অন্যযুগ/
পিছলৈ উভতি চাওঁ— ৬
কলপাতৰ ফুটাৰে অ, আ, ক, খ
ড° পোনা মহন্ত
মোৰ
পাঁচ-ছবছৰ মান হওঁতে দেউতা নে খুৰা কোনোবা এজনে নি ৫৬৫ নং বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলত নামটো লিখোৱালেগৈ। মোৰ সোঁৱৰণিত আন এটা শুনিবলৈ ভাল
আৰু অৰ্থপূৰ্ণ নাম আছিল যদিও ঘৰত মতা নামটোহে স্কুলৰ ৰেজিষ্টাৰত সোমাল। ভালকৈ মনত
আছে সেইদিনা মোৰ হাতত আছিল কলঠৰুৱাৰে বনোৱা এখন কঠ, এখন ফলি আৰু
এডাল মাটি পেঞ্চিল। সেই সময়ত স্কুলখনত শিক্ষক এজনেই
আছিল। তেখেতৰ নাম মালভোগ কলিতা আছিল যদিও সকলোৱে তেখেতক ‘মাষ্টৰ’ বুলিহে
জানিছিল। এই মাষ্টৰ আছিল সত্ৰৰ কোনোবা এঘৰ ‘ভকত’-ৰ ঘৰৰ
মানুহ। তেতিয়া স্কুল বুলিবলৈ কাঠ-বাঁহৰ খুঁটা মাৰলি
আৰু ইকৰাৰ বেৰৰ এটা একোঠলীয়া ঘৰ, শিক্ষকৰ বাবে এযোৰ তেনেই সাধাৰণ
টেবুল-চকী,
বেৰত আঁৰি থোৱা এখন ব্লেকব’ৰ্ড, চকমাটি আৰু
ছাত্ৰ-ছাত্ৰীৰ নাম থকা এখন পকাবন্ধা দীঘলীয়া আকাৰৰ বহী। ইবিলাকৰ বাহিৰে অৱশ্যে ছাৰ জনৰ হাতত এডাল বেত মোৰ প্ৰথম দিনাই চকুত পৰিছিল।
উল্লেখযোগ্য যে সেই কালত ব্ৰাহ্মণ, কায়স্থ আৰু আন প্ৰভাৱশালী মানুহৰ ল’ৰাৰ
বেলিকা পঢ়াশালিলৈ যোৱাৰ আগতে ঘৰতে বিদ্যাৰম্ভ কৰোৱা
হৈছিল। এনে বিদ্যাৰম্ভ অনুষ্ঠানৰ বিষয়ে আমাৰ সাহিত্যৰথী বেজবৰুৱাই সুন্দৰকৈ
লিখিছে। মোৰ ক্ষেত্ৰত ঘৰতে সৰস্বতী আইৰ সৈতে চিনাকি কৰি দিয়া এনে অনুষ্ঠান পতা
হোৱা নাছিল অৱশ্যে দাদাঁহতৰ মুখৰ পৰা শুনি শুনি মোৰ এই গীতটো ইতিমধ্যে মুখস্থ হৈ
গৈছিল।
সৰস্বতী
সৰস্বতী কণ্ঠে গোলাপী
লোকে বোলে
সৰস্বতী
আমি বোলোঁ আই,
যিখিনি পাহৰোঁ মাতৃ দিবা সোঁৱৰাই।
গতিকে মোৰ
আনুষ্ঠানিক বিদ্যাৰম্ভ মই জীৱনত প্ৰথম যোৱা বিদ্যালয়খনতে হৈছিল। প্ৰাথমিক স্কুল হ’লেও
আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজীৰ ‘ই’ টো স’তে পৰিচয় নাথাকিলেও
শিক্ষকগৰাকীক সকলোৱে ‘ছাৰ’ বুলিয়ে
মাতিছিল। স্কুলৰ বহীত নামটো লিখোৱাৰ ঠিক আগে আগে ঘৰৰ পৰা লৈ যোৱা বঁটাত তামোল-পাণ আৰু এটা সিকি নে আধলিৰে সৈতে ছাৰক সেৱা জনাবলৈ লোৱা কথা মোৰ
