হেমচন্দ্ৰ কছাৰী
কোনেনো নাহাঁহিব, কাৰ নো ভাল নালাগিব
এটা বহল মসৃণ বাটৰ সম্ভেদ পালে
তথাপি জানিবলৈ বৰ মন গৈছে
এই বাটেদি অহা-যোৱা কৰা কোনোবাই শুনিছেনে
জীৱন্তে উভালি পেলোৱা বনবোৰৰ চিৎকাৰ
এবাৰ হ’লেও কঁপিছেনে বুকু
ভয়ত অথবা দুখত
ইহঁতবোৰ কি প্ৰগতিৰ অন্তৰায় নেকি
বলি হয় জধে-মধে য’তে- ত’তে
নৰাবোৰ জ্বলাইছে জ্বলাওক
শুকান ডালবোৰ জ্বলাইছে জ্বলাওক
কিন্তু আঙুলি টোঁৱাই ক’ম
বন কটাসকল শ্ৰেষ্ঠ জীৱ নহয় কেতিয়াও
মূৰ্খহে
বন মানেইতো বতাহ-বৰষুণ
শীতল ছাঁ
বন মানেইতো বুকুৰ স্পন্দন
ভৰিৰ তলৰ মৃত্তিকা
আজি সোণাৰু নাই, আজাৰ নাই, জৰি-আঁহত নাই
নাই নাই আপোন কোনো নাই এই বাটত !
বিশেষ দ্ৰষ্টব্য -
শুনিছোঁ মূল বাটৰ পৰা
ইফাললৈ আঠ মিটাৰ সিফাললৈ আঠ মিটাৰ
বহল হ’ব বাট
ঘৰ যোৱাসকলেও ধন পাব
পথাৰ-বাৰী যোৱাসকলেও পাব ধন ।
ধন হেনো ধৰ্মৰে মূল!
ভ্ৰাম্যভাষ – ৯৯৫৭৫৪২০৭০