অন্যযুগ/


পিছলৈ উভতি চাওঁ—৫

মোৰ ওপজা ঠাই: বাঁহগড়, বাৰেঘৰ
° পোনা মহন্ত

মই শ্বিলঙৰ ছেইণ্ট এড্‌মাণ্ড্‌জ (St. Edmunds) কলেজত পঢ়ি থাকোঁতে প্ৰথম অৱস্থাত হ’ষ্টেলৰ আৱাসী আৰু কোনো কোনো সহপাঠীয়ে মোৰ আৰু শৈশৱ-কৈশোৰৰ সৈতে জড়িত বাঁহগড়‍, বাৰেঘৰ, মেজেঙা আদি নামবোৰ লৈ মোক জোকোৱা বা ভেঙুচালি কৰাৰ কথা ভালকৈ মনত আছে৷ মই গুৱাহাটীৰ কটন কলেজৰ পৰা প্ৰাক্‌বিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰাৰ পাছতহে বি.এ. পঢ়িবলৈ সেই কলেজলৈ গৈছিলোঁ৷ সেয়ে মই এড্‌মাণ্ড্‌জ কলেজৰ হ’ষ্টেলত সোমাওঁতে তাৰ আৱাসীসকল মোতকৈ কমেও এবছৰৰ ছিনিয়’ৰ আছিল৷ ‘নিউ হ’ষ্টেল’ নামৰ এই ছাত্ৰাৱাসত থকা ছাত্ৰসকলৰ সৰহভাগেই সেই সময়ৰ অবিভক্ত অসমৰ প্ৰধান নগৰকেইখনৰ পৰা যোৱা৷ এজন নে দুজন থলুৱা অসমীয়া ছাত্ৰৰ বাহিৰে আনবিলাক আৱাসীৰ অসমৰ ইতিহাস বা সামাজিক-সাংস্কৃতিক পৰম্পৰাৰ বিষয়ে এধানমানো জ্ঞান নাছিল৷ খ্ৰীষ্টানধৰ্মী জনজাতীয় আৱাসীসকলৰ কথা নকওঁ৷ বেছিভাগ অসমীয়া আৰু বাঙালীভাষী ল’ৰায়ো পিন্ধাা-উৰা আৰু কথা-বাৰ্তাত চাহাবী ঢং লোৱা দেখিছিলোঁ৷ এওঁলোকেই ‘নিউ হ’ষ্টেল’-ৰ নতুন আৱাসী এই লেখকক ‘বাৰেঘৰ-মেজেংগাৰ পৰা এইটোনো ক’ৰ কটনিয়ান ওলালেহি’ বুলি উপলুঙা কৰিছিল৷ পাছলৈ যেতিয়া মই তেওঁলোকৰ লগৰ এজন হৈ সকলো বন্ধু হৈ পৰিলোঁ, তেতিয়া দুজনমানে মোৰ আওহতীয়া ওপজা ঠাইৰ বিষয়ে জানিবলৈ আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ ভিতৰৰ এজন ৰংপুৰীয়া আৱাসীয়ে কৈছিল যে তেওঁ সৰুতে কোনো কোনোৰ মুখত বাঁহগড়, বাৰেঘৰ, মেজেঙা আদিৰ নাম শুনিছিল, কিন্তু সেইবোৰনো কি জনা নাছিল বা জানিবলৈ আগ্ৰহীও নাছিল৷
