অন্যযুগ/
পিছলৈ উভতি চাওঁ— ৪
পৰেনে মনত মোৰ দেউতাৰ কথা?
ড˚ পোনা মহন্ত
যিসকল সহৃদয় পাঠকে এই অকিঞ্চনৰ অতীত কথনৰ আগৰকেইছোৱা পঢ়ি
আমাক অনুগৃহীত কৰিছে, সেইসকলৰ হয়তো মনত আছে যে প্ৰায় দহ মাহ ধেমাজি গুৱাল গাঁৱত বনবাস খাটি পিতৃভূমিলৈ উভতি অহাৰ পাছতো আমাৰ অথন্তৰৰ অন্ত নপৰিল৷ সেই সময়ত
মই প্ৰাথমিক স্কুলৰ দ্বিতীয় মানৰ ছাত্ৰ আছিলোঁ৷ জন্মস্থানলৈ উভতি অহাৰ পাছত পোনতে
আমাৰ যি নাজল-নাথল অৱস্থা হৈছিল, তাৰ মাজত পঢ়া বা
পঢ়াশালিলৈ যোৱাৰ কথা সম্পূৰ্ণ তল পৰিল৷ থকা ঘৰৰ ব্যৱস্থা হোৱাৰ পাছত বৌ আৰু ডাঙৰ
দাদা ইটো-সিটো থান-থিত লগোৱা কামৰ উপৰি জীৱিকাৰ চিন্তাত ব্যস্ত৷ ক্লাছ এইটত পঢ়া মাজু দাদাই
অৱশ্যে নিয়মীয়াকৈ স্কুললৈ গৈ আছিল৷ বৌৰ আনুষ্ঠানিক শিক্ষা আছিল শূন্য; ডাঙৰ দাদায়ো
পৰিস্থিতিয়ে বাধ্য কৰাত নৱম নে দশম মানতে পঢ়া সামৰিবলগীয়া হ’ল৷ দুয়ো হয়তো ভাবিছিল যে মাজু দাদাই যিহেতু দুবছৰমানৰ পাছতে প্ৰৱেশিকা
পৰীক্ষাত বহিব লাগিব, সেয়ে তেওঁৰ পঢ়া-শুনা কোনো প্ৰকাৰে
বাধাগ্ৰস্ত হ’ব নালাগিব৷ দাদাও পঢ়া-শুনাত বেচ ভাল আছিল৷ মেট্ৰিকটো পাছ কৰি লগে লগে কলেজত পঢ়িব নোৱাৰিলেও অন্ততঃ
প্ৰাইমেৰি স্কুলৰ শিক্ষক বা কাষৰীয়া চাহ বাগানৰ কেৰাণী পদৰ বাবে পথ মুকলি হ’ব৷ ডাঙৰ দাদা আৰু বৌৱে হয়তো এইদৰেই ভাবিছিল৷
আগতে কৈ আহিছোঁ যে আমাৰ এনে অনাথিতি অৱস্থাৰ মাজতে কোনোবা
এজনে মোক নি বাৰেঘৰ সত্ৰ ভকতগাঁও এল. পি স্কুলৰ দ্বিতীয় মানত নামটো
লিখোৱালেগৈ৷ দেউতা জীয়াই থকা সময়লৈ এইখন স্কুলতে মই খ মান নে প্ৰথম
মানত আছিলোঁ৷ সেই সময়ত মোৰ বয়স বোধকৰোঁ সাত-আঠ বছৰমান হৈছিল৷ সেয়ে দেউতাৰ বিষয়ে বেছি কথা মনত নাই যদিও কিছু কথা অৱশ্যে
ৰিণি ৰিণি মনলৈ আহে৷ আমাৰ আতা, অৰ্থাৎ দেউতাই কোনো চাকৰি-বাকৰি কৰা নাছিল৷
দেউতাহঁতৰ চাৰিজন ভাই-ককাইৰ কোনো এজনেই চৰকাৰী, অৰ্ধ-চৰকাৰী বা তেনে কোনো অনুষ্ঠানৰ চাকৰিয়াল নাছিল৷ ব্ৰিটিছৰ দিনতে সত্ৰীয়া
