অন্যযুগ/


পিছলৈ উভতি চাওঁ: ৭

নিমগুটি, টাংগুটি আৰু কত কি?

পোনা মহন্ত

স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ মাৰিছিলোঁ বাৰীৰ পি‍ছফালে থকা পুখুৰীটোলৈ৷ তেতিয়া মোৰ হাফ্‌পেণ্ট এটাই আছিল৷ স্কুললৈ পিন্ধি যোৱাৰ বাহিৰে সেইটো আন সময়ত ব্যৱহাৰ কৰা নহৈছিল৷ ঘৰত নথকা সময়ত বা বাহিৰত লগৰীয়াহঁতৰ লগত খেলা-ধূলা কৰোঁতে আমি প্ৰাইমেৰি স্কুলৰ শেষ পৰ্যায়লৈকে সাধাৰণতে গামোচা পিন্ধিয়ে আছিলোঁ৷ এতিয়াও ভালকৈ মনত আছে লুঙিৰ দৰে কঁকালত মেৰিয়াই লোৱা গামোচা এখন যিহেতু সকলো সময়তে লজ্জা নিবাৰণৰ বাবে যথেষ্ট নহয়, সেয়ে অলপ ডাঙৰ হোৱাত সম্ভৱ ১ম-২য় শ্ৰেণীত থকা সময়ৰ পৰা বৌৱে মোক এখন অলপ ডাঙৰ গামোচা দিছিল, যাতে টানি-টুনি হলেও চুৰিয়াৰ দৰে পোন্ধ মাৰি লব পাৰোঁ৷ তেনে এখন গামোচা পিন্ধি ভৰি-হাত ধুই আহি মজিয়াত বহিছিলোঁগৈ বৌৱে যতনাই দিয়া কৰ্কৰা বা পঁইতা ভাতকেইটা খাবলৈ৷ সেই সময়ত বৌৰ উকা কপালেৰে মুখখন দেখি মোৰ শিশুমনৰ অন্তৰখনো ছিগি-ভাগি যোৱা যেন লাগিছিল৷ সেই কালত আমাৰ মহাপুৰুষীয়া সত্ৰীয়া জীৱনত অহৰহ কৃষ্ণ কৃষ্ণ, হৰি হৰি ধ্বনি শুনিবলৈ পোৱা গৈছিল৷ ভাওনাত দেখা কৃষ্ণজনক মোৰ শিশুমনটোৱে সঁচাসঁচি ভগৱান কৃষ্ণজন বুলিয়ে ভাবিছিল৷ বৌৰ মুখমণ্ডলত ভাহি উঠা শোকৰ সাগৰখন দেখি ভাব হৈছিল ইমানকৈ কৃষ্ণৰ নাম-গুণ গাই থকা সত্ত্বেও তেওঁ আমাৰ প্ৰতি ইমান নিৰ্দয় হব লাগেনে? তেওঁৰ সৃষ্টিৰ অত মানুহৰ মাজৰ পৰা কেৱল মোৰ দেউতাকহে ইমান কম বয়সতে চিৰকালৰ বাবে লৈ যাবলৈ পালেনে? সেই মুহূৰ্ততে অহা এনে ভাববোৰে তেতিয়াই মোৰ মনটোক ভগৱানৰ প্ৰতি বিদ্ৰোহী কৰি তুলিছিল৷ মই যেন তেতিয়াৰ পৰাই নামঘৰে-গুণঘৰে, ভাওনাই-সবাহে ভগৱানক বিচাৰি ফুৰিছিলোঁ৷ কিন্তু কোনো উৱাদিহ পোৱা নাছিলোঁ৷ এই বিষয়ে মই ভালেমান বছৰৰ আগতে শ্ৰীযুত হোমেন বৰগোহাঞিদেৱৰ সম্পাদনাত ওলোৱা স্বাস্থ্য নামৰ আলোচনীৰ দ্বিতীয় নে তৃতীয় সংখ্যাত এটা প্ৰবন্ধ লিখিছিলোঁ৷ এই সম্পৰ্কে যথাস্থানত লিখাৰ আশা ৰাখিছোঁ৷

