সংস্কৃত ভাষাটোক সাধাৰণতে ধৰ্মৰ সৈতে সম্পৰ্কিত বুলি ভবা হয় আৰু সেয়েহে বিশেষ বিশেষ ধৰ্মৰ লোকে সংস্কৃত পঢ়িবলৈ আগ্ৰহ প্ৰকাশ নকৰে৷ ভাৰতবৰ্ষত বিশেষকৈ ইছলামধৰ্মী লোকসকলে সংস্কৃত পঢ়াৰ কথা ভাবিবই নোৱাৰে বুলিব পাৰি৷ ড° চাৰহাৰউদ্দিন আহমেদ এজন ইছলামধৰ্মী লোক হৈ সংস্কৃত ভাষা-সাহিত্যৰ উচ্চতৰ অধ্যয়নত আত্মনিয়োগ কৰি সৰ্বোচ্চ বিদ্যায়তনিক ডিগ্ৰী অৰ্জন কৰা ব্যক্তি৷ অসমৰ সংগ্ৰহালয়সমূহৰ সঞ্চালক পদত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা ড° আহমেদে প্ৰান্তিক আলোচনীত নিজৰ শিক্ষাজীৱনৰ, বিশেষকৈ সংস্কৃত শিক্ষাৰ আঁৰৰ কথাবোৰ ছোৱা ছোৱাকৈ লিখিছিল৷ সেইখিনি লেখাৰ লগতে আৰু কেইবাটাও নতুন লেখাৰে প্ৰকল্পনাৰ ফল সংস্কৃত সমুদ্ৰত অৱগাহন ৷ ধৰ্ম, সাংস্কৃতিক পৰম্পৰা, দাৰিদ্ৰ্য, সামাজিকতা আদি শিক্ষাৰ পথত কাহানিও হেঙাৰ হ’ব নোৱাৰে বুলি লেখকৰ শিক্ষাজীৱনে প্ৰতীয়মান কৰে৷ শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধাবোধ আৰু নিজৰ অধ্যয়নক্ষেত্ৰৰ প্ৰতি শ্ৰদ্ধা আৰু স্নেহ লেখকে কিতাপখনৰ প্ৰায় প্ৰতিটো পৃষ্ঠাতে আন্তৰিকতাৰে প্ৰকাশ কৰিছে৷
সুদীৰ্ঘ চাৰিটা দশক জুৰি কাব্যচৰ্চাত আত্মনিয়োগ কৰি থকা অৰ্চনা পূজাৰী আত্মানুভৱনিৰ্ভৰ কবি৷ তেওঁৰ কবিতাৰ কোনো কেন্দ্ৰীয় বিষয় নাই; মানৱতাৰ সপক্ষে তেওঁ কবিতাৰ যোগেদি মাত মাতিব খোজে৷ সাৰ্থক শব্দৰ সুবিন্যাসে তেওঁৰ কবিতাৱলীক সুমিষ্ট আৰু হৃদয়গ্ৰাহী হোৱাত সহায় কৰিছে৷ তেওঁৰ কবিতাৰ ভাবনা প্ৰায়ে নব্য ৰোমান্তিক, প্ৰকাশভঙ্গীহে আধুনিক৷ কিন্তু কবিতাৰ মাধ্যমেদি চিৰন্তন মানৱীয় সত্য উপলব্ধিৰ প্ৰকাশ ঘটোৱাত তেওঁ সফলতা অৰ্জন কৰিছে৷ প্ৰবঞ্চনা, প্ৰতাৰণা, জিঘাংসাৰে ভৰা মানুহৰ সমাজখনৰ শেষ আশ্ৰয় যে কেৱল প্ৰেমহে সেয়া অৰ্চনা পূজাৰীৰ সমগ্ৰ কবিতাৰে কেন্দ্ৰীয় ভাবনা৷ হৰেকৃষ্ণ ডেকাৰ পাতনি সম্বলিত কবি পূজাৰীৰ বাচকবনীয়া কবিতাৰ সংকলনটো কাব্যৰসিকৰ সংগ্ৰহৰ যোগ্যই নহয়, ই এক অমূল্য নিধি হিচাপেও গণ্য হ’ব৷
