গোৱিন কুমাৰ খাউণ্ড
ৰাজপথত ভৰিৰ আঙুলি
বিচাৰি খোজহীন মানুহৰ অলেখ শব্দ৷ সেই শব্দই আজি আৰু কাকো আমনি নকৰে৷ মচোৱা সাপৰ দৰে
পৰি থকা পকী পথৰ ওপৰেদি অৱসাদগ্ৰস্ত মানুহবোৰ অহা-যোৱা কৰি আছে৷ দুই-এজন মানুহ গাড়ী-মটৰে
খুন্দিয়াই থৈ যোৱা ভয় বুকুত লৈয়ে খোজ কাঢ়িবলৈ ওলাই গৈছে৷
সন্ধিয়া সৰি শৰৎ
শৰ্মাৰ চৌহদৰ পৰিৱেশটো মুখৰ হৈ আছে৷ ধূপ-ধুনাৰ সুগন্ধিয়ে পৱিত্ৰ কৰি ৰাখিছে শাসকীয়
দলৰ জিলা সভাপতিৰ অট্টালিকাৰ কোঠাবোৰ৷ জিলিকি উঠিছে গ্লাছৰ ভিতৰৰ নামী-দামী উপহাৰবোৰ৷
অৱশ্যে কিছুমান উপহাৰ, সম্বৰ্ধনা পত্ৰ শৰ্মাই পঢ়িব আৰু চাব নোৱাৰে৷ সেয়ে মানুহৰ চকুত
নপৰাকৈ ভিতৰৰ ফালে ভৰাই থৈছে৷ যিবোৰ দেখিলে নিজেই অপমানবোধ কৰে সেইবোৰ ফালি পেলাইছে৷ অসম আন্দোলনৰ নেতা শৰৎ শৰ্মাই কংগ্ৰেছৰ
বুকুৱেদি চুঁচৰি-বাগৰি আহি হিন্দুত্ববাদী দলত থিতাপি লৈ সমাজ সেৱা কৰি আছে সাধাৰণ মানুহখিনিক
সাৰথি কৰি৷ শৰ্মাই কথাই প্ৰতি কয়, আগৰ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ বাবেই জৰিগুৰিৰ একো উন্নতি নহ’ল৷ অথচ সেই শৰৎ শৰ্মা সেই চৰকাৰৰ দিনতে জৰিগুৰিৰ অবিসম্বাদী নেতা আছিল৷ শৰ্মাৰ
পুতেকে কয়- আগৰ চৰকাৰেই অসমখন লুটিপুটি খালে, অথচ এতিয়াৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কমখাই
আগৰ চৰকাৰৰ হৰ্তা-কৰ্তা বিধাতা আছিল৷ ইটোৰ পাছত সিটো কেলেংকাৰীৰ নায়ক আছিল৷ অসমৰ শদিয়াৰ
পৰা ধুবুৰীলৈ এইমখা দেশখোৱাই ৰাইজক কৈ ফুৰিছিল অমুকক অসমৰ স্বাৰ্থত ভোট দিয়ক৷ এতিয়া
আকৌ সেইমখা একে ৰাতিতে বান্দৰ জাঁপ দি ভ্ৰম হোৱা মানুহৰ দৰে গাই ফুৰিছে সেইটো দল বেয়া
এতিয়াৰটোহে ভাল৷ ক’বলৈ গ’লে শৰ্মাৰ ঘৰখনেই আগৰ চৰকাৰৰ দিনত জৰিগুৰিৰ দিছপুৰ আছিল৷
ৰজাৰো সেই একেই অৱস্থা৷ চৰম সুবিধাবাদী নেতাগৰাকীৰ পৰিয়ালটোৰ দৰেই শৰ্মাৰ পৰিয়ালটোৱেও
প্ৰমাণ কৰি আহিছে ৰাজনীতিত সকলো সম্ভৱ৷ মিছাক সঁচা কৰি আৱেগৰ জুই জ্বলাই ৰাইজখনক বোবা
কৰি ৰাখিব পাৰিলেই দেশৰ, দহৰ উন্নতি হ’ব বুলি ভবা ৰাজনীতিত যে মূল্যবোধৰ কোনো স্থান
নাই সেইকথা দগাবাজ নেতাবোৰে বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ সেয়ে শৰৎ শৰ্মাৰ দৰে নেতাৰ
আজি কাৰো ওচৰত লাজ নালাগে৷ দধি লেখাৰুৱে লগ পালেই কয়, “দাদা এইবোৰ ভাবি থাকি লাভ নাই, আমাৰ চিষ্টেমেই তেনেকুৱা৷
