অন্যযুগ/


পকচ’, ২০১২

অৰূপ কুমাৰ ফুকন



ৰাতিপুৱাই প্ৰবীণ বৰুৱাই শুই উঠিয়েই মুখখন ধুই বাৰীত নতুনকৈ সিঁচা লাই, নি‍য়াগুটিকেইটাৰ পৰা গজালি ওলাইছেনে নাই চাই আহি, নিজেই বাকি লোৱা ৰঙা চাহকাপ লৈ বাৰান্দাত থোৱা চকীখনত বহি হকাৰে দি থৈ যোৱা দৈনিক বাতৰি কাকতখনত চকু ফুৰাই আছিল। পুৱা ৰঙা চাহকাপ লৈ বাতৰি কাকতত চকু ফুৰোৱাটো তোওঁৰ বহুত দিনৰ অভ্যাস। ৰাতিপুৱা বুলিলে কিন্তু তেওঁৰ বাবে ছাৰে সাত বা আঠমান বজাহে। তেনে সময়তহে তেওঁৰ বাবে ৰাতি পুৱায়! এই সময়ছোৱাতে তেওঁ দিনটোৰ বাবে নিজৰ কাৰ্যসূচী ঠিক কৰি লয়। 

কাগজখনৰ ওপেৰেদি চকুহাল ইফাল-সিফাল কৰাই আছিল তেওঁ। ঠিক সেই সময়তে তেওঁৰ স্কুলীয়া দিনৰে লগৰীয়া, ঘৰৰ পিছফালে থকা অনিলৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা ৰণে গেটখন খুলি সোমাই আহি সুধিলে—  

ৰ্তা বহিছে?”

অ বহিছোঁ আৰু বাতৰি কাকতখনো চাইছোঁ। তইনো ৰাতিপুৱাই কৰ পৰা ওলালিহি?”

আপোনাক লগ কৰিবলৈকে আহিছোঁ বৰ্তা। কথা এটা সোধোঁ, বেয়া পাব নেকি বাৰু?”—সি সুধিলে।

নাই নাপাওঁ, সোধ কি সোধ”— বুলি তেওঁ তালৈ চাই কলে।

ৰণে ইফালে-সিফালে চাই সৰুকৈ সুধিলে বৰ্তা, পকচ মানেনো কি?”

 প্ৰবীণে তালৈ চাই কিছু আচৰিত হল। কিন্ত একো নকৈ সহজভাৱে ৰণক সুধিলে— “কেলেইনো তোক? কি কাৰণেনো তোক পকচৰ সম্পৰ্কত জানিবলৈ লাগে?”

 ৰণে গহীন হৈ কলে কালি ৰাতি তিনিআলিৰ ওচৰৰ মহেন্দ্ৰ খুড়াৰ লৰা বিতোপনক পুলিচে ধৰি নিলে আৰু ওচৰৰ মানুহবিলাকে কোৱা শুনিছোঁ, বোলে বিতোপনক পকচত পুলিচে ধৰিছে৷”

কথাটো শুনি বৰুৱাই অকণমান সময় তভক লাগি ৰণলৈ চাই ভাবিলে, ৰণৰ নিচিনা লৰা-ছোৱালীয়ে এইবিলাক কথা জানিবলৈ, শিকিবলৈ ইচ্ছা কৰাটো বৰ ভাল কথা হৈছে। প্ৰবীণ বৰুৱা থকা ঠাইখনত সিয়েই একমাত্ৰ উকীল। সেইবাবেই সেই ঠাইখনৰ প্ৰায় সকলো মানুহেই আইনৰ সম্পৰ্কত কিবা সুধিবলৈ থাকিলে তেওঁৰ ওচৰলৈকে আহে। ৰণৰ আগ্ৰহটো দেখি প্ৰবীণে তাক সুধিলে

ৰণ, তই বাৰু ৰাষ্ট্ৰসংঘৰ কথা জাননে?”

ৰণে কলে “UNO ...  অঁ জানো। 

ওঁ, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৮৯ চনতে তহঁতৰ দৰে লৰা-ছোৱালীবিলাকৰ সুৰক্ষা আৰু অধিকাৰৰ স্বাৰ্থত এখন চনদ তৈয়াৰ কৰি ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত প্ৰত্যেক ৰাষ্ট্ৰকে তেওঁলোকৰ দেশৰ শিশুসকলৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত আইন প্ৰণয়ন কৰিবলৈ কৈছিল। আমাৰ ভাৰতেও সেইমতেই তহঁতৰ দৰে লৰা-ছোৱালীবোৰৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ বাবে আমাৰ দেশত প্ৰযোজ্য হোৱাকৈ কেইবাখনো আইন প্ৰণয়ন কৰিলে।ৰণে লে—“শিশু শ্ৰমিক আইন, বাল্য বিবাহ প্ৰতিৰোধ আইন, কিবা জুভেনাইল নামৰ আইন কেইখনমানৰ কথা শুনিছোঁ কিন্তু পকচ’ ... এনে আইনৰ কথা মই আগতে কেতিয়াও শুনা নাই বৰ্তা। আপুনি বাৰু এই আইনখনৰ বিষয়ে মোক অলপ কবনে?”

