(হ’ম চুইট হ’ম)
ড˚ পোনা মহন্ত
‘‘Home! Home! sweet sweet home!
There’s no place like home
..........
An exile from home splendor dazzles in vain
oh give me my low, thatched cottage again...’’
হয়, কবিৰ ভাষাত ময়ো কওঁ জন্মস্থান ঘৰখনৰ সমান আপোন কি আছে? কিছু দিন আঁতৰি থাকিলেহে এই
মৰমৰ মূল বুজিব পাৰি। গুৱাল গাঁৱত লগৰীয়াবিলাকৰ লগত বেচ ভালেৰেই আছিলোঁ। মোৰ দৰে
১ম-২য় শ্ৰেণীত পঢ়ি থকা ল’ৰা এটাৰ কৰিবলগীয়া কাম বুলিবলৈ একোৱেই নাছিল। তেতিয়াৰ
দিনত পঢ়াৰ কামো স্কুলৰ শ্ৰেণীকোঠাতে শেষ। ইয়াতকৈ বেছি পঢ়া-শুনাৰ পৰিৱেশো নাছিল, কোনো ফালৰ পৰা তাগিদাও নাছিল।
খেলা-ধূলাৰ সুযোগ আৰু সুবিধাও আছিল তেনেই সীমিত। পূৰ্বতে কৈ আহিছোঁ কেনেকৈ ‘সত্ৰৰ
গোসাঁই ল’ৰা’ হোৱা বাবে গুৱাল গাঁও আৰু কাষৰীয়া গাঁৱৰ গঞাসকলে মোৰ দৰে ল’ৰা এটাক
সমীহ কৰিছিল। বৌৱেও সঘনে সঁকীয়াই আছিল লগৰ ল’ৰাৰ সৈতে ঘৰে ঘৰে ঘূৰি নুফুৰিবলৈ।
এইবোৰ কাৰণতে মাজে মাজে অকলশৰীয়া অনুভৱ কৰিছিলোঁ। এৰি থৈ অহা আপোন ঘৰখন আৰু স্কুলৰ
কথা সুঁৱৰি প্ৰায়ে ‘নষ্টাল্জিক’ হৈ পৰিছিলোঁ। মই যেন চিঞৰি চিঞৰি উঠিছিলোঁ— “খেৰৰ
চালৰ হ’লেও, বাঁব-বেতৰ হ’লেও ঘূৰাই দিয়া মোক মোৰ
পৰ্ণকুটিৰ। আনে ক’ত ফূৰ্তি কৰে কৰক, মোক কিন্তু আপোন ঘৰৰ
আনন্দখিনি ঘূৰাই দিয়া।” তেতিয়াৰ দিনত ইংৰাজী কবিতা কিয়, কোনো কবি বা কবিতাৰ লগতে মোৰ পৰিচয় ঘটা নাছিল। কিন্তু অনেক বছৰৰ পাছত
যেতিয়া জন হাৱাৰ্ড পেইনৰ গীতি-কবিতাটো পঢ়িছিলোঁ, তেতিয়া ভাব হৈছিল এমেৰিকান কবিজনে
কেনেকৈ বাৰু অসম মুলুকৰ এচুকত থকা ল’ৰা এটাৰ মনৰ ভাব ইমান সুন্দৰকৈ প্ৰকাশ কৰিছিল!