এতিয়া পূৰ্বৰ বিষয়টোলৈ উভতি আহি মনত পেলাবলৈ চেষ্টা কৰিছোঁ ভাতকেইটা খাই বৌৰ চকুৰ আঁৰ হোৱাৰ পাছত কি কৰিছিলোঁ৷ মুহূৰ্ততে মনৰ সকলো দুখ পাহৰি ঘৰৰ বাহিৰলৈ ওলাই আহিছিলোঁ৷ তেতিয়া আৰু মই সম্পূৰ্ণ স্বাধীন, যেন সাহিত্যৰথী বেজবৰুৱাৰ মুক্তিনামৰ গল্পটোলৰ সুকুমাৰ নামৰ লৰাটোহে৷ বৌ নানা ঘৰুৱা কামত ব্যস্ত হৈ পৰে৷ কম বয়সতে নিজৰ পঢ়া-শুনা এৰি ঘৰখনৰ দায়িত্ব চম্ভালিবলগীয়া হোৱা ডাঙৰ দাদাই ঘৰত থাকিবলৈ নেপায়েই৷ নাজিৰা হাইস্কুলত পঢ়ি থকা মাজু দাদাই প্ৰায় চাৰি মাইল পথ বাটকুৰি বাই ঘৰ পায়হি মানে বেলি লহিয়াবৰ হয়৷ ইতিমধ্যে মোৰ লগৰকেইটায়ো ঘৰৰ পৰা ওলাই আহি আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাত পিয়াপি দি ফুৰে৷ মই কেনেবাকৈ ওলাই যোৱা দেৰি হলে কোনোবা এটাই ইংগিতসূচক সুহুৰি মাৰি মাতি নিয়ে৷ এই দৰে ২য়-৩য় মানত পঢ়ি থকা আমি তিনি-চাৰিটামান লগ হোৱাৰ পাছত আমাৰ খেল আৰম্ভ হৈ যায়৷ কি খেল খেলিছিলোঁ আমি? মনত পৰা মতে সেই সময়ত আমাৰ প্ৰধান খেল আছিল নিমগুটি, টাংগুটি, ঘিলাগুটি আৰু মাৰ্বল গুটিৰ খেল৷ মাৰ্বল গুটিৰ খেলৰ বাহিৰে আনকেইটা গুটিখেলৰ নাম আজিৰ লৰা-ছোৱালীয়ে শুনিছে যেন নালাগে৷ নিমগুটি আৰু ঘিলা খেল সম্পূৰ্ণ স্থানীয়৷ টাংগুটি খেল ৰাজ্যৰ অন্যান্য অঞ্চলৰ মাজতো প্ৰিয় আছিল যদিও বৰ্তমান মাৰ্বল খেলৰ দৰে এইবিধ খেলো অচল৷ প্ৰতি শাৰীয়ে চাৰিটা-পাঁচটাকৈ সৰু সৰু খোল বা গাঁত খান্দি লৈ ঘোঁৰা নিমৰ গুটিৰে নিমগুটি খেল খেলা হৈছিল৷ খেলখনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো পাহৰিছোঁ যদিও দুজন খেলুৱৈয়ে মুখামুখিকৈ বহি প্ৰতিটো খেলত পাঁচটাকৈ থকা গুটিবোৰ ইটো খোলৰ পৰা সিটো খোললৈ নি এইবিধ খেল খেলিব লাগিছিল৷ খেলুৱৈ দুজন হলেও দবা খেলৰ দৰে চাওঁতাই খেল চাই বেচ আমোদ পাইছিল৷ ঘিলা খেল ঘাইকৈ ছোৱালীৰ খেল৷ এটা নিৰ্দিষ্ট খোললৈ লক্ষ্য কৰি ঘিলাগুটিটো দলিয়াই এইবিধ খেল খেলা হৈছিল৷ ঘিলা হল এবিধ ডাঙৰ বনৰীয়া লতা গছৰ চকলীয়া গুটি, ঠিক আমাৰ ঘিলা পিঠাটোৰ দৰে৷ টাংগুটি খেল বেচ বিপজ্জনক হোৱা বাবে ঘৰৰ ডাঙৰ মানুহে লৰাহঁতক এই খেল খেলিবলৈ দিয়া নাছিল৷ তথাপি লুকাই-চুৰকৈ কেতিয়াবা খেলোঁতে দুটামানে নাকে-মুখে আঘাত পোৱাৰ কথা মোৰ এতিয়াও মনত আছে৷ আন খেলৰ ভিতৰত প্ৰাইমেৰি স্কুলত থকালৈকে ফুটবল খেলাৰ সুযোগ পোৱা নাছিলোঁ৷ অৱশ্যে ডাঙৰ লৰাবোৰৰ খেল চাবলৈ পাইছিলোঁ৷ বেটবল বুলি এবিধ বল খেল কেতিয়াবা খেলিছিলোঁ যদিও বলটো সাধাৰণতে আচল বল নাছিল, ক্ৰিকেট বলৰ আকাৰৰ ৰবাব টেঙা বা বৰটেঙাহে আছিল৷ ক্ৰিকেট খেলৰ বেটেৰে মৰা বলটোৰ দৰে হোৱা বাবে বোধকৰোঁ ইয়াক বেটবল বোলা হৈছিল৷ এনে ৰবৰৰ বজাৰত পোৱা গৈছিল যদিও কিনিবৰ বাবে কোনো এটা লৰাৰ হাতত পইচা নাছিল৷ মন কৰিবলগীয়া কথা যে উল্লিখিত কোনো এটা খেলৰ বাবে (মাৰ্বল খেলৰ বাহিৰে) খেলনা কিনি পইচা খৰচ কৰিবলগীয়া হোৱা নাছিল৷

