অন্যযুগ/


উলাহেৰে উভতি চাওঁ-৯

  পোনা মহন্ত

তেতিয়াৰ নেফাৰ নক্তে জনগোষ্ঠীৰ লৰা এজন আমাৰ ঘৰত কেইবাবছৰো থাকি পঢ়া-শুনা কৰাৰ কথা আগৰ লেখাত উল্লেখ কৰিছোঁ৷ ৱাংলিয়াম নামৰ এই লৰাটো মোৰ ডাঙৰ দাদাৰ লগত আমাৰ বাৰেঘৰ সত্ৰ ভকতগাঁৱৰ ঘৰলৈ আহিছিল৷ দাদা সেই সময়ৰ দুৰ্গম নেফালৈ কেনেকৈ যাবলৈ পালে আৰু সৰু লৰাটোনো কি সূত্ৰে আমাৰ ঘৰলৈ আহিবলৈ পালে, সেই বিষয়ে পঢ়ুৱৈক জনাবলৈ হলে এটা কাহিনী কব লাগিব৷ কাহিনীটো ঐতিহাসিক আৰু সামাজিক-সাংস্কৃতিকভাৱে বেচ গুৰুত্বপূৰ্ণ যদিও আমাৰ শিক্ষিত সমাজৰো একাংশ এই বিষয়ে অৱগত নহয়৷

 

নগা (নক্তে) নৰোত্তম গোসাঁই শ্ৰীৰাম...’

মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱৰ প্ৰায় এশ বছৰৰ পাছৰ কথা৷ মোৰ ওপজা ঠাই চলিহা বাৰেঘৰ সত্ৰখন বৰ্তমান নাহৰকটীয়া চহৰৰ পৰা কিছু দূৰত দিহিং নৈৰ পাৰত অছিল৷ পিতৃ সুদৰিশনদেৱে পতা সত্ৰখনৰ শ্ৰীৰাম আতা (জন্ম ১৬৬৫ খ্ৰী: সত্ৰাধিকাৰ পদত থকা সময়তে বৰ্তমান অৰুণাচল প্ৰদেশৰ অধিবাসী নক্তে জনগোষ্ঠীৰ মুৰব্বী বা ৰজা লথাখুনবাও আৰু সত্ৰৰ মাজত এটা অভাৱনীয় সম্পৰ্ক গঢ়ি উঠে৷ এই সম্পৰ্কে তেতিয়াৰে পৰা প্ৰচলিত এটা কাহিনী আছে, যিটো নক্তেসকলে বিশ্বাস কৰে আৰু শ্ৰীৰাম আতাৰ চৰিতপুথিত উল্লেখ কৰা হৈছে৷ কাহিনীটো এনে ধৰণৰ:

নক্তে ৰজা লথাখুনবাৱে সপোনত গুৰু লাভ হব বুলি জানিবলৈ পাই প্ৰাপ্ত নিৰ্দেশ মতে দুটা বাঁহৰ চুঙাত সোণ আৰু ৰূপ ভৰাই দিহিং নৈত উটুৱাই দি পাত্ৰমন্ত্ৰীসকলৰ লগত নৈৰ পাৰে পাৰে গুৰুৰ সন্ধানত ওলাল৷ চুঙা দুটা চলিহা বাৰেঘৰ সত্ৰৰ ঘাট পোৱাত নৈত গা ধুবলৈ যোৱা ভকত এজনে দেখি সেই দুটা আনিবলৈ চেষ্টা কৰে৷ কিন্তু চুঙা দুটা আঁতৰি যোৱাত ভকতজনে এই আচৰিত ঘটনাৰ কথা শ্ৰীৰাম আতাক জনালেগৈ৷ আতাই ঘাটলৈ গৈ পৱিত্ৰভাৱে আহ্বান কৰাত চুঙা দুটা কাষ চাপিল আৰু সেই দুটা লৈ তেওঁ সত্ৰলৈ উভতিল৷ নৈৰ পাৰৰ হাবিৰ আঁৰৰ পৰা লথাখুনবাও আৰু সংগীসকলে এই অলৌকিক দৃশ্য চাই আছিল৷ এইজনেই তেওঁলোকৰ গুৰু হব বুলি বিশ্বাস কৰি তেওঁলোক আতাৰ পিছে পিছে গৈ সত্ৰ ওলালগৈ আৰু সপোনৰ কথা বিৱৰি কৈ লথাখুনবাৱে আতাক গুৰুৰূপে গ্ৰহণ কৰাৰ ইচ্ছা ব্যক্ত কৰিলে৷ তেওঁৰ পৰম আগ্ৰহ আৰু বিশ্বাস দেখি আতাই তেওঁক কিছু দিন সত্ৰৰ ভকতসকলৰ লগতে থাকিবলৈ কলে৷ যথা সময়ত, আতা লথা খুনবাওৰ ভাব-ভক্তি আৰু আচাৰ-ব্যৱহাৰত সন্তুষ্ট হৈ তেওঁক গুৰুজনাৰ একশৰণ নামধৰ্মত দীক্ষিত কৰিলে৷ কালক্ৰমত লথা খুনবাও শ্ৰীৰাম আতাৰ অতি প্ৰিয়পাত্ৰ হৈ উঠিল আৰু গুৰুৱে তেওঁক নৰোত্তম নামেৰে অভিহিত কৰিলে৷