আমি উত্তৰ পাৰলৈ উঠি যাওঁতে মোৰ মাজু দাদাক আমাৰ লগত নিয়া হোৱা
নাছিল। যিমান দূৰ মনত পৰে, তেওঁ তেতিয়া নাজিৰা হাইস্কুলত ক্লাছ এইটত পঢ়ি আছিল।
দাদাৰ সৈতে প্ৰায় সমান বয়সৰ আৰু একেখন স্কুলৰে ছাত্ৰ আমাৰ সৰু মামাজনৰ সৈতে দাদাক
পুৰণি ঘৰতে থৈ যোৱা হৈছিল যাতে দুয়োজনে সমিল-মিলে পঢ়া-শুনা কৰি থাকিব পাৰে। আমাৰ
নাওখন যে লুইতৰ বুকুত ডুবোঁ ডুবোঁ হৈছিল আৰু বৌৰ নিদেৰ্শত মোক যে নাৱৰ পৰা নমাই দিয়া
হৈছিল, সেই কথা পূৰ্বতে উল্লেখ কৰিছোঁ। যাৰ ভৰসা আছিল কিবা এটা অঘটন ঘটিলেও অন্ততঃ তেওঁৰ এই তৃতীয় পুত্ৰই যেনে-তেনে গৈ পুৰণি ঘৰত থকা তেওঁৰ দ্বিতীয় পুত্ৰৰ লগ হৈ
তেওঁলোকৰ বংশৰ ধাৰাবাহিকতা ৰক্ষা কৰি থাকিবগৈ। অৱশ্যে মাতৃদেৱীয়ে আশংকা কৰা ধৰণৰ
কোনো অপায়-অমংগল নঘটিল। বিশেষ ক্ষয়-ক্ষতি নোহোৱাকৈ প্ৰায় দহ মাহ আঁতৰি থকাৰ পাছত
আমি পুনৰ বাৰেঘৰ ভকত গাঁৱত প্ৰৱেশ কৰিলোঁহি। কিন্তু কি পালোঁহি আমাৰ বাপতি
সাহোন ঘৰখনত?
মই যিহেতু সৰু আছিলোঁ, সেয়ে তেতিয়া কথাবোৰ ভালকৈ জনা বা বুজা
নাছিলোঁ যদিও পাছলৈ কিছুমান কথা গম পাইছিলোঁ। আমাৰ দেউতাৰ চাৰিজন ভাই-ককাই এটা
সময়ত একেলগে আছিল যদিও সেয়া মোৰ জন্মৰো আগৰ কথা। চাৰিওজনে বিয়া-বাৰু কৰাই এটা
সময়ত মাটি-সম্পত্তি ভাগ-বাটোৱাৰা কৰি সুকীয়া সুকীয়াকৈ থাকিবলৈ লয়। আটাইতকৈ ডাঙৰজন, অৰ্থাৎ বৰ আতাৰ (বৰদেউতা) বাহিৰে
বাকী তিনিজনৰ ঘৰ-বাৰী ওচৰা-উচৰি৷ দুয়ো কাষে মাজু খুৰা আৰু সৰু খুৰা আৰু মাজত দেউতাৰ
বা আমাৰ ঘৰ। তেতিয়াৰ দিনত গাঁৱৰ প্ৰায় সকলো মানুহৰ ঘৰ কেঁচা খেৰ আৰু বাঁহ-বেতৰ
আছিল। মোৰ মনত পৰাত গাঁও বা সত্ৰখনৰ ভিতৰত কেৱল আমাৰ এজন ককা, যিগৰাকী তেতিয়া
সত্ৰাধিকাৰ আছিল আৰু মেজেংগাৰ চাহ বাগিচাৰ ‘মহৰি’-ৰ কাম কৰা কলিতা উপাধিৰ এজনৰ ঘৰহে
টিনপাতৰ আৰু চকুত পৰাকৈ চূণৰ বগা ৰং সনা বেৰৰ আছিল। তেওঁলোকৰ ধান থোৱা ভঁৰালকেইটাও ওখ চাংঘৰ আছিল। শুনিবলৈ পোৱামতে আমাৰ দেউতা অলপ চৌখিন স্বভাৱৰ আছিল।
