অন্যযুগ/


ফট'গ্ৰাফ

মূল: ৰাস্কিন বণ্ড
অনুবাদ: স্ৰোতস্বিনী তামুলী

অংকন: বৰ্ণিল মহন্ত


মই তেতিয়া দহ বছৰীয়া আছিলোঁ। মোৰ আইতা এদিন আম গছজোপাৰ তলৰ সৰু বিছনাখনতে বহি আছিল। সেয়া আছিল গৰমকালিৰ শেষভাগৰ সময় সূৰ্যমুখী ফুলবোৰ বাগিচাত ফুলি আছিল আৰু চৌপাশে গৰম গৰম বতাহ বলিছিল। আইতাই জাৰৰ দিনত ঊণৰ চাদৰ এখন গাত মেৰিয়াই লৈছিল। তেওঁৰ যথেষ্ট বয়স হৈছিল আৰু তেওঁ সদায়েই বগা কাপোৰ পিন্ধিছিল। তেওঁৰ দৃষ্টিশক্তি দিনক দিনে কমি আহিছিল। কিন্তু চিলাই কৰি থাকোঁতে তেওঁৰ আঙুলিবোৰ খৰকৈ চলিছিল। তেওঁৰ আটাইখিনি চুলিয়েই পকিছিল আৰু চালখনো শোঁতোৰা পৰিছিল।

 মই স্কুলৰ হোষ্টেলৰ পৰা গৰমৰ বন্ধত ডেহৰাত আছোঁহি। এতিয়া মই ক্ৰিকেট খেলি আহি ঘৰ পাইছোঁহি। খোৱা-বোৱাৰ পাছত বিচাৰ-খোঁচাৰ কৰি মই এটা বাকচ উদ্ধাৰ কৰিলোঁ। বাকচটো বহু পুৰণি কিতাপ আৰু আচবাব-পত্ৰৰে ভৰি আছিল। তাৰে ভিতৰত ৰঙীন ছবিৰে ভৰা কিতাপ এখনে মোৰ মনটো টানি নিলে। আগ্ৰহেৰে চৰাই আৰু পখিলাৰ ছবিবোৰ চাই গৈ থাকোঁতে এখন সৰু ফটগ্ৰাফ মই বিচাৰি পালোঁ কিতাপখনৰ মাজত। ফটোখনৰ ৰং উৱলি গৈ হালধীয়া তৰপ এটা বহিছে। ফটখনত এজনী ছোৱালী আৰু তাইৰ পিঠিৰ ফালে এখন দেৱাল আৰু দেৱালখনৰ সিপাৰে নীলা আকাশখন, দেৱালখনৰ পিছফালে দুখন হাত ওলাই আছে, ছোৱালীজনীৰ কাষত ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। কিন্তু ফুলবোৰৰ বৰ্ণনা মই কৰিব নোৱাৰিম এতিয়া।

  মই দৌৰি-দৌৰি গৈ আইতাৰ কাষ পালোঁগৈ— “আইতা! আইতা! এইখন চোৱা, মই পুৰণি বাকচটোত পালোঁ। এই ছোৱালীজনী কোন?”

 মই জাঁপ মাৰি তেওঁ বহি থকা বিছনাখনতে বহিলোঁ তেওঁ মোৰ কান্ধত চপৰিয়াই কলে— “মই চিলাইবোৰ পাহৰি যাবলৈ ধৰিছোঁ মই অহাবাৰলৈ তোমাক সম্পূৰ্ণ চাদৰ এখন তৈয়াৰ কৰিবলৈ শিকাম৷

আইতাই মোক প্ৰায়ে চিলাই কৰিবলৈ শিকাব খুজিছিল। কিন্তু এই কামটো কৰিবলৈ এজন লৰা হিচাপে স্বাভাৱিকতে মোৰ মন যোৱা নাছিল। কিন্তু এই কামটোৰ দ্বাৰা আইতাই মই কৰি থকা অনিষ্টকাৰী কামবোৰত প্ৰতিবন্ধকতা আনিব বিচাৰিছিল। এবাৰ মই শুৱনি-কোঠাৰ পৰ্দা এখন ফালিছিলোঁ। আইতাই মোৰ হাতত এটা বেজী আৰু সূতা তুলি দিছিল পৰ্দাখন চিলাবলৈ।

এতিয়া তেওঁ ফটখন মোৰ হাতৰ পৰা ললে আৰু আমি দুয়ো এপলক নীৰৱে ফটখনলৈ চাই ৰলোঁ এজনী ছোৱালী দীঘল বৈ পৰা চুলি, এটা দীঘল ফ্ৰক্, যিটোৱে তাইক ডিঙিলৈকে আৱৰি ৰাখিছে আৰু তাইৰ হাতত কেইবাযোৰ খাৰু। আচৰিত কথাটো হল ইমানখিনি আৱৰণৰে ঢাকি থোৱাৰ পাছতো ছোৱালীজনীক বে স্ফূৰ্তিবাজ আৰু স্বাধীনমনা যেন দেখা গৈছে। এটা ধুনীয়া হাঁহিৰ সৈতে হাত দুখনেৰে কঁকালত ধৰি তাই ৰৈ আছে।

কাৰ ফট এইখন?”—  মই সুধিলোঁ।

অৱশ্যেই এজনী সৰু ছোৱালীৰ৷”— আইতাই কলে— “তুমি কব পৰা নাইনে?”

