অৰুণ গগৈ
মেটেকা ভাহি যোৱা কথাবোৰ
মেখেলাৰ পাতলিত মেৰিয়াই
আয়ে কৈছিল পানীৰ সাধুকথা
পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে
পানীৰ পকনীয়াত পাক খাই
হেৰুৱাইছিল পিতাইৰ পদূলিৰ বাট
হেৰুৱাইছিল মাটি মুখৰ মাত
পানীৰ মালিতাত মানুহবোৰে খাইছিল হাবুডুবু
ঘৰ, বাৰী, পদূলি, পথাৰ
সকলোতে পানীৰ সাধু
দুচকুত গজিছিল মৰা মাছৰ চকু
পানীৰো যে থাকে কি যাদু
নৰীয়াত পৰা নাৱৰীয়াই
ডিঙিলৈকে গিলিছিল পানীৰ সাধু
জয়ধ্বনিৰে ভৰা ভয়াল যামিনী
পিতাইৰ পদূলিত বাঢ়িছিল যিমানেই পানী
সিমানেই কিৰিলিয়াইছিল যমডাকিনী
দেওভূতৰ দেওধনীত
নখন্দাকৈয়ে পানীৰ পুখুৰী
আৰু যে জাহ গ’ল কতজনী কমলাকুঁৱৰী
পানীৰ সাধু এটাই
থানবান কৰা পিতাইৰ ভেঁটিটো সাবটি
বাঢ়ি আহে উঁইহাফলু
কঁপি উঠে উদং বুকু
আকাশ ফালি বাৰিষাৰ বৰষুণে
গাঁওখনত ৰাতি ৰাতি চিঞৰে
“ইমান ইমান পানী গংগা ৰাণী” ৷
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০