গদ্য আৰু কবিতা উভয় বিধৰ ৰচনাৰে স্বচ্ছন্দ সৃষ্টিশীলতাৰ পৰিচয় দিয়া প্ৰয়াগ শইকীয়াৰ ঘাই পৰিচয় কবি৷ এই কথা কবিতাক লৈ তেওঁৰ নিৰন্তৰ সাধনাই প্ৰমাণ কৰিছে৷ কেইবাখনো সৰু অথচ মননশীল উপন্যাস ৰচনাত তেওঁ যদিও নৈপুণ্য প্ৰকাশ কৰিছে তথাপি, মাণিক দাসৰ দৰে তীক্ষ্ণধী সমালোচকে কোৱা কথাষাৰলৈকো মনোযোগ দিব লাগিব— ‘‘তেওঁৰ জন্ম হৈছে মূলতঃ কবি হোৱাৰ বাবেই, তেওঁ জন্মকবি৷’’ কবিতা লিখিবলৈকে এজন লোকৰ জন্ম হোৱা বুলি কোৱা কথাষাৰে অতিশয়োক্তিৰ প্ৰতীতি ওপজায়৷ গতিকে কথাষাৰ কিমান যুক্তিসঙ্গত, সেয়া নিশ্চিতভাৱে পৰীক্ষাৰ বিষয় আৰু শাৰীৰিকভাৱে তেওঁৰ নিকটত নথকা লোকৰ কাৰণে এনে পৰীক্ষা অসম্ভৱ৷ কবি শইকীয়াৰ বাৰখন কবিতাপুথিৰ পৰা নিৰ্বাচিত কবিতাৰ সংকলন অনুভূত অন্ধকাৰ৷ পুথিখনৰ কবিতাসমূহৰ পাঠে পঢ়ুৱৈক নিশ্চিতভাৱে অতিলৌকিক আৰু তুৰীয় অভিজ্ঞতাৰ সোৱাদ দিব৷
অসমীয়া ভাষাত থ্ৰিলাৰ বা হ’ৰ’ৰ বিষয়ৰ লেখাক সাধাৰণতে দ্বিতীয় পৰ্যায়ৰ সাহিত্য বুলিয়ে ভবা হৈ আহিছে৷ শেহতীয়াকৈ অৱশ্যে ক্ষীণভাৱে হ’লেও সমালোচকে এনে ধাৰাকো গুৰুত্ব দিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ পৃথিৱীৰ আগবঢ়া সাহিত্য পৰম্পৰাত কিন্তু এনে ধৰণৰ লেখা পৰ্বতপ্ৰমাণ৷ এনে লেখাৰ মাজৰ পৰাও বহু ক্লাছিক বুলিব পৰাকৈ শ্ৰেষ্ঠ ৰচনা ওলাইছে৷ সি যি নহওক, অনুৰাধা দত্তৰ আৰিৱা উপন্যাসৰ ঘটনাক্ৰম বিদেশৰ পটভূমিত নিৰ্মিত৷ কলেজীয়া গাভৰু এলিজীৰ জীৱনলৈ অহা আদম নামৰ যুৱকজন এটা ভেম্পায়াৰ বুলি গম পোৱাৰ পাছত এলিজীয়ে তাৰ সৈতে সম্পৰ্ক ছেদ নকৰিলে৷ তাৰ পাছত আদমৰ ঠাইত তাৰ ভাতৃ ডেমনৰ প্ৰেমত পৰিল এলিজী৷ উপন্যাসখনৰ ঘটনাক্ৰমৰ বিস্তৃতি কমেও তিনিহাজাৰ বছৰৰ, য’ত এলিজীৰ পূৰ্বজীৱনৰ পৰিচয় ফুটি উঠে আৰিৱা নামৰ মৰুনায়কৰ জীয়েক বুলি৷ তাৰো পূৰ্বে এলিজী আছিল ভেম্পায়াৰবোৰৰ ৰজা নিক’লাছৰ দুভাৰ্গিনী মাতৃ৷ অতিশয় সাৱধানতা অৱলম্বন কৰি উপন্যাসখনৰ ঘটনাৱলীক আগবঢ়াই নিয়া হৈছে৷ কেৱল এশ বাৰ পৃষ্ঠাৰ উপন্যাসখনত ইমান বিস্তৃত আৰু ব্যাপক ঘটনাৱলী সামৰিব পৰাটো নিশ্চিতভাৱে ঔপন্যাসিকৰ কৃতিত্ব৷
উত্তৰ ৰামধেনু কালৰ অসমীয়া কবিকুলৰ মাজৰ এক শক্তিশালী কণ্ঠ হৈছে প্ৰেমনাৰায়ণ নাথ৷ জাগতিক সত্যৰ অতীত এক পৰম সত্যৰ সন্ধানত নাথৰ কবিতা ব্ৰতী৷ কবিতাৰ মাজেদি তেওঁ ধ্যান কৰে নৈসৰ্গিক প্ৰকৃতিৰ আৰু তাৰ ফলত অৰ্জন কৰে অনিৰ্বচনীয় কাব্যিক উপলব্ধি৷ নিজৰ চাৰিওকাষৰ লোকজীৱনৰ সৈতে থকা আত্মীয়তাই তেওঁৰ কবিতাৰ ভাষা নিৰ্মাণত সহযোগিতা আগ বঢ়াইছে৷ সুদীৰ্ঘ দিনৰ অনুশীলনৰ ফলত চিত্ৰকল্প নিৰ্মাণৰ দিশত তেওঁ আহৰণ কৰিছে এক সজীৱ নৈপুণ্য৷ চেতনাৰ গভীৰত ধাৰণ কৰা প্ৰজ্ঞাৰ পোহৰেৰে তেওঁৰ কবিতা মাজে মাজে বিজুলী চমকৰ দৰে উজলি উঠিছে, কেতিয়াবা হৈ পৰিছে বৰ্ষণোদ্যত আকাশৰ দৰে গধুৰ৷ মানৱীয় উপলব্ধিত নিজৰ অস্তিত্ব সম্পৰ্কে থকা দোদুল্যমানতা কবি নাথৰ মৰ্মগত৷ সেয়েহে আধুনিকতাবাদী সমসাময়িকসকলৰ দৰে তেৱোঁ জীৱনৰ উচিত-অনুচিতৰ সংঘাতত ক্ষত-বিক্ষত৷ সেইবুলি সামাজিক বৈষম্য, দুৰ্নীতি, সুবিধাবাদ, শ্ৰমবিমুখ প্ৰদৰ্শনকামিতা আদিও তেওঁৰ শাণিত চকুৰ পৰা সাৰি যোৱা নাই৷ অদৃশ্য দৃশ্যমানত কবি প্ৰেমনাৰায়ণ নাথৰ নিৰ্বাচিত কবিতাসমূহ সংকলিত হৈছে৷ আগ্ৰহী পাঠকে গ্ৰন্থখন নিজৰ সংগ্ৰহত ৰাখি নিশ্চয় গৌৰৱ বোধ কৰিব৷
জীৱনী আৰু আত্মজীৱনীৰ সংখ্যাৰ ফালৰ পৰা অসমীয়া সাহিত্য বৰ বিশেষ চহকী নহয়৷ যিসকল লোকে আনৰ জীৱনী লিখিছে, তথ্য-পাতিৰ শুদ্ধতাৰ বাহিৰে ব্যক্তিগৰাকীৰ মূল্যায়নৰ ক্ষেত্ৰত প্ৰায়ে বীৰপূজাৰ মানসিকতাৰ পৰিচয় দিছে৷ একেদৰেই আত্মজীৱনীৰ ক্ষেত্ৰতো প্ৰায়েই আত্মপ্ৰশংসাৰ স্তৰতে আমাৰ পৰম্পৰা সীমাবদ্ধ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেম হিউষ্টন বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক হিৰণ্য কুমাৰ নাথে এখন ব্যতিক্ৰমী পুথি লিখি উলিয়াইছে সোঁৱৰণিৰ সোণোৱালী পৃষ্ঠা নামেৰে৷ অতি ক্ষুদ্ৰ অৱয়বৰ এই কিতাপখনো জীৱনীমূলকেই, কিন্তু আত্মজীৱনী নহয়৷ লেখকে ইয়াত নিজৰ দেউতাকৰ জীৱনৰ কথা লিখিছে— বীৰপূজাৰ দৃষ্টিৰে নহয়, সমসাময়িক সমাজখনো পুহৰি উঠাৰ আশাৰেহে৷ বাস্তুহাৰা ককাদেউতাক চানাৰামে নতুন ঠাইত বসতি স্থাপন কৰাৰ পৰা বিয়া-বাৰু কৰাই সন্তান জন্ম দি তেওঁলোকক সুশিক্ষা লাভৰ ব্যৱস্থাও কৰিছিল৷ যোৱা শতিকাৰ চতুৰ্থ-পঞ্চম দশকৰ অসমৰ, বিশেষকৈ দৰং জিলাৰ মঙলদৈ অঞ্চলৰ বহু সৰু-বৰ ঘটনা লেখকে দেউতাক গম্ভীৰ চন্দ্ৰ নাথৰ জীৱনৰেখাৰ ভিত্তিত বৰ্ণনা কৰিছে৷ সমকালীন সমাজৰ গ্ৰাম্য অৰ্থনীতি, কৃষিকৰ্ম, সাংস্কৃতিক জীৱন, শৈক্ষিক পৰিৱেশ আদি পুথিখনত ধৰি ৰাখিবলৈ যত্ন কৰা হৈছে৷ পুথিখনৰ বিশেষভাৱে মন কৰিবলগীয়া দিশটো হৈছে, লেখকে নিজৰ জন্মৰ সময়তে পুথিখন সামৰণি মাৰিছে৷ নিশ্চিতভাৱে এখন আকৰ্ষণীয় আৰু অৱশ্যপঠনীয় কিতাপ৷