মানুহে তেওঁক ‘গাঠলু গোসাঁই’ বুলিছিল— অৰ্থাৎ বেছি ওখও নহয়, চাপৰো নহয়; সামান্য শকত আৰু সুস্বাস্থ্যৰ। তেতিয়াৰ দিনত কম বয়সত বিয়া হোৱা বাবে
১৯৫০ চনৰ আগতে দেউতাৰ বয়স বেছি হোৱা নাছিল বুলি অনুমান কৰিব পাৰি। মই তেনেই সৰু হৈ থাকোঁতেই দেউতাই ইটা আৰু চূণ-চূৰুকিৰে ‘হাফ ৱাল’-ৰ
পকী ঘৰ এটা সজাৰ কাম আৰম্ভ কৰিছিল। তেতিয়াৰ দিনত চিমেণ্ট নাছিলেই বা আছিল যদিও সহজে
পোৱা নগৈছিল। সেই কালত সম্পূৰ্ণ পকী ঘৰ, অৰ্থাৎ ফুল ৱালৰ ঘৰ সজাটো সাধাৰণ কথা নাছিল। সেয়ে ধনৱানসকলৰ বাহিৰে
দেউতাৰ দৰে সাধাৰণ অৱস্থাৰ মানুহে পকী ঘৰ বনাবলৈ সাহস কৰিলেও খুঁটাবোৰ সম্পূৰ্ণকৈ আৰু
বেৰৰ আধামানলৈহে পকী কৰিছিল। ৱালৰ পকী কৰা অংশৰ পৰা ছাল বা চকুত লগাকৈ বনোৱা
বেৰবোৰ গোবৰ-মাটি-পানীৰে লেপ দি ইয়াৰ ওপৰত চূণপানীৰে ৰং কৰা হৈছিল। এনে ঘৰবোৰৰ
আকাৰ সাধাৰণতে ইংৰাজী ‘E’ বা ‘L’ আখৰৰ দৰে আছিল। দেউতাই সজোৱা ঘৰটো ‘এল’
আৰ্হিৰ আছিল। মূল ঘৰটোৰ এটা মূৰৰ পৰা আগফালে বঢ়াই আন এটা কোঠা সংযোগ কৰিলে দেখিবলৈ এনে হয়। এতিয়াও মনত
আছে— কেনেকৈ ঘৰৰ দুৱাৰ-খিৰিকী বনাবলৈ আলিৰ কাষৰ কলত গুৰাই থোৱা প্ৰকাণ্ড কাঠৰ
কুন্দাকেইটাত উঠি আমি ল’ৰা-ছোৱালীকেইটাই লাও খেল খেলিছিলোঁ। কিন্তু বিধিৰ কি
বিপাক! দেউতাই তেওঁৰ সপোনৰ ঘৰটো সম্পূৰ্ণকৈ সাজি উলিয়াব নোৱাৰিলে৷ এদিন হঠাৎ অসুখত পৰি তেওঁ আৰু বিছনাৰ পৰা
নুঠিল। কেইদিনমান প্ৰচণ্ড জ্বৰত শয্যাশায়ী হৈ থাকি তেওঁৰ ছটা সন্তান আৰু বৌক
অঠাই সাগৰত পেলাই থৈ, ঘৰটো আধা সজাকৈ চিৰকালৰ বাবে চকু মুদিলে। দেউতাই জানো কল্পনা কৰিব
পাৰিছিল— এনে দৰে সংসাৰৰ মায়া-মোহ ছিঙি অকালতে অজান্তি মুলুকলৈ গুচি যাব। জ্ঞানীসকলে
এনেয়ে কয়নে জীৱনটো কচুপাতৰ পানী বুলি! মনত পৰিছে গুৰুজনাৰ ভাগৱতৰ সেই কুটটোলৈ—
‘‘জীৱন
চঞ্চল পদ্ম পত্ৰে জল
পৰি যেন থিৰ
নুই
তিলেক সংযোগ
তিলেক বিয়োগ
যেন আধা মুড়ি
জুই।।’’
এতিয়া ওপৰত নিজকে সোধা প্ৰশ্নটোলৈ উভতি আহোঁ। ইমান দিনৰ মূৰত আহি
পৈতৃক মাটি-ভেঁটিত প্ৰৱেশ কৰি কি দেখিলোঁ— বৌ আৰু দাদাৰ
পৰা জানিবলৈ পোৱামতে দেউতাৰ আধাসজা ‘পকী’ ঘৰটো মোটামুটি ঠিকেই আছিল, কিন্তু পিছফালছোৱা হেনো ধোবাংবাং হ’ল। আমাৰ মূল খেৰী ঘৰটোও থানবান