মহাপুৰুষ শংকৰদেৱৰ চৰিতকাৰসকলৰ দৰে পৰৱৰ্তী কালৰ সন্ত-মহন্ত বা গুৰুৰ চৰিত ৰচোঁতাসকলেও তেওঁলোকৰ গুৰুৰ জীৱনত ঘটা কেতবোৰ ঘটনাত অলৌকিকতা আৰোপ কৰা দেখা যায়৷ শ্ৰীৰাম আতাৰ চৰিতকাৰ বসুদেৱ দ্বিজৰ উক্ত কাহিনী কিছু অলৌকিক যেন লাগিলেও নক্তেসকলে ইয়াক পৰম্পৰাগতভাৱে বিশ্বাস কৰি আহিছিল আৰু বয়সীয়ালসকলে এতিয়াও বিশ্বাস কৰে৷ আমাৰ বাবে মূল কথা হ, নক্তে ৰজা লথাখুনবাও আৰু বৈষ্ণৱ গুৰু শ্ৰীৰাম আতাৰ মিলনৰ ঐতিহাসিক ঘটনাটো৷ সাম্প্ৰতিক কালত কোনো কোনোৱে কাহিনীটোৰ সৈতে জড়িত অলৌকিকতাখিনি আঁতৰাই ইয়াক সেই সময়ৰ বুৰঞ্জীৰ পটভূমিত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা দেখা যায়৷ আমাৰ বোধেৰে সেই কালত উজনিৰ মানুহৰ লগত কাষৰীয়া পাহাৰৰ লোকসকলৰ সৈতে কি দৰে পাৰস্পৰিক সম্পৰ্ক গঢ়ি উঠিছিল, সেই বিষয়ে অধ্যয়ন কৰিলে লথা খুনবাওৰ গুৰুলাভৰ বাস্তৱিক আৰু ঐতিহাসিক তথ্য ওলাই পৰে৷ উল্লেখযোগ্য যে ইংৰাজৰ আগমনৰ বহুত আগৰ পৰা— অৰ্থাৎ আহোম স্বৰ্গদেউসকলৰ শাসনকালত ভৈয়ামৰ থলুৱা মানুহৰ সৈতে কাষৰীয়া পাহাৰবাসীসকলৰ যোগাযোগ আছিল৷ পাহাৰত পোৱা কেতবোৰ আপুৰুগীয়া বস্তু আৰু তেওঁলোকে নিজে উৎপাদন কৰা কিছুমান সামগ্ৰী বেচিবৰ বাবে বা ভৈয়ামৰ বজাৰত পোৱা তেওঁলোকৰ প্ৰয়োজনীয় বস্তুৰ সৈতে সাল-সলনি কৰি নিবৰ বাবে পাহাৰীয়া জনগোষ্ঠীৰ মানুহ ভৈয়ামলৈ আহিছিল৷ নক্তেসকলৰ বাসভূমি টিৰাপ অঞ্চল ভৈয়ামৰ নিকটৱৰ্তী হোৱা বাবে তেওঁলোকৰ কোনো কোনো মানুহ উজনিৰ জয়পুৰ, নাহৰকটীয়া, নামৰূপ, ডিব্ৰুগড়, তিনিচুকীয়া প্ৰভৃতি ঠাইবোৰলৈ আহিছিল৷ ষোল-ওঠৰ শতিকাৰ ভিতৰত এই প্ৰায়বিলাক অঞ্চলৰ জনগোষ্ঠীসমূহৰ মাজত যিহেতু শংকৰদেৱৰ একশৰণ নামধৰ্মৰ বিস্তাৰিতভাৱে প্ৰচাৰ হৈছিল, সেয়ে এইটো সম্ভৱ যে স্বভাৱতে শান্ত-শিষ্ট নক্তেসকল বৈষ্ণৱ ভক্তসকলৰ সংস্পৰ্শলৈ আহিছিল আৰু নামধৰ্মৰ দ্বাৰা আকৃষ্ট হৈছিল৷ ভৈয়ামলৈ অহা প্ৰজাসকলে তেওঁলোকৰ অভিজ্ঞতাৰ কথা হয়তো ৰজাক জনাইছিলগৈ আৰু ৰজা নিজেও ভৈয়ামলৈ আহি এইবোৰ দেখিছিল আৰু শুনিছিল৷ এইদৰে প্ৰভাৱিত হৈ ৰজাই কাষৰীয়া কোনো সত্ৰৰ গুৰুৰ কাষ চাপি ভৈয়ামৰ সহজ-সৰল ভক্তিধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লব পাৰে৷ সেই সময়ৰ শ্ৰীৰাম আতা অপ্ৰতিদ্বন্দ্বী গুৰু হোৱা বাবে আৰু দিহিংপৰীয়া চলিহা বাৰেঘৰ সত্ৰখন তুলনামূলকভাৱে পাহাৰৰ পৰা নাতিদূৰত হোৱা বাবে নক্তে ৰজা আৰু আতাৰ মিলন স্বাভাৱিকতে সহজ হৈছিল৷

