গোবিন কুমাৰ খাউণ্ড
(দুই)
আমজোপাৰ তলত দপদপকৈ
জুই একুৰা ধৰি পিঠাৰ টোপোলাটো খুলিবলৈ লওঁতেই মিলিটেৰীৰ ফোনটো বাজি উঠিল৷
‘বৰদেউতা, ঘৰতে আছেনে?’ সিফালৰ পৰা নীলৰ পুতেকে সুধিলে৷
‘আছোঁ আছোঁ। কোনে কৈছা?’
‘মই মৃগাংক, বৰদেউতা৷ জৰিগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ
সভাপতি৷ নীল শইকীয়াৰ ল’ৰা৷ আপোনাক এবাৰ লগ
পাব লাগিছিল৷’’
‘‘আহিবা৷ মই ঘৰতে
আছোঁ৷’ মিলিটেৰীয়ে গহীনাই কৈ ফোনটো কাটি দিলে৷ দল-সংগঠন বুলিলেই মিলেটেৰীৰ খং উঠে যদিও
নীলৰ নামটোৱে মনটো কোনোবাখিনিত মৰহাই পেলালে৷
দমৰায়ো দে’ই যাব নোৱৰা পাহাৰ একোটা খহাই পেলাব পৰা সময় আছিল সেয়া৷ ঘৰৰ মানুহে ‘ছদকা খোৱা’ বুলি উৰাই-ঘূৰাই গালি পৰাৰ সময়ত বিদেশী
খেদাৰ নামত ঢকা কোবাই ফুৰিছিল মিলেটেৰীহঁতে৷ হোলা হগুৰা নীলই মাজে মাজে কৈছিল, “হিমানীজনী
নগ’লে তোৰ মাতেই নোলায়৷’’ লাহোদাং মিলিটেৰীয়ে গহীনাই কৈছিল, “আমাৰ নেতাবোৰৰ বহুতেই
হিমানীবোৰৰ বাবেহে ৰাজপথ গৰম কৰিছে যেন পাওঁ৷ ইমানবোৰ মানুহ মৰাৰ পাছতো যে গাত কথা লগাই
নাই সিহঁতৰ৷ সিদিনা গুৱাহাটীত দেখিলোঁ নেতাৰ পিছে পিছে নেত্ৰীসকলৰ কি ভিৰ৷”
“আন্দোলনটোৰ কি হʼবগৈ বাৰু?” নীলই সুধিছিল৷ সেই একেটা
কথাকে কংগ্ৰেছী ৰত্ন ভূঞাই ৰণাংগনৰ তেজে পিৰপিৰাই
থকা হিমানীকো সুধিছিল৷ হিমানীয়ে ৰত্ন মাষ্টৰৰ জালত ভৰি দিয়া বুলি ভাবিয়েই এদিন সন্ধিয়া
মিলিটেৰীয়ে কৈছিল,” ৰত্নদাৰ সৈতে বৰকৈ হলি-গলি নকৰিবি৷ তেওঁৰ দৰে কংগ্ৰেছীবোৰৰ বাবেই
আমাৰ বহুতো ডেকা ছহিদ হৈছে, পুলিচ-মিলেটেৰীয়ে গুলিয়াই মাৰিছে৷ সেয়ে আমি তেওঁক সামাজিকভাৱে
বৰ্জন কৰিছোঁ৷’ একেটা কথাকে নীলয়ো কৈছিল৷ কথাটোত ভয় খাই হিমানীয়ে অলপ দিনলৈ ৰত্নৰ মুখলৈকে
নোচোৱা হৈছিল৷ পিকেটিংকাৰীবোৰে ৰত্নহঁতৰ পদূলিত বৰকৈ চিঞৰিছিল৷ ‘আহ ঐ আহ, ওলাই আহ বুলি’
মিলিটেৰীয়ে ইমান জোৰেৰে চিঞৰিছিল ৰত্নৰ বাপেকক মাকে বোলে ভিতৰতে গবা মাৰি ধৰি আছিল৷