হ’ল। দেউতাৰ দিনতে অস্থায়ী ছালিৰ তলত সযতনে ৰাখি থোৱা টিনপাতখিনিও হৰলুকি হ’ল।
এইবোৰ দেউতাই ঘৰৰ ছালত লগাবলৈ থৈ যোৱাতে থাকিল। তেওঁৰ সন্তানহঁতেও
নেপালে। মাজু দাদা আৰু সৰু দাদা তেতিয়া অষ্টম শ্ৰেণীত পঢ়া ল’ৰা মানুহ। তদুপৰি স্কুল দূৰণীয়া হোৱা বাবে পুৱা আঠ-নমান
বজাৰ ভিতৰতে ওলাই গৈ স্কুল ছুটীৰ পাছত ঘৰ পায়হি মানে বেলি লহিয়ায়। তাৰ মানে, গোটেই দিনটো ঘৰ-বাৰীলৈ চকু
দিওঁতা কেও নাছিল। সেই কালত টিনপাত অতি দুলৰ্ভ বস্তু আছিল। ভিতৰুৱা গাঁৱত টিনপাতৰ
ঘৰ নাছিল বুলিলেই হয়। এনে হেন অমূল্য বস্তু কাৰোবাৰ বাবে সহজলভ্য হৈ পৰিল। কিন্তু
কাক ধৰিব? ভ্ৰান্ত বিশ্বাসত এনে মূল্যৱান বস্তু এই দৰে
এৰি যোৱাটোৱেই ডাঙৰ ভুল। আন কেইপদমান লাগতিয়াল বস্তুও নোহোৱা হোৱা বুলি পাছত
শুনিবলৈ পাইছিলোঁ।
এনে পৰিস্থিতিত পিতৃভিঠাতে বৌ আৰু ছটা সন্তানক ধৰি আমি সাতটা
প্ৰাণীৰ না-জল না-থল অৱস্থা হ’ল। নিজৰ ঘৰ-বাৰী থাকিও থাকিবলৈ ঠাই নাই, খেতিমাটি থাকিও খাবলৈ ভাত নাই— এনে অৱস্থা। প্ৰথম অৱস্থাত দিনবোৰ
কেনেকৈ পাৰ হৈছিল মোৰ ভালকৈ মনত নাই। কথাবোৰ সপোন সপোন যেনহে লাগে। অৱশ্যে এই কথা
ভালকৈ মনত আছে কিছু দিন আমি আটায়ে দেউতাই আধা সজাকৈ এৰি থৈ যোৱা ঘৰটোত থুপ
খাই থাকিবলগীয়া হৈছিল। গাঁৱৰ আৰু সত্ৰৰ গঞা আৰু ভকতসকল বেচ সহদয় লোক আছিল। সকলোৰে
সহযোগিতা আৰু দিহা-পৰামৰ্শমতে পিছফালৰ পুৰণি ভেঁটিত বাঁহ-বেতৰ ঘৰ এটা সাজিবলৈ
সিদ্ধান্ত লোৱা হ’ল। যিমান দূৰ মনত পৰে মাজু খুৰাৰ বাৰীৰ পিছফালৰ বাহনিৰ পৰা অনা
কিছু বাঁহ আৰু আমাৰ নিজৰ ‘চাপৰি’-ত থকা কাঠনিৰ পৰা কাঠ আনি গঞাসকলেই ঘৰ সজা কাম
আৰম্ভ কৰি দিলে। ডেকাসকলে ভেঁটি বন্ধাত লাগিল। মনত আছে— আঠ-ন বছৰীয়া ল’ৰা হ’লেও আমিও
কেৰ্কেটুৱাৰ বাঁহ পাতেই ভেঁটিৰূপে ভেঁটিলৈ দুই-এচপৰা মাটি দলিওৱাৰ উপৰি ইটো-সিটো
কৰি দিছিলোঁ। বৌ আৰু বয়সত যৌৱনৰ দুৱাৰডলিত থিয় হোৱা দাদাই বহুত পৰিশ্ৰম কৰিবলগীয়া হৈছিল। গঞাসকলেও বাঁহ, বেত, খেৰ যেয়ে যি পাৰে হাতে হাতে আনি সহায়ৰ হাত আগবঢ়াইছিল। এনে সামূহিক