লথা খুনবাও বা নৰোত্তম সত্ৰত কিছু দিন থাকি নাম-প্ৰসংগ আৰু অন্যান্য ধৰ্মীয় কামত অংশগ্ৰহণ কৰি পুনৰ নিজ ৰাজ্যলৈ উভতি যায়৷ কালক্ৰমত নক্তে প্ৰজাসকলেও তেওঁলোকৰ ৰজাৰ ধৰ্ম গ্ৰহণ কৰি মহাপুৰুষীয়া ভক্তি ধৰ্মৰ অংশীদাৰ হৈ পৰে৷ নক্তেসকলে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে পৰম্পৰাগতভাৱে চলি অহা জনগোষ্ঠীয় নীতি-নিয়ম, আচাৰ-অনুষ্ঠানবোৰ সম্পূৰ্ণ বাদ দিছিল৷ কালসংহতি পন্থৰ শ্ৰীৰামদেৱ অতি উদাৰ ভাবসম্পন্ন গুৰু আছিল আৰু নক্তেসকলক তেওঁ ভৈয়ামৰ অন্যান্য শিষ্যসকলৰ দৰেই আদৰ-সাদৰ কৰিছিল৷ নক্তেসকলেও তেওঁলোকৰ জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক জীৱনত আউল নলগাকৈ একশৰণ নামধৰ্মৰ সহজ-সৰল নীতিসমূহ বুজি পোৱাত আৰু মানি চলাত কোনো অসুবিধা পোৱা নাছিল৷ শ্ৰীৰামদেৱ আৰু তেওঁৰ সত্ৰৰ মহন্তসকল নিজেই আমিষভোজী হোৱা বাবে এনে খাদ্যৰ ক্ষেত্ৰতো কোনো হকা-বাধা পোৱা নাছিল৷ থলুৱাভাৱে তৈয়াৰ কৰা নিচাযুক্ত পানীয় যিহেতু ভৈয়ামৰ অন্যান্য জনগোষ্ঠীৰ দৰে নক্তেসকলৰো দৈনন্দিন খাদ্য আৰু পূজা-পাৰ্বত ব্যৱহৃত দ্ৰব্য, সেয়ে শ্ৰীৰাম আতা আৰু তেওঁৰ পৰৱৰ্তী গুৰুসকলে এইবোৰ ব্যৱহাৰৰ বেলিকা কোনো বাধা-নিষেধ আৰোপ কৰা নাছিল৷ আতাই ভালকৈ উপলব্ধি কৰিছিল যে ভিন্ন জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত নীতি-নিয়ম, আচাৰানুষ্ঠানবোৰ অৱজ্ঞা কৰি বৈষ্ণৱসকলৰ সমস্ত নীতি-নিয়ম তেওঁলোকৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰিলে অসমত বা উত্তৰ-পূৰ্বাঞ্চলত সমন্বয় সাধন সম্ভৱ নহয়৷