মই আৰু ইমান দিনে দেখি-শুনি আহিছোঁ৷”
তথাপি শৰ্মাৰ মনত
পৰে অসম আন্দোলনৰ দিনবোৰলৈ৷ ৰাজপথৰ শ্লোগানবোৰলৈ৷
কথাবোৰ ভাবি থাকোঁতেই চি চি টিভিৰ মনিটৰত দেখিলে গেটৰ সমুখত চাইকেল এখন লৈ মানুহ এজন ৰৈ আছে৷ মাজে মাজে মানুহজনে ইফালে-সিফালে চাই আছে৷ মানুহজনৰ মূৰত এটা টুপী৷ লোহাৰ গেটখন খুলিবলৈ চেষ্টা কৰিছে যদিও পৰা নাই৷ শৰ্মা বহাৰ পৰা উঠি গ’ল৷ বাৰাণ্ডা পোৱাৰ লগে লগে বিলাতী কুকুৰটোৱে ভুকিবলৈ ধৰাত শৰ্মাই মনে মনে থাকিবলৈ কৈ এখোজ-দুখোজকৈ গে’টৰ ওচৰ পালেগৈ কোনোবা দলীয় মানুহ অহা বুলি ভাবি৷ যেই মিলিটেৰীক চিনি পালে শৰ্মা অৱজ্ঞাৰে ভিতৰ সোমাই আহিব খোজাত মিলিটেৰীয়ে ‘শৰ্মা দা’ ‘শৰ্মা দা’ বুলি মাত দিলে৷ এবাৰ-দুবাৰ নহয় কেইবাবাৰো মতাৰ পাছতো শৰ্মাই ঘূৰিকে নাচালে৷ ভিতৰত পৰিবাৰে সুধিলে- “কোন আহিছে?”
“খগেন মিলিটেৰী৷”
খগেন মিলিটেৰীৰ নাম
শুনিয়েই শৰ্মানীৰ ভয় লাগিল৷ সেই আন্দোলনৰ সময়ৰ পৰাই খগেন মিলিটেৰীৰ নাম শুনি আহিছে৷
সেয়ে ক’লে, “কিয় আহিছে বা?”
“কেনেকৈ জানিবা?” কথাষাৰ কৈয়ে শৰ্মাই আকৌ মনিটৰটোলৈ চাই থাকোঁতেই দেখিলে অম্লানৰ গাড়ীৰ হে’ডলাইটৰ পোহৰে মিলিটেৰীক আগুৰি ধৰিছে৷ জিলিকি উঠিছে মিলিটেৰী বনৰ বাঘৰ দৰে৷ গাড়ীখন সোমাই অহাত গহীন খোজেৰে গাড়ীৰ পিছে পিছে সোমাই আহিছে মিলিটেৰী৷
গাড়ীখন নিদিষ্ট
স্থানত থৈ অম্লান নামি আহিল৷
সি সপোনতো ভবা নাছিল মিলিটেৰী আহি যে সিহঁতৰ ঘৰ ওলাবহি৷
“খুড়াদেউ৷’’ অম্লানে
মাত দিলে৷
‘‘শৰৎদাক মাতাঁচোন৷”
মিলিটেৰীয়ে খঙেৰে ক’লে৷
“ভিতৰলৈ বলক৷”
“মই গ’লে ভিতৰত
ধুমুহা হ’ব৷ বাহিৰলৈকে মাতি দিয়াঁ৷”
“আহাঁ, আহাঁ ভিতৰলৈ আহাঁ৷” এইবাৰ ওলাই আহি শৰৎ শৰ্মাই মাত দিলে৷
‘‘আপুনি কাণেৰে
কেতিয়াৰ পৰা নুশুনা হ’ল?’’
‘‘কিয়?”
‘‘ইমান কৈ মাতিলতো
গোঁ-গোঁকৈ ভিতৰ সোমাই আহিল যে৷’’ মিলিটেৰী ভিতৰ সোমাই গ’ল৷
“আগতে বহি লোৱাঁচোন৷
মানুহটো হৃষ্ট- পুষ্টই হৈ আছা দেখোন৷”
“আমি নিজৰ খাই জীয়াই
আছোঁ শৰ্মাদা৷ ৰাইজৰ ধনেৰে দকচি খোৱাৰ ভাগ্য নহ’ল আমাৰ৷ সেয়ে হৃষ্ট-পুষ্ট হৈ আছোঁ৷”
‘‘তুমিও যে আৰু..!”
শৰ্মাই কথা সলাব খুজি কুকুৰটোৰ গাত হাত ফুৰালে৷ কুকুৰটোৱে বাৰে বাৰে শুঙি চাইছে মিলিটেৰীক৷
“মই সঁচাকৈয়ে কৈছোঁ
দাদা৷” মিলীটেৰীয়ে গামোচাৰে মুখখন মোহাৰি মোহাৰি ক’লে৷
“সিদিনা মিটিঙলৈ
নাহিলা কিয় ? হিমানীও নাহিল, তুমিও নাহিলা ?”