সি খাটনি ধৰাত প্ৰবীণ বৰুৱাই বে ভাল পালে। যা হওক এনেদৰে আজিৰ লৰা-ছোৱালীয়ে আমাৰ সমাজৰ কিছু আইন-কানুনৰ কথা জানিলে ভৱিষ্যতে অন্ততঃ সমাজখনৰ বাবেই ভাল তেওঁ চাহকাপ খাই ইতিমধ্যে শেষ কৰিছিল। ৰণক বহিবলৈ বুলি মূঢ়া এটা ভিতৰৰ পৰা আনিবলৈ কৈ তেওঁ কলে যা বৰমাক তই আহিছ বুলি মাত এষাৰ দি ভিতৰৰ পৰা মূঢ়া এটাও লৈ আহিবি। আইনৰ কথা।  অলপ সময় লাগিব৷

ৰণে লগে লগে ভিতৰলৈ দৌৰ মাৰি বৰমাকক সি অহাৰ বাতৰিটো দি মূঢ়া এটা লৈ বৰ্তাকৰ ওচৰতে বহি লৈ কলে, কওক বৰ্তা। মই কাগজ-কলম লৈ আহিছোঁ, আপোনাৰ পৰা কথাখিনি শুনি কিছু কথা লিখি লম বুলি।এইবুলি সি লগত লৈ অনা সৰু নটবুক জাতীয় এখন বহী লৈ কলমটো উলিয়াই ললে। মই তাক কলোঁ— ‘‘পকচ মানে... এইটো মানে কেইটামান ইংৰাজী শব্দৰে বুজোৱা আইন এখনৰ সৰু ৰূপ। পকচ মানে Protection of Children from Sexual Offences Act, 2012৷ অৰ্থাৎ শিশুসকলৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ প্ৰতিৰোধ আইন, ২০১২।  এই আইনখন ভাৰতৰ সংসদে ২০১২ চনত সংসদত গ্ৰহণ কৰি ২০১২ চনৰে ১৯ জুন তাৰিখে ২০১২ চনৰ ৩২ সংখ্যক আইন হিচাপে দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰযোজ্য হোৱাকৈ প্ৰণয়ন কৰিছিল” “এই আইনখন আমাৰ অসমতো লগে লগেই প্ৰযোজ্য হৈছে নেকি বৰ্তা?”— ৰণে সুধিলে৷ ওঁ... কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ প্ৰস্তাৱনাতে কৈছে যে ভাৰতীয় সংবিধানৰ ১৫ নং অনুচ্ছেদৰ তিনি নম্বৰ উপ-অনুচ্ছেদত প্ৰত্যেক ৰাজ্যৰ শিশুৰ সুৰক্ষাৰ স্বাৰ্থত বিশেষভাৱে একোখন আইন প্ৰণয়ন কৰাৰ সুবিধা দিছে।বৰুৱাই কলে, “আৰু সেইমতেই ২০১২ চনৰ পৰাই এই আইনখন অসমতো প্ৰযোজ্য হৈছে। আৰু তাৰ বাবেই যদিহে কোনো লোকে এই আইনৰ অধীনত পৰা ধৰণৰ অপৰাধ কৰে তেন্তে পুলিচে ইয়াৰ সহায় লৈয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিব পাৰে। যিহেতু আইনখনৰ নাম অলপ দীঘলীয়া, সেইবাবেই এই আইনখনত গ্ৰেপ্তাৰ হোৱা মানুহ বিলাকক পকচ’-ত গ্ৰেপ্তাৰ কৰিছে বুলি কয়। মানে বুজিছনে, আমাৰ সদৌ অসম ছাত্ৰ সন্থাক যে আছু, ভাৰতীয় জনতা পাৰ্টীক ভাজপা, অসম গণ পৰিষদক অগপ বুলি কয় ...।বৰুৱাই কৈ উঠাৰ লগে লগেই ৰণে বৰ উৎসাহেৰে কলে

ওঁ... এতিয়াহে বুজিলোঁ পকচ মানেনো কি মানে প্ৰটেকশ্বন অৱ চিলড্ৰেন ফ্ৰম ছে‍ক্সুৱেল অফেঞ্চ্ এক্ট ২০১২।কথাটো জানিব পাৰি ৰণে বৰ আমোদ পালে আৰু এই আইনখনৰ সম্পৰ্কে অলপ বহলাই কবলৈ বৰ্তাকক অনুৰোধ কৰিলে। প্ৰবীণ বৰুৱাই কৈ গ