ভালকৈ মনত আছে৷ কিন্তু গোসাঁইৰ ল’ৰা
বুলি ছাৰে সেৱা কৰাত বাধা দিলে। তাৰ পাছত ক-মানৰ ল’ৰা-ছোৱালীবোৰ থকা ঠাইৰ প্ৰথম শাৰীতে
মই লৈ যোৱা কঠখন পাৰি বহিবলৈ দিছিল। খ-মান পোৱাৰ
সময়তে স্কুলখন আমাৰ ঘৰৰ ওচৰৰ এডোখৰ মুকলি ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। সম্ভৱ
ঐতিহাসিক কীৰ্তিচিহ্ন বাঁহগড়ৰ ওপৰত আৰু গড়খাৱৈ নৈৰ তেনেই কাষতে হোৱা বাবে সংশ্লিষ্ট বিভাগে সেইটো
কৰিছিল। নতুন ঠাই ডোখৰ প্ৰকৃততে এখন কঠীয়াতলি হোৱা বাবে খেলা-ধূলাৰ বাবে যথেষ্ট
মুকলি ঠাই আছিল আৰু কাষত এটা পুখুৰীও থকা বাবে
পানীখোৱা ছুটীত পানী খোৱাৰো সুবিধা হৈছিল। এইবাৰ
স্কুল ঘৰটো দুকোঠলীয়া হ’ল আৰু চালত টিনপাত উঠিল। বাঁহৰ
বেৰবোৰ গোবৰ-মাটিৰে লেপি-কুচি ওপৰত চূণ-পানী সানি
দেখনীয়াৰ কৰা হ’ল।
ঘৰটোৰ এটা কোঠাত ক-খ শ্ৰেণী আৰু আনটো ১ম, ২য় আৰু ৩য় মান শ্ৰেণী বহাৰ ব্যৱস্থা
কৰা হৈছিল। শিক্ষক বহা চকী আৰু টেবুল থোৱা হৈছিল ক-খ শ্ৰেণীৰ কোঠাত। অৱশ্যে
তেতিয়াও স্কুলত বহিবলৈ আমি ল’ৰা-ছোৱালীবোৰে ঘৰৰ পৰা নিজৰ নিজৰ কঠ
লৈ যাব লাগিছিল।
স্কুলত মোৰ
বিদ্যাৰম্ভ কেনেকৈ হৈছিল সেই কথা ভালকৈ মনত আছে। স্কুলত ভৰ্তি হোৱাৰ আগতে অন্ততঃ
অ-ফলাৰ আখৰবোৰৰ লগত মোৰ চিনাকি আছে নে নাই সেইটো পৰীক্ষা কৰিবলৈ ছাৰে সৰু ফুটা থকা কলপাত এখনেৰে আনবোৰ আখৰ ঢাকি ফুটাটোৰে ওলাই
থকা বিশেষ আখৰ এটা দেখুৱাই সুধিলে— “কোৱা,
এইটোক কি বুলি কয়?” মই শুদ্ধ উত্তৰ দিয়াত ছাৰে বৰ
সন্তোষ পাই ক-ফলাখন মনে মনে চাই থাকিবলৈ ক’লে। সেই
দিনাই মন কৰিছিলোঁ ছাৰেআনবোৰ ল’ৰা-ছোৱালীক
‘তই’ বুলি
মতাৰ বিপৰীতে মোক দেখোন ‘তুমি’ বুলিছিল। পিছত
দেখিলোঁ ‘মহন্ত’ উপাধিৰ
আটাইকেইটাকে তেখেতে ‘তুমি’ বুলি মাতিছিল। তাৰ মানে সত্ৰৰ শিষ্যৰ
গাঁও ধেমাজি গুৱাল গাঁও স্কুলৰ ছাৰে মোক তুমি
বোলাৰ দৰে স্বয়ং সত্ৰৰ স্কুলৰ শিক্ষকৰ মুখতো সেই একেই তুমি সম্বোধন। এতিয়া পিছলৈ উভতি চাই অনুভৱ কৰিছোঁ শিক্ষকসকল এনে আঁহ
ফলা ব্যৱহাৰ মহন্ত ল’ৰাবোৰৰ বাবে ভাল কথা নাছিল। ই ল’ৰা-ছোৱালীবোৰৰ
