দিলীপ ফুকন
যোৱাটো শতিকাৰ এখন বিৱৰ্ণ কেলেণ্ডাৰৰ
পাতৰ মাজৰ পৰা কোনোবাই মাত লগালেহি:
‘ভালে আছেনে? আমি সত্তৰৰ দশক৷’
সত্তৰৰ দশক?
উঁইচিৰিঙাৰ স্তুতিগান শুনি
জাকি মাৰি ওলাইছিল এজাক জোনাকী পৰুৱা
অলোকিত তৰঙ্গত নাচিছিল আমাৰ গাঁৱৰ সন্ধিয়া৷
আমাৰ গাত লাগি আছিল যাগৰ ধোঁৱা
আৰু গধূলিৰ গৰুখিচৰ গোন্ধ৷
অনেক আলচ অলেখ সপোন
হাজাৰ মাইল অতিক্ৰম কৰাৰ অনেক প্ৰস্তুতি
বাট বোকাময়, চকুত ফিৰিঙতি, বুকুত তুঁহজুই৷
শেলুৱৈ ধৰা জোঙা জোঙা শিলবোৰত
খুপি খুপি খোজ দিওঁতে
বিশ্বাসক আঘাত কৰি এচামে কৰিছিল
সুবিধাৰ বন্তি প্ৰজ্বলন,
এচামে আঁচল পাতি ধৰিছিল মুঠি মুঠি কাঞ্চন-কড়ি
দূৰৰ পৰা দলিয়াই দিয়া
গোপনে খুলি চাই পাইছিল তাত শুকান শামুকৰ খোলা৷
হে বিৱৰ্ণ কেলেণ্ডাৰ
এতিয়াও পৰি আছে কত সৎকাৰবিহীন শৱ
তোমাৰ পাতত
তেজে ধোৱা মাটিত পুতি হাতৰ পতাকা৷
এতিয়াও শুনা পাওঁ উঁইচিৰিঙাৰ মাত
সোমাই থাকে য’ত মাটিৰ মৰ্মাৰ্থ৷