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত ১৯৫০ চনত ভাৰতীয় সংসদে দেশৰ সংবিধানখন গ্ৰহণ কৰে। সংবিধানখন গ্ৰহণ কৰাৰ পাছৰ পৰাই বিভিন্ন সময়ত ভাৰতীয় সংসদে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰি আহিছে। এতিয়া তই সোধা পকচ আইনখনৰ বিষয়ে কওঁ শুন। আমি সকলোৱে জানো যে আজিৰ শিশু ভৱিষ্যতৰ দেশৰ নাগৰিক। গতিকে এই শিশুসকলৰ ভৱিষ্য সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। সেইবাবেই এই শিশুসকলৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে ভাৰতৰ সংসদে বিভিন্ন সময়ত তেওঁলোকৰ স্বাৰ্থৰ উপযোগী হোৱাকৈ কেইবাখনো আইন প্ৰণয়ন কৰিছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ কালছোৱাত যেতিয়া ইংৰাজে ভাৰতবৰ্ষ শাসন কৰিছিল, তেতিয়াই অৰ্থাৎ ১৮৭৫ চনতেই ইণ্ডিয়ান মেজৰিটি এক্ট্ নামৰ এখন আইন প্ৰণয়ন কৰিছিল। যত কোৱা হৈছিল যে ১৮ বছৰ বয়সৰ তলৰ যিসকল লোক তেওঁলোকক নাবালক হিচাপে গণ্য কৰা হওক। শিশুসকল প্ৰত্যেক ৰাষ্ট্ৰৰে একো একোটা সম্পদ, আৰু এই শিশুসকলৰ সকলো প্ৰকাৰৰ উন্নতিৰ বাবে প্ৰত্যেক ৰাষ্ট্ৰৰে দায়িত্ব আৰু কৰ্তব্য আছে। সেইবাবেই কোনো কাৰণতে যাতে এই শিশুসকলৰ স্বাধীনতা আৰু স্বাৰ্থ খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো প্ৰতিখন ৰাষ্ট্ৰৰে দায়িত্ব।ৰণে ভাৰতত ১৮৭৫ চনৰে পৰা প্ৰচলন হৈ থকা সাবালক আইনখনৰ কথা শুনি পুনৰ সুধিলে

বৰ্তা, শিশু বুলি কলে আমি কেঁচুৱা লৰা-ছোৱালীবোৰকহে বুজিম নে আইনত ইয়াৰ কিবা ব্যাখ্যা আছে? ৰণৰ কথা শুনি বৰুৱাৰ বৰ ভাল লাগিল আৰু ভাবিলে‍ যে এইদৰেই যদি লৰা-ছোৱালীবোৰে কথাবিলাক জানিবলৈ আগ্ৰহ কৰি প্ৰশ্ন কৰে, তেতিয়াহলে তেওঁলোকে বিষয়টোৰ গভীৰলৈ সোমাই যাব পাৰিব। সেয়েহে ৰণৰ প্ৰশ্ন সোধাৰ আগ্ৰহ দেখি তেওঁ কৈ গ, ” ভাৰতীয় সংবিধানে কিন্তু শিশুৰ কোনো ধৰণৰ সংজ্ঞা নিৰূপণ কৰা নাই। অৱশ্যে ১৯৮৯ চনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ১ নং দফা অনুসৰি সেইসকল ব্যক্তিকে শিশু হিচাপে স্বীকৃত কৰিছে যি সকলৰ বয়স ১৮ বছৰ।

 তাৰ মানে যিবিলাক লৰা-ছোৱালীৰ বয়স ওঠৰ বছৰ অৰ্থাৎ ঊনৈছ বছৰ বয়সত সোমোৱা নাই, তেনেবিলাক লৰা-ছোৱালীক এই পকচ আইনখনত শিশু বুলি কোৱা হৈছে। নহয় নে বৰ্তা?”— ৰণে সুধিলে।

অঁ ৰণ, লোঁৱেই দেখোন। তহঁত শিশু হৈ আছ, বুজিছ? তাৰ মানে যিবোৰ লৰা-ছোৱালীৰ বয়স ওঠৰ বছৰ পূৰ্ণ হৈ ঊনৈছ বছৰ বয়সত সোমোৱা নাই তেনে বয়সৰখিনিক শিশু বোলা হৈছে এই শিশুৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষা কৰা প্ৰায়বিলাক আইনতে কথাষাৰ কৈ অহা হৈছে।  বৰুৱাই পুনৰ কলেইয়াতো কিন্তু এটা কথা আছে। কিছু কিছু আইনৰ সংজ্ঞা অথাৎ Definition-ত উল্লেখ আছে যে যিসকল লৰা-ছোৱালীৰ বয়স পোন্ধৰ বছৰ পাৰ হ, কিন্তু ঊনৈছ বছৰত সোমোৱা নাই সেইসকল শিশুক ইংৰাজীত ‘adolescent’ অথাৎ কিশোৰ হিচাপে বিবে‍চনা কৰাৰ ব্যৱস্থা কাৰখানা আইন ১৯৪৮’ (The Factories Act, 1948) নামৰ আইনখনত উল্লেখ আছে।

কাৰখানা আইনখন ১৯৪৮ চনতে প্ৰণয়ন কৰা হৈছিল নেকি বৰ্তা?”—  ৰণে সুধিলে।

অঁ বৰুৱাই উত্তৰ দিলে ভাৰতবৰ্ষত প্ৰণয়ন কৰা প্ৰতিখন আইনতে কিছুমান সংজ্ঞা দিয়া আছে আৰু সেই সংজ্ঞাবোৰৰ ওপৰত ভিত্তি কৰিয়েই আইনৰ বিধি আৰু ব্যৱস্থাবিলাক পৰিচালিত হয়।