হয়। কিন্তু তুমি এই ছোৱালীজনীক চিনি পোৱানে?”

হয়। মই জানো তাইক।”— আইতাই কলে। কিন্তু তাই এজনী বৰ ছোৱালী। সেয়ে তাইৰ বিষয়ে মই তোমাক নকওঁ। মই মাত্ৰ ফটখনৰ বিষয়েহে কব বিচাৰিছোঁ। এই ফটখন ষাঠি বছৰৰ আগেয়ে এই দেৱালখনৰ সমুখত তোলা হৈছিল।

এই হাত দুখন কাৰ?”— মই সুধিলোঁ

 আইতাই ফটখন চকুৰ ওচৰলৈ নি মন দি চালে আৰু অলপ আচৰিত হৈ কলে মই আজিহে মন কৰিলোঁ। হাত দুখন কোনোবা বন কৰা লৰাৰ হব পাৰে, নাইবা তোমাৰ ককাৰ হব পাৰে!

 কিন্তু হাত দুখন ককাৰ দৰে লগা নাই। তেওঁৰ হাতখন হাড়ে-ছালে লগা আছিল।”— মই কলোঁ

 হয়। কিন্তু এইখন ষাঠি বছৰ আগৰ ফট

 তেওঁ ফটখন তোলাৰ পাছত দেৱালখন বগাই আহিছিল নেকি?”

 নাই কোনো অহা নাছিল, আহিছিল যদিও মোৰ মনত নাই।

 তুমি মনত ৰখাত ভাল, আইতা৷”

হয়। মোৰ মনত পৰিছে... মোৰ মনত পৰিছে যে কি নাই এই ফটখনত। সেইটো আছিল বসন্ত কালৰ কোনোবা এটা দিন। ছোৱালীজনীৰ ভৰিৰ কাষত নাৰ্জী ফুল আৰু বেঙুনীয়া বগেনভেলীয়াবোৰ ফুলি আছিল। ফটখনত ৰংবোৰ তোমাৰ চকুত নপৰিব। এতিয়া তুমি সেই ফুলবোৰৰ সুঘ্ৰাণ পাবলৈ আৰু বতাহবোৰ অনুভৱ কৰিব নোৱাৰিবা।

আৰু ছোৱালীজনীৰ বিষয়ে কোৱাচোন।

তাই এজনী মহা দুষ্ট ছোৱালী। তুমি নাজানা এই ধুনীয়া চোলাটো পিন্ধাওঁতে কিমান কষ্ট আৰু অসুবিধা হৈছিল!

মই ভাবোঁ এইটো এটা ভয়লগা চোলা”— মই কলোঁ।

তাই প্ৰায়ে বদমাছ লৰাবোৰৰ লগত লেতেৰা পুখুৰী এটাত সাঁতুৰিবলৈ গৈছিল আৰু সিহঁতৰ পিঠিত উঠি মনত বৰ ৰং পাইছিল। কোনেও তাইক ধেমালিতেও মৰা নাছিল, কাৰণ তেনে কৰিলে ‌তাই সিঁহতৰ চুলিত ধৰি গোৰ মাৰি দিছিল।

তাইক দেখাত তেনেকুৱাই লাগিছে। তাইৰ হাঁহিটো দেখি এনেকুৱা লাগিছে যেন কিবা এটা হবলৈ গৈ আছে!

কিবা এটা হৈছিল। তাইৰ মাকে তাইৰ চোলাটো খুলি নিদিলে ফটখন তোলাৰ পাছত। সেয়ে তাই সেই বোকাময় পুখুৰীটোলৈ সেই চোলাটো পিন্ধিয়েই সাঁতুৰিবলৈ গুচি গল।

মই ডাঙৰকৈ হাঁহি দিলোঁ আৰু আইতাই মোৰ লগতে যোগ দিলে।

ছোৱালীজনী কোন? মোক কবই লাগিব তুমি।

নাই। নকওঁ।”— আইতাই কলে।

 মই নজনাৰ একো নজনাৰ দৰেই ৰৈ থাকিলোঁ। অথচ মই মন কৰিছিলোঁ যে তেওঁ ফটখনৰ ছোৱালীজনীৰ দৰেই হাঁহি আছিল যদিও তেওঁৰ এতিয়ালৈ কেইবাটাও দাঁত সৰি গৈছিল।

কোৱাচোন আইতা কোৱা মোক৷”

কিন্তু আইতাই একো উত্তৰ নিদি আপোন মনেৰে চিলাই যাবলৈ ধৰিলে। মই ফটখন হাতত লৈ ফটখনৰ ছোৱালীজনী আৰু আইতাৰ মাজত কি  কি মিল আছে বিচাৰিবলৈ  ধৰিলোঁ।

মই জানিব বিচাৰোঁ এই হাত দুখন কাৰ আছিল— সৰু সৰুকৈ কলে আইতাই নিজকে নিজে কোৱাৰ ধৰণে। জহকালিৰ সেই নীৰৱ আবেলিটোৰ নিস্তব্ধতাখিনি ভাঙি খচ্-খচ্ শব্দ কৰি বেজীটো চলি গৈছিল।


ঠিকনা:
এইচ. পি. বি. গাৰ্লছ কলেজ, গোলাঘাট
ভ্ৰাম্যভাষ: ৬০০৩৩৫৩১৮৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