উজনি অসমৰ বৰ লুইতৰ উত্তৰ পাৰে-দক্ষিণ পাৰে বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ মাজত গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ বাণী প্ৰচাৰ কৰি ১৭৪০ খ্ৰীঃত প্ৰায় তিনি কুৰি পোন্ধৰ বছৰ বয়সত শ্ৰীৰাম আতাই বৈকুণ্ঠ প্ৰয়াণ কৰে৷ সেই একেদিনাই নৰোত্তমেও ইহ সংসাৰ ত্যাগ কৰে বুলি চৰিত পুথিত উল্লেখ আছে আৰু নক্তেসকলেও মনে-প্ৰাণে বিশ্বাস কৰে৷ মৃত্যুৰ সময়ত তেওঁ নামচাং, লাপটাং, বৰদুৰীয়া, পানীদুৰীয়া আদি বিস্তৃত অঞ্চলৰ শাসনকৰ্তা আছিল, যিবিলাক তেওঁ দুই পুত্ৰ আৰু ভতিজাকৰ মাজত বিলাই থৈ গৈছিল৷ ৰজা নৰোত্তম মাজে সময়ে সত্ৰলৈ আহি গুৰুকৰ শোধাই গুৰু সেৱা কৰিছিলহি আৰু মৃত্যুৰ সময়ত পুত্ৰ, ভতিজা আৰু প্ৰজাসকলক সত্ৰ সৈতে যোগাযোগ ৰাখিবলৈ পৰামৰ্শ দিছিল৷ তেওঁৰ ৰাজত্বকালত সত্ৰলৈ আৰ সুবিধাৰ বাবে পাহাৰৰ পৰা মেৰবিলৰ চলিহা বাৰেঘৰ সত্ৰলৈ এটা আলি বন্ধাইছিল৷ চয়াঙৰ আলি নামৰ এই আলিৰ একাংশ বৰ্তমানো আছে৷ নক্তে ভাষাত চয় মানে কৰ, অৰ্থাৎ কৰ দিবলৈ অহা আলি৷ সেই মতে শ্ৰীৰামদেৱ আৰু নৰোত্তমৰ মৃত্যুৰ পাছত নক্তেসকল আৰু সত্ৰ মাজত যোগাযোগ চলি আছিল৷ সত্ৰখন কোনো এটা সময়ত শিৱসাগৰ জিলাৰ নাজিৰাৰ ওচৰৰ বৰ্তমানৰ ঠাইলৈ উঠি অহাৰ পাছতো এই যোগাযোগ অব্যাহত আছিল৷ কিন্তু ঊনৈছ শতিকাৰ তৃতীয় দশকত অসম ইংৰাজ শাসনৰ অধীন হোৱাৰ পাছত বিদেশী শাসকে প্ৰৱৰ্তন কৰা ইনাৰ লাইন পাছ’-ৰ ফলত এই যোগাযোগ বাধাগ্ৰস্ত হৈ পৰিল৷ স্বাধীনতাৰ বছৰচেৰেকৰ পাছত আমাৰ পিতৃৰ অকাল মৃত্যু হোৱাত মোৰ ডাঙৰ দাদা মুনীন্দ্ৰনাথ মহন্তই চেঙেলীয়া বয়সতে দুঃসাহস কৰি নক্তেসকলৰ মাজলৈ যোৱাৰ কথা আগতে উল্লেখ কৰিছোঁ৷ ইনাৰ লাইন পাছ নোহোৱাকৈ যোৱা বাবে সেই সময়ৰ নেফাৰ পলিটিকেল অফিচাৰে তেওঁক কুৰি টকা জৰিমনা  কৰিছিল৷ অৱশ্যে পাছত নক্তেসকল আৰু সত্ৰৰ মাজৰ সম্পৰ্ক জানিব পাৰি আৰু শিষ্যসকলৰ হেঁচাত এই জৰিমনা সসন্মানেৰে ওভতাই দিয়া হৈছিল৷ কেৱল সিমানেই নহয়, সত্ৰৰ অধিকাৰৰ সন্মতি সাপেক্ষে মুনীন্দ্ৰনাথ মহন্তক নেফাৰ টিৰাপলৈ যাব পৰাকৈ বাৰ্ষিক অনুমতিপত্ৰ প্ৰদান কৰা হৈছিল আৰু প্ৰশাসনে বিনা দ্বিধাই সেই পাছ পৰৱৰ্তী বছৰবোৰত নবীকৰণ কৰি দিছিল৷ এইদৰে মৃত্যুৰ (২০১০) দুবছৰমান আগলৈকে মুনীন্দ্ৰ নাথ মহন্ত মাজে মাজে নক্তে গাওঁসমূহত চহৰ ফুৰিবলৈ গৈছিল৷ ভৈয়ামৰ গঞাসকলৰ নিচিনাকৈ নক্তেসকলেও তেওঁলোকৰ জৌবান’ (গুৰু) থাকিবৰ বাবে পাহাৰীয়া বাঁহ-বেত, কৌপাত আদিৰে অস্থায়ী বাহৰ সাজি দিছিল৷ দাদাৰ সৈতে কেইদিনমান এনে বাহৰত থাকি নক্তেসকলৰ আতিথ্য লাভ কৰাৰ সৌভাগ্য এসময়ত এই লেখকৰো হৈছিল৷ উল্লেখযোগ্য যে বিমলাপ্ৰসাদ চলিহা মুখ্যমন্ত্ৰী হৈ থকা সময়ত পাহাৰ-ভৈয়ামৰ সম্পৰ্ক শক্তিশালী কৰাৰ অৰ্থে তেখেতে সাংস্কৃতিক শিতানৰ পৰা সত্ৰলৈ অৰ্থসাহায্য আৰু এখন গাড়ী দিছিল৷ সেই সাহায্যৰে তেতিয়াৰ সত্ৰাধিকাৰ গোপালকৃষ্ণ দেৱগোস্বামী আৰু মুনীন্দ্ৰনাথ মহন্তৰ উদ্যোগত অৰু সত্ৰৰ ভকত-বৈষ্ণৱসকলৰ সহযোগত নামচাং, বৰদুৰীয়া, লাপটাং, খুনচা অদি গাঁৱত পকী নামঘৰ সজাই ভাওনা আৰু নাম-কীৰ্তন অনুষ্ঠিত কৰা হৈছিল৷ সেই নামঘৰ এতিয়াও আছে যদিও কেনে অৱস্থাত আছে সেই বিষয়ে নাজানো৷ ভালৰ বাবেই হওক বা বেয়াৰ বাবেই হওক, সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আৰু অন্যান্য ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ঢৌৱে শেহতীয়াকৈ সকলো উলট-পালট কৰি পেলাইছে৷ এই সম্পৰ্কে বিস্তৃতভাৱে লিখাটো ইয়াত প্ৰাসংগিক নহব৷