সহায়-সহযোগিতাৰ কথা আজিৰ মানুহে কল্পনাই কৰিব নোৱাৰিব। সেই কালত সৰহভাগ গঞা লোক
আৰ্থিকভাৱে নিশকটীয়া আছিল, কিন্তু পাৰস্পৰিক আত্মীয়তা
আৰু সহৃদয়তা ভাবেৰে উদ্বুদ্ধ হোৱা বাবে তেওঁলোক মানসিকভাৱে আছিল বেচ সবল। কাৰোবাৰ
ঘৰত বিয়া-বাৰু বা তেনে উৎসৱ-অনুষ্ঠান হ’লে আনুষ্ঠানিকভাৱে গুৱা-পাণৰ শৰাই আগবঢ়াই
ৰাইজক ভৰসা কৰিলেই হ’ল। যথা সময়ত ৰভা-পৰলা সজাৰ পৰা দৈ-গুৰ, চাউল-চিৰা, কল-কুঁহিয়াৰ আদি নিৰ্দিষ্ট স্থানৰ
পৰা সংগ্ৰহ কৰা কাম ৰাইজৰ দ্বাৰাই সমাধা কৰা হৈ যায়।
ৰাইজে নখ জোকাৰিলে নৈ বয়। আশা কৰাতকৈও কম সময়ৰ ভিতৰত আমাৰ নতুন
ঘৰটোৰ কাম সম্পূৰ্ণ হ’ল। তিনিকোঠলীয়া ঘৰ, ছালখন খেৰ আৰু
নৰাৰ, বেৰবোৰ বাঁহ আৰু ইকৰাৰ। প্ৰথমটো কোঠা হ’ল বৌ, বাইদেউ
আৰু ভনীজনীৰ শোৱা কোঠা, দ্বিতীয়টো জুহাল আৰু একেবাৰে
মূৰৰটো ৰান্ধনিঘৰ। আমি ল’ৰাকেইটা পুৰণি ঘৰটোতে শোৱা-বহা কৰিবলৈ ল’লোঁ।
থাকিবলৈ ঘৰ বাৰু হ’ল। কিন্তু তাৰ পাছত? আমি
সাতটা প্ৰাণীৰ সন্মুখত যেন এক ডাঙৰ শূন্যতা। তেতিয়া ডাঙৰ দাদাৰ বয়স সোতৰ-ওঠৰ
বছৰমান। দেউতা ঢুকুৱাৰ সময়ত তেওঁ বোধ কৰোঁ ক্লাছ টে’
নত পঢ়ি আছিল। মাজু দাদা এইটৰ
ছাত্ৰ। নুমলীয়া ভাইটো সম্ভৱ পঢ়াশালিলৈ যোৱাই নাছিল। মই গুৱাল গাঁও স্কুলত দ্বিতীয় শ্ৰেণীত আছিলোঁ যদিও উল্লেখিত পৰিস্থিতিত
পঢ়া-শুনা তল পৰিল। কিমান দিনৰ মূৰত নাজানো,
কোনোবা এজনে নি স্কুলত নামটো লিখোৱালেগৈ। মই আকৌ এবাৰ ৫৬৫ নং
বাৰেঘৰ ভকত গাঁও এল. পি. স্কুলৰ ছাত্ৰ হ’লোঁ।
(আগলৈ)
(শুধৰণি: অন্যযুগ, ফ্ৰেব্ৰুৱাৰি, ২০২০
সংখ্যাত প্ৰকাশিত ড˚ পোনা মহন্তৰ ‘পিছলৈ উভতি চাওঁ’ শীৰ্ষৰ লেখাটোৰ আৰম্ভণিত
উদ্ধৃত ইংৰাজী কবিতাংশৰ অনুবাদ এই দৰে হ’ব লাগে— “তুমি ফুলদানিটো ভাঙি পেলাব পাৰা,
মন গ’লে চূৰ্চুময় কৰিব পাৰা, তথাপি চৌদিশে বিয়পি থাকিব গোলাপৰ
সেই সুবাস।”
মাৰ্চ সংখ্যাত ওলোৱা এই একে শিৰোনামৰ লেখাত উল্লিখিত ইংৰাজী কবি
টেনিছনৰ কবিতাটোলৰ নাম The Book হ’ব লাগে।)