নিকু দুৱৰা
জাক ডেৰিডাই যেতিয়া পাঠ এটাৰ প্রতিষ্ঠিত ভাষাটোক ভাঙিব লাগে বুলি যুক্তি আগ বঢ়াইছিল, ঠিক সেই সময়তেই উত্তৰ-আধুনিকতাবাদে পাঠক আৰু লেখকৰ মাজৰ সম্পৰ্কটোকো ভাঙি পেলাইছিল। উত্তৰ-আধুনিকতাবাদী ব্যংগ (Irony), Deconstruction আদিয়ে সাহিত্যৰ পাঠ এটাক ক’ৰবাত নহয় ক’ৰবাত পাঠকৰ পৰা আঁতৰাই পাঠটোক এটা নিজস্ব সত্তা প্ৰদান কৰিছিল। এই সমগ্ৰ কাৰবাৰটোৰ প্ৰয়োজনীয়তা মানৱ সভ্যতাৰ ইতিহাসত অত্যন্ত প্ৰয়োজন আছিল, অনন্তঃ পৰম্পৰাগত নেৰেটিভসমূহক ভাঙি লেখকৰ নিজস্বতাক আবুৰ নোহোৱাকৈ উপস্থাপন কৰিবলৈ ৷ কিন্তু তৎসত্তেও এই উত্তৰ-আধুনিকতাবাদৰ বিকাশৰ প্ৰতিটো খোজতেই ই নিজকে হেৰুৱাই গৈ আছিল। মূলতঃ উত্তৰ-আধুনিকতাৰ আটাইতকৈ ডাঙৰ বিপদটো আছিল ডেৰিডাৰ মাজতেই। পাঠ এটাৰ ভাষাৰ গাঁথনিটো ভাঙি পেলাওঁতে ই সম্পৰীক্ষাগতভাৱে ঠিকেই আছিল যদিও, মূলতে পাঠক আৰু লেখকৰ আঁতডাল ক্ৰমাৎ অদৃশ্য হ'বলৈ আৰম্ভ কৰাৰ লগে-লগেই উত্তৰ-আধুনিক চিন্তাধাৰাক মানৱ চিন্তাৰ ইতিহাসে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে।
এটা কথা স্বীকাৰ কৰিব লাগিব যে উত্তৰ-আধুনিকতাবাদ এটা Critical Theory হিচাপে, এটা ৰাজনৈতিক প্ৰতিবাদ হিচাপে আজিও অপ্রয়োজনীয় হৈ যোৱা নাই, কিন্তু সাহিত্য আৰু শিল্পৰ ক্ষেত্ৰত উত্তৰোত্তৰ আধুনিকতাবাদ বৰ্তমান সময়ৰ এক ভাবিবলগীয়া বিষয় হৈ পৰিছে৷ (N.B: Post post modernism শব্দটোক মই ব্যক্তিগতভাৱে পৃথিৱীৰ যিমানসমূহ চিন্তা প্ৰণালী আছে, তাৰ আটাইতকৈ বেয়া নাম বুলি ভাবোঁ)
যি কি নহওক, ‘ভোগকচু ভকেবুলাৰী’-ক মই ব্যক্তিগতভাৱে উত্তৰ আধুনিক আৰু উত্তৰোত্তৰ আধুনিকতাবাদৰ মাজৰ এক বিন্দুত পেণ্ডুলামৰ দৰে ডুলি থকা বুলি ভাবোঁ। কেৱল ভোগকচু ভকেবুলাৰীয়েই নহয়, বৰং নীলোৎপল বৰুৱাৰ প্ৰায়সমূহ গল্পই (উপন্যাস যাত্ৰাৰ বাহিৰে) কোনো এটা তত্ত্বৰ ভিতৰতেই সম্পূৰ্ণকৈ খাপ খাই পৰা যেন অনুভৱ নহয়। গল্পটোত ডেৰিডাৰ প্ৰতিগঁথনবাদী ভাষাৰ ব্যৱহাৰ দেখা যায়। মূলতঃ নীলোৎপল বৰুৱাৰ গল্প এইবাবেই একক। কিন্তু ভাষাৰ ভাঙোন যিদৰে হৈছে, ঠিক একেদৰে কিন্তু সংগতিহীনতা (Metafiction?)