এবাৰ দাদা মুনীন্দ্ৰনাথ মহন্তই নক্তে গাওঁসমূহত ভ্ৰমণ সমাপ্ত কৰি ঘৰলৈ উভতি আহোঁতে ৱাংলিয়াম নামৰ লৰাটো লগত লৈ আহিছিল৷ সেই সময়ত মই প্ৰাইমেৰী স্কুল পাৰ হৈ নাজিৰা হাইস্কুলত পঞ্চম নে ষষ্ঠ শ্ৰেণীত আছিলোঁ৷ সামান্য চাপৰ, পাহাৰীয়া জনগোষ্ঠীৰ লোকৰ স্বাভাৱিক উজ্জ্বল বৰণৰ, চুটিকৈ কটা ঠৰঙা চুলিৰে আৰু স্বভাৱজাত সৰলতাৰে ৱাংলিয়াম সততে বেচ হাঁহিমুখীয়া লৰা আছিল৷ সেয়ে দাদা-বৌহঁতে তাক আনন্দ নাম দিছিল৷ সেই সময়ত আনন্দই সিহঁতৰ গাঁৱৰে এল.পি. স্কুলখনৰ কোনো এটা শ্ৰেণীত পঢ়ি থকা বাবে সি সামান্যভাৱে অসমীয়া লিখিব-পঢ়িব পাৰিছিল৷ তাক পোনতে মই পঢ়ি যোৱা বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলতে নামভৰ্তি কৰোৱা হৈছিল৷ পাছলৈ কাষৰীয়া মেজেঙ্গা হাইস্কুলৰ নৱম নে দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে সি বৰ্তমান টিৰাপ জিলাৰ সদৰ খুন্ছাৰ কোনো এটা চৰকাৰী অফিচত চাকৰি পাই নিজৰ ওপজা ঠাইলৈ উভতি গলগৈ৷ আনন্দই কি চাকৰিত যোগদান কৰিছিলগৈ, সেই বিষয়ে‍ মই জনা নাছিলোঁ৷ কিন্তু এই কথা জানিছিলোঁ যে সেই কালত পাহাৰীয়া জনগোষ্ঠীৰ লৰা এটাই নিম্নস্তৰৰ চৰকাৰী চাকৰি এটা লাভ কৰি‍বৰ বাবে আনন্দৰ শিক্ষাগত অৰ্হতা যথেষ্ট আছিল৷ সুদীৰ্ঘ কাল চৰকাৰী চাকৰিত থাকি কেইবাটাও প্ৰমশ্বন লাভ কৰি শেষত কিবা বিষয়া হিচাপে কিছু বছৰৰ আগতে আনন্দই অৱসৰ গ্ৰহণ কৰে৷ অৱসৰৰ পাছত সি আমাৰ নাজিৰাৰ ঘৰলৈ আহিছিল৷ আঁতৰত থকা বাবে মোৰহে তাক লগ পোৱাৰ সৌভাগ্য নহল৷ এই আনন্দ ওৰফে ৱাংলিয়াম ৰাজকুমাৰৰ বিষয়ে কবলগা অনেক কথা আছে৷ সময় আৰু সুযোগ পালে যথাস্থানত কোৱাৰ আশা ৰাখিছোঁ৷