মাজত এক প্ৰকাৰৰ মানসিক বিভাজন সৃষ্টি কৰাৰ লগতে মহন্ত
উপাধিধাৰীবোৰৰ মনত হয়তো উন্নাসিকতা আৰু অহংকাৰ ভাবো ওপজাইছিল, যিটো সিহঁতৰ পঢ়া-শুনাৰ বাবে যথেষ্ট ক্ষতিকাৰক আছিল। পাছলৈ অৱশ্যে এইটো নাইকিয়া হোৱা বুলি শুনিছোঁ। মহন্ত হওক, কলিতা হওক, শৰ্মা হওক
বাগানীয়া মূঢ়া হওক, শিক্ষকসকলে আটাইকে ‘তই’ বুলি
মাতিবলৈ লৈছিল। মই পঢ়ি থাকোঁতে কোনো মহন্ত
ল’ৰা
নহয়, ‘নগা’ বোলা
ল’ৰা এটাহে বৰ চোকা বুলি জনাজাত হৈছিল। এই ল’ৰাটো
মোতকৈ এক শ্ৰেণী নে দুশ্ৰেণী ওপৰত আছিল। ইয়াৰ আচল নাম আছিল নগেন, উপাধিটো
কোচ নে কলিতা পাহৰিছোঁ। ঠৰঙা চুলিৰে সৈতে তাৰ মুখখন বোধ কৰোঁ
সেই সময়ত পাহাৰৰ পৰা নামি অহা নগা মানুহৰ সৈতে সামান্য মিল আছিল। পিন্ধা-উৰাতো জধলা নগেনৰ দুই নাকেদি অনৱৰত শেঙুন ওলাই আছিল, ইংৰাজীত ক’বলৈ
হ’লে
সি ৰানি নৌজ (Runny
nose)-ৰ অধিকাৰী আছিল। অংকত চোকা বুলি পাছলৈ
সি পঢ়া হাইস্কুলখনতো তাৰ নাম ৰজনজনাই আছিল বুলি শুনিছিলোঁ। সিহঁতৰ ঘৰুৱা অৱস্থা
অতি বেয়া আছিল। আজি-কালি হোৱা হ’লে বি. পি. এল. কাৰ্ডৰ যোগেদি চৰকাৰৰ পৰা কিছু সহায় পালেহেঁতেন। এই নগেন
দত্ত ওৰফে নগা পাছলৈ কি হ’ল, ক’লৈ
গ’ল
একো নাজানো। শুনিবলৈ পোৱা মতে আৰ্থিক অনাটনৰ বাবেই সি বেছি পঢ়া-শুনা কৰিব
নোৱাৰিলে। এনেদৰেই বোকাত গজা অনেক পদুম ফুল সমাজৰ অনাদৰ-অৱহেলাত
মৰহি শুকাই যায়। নগেনৰ কি হ’ল নাজানিলেও তাৰ কথা মনত পৰিলেই
তাহানিৰ তাৰ সেই লেতেৰা অথচ
বুদ্ধিদীপ্ত মুখখন মোৰ চকুৰ আগত ভাহি উঠে।
সেই কালত
গাঁৱৰ স্কুলবোৰ শিক্ষা বিভাগে বান্ধি দিয়া নিয়ম মতে চলা নাছিল, শিক্ষকৰ
ইচ্ছামতেহে চলিছিল। পথাৰত কাম কৰি গা-পা ধুই ভাত-পানী
খাই ছাৰজন স্কুল পায়হি মানে দহ বজাৰ পৰা
আৰম্ভ হ’ব
লগা পাঠদান এঘণ্টা-আধাঘণ্টামানৰ পাছতহে হৈছিল।
ভালকৈ মনত আছে পথাৰত কাম কৰি ভাগৰুৱা হৈ থকা ছাৰে
নিজেই চকীত বহি টোপনিয়াইছিল। এনে অৱস্থাত স্বাভাৱিকতে সৰু সৰু ল’ৰা-ছোৱালীবোৰে
হলস্থূল কৰিছিল আৰু ছাৰেসাৰ পাই একো নাভাবি এছাৰিৰে
এফালৰ পৰা কোবাই গৈছিল। সেই কালত ‘চেকনিৰ