সেই সময়ত মোৰ খেলৰ লগৰীয়াৰ ভিতৰত আছিল নন্দেশ্বৰ, মনুৱা (মনো), মগন (প্ৰদীপ) আৰু দুটামান৷ ঘৰখনৰ একমাত্ৰ লৰা নন্দেশ্বৰে‍ পঢ়া এৰি দেউতাকৰ সহায়কৰূপে খেতি-পথাৰত নামিবলগীয়া হল৷ তাৰ ঘৰুৱা অৱস্থা এতিয়া বেচ চকুত লগা৷ ভঁৰালত ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল-পাণেৰে সিহঁত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল৷ তদুপৰি তাৰ একমাত্ৰ পুত্ৰই বি. এ. পাছ কৰি প্ৰাইমেৰি স্কুলত শিক্ষকতা কৰে৷ মনুৱা বা মনোৰাম কলিতা অৱশ্যে তেনে নহল৷ বগা বৰণৰ হৃষ্ট-পুষ্ট, দেখনিয়াৰ চেহেৰাৰ মনুৱাৰ ভাল নাম মনোৰমো হব পাৰে৷ এতিয়া পাহৰিছোঁ৷ কিন্তু বছৰ বছৰ ধৰি পকা ধানৰ ডাঙৰি, কঠীয়াৰ টোম, গৰুৰ ঘাঁহ আৰু সংসাৰৰ বোজা কঢ়িয়াই মানুহটো তেনেই কোঙা হৈ পৰিল৷ মনুৱা আৰু তাৰ দৰে কপালৰ ঘাম মাটিত পেলাই কেৱল কামেই কৰি থকা অলেখ মানুহ দেখিলে কোনে কব পাৰে অসমীয়া মানুহ কৰ্মবিমুখ বুলি? এনে মন্তব্য কথাৰ ফুলজাৰি মাৰি ৰাজনৈতিক নেতাই বক্তৃতাৰ মাজত ব্যৱহাৰ কৰা ৰেটৰিকৰ বাহিৰে একো নহয়৷ অৱশ্যে কলেজ-বিশ্ববিদ্যালয়ত পঢ়ি দৈহিক পৰিশ্ৰমৰ নামত এগছ কুটাও দুগছ নকৰা মধ্যবিত্ত পৰিয়ালৰ একাংশ যুৱক-যুৱতীৰ বেলিকা এই কথা প্ৰযোজ্য হব পাৰে৷ মগন বা প্ৰদীপে মেট্ৰিক পাছ কৰি কলেজত নাম লগোৱা কথা জানো যদিও সি কিমানলৈ পঢ়িলে সেইটো নাজানো৷ পাছত জানি ভাল লাগিছে, নামৰূপ সাৰ কাৰখানাৰ চাকৰিত সোমাই একাধিক পদোন্নতি লাভ কৰি বৰ্তমান সি সপৰিয়ালে নামৰূপতে অৱসৰী জীৱন কটাই আছে৷ প্ৰদীপৰ বাহিৰে মোৰ লগৰ কোনো এটায়ে এল. পি. স্কুলৰ দেওনা পাৰ হৈ বাহিৰলৈ ওলাব নোৱাৰিলে৷ এনে নহয় যে পঢ়া-শুনা কৰিব পৰাকৈ ইহঁতৰ মগজু নাছিল৷ নগাবোলা লৰা এটাৰ কথা মই আগতে উল্লেখ কৰিছোঁৱেই৷ এনেবোৰ কথা মনলৈ আহিলে মোৰ এতিয়া তাহানি পঢ়া ইংৰাজ কবি টমাছ গ্ৰেইৰ কবিতা এটাৰ শাৰীকেইটা মনলৈ আহে:

Full many a gem of purest ray serene,

The dark unfathom’d caves of ocean bear,

Full many a flower is born to blush unseen,

And waste its sweetness on the desert air

(An Elegy written in a country churchyard)

- Thomas Gray

হয়, মহা সমুদ্ৰৰ অতল গহ্বৰত কত মণি-মুকুতা পৰি আছে কোনে জানে? কোনেও নেদেখাকৈ কত ফুল ফুলি মৰহি গৈ ইবোৰৰ সুগন্ধ মৰুভূমিৰ বতাহত মিলি গৈছে, তাৰ খবৰ বা কোনে ৰাখে? কেৱল বাৰেঘৰ ভকত গাঁৱতে নহয়, ৰাজ্যৰ আৰু দেশৰ চুকে-কোণে, প্ৰান্তে প্ৰান্তে কত প্ৰতিভাই বিকাশৰ সুযোগ নেপাই অকালতে শুকাই যায় তাৰেই বা খবৰ ৰাখে কোনে?

আহ ঔ আহ ভেটালৈ আহ

মাছ নহলে মুখলৈ ভাত নিব নোৱৰা অসমীয়াই মাছ ধৰিবৰ বাবে কিমান কৌশল উলিয়াইছে তাৰ হিচাপ নাই৷ ইয়াৰ কেতবোৰ সম্পূৰ্ণ স্থানীয় বা আঞ্চলিক, অৰ্থাৎ কোনো বিশেষ ঠাই বা অঞ্চলতহে কিছুমান কৌশল প্ৰয়োগ কৰা হয়, গোটেই ৰাজ্যত এইবোৰ নচলে৷ গড়খাৱৈ নৈত বৈ আৰু দেৱা বান (বান্ধ) দি মাছ ধৰাৰ কৌশলৰ কথা আগতে কৈ আহিছোঁ৷ এইটো সম্পূৰ্ণৰূপে পুৰুষৰ কাম৷ ইয়াত তিৰোতাৰ প্ৰৱেশ নিষেধ৷ আন হাতেদি তিৰোতাৰো দুই-এটা বিশেষ মাছ ধৰা পদ্ধতি দেখিছিলোঁ৷ ইয়াৰ ভিতৰত ভেঁটা দি মাছ ধৰা বিশেষ কৌশলটোৱেই প্ৰধান৷ কেইগৰাকীমান জাকৈয়া তিৰোতাই লগ হৈ এই ধৰণে মাছ ধৰে৷ মই প্ৰাথমিক পঢ়াশালি‍ত পঢ়ি থকা দিনত আমাৰ ঘৰৰ সমুখত এখন বহল পথাৰ আছিল, মাজত সৰু সৰু আলি নথকা বিলৰ দৰে কিন্তু সিমান দ নহয়... এখন বিস্তৃত পথাৰ৷ ভেঁটা দি মাছ ধৰিবলৈ এনে এখন পথাৰৰ প্ৰয়োজন৷ মাছুৱৈসকলে পথাৰৰ পানীত উপঙি থকা নৰা, ঘাঁহ, দল আদি গোটাই সেইবোৰেৰে এটা ডাঙৰ বৃত্তাকাৰ ভেঁটা সাজে‍৷ ভেঁটাটোৰ এফালে নিৰ্দিষ্ট জোখৰ দুৱাৰমুখৰ দৰে মুকলি কৰি ৰখা হয় যাতে সেইফালে মাছ সোমাব পাৰে৷ এতিয়া মাছুৱৈ বাই’-সকলে অৰ্ধবৃত্তাকাৰে শাৰী পাতি দুই হাতেৰে পানী মাৰি মাৰি মাছবোৰ হুৰাই নিয়ে আৰু সিহঁত গৈ ভেঁটাত