মোৰ আগৰ লেখাত বাৰেঘৰ সত্ৰ ভকত গাঁৱৰ বিষয়ে একাধিকবাৰ উল্লেখ কৰিছোঁ৷ একেখন ঠাই কেনেকৈ সত্ৰ আৰু গাঁও হ’ল সেই সম্পৰ্কেও কৈ আহিছোঁ৷ ব্ৰহ্মপুত্ৰৰ বুকুত নাও বুৰোঁ বুৰোঁ হওঁতে পেৰা-পেটাৰি‍বোৰত পানী সোমাই কেনেকৈ আমাৰ অনেক অত্যাৱশ্যকীয় কাগজ-পত্ৰ নষ্ট হ’ল, সেই কথাও হয়তো কোনো কোনো পঢ়ুৱৈৰ‍ মনত থাকিব পাৰে৷ সেইবোৰৰ লগতে দেউতাই স্থানীয় জ্যোতিষীৰ হতুৱাই কৰোৱা তেওঁৰ সন্তানকেইটাৰ সোঁৱৰণিকেইখনো গ’ল৷ সেয়ে মোৰ নিৰ্দিষ্ট ওপজা দিনটোৰ কথা জনাৰ উপায় নাথাকিল৷ পাছত বৌৱে কৈছিল যে মই ওপজা দিনচে‍ৰেকৰ পাছতে হেনো ভায়েক অৰ্থাৎ আমাৰ মামা এজনৰ বিয়াৰ দিন আছিল৷ কিন্তু কন্যাৰ পৰিয়ালৰ সৈতে আমাৰ তেজৰ সম্পৰ্ক থকাৰ বাবে সেই দিনটোত বিয়াখন নহ’ল৷ সেয়ে গাঁৱৰ অনেকে বিশেষকৈ মাতৃৰ ওচৰলৈ আহি থকা মহিলা সমাজে মোক বিয়া ভঙা গোসাঁই বুলি জোকাইছিল৷ মামাহঁতৰ ফালৰ অনেকে মোক এই অভিধা দিছিল৷ নাজানো, তেওঁলোকে মোক কিয় এই বদনাম দিছিল৷ ‍প্ৰকৃততে মামাৰ বিয়াখন ‘ভগা’ নাছিল, মাত্ৰ প্ৰসূতিৰ ‘অশৌচ’ অন্ত হোৱাৰ পাছৰ দিন এটালৈ পিছুৱাই দিয়া হৈছিল৷ সেই কালত গোসাঁই-মহন্তৰ ঘৰত পুত্ৰ সন্তান জন্মিলে বৰনামঘৰত দবা-কাঁহ-শংখ-ঘণ্টা বজাই বাদ্যধ্বনি কৰা হৈছিল, যাতে সত্ৰবাসীয়ে খবৰটো লগে লগে পায়৷ খবৰটো প্ৰচাৰ হোৱাত হেনো আমাৰ ঘৰলৈ কেইবাদিনো ধৰি আইসকলৰ সমাগম ঘটিছিল, মা-দেউতাৰ তৃতীয় পুত্ৰ হোৱাৰ খবৰ ল’বলৈ৷ সেই সময়ত দেউতা যিহেতু এক প্ৰকাৰৰ ডেকাই আছিল, সেয়ে জন্মৰ পৰা একৈছ দিনৰ দিনা বোলে বেচ ধুমধামেৰে ‘শুধি’ (শুদ্ধি) পাতিছিল৷ অইনৰ কথা নাজানো, সেই কালত গোসাঁই-মহন্তৰ ঘৰত ল’ৰা হ’লে একুৰি এদিন আৰু ছোৱালী হ’লে এমাহৰ মূৰত অশৌচ ভাঙি শুধি অনুষ্ঠান কৰা হৈছিল৷ ক’বলৈ পাহৰিছিলোঁৱেই— পুত্ৰ সন্তানৰ জন্মৰ বেলিকা নামঘৰত বাদ্যধ্বনিৰে গোটেই গাঁও নিনাদিত কৰাৰ পৰিৱৰ্তে কন্যাৰ বেলিকা আইসকলে উৰুলিধ্বনিৰে ঘৰৰ ভিতৰতে নৱাগতাক আদৰণি জনাইছিল৷ এইদৰে দেখা গৈছিল, সত্ৰীয়া বৈষ্ণৱ সমাজতো পুৰুষৰ একছত্ৰী প্ৰধান্য! জন্মৰ পৰাই ল’ৰা-ছোৱালীক আদৰণি জনোৱা হয় এখন পুৰুষপ্ৰধান আৰু বৈষম্যপূৰ্ণ সমাজলৈ৷ কি যে এক প্ৰহেলিকা!
