চুনা কুমাৰ পাঠৰী
নৈৰ ঢৌৱে সপোন ভঙা
ট্ৰেজিক খেলখন চাই চাই
শিলগুটি এটা পানীলৈ দলিয়াই দিছোঁ
নিমিষতে পানীত নিশ্চিহ্ন শিলগুটি,
স্মৃতি বুৰবুৰণি
কোৱাঁ— দুখতকৈও গধুৰ নে শিল ?
বুকুত অহৰহ কঢ়িয়াই ফুৰা
এই শূন্যতাৰ নামেই ভালপোৱা!
প্ৰিয় সন্ধিয়া
গোসাঁইঘৰত জ্বলি থকা ধূপৰ
ধোঁৱাৰ গোন্ধত
ভালপোৱা বিচাৰি কি পাবা!
ভালপোৱা মানে ছায়াময়া, সকলো ধোঁৱা ধোঁৱা।
আৰু দুহাতৰ উঘাৰ বিশ্বাসী সূতা ছিগিলেই জানিবা
চিলাই নিজৰ বাট হেৰুৱাই কেৱল আকাশলৈ উৰে
তুমি গুচি যোৱাৰ দুখত চাপৰিৰ বিৰিণাবোৰ জ্বলে।
চৰাই উৰিবলৈহে স্বপ্নৰ পৰিধিহীন আকাশ
ভালপোৱাত কিহৰ ইমান অৱকাশ!
সমুখত আধামৰা দুখৰ নিৰ্যাতিত কলং,
পাৰত অকলশৰে কেইপাহমান শিমলু ফুল তুলি লৈছোঁ
এনে কোনো কথা নাই যে
ফুল ভাল পোৱা মানুহ ভীষণ প্ৰেমিক!
তথাপি ফুল ভাল পোৱা মানুহে জানে—
ভালপোৱাও ফুলৰ দৰে ক্ষণস্থায়ী।
ঠিক নৈৰ ঢৌৱে সপোন ভঙাদি ভাঙিছা,
এনেকৈ গুচি গ’লেও অজস্ৰ শুভকামনা
আজিও তোমাৰ নামত,
এনেকৈ গুচি গ’লেও অজস্ৰ হৃদয় সোঁৱৰণিৰে ভৰুণ এপিটাফ
আজিও তোমাৰ নামত,
তোমাৰ নামত আমাৰ ভালপোৱা
কলং পাৰৰ সমগ্ৰ শিমলু সাগৰ...।
ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