কুশল দত্ত
যেতিয়া কোনো এগৰাকী
লেখকক তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয় পৰম্পৰা ৰক্ষা কৰি
তেতিয়া তেওঁ কিয় লিখে জাতীয় এটা কৈফিয়ৎ দিব লগা হয়৷ লেখকে কিয় লিখে– এই প্ৰসংগত বিশ্বৰ
প্ৰায়সংখ্যক লেখকেই নিজা নিজা অভিমত প্ৰকাশ কৰি আহিছে৷ এই প্ৰসংগত এই অভাজনেও ইতিমধ্যে
অন্য স্থান আৰু কালত কিছু প্ৰাসংগিক বুলি ভবা কিছু কথা উনুকিয়াইছোঁ৷ কালৰ কথা
তাৎপৰ্য্যপূৰ্ণ বুলি ভাবোঁ এইকাৰণেই যে একেটা প্ৰশ্নৰ মই বা আন এগৰাকী লেখকে দিয়া
উত্তৰ তেওঁৰ লেখক জীৱনৰ প্ৰথম পাঁচ বছৰত যি হ’ব পৰৱৰ্তী পোন্ধৰ বা পঁচিছ বা
পঁইত্ৰিছ বছৰত হয়তো কিছু হ’লেও ভিন্ন হ’ব৷ তেনেকৈ স্থানৰ কথাটোও আহিব৷
আমাৰ আঙুলিৰ চাপ যিদৰে অনন্য, বিশ্বৰ প্ৰায় প্ৰতিগৰাকী লেখকৰ মানসিক পৰিমণ্ডল আৰু
আঞ্চলিক বাস্তৱতাও ভিন্ন৷ স্থান-কালৰ এই ভিন্ন প্ৰেক্ষাপটেৰে আমাৰ ক্ষেত্ৰতো আমি
কিয় লিখোঁ কথাটো যুকিয়াই চাই দেখিছোঁ– আমি লেখকৰূপে অ, আ, ক, খ আৰম্ভ কৰাৰ যোৱা
প্ৰায় তিনিটা দশকৰ পাছত যি দুটা কথাই আমাক আটাইতকৈ বেছিকৈ আকৰ্ষণ কৰিছে তাৰে এটা হ’ল– এই মহাবিশাল
মহাবিশ্বৰ প্ৰেক্ষাপটত আমাৰ যি মহাক্ষুদ্ৰত্বৰ উপলব্ধি সেয়া; আৰু আনটো হ’ল এই ক্ষুদ্ৰত্বৰ
উপলব্ধিৰ পাছতো, এই মহাশূন্যতাক ধাৰণ কৰি লোৱাৰ পাছতো প্ৰতিক্ষণে আৰু
প্ৰতিস্থানে জীৱনৰ অন্য কিছু অৰ্থ, অন্য কিছু তাৎপৰ্য্য আৱিষ্কাৰৰ
চিৰায়ত বাসনা৷
মহাক্ষুদ্ৰত্বৰ কথা
আহিলেই মনলে’ আহে কাৰ্ল এডৱাৰ্ড ছাগান কথিত ‘নিস্তেজ নীলা বিন্দু’ (Pale Blue Dot)টোৰ প্ৰসংগ (Pale Blue Dot: Vision of the Human Future in Space, 1994)৷ মনলে’ আহে ১৯৯০ চনৰ ১৪
ফেব্ৰুৱাৰীত মহাকাশযান ভয়েজাৰ ১-এ তোলা পৃথিৱী নামৰ গ্ৰহটোৰ ছবিখনৰ কথা৷ ছয় বিলিয়ন
কিলোমিটাৰ দূৰৈৰপৰা ভয়েজাৰ ১-এ তোলা প্ৰসংগ ছবিখন, অৰ্থাৎ আমাৰ পৃথিৱী
নামৰ গোলকটো, যাক দেখা গৈছিল সৰিয়হ গুটিটোতকৈও সৰু, নিস্তেজ এটা নীলা
