হৰেকৃষ্ণ ডেকা
কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ
লঠঙা হৈ পৰা দেখিছিলোঁ৷
সৰাপাতে তল ভৰি আছিল৷
চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ৷
দোকমোকালিতে বতাহৰ সতেজ স্পর্শ পালোঁ৷
পথাৰলৈ ওলাই আহিলোঁ৷
দেখিলোঁ, সৰাপাতবোৰ এজাক ভাটৌ হৈ
ক’ৰবালৈ উৰি গ’ল!
কেৱল কল্পনাহে আছে৷
কাকতৰ ওপৰত থিৰ হৈ আছে কলম৷
উকা কাকতত চিয়াঁহীয়ে চিন দিব পৰা নাই৷
যদি ভাটৌৰ জাক মোৰ মূৰৰ ভিতৰলৈ সোমালহেঁতেন!
খুঁটিয়াই আখৰবোৰ আঙুলিৰে সৰালেহেঁতেন!
আধুনিকৰ পৰা অতি-আধুনিক বাটেৰে ঘূৰোঁতে
পথাৰ, গছ, ভাটৌৰ কথা পাহৰিছিলোঁ৷
খেলিমেলি কোলাহলৰ জঁটৰ মাজেদি
পথ বিচাৰোঁতে
শব্দৰ ভগা-ছিগা আখৰুৱা টুকুৰাবোৰ
গুবৰুৱাৰ গুঞ্জনৰ দৰে হৈছিল
আৰু মূৰ-ঘূৰণিত হেৰাইছিল৷
তাৰ আগতে মৃত কবিসকলৰ লগত
সহবাস কৰিছিলোঁ৷
তেওঁলোকে উদ্যান একোখন পাতিছিল৷
তেওঁলোকৰ স’তে আলাপো কৰিছিলোঁ৷
কিন্তু পাছত দেখোন উদ্যানত
ফুলৰ ঠাইত বন গজাহে দেখিছিলোঁ!
ফুলবোৰক যেতিয়া জাকি মৰা পখিলা যেন লাগিছিল
তেতিয়াই চহৰীয়া বাটত দ্রুত যানৰ ভ্রমণ-সূচী পাইছিলোঁ৷
পুৰণি ঢঙৰ বাগিচা আওপুৰণি যেন লাগিছিল৷
বনগুটি নিবিচাৰোঁ বুলি ওলাই আহিছিলোঁ৷
বাট-পথ যে ভাগি-ছিগি আছে জনা হ’লে!
যান-জঁটৰ কথা কোনোবাই কোৱা হ’লে!
এই ভ্রমণসূচীত ক’তো নীৰৱতা নাই,
কেৱল উকা কাকতহে নীৰৱ৷
য’ত বিচাৰোঁ মুখৰতা,
তাত জঠৰ সকলো কথা৷
পৰিহাস!
মৃত কবিসকলে কাণে কাণে কিবা কৈছে৷
তেওঁলোক মৃত হৈও জীয়াই আছে৷
তেওঁলোকৰ বাগিচাত বনৰ মাজত
এতিয়াও ফুলগছ আছে৷ ঠন ধৰা গছত
পখিলাবোৰ দেখোন ফুল হৈ আছে!
আজি কবিতাৰ দিন৷
এতিয়া কলমৰ আগ কঁপিছে৷
মগজুত শুনিছোঁ,
য’ত যি পালোঁ মথি উলিয়াব জানিলে
চিয়াঁহীৰ আঁকত খেলিমেলি কথাও
কবিতা হ’ব৷