পৰিৱেশত জন্ম গ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা মোৰ দেউতা, বৰদেউতা আৰু খুৰা দুজনৰ
আনুষ্ঠানিক শিক্ষা কিমান আছিল নাজানো, কিন্তু কেয়োজনেই যে অসমীয়া সুন্দৰকৈ
পঢ়িব আৰু লিখিব পাৰিছিল, সেইটো জানিছিলোঁ৷ সত্ৰাধিকাৰ বৰদেউতা এগৰাকী পণ্ডিত লোক বুলিয়ে সত্ৰত আৰু
উজনিয়ে-নামনিয়ে থকা অসংখ্য শিষ্যৰ মাজত খ্যাতি আছিল৷
মোক যদি কোনোবাই সোধে ''তোমাৰ দেউতাৰাই কি কৰিছিল বা কি দৰে পৰিয়াল পোহ-পাল দিছিল?'' তাৰ উত্তৰ একে আষাৰতে দিব নোৱাৰিম৷ দেউতাহঁতৰ শৈশৱ-কৈশোৰৰ দিনত বা আজিৰ পৰা এশ-ডেৰশ বছৰৰ পূৰ্বে
অৱস্থাপন্ন সত্ৰৰ কোনো ল’ৰাই চৰকাৰী চাকৰি কৰা
নাছিল৷ উজনি আৰু মধ্য অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰ অসমীয়া মানুহৰ মাজত আমাৰ সত্ৰখনৰ
বিস্তৰ প্ৰভাৱ থকা বুলি জানিব পাৰি বিদেশী চৰকাৰেও সত্ৰাধিকাৰ-ডেকাসত্ৰাধিকাৰ প্ৰমুখ্যে মহন্তসকলক সমীহ কৰিছিল৷ সেই কালত চৰকাৰী চাকৰিৰ
ক্ষেত্ৰখন অত্যন্ত সীমিত আছিল৷ ৰেইলৱেই, ডাক-তাঁৰ, ক’ৰ্ট-কাছাৰী প্ৰমুখ্যে যি চৰকাৰী বিভাগ বা কাৰ্যালয় আছিল, সেইবোৰ চলাবলৈ ব্ৰিটিছ
চৰকাৰে অলপীয়াকৈ ইংৰাজী জনা বাঙালী লোকক বংগৰ পৰা অনি নিযুক্তি দিছিল৷ অৱশ্যে ইয়াৰ
ভিতৰতে বিদেশী চৰকাৰে সম্পূৰ্ণ নিজৰ স্বাৰ্থত দুই-এজন প্ৰভাৱশালী থলুৱা অসমীয়াকো চাকৰিত মকৰল কৰিছিল৷ অবিশ্বাস্য যেন লাগিলেও
এইটো সত্য যে মোৰ বৰদেউতাক— যি পাছলৈ এগৰাকী খ্যাতিমান সত্ৰাধিকাৰ হৈছিল — চৰকাৰে ৰেইলৰ গাৰ্ড নে তেনে ধৰণৰ
চাকৰি এটা যাচিছিল৷ ‘গাৰ্ড’ মানে সাধাৰণ অৰ্থত বুজা
প্ৰতিৰক্ষা বা নিৰাপত্তাৰক্ষী পুলিচৰ চাকৰি নহয়৷ ‘ৰেইলৱেইৰ গাৰ্ড’ আছিল সেইজন কৰ্মচাৰী, যি ট্ৰেইনৰ একেবাৰে শেষৰ দবাটোৰ (গাৰ্ড দবা) পৰা ট্ৰেইনৰ যাত্ৰা আৰু
গতি নিয়ন্ত্ৰণ কৰিছিল৷ আমি নাজিৰা হাইস্কুললৈ বৰষুণীয়া দিনত ৰেইল লাইনেৰে খোজকাঢ়ি
অহা-যোৱা কৰোঁতে কেতিয়াবা হাতত এখন সেউজীয়া
নিচানেৰে সৈতে বগা য়ুনিফৰ্ম পিন্ধা গাৰ্ডজনক দেখি তেওঁ বেচ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ
বিষয়া বুলি গণ্য কৰিছিলোঁ৷ অৱশ্যে বিদেশী শাসকৰ এই আহ্বান বৰদেউতাই সম্ভ্ৰমেৰে
প্ৰত্যাখ্যান কৰিছিল৷ সত্ৰখনক যে স্থানীয় প্ৰশাসনৰ প্ৰভাৱলৈ অনাৰ ই এটা চাল, সেই কথা বুজাসকলে
বুজিছিল৷
ককাৰ দিনত দেউতাহঁতৰ চাৰি ভাই-ককাই একেখন ঘৰতে এটা পৰিয়াল হৈ আছিল৷ মই ককাক— অৰ্থাৎ দেউতাৰ দেউতাকক দেখিবলৈ পোৱা
নাছিলোঁ৷ মোৰ জন্মৰ কিমান দিনৰ আগত তেখেত ঢুকাইছিল সেইটোও মই নাজানিছিলোঁ৷ ককাৰ
দিনত দেউতাহঁতৰ ঘৰখনৰ অৱস্থা জয়জয়-ময়ময় আছিল বুলি
শুনিছিলোঁ৷ তেখেতৰ মৃত্যুৰ আৰু পুতেকহঁত ভাগ ভাগ হোৱাৰ পাছত দেউতা-খুৰাহঁতৰ পূৰ্বৰ প্ৰতিপত্তি নোহোৱা হ’ল৷ আমি ডাঙৰ হৈ জানিবলৈ পোৱা মতে বেলেগ হোৱাৰ সময়ত দেউতা, বৰদেউতা আৰু দুই খুৰা
প্ৰত্যেকেই পাঁচ পূৰামানকৈ খেতিমাটি, ঘৰ সাজিবৰ বাবে একোখনকৈ আহল-বহল বাৰীৰ উপৰি চাপৰি, কাঠনি, বাঁহনি আদি পাইছিল৷ দেউতাৰ জীৱনকালত মই যিহেতু নিচেই সৰু আছিলোঁ, সেয়ে তেখেতে কেনেকৈ
ঘৰখন চলাইছিল, সেই সম্পৰ্কে মোৰ কোনো
ধাৰণা নাছিল৷ অৱশ্যে যিমান দূৰ মনত পৰে তেখেত থকা কালত আমি ল’ৰা-ছোৱালীকেইটাই কোনো ধৰণৰ অভাৱ-অনাটন অনুভৱ কৰা নাছিলোঁ৷ মই আগৰ লেখাত উনুকিয়াই আহিছোঁ যে স্থানীয় লোকসকলৰ
মাজত ‘গাঁঠলু গোসাঁই’ বুলি পৰিচিত আমাৰ পিতৃ অলপ চৌখিন স্বভাৱৰ মানুহ আছিল৷ ককাৰ দিনত তেখেতেৰ
পুত্ৰসকলে কোনো প্ৰকাৰৰ শাৰীৰিক শ্ৰম কৰিবলগীয়া হোৱা নাছিল৷ সেই কালত সত্ৰীয়া
গোসাঁই-মহন্তৰ ঘৰত কাম কৰি দিয়া মানুহৰ অভাৱ নাছিল৷
লাগ বুলিলেই মানুহ পাইছিল৷ পাৰিশ্ৰমিক নিদিলেও নাই৷ জা-জলপান আৰু পকা মিঠৈৰে এবাটি চাহ দিলেই কৰোঁতাজন সন্তুষ্ট হৈছিল৷ এই ‘পকা মিঠৈ’-ৰ বিষয়ে একাষাৰ ক’ব লাগিব৷ ভজা পিঠাগুড়ি, ভালকৈ পগাই লোৱা গুৰ আৰু জালুকগুড়িৰ মিশ্ৰণেৰে অতি টানকৈ বিশেষ কৌশলেৰে এই
মিঠৈবিধ বা লাড়ু বনোৱা হৈছিল৷ গোসাঁইৰ ঘৰলৈ শিষ্য-ভকত আহিলে বা গোসাঁই কোনো গাঁৱত চহৰ ফুৰিবলৈ গ’লে সাধাৰণতে এইবিধ মিঠৈ নিৰ্মালি বা উপহাৰ হিচাপে দিয়া হৈছিল৷ যেই কোনো লোকে