ৰণে তাৰ প্ৰয়োজন হোৱা কথা কেইটামান তাৰ নটবুকত টুকি লৈ বৰদেউতাকলৈ চাই ৰল। বৰুৱাই কলে, পৰাধীন ভাৰতত ১৮৭৫ চনতে প্ৰণয়ন কৰা ভাৰতীয় সাবালক আইন, ১৮৭৫ (Indian Majority Act, 1875)-খনে যিহেতু শিশুসকলৰ অধিকাৰ আৰু শোষণৰ সম্পৰ্কত কোনো কথা বিশেষভাৱে আলোচনা নকৰিলে, সেয়ে স্বাধীনতাৰ পাছত ভাৰতীয় সংসদে বিভিন্ন সময়ত শিশুসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ সুৰক্ষাৰ বাবে কেইবাখনো আইন প্ৰণয়ন কৰিলে। মূলতঃ ভাৰতৰ শিশুসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ কথা চিন্তা কৰিবলৈ যাওঁতে প্ৰথমেই আমাৰ মনলৈ অহা বিষয়কেইটা হৈছে শিশু শ্ৰমিক, কন্যা শিশুৰ শিক্ষা, বাল্য বিবাহ, শিশু সৰবৰাহ, যৌন উৎপীড়ন, লিংগ বৈষম্য আদি বিভিন্ন বিষয়। এইসমূহ বিষয়ত গুৰুত্ব প্ৰদান কৰি ভাৰতীয় সংসদে কেইবাখনো আইন শিশুসকলৰ স্বাৰ্থৰ উপযোগীকৈ প্ৰণয়ন কৰিছে।

 ৰণে অলপ কওঁ-নকওঁকৈ, সংকোচ কৰি তেতিয়া বৰুৱাক যৌন নিৰ্যাতন বা উৎপীড়ন প্ৰতিৰোধ কৰিবলৈ লোৱা এই পকচ আইনখনৰ বিষয়ে বহলাই কবলৈ অনুৰোধ কৰিলে। বৰুৱাই ৰণৰ বয়সটোৰ কথা চিন্তা কৰি স্থিৰ কৰিলে যে যিহেতু আৰু কেইমাহমানৰ পাছতে ৰণ সাবালক হব গতিকে সি জানিব খোজা কথাবোৰ তাৰ লগত মুকলিকৈয়ে আলোচনা কৰা হওক, তেতিয়া অন্তত তাৰ মনত কোনো খু-দুৱনি নাথাকিব।  কিছু সময় কথাখিনি ঠিক-ঠাক কৰি লৈ বৰুৱাই কবলৈ ধৰিলে

বৰ্তমান আমাৰ সমাজ জীৱনত তোলপাৰ লগোৱা এটা বিষয় হল যৌন উৎপীড়ন। এই উৎপীড়ন যে অকল আমাৰ দেশতে হৈছে এনে নহয়। সমগ্ৰ বিশ্বই ইয়াৰ চিকাৰ হৈছে। অৱশ্যে এটা কথা ঠিক যে আমাৰ সমাজত অতীতৰ পৰা বৰ্তমানলৈকে কিছু কথা এতিয়াও গোপনীয় হৈ আছে আৰু ইয়াৰ এটা হৈছে সহবাস (living together) যিটো যৌন জীৱনৰ এটা অবিচ্ছেদ্য অংগ। পশ্চিমীয়া দেশসমূহত অৱশ্যে মুক্তভাৱে সহবাস কৰাত কোনো বাধা নাই আৰু মুক্ত যৌন জীৱন যাপন কৰাত আইনগতভাৱেও কোনো বাধা নাই। কিন্তু ভাৰতবৰ্ষৰ সংস্কৃতিয়ে এই মুক্ত সহবাস (living together)-ক স্বীকৃতি দিয়া নাই। যৌন উৎপীড়নত যে অকল নাৰীয়েই বলি হৈছে তেনে নহয়, আমাৰ সমাজত বহু শিশু (লৰা ছোৱালী উভয়ে) এনে উৎপীড়নৰ বলি হৈ আছে। আৰু এনে উৎপীড়নৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যৰে ভাৰতীয় সংসদে ২০১২ চনত শিশুৰ যৌন নিৰ্যাতন প্ৰতিৰোধী আইন নামৰ এখন আইন প্ৰণয়ন কৰে। ইয়াৰ উপৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষেধ অথবা নিবাৰণ, বিনিময়) আইন প্ৰণয়ন কৰি শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাত বাধা আৰোপ কৰিবলৈ আইন প্ৰণয়ন কৰে। ইয়াৰ উপৰি শিশুসকলক বিদ্যালয়লৈ যাবলৈ অধিকাৰ দিবলৈ শিক্ষাৰ অধিকাৰ (Right to Education) আইন নামৰ আন এখন আইনো প্ৰণয়ন কৰে। 

ৰণে আকৌ সুধিলে, বৰ্তা, এই পকচ আইনখনত কিমানটা ধাৰা, মানে section আছে আৰু তাৰ লগত জড়িত আৰু আইন আছে নেকি?” 