নক্তে নৰোত্তম আৰু গোসাঁই শ্ৰীৰামৰ কথা ভালেকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থত আছে যদিও আৰু যোৱা কেইবছৰমানৰ ভিতৰত এই সম্পৰ্কে অ-ত কিছু লেখা-মেলা হৈছে যদিও এতিয়াও অনেক শিক্ষিত লোকেও নৰোত্তমক মহাপুৰুষ শংকৰদেৱৰ শিষ্য বুলি কোৱা দেখা যায়৷ অইনহে নালাগে বিশ্ববিদ্যালয়ৰ অধ্যাপকেও নৰোত্তমক নগা বুলি কৈ একে উশাহতে গাৰোৰ গোবিন্দ, ভোটৰ দামোদৰ, জয়ন্তীৰ মধাই, মুছলমানৰ চান্দখাঁই আদিৰ লগত নৰোত্তমৰ নামটোও সাঙুৰি পেলায়৷ অথচ গুৰুজনাই কোনো নগা লোকক ভক্তি ধৰ্মত শৰণ দি নৰোত্তম নাম প্ৰদান কৰাৰ দৰে কাহিনী আমি জনাত কোনো চৰিতপুথি বা নিৰ্ভৰযোগ্য উৎসত নাই৷ শংকৰদেৱে উজনিৰ সেইফালে ভ্ৰমণ কৰা বা তেতিয়াৰ দিনত মাজুলীত নগা জনগোষ্ঠীয় মানুহ থকাৰ তথ্যও নাই৷ তদুপৰি নক্তেসকল মূলগতভাৱে নগা জনগোষ্ঠীৰ লোক আছিল যদিও লথা খুনবাও বা নৰোত্তম নেফাত টিৰাপ অঞ্চলৰ যি জনগোষ্ঠীৰ ৰজা আছিল, তেওঁলোকে নিজকে নক্তে বুলি পৰিচয় দিহে ভাল পায়৷ কোনোবাই তেওঁলোকক নগা বুলিলে তেওঁলোক অসন্তুষ্ট হয়৷ বৰ্তমান নগালেণ্ডৰ অধিবাসীসকল যেনেকৈ এটা সুকীয়া জাতি, তেওঁলোকেও নক্তে হিচাপে নিজৰ জাতিসত্তাক লৈ গৌৰৱ অনুভৱ কৰে৷ ড ভূপেন হাজৰিকাৰ এটা জনপ্ৰিয় গীতত নৰোত্তম শ্ৰীৰাম আতাৰ কাহিনী সুন্দৰকৈ ধ্বনিত হৈছে—