এনে মিঠৈ বনাব নোৱাৰিছিল বা গোসাঁই বা গুৰুঘৰীয়া বস্তু বুলি আন মানুহে বনাবলৈ
চেষ্টাও কৰা নাছিল৷ এইবোৰ কাৰণতে সেই কালত পকা মিঠৈৰ প্ৰতি সৰ্বসাধাৰণ গঞাৰ ইমান
আগ্ৰহ৷ আজি-কালি গুৱাহাটীৰ বজাৰত এনে লাড়ু দেধাৰ পোৱা যায়৷ হ’লেও মই কিন্তু তাহানিখন বৌ আৰু ডাঙৰ দাদাই বনোৱা পকা মিঠৈৰ জুতি এই লাড়ুবোৰত
নাপাওঁ৷
মই এতিয়া পিছলৈ উভতি চাই অনুভৱ কৰিছোঁ যে ককাৰ দিনত, অৰ্থাৎ দেউতাৰ দেউতাকৰ
দিনত আমাৰ পিতৃয়ে যি এক শ্ৰমবিমুখ আৰামী জীৱন কটাইছিল, সেইটো পাছলৈও থাকি গ’ল৷ ব্ৰাহ্মণসকলৰ দৰে গোসাঁই-মহন্ত মানুহেও পথাৰত হাল
নাবাইছিল৷ হাল বোৱাটো দূৰৰ কথা, নাঙলৰ খুঁটিত হাত দিয়াটোও আমাৰ বাবে নিষেধ আছিল৷ মোৰ ভালকৈ মনত আছে: এদিন আমাৰ ঘৰৰ হালোৱাজনে পথাৰত হাল চলাই/বাই থাকোঁতে আন কোনো নথকাৰ সুযোগ লৈ ময়ো তেওঁৰ লগতে নাঙলৰ মুঠিত ধৰি গৰুহালৰ
পিছে পিছে যোৱাৰ আনন্দ উপভোগ কৰিব খুজিছিলোঁ৷ তেওঁ কিন্তু 'প্ৰভুৰ ল’ৰা হৈ এনে পাপ কাম কৰিবলৈ আহিছা' বুলি মোক আঁতৰাই পঠাইছিল৷ এনে এটা ভাব বা বিশ্বাসেই সেই কালত প্ৰায় সকলো
মানুহৰে আছিল৷ সেই বয়সত মই পাপ-পুণ্য কথাবোৰ বুজি পোৱা
নাছিলোঁ যদিও পাপ কৰা মানে যে কিবা অতি বেয়া কাম কৰা, সেইটো জানিছিলোঁ৷ তেতিয়াই মোৰ মনত প্ৰশ্ন
জাগিছিল যে মহন্তৰ ঘৰত জনম লভিলোঁ বুলিয়ে নাঙলৰ মুঠিত ধৰাটোও ‘পাপ’ হ’ব পাৰেনে?
ওপৰত কৈ আহিছোঁ যে ঘৰৰ ভিতৰতে হওক, বাহিৰতে হওক, মই দেউতাক কোনো ধৰণৰ
শাৰীৰিক শ্ৰম কৰা দেখা নাছিলোঁ৷ সেইবোৰ কৰিবলৈ তেতিয়াও মানুহ সহজে পোৱা গৈছিল৷ মোৰ মনত পৰাত গা-পা ধুই গোসাঁইঘৰৰ পৰা ওলোৱাৰ পাছতহে দেউতাই পুৱাৰ চাহ-জলপান খাইছিল৷ তেখেতে চাহ-জলপান সদায় বানবাটিত আৰু ভাত বানকাঁহীত খোৱা দেখিছিলোঁ৷ দুপৰীয়াৰসাঁজ খাই উঠি
আৰু গধূলিৰসাঁজ খোৱাৰ আগতে বা পাছতো দেউতাই ঠগি এখনত থৈ সাঁচিপাতৰ পুথিৰ পাত
লুটিয়াই কিবাকিবি গুণগুণাই গোৱা শুনিছিলোঁ৷ মই সৰুতে আমাৰ ঘৰত কেইবাখনো সাঁচিপতীয়া
পুথি আৰু দুই-এখন হাতে লিখা মন্ত্ৰৰ বহী দেখিছিলোঁ৷ দেউতাই