বৰুৱাই কৈ গ, তই সোধামতেই কওঁ শুন। এই মূল আইনখনত সৰ্বমুঠ ৪০ (চল্লিছ)-টা ধাৰা আছে। এই আইনখন ২০১২ চনৰ ১৯ জুন তাৰিখে প্ৰণয়ন কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত ৫ আগষ্ট ২০১৯ চনত এই আইনখন কিছু সংশোধন ঘটাই মূল আইনখনৰ লগত সংযোজিত কৰা হয়৷  

বৰ্তা, ৰাষ্ট্ৰসংঘই শিশুসকলৰ বিষয়ে কিনো আলোচনা কৰিছিল তাৰ বিষয়েও কওকচোন৷” — ৰণে প্ৰবীণলৈ‍ চাই কলে।

শুন তেতিয়াহলে।”— বৰুৱাই আকৌ কবলৈ ধৰিলে ১৯৯২ চনৰ ১১ ডিচেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত গ্ৰহণ কৰা শিশুৰ অধিকাৰ সম্পৰ্কত আলোচনাৰ সিদ্ধান্তমৰ্মে  ভাৰত চৰকাৰে এই আইনখন ২০১২ চনত প্ৰণয়ন কৰে। ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য আছিল যে শিশুসকলক যাতে অন্যায়ভাৱে কোনো যৌনকৰ্মত লিপ্ত কৰা নহয়, কোনো কাৰণতে যাতে শিশুসকলক আইনবিৰুদ্ধভাৱে যৌনকৰ্মী হিচাপে নিৰ্যাতন কৰা নহয় আৰু যৌন আলোকচিত্ৰ গ্ৰহণ কৰিবলৈ নিৰ্যাতন কৰা নহয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা মূল এই তিনিটা বিষয়কে ভেঁটি হিচাপে লৈ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ সংসদে ২০১২ চনত এই আলোচিত আইনখন প্ৰণয়ন কৰে৷ 

বৰ্তা মই যে আপোনাক কৈছিলোঁ মহেন্দ্ৰ খুড়াৰ লৰা বিতোপনক পুলিচে পকচ’-ত এৰেষ্ট্ কৰিলে বুলি, এতিয়া বিতোপনক পুলিচে ধৰি লৈ কেতিয়াবা হাজিৰ কৰাৰ পাছত যদিহে বিতোপনে কৰা কামৰ বাবে দোষী বুলি প্ৰমাণিত হয় তেতিয়া হলে বিতোপনৰ কেনে ধৰণৰ শাস্তি হব পাৰে বাৰু?’’