কথাটো মনত পৰাত মিলেটেৰীৰ চকুৰ আগৰ জুইকুৰাৰ দৰেই দপদপকৈ জ্বলি উঠিল বিদেশী খেদা আন্দোলনৰ সন্ধিয়াবোৰ৷ সেই জুইৰ পোহৰত মিলিটেৰীয়ে দেখা পালে টিউব-ৱেলৰ প্লেনজাৰ ছিট লগোৱা দীঘলীয়া লোহাছটাৰ পৰা আহিনা কমাৰৰ ওচৰত সাজি অনা অস্ত্ৰপাত৷ নীলৰ হাতত চিকমিকাই আছিল, জিকমিকাই আছিল সেইপাত৷ বিদেশীৰ তেজেৰে দুয়োহাত ৰাঙলী কৰিম বুলি হুংকাৰ দি নিশা হ’লে পুলিচ-মিলিটেৰীৰ ভয়ত বাৰীৰ ঢাপতহে শুইছিলগৈ নীলহঁত৷ সেইটো নীল ৰত্নছাৰৰ সৈতে গৈ গান্ধী টুপি পিন্ধি কংগ্ৰেছত যোগ দিয়াৰ কথা হিমানীৰ চিঠিৰ যোগেদি মিলিটেৰীয়ে যিদিনা গম পাইছিল খঙৰ ভমকত এবটল ৰম অকলেই পি দিছিল তেওঁ৷ কাশ্মীৰৰ বৰফৰ মাজত এল, অ’ চি-ত ডিউটি কৰি আছিল তেতিয়া৷ শত্ৰুপক্ষৰ গুলীৰ শব্দই ভাৰতীয় সৈন্যক তেজাল ঘোঁৰাত পৰিণত কৰিছিল৷ চণ্ডীগড়ৰ পৰা প্লে’নেৰে চিঠিবোৰ গৈ লাডাখ পোৱালৈ জোৱানবোৰৰ আমনি লাগিছিল৷ ঘৰৰ মানুহৰ কথাই মাজে মাজে মিলিটেৰীক বৰকৈ আমনি কৰিছিল৷ হিমানীয়ে প্ৰায়ে চিঠিত কৈছিল, ‘কিনো চাকৰিত সোমালে, ভাবিলে আচৰিত হওঁ মই৷ কিছুমানে আন্দোলনৰ বিৰোধিতা কৰি, ঘৰতে বহি মাষ্টৰৰ চাকৰি পালে৷ আপুনি আকৌ আন্দোলন কৰি লাডাখ পালেগৈ৷’ ‘মাষ্টৰ’ বুলি হিমানীয়ে কাৰ কথা ক’ব খুজিছিল মিলিটেৰীয়ে বাৰুকৈয়ে বুজি পাইছিল৷ সেয়ে হিমানীয়ে লুকুৱাই ৰখা কথাবোৰ জানিব বিচাৰি নীললৈও চিঠি দিছিল সি৷ উত্তৰলৈ বাট চাই আমনি লাগিছিল৷ লেʼহৰ বিমান বন্দৰত ইউনিটৰ এল. অ. ই-য়ে চিঠিবোৰ সংগ্ৰহ কৰি এছ, এ চাহাবৰ জৰিয়তে কোম্পানীৰ চি. এইছ. এম-অক ডাক টোপোলাটো দিয়াৰ পাছতহে মিলিটেৰীহঁতে চিঠিবোৰ পাইছিল৷ মাজে-সময়ে বৰফ আৰু ঘন ডাৱৰৰ বাবে প্লে’ন উৰিব নোৱাৰিছিল৷ উৰিব পাৰিলেও নামিব নোৱাৰিছিল৷ সেয়ে হিমানীৰ চিঠি গৈ পোৱালৈ মিলেটেৰী দোৱাচলিয়াত পৰিণত হৈছিল৷ মাজে মাজে নীলক তাই সুধিছিল, কিবা খবৰ আছে নেকি বুলি৷ মন মাৰি থাকিলেই হিমানীৰ মাকে ৰত্ন মাষ্টৰক সুবিধা বুজি কৈছিল, “সেই দোৱাচলিয়াটোলৈ ছোৱালী দি গলত শিল বান্ধি সাঁতুৰিলেহে হ’ব৷ তুমি গা খালে আমাৰনো ভাবিব লগা কিটো আছে৷” নীলই মিলিটেৰীলৈ চিঠি লিখিছিল এভাগে, হিমানীৰ মাকক কৈছিল এভাগে৷