“আমি নোযোৱাৰ বাবে
দধি আৰু আপুনি বোলে ৰাইজখনৰ সমুখত জ্যোতিপ্ৰসাদৰ হৈ বহু কথা কৈ থৈ গৈছে৷”
“কিনো কথাবোৰ কোৱাঁহে৷
আজিকালি জ্যোতি-বিষ্ণুৰ আদৰ্শত চলা মানুহ আছে কিমান৷ আমাৰ ল’ৰা-ছোৱালীয়ে চিনিয়েই
নাপায়৷”
“অকল ল’ৰা-ছোৱালীয়েই
নহয়, আপুনি-ময়ো চিনি নাপাওঁ৷ হেৰি নহয় শৰৎদা ..৷’’
‘কোৱাঁ৷’
কিবা এটা ক’বলৈ মুখ মেলোঁতেই মিলিটেৰীৰ চকু গৈ আলমাৰীৰ
ফটোখনত পৰিলগৈ৷ মুখ্যমন্ত্ৰীৰ সৈতে তোলা ফটো৷ বৰ ধুনীয়াকৈ বন্ধাই থোৱা আছে ফটোখন৷
হিংস্ৰ বাঘৰ দৰে চাই আছে মিলিটেৰীয়ে৷ ফটোখন আলমাৰীৰ পৰা উলিয়াই আনি ঠেকেচি ভাঙি পেলাবৰ
মন গৈছে৷ অসম আন্দোলনৰ সময়ত ৰত্ন কংগ্ৰেছীক ধৰি-বান্ধি ঘৰৰ ভিতৰত সুমুৱাই থ’ব বিচৰা
শৰৎ শৰ্মাই নীলৰ সৈতে একেলগে কংগ্ৰেছত যোগ দিছিল৷ শুনি লাজ লাগিছিল মিলিটেৰীৰ৷
মিলিটেৰীয়ে ফটোবোৰ চাই থকাত আমনি লাগিছিল শৰৎ শৰ্মাৰ৷
সেয়ে ক’লে, “কোৱাঁ...৷”
“চাইছো ফটোবোৰ৷ আছুৰ পৰা কংগ্ৰেছ হৈ বিজেপিলৈ৷ আপোনাৰ যাত্ৰা কিন্তু বেছ ৰোমাঞ্চকৰ৷’’
‘‘সেইবোৰ বাদ দিয়াঁ৷
নিজৰ খবৰ কোৱাঁ৷’’
কথাৰ সুৰ সলাব বিচাৰিছে
যদিও শৰৎ শৰ্মাৰো মনত পৰিছে বিদেশী খেদাৰ নামত অসম ৰাঙলী হোৱাৰ দিনবোৰলৈ৷ বাৰে বাৰে
মনলৈ আহিছে ৰত্নদাহঁতক ঘৰৰ পৰা বাহিৰ ওলাবলৈ নিদিয়া সময়বোৰলৈ৷ ভাহি অহা যেন লাগিছে
‘‘আহ ঐ আহ...ওলাই আহ, ইনক্লাৱ জিন্দাবাদ’ ৰ তমোময় ধ্বনি৷
“মোৰ নিজৰ বুলি একো
নাই শৰ্মাদা৷ বান্দৰ এজাকক লৈ ঘৰতে সোমাই থাকোঁ৷’’
“তাকেহে৷ বান্দৰে
বৰ উপদ্ৰৱ কৰিছে৷ আমাৰো বাৰীখন তহিলং কৰিছে৷ জলকীয়া এটাও কৰি খাব নোৱৰা অৱস্থা হৈছে৷
বেছিদিন নাই, আমাৰ অঞ্চলত মানুহৰ মঙহ খাব এই বান্দৰজাকে...! ঘৰ-বাৰী সকলো শেষ কৰি এতিয়া
ইহঁতে ঘৰৰ ভিতৰৰ মেচিনেৰী সামগ্ৰী ধ্বংস কৰাত লাগিছে...! বেছিদিন নাই, সিহঁত ঘৰৰ ভিতৰত
থাকিব আৰু আমি বাহিৰত থাকিব লাগিব৷” কথাষাৰ কৈয়েই শৰ্মাই ভিতৰৰ ফালে চালে৷ মিলিটেৰীয়ে
গহীনাই ক’লে, “আপোনাৰ দৰে মানুহৰ ভালেই৷ হাবিৰ জাকেহে আমনি কৰে...! দল বাগৰি বাগৰি
অসমখনত লুটপাত চলোৱা বান্দৰজাকে আমনি নকৰে নহয়৷’’
‘‘ কিমাননো ৰাজনীতিৰ
কথা পাতিম৷ অলপ ঘৰুৱা কথা পাতোঁ নেকি’’
“অʼ শৰ্মাদা বুকু
ফাটি যায় মোৰ৷ অসমত গাঁৱে গাঁৱে চুবুৰীয়ে মদৰ দোকান খুলিবলৈ আমি আন্দোলন কৰিছিলোঁ নেকি?