সোমাই আবদ্ধ হৈ পৰে৷ তাৰ পাছত মাছুৱৈসকলে জাকৈ মাৰি যেয়ে যিমান পাৰে মাছ ধৰে৷ এতিয়া মই পিছলৈ উভতি চাই কথাটো মনত পৰি নিজেই বিশ্বাস কৰিবলৈ টান পাইছোঁ৷ কথাটো হল এইদৰে ভেঁটা মাৰি মাছ ধৰাত তেতিয়াৰ আঠ বছৰমান বয়সৰ বালক আজিৰ এই লেখকেও মাছুৱৈসকলৰ লগত মাছ ধৰিছিল৷ পূৰ্বতে কৈ আহিছোঁ এইদৰে মাছ ধৰাটো সম্পূৰ্ণৰূপে তিৰোতাৰ কাম আছিল৷ তেন্তে কেনেকৈ 'পুৰুষ'-ৰ প্ৰৱেশ ঘটিল? কথাটো এনেকুৱা: ওচৰ-চুবুৰীয়া তিৰোতাসকলে জানে যে মাছ অকণমান নহলে আমাৰ বৌৰ মুখলৈ ভাত নোযোৱাৰ নিচিনাই৷ সেয়ে মাছ ধৰিলেই তেওঁলোকে বৌলৈ বুলি দুটামান মাছ পঠাই দিয়াটো তেওঁলোকৰ প্ৰায় নিয়মৰ দৰে হৈছিল৷ তেওঁলোকে আগ্ৰহেৰে দিলেও বৌৱে এইদৰে সঘনাই লৈ থাকিবলৈ ভাল নেপাইছিল৷ কথাটো কোৱাত দুগৰাকীমানে কৈছিল ব বাৰু আই/ অকণমানটো বেছি সৰু হৈ আছে৷ ইটোকে লগত লৈ যাম, যি পাৰে ধৰিব৷ আমি আছোঁৱেই নহয়৷” ‘ইটোমানে মই, কাৰণ ভাইটি তেতিয়া বেচ সৰু মাজু দাদা হাইস্কুলৰ ওপৰ শ্ৰেণীত পঢ়ি থকা লৰা, তিৰোতাৰ লগত মাছলৈ যোৱাৰ প্ৰশ্নই নুঠে৷ উল্লেখ কৰিব লাগিব যে মহন্ত ছোৱালীয়ে কেতিয়াও মাছ মাৰিবলৈ নগৈছিল৷ অইনহে নেলাগে জাকৈ, জুলুকি আদি মাছ ধৰা সঁজুলিত তেওঁলোকে হাত লগোৱাটোও মানা৷ পানীত নামি মাছ মাৰিম আৰু বৌৰ বাবে নিজ হাতে মাছ ধৰি আনিম এই আশাত ময়ো হাতত এখন সৰু জাকৈ আৰু কঁকালত খালৈ বান্ধি মাছ মাৰিবলৈ গৈছিলোঁ৷ সেই পাকৈত মাছমৰীয়া বাইসকলৰ লগত আঠ বছৰীয়া অনভিজ্ঞ লৰা এটাইনো কি দৰে জকাই চলাব? মোৰ অথন্তৰ দেখি চাগৈ তেওঁলোকে হাঁহিছিল! পিছে কি হ? আহিবৰ পৰত প্ৰতিগৰাকীয়ে দুই-এটাকৈ মাছ দি মোৰ সৰু খালৈটো এক প্ৰকাৰে‍ ভৰাই দিছিল৷ বৌৱে আপত্তি কৰিছিল যদিও বুজাই-বঢ়াই সৈমান কৰাই এইদৰে মই কেইবাদিনো মাছ মাৰিবলৈ গৈছিলোঁ আৰু লাহে লাহে নিজেও মাছ ধৰিব পৰা হৈছিলোঁ৷ এইদৰে ধৰা মাছবোৰ সাধাৰণতে পুঠি, খলিহা, ভেচেলী, ডঁৰিকণা আদি সৰু সৰু প্ৰজাতিৰ আছিল৷

