অন্যযুগ/


পাঠাগাৰ

আহুতি

নগেন গোস্বামী

বাণী মন্দিৰ, গুৱাহাটী, ২০১৩

পৌৰাণিক বিষয়বস্তুক লৈ উপন্যাস লিখাটো বৰ সহজ নহয়৷ বিশেষকৈ বিষয়বস্তু যদি প্ৰাক মহাকাব্য যুগৰ হয় তেতিয়া কামটো আৰু কঠিন হৈ উঠে৷ তেনে অৱস্থাত কেৱল মহাকাব্য আৰু সমসাময়িকভাৱে ৰচিত অন্য পাঠৰ আধাৰত এখন কল্পিত সমাজ বিশ্বাসযোগ্য ৰূপত অঙ্কন কৰিবলগীয়া হয়, ভাষাটোও নিৰ্মাণ কৰিবলগীয়া হয় সেইখন সমাজক প্ৰতিনিধিত্ব কৰিব পৰাকৈ৷ নগেন গোস্বামীৰ ‘আহুতি’ উপন্যাসতো এনে এক কষ্টকৰ প্ৰয়াস অনুভৱ হয়৷ প্ৰাক ৰামায়ণী কালৰ অযোধ্যাৰ ৰজা দশৰথৰ বন্ধু অঙ্গদেশৰ ৰজা লোমপাদৰ সৈতে ৰাজনৰ্তকী চন্দ্ৰাৱতীৰ সম্পৰ্ক, ৰাজধাতৃ গৌতমীৰ সৈতে ৰজাৰ সম্পৰ্ক, অপুত্ৰক ৰজাৰ সৈতে তেওঁৰ দত্তক কন্যা ৰাজকুমাৰী শান্তাৰ সম্পৰ্ক, ৰজাৰ ঔৰসত জন্মা ৰাজনৰ্তকীৰ পুত্ৰ দেৱদত্ত আৰু বজ্ৰদত্ত থকা সত্তেও ৰজাৰ অপুত্ৰকতাৰ কাৰণ, ৰত্নাকৰ নামৰ ব্যক্তিৰ দ্বৈত পৰিচয়– ক্ৰমে দস্যু আৰু মনীষী বা মহৰ্ষি আদি বিবিধ প্ৰসঙ্গক উপন্যাসখনত কৌশলেৰে গ্ৰন্থিত কৰা হৈছে৷ প্ৰাচীন ভাৰতীয় সমাজৰ আৰ্য আৰু আৰ্যভিন্ন জীৱন-পদ্ধতিৰ মাজত কৌশলগত তুলনা, যজ্ঞ বোলা ৰাজকীয়পুণ্যকৰ্মৰ নামত সৰ্বসাধাৰণ প্ৰজা আৰু নৈসৰ্গিক প্ৰকৃতিৰ ওপৰত চলোৱা অবৰ্ণনীয় অত্যাচাৰ আজিৰ বিশ্বাসযোগ্য উপস্থাপন উপন্যাসখনৰ উল্লেখযোগ্য দিশ৷ বিশেষকৈ ঘটনাৱলীৰ যোগেদি ভাৰতীয় জীৱন-চৰ্যাৰ সৈতে সাঙোৰ খাই থকা বহু পৰম্পৰা কিম্বা ঐতিহ্য সম্পৰ্কে উপন্যাসখনে ভালেমান মৌলিক প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ বিষয়বস্তু আৰু চিন্তাবৃত্তিৰ দিশৰপৰা অসমীয়া সাহিত্যত এইখন এখন ব্যতিক্ৰমধৰ্মী উপন্যাস৷ মুঠৰ ওপৰত এই উপন্যাসখনে বিপুলভাৱে পাঠকৰ সমাদৰ লাভ কৰা উচিত৷ 