এনেদৰে চুপতা-চুপতি লাগি থাকোঁতেই দোৱাচলিয়া খগেন মিলিটেৰীৰ চিঠি পাইছিলহি৷ হিমানী আকৌ আগৰ দৰেই টুপটুপীয়া হৈ উঠিছিল৷ কেতিয়াবা আকৌ চিঠিতকৈ আগতে মিলিটেৰীহে আহি ঘৰ পাইছিলহি৷ সেইবাৰ ছুটীত ঘৰলৈ আহোঁতে বিদেশী খেদাবোৰৰ চৰকাৰ ৰাইজে উফৰাই দিছিল৷ সোণৰ অসম গঢ়িম বুলি ৰত্নক কাটিম কাটিম কৰি থকা নীল সেই সুযোগতে কংগ্ৰেছী হৈ পৰিছিল৷ ৰত্নমাষ্টৰেও চাকৰি পাইছিল৷ মিলিটেৰীৰ চকুলৈ নোচোৱাকৈয়ে নীলই কৈছিল, ‘কি কৰিবি, বিদেশী খেদিবলৈ বনোৱা প্লেনজাৰ ছিটৰ অস্ত্ৰপাতত মামৰে ধৰিবলৈ নেপাওঁতেই সোণৰ অসমত মামৰে ধৰিলে৷ ছহিদৰ নামত শপত খোৱা বহুতেই কংগ্ৰেছত যোগ দিলে৷ ময়ো দিলোঁ৷ উপায় নাছিল৷ এতিয়া সৰু-সুৰা ঠিকা কৰোঁ৷’
বহুদিনৰ মূৰত নীলৰ
নামটো শুনিয়েই বহু কথা মনত পৰি গ’ল মিলিটেৰীৰ৷ গাঁৱৰ কিমান মানুহে পুলিচ-মিলিটেৰীৰ
চৰ-লাঠি খাইছিল অসম আন্দোলনৰ সময়ত৷ জাতি, মাটি, ভেটিৰ ৰক্ষাৰ নামত সুবিধা বুজি কোন
কেতিয়া ইজোপা গছৰ পৰা সিজোপা গছলৈ জাঁপ মাৰিলে একো ঠিক নাই৷
কথবোৰ ভাবি ভাবি
জুইকুৰাৰ খৰিকেইডাল আগ বঢ়াই দি টোপোলাটোৰ পৰা পিঠা এটা লৈ কামোৰ এটা মাৰোঁতেই অদ্ভুত দৃশ্য
এটা দেখিলে মিলিটেৰীয়ে৷ চকীখনৰ কাষতে পিঠাৰ টোপোলাটো থৈ তেওঁ ভেবা লাগি চাই থাকিল সেইফালে৷
মালৰী বান্দৰজনীৰ
হাতত গেঁৰপাখি গজা পাৰৰ পোৱালি এটা৷ পোৱালিটো বান্দৰজনীয়ে থেকেচি আছে৷ বান্দৰৰ পোৱালিটোৱে
মাকৰ বুকুত গাখীৰ খাই আছে৷ একোবত পাৰ পোৱালিটোৰ টোটোলাটো ফালি ধানখিনি উলিয়াই মালৰীজনীয়ে খোৱা দেখি মিলিটেৰীৰ সৰ্বশৰীৰ কঁপি উঠিল৷ কি ভয়ংকৰ
সময় আহিল বুলি বান্দৰজাকক খেদা মাৰি যাওঁতেই পিঠাৰ টোপোলাটো থপিয়াই লৈ পোৱালি বান্দৰ এটা
গছত উঠিলগৈ৷ ঘূৰি আহি পিঠাৰ টোপোলাটো নেদেখি খকখকাই থকা বান্দৰজাকলৈ চাই দেখিলে গছৰ
ওপৰত বহি বান্দৰে পিঠা খাই আছে৷ মিলিটেৰীৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিল৷ বান্দৰজাকক এফালৰ
পৰা গুলিয়াই মাৰিবৰ মন গৈছিল তেওঁৰ৷ লগে লগে মনত পৰিছিল নীলৰ ল’ৰাটোলৈ৷ খং উঠিছিল অসমীয়াৰ
দল-সংগঠনৰ একাংশৰ স্বৰূপ দেখি৷ মনে মনে ভাবিছিল- গছৰ বান্দৰজাকৰ দৰেই ইহঁতৰ বহুতৰে
বিশ্বাস নাই৷ বান্দৰে পাৰ পোৱালিৰ টোটোলা চেপি ধান-চাউল উলিয়াই খোৱাৰ দৰেই একাংশই
সাধাৰণ মানুহৰ টেঁটু চেপি সুবিধাৰ সোমৰস পান কৰি ৰজাঘৰীয়াবোৰ নোদোকা হৈছে৷
এখোজ দুখোজ কৈ আহি
মিলিটেৰী আকৌ চকীখনত বহিলহি৷ পিঠাৰ টোপোলাটোলৈ এবাৰ লোলুপ দৃষ্টিৰে চাই হিমানীৰ মুখখন