প্ৰবীণ বৰুৱাই ভাবিলে, ই ৰণো দেখিছোঁ কম লৰা নহয় দেই। মই হেন উকীলকো ই দেখিছোঁ জেৰা কৰাদি কৰিছে। বাৰু ভাল কথাই হৈছে। কাৰণ সি জানিবলৈহে বিচাৰিছে। তেওঁ কৈ গ মই তোক কোৱা পকচ আইনৰ চল্লিছটা ধাৰাৰ ভিতৰত শাস্তিমূলক ধাৰাকেইটা হৈছে ৪, , , ১০ , ১২ , ১৪, ১৫, ১৭, ১৮, ২১ আৰু ২২ নং ধাৰা। এই শাস্তিমূলক ধাৰাবোৰৰ উপৰি এই আইনৰ জৰিয়তে ভাৰতীয় দণ্ডবিধি আইনত উল্লেখ থকা ১৬৬ (ক), ৩৫৪ (ক), ৩৫৪ (খ), ৩৫৪ (গ), ৩৫৪ (ঘ), ৩৭০, ৩৭০ (ক), ৩৭৫, ৩৭৬, ৩৭৬ (ক), ৩৭৬ (ক), (খ), ৩৭৬ (থ), ৩৭৬ (গ), ৩৭৬ (ঘ), ৩৭৬ (ঘ, ক), ৩৭৬ (ঘ, খ), ৩৭৬ (ঙ), ৫০৯ আৰু Information and Technology Act ২০০০ চনৰ ৬৭ (খ) ধাৰাটোত বিকল্পভাৱে শাস্তি দিয়াৰ বিধান দিয়া হৈছে।শাস্তিৰ ব্যবস্থাৰ কথা শুনি ৰণে পুনৰ বৰুৱালৈ চাই সুধিলে— “আমাৰ দেশত থকা আদালতবোৰতে এই গোচৰবিলাক বিচাৰ কৰা হয় নেকি বাৰু বৰ্তা? নে অন্য কিবা বেলেগ আদালত আছে? প্ৰবীণ বৰুৱাই ৰণৰ প্ৰশ্ন সোধা ধৰণটো শুনি বৰ আনন্দ পালে আৰু আগ্ৰহেৰে কলে শুন। আমাৰ দেশত অভিযুক্ত আচামীসকলৰ বিচাৰ যিদৰে ন্যায়িক আদালতসমূহতে কৰা হয়, সেইদৰেই এই আইনৰ গোচৰত অভিযুক্তসকলৰ বিচাৰ সাধাৰণ ন্যায়িক আদালতত কৰা নহয়। এই আইনৰ সাত নং অধ্যায়ৰ ২৮ নং ধাৰাত এখন বিশেষ ন্যায়াধীশৰ আদালতেহে এই আইনৰ বিচাৰ কৰিব পাৰিব বুলি উল্লেখ আছে। ১৯৭৩ চনৰ ফৌজদাৰী কাৰ্যবিধি আইন (Criminal Procedure Code, 1973)-ৰ বিধিমতেই এই গোচৰসমূহ নিস্পত্তি কৰাৰ বিধান দিয়া আছে। ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি, ১৯৭৩ আইন মতে যিদৰে এজন লোক অধিবক্তা (Public Procecutor) চৰকাৰী পক্ষৰ দ্বাৰা নিয়োজিত হৈ থাকে, এই আইনৰ যোগেদিও কিন্তু এজন বিশেষ লোক অধিবক্তা (Special Public Procecutor) নিয়োগ কৰিব লাগিব বুলি ৩২ নং ধাৰাত উল্লেখ কৰা আছে আৰু সেই মতেই এজন বিশেষ লোক অধিবক্তাই (Special Public Procecutor)-হে এই আইনৰ অধীনস্থ গোচৰসমূহ চলাব পাৰিব। তাৰ বাবে প্ৰতিখন ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে এজন বিশেষ লোক অভিযুক্ত (Special Public Procecutor) নিয়োগ কৰিব লাগিব। আগতে তোক কোৱামতে ২৮ নং ধাৰা অনুযায়ী ৰাজ্য চৰকাৰে সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰি প্ৰতিখন জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতকেই বিশেষ ন্যায়ালয় হিচাপে নিয়োগ কৰিব লাগিব এই আইনৰ গোচৰসমূহ নিষ্পত্তি কৰিবৰ বাবে। যথাবিহিতভাৱে যিহেতু জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতক শিশুৰ অধিকাৰ সুৰক্ষা আইন ২০০৫-ৰ অধীনত বিশেষ আদালতৰ মৰ্যাদা দিয়া হৈছে। সেয়ে এই আদালতক এই আইনৰ গোচৰসমূহ নিষ্পত্তি কৰাৰ ক্ষমতাও প্ৰদান কৰা হৈছে। ৰণে তাৰ মনত খু-দুৱাই থকা কথা এটা সুধিবলৈ গৈ বৰুৱালৈ বৰ আশঙ্কাৰ দৃষ্টি এটাৰে চালে। বৰুৱাই ৰণৰ মুখ দেখিয়েই সুধিলে— ‘‘কি হল ৰণ? কিবা বুজিবলৈ অসুবিধা হৈছে নেকি?  বৰুৱাৰ কথা সোধাৰ ধৰণটো দেখি কিছু সাহস পাই ৰণে সুধিলে— “বৰ্তা, নিজৰ ঘৰৰ মানুহেও যদি এনে বেয়া কাম কৰে তেতিয়াহলে কোনবিলাক মানুহক আইনে ঢুকি পাব? ৰণে আচলতে কি সুধিব বিচাৰিছে প্ৰবীণ বৰুৱাই বুজি পাই কলে শুন ৰণ, তেনে ধৰণৰ বেয়া কাম যে অকল বাহিৰৰ মানুহেই  কৰে তেনে  নহয়। নিজৰ ঘৰৰ বা আত্মীয় কোনো মানুহেও তেনে বেয়া কাম কৰিব পাৰে। সেই কাৰণে এই পকচ আইনৰ ২ নং ধাৰাৰ যোগেদি যিবিলাক সংজ্ঞা (Definition) দিয়া হৈছে তাত সেইটো ধাৰাৰে উপধাৰা ঙ(e)- মহিলাক সুৰক্ষা দিয়া গাৰ্হস্থ্য হিংসা প্ৰতিৰোধ আইন ২০০৫’-খনত উল্লেখ থকা যিসকল লোকক আত্মীয় বুলি ধৰা হ, সেইসকল লোকক এই আইনৰ মাজতো আত্মীয় বুলি ধৰা হৈছে। অৰ্থাৎ নিজৰ ঘৰৰ অথবা নিজৰ কোনো আত্মীয় লোককো এই আইনৰ আওতাৰ ভিতৰলৈ আনিব পাৰিব। আৰু শিশুৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ প্ৰতিৰোধ আইনৰ মাত্ৰ ২১ আৰু ২২নং ধাৰা দুটাতহে দোষীক ৬ মাহ কাৰাদণ্ড বা জৰিমনা অথবা দুয়োটা দণ্ডৰ ব্যৱস্থা আছে। তাৰ বাহিৰে বাকী অন্যান্য ধাৰাসমূহে কিন্তু অভিযুক্তক তিনি বছৰৰ পৰা যাবজ্জীৱন পৰ্যন্ত কাৰাদণ্ড দিয়াৰ বিধান দিছে৷

 বাৰু বৰ্তা, আপোনাৰ মতে পকচ আইন অনুসৰি যিসকল শিশু নিৰ্যাতিত হয় সেইসকল শিশুক এই আইনে দিব পৰা কিবা সুবিধা আছে নেকি?” 