কোনো ধৰণৰ বেজালি কৰা নাছিল যদিও কিবাকিবি বিষ বা হাত-ভৰি উখহা ধৰণৰ অসুখ থকা মানুহ তেখেতৰ ওচৰলৈ আহিলে মন্ত্ৰ মাতি বিহলঙনি পাতেৰে
জৰা দেখিছিলোঁ৷ তেনে ধৰণৰ অসুস্থ লোকে অসুখ ভাল পোৱা বুলিও শুনিছিলোঁ৷ এইটো দেউতাৰ
ওপৰত থকা বিশ্বাসৰ কাৰণেও হ’ব পাৰে৷ এই কথা ইতিমধ্যে
কোৱা হৈছে যে চলিহা বাৰেঘৰ সত্ৰৰ শিষ্যৰ সংখ্যা অলেখ আছিল৷ গাঁওবাসীৰ
আমন্ত্ৰণক্ৰমে দেউতাই মাজে-মধ্যে শিচগাঁৱত চহৰ
ফুৰিবলৈ গৈছিল৷ তেনে যাত্ৰাত তেখেতৰ লগত কমেও দুজন মানুহ প্ৰয়োজনীয় টালি-টোপোলা লৈ আলধৰা হিচাপে যোৱা দেখিছিলোঁ৷ কিছু দিনৰ পাছত দেউতা ঘৰলৈ উভতি
আহোঁতে লগত অনেক বস্তু আনিছিল — গামোচা, চোলা-চুৰিয়া, চেলেং, খনীয়া, এৰীকাপোৰ আৰু কিছু টকাও৷ দুজনমান গঞাও দেউতাৰ লগত আহি দুদিনমান আমাৰ ঘৰত থাকিও গৈছিল৷ এই
বস্তুবোৰ হ’ল বছৰ বছৰ ধৰি গঞাসকলে আগ কৰি থোৱা গুৰুঘৰীয়া সম্পদ আৰু গুৰু হিচাপে
দেউতাক দিয়া দক্ষিণা বা উপহাৰ৷ এইদৰে চহৰ ফুৰি উভতি অহাৰ পাছত দেউতাই আমি
ল’ৰা-ছোৱালীকেইটাক আৰু তেখেতৰ ভটিজা-ভটিজীহঁতক বয়স অনুসৰি আধলিটো বা সিকিটো উপহাৰ
দিছিল৷ সেয়ে আমি আটায়ে দেউতা অহালৈ আগ্ৰহেৰে বাট চাই আছিলোঁ৷
দেউতাই
বিশেষ নিমন্ত্ৰণ পালে কাষৰীয়া গাঁও বা সত্ৰলৈ কোনো তিথি-মহোৎসৱ বা নাম-কীৰ্তন
অনুষ্ঠানলৈ গৈছিল৷ মোৰ ভাইটো যিহেতু বয়সত নিচেই সৰু আছিল আৰু দাদা দুজনো
হাইস্কুলীয়া ছাত্ৰ আছিল, সেয়ে ক-খ মানত পঢ়ি থকা সাত-আঠ বছৰীয়া
ল’ৰা ময়েই কেতিয়াবা দেউতাৰ লগত এনে সবাহলৈ যোৱাৰ সুযোগ পাইছিলোঁ৷ এবাৰ দেউতাৰ সৈতে
নামতি চাৰিআালিৰ পৰা অলপ দূৰৰ মিছাজান নামৰ গাঁৱত পতা বৰসবাহ, অৰ্থাৎ
নাম-কীৰ্তন অনুষ্ঠানলৈ গৈ মোৰ বাবে এটা পাহৰিব নোৱৰা ঘটনা ঘটিল৷ তেতিয়া দেউতা
সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ পদবীধাৰী নাছিল৷ তৎসত্ত্বেও বিশিষ্ট সত্ৰীয়া অতিথি
দেউতাক নামঘৰৰ প্ৰৱেশপথত পাৰি থোৱা পীৰাত দুজনমান ভকতে ভৰি ধুৱাই গামোচাৰে মচি অতি