বাৰেঘৰ সত্ৰৰ আমাৰ পৈতৃক ঘৰ-বাৰী বুৰঞ্জীপ্ৰসিদ্ধ বাঁহগড়ৰ তেনেই কাষতে৷ আন এক ঐতিহাসিক সম্পদ ধোদৰ আলিৰ পৰা বাঁহগড়েদি আধা মাইলমান আহি সত্ৰৰ মূল পথেদি নামি গৈয়েই পোৱা তিনিটা ঘৰৰ মাজৰটোৱেই আমাৰ৷ আন দুটা ঘৰ আমাৰ দুজন খুৰাৰ৷ বাঁহগড় আৰু সত্ৰপথৰ সংযোগস্থলতে গড়টোৰ ওপৰত আহল-বহলকৈ উলিয়াই লোৱা ঠাইত আছিল ৫৬৫ নং বাৰেঘৰ সত্ৰ ভকতগাঁও এল পি স্কুলখন৷ গড়ৰ প্ৰায় সমান্তৰালভাৱে বৈ যোৱা খাৱৈ আৰু গড়টোৰ মাজৰ অঞ্চল হাবি-বনেৰে ভৰি থকাৰ লগতে কোটোহা বাঁহ বুলি এবিধ অত্যন্ত কাঁইটীয়া গছে আৱৰি ৰাখিছিল৷ ইয়াৰ বিপৰীত দিশে গঞাৰ খেতি-পথাৰ যদিও পথাৰ আৰু গড়ৰ মাজৰ ঠেক অংশ পাতলীয়া গছ-গছনিৰে ভৰা আছিল, য’ত আমি স্কুলৰ পানী খোৱা ছুটীত লুকা-ভাকু খেলিছিলোঁ আৰু হাতেৰে ঢুকি পোৱা গছৰ পৰা ফুল, গুটি আদি ছিঙি আৰু খেলি ৰং-তামাচা কৰিছিলোঁ আৰু খাব পৰাবোৰ খাইছিলোঁ৷ অসমৰ বুৰঞ্জীৰ লগত সামান্য পৰিচয় থকাসকলেও জানে যে আহোম ৰজাসকলে বিদেশী আক্ৰমণকাৰীক প্ৰতিহত কৰিবলৈ গড় আৰু কোঠ নিৰ্মাণ কৰিছিল৷ ৰাজধানী গড়গাঁও নগৰক সুৰক্ষিত কৰিবৰ বাবে নিৰ্মিত এই গড় আমি সৰু থকা দিনত অধিকাংশ হাবি-জংঘলেৰে ভৰি থকা অৱস্থাত ধোদৰ আলিৰ পৰা মেছাগড়লৈকে দেখিছিলোঁ৷ ধোদৰ আলিৰ সিপাৰে থকা অংশৰ লগত মোৰ পৰিচয় নাছিল৷ গড়ৰ কাষে কাষে অভেদ্য কোটোহা বাঁহৰ গছ থকাৰ বাবেই বোধকৰোঁ ইয়াৰ নাম বাঁহগড় হৈছিল৷ প্ৰথমে আছে দ খাৱৈ, য’ত জোঙা বাঁহৰ পিং পুতি ৰখা হৈছিল৷ তাৰ পাছত আছে কাঁইটীয়া শাৰী শাৰী কোটোহা বাঁহ আৰু শেষত ৰঙা লিকটা মাটিৰে ওখকৈ নিৰ্মিত গড়— এই  তিনি প্ৰতিবন্ধক ভেদ কৰি আক্ৰমণকাৰী শত্ৰুৱে ৰাজধানীত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ আছিল৷ গড়টোৰ মাটি ইমানেই লিকটীয়া আছিল যে স্থানীয় যি দুই-এজন লোকৰ চাইকে‍ল আছিল, বৰষুণীয়া বতৰত ইয়াৰ ওপৰেদি যাবলগীয়া হ’লে বাহনখন তেওঁলোকৰ কান্ধতহে উঠিছিল৷ গড়ৰ পথছোৱা পাৰ হৈ ধোদৰ আলিত উঠিহে চাইকেল চলাব পৰা হৈছিল৷ মই মেট্ৰিক পাছ কৰি কলেজলৈ যোৱালৈকে, অৰ্থাৎ ষাঠিৰ দশকলৈকে গড়টো তেনে‍দৰেই আছিল৷ বিদেশী চৰকাৰৰ কথা নকওঁ, স্বাধীন দেশৰ চৰকাৰেও তেতিয়ালৈকে ইয়াত সানান্য শিল-বালিও পেলোৱা নাছিল৷ অথচ ইয়েই আছিল একাধিক গাঁৱৰ মানুহৰ অহা-যোৱাৰ একমাত্ৰ পথ৷ এতিয়া অৱশ্যে ধোদৰ আলিৰ পৰা গড়টোৰ একাংশত শিল-বালি পেলোৱাত বা পকী কৰাত যাতায়ত কিছু সুচল হৈছে৷