বহিৰাগত মানুহক মাটি-ভেটি চমজাই দিবলৈ আপুনি-মই পুলিচৰ পিটন খাইছিলোঁ নেকি? আপোনাৰ
দলক বেয়া পোৱা মানেই দেশক বেয়া পোৱা কিয় হয়?
আপোনাৰ সিদ্ধান্তক বেয়া পোৱা মানেই মই দেশদ্ৰোহী নেকি? বুইছে শৰ্মাদা, দুষ্ট
মানুহৰ হাতত ক্ষমতা পৰিলে সমাজ ধ্বংস হয়৷ মই
কোৱা নাই প্লেটোৱে কৈ গৈছে৷ সঁচা কথা কোৱা
মানুহক এতিয়াৰ নেতাই ভেঙুচালি কৰে, মিছাৰ পক্ষে মাত মতা মানুহৰ শাৰী মদৰ দোকানৰ গ্ৰাহকৰ
দৰে দীঘলীয়া হৈ গৈ আছে৷ আপোনালোকে তালিকা কৰা হিতাধিকাৰী লিষ্টৰ দৰে মদাহীৰ সংখ্যা
বাঢ়ি গৈছে?...”
মিলিটেৰীৰ কথাত শৰ্মাই
মাতিব পৰা নাই৷ ভিতৰৰ পৰা শৰ্মানীয়ে বাৰে বাৰে ইংগিতেৰে মাতি আছে যদিও উঠি যোৱাৰ সাহস
কৰিব পৰা নাই৷
“ল’ৰাটোক মাতকচোন৷”
“হেৰা বাবুক মাতিছোঁ
বুলি কোৱাঁচোন৷” শৰ্মাই ভিতৰলৈ চাই ক’লে৷
“শৰ্মাদা আপোনাৰ
মনত আছেনে, নীলৰ প্লেনঞ্জাৰ চিটৰ দীঘলীয়া অস্ত্ৰপাতৰ কথা৷”
“আছে আছে, কিয়
নাথাকিব! সেইবোৰ দিন পাহৰিব নোৱাৰি৷”
“তেন্তে কোনবোৰ
পাহৰিব পাৰি? আলফাৰ দিনবোৰ?”
“এস, সেইবোৰ কথা
নুলিয়াবা এতিয়া৷ আমাৰ চৰকাৰে সমস্যা সমাধান
কৰিব৷ চাই থাকাঁ৷”
“অ’ শৰ্মা দা?”
“ কিহৰ কথা কৈছা?”
“চৰকাৰবোৰে সদায় আন্দোলনকাৰীবোৰকহে সমস্যা বুলি ভাবি লয়৷ কিন্তু আন্দোলনকাৰীয়ে যিবোৰ সমস্যাৰ বাবে আন্দোলন কৰে, বিপ্লৱ কৰে সেই সমস্যাবোৰ থাকি যায়
সদায়৷ অসম তেনেদৰেই চলি থকা নাই নে ?’’
কথা পাতি থাকোঁতেই
শৰ্মানীয়ে চাহ আনিলে৷ মিলেটেৰীৰ ফালে চাই সুধিলে,” হিমানী আইতা ভালে আছে?”
“ভালে আছে৷ হিমানীৰ
কথা এটা সোধোঁ বুলিহে এই গধূলিখন আপোনালোকৰ ঘৰ পালোঁহি৷ ল’ৰাটোক মাতক৷ আপুনিও বহকচোন৷”
“আপুনি চাহকাপ খাই লওক, মই তাক মাতি আনো৷” শৰ্মানী ভিতৰ সোমাই যোৱাত মিলিটেৰীয়ে ক’লে, “নবৌ সেই আগৰজনীয়েই হৈ আছে৷ এতিয়া কোন দলত আছে ?’’