আগত বিদ্যা’ বোলা কথাষাৰ
আটায়ে বিশ্বাস কৰিছিল, সেয়ে শিক্ষকৰ এনে শাৰীৰিক
শাস্তি প্ৰদানৰ বিৰুদ্ধে কোনেও মাত মতা নাছিল। ওপৰত উল্লেখ কৰা ‘মাষ্টৰ’ নামে
জনাজাত ছাৰজনৰ
ছাত্ৰৰ দোষ অনুযায়ী শান্তি প্ৰদানৰ কৌশল ভিন্ন আছিল, যেনে— মূৰত টঙনিওৱা, হাতৰ তলুৱাত বা আঙুলিৰ গাঁঠিত কোবোৱা, কাণত
ধৰি টেবুলৰ তলত বহুওৱা কাণত ধৰি বাহিৰত আঁঠু কঢ়াই বা থিয় কৰি থোৱা ইত্যাদি। মোৰ মনত থকা মতে মই হাতৰ তলুৱাত
কোব খোৱাৰ বাদে আনবোৰ শাস্তিৰ পৰা ৰেহাই পাইছিলোঁ। পঢ়াত কিছু ভাল হোৱা বাবে আৰু
লগতে ‘মহন্ত’ উপাধিটোৱেও
হয়তো মোক এই ক্ষেত্ৰত সহায় কৰিছিল।
সেই কালত
গাঁৱৰ পাঠশালাবোৰৰ ওপৰত চৰকাৰ বা ৰাইজ কোনেও গুৰুত্ব দিয়া নাছিল। শিক্ষক সময় মতে
আহিছেনে নাই,
পাঠদান ঠিক মতে হৈছে নে নাই এইবোৰ চাবলৈ ‘ইন্সপেক্টৰ’ বোলা চৰকাৰী বিষয়া এজন আছিল যদিও
তেওঁক কাচিৎহে দেখা গৈছিল। তেওঁ স্কুল পৰিদৰ্শন কৰিবলৈ আহিলেও আকস্মিকভাৱে অহা নাছিল, আগতীয়াকৈ
খবৰ দিহে আহিছিল। মোৰ এবাৰৰ কথা মনত আছে। ছাৰেআগদিনাই
ল’ৰা-ছোৱালীবোৰক
এনে দৰে কৈছিল— “কাইলৈ ভালকৈ চাফ-চিকুণ হৈ আহিবি। স্কুল চাবলৈ ইন্সপেক্টৰ ছাৰ আহিব। কিবা সুধিলে উত্তৰ দিবি। ভয় নকৰিবি।” পিছদিনা
দেখিলোঁ বগা চাৰ্ট, খাকী ৰঙৰ ট্ৰাওজাৰ আৰু
বাকেট হেট পিন্ধা ইন্সপেক্টৰ চাহাব চাইকেলেৰে গৈ আমাৰ স্কুলৰ জপনামুখত উপস্থিত
হোৱাত ছাৰ আৰু গাঁৱৰ গাঁওবুঢ়াই আথে-বেথে
আগবঢ়াই নি ছাৰৰ বাবে থকা একমাত্ৰ চকীখনত বহুৱালে।
সেই দিনত ‘ইন্সপেক্টৰ’ বুলিলে
আমাৰ দৰে ল’ৰা-ছোৱালীবোৰৰ
কথা নকৱেঁই, স্বয়ং
শিক্ষকেও ভয় খাইছিল তেতিয়া মই বোধকৰোঁ তৃতীয়
শ্ৰেণীত অৰ্থাৎ স্কুলৰ একেবাৰে ওপৰৰ শ্ৰেণীত আছিলোঁ। ইন্সপেক্টৰে ছাৰ আৰু গাওঁবুঢ়াৰ সৈতে কিছু আলাপ কৰাৰ পাছত স্কুলঘৰৰ চাৰিওপিনে এপাক মাৰি আমাৰ শ্ৰেণীকোঠাত
সোমাল। যথা নিয়মে থিয় হৈ ইন্সপেক্টৰ ছাৰক সন্মান জনাইছিলোঁ যদিও আমাৰ আটাইবোৰ ল’ৰা-ছোৱালীৰ
মুখত ভয় আৰু শংকাৰ ভাব ফুটি উঠিছিল। পিছে ইন্সপেক্টৰ ছাৰে আমাৰ