মনত পেলালে তেওঁ৷ হিমানীৰ কথাবোৰ, নিপোটল মুখখন, লোদোৰ-পোদোৰ হাত-ভৰি সকলোতে মিলিটেৰীয়ে
জীৱনৰ উত্তাপ বিচাৰি পায়৷ অসম আন্দোলনৰ সময়ত মিলিটেৰীহঁতে যেতিয়া শ্ৰেণী বৰ্জন কৰি
পিকেটিং কৰি ফুৰিছিল তেতিয়াৰে পৰা হিমানীৰ চাল-চলন, কথা-বতৰা, পিন্ধন-উৰণ সকলোতে তফাৎ আছিল৷ দুডলীয়া বেণী গোঁথি জৰিগুৰিৰ কনকলতা হৈ ৰাজপথ কঁপাই আছিল হিমানীয়ে৷ মানুহে যেতিয়াই
দেখিছিল, তাইৰ হাতত কিতাপ এখন থাকিবই৷ শিকাৰ হেঁপাহে তাইক হেনো সুখী কৰাৰ দৰে জিকাৰ হেঁপাহে
বোলে দুখী কৰে৷ মিলিটেৰীয়ে যেতিয়া আন্দোলনৰ মাজতে সময় উলিয়াই চিঠি লিখে, হিমানীয়ে
সৰু কাগজ এখনত এশাৰী বা দুশাৰী লিখি ভনীয়েক ঘনকান্তিৰ হাতত দি পঠায়৷ উত্তৰত হিমানীয়ে
লিখে -
‘সময়ৰ বৰ নাটনি,
ভালপোৱানো কি আৰু? বেয়া পোৱাৰ সূক্ষ্ম আয়োজন৷ বেয়া পোৱা নো কি আৰু ভালপোৱাৰ স্মৃতিচাৰণ৷
চিঠিখন পঢ়ি মিলিটেৰীয়ে লগৰবোৰৰ সৈতে বিদেশী খেলিবলৈ ওলাই যায়৷ ৰাজপথত যেতিয়া ‘খেদ ঐ খেদ, বিদেশীক খেদ; ধৰ
ঐ ধৰ, বিদেশীক ধৰ’ বুলি নীল, মোহন, প্ৰদীপহঁতে চিঞৰিছিল মিলিটেৰীয়ে ভুলতে শ্লোগানৰ
দৰেই চিঞৰিছিল- ‘ভালপোৱানো কি আৰু? বেয়া পোৱাৰ সূক্ষ্ম আয়োজন৷ বেয়া পোৱা নো কি আৰু ভালপোৱাৰ স্মৃতিচাৰণ৷
টিনৰ ওপৰত ঢমঢম শব্দ হোৱাত মিলিটেৰীয়ে দেখিলে ঘৰৰ মূধত টোপোলাটো সাবটি পোৱালিটোক গাখীৰ খুৱাই খুৱাই মালৰীজনীয়ে পিঠা পকতিয়াই আছে৷ জুইৰ পৰা খৰি এডাল তুলি মাৰি পঠাবলৈ লওঁতেই শংকৰৰ দোকানৰ সেই বুকু কঁপোৱা কাহিনীটোলৈ মনত পৰি গ’ল মিলিটেৰীৰ৷
মিলিটেৰীহঁত তেতিয়া পিলিঙা৷ জৰিগুৰি তিনিআলিতে কান সমনীয়া শংকৰৰ খেৰৰ চালিৰ দোকানখন আছিল৷ কাষতে আছিল মগনি নামৰ বিহাৰী মানুহজনৰ চেলুন এখন৷ হৃষ্ট-পুষ্ট মগনিৰ সৈতে প্ৰায়ে শংকৰে নিশাৰ ভাতসাঁজ খাইছিল৷ তাৰ কাষতে মেমেৰা দৰ্জীৰ দোকানখন৷ পুৰণা কাপোৰ চিলোৱা মেচিন এটাৰে মেমেৰাৰ দৰ্জী ব্যৱসায়৷ কাচিমৰা গাখীৰত মচুৰ দাইল দি মেমেৰাই যিখন আঞ্জা ৰান্ধে শংকৰে টকালি পাৰি পাৰি খায়৷ অঞ্চলটোৰ ডেকাবোৰে মেমেৰাই চিলাই দিয়া হাফপেণ্ট পিন্ধিয়েই ডাঙৰ হৈছিল৷ বিশেষকৈ শালিখেতিৰ সময়ত টিকা ফটা লং পেণ্টবোৰ কাটি ডেকাবোৰে হাফপেণ্ট চিলাবলৈ দিছিল হালবাওঁতে পিন্ধিবৰ কাৰণে৷ নিগনিৰ উৎপাতত মেমেৰাও শংকৰৰ দৰেই ৰাতি ৰাতি শুব নোৱাৰিছিল৷ মূৰে-গায়ে বগাই ফুৰা নিগনিবোৰে পেকেটে পেকেটে বিস্কুট খাই কমখন লোকচান কৰা নাছিল৷ নিগনি মৰা দৰব এসোপা সানি কেতিয়াবা চানা কেইটামান কাগজ একোখনত থৈ দিছিল শংকৰে৷ নিগনি মৰি যেতিয়া গোন্ধত অৎকাৰ হয় তেতিয়াহে গম পায় ঔষধে কামত দিয়া বুলি৷
... তাৰ মাজতে আকৌ দুই-এজনে কয়, ‘দোকানত থকা নিগনি মাৰিলে বেছিহে হয় বোলে৷’ শংকৰে নামাৰোঁ বুলি ভাবিলেও ৰাতি ৰাতি নিগনিৰ পৰা শুব নোৱাৰে৷ লেম্পটো নুমুৱাবলৈ পায়হে, নিগনি-ডালশলিয়াবোৰে জুলী আৰু অৰেঞ্জ বিস্কুট থোৱা কাঠৰ আলমাৰীটো কুটকুটকৈ কুটিবলৈ ধৰে, চানাৰ পেকেটবোৰত বগাই ফুৰে৷ খৰমৰণিত শংকৰৰ টোপনি ভাগি যায়৷ কেতিয়াবা কাঠৰ বিছনাখনত সি ভৰিৰে দপদপাই দিয়ে৷ হাতেৰে বিস্কুটৰ আলমাৰীত ঢকিয়ায়৷ নিগনি থিতাতে তাপ মাৰে যদিও লাহে লাহে আকৌ খৰমৰণি আৰম্ভ হয়৷...
শেষত নিগনি মাৰিবলৈ লোহাৰ সজা এটা আনিছিল শংকৰে৷ প্ৰথম দিনা নিগনি বিস্কুট খাবলৈ নাহিল যদিও পাছদিনা মস্ত নিগনি এটা লাগিল৷ শংকৰে নিশাই নিগনিটো মৰাৰ কথা ভাবিছিল যদিও ৰাতি পুৱালে মাৰিম বুলি থৈ দিলে৷ পুৱাই মগনিক মাতি নিগনিটো দেখুৱালে সি৷ সেই সময়তে বিড়িৰ টুকুৰা বিচাৰি বগেন আহি সজাটোত নিগনিটো দেখি শংকৰক কৈছিল,’ হেৰি কৰ শংকৰ, সঁজাটো কেৰাচিনত ডুবাই দে৷’ বগেনৰ কথা শুনি শংকৰে একো নক’লে যদিও মগনিয়ে হয়ভৰ দিলে৷ মগনিৰ উচতনিত শংকৰে লোহাৰ সঁজাটো কেৰাচিনৰ ড্ৰামত জুবুৰিয়াই উলিয়াই আনোতেই গুৰ এপোৱা বিচাৰি নিধিৰাম ওলালহি৷ নিধিৰামে সজাৰ ভিতৰতে নিগনিটোৰ গাত জুই লগাই দিবলৈ কোৱাত শংকৰে জুইশলা কাঠি মাৰি নিগনিটোৰ গাত জুই লগাই দিলে৷ বগেনে সজাটোৰ দুৱাৰখনৰ ফৰিঙাডাল টানি দিয়াত প্ৰকাণ্ড জুই একুৰা হৈ নিগনিটো গৈ মেমেৰাৰ কাপোৰৰ দ’মত সোমাল গৈ৷ মুহূৰ্ততে জ্বলিল জ্বলিল বুলি চিঞৰ-বাখৰ লাগিল যদিও নীলৰ পুৰণা পেণ্টটোৰ বাহিৰে আন কাপোৰ পুৰিবলৈ নাপালে৷
আটাইকেইটাই বাৰুকৈয়ে ভয় খাইছিল সেইদিনা৷
জ্বলি থকা খৰি কেইডাল জুহালত থৈ হিমানীলৈ ফোন লগালে
মিলিটেৰীয়ে৷ সিফালৰ পৰা পোনাই হেল্লʼ বুলি কৈ ক’লে, ‘খুড়া, মা শাকনিত আছে৷ কিবা আছিল নেকি?’
