সৌৰভ দুৱৰা
আমাৰ দৈনন্দিন জীৱনত আলোকচিত্ৰ (Photography) এনেদৰে জড়িত যে ইয়াৰ অবিহনে এটা দিনো অতিবাহিত নহয়। এটা সময়ত সমগ্র বিশ্ব মানৱৰ বাবে আলোকচিত্র বিষয়টো কেৱল এটা বিলাসী সামগ্ৰীহে আছিল, বিষয় নাছিল। কিন্তু বৰ্তমান ই আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে অঙ্গাঙ্গী হৈ পৰাৰ লগতে এক প্ৰাতিষ্ঠানিক বিষয় হিচাপেও ই পৃথিৱীজুৰি প্রতিষ্ঠা লাভ কৰিছে। এটা সময় আছিল য’ত এখন প’ট্ৰেইট ছবি তুলিবলৈ মানুহজনৰ হাত-ভৰি বান্ধি ল’ব লগা হৈছিল যাতে লৰচৰ কৰিব নোৱাৰে। কাৰণ মানুহজনে লৰচৰ কৰিলেই ছবিখন বেয়া হৈ যাব। কিন্তু এতিয়া বন্দুকৰ নলীয়েদি বাহিৰ হোৱা গুলীটোৰ ছবিও তুলিব পৰা হ’ল। প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বৰ্তমান আলোকচিত্ৰ সহজ কৰি তুলিছে। এটা সময়ত ক’লা-বগা ছবিৰ ক্ষেত্ৰত ছবি তুলি প্ৰিণ্ট উলিয়াবলৈ এটা ডাৰ্কৰূমৰ প্ৰয়োজন হৈছিল। বৰ্তমান ডিজিটেল ফ’টোগ্ৰাফিৰ যুগত বিছনাত বহি বহিয়েই পৃথিবীৰ যিকোনো ঠাইলৈ মুহূৰ্ততে ছবি পঠিয়াব পৰা হ’ল। আগৰ ডাৰ্কৰূমৰ ঠাইত বৰ্তমান কম্পিউটাৰ হ’ল। কম্পিউটাৰতে ছবি কম্প’জ, এ’ডিটিং কৰি নিমিষতে প্ৰেৰণ কৰিব পৰা হ’ল। অৰ্থাৎ আমি বৰ্তমান কে’মিকেল ফ্রী ফ’টোগ্ৰাফ কৰিব পৰা হ’লোঁ। সেইবাবেই বৰ্তমান উঠি অহাচামৰ ফ’টোগ্ৰাফিৰ প্রতি প্রৱল আগ্ৰহ দেখা যায়। বিজ্ঞানৰ নিত্য-নতুন আবিষ্কাৰেও ফ’টোগ্ৰাফিক কাৰিকৰী দিশত নতুন মাত্ৰা প্ৰদান কৰি আহিছে। বৰ্তমান ফ’টোগ্ৰাফি অকল বিজ্ঞান বা কলা হৈ থকা নাই। ই এক উদ্যোগ হিচাপেও প্ৰতিষ্ঠা লাভ কৰিছে। সেইবাবে ফ’টোগ্ৰাফি বৰ্তমানে বিজ্ঞান, শিল্প উদ্যোগ আৰু বাণিজ্যৰ এক মুখ্য আৰু এৰাব নোৱৰা আহিলা হিচাপে পৰিগণিত হৈছে। ইয়াক ব্যৱসায় হিচাপে লৈ জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰাৰো অনেক সুবিধা আছে।
ফ’টোগ্ৰাফিয়ে সমাজ ব্যৱস্থাত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছে তাক চাবলৈ গ’লে ফ’টোগ্ৰাফিৰ বিভিন্ন বিভাগৰ কথা উল্লেখ কৰিব লাগিব। ফ’টোগ্ৰাফিক আমি নেচাৰ, সাংবাদিকতা, বিজ্ঞাপন, যুদ্ধৰ ছবি, প’ট্ৰেইট, জীৱ-জন্তু, সাগৰৰ তলৰ ছবি, শিশুৰ ফ’টো, প্রযুক্তি বিষয়ক, তথ্যমূলক ফটো, ভ্ৰমণ, অনুষ্ঠানৰ (Ceremony) ফ’টো , মাউণ্টেইন ফ’টোগ্ৰাফি ইত্যাদি বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ।
