িত হৈ আছে। কিন্তু গঢ় হিচাবে চাবলৈ গ’লে সমগ্ৰ অসমৰ কেৱল ৩০ ৰপৰা ৪০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে অনলাইন পাঠদানৰ জৰিয়তে লাভান্বিত হৈছে। ইয়াৰ বাবে জগৰীয়া মূলত অৰ্থনৈতিক দুৰৱস্থা আৰু ম’বাইল ফ’নৰ নেটৱৰ্কৰ সমস্যা। লকডাউনৰ দৰে দুৰ্যোগৰ সময়ত শিশুক পঢ়িবলৈ ম’বাইলত নেট পেক ভৰাই দিব নে চাউল কিনি পৰিয়ালটোৰ পেটৰ ভোক মাৰিব, অসমৰ দৰে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বাবে ই এটা লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। বিদ্যালয়সমূহৰ দৰে মহাবিদ্যালয়সমূহতো অনলাইন পাঠদান কাৰ্যসূচী চলি আছে। যদিও মহাবিদ্যালয়ৰ অধ্যাপক সকলৰ মতে অনলাইন পাঠদান কাৰ্যসূচী এক সহযোগী ব্যৱস্থাহে। যেনে ছাত্ৰ-ছাত্ৰীক হম ৱৰ্ক, এছাইনমেণ্ট, প্ৰকল্প আদি কৰিব দিয়া বা মূল্যায়ন কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। মূল পাঠ্যক্ৰমৰ বিষয়বোৰ বুজাবলৈ অনলাইন পাঠদান বাস্তৱিক ক্ষেত্ৰত সিমান ফলপ্ৰসূ নহয় বুলি মত ব্যক্ত কৰিছে উচ্চ শিক্ষাৰ লগত জড়িত ৰেইবাজনো শিক্ষাবিদে। 

   অনালাইন শিক্ষাব্যৱস্থাৰ ইতিবাচক দিশো দেখা পোৱা গৈছে। এটা খালী চকুৰে মণিব নোৱৰা ভাইৰাছ কভিড-১৯ য়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰা আতংকময় পৰিৱেশে বিশ্বৰ অৰ্থনীতিৰ লগতে শিক্ষাব্যৱস্থাক বাৰুকৈয়ে আঘাট হানিলে। প্ৰথম বিশ্বৰ দেশসমূহক বাদ দি ভাৰতবৰ্ষৰ দৰে উন্নয়ণশীল দেশৰ শিক্ষাব্যৱস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে বুলি ক’লেও ভুল কোৱা নহ’ব। কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতবৰ্ষত চৰকাৰী আৰু ব্যক্তিগত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দিশত হোৱা ক্ষতি পূৰণ কৰিবলৈ অসমৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ পাঠ্যপুথিত সন্নিৱিষ্ট বিষয়সমূহৰ ওপৰত শিক্ষকসকলক ভিডিঅ’ কনফাৰেন্সিং, ফেচবুক, ৱাটচাপ, ইউটিউবৰ সহায়েৰে পাঠদান কৰিবলৈ নিদেৰ্শ জাৰি কৰে। অনলাইন শিক্ষাব্যৱস্থাৰ ফলত আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পূৰ্বতে ব্যৱহাৰ কৰিবলৈ অনিহা কৰা আই চি টি (ICT)ক সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ শিকিলে। যাৰবাবে লকডাউনৰ আমনিদায়ক সময়খিনিত শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজ নিজ বিষয়বোৰক নতুন কৌশল ব্যৱহাৰ কৰি মনোগ্ৰাহীকৈ ছাত্ৰ-ছাত্ৰীক দিবলৈ যথেষ্ট পৰিশ্ৰম কৰা দেখা গ’ল। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT), চেবা (SEBA), সমগ্ৰ শিক্ষা অভিযান (SSA) আদিৰ লগতে বহুকেইটা ব্যক্তিগত অনুষ্ঠানৰ প্ৰচেষ্টাত আজিৰ তাৰিখত অসমীয়া ভাষাত পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ৰ ভিডিঅ’সমূহ অনলাইনত সহজতে উপলব্ধ হৈ পৰিল। অনলাইন শিক্ষাব্যৱস্থাক উন্নত কৰিবলৈ, ডিজিটেল শ্ৰেণীকোঠাক জনপ্ৰিয় কৰিবলৈ বহুবছৰৰ পৰা ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) চেষ্টা চলাই আছিল। কৰ’নাতংকৰ বাবে দিয়া লকডাউনৰ ফলতহে এই বহুদিনীয়া প্ৰচেষ্টা সফল হোৱাৰ পথত বুলি ক’লে ভুল কোৱা নহ’ব। 