‘তেনেকৈ একো নাই৷
হিমানীয়ে যে পিঠা দিছিল সোপাকে বান্দৰে খালে৷’
‘ক’ত থৈছিল?’
‘বাহিৰতে বহি জুইৰ
ওচৰত খাই আছিলোঁ৷ খাই থকাৰ পৰাই নিলে৷’
‘মাক ক’ম বাৰু৷ মই
কাঠৰ কামলৈ ওলাইছোঁ৷’
‘হ’ব যা৷’
মিলিটেৰীয়ে ফোনটো কাটি দিলে৷ তেনেতে পদূলিমুখত দেখিলে চাৰিটাকৈ জোৱান ডেকা গাড়ী এখনৰ পৰা নামি আহিছে৷
মিলেটেৰীয়ে ‘ঔচ ঔচ’ কৈ কুকুৰ মতা দেখি ল’ৰাকেইটা আচৰিত হ’ল৷
মিলিটেৰীয়ে গহীনাই ক’লে, ‘আহাঁ আহাঁ৷ বান্দৰে গোটেইখন তহিলং কৰিছে৷ সেয়ে ভতুৱাকেইটাক মাতিছোঁ৷’
গাড়ীৰ পৰা নামি জপনাৰ ওচৰতে ৰৈ থকা ল’ৰাকেইটা চুচুক-চামাককৈ সোমাই আহিল৷
...
পুৰণি আছাম টাইপৰ ঘৰটোৰ বেৰত এখন প্ৰকাণ্ড পেইণ্টিং৷ পেইণ্টিংখনলৈ বাৰে বাৰে চাই আছে ল’ৰাকেইটাই৷ নীলৰ পুতেক মৃগাংকৰ কাষতে বহি আছে অম্লানজ্যোতি, চিত্ৰবন আৰু নয়ন হাজৰিকা৷ অম্লান শাসকীয় দলৰ যুৱ সংগঠনটোৰ জৰিগুৰি আঞ্চলিক সমিতিৰ সভাপতি৷ চিত্ৰবন বোলাটো বিদেশী খেদিম বুলি নিজেই বিদেশী হৈ যাব খোজা দলটোৰ স্থানীয় নেতা৷ নয়ন বোলাটো স্বাধীনতা বিচাৰি ভূটানত হেৰুৱা মেঘনাদ নামৰ আপোচবিহীন সৈনিকজনৰ ভায়েক৷ আটাইকেইটাৰে বয়স প্ৰায় পঁচিছৰ ওচৰ চপা৷ সেয়ে সিহঁতৰ তেজোদ্দীপ্ত চাৱনিত বেৰৰ পেইণ্টিংখন অধিক বৰ্ণময় হৈ উঠিছে৷
কাশ্মীৰত থাকোঁতেই মিলিটেৰীয়ে ছবিখন আঁকিছিল৷ প্ৰায় দুমাহমান লাগিছিল সেইখন আঁকোতে৷ ডিউটিৰ মাজে মাজে পাকিস্তানী উগ্ৰপন্থীৰ গুলী-বাৰুদৰ শব্দ শুনি শুনি অঁকা অসমৰ বিদেশী খেদা আন্দোলনৰ তেজ-মঙহৰ ছবি সেইখন৷
ছবিখন অঁকাৰো এটা কাহিনী আছে৷