বৰ্তমান প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰতো (Conservation) ফ’টোগ্ৰাফিক বহুলভাৱে ব্যৱহাৰ কৰাৰ ফলত ই এক বলিষ্ঠ সামাজিক আহিলা হিচাপে ভূমিকা পালন কৰা দেখা যায়। মই নিজে এজন আলোকচিত্ৰ শিল্পী হোৱাৰ লগতে কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ লগত জড়িত হৈ আছোঁ। সেয়েহে ‘জীৱ সুৰক্ষা’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ হৈ কিছুদিনৰ আগতে আৰ্দ্ৰভূমি সংৰক্ষণ বিষয়ক ফ’টোগ্ৰাফিৰ প্রতিযোগিতাৰ আয়োজনো কৰিছিলোঁ। আমি যদি বিজ্ঞাপন চিত্র (Advertising Photography) কথাকে ক’বলৈ যাওঁ, তেন্তে দেখা পাম যে আধুনিক যুগটোৱেই হৈছে বিজ্ঞাপন ভিত্তিক। প্ৰত্যেক বিজ্ঞাপনৰ সৈতে আলোকচিত্ৰ জড়িত হৈ থাকে। আমাৰ দিনটো আৰম্ভ হয় বাতৰি কাকতেৰে। বিজ্ঞাপন নোহোৱা বাতৰি কাকত আমি কল্পনাই কৰিব নোৱাৰোঁ। তেনে ধৰণে বিভিন্ন আলোচনী, কিতাপ আদি সকলোতে বিজ্ঞাপন চিত্ৰই এক নিৰ্দিষ্ট স্থান দখল কৰি আহিছে। এখন উৎকৃষ্ট আলোকচিত্ৰই আমাক কেনেদৰে আকৰ্ষণ কৰে সকলোৱে জানে। ফ’টোগ্ৰাফৰ দ্বাৰা বিজ্ঞাপন প্রকাশ নকৰিলে কোনোৱেই সেই বিজ্ঞাপনলৈ চকু নিদিয়ে। তেনেদৰে কেট্লগ, ব্ৰাউচাৰ, প্ৰবন্ধাদি লেখা আদিতো আলোকচিত্ৰৰ প্রয়োজন হয়। যিকোনো উৎপাদিত সামগ্ৰী সুন্দৰ কেট্লগৰ সৈতে উপস্থাপন কৰিলেহে তাৰ বাণিজ্যিক গুৰুত্ব বাঢ়ে৷ বৃহৎ বৃহৎ কোম্পানীবিলাকে নিজৰ বিজ্ঞাপনৰ বাবে বহু উৎকৃষ্ট আলোকচিত্রৰ সৈতে কেলেণ্ডাৰ ছপা কৰে। আমি সদায় দেখি থকা বাটে-পথে আঁৰি থোৱা ডাঙৰ হ’ৰ্ডিংবিলাকতো আলোকচিত্ৰৰ সহায়তে বিজ্ঞাপন প্রকাশ কৰা হয়।
ফটো সাংবাদিকৰ ক্ষেত্ৰত এজন নিপুণ আলোকচিত্ৰ শিল্পীয়ে তোলা ছবি এখনে কথা কয়। কেতিয়াবা সেইবোৰ আলোকচিত্ৰই ইতিহাসৰ একোটা পৃষ্ঠা হয়। আমি যদি উদাহৰণ হিচাপে চাওঁ, তেন্তে কেভিন কাৰ্টাৰে তোলা ছুডানৰ দুৰ্ভিক্ষৰ ছবিখনৰ কথা উল্লেখ কৰিব পাৰোঁ। দক্ষিণ আফিকাৰ আলোকচিত্ৰ শিল্পী কাৰ্টাৰৰ ছবিখন আছিল দুৰ্ভিক্ষৰ। ছুডানত এটি ভোকাতুৰ হাড়-ছাল ওলোৱা শিশুৱে চুচৰি-বাগৰি গৈ আছে আৰু তাৰ পিছফালে এটা শগুন ৰৈ আছে। শিশুটিলৈ শগুনটোৰ লোলুপ দৃষ্টি, যেন সি শিশুটিৰ মৃত্যুৰ অপেক্ষাত। আলোকচিত্রখন দেখা নগ’লেও ইয়াৰ পাছত কি হৈছিল সেইটো সকলোৰে বোধগম্য। কিন্তু আচৰিত কথা ফটোখন প্রকাশ পোৱাৰ এবছৰৰ পাছত কাৰ্টাৰে আত্মহত্যা কৰিছিল। ছুইচাইড নোটত তেওঁ লিখি থৈ গৈছিল তেওঁৰ মানসিক যন্ত্ৰণাৰ কথা। ছবিখনে ছুডানৰ দুৰ্ভিক্ষৰ কথা স্পষ্টভাৱে প্রকাশ কৰিছিল। পুলিৎজাৰ বঁটাৰে সন্মানিত ছবিখনে সদায় ছুডানৰ দুৰ্ভিক্ষৰ কথা আমাক সোঁৱৰাই থাকিব। তেনে ধৰণৰ বহু আলোকচিত্ৰ আছে যিবোৰে সমাজত বিভিন্ন ধৰণে প্রভাৱ বিস্তাৰ কৰে। তেনে ধৰণৰ অলেখ আলোকচিত্ৰ আছে যি বিভিন্ন সময়ত ৰাজনৈতিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক সমাজত প্ৰভাৱ বিস্তাৰ কৰে।
বিভিন্ন কাকত-আলোচনীত আলোকচিত্ৰৰ ব্যৱহাৰ বেলেগ বেলেগ ধৰণে হয়। ফটো ৰচনা এক বিশেষ ব্যৱস্থা য’ত কেইবাখনো আলোকচিত্ৰৰদ্বাৰা একোটা ঘটনাৰ প্রভাৱ প্ৰকাশ কৰা হয়। যিদৰে বিখ্যাত আলোকচিত্ৰশিল্পী ৰঘু বায়ৰ বাংলাদেশ যুদ্ধৰ সময়ত তোলা সেই ছবিবোৰ। তেওঁৰ বাংলাদেশৰ ফটো ৰচনাৰ মাজত তেনে এখন ছবি আছিল য’ত এগৰাকী মাতৃয়ে শিশুক স্তনপান কৰোৱাইছে। কিন্তু মাতৃগৰাকীৰ শুকান বুকুখনত দুগ্ধৰ অভাৱ। তথাপি মাতৃগৰাকীৰ বিফল চেষ্টা অব্যাহত আছে৷ এনে ধৰণৰ ছবিয়ে সমাজৰ ইতিহাস ধৰি ৰাখে।
ৰঘুবাইৰ ভূপাল গেছ ট্ৰেজেদীৰ ছবিবিলাকত দেখোঁ শোৱাপাটীতে বহুলোকৰ মৃত্যু হৈছিল। তেওঁৰ এখন ছবি ইণ্ডিয়া টুডে আলোচনীৰ বেটুপাতত প্রকাশ পাইছিল য’ত এটি শিশুৰ আধামেলা চকুৰ কাষত আছিল এখন হাত। ছবিখন দেখিলেই গম পোৱা যায় কোনোবা পিতৃয়ে তেওঁৰ সন্তানক সমাধিস্থ কৰি আছে আৰু শেষ স্পৰ্শ কৰিছে। ইউনিয়ন কাৰ্বাইনৰ বিষক্ৰিয়াৰ প্রভাৱত শিশুটোৰ চকুকেইটা বগা হৈ গৈছিল। এই ছবিবিলাক আচলতে সমাজত ঘটি অহা ঘটনাৰ বাস্তৱ মুহূৰ্ত কিছুমানৰ প্ৰতিনিধি। তেনেদৰে নাপাম বোমাৰ আঘাতত উলংগ, হৈ দৌৰি অহা সেই কণমানি ছোৱালীজনীৰ ছবিখনে যুদ্ধৰ বিভীষিকাৰ কথা সদায় আমাক সোঁৱৰাই থাকিব। এনে ধৰণৰ অলেখ আলোকচিত্ৰ আছে যিবোৰে সমাজত বিভিন্ন ধৰণেৰে প্রভাৱ বিস্তাৰ কৰে। ৰাজনৈতিক উত্থান-পতনৰ ক্ষেত্ৰতো আলোকচিত্ৰৰ ভূমিকা অপৰিসীম।
