অন্যযুগ/


ওভতনি

অত্ৰেয়ী গোস্বামী

 

উভতিব খুজিলেও উভতিব নোৱাৰি

বন্ধনো নাই, মায়ানাই৷

অথচ চাৰিওদিশে  চাৰিওটি বাট বন্ধ৷

 

কথাটো সহজকৈ ভাবিব পাৰি

সহজ হ’ল বুলিয়েই

বাট নোহোৱা কথা এটা

উলাই কৰিব নোৱাৰি৷

 

তেওঁ উভতিব খুজিছে,

ময়ো উভতিব খুজিছোঁ৷

আমাৰ এটা বাট আছিল

এতিয়া সেইটো বাট হেৰাল৷

 

সহজ বুলি কোৱা কথাৰ মেৰপাকত

আমাৰ খোজবোৰ জোঁটপোট খালে ৷

 

উভতিব লাগিব

বাট বান্ধিব লাগিব ৷

হালধীয়া পাতখিলা সেউজীয়া হোৱালৈ

আমি ৰৈ থাকিম ৷

 

শুকান পুখুৰীত জোবোৰা মাৰি

উশাহ বন্ধ হোৱাৰ অভিনয় কৰোঁতে,

মাটি নিতিতা বৰষুণত

জুৰুলিজুপুৰি হোৱাৰ হেঁপাহটো

ধুপুচকৈ সৰি পৰিল৷

--- 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