আহোম ৰাজত্বৰ সুদীৰ্ঘ ছশ বছৰীয়া কালত আন আন গড় আৰু কোঠৰ লগতে বাঁহগড়েও ৰাজ্য আৰু ৰাজধানীৰ সুৰক্ষা প্ৰদান কৰাৰ লেখীয়াকৈ আধুনিক যুগতো ই দৰিদ্ৰ গঞাসকলৰ সহায়ক হৈ আহিছে৷ ইয়াৰ মাটি লিকটীয়া হোৱাৰ বাবে সৰ্বসাধাৰণ মানুহে ইয়াক বাঁহ বা ইকৰাৰে সজা বেৰ লেপিবলৈ ব্যৱহাৰ কৰিছিল৷ তদুপৰি এই মাটি ঠায়ে ঠায়ে এনে চকুত পৰাকৈ ৰঙচুৱা আছিল যে সেই কালৰ স্বচ্ছল অৱস্থাৰ লোকসকলে বেৰত চূণপানী সানি দেখনিয়াৰ কৰাৰ লেখীয়াকৈ দৰিদ্ৰসকলে এই মাটি পনীয়া কৰি গোবৰ-মাটিৰে লেপা বেৰত প্ৰলেপ দি চকুত পৰা কৰিছিল৷ মই হাইস্কুলত পঢ়ি থকা দিনৰে পৰা অনেক বছৰৰ পাছলৈকে বৌৱে ৰন্ধা কেঁচা খৰিচাৰ আঞ্জা আৰু শুকান খৰিচা আৰু আলুৰে সনা পোৰা মাছৰ পিটিকা খোৱাৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম৷ মই জনাত উজনিৰ অসমীয়া মানুহে ভলুকা বাঁহৰ গাজেৰে বা ন-কৈ ওলোৱা পুলিৰ কোমল অংশৰে খৰিচা বনায়৷ কিন্তু কোটোহা বাঁহৰ খৰিচা ইমানেই তৃপ্তিদায়ক যে কৃষিজীৱী সমাজৰ পৰি‍শ্রমী কৃষকে অতি কষ্টৰে কাটি আনি দিয়া কোটোহা বাঁহৰ খৰিচা তৈয়াৰ কৰি গৃহিণীসকলে পৰিয়ালৰ লগতে আমাৰ দৰে অনেকক তৃপ্ত কৰিছিল৷ কোনো কোনো অতি দৰিদ্ৰ গঞাই কোটোহা বাঁহৰ শুকান খৰিচা বজাৰত বেচি জীৱিকা উলিওৱাৰ কথাও জানো৷
ইমান পৰে আমাৰ ল’ৰাকালৰ ৰং-তামাচাৰ আন এক থলী গড়খাৱৈৰ কথা কোৱা হোৱাই নাই৷ বাঁহগড়ৰ কাষে কাষে বৈ যোৱা এই জলস্ৰোতক আমি নৈ বুলিছিলোঁ যদিও প্ৰকৃততে ই দিচাং-দিখৌৰ দৰে স্বাভাৱিক নৈ নহয়৷ কাষৰ মাটি খান্দি ওখ গড়টো নিৰ্মাণ কৰাৰ বাবে যি দ খাল বা খাৱৈৰ সৃষ্টি‍ হৈছিল, সেইটোৱেই পাছত সৰ্বসাধাৰণ মানুহৰ মুখত নৈ বা নদী নাম পালে৷ সন্দেহ নাই— প্ৰতিৰক্ষাৰ ক্ষেত্ৰত খাৱৈটো যথেষ্ট দ আৰু বহলকৈ খান্দি উলিওৱা হৈছিল৷ ভৰ বাৰিষা আন নৈৰ দৰে