“আমাৰ দলতে আছে৷
মহিলা মৰ্চাৰ জিলা সভানেত্ৰী৷”
“আপুনি ঘৰতে চৰকাৰ
বহুৱাই লৈছে৷” চাহৰ কাপত দীঘলীয়া শোহা মাৰি
মিলিটেৰীয়ে শৰ্মালৈ চাই ক’লে৷
“কিনো কৰিবা, ৰাইজে
নেৰে বুজিছা৷ ময়ো কেতিয়াবাই এৰোঁ এৰোঁ কৰি আছোঁ৷ পিছে এৰিব খোজা নাই অঞ্চলটোৰ কথা
ভাবি৷”
শৰ্মা আৰু মিলেটেৰীয়ে
কথা পাতি থাকোঁতেই শৰ্মানী আৰু অম্লান ওলাই আহিল৷ মিলিটেৰীয়ে ভৰিৰ পৰা মুখলৈ চোৱাত
অম্লান ম্লান পৰি যোৱাৰ দৰে হ’ল৷
“হিমানীৰ ঘৰলৈ আৰু
কোন গৈছিল?” মিলিটেৰীয়ে চাহৰ কাপটো থওঁ বুলিয়েই জোৰেৰে থ’লে টেবুলখনত৷
“মই আৰু মৃগাংক
গৈছিলোঁ৷”
“ অ৷” মিলিটেৰীৰ
মাতটো আগতকৈ গহীন হৈ ওলায়৷
“বুজিছা খগেন, পৃথিৱীখন বহুত সলনি হৈ গ’ল৷ আমাৰ দিনবোৰেই ভাল আছিল৷ ককাই-ভাইৰ মাজত থোতা-মোজা লাগিলেও ভাগিছিল৷
এতিয়া নাভাগে৷ বৰ জটিল হ’ল৷” শৰ্মাই ক’লে৷
“সেইবোৰ থাকিবই
শৰ্মাদা৷ দিন-কাল সলনি হৈছে বুলিয়েই আপুনি জানো লগুণডালেৰে আঁঠুৱা ৰচী বান্ধিব পাৰিছে৷”
“তুমি বৰ আচৰিত
মানুহ খগেন৷”
“অ’ মই আচৰিত মানুহ
শৰ্মাদা৷ মিলিটেৰী চাকৰি আধাতে এনেয়ে এৰি থৈ অহা নাই৷ লেকিন শৰ্মাদা, আমাৰ জৰিগুৰিত
মদৰ দোকান কোনে খুলিবলৈ লৈছে৷”
“ক’তা, মই দেখোন গমেই পোৱা নাই৷” কথাষাৰ কৈয়ে শৰ্মাই পুতেকৰ ফালে চালে৷ অম্লানে ফোন এটা অহাৰ ছলেৰে উঠি যাব খুজিছিল যদিও মিলিটেৰীয়ে এক প্ৰকাৰ ধমকৰ সুৰতে ক’লে, “বহাঁ, ক’লৈ যোৱাঁ?”
একেটা ধমকতে অম্লান বহি পৰিল৷ মিলিটেৰীয়ে আকৌ সুধিলে, “কোনে খুলিবলৈ লৈছে কওক৷”
“নাই মই একো গম পোৱা নাই দেখোন৷” শৰ্মাই ক’লে৷
“আপুনি?” শৰ্মানীৰ
ফালে চাই সুধিলে৷
“মই মাইকী মানুহজনীয়ে
কেনেকৈ জানিম বাৰু!”
“তুমি?” অম্লানৰ
ফালে চাই সুধিলে৷
“মই শুনিহে আছোঁ
কোনোবা এজনে খুলিব বুলি৷”
শৰ্মা পৰিয়ালে যে মিছা মাতিছে মিলিটেৰীয়ে গম
পালে৷ সেয়ে এইবাৰ অম্লানক ক’লে, “অম্লান....!”
“কওক খুড়া৷”
“সময় এতিয়া বৰ
জটিল বুজিছা৷ তাতোকৈও জটিল হৈ পৰিছে আমাৰ অসমীয়া সমাজখন৷ যিবোৰ নেতাই এদিন মদৰ ঘাটি
ভাঙিছিল সেইবোৰে এতিয়া বিলাতী মদৰ দোকান খুলিছে৷ যিবোৰ নেতাই এদিন কংগ্ৰেছত থাকি অসমীয়া
মানুহক মিঞাক সাবটি ল’বলৈ কৈছিল, লুঙি-টুপী পিন্ধি নামাজত বহিছিল সেইবোৰ মানুহে এতিয়া
‘মিঞা, মিঞা’ কৰি সমাজখন অস্থিৰ কৰি ৰাখিছে৷ যিবোৰ মানুহে বিদেশী খেদা আন্দোলন কৰিছিল
সেইবোৰ মানুহে এতিয়া বিদেশী আনিব খুজি অসমীয়া ডেকাক গুলীয়াই মাৰিছে৷ বিহাৰ উৎসৱ
পাতিবলৈ উঠি-পৰি লাগিছে৷ হয়নে নহয় কওক৷”
“কি কৰিবা খগেন ?” হিন্দু হৈ নাথাকিলে অসমীয়া নাবাচিব৷ জাতি-মাটি, ভেটি নাবাচিব৷ আমাৰ কিমান সত্ৰ-নামঘৰ সিহঁতৰ দখলত গ’ল৷ কংগ্ৰেছীবোৰে নকয় সেইবোৰ৷’’
“আপুনিওতো আছিল
সেই সময়ত৷ আপুনি হোৱা নাই কি? আপোনালোকৰ মুখ্যমন্ত্ৰী প্ৰথমে কি আছিল?”
“তুমিচোন জানাই!”
“প্ৰথমে আছু আছিল
হয়নে?