সম্ভ্ৰম আৰু মান-সন্মানেৰে নামঘৰৰ যথাস্থানত বহুৱাইছিলগৈ৷ মোকো কাষতে ঢৰা এখনত বহিবলৈ দিছিল৷ যথা সময়ত নাম-কীৰ্তনৰ
সামৰণি পৰিল আৰু সেৱা জনোৱা আশীৰ্বাদ দিয়া আদি হৈ যোৱাৰ পাছত দুজন বিলনীয়াই মুখত
গামোচা বান্ধি সমাজ আৰু সিংহাসনৰ পিনে সেৱা জনাই প্ৰসাদ বিলাবলৈ উঠিল৷ এই সময়ছোৱাত
কিন্তু তেতিয়াৰ প্ৰায় সাত বছৰীয়া ল’ৰা এই লেখকৰ মন আৰু দৃষ্টি প্ৰসাদৰ সম্ভাৰসমূহৰ
ওপৰতহে আছিল — বুট, মগু, কল, কুঁহিয়াৰ, নাৰিকল, মাটিকঁঠাল
আৰু কত কি! তদুপৰি দেখিছিলোঁ পকা মিঠৈ আৰু এটা প্ৰকাণ্ড টৌত কলপাতেৰে ঢাকি থোৱা
পায়স৷ তেতিয়ালৈ অৱশ্যে মোৰ ভোকো লাগিছিল৷ কিন্তু কি দুৰ্ভাগ্য! বিলনীয়াই যথাৰীতি
মূৰ দোঁৱাই প্ৰসাদৰ ‘শৰাই’-খন দেউতাৰ সমুখত থোৱাৰ লগে লগে এক অনাকাংক্ষিত অথন্তৰ
ঘটিল৷ মই তেতিয়া একো বুজিব পৰা নাছিলোঁ৷ কথাটো আছিল এনে: নাম-কীৰ্তনত উপস্থিত থকা
অধিকাৰ, ডেকা অধিকাৰ আৰু দেউতাৰ দৰে বিশিষ্ট সত্ৰীয়াক সন্মানৰ চিন
স্বৰূপে কলপাতৰ সলনি শৰাইত প্ৰসাদ দিয়া হৈছিল৷ দেউতাই দেখিলে যে তেওঁলৈ আগবঢ়াই
দিয়া ‘শৰাই’ প্ৰকৃততে এখন শৰাই নাছিল৷ সেইখন আছিল এখন বানকাঁহীহে৷ বানকাঁহী হ’লেও
শৰাই ৰূপেই সজাই আগবঢ়োৱা হৈছিল৷ দেউতাৰ মতে বানকাঁহী শৰাই হ’ব নোৱাৰে; ওখকৈ সজা
হ’লেও ই এখন ভাত খোৱা কাঁহীহে, শৰাইৰ দৰে সন্মানৰ বস্তু হ’ব নোৱাৰে৷
সেয়ে তেখেতে অপমানিত বোধ কৰি নিজৰ ক’বলগীয়াখিনি কৈ কাৰো কাকূতি-মিনতিলৈ কাণ নিদি
নামঘৰ ত্যাগ কৰিলে৷ মোৰ আৰু সেই হেঁপাহৰ প্ৰসাদৰ জুতি লোৱা নহ’ল৷
দেউতাই
এইটো ভাল কৰিলে নে বেয়া কৰিলে মই এতিয়াও থিৰাং কৰিব পৰা নাই৷ কিন্তু দেউতাৰ এনে
আচৰণে তেখেতৰ চৰিত্ৰৰ এক বিশেষ দিশৰ ইংগিত দিয়া যেন লাগে৷
দেউতাই
বৌ আৰু তেখেতৰ ছটা সন্তানৰ বাবে একো কৰি থৈ যাব নোৱাৰিলে৷ কোনেনো কল্পনা কৰিব
পাৰিছিল মৃত্যু নামৰ দৈত্যটোৱে তেখেতক ইমান আগতীয়াকৈ আঁজুৰি লৈ যাব বুলি? পূৰ্বতে
কৈছোঁ, তেতিয়া এই লেখক আছিল ক নে খ শ্ৰেণীত পঢ়ি থকা এটা অবোধ শিশু৷
(আগলৈ)