   কেইমাহমানৰ আগতে দেশৰ শিক্ষাব্যৱস্থাৰ আমূল পৰিবৰ্তন আনিবলৈ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰ্যালয় আৰু ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত বিশ্বঅভিলেখ গঢ়ি প্ৰায় ৪২ লাখ শিক্ষকক প্ৰশিক্ষণ দিয়া হৈছিল। নিষ্ঠা নামৰ এই প্ৰশিক্ষণে শিক্ষকসকলক পাঠদানৰ বাবে কেনেদৰে আই চি টি (ICT) ব্যৱহাৰ কৰিব তাৰ এক ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰিছিল। শিক্ষকসকলক নিজৰ লগত থকা আধুনিক ম’বাইলৰ জৰিয়তে কেনেদৰে ছাত্ৰ-ছাত্ৰীৰ উপযোগী শ্ৰেণীৰ বিষয়সমূহ গুগুলৰ ক্লাছৰুম, ৱাটচআপ, ফেচবুক, ইউটিউব, ভিডিঅ’ কনফাৰেন্সিং আদি ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক দিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। আজিৰ তাৰিখত অসমতচেবা পাঠ্যক্ৰমৰ বিষয়বস্তুৰ সমল ইউটিউব, গুগল ক্লাছৰুম আৰু ফেচবুকত অভিলেখসংখ্যক ভাৱে বৃদ্ধি পাইছে। যাৰবাবে এতিয়া কোনজন শিক্ষকে বেছি ভালদৰে বুজাব পাৰিছে সেইটোও আন এক অঘোষিত প্ৰতিযোগীতাৰ দৰে হৈ পৰাত শিক্ষকসকলৰ মাজত চলি থকা একঘেমীয়া পদ্ধতি সলনি হৈ নতুনত্বই স্থান পাইছে। অনলাইন শিক্ষাব্যৱস্থাৰে অসমৰ ৩০ ৰপৰা ৪০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ লগতে অসমৰ বিভিন্ন বিদ্যালয়ৰ পাৰ্গত শিক্ষসকলৰ পাঠগ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে। অনলাইন শিক্ষাব্যৱস্থাত অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলেও অংশগ্ৰহণ কৰাত সমগ্ৰ ব্যৱস্থাটোৰ গুণগত মানদণ্ড যথেষ্ট বৃদ্ধি পাইছে। তাৰে মাজতে অনলাইন শিক্ষা দিবলৈ প্ৰস্তুত কৰা ভিডিঅ’ কিছুমানৰ গুণগত মানদণ্ড নিৰূপণ নোহোৱাকৈ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ পঠিওৱাটোত কিছু বিসংগতি পৰিলক্ষিত হৈছে। অনলাইন শিক্ষাব্যৱস্থাৰ সুবিধা লৈ শিক্ষকৰ বাহিৰে অন্য ব্যক্তিয়ে নিজা চেনেলত ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠভিত্তিক ভিডিঅ’ বনোৱা দেখা গৈছে। সেইসমূহৰ গুণগত মানদণ্ড পৰীক্ষা নকৰাকৈ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ গ’লে বিষয়সমূহৰ ওপৰত বিভ্ৰান্তিৰ সৃষ্টি হোৱাটো নুই কৰিব নোৱাৰি। সেইবাবে এই ক্ষেত্ৰত ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (SCERT) গাইডলাইন নিৰ্ধাৰণ কৰাটো অতিৱ প্ৰয়োজন হৈ পৰিছে। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে অনুমতি দিয়া ভিডিঅ’বোৰহে অনলাইন শিক্ষাব্যৱস্থাৰ অন্তৰ্গত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজলৈ প্ৰেৰণ কৰিব লাগে। তাৰবাবে পৰিষদে প্ৰতিখন জিলাতে সকলোবোৰ বিষয়ৰ একোজনকৈ পাৰদৰ্শী ব্যক্তিক নিৰ্বচিত কৰি পাঠ্যক্ৰমভিত্তিক ভিডিঅ’ সমূহ পৰ্যৱেক্ষণ কৰিপ্ৰকাশৰ অনুমতি দিবলৈ দায়িত্ব প্ৰদান কৰিব লাগে। এনে কৰিলে অনলাইন পাঠ্যক্ৰমত গুণগত মানদণ্ডৰ ভিডিঅ’সমূহহে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব। অন্যথা বজাৰত পোৱা গাইড বুক, প্ৰশ্নোত্তৰ বুক সমূহৰ দৰে বাৰেপাচি ভুল থকা ভিডিঅ’বোৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলকো বিভ্ৰান্ত কৰি তুলিব। এইখিনিতে এটা সুখবৰযে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টি ভি আৰু ৰেডিঅ’ মাধ্যমক ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক ঘৰতে শিক্ষা দিবলৈ জ্ঞান বৃক্ষ বুলি এক কাৰ্য্যসূচী ২৩ মে’ তাৰিখে ঘোষণা কৰিছে। ইয়াৰ আগৰপৰাই প্ৰতিদিন টাইমে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চেনেলৰ জৰিয়তে বিশেষজ্ঞ শিক্ষকৰ সহায়ত এক নিৰ্দিষ্ট সময়ত পাঠদান কাৰ্য্যসূচী হাতত লৈ আছে। টিভি আৰু ৰেডিঅ’ৰ মাধ্যমৰে অনলাইন শিক্ষা দিবলৈ গ’লে আমি ম’বাইলৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহ আতৰ হ’ব। কাৰণ আমি গাঁও অঞ্চলত সামাজিক দূৰত্ব বজাই ৰাখি ঘৰত টি ভি নথকা ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ সুবিধাজনক হ’ব। ম’বাইলৰ ক্ষেত্ৰত দেখা দিয়া নেটৱৰ্কৰ অসুবিধাৰ বাবে অসমৰ শিক্ষা বিভাগৰ বিশ্ববিদ্যা নামৰ ইউটিউব চেনেলৰ পৰাও ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সুবিধা ল’ব পৰা নাই। 

   শেষত, অভিভাৱকসকললৈ আহবান জনাইছোঁ যে আপোনালোকে সন্তানক এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিহে ম’বাইল ফ’ন ব্যৱহাৰ কৰিবলৈ দিয়ক। যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন পাঠদানৰ সুবিধা ল’ব পৰা নাই তোমালোক নিৰাশ নহ’বা। আগৰদৰে পুৱা-গধুলি কিতাপ কেইখন মেলি যি পাৰা তাকে পঢ়ি থাকা। তোমালোকৰ গাঁৱত যদি কোনোবা শিক্ষক নতুবা ওপৰ শ্ৰেণীৰ দাদা-বাইদেউ আছে, তেওঁলোকৰ পৰাও পাঠ্যপুথিৰ বিষয়ৰ বহুখিনি শিকিব পাৰিবা। তোমালোকৰ আগ্ৰহ আৰু একাগ্ৰতাইহে কঠিন বিষয় এটা উজু কৰাত সহায় কৰিব। সমগ্ৰ বিশ্বত মৃত্যুৰ বিভীষিকা চলোৱা কৰ’না ভাইৰাছৰ পৰা সাৱধানে থাকিবলৈ প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নোলাবা। অসমৰ শিক্ষাবিভাগৰ বাবে এক প্ৰত্যাহবানৰ বছৰ হৈ পৰিছে ২০২০। অসমৰ শিক্ষা বিভাগে ২০২০ শিক্ষাবৰ্ষটো নষ্ট নহ’বলৈ কেনেদৰে পৰিকল্পনা যুগুত কৰে সেইটোহে লক্ষণীয় হ’ব। 

ভ্ৰাম্যভাষ:  ৯৮৬৪৩৬৬১৬১ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