“হয়৷” শৰ্মাই হাঁহিলে
“তাৰ পাছত ক’লৈ
জপিয়ালে..?”
“তুমিচোন জানাই
আৰু, সেইবোৰ ধৰি নাথাকিবা খগেন৷ আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া মুকলি মনেৰে কাম কৰিছে৷
দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত আহিব লাগিব অসম৷”
“শৰ্মাদা দেশৰ ভিতৰত
অসম কেই নম্বৰত থাকে মোৰ সেইটো দৰকাৰ নাই৷ জৰিগুৰিত যদি মদৰ দোকান হয়, লেকিন কথা কিন্তু
বেলেগ হ’ব৷’’ কথাষাৰ কৈয়ে মিলিটেৰী বহাৰ পৰা উঠিল৷ শৰ্মাই ‘পিছে-পৰে সেইকথা পাতিম’ বুলি মিলিটেৰীক সাবটি ধৰিলে৷ দৃশ্যটো
ধৰি ৰখাৰ মনেৰে অম্লানে ইখনৰ পাছত সিখনকৈ ফটো তুলিলে৷ দুৱাৰ মুখ পায়ে মিলিটেৰীয়ে
ক’লে, “মই আচলতে হিমানীক তুমি জেৰা কৰাৰ বিষয়েহে সুধিম বুলি আহিছিলোঁ৷”
“মই জেৰা কৰা নাই খুড়া৷ সেইদিনা আপোনালোক মিটিঙলৈ
আহিব লাগিছিল৷”
‘‘তোমালোকে পঞ্চায়ত
দখলৰ বাবেহে মিটিং পাতিছিলা৷ জ্যোতিপ্ৰসাদৰ বিষয়ে এই দধি লেখাৰুটোৱে কি ক’ব বাৰু?
সি এক নম্বৰ পলিটিচিয়ান৷ কলেজত কাম কৰিলেই নহ’ব নহয়৷ নিজৰ বুলি কিবা এটা থাকিব লাগিব৷
আচলতে সকলো আসন সকলোৰে বাবে নহয়৷ যোগ্যজনকহে যোগ্য আসনত বহুৱাব লাগে৷ নীলা শিয়ালৰ
দৰে ছল-চাতুৰিৰে সিংহৰ ভাও ধৰি থাকিলেও তাৰ আচল স্বৰূপ এদিন ওলাই পৰিব৷ চাবা কিন্তু;
জৰিগুৰিত মদৰ দোকান পাতিলে তোমালোক শান্তিত থাকিব নোৱাৰিবা৷ মদ খাই চোতালত সদায় বমি
কৰিমহি৷’’
কথাষাৰ কৈয়ে দুৱাৰ
মুখ পালেহি মিলিটেৰী৷ কিৰিং কিৰিংকৈ ফোনটো বাজি উঠাত দেখিলে হিমানীৰ ফোন৷ মনটো ভৰি
গ’ল মিলিটেৰীৰ৷
০০০০
বাহিৰত চাইকেলৰ বে’ল বজা শুনি হিমানীয়ে ক’লে- “আহিছে৷ দৰকাৰ নাই নহয় সেইবোৰত লাগিবলৈ৷ যাচোন দুৱাৰখন খুলি থৈ আহগৈ৷’’ পোনা উঠি গৈ দুৱাৰখন খুলি দিলেগৈ৷ মিলিটেৰী ভিতৰ সোমাই আহিল৷ শৰৎ শৰ্মাৰ ঘৰৰ ছবিখনৰ বিষয়ে কৈ থৈ যাওঁ বুলিয়ে সোমাই আহিল যদিও হিমানীয়ে ভাত ৰান্ধি থকাৰ পৰা মূৰেই দঙা নাই৷ খং আৰু অভিমানত গোটেইজনী টিকটিকিয়া হৈ আছে৷
‘‘ঠিকছে কৈ আহিছোঁ৷ জৰিগুৰিত মদৰ দোকান হ’লে চোতালত
বমি কৰিমহি বুলি কৈ আহিছোঁ৷’’
“হ’লেও তুমি তাত পাবগৈ নালাগে নহয়৷’’ হিমানীয়ে খঙেৰে ক’লে৷ মাকৰ খং দেখি পোনাই হাঁহিলে৷ মিলিটেৰী ডাইনিঙৰ কাষৰ চকীখনতে বহিল৷ শৰৎ শৰ্মাৰ ঘৰৰ বিষয়ে এফালৰ পৰা কৈ শেষ হোৱালৈ ভাত বাঢ়িবৰে হ’ল৷
“মই যাওঁ৷’’ মিলিটেৰীয়ে
ক’লে৷
‘‘ক’লৈ..৷’’
“কি ক’লৈ? ঘৰলৈ
যাওঁ৷ আজিকালি বান্দৰমখা ৰাতিও সোমায়হি৷’’
‘‘মই আকৌ ভাবিছিলোঁ
তুমি থাকিবা৷’’
‘‘কিয় পোনা নাথাকে নেকি?”