গড়খাৱৈখনো যেতিয়া পানীৰে উপচি পৰিছিল, তেতিয়া আমি ল’ৰাবোৰে সাঁতুৰি-নাদুৰি ফূৰ্তি কৰাৰ বিপৰীতে ডাঙৰসকলে ইয়াৰ বুকুত ‘বান’ বা ‘বান্ধ’ সাজি মাছ ধৰিছিল৷ মাছ ধৰাৰ এই বিশেষ কৌশলটো ৰাজ্যৰ আন ঠাইত আছেনে নাই নাজানো, কিন্তু পাছলৈ চৰকাৰে বিদ্যুৎ শক্তি উৎপাদনৰ বাবে নদীত বান্ধ বনাবলৈ লোৱাৰ বহুত আগতেই আমি এই শব্দৰ স’তে পৰিচিত হৈছিলোঁ৷ মোৰ ভালকৈ মনত আছে—‍ মাছমৰীয়া গঞাসকলে গড়খাৱৈৰ বুকুত দুই প্ৰকাৰৰ ‘বান’ বান্ধি মাছ ধৰিছিল— ‘বৈ বান’ আৰু ‘দেৱা বান’৷ বাৰিষাৰ নতুন পানীত যেতিয়া মাছৰ উজান উঠে, তেতিয়া মাছবোৰ জাক পাতি বৈ আহি প্ৰথমবিধ বানত সোমাই আবদ্ধ হৈ পৰে৷ আনহাতেদি পানী সামান্য কমিলে বৰালি, আঁৰি‍ আদি অলপ ডাঙৰ মাছবোৰ বানে দিয়া ভেঁটাৰ বাবে আগুৱাব নোৱাৰি জঁপিয়াই‍ বা দেও দি দ্বিতীয়বিধ বানত সোমাই বন্দী হৈ পৰে৷ এইদৰে মাছ ধৰা চাই আমি বৰ আনন্দ পাইছিলোঁ৷ উল্লেখ কৰিবই লাগিব যে গঞাৰ এনে মাছ ধৰা পৰ্বত মহন্ত মানুহে ভাগ লোৱা নাছিল৷ অৱশ্যে মাছ ভাগ-বাটোৱাৰাৰ সময়ত তাত উপস্থিত থাকিলে মোৰ দৰে মহন্ত উপাধিৰ ল’ৰাবোৰে একো নকৰাকৈয়ে মাছৰ ভাগ পাইছিলোঁ৷
তাহানিৰ বাঁহগড়ো নাই, কোটোহা বাঁহো নাই৷ গড়ৰ ওপৰত গঢ়ি উঠিছে পঞ্চায়ত বা P.W.D.-এ বনোৱা নতুন পথ৷ কোটোহা বাঁহবোৰ কেতিয়াবাই কাটি-ছিঙি উছন কৰা হ’ল৷ মাত্ৰ নিৰৱচ্ছিন্নভাৱে বৈ আছে গড়খাৱৈখন৷ ই গৈ পৰিছে মেজেঙাৰ কাষৰ নামদাং নামৰ নদীত৷ নামদাং মিলি‍ছেগৈ ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ দিখৌৰ লগত৷ আমাৰ ল’ৰাকালৰ এই মেজেঙা আছিল চাৰিওফালে চাহবাগানেৰে ঘেৰি থকা এডোখৰ ঠাই, যাক গাঁৱো বুলিব নোৱাৰি, চহৰো বুলিব নোৱাৰি৷ তেতিয়াৰ দিনত ইয়াত আছিল এটা ৰে’লৰ ছাইডিং (siding), উপডাকঘৰ, দুখনমান সৰু-সুৰা দোকান আৰু এখন এম.