বৰুৱাই ৰণক কলে এই আইনৰ আওতালৈ অহা দুৰ্ভগীয়া শিশুসকলক আইনী মেৰপেচত সোমোৱাৰ আগতে কিন্তু তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থটো আগত ৰাখিহে এই আইনে বিহিত ব্যৱস্থা লবৰ বাবে বিধান দিছে। যেতিয়া কোনো এজন শিশু এই আইনৰ বিধান অনুসৰি ভুক্তভোগী হয়, তেতিয়া সংশ্লিষ্ট আৰক্ষীয়ে অভিযোগৰ ভিত্তিত এই আইনৰ ২৭নং ধাৰা অনুসৰি শিশুটোক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে। যদিহে শিশুটি কন্যা সন্তান হয়, তেতিয়া হলে এগৰাকী মহিলা চিকিৎসকৰ দ্বাৰাহে স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। আৰু ভুক্তভোগী শিশুটিৰ পৰিয়ালৰ লোকৰ সাক্ষাততহে স্বাস্থ্য পৰীক্ষা কৰোৱাব লাগিব। ইয়াত এইবুলিও উল্লেখ আছে যে যদিহে কোনো কাৰণত শিশুটিৰ পৰিয়ালৰ কোনো লোক বা অভিভাৱক উপস্থিত থাকিব নোৱাৰে তেতিয়া হলে সেই চিকিৎসালয়ৰ মুৰব্বীয়ে মনোনীত কৰি দিয়া কোনোবা এগৰাকী মহিলাৰ সন্মুখতহে এই শিশুৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব৷ শিশুৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত এই আইনে ২৪ নং ধাৰাৰ যোগেদি এই বুলি বিধান দিছে যে এগৰাকী মহিলা আৰক্ষীৰ উপস্থিতিতহে ভুক্তভোগী শিশুৰ জবানবন্দী লিপিবদ্ধ কৰাব পাৰিব। এই জবানবন্দী লিপিবদ্ধ কৰোঁতে কোনো আৰক্ষীয়ে আৰক্ষীৰ পোছাক পিন্ধি থাকিব নোৱাৰিব আৰু কোনো কাৰণতেই ৰাতিৰ সময়ছোৱাত আৰক্ষীথানাত ভুক্তভোগীক ৰাখিব নোৱাৰিব আৰু কোনো কাৰণতেই অভিযুক্তই শিশুটিৰ সংস্পৰ্শলৈ আহিব নোৱাৰিব। অন্যহাতে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৬৪ নং ধাৰাত দণ্ডাধীশৰ আগত জবানবন্দী লিপিবদ্ধ কৰিবৰ সময়ত লব লগা বিধানসমূহো উল্লেখ কৰা আছে। সেইমতে দণ্ডাধীশেও শিশুটিয়ে যি দৰে জবানবন্দী দিয়ে সেইদৰেই লিপিবদ্ধ কৰিব লাগিব। এই আইনৰ ২৬নং ধাৰাত স্পষ্টভাৱে উল্লেখ আছে যে যদিহে শিশুটি শাৰীৰিক, মানসিক বা বিশেষভাৱে অক্ষম হয় তেতিয়াহলে আদালত অথবা আৰক্ষীয়ে বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ সহায় লৈ শিশুটিৰ জবানবন্দী লিপিবদ্ধ কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে বৈদ্যুতিন সামগ্ৰীৰ সহায়ত (Audio /Video) এই জবানবন্দী লিপিবদ্ধ কৰিব লাগিব।

ৰণৰ মনত খুঁখুঁচাই থকা অন্য এটা কথা সোধাৰ আগতেই প্ৰবীণ বৰুৱাই পুনৰ কলে— “বুজিছ ৰণ, আজিকালি যিকোনো এটা ঘটনাই আমাৰ টিভি কেমেৰাবোৰে যে সাবট মাৰি ধৰে এইটো উচিত নহয়, বুজিছনে? আৰু আজিকালিৰ এই মবাইল ফনত হোৱাটছ্‌এপ, ফেইচবুক আদি বিভিন্ন সামাজিক মাধ্যমৰ যোগেদিও কিন্তু এই পকচ গোচৰৰ বিষয়ে সাধাৰণতে কোনো ধৰণৰ বাতৰি প্ৰকাশ কৰিব নোৱাৰিব বুলি এই আইনত উল্লেখ কৰা আছে। ৰণে সুধিম বুলি ভাবি থকা কথাটোকে বৰুৱাই কৈ দিয়াত সি বৰ ভাল পালে আৰু বৰ্তাকক সেই বিষয়ে অলপ বহলাই কবলৈ অনুৰোধ কৰিলে। বৰুৱাই কলে এই আইনৰ ২৩ নং ধাৰাত উল্লেখ আছে যে কোনো সংবাদকৰ্মীয়ে এই বিশেষ আদালতৰ অনুমতি নোলেৱাকৈ ভুক্তভোগী শিশুটিৰ স্বাৰ্থৰ সুৰক্ষাৰ খাতিৰত শিশুটিৰ নাম, ঠিকনা আৰু ফট বা ওচৰ চুবুৰীয়াৰ কথা কোনো সংবাদ মাধ্যমত প্ৰকাশ কৰিব নোৱাৰিব। কোনোবাই যদি ব্যক্তিগত আখেজত কাৰোবাৰ বিৰুদ্ধে এই আইনৰ আধাৰত মিছা অভিযোগ দিয়ে তেনে অৱস্থাত কিবা ব্যৱস্থা আছে নেকি তাকো কথাৰ মাজতে ৰণে বৰুৱাক সুধিলে। 