আহোম স্বৰ্গদেউৰ দিনতে,

লোণ বান্ধি নামিছিল নক্তে;

তাহানিৰ শ্ৰীশ্রীৰাম আতাই

নক্তে নৃপতিক দিছিলে শৰণ

কৰি নক্তে শিষ্যৰ নামকৰণ,

নৰৰো উত্তম নৰোত্তম৷

কৈছিল মানুহ মানুহ হলে

ইজনে সিজনক সাৱটিলে

নহয় জাতি-কুল ভ্ৰষ্ট৷

(টিৰাপ সীমান্ত)

আনন্দ দত্ত ছাৰ

মই প্ৰাইমেৰি স্কুলৰ শেষ শ্ৰেণী— অৰ্থাৎ তৃতীয় মানত থাকোঁতে এগৰাকী নতুন শিক্ষকে আমাৰ বাৰেঘৰ ভকত গাঁও স্কুলত যোগদান কৰিছিলহি৷ আনন্দ দত্ত নামৰ ছাৰগৰাকীৰ ঘৰ আছিল জয়সাগৰৰ পৰা দুই কিলমিটাৰমান আঁতৰৰ শলগুৰিত৷ মোৰ স্পষ্টকৈ মনত আছে জোঙা নাক আৰু উন্নত মুখমণ্ডলেৰে দেখনিয়াৰ চেহেৰাৰ দত্ত ছাৰে সদায় বগা চোলা-চুৰি‍য়া পিন্ধি চাইকেলেৰে স্কুললৈ আহিছিল৷ গৰমৰ দিনত চুটি হাতৰ চোলা আৰু জাৰৰ দিনত হাত দীঘল পাঞ্জাৱীৰ ওপৰত সাধাৰণতে ছুৱে‍টাৰ পিন্ধিছিল আৰু ঠাণ্ডা বেছি হলে এৰী চাদৰ এখন গালে-মূৰে মেৰিয়াই অহা দেখিছিলোঁ৷ ছাৰে সদায় একে ধৰণৰ একে ৰঙৰ কাপোৰ পিন্ধি অহা বাবে একেযোৰ পোছাক পিন্ধা যেনেই লাগিছিল৷ তেখেতৰ ঘৰৰ পৰা আমাৰ স্কুললৈ ঘাইপথেৰে আহিলে অহা-যোৱাই চল্লিছ-পঞ্চাছ কিলমিটাৰ ভিতৰত হব৷ আজি-কালিৰ ডেকা-গাভৰুৱে বিশ্বাস কৰিবলৈ টান পাব যে সেই সময়ত ইমান দূৰ চাইকেলেৰে অহা-যোৱা কৰি চাকৰি কৰা বা বেহা-বেপাৰ কৰা নিচেই সাধাৰণ কথা আছিল৷

