জোনমণি দাস
“মুংখ”ৰ চিঞৰটোৱে মুখ মেলি খেদে--
ঘোলা কণীৰ চোকোৰা ভাঙি
ওপজে মৃত্যু
তিয়নি সলাই তৰাবোৰ নামে পানীত
আখলৰ জুয়ে বেৰ বগাই আটাল চোৱে
এলান্ধুৰ এন্ধাৰত মই বহি থাকোঁ
যুগসন্ধিত জৰাগ্ৰস্ত সময়
মৃত্যুৱে মোক ৰিঙিয়াই সোধে :
ছিটিকাত পৰা চৰাইৰ আছুতীয়া আকাশ থাকেনে?
খিৰিকিৰে সদায় দেখা আকাশ
আৰু উৰি উৰি অনন্তত হেৰাই যোৱা সৰু চৰাইটো
মোৰ চাৱনিয়ে চুবগৈ নোৱাৰে
অশ্ৰুৰো অন্তিম আশ্ৰয় আছে হাতৰ তলুৱাত