অযান্ত্ৰিক

সন্তোষ কুমাৰ কৰ্মকাৰ

আঁক-বাক, গুৱাহাটী, ২০১২


অসমীয়া সমাজলৈ পৰম্পৰাগত বহু বান্ধোন ভাঙি আধুনিকতাৰ নামত অনেক ভাল-বেয়া অনুশীলন আৰম্ভ হ’লেও আমাৰ সাহিত্যত কিছুমান বিষয়বস্তুক দাঙি ধৰিবলৈ এতিয়াও মুকলি পৰিৱেশ এটা ৰচিত হোৱা নাই৷ বিশেষকৈ পৰম্পৰাগত ভাববাদী দৃষ্টিভঙ্গীয়ে আমাৰ লেখক-পাঠক সকলোকে এক প্ৰকাৰ ৰোমান্তিক আদৰ্শবাদৰ স্তৰতে ৰাখি থৈছে৷ এনে অৱস্থাত সন্তোষ কুমাৰ কৰ্মকাৰৰ ‘অযান্ত্ৰিক’ উপন্যাসখনক ব্যতিক্ৰম বুলিব পাৰি৷ প্ৰথম পুৰুষত বৰ্ণিত উপন্যাসখনৰ বক্তা অৰূপ৷ অৰূপক কিন্তু উপন্যাসখনৰ নায়ক বুলিব নোৱাৰি৷ স্বামী পৰিত্যক্তা অথবা অবিবাহিতা মাতৃ অৰুন্ধতী দেৱী একমাত্ৰ সন্তান অৰূপ মহানগৰীৰ মুক্ত জীৱনত অভ্যস্ত যুৱক৷ ক্ৰমে শ্যামলিমা সেন, ইন্দিৰা শইকীয়া, আদি কৰি বহু নাৰীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত অৰূপ মাকৰপৰাও তেনে ক্ষেত্ৰত কোনো বাধা নোপোৱা এজন প্ৰতিষ্ঠিত যুৱক৷ কেৱল বান্ধৱী ঊষা আৰু শুভাকাংক্ষী সুধীনদাৰপৰাহে অৰূপে যাপন কৰি থকা জীৱনটোক সৈ সমালোচনা শুনিবলগীয়া হয়৷ শেষত পৰ্ণা নামৰ যুৱতীৰ সৈতে অৰূপৰ বিয়া হ’লেও পৰ্ণাই তাৰ স্বৰূপ চিনিব পাৰি আঁতৰি যায়৷ ঘটনাক্ৰমে অৰূপে শেষ মুহূৰ্তত নিজৰ পিতৃকো লগ পায় কিন্তু তাৰ জীৱনৰ সাৱলীল গতি বাধাগ্ৰস্ত হৈ পৰে৷ উপন্যাসখনত আধুনিক জীৱন যাপনৰ নামত আমাৰ সমাজলৈ সোমাই অহা ভাল-বেয়া বহু উপকৰণৰ মূল্যায়নৰ প্ৰয়াস আছে৷ বিশেষকৈ বিশ্বায়নে ক্ৰমশঃ যে মানুহৰ জীৱনকো পণ্য কৰি তুলিছে তাৰ আভাস উপন্যাসখনে সাৰ্থকভাৱে দাঙি ধৰিছে৷