সেই বয়সতে মই আৰু এটা প্ৰক্ৰিয়াৰে মাছ ধৰাত আগভাগ লৈছিলোঁ৷ প্ৰক্ৰিয়াটো আছিল এনে ধৰণৰ: আঁঠুৱা কাপোৰৰ লেখীয়া ফুটা থকা চেলেং কাপোৰ এখন দুটা লৰাই দুই মূৰে দুহাতেৰে ধৰি পানীৰ কিছু তলেদি চোঁচৰাই টানি নিব লাগে৷ এই দৰে কিছু দূৰ নিয়াৰ পাছত কাপোৰখন দাঙি দিলে দেখা যায় যে তাত সৰু সৰু পুঠি, ডঁৰিকণা আদি ক্ষুদ্ৰ আকাৰৰ মাছ জমা হৈছে৷ এই সৰু সৰু মাছবোৰ পাতত দি পিটিকা কৰি খাবলৈ বৰ ভাল৷ তেনে পিটিকাৰে বৌৱে তৃপ্তিৰে ভাতসাঁজ খোৱা দেখিলে ময়ো মনত বৰ আনন্দ অনুভৱ কৰিছিলোঁ৷ সেই সময়ত ঠুহা পাতি মাছ ধৰা আন এটা কৌশল আমাৰ অঞ্চলটোত বেচ জনপ্ৰিয় আছিল৷ এমূৰে গাঁঠি থকা আৰু আনটো মূৰ খোলা বাঁহৰ চুঙা এটাৰ খোলা মূৰটো কেইফালমান কৰি কিছু বহল কৰি লোৱা হয়৷ সিমূৰৰ গাঁঠিটোৰে সামান্য ফুটা এটা কৰা হয় যাতে সেই ফালেদি পানী বৈ যাব পাৰে৷ তাৰ পাছত পথাৰৰ পানীৰ সোঁত থকা ঠাই এডোখৰ চাই লৈ আলি এটাৰ সামান্য অংশ কাটি লোৰ এটা কৰি ঠুহাৰ খোলা মুখখন সোঁতৰ বিপৰীতে পাতি থৈ অহা হয়৷ সাধাৰণতে বাৰিষাৰ আৰম্ভণিতে নতুনকৈ পানী হোৱাৰ সময়ত আবেলি বা সন্ধিয়া এনেকৈ ঠুহা পাতি পাছদিনা পুৱা চাবলৈ যোৱা হয়৷ ৰাতি যদি হেপাই নাপায় বা আন কিবা অথন্তৰ নঘটে, তেন্তে ঠুহা এটাত গৰৈ-কাৱৈ জাতীয় দুটামান মাছ প্ৰায়ে পোৱা গৈছিল৷