বিন্দুৰ ৰূপত৷ মহাবিশ্বৰ প্ৰেক্ষাপটত সেই ধূসৰ নীলা বিন্দুটো আৰু সেই বিন্দুটোৰ
প্ৰেক্ষাপটত তাৰ অধিবাসী আমাৰ প্ৰতিজনৰে যি মহাক্ষুদ্ৰ স্থিতি আৰু অস্তিত্ব– সেই এটা প্ৰসংগ৷
আনহাতে, দশোদিশৰ এই মহাবিশাল মহাশূন্যৰ মাজত আমাৰ শূন্যসম অস্তিত্বৰ উপলব্ধিৰ পাছতো
আমি যে নিতে পূৰ্ণতাৰ সন্ধান কৰোঁ, অহোৰাত্ৰ জীৱন আৰু জগতৰ ভিন্ন
অৰ্থ-তাৎপৰ্য্য আৱিষ্কাৰৰ হাবিয়াসেৰে কল্পসিন্ধুৰ সন্ধান কৰোঁ– এই আন এটা প্ৰসংগ৷
আমাৰ শেহতীয়া ধাৰণাত এই দুই প্ৰসংগৰ উপলব্ধি আমি কিয় লিখোঁ জিজ্ঞাসাৰ হয়তো অন্যতম
প্ৰধান কাৰক৷
প্ৰতিজন উদ্ভাৱনী
মনৰ মানুহৰে জীৱনৰ অৰ্থ আৰু তাৎপৰ্য্য আৱিষ্কাৰৰ মাধ্যম সুকীয়া সুকীয়া৷ মোৰ
ক্ষেত্ৰত এয়া আংশিকভাৱে সাহিত্য৷ সাহিত্যৰো আকৌ এটি বিধা (genre) কবিতা৷ লেখকতকৈও
পঢ়ুৱৈ হিচাপে থাকিয়ে বা সাধাৰণজন হিচাপে থাকিয়ে ভাল পাওঁ যদিও মাজে মাজে আমাৰ
সামান্য শকতিৰে পাখি অনুসৰি উৰিবৰ যত্ন কৰি যোৱা প্ৰায় তিনিটা দশকত যি পাৰিছোঁ
শব্দৰূপ ধ্যান-প্ৰকাশৰ যৎসামান্য চেষ্টা কৰি আহিছোঁ৷ কিন্তু মই জানো, সচেতন নিৰ্মিতিৰ
প্ৰয়াস চলিলেও আমাৰ এই প্ৰয়াস সামান্যৰো সামান্যহে৷ কোনোবা দিনা যদি এটা ভাল কবিতা
লিখিব পাৰিলোঁহেঁতেন– এই চিৰ অতৃপ্তিৰে অপেক্ষাৰত হৈ থকাৰ দৰে৷ তাৰ পাছতো
আপোনালোকে আমাৰ নিচিনা এগৰাকী সামান্য লেখকৰ ‘পকা ধানৰ কিৰীটি’ (২০১৯) লৈ ‘কবি প্ৰদীপ কুমাৰ বৰুৱা বঁটা’ আগবঢ়োৱা বাবে আমি
পৰম কৃতাৰ্থ৷ মাননীয় নিৰ্বাচক মণ্ডলীক আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ৷
লগতে অসম কবি সমাজৰ প্ৰাক্তন সহঃ সম্পাদক, প্ৰয়াত প্ৰদীপ কুমাৰ বৰুৱালৈ
সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনালোঁ৷ অসম কবি সমাজৰ লগতে সমৱেত আপোনালোক আটাইলৈকে বিনম্ৰ
শ্ৰদ্ধা জনাই মোৰ দুৱাষাৰ ইয়াতে সামৰণি মাৰিলোঁ৷
(অসম কবি সমাজৰ কবি প্ৰদীপ
কুমাৰ বৰুৱা বঁটা গ্ৰহণ কৰি আগ বঢ়োৱা ভাষণ।যুৱদ’ল, বৰ পুখুৰী পাৰ, শিৱসাগৰ। ৩০ অক্টোবৰ, ২০২২)