হৰি গুণ কহন নযাই

ৰত্নোত্তমা দাস বিক্ৰম 

বনলতা, গুৱাহাটী, ২০১৩


ভাৰতীয় জীৱন-চৰ্যাত শ্ৰীকৃষ্ণ নামৰ পৌৰাণিক চৰিত্ৰটোৰ প্ৰভাৱ অপৰিসীম৷ মহাভাৰতৰ সময়তে সৰ্বভাৰতত ৰাজনীতিবিশাৰদ হিচাপে সুপ্ৰতিষ্ঠিত হোৱা শ্ৰীকৃষ্ণ কালক্ৰমত জনমানসত ভগৱান হিচাপে প্ৰতিষ্ঠিত হয়৷ অসমীয়া সমাজতো বিশেষকৈ শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ৰপৰা শ্ৰীকৃষ্ণ হৈ উঠে সৰ্বাধিক গুৰুত্বপূৰ্ণ তথা আদৰ্শ চৰিত্ৰ৷ এই চৰিত্ৰটোৰ সৈতে বৰ্তমানৰ শদিয়া অঞ্চলত থকা বুলি ভবা বিদৰ্ভ ৰাজ্যৰ কুন্দিল নগৰীৰ ৰাজকুঁৱৰী ৰুক্মিণীৰ বৈৱাহিক সম্পৰ্ক প্ৰতিষ্ঠা হৈছিল বুলি পৰম্পৰাগতভাৱে বিশ্বাস কৰি অহা হৈছে৷ শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ সম্পৰ্ককে বাক্‌ভঙ্গীৰ ঘাই কৈৗশল হিচাপে লৈ শ্ৰীকৃষ্ণৰ জীৱনৰ প্ৰায় সকলো সৰু-ডাঙৰ ঘটনাৰে ৰত্নোত্তমা দাস বিক্ৰমে লিখা ‘হৰি গুণ কহন নযাই’ অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য উপন্যাস৷ বিশেষকৈ দ্বাৰকাকেন্দ্ৰিক শ্ৰীকৃষ্ণৰ চৰিত্ৰাঙ্কন আৰু তেওঁৰ সৈতে সম্পৰ্কিত ঘটনাপ্ৰৱাহৰ বৰ্ণনাৰ ভাষা আৰু ৰুক্মিণীকেন্দ্ৰিক অসমৰ ভাষা– এই দ্বৈত ভাষিক সম্পৰ্ক উপন্যাসখনৰ এক বিশেষ আকৰ্ষণ৷ লেখিকাই এখন সাধাৰণ বৰ্ণনাৰ উপন্যাস হিচাপে ইয়াত আত্মপ্ৰকাশ কৰা নাই; বৰং গভীৰ গৱেষণামূলক অন্বেষণৰ যোগেদি মহাভাৰতকালীন ভাৰতবৰ্ষৰ বিভিন্ন তথ্য বিভিন্ন উৎসৰপৰা সংগ্ৰহ কৰি উপন্যাসখনত গাঁঠি উলিয়াইছে৷ বিভিন্ন ৰমণীৰ সৈতে সম্পৰ্ক ৰখা শ্ৰীকৃষ্ণ আৰু একান্ত কৃষ্ণতে আত্মোৎসৰ্গা কৰা ৰুক্মিণীৰ চৰিত্ৰ চিত্ৰণ অনবদ্য বুলিব পাৰি৷ অসমীয়া সাহিত্য ভালপোৱা প্ৰতিজন ব্যক্তিয়ে এই কিতাপখন পঢ়া উচিত৷



অন্যজন অন্য কবিতা
সম্পাদনা :  ফাৰহান জাৱেদ
পাঞ্চজন্য, গুৱাহাটী, ২০২০


মহেন্দ্ৰ বৰা সম্পাদিত ‘নতুন কবিতা’ৰ পাছত বৰ্তমানলৈকে বহুকেইখন লেখৰ আধুনিকতাবাদী অসমীয়া কবিতাৰ সংকলন প্ৰকাশ পাইছে যদিও সকলো সংকলনৰে এটা দিশত সীমাৱদ্ধতা আছে৷ প্ৰতিখন সংকলনেই নিজৰ প্ৰথম প্ৰকাশ কাল পৰ্যন্ত উল্লেখযোগ্য সকলো কবিক সামৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে প্ৰতিনিধিত্বমূলক অতিসাম্প্ৰতিক বা কনটেম্প’ৰাৰী কবিতা একেটা থূলতে বিচাৰি পোৱা নাযায়৷ শেহতীয়াকৈ ফাৰহান জাৱেদে চাৰিকুৰিৰো অধিক অতিসাম্প্ৰতিক কবিৰ প্ৰতিনিধিত্বমূলক কবিতাৰ সংকলন এটি প্ৰকাশ কৰি উলিয়াইছে ‘অন্যযুগ অন্য কবিতা’ নামেৰে৷ পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই সংকলনৰ বিশেষত্ব হৈছে নিজেও এজন কবি হৈও সম্পাদক ফাৰহান জাৱেদে গ্ৰন্থখনত সন্নিৱিষ্ট কবিতাসমূহৰ এটা সুদীৰ্ঘ পৰ্যালোচনা লিখি কিতাপখনৰ পাতনি হিচাপে জুৰি দিছে৷ এইটো অতিকে গুৰুত্বপূৰ্ণ সংযোজন৷ সমসাময়িক কবিৰ দৃষ্টিৰে তেওঁৰ সতীৰ্থৰ কবিতাৰ মূল্যায়ন হোৱাটো নিশ্চিতভাৱে অসমীয়া কবিতাৰ বাবে এক শুভ লক্ষণ৷ প্ৰায়েই জ্যেষ্ঠ কবি বা সমালোচকৰ চকুৰে কণিষ্ঠসকলক লক্ষ্য কৰাৰ পৰম্পৰাটোৱে বহু সময়ত প্ৰজন্মগত ভাব-চিন্তাৰ ব্যৱধানৰ ফলস্বৰূপে প্ৰকৃত মূল্যায়নৰ বেলিকা কিছু বাধাও সৃষ্টি কৰিব পাৰে৷ কিন্তু এনেভাৱে হোৱা কামত সেই সুৰুঙা নাথাকে৷ কিতাপখনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথা হৈছে সাহস৷ এতিয়া আমি আশা কৰিম, এইখন কিতাপৰ বাৰ্ষিক সংকলন প্ৰকাশ পালে সামগ্ৰিকভাৱে ছিৰিয়াছ মনোভঙ্গীৰে কবিতাৰ চৰ্চা কৰা লোকসকলৰ লগতে ৰসগ্ৰাহী পাঠকসকলো উপকৃত হ’ব৷