আনন্দ দত্ত ছাৰ বৰ মৰমিয়াল শিক্ষক আছিল৷ কণ-কণ লৰা-ছোৱালীবোৰক শাসন কৰিবলৈ এছাৰি এডাল নহলে নোহোৱাৰ বাবেহে তেখেতে বেত এডাল হাতত লৈ ফুৰিছিল বা টেবুলৰ ওপৰত থৈছিল, কিন্তু ইয়াৰ প্ৰয়োগ কাচিৎহে কৰিছিল৷ আনবোৰ লৰা-ছোৱালীৰ তুলনাত পঢ়া-শুনাত কিছু ভাল হোৱা বাবে তেখেতে মোক মৰমো কৰিছিল আৰু শুনিবলৈ পোৱা মতে মোক বৃত্তি পৰীক্ষালৈ পঠিওৱাৰ কথাও ভাবিছিল৷ মই আগৰ লেখাত কৈ আহিছোঁ যে মাছ মৰা, অনৰত খেল-ধেমালি কৰা, লগৰীয়া কেইটামানৰ লগত টলৌ টলৌকৈ ঘূৰি ফুৰা ইত্যাদিৰ বাবে মোৰ পঢ়া-শুনা তল পৰিছিল৷ শেষৰ ফালে হয়তো হতাশ হৈ ছাৰে মোক বা স্কুলৰ আন কাকো বৃত্তিৰ বাবে নপঠালে৷ এইদৰে গুৱাল গাওঁ স্কুলৰ নিচিনাকৈ বাৰেঘৰ ভকত গাঁও স্কুলৰ পৰাও মোৰ বৃত্তি পোৱা নহল৷ মই এল.পি. স্কুল এৰি যোৱাৰ কিছু দিনৰ পাছত দত্ত ছাৰো বদলি হৈ আন স্কুললৈ গলগৈ৷ ভালেমান বছৰৰ মূৰত মই শিৱসাগৰ কলেজত শিক্ষকতা কৰি থাকোঁতে এটা চমু বাটেৰে দত্ত ছাৰৰ ঘৰৰ আগেদিয়ে আমাৰ সত্ৰৰ ঘৰলৈ চাইকেলেৰে অহা-যোৱা কৰিছিলোঁ৷ কিন্তু মই সেই কথা জনা নাছিলোঁ৷ এদিন হঠাতে এটা ঘৰৰ জপনামুখত দত্ত ছাৰক দেখি ঘপহকৈ চাইকেলৰ পৰা নামি নমস্কাৰ জনাই নিজৰ চিনাকি দিলোঁ৷ ছাৰৰ একালৰ ছাত্ৰ এটা কলেজৰ অধ্যাপক হোৱা বুলি জানিব পাৰি তেখেতে যে কিমান আনন্দ প্ৰকাশ কৰিছিল ভাবিলে এতিয়াও মোৰ আনন্দৰ চকুলো ওলাব খোজে৷ তাৰ পাছত তেখেতে আমাক ঘৰলৈ মাতি নি চাহ-জলপানেৰে যিদৰে অপ্যায়িত কৰিলে, সেই কথা এতিয়াও পাহৰিব পৰা নাই৷ আমাক বুলি এই কাৰণেই কৈছোঁ যে মোৰ লগত একেখন কলেজতে কাম কৰা মাজু দাদাও আছিল৷ সেইকালত আমি ককাই-ভাই দুটাই দুটা সমনীয়া বন্ধুৰ দৰে সপ্তাহত এবাৰমানকৈ চাইকেলেৰে ঘৰলৈ অহা-যোৱা কৰিছিলোঁ৷

(আগলৈ) 

ভ্ৰাম্যভাষ: 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