বৰুৱায়ো এইটো ভাল প্ৰশ্নকে সুধিছ বুলি কৈ কলে যদিহে কোনো ব্যক্তিয়ে কাৰোবাৰ বিৰুদ্ধে এই আইনৰ জৰিয়তে মিছা অভিযোগ দাখিল কৰে, তেতিয়া সেই অভিযোগকাৰীক শাস্তি দিয়াৰ বিধানো এই আইনৰ ২২ নং ধাৰাত উল্লেখ আছে। এই আইনৰ সুৰুঙাৰে অভিযুক্ত আচামীবিলাক সাৰি যোৱাৰ উদাহৰণ খুবেই কম। 

ৰণৰ জ্ঞানপিপাসু মনটো দেখি বৰুৱাৰ মনটো বৰ ভাল লাগিল আৰু অলপো ভাগৰ নলগাকৈয়ে আইন সম্পৰ্কীয় বহু কথা ৰণৰ লগত পাতিলে। কিন্তু দিনটোত অন্য কিছুমান লাগতিয়াল কামো কৰিবলৈ থকা বাবে তেওঁ আৰু বিশেষ কথা ৰণক সুধিবলৈ নিদি মোখনি মাৰিবলৈকে কলে, “বুজিছ ৰণ,  আমি সহজতে দেখা ভুক্তভোগী শিশুসকল সাধাৰণতে নিম্নবিত্ত বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিশুহে। বহু সময়ত ইয়াৰে বহুত মধ্যবিত্ত লোকে সমাজত বদনাম হোৱাৰ ভয়ত কোনো ধৰণৰ অভিযোগ দাখিল নকৰে। আনহাতে বহুত সময়ত আৰ্থিকভাৱে পিছপৰা লোকসকলে অভিযোগ দাখিল কৰিবলৈ গলেও আৰক্ষীয়ে অভিযোগ নোলোৱাৰ উদাহৰণো আছে। উচ্চবিত্ত বা বিত্তবান লোকসকলৰ মাজতো যৌন নিৰ্যাতনৰ বলি হোৱা শিশু আছে যদিও সমাজত থকা আধিপত্যৰ বাবে তেনে লোকে কোনো ধৰণৰ অভিযোগ দাখিল নকৰে। আমাৰ সমাজত থকা তথাকথিত ভদ্ৰ সমাজৰ লোকেও শিশুসকলৰ শৰীৰৰ গুপ্ত অংগ স্পৰ্শ কৰিবলৈ বিচাৰি ফুৰাৰ উদাহৰণো বহুত আছে। কিন্তু শিশুসকলৰ অবোধ মনে তাৰ বিৰোধ কৰিলেও বিভিন্ন অজুহাত দেখুৱাই তেনে শিশুক অভিযোগ দিয়াত বাধা প্ৰদান কৰা হয়। এই আইনখন প্ৰণয়ন কৰাৰ আগতেও ভাৰতীয় দণ্ডবিধি আইনত যৌন নিৰ্যাতনৰ বিষয়ে বিভিন্ন ধাৰাত শাস্তি দিয়াৰ ব্যৱস্থা আছিল যদিও শিশুসকলৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত তেনে কোনো বিশেষ আইন নাছিল। 

সেয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত শিশুসকলৰ অধিকাৰ সম্পৰ্কত বিশদভাৱে আলোচনা হোৱাৰ পাছতহে শিশুসকলৰ স্বাৰ্থ সুৰক্ষা কৰাৰ ক্ষেত্ৰত এই আইনখন সময়োপযোগী হিচাপে বিবে‍চনা কৰি প্ৰণয়ন কৰিছে আৰু সেইবাবেই আমি সকলোৱে এই আইনৰ সুবিধাসমূহ গ্ৰহণ কৰি এখন সুস্থ সমাজ গঢ়াত আগভাগ ললে এখন সুস্থ নিকা সমাজ গঢ় লৈ উঠিব বুলি আশা কৰিব পাৰোঁ। আমি যদিও এতিয়া কেৱল শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কীয় কিছু কথাহে আলোচনা কৰিলোঁ, ইয়াৰ বাহিৰেও কিন্তু শিশু সৰবৰাহ, শিশু শ্ৰমিক নিয়োগ, শিশুৰ শিক্ষা আদি বিভিন্ন সমস্যাই সমাজত ব্যাধিৰ ৰূপ ধাৰণ কৰিছে। সমাজৰ পৰা এই সামাজিক ব্যাধিবোৰ নাইকিয়া কৰাটো অতি প্ৰয়োজন। যদিহে তই আলোচনা কৰিম বুলি ভাব, তেন্তে পাছত আকৌ এই সমস্যাসমূহৰ বিষয়েও বাৰু আমি আলোচনা কৰিম।

ৰণে বৰ উৎসাহেৰে আজি বহু কথাই বৰ্তাকৰ পৰা শিকিবলৈ পালে বুলি কৈ বৰুৱাক আন্তৰিকতাৰে কৃতজ্ঞতা জনালে আৰু ভৱিষ্যতে অন্য আইন সম্পৰ্কীয় কথা বৰ্তাকৰ লগত পাতিব বুলি কৈ বিদায় ললে।

 

ভ্ৰাম্যভাষ: ৯৪৩৫৩৩০০৫১

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