ইউনিটত গজেন্দৰ সিং বুলি ইউ. পি-ৰ চুবেদাৰ এজন আছিল৷ সেই চুবেদাৰজনৰ দদায়েক এজনক অসম আন্দোলনত নগাঁৱৰ ফালে পিকেটিংকাৰীয়ে জ্বলাই মাৰিছিল৷ সেয়ে গজেন্দৰ সিঙক অসম আন্দোলনৰ বিষয়ে বুজাই ক’বলৈ যাওঁতেই ছবিখনৰ সৃষ্টি হৈছিল৷ ছবিখন গজেন্দৰে নিম নিম কৰি থাকোঁতেই সীমান্তত গুলিয়াগুলিত প্ৰাণ গৈছিল, ছহিদ হৈছিল গজেন্দৰ৷ সেয়ে ফটোখন লগত লৈ ফুৰিছিল মিলিটেৰীয়ে৷ পেইণ্টিংখনৰ ওপৰৰ ফালে লিখা আছে- ‘দেশ বুলিলে নালাগে আদেশ৷’
হাতে হাতে জোঁৰ লৈ
ৰাজপথ উত্তাল কৰা অসম আন্দোলনৰ এনে ধৰণৰ ছবি সিহঁতে কাৰো ঘৰত দেখা নাই৷ অৱশ্যে কেতিয়াবা
কিতাপ-আলোচনীৰ পাতত নেদেখা নহয়; কিন্তু ইমান ডাঙৰ ছবি সিহঁতে ক’তো দেখা নাই৷ ফটোখনৰ
তলতে আন এখন ফটো৷ বন্ধাই থোৱা আছে ফটোখন৷ সেইখন সামৰিক সাজত তোলা মিলিটেৰীৰ ফটো৷ মৃগাংকহঁতে
ফটোখনলৈ চাই থকা সময়তে বান্দৰজাকক গালি পাৰি পাৰি মিলিটেৰী ভিতৰৰ পৰা ওলাই আহিল৷
নীলৰ পুতেকে ক’লে, ‘আমাৰ ঘৰতো এইজাকে বৰ অশান্তি কৰিছে৷’
একেটা কথাকে বাকীকেইটায়ো কোৱাৰ সময়তে হাততে টোপোলা এটা লৈ পোনা আহি পালেহি৷ লগত প্ৰফুল্ল৷
‘কিনো?’ মিলিটেৰীয়ে
সুধিলে৷
‘পিঠা দি পঠাইছে৷’ পোনাই দুৱাৰ মুখৰ পৰাই ক’লে৷ ভিতৰত মৃগাংকহঁতক দেখি পোনাৰ মনটো চেবালে৷ দিনতীয়াকৈ কামৰ বাবে ওলাই আহিছে কৰতিয়াল নীল আৰু প্ৰফুল্ল৷ অঞ্চলৰ মানুহে আচৰিত খাই ৰত্নমাষ্টৰৰ পুতেক কৰতিয়াল বুলি শুনিলে৷ পোনাই কিন্তু নিজকে কৰতিয়াল বুলি ক’বলৈ সমুলি লাজ নাপায়৷ সেয়ে সি একো নকৈ অহাবাটে ঘূৰি যাবলৈ ওলাওঁতেই মিলিটেৰীয়ে সুধিলে- ‘অনু আহিব নেকি?’