“প্ৰফুল্লৰ গাটো বেয়া৷ বুকুৰ বিষ বোলে৷ সি তালৈ ওলাইছে৷’’
“এই ক’ভিডৰ বেজি
লোৱা পাছত মানুহৰ কামেই নাইকিয়া হৈ আহিছে৷ অʼ মই কিন্তু ভাত নাখাওঁ৷’’
‘“শৰৎ শৰ্মাৰ ঘৰত
পট ভৰাই খালা নেকি ?”
হিমানীৰ কথাত মিলিটেৰীয়ে হাঁহিলে৷ পোনাক ভাত বাঢ়ি
দি মাকে ক’লে “ভাত নেৰিবি কিন্তু৷’’
“মই নাখাওঁ বুলিয়েই
কৈছিলোঁ, ইমান সোপা বাঢ়ি দিছা৷’’ পোনাই ক’লে৷
‘‘সদায় সদায় ক’ত
খাই আহ তই৷’’
“মানুহে মাতে কাৰণেহে
যাওঁ৷’’
পোনা আৰু প্ৰফুল্লক
অঞ্চলটোৰ বহুতেই ভোজলৈ মাতে৷ দকচি খোৱা বুলি অঞ্চলত নাম আছে সিহঁতৰ৷
অঘৰী হাতীৰ পালে
হাবি নোহোৱাৰ দুখত জৰিগুৰিৰ ৰাতিবোৰ ফাল ফাল কৰা সময়ত সিহঁত দুটাই হাতত জোঁৰ লৈ আগৰ
শাৰীত থিয় হয়৷ মানুহবোৰে ভয় কৰে, সিহঁতৰ কিন্তু মৰণৰ ভয় নাই৷ সিহঁতৰ সাহসে অঞ্চলটোৰ
মানুহবোৰক নিৰ্ভয়ে থাকিবলৈ দিয়ে, এমুঠি খাবলৈ দিয়ে, শান্তিত শুবলৈ দিয়ে৷ নিশা হ’লে ধান খাবলৈ অহা হাতীৰ পালটোৱে প্ৰতি বছৰে
হুকুমী পথাৰৰ মানুহজাকৰ বুকু কঁপাই তোলে৷ হাতীৰ গগন ফলা চিঞৰ সিহঁতে বুকুপাতি লয়৷ ৰত্নছাৰ জীয়াই থাকোঁতে প্ৰায়ে কৈছিল,
“আমাৰ পোনা কৰতলীয়ালক ৰাইজৰ নামত উছৰ্গা কৰিলোঁ৷ প্ৰফুল্ল আৰু পোনা থকালৈকেএই অঞ্চলৰ মানুহ হাতীৰ ভয়ত কঁপি থাকিব নালাগে৷ প্ৰফুল্লই
প্ৰায়ে কয়, “মানুহবোৰৰ যেতিয়া কেঁচা ঘৰ আছিল ভুঁইকপৰ বাহিৰে আন একোৱে ঘৰবোৰ কঁপাব পৰা নাছিল৷ ধুমুহা-বৰষুণৰ কথাই
নাছিল৷ আজিকালি দেখোন পকী ঘৰবোৰো
হাতীৰ ভোকতে কঁপি উঠে৷” ৰত্নছাৰে হাঁহে৷ শিল যেন টান কাঠত কৰত মাৰি থাকোঁতে চাহৰ জুতি ল’বলৈ
যিবোৰ মানুহ আহে সকলোকে পোনা আৰু প্ৰফুল্লই কৰতীয়াল জীৱনৰ ঘানি টানি ডেই যোৱা কলিজাৰ
এঙাৰ দেখুৱায়৷ কাঠ কাটোঁতে কাটোঁতে, কৰত টানোতে টানোতে সিহঁতৰ বাঁউসী মল্ল যুঁজাৰুৰ
দৰে আটিল হোৱাই নহয় গাৰ মঙহো খমলা-খমল হৈ পৰিল৷ পোনাৰ আজিও মনত পৰে সনাতন মাষ্টৰৰ
ঘৰত কাঠ ফালি থাকোঁতে কাষৰে নীলু ঠিকাদাৰৰ ঘৰত মাঘৰ ভোজ খাবলৈ মতাৰ দিনটোৰ কথা৷ সি বি. এ. ফেইল কৰি কৰতীয়াল জীৱন আৰম্ভ কৰিছে তেতিয়া৷ মানুহ আচৰিত খাইছিল পোনা কৰতীয়াল হোৱা দেখি৷
পুৱাতে বৰ কৰতত শাণ দি দিনতীয়াকৈ ওলাই গৈছিল কাঠ ফালিবলৈ৷ এবাৰ কাঠ ফালি থাকোঁতেই হোৰোসকৈ
