নৱনীতা ভট্টাচাৰ্য
টিটিৰ দিনলিপিখন পঢ়াৰ পিছৰে পৰা তাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গৈছে৷ তাৰ কিছুমান কথা শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও বৰ গুৰুত্বপূৰ্ণ। তাৰ কথাবোৰে মোক আমোদ দিয়াতকৈ বেছি আচৰিতহে কৰি তোলে৷ তাৰ নিচিনা অনুসন্ধিৎসু মনৰ গৰাকী হয়তো সমাজত তেনেই তাকৰ। সঁচাকৈয়ে টিটিৰ দৰে এধানিমান চৰাই এটিও ইমান কৌতূহলী হ’ব পাৰেনে? ৰ’বা, কথাবোৰ অলপ বহলাই ক’লেহে তোমালোকৰ বুজিবলৈ সহজ হ’ব৷ বিশেষ নকওঁ, আজি মই পঢ়া তাৰ দিনলিপিৰ পাতখিলাত উপস্থাপন কৰা কথাখিনিকে কওঁ শুনা। সি লিখি যোৱা ধৰণেই তোমালোকৰ আগত কৈছোঁ৷ আশা ৰাখিছো তোমালোকে কিছু হ’লেও উপকৃত হ’বা৷
আজি এই হাবিখনত মোৰ দ্বিতীয় দিন৷ প্ৰথম
দিনাৰ মিশ্ৰিত অভিজ্ঞতাৰ পিছত আজি এক নতুন দিনৰ আৰম্ভণি৷ বননিখনৰ সৌন্দৰ্য উপভোগ
কৰাৰ মানসেৰে মই ৰাতিপুৱাই ঘৰৰ পৰা ওলাই গ’লোঁ। দুখোজমান
দিছোঁহে মাত্ৰ উদ্ভিদ জগতৰ বিচিত্ৰতাই পুনৰ মন আকৰ্ষণ কৰিলে৷ পিছে আজি সেই বৃহৎ বৃক্ষবোৰে নহয়৷ আজি
মোৰ মন আকৰ্ষণ কৰিলে বিশেষ গছ এজোপাইহে৷ অৱশ্যে প্ৰথমতে মই তাক উদ্ভিদ বুলি ভবাই নাছিলোঁ৷ আচৰিত আকৃতিৰ গছজোপা দেখি মই কিবা প্ৰাণী বুলিহে ভাবিছিলোঁ৷ আচৰিত হৈ তাৰ ফালে ভেলেঙা লাগি চাই থকা দেখি ওচৰেদি পাৰ হৈ যাব খোজা কেৰেলুৱাডালে
মোৰ ফালে চাই সুধিলে, “বোলোঁ, কি চাই আছানো?” আজি দুদিনতে সি মোৰ ভাল বন্ধু হৈ উঠিছে৷
‘তাক ওচৰতে পাই কিবা
সমিধান পাম বুলি ভাবি ক’লো, “এইবিধ কি প্ৰাণী তাকেহে ধৰিব পৰা নাই৷ বৰ আচহুৱা যেন দেখিছোঁ৷ তাকে চাই আছোঁ৷ চোৱাঁচোন, কিবা ধৰিব পৰাঁই কিজানি !”
মোৰ কথা শুনি সি ওচৰলৈ আহি ক’লে, “অ’ এইবিধ, এবিধ মৃতজীৱী উদ্ভিদ৷”
“মৃতজীৱী উদ্ভিদ! বৰ
আচৰিত কথা দেখোন৷ মই আগতে তেনে কথা কেতিয়াও শুনাও নাই, দেখাও নাই। ইমানদিনে মই উদ্ভিদক স্বাৱলম্বী বুলিয়েই ভাবি আছিলোঁ৷ এই শব্দটোৰে তুমি কি বুজাব বিচাৰিছা মই হ’লে একো বুজি পোৱা নাই বন্ধু৷”
“উদ্ভিদ জগতৰ বৈচিত্ৰ্যৰ কথা শুনিলে তোমাৰ চকু কপালত উঠিব৷ অৱশ্যে মোৰ মগজুৱে সকলো কথা ঢুকি নাপায়৷ মই যিমানকণ জানো তাকে কওঁ শুনা৷ পৰজীৱী উদ্ভিদবিধে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব নোৱাৰে৷ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয় বাবেই
ইয়াক পৰজীৱী উদ্ভিদ বুলি কোৱা হয়৷ মৃতজীৱী উদ্ভিদো এনে এবিধ উদ্ভিদ যি খাদ্যৰ বাবে
আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ পাৰ্থক্য মাত্ৰ এইখিনিয়ে যে এই উদ্ভিদবিধে খাদ্যৰ
বাবে আন মৃত উদ্ভিদৰ ওপৰত গজে৷ এই উদ্ভিদবিধে মৰি পঁচি যোৱা উদ্ভিদৰ ওপৰত গজি তাৰ পৰা খাদ্য সংগ্ৰহ কৰি
জীয়াই থাকে৷
“উদ্ভিদ পৰজীৱী হোৱা
কথাটো মোৰ বৰ আচহুৱা যেন লাগিছে৷ তোমাৰ হাতত সময় আছে যদি কথাবোৰ অলপ বহলাই কোৱাঁচোন!”