দুটামানৰ নাম আৰু ইটো-সিটো সোধাৰ পাছত
গল্প এটা কোৱাৰ চলেৰে ভালেমান কথা শিকালে। সাধাৰণতে ভুল কৰা দুটামান শব্দৰ শুদ্ধ
বানানো বৰ্ডত লিখি দেখুৱালে। নিমিষতে আমাৰ আটাইৰে ভয়-শংকাৰ
ভাববোৰ উৰি গৈ কোনোবাখিনি পালেগৈ। পাছত উপলব্ধি
কৰিছিলোঁ স্কুল-পৰিদৰ্শকজন এনেকুৱাই হ’ব লাগে আৰু শিক্ষা বিভাগে স্কুলবোৰত
সঘন পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগে। মই যি সময়ৰ কথা কৈ আছোঁ
সেয়া হ’ল
আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ মাত্ৰ কেইবছৰমানৰ পাছৰ কথা। ব্ৰিটিছৰ কৰ্মসংস্কৃতি
আৰু নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা আদি গুণবিলাক তেতিয়ালৈ আমাৰ ভাৰতীয়
বিষয়া-কৰ্মচাৰীৰ চৰিত্ৰৰ পৰা অৰ্ন্তহিত হোৱা নাছিল।
সেয়ে আমাৰ স্কুল পৰিদৰ্শন কৰা দেশীয় বিষয়াজন সাজ-পোছাকত
যেনেকৈ চাহাবী আছিল সেই দৰে তেওঁৰ কাম-কাজতো উল্লিখিত
গুণবিলাক প্ৰকাশ পাইছিল। শুনিবলৈ পোৱা মতে সাম্প্ৰতিক কালৰ এনে বিষয়াসকলে স্কুল
পৰিদৰ্শন কৰি সামান্যভাৱে হ’লেও শিক্ষা
ব্যৱস্থাৰ উন্নতিৰ হকে কাম কৰাতকৈ শিক্ষকৰ নিযুক্তি, বদলিকৰণ, লঘু
দোষত গুৰু দণ্ড বিহা আদি কামতহে বেছি গুৰুত্ব দিয়ে। এনেবোৰ কামত যে সমাজৰ
স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থহে নিহিত হৈ থাকে, সেই কথা নক’লেও হ’ব।
আমাৰ গঞাসকল
যিহেতু সম্পূৰ্ণভাৱে ধানখেতিৰ ওপৰত নিৰ্ভৰশীল সেয়ে বোধকৰোঁ খেতিৰ সময়ছোৱাত স্কুল ৰাতিপুৱা বহাৰ নিয়ম কৰা হৈছিল যাতে
শিক্ষকসকলে স্কুল ছুটীৰ পাছত পথাৰত
কাম কৰাৰ সুবিধা পায়। কিয় নাজানো, আমি ল’ৰা-ছোৱালীবোৰে
এই ব্যৱস্থাটোক ‘মৰ্নিং’ স্কুল বুলি
এক প্ৰকাৰৰ গৰ্ব আৰু সন্তুষ্টিৰ ভাব প্ৰকাশ কৰিছিলোঁ। ভালকৈ
মনত আছে মৰ্নিং স্কুললৈ যোৱাৰ আগতে খাবৰ বাবে বৌৱে
আগদিনা ৰাতিয়ে পিঠাগুড়ি আৰু গুৰ সনা মধ্যমীয়া আকাৰৰ দুটা
মিঠৈ বা লাড়ু বাটি এটাত ঢাকি থৈছিল। দুটা এই বাবেই যে ইতিমধ্যে মোৰ ভাইটোৱেও
স্কুললৈ যোৱা আৰম্ভ কৰিছিল। তেনেই সাধাৰণ হ’লেও আমি