-ৰ আওঁতালৈও অহা নাই৷ এইক্ষেত্ৰত গল্পটোৰ প্ৰতিটো শাৰীতেই এক সুবিন্যস্ত গাঁথনি আৰু যোগসূত্ৰ দেখা যায়। এই সুবিন্যস্ত গাঁথনি আৰু যোগসূত্ৰৰ বাবেই deconstructed হৈও গল্পটো পাঠকৰ পৰা আঁতৰি যোৱা নাই। কিন্তু তৎসত্তেও আমি গল্পটোৰ পাঠটোক মুকলিকৈ deconstructionism -ৰ মাজত ৰাখিব নোৱাৰোঁ। ভাষাক লৈ যথেষ্ট সম্পৰীক্ষা চলোৱা হৈছে। বাক্যবোৰ চুটি-চুটি, পুনৰুক্তি আৰু লিৰিকেল কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এইসমূহ পৰীক্ষা-নীৰিক্ষাই গল্পটোৰ narrative-ক পৃথক কৰি পেলোৱাত সহায় কৰিছে। এই শাৰীকেইটালৈ মন কৰক :
“তোক মাতি নিব প্ৰেমে।
সেই আৱাহনৰ নাদ-নিনাদ কিচ্চু নাই।
নিঃশব্দে।
সেই বাটৰ ভিতৰলৈ গৈ থাকিবি। ক'ব নোৱাৰাকৈ...!
আৰ ঘূৰি নাহ তই... ৰৈ থাক ৰৈ থাক... প্ৰেমে নিজেই মাত লগাব তাৰ চিকুণ শৰীৰলৈ...”
(ভোগকচু ভকেবুলাৰী, অন্যযুগ, জুলাই/২০২১)
বা
“তহঁতে জেনচাইড দেখা নাই। মাছ মেছাকাৰ... নৰসংহাৰৰ অবাধ লীলা! দ’ম দ’ম দৰহিবলৈ ধৰা
মৃতদেহ ।
ভেন ভেন কৰা ভোনামাখিৰ ক’লা আস্তৰণৰ তলত পৰি থকা কঠিন একোটা হাড়-মঙহৰ সজ্জা।
ডলাৰৰ ৰেট বাঢ়িলেই নৰসংহাৰৰ প্ৰচেচিং আৰম্ভ হৈ যায়।
তহঁতে বুজা নাই।” (উঃ উৎস)
তদুপৰি ভাষাৰ ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়াঃ পাঠকৰ সৈতে গল্পকাৰে প্ৰত্যক্ষ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। তাৰ বাবে গল্পটোৰ প্ৰয়োজন বা কাহিনীৰ প্রয়োজন শূন্য। বন্ধনীৰ ভিতৰৰ ঠাইবোৰ গল্পকাৰে ব্যৱহাৰ কৰিছে পাঠকক ওচৰলৈ আনিবলৈ ৷
গতিকে একেবাৰে সামৰণিত এষাৰ কথাই কওঁ : ভোগকচু ভকেলুবাৰী গল্পটোয়ে অসমীয়া গল্প সাহিত্যৰ প্ৰচলিত আৰু প্ৰতিষ্ঠাপিত ধাৰাসমূহৰ পুনৰুক্তি কৰা নাই। গল্পটোৰ ভাষিক সজ্জাৰ পৰা আৰম্ভ কৰি নেৰেট্যিভলৈকে সকলোখিনি অসমৰ প্ৰেক্ষাপটত নতুন। গল্পটোক আমি উত্তৰ-আধুনিক বুলিও ক’ব নোৱাৰোঁ বা উত্তৰোত্তৰ আধুনিক বুলি কৈ দিয়াতো সমস্যা আছে। এই সমস্যাখিনি সৃষ্টি কৰিব পৰাটো গল্পকাৰৰ কৃতিত্ব ৷
(লেখক প্ৰতিষ্ঠাপক যুটীয়া পৰিচালক, Translators Assam)