‘আহিব নেকি৷’ পোনাই
অনিচ্ছাৰে ক’লে৷
‘হিমানীয়ে আহিব
বুলি কৈছিল৷’
‘অহাৰ কথা আছে৷’
পোনাই বায়েক অনুভূতিৰ কথা কৈ খৰধৰকৈ গৈ মটৰ চাইকেলত উঠিলগৈ৷ অঞ্চলৰ বহু মানুহেই পোনাক
মিলিটেৰী আৰু সিহঁতৰ মাজৰ সম্বন্ধটোৰ বিষয়ে সোধে৷ মাক হিমানীয়ে সৰুতে শিকাই দিয়ামতেই মিলিটেৰীক পোনাহঁতৰ আটাইকেইটাই মামা বুলিয়েই মাতে৷
পিঠাৰ টোপোলাটো খুলি
মিলেটেৰীয়ে ল’ৰাকেইটাৰ হাতে হাতে পিঠা একোটা দিলে৷ নয়নৰ বাহিৰে আটাইকেইটাই হাত পাতি
ল’লে৷
‘তুমি নোখোৱাঁ?’ এড়ী চাদৰখন গাত মেৰিয়াই মিলিটেৰীয়ে
নয়নক সুধিলে৷
‘তিলপিঠা খালে মোৰ টেঙাপানী আহে৷’ নয়নৰ কথাত আটাইকেইটাই মুখ টিপি হাঁহিলে৷ পিঠাৰ টোপোলাটো বান্দৰে নিব নোৱাৰাকৈ টেবুলৰ ড্ৰৱাৰত ভৰাই থৈ মিলিটেৰী আহি কাঠৰ চকীখনত বহিলহি৷ চকীখনৰ কাষৰ টেবুলখনত ৰং-তুলিকা থোৱা ষ্টীলৰ কাঁহী এখন৷ দেখিলেই ধৰিব পাৰি যে বহুদিন ধৰি মিলিটেৰীয়ে ৰং-তুলিকা স্পৰ্শ কৰা নাই৷ কাঁহীখনলৈ চাই মিলিটেৰীয়ে মৃগাংকক সুধিলে ‘দেউতাৰা ভালে আছে?’
‘আছে বৰদেউতা৷’
‘বহুদিন দেখাদেখি
হোৱা নাই৷’ কথাষাৰ কৈয়ে মিলিটেৰীয়ে শাসকীয় দলটোৰ যুৱ সংগঠনটোৰ জৰিগুৰি আঞ্চলিকৰ
সভাপতি অম্লানৰ ফালে চোৱাত আটাইকেইটাই নিজৰ চিনাকি দি গ’ল৷ মিলিটেৰীয়ে আটাইকেইটা ল’ৰাৰ
গুৰি-গোষ্ঠী ভালদৰেই জানে৷ সেয়ে বেছি কথা নুসুধি
মৃগাংকক ক’লে, ‘এতিয়া কোৱাঁচোন কিয় আহিলা?’
‘বৰদেউতা আমি মানে এইবাৰ শিল্পী দিৱস পাতিব খুজিছোঁ৷’
মিলেটেৰীয়ে মুখ ফালি ওলাই আহিব খোজা খংটো পিঠা এটাত কামোৰ মাৰিহে নিয়ন্ত্ৰণলৈ আনিলে৷
চকু মুদি পিঠা চোবাই থাকোঁতেই অম্লানে ক’লে, ‘মানে খুড়া আমি ভাবিছোঁ এইবাৰ শিল্পী দিৱসটো
জৰিগুৰিত ভালকৈ পতা হওক৷ তাতে আমাৰ বিধায়ক মহোদয়ো অহাৰ কথা কৈছে৷’ কথাষাৰ কৈয়ে অম্লানে
চিত্ৰবনৰ ফালে চালে যদিও সি তলমূৰ কৰাত মৃগাংকই আকৌ ক’লে, ‘দেউতাই কৈছে আপুনিহে বোলে
জ্যোতিপ্ৰসাদৰ বিষয়ে ভালকৈ ক’ব পাৰিব৷’
‘নীলই নোৱাৰে নেকি?
অসম আন্দোলনৰ সময়ত সি দেখোন জ্যোতি-বিষ্ণুৰ গীত গাই ৰাজপথ উত্তাল কৰিছিল৷’
‘দেউতাই গান গাইছিল
বুলি আজি প্ৰথম শুনিলোঁ৷’ মৃগাংকই কথাষাৰ গৌৰৱেৰেই ক’লে৷ মিলেটেৰীয়ে বহুপৰ মনে মনে
থাকি ক’লে, ‘জৰিগুৰিত যে কোনোবা এটাই মদৰ দোকান এখন খুলিবলৈ লৈছে তাকে মাতিব পাৰাঁচোন৷’
মিলেটেৰীৰ কথাত আটাইকেইটা
অম্লানৰ ফালে চালে৷
কথাৰ প্ৰথম খুন্দাটোতে
বেহুঁছ হোৱাৰ দৰে হ’ল মৃগাংক৷ সেয়ে একো নকৈ মনে মনে থাকিল সিহঁত৷
(আগলৈ)