ইতিমধ্যে কৈ আহিছোঁ যে মই পোনতে মাছ মাৰিবলৈ যোৱাৰ প্ৰধান উদ্দেশ্য আছিল অন্ততঃ বৌৰ বাবে দুটামান মাছ যোগাৰ কৰা৷ আমি লৰা-ছোৱালীকেইটাই শুদাই-নিকাই কেৱল শাকৰ আঞ্জা আৰু আলু-বেঙেনা বা কঁঠালগুটিৰ পিটিকাৰেই ভাত খাব পাৰিছিলোঁ৷ কিন্তু বৌৱে সামান্য হলেও মাছ অকণমান নহলে তৃপ্তিৰে ভাত খাব পৰা নাছিল৷ এই কথাটো মাতৃদেৱীয়ে কেতিয়াও কোৱা নাছিল যদিও মই প্ৰায়ে লক্ষ্য কৰিছিলোঁ৷ বৌৰ ছোৱালীকালত তেওঁলোকৰ, অৰ্থাৎ ককাৰ ঘৰখন চাৰিওপিনৰ পৰা নদন-বদন আছিল৷ প্ৰকাণ্ড বাৰীত নানা ফল-মূলৰ গছ, বিভিন্ন শাক-পাচলিৰ খেতিৰ উপৰি এটা মাছ থকা পুখুৰীও আছিল৷ তদুপৰি কাষৰীয়া গঞাসকলেও প্ৰায়ে ককাহঁতক মাছ দিছিল৷ বিয়াৰ পাছত আমাৰ ঘৰলৈ অহাৰ পাছতো মায়ে এই প্ৰিয় বস্তুটোৰ অভাৱ অনুভৱ কৰা নাছিল৷ দেউতায়ো যিহেতু মাছ ভাল পাইছিল, সেয়ে ইয়াৰ যোগাৰ ব্যাহত হোৱা নাছিল৷ কিন্তু দেউতাৰ অকাল মৃত্যুৰ পাছত পৰিস্থিতি সম্পূৰ্ণ বেলেগ হল৷ আমাৰ অথন্তৰ আৰু বিপৰ্যয়ৰ কথা ইতিমধ্যে কৈ আহিছোঁৱেই৷ এনে অৱস্থাত মাছৰ কথা বাদেই, দুবেলা দুমুঠি যোগাৰ কৰাটোও টান হৈ পৰিছিল৷ সেয়ে মাছ মাৰিবলৈ যোৱাৰ প্ৰথম সুযোগটো পাই এৰিব নুখুজিলোঁ৷ ভাবিছিলোঁ পোৰা মাছৰ পিটিকা অকণমান হলেও বৌৱে কিছু তৃপ্তিৰে ভাত এসাঁজ খাব পাৰিব৷ কিন্তু সেই কুমলীয়া বয়সতে পোৱা মাছ ধৰাৰ আনন্দ মোৰ এক প্ৰকাৰৰ নিচাৰ দৰে হবলৈ ধৰিলে৷ বৌৰ হাক-বচনলৈও যেন মই কাণ নিদিয়া হৈছিলোঁ৷ মই যেন স্কুল ছুটীৰ পাছত জাকৈ আৰু ঠুহা লৈয়ে ব্যস্ত হৈ পৰিছিলোঁ৷  মোৰ এনে দুৰ্গতি দেখি সম্পৰ্কীয় খুৰা এজনে বৌৰ আগত এইদৰে কোৱা কথা মোৰ ভালকৈ মনত আছে: ই মাছমৰীয়াই হৈ থাকিব নে পঢ়া-শুনা কৰিব?”

(আগলৈ) 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