অন্তৰতম 

গীতালি বৰা

বনলতা, গুৱাহাটী, ২০২০

বিশেষভাৱে সক্ষম শিশুসকল, তেওঁলোকৰ অনিশ্চিত ভৱিষ্যত, পিতৃ-মাতৃসকলৰ সংগ্ৰাম, হা-হুমুনিয়াহ, দুঃশ্চিন্তা-হতাশা অথবা দুখ-দুৰ্দশা আদিৰ পটভূমিত ৰচিত হৈছে গীতালি বৰাৰ উপন্যাস ‘অন্তৰতম’৷ মানৱ মনৰ অন্তৰতম যাতনা, ক্ষোভ, ভালপোৱা, জেদ; প্ৰাৰ্থনা আৰু হুমুনিয়াহৰ ছবি অঁকাত সিদ্ধহস্ত গীতালী বৰাৰ এই উপন্যাসখনে আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ুৱৈক মন্ত্ৰমুগ্ধ কৰি ৰখাৰ লগতে পঢ়ি উঠাৰ পাছতো কৰি ৰাখিআলোড়িত৷ Semi-autobiographical এই উপন্যাসখন লেখকৰ ভাষাত কেৱল এখন উপন্যাস নহয়, ই এক মিশ্বন- খোজ কাঢ়িব নোৱৰা, বিশেষ সক্ষম শিশুৰ জগত এখন সম্পৰ্কে মানুহক অৱগত কৰা৷ উপন্যাসখনৰ জৰিয়তে লেখকে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তুলিছে – মাক-দেউতাক অবিহনে এই শিশুহঁতৰ ভৱিষ্যৎ কি হ’ব? তদুপৰি উপন্যাসখনত আছে একবিংশ শতিকাতো আমাৰ সমাজত নাৰীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা, সামাজিক বৈষম্যৰ কথা৷ কিতাপখন পঢ়ি যাওঁতে পঢ়ুৱৈয়ে অনুভৱ কৰিব লেখকৰ আৰ্টৰপৰা আৰম্ভ কৰি সংগীত, ড্ৰেছিং চেঞ্চ-সকলোতে ব্যাপ্ত হৈ আছে উন্নত ৰুচিবোধৰ কথা৷ বিষয়বস্তুৰ ফালৰপৰা অসমীয়া সাহিত্যত একেবাৰে নতুন ‘অন্তৰতম’ নিশ্চিতভাৱে এখন সুখপাঠ্য উপন্যাস৷

: গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ পোৱা কিছু সংখ্যক উল্লেখযোগ্য় গ্ৰন্থ :


পানীধেমালি
মৃদুল শৰ্মা
পাঞ্চজন্য, গুৱাহাটী, ২০২০


গডো আৰু গন্তব্যৰ গল্প

গীতালি বৰা

পাঞ্চজন্য, গুৱাহাটী


সিহঁত

জুৰি বৰা বৰগোহাঞি


প্ৰিয় বাংলা কবিতা

অনুবাদ আৰু সংকলন: ছা-হা-বা-হাৰ্টি

প্ৰতিশ্ৰুতি



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