দেৱাশিস বুঢ়াগোহাঁই
তৰাং পুখুৰীটোৰ সিপাৰে
বাঁহনিজোপাৰ গুৰিতে বহি আছে
উদং এটা দুপৰীয়া৷
এইপাৰত এজুপি বালিচঁহীয়া বগৰী
বগৰীজোপাই বেঙা মেলি মেলি চাই
বতাহত উৰি ফুৰা ল’ৰাজাক
বল খেলিবলৈ আহিছে বা নাই!
গা চমচমোৱা দুপৰ
জিলিৰ ঝিলিক দুপৰ
শুকান পাতৰ খৰমৰণি— ৰাতিৰ পিশাচ, দুপৰৰ যখিনী,
বিলৰ বাঁক
হাবিত হাঁহে ওলাই নাহে
খেৰণি খেৰণি বিতোপন খেৰণি
খেৰণিতে লাহ দিয়া বেলি
আবেলি-আবেলি-আবেলি
পথাৰত প্ৰাক-যৌৱনা শচীন ব্ৰেট লী
বাঁহপাতৰ মাজেৰে বেট-বল চোৱা দুজনী যখিনী
আধা কোৱা গল্পটো তুমি ওঁঠৰপৰা টানি আনিলা আৰু
চুমা এটাক বাউসীত ধৰি বহুৱাই দিলা
এই যেন মই উটি যাওঁ, উৰি যাওঁ
তোমাৰ খিল খিল হাঁহি— এতিয়াও পিশাচ, যখিনী,
বাঁক আছেনে তাত?
কিনো কওঁ, কিনো নকওঁ
খেৰণিখনত শেষৰবাৰ হাৰিয়া কাটিবলৈ অহা মানুহজাকে কৈছিল
আটাইবোৰ ভূত ভাড়াত থকাকৈ নগৰলৈ আহিল,
প্ৰতিটো জুইশলীয়া বিল্ডিঙত সিহঁতৰ নিগাজী বসতি৷
নক’লোঁ...
সুধিলোঁ
মেঘৰ ফাঁকেৰে ৰিণি ৰিণি দেখা আনটো চুবুৰিত
তুমিনো সেই দুপৰীয়াবোৰত কি কৰি আছিলা?
আছিলোঁনে মই তন্দ্ৰালস ভাবনাত
কথা চলি থাকে
দুচটা ৰূপালী মেঘ চাপি চাপি যায়
ভূতবোৰে আৰু আসৈ নাপায়৷
আমাৰ জুইশলীয়া বিল্ডিংটোৰ বাহিৰত তেতিয়া এটা নগৰীয়া দুপৰীয়া৷
* হাৰিয়া— গাঁৱৰ সামূহিক শ্ৰমদান প্ৰথাটোক বুজাবলৈ ব্যৱহৃত৷