“চোৱাঁ, আমি সকলোৱে জানো যে উদ্ভিদে এনে জীৱ, যিয়ে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব পাৰে। সূৰ্যৰ পোহৰ আৰু বায়ুৰ সহায় হ’লেই ই নিজৰ খাদ্য তৈয়াৰ কৰি ল’ব পাৰে অৰ্থাৎ কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়৷ কিন্তু ভগৱানৰ কি অপাৰ লীলা। তেওঁ এনেকুৱা উদ্ভিদ কিছুমানো স্ৰজন কৰিছে যিয়ে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ তেনে এবিধ উদ্ভিদেই হ’ল বেংছতা৷ ই দৰাচলতে ভেঁকুৰ জাতিৰ ভিতৰত পৰে৷ ই আন গা-গছৰ পৰা খাদ্য সংগ্ৰহ কৰি লয়৷ ই সদায় এনেকুৱা ঠাইত গজে, য’ত খাদ্য সংগ্ৰহ কৰিবলৈ সহজ হয়৷ অৱশ্যে এনে আৰু উদ্ভিদ আছে যি আন গা-গছৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ যেনে এই লতা গছজোপাকে ধৰা৷ ইহঁতে নিজে ঠিয় হৈ থাকিব নোৱাৰে বাবে আন শক্তিশালী গছৰ ওচৰত গজি সেই গছৰ গাতে বগায়৷ ইহঁতেও আন গছৰ আশ্ৰয় লয় যদিও পৰজীৱী নহয়৷ কিয়নো ই নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব পাৰে৷ এনে আকৌ বহুতো উদ্ভিদ আছে যিয়ে আনৰ সহায়ত জীয়াই থাকে৷ কিন্তু পৰজীৱী উদ্ভিদবোৰে তাৰ বিশেষ শিপাৰ দ্বাৰা আন গা-গছত খামুচি মাৰি ধৰি জীয়াই থাকে আৰু ইয়াৰ দ্বাৰা খাদ্যও সংগ্ৰহ কৰে৷ ই পোষক গছজোপাৰ পৰা পুষ্টি সংগ্ৰহ কৰি জীয়াই থাকি তাৰ অনিষ্ট সাধে বুলিও ক’ব পাৰাঁ৷”
কেৰেলুৱাটোৰ কথা শুনি টিটিৰ বৰ দুখ লাগিল৷
সি দীঘল হুমুনিয়াহ এটা কাঢ়ি ক’লে, “হয় দিয়া, ভগৱানৰ মহিমা কি বুজি পাবা৷ আনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ
দুখ সিহঁতেহে বুজি পাব। কিমান লঘু-লাঞ্চনা সহিবলগীয়া হয় চাগে! তাৰ উমান আমি কিনো
পাম৷”
“হওঁতে তোমাৰ কথাটো ষোল অনাই সত্য, কিয়নো পোষক গছজোপা বিচাৰি তাত খামুচি ধৰি জীৱন ধাৰণ কৰাটো এনে উদ্ভিদৰ বাবে প্ৰত্যাহ্বানৰ দৰে৷ কিয়নো এই পোষক গছবোৰৰ বাহিৰৰ আবৰণটো ইমানেই টান হয় যে তাক খামুচি ধৰাটো অতি কঠিন কাম৷ তাৰ বাবে ই অশেষ কষ্ট কৰিবলগীয়া হয়৷ দ্বিতীয়তে পোষক গছজোপাই আকৌ এনে এবিধ ৰস উৎপন্ন কৰে যে ই পৰজীৱী উদ্ভিদবোৰক অংকুৰিত হোৱাত বাধা প্ৰদান কৰে৷ আকৌ পোষক গছবোৰে পৰজীৱী উদ্ভিদ গজিব নোৱাৰাকৈ কিছুমান বিষাক্ত দ্রব্যও নিঃসৰণ কৰে৷ এই দ্রব্যসমূহ ইমানেই বিষাক্ত হয় যে কেতিয়াবা পৰজীৱী উদ্ভিদসমূহৰ মৃত্যু পৰ্যন্ত হয়৷ এনেদৰে পোষক গছজোপাই নিজকে পৰজীৱী উদ্ভিদৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি থাকে৷ অৱশ্যে বেংছতাৰ কথা কিছু সুকীয়া৷ এই উদ্ভিদবিলাকো আমাৰ বাবে সহায়কাৰীও৷”
কেৰেলুৱাৰ কথাবোৰ
শুনি মোৰ মূৰটো আচন্দ্ৰাই কৰা যেনহে পালোঁ৷ তথাপি কিয় নাজানো, কথাবোৰ জানিবলৈ বৰ
মন গ’ল। সেইবাবে বহলাই ক’বলৈ তেওঁক অনুৰোধ কৰিলোঁ৷ মোৰ অনুৰোধ মৰ্মে
কেৰেলুৱাটোৱে ক’লে, “এই বেংছতাবোৰে মাটিৰ উৰ্বৰা
শক্তি বৃদ্ধি কৰি গছ-গছনিবোৰ গজাত সহায় কৰে৷ ই মাটিক পানী আৰু
মিনাৰেল আহৰণ কৰি সজীৱ কৰি তোলে, সেইবাবে আমি
বেংছতাক আমাৰ শুভাকাংক্ষী
বুলি ক’ব পাৰো৷ পিছে আমি এনেদৰে কথাৰ মহলা মাৰি থাকিলে
নহ’ব। বেলি আহি মূৰৰ ওপৰ পাবৰে হ’ল৷ ব’লা খাদ্যৰ সন্ধান কৰোঁগৈ৷
কেৰেলুৱাৰ কথা
শুনি মইও মনৰ কৌতুহল মনতে লুকাই থৈ খাদ্যৰ সন্ধানত ওলাই গ’লোঁ আৰু নিজৰ খাদ্য নিজে
সংগ্ৰহ কৰি খাব পৰাকৈ স্বাৱলম্বী কৰি জনম দিয়া বাবে ভগৱানক মনে
মনে ধন্যবাদ জনালোঁ৷ কথাতে কয় নহয়, আপোন হাত জগন্নাথ বুলি৷
আজিলৈ এইখিনিতে সামৰিছোঁ।