তাকে খাই স্কুললৈ লৰ মাৰিছিলোঁ। আজি-কালি মধ্যবিত্তীয় অসমীয়া পিত-মাতৃৰ ল’ৰা-ছোৱালীয়ে
হয়তো এনে এটা কথা কল্পনাকে কৰিব নোৱাৰিব। লগৰ ল’ৰা-ছোৱালীবোৰক
সুধি জানিব পাৰিছিলোঁ সৰহ ভাগেই পঁইতা বা কৰ্কৰা
ভাত খাই আহিছিল। সেই কালত আটা-ময়দাৰ ৰুটী বা লুচি-ভাজি গঞা
সমাজত চলা নাছিল বুলিলেই হয়। আজি-কালিৰ দৰে ল’ৰা-ছোৱালীক
‘টিফিন
বক্স’-ত
বিধে বিধে খোৱা বস্তু দি পঠোৱা কথাটো আমাৰ বাবে কল্পনাৰো অতীত আছিল। অইনহে নালাগে
ঘৰত থাউকতে পোৱা চিচাৰ বটল এটাত পানী লৈ যোৱা কথাটোও আমাৰ চিন্তাৰ বাহিৰত আছিল।
আমাৰ দিনতো
প্ৰাইমেৰী হওক বা মাধ্যমিক হওক, সকলো পৰ্যায়ৰ স্কুলত সৰস্বতী পূজা এটা ডাঙৰ উৎসৱ আছিল। মই পঢ়া বাৰেঘৰ
ভকত গাঁও স্কুলতো এই অনুষ্ঠান উৎসাহেৰে পতা হৈছিল। কিন্তু আমাৰ বাবে ই সৰস্বতী
পূজা নাছিল,
‘সৰস্বতী সবাহ’-হে আছিল। আমাৰ সত্ৰখন মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু
গোপালদেৱৰ একান্ত অনুগামী হোৱা বাবে দেৱ-দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰি কোনো প্ৰকাৰৰ
পূজা-পাতল কৰা হোৱা নাছিল। সকলো ধৰ্মীয় অনুষ্ঠান নাম-কীৰ্তনৰ যোগেদি সমাধা কৰা
হৈছিল। সেয়ে কাষৰীয়া অন্যান্য গাঁৱৰ স্কুলত সৰস্বতী গোসাঁনীৰ
মূৰ্তি বা বজাৰত কিনিবলৈ পোৱা ছবি প্ৰতিষ্ঠা
কৰি পুৰোহিতৰ দ্বাৰা পূজা-অৰ্চনা কৰোৱাৰ সলনি আমাৰ স্কুলত থাপনাত মহাপুৰুষৰ কীৰ্তন
বা দশম পুথি থাপন কৰি নাম-প্ৰসংগৰ যোগেদি ভগৱানলৈ ভক্তি জনোৱা হৈছিল। নামত ভাগ
লোৱা আমাৰ ছাৰ আৰু নিমন্ত্ৰিত জনচেৰেক জ্যেষ্ঠ
ভকতৰ লগত আমি হাত চাপৰি মিলাই নাম গাই আনন্দ পোৱাৰ লগতে এক প্ৰকাৰৰ পুলক অনুভৱ কৰিছিলোঁ। অলপ বুজিব পৰা হোৱাৰ পৰা জানিছিলোঁ
যে গুৰুজনাৰ নামধৰ্মত দেৱ-দেৱী পূজাৰ কোনো স্থান নাই। কৃষ্ণ, নাৰায়ণ
বা পৰম ব্ৰহ্মই যিহেতু একমাত্ৰ ভগৱান সেয়ে কৃষ্ণ বা হৰিৰ নাম-গুণৰ কীৰ্তন কৰিলেই সৰস্বতী প্ৰমুখ্যে সকলো দেৱ-দেৱীক
আৰাধনা কৰা হয়। নাজিৰা হাইস্কুলত ভৰ্তি হোৱাৰ পাছতহে মই সৰস্বতী পূজাৰ প্ৰকৃত ৰূপ দেখিবলৈ পাইছিলোঁ।
(আগলৈ)