দহ ফুটীয়া উৰিয়াম কাঠডাল ৰছী ছিগি পৰাত কথমপিহে দুয়োটা ৰক্ষা পৰিছিল৷ পাছলৈ সিহঁতে সৰহীয়া কাঠ ফলাৰ বেলিকা গাত খান্দিহে
খন্দাৰ পণ লৈছিল৷ সনাতন মাষ্টৰৰ
আজোককাকে ৰোৱা কঁঠালজোপা ফলোৱাইছিল মাজুজনী জীয়েকৰ বিয়াৰ কাঠৰ মালৰ বাবে৷ সেইডাল
ফালোঁতে মাঘমহীয়া ঠেঁটুৱৈ লগা জাৰতো গা টেপটেপীয়া হৈ উঠিছিল৷ কৰত নবহে৷ দিনটোত এহাত
মানহে ফালিব পাৰে৷ বাঁউসী লৰি যায়৷ ৰাতি তপিনালৈকে বিষ উঠে৷ মণিপুৰী ভাং হুপি হুপি এটা
পষেকৰ ভিতৰত সিহঁতে কাঠ
দহ কিউবিক কোনোমতে ফালি উলিয়াইছিল৷
কাঠৰ ৰং কি নাচাবা ! কেঁচা হালধিৰ দৰে৷ কাঠৰ ৰঙৰ পৰাই ওলাইছিল জোনালীৰ কথা৷ পোনাই হাঁহি
হাঁহি কৈছিল, “পাহৰিব নোৱাৰোঁ ঐ তাইৰ কথা৷ কৰতেৰে বুকুফালি চালেহে বুজিবি বুকুখনৰ ভিতৰত
কি আছে৷ গাৰ ৰঙেই চাবিনে হাত-ভৰিৰ ৰঙেই চাবি৷ সাইলাখ এইটোৱেই আৰু৷” প্ৰফুল্লই কঁঠালৰ
ৰঙটো দেখুৱাইছিল৷ গছজোপাৰ অকণো কাঠ
পেলনি যোৱা নাছিল৷ গছজোপা বগৰোৱাৰ দিনাৰে পৰা কিমান যে কাহিনী শুনিছিল সিহঁতে৷ বাৰ
হাত গোলাইৰ গছজোপা মানুহৰ বাবে গছ হৈ থকা নাছিল৷ কঁঠাল অৱশ্যে বৰকৈ লগা নাছিল৷ নহৰুফুটীয়া আছিল বোলে ফুটবোৰ৷ মৌ যেন মিঠা৷ মুখত দিলেই
পমি যোৱাৰ দৰে৷ গুটিতো তেনেই সৰু৷ কঁঠাল টেপু একোটাত আঢ়ৈ-তিনিকুৰি ফুট ওলাইছিল৷
ওচৰৰ মানুহৰ মুখৰ কথা অনুসৰি ফুটবোৰৰ ৰং হালধীয়া আছিল৷
সেই কঁঠালজোপা ফালি থাকোঁতেই এদিন নীলু ঠিকাদাৰে ১৫ কিলোমান ওজনৰ ৰৌ মাছ দুটা চাইকেলৰ কেৰিয়াৰত ওলোমাই আনি সিহঁতৰ ওচৰতে ৰৈছিলহি৷ সিহঁত দুটাই ভাং এচিলিম যোগাৰ কৰি টেকেলিত ফিকা চাহ চাহ তপতাই আছিল৷ ঠিকাদাৰৰ কেৰিয়াৰত সেইহেন পকাণ্ড ৰৌ দুটা দেখি পোনাই সুধিয়েই পেলাইছিল, “ভোজ ডাঙৰেই হ’ব যেন পাইছোঁ৷’’ ঠিকাদাৰে গহীনাই কৈছিল, “কিনো ডাঙৰ হ’ব, মাছ নাপালোঁৱেই৷ হেৰি অʼ তহঁত দুটাও যাবি৷ অৱশ্যে ভোজ হোৱালৈ দুটা-তিনিটা বাজিব৷ হ’লেও যাবিহঁত৷’
সেইটোৱেই পোনা আৰু
প্ৰফুল্লই একেলগে খাবলৈ যোৱা প্ৰথমটো ভোজ আছিল৷ ভোজলৈ গাঁৱৰ গোটেইবোৰ মানুহকে মাতিছিল ঠিকাদাৰে৷ তাৰ পাছত যেতিয়াই ওচৰৰ গাঁওবোৰত ভোজ,
বিয়া, গিয়াতালি হয় সকলোৱে পোনা আৰু প্ৰফুল্লক মাতিবই মাতিব৷ অৱশ্যে গিয়াতালি খাবলৈ সিহঁতৰ সমূলি মন নাযায়৷
মন নোযোৱাৰো এক কাহিনী আছে৷
(আগলৈ)