ই. স্কুল, যি পাছত হাইস্কুল হৈছিলগৈ৷ মই কলেজত পঢ়িবলৈ যোৱালৈকে ‘মেজেঙা’ শব্দৰ অৰ্থ জনা নাছিলোঁ৷ জনা হ’লে ইয়াক লৈ মোৰ শ্বিলঙীয়া কলেজ হ’ষ্টেলৰ বন্ধুসকলে কৌতুক কৰিব নোৱাৰিলেহেঁতেন‍৷ পাছতহে জানিলোঁ— মেজেঙা হ’ল দীঘলীয়া খহটা পাতৰ এবিধ বনৰীয়া সৰু গছ, যাৰ পাতবোৰ শাক হিচাপে খাব পাৰি৷ এসময়ত সেই ঠাইত এইবিধ গছ বৰকৈ হৈছিল বাবেই সম্ভৱ এই নাম৷ মেজেঙাৰ কথা ওলালেই মোৰ মনলৈ আহে তাহানিৰ দুৰ্গাপূজাৰ সময়ত ইয়াৰ কাষৰীয়া বাগানৰ মুকলি ঠাইত চোৱা হিন্দী চিনেমাৰ কথা৷ আমি প্ৰাইমেৰি স্কুলৰ পৰা হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়ি থকালৈকে প্ৰতি বছৰে এনে ‘ফ্ৰী চিনেমা’ চোৱাৰ সুযোগ পাইছিলোঁ৷ বাগিচাৰ শ্ৰমিকসকলৰ আমোদৰ বাবে প্ৰদৰ্শন কৰা এই চিনেমাবোৰ সাধাৰণতে পৌৰাণিক আখ্যানমূলক বা পাতল ধেমেলীয়া ধৰণৰ আছিল৷ আমিও তেতিয়া এনেবোৰ ছবিয়েই ভাল পাইছিলোঁ৷ এইদৰে তেতিয়াই মই হিন্দী চিনেমা জগতৰ সেই সময়ৰ সীমিত সংখ্যক অভিনেতা-অভিনেত্ৰীসকলক চিনি পাইছিলোঁ৷ মোৰ স্পষ্টকৈ মনত আছে— কটন কলেজৰ ছেকেণ্ড মেছ ছাত্ৰাৱাসত  ‘ৰেগিং’-ৰ সময়ত কোনোবা এজনে তোমাৰ প্ৰিয় ‘চিনেমা এক্‌ট্ৰে‍ছ’ কোন বুলি সোধোঁতে ঘপৰাই ৱাহিদা ৰহমান বুলি কৈছি‍লোঁ৷ কিয় জানো— এইগৰাকী অভিনেত্ৰীৰ অভিনয় মই তেতিয়াৰ পৰাই বৰ ভাল পাইছিলোঁ৷ জকাইচুকীয়া ঠাইৰ পৰা যোৱা ল’ৰা এটাৰ হিন্দী চিনেমাৰ জ্ঞান দেখি ছিনিয়’ৰকেইজনে ভেবা লাগি চাই আছিল৷ প্ৰৱেশিকা পৰীক্ষাৰ সময়লৈকে যে মই চিনেমা হলত টিকট কিনি চিনেমা চোৱাৰ সুযোগেই পোৱা নাছিলোঁ, সেই কথা তেওঁলোকে কেনেকৈ জানিব! ইয়াৰ বাবে মই সেই সময়ৰ চাহবাগানৰ বনুৱাসকলৰ ওচৰত কৃতজ্ঞ, বাগানৰ মালিকপক্ষৰ ওচৰত নহয়৷ কাৰণ, শ্ৰমিকসকলে ‘ফ্ৰী’-কৈ চিনেমা চোৱা বুলি ভাবিছিল যদিও প্ৰকৃততে ই ফ্ৰী নাছিল৷ বাগান কর্তৃপক্ষই পূজাৰ কেইমাহমানৰ আগৰ পৰা শ্রমিকসকলৰ বেতনৰ পৰা কিস্তি হিচাপে অলপ অলপকৈ টকা কাটি ৰখিছিল, যিটো কথা তেওঁলোকে নাজানিছিল বা জানিলেও পূজাৰ সময়লৈ পাহৰি পেলাইছিল৷ শোষণ আৰু প্ৰৱঞ্চনাৰ কি যে এক কৌশল! পূজাৰ উৎসৱৰ অংশৰূপে শ্ৰমিকসকলক দেখুওৱা এই চিনেমাবোৰ কাষৰীয়া গঞাসকলৰ বাবেও মুকলি কৰি ৰখা বাবে প্ৰকৃতপক্ষে বাগানৰ বাহিৰৰ পৰা যোৱা আমিহে এপইচাও খৰচ নকৰাকৈ— অৰ্থাৎ সম্পূৰ্ণ ফ্ৰীকৈ চোৱাৰ বিৰল সুযোগ পাইছিলোঁ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