ফেশ্বন ফ’টোগ্ৰাফি হৈছে ফ’টোগ্ৰাফীৰ এক উল্লেখনীয় বিষয়। ফেশ্বনৰ আলোচনী এখনলৈ মন কৰিলেই এই কথা উপলব্ধি কৰিব পাৰি। আজিৰ পৰা দহ-বাৰ বছৰ আগৰ ফেশ্বন ফ’টোগ্ৰাফি আৰু আজিৰ দিনৰ ফেশ্বন ফ’টোগ্ৰাফৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য। সময়ৰ লগে লগে মানুহৰ ফেশ্বন সলনি হৈ আহিছে। তাৰ লগে লগে ফেশ্বনৰ ফ’টোগ্রাফিও সলনি হৈ আহিছে। ফেশ্বনৰ লগত ফ’টোগ্ৰাফৰ প্ৰকাশভংগী বেলেগ বেলেগ হৈ আহিছে। পোছাকৰ ক্ষেত্ৰতো যদি চাওঁ মানুহৰ ৰুচি, ধৰণ-কৰণ আদি সময়ৰ লগে লগে সলনি হৈ আহিছে৷ তেনে ধৰণেই ফ’টোগ্ৰাফিও সলনি হৈ আহিছে। একেদৰে অলংকাৰৰ ক্ষেত্ৰতো বেলেগ বেলেগ ৰুচি আহিছে। বিজ্ঞাপন চিত্ৰত ফেশ্বন ফ’টোগ্ৰাফৰ গুৰুত্ব অপৰিসীম। তেনেদৰে চন্দ্ৰপৃষ্ঠত ভৰি দি নীল আমষ্ট্ৰঙে পঠিওৱা চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ দেখি আমি আচৰিত হৈছিলোঁ কাৰণ সেইখনেই আছিল চন্দ্ৰপৃষ্ঠৰ প্ৰথম ছবি। কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাই ছেটেলাইটৰ মাধ্যমেৰে নিতৌ নতুন নতুন মহাকাশৰ ছবি প্ৰেৰণ কৰি আহিছে। য’ত বিজ্ঞানীসকলৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাত সহায়ক হৈ আহিছে। সেইদৰে মহাসমুদ্ৰৰ তলিৰ ছবিয়ে মহাসাগৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত চিকিৎসা বিজ্ঞানেই হওক, মহাকাশ গৱেষণাই হওক বিভিন্ন ক্ষেত্ৰত ‘আলোকচিত্ৰৰ ভূমিকা অপৰিসীম। যিদৰে বন্যপ্ৰাণীৰ জীৱন-ধাৰণৰ প্রণালী বা জীৱ-জন্তুৰ বিষয়ক গৱেষণা কৰা ব্যক্তিৰ ক্ষেত্ৰত আলোকচিত্ৰৰ গুৰুত্ব বহুত। বিজ্ঞানীসকলৰ গৱেষণাৰ ক্ষেত্ৰত আলোকচিত্ৰৰ ভূমিকা কেনে তাক সহজে অনুমেয়। যিদৰে আলোকচিত্র বিজ্ঞানীসকলৰ পৰীক্ষা-নিৰীক্ষাত সহায়ক হৈছে, তেনে ধৰণেই বিভিন্ন আলোকচিত্ৰই আমাৰ সমাজতো বিভিন্ন ধৰণে প্রভাৱ বিস্তাৰ কৰি আহিছে। যিদৰে ফ’টোগ্ৰাফীৰ বিভিন্ন বিভাগ আছে, তেনেদৰে তাৰ প্রভাৱো সমাজত বিভিন্ন ধৰণে হয়। তাক আমি নুই কৰিব নোৱাৰো’।
“Photography
for its own sake independent for a market working to a personal expression and
exploration of photography as the phenomenon that it is – Medium that has
challenged ideas of art and artists.”
(লেখক আন্তঃৰাষ্ট্ৰীয় স্তৰত পুৰস্কৃত ফটোগ্ৰাফাৰ। অসমীয়া প্ৰতিদিন কাকতত কৰ্মৰত।)